▶▶অতি চমু
প্রশ্নোত্তৰঃ
১। দিল্লীৰ চুলতান যুগত শাসন কৰা শেষৰ বংশটোৰ নাম কি?
উত্তৰঃ লোডী বংশ।
২। প্রথম পানিপথৰ যুদ্ধ কাৰ কাৰ মাজত লাগিছিল?
উত্তৰঃ বাবৰ আৰু ইব্রাহিম লোডীৰ মাজত।
৩। ছেৰখাঁই বিহাৰত তেওঁৰ আধিপত্য কেতিয়া স্থাপন কৰে?
উত্তৰঃ ১৫৩৪ খ্রীঃত।
৪। ছেছাহৰ সমসাময়িক দিল্লীৰ চুলতান কোন আছিল?
উত্তৰঃ হুমায়ুন।
৫। ছেৰ ছাহে কেতিয়া চূণাৰ দুৰ্গ অধিকাৰ কৰে?
উত্তৰঃ ১৫৩০ খ্রীঃ ছেৰ ছাহে।
৬। 'কাবুলিয়ত' আৰু 'পট্টা' প্রথা কোনে প্ৰৱৰ্তন কৰে?
উত্তৰঃ ছেছাহে প্ৰৱৰ্ত্তন কৰে।
৭। ছেৰছাহে প্ৰচলন কৰা নতুন মুদ্রা বিধৰ নাম কি আছিল?
উত্তৰঃ 'দাস' নামৰ নতুন মুদ্রা ছেৰছাহে প্রচলন কৰিছিল।
৮। ছেৰছাহৰ পাছত কোনে তেওঁৰ সাম্ৰাজ্যৰ উত্তৰাধিকাৰী হয়?
উত্তৰঃ ছেৰছাহৰ দ্বিতীয় পুত্র ইছলাম ছাহ।
৯। ছেৰছাহে সামৰিক ক্ষেত্ৰত কি প্ৰথাৰ পুণৰ প্ৰৱৰ্তন কৰিছিল?
উত্তৰঃ 'দাগ' প্রথা।
১০। আদিল ছাহ কোন?
উত্তৰঃ ছেৰছাহৰ শেষ উত্তৰাধিকাৰী
১১। কোনজন বিজয়নগৰৰ ৰজাই নগলপুৰম নগৰ নিৰ্মাণ কৰিছিল?
উত্তৰঃ কৃষ্ণ দেৱ ৰায়।
১২। টালিকোটাৰ যুদ্ধ কেতিয়া হৈছিল?
উত্তৰঃ ১৫৬৫ খ্রীষ্টাব্দত।
১৩। বাহমণি ৰাজা হুমায়ুনক কিয় 'জালিম হুমায়ুন' বুলি জনা যায়?
উত্তৰঃ তেওঁ এজন সাহসী কিন্তু অত্যাচাৰী ৰজা আছিল।
১৪। সালুভা বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰঃ নৰসিংহ।
১৫। বংগদেশৰ শাসনকর্তা তুঘ্রিল খাঁক কোনে আৰু কেতিয়া পৰাজিত কৰিছিল?
উত্তৰঃ চুলতান বলবনে ১২৮২ খ্রীঃত।
১৬। বুঘৰা খাঁ কোন আছিল?
উত্তৰঃ বংগদেশৰ শাসনকর্তা আছিল।
১৭। গৌড় ৰাজ্যৰ বিখ্যাত সোণোৱালী মছজিদটো কোনে নিৰ্মাণ কৰাইছিল?
উত্তৰঃ হুছেইন চাহে নিৰ্মাণ কৰাইছিল।
১৮। শ্রী চৈতন্যদেৱে কাৰ শাসনকালত বংগ আৰু উৰিষ্যাত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল?
উত্তৰঃ হুছেইন ছাহৰ শাসনকালত।
১৯। সাহসী ৰাণী চাঁদ বিবিৰ ৰাজ্যখনৰ নাম কি আছিল?
উত্তৰঃ আহমদনগৰ।
২০। বৰ্তমানৰ আহমেদাবাদ চহৰখন কোনে নিৰ্মাণ কৰাইছিল?
উত্তৰঃ আহমদছাহে (১৪১১-৪৩) বৰ্তমানৰ আহমেদাবাদ চহৰখন
প্রতিষ্ঠা কৰিছিল।
২১। জৌনপুৰ শাসন কৰা ৰাজবংশটোৰ নাম কি আছিল?
উত্তৰঃ শাৰ্কী।
২২। শ্বাকী বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল?
উত্তৰঃ ইব্রাহীন শ্বাহ।
▶▶ চমু প্রশ্নোত্তৰঃ
১। কোনে আৰু কেতিয়া আমেৰৰ ৰাজনৈতিক ভেটি প্রতিষ্ঠা কৰিছিল?
উত্তৰঃ চুলতানী আমোলত ৰাজস্থানৰ জয়পুৰৰ অংশ আমেৰে উত্তৰ
ভাৰতৰ সাংস্কৃতিক আৰু ৰাজনৈতিক দৃশ্যপটত গুৰুত্বপূৰ্ণ প্রভাৱ পেলাইছিল। ত্রয়োদশ
শতিকাৰ প্ৰাৰম্ভিক ভাগতে আমেৰ দিল্লী চুলতানছাহী অন্তর্ভুক্ত হৈছিল আৰু সুদীর্ঘ
সময় উত্তৰ ভাৰতৰ ৰাজনৈতিক প্রেক্ষাপটত নিজৰ স্থিতি বৰ্তাই ৰাখিছিল।
আমেৰৰ ভৌগোলিক অৱস্থানে সামৰিক তথা বাণিজ্যিক দিশৰপৰা চুলতানী শাসনক সমৃদ্ধ
কৰিছিল। ঐতিহাসিক সূত্র অনুযায়ী ১০৩৭ খ্রীষ্টাব্দত দুলহাৰাৱে আমেৰৰ ৰাজনৈতিক ভোঁট
প্রতিষ্ঠা কৰিছিল। দুলহাৰাও আছিল কালচুৰী বংশোদ্ভৱ। একাদশৰপৰা পঞ্চদশ শতিকা
পর্যন্ত আমেৰৰ শাসকসকলে ধাৰাবাহিকভাৱে চুলতানচাহী তথা মোগল সাম্ৰাজ্যৰ লগত যুদ্ধত
প্রবৃত্ত হ'বলগীয়া হৈছিল।
চুলতানী শাসনকালত আমেৰৰ শাসকসকলে স্থিৰতা আৰু অস্থিৰতা উভয় পৰিস্থিতিৰে সাক্ষী
আছিল। চুলতানী আমোলত উত্তৰ-পশ্চিম সীমান্তৰ আঞ্চলিক ৰাজনীতিত সক্রিয় ভূমিকা লোৱা
আমোৰৰ কৃষ্টি-সংস্কৃতিআৰু স্থাপত্যত ইণ্ডো-ইছলামিক আভাস বর্তি আছিল। বিশেষকৈ
দুর্গসমূহৰ নিৰ্মাণত এই শৈলীৰ প্ৰভূত অৱদান আছিল।
২। সপ্তদশ শতিকাৰ দাক্ষিণাত্যৰ ৰাজনীতিত প্ৰভাৱ বিস্তাৰ কৰা আহমদনগৰৰ
গুৰুত্বতা সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ আহমদনগৰত নিজাম চাহে ১৪৯০ খ্রীষ্টাব্দত
মিজামছাহী শাসনতন্ত্ৰৰ প্ৰতিষ্ঠা কৰিছিল। বাহমনি ৰাজ্যৰ ধ্বংসস্তুপৰ পৰা উন্মেষ
ঘটা আহমনগৰৰ ৰাজনৈতিক গাঁথা যুদ্ধ-বিগ্রহেৰে ভৰা আছিল। মোগল শাসন কালছোৱাত,
বিশেষকৈ আকবৰৰ শাসনত
আহমদনগৰ আৰু মোগল সামৰিক শক্তিৰ মাজত প্রত্যক্ষ সংঘাত আৰম্ভ হৈচিল। ধাৰাবাহিক
সংঘৰ্ষৰ পাছত ১৬০০ খ্ৰীষ্টাব্দৰ ওপৰত মোগল সেনা প্রভুত্ব বিস্তাৰ হৈছিল।
মাৰাঠা শক্তিৰ সৈতেও আহমদনগৰৰ সংঘাত বাহাল আছিল। শিৱাজী আৰু পৰৱৰ্তী মাৰাঠা
শাসকসকলে আহমদনগৰত নিজৰ প্ৰভুত্ব বজাই ৰাখিবলৈ চেষ্টা চলাইছিল। সপ্তদশ শতিকাৰ
দাক্ষিণাত্যৰ ৰাজনীতিত প্ৰভাৱ বিস্তাৰ কৰা আহমদনগৰ অষ্টাদশ শতিকাত ব্রিটিছ-মাৰাঠা
সংঘাতৰ অন্যতম কাৰক হৈ পৰিছিল।
৩। ছেচাহৰ ৰাজনীতি কেনে আছিল?
উত্তৰঃ ছেৰচাহে মাটিৰ জৰীপৰ ব্যৱস্থা কৰিছিল। মাটিৰ
উৎপাদিকা শক্তিৰ ওপৰত নিৰ্ভৰ কৰি ভাগে ভাগে মাটিৰ খাজনা আৰোপ কৰিছিল। মকদ্দমা,
চৌধুৰী, পাটোৱাৰী আদি
বিষয়াসকলক ৰাজহ সংগ্ৰহৰ দায়িত্ব অর্পণ কৰা হৈছিল। ছেচাহে প্রথমে 'কবুলিয়ট' আৰু 'পট্টনৰ' প্রচলন কৰিছিল।
চৰকাৰৰ ঘৰৰ পৰা মাটিৰ ওপৰত কৃষকৰ স্বত্বাধিকাৰ কৰি পট্টা দিয়া হৈছিল। প্ৰাকৃতিক
দুৰ্যোগৰ সময়ত খেতিয়কক ৰাজহ পৰিশোধৰ পৰা ৰেহাই দিছিল। আনকি প্রয়োজন সাপেক্ষে কৃষকক
ঋণ দিয়াৰ ব্যৱস্থাও আছিল।
৪। গুজৰাটী স্থাপত্য কলাৰ বৈশিষ্ট্য কি?
উত্তৰঃ গুজৰাট হিন্দু কাৰুশিল্পৰ বাবে বিখ্যাত আছিল আৰু
ইয়াত সুন্দৰ চানেকীৰ স্থাপত্যকলা আছিল। গুজৰাটৰ শৈলীয়ে মুছলমান শাসকসকলক
অনুপ্রাণিত কৰিছিল আৰু তেওঁলোকে এই আর্হিত বহুতো সুন্দৰ মছজিদ আৰু আন আন আট্টালিকা
নির্মাণ কৰিছিল। গুজৰাটৰ আহমেদ শ্বাহে নির্মাণ কৰা জামি মছজিদ এক অন্যতম দেখনিয়াৰ
• গাঁথনি। মাহমুদ বেগাৰহাম দ্বাৰা নিৰ্মিত চম্পানৰৰ মছজিদটো ভাৰতীয় মছজিদবোৰৰ
ভিতৰত এক অন্যতম ধুনীয়া মছজিদ।
৫। বংগদেশৰ চুলতান হুছেইন ছাহৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ বংগদেশৰ চুলতানসকলৰ ভিতৰত হুছেইন চাহ আছিল
সর্বশ্রেষ্ঠ শাসক। তেওঁ শাসনভাৰ গ্ৰহণ কৰিয়েই হাবচী নামৰ অভিজাত লোকসকলৰ ক্ষমতা
হ্রাস কৰে। ফলত ৰাজ্যত শান্তি-শৃংখলা পুনৰ প্ৰতিষ্ঠা হয়।
হুছেইন ছাহৰ শাসনকালত ৰাজ্যৰ সীমা উৰিষ্যাৰ পৰা সুদূৰ অসমলৈ বৃদ্ধি পায়।
তেৱেঁই সেই সময়ৰ অসমৰ কমতা ৰাজ্য ধ্বংস কৰিছিল।
৬। চমুটোকা লিখাঃ
(i) গোলকুণ্ডা।
উত্তৰঃ ১৫১৮ খ্রীষ্টাব্দত গোলকুণ্ডা কুটুবছাহে
কুটুৱছাহী বংশৰ শাসন প্রতিষ্ঠা কৰিছিল। এই বংশটো তুর্কমেনিস্তান আর্মেনিয়া অঞ্চলৰ
তুর্কমেন জনজাতিৰ বংশোদ্ভৰ আছিল। ১৬৮৭ খ্রীষ্টাব্দত মোগল শাসনক ঔৰংগজেবে জয় কৰা
মুহূর্তলৈকে গোলকুণ্ডাই প্রায় ১৭১ বছৰ শাসনৰ অস্তিত্বত আছিল। স্মর্তব্য যে,
ঔৰংগজেৱে গোলকুণ্ডা
প্রায় ৮ মাহ ধৰি অৱৰোধ কৰি থকাৰ পৰিপ্ৰেক্ষিতত উপায়ান্ত হৈ গোলকুণ্ডাৰ শাসকে মোগল
বাহিনী ওচৰত আত্মসমর্পণ কৰিবলৈ বাধ্য হৈছিল।
(ii) কৃষ্ণদেৱ ৰায়।
উত্তৰঃ বিজয়নগৰ ৰাজ্যৰ তালুভা বংশৰ শ্রেষ্ঠ ৰজা
কৃষ্ণদেৱ ৰায়ে ১৫০৯ খ্ৰীষ্টাব্দৰ পৰা ১৫৩০ খ্রীষ্টাব্দলৈ শাসন কৰিছিল। তেওঁ এজন
সাহসী, সফল সৈনিক, সেনাপতি, যোগ্য প্রশাসক আৰু সু-সংগঠক আছিল। দক্ষ সেনাপতি হিচাপে তেওঁ বিভিন্ন বিদ্রোহ
সফলতাৰে দমন কৰিছিল আৰু বহুতো চুবুৰীয়া ৰাজ্যক তেওঁৰ আধিপত্য মানি ল'বলৈ বাধ্য কৰিছিল।
কিছু বছৰ পিছত, ১৫২৭ খ্রীষ্টাব্দত তেওঁ বিজাপুৰৰ চুলতান আদিল শ্বাহক হৰুৱায়। বিজয়নগৰ ৰাজ্যৰ
প্ৰধান শত্ৰু আছিল বাহনী ৰাজ্য আৰু সেয়ে বাহ্মনী ৰাজ্যৰ লগত মোকাবিলা কৰিবলৈ তেওঁ
পর্তুগীজসকলৰ লগত এক বুজা পৰালৈ আহে।
কলা-সংস্কৃতিৰ প্ৰতি কৃষ্ণ দেৱ ৰায়ৰ অৱদানঃ মাতৃৰ স্মৃতিত তেওঁ
বিজয়নগৰৰ কাষতে নগলপুৰম নামে এখন নগৰ নিৰ্মাণ কৰিছিল। তেওঁ এজন বিদ্বান ব্যক্তি
হোৱাৰ লগতে কলা-সংস্কৃতিৰ এজন মহান পৃষ্ঠপোষক আছিল লগতে তেওঁ সংস্কৃত আৰু তেলেগু
ভাষাত বহু কিতাপ লিখিছিল। তেওঁৰ ৰাজসভাত তেওঁ আঠগৰাকীকৈ সাহিত্যিকক পৃষ্ঠপোষকতা আগবঢ়াইচিল
যাক অষ্ট-দিগ-গজ বোলা হৈছিল। তেওঁ সংস্কৃতত দুখন নাটক ৰচনা কৰিছিল। ক্রমে-জাম্বৱতী
কল্যাণম্ আৰু উষা পৰিণয়ম আৰু তেলেগু ভাষাত এখন অমুক্তমাল্যডা।
তেওঁৰ কাৰ্যাৱলীয়ে বিজয়নগৰ সাম্ৰাজলৈ সুনাম কঢ়িয়াইছিল আৰু এইখিনি সময়তে ই
সফলতাৰ উচ্চ শিখৰ লাভ কৰিছিল। বহু পণ্ডিতে তেওঁৰ বিজয়নগৰ সাম্ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা
বুলি অভিহিত কৰে। তেওঁৰ মৃত্যু হয় ১৫৩০ খ্রীষ্টাব্দত।
(iii) বিদাৰ।
উত্তৰঃ দাক্ষিণাত্যৰ নৱগঠিত ৫ খন ৰাজ্যৰ ভিতৰত বিদাৰ
আছিল সবাতোকৈ সক ৰাজ্য। ১৫২৮ খ্রীষ্টাব্দত কাছিম বাদিৰে এই ৰাজ্য প্ৰতিষ্ঠা
কৰিছিল। ১৬১৯ খ্রীষ্টাব্দত বিদাৰ বীজাপুৰৰ দ্বাৰা অধিগৃহীত হৈছিল।
▶▶ ৰচনাধর্মী প্রশ্নোত্তৰঃ
১। বাবৰে মোগল ৰাজত্ব সু-দৃঢ় কৰিবলৈ কি ব্যৱস্থা লৈছিল?
উত্তৰঃ ভাৰতবৰ্ষ তথা এচিয়াৰ ইতিহাসত বাবৰে এখন বিশিষ্ট
আসন অধিকাৰ অধিকাৰ কৰি আছে। ঐতিহাসিক লেনপুলৰ মতে বাবৰ আছিল মধ্য এচিয়া আৰু
হিন্দুস্থানৰ এক যোগসূত্র স্বরূপ। তেওঁ চুন্নী সম্প্রদায়ৰ গোড়া মুছলমান আছিল যদিও
দুৰ্ঘোৰ পৰধাৰ্মী বিদ্বেষী নাছিল।
১৫২৬ খ্রীঃত দিল্লীৰ ওচৰৰ পানিপথ ৰণক্ষেত্ৰত বাবৰে মাথোঁ বাৰ হেজাৰ অশ্বাৰোহী
আৰু গোলন্দাজ বাহিনীৰে যুঁজি একলাখ সৈন্য লৈ আগবাঢ়ি অহা ইব্রাহিম লোডীক পৰাস্ত
কৰিলে। যুদ্ধক্ষেত্ৰত চুলতান ইব্রাহিমৰ মৃত্যু হোৱাত বাবৰে মোগল সাম্রাজ্য
প্রতিষ্ঠা কৰিবলৈ সক্ষম হয়। ইয়াৰ পাছত বাবৰে আৰু দুই শক্তি শালী প্রতিদ্বন্দ্বীৰ
বিৰুদ্ধে যুদ্ধ কৰিব লগা হ'ল। মেৱাৰৰ ৰাজপুত ৰজা ৰানা সংগ ওৰফে সংগ্রাম
সিংহৰ অধীনত সম্মিলিত হিন্দু ৰাজপুত বাহিনীয়ে বাবৰক খেদোৱাৰ আঁচনি লৈছিল। ফাতেহপুৰ
চিক্রিক পৰ ষোল্ল কিঃ মিঃ নিলগৰ খানুৱা নামৰ ঠাইত বাবৰৰ মোগল বাহিনী আৰু ৰানা সংগৰ
ৰাজপুত বাহিনীৰ মাজত এক তয়াময়া ৰণ লাগিল। কিন্তু ১৫২৭ খ্রীঃ ৰ এই খানুৱা
যুদ্ধক্ষেত্রত হিন্দু ৰাজপুত সোনানীৰ বিদেশী উচ্ছেদৰ প্রচেষ্টা ব্যর্থ হয়। বাবৰে
অপ্রাণ চেষ্টাৰে যুঁজি ৰাজপুতৰ সন্মিলিত বাহিনীক পৰাস্ত কৰি মোগল সাম্ৰাজ্যৰ ভেটি
সু-দৃঢ় কৰিলে।
এই খানুৱা যুদ্ধৰ পিছত বাবৰে চান্দেৰী দূর্গ আক্রমণ কৰি মেদিনী ৰাও নামৰ
ৰাজপুত ৰজাক পৰাস্ত কৰিলে। ইয়াৰ পাছত কোনো ৰাজপুত ৰজাই বাবৰৰ বিৰুদ্ধে থিয় দিয়াৰ
সাহস গোটাব পৰা নাছিল।
ইয়াৰ পাছত বাবৰে পূৰ্বৰ আফগান বিষয়া সকলক দমন কৰাৰ কথা ভাবিলে বিহাৰৰ ইব্রাহিম
লোডীৰ ভায়েক মহম্মদ লোডীয়ে পুনৰ আফগানৰ আধিপত্য প্রতিষ্ঠা কৰিছিল। বাবৰে এই আফগান
নেতাৰ উত্থান দমন কৰিবলৈ হিন্দুস্থানৰ পূবলৈ আগবাঢ়ি আহিল। ১৫২৯ খ্রীঃত ঘগ্রা
যুদ্ধৰ পিছত বাবৰে আফগান ৰাজ্য অধীনলৈ আনিলে। এই ধৰণে হিন্দুস্থানত মাথোঁ তিনিখন
প্রধান যুদ্ধ কৰিয়েই বাবৰে অতি কমসময়ৰ ভিতৰত হিন্দুকুশ পৰ্বতৰ পৰা বিহাৰলৈ বিস্তৃত
গোটেই উত্তৰ ভাৰত জুৰি এখন নতুন মোগল ৰাজ্য প্ৰতিষ্ঠা কৰিলে।
অতি কম সময়ৰ ভিতৰতে বাবৰে তেওঁৰ সাম্ৰাজ্যৰ শাসনৰ বান্ধ কটকটীয়া কৰিব
পাৰিছিল। তেওঁ পৰাভূত আফগান আৰু হিন্দু বিষয়াসকলক দায়িত্বপূর্ণ কামত পুনৰ নিয়োগ
কৰিছিল। তেওঁ দূৰ-দূৰণিৰ বা-বাতৰি সঘনাই পাই থাকিবৰ কাৰণে তেওঁৰ সাম্ৰাজ্যৰ প্ৰতি
২৪ কিঃমিৰৰ অন্তৰে অন্তৰে একোটা ডাক-চকী সজোৱাইছিল। সামৰিক দিশত তেওঁ নতুন ৰণকৌশল
যথা খাৰ-বাৰুদৰ ব্যাপক ব্যৱহাৰ প্ৰৱৰ্তণ কৰিলে। এইদৰে তেওঁ মোগল সাম্ৰাজ্যৰ ভেটি
সু-দৃঢ় কৰি প্ৰতিষ্ঠা কৰিলে।
২। বিজয়নগৰ ৰাজ্যৰ উত্থান আৰু পতনৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ প্রায় ১০০ বছৰকাল বৰ্তি থকা বিজয়নগৰ ৰাজ্যত
সংগ্রাম, সালুভা আৰু তলুভা নামে তিনিটাকৈ ৰাজবংশই শাসন কৰিছিল।
(ক) সংগম বংশঃ- বিজয়নগৰ শাসন কৰা এইটো আছিল
প্রথম বংশ। হৰিহৰ আৰু বুক্কা ভাতৃদ্বয় আছিল এই বংশৰ প্ৰতিষ্ঠাপক। তেওঁলোকৰ দেউতাক
সংগমৰ নাম অনুসৰি এই বংশৰ নাম হয় সংগম বংশ। হৰিহৰ আছিল এই বংশৰ প্ৰথম শাসক আৰু
তেওঁৰ ভাতৃ বুক্কাৰ সহযোগত ৰাজ্যৰ সীমা প্ৰসাৰিত কৰিবলৈ সক্ষম হৈছিল। তেওঁ কোংকান
আৰু মালৱৰ উপকূল দখল কৰিছিল আৰু ১৩৪৬ খ্রীষ্টাব্দত হোয়চাল শাসক বিৰুপক্ষ বাল্লালৰ
মৃত্যুৰ পিছত হোয়চাল প্রদেশখনো নিজৰ দখললৈ আনে। এনেদৰে অতি কম সময়ৰ ভিতৰত
বিজয়নগৰ ৰাজ্যৰ পৰিসীমা উত্তৰে কৃষ্ণা আৰু দক্ষিণে কাবেৰীৰ ওচৰলৈ বৃদ্ধি পায়।
১৩৫২ খ্রীষ্টাব্দত বাহমণি ৰাজ্যৰ ৰজা আল্লাউদ্দিন হুচেইন শ্বাহে বিজয়নগৰ
ৰাজ্য আক্রমণ কৰে আৰু হৰিহৰে ৰাজ্যৰ ভূখণ্ডৰ এটা অংশ ৰজাক দিবলৈ বাধ্য হয়। হৰিহৰ
এজন সু প্রশাসক আছিল। তেওঁ ৰাজ্যখন বিভিন্ন অংশত ভাগ কৰিছিল আৰু প্ৰতিটো অংশ একোজন
বিশ্বাসী ভাইচৰয় আৰু ৰাজবংশৰ লোকক চোৱা-চিতা কৰিবলৈ দিয়া হৈছিল।
১৩৫৩ খ্রীষ্টাব্দত তেওঁৰ মৃত্যুৰ পিছত, বুক্কা বিজয়নগৰৰ ৰজা হয়।
জ্যেষ্ঠ ভাতৃৰ দৰে তেৱোঁ আছিল এজন যোগ্য আৰু উদাৰ শাসক। তেওঁৰ নেতৃত্বত ৰাজ্য
সমৃদ্ধিশালী হৈছিল। তেওঁ বাহমণিৰজা মহম্মদ শ্বাহ আৰু মুজাহিদ শ্বাহৰ লগত যুদ্ধত
লিপ্ত হ'ব লগা হৈছিল। তেওঁ ধর্মীয় ক্ষেত্রত সহিষ্ণুতা প্ৰদৰ্শন কৰিছিল যদিও তেওঁ নিজে
হিন্দু ধর্ম পালন আৰু পৃষ্ঠপোষকতা কৰিছিল। দক্ষিণ ভাৰতৰ বহুতো ৰজাই কোনো সংঘাতত
লিপ্ত নোহোৱাকৈ তেওঁৰ আধিপত্য মানি লৈছিল। তেওঁ আনকি কাঞ্চিৱৰম আৰু মাদুৰাইত নিজৰ
আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। ১৩৭৯ খ্রীষ্টাব্দত এইজনা ৰজাৰ মৃত্যু হয়।
বুক্কাৰ পিছত শাসনভাৰ লয় তে ওঁৰ পুত্র দ্বিতীয় হৰিহৰ ৰায়ে। তেওঁৰ শাসনৰ
প্ৰাৰম্ভিক সময়ছোৱাত বাহমণিৰাজ্যৰ লগত সু-সম্পর্ক গঢ় লৈ উঠিছিল যদিও সি বেছিদিন
বর্তি নাথাকিল। অতি সোনকালেই দুয়োখন ৰাজ্যৰ মাজত সংঘৰ্ষৰ সূত্রপাত ঘটে। দ্বিতীয়
হৰিবৰ শিৱভক্ত আছিল আৰু বহু মন্দিৰ নিৰ্মাণ কৰিছিল আৰু তেওঁ ধন সম্পত্তি দান
কৰিছিল। ১৪০৪ খ্রীষ্টাব্দত তেওঁৰ মৃত্যু হয়।
তেওঁৰ মৃত্যুৰ পিছত ৰজা হয় প্রথম দেৱ ৰায়। কিন্তু তেওঁ এজন দুর্বল শাসক হৈ
সিংহাসনত উঠে। তেওঁৰ পিছৰজন শাসক বীৰ বিজয়ও দুর্বল আছিল। পৰৱৰ্তী শক্তিশালী ৰজা
আছিল দ্বিতীয় দেৱ ৰায়। তেওঁ বিভিন্ন সংস্কাৰ সাধন কৰিছিল আৰু সেনাক শক্তিশালী
কৰিবলৈ বিভিন্ন পদক্ষেপ হাতত লৈছিল। সাহিত্য, কলা, সংস্কৃতিৰো তেওঁ এজন
পৃষ্ঠপোষক আছিল। তেওঁৰ শাসন কালতেই কানাড়া সাহিত্যই এক অতি উচ্চ স্থান দখল কৰিবলৈ
সক্ষম হৈছিল। ধর্মীয় ক্ষেত্ৰত তেওঁ উদাৰনীতি গ্রহণ কৰিছিল আৰু বহুতো মন্দিৰ
নিৰ্মাণ কৰোৱাইছিল। তেওঁৰ শাসন কালত বহুতো বিদেশী পৰিব্রাজকে ভাৰত ভ্ৰমণ কৰিছিল।
(খ) সালুভা বংশঃ- নৰসিংহ নামৰ ব্যক্তিজনে
১৪৮৬ খ্রীষ্টাব্দত এই বংশৰ প্ৰতিষ্ঠা কৰিছিল। এওঁ এগৰাকী শক্তিশালী শাসক আছিল আৰু
সংগম বংশৰ ৰজাসকলে বাহনী ৰজাসকলৰ ওচৰত হেৰুৱা অঞ্চলসমূহ পুনৰ দখল কৰে। প্ৰশাসন আৰু
সেনাবাহিনীৰ সংস্কাৰৰ বাবে তেওঁ বহুতো পদক্ষেপ হাতত লৈছিল। তেওঁৰ মৃত্যুৰ পিছত ৰজা
হয় ইমাদি নৰসিংহ। কিন্তু তেওঁ এজন দুর্বল আৰু অযোগ্য ৰজা আছিল আৰু ইয়াৰ সুযোগ লৈ
তেওঁৰ সেনাপতিয়ে নিজৰ হাতত সকলো ক্ষমতা কুক্ষিগত কৰে আৰু কিছুদিন পিছত তেওঁ তালুভা
নামে এক নতুন ৰাজবংশ প্রতিষ্ঠা কৰে।
(গ) তালুভা বংশঃ- এই বংশটোৱে প্রায় ৬৫ বছৰ
কাল বিজয়নগৰত শাসন চলায়। কৃষ্ণদেৱ ৰায় আছিল এই বংশৰ শ্রেষ্ঠ ৰজা। তেওঁ ১৫০৯
খ্রীষ্টাব্দৰ পৰা ১৫৩০ খ্রীষ্টাব্দলৈ শাসন কৰিছিল। তেওঁ এজন সাহসী, সফল সৈনিক, সেনাপতি, যোগ্য প্রশাসক আৰু
সু- সংগঠক আছিল। দক্ষ সেনাপতি হিচাপে তেওঁ বিভিন্ন বিদ্রোহ সফলতাৰে দমন কৰিছিল আৰু
বহুতো চুবুৰীয়া ৰাজ্যক তেওঁৰ আধিপত্য মানি ল'বলৈ বাধ্য কৰিছিল। কিছু বছৰ
পিছত, ১৫২৭খ্রীষ্টাব্দত তেওঁ বিজাপুৰৰ চুলতান আদিল শ্বাহক হৰুৱায়। বিজয়নগৰ ৰাজ্যৰ
প্ৰধান শত্ৰু আছিল বাহনী ৰাজ্য আৰু সেয়ে বাহ্মনী ৰাজ্যৰ লগত মোকাবিলা কৰিবলৈ তেওঁ
পর্তুগীজসকলৰ লগত এক বুজা পৰালৈ আহে।
৩। বিজয়নগৰ ৰাজ্যৰ তালুভা বংশৰ শ্রেষ্ঠ ৰজা কৃষ্ণ দেৱৰায়ৰ ৰাজত্বকালৰ এটি
মূল্যায়ন আগবঢ়োৱা।
উত্তৰঃ মহম্মদ বিন টোগলকৰ ৰাজত্বকালত সাম্ৰাজ্যৰ
চাৰিওফালে বিদ্ৰোহৰ সূত্রপাত হয়। ইয়াৰে সুযোগ গ্রহণ কৰি দাক্ষিণাত্যৰ হিন্দু
শক্তিয়েও মূৰ দাঙি উঠি পুনৰায় প্ৰতিষ্ঠা লাভ কৰিবলৈ উঠি-পৰি লাগিলে। ইয়াৰ ফলতেই
দাক্ষিণাত্যত বিজয় নগৰ নামৰ এখন হিন্দু ৰাজ্যই প্রতিষ্ঠা লাভ কৰে। হৰিহৰ আৰু বুক্ক
নামৰ দুই ভাই-ককায়েক তুংগভদ্রা নদীৰ পাৰত বিজয়নগৰ নামৰ নগৰ প্রতিষ্ঠা কৰে।
বিজয়নগৰ ৰাজ্যত কেবাটাও বংশই ৰাজত্ব কৰে। এই বংশসমূহৰ ভিতৰত তুলুভ নামৰ বংশটোও
আছিল অতি উল্লেখযোগ্য। কৃষ্ণ দেৱৰায় আছিল এই তুলুভ বংশৰ শ্রেষ্ঠ ৰজা।
কৃষ্ণ দেৱৰায় সেই সময়ৰ দক্ষিণ ভাৰতৰ এজন শ্রেষ্ঠ ৰজা আছিল। শাসনভাৰ গ্রহণ
কৰিয়েই তেওঁ কিছুমান সমস্যাৰ সন্মুখীন হৈছিল। এই সমস্যাবোৰৰ ভিতৰত বিদ্রোহী
সমস্যাই আছিল প্রধান। কিন্তু তেওঁ অতি দক্ষতাবে এই বিদ্রোহীসকলক দমন কৰিবলৈ সক্ষম
হয়। ইয়াৰ পিছত তেওঁ বিজাপুৰৰ চুলতানৰ পৰা বিবাদ লাগি থকা ৰায়চুৰ অঞ্চল অধিকাৰ কৰি
উৰিষ্যা ৰাজ্যৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। গোলকুণ্ডা আৰু বিদাৰৰ চুলতানসকলৰ পৰা
উৰিষ্যাৰ ৰজাই সহায় পাইছিল যদিও কৃষ্ণ দেৱৰায়ৰ হাতত পৰাজিত হয়। শেষত উৰিষ্যাৰ
ৰজাই নিজ কন্যাক বিয়া দি কৃষ্ণ দেৱৰায়ৰ লগত মিত্ৰতা স্থাপন কৰে।
ইয়াৰ পিছত বিজাপুৰৰ চুলতান ইছমাইল আদিল চাহে ৰায়চুৰ অঞ্চল পুনৰুদ্ধাৰ কৰিবলৈ
চেষ্টা কৰে। কিন্তু কৃষ্ণ দেৱৰায়ে তেওঁক পৰাস্ত কৰি তেওঁৰ ৰাজ্যৰ গুলবৰ্গা দুর্গ
ধূলিসাৎ কৰে। যুদ্ধৰ সময়ত তেওঁ যিদৰে বাহুবলী ঠিক সেইদৰে শান্তিৰ সময়তো তেওঁ এজন
অতি উদাৰ, ন্যায়পৰায়ণ আৰু সুশাসক আছিল। পৰাজিত শত্রুকো তেওঁ কেতিয়াও অসৎ আচৰণ কৰা নাছিল।
ধর্ম সম্বন্ধে তেওঁৰ কোনো গোড়ামি নাছিল। নিজ দক্ষতা আৰু চৰিত্ৰৰ গুণতে বিজয়নগৰ
ৰাজ্যক তেওঁ এখন শ্রেষ্ঠ ৰাজ্যত পৰিণত কৰিছিল। পর্তুগীজসকলৰ সৈতে কৃষ্ণ দেৱৰায়ৰ বৰ
বন্ধুত্ব আছিল। ইয়াৰ চিন স্বৰূপে ১৫১০ চনত পর্তুগীজ শাসনকর্তা আলবুকার্কক ভাটকল
নামে ঠাইত এটি দুর্গ সাজিবলৈ অনুমতি প্রদান কৰে।
কৃষ্ণ দেৱৰায় কেৱল বিজয়নগৰ ৰাজ্যৰে শ্ৰেষ্ঠ সম্রাট নাছিল। তেওঁ সেই সময়ৰ
ভাৰতৰো এজন শ্রেষ্ঠ নেতা আছিল। তেওঁ বহুতো গুণৰ অধিকাৰী আছিল। তেওঁ এজন যোদ্ধা,
সমৰকুশলী নেতা,
উদাৰ, অতিথিপৰায়ণ আৰু
ধর্মসহিষ্ণু ব্যক্তি আছিল। পর্তুগীজ ভ্ৰমণকাৰী পায়েজৰ মতে সকলো দিশতে কৃষ্ণ দেৱৰায়
এজন শ্রেষ্ঠ ব্যক্তি আছিল।
কৃষ্ণ দেৱৰায় শিল্প আৰু সাহিত্যৰ পৃষ্ঠপোষক আছিল আৰু নিজেও এজন পণ্ডিত
ব্যক্তি আছিল। বিশেষকৈ তেলুগু আৰু সংস্কৃত সাহিত্যৰ উন্নতিৰ কাৰণে তেওঁ চেষ্টা
কৰিছিল। তেওঁ প্ৰজাৰ মঙ্গলৰ কাৰণে সকলোধৰণে ব্যৱস্থা গ্রহণৰ কাৰণেও চেষ্টা কৰিছিল।
সেয়ে কৃষ্ণদেৱ ৰায় সততে প্রজা সাধাৰণৰ মাজত জনপ্রিয় ব্যক্তি হিচাপে প্রতিষ্ঠা লাভ
কৰিবলৈ সক্ষম হৈছিল।
৪। বাহমণি ৰাজ্যৰ শাসক মামুদ গাৱানৰ বিষয়ে চমুকৈ আলোচনা কৰা।
উত্তৰঃ বাহমণি ৰাজ্যৰ ইতিহাসত মামুদ গাবানে এক
উল্লেখযোগ্য বৰঙণি আগবঢ়াই যাবলৈ সক্ষম হৈছে। নিজাম ছাহ আৰু মহম্মদ ছাহৰ শাসনকালত
মামুদ গাৱান বাহমণি ৰাজ্যৰ এজন বিশিষ্ট প্রধানমন্ত্রী হিচাপে কার্যনির্বাহ কৰিছিল।
এজন সুদক্ষ আৰু চতুৰ প্রধানমন্ত্রী হিচাপে তেওঁ বাহমণি ৰাজ্যৰ শাসনভাৰ চলাই নিছিল।
মামুদ গাৱানে প্রায় পঁচিশ বছৰ কাল দক্ষতাৰে ৰাজকার্য পৰিচালনা কৰি বিচাৰ, শাসন আৰু ৰাজ বিভাগৰ
• বহুতো উন্নতি সাধিছিল।
মামুদ গাৱান এজন চতুৰ সেনানায়ক আছিল। প্রথমে তেওঁ বিজয়নগৰৰ প্ৰধান বন্দৰ গোৱা
জয় কৰে। ইয়াৰ পাছত কংকণৰ হিন্দুসকলক পৰাজিত কৰি এওঁলোকক বাহমণি ৰাজ্যৰ চুলতানৰ
বশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য কৰায়। কাঞ্চী নামৰ ৰাজ্যখন আক্রমণ কৰি ইয়াক লুণ্ঠন
কৰে। এখন বিশাল বাহমণি ৰাজ্য প্ৰতিষ্ঠা কৰাৰ কাৰণে এওঁ সুদূৰ উৰিষ্যালৈকে অভিযান
আৰম্ভ কৰিছিল। কিন্তু এই অভিযান ব্যর্থ হয়।
মামুদ গাৱান এজন অতি বিদ্যোৎসাহী লোক আছিল। এওঁৰ যত্নতে বিদৰত এটা ডাঙৰ
গ্ৰন্থাগাৰ আৰু কিছুমান বিদ্যালয় স্থাপন কৰে।
গাৱানৰ ৰাজত্বৰ প্ৰায় শেষ ভাগত দাক্ষিণাত্যত বিদেশী মুছলমান আৰু দক্ষিণৰ
মুছলমানসকলৰ মাজত এক ভীষণ প্রতিদ্বন্দ্বিতাৰ সূত্রপাত হয়। উল্লেখযোগ্য যে মামুদ
গাৱান এজন বিদেশী (আফগান) চুন্নী আছিল। এই দুয়ো দলৰ বিবাদৰ ফলস্বৰূপে ৰাজ্যত নানা
অশান্তিয়ে দেখা দিয়ে। মামুদ গাৱান এজন আফগান (বিদেশী) হিচাপে তেওঁ নিজেই বিদেশী
দলৰ নেতৃত্ব কৰিছিল। মামুদ গাৱানৰ এই কাৰ্যৰ বাবে দক্ষিণৰ (চুন্নী) ওমৰাহসকলে
(মুছলমান) চকু পাৰি দেখিব নোৱৰা হ'ল। গাৱানৰ বিৰুদ্ধে চক্রান্ত আৰম্ভ হ'ল। শেষত গাৱান বিজয়
নগৰৰ ৰজাৰ লগত এক গোপন ষড়যন্ত্রত লিপ্ত থকা বুলি এখন জাল চিঠি চুলতান মহম্মদ ছাহৰ
আগত দিয়া হ'ল। এজন অত্যন্ত মদাপী হিচাপে ছাহে উক্ত চিঠিখনৰ কোনো সত্যতা প্রমাণ কৰাৰ
প্ৰয়োজনবোধ নকৰিলে। স্বাৰ্থপৰ ওমৰাহসকলৰ উচটনিত মামুদ গাৱানৰ দৰে এজন কর্তব্যনিষ্ঠ
আৰু প্রভুভক্ত প্ৰধানমন্ত্ৰীক ১৪৮১ চনৰ ৫ এপ্ৰিলৰ দিনা মৃত্যুদণ্ড দিয়া হয়।
চুলতানে পাছত সকলো ষড়ন্ত্ৰৰ কথা গম পাই মর্মাহত হয়। মামুদ গাৱানৰ মৃত্যুৰ লগে লগে
বাহমণি ৰাজ্যৰো পতন আৰম্ভ হয়।
৫। গুজৰাটক এখন শক্তিশালী ৰাজ্য হিচাপে গঢ় দিয়াত আহমদ শ্বাহৰ ভূমিকা আলোচনা
কৰা।
উত্তৰঃ ১২৯৭ খ্রীষ্টাব্দত আলাউদ্দিন খিলজীয়ে দিল্লী
চুলতানী সাম্ৰাজ্যৰ লগত ইয়াক সংযোগ কৰাৰ পিছৰে পৰা একোজন মুছলমান গৱৰ্ণৰৰ সহায়ত
গুজৰাট শাসন। কৰি থকা হৈছিল।
প্রথম আহমদ শ্বাহ ১৪১১ খ্ৰীষ্টাব্দত ৰজা হয়। সময়ত তেওঁ আটাইতকৈ শক্তিশালী শাসক
হিচাপে পৰিগণিত হয় আৰু প্ৰায় ৩২ বছৰকাল শাসন কৰে। কিন্তু তেওঁৰ শাসনকাল সংঘাতমুক্ত
নাছিল। শাসনভাৰ লোৱাৰ কিছুদিন পিছতেই তেওঁ খুৰাকহঁতৰ ফালৰ পৰা কঠিন বিদ্ৰোহৰ
সন্মুখীন হ'ব লগা হয়। অৱশ্যে সেইবোৰ তেওঁ কঠোৰ হাতেৰে দমন কৰে। ৰাজ্য প্ৰসাৰ কৰা
প্ৰচেষ্টাত তেওঁ কেইবাখনো চুবুৰীয়া ৰাষ্ট্ৰৰ যেনে মালৱা, ৰাজস্থান আদিৰ লগত সংঘাতত
লিপ্ত হয়। তেওঁ আনকি সৌৰাষ্ট্ৰ দখল কৰিবলৈ চেষ্টা কৰে আৰু ১৪১৪-১৫ খ্রীষ্টাব্দত
গিৰ্ণাৰৰ হিন্দু ৰজাক কৰ দিবলৈ বাধ্য কৰায়। ইয়াৰ দুবছৰ পিছত তেওঁ খন্দেছৰ ৰজাক
পৰাস্ত কৰে। তেওঁ বামনী ৰজা চুলতান আহমেদৰ পৰা সফলতাৰে থানে আৰু মহিম নিজৰ অধীনলৈ
নিয়ে। তেওঁ আনকি দুবাৰকৈ মেৱাৰ দখল কৰে। ১৪৩৭ খ্রীষ্টাব্দত আহমদ শ্বাহে মান্দু
অধিকাৰ কৰে আৰু মাহমুদ শ্বাহ খিলজিক পৰাস্ত কৰে।
প্রশাসন ব্যৱস্থা পুনর্গঠনত আহমদ শ্বাহে যথেষ্ট গুরুত্ব দিছিল। তেওঁ ন্যায়,
উদাৰতা আৰু
দানশীলতাৰ বাবে জনাজাত আছিল অৱশ্যে ধৰ্মৰ ক্ষেত্ৰত তেওঁ বৰ কঠোৰ আছিল আৰু
হিন্দুসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লৈছিল। বিভিন্ন প্রাসাদ, ঘৰ আদি নির্মাণত তেওঁ
মুক্তহস্তে দান দিছিল। তেওঁ সবৰমতী নদীৰ পাৰত আধুনিক এলাহাবাদ চহৰখন নিৰ্মাণ
কৰিছিল আৰু তালৈকে ৰাজধানী স্থানান্তৰিত কৰিছিল।