GU BA 2nd Sem
Philosophy
Chapter 3 Question Answer
প্লেটো
▶▶ অতি চমু প্রশ্নোত্তৰঃ
১। প্লেটো কোন আছিল?
উত্তৰঃ গ্রীক দৰ্শনৰ ইতিহাসত সর্বপ্রথম যিজন দার্শনিকৰ
দৰ্শন সুসংবদ্ধভাবে প্রকাশিত হয় সেইজন হ'ল প্লেটো। ছক্রেটিছৰ প্রিয় শিষ্য প্লেটো আছিল
জগতৰ শ্রেষ্ঠ দার্শনিক, যাক যথার্থতে ইউৰোপত আধ্যাত্মবাদৰ প্ৰৱৰ্তক হিচাপে পৰিগণিত কৰিব পাৰি।
২। 'ৰিপাব্লিক' গ্রন্থখন কাৰ?
উত্তৰঃ প্লেটোৰ।
৩। প্লেটোৰ জন্ম বৰ্ষত ঘটা উল্লেখযোগ্য ঘটনাটো কি?
উত্তৰঃ প্লেটোৰ জন্ম বৰ্ষত এথেন্সৰ সৰ্বগুণান্বিত
কর্ণধাৰ পেৰিক্লিছৰ মৃত্যু হয়।
৪। এৰিষ্টটলৰ মতে প্লেটোৰ ধাৰণা সম্পৰ্কীয় মতবাদৰ উৎস তিনিটা কি কি?
উত্তৰঃ এৰিষ্ট 'টলৰ মতে প্লেটোৰ ধাৰণা সম্পৰ্কীয় মতবাদৰ উৎস তিনিটা হ'ল- (ক) এলিয়াৰ দার্শনিকবৃন্দ, (খ) হেৰাক্লিটাছ আৰু (গ) ছক্রেটিছৰ শিক্ষা।
উত্তৰঃ প্লেটোৰ প্ৰায় সকলো গ্রন্থ 'Dialogues' আকাৰত ৰচিত। 'Dialogues'
শব্দৰ অৰ্থ 'সংলাপ'। প্লেটোৱে তেওঁৰ
গ্রন্থসমূহ সংলাপ বা কথোপকথনৰ ভংগীত লিখা বাবে তেওঁৰ ৰচনাৱলীক 'Dialogues' বোলা হয়। প্লেটোৰ
সংলাপসমূহ কেইটামান কাল্পনিক চৰিত্ৰৰ কথোপকথনৰ মাধ্যমত মূল বক্তব্য পাঠকৰ আগত তুলি
ধৰিব বিচাৰিছে। প্লেটোৱে সংলাপসমূহত মূখ্য চৰিত্ৰ ৰূপত উপস্থাপন কৰিছে তেওঁৰ পৰম
পূজনীয় শিক্ষাগুৰু ছক্রেটিছক আৰু সহযোগী চৰিত্ৰৰ ৰূপত দেখা যায় প্লেটোৰ বন্ধুবৰ্গ তথা
ছক্ৰেটিছৰ আন আন শিষ্যসকলক।
উত্তৰঃ প্লেটোৰ ন্যায়ৰ ধাৰণাৰ বৈশিষ্টকেইটা হ'ল —
(ক) শ্রম বিভাজন আৰু কামৰ বিশেষীকৰণ নীতিৰ ওপৰত প্লেটোৰ ন্যায়ৰ ধাৰণাটো প্রতিষ্ঠিত।
(খ) জ্ঞানক অধিক প্রাধান্য দিয়া।
(গ) আনৰ কামৰ ওপৰত হস্তক্ষেপ নকৰা।
(ঘ) প্রতিজন ব্যক্তি আৰু প্ৰতিটো শ্রেণীয়ে নিজৰ দায়িত্ব উপযুক্ত আৰু সুচাৰুৰূপে
পালন কৰা।
(ঙ) যিজন ব্যক্তি যি কামৰ বাবে উপযুক্ত সেইটো কামতহে সঠিকভাবে মনোনিৱেশ কৰা
|
(চ) জ্ঞানৰ শাসনক স্বীকৃতি।
উত্তৰঃ প্লেটোৰ দার্শনিক তত্ত্ববোৰৰ ভিতৰত সর্বোত্তম
তত্ত্ব হৈছে তেওঁৰ ধাৰণাতত্ত্ব বা আকাৰতত্ত্ব। প্লেটোৰ দৰ্শনত জাতি বা আকাৰ (form),
ধাৰণা (Idea)
আৰু সামান্য (universal)
সমার্থক। প্লেটোৰ
ধাৰণাতত্ত্ব বা আকাৰতত্ত্বক বুজিবলৈ হ'লে আমি প্রথমতে 'ধাৰণা' শব্দটোৰ অৰ্থ
বিচাৰিব লাগিব। সাধাৰণতে ধাৰণা বুলিলে বিষয়ীগত প্রত্যয় (subjective
concept) বুজায়, যি মানুহৰ মনত থাকে। গতিকে ধাৰণা মনোগত, ধাৰণা ব্যক্তিকেন্দ্রিক।
কিন্তু প্লেটো 'ধাৰণা' বা 'Idea' শব্দটো ভিন্ন অৰ্থত ব্যৱহাৰ কৰিছে। এই অৰ্থত ধাৰণা হ'ল বিষয়গত স্বৰূপ বা সাবধর্ম
(objective essence), অর্থাৎ এই বস্তু-স্বৰূপ মননিৰপেক্ষ-মনাতিৰিক্তভাৱে ইয়াৰ প্ৰকৃত সত্তা আছে। এই
ধাৰণা বিশেষ বিশেষ বস্তুৰ দৰে দেশ আৰু কালত অৱস্থান নকৰে; ই দেশ-কালাতীত। গতিকে ধাৰণা
হ'ল নিত্য, শাশ্বত, অপৰিৱৰ্তনীয়, অজড়, পূর্ণ স্বৰূপ বা সত্তা। ধাৰণাৰ দুৰ্বল প্ৰতিৰূপ হ'ল দৃশ্যমান বস্তুসমূহ।
উদাহৰণস্বৰূপে, আমি বহুতো ধুনীয়া বস্তু পর্যৱেক্ষণ কৰোঁ – এপাহ সুন্দৰ ফুল, এজনী সুন্দৰী নাৰী,
সুন্দৰ জোনাক ৰাতি,
সুন্দৰ সূর্যোদয়ৰ
দৃশ্য ইত্যাদি। কিন্তু বহুতো সুন্দৰ বস্তু বা ধুনীয়া বস্তু থাকিলেও আমি সুন্দৰৰ
এটা সামান্য প্রত্যয় গঠন কৰিব পাৰোঁ- এই সামান্য প্রত্যয় হ'ল সৌন্দর্য (beauty)। গতিকে সৌন্দর্য হ'ল ধাৰণা, যাৰ ওপৰত বিশেষ
বিশেষ সুন্দৰ বা ধুনীয়া বস্তুসমূহ নিৰ্ভৰ কৰিছে। এই বিশেষ বিশেষ সুন্দৰ বস্তু হ'ল সৌন্দৰ্য ধাৰণাৰ
প্ৰতিৰূপ বা অনুলিপি বা নকল (copy)। ইন্দ্রিয় সংবেদনেৰে লাভ কৰিব পাৰি বিশেষ বিশেষ
সুন্দৰ বস্তুৰ জ্ঞান; কিন্তু সৌন্দৰ্যৰ জ্ঞান লাভ কৰা যায় বুদ্ধিৰে। এই সৌন্দৰ্যৰ ধাৰণাৰ মননিৰপেক্ষ
আৰু মনাতিৰিক্তভাবে বাস্তব সত্তা আছে।
উত্তৰঃ প্লেটোৰ জ্ঞানতত্ত্বৰ সদৰ্থক দিশত জ্ঞান আৰু
অভিমতৰ স্বৰূপ বা প্রকৃতি আৰু ইহঁতৰ পাৰ্থক্য অতি বিস্তৃতভাবে আলোচিত হৈছে।
আলোচনাৰ প্ৰাক্ষণত অভিমত আৰু জ্ঞানৰ পাৰ্থক্য বা স্বৰূপ জানি লোৱা ভাল। প্লেটোৰ
প্রদত্ত অভিমত আৰু জ্ঞানৰ স্বৰূপ আৰু পাৰ্থক্য ৰাছেলে ব্যাখ্যা কৰিছে এনেদবে-
এনেকুাৱা এজন মানুহ বিবেচনা কৰক যিয়ে কেৱল সুন্দৰ সুন্দৰ বস্তু ভাল পায়, যিয়ে নতুন নতুন ছবি
দেখে, নতুন নতুন সংগীত শুনে আৰু এইবোৰক লৈ নতুন নতুন ট্রেজেডি ৰচনা কৰে। এইধৰণৰ
মানুহ দার্শনিক হ'ব নোৱাৰে, কাৰণ তেওঁ কেৱল সুন্দৰ সুন্দৰ বস্তুক ভাল পায়। কিন্তু প্রকৃত দার্শনিকে
সুন্দৰৰ অন্তঃস্থ সুন্দৰক ভাল পায়। যি মানুহে কেৱল সুন্দৰ বস্তুক ভাল পায়, তেওঁ কেৱল স্বপ্নই
দেখে। আনফালে, যিয়ে পৰম সুন্দৰক ভাল পায় তেওঁ সদা জাগ্রত। ৰাছেলৰ মতে প্রথমোক্ত ব্যক্তিৰ
কেৱল অভিমত আছে আৰু দ্বিতীয়োক্ত ব্যক্তিৰ আছে জ্ঞান।
উত্তৰঃ প্লেটোৰ ন্যায় সূত্ৰৰ মূল বৈশিষ্ট্যসমূহ হৈছে
—
(খ) প্লেটোৰ ন্যায়ত জ্ঞানৰ ওপৰত বেছি প্রাধান্য দিয়া হয়।
(গ) শ্রম বিভাজন আৰু জ্ঞানৰ কামত হস্তক্ষেপ নকৰা ইয়াৰ এটা অন্যতম বৈশিষ্ট্য।
(ঘ) প্লেটোৰ ন্যায় অনুসৰি যিজন ব্যক্তি যিটো কামৰ বাবে উপযুক্ত সেইটোহে কৰিব
লাগে।
(ঙ) ইয়াত প্রত্যেকৰে কামৰ মাজত ঐক্য স্থাপন হয়।
(চ) প্রত্যেক শ্রেণীয়ে নিজৰ দায়িত্ব ভালকৈ পালন কৰিব লাগিব।
(খ) প্লেটোৰ ন্যায় নৈতিকতাৰ লগতহে জড়িত, আইন আৰু শৃংখলাৰ লগত নহয়।
কিন্তু সাম্প্রতিক সময়ত ন্যায় আইন, বিচাৰালয় আৰু বিচাৰ প্ৰক্ৰিয়াৰ লগতহে জড়িত।
(গ) প্লেটোৰ মতে সমাজৰ একো একোজন লোক একো একোটা বিশেষ কামৰ বাবেহে উপযুক্ত।
কিন্তু কিছুমান লোক বহু প্ৰতিভাৰ অধিকাৰী হয়। তেনে ক্ষেত্ৰত তেনে লোকৰ ব্যক্তিত্ব
বিকাশৰ ই পৰিপন্থীহে হ'ব।
(ঘ) প্লেটোৰ মতে মানুহৰ আত্মাৰ তিনিটা গুণ আছে। কিন্তু মানুহৰ বহুত গুণ থাকিব
পাৰে আৰু এজন মানুহ কেইবাটাও দিশত পাৰদর্শী হ'ব পাৰে।
(ঙ) প্লেটোৰ ন্যায় বিশাল গণতান্ত্রিক ৰাষ্ট্ৰৰ বাবে উপযোগী নহয়।
(চ) প্লেটোৱে ন্যায় আৰু সমতাৰ মাজত কোনো সম্পর্ক দেখুওৱা নাই। কিন্তু ন্যায় আৰু
সমতাৰ মাজত নিবিড় সম্পর্ক আছে। সমাজত সমতাৰ পৰিৱৰ্তে বৈষম্য থাকিলে ন্যায়
প্রতিষ্ঠা নহয়।
(ছ) প্লেটোৱে ন্যায় আৰু নৈতিকতাৰ মাজতো সম্বন্ধ দেখুওৱাত ব্যর্থ হৈছে।
(জ) প্লেটোৰ মতে আনৰ কামত হস্তক্ষেপ নকৰাটোবেই ন্যায়। কিন্তু কেতিয়াবা
প্রশাসনিক কার্যত আনৰ কামত হস্তক্ষেপ কৰটো অতি প্রয়োজন।
উত্তৰঃ প্লেটোৱে তেওঁৰ ৰিপাব্লিক সংলাপৰ সৰ্বশেষ
পুস্তকত ধাৰণাতত্ত্বক সুস্পষ্টভাৱে ব্যাখ্যা কৰিছে। প্লেটোৰ দাৰ্শনিক তত্ত্ববোৰৰ
ভিতৰত সর্বোত্তম তত্ত্ব হৈছে তেওঁৰ ধাৰণাতত্ত্ব বা আকাৰতত্ত্ব। প্লেটোৰ দৰ্শনত
জাতি বা আকাৰ (form), ধাৰণা (Idea) আৰু সামান্য (universal) সমার্থক। প্লেটোৰ মতে যেতিয়া একাধিক বস্তু মিলি
এটা অভিন্ন নামৰ নির্দেশ কৰে, তেতিয়া সেই নামৰ অন্তৰালত নিশ্চয় এটা অভিন্ন
ধাৰণা থাকে। সৌন্দর্য হ'ল ধাৰণা, যাৰ ওপৰত বিশেষ বিশেষ সুন্দৰ বা ধুনীয়া বস্তুসমূহ নিৰ্ভৰ কৰিছে। এই বিশেষ
বিশেষ সুন্দৰ বস্তু হ'ল সৌন্দৰ্য ধাৰণাৰ প্ৰতিৰূপ বা অনুলিপি বা নকল (copy)| ইন্দ্ৰিয় সংবেদনেৰে লাভ
কৰিব পাৰি বিশেষ বিশেষ সুন্দৰ বস্তুৰ জ্ঞান; কিন্তু সৌন্দৰ্যৰ জ্ঞান লাভ
কৰা যায় বুদ্ধিৰে। এই সৌন্দৰ্যৰ ধাৰণাৰ মননিৰপেক্ষ আৰু মনাতিৰিক্তভাবে বাস্তব
সত্তা আছে।
প্লেটোৰ ধাৰণা বা আইডিয়াৰ বৈশিষ্ট্যসমূহ হ'ল —
(ক) ধাৰণা বা আকাৰবোৰ দ্রব্য (substance)। লৌকিক অর্থত দ্রব্য বুলিলে বুজায় লো, পিতল, কাঠ, পানী ইত্যাদি। দ্রব্যসমূহ গুণৰ আধাৰ, গুণবোৰ দ্রব্যক আশ্ৰয় কৰি থাকে, কিন্তু দ্রব্য গুণনির্ভৰ নহয়। দার্শনিক অর্থত দ্রব্য হ'ল স্বনির্ভব সত্তা, যি নিজৰ অস্তিত্বৰ বাবে আন কাৰো ওপৰত নিৰ্ভৰ নকৰে, কিন্তু বাকী। সকলো বস্তু দ্ৰব্যৰ ওপৰত নিৰ্ভৰশীল। দ্রব্য স্বয়ং-ভু, স্বনিৰ্ভৰ আৰু স্বনিয়ন্ত্রিত। প্লেটোৱে এই অৰ্থত ধাৰণা বা আকাৰক দ্রব্য বুলি অভিহিত কৰিছে। ধাৰণাবোৰ পৰম সত্তা। সকলো বিশেষ বস্তু এই ধাৰণাবোৰৰ ওপৰত নিৰ্ভৰশীল। ধাৰণা বা আকাৰবোৰ এই বিশ্বজগতৰ আদিমূল তত্ত্ব (First principles of the universe)।
(খ) ধাৰণাবোৰ সামান্য (universal)। এটা ধাৰণা কোনো বিশেষ বস্তু নহয়। 'ঘোঁৰা'ৰ ধাৰণা ইটো-সিটো বিশেষ বিশেষ ঘোঁৰা নহয়। এইটো সকলো ঘোঁৰাৰ সাধাৰণ ধাৰণা। এইটো হ'ল সার্বিক ঘোঁৰা। আধুনিক যুগত এই যুক্তিতে ধাৰণাবোৰক প্ৰায় 'সামান্য' (universal) বুলি কোৱা হয়।
(গ) আকাৰ বা ধাৰণা কোনো বস্তু নহয়, এইবোৰ হ'ল চিন্তা (thought)। সাধাৰণ ঘোঁৰা বস্তু হিচাপে থাকিলে তাক আমি প্রত্যক্ষ কৰিব পাৰিলোঁহে 'তেন আৰু তেতিয়াহ'লে ই সামান্যৰ পৰিৱৰ্তে বিশেষ বস্তু হ'লেহে 'তেন। গতিকে ধাৰণাবোৰ বস্তু নহয়, ই হ'ল চিন্তা। কিন্তু ধাৰণাবোৰ চিন্তা হ'লেও ই কোনো ব্যক্তি বিশেষৰ চিন্তা বা ঈশ্বৰৰ চিন্তা নহয়। প্লেটোৰ মতে, ধাৰণাবোৰ বস্তুগতভাৱে আৰু মননিৰপেক্ষভাৱে অস্তিত্বশীল, যি কোনো বিশেষ মনৰ ওপৰত নিৰ্ভৰ নকৰি নিজ সত্তাত অস্তিত্বশীল।
(ঘ) প্রত্যেক ধাৰণা এটাকৈ ঐক্য (unity)। ই বহুৰ মাজত এক (One amid the many)। বিশেষ বিশেষ মানুহ বহু থাকিলেও 'মানুহ'ৰ ধাৰণা এটাই। প্রত্যেকটো শ্ৰেণীৰ বিপৰীতে একো একোটা ধাৰণা আছে। বিশেষ বিশেষ বস্তুবোৰ বহু হ'লেও সিহঁতৰ মাজৰ সাধাৰণ উপাদানেৰে ধাৰণা গঠিত। গতিকে ধাৰণা এক।
(ঙ) ধাৰণাবোৰ অপৰিৱৰ্তনী আৰু অবিনশ্বৰ (Immutable and imperishable)। বিশেষ বিশেষ ব্যক্তি মানুহ প্রতিদিন জন্মগ্রহণ কৰে আৰু মৃত্যুবৰণ কৰে। আকৌ জীয়াই থকাকালীন সিহঁতৰ বহু পৰিৱৰ্তন হয়। কিন্তু 'মানুহ' ধাৰণাটো অপৰিৱৰ্তনীয়, ইয়াৰ উৎপত্তি আৰু ধ্বংস নাই। অতীত, বর্তমান আৰু ভৱিষ্যৎ ত্রিকালব্যাপী ধাৰণাবোৰ অপৰিৱৰ্তনীয় আৰু অবিনশ্বৰ।
(চ) ধাৰণাবোৰ হ'ল সকলো বস্তুবে সাবসত্তা (essence)। সংজ্ঞাই আমাক এটা বস্তুৰ সাবসত্তাৰ জ্ঞান প্ৰদান কৰে। আমি যদি মানুহক 'বুদ্ধিবৃত্তিসম্পন্ন জীব' বুলি সংজ্ঞায়িত কৰোঁ, তেনেহ'লে ইয়াৰ অৰ্থ হ'ব যে বুদ্ধিয়েই মানুহৰ সাবসত্তা বা স্বৰূপধর্ম। মানুহৰ মাজত নাক, কাণ, হাত, ভবিব পার্থক্য থাকিব পাৰে, কিন্তু মানুহৰ বাবে যি আবশ্যকীয় সি হ'ল বৃদ্ধি। গতিকে ধাৰণাবোৰ হ'ল উল্লেখিত শ্রেণী বা জাতিটোৰ সাবসত্তা।
(ছ) ধাৰণাবোৰ স্ব স্ব বিষয়ত এটা পৰমপূর্ণ (An absolute perfection) আৰু ইয়াৰ পূৰ্ণতা সত্তাৰ অনুৰূপ। পূর্ণ মানুহ হ'ল সামান্য মানুহৰ আদর্শ (Universal type-man)- মানুহৰ ধাৰণাৰ আদর্শ। বিশেষ বিশেষ মানুহ কম-বেছি পৰিমাণে আদর্শ মানুহৰপৰা বিচ্যুত এক বিকৃত বা অপূর্ণ রূপ।
(জ) ধাৰণাবোৰ দেশ-কালৰ ঊর্ধত। ধাৰণাবোৰ দেশ আৰু কালত থাকিলে সিহঁতে নিশ্চয় কোনো বিশেষ স্থানত বিশেষ সময়ত থাকিব। তেনেহ'লে ইয়াৰ অৰ্থ হ'ব ধাৰণাবোৰ বিশেষ বিশেষ বস্তু, সামান্য নহয়। প্লেটোৰ মতে ধাৰণা দেশ- কালাতীত বাবে ধাৰণাৰ জ্ঞান ইন্দ্ৰিয় প্ৰত্যক্ষৰে লাভ কৰিব নোৱাৰি; বুদ্ধিবে অর্জিত প্রজ্ঞাৰ আলোকত ধাৰণাৰ জ্ঞান লাভ কৰা যায়।
(ঝ) ধাৰণাবোৰ বৌদ্ধিক (rational) আৰু কেবল বুদ্ধিৰ মাধ্যমত ইয়াৰ জ্ঞান লাভ কৰিব পাৰি। সকলো বস্তুবে মাজত যি সাধাৰণ উপাদান তাক অনুসন্ধান কৰাটো আগমনাত্মক যুক্তিৰ কাম আৰু ইয়াৰদ্বাৰাই কেবল ধাৰণাৰ জ্ঞান লাভ কৰা সম্ভব। প্লেটোৰ মতে স্বজ্ঞা (intuition) বা ৰহস্যমূলক আনন্দানুভূতিৰ (Mystic ecstasy) মাধ্যমত এনে অবিনশ্বৰ 'এক' আৰু পৰম সত্তাৰ জ্ঞান লাভ কৰা নাযায়। বৌদ্ধিক জ্ঞান আৰু কঠোৰ চিন্তনৰ (Rational cognition and laborious thought) মাধ্যমত এনে পৰম সত্তাৰ জ্ঞান লাভ কৰিব পাৰি।
(ঞ) ধাৰণাৰ সৰ্বশেষ বৈশিষ্ট্যটো এবিষ্ট'টলে উল্লেখ কৰিছে। জীবনৰ শেষ সন্ধিক্ষণত প্লেটোৰ ধাৰণাক পাইথাগোৰাছৰ সংখ্যাৰ (Pythagorean numbers) লগত অভিন্ন বুলি ভাবিছে। প্লেটোৱে ধাৰণাক বিভিন্ন বস্তুৰ মাজত শৃংখলাবদ্ধ কৰি কয় যে ধাৰণা সংখ্যাৰ লগত অভিন্ন। সংখ্যাৰ দৰে ধাৰণাও বুদ্ধিগ্রাহ্য, সংখ্যাৰ দৰে ধাৰণাতো বিশেষ বিশেষ বস্তুবোৰে অংশগ্রহণ কৰে। অবশ্যে সংখ্যাৰ লগত ধাৰণাক অভিন্ন বুলি কোৱাত প্লেটোৰ ধাৰণাতত্ত্ব এক উন্নত তত্ত্বৰপৰা অলপ পশ্চাৎমুখী হয়।
উত্তৰঃ জ্ঞানৰ প্রস্তাবিত সংজ্ঞাবোৰৰ ভিতৰত প্ৰথম
সংজ্ঞাটো হ'ল 'ইন্দ্রিয় প্রত্যক্ষই জ্ঞান' (Knowledge is sense-perception)। থিয়েটেটাছৰ ভাষাত- 'মই ভাবো, যেতিয়া কোনো ব্যক্তি
কিবা বিষয়ে জানে, তেতিয়া তেওঁ প্রত্যক্ষণৰ মাধ্যমেদি তাক জানে আৰু বর্তমানত মই যিমান দূৰ সম্ভৱ
লক্ষ্য কৰিছোঁ, জ্ঞান প্রত্যক্ষণ ভিন্ন আন একো নহয়'। প্লেটোৰ মতে, ওপৰোক্ত মতবাদ
প্রোেটাগোৰাছৰ 'মানুহেই সকলো বস্তুৰ মাপকাঠী' (Man is the measure of all things), অর্থাৎ 'হোমো মেনজুবা'
(Homo Mensura) মতবাদৰ লগত সাদৃশ্যপূর্ণ। অর্থাৎ যিকোনো প্রদত্ত বস্তু মোৰ ওচৰত যিভাবে
প্রতিভাত হয় সি মোৰ ওচৰত সেই ধৰণৰে আৰু তোমাৰ ওচৰত যি ধৰণবে প্রতিভাত হয় সি তেমাৰ
বাবে সেই ধৰণবেই। এই বক্তব্যৰ অর্থ হৈছে আন প্রতক্ষণ ভিন্ন আন একো নহয়। প্রত্যক্ষণ
সর্বদা এনে কিবা বস্তু যি অস্তিত্বশীল আৰু জ্ঞান হোৱাৰ কাৰণে সি অভ্রান্ত। কিন্তু
প্লেটোৰ অভিমত এয়ে যে প্রত্যক্ষই কেতিয়াও যথার্থ জ্ঞান প্রদান কৰিব নোৱাৰে।
প্রত্যক্ষই আমাক যি জ্ঞান দিয়ে সি ভ্রান্তিযুক্ত, স্ববিবোধী আৰু পৰিবর্তনশীল।
প্লেটোবে ইন্দ্রিয় প্রত্যক্ষ যে জ্ঞান নহয়- এই মতবাদক প্রতিষ্ঠা কৰিবলৈ তলত দিয়া
যুক্তিকেইটা আগবঢ়াইছে —
(For Paid User)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)