90% Common Question
Buy Now Class 10 All Subject 90% Common Answer
Price All Subject 490/-
Product Code:: DAM000097
Buy Now
Paid Answer Update PDF
HSLC 2015
1. তলৰ কোনটো ধাতুৱে কপাৰ ছালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে-
(a) ছিলভাৰ
(b) গ'ল্ড
(c) মাৰকিউৰি
(d) জিংক
2. বিয়োজক বিক্রিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয়? এইবোৰ বিক্ৰিয়াৰ সমীকৰণ লিখা।
3. এখন চীনামাটিৰ থালত 2g ছিলভাৰ ক্ল'ৰাইড লোৱা আৰু ইয়াক সূৰ্য্যৰ পোহৰত ৰাখা।
(a) কিছু সময় পিছত ছিলভাৰ ক্ল'ৰাইডৰ ৰং কি হ'ব?
(b) কি প্ৰকাৰৰ বিক্ৰিয়া সংঘটিত হ'ব?
(c) ওপৰৰ পৰ্যবেক্ষণৰ ৰাসায়নিক বিক্ৰিয়াটো লিখা।
4. তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সত্তলন কৰা।
(a) বেৰিয়াম ক্ল'ৰাইডে এলুমিনিয়াম ছালফেটৰ লগত বিক্ৰিয়াৰ ফলত এলুমিনিয়াম ক্ল'ৰাইড উৎপন্ন হয় আৰু বেৰিয়াম ছালফেট অধঃক্ষিপ্ত হয়।
(b) জিংকে কপাৰ ছালফেটৰ লগত বিক্ৰিয়া কৰি জিংক। ছালফেট আৰু ধাতৱ কপাৰ উৎপন্ন কৰে।
(c) হাইড্র'জেন ছালফাইড বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাইঅক্সাইড উৎপন্ন হয়।
HSLC 2016
1. Fe₂O₃+2Al Al₂O₃ + 2Fe
ওপৰৰ বিক্ৰিয়াটো হ'ল-
(a) এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ
(b) এটা বিয়োজন বিক্ৰিয়াৰ উদাহৰণ
(c) এটা অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ
(d) এটা দ্বিঅপসাৰণ বিক্ৰিয়াৰ উদাহৰণ
2. চীনা মাটিৰে তৈয়াৰী এখন থালত 1g ক'পাৰ পাউদাৰ লৈ গৰম কৰা হলে-
(a) ক'পাৰ পাউদাৰখিনিৰ বৰণ কেনে হ'ব?
(b) ওপৰৰ পৰ্য্যবেক্ষণটোৰ এটা সন্তুলিত সমীকৰণ লিখা।
3. তাপবৰ্জি আৰু তাপগ্রাহী বিক্ৰিয়াৰ সংজ্ঞা লিখা। ৰাসায়নিক সমীকৰণ সহ প্রত্যেকৰে এটাকৈ উদাহৰণ দিয়া।
4. ছডি'য়াম হাইড্র 'কার্বনেট দ্রব এটা উত্তপ্ত কৰিলে কি ঘটে? বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণ লিখা।
5. তলৰ উক্তি সমূহ ৰাসায়নিৰ সমীকৰণৰ ৰূপত লিখা আৰু সত্তলন কৰা।
(a) হাইড্র'জেন গেছে নাইট্রজেন গেছৰ লগত বিক্রিয়া কৰি এমনিয়া প্রস্তুত কৰে।
(b) জিংক কার্বনেট প্রবলভাবে উত্তপ্ত কৰিলে জিংক অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড প্রস্তুত হয়।
6. ব্লিচিং পাউদাৰ প্ৰস্তুতিত ঘটা বিক্ৰিয়াৰ সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। ব্লিচিং পাউদাৰৰ দুটা ব্যৱহাৰ লিখা।
HSLC 2017
1. কি ঘটে যেতিয়া লঘু হাইড্ৰ'ক্লৰিক এছিড লোৰ গুড়িত যোগ কৰা হয়?
(a) হাইড্র'জেন গেছ আইৰন ক্ল'ৰাইড উৎপন্ন হয়।
(b) ক্ল'ৰিন গেছ আৰু আইৰন হাইড্ৰ'ক্সাইড উৎপন্ন হয়।
(c) বিক্রিয়া নঘটে।
(d) আইৰন লবণ আৰু পানী উৎপন্ন হয়।
2. মাৰকিউৰিক অক্সাইড (Hgo) উত্তপ্ত কৰিলে কি ঘটে? ৰাসায়নিক সমীকৰণ লিখা।
3. এটা বিকাৰত 2g কেলছিয়াম অক্সাইড লোৱা। বিকাৰটোত লাহে লাহে পানী যোগ কৰা। তলত দিয়াবোৰৰ উত্তৰ কৰা-
(i) উষ্ণতাৰ কেনে পৰিবৰ্তন ঘটিব?
(ii) ওপৰৰ কথাখিনিৰ এটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা।
4. তলৰ বিক্রিয়া দুটাৰ জাৰিত আৰু বিজাৰিত হোৱা পদার্থ সমূহ বাছি উলিওৱা:
(i) 4Na (s) + O2(g) → 2Na₂O(s)
(ii) CuO(s) + H₂(g) → Cu(s) + H₂O(1)
5. তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্ন সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা বেৰিয়াম ক্লৰাইড আৰু ছডিয়াম ছালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্রিয়া ঘটি অদ্রাব্য বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্ল'ৰাইডৰ দ্ৰৱ প্ৰস্তুত হয়।
6. ছডিয়াম হাইড্র'ক্সাইডৰ দ্ৰৱ (পানীত) হাইড্ৰ'ক্লৰিক এছিডৰ দ্ৰৱৰ (পানীত) সৈতে বিক্রিয়া কৰি ছ'ডিয়াম ক্ল'ৰাইড দ্ৰৱ আৰু পানী উৎপন্ন কৰে।
7. এটা পৰীক্ষা নলীত তুমি CuSo, ৰ এটা জলীয় দ্ৰৱ (নীলা বৰণ) লোৱা। CuSo, ৰ দ্ৰৱটোত এটা পৰিষ্কাৰ লোেৰ গজাল ডুৱাই দিয়া। প্রায় 20 মিনিট লক্ষ্য কৰাৰ পাচত।
(i) গজালটোত হোৱা পৰিবৰ্তন উল্লেখ কৰা।
(ii) বিক্ৰিয়াটোৰ এটা সন্তুলিত সমীকৰণ লিখা।
HSLC 2018
1. Fe₂O₃+2Al Al₂O₃ + 2Fe
ওপৰৰ বিক্ৰিয়াটো হ'ল-
(a) এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ
(b) এটা বিয়োজন বিক্ৰিয়াৰ উদাহৰণ
(c) এটা অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ
(d) এটা দ্বিঅপসাৰণ বিক্ৰিয়াৰ উদাহৰণ
2. তলৰ উক্তিসমূহ ৰাসায়ানিক সমীকৰণৰূপত লিখা আৰু সন্তুলন কৰাঃ
(a) হাইড্র'জেন গেছে নাইট্ৰ'জেনৰে সৈতে লগ হৈ এম 'নিয়া প্রস্তুত কৰে।
(b) হাইড্র'জেন ছালফাইডে বায়ুতে দাহিত হৈ পানী আৰু ছালফাৰ ডাইঅক্সাইড উৎপন্ন কৰে।
3. লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিওঁ কিয়?
4. তেল আৰু চর্বি থকা খাদ্যবস্তু নাইট্র'জেনৰ পৰিবেশত পেকেটত ভৰোৱা হয়, কিয়?
5. তাপবৰ্জি আৰু তাপগ্রাহী বিক্ৰিয়াৰ সংজ্ঞা লিখা। ৰাসায়নিক সমীকৰণ সহ প্রত্যেকৰে এটাকৈ উদাহৰণ দিয়া।
HSLC 2019
1. দ্বি-অপসৰণ বিক্রিয়া এটাৰ উদাহৰণ দিয়া।
2. এটা পৰীক্ষানলত 3 mL মান ছ'ডিয়াম ছালফেটৰ দ্ৰৱ লোৱা। আন এটা পৰীক্ষানলত 3 mL মান বেৰিয়াম ক্ল'ৰাইডৰ দ্ৰৱ লোৱা। দুয়োটা দ্ৰৱ মিহলোৱা আৰু তলত দিয়াবোৰৰ উত্তৰ লিখাঃ
(a) ওপৰৰ পৰীক্ষাটোৰ পৰ্যবেক্ষণ লিখা।
(b) ওপৰৰ পৰ্যবেক্ষণটোৰ ৰাসায়নিক সমীকৰণ লিখা আৰু বিক্ৰিয়াটোৰ প্ৰকাৰ উল্লেখ কৰা।
3. অক্সিজেন বৃদ্ধি অথবা ক্ষতিৰ সংজ্ঞাৰে তলৰ পদসমূহৰ এটাকৈ উদাহৰণসহ ব্যাখ্যা কৰা
(i) জাৰণ
(ii) বিজাৰণ
HSLC 2020
1. NaOH দ্ৰৱ এটাৰ 10 mL এ HCI দ্ৰৱ এটাৰ 8 mL সম্পূৰ্ণৰূপে প্রশমিত কৰে। যদি আমি একেটা NaOH দ্ৰৱৰ 20 mL লওঁ তেন্তে এইখিনি প্রশমিত কৰিবলৈ লগা HCI দ্ৰৱৰ (আগৰ সৈতে একেটা দ্ৰৱ) পৰিমাণ হ'বঃ
(i) 8 mL
(ii) 12 mL
(iii) 4 mL
(iv) 16 mL
2. কেলছিয়াম অক্সাইডে পানীৰে সৈতে তীব্রভাবে বিক্রিয়া কৰি শিথিলত চূণ (slaked lime) কেলছিয়াম হাইড্র'ক্সাইড উৎপন্ন কৰে। এই বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণটো লিখা আৰু বিক্ৰিয়াটোৰ প্ৰকাৰ উল্লেখ কৰা।
3. তলৰ বিক্ৰিয়াটোত জাৰিত আৰু বিজাৰিত হোৱা পদার্থসমূহ চিনাক্ত কৰা।
CuO(s) + H₂(g) → Cu(s) + H₂O(1)
4. এটা পদার্থ 'X' ৰ দ্ৰৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা। হয়?
(i) পদাৰ্থ 'X' ৰ নাম আৰু সংকেত লিখা।
(ii) পানীৰে সৈতে (i) ত উল্লিখিত পদাৰ্থ 'X' এ কৰা বিক্রিয়াটো লিখা।
5. এটা উজ্জ্বল মুগা ৰঙৰ মৌল 'X' ক বায়ুত গৰম কৰাত ক'লা হৈ পৰিল। মৌল 'X' আৰু উৎপন্ন হোৱা ক'লা ৰঙৰ যৌগটোৰ নাম লিখা।
6. প্রতিস্থাপন বিক্রিয়া কাক বোলে? উদাহৰণেৰে সৈতে বাখ্যা। কৰা।
HSLC 2022
1. তলৰ ৰাসায়নিক বিক্ৰিয়াটোৰ বাবে সন্তুলিত সমীকৰণ লিখাঃ
হাইড্র'জেন + ক্ল'ৰিন হাইড্ৰ'জেন ক্ল'ৰাইড
2. সন্তুলিত ৰাসায়নিক সমীকৰণ কি? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে?
3. এটা ধাতৱ যৌগ A লঘু হাইড্ৰ'ক্ল'ৰিক এছিডৰ সৈতে বিক্রিয়া। কৰি এটা গেছ উৎপন্ন কৰে, যি গেছটোৱে এডাল জ্বলি থকা ম'ম নুমুৱায়। এটা উৎপন্ন হোৱা গেছটো চিনাক্ত কৰা। বিক্রিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্ল'ৰাইড হ'লে ধাতৱ যৌগ A- ৰ নাম লিখা আৰু বিক্ৰিয়াটোৰ। সন্তুলিত ৰাসায়নিক সমীকৰণটো লিখা।
4. যদি 3 mL মান ছ'ডিয়াম ছালফেটৰ দ্ৰৱ এটা 3 mL মান বেৰিয়াম ক্ল'ৰাইডৰ দ্ৰৱৰ সৈতে মিহলোৱা হয়, তেন্তে এটা। বগা অদ্রাব্য পদার্থ উৎপন্ন হয়।
(a) ওপৰৰ বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণটো লিখা।
(b) ওপৰৰ বিক্ৰিয়াটোত উৎপন্ন হোৱা বগা অদ্রাব্য পদার্থটো কি?
(c) এই বিক্রিয়াটো কি প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়াৰ অন্তর্গত?
HSLC 2023
1. বনস্পতিজাত দ্ৰব্যৰ পচন সাৰলৈ পৰিবৰ্তন হোৱাটো তলৰ কোনটো শ্ৰেণীৰ বিক্ৰিয়াৰ উদাহৰণ?
(a) তাপগ্রাহী বিক্রিয়া
(b) দুয়োটা
(c) তাপবর্জী বিক্রিয়া
(d) ওপৰৰ এটাও নহয়
2. তলৰ বিক্ৰিয়াটোৰ বিক্রিয়াজাত পদার্থ 'X' হল -।
3Fe(s) + 4H20(土)→X+4H2(g)
3. জিপছামক 373 K উষ্ণতাত উত্তপ্ত কৰিলে পানীৰ অণু হেৰুৱাই এবিধ বগা পাউদাৰৰ উৎপন্ন হয়। বগা পাউদাৰ বিধৰ ৰাসায়নিক সংকেত লিখা।
4. থার্মিট বিক্রিয়াটো লিখা।
5. সত্য বা অসত্য নিৰ্ণয় কৰা:
অধঃক্ষেপন বিক্রিয়াত অদ্রাব্য লৱণ উৎপন্ন হয়।
6. তাপ দিলে 2g ফেৰাছ ছালফেট স্পটিকৰ বিযোজন ঘটি 1g গোটা অক্সাইড আৰু দুই ধৰণৰ গেছৰ উৎপন্ন হয়। প্রয়োজনীয় ৰাসায়নিক বিক্রিয়া লিখি গোটা অক্সাইড বিধক আৰু দুই ধৰণৰ গেছক চিনাক্ত কৰা।
7. ক্ষয়ীভৱন আৰু ৰেনচিডিটি বুলিলে কি বুজা? উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা।
Important Questions 1 Marks Questions (১ নম্বৰীয়া প্ৰশ্ন)
1. (ⅰ) তলৰ কোনটো ৰাসায়নিক পৰিবৰ্তন নহয়-
(a) মম জ্বলি থকা
(b) পানীৰ বাষ্পীভৱন
(c) আমাৰ শৰীৰত ঘটা খাদ্যৰ পাচন
(d) খাদ্যৰ ৰন্ধন
(ii) বিক্ৰিয়াৰ বাবে তলৰ কোনটো উক্তি শুদ্ধ নহয়-
(a) লেড অক্সাইড বিজাৰিত হয়
(b) কার্বন জাৰিত হয়
(c) কার্বন ডাই-অক্সাইড জাবিত হয়
(d) লেড বিজাৰিত হয়
(i) (4) আৰু (3)
(ii) (4) আৰু (2)
(c) (2) (3) আৰু (4)
(d) সকলোবোৰ।
(iii) Fe₂O,+2A1 Al₂O, + 2Fe এই বিক্রিয়াটো তলৰ কোনটোৰ উদাহৰণ-
(a) প্রতিষ্ঠাপন বিক্রিয়া
(b) বিযোজন বিক্রিয়া
(c) দ্বি-প্রতিষ্ঠাপন বিক্রিয়া
(d) সংযোজন বিক্রিয়া
(iv) লোৰ গজালৰ সৈতে লঘু হাইড্ৰ'ক্লৰিক এছিড যোগ কৰিলে কি ঘটিব? শুদ্ধ উত্তৰটো লিখা
(a) আইৰণৰ লৱণ আৰু পানী উৎপন্ন হ'ব।
(b) কোনো বিক্রিয়া নঘটে।
(c) ক্ল'ৰিণ গেছ আৰু আইৰণ হাইড্ৰ'ক্সাইডৰ উৎপন্ন হ'ব।
(d) হাইড্র'জেন গেছ আইৰণ ক্ল'ৰাইড উৎপন্ন হ'ব।
(v) তলৰ কোনটো ভৌতিক পৰিবৰ্তন নহয়-
(a) বৰফ গলি পানী সৃষ্টি হোৱা
(b) বায়ুত লৱণৰ দ্ৰৱণীকৰণ
(c) তৰলীকৃত পেট্ৰ'লিয়াম গেছৰ দহন
(d) পানীৰ বাষ্প সৃষ্টি কৰাৰ বাবে পানী উতলোৱা।
(vi) তলৰ কোনটো সংযোজন বিক্রিয়া
(a) Zn+FeSO→ ZnSO₄ +Fe
(b) 4A1+30,→ 2A1203
(c) MgO+H2O→ Mg(OH)2
(d) 2KCIO,→ 2KCl+302
(i) (4) আৰু (2) (b) (ii) আৰু (1)
(iii) (3) আৰু (1) (d) (iv) আৰু (2)
(vii) তলৰ কোনটো তাপগ্রাহী প্রক্রিয়া-
(a) চালফিউৰিক এছিডৰ লঘুকৰণ
(b) শুকান বৰফৰ ঊর্ধ্বপাতন
(c) পানীৰ বাষ্পৰ ঘনীভৱন
(d) পানীৰ বাষ্পৰ বাষ্পীভৱন
(i) (1) আৰু (3) (ii) (2) (c) (3)
(iii) (2) আৰু (4)
(viii) তলৰ কোনটো প্ৰক্ৰিয়াত ৰাসায়নিক বিক্রিয়া ঘটে-
(a) বায়ুৰ তৰলীকৃতকৰণ
(b) মুক্ত অৱস্থাত চাইনা ডিচত পেট্ৰ'ল ৰাখিলে
(c) উচ্চ উষ্ণতাত বায়ুৰ উপস্থিতিত তামৰ তাঁৰক তাপ দিলে।
(d) গেছৰ চিলিণ্ডাৰত চাপ দি অক্সিজেন গেছৰ সঞ্চয় কৰা।
(ix) তলৰ কোনটো তাপবর্জী প্রক্রিয়া-
(a) অম্লৰ লঘুকৰণ
(b) পানীৰ বাষ্পীভবন
(c) কপূৰৰ ঊর্ধ্বপাতন
(d) পোৰা চুণৰ সৈতে পানীৰ বিক্রিয়া
(i) (4) আৰু (1) (ii) (1) আৰু (2)
(iii) (4) আৰু (3) (iv) (2) আৰু (3)
(x) 4NH,(g)+50₂(g) → 4NO(g)+6H₂O(g) -এই বিক্রিয়াটো তলৰ কোনটোৰ উদাহৰণ।
(a) প্রতিস্থাপন বিক্রিয়া
(b) সংযোজন বিক্রিয়া
(c) ৰেডক্স বিক্রিয়া
(d) প্রশমন বিক্রিয়া
(i) (1) আৰু (4)
(ii) (2) আৰু (3)
(iii) (1) আৰু (3)
(iv) (3) আৰু (4)
(xi) নতুনকৈ আহৰণ কৰা তেল বহুত দিনৰ বাবে সঞ্চয় কৰি ৰাখি বলৈ তলৰ কোনবিধ গেছ ব্যৱহাৰ কৰা হয়-
(a) হিলিয়াম বা নাইট্র'জেন
(b) কার্বন ডাই-অক্সাইড বা হিলিয়াম
(c) নাইট্র'জেন বা অক্সিজেন
(d) কার্বন ডাই-অক্সাইড বা অক্সিজেন
(xii) চূণৰ সৈতে পানীৰ বিক্রিয়া, কোন প্ৰকাৰৰ বিক্ৰিয়া-
(a) প্রতিষ্ঠাপন বিক্রিয়া
(b) বিযোজন বিক্রিয়া
(c) দ্বি-প্রতিষ্ঠাপন বিক্রিয়া
(d) সংযোজন বিক্রিয়া
(xiii) কপাৰ ছালফেটক অতি বেছি উত্তপ্ত কৰিলে উৎপাদিত অৱশিষ্ট হ'ল-
(a) CuO
(b) Cu₂O
(c) Cu₂O আৰু CuO ৰ এটাও নহয়
(d) Cu₂O আৰু CuO ৰ দুয়োটাই
(xiv) যেতিয়া মেগনেছিয়ামৰ ফিটা বায়ুত দহন কৰা হয়, পোৱা যায়। তেতিয়া ইয়াৰ পৰা পোৱা ছাইত
(a) মাত্র মেগনেছিয়াম নাইট্রাইড
(b) মেগনেছিয়াম অক্সাইড
(c) মেগনেছিয়াম অক্সাইড আৰু মেগনেছিয়াম কার্বাইড
(d) মেগনেছিয়াম অক্সাইড আৰু মেগনেছিয়াম নাইট্রাইড দুয়োটাই থাকে
(xv) তলৰ কোনটো কৰা উচিত নহয়-
(a) কপাৰৰ পাত্ৰত লঘু চালফিউৰিক এছিড ৰখা
(b) কপাৰৰ পাত্ৰত জিংক ছালফেট দ্ৰৱ ৰখা
(c) চিলভাৰৰ পাত্ৰত কপাৰ ছালফেট দ্ৰৱ ৰখা
(xvi) লঘু ছালফিউৰিক এছিডৰ সৈতে জিংকৰ বিক্রিয়া-
(a) এটা প্রতিষ্ঠাপন বিক্রিয়া আৰু ৰেডক্স বিক্রিয়া
(b) এটা বিযোজন বিক্রিয়া আৰু সংযোজন বিক্রিয়া
(c) এটা বেডক্স বিক্রিয়া আৰু দ্বি-প্রতিষ্ঠাপন বিক্রিয়া
(d) এটা অধঃক্ষেপন বিক্রিয়া আৰু ৰেডক্স বিক্রিয়া
(xvii) যেতিয়া লোৰ গজাল 2-3 ঘণ্টাৰ বাবে কপাৰ ছালফেট দ্ৰৱত ৰখা হয় আৰু উক্ত সময়ৰ পিছত লোৰ গজাল বাহিৰলৈ আনি ধোৱা হয় তাৰ পিছত লোৰ গজালৰ বৰণ হয়-
(a) ৰঙা
(b) বাদামী
(c) ক'লা
(d) ধূসৰ
(xviii) যেতিয়া বেৰিয়াম ক্ল'ৰাইড দ্ৰৱ ছডিয়াম ছালফেট দ্ৰৱৰ সৈতে মিহলি কৰা হয়, তেনেক্ষেত্ৰত তলৰ কোনটো উক্তি শুদ্ধ--
(a) এইটো এটা ৰেডক্স বিক্রিয়া
(b) এইটো এটা দ্রুত বিক্রিয়া
(c) এইটো এটা দ্বি-প্রতিষ্ঠাপন বিক্রিয়া
(d) এইটো এটা অধঃক্ষেপন বিক্রিয়া
(xix) তলৰ কোনটো প্রতিষ্ঠাপন বিক্রিয়া
(a) MgCO, MgO + CO₂
(b) 2Na+2H2O→ 2NaOH+H₂
(c) 2H₂O2+2H₂O
(d) 2Pb(NO₃)₂→2PbO+4NO2 +0,2
(xx) জাৰণ এক প্রক্রিয়া, য'ত-
(a) হাইড্ৰ'জেন আঁতৰি যায়
(b) অক্সিজেন যোগ হয়
(c) অক্সিজেন আঁতৰি যায়
(d) হাইড্র'জেন যোগ হয়
(xxi) বিজাৰণ প্ৰক্ৰিয়াত-
(a) অক্সিজেন যোগ হয়
(b) হাইড্র'জেন মুক্ত হয়
(c) হাইড্র'জেন যোগ হয়
(d) অক্সিজেন মুক্ত হয়
(xxii) Ag ক যেতিয়া বায়ুৰ সংস্পৰ্শত ৰখা হয়, তেতিয়া ইয়াৰ ওপৰত ক'লা আৱৰণ দেখিবলৈ পোৱা যায়-
(a) AgNO,
(b) Ag₂S
(c) Ag₂O
(d) Ag₂CO,
(xxiii) পানীৰ মাজেৰে বিদ্যুত প্ৰৱাহিত হ'লে কোন প্ৰকাৰৰ ৰাসায়নিক বিক্রিয়া সংঘটিত হয়-
(a) দ্বি-প্রতিষ্ঠাপন বিক্রিয়া
(b) সংযোজন বিক্রিয়া
(c) প্রতিষ্ঠাপন বিক্রিয়া
(d) বিযোজন বিক্রিয়া
(xxiv) খাদ্যত থকা পদার্থ আৰু তেলৰ বায়বীয় জাৰণৰ ফলত বেয়া গোন্ধায় আৰু খাবলৈ বেয়া লাগে, ইয়াকে বোলে।
(a) বিজাৰণ
(b) বেনচিডিটি (rancidity) বা দুর্গন্ধিতা
(c) ক্ষয়ীভৱন
(d) স্ব-জাৰণ
(xxv) যেতিয়া সেউজীয়া বৰণৰ ফেৰাচ চালফেটৰ স্ফটিক উত্তপ্ত কৰা হয় তেতিয়া স্ফটিকৰ বৰণ পৰিবৰ্তিত হয়, কাৰণ-
(a) SO, গঠন কৰে 3
(b) ফেৰিক অক্সাইডলৈ বিযোজিত হয়
(c) SO, গঠন কৰে 2
(d) স্ফটিকীকৰণত পানীৰ ক্ষয় হয়
(xxvi) তলৰ কোনটো সংযোজন বিক্রিয়া-
(a) 2KCIO,→ 2KCl+302
(b) MgO+H2O→ Mg(OH)2
(c) 4A1+30,2A1,0,
(d) Zn+ FeSO, +Fe
(i) (1) আৰু (3) (ii) (3) আৰু (4)
(iii) (2) আৰু (4) (iv) (2) আৰু (3)
(xxvii) পানীৰ বিদ্যুৎবিশ্লেষণ হ'ল-
(a) বিযোজন বিক্রিয়া
(b) প্রতিষ্ঠাপন বিক্রিয়া
(c) দ্বি-প্রতিষ্ঠাপন বিক্রিয়া
(d) ৰেডক্স বিক্রিয়া
(xxviii) আম্লিক পাৰমাংগানেট দ্ৰৱ থকা এটা বিকাৰত লাহে লাহে লঘু ফেৰাছ ছালফেট দ্ৰৱ যোগ কৰা হ'ল দ্ৰৱৰ গুলপীয়া (pink) ৰং লাহে লাহে নাইকিয়া হ'বলৈ ধৰে আৰু শেষলৈ এই ৰং নোহোৱা হয়। এই নিৰীক্ষণৰ বাবে তলৰ কোনটো ব্যাখ্যা শুদ্ধ-
(a) KMnO, এবিধ অস্থিৰ যোগ আৰু FeSO, ৰ উপস্থিতিত এই যৌগ বিযোজিত হৈ বৰণহীন হয়
(b) KMnO, এবিধ জাৰিত কাৰক (oxidising agent) আৰু ইয়াৰ অক্সাইড FeSO
(c) FeSO, এ জাৰক কাৰক হিচাপে কাৰ্য কৰি KmnO, ক জাৰিত কৰে
(d) লঘুকৰণৰ বাবে দ্ৰৱটো বৰণহীন হয়
(xxix) A, B আৰু C তিনিটা বিকাৰ, প্ৰত্যেক বিকাৰতে 25 পানী লোৱা হ'ল আৰু ইয়াৰ সৈতে A, B আৰু C বিকাৰত ক্ৰমে সামান্য পৰিমাণৰ NaOH এনহাইড্রাচ CuSO, আৰু NaCl যোগ কৰা হ'ল। ইয়াৰ পিছত দেখা গ'ল যে A আৰু B বিকাৰৰ দ্ৰৱৰ উষ্ণতা বৃদ্ধি পাইছে কিন্তু C বিকাৰৰ উষ্ণতা হ্রাস পাইছে। এই ক্ষেত্ৰত তলৰ কোনটো উক্তি শুদ্ধ?
(a) A আৰু B বিকাৰত তাপবৰ্জী বিক্রিয়া সংঘটিত হৈছে।
(b) A আৰু B বিকাৰত তাপগ্রাহী বিক্রিয়া সংঘটিত হৈছে।
(c) C আৰু B বিকাৰত তাপবৰ্জী বিক্রিয়া সংঘটিত হৈছে।
(d) C আৰু B বিকাৰত তাপগ্রাহী বিক্রিয়া সংঘটিত হৈছে।
(i) মাত্র (1)
(ii) (2) মাত্র
(iii) মাত্র (3)
(iv) (2) আৰু (3)
2. খালী ঠাই পূৰণ কৰা-
(i) অধঃক্ষেপণ পৰীক্ষাত অদ্রবণীয়--------- উৎপন্ন হয়।
(ii) ------------- প্ৰক্ৰিয়াত, ধাতুৰ আৱৰণৰ ওপৰত বায়ু, আর্দ্রতা আৰু ৰাসায়নিক পদার্থই কাৰ্য কৰি ধাতুক ক্রমে ক্রমে নষ্ট কৰি পেলায়।
(iii) কোনো দ্ৰব্যৰ সৈতে হাইড্র'জেন যোগ হোৱাকে ----------- বোলে আৰু দ্ৰব্যৰ পৰা হাইড্ৰ'জেন মুক্ত হোৱাকে ------------ বোলে।
(iv) কোনো দ্ৰব্যৰ সৈতে অক্সিজেন যোগ হোৱাকে ----------- বোলে। আৰু হাইড্র'জেন অপসাৰিত হোৱাকে ------------- বোলে।
(v) যি বিক্ৰিয়াত তাপৰ বৰ্জন হয় তাকে ------------ বোলে।
(vi) যি বিক্ৰিয়াত তাপৰ শোষণ হয় তাকে ------------- বোলে।
(vii) ----------- বিক্রিয়াত দুটা বা তাতকৈ বেছি দ্রব্য লগ-লাগি এক নতুন দ্ৰব্যৰ গঠন কৰে।
(viii) Ca(OH)2 +.............→ CaCO3 + H₂O
(ix) Na₂SO₄ + BaCl₂ → ...........+2NaCl
(x) Pb(NO3)2 + (aq) + 2KI(aq) - PbI2(....)+2KNO, (...).
(xi) Zn (s) + H₂SO₄ (aq) → ZnSO₄(....) +H₂(...).
3. সঁচা নে মিছা নিৰ্ণয় কৰা-
(a) ক্ষাৰকীয় কপাৰ কাৰ্বনেটৰ গঠনৰ বাবে তামৰ ওপৰত সেউজীয়া ৰং দেখিবলৈ পোৱা যায়।
(b) কেলছিয়াম অক্সাইডক চুণপানী বোলে।
(c) জিংক আৰু লেড তামতকৈ কম বিক্রিয়াত্মক ধাতু।
(d) এটা যৌগৰ পৰা এটা মৌল অপসাৰণ কৰি তাৰ ঠাইত অন্য এটা মৌল যোগ হোৱাকে দ্বি-প্রতিষ্ঠাপন বিক্রিয়া বোলে।
(e) 2H₂O+ তাপ → 2H₂ + O₂, এই বিক্রিয়াটো তাপবর্জী বিক্ৰিয়াৰে উদাহৰণ।
4. সমতুল সমীকৰণ বুলিলে কি বুজা?
5. উৎপাদিত দ্ৰব্যৰ সৈতে (↓) এই চিহ্ন থকাটোৱে ------------ ক বুজায়, আনহাতে উৎপাদিত দ্ৰব্যৰ সৈতে
(↑) এই চিহ্ন থকাটোৱে ক বুজায়।
6. হাইড্র 'জেন পেৰ'ক্সাইডক কিয় ৰঙীণ বটলত ৰখা হয়?
7. ধাতুৰ সক্রিয়তা ক্ৰম বুলিলে কি বুজা?
8. ধাতুৰ সক্রিয়তা ক্ৰমৰ ওপৰত ভিত্তি কৰি আটাইতকৈ বেছি বিক্রিয়াত্মক আৰু আটাইতকৈ কম বিক্ৰিয়াত্মক ধাতুৰ নাম লিখা।
9. হাইড্ৰ'জেনক কিয় ধাতুৰ সক্রিয়তা ক্রমত সাঙুৰি লোৱা হৈছে?
10. জাৰক পদার্থ কি?
11. বিজাৰক পদার্থ কি?
12. তলৰ বিক্ৰিয়াত জাৰক পদাৰ্থ আৰু বিজাৰক পদাৰ্থৰ নাম লিখা। 2H₂S+S₂O→ 2H₂O+3S↓
13. লো-ত মামৰে ধৰাৰ বাবে আৱশ্যকীয় দুটা উপাদানৰ নাম লিখা।
14. ৰেনচিডিটি (rancidity) বা দুর্গন্ধিতা বুলিলে কি বুজা? 15. তলত দিয়া সমূহৰ বিক্ৰিয়াৰ প্ৰকাৰ লিখা-
5. তলত দিয়া সমূহৰ বিক্ৰিয়াৰ প্ৰকাৰ লিখা-
(i) অম্ল আৰু ক্ষাৰকৰ মাজত ঘটা বিক্রিয়া
(ii) লোত মামৰে ধৰা
16. সোণ আৰু ছিলভাৰ সেমেকা বায়ুত ক্ষয় (corrode) নহয় কিয়?
17. কোন প্ৰকাৰৰ বিক্রিয়া ঘটিব, যেতিয়া-
(i) বেৰিয়াম ক্ল'ৰাইড দ্ৰৱৰ সৈতে চালফিউৰিক এছিড যোগ কৰিলে।
(ii) চূণশিল গৰম কৰিলে
(iii) শৰীৰত খাদ্যৰ পাচন ঘটা
(iv) পানীৰ মাজেৰে বিদ্যুত প্রবাহিত কৰিলে।
(v) জিংক ছালফেট আৰু হাইড্ৰ'জেন উৎপন্ন কৰিবৰ বাবে চালফিউৰিক এছিডৰ সৈতে জিংকৰ বিক্রিয়া।
(vi) এম নিয়াম আৰু হাইড্ৰ'জেন ক্লৰাইড গেছ মিহলি কৰিলে।
18. ৰাসায়নিক সমীকৰণ কি?
19. মেগনেছিয়ামৰ শলিতা দহন কৰিলে কি ঘটিব?
20. ঘৰ-বেৰ পৰিষ্কাৰ কৰিবলৈ কি দ্ৰব্যৰ ব্যৱহাৰ কৰা হয়?
21. তাপবর্জী বিক্রিয়া বুলিলে কি বুজা? এটা উদাহৰণ দিয়া।
22. সংযোজন বিক্রিয়া কি? দুটা সংযোজক ৰাসায়নিক বিক্রিয়া লিখা।
23. বিযোজন বিক্রিয়া কি? উদাহৰণ দিয়া।
24. প্রতিস্থাপন বিক্রিয়া কি? উদাহৰণ দিয়া।'
25. দ্বি-প্রতিস্থাপন বিক্রিয়া কি? উদাহৰণ দিয়া।
26. অধঃক্ষেপন বিক্রিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া।
27. সূৰ্যৰ পোহৰত চিলভাৰ ক্ল'ৰাইড ৰাখিলে কি ঘটিব?
28. লেড নাইট্রেট পাউডাৰ উত্তপ্ত কৰিলে কি ঘটিব?
2/3 Marks Questions (২/৩ নম্বৰীয়া প্ৰশ্ন)
1. তলত উল্লেখ কৰা বিক্ৰিয়াবোৰৰ বাবে সমতুল ৰাসায়নিক সমীকৰণ লিখা আৰু বিক্রিয়াসমূহ চিনাক্ত কৰা
(a) অক্সিজেন গেছৰ সৈতে হাইড্ৰ'জেন ছালফাইড গেছে বিক্ৰিয়া কৰি গোটা ছালফাৰ আৰু পানীৰ গঠন কৰে।
(b) এবচ লিউট (absolute) এলক 'হলৰ সৈতে ছডিয়াম ধাতুৰ টুকুৰা এটা যোগ কৰিলে ছডিয়াম ইথ 'ক্সাইড আৰু হাইড্র 'জেন গেছ উৎপন্ন হয়।
(c) আইৰণ অক্সাইডৰ সৈতে কার্বন ডাই-অক্সাইড গেছৰ বিক্রিয়া ঘটিবলৈ দিলে গোটা আইৰণ গঠন হয় আৰু কার্বন ডাই-অক্সাইড গেছ মুক্ত হয়।
(d) লেড এচিটেট দ্ৰৱৰ সৈতে লঘু হাইড্ৰ'ক্লৰিক এছিডক বিক্রিয়া ঘটিবলৈ দিলে লেড ক্ল'ৰাইড আৰু এচিটিক এছিড উৎপন্ন হয়।
2. ছিলভাৰ ক্ল'ৰাইডক কিয় পোহৰ প্ৰৱেশ কৰিব নোৱাৰা বটলত ৰাখিব লগা হয়?
3. তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলিত কৰা আৰু বিক্ৰিয়াৰ প্ৰকাৰ লিখা-
(a) Na(s) +S(s) → Na₂S (s)
(b) HgO(s) তাপ →Hg(1)+O(g)
(c) CaO(s) +SiO₂(s) → CaSiO₂(s)
(d) Mg(s) + Cl₂(g) → MgCl₂
4. তলৰ বিক্রিয়াসমূহৰ বিজাৰক পদাৰ্থৰ নাম লিখা-
(a) 2H2+O2→2H₂O
(b) Fe₂O, +3CO→ 2Fe+3CO,
(c) H₂O+Fe₂→HF+HOF
(d) 4NH,+50,4NO+6H₂O
5. তলৰ বিক্ৰিয়াবোৰৰ সমতুল সমীকৰণ লিখা আৰু বিক্ৰিয়াৰ প্ৰকাৰ লিখা-
(a) ইথিনক অক্সিজেনৰ উপস্থিতিত দহন কৰিলে কাৰ্বন ডাই-অক্সাইড, পানী উৎপন্ন কৰে আৰু তাপ আৰু পোহৰ মুক্ত হয়-
(b) অনুঘটকৰ উপস্থিতিত 773K উষ্ণতাত নাইট্র'জেন গেছক হাইড্ৰ'জেন গেছৰ সৈতে বিক্রিয়া হ'বলৈ দিলে এমনিয়া গেছ উৎপন্ন হয়।
(c) ছ'ডিয়াম হাইড্র'ক্সাইডৰ সৈতে এচিটিক এছিডৰ বিক্রিয়া ঘটিবলৈ দিলে ছ'ডিয়াম এচিটেট আৰু পানীৰ উৎপন্ন হয়।
(d) গাঢ় ছালফিউৰিক এছিডৰ উপস্থিতিত ইথানইক এছিডৰ সৈতে ইথানল উত্তপ্ত কৰিলে ইথাইল এচিটেট গঠন হয়।
6. কিছুমান ধাতুৱে লঘু হাইড্ৰ'ক্লৰিক এছিডৰ সৈতে বিক্রিয়া কৰিলে তলত দিয়াসমূহ দেখিবলৈ পোৱা যায়-
(a) ছিলভাৰ ধাতুৱে কোনো পৰিবৰ্তন নেদেখুৱায়।
(b) এলুমিনিয়াম যোগ কৰিলে মিশ্ৰণৰ উষ্ণতা বৃদ্ধি পায়।
(c) ছ'ডিয়াম যোগ কৰিলে খব জোৰেৰে বিস্ফোৰণ ঘটে।
(d) লেড এ বিক্ৰিয়া কৰি গেছৰ বুৰবুৰণি সৃষ্টি কৰে। উপযুক্ত কাৰণ দর্শাই উপৰিউক্ত নিৰীক্ষণসমূহৰ ব্যাখ্যা কৰা।
7. জিংকে হাইড্ৰ'ক্লৰিক এছিডৰ সৈতে বিক্রিয়া ঘটাই হাইড্র'জেন গেছ মুক্ত কৰে, কিন্তু তামে নকৰে। কিয় ব্যাখ্যা কৰা।
8. ৰাসায়নিক সমীকৰণসমূহ সন্তুলিত কৰা-
(a) Mg+CO 2 matrix HEe]\\ MgO + C
(b) SO 2 +H 2 S longrightarrow A_{2}*O + S
(c) Al(OH) 3 Al 2 O 3 + H_{2}*O(d) BaCl 2 +
Al(SO₂) → AICI, + BaSO↓
(d) C*S_{2} + O_{2} -> CO + SO
(e) Pb( O 3 )+Fe 2 (S*O_{4}) 3 Fe(NO 3 ) 3 +PbSO 4 sqrt
9. তলৰ বিক্ৰিয়াসমূহৰ পৰা জাৰক পদাৰ্থ আৰু বিজাৰক পদাৰ্থৰ নাম লিখা-
(a) 2Na+Cl₂→ 2NaCl
(b) Fe, O, 3CO -> 2Fe + 3CO
(c) 3MnO, +4Al→ 3Mn+2A1,0,
10. তলৰ বিক্ৰিয়াবোৰৰ x আৰু y থকা স্থানত খালী ঠাই পূৰণ কৰা-
(a) Zn(s) + H₂SO₄(aq) → ZnSO₄(x)+H₂(y)
(b) Pb(NO₂),(aq)+2KI(aq) →
Pbl₂(x)+2KNO,(y)
(c) CaCO, (s)→CaO(s) +CO2(g)
11. তলত দিয়া বিক্রিয়াসমূহৰ পৰা বিজাৰক পদার্থসমূহ চিনাক্ত কৰা-
(a) 2H2+O2→2H₂O
(b) H_{2}*O + F_{2} -> HF + HOF
(c) 4NH, +50,→4NO+6H₂O
(d) Fe.O.+ 3CO -> 2Fe + 3C*O_{2}
12. জাৰক পদার্থসমূহ চিনাক্ত কৰা-
(a) Pb,O+HCl→ 3PbCl₂ +Cl₂ +4H₂O
(b) 2Mg+O2→2MgO
(c) CuSO+Zn = ZnSO4 + Cu
(d) V₂O,+5Ca→2v+5CaO
(e) 3Fe+4H2O→ Fe₂O₄ +4H,
(f) CuO+H₂→ Cu + H₂
13. ৰাতি জুই কিয় উজ্জ্বল দেখিবলৈ পোৱা যায়?
14. ছিলভাৰৰ বাচন-বৰ্তন বহুত দিনৰ বাবে বাহিৰত মুক্ত অৱস্থাত ৰাখি থ'লে ইয়াৰ বৰণ ক'লা হয়, কিন্তু টুথপেষ্টৰে ঘঁহিলে আকৌ উজ্জ্বল হয়। কিয়?
(a) ছিলভাৰৰ বৰণ কিয় ক'লা হয়? এই পৰিঘটনাটোৰ নাম লিখা।
(b) ছিলভাৰৰ ওপৰত গঠন হোৱা ক'লা পদাৰ্থৰ নাম লিখা আৰু ইয়াৰ ৰাসায়নিক সংকেত লিখা।
15. কপাৰ ছালফেটৰ দ্ৰৱত কিছু সময়ৰ বাবে লোৰ দণ্ড এডাল ডুবাই ৰাখিলে, লোৰ দণ্ডৰ ওপৰত কফি (brown) বৰণৰ এটা তৰপ দেখিবলৈ পোৱা যায়। কিয় এনেকুৱা হয়, ব্যাখ্যা কৰা। দ্ৰৱৰ বৰণ কেনেকুৱা হোৱা দেখিবলৈ পালা?
16. প্রশমন বুলিলে কি বুজা? দুটা উদাহৰণ দিয়া?
17. তলত দিয়াবোৰে কোন প্ৰকাৰৰ বিক্ৰিয়া বুজায়?
(a) A+B2+ A2+ + B
(b) A+BC→AC+B
(c) A+B→C
(d) AB+CD → AD + CB
18. ধাতু উদ্যোগত বিযোজন বিক্ৰিয়াৰ প্ৰয়োজনীয়তা লিখা।
19. ৰেডক্স বিক্ৰিয়াত জাৰণ আৰু জাৰক পদাৰ্থৰ সম্বন্ধ কি? এই সম্বন্ধ দেখুৱাবলৈ এটা উদাহৰণ দিয়া।
20. ক্ষয়ীভৱন কি? এলুমিনিয়ামৰ পাত এখনৰ সহজে ক্ষয়ীভৱন নহয়, কিয়?
21. বেৰ পৰিষ্কাৰ কৰিবলৈ কি যৌগ ব্যৱহাৰ কৰা হয়? এই দ্ৰব্য গঠনৰ লগত জড়িত ৰাসায়নিক বিক্ৰিয়াটো লিখা আৰু বেৰত প্ৰয়োগ কৰাৰ পিছত কি বিক্রিয়া ঘটে?
22. শ্বসন তাপবর্জী বা তাপগ্রাহী বিক্রিয়া হয়নে? ব্যাখ্যা কৰা।
23. প্রতিষ্ঠাপন আৰু দ্বি প্রতিষ্ঠাপন বিক্ৰিয়াৰ মাজৰ পাৰ্থক্য লিখা। এই বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা।
24. আলুৰ চিপচ (potato chips) প্ৰস্তুত কৰাৰ পিছত সেইবোৰ ৰখা পেকেটৰ ভিতৰত নাইট্ৰ'জেন গেছ ভৰাই ৰাখে, কিয়? সেই একে কাৰ্যৰ বাবে বৰ্তমান ব্যৱহাৰ কৰা অন্য পদ্ধতিৰ নাম লিখা।
25. জাৰণ বিক্রিয়া কি? জাৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া। জাৰণ বিক্রিয়া তাপবর্জী আৰু তাপগ্ৰাহীৰ কোন প্ৰকাৰৰ বিক্রিয়া?
4 Marks Questions (৪ নম্বৰীয়া প্ৰশ্ন)
1. কি ঘটিব লিখা, যেতিয়া-
(ⅰ) হাইড্রেটেড ফেৰাচ ছালফেট অতি বেছি উত্তপ্ত কৰিলে?
(ii) লেড নাইট্রেট অতি বেছি উত্তপ্ত কৰিলে ?
(iii) পটাছিয়াম ক্ল'ৰেট অতি বেছি উত্তপ্ত কৰিলে?
(iv) তপত লোৰ ওপৰেদি পানীৰ ভাপ পাৰ হৈ যাবলৈ দিলে?
(v) মেগনেছিয়াম নাইট্রাইডত পানী যোগ কৰিলে?
2. তোমাক তাম আৰু এলুমিনিয়ামৰ দ্বাৰা তৈয়াৰী দুটা পাত্র দিয়া হ'ল। ইয়াৰ উপৰি তোমাক লঘু HCI, লঘু HnO,, ZnCl, আৰু H₂C দিয়া হ'ল। ওপৰৰ পাত্ৰ দুটাৰ কোনটোত কি দ্রব্য ৰাখিবা?
3. তলৰ কোনটো তাপবর্জী আৰু কোনটো তাপগ্রাহী বিক্রিয়া-
(a) ফেৰাছ ছালফেটৰ বিযোজন
(b) ছালফিউৰিক এছিডৰ লঘুকৰণ
(c) পানীত ছডিয়াম হাইড্ৰ'ক্সাইডৰ দ্রবণীকৰণ
(d) পানীত এম'নিয়াম ক্ল'ৰাইডৰ দ্রবণীকৰণ
4. ৰাসায়নিক যৌগৰ বিযোজন হওঁতে গেছৰ সৃষ্টি হয়, এইটো দেখুওৱালৈ এটা পৰীক্ষা বৰ্ণনা কৰা।
5. দুর্গন্ধিতা (rancidity) কমাবৰ বাবে কি কি পদ্ধতি প্রয়োগ কৰিব পাৰি?
6. তলৰ গেছসমূহৰ বাবে একোটা বৈশিষ্ট্যমূলক পৰীক্ষা আগবঢ়োৱা-
(a) CO₂
(b) SO₂
(c) O₂
(d) H₂
7. কি ঘটিব, যেতিয়া
(a) কপাৰ ছালফেট দ্ৰৱত এটুকুৰা জিংক ধাতু যোগ কৰা হয়
(b) লঘু হাইড্ৰ'ক্লৰিক এছিডত এলুমিনিয়ামৰ ধাতু যোগ কৰিলে
(c) কপাৰ ছালফেট দ্ৰৱত ছিলভাৰ ধাতু যোগ দিলে। যদি এইবোৰৰ বিক্রিয়া ঘটে তেনেহ'লে ৰাসায়নিক সমীকৰণ লিখিবা।
8. নীলা বৰণৰ কপাৰ নাইট্রেট (II) উত্তপ্ত কৰিলে কপাৰ অক্সাইড (ক'লা বৰণ), অক্সিজেন গেছ আৰু বাদামী (brown) গেছৰ x উৎপন্ন হয়-
(a) বিক্ৰিয়াৰ সমতুল সমীকৰণ লিখা।
(b) উৎপাদিত বাদামী x গেছৰ নাম লিখা।
(c) বিক্ৰিয়াৰ প্ৰকাৰ কি?
(d) x গেছৰ জলীয় দ্ৰৱৰ PH ৰ মান কিমান হ'ব।