অভিজাত শ্ৰেণী, মনছবদাৰ-জাগীৰদাৰ, প্ৰশাসনলৈ
▶▶ অতি চমু প্রশ্নোত্তৰঃ
১। আকবৰৰ ক'ত জন্ম হৈছিল?
উত্তৰঃ ১৫৪২ খ্রীঃত সিন্ধু দেশৰ অমৰকোট নামৰ ঠাইত আকবৰৰ
জন্ম হৈছিল।
২। কোন চনত জিজিয়া কৰ বাতিল কৰা হৈছিল?
উত্তৰঃ ১৫৭৯ খ্রীঃত।
৩। 'মনচবদাৰী প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল?
উত্তৰঃ আকবৰে।
৪। আকবৰে প্ৰৱৰ্ত্তন কৰা ধৰ্মটোৰ নাম কি আছিল?
উত্তৰঃ দীন ইলাহী।
৫। ফাতেহপুৰ চিক্ৰিৰ দুৰ্গ কোনে নিৰ্মাণ কৰিছিল?
উত্তৰঃ আকবৰে।
৬। মোগল ৰাজসভাত চিজদাৰ প্ৰচলন কোনে কৰিছিল?
উত্তৰঃ সম্রাট আকবৰে।
৭। ছাহজাহানে নির্মান কৰা পৃথিৱী বিখ্যাত শিল্পকলা কি কি?
উত্তৰঃ তাজমহল, ময়ুৰ সিংহাসন।
৮। ছাহজাহানে নির্মান কার্যত কি বৰণৰ মাৰ্বলক বিশেষ স্থান দিছিল
উত্তৰঃ বগা।
৯। কোনজন চুলতানৰ ৰাজত্ব কালক ঐতিহাসিকসকলে 'সোনালী যুগ' বুলি অভিহিত কৰে?
উত্তৰঃ ছাহজাহানৰ ৰাজত্ব কালত।
১০। শিখসকলৰ দশম গুৰু কোন আছিল?
উত্তৰঃ গুৰু গোবিন্দ সিংহ।
১১। মীৰজুমলা কোন আছিল?
উত্তৰঃ মীৰজুমলা বংগদেশৰ শাসনকর্তা আছিল।
১২। জাগিৰবিলাক খণ্ড খণ্ডকৈ নিৰূপিত কৰা সত্যতা নিৰূপণ কৰিছিল?
উত্তৰঃ আইন-ই-দশ্বালাহ।
১৩। একমাত্র হস্তান্তৰ কৰিব নোৱাৰা ধৰণৰ জাগিৰৰ নাম কি?
উত্তৰঃ ৱাতন-জাগিৰ।
১৪। মোগলৰ সময়ছোৱাত কেনেধৰণৰ সমাজ আছিল?
উত্তৰঃ মোগল যুগৰ সমাজ ব্যৱস্থা সামন্তবাদী আছিল।
১৫। ব্যৱসায়-বাণিজ্যত কোনবোৰ সামগ্ৰী ৰপ্তানী কৰা হৈছিল?
উত্তৰঃ কপাহী কাপোৰ, ৰেচমৰ উপৰি নীল, কানি, মছলা, চেনি, নিমখ, হাতী দাঁতৰ বস্তু,
জালুক, হালধি আদি।
▶▶ চমু প্রশ্নোত্তৰঃ
১। চমুটোকা লিখাঃ
(ক) দীন-ঈ-ইলাহী।
উত্তৰঃ দীন-ঈ-ইলাহী নামৰ ধৰ্মটো সম্রাট আকবৰে
উলিয়াইছিল। আকবৰৰ ৰাজত্বৰ সময়ছোৱাতে পৃথিৱীৰ বিভিন্ন দেশত ধর্ম সম্বন্ধে এক তোলপাৰ
লগাইছিল। আকবৰে প্রকৃত ধৰ্মক তেওঁৰ প্ৰজাবৰ্গৰ মাজত প্ৰতিষ্ঠা কৰি তোলাত গুৰুত্ব
আৰোপ কৰিছিল। তেওঁ বিশ্বজনীন ভ্রাতৃত্বৰ আদৰ্শৰে অনুপ্রাণিত হৈ সম্রাটে ধর্ম
ভিত্তিক দূৰ কৰিবলৈ উঠি পৰি লাগিছিল। সম্রাটে সততে হিন্দু, জৈন, শিখ, পাচী, খ্রীষ্টীয়ান,
মুছলমান, ইহুদী আদি এই সকলো
ধৰ্মৰ প্ৰকৃত গুণী জ্ঞানী ব্যক্তিৰ লগত আলোচনা-বিলোচনা কৰিছিল।
ফাতেহপুৰ চিক্রিত ইবাদত খানা অথাৎ প্রার্থনা গৃহ নির্মান কৰি তেওঁ ধর্মীয়
তত্ত্ব কথাবিলাক আনৰ মুখৰ পৰা শুনিছিল আৰু তত্ত্ববিলাক বুজিবলৈ চেষ্টা কৰিছিল।
তেওঁ চেখ মোবাৰক, ফৈজী, আবুল ফজল হৰিবিজয় চুৰী, দেবী, বিজয়সেন চুৰী আদি বিভিন্ন দার্শনিক, পণ্ডিতক সমাদৰ
কৰিছিল। আকবৰে যি উদাৰ মনোভাব দেখুৱাইছিল সি বহুতৰে মনঃপূত হোৱা নাছিল। বিশেষকৈ
গোড়া ধর্মগুৰু বা মুছলমান উলেমাসকলে সম্ৰাটৰ এনে আচৰণৰ বিৰুদ্ধেও থিয় দিছিল।
সম্রাট আকবৰে সকলো ধৰ্মৰ সাৰমৰ্ম্ম লৈ দিন ইলাহী নামৰ নতুন ধর্ম উলিয়াইছিল। এই
দিন-ইলাহী পন্থীসকলে সম্রাটক মানি চলিবলৈ আৰু তেওঁলোকৰ জীৱন, সন্মান, সম্পত্তি, বিশ্বাস আদি সম্ৰাটৰ
ওপৰত সমর্পণ কৰিবলৈ প্রতিজ্ঞাবদ্ধ হৈছিল কাৰণ তেতিয়াহে প্রকৃত আধ্যাত্মিক সত্য
বিচাৰি উলিয়াবলৈ সম্রাটে তেওঁলোকক পৰিচালনা কৰিব পাৰিব।
(খ) ঔৰংজেৱৰ ধৰ্মনীতি।
উত্তৰঃ মোগল সম্রাট ছাহজাহানক বন্দী কৰি থৈ পুতেক
ঔৰংজেৱে ১৬৫৮ খ্রীঃত দিল্লীৰ সিংহাসনত উঠে। তেওঁ সেই সময়ৰ মুছলমান জগতৰ এজন ডাঙৰ
সম্ৰাট আছিল। ঔৰংজেৱ এজন গোড়া চুন্নীপন্থী মুছলমান আছিল। নিষ্ঠাৱান মুছলমান হিচাপে
তেওঁ ৰাজকৃষকৰ আৰু ৰাজকাৰেঙৰ পৰা ভালেমান জাক জমকতা বাদ দিছিল। তেওঁ জনসাধাৰণৰ
জীৱন পবিত্র ধর্মীয় অনুশাসনৰ দ্বাৰাই পৰিচালিত হোৱাটো বিচাৰিছিল। তেওঁ কোৰাণৰ
কথাবিলাক আখৰে আখৰে পালন কৰিবলৈ বিচাৰিছিল তেওঁ আন ধৰ্মৰ মানুহক ঘৃণাৰ চকুৰে
চাইছিল হিন্দু প্ৰজাৰ ওপৰত বিবিধ কৰ কতাল বহুৱাই জুৰুলা কৰিছিল। সম্ৰাটৰ আদেশত
প্রাদেশিক শাসনকর্তা সকলে হিন্দুৰ মঠ-মন্দিৰ দেৱালয় আদি ধ্বংস কৰিছিল। মোগল
সাম্রাজ্যখনক তেওঁ ইছলামীয় ৰাষ্ট্ৰ কৰিবলৈ নানা ধৰণে চেষ্টা কৰিছিল। আন ধৰ্মৰ
মানুহে ইছলাম ধর্মত দীক্ষা গ্রহণ কৰিলে তেওঁক পুৰস্কৃত কৰা হৈছিল। ঔৰংজেবে শিখ
গুৰু টেগবাহাদুৰক হত্যা কৰি এক কঠোৰ পৰধৰ্ম বিদ্বেষী মনোভাৱৰ পৰিচয় দিছিল। ঔৰংজেৱৰ
অত্যাচাৰৰ কাৰণে জাট, বাজপুত, শিখ আদি বিভিন্ন সম্প্ৰদায়ৰ মানুহে নানান ঠাইত বিদ্রোহ কৰিছিল।
(গ) মনচবদাৰী প্ৰথা।
উত্তৰঃ আববৰৰ শাসন ব্যৱস্থাৰ অন্যতম উল্লেখযোগ্য
বৈশিষ্ট্য আছিল মনচবদাৰী প্ৰথাৰ প্ৰচলন। এই প্ৰথাৰ ওপৰত ভিত্তি কৰিয়েই আকবৰে তেওঁৰ
বে-সামৰিক শাসন ব্যবস্থা গঢ়ি তুলিছিল আৰু অভিজাত আৰু সৈন্যবাহিনী উভয়কে সংগঠিত
কৰিছিল। মনচৰ শব্দৰ অৰ্থ হ'ল পদমৰ্য্যদা। এই প্রথা অনুসৰি প্ৰতিজন বিষয়াকে
একোটা মনচব বা পদমর্য্যাদা দিয়া হৈছিল। প্ৰতিজন মনচবদাৰে নিজ পদমর্য্যদা অনুসৰি
নির্দিষ্ট সংখ্যত সৈন্য ঘোঁৰা, হাতী, উট আদি ৰাখিব পাৰিছিল। আকবৰৰ দিনত মুঠতে ৩৩ টা
পৰ্য্যায়ৰ মনচবদাৰী আছিল। মানসিংহ, টোডমল আৰু ৰাজকুমাৰসকল সৰ্বোচ্ছ পৰ্য্যায়ৰ
মনচবদাৰ আছিল। মনচবদাৰ সকলক বৰ উচ্চ হাৰত বেতন দিয়া হৈছিল। সম্ভৱত পৃথিৱীৰ ভিতৰত
তেওঁলোকেই সর্বাধিক বেতনভোগী বিষয়া আছিল। তেওঁলোকে বেতনৰ পৰাই ব্যক্তিগত হাতী,
ঘোৰাঁৰ ভৰণ পোষণ
দিবলগীয়া হৈছিল যদিও মনচবদাৰসকলে আমোদ প্রমোদৰ মাজতে বিলাসপূর্ণ জীৱন-যাপন কৰিব
পাৰিছিল। এই মনচব দাৰী লাভ সম্ৰাটৰ ইচ্ছা ও অনুগ্ৰহৰ ওপৰত নিৰ্ভৰ কৰিছিল।
উত্তৰাধিকাৰী সুত্রে মনচব্দাৰী লাভ কৰিব পৰা নগৈছিল।
▶▶ ৰচনাধর্মী প্রশ্নোত্তৰঃ
১। আকবৰৰ হিন্দু নীতিৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ আকবৰৰ সংস্কাৰ সমূহত উদাৰতাৰ সৈতে দূৰদৰ্শিতাৰ
সমন্বয় ঘটিছিল। তেওঁৰ সংস্কাৰসমূহ আছিল মৌলিক আৰু প্ৰজাৰ মংগলৰ কথা চিন্তা কৰিয়েই
তেওঁ সংস্কাৰসমূহ সমাধান কৰিছিল। সকলো ধৰ্মৰ প্রতি সহিষ্ণুতা প্রদর্শন কেৱল তেওঁৰ
ব্যক্তিগত নীতিয়েই নাছিল তেওঁ সহিষ্ণুতা নীতিক ৰাষ্ট্ৰীয় নীতি হিচাপেও গ্রহণ
কৰিছিল। ইয়াৰ দ্বাৰা আকবৰে শাসন ব্যৱস্থাক ধর্মীয় প্রভাৱৰ পৰা মুক্ত কৰিছিল। আকবৰে হিন্দুসকলৰ মন্দিৰ স্থাপন কৰিবলৈ আৰু উৎসৱৰ সময়ত মেলা পাতিবলৈ অনুমতি
দিছিল। তদুপৰি তেওঁ তেওঁৰ নিৰ্মাণ কাৰ্য্যত ফাৰ্চী শৈলী প্ৰয়োগ কৰাৰ লগতে হিন্দু
শৈলীও প্রয়োগ কৰিছিল। এইদৰেই আকবৰে প্ৰজাবৰ্গৰ মাজত ধৰ্মৰ নামত থকা ভেদাভেদৰ অৱসান
ঘটাইছিল। তেওঁৰ সংস্কাৰসমূহৰ পৰা তেওঁ হিন্দুসকলৰ প্ৰতি কেনে ব্যৱহাৰ কৰিছিল তাৰ
এটা আভাস পোৱা যায়। আকবৰে দুই কোটি মুদ্রাৰ ক্ষতি স্বীকাৰ কৰি লৈ হিন্দুসকলৰ থকা
তীৰ্থ কৰ উঠাই লৈছিল। জিজিয়া কৰ উঠাই দি হিন্দু আৰু মুছলমানৰ মাজত চলি থকা কৃত্রিম
বৈষম্য আঁতৰ কৰিছিল। আগতে যুদ্ধত পৰাজিত সকলক ক্রীতদাসলৈ ৰূপান্তৰিত কৰা হৈছিল।
আকবৰৰ বেছিভাগেই হিন্দুসকলৰ বিৰুদ্ধে হৈছিল যদিও পৰাজিত হিন্দু সৈনিকক তেওঁ
ক্রীতদাস কৰা নাছিল। ইয়াৰ পৰা আকবৰৰ উন্নত মনোবৃত্তিৰ পৰিচয় পোৱা গৈছিল। আকবৰ আৰু
তেওঁৰ পুতেক চেলিমে হিন্দু তিৰোতা বিয়া কৰাইছিল। ইয়াৰ দ্বাৰা হিন্দু আৰু মুছলমানৰ
মাজত সংমিশ্রণত পথ মুকলি কৰা হৈছিল। আকবৰৰ পৃষ্ঠপোষকতাত সংস্কৃত সাহিত্যৰ উৎকৰ্ষ
সাধন হৈছিল। ভালেমান সংস্কৃত পুথি ফার্চী ভাষালৈ আকবৰৰ নিৰ্দেশত অনুবাদ কৰা হৈছিল।
মহাভাৰতৰ কেইবাটাও অংশ ফাচী ভাষালৈ অনুবাদ কৰি নাম ৰখা হৈছিল 'বাজিম নামা'। বাৰাতনীয়ে চাৰিবছৰ
শ্ৰম কৰি ৰামায়ণ অনুবাদ কৰিছিল। আকবৰৰ ৰাজসভাত থকা একৈশ জন পণ্ডিতৰ ভিতৰত নজনেই
আছিল হিন্দু পণ্ডিত।
হিন্দু সমাজৰ পৰা কু-প্রথাবোৰ আঁতৰ কৰিবলৈকো আকবৰে চেষ্টা কৰিছিল। এজন সু-চতুৰ
ৰাজনীতিজ্ঞ হিচাপে আকবৰে ভালদৰে উপলব্ধি কৰিছিল যে বিভিন্ন মিশ্রিত ধৰ্মাৱলম্বী
লোকৰ দ্বাৰা গঠিত ভাৰতৰ দৰে এখন বিশাল দেশ শাসন কৰিবলৈ কোনো ভেদাভেদ নাৰাখি
গুণনুসৰি হিন্দু মুছলমান উভয়পক্ষৰ লোকক শাসনৰ বিভিন্ন দিশত নিযুক্তি দিছিল। ভগৱান
দাস আৰু মান সিংহক তেওঁলোকৰ পদ মৰ্য্যদা ৰক্ষা কৰি সৈন্যবাহিনীৰ উচ্চ পদত নিয়োগ
কৰিছিল। ঠিক সেইদৰে বীৰবল আৰু টোডমলেও আকবৰৰ ৰাজসভাত সন্মানজনক পদবী লাভ কৰিছিল।
তেওঁ নিজেও হিন্দু কন্যা বিয়া কৰাইছিল। ইয়াৰোপৰি হিন্দুসকলৰ ওপৰত লগোৱা জিজিয়া কৰ
তীৰ্থযাত্ৰী কৰ তুলি দিছিল। উল্লেখযোগ্য যে আকবৰে হিন্দু ধৰ্মৰ ওপৰত কোনো
হস্তক্ষেপ কৰা নাছিল। যদিও সমাজত প্রচলিত কু-প্রথাসমূহ দূৰ কৰিবৰ কাৰণে তেওঁ
কেতিয়াও কুণ্ঠাবোধ করা। নাছিল। পোন-প্ৰথমে আকবৰৰ ৰাজত্ব কালতে সতীদাহ প্রথা ৰোধ
কৰাৰ ব্যৱস্থা গ্রহণ কৰিছিল অৱশ্যে ই কাৰ্য্যকৰী হোৱা নাছিল যদিও ইয়াৰ প্ৰভাৱ অতি
সুদূৰ প্ৰসাৰী আছিল। হিন্দু বিধবা বিবাহৰ প্ৰচলন আৰু বাল্য-বিবাহৰ আকবৰেই প্রথমে
ৰোধ কৰিছিল। সেই সময়ত হিন্দু বিধবাক অনিচ্ছাস্বত্বেও স্বামীৰ সৈতে সতী যাবলৈ বাধ্য
কৰা হৈছিল যিটোরে নিষ্ঠুৰ ৰূপ ধাৰণা কৰিছিল। আকবৰে বলপূর্বক সতীদাহ প্রথা নিষিদ্ধ
কৰিছিল আৰু বিধবা-বিবাহ আইনসম্মত বুলি ঘোষণা কৰিছিল। এইদৰেই সংস্কাৰ সমূহৰ দ্বাৰা
হিন্দুসকল ক্ষুন্ন হোৱাৰ সম্ভাৱনা থকাৰ স্বত্বেও আকবৰে সংস্কাৰসমূহ থকাৰ স্বত্বেও
আকবরে সংস্কাৰসমূহ থকাৰ স্বত্বেও আকবৰে সংস্কাৰসমূহ সাধন কৰিবলৈ কুণ্ঠাবোধ কৰা
নাছিল। অৱশ্যে তেওঁৰ ব্যৱহাৰৰ দ্বাৰা হিন্দুসকলৰ অন্তৰত এক বিশেষ স্থান লাভ কৰিছিল।
২। ছাহজাহানৰ ৰাজত্বকালৰ চমু বিৱৰণ দিয়া।
উত্তৰঃ জাহাংগীৰৰ মৃত্যুৰ পাছত তেওঁৰ পুত্র ছাহজাহান
১৬২৭ খ্রীঃত দিল্লীৰ সিংহাসনত উঠে। সিংহাসনত উঠিয়েই তেওঁ বিভিন্ন বিদ্রোহ দমন কৰা
ব্যস্ত হ'ব লগা হয়। তেওঁৰ বিৰুদ্ধে আফগান শাসনকর্তা খানজাহানে লোডীয়ে কৰা বিদ্রোহ সহজে
দমন কৰে।
বাণিজ্য বিস্তাৰৰ বাবে পর্তুগীজসকলে আকবৰ আৰু জাহাংগীৰৰ দিনতে বংগদেশৰ হুগলীৰ
অন্তৰ্গত সাতগাঁৱত কুঠী পাতিবলৈ অনুমতি লাভ কৰে। কিন্তু তেওঁলোকে বাণিজ্যকুঠী
শক্তিশালী কৰে আৰু ভাৰতীয় প্ৰজাৰ ওপৰত জাহাংগীৰৰ দিনতে অত্যাচাৰ আৰম্ভ কৰিছিল।
ছাহাজাহানে বংগদেশৰ চুবাদাৰ কাছিম আলি খাঁক পর্তুগীজ বিলাকক ঘাই বাণিজ্য কেন্দ্র
হুগলী আক্রমণ কৰিবলৈ নির্দেশ দিয়ে। কাছিম খাই হুগলী অৱৰোধ কৰি বহুতো পর্তুগীজক
নিহত কৰে আৰু প্ৰায় চাৰে চাৰি হেজাৰ পর্তুগীজ লোকক বন্দী কৰে, ফলত সাময়িকভাৱে
পর্তুগীজসকল শান্ত হয়।
১৬৩৩ খ্রীঃত ছাহজাহানে আহমদনগৰ জয় কৰি মোগল সাম্ৰাজ্যৰত অন্তভূক্ত কৰে। ইয়াৰ
পাছত ছাহজাহানে বিজাপুৰ আৰু গোলকুণ্ডা অধিকাৰ কৰে। দক্ষিণ ভাৰতৰ বহুতো মোগলৰ হাতলৈ
অহাত ছাহজাহানে তেওঁৰ পুতেক ঔৰংগজেৱক দাক্ষিণাত্যৰ চুবাদাৰ নিযুক্ত কৰিলে।
ছাহজাহানৰ দাক্ষিণাত্য অভিযানত আন এক উদ্দেশ্যেত নিহিত আছিল সেইটো হ'ল – দাক্ষিণাত্যত
ক্রমাগত বাঢ়ি অহা ইছলাম ধৰ্মৰ চিয়া পন্থাৰ বিলুপ্তি কৰিবলৈ বিচাৰিছিল।
সম্রাট ছাহজাহানে অসম আক্ৰমণ কৰিবলৈ সেনাপতি পঠাইছিল। কোচ ৰজাবলিত নাৰায়ণ আৰু
আহোম ৰজা প্রতাপ সিংহই একগোট হৈ মোগলৰ বিপক্ষে ৰণ দিয়ে। এই ৰণৰ ফলত বৰনদী আহোম আৰু
মোগলৰ সীমা নিৰ্দ্ধাৰিত হয়।
ইতিমধ্যে মোগল ৰাজ্যৰ অন্তৰ্গত কান্দাহাৰ পাৰস্য ৰজাই দখল কৰি লয়। ছাহজাহানে
কান্দাহাৰ উদ্ধাৰ কৰিবলৈ তিনিবাৰ অভিযান চলাইছিল। কিন্তু ছাহজাহানে কান্দাহাৰ জয়
কৰিব নোৱাৰিলে।
ছাহজাহানৰ ৰাজত্ব কাল সাম্রাজ্য বিস্তাৰত কৈ শিল্প কলাৰ উৎকৰ্ষৰ বাবেহে
প্রসিদ্ধ। গৃহজাহানে মৰমৰ পত্নীৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ তেওঁৰ কবৰৰ ওপৰত
পৃথিৱী বিখ্যাত তাজমহল সজায়। পৃথিবী বিখ্যাত ময়ূৰ সিংহাসন ছাহজাহানৰ দিনতে
নির্মিত হৈছিল। ছাহজাহানে দিল্লী আৰু আগ্রাত কেইবাটাও মছজিদ আৰু মহল সজাইছিল।
দিল্লীৰ দেৱানি খাচ, দেৱানি তাম, জুম্মা মছজিদ আৰু আগ্রাৰ মতি মছজিদ আজিও জিলিকি আছে। তেওঁ দিল্লীৰ ওচৰত এখন
বিতোপন নগৰ পাতিছিল আৰু সম্ৰাটৰ নাম অনুসন্ধি এই নগৰৰ নাম ৰাখিছিল 'ছাহজাহানবাদ'। সেই সময়তে চিত্র
শিল্পবো যথেষ্ট উন্নতি হৈছিল।
ছাহজাহান এজন বিদ্বান আৰু বিদ্যোৎসাহী লোক আছিল। শিক্ষাৰ প্ৰসাৰৰ নিমিত্বে
তেওঁ বহুতো বিদ্যালয় নিৰ্মাণ কৰিছিল। তেওঁ এজন গোড়া চুন্নী মুছলমান আছিল।
অনেক দিশৰ পৰা ছাহজাহানৰ ৰাজত্বকাল উল্লেখযোগ্য আছিল যদিও তেওঁৰ ৰাজনৈতিক আৰু
সামাজিক দিশ বৰ সুখৰ নাছিল। ১৬০০ খ্রীঃত গুজৰাট আৰু দাক্ষিণাত্যত এটা মাৰাত্মক
দূর্ভিক্ষই দেখা দিছিল যিটোৱে অসংখ্যলোকৰ প্ৰাণহানি কৰিছিল।
১৬৫৭খ্রীঃত ছাহজাহানৰ বৰ টান নৰিয়া হয়। ছাহজাহানৰ পাছত সিংহাসনৰ কাৰণে তেওঁৰ
চাৰিজন পুতেকৰ মাজত ঘোৰ বিবাদ লাগে। এই সময়তে ঔৰাংজেরে ছাহজাহানক আগ্রাৰ দুৰ্গত
বন্দী কৰি থয় আৰু ভায়েক হতক আতৰাই নিজেই সিংহাসন আৰোহণ কৰে। সম্রাট ছাহজাহান
সুদীর্ঘ আঠ বছৰ কাল বন্দী হৈ থাকি অৱশেষত ১৬৬৬ খ্রীঃত প্রানত্যাগ কৰে।
৩। মোগলসকলৰ দিনত সমাজত হিন্দু আৰু মুছলীম মহিলাৰ স্থান কেনে আছিল তাৰ এটি
তুলনা কৰা।
উত্তৰঃ মোগল সাম্ৰাজ্যৰ ভাৰতবৰ্ষৰ মহিলাসকলে পৰিয়ালত এক
বিশেষ মর্যদা লাভ কৰিছিল। তেওঁলোকে এক উচ্চ মর্যাদাসম্পন্ন জীৱন-যাপন কৰিছি।
মহিলাগৰাকীৰ তত্বাবধান আৰু দায়িত্ববোধৰ ওপৰতে পৰিয়াল এটাৰ উন্নতি বহু পৰিমাণে
নিৰ্ভৰ কৰিছিল। মুছলমানসকলৰ মাজত বহু বিবাহৰ প্ৰচলন দেখা গৈছিল। অৱশ্যে মাজে সময়ে
হিন্দু-সকলেও একাধিক পত্নী গ্রহণ কৰিছিল। মুছলমানসকলৰ মাজত তালাক বা বিবাহ বিচ্ছেদ
আৰু পুনৰ বিবাহ আদি নিত্যনৈমিত্তিক ঘটনা আছিল। যদিও হিন্দুসকলৰ মাজত প্ৰচলন নাছিল।
পৰম্পৰাগত নীতি-নিয়ম অনুসৰি হিন্দুসকলে একস্ত্রী বিবাহ কৰি তেওঁৰ প্ৰতি আনুগত্য প্রকাশ
কৰিব লাগিছিল। এইখিনিতে উল্লেখযোগ্য যে হিন্দু মহিলাসকল সাধাৰণতে ঘৰৰ বাহিৰলৈ
ওলোৱা নাছিল। হিন্দুসকলৰ মাজত সতীদাহ পপ্ৰথাৰ বিশেষ প্রচলন আছিল। প্রায় সকলো ঠাইতে
সেই সময়ত বাল্য বিবাহৰো প্ৰচলন আছিল। সতীদাহ প্রথা, বাল্যবিবাহ, বহুবিবাহ, জৌহাৰ আৰু
পর্দাপ্রথাই সমাজত মহিলাসকলৰ জীৱন দুৰ্বিসাহ কৰি তুলিছিল। অৱশ্যে সেই
সমাজব্যৱস্থাৰ মাজত নুৰজাহান, মুমতামহল, জাহানাৰা, ৰৌশানাৰা তাৰাবাই,
জয়াবাই, মেঘা বাইকে আদি কৰি
কেইবাগৰাকী বিদুষী আৰু প্ৰভাৱশালী মহিলাৰ উপস্থিতি মন কৰিবলগীয়া। এওঁলোকে সেইসময়ৰ সমাজ আৰু ৰাজনীতি উভয়তে প্রভাৱ পেলাইছিল। অৱশ্যে এওঁলোকে যিহেতু সকলোৱেই
ৰাজবংশীয় আছিল গতিকে স্বাভাৱিকতে এওঁলোকে সমাজত এক উচ্চ আসন লাভ কৰিছিল। কিন্তু
সেই সময়ত সৰ্বসাধাৰণ মহিলাসকলক শিক্ষা দীক্ষাৰ পৰা বঞ্চিত কৰাৰ লগতে জীৱন ধাৰণৰ
মৌলিক অধিকাৰবোৰৰ পৰাও বঞ্চিত কৰা হৈছিল। মহামতি আকবৰৰ দিনত বাল্যবিবাহ ৰোধ কৰাৰ
বাবে বিবাহ নূন্যতম বয়স নির্ধাৰণ কৰি দিয়াৰ লগতে সতীদাহ প্রথা বন্ধ কৰাৰ বাবে
চেষ্টা কৰা হৈছিল। তেওঁ সংস্কাকৰৰ জৰিয়তে এক নতুন দিশৰ উন্মেচন কৰিবলৈ যত্ন কৰিছিল
যদিও ই সম্পূর্ণ ৰূপে সফল হোৱা নাছিল।
৪। মনছবদাৰী ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ সমগ্র মোগল প্রশাসনিক ব্যৱস্থাটোৰ দুটা
অবিচ্ছেদ্য অংগ হ'ল - মনছব আৰু জাগিৰ ব্যৱস্থা। মনছব (ইয়াৰ অৰ্থ হৈছে পদবী বা স্থান) শব্দটিয়ে
মোগল প্রশাসনিক ব্যৱস্থাৰ বিভাগীয় জয়লাদালত কোনে কি পদবীত আছে তাকে সূচায়। এই
দৃষ্টিকোণৰ পৰা মনছবদাৰসকল হ'ল দৰমহাৰ বিনিয়মত সেৱা আগবঢ়োৱা কিছুমান
প্রশাসনিক বিষয়া। ৰাষ্ট্ৰৰ প্রতি দেখুৱা মেধা আৰু সেৱাৰ ওপৰত ভাৰ্ত্তি কৰি
মনছবসকলক অসামৰিক আৰু সামৰিক বিষয়া প্রদান কৰিছিল আৰু তেনেদৰে মোগল আমোলাতন্ত্ৰৰ
তেওঁলোক অভিন্ন অংগ হৈ পৰিছিল। মনছবদাৰসকল অসামৰিক সেৱাৰ পৰা সামৰিক সেৱালৈ আৰু
একেদৰে সামৰিক সেৱাৰে অসামৰিক সেৱাৰ পৰা বদলি হ'ব পাৰিছিল। পদবী অনুযায়ী
মনছবদসকলে ৰাষ্ট্ৰলৈ কিছু সৈন্য যোগান ধৰিব লাগিছিল। আকবৰৰ সময়ত মনছবদাৰক ৩৩টা
শ্রেণীত ভাগ কৰা হৈছিল আৰুই দহজনৰ ওপৰত কামাণ্ডাৰজনৰ পৰা আৰম্ভ কৰি ১০,০০০ জনৰ ওপৰ
উপাৰ্জনৰ পদবী আছিল। সাধাৰণতে সাতহাজাৰ বা তাতোধিক সৈন্যৰ ওপৰত মনছব পদবী কোনো
বিশেষ ব্যক্তি, যেনে বা ৰাজপৰিয়ালৰ কোনো বিষয়াকহে প্রদান কৰা হৈছিল।
এই ব্যৱস্থাটোৰ দুটা গুৰুত্বপূর্ণ বিশেষত্ব আছিল। ইয়াৰ প্ৰথমটো হ'ল যে বহুল অর্থত
সকলো মনছবদাৰেই সম্ৰাটৰ অধীন। ইয়াৰ অৰ্থ হ'ল যে কেবল মাথোঁ যুদ্ধ অভিযানৰ ক্ষেত্ৰত এগৰাকী
নিম্ন পর্যায়ৰ মনছবদাবে তেওঁৰ ওপৰৰ পৰ্যায়ৰ মনছববদাৰ জনৰ নির্দেশ মানিব লাগিছিল
আৰু আন ক্ষেত্ৰত তেওঁ এনে কৰাৰ প্রয়োজন নাছিল। দ্বিতীয়তে মোগল মনছবদাৰসকলৰ
তেওঁলোকৰ জাত আৰু সৱাৰৰ সংখ্যাৰ ওপৰত জনা হৈছিল। জাতে মনছবদাৰজনক প্রকৃত স্থানত
বহুৱাই তাৰ পৰা তেওঁৰ প্ৰকৃত খিতাপ কি তাক জানিব পাৰি। সৱাৰৰ জৰিয়তে এগৰাকী
মনছবদাৰে কিমান ঘোঁৰা আৰু ঘোঁৰাচালক যোগান ধৰিব লাগিছিল তাক বুজাইছিল। দ্বিতীয়তে,
সবাৰৰ খিতাপ হয় জাতৰ
সমান বা তাতকৈ কম। সেয়েহে মনছবদাৰৰ প্ৰকৃত অবস্থান তেওঁৰ জাতৰ সংখ্যাৰ দ্বাৰাহে
নিৰূপণ কৰা হৈছিল, সৱাৰৰ সংখ্যাৰ দ্বাৰা নহয়। উদাহৰণস্বৰূপে ৪০০০ জাত আৰু ২৩০০০ সৱাৰৰ এগৰাকী
মনছবদাৰতকৈ উচ্চ পদবীত আছিল। মোগলৰ অধীনত মনছব পদবীটো বংশগত নাছিল। মনছবৰ পুত্ৰই
তেওঁৰ পিতৃৰ পদবী বংশানুক্রমিকভাৱে নাপাইছিল, ই সম্ৰাটৰ ইচ্ছাৰ ওপৰত
নিৰ্ভৰশীল আছিল। এই ব্যৱস্থাৰ আন এক বৈশিষ্ট্য আছিল- সম্পত্তিৰ বাজেয়াপ্তকৰণ আইন
যাৰ দ্বাৰা এগৰাকী মনছবদাৰৰ মৃত্যুৰে পাছত তেওঁৰ সমগ্র সম্পত্তি সম্রাটে বাজেয়াপ্ত
কৰিছিল। এই ব্যৱস্থা এই কাৰণে লোৱা হৈছিল যাতে মনছবদাৰসকলে জনসাধাৰণক শোষণ কৰিব
নোৱাৰে। মনছবদাৰসকলে সামাজিক মর্যাদাৰ স্বাৰ্থত ধনতকৈ জাগিৰ প্ৰচণ্ড কৰিছিল।
৫। মোগল সাম্ৰাজ্যৰ পতনত মনচন্দাৰী আৰু জাগিৰদাৰী প্ৰথাই কেনে ধৰণৰ অৱদান
আগবঢ়াইছিল? ব্যাখ্যা কৰা।
উত্তৰঃ মোগল যুগত সাধাৰণতে চাৰি ধৰণৰ জাগিৰ আছিল। টকা
প্রদানৰ বিনিময়ত দিয়া জাগিৰবোৰ হ'ল টংখা জাগিব। কোনো এজন ব্যক্তিয়ে নির্দিষ্ট
কিছুমান চুক্তিত প্রদান কৰা জাগিৰবোৰ হ'ল মাশ্রুত জাগিৰ। আকৌ যিবোৰ জাগিৰ সম্পূৰ্ণ
স্বতন্ত্র আৰু কোনো ধৰণৰ বাধ্যতামূলক সেৱা প্ৰদানৰ মুক্ত সেইবোৰক ইনাম জাগিৰ আৰু
জাগিৰদাৰবোৰক সিহঁতৰ গৃহভূমিতে দিয়া জাগিৰবোৰক ৱাতন জাগিৰ বোলা হৈছিল। জাগিৰ
ব্যৱস্থাৰ সাধাৰণতে দেখা হস্তান্তৰ বাতন নীতিৰ ক্ষেত্ৰতত জাগিৰদাৰবোৰ আছিল একমাত্র
ব্যতিক্রম।
ঔৰংগজেৱৰ ৰাজত্বৰ শেষৰ সময়ছোৱাত মনছবদাৰৰ সংখ্যা বৃদ্ধি আৰু সীমিত পৰিমাণৰ
মাটি আৰু প্ৰশাসনীয় আৰু বিত্তীয় বিশৃংখলতাই এই সমগ্র ব্যৱস্থালৈ সংকট কঢ়িয়াই
আনিলে। যিসকলক মনছবদাৰ হিচাপে নিযুক্তি দিয়া হৈছিল সেইসকলে তেওঁলোকৰ জাগিৰ পোৱাতো
জটিল হৈ পৰিল। মোগল সাম্রাজ্যত সৃষ্টি হোৱা কৃষি সংকটৰ এক গুৰুত্বপূৰ্ণ কাৰণ আছিল
এই জাগিৰদাৰি ব্যৱস্থা।
মোগলৰ ভূমি ৰাজহ ব্যৱস্থাৰ প্রতিষ্ঠাতা আছিল আকবৰ। প্ৰথমতে তেওঁশ্বেৰ শ্বাহৰ
ভূমি ৰাজহ ব্যৱস্থা গ্রহণ কৰিছিল। এই ব্যৱস্থাতে কৃষি কৰ্ম কৰা অঞ্চলবোৰৰ মাপ
উলিওৱা হৈছিল আৰু মাটিৰ উৎপাদন ক্ষমতাৰ ওপৰত ভিত্তি কৰি খেতিয়কসকলৰ শস্যৰ হিচাপত
নির্ধাৰণ কৰি এক কেন্দ্ৰীয় তালিকা প্রস্তুত কাৰ হৈছিল। অৱশ্যে পৰৱ তী সময়ত আকবৰে
অভিজ্ঞতাৰ আধাৰত এক যথাযথ আৰু নিশ্চিত ব্যৱস্থাৰ বিকাশ সাধন কৰিলে আৰু তেওঁৰ
উত্তৰাধিকাৰীসকলৰ দিনতো কোনো বিশেষ পৰিৱৰ্তন নোহোৱাকৈ এই ব্যৱস্থা চলি থাকিল। সঠিক
পৰিমাণৰ ৰাজহ আদায়ৰ বাবে পোন প্রথমতে আকবৰে ভূমিৰ সংক্ষিপ্ত তথ্য সংগ্ৰহ কৰিছিল।
কৃষি উপযোগী মাটি গজ এককৰে জৰিয়তে বিঘাট হিচাপে ধৰা হৈছিল। এই কাৰ্যক জৰিপ বুলি
জনা গৈছিল। ভূমি নির্ধাৰণৰ সুবিধার্থে মাটিবোৰক চাৰিটা শ্ৰেণীত ভাগ কৰা হ'ল- পোলাজ, পাৰাউটি, চাহৰ, আৰু বঞ্জৰ। পোলাজ
আৰু পাৰাউতি মাটিক পুনঃ তিনিটা শ্ৰেণীত ভাগ কৰা হৈছিল- ভাল, মধ্যমীয়া আৰু বেয়া। এই
মাটিবোৰৰ প্ৰতি বিঘাৰ গড় উৎপাদনকে এবিঘাৰ স্বাভাৱিক উৎপাদন বুলি ধৰা হৈছিল আৰু
ইয়াৰ ওপৰতে ভিত্তি কৰি সেই ৰাষ্ট্ৰই ৰাজহ নিৰ্ধাৰণ কৰিলে।
Important Question Answer
(For Paid User)
Join our membership Plan
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)