90% Common Question
HSLC 2020
১। অৰুণিমা সিন্হাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল?
২। 'একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে।' কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিন্হাৰ জীৱনৰ আধাৰত বুজাই লিখা।
৩। এভাৰেষ্টৰ বুকুত ভৰি থৈয়ে অৰুণিমাহঁতে খৰখেদাকৈ কিয় নামি আহিবলৈ বাধ্য হৈছিল?
HSLC 2023
২। "একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্রজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে।” কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিন্হাৰ জীৱনৰ আধাৰত বুজাই লিখা।
৩। "আটাইৰে মুখবোৰ শুকাই টেমি যেন হৈছে।”
– কাৰ, কি কাৰণত মুখবোৰ শুকাই টেমি যেন হৈছে?
1 Marks Questions (১ নম্বৰীয়া প্ৰশ্ন)
১। 'অৰুণিমা সিনহা' নামৰ পাঠটোৰ লেখক কোন?
২। ড০ জয়শ্রী গোস্বামী মহন্তই কেতিয়া সাংসদ হিচাপে অসমক প্রতিনিধিত্ব কৰিছিল?
৩। ড০ জয়শ্রী গোস্বামী মহন্তই কেতিয়া পদ্মশ্রী উপাধিৰে সন্মানিত হয়?
৪। অৰুণিমা সিন্হাৰ ঘৰ ক'ত আছিল?
৫। অৰুণিমা সিন্হাৰ বয়স কিমান?
৬। ৰে'লগাড়ীত দুষ্কৃতিকাৰীৰদ্বাৰা আঘাতপ্রাপ্ত অৰুণিমা সিন্হাক কোনখন চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়?
৭। অৰুণিমা সিন্হা উঠি অহা ৰে'লগাড়ীখন ক'ৰপৰা কলৈ আহি আছিল?
৮। অৰুণিমা সিন্হাই কাৰ তত্ত্বাৱধানত পৰ্বতাৰোহণৰ অনুশীলন চলাইছিল?
৯। অৰুণিমা সিন্হাই প্রথমটো পর্বতাৰোহণ অভিযানত কিমান ফুট উচ্চতালৈ আৰোহণ কৰিবলৈ সক্ষম হৈছিল?
১০। কাঠমাণ্ডুৰপৰা যাত্ৰা আৰম্ভ কৰাৰ কিমান দিনৰ অন্তত অৰুণিমা সিন্হাই মাউন্ট এভাৰেষ্টৰ শৃঙ্গত পদার্পণ কৰিবলৈ সক্ষম হৈছিল?
১১। অৰুণিমা সিন্হাই কিমান তাৰিখে মাউন্ট এভাবেষ্টব শৃঙ্গত পদার্পণ কৰিবলৈ সক্ষম হৈছিল?
১২। ভাৰত চৰকাৰে কিমান চনত অৰুণিমা সিনহাক 'পদ্মশ্রী' | সন্মানেৰে বিভূষিত কৰে?
১৩। অৰুণিমা সিনহাই কিমান চনত 'এমেজিং ইণ্ডিয়ান এবার্ড' লাভ কৰে?
১৪। ২০১৫চনৰ'টেনজিং নৰগে সন্মান' লাভ কৰা ব্যক্তি- গৰাকী কোন?
2\3 Marks Questions (২\৩ নম্বৰীয়া প্ৰশ্ন)
১। ড০ জয়শ্রী গোস্বামী মহন্তই ৰচনা কৰা কেইখনমান গল্প- সংকলনৰ নাম লিখা।
২। ড০ জয়শ্রী গোস্বামী মহন্তই ৰচনা কৰা কেইখনমান প্রবন্ধ- সংকলনৰ নাম লিখা।
৩। ড০ জয়শ্রী গোস্বামী মহন্তই ৰচনা কৰা শিশু-কিশোৰ উপযোগী কেইখনমান গ্ৰন্থৰ নাম লিখা।
৪। 'আটাইৰে মুখবোৰ শুকাই টেমি যেন হৈছে।'-কাৰ, কি কাৰণত মুখবোৰ শুকাই টেমি যেন হৈছে?
৫। "এয়া মোৰ মায়ে দিয়া আশীর্বাদ, এয়া কেৱল এডাল চেইন নহয়।”- কোনে, কি পৰিস্থিতিত পৰি কাক এইষাৰ কথা কৈছিল?
৬। হস্পিতালত থাকোঁতে অৰুণিমাৰ মনত কি সপোনে তীব্র ৰূপ লৈছিল?
৭। চিকিৎসালয়ৰপৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল?
৮। মাউন্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল? তেওঁ তাত কিমান সময় ধৰি আছিল?
৯। অৰুণিমা সিনহাই প্ৰথমটো পৰ্বতাৰোহণ অভিযানৰ বিষয়ে চমুকৈ লিখা।
১০। 'ইমানখিনিলৈ আহি আৰু উভতি যোৱাৰ প্ৰশ্ন নুঠে। যি হয় দেখা যাব।' কথাষাৰৰ বক্তা কোন? কাক উদ্দেশ্য কৰি বক্তাই কথাষাৰ কৈছিল?
১১। ক্রিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে | অনুপ্রাণিত কৰিছিল?
১২। অৰুণিমা সিনহাই ৰে'ল যাত্ৰাৰ সময়ত কি দুর্ঘটনাৰ মুখামুখি হ'বলগীয়া হৈছিল? এই দুর্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল?
১৩। অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্রত বাচেন্দ্রি পালে কেনেদৰে সহায় কৰিছিল?
১৪। অৰুণিমা সিন্হাই কিয় লাডাখত থকা মাউন্ট চামছেৰ কাংৰিৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে?
১৫। নিজৰ সাধনা আৰু একাগ্ৰতাৰ বলত সিদ্ধি লাভ কৰা প্রাচীন চৰিত্ৰকেইটামানৰ নাম উল্লেখ কৰা।
১৬। চমুটোকা লিখা:
বাচেন্দ্রি পাল, টেনজিং নৰগে, এভাৰেষ্ট শৃংগ, হিমালয়, স্টিফেন হকিং, ক্রিকেট খেলুৱৈ যুৱৰাজ সিং, একলব্য।
4\5 Marks Questions (৪\৫ নম্বৰীয়া প্ৰশ্ন)
১। ড০ জয়শ্রী গোস্বামী মহন্তৰ বিষয়ে চমু পৰিচয় দাঙি ধৰা।
২। অৰুণিমা সিন্হা কোন? তেওঁৰ পৰ্বতাৰোহণ অভিযানৰ বিষয়ে পাঠটিৰ আধাৰত লিখা।
৩। অৰুণিমা সিন্হাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া।
৪। অভিশপ্ত ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰি বিকলাংগ হোৱা অৰুণিমা সিন্হাই পিছলৈ কিদৰে পৃথিৱীৰ সৰ্বোচ্চ শৃংগ বিজয় কৰিবলৈ সক্ষম হ'ল, পাঠৰ আধাৰত বহলাই লিখা।
1 Marks Questions (১ নম্বৰীয়া প্ৰশ্ন)
১। সন্ধি ভাঙা :
সংশয়, পৰ্বতাৰোহণ, উৎসাহ, হিমালয়, প্রত্যাহ্বান, বিপদাপন্ন।
২। তলৰ শব্দকেইটাৰ উপসৰ্গ ভাঙি দেখুওৱা :অনুৰাগ, অনুভৱ, অভিনয়, প্রতিফল।