GU BA 2nd Sem

Political Science

Chapter 4 Question Answer

যুক্তৰাষ্ট্ৰবাদ আৰু স্থানীয় চৰকাৰ

▶▶ অতি চমু প্রশ্নোত্তৰঃ

১। ভাৰত এখন 'অৰ্দ্ধযুক্তৰাষ্ট্ৰ' বুলি কোনে কৈছিল?

উত্তৰঃ কে. চি. হুৱেৰ

২। ভাৰতৰ সংবিধানত যুক্তৰাষ্ট্ৰ শব্দটোৰ উল্লেখ আছেনে?

উত্তৰঃ নাই। ভাৰতক ৰাজ্যসমূহৰ সংঘ বুলি কোৱা হয়

৩। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ মাজত ক্ষমতাসমূহ ভাগ কৰাৰ বাবে সংবিধানৰ সপ্তম অনুসূচীত কিমানখন তালিকা আছে আৰু কি কি?

উত্তৰঃ তিনিখন। সেয়া হ'ল-

(ক) কেন্দ্রীয় সূচী, (খ) ৰাজ্যিক সূচী আৰু (গ) সমৱৰ্তী সূচী

৪। শিক্ষা আৰু জনস্বাস্থ্য সংবিধানৰ কোনখন তালিকাত সন্নিৱিষ্ট কৰা হৈছে?

উত্তৰঃ সমৱৰ্তী সূচী

৫। ৰাজ্যিক সূচীত কিমানটা বিষয় অন্তৰ্ভূক্ত কৰা হৈছে?

উত্তৰঃ ৬৬ টা

৬। কেন্দ্রীয় সূচীত কিমানটা বিষয় সন্নিবিষ্ট আছে?

উত্তৰঃ ৯৭ টা

৭। সমৱৰ্ত্তী সূচীত কিমানটা বিষয় সন্নিবিষ্ট আছে?

উত্তৰঃ ৫২ টা

৮। ভাৰতীয় সংবিধানৰ দুটা অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য উল্লেখ কৰা

উত্তৰঃ ভাৰতীয় সংবিধানৰ দুটা অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য হ'ল-

(১) এক নাগৰিকত্ব

(২) কেন্দ্ৰীয় চৰকাৰৰ প্ৰাধান্য

৯। কেন্দ্রীয় সূচীত থকা দুটা বিষয়ৰ উল্লেখ কৰা

উত্তৰঃ কেন্দ্ৰীয় সূচীত থকা দুটা বিষয় হ'ল-

(১) প্ৰতিৰক্ষা আৰু

(২) মুদ্রা

১০। ভাৰতৰ দুটা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য উল্লেখ কৰা

উত্তৰঃ ভাৰতৰ দুটা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য হ'ল-

(১) লিখিত সংবিধান আছে

(২) দুইধৰণৰ চৰকাৰ আছে-কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যসমূহৰ চৰকাৰ

১১। NITI আয়োগৰ সদস্যসকল কোন কোন?

উত্তৰঃ NITI আয়োগৰ সদস্যসকল হ'ল- এগৰাকী উপাধ্যক্ষ, ৰাজ্যসমূহৰ। মুখ্যমন্ত্ৰীসকল, কেন্দ্রীয়শাসিত ৰাজ্যৰ উপ-ৰাজ্যপালসকল, ৪গৰাকী কেন্দ্রীয়মন্ত্রী, মুখ্য কার্যবাহী বিষয়া আৰু বিশেষজ্ঞসকল

১২। কিমান চনত ভাৰতত পোন প্রথমে স্থানীয় স্বায়ত্তশাসন প্ৰৱৰ্তন কৰা হৈছিল?

উত্তৰঃ ১৮৮২ চনত

১৩। সমূহীয়া উন্নয়ন পৰিকল্পনা কিমান চনত ভাৰত চৰকাৰে প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ ১৯৫২ চনত

১৪। সংবিধানৰ ৭৩ তম সংশোধনৰ দুটা ব্যৱস্থা লিখা

উত্তৰঃ সংবিধানৰ ৭৩ তম সংশোধনৰ দুটা ব্যৱস্থা হ'ল- তিনিখলপীয়া পঞ্চায়তীৰাজ ব্যৱস্থা আৰু এক-তৃতীয়াংশ আসন মহিলাৰ বাবে সুৰক্ষিত

১৫। কোন চনত সমূহীয়া উন্নয়ন পৰিকল্পনা আৰম্ভ কৰা হৈছিল?

উত্তৰঃ ১৯৫২ চনত

১৬। কিমান চনত বলৱন্ত ৰায় মেহতা কমিটী গঠিত হৈছিল

উত্তৰঃ ১৯৫৭ চনত

১৭। বর্তমান গাঁও পঞ্চায়তৰ কাৰ্যকাল কিমান?

উত্তৰঃ ৫ বছৰ

১৮। গাঁও পঞ্চায়তৰ মুঠ সদস্য সংখ্যা কিমান জন?

উত্তৰঃ ১০ জন

১৯। সংবিধানৰ ৪৪ তম সংশোধনী কিমান চনত ঘটোৱা হয়?

উত্তৰঃ ১৯৭৮ চনত

২০। সংবিধানৰ ৮৬ তম সংশোধনী কিমান চনত ঘটোৱা হয়?

উত্তৰঃ ২০০২ চনত

২১। সকলো ধৰণৰ সংবিধান সংশোধনী বিধেয়কত কোনে স্বাক্ষৰ কৰাটো আৱশ্যকীয়?

উত্তৰঃ ৰাষ্ট্ৰপতিয়ে

২২। গাঁও পঞ্চায়তৰ সদস্যসকলক কোনে নির্বাচন কৰে

উত্তৰঃ গাঁও পঞ্চায়ত এলেকাৰ ভোটাৰসকলে নিৰ্বাচন কৰে

২৩। ১৯৯৪ চনৰ আইন অনুসৰি সৃষ্টি কৰা অসমৰ পঞ্চায়ত ব্যৱস্থাৰ খলপ তিনিটাৰ নাম লিখা

উত্তৰঃ ১৯৯৪ চনৰ আইন অনুসৰি সৃষ্টি কৰা অসমৰ পঞ্চায়ত ব্যৱস্থাৰ খলপ তিনিটাৰ নাম হ'ল —

(ক) গাঁও পঞ্চায়ত বা গাঁওসভা

(খ) আঞ্চলিক পঞ্চায়ত আৰু

(গ) জিলা পৰিষদ

২৪। হয় নে নহয় লিখাঃ

(ক) স্থানীয় স্বায়ত্ত শাসন প্রতিষ্ঠানসমূহ চৰকাৰৰ ক্ষুদ্র সংস্কৰণ। 

উত্তৰঃ হয়

(খ) স্থানীয় চৰকাৰৰ সাৰ্বভৌমত্ব আছে। 

উত্তৰঃ নহয়

(গ) অসমত কেৱল এখনহে পৌৰনিগম আছে

উত্তৰঃ হয়

(ঘ) গাঁও পঞ্চায়তে বিধি প্রণয়ন কৰিব নোৱাৰে। 

উত্তৰঃ নহয়

(ঙ) ১৯৯৪ চনৰ পঞ্চায়ত আইন মতে পঞ্চায়তৰ কাৰ্যকাল ৫ বছৰ নিৰ্ধাৰণ কৰা হৈছে

উত্তৰঃ হয়

▶▶ চমু প্রশ্নোত্তৰঃ

১। "ভাৰতবৰ্ষ এখন অৰ্দ্ধযুক্তৰাষ্ট্ৰ" - মন্তব্য দিয়া

উত্তৰঃ ভাৰতবৰ্ষক প্রকৃত যুক্তৰাষ্ট্ৰ বুলি অভিহিত কৰিব নোৱাৰি। দৰাচলতে ভাৰতবৰ্ষক এখন অৰ্দ্ধযুক্তৰাষ্ট্ৰ বুলি কোৱাটোহে সমীচিন। ভাৰতীয় সংবিধানত কিছুমান যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য আছে। যেনে- দুই প্ৰকাৰৰ চৰকাৰ, কেন্দ্ৰ আৰু চৰকাৰৰ মাজত ক্ষমতাৰ বিভাজন, উচ্চতম ন্যায়ালয় ইত্যাদি। কিন্তু এইবোৰ বৈশিষ্ট্য থকা সত্বেও ভাৰতবৰ্ষত একাত্মক বৈশিষ্ট্য বা অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যৰ প্রাধান্য রেছি

           উদাহৰণস্বৰূপে, অৱশিষ্ট ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাতত আছে। যেনে-ৰাজ্যসমূহত ৰাজ্যপালক ৰাষ্ট্ৰপতিৰ দ্বাৰা নিযুক্তি এক নাগৰকিত্ব, শক্তিশালী কেন্দ্ৰীয় চৰকাৰ ইত্যাদি বৈশিষ্ট্যই ভাৰতবৰ্ষক অধিক একাত্মক ৰাষ্ট্ৰ হিচাবে পৰিগণিত কৰিছে। সেইবাবে ভাৰতবৰ্ষক এখন অৰ্দ্ধযুক্তৰাষ্ট্ৰ বুলি কোৱা হয়

২। এনে দুটা পৰিস্থিতি উল্লেখ কৰা যি দুটা পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক সূচীভূক্ত বিষয়ৰ ওপৰত আইন প্রণয়ন কৰিব পাৰে

উত্তৰঃ বিশেষ পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক সূচীৰ ওপৰত আইন প্রণয়ন কৰিব পাৰে। যেনে -

(ক) দেশত জৰুৰী অৱস্থা ঘোষিত হ'লে

(খ) ৰাজ্যসভাত যদিহে দুই-তৃতীয়াংশ ভোটত এটা প্রস্তাব গৃহীত হয় যে জাতীয় স্বাৰ্থৰ ক্ষেত্ৰত ৰাজ্যিক সূচীৰ কোনো বিষয়ৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে আইন প্রণয়ন কৰিব লাগে, তেতিয়া কেন্দ্রীয় সংসদে উক্ত বিষয়ত আইন প্রণয়ন কৰিব পাৰে

৩। ভাৰতৰ পঞ্চায়তৰ বিৱৰ্তনৰ বিষয়ে সংক্ষেপে লিখা

উত্তৰঃ ভাৰতৰ পঞ্চায়তৰ বিৱৰ্তনৰ বিষয়ে তলত উল্লেখ কৰা হ'  —

(ক) পঞ্চায়ত ভাৰতবৰ্ষৰ এক অতি প্রাচীন অনুষ্ঠান। ভাৰতবৰ্ষত স্থানীয় চৰকাৰ পোনপ্ৰথমবাৰৰ বাবে ভাইছৰয় লর্ড ৰিপনে ১৮৮২ চনত প্ৰৱৰ্তন কৰে

(খ) স্বাধীনতা আন্দোলনৰ সময়তো মহাত্মা গান্ধীয়ে গ্ৰামীণ গণৰাজ্য স্থাপনৰ ওপৰত অতি গুৰুত্ব প্রদান কৰিছিল

(গ) ভাৰতীয় সংবিধানত পঞ্চায়ত ব্যৱস্থাক ৰাজ্যিক বিষয় হিচাপে সন্নিৱিষ্ট কৰা হৈছে আৰু ৰাষ্ট্ৰৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিসমূহতো ইয়াৰ উল্লেখ আছে

(ঘ) ১৯৫২ চনৰ 'কমিউনিটী ডেভেলপমেন্ট প্রগ্ৰেম'ৰ আধাৰত কিছুমান ৰাজ্যই ১৯৬০ চনত পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰৱৰ্তন কৰে

(ঙ) ১৯৯২ চনত ভাৰতীয় সংসদে ৭৩ আৰু ৭৪ তম সংবিধান সংশোধনৰ জৰিয়তে এই অনুষ্ঠানসমূহক সাংবিধানিক মর্যাদা দিয়ে। এই সংশোধনসমূহ ১৯৯৩ চনৰপৰা কাৰ্যকৰী হয়

৪। ১৯৯২ চনৰ ৭৩ তম সংবিধান সংশোধনীৰ জৰিয়তে পঞ্চায়ত অনুষ্ঠানসমূহক কিমানটা বিষয় প্ৰদান কৰা হৈছে?

উত্তৰঃ সংবিধানৰ ৭৩ তম সংশোধনীৰদ্বাৰা পঞ্চায়তসমূহক সর্বমুঠ ২৯টা বিষয়, যেনে- কৃষি, ক্ষুদ্র জলসিঞ্চন, গ্রাম্য আবাস, জল পৰিচালনা, গ্রাম্য বৈদ্যুতিকৰণ ইত্যাদি প্ৰদান কৰা হৈছে। ১৯৯২ চনত ভাৰতীয় সংসদে ৭৩ আৰু ৭৪ তম সংবিধান সংশোধনৰ জৰিয়তে এই অনুষ্ঠানসমূহক সাংবিধানিক মর্যাদা দিয়ে। এই সংশোধনসমূহ ১৯৯৩ চনৰপৰা কাৰ্যকৰী হয়

৫। স্থানীয় স্বায়ত্ত শাসনৰ কৃতকাৰ্যতাৰ কাৰণে প্রয়োজনীয় যিকোনো চাৰিটা চর্ত লিখা

উত্তৰঃ স্থানীয় স্বায়ত্ত শাসনৰ কৃতকাৰ্যতাৰ চাৰিটা চর্ত হ'ল-

(ক) স্থানীয় প্রতিষ্ঠানসমূহৰ আৰ্থিক অৱস্থা টনকিয়াল কৰা

(খ) স্থানীয় কার্য আৰু সমস্যা সমাধানৰ ক্ষেত্ৰত এনে প্রতিষ্ঠানসমূহক স্বাধীনতা প্রদান কৰা

(গ) দৰিদ্রতা নির্মূল আঁচনি ৰূপায়ণ কৰা

(ঘ) কৃষিৰ উন্নতি আৰু সম্প্ৰসাৰণ কৰা

৬। স্থানীয় চৰকাৰৰ চাৰিটা কাৰ্য উল্লেখ কৰা

উত্তৰঃ স্থানীয় চৰকাৰৰ চাৰিটা কাৰ্য হ'  —

 (ক) খোৱা পানীৰ ব্যৱস্থা কৰা

(খ) গ্রাম্য বৈদ্যুতিকীকৰণ

(গ) দৰিদ্রতা নির্মূল আঁচনি ৰূপায়ণ কৰা

(ঘ) কৃষিৰ উন্নতি অক সম্প্ৰসাৰণ কৰা

৭। নগৰ পালিকাৰ দুটা কাৰ্য উল্লেখ কৰা

উত্তৰঃ নগৰ পালিকাৰ দুটা কাৰ্য হ'  —

(ক) পৌৰ অনুষ্ঠানসমূহে সংবিধানৰ দ্বাদশ অনুসূচীৰ অধীনত অন্তভূক্ত ওঠৰটা বিষয়ৰ ওপৰত আঁচনি যুগুত আৰু ৰূপায়ণ কৰিব পাৰে

(খ) পৌৰ অনুষ্ঠানসমূহলৈ কৰ আৰোপ আৰু সংগ্ৰহ কৰৰ ক্ষমতা অর্পণ কৰা হৈছে। পৌৰ এলেকাৰ অন্তৰ্ভূক্ত পৰিসীমাৰ ভিতৰত এই অনুষ্ঠানসমূহে কৰ আৰোপ আৰু সংগ্রহ কৰি পুঁজি গঠন কৰিব পাৰে

৮। গ্রাম স্বৰাজৰ অৰ্থ কি? ইয়াক কোনে উদ্ভাৱন কৰিছিল?

উত্তৰঃ গ্রাম্য স্বৰাজৰ অৰ্থ হ'ল গাঁও অঞ্চলত স্ব-শাসন প্রতিষ্ঠা কৰা। স্বাধীনতাৰ পূৰ্বে ভাৰতবৰ্ষৰ সংখ্যাগৰিষ্ঠ জনসাধাৰণ গাঁওত বসবাস কৰিছিল। ব্ৰিটিছে ভাৰতত উপনিৱেশিক শাসন প্রতিষ্ঠা কৰাৰ আগতে গাঁও অঞ্চলসমূহ আত্মনির্ভৰশীল আক স্বয়ংসম্পূর্ণ আছিল। ব্রিটিছৰ শাসন কালত ভাৰতৰ অর্থনীতি দুর্বল হৈ পৰিছিল। গাঁওসমূহৰ অর্থনৈতিক অৱস্থাৰ অৱনটি ঘটিছিল। সেই বাবেই গান্ধীয়ে গ্রাম্য স্বৰাজৰ ধাৰণা প্ৰচাৰ কৰি গাঁওসমূহ স্বনিৰ্ভৰশীল কৰি গঢ়ি তুলিব বিচাৰিছিল। গান্ধীয়ে গাঁওসমূহত কুটীৰ তথা হস্তশিল্পৰ পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব দিছিল। গান্ধীয়ে গাঁওসমূহত পঞ্চায়ত গঠন কৰি গ্রাম্য স্বৰাজ প্ৰতিষ্ঠাৰ কল্পনা কৰিছিল

৯। চমুটোকা লিখাঃ

(ক) গাঁও পঞ্চায়তৰ পুঁজি

উত্তৰঃ গাঁও পঞ্চায়তে ইয়াৰ বিভিন্ন কাম-কাজ কৰিবৰ বাবে এটা পুঁজি গঠন কৰিব পাৰে। এই পুঁজি গঠন কৰিবৰ কাৰণে বিভিন্ন উৎসৰ পৰা ধন সংগ্রহ কৰিব পাৰে

 (১) গাঁও পঞ্চায়তৰ আয়ৰ এটা প্রধান উৎস হৈছে কেন্দ্রীয় নাইবা ৰাজ্যিক চৰকাৰৰ অনুদান

(২) জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ পৰা লাভ কৰা অনুদান আৰু দান বৰঙণি

(৩) গাঁও পঞ্চায়তে বিভিন্ন বয়-বস্তুৰ ওপৰত কৰ, মাচুল আদি আৰোপ আৰু সংগ্রহ কৰিব পাৰে

(৪) গাঁও পঞ্চায়তে কেন্দ্রীয় বা ৰাজ্যিক চৰকাৰৰ পৰাও ঋণ ল'ব পাৰে

(৫) পঞ্চায়তে জৰিমনা কৰিও ধন সংগ্ৰহ কৰিব পাৰে

(৬) বিভিন্ন উৎসৰ পৰা লাভ কৰা দান-বৰঙণি আৰু লাভ কৰা আয়

(৭) শিক্ষানুষ্ঠান, চিকিৎসালয় আদি পৰিচালনা কৰাৰ কাৰণে লাভ কৰা আয়

            এইদৰে বিভিন্ন উৎসৰ পৰা লাভ কৰা ঋণৰ পৰা গাঁও পঞ্চায়তৰ পুঁজি গঠন কৰিব পাবে

(খ) পৌৰ সভা

উত্তৰঃ ২০০২ চনৰ তথ্য অনুসৰি ভাৰতবৰ্ষত মুঠতে ৭০০০ খন পৌৰসভা আছে। ভাৰতবৰ্ষত বর্তমানে সকলোবোৰ ৰাজ্যৰতেই পৌৰসভাৰ উপস্থিতি দেখা যায়। এখন ৰাজ্যত কিমানখন পৌৰসভা থাকিব ই নিৰ্ভৰ কৰে সংশ্লিষ্ট ৰাজ্যখনৰ আকাৰ, নগৰীকৰণৰ প্রকৃতি, নগৰৰ সংখ্যা, জনবসতিৰ ঘনত্ব ইত্যাদিৰ ওপৰত

          পৌৰসভাসমূহ ৰাজ্যৰ দ্বাৰা প্ৰণীত পৌৰ আইনৰ জৰিয়তে পৰিচালনা হয়। বেছিভাগেই ৰাজ্যৰে পৌৰসভাৰ বাবে থকা পৌৰ আইনসমূহ যোৱাটো শতিকাৰ দ্বিতীয় আৰু তৃতীয় দশকত গৃহীত হোৱা। উদাহৰণস্বৰূপে অসমত পোেন প্রথমে ১৮৫০ চনত পৌৰসভা গঠন কৰা হৈছিল যদিও ১৯২৩ চনতহে অসমে নিজাববীয়াকৈ পৌৰআইন গ্রহণ কৰিছিল। ১৯০০ চনৰ পৰা দেশৰ বাকী ৰাজ্য কিছুমানৰ গৃহীত হোৱা আন কিছুমান পৌৰআইন হল  —

(১) বোম্বে জিলা নগৰপালিকা আইন, ১৯০১

     The Bombay District Municipalities Act, 1901

(২) পাঞ্জাব পৌৰ আইন, ১৯১১

      The Punjab Municipal Act, 1911

(৩) সংযুক্ত প্রদেশসমূহৰ নগৰপালিকা আইন, ১৯১৬

      The United Provinces Municipalities Act, 1916

(৪) বিহাৰ আৰু উৰিষ্যা পৌৰ আইন, ১৯২২

      The Bihar and Orissa Municipal Act, 1922

(৫) বোম্বে পৌৰ আইন, ১৯২৫

      The Bombay Municipal Boroughs Act, 1925

(৬) বেংগল পৌৰ আইন, ১৯৩২

      The Bangal Municipal Act, 1932

           এই পৌৰ আইনসমূহৰ জৰিয়তে ৰাজ্যসমূহে নিজাববীয়াকৈ পৌৰসভা গঠন কৰিছিল। ১৯২৩ চনতে গৃহীত হোৱা অসম পৌৰ আইনখনেও অসমৰ পূৰ্ব স্থানীয় পৌৰশাসনৰ ভালেখিনি পৰিৱর্তন ঘটায়। এই আইন মতে অসমৰ পৌৰসভাৰ বাবে থকা নিম্নতম সদস্যসংখ্যা দহজনলৈ বৃদ্ধি কৰা হয়

          আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এইটোরে যে ১৯২৩ চনৰ পৌৰ আইন অনুসৰি প্রায় সকলোবিলাক পৌৰসভাতে নিৰ্বাচন পদ্ধতিৰ প্ৰচলন কৰা হয়

           ১৯৫৬ চনত অৰ্থাৎ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছত ৰাজ্যসমূহৰ পুনৰ গঠন হয় আৰু বেছিভাগ ৰাজ্যতে পূৰ্বৰ আইন সংশোধন হয়। কিছুমান ৰাজ্যত আকৌ একেবাৰে নতুনকৈ পৌৰ আইন গ্রহণ কৰা হয়। নতুনকৈ পৌৰ আইন গ্রহণ কৰিবলগীয়া হোৱাৰ দুটা প্ৰধান কাৰণ হ'ল - প্রথমে, ৰাজ্যসমূহৰ পুনর্গঠনে ৰাজ্যসমূহৰ সীমান্তৰ পৰিৱর্তন ঘটালে। এই পৰিৱৰ্তনৰ ফলত ইতিমধ্যে কাৰ্যৰত অৱস্থাত থকা পৌৰসভাসমূহৰ কাম- কাজত বিঘিনি ঘটালে। কেতিয়াবা এখন পৌৰসভাৰ প্রশাসনিক এলেকা দুখন ৰাজ্যত অন্তর্ভুক্ত হৈছিল আৰু কেতিয়াবা বিভিন্ন দিশৰ পৰা পৌৰসভাই নিজৰ সদস্যসমূহৰ মাজত সম্ভাৱ গঢ়ি তুলিব নোৱাৰিছিল। সেয়ে গোটেই দেশৰ পৌৰসভাসমূহৰ বাবে বিধিৰ ঐক্যতাৰ প্রয়োজন হৈছিল

▶▶▶ ৰচনাধর্মী প্রশ্নোত্তৰঃ

১। ভাৰতৰ কেন্দ্ৰ-ৰাজ্য সম্পৰ্কৰ বিষয়ে আলোচনা কৰা

উত্তৰঃ ১৯৮৩ চনত গঠিত চাৰিকাৰীয়া আয়োগে কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ মাজৰ সম্পৰ্ক উন্নত কৰাৰ বিষয়ে বহুতো পৰামৰ্শ আগবঢ়াইছে। সেই পৰামৰ্শবোৰ হ'  —

(ক) ৰাষ্ট্ৰপতিয়ে ৰাজ্যবিলাকৰ কাৰণে ৰাজ্যপাল নিয়োগ কৰোতে সংশ্লিষ্ট ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ লগতে লোকসভাৰ অধ্যক্ষ আৰু উপৰাষ্ট্ৰপতিৰ লগত আলোচনা কৰিব লাগে

(খ) বাজ্যপালব কার্যকাল ৫ বছৰীয়া হ'ব লাগে

(গ) অৱসব গ্রহণ কৰাৰ পাছত বাজ্যপালক অন্য কোনো কামত নিয়োগ কৰিব নালাগে। 

(ঘ) কোনো ৰাজনীবিদক ৰাজ্যপালকপে নিয়োগ কৰিব নালাগে

(ঙ) আন্তবাজ্যিক পৰিষদ, আন্তঃ চৰকাৰ পৰিষদ গঠন কৰি বিভিন্ন সমস্যা সমাধান কৰিবলৈ ৰাজ্য চৰকাৰবোৰক পৰামর্শ দিছে। এইবোৰ পৰিচালনাৰ বাবে ক্ষুদ্র পৰিচালনা সমিতি গঠন কৰাৰ পৰামৰ্শ দিছে

(চ) চৰকাৰে গ্রহণ কৰা নীতি কাৰ্যকৰী কৰেনে নকৰে এই বিষয়ে ৰাজ্যপালে গুৰুত্ব দিব নালাগে

(ছ) বিধানসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰি থকালৈকে মুখ্যমন্ত্রীক বৰ্খাস্ত কৰিব নালাগে

(জ) মন্ত্রীসভাৰ পৰামৰ্শ সাপেক্ষে ৰাজ্যপালে কোনো বিষয় ৰাষ্ট্ৰপতিলৈ প্রেৰণ কৰিব লাগে। 

(ঝ) যিটো দলে বিধানসভাথ সংখ্যাগৰিষ্ঠতা লাভ কৰে সেই দলক ৰাজ্যপালে মন্ত্রীসভা গঠন কৰিবলৈ সুবিধা দিব লাগে

(ঞ) বিত্তীয় আয়োগ, পৰিকল্পনা আয়োগ ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদৰ কাম-কাজ উন্নয়নৰ বাবেও বিভিন্ন পৰামর্শ প্রদান কৰিছে

           কেন্দ্ৰ আৰু ৰাজ্যৰ সম্বন্ধ সম্পর্কে চাৰকাৰী আয়োগৰ পৰামৰ্শাৱলী মন কৰিবলগীয়া। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত সম্পৰ্কৰ বিষয়ত বিভিন্ন সময়ত বিবাদ সৃষ্টি হৈ আহিছে। ভাৰতবৰ্ষ যুক্তৰাষ্ট্ৰ হোৱাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতা বিভাজনৰ বিষয়ত বিবাদ সঘনাই উত্থাপিত হয়। ভাৰতৰ বিভিন্ন ৰাজ্যত অকংগ্ৰেছী চৰকাৰ প্ৰতিষ্ঠা হৱাৰ বাবে আৰু আঞ্চলিক দলসমূহে শক্তি আহৰণ কৰাৰ পিছৰে পৰা কেন্দ্ৰ-ৰাজ্যৰ সম্পৰ্কত বিবাদৰ মাত্ৰা বাঢ়ি আহিল। এনেবোৰ বিবাদৰ পৰিপ্ৰেক্ষিতত চাৰকাৰীয়া আয়োগ গঠন কৰিব লগা হৈছিল

২। কেন্দ্ৰ-ৰাজ্যৰ মাজত থকা বিধায়িনী সম্পৰ্কৰ বিষয়ে লিখা

উত্তৰঃ কেন্দ্ৰৰ আৰু ৰাজ্যৰ মাজত থকা আইন সংক্রান্ত সম্পৰ্কৰ বিষয়ে সংবিধানৰ একাদশ অংশত উল্লেখ কৰা হৈছে। ভাৰতবৰ্ষত আইন সংক্রান্ত ক্ষমতাবোৰ তিনিখন সূচীৰ দ্বাৰা কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ভাগ কৰি দিয়া হৈছে আৰু অৱশিষ্ট ক্ষমতাসমূহ কেন্দ্ৰক প্ৰদান কৰা হৈছে। সংবিধানৰ সপ্তম অনুসূচীত উল্লেখ কৰা সূচী তিনিখন হ'ল- (ক) কেন্দ্রীয় সূচী (খ) ৰাজ্যিক সূচী আৰু (গ) সমৱর্তী সূচী

(ক) কেন্দ্রীয় সূচীঃ- কেন্দ্রীয় সূচীত ৯৮ (বর্তমান) টা বিষয় অন্তর্ভুক্ত কৰা হৈছে। কেন্দ্রীয় সূচীত অন্তর্ভুক্ত বিষয়সমূহৰ ওপৰত কেৱল কেন্দ্ৰীয় চৰকাৰে আইন প্রণয়ন কৰিব পাৰে। কেন্দ্রীয় সূচীত অন্তর্ভুক্ত উল্লেখযোগ্য বিষয়সমূহ হ'ল- প্রতিক্ষা, বৈদেশিক সম্বন্ধ, মুদ্রা, শান্তি আৰু যুদ্ধ, পাৰমাণৱিক শক্তি, ৰে'ল পৰিবহণ, নাগৰিকত্ব, নির্বাচন আদি

(খ) ৰাজ্যিক সূচীঃ- ৰাজ্যিক বিধানমণ্ডলে ৰাজ্যিক সূচীভুক্ত বিষয়ৰ ওপৰত আইন প্রণয়ন কৰিব পাৰে। ৰাজ্যিক সূচীত ৬৬টা বিষয়ৰ উল্লেখ আছেষ কিন্তু বর্তমান ৬১টা বিষয়হে কার্যক্ষম হৈ আছে। ৰাজ্যিক সূচীত উল্লেখ থকা বিষয়বোৰ হ'ল- পুলিচ স্থানীয় শাসন, জনস্বাস্থ্য, যাতায়াত, কৃষি, পানী যোগান ইত্যাদি। অৱশ্যে বিশেষ পৰিস্থিতিত কেন্দ্রীয় সংসদে ৰাজ্যিক সুচীভূক্ত বিষয়ৰ ওপৰত আইন প্রণয়ন কৰিব পাৰে

(গ) সমৱতী সূচীঃ- কেন্দ্রীয় সংসদ নাইবা ৰাজ্যিক বিধানমণ্ডল উভয়ৰে সমবর্তী সুচীক অন্তর্ভুক্ত বিষয়বোৰৰ ওপৰত আইন প্রণয়ন কৰাৰ অধিকাৰ আছে। সমৱৰ্তী সূচীত প্রথমতে ৪৭টা বিষয়ৰ কথা উল্লেখ আছিল যদিও বর্তমান ইয়াৰ সংখ্যা হ'ল ৫২টা। সমৱৰ্তী সূচীৰ বিষয়বোৰ হ'ল- বিবাহ, বিবাহ বিচ্ছেদ, কৃষিৰ মাটিৰ বাহিৰে আন সম্পত্তি হস্তান্তৰ, জন্ম নিয়ন্ত্ৰণ আৰু পৰিয়াল পৰিকল্পনা, মূল্য নিয়ন্ত্ৰণ আদি। এই সূচীৰ ক্ষেত্ৰত অৱশ্যে ৰাজ্যৰ তুলনাত কেন্দ্ৰক প্রাধান্য দিয়া হয়

(ঘ) সংবিধানৰ তিনিখন সূচীত অন্তর্ভুক্ত নোহোৱা অৱশিষ্ট বিষয়বোৰৰ ওপৰত আইন প্রণয়নৰ ক্ষমতা কেন্দ্রীয় সংসদৰ ওপৰত ন্যস্ত কৰা হৈছে

           ৰাজ্যিক সূচীৰ বিষয়সমূহৰ ওপৰত আৰু ৰাজ্যৰ বিধায়িনী ক্ষমতাৰ ওপৰত কেন্দ্ৰৰ হস্তক্ষেপঃ আইন প্রণয়নৰ ক্ষেত্ৰত সংবিধানে ক্ষমতা বিভাজনৰ ক্ষেত্ৰত কেন্দ্রক প্রাধান্য দিয়াৰ উপৰিও বিশেষ, বিশেষ, পৰিস্থিতিত কেন্দ্রীয় সংসদে ৰাজ্যৰ আইন প্ৰণয়ন ক্ষমতাৰ ওপৰত হস্তক্ষেপ কৰিব পাৰে

(ক) জাতীয় স্বার্থৰ ক্ষেত্ৰতঃ- সংবিধানৰ ২৪৯নং অনুচ্ছেদ অনুসৰি ৰাজ্যসভাৰ উপস্থিত সদস্যৰ দুই-তৃতীয়াংশৰ সমর্থনত কোনো ৰাজ্যিক তালিকাভুক্ত বিষয়ৰ লগত ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰশ্ন জড়িত থকা বুলি প্রস্তাৱ পাছ কৰিলে কেন্দ্ৰীয় সংসদে তেনে বিষয়ৰ ওপৰত আইন প্রণয়ন কৰিব পাৰে

(খ) জাতীয় জৰুৰী অৱস্থাৰ সময়তঃ- সংবিধানৰ ২৫০নং অনুচ্ছেদ অনুসৰি দেশৰ জৰুৰী অৱস্থা ঘোষণা কৰা হ'লে কেন্দ্ৰীয় সংসদে ৰাজ্যিক সূচীৰ বিষয়সমূহৰ ওপৰত আইন প্রণয়ন কৰিব পাৰে

(গ) জাতীয় জৰুৰী অৱস্থাঃ- সংবিধানৰ ৩৫৬নং অনুচ্ছেদ অনুসৰি কোনো ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰা হ'লে সেই ৰাজ্যৰ বিধানসভাখন ভংগ কৰি দিয়া হয়। তেনে পৰিস্থিতিত সংশ্লিষ্ট ৰাজ্যখনৰ বাবে কেন্দ্ৰীয় সংসদে আইন প্রণয়ন কৰিব পাৰে

(ঘ) বিধানসভাৰ বিশেষ বিধেয়ক উত্থাপনৰ বাবে ৰাষ্ট্ৰপতিৰ সন্মতিঃ- ৰাষ্ট্ৰপতিৰ পূর্ব অনুমোদন সাপেক্ষে ৰাজ্য বিধানসভাত কিছুমান বিধেয়ক উত্থাপন কৰা হয়

(ঙ) ৰাষ্ট্ৰপতিৰ সম্মতিৰ বাবে কিছুমান ৰাজ্যিক বিধেয়ক নির্দিষ্ট কৰি ৰখা হয়ঃ- ৰাজ্যপালে ৰাজ্যিক বিধানমণ্ডলৰ দ্বাৰা অনুমোদিত কিছুমান বিধেয়ক বাষ্ট্রপতির বিবেচনাৰ বাবে তেওঁৰ ওচৰত প্ৰেৰণ কৰিব পাবে। বাষ্ট্রপতিয়ে তেনে বিধেয়কত সম্মতি প্রদান নকৰাকৈ পুনৰ বিবেচনা কৰাৰ বাবে বিধান মণ্ডললৈ ওভতাই পঠাব পাৰে

(চ) ৰাজ্যিক বিধানমণ্ডলৰ সন্মতিত কেন্দ্ৰৰ আইন প্রণয়নঃ- সংবিধানৰ ২৫ ২নং অনুচ্ছেদ অনুসৰি দুখন নাইবা ততোধিক ৰাজ্যিক বিধানমণ্ডলৰ অনুৰোধমর্মে কেন্দ্রীয় সংসদে ৰাজ্যিক তালিকাৰ বিষয়ৰ ওপৰত আইন প্রণয়ন কৰিব পাৰে

(ছ) আন্তর্জাতিক চুক্তি কাৰ্যকৰী কৰাৰ বাবেঃ- সংবিধানৰ ২৫৩নং অনুচ্ছেদ অনুযায়ী আন্তর্জাতিক সন্ধি, চুক্তি আদি কাৰ্যকৰী কৰিবৰ বাবে প্রয়োজন হ'লে সংসদে ৰাজ্যিক সূচীভুক্ত বিষয়ৰ ওপৰত আইন প্রণয়ন কৰিব পাৰে

(জ) কেন্দ্রীয় আইনৰ শ্রেষ্ঠত্বঃ- সংবিধানৰ ২৫১ নং অনুচ্ছেদ অনুসৰি কেন্দ্রীয় আইন আৰু ৰাজ্যিক আইনৰ মাজত সংঘাতৰ সৃষ্টি হ'লে কেন্দ্রীয় আইন বাহাল থাকে

          ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে আইন সংক্রান্ত ক্ষেত্রত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সম্পর্ক থাকিলেও কেন্দ্ৰই ৰাজ্যৰ ওপৰত সাধাৰণ আৰু বিশেষ দুই ধৰণৰ পৰিস্থিতিত আধিপত্য বিস্তাৰ কৰিব পাৰে

৩। নীতি আয়োগৰ বিষয়ে আলোচনা কৰা

উত্তৰঃ কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা আয়োগৰ সলনি ২০১৫ৰ ১ জানুৱাৰীত NITI (National Institution for Transforming India) গঠন কৰিছিল। প্ৰধান মন্ত্রী ইয়াৰ পদেন অধ্যক্ষ হিচাপে কাম কৰে। ইয়াৰ পৰিচালনা পৰিষদ সকলো ৰাজ্যৰ মুখ্যমন্ত্রী সকল, দিল্লী আৰু পণ্ডিচেৰীৰ মুখ্যমন্ত্রী, আন্দামান আৰু নিকোবৰৰ লেফটেনেন্ট গৱৰ্ণৰ আৰু প্ৰধান মন্ত্ৰীৰ দ্বাৰা মনোনীত উপাধ্যক্ষৰ দ্বাৰা গঠিত। ইয়াৰ পূৰ্ণকালীন সদস্য সকলৰ উপৰিও দুগৰাকী অংশকালীন সদস্য তথা চাৰিগৰাকী পদেন সদস্য আৰু এজন মুখ্য কার্যবাহী বিষয়া থাকে। সাময়িক সদস্যসকলক আগশাৰীৰ বিশ্ববিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠানৰ পৰা নিৰ্বাচিত কৰা হয়। NITI আয়োগ সৃষ্টিৰ লক্ষ্য হ'ল অৰ্থনৈতিক নীতি নির্ধাৰণ প্ৰক্ৰিয়াত ভাৰতৰ ৰাজ্য চৰকাৰ সমূহক জড়িত কৰোৱা তথা অংশ গ্রহণ বৃদ্ধি কৰা। দেশক সহযোগিতামূলক যুক্তৰাষ্ট্ৰলৈ উন্নীত কৰাৰ হকে নিম্ন পৰ্য্যায়ৰ পৰা উচ্চ পৰ্য্যায়লৈ আদৰ্শত জোৰ দিয়া। নীতি আয়োগৰ কাৰ্য্যৱলী সমূহ পৰিকল্পনা আয়োগৰ কাৰ্যাৱলীৰ সৈতে প্রায় একে। কিন্তু ইয়াৰ লগত আন কেতবোৰ পৰিপূৰক কাৰ্যও আছে। যেনে  —

(ক) গাঁও পৰ্যায়ত খাপ খাব পৰা পৰিকল্পনা প্ৰস্তুত কৰাৰ ব্যৱস্থা বিকাশ কৰা আৰু ক্রমান্বয়ে ওপৰৰ স্তৰত এইবোৰ একত্ৰিত কৰা

(খ) অর্থনৈতিক কৌশল আৰু নীতি ৰাষ্ট্ৰীয় নিৰাপত্তা অন্তর্ভুক্ত কৰাটো নিশ্চিত কৰা

(গ) ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বৌদ্ধিক সত্তাৰ তথা শিক্ষা আৰু নীতিৰ গৱেষণা প্ৰতিষ্ঠান সমূহৰ অংশ গ্রহণ, পৰামৰ্শ প্রদান আৰু অংশদাৰিত্বক উৎসাহ যোগোৱা

(ঘ) ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞ সকল আৰু অন্যান্য বিশেষ ব্যক্তি সকলৰ সমন্বিত সহযোগৰ জৰিয়তে জ্ঞান, উদ্ভাৱন আৰু উদ্যমিতা সমর্থন ব্যৱস্থাৰ সৃষ্টি কৰা

(ঙ) উন্নয়নৰ আঁচনি কাৰ্য্যকৰীকৰণ তৰান্বিত কৰাৰ উদ্দেশ্য আন্তঃখণ্ড আৰু আন্তঃবিভাগীয় সমস্যা সমূহ সমাধানৰ বাবে এখন মঞ্চ প্ৰদান কৰা

(চ) এক অত্যাধুনিক সম্পদ কেন্দ্ৰ ব্যৱস্থাপনা কৰা, সু-প্ৰশাসনৰ ওপৰত গৱেষণাৰ এক তথ্য ভাণ্ডাৰ প্ৰস্তুত কৰা আৰু উপযুক্ত তথা সম বিকাশৰ বাবে শ্রেষ্ঠতম কাৰ্যপন্থা অৱলম্বন কৰা

৪। ভাৰতৰ পঞ্চায়তী শাসন ব্যৱস্থা বা স্থানীয় স্বায়ত্তশাসন ব্যৱস্থাৰ উৎপত্তি আৰু বিকাশ সম্পর্কে আলোচনা কৰা

উত্তৰঃ ব্রিটিছসকলে শাসন কৰা সময়ত ভাৰতত স্বায়ত্তশাসনৰ ধাৰণাটো উৎপত্তি হৈছিল যদিও ১৯৯২ চনত সংবিধানৰ ৭৩ তম সংশোধনী কাৰ্যকৰী হোৱাৰ লগে লগে এই ব্যৱস্থাটোৱে সাংবিধানিক মর্যদা লাভ কৰে

        লর্ড বিপনৰ শাসনকালত ১৮৮২ চনত স্থানীয় স্বায়ত্তশাসন প্ৰৱৰ্তনৰ কাৰণে এই যুগন্তকাৰী সিদ্ধান্তটো গ্ৰহণ কৰা হৈছিল। পৰৱৰ্তী সময়ত ১৯১৯ চনৰ ভাৰত শাসন আইনৰ অধীনত স্থানীয় স্বায়ত্তশাসন বিষয়টোক দ্বৈত শাসনৰ অধীনত হস্তান্তৰিত বিষয় হিচাপে উল্লেখ কৰিছিল। এই সময়তে প্রদেশসমূহত গাঁও পঞ্চায়ত গঠন কৰা হৈছিল

          স্বাধীনতা লাভৰ পিচত ৰচিত দেশৰ সংবিধানৰ ৪০নং অনুচ্ছেদত গাঁও পঞ্চায়তসমূহক স্থানীয় স্বায়ত্তশাসনৰ গোট হিচাপে ৰাষ্ট্ৰৰ নিৰ্দেশনাত্মক নীতি হিচাপে সন্নিৱিষ্ট কৰিছিল। ১৯৫১ চনত পঞ্চমবার্ষিক পৰিকল্পনা, ১৯৫২ চনত সমূহীয়া উন্নয়ন প্রকল্প আৰু ১৯৫৩ চনত ৰাষ্ট্ৰীয় সম্প্ৰসাৰণ সেৱা আদি গ্রহণৰ জৰিয়তে গাঁৱৰ সামাজিক, অর্থনৈতিক, সাংস্কৃতিক আদি উন্নয়নৰ ওপৰত গুৰুত্ব দিয়া হৈছিল

          স্থানীয় স্বায়ত্তশাসন শক্তিশালী আৰু অধিক গণতান্ত্রিক বিকেন্দ্ৰীকৰণৰ বাবে ১৯৫৭ চনত কেন্দ্ৰীয় চৰকাৰে পৰামৰ্শ দিবলৈ বলবন্ত ৰায় মেহতা কমিটী গঠন কৰে। এই কমিটীয়ে ভাৰতত তিনি তৰপীয়া পঞ্চায়ত গঠনৰ পৰামৰ্শ আগবঢ়াইছিল

          ইয়াৰ পিচত ১৯৬৪ চনত চিদ্দিক আলী কমিটী, ১৯৭৪ চনত অশোক মেহতা কমিটী, ১৯৮৫ চনত জি. ভি. কে. ৰাও কমিটী আদি গঠন কৰিছিল

         অৱশেষত সংসদে সংবিধানৰ ৭৩ তম আৰু ৭৪ তম সংশোধনীৰ জৰিয়তে ভাৰতত পঞ্চায়তীৰাজ শাসন ব্যৱস্থাক সাংবিধানিক স্বীকৃতি প্রদান কৰে। এই সংশোধনীয়ে সংবিধানত নতুনকৈ নৱম অংশ আৰু একাদশ অনুসূচী সংযোগ কৰি পঞ্চায়ত সম্বন্ধীয় ব্যৱস্থাসমূহ লিপিবদ্ধ কৰে

৫। পৌৰসভাৰ গঠন সম্পর্কে আলোচনা কৰা

উত্তৰঃ পৌৰসভাৰ সদস্যবোৰৰ কিছুমানক নির্বাচিত কৰি আৰু আন কিছুমানক মনোনীত কৰি সদস্যপদ দিয়া হয়। ইয়াৰ উপৰিও আন কিছুমান পদেন সদ্যয়ো পৌৰসভাৰ সদস্যৰূপে নিযুক্তি পায়

(ক) নির্বাচিত সদস্য (Elected Members)- কোনো এখন পৌৰসভাৰ সদস্যসংখ্যা ৰাজ্যিক চৰকাৰে নিৰ্ধাৰণ কৰে। এই সংখ্যা ৰাজ্য ভেদে বেলেগ বেলেগ হ'ব পাৰে। প্ৰথমে পৌৰসভা এলেকাধীন গোটেই অঞ্চলটোক কিছুমান  ৱাৰ্ডত ভাগ কৰা হয় আৰু প্ৰতিটো ৱাৰ্ডৰ পৰা একোখন্তুকৈ সদস্যই অঞ্চলটোৰ ভোটাৰসকলৰ দ্বাৰা প্ৰত্যক্ষ ভোটৰ দ্বাৰা নিৰ্বাচিত হৈ পৌৰসভাৰ সদস্যপদ লাভ কৰে

(খ) মনোনীত সদস্য (Nominated Members)- প্ৰতিখন পৌৰসভাৰ একৰ পৰা পাঁচজন সদস্য ৰাজ্যিক চৰকাৰে মনোনীত কৰিব পাৰে। ৰাজ্যিক চৰকাৰে মনোনীত কৰা এই সদস্যসকলক বিভিন্ন বিষয়ত অভিজ্ঞ লোক হ'ব লাগে। তদুপৰি এই সদস্যসকলৰ নগৰ প্ৰশাসনৰ সম্পর্কে সুপস্পষ্ট জ্ঞান থকাটো অতি প্রয়োজন

        কিছুমান ৰাজ্যই এনে সদস্যসকলক সামাজিক কৰ্মীৰ মাজৰ পৰা মনোনীত কৰে। আকৌ কিছুমান ৰাজ্যত এনে মনোনীত সদস্যৰ এজন বা দুজন সদস্যক সংখ্যালঘু সম্প্রদায়ৰ পৰাও মনোনীত কৰা হয়

(গ) পদেন সদস্য (Ex-Officio Members)- প্ৰতিখন পৌৰসভাত নির্বাচিত আৰু মনোনীত সদস্যৰ উপৰিও আন কিছুমান পদেন সদস্যও তাকে। ৰাজ্যৰ বিধানসভাৰ বিধায়ক, কেন্দ্রীয় লোকসভা আৰু ৰাজ্যসভাৰ সাংসদ আদি যিসকল সংশ্লিষ্ট পৌৰসভাৰ ভিতৰত পৰে তেওঁলোকে পৌৰসভাৰ পদেন সদস্য। এই পদেন সদস্যসকলে পৌৰসভাৰ বৈঠকত উপস্থিত থাকিবৰ বাবে কিন্তু পৌৰসভাৰ সিদ্ধান্তত ভোট দিব নোৱাৰে

          এনেদৰে কিছুসংখ্যক নির্বাচিত সদস্য, কিছুসংখ্যক মনোনীত সদস্য আৰু আন আন পদেন সদস্যসমূহক লৈ পৌৰসভা গঠন হয়

 

Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)