► অতি চমু প্রশ্নোত্তৰঃ
১। শিখ পন্থা কি?
উত্তৰঃ মোগল শাসনকালত ভাৰতবৰ্ষত গঢ়ি উঠা ধৰ্মীয়
পৰম্পৰা আৰু সম্প্রদায়সমূহৰ মাজত শিখ পন্থা অন্যতম।
২। খালছা পন্থাৰ কোনে আৰু কেতিয়া প্রতিষ্ঠা কৰিছিল?
উত্তৰঃ ১৬৯৯ খ্রীষ্টাব্দত গুৰুগোবিন্দ সিঙে খালছা
পন্থাৰ প্ৰতিষ্ঠা কৰি আমৃত্যু মোগলৰ বিৰুদ্ধে যুদ্ধ কৰাৰ পণ লৈছিল
৩। ইতিহাসবিদ ইন্দুভূষণ বেনাৰ্জীয়ে গোবিন্দ সিঙৰ তত্ত্বাৱধানত শিখ পৰম্পৰাক কি
কি ভাগত ভগাইছে?
উত্তৰঃ ইতিহাসবিদ ইন্দুভূষণ বেনার্জীয়ে গোবিন্দ সিঙৰ
তত্ত্বাৱধানত শিখ পৰম্পৰাক ২ টা ভাগত ভগাইছে —
(১) প্রাক্-খালছা (১৬৭৫-৯৯) আৰু (২) পৰৱৰ্তী খালছাকাল (১৬৯৯-১৭০৮)।
৪। শিৱাজীৰ জন্ম ক'ত হৈছিল?
উত্তৰঃ শিৱাজীৰ জন্ম হৈছিল পুণা জিলাৰ অন্তৰ্গত জুন্নৰ
নামৰ ঠাইখনৰ কাষত অৱস্থিত শিবনীৰ দূৰ্গত।
৫। ছত্রপতি শিৱাজীৰ মাকৰ নাম কি?
উত্তৰঃ জীজাবাঈ।
৬। শিৱাজীৰ আধ্যাত্মিক গুৰুজনাৰ নাম কি?
উত্তৰঃ স্বামী ৰাম দাস।
৭। শিৱাজীয়ে কোন চনত জাভলি অধিকাৰ কৰে?
উত্তৰঃ ১৬৫৬ চনত।
৮। পুৰন্দৰ সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল?
উত্তৰঃ ১৬৬৫ চনৰ ২৪ জুনত।
৯। পুৰন্দৰ সন্ধি কেতিয়া কাৰ কাৰ মাজত হৈছিল?
উত্তৰঃ ১৬৬৫ খ্রীঃত পুৰন্দৰ সন্ধি হৈছিল। শিৱাজী আৰু
মোগল সেনাপতি জয়সিংহৰ মাজত।
১০। শিৱাজীয়ে তেওঁৰ অশ্বৰোহী সৈন্যবাহিনীক কি কি ভাগত বিভক্ত কৰিছিল?
উত্তৰঃ বর্গী আৰু ছিলাহদাৰ।
১১। শম্ভূজী কোন আছিল?
উত্তৰঃ শম্ভূজী আছিল ছত্রপতি শিৱাজীৰ পুতেক।
১২। মোগলৰ সময়ছোৱাত টকা আদান-প্রদানৰ পদ্ধতি কি আছিল?
উত্তৰঃ শ্বাৰফ আৰু মহাজনসকল।
১৩। শিৱাজীয়ে কাৰ ওচৰত শিক্ষা লাভ কৰিছিল?
উত্তৰঃ শিৱাজীয়ে দাদাজী কোণ্ডদের নামৰ এজন ব্রাহ্মণৰ
অধিনত শিক্ষা লাভ কৰিছিল।
▶▶ চমু প্রশ্নোত্তৰঃ
১। খালছা পৰম্পৰাৰ কিদৰে সৃষ্টি হৈছিল?
উত্তৰঃ ১৬৭৫ খ্রীষ্টাব্দত মোগল সম্রাট ঔৰংগজেৱে শিখ
বিদ্রোহ দমন কৰি শিখ ধর্মগুৰু টেগ বাহাদুৰক আটক কৰি দিল্লীৰ দৰবাৰত হাজিৰ
কৰোৱাইছিল। টেগ বাহাদুৰক ইছলাম ধৰ্ম গ্ৰহণ নকৰাৰ বাবে মৃত্যুদণ্ডৰে দণ্ডিত কৰা
হৈছিল। তাৰ প্ৰতিশোধকল্পে পুত্র গোবিন্দ সিঙে ১৫ বছৰ বয়সত পিতৃৰ পথ অনুকৰণ কৰি
শিখসকলক আগবঢ়াই নিয়াৰ সংকল্পৰে নেতৃত্বলৈ আহিছিল। মোগল শাসনক ওফৰাই পেলাবলৈ
গোবিন্দ সিং সংকল্পবদ্ধ হৈছিল আৰু প্ৰতিষ্ঠা কৰিছিল খালছা পন্থাৰ।
বৈশাখীৰ পূৰ্বে তেওঁৰ অনুগামীসকলকআনন্দপুৰ নামৰ ঠাইত গোট খাবলৈ আহ্বান
জনাইছিল। এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই গোট খোৱা অনুগামীসকলৰ মাজৰপৰা গোবিন্দ সিঙে
৫ খন বিশ্বস্ত (পঞ্চপ্যাৰে) লোকক বাচি উলিয়াইছিল আৰু এক ধার্মিক উপচাৰৰ যোগেদি
খালছা পন্থাত অন্তর্ভুক্তিৰ ব্যৱস্থা কৰিছিল। এই প্রক্রিয়াক খান্দে-কা- পাহুল (Khande-ka-Pahul)
হিচাপে অভিহিত কৰা
হৈছিল। খান্দে-কা- পাহুল প্রক্রিয়া অতিক্ৰম কৰা অনুগামীজনক 'খালছা' অর্থাৎ পবিত্র মানুহ
হিচাপে গণ্য কৰা হৈছিল।
২। গুৰু গোবিন্দ সিং কোন?
উত্তৰঃ শিখ ধৰ্মৰ প্রবর্তক গুৰু নানকে পোনতে পাঞ্জাৱৰ
জাত কৃষক আৰু সমাজৰ অন্যান্য পিচপৰা শ্ৰেণীৰ লোকৰ মাজত তেওঁৰ ধৰ্ম প্ৰচাৰ কৰিছিল।
তেওঁলোকৰ দহজন গুৰুৰ প্ৰথমজন গুৰু নানক আৰু শেষৰজন আছিল গুৰু গোবিন্দ সিং
(১৬৭৫-১৭০৮)। গুৰু হৰগোবিন্দৰ (১৬০৬-১৬৪৫) নেতৃত্বত শিখ ধর্মাবলম্বী লোকসকল এক
দুর্ধর্ষ যুদ্ধপ্রিয় জনগোষ্ঠীত সংগঠিত হৈ পৰিছিল। ইতিমধ্যে গুৰু গোবিন্দ সিঙে
তেওঁৰ জীবিত কালত বিশেষকৈ ১৬৯৯ চনৰ পিচৰপৰা ঔৰাংগজেৱৰ বিৰুদ্ধে চলোৱা সামৰিক
সংঘৰ্ষৰ মাজেৰে শিখসকলক এক উল্লেখনীয় ৰাজনৈতিক-সামৰিক শক্তিত পৰিণত কৰি তুলিছিল।
ঔৰাংগজেৱৰ মৃত্যুৰ পিচত তেওঁ মোগল সম্রাট বাহাদুৰ ছাহৰ পক্ষভূক্ত হৈ এজন আগশাৰীৰ
ডাঙৰীয়াত পৰিণত হৈছিল। বাহাদুৰ ছাহৰ হৈ এবাৰ এটি সামৰিক অভিযানৰ নেতৃত্ব কৰি
দাক্ষিণাত্যলৈ যাওতে তেওঁৰ পাঠান লগুৱা কেইজনমানে গুৰু গোবিন্দ সিঙক গোপনে হত্যা
কৰিছিল। তেওঁৰ হত্যাকাণ্ড ৰাজনৈতিক ষড়যন্ত্ৰৰ পৰিণতি আছিল বুলি বহুতে বিশ্বাস কৰে।
৩। চমুটোকা লিখাঃ
(ক) শম্ভূজী।
উত্তৰঃ শম্ভূজী আছিল মাৰাঠা শক্তিৰ নায়ক শিৱাজীৰ পুত্র।
শিবাজীৰ মুত্যৰ পাছত ১৬৮০ খ্রীঃ শম্ভূজী ৰজা হয়। তেওঁ বৰ ভাল যুদ্ধা আছিল। কিন্তু
ৰাজনীতিত তেওঁ সম্পূর্ণ ব্যর্থ আছিল। তেওঁ পিতাকৰ দিনৰ সঞ্চিত ধন খৰছ কৰি মাৰাঠা
ৰাজ্যক বিপদৰ মাজলৈ ঠেলি দিছিল সস্তূজীয়ে কবি কুলাশ নামৰ এজন উত্তৰ ভাৰতীয়
ব্ৰাহ্মণক মন্ত্রী বনোৱাৰ বাবে মাৰাঠা সকলৰ মাজত অপ্ৰিয় হৈছিল। তেওঁৰ দিনতে
ঔৰংজেবে বিজাপুৰ আৰু গোলকুণ্ডা ৰাজ্য জয় কৰি মাৰাঠা ৰাজ্য আক্রমণ কৰে। যুদ্ধত
শম্ভূজী আৰু মন্ত্রী কুলাশক বন্ধী কৰে। কিন্তু এনে সময়তে শম্ভূজীৰ সৰু ভায়েক
ৰাজাৰাম পলাই গৈ জিঞ্জ পায়গৈ। এই জিঞ্জিৰ বাৰা ৰাজাৰামে তেওঁৰ সুদক্ষ সেনাপতি
সন্তর্জী ঘোড়পাৰে আৰু ধনজী যাদবৰ সহায়ত পুনৰ মোগলৰ লগত যুঁজিবলৈ উঠি পৰি লাগিছিল
আৰু শিৱাজী আদর্শেৰে অনুপ্রাণিত হৈ মাৰাঠা শক্তি পুনৰ গা কৰি উঠিছিল।
(খ) শিৱাজীৰ শাসন ব্যৱস্থা।
উত্তৰঃ ৰাজহ সংগ্ৰহৰ সুবিধাৰ অৰ্থে শিবাজীয়ে তেওঁৰ
ৰাজ্যখন কেবাটাও 'প্রান্ত' বা প্রদেশত ভাগ কৰিছিল। 'প্রান্ত' বিলাক আকৌ পৰগণা বা তৰফত
বিভক্ত হৈছিল। কেবাখনো গাঁৱেৰে একোটা 'তৰফ' গঠিত হৈছিল। উৎপন্ন বস্তুৰ পাঁচ ভাগৰ এক অংশ
ৰাজহ হিচাপে লোৱা হৈছিল। শস্য বা নগদ ধনেৰে ৰাজহ দিব পৰা হৈছিল। কৃষকসকলৰ ওপৰত
যাতে অত্যাচাৰ নহয় তাৰ বাবে শিৱাজীয়ে ঢোকা দৃষ্টি ৰাখিছিল পৰ্বতীয়া দেশ হোৱা কাৰণে
মহাৰাষ্ট্ৰই মাটিৰ পৰা বেছি আয় লাভ কৰা নাছিল। গতিকে প্রতিবেশী। ৰাজ্যবিলাকৰ পৰা
ৰাজহৰ এক চতুর্থাংশ তেওঁ বৰঙনি হিচাপে আদায় কৰিছিল। এই বৰঙনিকে 'চৌথাই' বা চৌথ বোলা হৈছিল।
তেওঁ প্রতিবেশী ৰাজ্যবিলাকৰ পৰা সৰদেশমুখী নামৰ আন এক কৰ তুলিছিল। চৌথ আৰু
সৰদেশমুখী দিয়া ৰাজ্যবিলাকে মাৰাঠা বিলাকৰ লুণ্ঠনৰ পৰা নিষ্কৃতি পাইছিল। এই
লুণ্ঠিত ধনৰ পৰাই তেওঁৰ সৈন্যবাহিনীৰ ব্যয়ৰ বহুলাংশে বহন কৰা হৈছিল।
▶ ৰচনাধর্মী প্রশ্নোত্তৰঃ
১। মোগলসম্রাট বাহাদুৰ শ্বাহ জাফৰৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ ১৭০৭ খ্ৰীষ্টাব্দত ঔৰংগজেৱৰ মৃত্যুৰ পাছত তেওঁৰ
জ্যেষ্ঠপুত্র মোৱাজ্জমে বাকী দুজন ভাতৃ (আজম আৰু কামবক্স)ক হত্যা কৰি বাহাদুৰ
ছাহনাম লৈ দিল্লীৰ সিংহাসনত বহিছিল। সিংহাসনত আৰোহণ কৰিবৰ সময়ত মোৱাজ্জমৰ বয়স
হৈছিল ৬৩ বছৰ। বাহাদুৰ ছাহৰ আন এটা নাম আছিল প্রথম ছাহ আলম।
বাহাদূৰছাহ আছিল এজন গুণী-জ্ঞানী আৰু উদাৰ সম্রাট। মাৰাঠা যুৱৰাজ চাহুক মুক্তি
দি তেওঁ মহাৰাষ্ট্ৰলৈ যাবলৈ অনুমতি দিছিল। মেৱাৰ, মাৰোৱাৰ আৰু অম্বৰৰ ৰাজপুত
সকলৰ লগত সন্ধি কৰে বাহাদুৰ ছাহে তেওঁলোকক নিজ নিজ ৰাজ্যত স্বাধীন ভাৱে ৰাজত্ব
কৰিব দিছিল। কিন্তু শিখ সকলৰ সৈতে তেওঁ যুদ্ধত লিপ্ত হ'বলগীয়া হৈছিল। শিখ গুৰু
গোবিন্দৰ সৈতে বাহাদূৰ ছাহৰ সম্ভাৱ আছিল। সিংহাসন লাভৰ কাৰণে তেওঁৰ ভাতৃসকলৰ সৈতে
হোৱা যুদ্ধত গুৰুজনাই তেওঁক সহায়ো কৰিছিল। মৃত্যুৰ আগে আগে গোবিন্দ সিঙে তেওঁৰ
বান্দা নামে শিষ্য এজনক নেতা পাতি থৈ গৈছিল। বান্দা আছিল সমৰ নিপুণ। তেওঁৰ নেতৃত্বত
পঞ্জাৱত শিখসকল নতুনকৈ বিদ্রোহী হৈ উঠে। গোবিন্দসিংহৰ পুত্ৰ দুজনক শিৰহিন্দৰ
ফৌজদাৰজনে বধ কৰা প্রতিশোধ ল'বলৈ বুলি বান্দাই শিৰহিন্দ আক্রমণ কৰে। বান্দাৰ
নেতৃত্বত গঢ় লৈ উঠা যুদ্ধই সময়ত ধর্মযুদ্ধৰ ৰূপ ধাৰণ কৰে। বহু চেষ্টাৰ মূৰত মোগলে
লোহাৰগড়ৰ যুদ্ধত বান্দাক পৰাজিত কৰে যদিও তেওঁ পলাই সাৰে। ১৭১২ খৃঃৰ ২৭ ফেব্ৰুৱাৰী
তাৰিখে বাহাদূৰ ছাহৰ মৃত্যু হয়।
বাহাদুৰ ছাহৰ শাসনকালত অভিজাতসকলৰ মাজত ৰাজনৈতিক ষড়যন্ত্র অব্যাহত আছিল আৰু
ইৰাণী গোটৰ নেতা জুলফিকাৰ খাঁই মোগল সাম্ৰাজ্যৰ সৰ্বেসর্বা হিচাপে কাৰ্যনিৰ্বাহ
কৰিছিল।
২। মোগল-শিখ সম্বন্ধৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ শিখ ধৰ্মৰ প্রবর্তক আছিল গুৰু নানক। তেওঁৰ
অনুগামী সকলে তেওঁৰ ধর্মমতসমূহক কেন্দ্ৰ কৰি এটা স্বতন্ত্র সম্প্রদায় গঢ়িছিল।
নানকৰ শিষ্য সকলক 'শিখ' বোলা হৈছিল। শিখ ধর্মত হিন্দু আৰু ইছলাম ধৰ্মৰ চিন্তাধাৰাৰ কেতবোৰ সমিলমিল
দেখা যায়। গুৰু নানকে মৃত্যুৰ আগে আগে তেওঁৰ শিষ্য লেহনাক উত্তৰাধিকাৰী হিচাবে
মনোনীত কৰি থৈ যায়। ১৫৩৯ খৃঃত লেহনাই অঙ্গদ নামে গুৰুপদত অধিস্থিত হৈছিল। গুৰু
ৰামদাসৰ দিনত শিখসকলৰ প্ৰধানকেন্দ্ৰত অমৃতসৰ তথা অমৃত সৰোবৰ খান্দি তাৰ পাৰত
বিখ্যাত অমৃতসৰৰ স্বর্ণমন্দিৰ সজা হৈছিল। মহামতি আকবৰে এই সৰোবৰৰ বাবে ভূমিদান দি
তেওঁৰ ধৰ্মনিৰপেক্ষ উদাৰ মনোভাৱৰ পৰিচয় দিছিল।
শিখ সকলৰ পঞ্চম গুৰু আছিল ৰামদাসৰ পুত্র অর্জুন। তেওঁ মোগল সম্রাট জাহাঙ্গীৰৰ
সমসাময়িক আছিল। শিখসকলৰ অৰ্থবল, শৃংখলা আৰু সংগঠনক তেওঁ উদাৰ ভাবে ল'ব পৰা নাছিল। আনহাতে
তেওঁৰ বিদ্ৰোহী পুত্র খশ্রুলৈ আশীর্বাদ তথা আর্থিক সাহার্য প্ৰেৰণ কৰাৰ অপৰাধত
সম্রাট তেওঁৰ ওপৰত অসন্তুষ্ট হয়। সম্রাটে গুৰুজনক ৰাজদৰবাৰলৈ মাতি আনি আঢ়ৈ লাখ
টকাৰ অৰ্থদণ্ড দিয়ে। কিন্তু গুৰু অর্জুনে জনায় যে তেওঁৰ জৰিমণা দিবৰ বাবে কোনো
ব্যক্তিগত অর্থ নাই, তেওঁৰ ওচৰত থকা অৰ্থসমূহ শিখপন্থী সকলৰ ৰাজহুৱা সম্পত্তি। গুৰুৰ এনে উত্তৰত
অসন্তুষ্ট হৈ জাহাঙ্গীৰে তেওঁক কাৰাৰুদ্ধ কৰে আৰু কাৰাগাৰ ৰক্ষীসকলৰ নিষ্ঠুৰ
অত্যাচাৰত গুৰুজনাই মৃত্যুবৰণ কৰিব লগা হৈছিল। মহছিন-ই-ফাণি নামৰ এজন লেখকৰ দ্বাৰা
ৰচিত 'দাবিস্তান-ই-মুজাহিদ' নামৰ পুথিত এই বিষয়ে সবিশেষ উল্লেখিত হৈছে। শিখ
ধর্মগুৰু জনাক শ্রদ্ধা দেখুৱাৰ পৰিবৰ্তে নির্যাতন কৰি শিখ সম্প্রদায়ৰ লগত মোগলৰ
বিৰোধৰ বীজ জাহাঙ্গীৰে ৰোপন কৰে। শিখসকলৰ ষষ্ঠগুৰু হৰগোবিন্দকো সম্রাটে ৰাজদৰবাৰলৈ
মাতি আনি দেউতাকৰ দিনত দিবলগীয়া জৰিমণা আদায় দিবলৈ নিৰ্দেশ দিয়াত তেরো এই ক্ষেত্ৰত
নিজৰ অসমর্থতা প্রকাশ কৰে। সম্ৰাটৰ নিৰ্দেশত হৰগোবিন্দক প্রায় ১২ বছৰ কাল
গোৱালিয়ৰৰ কাৰাগাৰত ৰখা হয়। মুক্তিলাভ কৰাৰ পিছত হৰগোবিন্দই মোগলৰ সৈতে শান্তি
ৰক্ষা কৰি চলিলেও শিখ সংগঠনটোক শক্তিশালী কৰি গঢ়ি তোলে। ইতিমধ্যে শিখসকলৰ সামৰিক সংগঠনো
হয়।
গুৰুৰ হৰগোবিন্দৰ পৰৱৰ্ত্তী গুৰু হৰৰায় দাৰাচিকোৰ প্রতি সহানুভূতিশীল হোৱা
বাবে ঔৰঙ্গজেৱৰ ৰোষত পৰিবলগীয়া হয়। শিখসকলৰ নৱম গুৰু তেগ বাহাদুৰে ঔৰঙ্গজেৱৰ
জিজিয়া কৰ আৰু তেওঁৰ ধৰ্মনীতিৰ বিৰোধিতা কৰিছিল। তেওঁৰ প্ৰতিবাদত কাশ্মীৰৰ
ব্ৰাহ্মন সকলেও সমর্থন দিছিল। ইয়াতে অসন্তুষ্ট হৈ ঔৰঙ্গজেৱে তেওঁক ৰাজদৰবাৰলৈ মাতি
আনি ইছলাম ধর্ম গ্রহণ কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু তেগ বাহাদুৰে ধৰ্ম ত্যাগ
কৰাতকৈ মৃত্যুকেই শ্রেষ্ঠ বুলি বিবেচনা কৰাত সম্ৰাটৰ নিৰ্দেশত তেওঁৰ শিৰচ্ছেদ কৰা
হৈছিল (১৬৭৫ চন।) তেগ বাহাদুৰৰ নিৰ্মম হত্যাকাণ্ডই শিখ জাতিৰ মনত দেশপ্ৰেম আৰু
স্বাধীনতাৰ এটা নতুন চেতনা জগাই তোলে। শিখ সকলৰ মনত মোগল সম্ৰাটৰ বিৰুদ্ধে
প্রতিশোধ স্পৃহাও জাগি উঠে। দশম শিখ গুৰু গোবিন্দ সিংহ ভাৰত বুৰঞ্জীৰ এগৰাকী
উল্লেখনীয়া ব্যক্তি। তেওঁ শিখসকলৰ আত্মৰক্ষাৰ বাবে অতি শৃংখলাবদ্ধ খাল্লা বাহিনী
গঢ়ি তুলিছিল। গোবিন্দ সিংহৰ দিনত শিখসকল পৰাক্ৰমী হৈ উঠাত লাহোৰৰ মোগল শাসনকর্তা
সকলৰ সৈতে সংঘৰ্ষ আৰম্ভ হয়। ঔৰঙ্গজেৱে শিখসকলক কঠোৰভাবে দমন কৰিবলৈ নির্দেশ দিয়ে।
মোগল আক্রমনত গোবিন্দসিংহ তিষ্ঠি থাকিব নোৱাৰি কিছুদনি অমৃতসৰ এৰি যাবলগীয়া হৈছিল
যদিও পঞ্জাৱত মোগলে প্রাধান্য লাভ কৰিব পৰা নাছিল। ঔৰঙ্গজেৱে শিখসকলক দমন কৰিব পৰা
নাছিল। গুৰু গোবিন্দ সিংহৰ সৈতে পৰৱৰ্তী সম্রাট বাহাদূৰছাহৰ ভাল সম্বন্ধ আছিল।
কিন্তু দাক্ষিণাত্যৰ চুবেদাৰ উজীৰখাঁই সুযোগ বুজি গুৰুগোবিন্দক হত্যা কৰাইছিল
(১৭০৮ খৃঃত)। গুৰুগোবিন্দ আছিল শিখ সকলৰ শেষ গুৰু। ইয়াৰ পৰৱৰ্তী কালত শিখ নেতা
বান্দাৰ আহ্বানত পঞ্জাৱত বিদ্রোহ আৰম্ভ হৈছিল। গুৰুগোবিন্দ সিংহৰ হত্যাৰ প্ৰতিশোধ
লোৱাটো আছিল ইয়াৰ প্ৰধান কাৰণ। আনহাতে গোবিন্দ সিংহৰ পুত্ৰদুজনক চিৰহিন্দৰ ফৌজদাৰে
হত্যা কৰাৰ অপৰাধত বান্দাই ফৌজদাৰজনক বধ কৰি হত্যাৰ প্ৰতিশোধ ল'ব বিচাৰিছিল। কিন্তু
মোগলে লোহগড়ৰ যুদ্ধত বান্দাক পৰাজিত কৰে। বান্দাৰ মৃত্যুৰ পিছতো মোগল-শিখ বিবাদ
চলি থাকে। ১৭৩৯ খৃঃৰ নাদিৰ ছাহৰ ভাৰত আক্ৰমনৰ সময়ত খাচা সকলে তেওঁক যথেষ্ট আহুকাল
দিছিল বুলি জনা যায়। আন এজন ভাৰত আক্রমণকাৰী আহমদছাহ আবদালীয়েও শিখ সকলক দমন কৰিব
পৰা নাছিল। শেষলৈ আবদালীয়ে শিখ সকলৰ স্বাধীনতাক স্বীকৃতি দিছিল। কিন্তু ইয়াৰ
পূৰ্বেই পঞ্জাৱত মোগল শাসনৰ যৱনিকা পৰিছিল।
৩। শিৱাজীৰ প্রশাসন ব্যৱস্থাৰ পৰ্যালোচনা কৰা।
উত্তৰঃ শিবাজী আছিল মাৰাঠা জাতিৰ নায়ক। সামান্য এজন
জায়গীদাৰৰ অৱহেলিত পুত্ৰ হৈ তেওঁ নিজৰ শ্ৰম, অধ্যাৱসায় আৰু বুদ্ধিৰ বলত
মাৰাঠাসকলক একত্ৰিত কৰি এটা শক্তিশালী জাতিত পৰিণত কৰিছিল আৰু তেওঁলোকৰ কাৰণে এখন
স্বাধীন সুকীয়া ৰাজ্য প্ৰতিষ্ঠা কৰিছে। দাক্ষিণাত্যৰ ৰাজ্যবিলাকৰ শাসন পদ্ধতিৰ অনুকৰণত শিৱাজীয়ে তেওঁৰ শাসন ব্যৱস্থা
গঢ়ি তুলিছিল। তেওঁক শাসনকার্যত সহায় কৰিবলৈ 'অষ্ট প্রধান' বোলা আঠজন মন্ত্রী
আছিল। মুখ্যমন্ত্রীজনক পেছোৱা বোলা হৈছিল। বাকী সাতজন 'আমত্যৰ' ৰাজহ 'মন্ত্রী' বা 'বাকেণৰিচে' স্বৰাষ্ট্ৰ,
'সামন্ত' বা দূবীৰে পৰৰাষ্ট্ৰ,
'সচিবে' চৰকাৰী নথিপত্র,
'পণ্ডিত ৰাওৱে'
ধর্ম, ন্যায়ধীশে বিচাৰ আৰু
'সেনাপতিয়ে' সামৰিক বিভাগৰ বিষয়বোৰ তদাৰক কৰিছিল। ইয়াৰ বাহিৰেও আন কেইবাজনো মন্ত্রী আছিল।
শিৱাজীৰ শাসন ব্যৱস্থাৰ আটাইতকৈ উল্লেখযোগ্য বিভাগ আছিল সামৰিক আৰু ৰাজহ এই
দুয়োটা বিষয়তে শিৱাজীয়ে তেওঁৰ প্ৰশাসনিক ক্ষমতা প্ৰদৰ্শন কৰিছিল। তেওঁৰ
সৈন্যবাহিনী অশ্বাৰোহী, পদাটিক আৰু গোলন্দাজ এই তিনিশ্রেণীত বিভক্ত আছিল। অশ্বাৰোহী সৈন্যৰ দুটা ভাগ
আছিল বর্গী আৰু চিলাদাৰ। বৰ্গবিলাকে চৰকাৰৰ পৰাই অস্ত্র-শস্ত্ৰ আৰু পোছাক-পৰিচ্ছদ
পাইছিল, চিলাদাৰবিলাকে কিন্তু নিজৰ বস্তু নিজে সংগ্ৰহ কৰিব লাগিছিল। সৈন্যবিলাকক বেতন
দিয়া হৈছিল। কোনো কোনো চদাৰে অৱশ্যে জায়গীৰো পাইছিল। পঁচিশজনীয়া গোটৰ ভিত্তিত
অশ্বাৰোহীবাহিনীটো সংগঠিত কাৰ হৈছিল। একেবাৰে ওপৰত আছিল 'সনৌব্য' বা সেনাপতি আৰু
একেবাৰে তলত আছিল হাবিলদাৰ। সৈন্যবিলাকে কঠোৰ শাসন মানি চলিবলগীয়া হৈছিল। লুণ্ঠিত
দ্রব্য সৈন্যবিলাকে কেতিয়াও আত্মসাৎ কৰিব নেৱাৰিছিল। শিৱাজীৰ সৈন্যবাহিনীত ৩০/৪০
হাজাৰ অশ্বাৰোহী আৰু দহ হাজাৰ পদাতিক আছিল। তেওঁৰ এটা নৌবাহিনী গঠন কৰিছিল। তেওঁ
সামাজিক শক্তিৰ প্ৰধান কেন্দ্ৰ আছিল দুর্গসমূহ।
ৰাজহ সংগ্ৰহৰ সুবিধাৰ অৰ্থে শিৱাজীয়ে তেওঁৰ ৰাজ্যখন কেবাটাও 'প্রান্ত' বা প্রদেশত ভাগ
কৰিছিল। 'প্রান্ত' বিলাক আকৌ 'পৰগণা'ত বা 'তৰফত' বিভক্ত আছিল। উৎপন্ন বস্তুৰ পাঁচ ভাগৰ এক অংশ ৰাজহ হিচাপে লোৱা হৈছিল। শস্য বা
নগদ ধনেৰে ৰাজহ দিব পৰা হৈছিল। কৃষকসকলৰ ওপৰত যাতে অত্যাচাৰ কৰা নহয় তাৰ প্ৰতি
শিৱাজীয়ে চোকা দৃষ্টি ৰাখিছিল। শিৱাজীয়ে প্রতিবেশী ৰাজ্যবিলাকৰ পৰা ৰাজহৰ এক
চতুর্থাংশ তেওঁ বৰঙণি হিচাপে আদায় কৰিছিল। এই বৰঙণিকে 'চৌথাই' বা চৌথ বোলা হৈছিল।
এই কৰৰ বাহিৰেও 'সৰদেশমুখী' হিচাপেই তেওঁ এই কৰ দাবী কৰিছিল। উৎপন্ন বস্তুৰ এক দশমাংশ 'সবদেশমুখী' কৰ হিচাপে ধাৰ্য্য
কৰিছিল এই চৌথ আৰু সৰদেশমুখী কৰ দিয়া ৰাজ্য বিলাকে মাৰাঠা লুণ্ঠনৰ পৰা নিস্কৃতি
পাইছিল। এই লুণ্ঠিত ধনৰ পৰাই তেওঁৰ সৈন্যবাহিনীৰ ব্যয়ৰ বহুলাংশ বহন কৰা হৈছিল।
Important Question Answer
(For Paid User)
Join our membership Plan
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)