GU BA 2nd Sem

Philosophy

Chapter 2 Question Answer

ছোফিষ্ট আৰু ছক্ৰেটিচ 

►► অতি চমু প্রশ্নোত্তৰঃ

১। 'Sophist' শব্দটোৰ আভিধানিক অর্থ কি?

উত্তৰঃ 'Sophist' শব্দটোৰ আভিধানিক অর্থ 'কুতকী'

২। ছ'ফিষ্টসকলৰ মূল বিষয়বস্তু কি?

উত্তৰঃ মানুহৰ আলোচনাই ছ'ফিষ্টসকলৰ মূল বিষয়বস্তু

৩। প্রথমজন ছ'ফিষ্ট দার্শনিক কোন?

উত্তৰঃ প্ৰথমজন ছ'ফিষ্ট দার্শনিক হ'ল প্ৰটেগৰাছ

৪। 'On the Gods' নামৰ পুথিখন কোনগৰাকী দার্শনিকৰ ৰচনা?

উত্তৰঃ প্ৰথমজন ছ'ফিষ্ট দার্শনিক প্ৰটেগোৰাছ

৫। ছক্ৰেটিছৰ দৰ্শনৰ কোন দুটা দিশ লক্ষ্য কৰা যায়?

উত্তৰঃ ছক্ৰেটিছৰ দৰ্শনৰ দুটা দিশ লক্ষ্য কৰা যায়। প্রথমতে, তেওঁৰ জ্ঞানতত্ত্ব আৰু দ্বিতীয়তে, তেওঁৰ নৈতিক শিক্ষা, অর্থাৎ সদগুণ সম্পর্কীয় মতবাদ

▶▶ চমু প্রশ্নোত্তৰঃ

১। 'Sophist' শব্দটোৰ আভিধানিক অর্থ কি?

উত্তৰঃ 'Sophist' শব্দটোৰ আভিধানিক অর্থ 'কুতকী'কিন্তু ছ'ফিষ্টসকলে নিজকে দাবী কৰিছিল 'জ্ঞানী' (wise) বুলি। এইটো বাউনা হৈ চন্দ্রলৈ হাত মেলাৰ দৰে। ছ'ফিষ্টসকলৰ এই দাবীৰ সমৰ্থন অৱশ্যে যুক্তি আছে। যুক্তিটো হ'ল- 'sophist' শব্দটো গ্রীক শব্দ 'sophia'ৰ পৰা আহিছে আৰু 'sophia'ৰ অৰ্থ হ''জ্ঞান' (wisdom)গতিকে ছ'ফিষ্টসকল জ্ঞানী। তেওঁলোকক যদি 'sophist' বুলি কোৱা যায়, তেনেহ'লে 'জ্ঞানী' বুলি কওঁতে আপত্তি ক'? আপত্তি ইয়াতে, কাৰণ তেওঁলোকে নিজকে জ্ঞানী বুলি দাবী কৰিছে। কিন্তু প্রকৃত জ্ঞানী লোক তেও, 'যিয়ে জানে যে তেওঁ একোরে 'নাজানে' (Who knows that he knows nothing)কিন্তু ছ'ফিষ্টসকল 'সকলো জানো' বুলি কয়, যিটো আচলতে সত্য নহয়। দৰাচলতে তেওঁলোকে জনাৰ ভাও ধৰে, কিন্তু একোৱে নাজানে

২। জর্জিয়াচৰ দৰ্শনত কি কি তিনিটা প্রধান বচন পোৱা যায়?

উত্তৰঃ জর্জিয়াচৰ দৰ্শনত তিনিটা প্রধান বচন পোৱা যায়। সেইকেইটা হৈছে ক্রমে-

(১) একো বস্তুৰেই অস্তিত্ব নাথাকে,

(২) যদি কোনো বস্তুৰ অস্তিত্ব থাকে বুলি স্বীকাৰ কৰাও যায়, সেই বস্তুক কিন্তু জানিব পৰা নাযায়,

(৩) কোনো বস্তুক যদি জনাও যায় তাক প্রকাশ কৰিব পৰা নাযায়

৩। ছ'ফিষ্টসকলৰ মতে জ্ঞানৰ উৎস কি?

উত্তৰঃ 'ফিষ্টসকলৰ মতে জ্ঞানৰ উৎস হ'ল ইন্দ্রিয় সংবেদন। প্রত্যক্ষই জ্ঞানৰ ভিত্তি। প্রত্যক্ষ ব্যক্তিভেদে, কালভেদে বেলেগ বেলেগ হয়। মোৰ বাবে যি সত্য- সেয়াই সর্বশেষ সত্য হয়। ছ'ফিষ্টসকলে জ্ঞান লাভৰ ক্ষেত্রত আপেক্ষিকতাবাদক বিশ্বাস কৰে। তেওঁলোকৰ মতে 'সকলোবোৰ পৰিমাপ হৈছে মানুহ নিজে'যিমানবোৰ মানুহ আছে, সিমান মন আছে বুলি তেওঁলোকে বিশ্বাস কৰে। মানুহৰ ধাৰণাৰ মাজত কোনো মিল নাই। তেওঁলোকৰ মতে যথার্থ জ্ঞান সম্ভৱ নহয়। সকলো জ্ঞানেই যদি ব্যক্তিভেদে পৃথক হয়, তেনেহ'লে জ্ঞানৰ কোনো ব্যক্তি নিৰপেক্ষ ভিত্তি স্বীকাৰ কৰিব নোৱাৰি। ব্যক্তি নিৰপেক্ষ বা বস্তুগত সত্যতা বুলিও কোনো বিষয় নাই। সকলোরে বৈধ বুলি কোরা কোনো ধৰণৰ সত্যতা এই পৃথিবীত নাথাকে

৪। পাশ্চাত্য দৰ্শনৰ ইতিহাসত ছক্ৰেটিছৰ দৰ্শনৰ গুৰুত্ব কি?

উত্তৰঃ ছক্ৰেটিছৰ মতবাদৰ বিৰুদ্ধে বিভিন্ন আপত্তি উত্থাপিত হ'লেও পাশ্চাত্য দর্শনৰ ইতিহাসত ছক্ৰেটিছৰ দৰ্শনৰ গুৰুত্ব অপৰিসীম। দৰাচলতে ছক্ৰেটিছেই প্রথমতে দৰ্শনৰ জগতত এক নতুন দিশ উন্মোচন কৰিলে। গ্রীক দর্শনত ছক্ৰেটিছৰ সবাতোকৈ গুৰুত্বপূর্ণ অৱদান এইটোৱেই। 'জ্ঞান প্রত্যয় নিৰ্ভৰ' -এইটো হ'ল ছক্রেটিছৰ দৰ্শনৰ বৈজ্ঞানিক দিশ। দৰ্শনৰ ইতিহাসত ছক্ৰেটিছৰ জ্ঞানতত্ত্ব এক বৈপ্লবিক মতবাদ। এই জ্ঞানতত্ত্বৰ পৰিণতিত প্লেটোৰ জ্ঞানতত্ত্বৰ আৱিৰ্ভাৱ, যাৰ পৰিণতিত পৰৱৰ্তী কালত এৰিষ্ট'টলৰ দৰ্শন আৰু এইদৰে সকলো ভাববাদী দৰ্শনৰ আৱিৰ্ভাৱ হয়

ছক্ৰেটিছৰ নৈতিক দৰ্শনৰ গুৰুত্ব সর্বাধিক। থিলিৰ মতে ছক্ৰেটিছৰ নৈতিক মতবাদ বহুমূখী আৰু সেইবাবে ইয়াৰ এটা দিশৰ লগত আন এটা দিশ কোনো কোনো সময়ত বিৰোধী বুলি ভবা হয়। এনে ভিন্ন দিশৰ ওপৰত ভিত্তি কৰি চিৰেণিক (Cyrene) মতবাদ আৰু এন্টিছথেনিছৰ (Anthisthenes) মতবাদ গঢ়ি উঠিছে। ছক্ৰেটিছৰ নৈতিক মতবাদত আবেগ-অনুভূতি, কামনা-বাসনাৰ কোনো ভূমিকা নাই। তেওঁৰ মতে নৈতিকতা হৈছে পৰম শ্ৰেয়ৰ প্রত্যয় (concept of the Good)নৈতিক নিয়ম সার্বিক, কাৰণ প্রত্যয় -সার্বিক। গতিকে ছক্ৰেটিছৰ মতে, নৈতিকতাও পৰম শ্ৰেয়ৰ সার্বিক জ্ঞান। এই পৰম শ্রেয়ই মানুহক প্রশান্তি দিয়ে। শ্রেয় সম্পর্কীয় এনে মতবাদে যথাক্রমে চিৰেণিকসকলক, এৰিষ্টিপাছৰ (Aristippus) সুখবাদক (hedonism) আৰু এপিকিউৰিয়ানসকলক (Epicureanism) প্রভাবিত কৰিছে। তাৰোপৰি, ছক্ৰেটিছৰ মতবাদৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী কালত গঢ়ি উঠিছে উপযোগিতাবাদ (utilitarianism)মধ্যযুগৰ নৈতিক মতবাদতো ছক্ৰেটিছৰ সুস্পষ্ট প্রভাৱ লক্ষ্য কৰা যায়। মধ্যযুগত নীতিনিষ্ঠ খ্রীষ্টধর্মত মানুহৰ জীৱনৰ সততাকে সবাতোকৈ গুৰুত্বপূর্ণ বুলি অভিহিত কৰা হৈছে। এই সকলোবোৰ মতবাদ ছক্ৰেটিছৰ নৈতিক মতবাদবে প্রতিধ্বনি মাত্র

▶▶ ৰচনাধর্মী প্রশ্নোত্তৰঃ

১। ছক্ৰেটিছৰ দৰ্শনৰ সমালোচনাত্মক আলোচনা কৰা

উত্তৰঃ ছক্ৰেটিছৰ দৰ্শনৰ দুটা দিশ লক্ষ্য কৰা যায়। প্রথমতে, তেওঁৰ জ্ঞানতত্ত্ব আৰু দ্বিতীয়তে, তেওঁৰ নৈতিক শিক্ষা, অর্থাৎ সদগুণ সম্পর্কীয় মতবাদ। কিন্তু তেওঁৰ দৰ্শনত জ্ঞান আৰু সদগুণ অভিন্ন; গতিকে তেওঁৰ মতবাদ ক'বলৈ গ'লে এটাই, সেইটো হ''জ্ঞানেই সদগুণ আৰু সদগুণেই জ্ঞান।' ছক্ৰেটিছৰ জ্ঞান সম্পর্কীয় আলোচনাই দর্শনত বিশেষ প্রভাৱ পেলাবলৈ সক্ষম হৈছে আৰু তেওঁৰ নৈতিক মতবাদ দৰ্শনৰ এক আপুৰুগীয়া সম্পদ। অৱশ্যে এই মতবাদৰ বিৰুদ্ধে কিছুমান আপত্তি আছে

ছক্ৰেটিছৰ সদগুণ আৰু জ্ঞান অভিন্ন- এই মতবাদৰ বিৰুদ্ধে সৰ্বপ্ৰধান আপত্তিটো উত্থাপন কৰে গ্রীক দার্শনিক এৰিষ্ট'টলে। ছক্ৰেটিছৰ সদগুণতত্ত্ব অনুসৰি মানুহে জানি- শুনি কেতিয়াও বেয়া কাম নকৰে। মানুহে বেয়া কাম কৰে এইবাবে, কাৰণ তেওঁলোকে নাজানে ভাল কাম কি। কিন্তু এবিষ্ট'টলৰ মতে, ছক্ৰেটিছৰ এই মত শুদ্ধ নহয়। সেইবাবে এবিষ্ট টলে কৈছে- ছক্রেটিছে আত্মাৰ যুক্তিহীন অংশটো হয় পাহৰিলে নহ'লে অৱজ্ঞা কৰিলে। ছক্রেটিছে ভাবিছিল যে মানুহৰ প্ৰত্যেক কামক যুক্তিয়ে পৰিচালিত কৰে, গতিকে যুক্তি শুদ্ধ হ'লে মানুহে ভাল কামেই কৰিব। কিন্তু ছক্ৰেটিছৰ এই ধাৰণা ভুল। ছক্ৰেটিছে পাহৰি গ'ল যে মানুহৰ অধিকাংশ কর্মই আবেগ-অনুভূতিৰে পৰিচালিত। এই আবেগ- অনুভূতি মানুহৰ আত্মাৰ যুক্তিহীন অংশ। গতিকে মানুহৰ যুক্তিযুক্ত অংশক স্বীকৃতি দি যুক্তিহীন অংশক অৱজ্ঞা কৰাটো উচিত নহয়

দ্বিতীয়তে, ছক্রেটিছৰ মতে মানুহে জানি-শুনি বেয়া কাম বা ভুল কাম নকৰে। এই ধাৰণাও শুদ্ধ নহয়। আমাৰ অভিজ্ঞতাত আমি দেখোঁ যে মানুহে স্ব-ইচ্ছাই বেয়া বা ভুল কাম কৰে- যদিও এই সম্বন্ধে তাৰ পূর্ব অভিজ্ঞতা বা জ্ঞান থাকে। গতিকে ছক্ৰেটিছৰ মতবাদ আমাৰ দৈনন্দিন ঘটনাৰ লগত অসংগতিপূর্ণ

তৃতীয়তে, ছক্ৰেটিছৰ মতানুসাৰে জানি-শুনি ভুল কৰাজন নাজানি ভুল কৰাজনতকৈ শ্রেষ্ঠ। ছক্ৰেটিছৰ এই ধাৰণা হাস্যকৰ। ই নৈতিকতা আৰু দেশৰ আইনবিৰোধী। নৈতিক নিয়ম অনুসৰি যি কাম কর্তাই স্বেচ্ছাই সম্পাদিত কৰে, সেই কামৰ বাবে কর্তা দায়ী আৰু এনেকুৱা কামেৰ নৈতিক মূল্যায়ন কৰি আমি কওঁ 'তেওঁ বেয়া বা অনুচিত কাম কৰিছে।' কিন্তু ছক্ৰেটিছৰ মতবাদ মানি ল'লে স্বেচ্ছাই সম্পাদিত কর্মক উচিত কাম বুলি ক'ব লাগির আৰু তেতিয়া নৈতিক বাধ্যবাধকতাৰ (moral obligations) কোনো অর্থই নাথাকিব। তাৰোপৰি, ৰাষ্ট্ৰীয় বিধি অনুসৰি অজ্ঞাতে সম্পাদিত কর্ম ক্ষমাযোগ্য; কিন্তু স্বেচ্ছাই, অর্থাৎ জানি-শুনি কৰা ভুল অন্যায় বা অপৰাধ। ই শাস্তিৰ যোগ্য। গতিকে ছক্ৰেটিছৰ মতবাদ সন্তোষজনক নহয়

চতুৰ্থতে, কিছুমান দার্শনিকৰ মতে কৰ্ম দক্ষতাৰ লগত ছক্ৰেটিছ প্রদত্ত সদগুণৰ সাদৃশ্য গ্রহণযোগ্য নহয়। কর্মদক্ষতা (যেনে- ৰাষ্ট্ৰ পৰিচালনা) ব্যৱহাৰিক কৰ্মত যিমান সহজে প্রয়োগ কৰা যায়, মানৱ জীৱনৰ ক্ষেত্ৰত সদগুণক ইমান সহজে প্ৰয়োগ কৰিব নোৱাৰি। তাৰোপৰি ব্যৱহাৰিক কৰ্মৰ লক্ষ্য আৰু উদ্দেশ্য সহজে ব্যখ্যা কৰা যায়। কিন্তু মানৱ জীৱনৰ জটিল সমস্যা আদি সম্পর্কে সহজে সিদ্ধান্তল'ব নোৱাৰি। যিকোনো কাম কৰিবলৈ যাওতে উক্ত কর্মৰ শুভাশুভ, ফলাফল, জীৱনৰ পৰম লক্ষ্যৰ লগত সংগতিপূর্ণ হয় নে নহয় ইত্যাদি নানা প্রশ্নলৈ ভাবিব লগা হয়

শেষত, ছক্ৰেটিছৰ জ্ঞানতত্ত্বৰ বিৰুদ্ধে কোৱা যায়, যিকোনো ক্ষেত্রতে যদি সামান্য ধাৰণা বা প্রত্যয় গঠন কৰি জ্ঞান লাভ কৰিব লগা হয়, তেনেহ'লে সাধাৰণ মানুহৰ পক্ষে জ্ঞান লাভ কেতিয়াও সম্ভৱ নহ'ব। সাধাৰণ মানুহৰ জ্ঞান-বুদ্ধি সীমিত, গতিকে তেওঁৰ প্রত্যয় গঠন প্রক্রিয়াও হ'ব সীমিত; ফলস্বৰূপে ইয়াৰদ্বাৰা শুদ্ধ জ্ঞান অর্জন কৰাটো কঠিন হৈ পৰিব। গতিকে ছক্ৰেটিছৰ জ্ঞানতত্ত্ব তথা সদগুণতত্ত্ব সাধাৰণ মানুহৰ বাবে নহয়। 

২। ছক্ৰেটিছৰ জ্ঞান সম্পর্কীয় তত্ত্বটো (Theory of Knowledge) আলোচনা কৰা 

উত্তৰঃ মহান দার্শনিক ছক্ৰেটিছৰ দৰ্শনত নীতিমূলক অনেক তত্ত্বৰ সমাহাৰ পৰিলক্ষিত হয়। মানুহৰ আচৰণতত্ত্ব বা চৰিত্ৰ নীতিতেই তেওঁ বেছি আগ্রহী আছিল। মানব জীবনৰ উদ্দেশ্য কি? সেই উদ্দেশ্য সাধনৰ বাবে মানুহৰ কৰ্তব্য কি হোৱা উচিত? সততা (Viture) কি? ইয়াৰ স্বৰূপ কি- এইবোৰেই আছিল তেওঁৰ মুখ্য আলোচনাৰ বিষয়বস্তু। মানুহ আৰু মানুহৰ কৰ্তব্যৰ প্রশ্নই ছ'ফিষ্টসকলক বিশেষ আগ্রহী কৰি তুলিছিল। ছক্রেটিছ এই নীতিত বিশ্বাসী আছিল। সৃষ্টিবাদ বা জগতৰ উৎপত্তি, জগতৰ স্বৰূপ, পৰমতত্ত্বৰ স্বৰূপ আদি সমস্যা আছিল প্রাচীন দার্শনিকসকলৰ ওচৰত প্ৰধান সমস্যা। এইবোৰ সমস্যা সমাধানৰ বাবে তেওঁলোক আগ্রহী আছিল। কিন্তু ছক্ৰেটিছৰ এইবোৰ সমস্যা সমাধানৰ প্ৰতি কোনো আগ্রহ দেখা নাছিল। গণিত, পদার্থবিদ্যা, জ্যোতির্বিজ্ঞান আদি শাস্ত্রক তেওঁ মূল্যৱান বিষয় বুলি গণ্য কৰা নাছিল। মানব চৰিত্ৰৰ উৎকর্ষ সাধনেই আছিল তেওঁৰ জীৱনৰ প্রধান লক্ষ্য। জীৱনৰ অৰ্থ কি? মানুহৰ পক্ষে পৰম শ্রেয় কি? কিদৰে মানুহৰ কল্যাণ সাধন হয়, আদিবোৰ প্ৰশ্নৰ সমাধানত তেওঁৰ আগ্রহ আছিল। মানৱ চৰিত্ৰ সংশোধন কৰা আৰু উৎকর্ষ লাভ কৰা ছক্রেটিছৰ প্রধান উদ্দেশ্য আছিল। তেওঁৰ দৰ্শনত জ্ঞানৰদ্বাৰা মানুহৰ আচৰণ নিয়ন্ত্রণ হোৱাটো প্রয়োজনীয়। জ্ঞানৰ ওপৰতে চৰিত্ৰ প্রতিষ্ঠিত হোৱাটো প্রয়োজনীয়। গতিকে দেখা যায় যে তেওঁৰ নীতিতত্ত্বৰো প্রধান ভিত্তি হ'ল জ্ঞানতত্ত্ব

তেওঁৰ মতে জ্ঞান হৈছে প্রত্যয় নিৰ্ভৰ। মানুহৰ সকলোধৰণৰ জ্ঞানেই প্রত্যয়ৰ জ্ঞান। তেনেহ'লে প্রত্যয় কাক বোলে? আমি এটা বিশেষ ধাৰণা আৰু সামান্য ধাৰণাৰ মাজত পার্থক্য কৰিব পাৰোঁ। যেতিয়া আমি বাম, যদু, মধুৰ কথা কওঁ, তেতিয়া আমি কোনো কোনো বিশেষ ব্যক্তিৰ কথা কওঁ। আৰু যেতিয়া আমি কওঁ 'মানুহ হয় বুদ্ধিবৃত্তিসম্পন্ন প্রাণী', তেতিয়া কোনো বিশেষ মানুহক নুবুজাই আমি সমগ্র মানব জাতিকে বুজাওঁ। সমগ্র মানব জাতিৰ ধাৰণাই হ'ল সামান্য ধাৰণা। কোনো প্রত্যয় বা সামান্য ধাৰণা গঠন কৰাৰ সময়ত যিবোৰ ধাৰণাৰ মাজত কিছুমান শ্রেণীৰ বস্তু বা ব্যক্তিৰ মাজত সাদৃশ্য থাকে সেইবোৰক একত্রিত কৰা হয় আৰু পার্থক্য থকাবোৰক অগ্রাহ্য কৰা হয়। মানুহৰ লগত মানুহৰ নানা বিষয়ৰ পাৰ্থক্য ঠেক মনোবৃত্তিৰ আদি। সেইদৰে গৰু, ঘোঁৰা, গছ, ঘৰ, নদী, ত্রিভুজ, চতুর্ভুজ আদিবোৰ হ'ল সামান্য ধাৰণা বা প্রত্যয়ৰ উদাহৰণ

সামান্য ধাৰণা আৰু সংজ্ঞা হৈছে এক অভিন্ন বিষয়। স্থিৰ প্রত্যয় কিদৰে পোৱা যায় এই সম্পর্কে আলোচনা কৰিবলৈ গ'লে ছক্রেটিছে মানুহৰ চৰিত্ৰৰ উৎকৰ্ষ সাধনৰ কথা কৈছিল। কোনো এটা বিষয় অনিবার্যভাবে আৰু সার্বিকভাবে বৈধ হ'ব পাৰে, 'ফিষ্টসকলে ইয়াক স্বীকাৰ কৰা নাছিল। তেওঁলোকৰ মতে সকলোবোৰেই হৈছে আপেক্ষিক। ছক্রেটিছে ভাবে যে সার্বিক বা সামান্য প্রত্যয়, যেনে- মানুহ, বৃক্ষ সকলো সময়তে অভিন্ন হৈ থাকে। এইবোৰৰ কোনো পৰিৱর্তন নহয়। সকলো অবস্থাতেই অপৰিৱৰ্তনীয়, আনকি পৃথিৱীৰপৰা মানুহৰ অস্তিত্ব নোহোৱা হৈ গ'লেও 'বুদ্ধিবৃত্তি সম্পন্ন প্রাণী' মানুহৰ এই সংজ্ঞা অপৰিৱৰ্তিত হ'

কিছুমান চিন্তাবিদৰ মতে সামান্য প্রত্যয় হ'ল বস্তু নিৰপেক্ষ বা মনোগত। এই মতক সমালোচনা কৰি কিছুমানে কৈছে যে বাস্তবত ইয়াৰ কোনো ভিত্তি নাথাকিলেও এইধৰণৰ সামান্য প্রত্যয় গঠন কৰা কিদৰে সম্ভব আৰু কিয় মানুহে এইধৰণৰ প্রত্যয় গঠন কৰিবলৈ বাধ্য হ'? সামান্য ধাৰণা স্থিৰ আৰু অপৰিণামী। সামান্য ধাৰণা যিদৰে গঠন কৰা হয় সংজ্ঞাও একেদৰে গঠন কৰা হয়। অর্থাৎ কোনো এক শ্ৰেণীৰ বস্তুৰ সাধাৰণ আৰু গুৰুত্বপূৰ্ণ গুণবোৰেই সামান্য ধাৰণাত সুমুৱাই লোৱা হয়। সংজ্ঞাক শব্দৰ মাধ্যমত ব্যক্ত কৰা বুলি কৈছে। সংজ্ঞা নিৰ্ণয়ৰদ্বাৰা আমি সত্যতাৰ বস্তুগত মানদণ্ড লাভ কৰিব পাৰোঁ। তেনেদৰে সৌন্দৰ্যৰ এটা বস্তুগত সংজ্ঞা স্বীকাৰ কৰি নল'লে কোন বস্তু বেছি সুন্দৰ বা কোন বস্তু কম সুন্দৰ তাক ঠিৰাং কৰাটান

দেখা যায় যে ছক্ৰেটিছৰ আগ্রহ আছিল নৈতিক আচৰণৰ ভাল-বেয়া বিচাৰৰ ওপৰত। ছক্ৰেটিছে বিচাৰিছিল মানুহক কিদৰে এটা বস্তুগত মানদণ্ডৰ সন্ধান দিব পৰা যায়। আপেক্ষিক নীতি মতে ন্যায়ৰ কোনো বস্তুগত মানদণ্ড নাই। দেখা যায় যে ৰাষ্ট্ৰভেদে, নগৰভেদে সম্প্রদায়ভেদে ন্যায়ৰ সংজ্ঞা বেলেগ বেলেগ। ৰাষ্ট্ৰৰ নৈতিক নিয়ম ন্যায়ৰ সার্বিক সংজ্ঞাৰ লগত সংগতিপূর্ণ হয় নে নহয় তাক বিচাৰ কৰিবলৈ আমি সক্ষম হ'ম। অনুরূপভাবে সততাৰ (Viture) সংজ্ঞা নির্ণয় কৰিব পাৰিলে কোনো ব্যক্তি বিশেষৰ কাম সৎ হয়নে নহয় সেই ব্যক্তিব কামক সততাৰ সংজ্ঞাৰ লগত তুলনা কৰি নিৰ্ধাৰণ কৰিবলৈ সক্ষম হ'ব। পাৰি

৩। ছক্রেটিছ কোন আছিল?

উত্তৰঃ গ্ৰীচ দেশত ছ'ফিষ্টসকলৰ যুগত সেই সময়ত অপশিক্ষা, অযুক্তিপূর্ণ চিন্তাধাৰাই মানুহৰ জ্ঞান আৰু নৈতিকতাক ধ্বংসৰ মুখলৈ আগবঢ়াই লৈ গৈছিল। এনে এক পৰিস্থিতিত গ্রীকসকলৰ মাজত আৰ্বিভাৱ হৈছিল- দার্শনিক, জ্ঞানী, ৰাজনীতিবিদ আৰু নীতিপৰায়ণ ব্যক্তি ছক্ৰেটিছৰ। দৰাচলতে ছক্ৰেটিছৰপৰাই গ্ৰীক দৰ্শনৰ সোণালী যুগৰ আৰম্ভ হয়

ছক্ৰেটিছৰ জন্ম হয় খ্রীষ্টপূর্ব ৪৭০ চনত এথেন্সত। তেওঁ আছিল এজন মধ্যবিত্ত পৰিয়ালৰ সন্তান। তেওঁৰ পিতৃ ছফ্রনিস্কাছ (Sophroniscus) আছিল এজন খনিকৰ (sculptor) আৰু মাতৃ ফিনাৰিটি (Phaenarete) আছিল ধাত্রী (midwife)

নাক চেপেটা, বহল, ওপৰমুৱা, তেলেকা চকু আৰু ঘূর্ণমান, মুখ গহ্বৰ প্ৰসাৰিত, দহা ওঁঠ, টপা মুৰ, চুটি-চাপৰ প্ৰভৃতি কুশ্ৰী সামগ্রিক চেহেৰাৰ হ'লেও তেওঁৰ মানসিক গঠন আছিল অত্যধিক সুশ্রী। হৃদয় আছিল পৱিত্র, মস্তিষ্ক আছিল জ্ঞানৰে পৰিপূৰ্ণ। কথাবার্তাত আৰু আচাৰ-আচৰণত তেওঁ এক মধুৰ ব্যক্তিত্বৰ অধিকাৰী আছিল। সেইবাবে যি মানুহে তেওঁৰ সংস্পৰ্শ লাভ কৰিছিল তেওঁলোকে ছক্ৰেটিছৰ কুৎসিৎ চেহাৰাক পাহৰি তেওঁৰ জ্ঞানালোক আৰু চৰিত্ৰ সৌন্দৰ্যত মুগ্ধ হৈ পৰিছিল

তেওঁৰ শৈশৱকাল আৰু শিক্ষা জীৱন সম্পর্কে একো জনা নাযায়। শুনা যায় যে তেওঁ কোনো আনুষ্ঠানিক শিক্ষা গ্রহণ কৰা নাই। তেওঁ যিখিনি শিকিছিল সেইখিনি নিজ চেষ্টাৰ বলত। নিজে নিজৰ ভিতৰত আয়ত্ত কৰা জ্ঞানৰদ্বাৰাই কাৰো ওচৰত শিক্ষা গ্রহণ নকৰাকৈ তেওঁ আছিল শিক্ষিত ব্যক্তি। ছক্রেটিছে ডাঙৰ হৈ দেউতাকৰ বৃত্তিকে গ্রহণ কৰিছিল আৰু তাত কিছুদিন কাম কৰাৰ পিছত তেওঁ সেই কাম পৰিত্যাগ কবি জীবন ৰসৰ অমৃত তত্ত্ব পান কৰিবলৈ দর্শন চর্চাত, অর্থাৎ জ্ঞান অন্বেষণত মনোনিবেশ কৰিলে

ছক্রেটিছ আছিল গ্ৰীচ দেশৰ এজন সৈনিক। তেওঁ গোটেই জীবন এথেন্সত কটাইছিল, কিন্তু সেনাবাহিনীত যোগ দিয়াৰ কাৰণে তেওঁ মাথোঁ তিনিবাৰৰ কাৰণে এথেন্সৰপৰা দূৰত থাকিব লগা হৈছিল। সেনাবাহিনীত থকা কালীন ছক্রেটিছৰ অসীম ধৈর্য, সাহসিকতা আৰু নৈতিক জ্ঞানৰ পৰিচয় পোৱা গৈছিল। ছক্রেটিছ আছিল জ্ঞানৰ পূজাৰী। কিন্তু তেওঁৰ জ্ঞান অন্বেষণৰ পদ্ধতি আছিল বিচিত্র ধৰণৰ। এই পদ্ধতিক দ্বান্দ্বিক পদ্ধতি (Dialectical method) বুলি কোৱা হয়। এই পদ্ধতিক ছক্রেটিছব শ্লেষ (Socratic irony) বুলিও কোৱা হয়। জ্ঞান অন্বেষণৰ বাবে ছক্রেটিছে কোনো বিদ্যালয় বা প্রতিষ্ঠান স্থাপন কৰা নাছিল। বাটে-পথে, বজাৰ এলাকাত, জনপূর্ণ ঠাইত, 'তেই মানুহক লগ পাইছিল তাতেই তেওঁ জ্ঞানৰ অনুসন্ধান কৰিছিল। আলাপ-আলোচনা আৰু প্রশ্ন-উত্তৰ পদ্ধতিৰ মাধ্যমত তেওঁ জ্ঞানৰ সন্ধান কৰিছিল মানুহৰ মাজত। তেওঁ মানুহৰ মাজতেই পাইছিল জগত আৰু জীবনৰ সুগভীৰ তত্ত্ব। তেওঁৰ আলোচনাৰ বিষয় আছিল বিভিন্ন- ৰাজনীতি, অর্থনীতি, ধর্ম, বিজ্ঞান, ব্যবসায়-বাণিজ্য, প্রেম, বিবাহ ইত্যাদি। এইবোৰ আলোচনাৰ ভিতৰত সবাতোকৈ গুৰুত্বপূর্ণ আলোচনা আছিল তেওঁৰ নৈতিক আলোচনা। আলোচনাৰ উদ্দেশ্য এটাই- সত্য অনুসন্ধান, জ্ঞান লাভ। তেওঁ বিশ্বাস কৰিছিল যে দেশৰ উন্নতি সাধনৰ মুখ্য পথ হ'ল দেশৰ যুৱকসকলক শিক্ষিত কৰা আৰু দুর্নীতিৰ বিৰুদ্ধে তেওঁলোকক জাগ্রত কৰা। এথেন্সৰ যুৱকসকলৰ বাবে ছক্রেটিছ আছিল বুদ্ধিৰ ক্ষেত্ৰত অনুপ্ৰেৰণাৰ মূল কেন্দ্রবিন্দু

ছক্ৰেটিছৰ জ্ঞান আৰু মনীষাই গ্রীক দর্শন চিন্তাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰে। বিখ্যাত দার্শনিক ছক্ৰেটিছৰ আলোচনাত 'মই কোন' বুলি কৰা প্রশ্নই যেন দর্শন জগতত নতুন আলোড়ন আনে। তেওঁ উপলব্ধি কৰিছিল যে বৈজ্ঞানিক, 'ফিষ্ট, সাধাৰণ মানুহ, এথেন্সবাসী ৰাইজ কোনেও যেন আত্মাৰ স্বৰূপক উপযুক্ত ধৰণে ব্যাখ্যা কৰিব পৰা নাই। তেওঁ নৈতিক অনুসন্ধান কাৰ্যৰ প্রয়োজনীয়তাক উপলব্ধি কৰিছিল। আনকি ৰাষ্ট্রবিজ্ঞান আৰু শিক্ষাৰ প্ৰতি নতুন দৃষ্টিভংগীৰ সূচনা আৰু সেইবোৰৰ বাবে অনুশীলনৰ বিষয়ে তেওঁ প্ৰেৰণা যোগাইছিল। সত্তাৰ সংহতিৰ মাজত প্রাকৃতিক বিজ্ঞান আৰু মানৱীয় মূল্যৰ সমন্বয় সাধন কিদৰে কৰা হয় তাকে লৈ ছক্ৰেটিছৰ দৰ্শনত এক নতুনত্বৰ সঞ্চাৰ হয়। 'মই কোন' এই প্রশ্নটোৱে গ্ৰীক দেশৰ ইতিহাসত যেন নতুনত্বৰ সূচনা কৰিছিল

৪। বিষয়বস্তু, পদ্ধতি, লক্ষ্য আদিৰ ক্ষেত্ৰত প্রাচীন গ্রীক দৰ্শনৰ লগত ছ'ফিষ্টসকলৰ কি কি পার্থক্য আছে?

উত্তৰঃ বিষয়বস্তু, পদ্ধতি, লক্ষ্য আদিৰ ক্ষেত্ৰত প্রাচীন গ্রীক দৰ্শনৰ লগত ছ'ফিষ্টসকলৰ এক বিৰাট পাৰ্থক্য দেখা গৈছিল। সেইবোৰ হ'  —

(ক) ছ'ফিষ্টসকলৰ আলোচনাৰ বিষয়বস্তুৰ লগত প্রাচীন গ্রীক দর্শনৰ আলোচনাৰ যায় যে প্রাচীন গ্রীকসকলৰ বাবে বিষয়ছলন কশনৰ প্রধান আলোচনাৰ বিষয়বসন্ত। ফলত প্রাচীন গ্রীক দর্শনক নিসর্গবাদী পা প্রকৃতিবাদী বুলি কোৱা হৈছিল। থ্রীচৰ কুটতার্কিক পণ্ডিতে, যিসকল ছ'ফিষ্ট নামে পৰিচিত, বাহ্যজগতৰ উৎপত্তি জগতৰ বিশাল স্বৰূপ আৰু প্ৰকৃতিৰ কাৰণবোৰক এৰাই চলি প্রধানকৈ মানুহৰ সমস্যা, মানুহৰ জ্ঞান আৰু ব্যৱহাৰ বা আচৰণৰ যিবোৰ সমস্যা আছে তাৰ প্ৰতিহে দৃষ্টি নিশ্বেতাকাবাহক 'ছোফিষ্টসকলৰ বিষয়বস্তু হ'ল মানুহ, যি হ'লে ব্যক্তি আৰু এক দৃষ্টি নিক্ষেপ কৰিছিল। ছ'ফিষ্টসকলৰ দৰ্শন আছিল মানুহৰ সভ্যতাৰ আৰু আচৰণৰ দৰ্শন। সামাজিক সত্তা, তাৰোপৰি ভাষা, ধর্ম, কলা, কাব্য বা নীতিবিদ্যা আৰু বাষ্ট্র বিজ্ঞানৰ মাধমেৰে তাৰদ্বাৰা যি সৃষ্টি হৈছে সেয়া হৈছে সংস্কৃতি'

(খ) প্রাচীন গ্রীক দর্শন আৰু ছোফিষ্ট মতৰ পদ্ধতিৰ ক্ষেত্ৰতো এক পার্থক্য আছে। দেখা যায় যে প্রাচীন গ্রীক দর্শনে প্রকৃতিৰ ওপৰত, সৌৰজগত, প্রাণী, উদ্ভিদ আৰু ধাতুৰ ওপৰত অভিজ্ঞতামূলক পর্যবেক্ষণক যদিও গ্ৰহণ কৰা নাছিল, মননৰ বাহিৰে অন্য কোনো পদ্ধতিক বিশ্বাসত লোৱা নাছিল। এই বিশ্বজগতৰ ব্যাখ্যাৰ বাবে এনেধৰণৰ অপৰিবৰ্তনীয় নীতিৰ বাস্তৱ ৰূপায়ণ কৰিব বিচাৰিছিল। তেওঁলোকৰ পদ্ধতিৰ নাম আছিল অস্তৰোহমূলক। তেওঁলোকে বিশেষ বিশেষ সার্বিকতাৰপৰা মানি লৈছিল। কিন্তু দেখা যায় যে ছ'ফিষ্টসকলে পৰিণতি, কাৰণ বা প্রথম কাৰণত বৰ বিশেষ গুৰুত্ব দিয়া নাই। ছ'ফিষ্টসকলে অভিজ্ঞতাব ওপৰত নিৰ্ভৰ কৰি জীৱনৰ সমস্ত বিভাগৰপৰা আটাইতকৈ বেছি পৰিমাণে জ্ঞান অর্জন কৰিছিল আৰু তাৰ পিছত তাৰপৰা কিছুমান সিদ্ধান্ত তৈয়াৰ কৰিছিল। তাত্ত্বিক আৰু ব্যৱহাৰিক দিশত এইবোৰৰ প্ৰয়োগ হৈছিল। তেওঁলোকে এই সিদ্ধান্তক গ্রহণ কৰিছিল যে ব্যক্তিৰ পক্ষে সুনিশ্চিত জ্ঞান লাভ কৰা সম্ভৱ হ'ব নোৱাৰে। ব্যৱহাৰিক সিদ্ধান্তৰ উদাহৰণ দি ক'ব পাৰি যে সমাজ আৰু ব্যক্তিৰ মাজত যথাযথ সমিলমিল ভাবৰপৰাই এখন সুস্থ সমাজৰ বিকাশ সম্ভৱপৰ হয়। তেওঁলোকে 'অভিজ্ঞতামূলক অৱৰোহমূলক' পদ্ধতিক ব্যৱহাৰ কৰিছিল

(গ) প্রাচীন গ্রীক দার্শনিকসকলৰ লগত ছ'ফিষ্টসকলৰ লক্ষ্যৰ পাৰ্থক্য নিশ্চয় ভাবিবলগীয়া। গ্রীকসকল আছিল সত্যৰ একান্ত পূজাৰী। কিন্তু ছ'ফিষ্টসকল বস্তুগত সত্য প্রতিষ্ঠাত বৰ বেছি আগ্রহী নাছিল। ছ'ফিষ্টসকলে মননশীলতাক গুৰুত্ব নিদি ব্যৱহাৰিক দিশেৰে আগুৱাই যোৱাক গুৰুত্ব দিছিল। গ্ৰীক চহৰখনত মানুহবোৰক কিদৰে শিক্ষাদান কৰিব লাগিব আৰু কিদৰে জীৱনক নিয়ন্ত্ৰণ কৰা উচিত তাৰ শিক্ষা দিয়াই আছিল তেওঁলোকৰ সর্বপ্রথম কাম। অর্থাৎ প্রাচীন গ্রীক দার্শনিকসকলৰ লক্ষ্য আছিল বিশুদ্ধ তাত্ত্বিক আলোচনাক প্ৰগতিৰ ফাললৈ আগুৱাই নিয়া। কিন্তু ছ'ফিষ্টসকলক দেখা যায় যে জ্ঞানৰ মূল্যক জীৱনৰ বাবে লাগতিয়াল বুলি তেওঁলোকে বিবেচনা কৰে। ছ'ফিষ্টসকল আছিল শিষ্য বা ছাত্র অনুৰাগী। তেওঁলোকে সাধাৰণ মানুহক এনেকুৱা শিক্ষা দিবলৈ ইচ্ছা কৰিছিল যে যিটো মানুহৰ বাস্তৱ জীৱনত প্রয়োগ কৰিব পাৰি। গতিকে একধৰণৰ বাস্তৱবাদী লক্ষ্য লৈ ছ'ফিষ্টসকল জীবন অভিমুখে আগবাঢ়ি গৈছিল

'ফিষ্টসকলৰ সময়ৰ সামাজিক, ধর্মীয়, ৰাজনৈতিক অৱস্থাৰ ফালে চালে দেখা যায় যে গ্রীচ দেশত তেতিয়া গণতন্ত্র যদিও প্রচলিত আছিল আধুনিক কালৰ দৰে জনপ্রতিনিধিৰ যোগেৰে সেয়া গঠিত হোৱা নাছিল। প্রাচীন গ্ৰীচৰ চহৰবোৰ আছিল একোখন স্বাধীন ৰাষ্ট্ৰৰ দৰে, যিয়ে নিজে চলোৱা আইনৰদ্বাৰাই পৰিচালিত হৈছিল। কিছুমান ৰাষ্ট্ৰ তেতিয়া তুলনামূলকভাৱে সৰু আছিল বাবে নাগৰিকৰ সংখ্যাও কম পৰিমাণৰ আছিল। একে ঠাইত সমৱেত হৈ আইন প্রণয়ন আৰু চৰকাৰৰ কামত অংশগ্ৰহণ কৰিবলৈ সেই সময়ত বিশেষ সুবিধা তৈয়াৰ হৈছিল। ইয়াৰ ফলাফল কিছুমান সংঘটিত হৈছিল। গ্রীচ দেশৰ নাগৰিক একো একোজন ৰাষ্ট্রনীতিবিদ আৰু আইন প্রণেতা হোৱাত সহায়ক হৈ পৰিছিল। ব্যক্তিৰ বাবে নিজৰ দলৰ স্বাৰ্থ ৰাষ্ট্ৰৰ স্বাৰ্থৰ তুলনাত ডাঙৰ হৈ দেখা দিছিল। ফলত সেই সময়ৰ ৰাজনীতিত দলীয় স্বার্থ, লোভ, অহংবৃত্তি আদিৰ উদ্ভৱ হ'বলৈ ধৰিছিল। দর্শন আৰু বিজ্ঞানৰ প্ৰগতিৰ লগে লগে ধৰ্মৰ বিলুপ্তি ঘটিল। প্রাকৃতিক কাৰণৰ সহায়ত ঘটনাবোৰক ব্যাখ্যা কৰাৰ যত্ন কৰা হ'ল আৰু ঐশ্বৰিক ঘটনা, অলৌকিক ঘটনা আৰু দৈৱজ্ঞসকলৰ ভৱিষ্যৎবাণীত শিক্ষিত ব্যক্তিসকলে আস্থা স্থাপন কৰিবলৈ অসুবিধা পাইছিল। ইয়াৰ ফলত গ্ৰীচ দেশৰ মানুহবোৰ সংশয়বাদী হৈ পৰাৰ বাহিৰেও বিচাৰসন্মত সমাধানত আস্থাশীল হৈছিল। বিচাৰ কৰি চালে দেখা যায় যে সমালোচনামূলক আৰু ধ্বংসমূলক চিন্তা-চৰ্চাৰ মাজতেই সেই যুগৰ পণ্ডিতসকলে নিজৰ কৰ্ম কৰিবলগীয়া হৈছিল। দেখা গৈছিল যে গণতন্ত্র প্রতিষ্ঠাৰ লগে লগে যিদৰে অভিজাততন্ত্ৰী ৰাষ্ট্ৰৰ আদর্শ নোহোৱা হৈ গৈছিল, বিজ্ঞানৰ উন্নতিৰ লগে লগে ধর্মীয় গোড়ামিবোৰো ক্রমশঃ কমি আহিবলৈ ধৰিলে। সদায় চলি থকা নৈতিক আদর্শ, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, ঐতিহ্য আদি বিষয়বোৰ অতিশয় সমালোচিত হ'বলৈ ধৰিলে আৰু ইয়াৰ বহু পৰিমাণে বৰ্জন কৰা হ'ল। এইটো দেখা গৈছিল যে পূৰ্বপুৰুষৰ বহুতো ঐতিহ্যই উপহাসৰ বিষয় হৈ পৰিছিল। আচাৰ- ব্যৱহাৰ, নিয়ম-নীতিয়ে মানুহৰ স্বভাৱত যেন কিছু বাধা আনি দিছিল। ইয়াৰ ফলত আন এটা বিষয়ে মূৰ দাঙি উঠিছিল যে ব্যক্তিৰ নিজস্ব ইচ্ছা আৰু চাহিদাবোৰ ক্ৰমশঃ শক্তিশালী হৈ পৰিল

 

Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)