GU BA 2nd Sem

Philosophy

Chapter 1 Question Answer

প্ৰাক্ ছক্ৰেটিচ 

অতি চমু প্রশ্নোত্তৰঃ

১। গ্রীক দৰ্শনৰ উদ্ভৱ প্রথমে ক'ত হয়?

উত্তৰঃ গ্ৰীক দৰ্শনৰ উদ্ভৱ হয় এছিয়াৰ মাইনৰৰ পশ্চিম সীমান্তবর্তী আয়োনিয়া অঞ্চলৰ মিলেটাছ নগৰত

২। মিলেছিয়ান সম্প্রদায় কি?

উত্তৰঃ আয়োনিয়া অঞ্চলৰ মিলেটাছ নগৰত গঢ়ি উঠা দার্শনিক সম্প্রদায়ক মিলেছিয়ান সম্প্রদায় বোলা হয়

৩। থেছৰ মতে জগতৰ 'মূলসত্তা' কি?

উত্তৰঃ থেৰ মতে জগতৰ মূলসত্তা ইন্দ্ৰিয়লব্ধ জড় বস্তু, অর্থাৎ পানী

৪। এৰিষ্টটলে তেওঁৰ 'প্রথম তত্ত্ব' বা অধিবিদ্যামূলক আলোচনাত কিহৰ ব্যাখ্যা দিছে?

উত্তৰঃ এৰিষ্ট'টলে তেওঁৰ 'প্রথম তত্ত্ব' বা অধিবিদ্যামূলক আলোচনাত পৰিৱৰ্তনীয় সত্তাৰ ব্যাখ্যা দিছে

৫। এনেক্সিমেণ্ডাৰে জগতৰ মূল সত্তাক কি বুলি ভাবিছিল?

উত্তৰঃ এনেক্সিমেণ্ডাৰে জগতৰ মূল সত্তাক জড় বস্তু বুলি ভাবিছিল

৬। এনেক্সিমেণ্ডাৰৰ পাশ্চাত্য দৰ্শন সম্পৰ্কীয় প্রথম পুথিখন কি?

উত্তৰঃ 'On Nature' |

৭। থেল্ল্ আৰু এনেক্সিমেণ্ডাৰৰ মাজৰ সাদৃশ্য বা পার্থক্য কি?

উত্তৰঃ থেল্‌লূৰ দৰে এনেক্সিমেণ্ডাৰে জগতৰ মূল সত্তাক জড় বস্তু বুলি ভাবিছিল, কিন্তু ইয়াক পানী আখ্যা দিয়া নাছিল অথবা বিশেষ কোনো বস্তু অসীম আৰু গুণবিহীন পৰম সামান্য জড় অস্তিত্ব

৮। এনেক্সিমেণ্ডাৰৰ মতে বস্তুৰ প্ৰাথমিক উপাদানৰ প্ৰকৃতি কেনেকুৱা?

উত্তৰঃ এনেক্সিমেণ্ডাৰৰ মতে বস্তুৰ প্ৰাথমিক উপাদান সীমাহীন, স্বয়ম্ভু আৰু অবিনাশী, ইয়াৰ গতিও আদিহীন, অনন্ত

৯। 'Philosophy' অথবা 'love of wisdom' শব্দটো সর্বপ্রথম কোনে ব্যৱহাৰ কৰে?

উত্তৰঃ পাইথাগোৰাছ আছিল প্রথম ব্যক্তি, যিয়ে 'Philosophy' অথবা 'love of wisdom' শব্দটো সৰ্বপ্ৰথম ব্যৱহাৰ কৰে

১০। পাইথাগোৰিয়ান সম্প্ৰদায়ৰ মতে সৃষ্টিৰ মূলতত্ত্ব কি?

উত্তৰঃ পাইথাগোৰিয়ান সম্প্ৰদায়ৰ মতে, সংখ্যা জগতৰ বীজশক্তি সংখ্যাই সৃষ্টিৰ মূলতত্ত্ব

১১। হেৰাক্লিটাছ কোন?

উত্তৰঃ গ্রীক দৰ্শনৰ ইতিহাসত সবাতোকৈ দাম্ভিক, অহংকাৰী, ৰহস্যবাদী; কিন্তু স্পষ্টভাষী তথা বিপ্লবী দার্শনিক হ'ল হেৰাক্লিটাছ। হেৰাক্লিটাছ আছিল এজন ৰাজনীতিবিদ, ধার্মিক আৰু নীতিবিদ

১২। হেৰাক্লিটাছৰ দৰ্শনৰ চূড়ান্ত বস্তুবিধ কি?

উত্তৰঃ তেওঁৰ দৰ্শনৰ চূড়ান্ত বস্তু হ'ল জুই। এই জুয়ে জীৱ-জন্তুৰ শৰীৰত আত্মাৰ ৰূপ লয়

১৩|  'A Reply to the Philosophers' নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল

উত্তৰঃ জেনোৱে ৰচনা কৰিছিল

১৪। জেনো কোন?

উত্তৰ: জেনো পাৰমেনিডিচৰ এজন অতি প্রিয় শিষ্য। তেওঁ পাৰমেনিডিচৰ এজন একনিষ্ঠ সমর্থক

১৫। জেনোৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল?

উত্তৰঃ জেনোৰ জন্ম হৈছিল খ্রীষ্টপূর্ব ৪৮৯ চনত এলিয়াত

▶▶ চমু প্রশ্নোত্তৰঃ

১। গ্রীক দৰ্শনৰ ক্ৰমবিকাশ সম্পর্কে লিখা

উত্তৰঃ গ্রীক দৰ্শনৰ আৰম্ভণি হৈছিল খ্রীঃপুঃ ষষ্ঠ শতিকাৰ প্ৰথমছোৱাত। সেই সময়ত গ্রীচৰ ধৰ্ম, সাহিত্য, বিজ্ঞান আৰু ৰাজনৈতিক জগতত দেখা দিয়া মতানৈক্যই দার্শনিক চিন্তাধাৰাক জগাই তুলিছিল। জগত সম্পর্কে ৰহস্যবাদী চিন্তাযুক্ত কৰি জগত সম্পর্কে ব্যাখ্যা দিছিল। এনেবোৰ মতানৈক্যৰ পৰিণতি স্বৰূপে গ্রীক দর্শনে বিকাশ লাভ কৰিলে। সেই সময়ত গ্রীক দার্শনিকৰ ওচৰত মূল দার্শনিকৰ প্রশ্ন আছিল জগতৰ চৰম সত্য কি? জগতৰ আবিৰ্ভাৱৰ মূলতে কি সত্তা আছিল? ইত্যাদি। এই শতিকাৰ আগতে গ্রীকসকলে দেৱ-দেৱীৰ পৌৰাণিক সাধু কথা আৰু ধর্মীয় বাক্য আদি ৰচনা কৰিছিল যদিও সেইবোৰত দার্শনিক চিন্তাৰ অভাৱ আছিল। ইয়াৰ পৰিণতি ঘটে পিছৰ শতিকাৰ চিন্তাধাৰাত আৰু জগত সম্বন্ধে কাল্পনিক কাহিনীৰ পৰা মুক্ত কৰি যুক্তিমূলক বৈজ্ঞানিক দার্শনিক চিন্তাধাৰাৰে সৈতে গ্রীক দর্শনে বিকাশ লাভ কৰে

    তেওঁলোকৰ জগতৰ ব্যাখ্যা দিয়াত গ্রীক দৰ্শনৰ উচ্চমানৰ চিন্তাধাৰা প্ৰকাশ ঘটিছিল। প্রাচ্যত প্রাচীন ভাৰতীয় দার্শনিকে সমগ্ৰ বিশ্বৰ লগতে মানৱৰ স্বৰূপ ব্যাখ্যা দিয়াৰ দৰে গ্রীক দার্শনিকেও জগতৰ সাৰসত্তাৰ বিচাৰ কৰিছিল। ভাৰতীয় আৰু গ্ৰীচৰ দার্শনিকে সত্তা বা 'Being' ক জানিবলৈ আগ্রহান্বিত আছিল। গ্রীক দার্শনিকে প্রথমে প্রকৃতি জগতক ব্যাখ্যা কৰাৰ উদ্দেশ্যে ব্ৰতী হৈ ক্রমে তেওঁলোকৰ চিন্তা ধাৰাৰ মানৱকেন্দ্ৰিক কৰি তুলিছিল। এনে বীজাকাৰ চিন্তাৰ পৰাই যুক্তি শাস্ত্র (Logic), নৈতিক শাস্ত্র (Ethics), মনোবিদ্যা (Psychology), ৰাজনীতি বিজ্ঞান, সাহিত্য আদিৰ বিকাশ আৰম্ভ হয়। এইবোৰৰ ভিতৰত নীতি শাস্ত্ৰ আৰু যুক্তি শাস্ত্র আছিল দর্শন চিন্তা বিকাশৰ আধাৰ স্বৰূপ। নীতিশাস্ত্র আলোচনা ধৰ্মমতৰ ব্যাখ্যাৰ পৰা ক্ৰমে অধিবিদ্যামূলক আলোচনালৈ অগ্ৰসৰ হয়

২। গ্রীক দর্শনক মূলতঃ কি কি স্তৰত ভাগ কৰা হৈছে?

উত্তৰঃ গ্ৰীক দৰ্শনক মূলত তিনিটা স্তৰ বা যুগত বিভক্ত কৰা হৈছে। প্ৰথমটো প্রায় ৫৮৫ খ্ৰীষ্ট পূৰ্বৰ পৰা প্ৰাক্‌ছক্রেটিছ যুগ, দ্বিতীয়টো ৫০০ খ্ৰীষ্ট পূৰ্বৰ পৰা ৩২২ খ্ৰীষ্টপূৰ্বৰ ছক্রেটিছ যুগ আৰু প্রায় ৩২০ খ্ৰীষ্ট পূৰ্বৰ পৰা ৯ শতিকালৈ এৰিষ্ট 'টলৰ পৰৱৰ্তী যুগ

৩। থেক কিয় পাশ্চাত্য দৰ্শনৰ জনক বুলি কোৱা হয়?

উত্তৰঃ গ্রীক তথা সমগ্র পাশ্চাত্য দর্শন যি মূল প্রশ্নটোক কেন্দ্ৰ কৰি গঢ়ি উঠিছিল সেই প্রশ্নটোৰ সৰ্বপ্ৰথম উত্তৰ দিছে থেছে আৰু সেইবাবে তেওঁক গ্রীক তথা সমগ্র পাশ্চাত্য দৰ্শনৰ জনক বুলি কোৱা হয়। ৰাছেলৰ মতে, থেছৰপৰাই দৰ্শনৰ জয়যাত্ৰাৰ আৰম্ভণি

দৰ্শন আৰম্ভণিৰ সেই বহুমূলীয়া প্রশ্নটো হ'ল- জগত সৃষ্টিৰ আদিমূল সত্তাটো কি? ইয়াৰ উত্তৰ থেছে জড় পদাৰ্থৰ আলমত দি কৈছে যে পানীয়ে আদিমূল সত্তা (water is the primary stu f), যাৰপৰা সমগ্র জগতৰ সৃষ্টি হৈছে। পানীৰপৰা যাৱতীয় পদাৰ্থৰ উৎপত্তি আৰু পানীতেই সকলো বস্তুৰে পৰিণতি ঘটে। পানী সকলো বস্তুবেই উপাদানব কাৰণ (material cause)অর্থাৎ আমি দেখা চন্দ্র-সূর্য, গ্রহ-নক্ষত্র, গছ-গছনি, জীৱ- জন্তু, পশু-পক্ষী, পাহাব-পর্বত ইত্যাদি সমগ্র বিশ্বব্রহ্মাণ্ড পানীৰপৰাই উৎপত্তি আৰু পানীতেই এইবোৰ বিলীন হৈ যায়

৪। থেছে কিহক জগতৰ আদিমূল বুলি ভাবিছিল আৰু কিয় ভাবিছিল?

উত্তৰঃ থেছে পানীক জগতৰ আদি মূল বুলি ভাৱিছিল। তেনেদৰে ভবাৰ প্রধান কাৰণটো হ'ল পানীয়ে বিভিন্ন ৰূপ ল'ব পাৰে। যেনে- জুলীয়া, বাষ্পীয় আৰু গোটা। এই ধাৰণাৰ জৰিয়তে থেল্‌ল্ছৰ দার্শনিক চিন্তাক প্রধানতঃ দুই প্ৰকাৰে প্ৰকাশ কৰিব পাৰি। প্রথমে, সকলো বস্তুৰে মূল হ'ল পানী, কিয়নো সকলোবোৰ পানীৰপৰাই উৎপন্ন আৰু সকলোবোৰেই পুনৰ পানীৰ ৰূপলৈ গতি কৰে। দ্বিতীয়তে, পৃথিৱীখন এখন থালৰ দৰে, যি পানীৰ ওপৰত ভাঁহি আছে। প্রথমটো বাক্য ব্যাখ্যাৰপৰা জানিব পাৰি যে পানীয়েই জগতৰ মূল, প্রধান অস্তিত্ব। জগতৰ সকলো বস্তু, যেনে- পৰ্বত-পাহাৰ ইত্যাদি কেৱল পানীৰ একোটা বিশিষ্ট ৰূপ

৫। থেছৰ জগতৰ 'মূল সত্তাৰ ধাৰণাৰ সপক্ষে এৰিষ্টটলে কি যুক্তি প্রকাশ কৰিছে?

উত্তৰঃ থেৰ মূল সত্তাৰ ধাৰণাৰ সপক্ষে এৰিষ্টটলে কেইটামান যুক্তি প্রকাশ কৰিছে, যেনে  —

(ক) জগতৰ প্ৰতিটো বস্তুতে কম-বেছি পৰিমাণে পানীৰ অস্তিত্ব থাকে

(খ) পানীৰ অবস্থিতি গোটা, জুলীয়া আৰু বাষ্প- নামৰ তিনিটা অৱস্থাত পোৱা যায়

(গ) বাষ্পীভূত হৈ সাগৰৰপৰা আকাশলৈ পানীয়ে গতি কৰে। থেছৰ মতে গ্রহ-নক্ষত্ৰ সকলোবোৰ পানীৰ একোটা আকাৰ। পানীয়েই প্ৰাণীৰ প্ৰাণ

(ঘ) আকাশত মেঘৰ আকাৰ লোৱা বাষ্পীভূত পানী বৰষুণ ৰূপত পৃথিৱীলৈ নামি আহে আৰু পানীৰ আকাৰ লয়

৬। এনেক্সিমেন্‌ছৰ পৃথিবী সৃষ্টি সম্পর্কে ধাৰণা কি আছিল?

উত্তৰঃ এনেজিমের মতে, সৃষ্টি প্রক্রিয়াৰ আবস্তুণিতেই পৃথিবীৰ আবির্ভাব ঘটিছিল আৰু ইয়াৰ আকাৰ আছিল এখন সমতল গোলাকাব থালৰ দৰে, বতাহৰ ওপৰত ই ভাঁহি থাকে। গ্রহ-নক্ষত্রসমূহ বতাহৰ ওপৰত ভাসমান। তেওঁ পৃথিবীক গোলাকাৰ বুলি ভবা নাছিল। থালৰ দৰে চেপেটা পৃথিৱীখনক আকাশখনে এটা টুপীৰ আকাৰে ঢাকি থকা বুলিহে তেওঁ ধাৰণা কৰিছিল

৭। বিপৰীত আৰু বিৰোধী যোৰ বুলিলে কি বুজা?

উত্তৰঃ পাইথাগোবিয়ানসকলৰ মতে, জগতখন কিছুমান বিপৰীত আৰু বিৰোধী যোৰৰদ্বাৰা গঠিত হৈছে। পাইথাগোবিয়ানসকলে এইক্ষেত্ৰত দহটা পৰস্পৰ বিপৰীত আৰু বিৰোধী যোৰৰ তালিকা প্রস্তুত কৰিছে, যাৰদ্বাৰা জগতখন গঠিত হৈছে। এই বিপৰীত আৰু বিৰোধী যোৰবোৰ হ'  —

(ক) সসীম আৰু অসীম (Limited and unlimited)

(খ) অযুগ্ম আৰু যুগ্ম (odd and even)

(গ) এক আৰু বহু (one and many)

(ঘ) সোঁ আৰু বাঁও (right and left)

(ঙ) মতা আৰু মাইকী (masculine and feminine)

(চ) স্থিতি আৰু গতি (rest and motion)

(ছ) পোন আৰু বেঁকা (straight and crooked)

(জ) পোহৰ আৰু আন্ধাৰ (light and dark)

(ঝ) মংগল আৰু অমংগল (good and evil) আৰু

(ঞ) বর্গক্ষেত্ৰ আৰু আয়তক্ষেত্র (square and oblong)

৮। হেৰাক্লিটাছক কিয় 'অস্পষ্ট দার্শনিক' (Obscured Philosopher) বুলি কোৱা হয়?

উত্তৰঃ হেৰাক্লিটাছৰ লিখনিসমূহ অতিকৈ দুর্বোধ্য আৰু অস্পষ্ট, যিবোৰ সাধাৰণ মানুহৰ পক্ষে বুজি পোৱা খুবেই কঠিন। সেইবাবে হেৰাক্লিটাছে সেই যুগৰ 'অস্পষ্ট দার্শনিক' (Obscured Philosopher) বুলি পৰিচিতি লাভ কৰিছিল। আনকি কোনো - কোনোৱে তেওঁক 'the dark' বুলিও মাতিছিল। ছক্ৰেটিছৰ মতে, হেৰাক্লিটাছৰ লিখনিসমূহ বুজিবৰ বাবে তীক্ষ্ণবুদ্ধিসম্পন্ন ব্যক্তিৰ প্ৰয়োজন আছে। জীৱন সম্বন্ধে বৌদ্ধ দার্শনিকৰ দৰে এক দুখময় পৰিস্থিতিৰ বৰ্ণনা কৰাৰ বাবে তেওঁক 'ৰোদনশীল দার্শনিক' (Weeping philosopher) বুলিও অভিহিত কৰা হয়। হেৰাক্লিটাছৰ লিখনিসমূহৰ খণ্ডিত কিছুমান টুকুৰাহে আমাৰ হাতত আহি পৰিছে আৰু এইবোৰ ৰাছেলৰ লিখনিত বেছিকৈ পোৱা যায়। তেওঁ তেওঁৰ দাৰ্শনিক চিন্তা গদ্যৰ আকাৰত প্ৰকাশ কৰিছে, যিবোৰ অতি দুর্বোধ্য আৰু অস্পষ্ট

৯। নীতিবিদ্যা সন্দর্ভত হেৰাক্লিটাছৰ ধাৰণা কি?

উত্তৰঃ নীতিবিদ্যা সন্দৰ্ভত হেৰাক্লিটাছৰ ধাৰণা হ'ল যে বিশ্বৰ ঐশ্বৰিক শৃংখলা বিশ্বাসৰপৰা উদ্ভৱ হয় সন্তুষ্টি আৰু এই সন্তুষ্টিকেই হেৰাক্লিটাছে জীৱনৰ পৰম কল্যাণ বুলি কৈছে। তেওঁৰ মতে, নৈতিকতাৰ অৰ্থ হ'ল নিয়ম-শৃংখলাৰ প্রতি শ্রদ্ধা, আত্মনিয়ন্ত্রণ, আৱেগ আদিৰ নিয়ন্ত্রণ। বৌদ্ধিক নীতি অনুসৰণ কৰিলে নৈতিকতা বর্তি থাকে। তেওঁৰ মতে, মানুহে এখন বেৰা অতিক্ৰম কৰিবলৈ চেষ্টা কৰাৰ দৰে নৈতিকতাৰ বাবে যুদ্ধ কৰা উচিত। মানুহৰ চৰিত্ৰ নৈতিকতাৰ বাবে স্বর্গীয় অভিভাৱকৰ দৰে

১০। ডেমোক্রিটাছ কোন আছিল?

উত্তৰঃ পৰমাণুবাদী দর্শন সম্প্ৰদায়ৰ আটাইতকৈ বিখ্যাত পৰমাণুবাদী দার্শনিক আছিল ডেমোক্রিটাছ, যিয়ে ৪২০ খ্রীঃত থেছ প্রদেশত জন্মগ্রহণ কৰিছিল। গ্রীক দৰ্শনৰ ইতিহাস ৰচয়িতা জেলাৰৰ মতে, 'পাণ্ডিত্যৰ ফালৰপৰা ডেমোক্রিটাছ তেওঁৰ পূৰ্ববর্তী আৰু সমসময়িক দার্শনিকসকলতকৈ শ্রেষ্ঠ আছিল আৰু সুক্ষ্ম বিচাৰশক্তি আৰু চিন্তাৰ যৌক্তিক শুদ্ধতাৰ দিশৰপৰাও অধিকাংশতকৈ শ্রেষ্ঠ আছিল।' ডেমোক্রিটাছ আছিল অতিশয় বাকপটু স্বভাৱৰ। জ্ঞানপিপাসু এই পণ্ডিতজনে পদার্থবিদ্যা, অধিবিদ্যা, নীতিশাস্ত্র আৰু ইতিহাস মূলক ধাৰণাৰ ওপৰত বহুতো পুথি ৰচনা কৰি গৈছিল। ডেমোক্রিটাছ জ্ঞান অন্বেষণৰ তাড়নাত দক্ষিণ আৰু পূর্বাঞ্চল দেশসমূহত ব্যাপকভাৱে ভ্রমণ কৰে। তেওঁ বেছিকৈ ইজিপ্ত ভ্রমণ কৰিছিল আৰু সম্ভবতঃ তেওঁ বেবিলনিয়াও (Babylonia) ভ্রমণ কৰিছিল। তাৰ পিছত তেওঁ এবডেৰালৈ উভতি আহি স্থায়ীভবে থাকিবলৈ লয়

১১। পাৰমেনিডিছৰ সত্তা সম্পৰ্কীয় মতবাদৰ গুৰুত্ব সম্পর্কে চমুকৈ লিখা

উত্তৰঃ পাৰমেনিডিছৰ সত্তা সম্পৰ্কীয় মতবাদৰ বিৰুদ্ধে কিছুমান আপত্তি থাকিলেও এই দৰ্শনৰ মূল্য নথকা নহয়। দৰ্শনৰ ইতিহাসত পাৰমেনিডিছৰ গুৰুত্ব অপৰিসীম। ষ্টেচৰ মতে, এলিয়াটিকসকলেই প্রথম দৰ্শনৰ ইতিহাসত অদ্বৈতবাদ প্রতিষ্ঠা কৰিছে। এই স্বীকৃতি পাৰমেনিডিছৰ দৰ্শনক কম প্রশংসা কৰা নুবুজায়। গ্রীক দৰ্শনৰ ইতিহাসত পাৰমেনিডিছ হ'ল প্রথম ব্যক্তি, যি চিৰস্থায়ী একক সত্তাৰ ধাৰণাক প্রতিষ্ঠিত কৰিছে। তেওঁ হ'ল প্রথম ব্যক্তি, যি আয়োনিক দার্শনকিসকলৰ প্ৰাকৃতিক জড় পদাৰ্থক জগতৰ উৎপত্তিৰ আদি কাৰণ হিচাপে স্বীকাৰ নকৰি এক স্থায়ী অমূর্ত সত্তাৰ মাধ্যমত জগতক ব্যাখ্যা কৰিছে। তেৱেঁই প্রথম, যিয়ে সত্তা আৰু অসত্তাৰ মাজত পাৰ্থক্য কৰি, বুদ্ধি আৰু ইন্দ্ৰিয়-অভিজ্ঞতাৰ মাজত পাৰ্থক্য কৰি বুদ্ধিকে সত্তাৰ জ্ঞান লাভৰ একমাত্র উপায় হিচাপে স্বীকৃতি দিছে। পাৰমেনিডিছেই প্রথম, যিয়ে সত্তা (Reality) আৰু অৱভাসৰ (appearance) মাজত পাৰ্থক্য কৰিছে, যিটো পৰৱৰ্তী কালত প্লেটো, ব্ৰেডলিৰ (H. Bradley) দর্শনত আৰু বিভিন্ন ভাববাদী মতবাদত পোৱা যায়। পাৰমেনিডিছৰ অবিনাশী নিত্য সত্তাৰ ধাৰণাৰদ্বাৰা প্ৰভাৱিত হৈ পৰৱৰ্তী সময়ত লিউকিপাছ (Leukippus) আৰু ডেমোক্রিটাছে (Democritus) অবিনাশী নিত্য পৰমাণুতত্ত্ব প্রতিষ্ঠিত কৰিছে। ষ্টেচৰ মতে, পাৰমেনিডিছৰ দৰ্শনতেই প্রথম ভাববাদৰ বীজ লক্ষ্য কৰা যায় আৰু পৰৱৰ্তী কালত ই প্লেটোৰ দৰ্শনত চূড়ান্ত ৰূপ লাভ কৰে। গতিকে পাৰমেনিডিছৰ দৰ্শনৰ গুৰুত্ব সর্বাধিক

১২। জেনোৱে 'A Reply to the Philosophers' গ্রন্থখন ৰচনাৰ উদ্দেশ্য কি?

উত্তৰঃ জেনো 'A Reply to the Philosophers' নামৰ এখন গ্রন্থ ৰচনা কৰিছিল যাৰ উদ্দেশ্য আছিল পাইথাগোৰাচৰ বহুত্ববাদক খণ্ডন কৰা। কাৰণ বহুত্ববাদক মানি ল'লে এনে সমস্যাৰ সৃষ্টি হয় যিটো সমাধান কৰাটো অসম্ভৱ হৈ পৰে

ৰচনাধর্মী প্রশ্নোত্তৰঃ

১। গ্রীক দর্শনৰ আলোচ্য বিষয়সমূহৰ বিষয়ে আলোচনা কৰা

উত্তৰঃ বর্তমানৰ প্রণালীবদ্ধ দার্শনিক চিন্তা আৰু বিষয়বস্তু আলোচনাৰ দৰে প্রাচীন গ্রীচৰ দৰ্শনৰ বুৰঞ্জীত পোৱা নগ লৈও গ্রীক দর্শন অতি চহকী। গ্রীক দর্শনৰ আলোচ্য বিষয়সমূহ তলত দিয়াৰ দৰে উল্লেখ কৰিব পাৰি। যেনে  —

(১) গ্রীক দর্শনত বিজ্ঞান আৰু দৰ্শনৰ উভয়ৰে সমাহাৰ ঘটিছে। সেইকালত দর্শনক বিজ্ঞানৰ পৰা পৃথক বুলি ব্যাখ্যা দিয়া হোৱা নাছিল। দর্শনে জ্যোতির্বিজ্ঞান দার্শনিকর। গণিতশাস্ত্র, চিকিৎসা শাস্ত্র, উদ্ভিদবিদ্যা, পদার্থ বিদ্যা আদি সকলোবোৰ প্রাকৃতিক বিজ্ঞানকো সাঙুৰি লৈছিল। কেবল ইতিহাস আৰু ভূগোল বিজ্ঞান বিষয়ক আলোচনাহে হোৱা নাছিল

(২) গ্রীক দৰ্শনৰ ইতিহাসৰ পৰা ইয়াৰ ক্ৰমবিকাশ বিচাৰ কৰিলে দেখা যায় যে তেওঁলোকে ইন্দ্রিয় অভিজ্ঞতা আৰু যুক্তি বা বুদ্ধিজ্ঞানৰ পাৰ্থক্য আলোচনা কৰিছে। যদিও আৰম্ভণি কালত আয়নিক আৰু এলিয়াটিক দার্শনিকে জ্ঞান উৎপত্তি সম্পর্কে আলোচনা কৰা নাছিল। ছ'ফিষ্ট (Sophist) দার্শনিক পৰা পিছৰ ছক্ৰেটিছ, প্লেটো, এৰিষ্ট টলে ইয়াৰ বিচাৰ কৰিছে। ছ'ফিষ্টসকলৰ মতে, 'মানুহে সকলো বিচাৰৰ মাপকাঠি'গতিকে তেওঁলোকৰ মতে ব্যক্তি অভিজ্ঞতাই একমাত্র সত্য। তেওঁলোকৰ জ্ঞান-মীমাংসীয় সিদ্ধান্ত সংশয়বাদী আছিল। আনহাতে পৰবৰ্তী গ্রীক দার্শনিক ছক্রেটিছ, প্লেটো, এৰিষ্ট'টল আদিয়ে যুক্তি বা বুদ্ধিক ইন্দ্রিয় অভিজ্ঞতাতকৈ শ্রেষ্ঠত্বৰ বুলি বিবেচনা কৰে। তেওঁলোকৰ মতে বৌদ্ধিক জ্ঞান নিশ্চিত, অবিনশ্বৰ, সার্বিক আৰু শ্রেষ্ঠ জ্ঞান। এই সকল গ্রীক দার্শনিকে ইন্দ্রিয় অভিজ্ঞতা লব্ধ জ্ঞানৰ যথার্থতা আৰু সার্বিকতা অস্বীকাৰ নকৰে

(৩) গ্রীক দার্শনিকে দর্শ আৰু বৈজ্ঞানিক পদ্ধতিৰ পাৰ্থক্য বিচাৰ নকৰাৰ দৰে আধ্যাত্মিক আৰু জড় উপাদানৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা নাছিল। তেওঁলোকে কলি ধাৰণা কৰিছিল যে দৈৱিক আত্মা জড় বস্তুত থাকে আৰু সেইবাবে জড়বস্তুবোৰ চৈতন্য ধর্মী গুণ যুক্ত। গতিকে গ্রীক দার্শনিকে জড় আৰু চেতনাৰ মাজৰ বিৰোধিতা বিচাৰি পোৱা নাছিল

জগত সম্পর্কে পৰম্পৰাগত ব্যাখ্যাৰ পৰিৱৰ্তে পৰৱৰ্তী গ্রীক দার্শনিকে বৌদ্ধিক ব্যাখ্যা আগবঢ়ালে। তেওঁলোকে দেখুৱালে যে প্রকৃতি জগতক বুজিব পৰা আৰু ব্যাখ্যা কৰিব পৰাকৈ মানৱৰ বৌদ্ধিক মানসিক সামর্থ্য আছে। মানৱ জীৱন আৰু জগত সম্পর্কে দিয়া যুক্তিমূলক আৰু বৌদ্ধিক ব্যাখ্যাসমূহক বৰ্তমানৰ বিভিন্ন প্রাকৃতিক বিজ্ঞান আৰু দৰ্শনৰ শাখাসমূহে মৌলিক দর্শন চিন্তা হিচাপে বিবেচনা কৰিছে। ইয়াৰ তুলনাত ভাৰতীয় দর্শন চিন্তাৰ ঐতিহা সিক প্রমূল্য অস্বীকাৰ কৰিব নোৱাৰিলেও এইয়া আছিল ধর্মীয় প্রমূল্য নিহিত। সেইবাবে ভাৰতীয় দার্শনিক চিন্তাই সেইকালত বিকাশ লাভ কৰাত সার্থক হ'ব পৰা নাছিল। কিন্তু গ্রীচব দর্শনে সেই সকলো দিশ বিবেচনা কবি এক স্বকীয় দর্শন হিচাপে প্রতিষ্ঠিত হ'ল যাৰ বাবে সকলো কালৰ শ্রেষ্ঠ দর্শন হিচাপে জেলাৰ আদি দার্শনিকে অনেক মত পোষণ কৰিছে

২। থেছৰ দৰ্শনৰ সৈতে এনেক্সিমেণ্ডাৰৰ দৰ্শনৰ তুলনা কৰা

উত্তৰঃ থেৰ দৰ্শনৰ সৈতে বিজনি কৰিলে দেখা যায় যে থেছৰ মূল উপাদান প পানীৰ তুলনাত এনেক্সিমেণ্ডাৰৰ 'সীমাহীন জড়' বস্তুৰ চিন্তা কিছু আগবঢ়া। তেওঁ সীমাহীন 'জড়'ৰ ধাৰণাৰে অসংখ্য বস্তুৰ ব্যাখ্যা দিছে আৰু এক চিন্তা বিমূর্ত চিন্তা দর্শনত প্রকাশ ঘটাইছে। তাৰ উপৰিও কেনেকৈ আৰু ক'ৰপৰা আদিম উপাদানৰ জৰিয়তে জগতৰ উৎপত্তি আৰু বিকাশ ঘটিল তাৰ ব্যাখ্যা দিয়াৰো চেষ্টা কৰিছে। ব্ৰাম্বে (Brumbangh) এনেক্সিমেণ্ডাৰৰ দৰ্শনৰ মূল্যাংকন কৰি কৈছে যে এনেক্সিমেণ্ডাৰৰ চিন্তাত বৈজ্ঞানিক কৌতূহল, কবিসুলভ কল্পনা আৰু অন্তর্দৃষ্টি জাগৰণকাৰী প্ৰতিভাৰ সংমিশ্রণ ঘটিছে। বার্ট্রান্ড। ৰাছেলৰ মতে য'তে তেওঁ মৌলিকতা দেখা পায়, সেইটোৱেই বৈজ্ঞানিক আৰু বিচাৰ- বুদ্ধিযুক্ত (Wherever he is original, he is sceintific and rationalistic-Russell : History of Western Philosophy)তেওঁ জগতৰ ক্ৰমবিকাশৰ যোগেদি বৈজ্ঞানিক চিন্তা প্রকাশ কৰিলে, সীমাহীন জড় বস্তুৰ ধাৰণাৰ যোগে দার্শনিক চিন্তাৰ প্ৰকাশ ঘটালে আৰু এই সকলোবোৰকে বিচাৰ-বুদ্ধিযুক্ত চিন্তাৰে পৰৱৰ্তী চিন্তাবিদসকলক প্ৰেৰণা দিলে। জেল্লাৰৰ (Zeller) মতে, 'সীমাহীন জড়' বস্তু হ'ল বিধেয়হে, উদ্দেশ্য নহয়। যদিও 'সীমাহীন জড়'বোৰ বিমূর্ত নহয়, তথাপি আমি ইন্দ্ৰিয়ই প্রত্যক্ষ কৰা বিশেষ বস্তুবোৰৰপৰা এইবোৰ পৃথক

৩। হেৰাক্লিটাছৰ নৈতিকতাৰ ধাৰণাৰ বিষয়ে আলোচনা কৰা

উত্তৰঃ হেৰাক্লিটাছৰ নৈতিক ধাৰণা এক প্ৰকাৰৰ গৰ্বিত কৃচ্ছসাধনৰ নৈতিকতা। ৰাছেলৰ মতে, তেওঁৰ নৈতিক ধাৰণাৰ লগত নীছেৰ (Nietzsche) নৈতিক ধাৰণাৰ অপূর্ব সাদৃশ্য লক্ষ্য কৰা যায়। হেৰাক্লিটাছে আত্মাক জুই আৰু পানীৰ সংমিশ্ৰণ হিচাপে গণ্য কৰিছে। তেওঁৰ মতে, জুই উচ্চ শ্ৰেণীৰ আৰু পানী নিম্ন শ্ৰেণীৰ। যি আত্মাৰ মাজত অধিক পৰিমাণ জুই আছে তাক তেওঁ শুষ্ক আত্মা (driest soul) বুলি অভিহিত কৰিছে আৰু কৈছে যে 'শুষ্ক আত্মাই সবাতোকৈ জ্ঞানী আৰু সর্বোত্তম''পানীত পৰিণত হোৱাটো আত্মাৰ বাবে মৃত্যু।' 'আদ্রতাত পৰিণত হোৱা আত্মাৰ বাবে আনন্দদায়ক''এজনৰ পক্ষে আন্তৰিকভাৱে যুদ্ধ কৰা কঠিন। তেওঁ যি পাব বিচাৰে আত্মাৰ বিনিময়ত সেইটো তেওঁ পায়'কোনটো শুভ আৰু কোনটো অশুভ এই সন্দৰ্ভত হেৰাক্লিটাছৰ মন্তব্য হ', 'মানুহৰ বাবে কাংক্ষিত সকলোবোৰ পোৱাটো শুভ নহয়'বহুতে কয় যে হেৰাক্লিটাছ নীটছেৰ  দৰে শক্তিৰ মাধ্যমত প্রাপ্ত ক্ষমতাক গুৰুত্ব দিছে আৰু আবেগ-অনুভূতিৰে পৰিচালি । যি আবেগে মানুহক তাৰ প্রদান হৈছেকুলি কৰিছে। সে 'পৰিবর্তন জীৱনক নৈতিক জীবন বুলি স্বীকাৰ কৰা নাই। উচ্চকাংক্ষাৰপৰা ভিন্ন পথত লৈ যায় সেই আবেগক হেৰাক্লিটাছে ঘৃণা। কাৰণে তেওঁ কৈছে- 'মানুহৰ স্বভাবেই তেওঁৰ ভাগ্য'

হেৰাক্লিটাছৰ নৈতিক মতবাদ তেওঁৰ 'বিপৰীত সমন্বয় সংক্রান্ত মতবাদৰ' লগ ইয়াকে প্রমান ঘনিষ্ঠভাবে সংযুক্ত। নৈতিক জীবন সম্পর্কে আগবঢ়োৱা তেওঁৰ মতবাদে ছেকুতি কৰে। হেৰাক্লিটাছৰ মতে, পাতল আৰু গধুৰ, উষ্ণ আৰু শীতল, প্রাচুর্য আৰু অঙ্গ আঁকল যেনেদবে আপেক্ষিক, তেনেদৰে শুভ আৰু অশুভও আপেক্ষিক। অন্যায়ে সদায় ন্যায় অবিবা পথ দেখুৱায়। অন্যায় নাথাকিলে কোনোৱে কেতিয়াও ন্যায়ৰদ্বাৰা পৰিচালিত হ'ব নোৱালে জীবনে মানুহে যি বিচাৰে সেই সকলোবোৰকেই পোৱাটো শুভ নহয়। শুভ হ'ল প্রাপ্তি আর সেইদ অপ্রাপ্তিৰ মিলনস্থল। পাপৰপৰা যেনেদৰে পূণ্য জ্ঞান আৰু পূণ্যজ্ঞানৰপৰা পাপ জন্ম দবে হয়, তেনেদৰে অশুভ জ্ঞানৰপৰা শুভ জ্ঞান আৰু শুভ জ্ঞানৰপৰা অশুভ জ্ঞানৰ জন্ম হয় গতিল পীড়া স্বাস্থানুভূতিৰ কাৰণ, পীড়াৰ বাবেই স্বাস্থ্য ইমান সুখকৰ। ক্ষুধাৰ বাবেই মানুষে একা খাদ্যৰ সুখ অনুভৱ কৰিব পাৰে। অৱসৰৰ আনন্দ ক্লান্তিতেই, ক্লান্ত হ'লেই মানুহ পায় অৱসৰৰ সুখ। মুঠতে পাপ-পূণ্য, শুভ-অশুভ, সুখ-দুখ ইত্যাদি সকলোৱে আপেক্ষিক চৰম বিৰোধবিহীন জন্ম-মৃত্যু, সুখ-দুখ যেনেদৰে অসম্ভব, তেনেদৰে বিৰোধবিহীন নৈতিক মতে জীৱনো অচল। অন্ততঃ মানৱিক নৈতিকতাৰ ক্ষেত্ৰত এই কথা সত্য। হেৰাক্লিটাছৰ ভাষাত প্রতি 'মানুহৰ বাবে কাংক্ষিত সকলোবোৰ পোৱাটো শুভ নহয়। পীড়া স্বাস্থ্য-সুখৰ, অশুভই সা শুভৰ; ক্ষুধাই প্ৰাচুৰ্যৰ; ক্লান্তিয়ে অৱসৰৰ আনন্দ প্রদান কৰে।'

 


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)