GU BA 2nd Sem
Political Science
Chapter 3 Question Answer
অনুষ্ঠানসমূহ
▶▶ অতি চমু প্রশ্নোত্তৰঃ
১। ভাৰতীয় সংসদৰ সদন কেইখন?
উত্তৰঃ দুখন।
২। ভাৰতীয় সংসদৰ সদন দুখন কি কি?
উত্তৰঃ উচ্চ সদন বা বাজ্যসভা আৰু নিম্ন সদন বা লোকসভা।
৩। ভাৰতৰ সংসদ কোনখন সংবিধানৰ আর্হিত গঠিত?
উত্তৰঃ ভাৰতৰ সংসদ ব্রিটিছ সংবিধানৰ আর্হিত গঠিত।
উত্তৰঃ ১২জন।
৫। সংসদৰ যুটীয়া অধিৱেশনত কোনে সভাপতিত্ব কবে?
উত্তৰঃ লোকসভাৰ অধ্যক্ষই।
উত্তৰঃ ২০ জন।
উত্তৰঃ পাঁচ বছব।
উত্তৰঃ ৬৫ বছৰ।
৯। ভাৰতত ন্যায়িক সক্রিয়তাৰ আৰম্ভ কেতিয়াৰপৰা হৈছিল?
উত্তৰঃ ১৯৮৫ চনৰপৰা আৰম্ভ হৈছিল।
উত্তৰঃ ভিনচেন্ট ডি গুৰণী।
১১। লোক প্রশাসনত আমোলাতন্ত্রক কি হিচাপে ব্যৱহাৰ কৰা হয়?
উত্তৰঃ এটা সংগঠনৰ আৰ্হি হিচাপে।
(ক) জে. এছ. মিলৰ মতে, আমোলাতন্ত্রই সমাজত চৰকাৰৰ বৃত্তিগত ক সূচায়।
উত্তৰঃ কর্তৃপক্ষক।
(খ) প্লেটোৰ দাৰ্শনিক বজাৰ ধাৰণাটো আমোলাতন্ত্ৰৰ উদাহৰণ।
উত্তৰঃ অভিভাবকত্ব।
(গ) ৰ মতে আমোলাতন্ত্র হৈছে কোনো শাসন ব্যৱস্থাত আমোলাসকলৰ শাসন।
উত্তৰঃ লাস্কিৰ মতে।
(ঘ) ৰ মতে আমোলাতন্ত্রই সমাজত চৰকাৰৰ বৃত্তিগত কর্তৃপক্ষক সূচায়।
উত্তৰঃ জে. এছ. মিলৰ।
১৩। শুদ্ধ অশুদ্ধ বিচাৰ কৰাঃ
উত্তৰঃ শুদ্ধ।
উত্তৰঃ অশুদ্ধ।
উত্তৰঃ শুদ্ধ।
উত্তৰঃ উপ-ৰাষ্ট্রপতিয়ে।
উত্তৰঃ ২৬ জন।
উত্তৰঃ ৫ বছৰ।
উত্তৰঃ ২৫০ জন।
(v) ৰাজ্যসভাৰ কাৰ্যকাল 3/4/6 বছৰ।
উত্তৰঃ ৬ বছৰ।
১। ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নির্বাচিত হ'বলৈ প্রয়োজন হোৱা দুটা যোগ্যতা লিখা।
উত্তৰঃ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হৈছে ৰাষ্ট্ৰৰ সাংবিধানিক
মুৰব্বী। ৰাষ্ট্ৰৰ শাসন সম্পর্কীয় সকলো ক্ষমতা তেওঁৰ ওপৰত ন্যস্ত কৰা হৈছে আৰু
চৰকাৰৰ সকলো সিদ্ধান্ত তেওঁব নামত গ্রহণ কৰা হয়। কিন্তু তেওঁ দেশৰ প্রকৃত শাসক নহয়,
নিয়মতান্ত্রিক
শাসকহে।
(ক) পোন প্ৰথমে ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু তেওঁৰ বয়স ৩৫ বছৰ বা অধিক হ'ব লাগিব।
(খ) তেওঁৰ লোকসভাৰ সদস্য হোৱাৰ যোগ্যতা থাকিব লাগিব। তেওঁ কেন্দ্র বা ৰাজ্য
চৰকাৰৰ অধীনত কোনো লাভজনক পদত অধিষ্ঠিত হ'ব নোৱাৰিব আৰু কেন্দ্রীয় বা ৰাজ্যিক বিধানমণ্ডলৰ
সদস্য হৈ থাকিব নোৱাৰিব।
উত্তৰঃ- প্ৰধানমন্ত্ৰীয়ে মন্ত্রীসভাৰ আন মন্ত্রীসকল নিয়োগৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিক
পোনপটীয়াভাৱে সহায় কৰে। প্ৰধানমন্ত্ৰীয়ে মন্ত্রীসভাৰ বিভিন্ন দপ্তৰত কাক কাক
নিযুক্তি দিব লাগে সেই সম্পর্কে এখন তালিকা প্রস্তুত কৰে আৰু সেই তালিকাত
অন্তর্ভুক্ত লোকক ৰাষ্ট্ৰপতিয়ে মন্ত্ৰী হিচাপে নিয়োগ কৰে। ৰাষ্ট্ৰপতিয়ে মন্ত্রী
নিয়োগ কৰোঁতে নিজ ক্ষমতা প্রয়োগ কৰিব নোৱাৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰস্তুত কৰা
তালিকাকে চূড়ান্ত তালিকা হিচাপে গ্রহণ কৰে। ইয়াৰপৰা দেখা যায় যে প্ৰধানমন্ত্ৰীয়ে
যিকোনো উপযুক্ত লোককে নিজ মন্ত্রীসভাত স্থান দিয়াত কোনো আইনগত বাধা নাই। অৱশ্যে
প্রধানমন্ত্রীয়ে নিয়োগৰ বিষয়ত বহুতো কথা বিবেচনা কৰিব লাগে। মন্ত্রীসভাখন যাতে
প্রতিনিধিত্বমূলক আৰু কাৰ্যক্ষম হয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। প্রত্যেক ৰাজ্যৰ অন্ততঃ এজন সদস্যক মন্ত্রীসভাত স্থান দিব লাগে। মন্ত্রীসভাত
বনুৱা, বিভিন্ন ধর্মীয় সম্প্রদায়, কৃষি, শিল্প, বাণিজ্য, ব্যৱসায় আদি স্বাৰ্থৰ
অন্তর্ভুক্তিৰ প্ৰতিও গুৰুত্ব আৰোপ কৰিব লাগে। মহিলা আৰু যুৱক প্রতিনিধিও যাতে
মন্ত্রীসভাৰপৰা বাদ নপৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে। নিজ দলত কিছুমান
প্রভাবশালী নেতা থাকে, তেওঁলোককো মন্ত্রীসভাত স্থান দিয়াৰ কথা নুই কৰিব নোৱাৰে। সেইদৰে অনুসূচিত জাতি,
জনজাতি আৰু অন্যান্য
পিছপৰা জাতিৰ প্ৰতিনিধিত্বৰ কথাও বিবেচনা কৰিব লাগে। কাৰিকৰী জ্ঞান থকা লোককো
মন্ত্রীসভাত স্থান দিব লাগে
উত্তৰঃ প্ৰধানমন্ত্ৰী সংসদৰ স্বীকৃত নেতা কাৰণে
মন্ত্রীপৰিষদৰ প্ৰায়বিলাক কামতে নেতৃত্ব দিয়াৰ দৰে সংসদৰ কামৰো দায়িত্ব বহন কৰিব
লাগে। সংসদত দেশৰ আভ্যন্তৰীণ, বৈদেশিক সকলো নীতি আৰু সিদ্ধান্তৰ কথা
প্রধানমন্ত্রীয়ে ঘোষণা কৰে। এইবিলাক বিষয়ত প্ৰধানমন্ত্ৰীয়ে চৰকাৰৰ চূড়ান্ত মতামত
দাঙি ধৰে। আৱশ্যক অনুসৰি প্ৰধানমন্ত্ৰীয়ে সংসদত বিধেয়ক উত্থাপন কৰে। চৰকাৰী
বিধেয়কসমূহ যাতে সংসদত গৃহীত হয়, তাৰ প্রতি লক্ষ্য ৰাখিব লাগে। কোনো বিভাগৰ
মন্ত্ৰীয়ে কেতিয়াবা বিভাগীয় বিষয় লৈ বিৰোধী দলৰ প্ৰশ্ন বা আলোচনাৰ কাৰণে শ'লঠেকত পৰিলে
প্রধানমন্ত্রীয়ে তেওঁক উদ্ধাৰ কৰিব লাগে। তেওঁ দুয়োখন সদনত ভাষণ দিব পাৰে। কোনো
বিষয় লৈ সদনত বিতর্ক হ'লে তাত আৱশ্যক অনুসৰি হস্তক্ষেপ কৰিব পাৰে। অনেক কথাত সংসদৰ মজিয়াত
প্ৰধানমন্ত্ৰীয়ে প্রধান মুখপাত্র হিচাপে কাম সম্পাদন কৰে।
উত্তৰঃ সংসদে কাৰ্যপালিকা নিয়ন্ত্রণ কৰিব পাৰে। এইটো
সর্বোচ্চ অংগ য'ত চৰকাৰৰ নীতিসমূহ আলোচনা কৰা সমালোচনা কৰা হয়। ই মন্ত্ৰী পৰিষদৰ বিপৰীতে
অনাস্থা আনিব পাৰে। যদি সংখ্যাগৰিষ্ঠ সদস্যই অনাস্থাত সমর্থন জনাই তেতিয়া
মন্ত্রীপৰিষদে পদত্যাগ কৰিব লাগে। সংসদৰ সংখ্যাগৰিষ্ঠ সদস্যৰে সন্মতি থকালৈকে
মন্ত্রীসভা পদত অধিস্থিত হৈ থাকে। এইক্ষেত্রত লোকসভা ৰাজ্যসভাতকৈ অধিক ক্ষমতাশালী।
উত্তৰঃ লোকসভাৰ সদস্য হ'বৰ কাৰণে বহুতো অৰ্হতাৰ
প্ৰয়োজন। সেইবোৰ হ'ল-
(ii) তেওঁৰ বয়স ২৫ বছৰৰ কম হ'ব নালাগিব।
(iii) সংবিধানৰ ৮৪ (i) নং অনুচ্ছেদৰ মতে সংসদে নির্ধাৰণ কৰা আন অর্হতা থাকিব লাগিব।
(iv) নিৰ্বাচনৰ সময়ত তেওঁ কোনো দৰমহা লোৱা চাকৰিয়াল হ'ব নোৱাৰিব।
(v) তেওঁ সাময়িকভাবে বিকাবগ্রস্ত বা দেউলীয়া লোক বুলি অভিহিত হ'ব নালাগিব।
(vi) সংসদৰ কোনো আইনে তেওঁক অযোগ্য বুলি ক'ব নালাগিব।
(vii) ব্যক্তিজন ভাৰতীয় নাগৰিকত্ব এৰি যোৱা লোক হ'ব নালাগিব।
উত্তৰঃ সংবিধান অনুসৰি উপ-ৰাষ্ট্ৰপতিয়েই ৰাজ্যসভাৰ পদেন
সভাপতি। অৱশ্যে যেতিয়া উপ-বাষ্ট্রপতিয়ে ৰাষ্ট্ৰপতিৰ হৈ কাম পৰিচালনা কৰিব লগা হয়,
তেতিয়া ৰাজ্যসভাৰ
পদেন সভাপতি হ'ব নোৱাৰে। পদেন সভাপতিৰ বাদেও ৰাজ্যসভাৰ মাজৰপৰা উপ- সভাপতি নির্বাচিত কৰে আৰু
এই উপ-সভাপতিজনে পদেন সভাপতিৰ অনুপস্থিতিত ৰাজ্যসভাৰ অধিৱেশন পৰিচালনা কৰে।
উত্তৰঃ বিত্তীয় বিধেয়ক অকল লোকসভাতহে উত্থাপন কৰিব
পাৰি। এই সভাই চৰকাৰৰ আৰ্থিক নীতি আৰু আয়-ব্যয় নিয়ন্ত্ৰণ কৰে। বাজেট গ্রহণ কৰাৰ
ক্ষেত্ৰতো লোকসভা একচেতিয়া ক্ষমতাৰ অধিকাৰী। লোকসভাই কোনো অর্থবিল গ্রহণ কৰাৰ পিছত
ৰাজ্যসভালৈ অনুমোদনৰ কাৰণে পঠিওৱা হয়। ৰাজ্যসভাই ১৪ দিনৰ ভিতৰত এই বিলখন লোকসভালৈ
ওভতাই পঠিয়াব লাগিব। যদি লোকসভাই ৰাজ্যসভাৰ এই বিলখনী ১৪ দিনৰ ভিতৰত ওভতাই নাপায়,
তেতিয়াহ'লে এই বিল গ্রহণ কৰা
হৈছে বুলি বিবেচির হয়। ইয়াৰ পিছত বিলখন স্বাক্ষৰৰ বাবে ৰাষ্ট্ৰপতিৰ ওচৰলৈ পঠিওৱা
হয়। ৰাষ্ট্রপতিদে অর্থবিলত স্বাক্ষৰদান কৰিব লাগে। এতেকে দেখা গ'ল যে বিত্তীয়
বিধেয়কৰ ক্ষেত্ৰত লোকসভাক সংবিধানে অত্যধিক প্রাধান্য দিছে। কোনো বিল অর্থবিল হয়
নে নহয় সেইটে লোকসভাৰ অধ্যক্ষইহে স্থিৰ কৰিব। লোকসভাৰ অনুমোদন অবিহনে কোনো নতুন কর
ধার্য কৰা, কোনো কৰ বাতিল কৰা, কৰৰ হাৰ পৰিৱৰ্তন কৰা ইত্যাদি বিষয়ত কোনো প্ৰস্তাৱ চৰকাৰে কাৰ্যকৰী কৰিব
নোৱাৰে।
উত্তৰঃ- কোনো ব্যক্তি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্ত হ'বলৈ হ'লে তেওঁৰ কিছুমান
যোগ্যতা থাকিব লাগিব —
(ii) তেওঁ এক বা একাধিক উচ্চ ন্যায়ালয়ৰ বিচাৰপতি
হিচাপে অন্ততঃ পাঁচ বছৰ কাল কাম কৰিব লাগিব।
(iii) তেওঁ অন্ততঃ দহ বছৰ এক বা একাধিক উচ্চ
ন্যায়ালয়ৰ উকীল হিচাপে কাম কৰিব লাগিব।
(iv) ৰাষ্ট্ৰপতিৰ মতে তেওঁ এজন বিশিষ্ট আইনজ্ঞ হ'ব লাগিব।
উত্তৰঃ লোক প্রশাসনত মুখ্য কার্যপালিকা আৰু কার্যবাহী
গোটক সহায় আৰু পৰামর্শ দিনলৈ সহায়ক মোট গঠন কৰা হয়। এই গোট সমূহো প্রশাসনৰ একোটা
অংগ। সাধাৰণতে বিশেষজ্ঞ লোকক লৈ সহায়ক গোট গঠন কৰা হয় আৰু সেই অনুপাতে তেওঁলোকক
পদমর্যাদাও উচ্চখাপৰ। কেতিয়াবা সহায়ক গোট বিলাকক স্বতন্ত্র গোট হিচাপেও গঠন জবা
দেখা যায়। উদাহৰণস্বৰূপে ভাৰতবর্ষৰ কেন্দ্রীয় আক বাজ্যিক লোক সেবা আয়োগ, নির্বাচন আয়োগক এনে
স্বতন্ত্র গোট বুলি ক'ব পাৰি। আনহাতেদি কোনো কার্যবাহী বিভাগত মিসকল বিষয়াই বিভাগীয় মূৰব্বীক
কার্যপালন আৰু সিদ্ধান্ত গ্রহণত সহায় কৰে আৰু উপদেশ দিয়ে তেওঁলোক হ'ল সহায়ক বিষয়া।
চার্লচ ওৱৰ্থৰ মতে, "এজন সহায়ক বিষ্যই গরেষণা, অনুসন্ধান আৰু অধ্যয়নৰ
জৰিয়তে উচ্চপদস্থ কার্যবাহী বিষয়াক সিদ্ধান্ত গ্রহণৰ বাবে কিছুমান পরামর্শ
আগবঢ়ায়।"
উত্তৰঃ প্রশাসনৰ এটা গুৰুত্বপূর্ণ কার্য গোট হৈছে
চৰকাৰী নিগম। প্রশাসনিক সংগঠনৰ এই কৌশলটো কুবি শতিকাত আবির্ভাব ঘটে। চৰকাৰী
নিগমসমূহ বিভাগ আৰু স্বতন্ত্র নিয়োগৰ পৰা পৃথক। ৰাষ্ট্ৰীয় উদ্যোগ বা ব্যবসায়
পৰিচালনাৰ অৰ্থে চৰকাৰী নিগম গঠন কৰা হৈছে। এই নিগমসমূহৰ প্ৰশাসনীয় আৰু বিত্তীয়
ক্ষেত্রত স্বতন্ত্রতা আছে। লোক- প্রশাসন অধ্যয়নত ইয়াৰ গুৰুত্ব আছে। ববচনে ইয়াক
কুৰি শতিকাৰ এটা গুৰুত্বপূর্ণ অভিনব সাংবিধানিক সৃষ্টি বুলি বর্ণনা কৰিছে।
বর্তমানত চৰকাৰী নিগমসমূহে সার্বজনীন কৌশল হিচাপে স্বীকৃতি লাভ কৰিছে।
উত্তৰঃ ভাৰতৰ সংবিধানে ৰাষ্ট্রপতিক জৰুৰীকালীন ক্ষমতা
অর্পণ কৰিছে।
(খ) সংবিধানৰ ৩৫৬ অনুচ্ছেদ অনুসৰি ৰাজ্যত সাংবিধানিক সংকটে দেখা দিলে
ৰাষ্ট্রপতিয়ে জৰুৰীকালীন ক্ষমতা প্রয়োগ কৰিব পাৰে।
(গ) সংবিধানৰ ৩৬০ নং অনুচ্ছেদত কোৱা হৈছে যে ভাৰতবৰ্ষ বা ইয়াৰ যিকোনা অংশত
বিত্তীয় অৱস্থা সংকটজনক বুলি ৰাষ্ট্ৰপতি যদি নিশ্চিত হয় তেন্তে তেওঁ বিত্তীয় জৰুৰী
অবস্থা ঘোষণা কৰিব পাৰে।
(ঘ) ৰাজ্যপাল বা আন সূত্ৰৰ পৰা কোনো এখন ৰাজ্যৰ চৰকাৰ সংবিধান অনুসৰি কাৰ্য
পৰিচালনা কৰাত ব্যর্থ হৈছে বুলি জানিব পাৰে তেতিয়া তেওঁ জৰীকালীন ক্ষমতা প্রয়োগ
কৰিব পাৰে।
(ঙ) দেশত বৈদেশিক আক্রমণ হলে, যুদ্ধ হলে ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন ক্ষমতা
প্রয়োগ কৰিব পাৰে।
(খ) ৰাষ্ট্রপতিয়ে বিধান মণ্ডলৰ ক্ষমতা সংসদৰ দায়ত্বিত পালন কৰিবলৈ নির্দেশ দিব
পাৰে।
(গ) এনে ঘোষণাৰ সময়ত সংসদৰ অধিৱেশন নবহিলে ৰাষ্ট্রপতিয়ে দেশৰ সঞ্চিত নিধিৰ পৰা
ধন খৰছ কৰিবলৈ অনুমতি দিব পাৰে।
(ঘ) ৰাজ্যিক বিধানসভাই গ্রহণ কৰা সকলো বিত্তীয় বিধেয়ক ৰাষ্ট্ৰপতিৰ বিবেচনার্থে
প্ৰেৰণ কৰিবলৈ ৰাজ্যসমূহক নির্দেশ দিব পাৰে।
(ঙ) ৰাষ্ট্ৰপতিয়ে ৰাজ্য চৰকাৰক বিত্তীয় শৃংখলা মানি চলিবলৈ নির্দেশ দিব পাৰে।
(চ) বিধান সভা নিষ্ক্রীয় কৰি ৰাখিব পাৰে।
(ছ) জৰুৰী অৱস্থা ঘোষণাৰ ফলত লোকসভা আৰু বিধানসভাৰ কাৰ্যকাল বৃদ্ধি পায়। সংসদে
আইন প্রণয়ন কৰি লোকসভা আৰু বিধানসভাৰ কাৰ্যকাল ১ বছৰলৈ বঢ়াই দিব পাৰে।
(জ) জৰুৰী অৱস্থা ঘোষণাৰ ফলত মৌলিক অধিকাৰত প্ৰভাৱ পেলায়। জীৱন আৰু স্বাধীনতাৰ
অধিকাৰৰ বাহিৰে বাকী অধিকাৰসমূহ বাতিল হয়।
(ঝ) কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্য চৰকাৰৰ অধীনত কৰ্মচাৰী বা কোনো শ্রেণী চাকৰিয়ালৰ
দমহা আৰু ভাট্টা হ্রাস কৰিব পাৰে।
(ঞ) সমগ্র দেশৰ বা দেশৰ কোনো অঞ্চলৰ নাগৰিকৰ মৌলিক অধিকাৰ প্ৰয়োগত বাধা প্রদান
কৰিব পাৰি।
উত্তৰঃ ভাৰতীয় সংবিধানৰ ২য় অধ্যায়ৰ ৫ম অংশৰ ১০৭ নং
অনুচ্ছেদৰ পৰা ১২২ নং অনুচ্ছেদলৈ সাংবিধানিক ব্যৱস্থাৰ আলমত বিধায়িনী প্ৰক্ৰিয়াৰ
আলোচনা কৰা হৈছে। এই অনুচ্ছেদ কেইটাত তিনিটা উপ-বিষয় সম্পর্কে ব্যাখ্যা আগবঢ়োৱা
হৈছে।
(ii) কোনো এখন বিধেয়কৰ সংশোধনীৰ ক্ষেত্ৰত দুয়োখন সদনৰ মাজত মতানৈক্য সৃষ্টি হ'লে সংসদৰ যুটীয়া
অধিবেশনৰ ব্যৱস্থা কৰা হয়, নাইবা
(iii) এখন সদনে কোনো এখন বিধেয়ক গৃহীত কৰি আনখন সদনলৈ সেইখন প্ৰেৰণ কৰাৰ পিছত ছয় মাহ
সময় উকলি গ'লে, কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শক্রমে ৰাষ্ট্ৰপতিয়ে সংসদৰ যুটীয়া অধিবেশন আহ্বান
কৰিব পাৰে।
উত্তৰঃ- আমোলাতন্ত্র শব্দটোৰ ব্যৱহাৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণে কৰা হয়।
আমোলাতন্ত্ৰৰ ইংৰাজী প্রতিশব্দ 'bureaucracy' সর্বপ্রথমে ওঠৰ শ শতিকাৰ
মাজভাগত ভিঞ্চেণ্টন্ট ডি গুৰনী নামৰ এজন ফৰাচী লোকে ব্যৱহাৰ কৰিছিল। আমোলাতন্ত্ৰই
হৈছে 'কৰ্মৰ বিশেষত্ব অনুযায়ী বিভাজিত, পদৰ বাবে নির্দিষ্ট যোগ্যতাৰ প্ৰয়োজন হোৱা,
নির্দিষ্ট নিয়মেৰে
পৰিচালিত হোৱা আৰু পদানুক্রমিক কর্তৃপক্ষযুক্ত এক সুসংবদ্ধ প্রশাসন ব্যৱস্থা।'
সমাজ বিজ্ঞানৰ
অভিধান অনুসৰি আমোলাতন্ত্র হৈছে এনে এক অনুষ্ঠান, যিটোৰ বৈশিষ্ট্য হৈছে
সিদ্ধান্ত গ্রহণত যুক্তিযুক্ততা, সামাজিক সম্পর্কত অব্যক্তিগতকৰণ, কাম-কাজৰ নিয়মিত
ধাৰা আৰু কেন্দ্রীয় কর্তৃপক্ষ। জে. এছ. মিলৰ মতে, আমোলাতন্ত্রই সমাজত চৰকাৰৰ
বৃত্তিগত কর্তৃপক্ষক সূচায়। লাস্কীৰ মতে, আমোলাতন্ত্র হৈছে কোনো শাসন ব্যৱস্থাত আমোলাসকলৰ
শাসন। আকৌ ডিম'কে আমোলাতন্ত্রক প্রতিষ্ঠান আৰু বৃহৎ দলসমূহৰ সৈতে সংযুক্ত কৰিছে।
উত্তৰঃ লার্ড ব্ৰাইচে কৈছে, 'বিচাৰ বিভাগৰ কাৰ্যদক্ষতা
অপেক্ষা চৰকাৰৰ উৎকৰ্ষ বিচাৰৰ আন কোনো শ্রেষ্ঠ মানদণ্ড নাই।' ব্রাইচৰ এই
উক্তিৰদ্বাৰা এখন গণতান্ত্রিক দেশত বিচাৰ বিভাগৰ গুৰুত্ব বুজি উঠিব পাৰি।
ভাৰতবৰ্ষৰ দৰে এখন বৃহৎ গণতান্ত্রিক দেশত বিচাৰ বিভাগক সবল কৰিবলৈ সংবিধানে
বিভিন্ন ব্যৱস্থা হাতত লৈছে। এইসমূহৰপৰা ভাৰতৰ বিচাৰ ব্যৱস্থাৰ কিছুমান বৈশিষ্ট্য
বাছি উলিয়াব পাৰি।
(ii) উমৈহতীয়া আইন (Uniform Law)ঃ- ভাৰতত সমগ্ৰ দেশৰ
কাৰণে একেধৰণৰ আইন আছে। সমগ্র দেশতে একেধৰণৰ দেৱানী আৰু ফৌজদাৰী আইনৰ অধীনত গোচৰ
নিষ্পত্তি কৰা হয়।
(iii) নিৰপেক্ষতা (Neutrality)ঃ- ইয়াৰ বিচাৰসকলে
স্বতন্ত্রভাবে গোচৰ নিষ্পত্তি কৰিব পাৰে। কোনো গোচৰৰ ক্ষেত্ৰতে পক্ষপাতমূলক আচৰণ
কৰা নহয়।
(iv) প্রশাসনীয় আদালত (Administrative Court)ঃ- ভাৰতত প্রশাসনিক
আদালত গঠন কৰাৰ বিধান আছে। ভাৰতীয় সংবিধানৰ 42তম সংশোধনীৰ পিছত সংসদে আইন
প্রণয়ন কৰি প্রশাসনিক আদালত গঠন কৰিব পাৰে।
(v) ব্যয়বহুলতা (Expensive)ঃ- ভাৰতীয় ন্যায়িক
ব্যৱস্থা অধিক ব্যয়বহুল। এটা গোচৰ নিষ্পত্তি কৰিবৰ বাবে বিবাদৰ লগত জড়িত উভয় পক্ষই
বহুতো ধন ব্যয় কৰিব লাগে।
(vi) ন্যায়পালিকাৰ স্বাধীনতা (Independence of
Judiciary)ঃ- ভাৰতীয় ন্যায়পালিকাৰ স্বাধীনতা আছে। ইয়াত ন্যায়াধীশৰ নিযুক্তি, বেতন, কার্যকাল, শিক্ষাগত অর্হতা
আদিত চৰকাৰে হস্তক্ষেপ কৰিব নোৱাৰে।
(vii) লেহেমীয়া বিচাৰ ব্যৱস্থা (Slow Process
of Judiciary)ঃ- ভাৰতৰ ন্যায়পালিকা বৰ ধীৰ প্ৰকৃতিৰ। বিবাদমান পক্ষই ন্যায় লাভ কৰিবলৈ হ'লে বহু বছৰ অপেক্ষা
কৰিব লাগে। অর্থাৎ ভাৰতীয় ন্যায়পালিকাৰ বিচাৰ ব্যৱস্থাত বিভিন্ন পৰ্যায়ত গোচৰবিলাক
নিষ্পত্তি কৰিব লগা হোৱাৰ কাৰণে ইয়াৰ ৰায় প্রদান কৰোঁতে বহুতো পলম হয়। কোনো গোচৰৰ
ক্ষেত্ৰত বিবাদমান পক্ষই ২৩/৩০ বছৰ অপেক্ষা কৰিও গোচৰৰ ফলাফল লাভ কৰিব নোৱাৰে।
(viii) আইনৰ সমানতা (Equality before Law)ঃ- ভাৰতত আইনৰ দৃষ্টিত
সকলো সমান। ইয়াত কোনো বৈষম্য নাই। ধনী-দুখীয়া বিভিন্ন জাতি-জনগোষ্ঠী আদি লোকৰ
ক্ষেত্ৰত কোনো বৈষম্য নাই। সেইদৰে উচ্চ পদাধিকাৰীৰপৰা নিম্ন পদাধিকাৰীলৈকে একে
আদালত আৰু একে আইনৰদ্বাৰা বিচাৰ কৰাৰ বিধান আছে।
(ix) ন্যায়পালিকা পৃথকীকৰণ (Seperation of
Judiciary)ঃ- ভাৰতবৰ্ষত ন্যায়পালিকাক কার্যপালিকা আৰু বিধান মণ্ডলৰপৰা পৃথক কৰা হৈছে। ইয়াৰ
ফলত ভাৰতত ক্ষমতা পৃথকীকৰণ তত্ত্বৰ প্ৰয়োগ নহ'লেও ন্যায়পালিকাই
স্বতন্ত্রভাৱে কার্যনির্বাহ কৰিব পাৰে।
(x) উমৈহতীয়া উচ্চ ন্যায়ালয়ঃ- সাধাৰণতে প্ৰতিখন
ৰাজ্যৰ কাৰণে এখন উচ্চ ন্যায়ালয় গঠন কৰিব লাগে যদিও দুখন বা ততোধিক ৰাজ্যৰ কাৰণে
এখন উমৈহতীয়া উচ্চ ন্যায়ালয় গঠন কৰিব পাৰে। উদাহৰণস্বৰূপে উত্তৰ-পূৰ্বাঞ্চলৰ
ৰাজ্যকেইখনৰ কাৰণে পৃথক উচ্চ ন্যায়ালয়। গুৱাহাটী উচ্চ ন্যায়ালয়খনে উত্তৰ-
পূৰ্বাঞ্চলৰ আন ৰাজ্যকেইখনৰো উমৈহতীয়া আদালত।
(xiii) ন্যায়িক সমীক্ষা (Judicial Review)ঃ- ভাৰতৰ উচ্চতম
ন্যায়ালয় ন্যায়িক সমীক্ষা ক্ষমতা থকাৰ বাবে সংসদে বা বিধানসভাই গ্রহণ কৰা আইন
সাংবিধানিক বৈধতাৰ বিচাৰ কৰিব পাৰে। ইয়াৰ আদালত কোনো আইন সংবিধানৰ পৰিপন্থী হ'লে উচ্চতম ন্যায়ালয়ে
তাক অসাংবিধানিক বুলি ঘোষণা কৰিব পাৰে।
(xiv) ন্যায়িক সক্রিয়তা (Judicial Activitisms)ঃ- বর্তমান সময়ত
ন্যায়ালয়ৰ সক্রিয়তা বৃদ্ধি পাইছে। এতিয়া ন্যায়ালয়ে আমোলা, পুলিচক নির্দেশ দি
স্বার্থবিৰোধী কাৰ্যত বাধা দিয়াৰ লগতে মানুহ সুৰক্ষাৰো বিধান কৰিব পাৰে।
(xv) জনস্বার্থ সম্পর্কীয় বিচাৰ (Public
Interest Legislation System)ঃ- এনে ব্যৱস্থাৰ ফলত চৰকাৰে
যদি কোনো জনস্বার্থবিৰোধী কাম, আইন, সিদ্ধান্ত আদি গ্রহণ কৰে, তেন্তে যিকোনো লোকে চৰকাৰৰ
তেনে সিদ্ধান্তৰ বিৰুছে আদালতত গোচৰ উত্থাপন কৰে।
(xvi) দ্রুতগতিৰ আদালত (Fast Track Courts)ঃ- ১১তম বিত্তীয় আয়োগ ও
পৰামৰ্শ অনুসৰি চৰকাৰে ২০০০ চনৰ এপ্রিল মাহৰপৰা দ্রুতগতিৰে গোচ নিষ্পত্তি কৰা
আদালত গঠন কৰিছে। এনে আদালতসমূহে সাধাৰণতে ১৪টা ছেছন আদালতত গোচৰ নিষ্পত্তি কৰিব
লাগে।
(For Paid User)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)