90% Common Question


HSLC 2015

1. শক্তিৰ প্ৰত্যক্ষ উৎস হিচাপে জীৱাশ্মজাত ইন্ধন আৰু সৌৰ শক্তিৰ তুলনা কৰা।

2. তলৰ যি কোনো এটাৰ চমুটোকা লিখা।

(a) জলশক্তি প্রকল্প

(b) চ'লাৰ কুকাৰ

HSLC 2016

1. তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস নহয়?

  (a) জীৱাশ্ম ইন্ধন

  (b) নিউক্লীয় শক্তি

  (c) জীৱভৰ

  (d) বায়ু শক্তি

2. সমুদ্ৰৰ পৰা উৎপন্ন শক্তিৰ উৎসবোৰ কি কি? যিকোনো এটাৰ সীমাবদ্ধতা উল্লেখ কৰা

HSLC 2018

1. তলৰ কোনটো সৌৰশক্তি আধাৰিত নহয়?

  (a) জৈৱ উপাদান

  (b) ভূতাপীয় শক্তি

  (c) নিউক্লীয় শক্তি

  (d) বায়ু শক্তি

2. আমি শক্তিৰ বিকল্প উৎস বিচাৰো কিয়? এটা অপৰম্পৰাগত শক্তিৰ উৎসৰ নাম লিখা আৰু ইয়াৰ দুটা সুবিধাৰ বিষয়ে উল্লেখ কৰা।

HSLC 2019

1. তলৰ কোনটো জীৱ-ভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয়?

(a) খৰি

(b) গোবৰ গেছ

(c) নিউক্লীয় শক্তি

(d) কয়লা

2. এটা আদর্শ শক্তি উৎসৰ গুণসমূহ কি কি? তুমি ক্ষয়িষ্ণু বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম উল্লেখ কৰা। 

HSLC 2020

1. শক্তিৰ উৎস এটা প্ৰদূষণ মুক্ত হ'ব পাৰেনে? কিয় পাৰে বা কিয় নোৱাৰে? মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ দুটা সীমাবদ্ধতা লিখা।

HSLC 2022

1. তলৰ কোনটো অপৰম্পৰাগত শক্তিৰ উৎস?

  (a) জীৱাশ্মজাত ইন্ধন

  (b) তাপভিত্তিক শক্তি প্রকল্প

  (c) জলশক্তি প্রকল্প

  (d) সৌৰশক্তি

2. জীৱ নিম্নিকৰণ পদার্থই পৰিবেশত প্ৰভাৱ পেলাব পৰা দুটা সম্ভাৱনাৰ বিষয়ে লিখা।

3. সৌৰ কোষ ফলক কি? সৌৰ কোষ ব্যৱহাৰৰ সুবিধাসমূহ কি কি?

HSLC 2023

1. তলত উল্লেখিত কোনটো পৰম্পৰাগত শক্তিৰ উৎস?

  (a) বায়ু শক্তি

  (b) নিউক্লীয় শক্তি

  (c) ভূ-তাপীয় শক্তি

  (d) তৰংগ শক্তি

2. চাপ সংকুচিত প্রাকৃতিক গেছৰ প্ৰধান উপাদান হাইড্র'কার্বন বিধ হ'ল _______

3. জৈৱ গেছ মিথেনৰ আণুমানিক শতাংশ কিমান?

4. কম অক্সিজেনৰ উপস্থিতিত পদার্থ দহন কৰিলে __________ গেছৰ উৎপন্ন হয়।

5. জীৱাশ্মজাত ইন্ধনৰ দুটা অসুবিধা লিখা।

Important Questions   1 Marks Questions (১ নম্বৰীয়া প্ৰশ্ন)

1. (i) পেট্রোলিয়ামৰ সবাতোকৈ বেছি চাহিদা থকা উপাদানটো হৈছে-

  (a) কেৰাচিন

  (b) গেছ'লিন

  (c) ডিজেল

  (d) ইন্ধনতেল

(ii) এনথ্রাছাইট কয়লাত থকা কাৰ্বনৰ পৰিমাণ হৈছে

  (a) 56%

  (b) 78%

  (c) 95%

  (d) 99%

(iii) 1876ত অসমত প্ৰথম তেলৰ পুং খন্দা ঠাইখন হ'ল-

  (a) ডিগবৈ

  (b) মাকুম

  (c) দুলিয়াজান

  (d) বঙাইগাঁও।

(iv) খাৰুৱা তেলৰ তাপ অপঘটন কৰা হয়-

  (a) খাৰুৱা তেলক সহজে পৰিবহণ কৰা হয়

  (b) কেলৰিমান বঢ়াবলৈ

  (c) অশুদ্ধি আতৰ কৰিবলৈ

  (d) পেট্রোলৰ পৰিমাণ বঢ়াবলৈ।

(v) সাগৰৰ তলত পোতখাই থকা সাগৰীয় অণুজীৱবোৰৰ পৰা উৎপন্ন হোৱা গেছটো হ'ল-

  (a) প্রাকৃতিক গেছ

  (b) হাইড্র'জেন গেছ

  (c) গেছলিন

  (d) এল.পি.জি.।

(vi) তলৰ কোন প্ৰকাৰৰ কয়লাত আটাইতকৈ কম পৰিমাণৰ কাৰ্বন থাকে

  (a) মুগা কয়লা

  (b) চাব-বিটুমিনাছ কয়লা

  (c) বিটুমিনাছ কয়লা

  (d) এনথ্রাছাইট কয়লা

(vii) তলৰ কোন প্ৰকাৰৰ কয়লাত আটাইতকৈ বেছি পৰিমাণৰ কার্বন থাকে

  (a) মুগা কয়লা

  (b) বিটুমিনাছ কয়লা

  (c) এনথ্রাছাইট কয়লা

  (d) চাব-বিটুমিনাছ কয়লা

(viii) প্রাকৃতিক গেছৰ প্ৰধান উপাদান হৈছে -

  (a) মিথেন

  (b) ইথেন

  (c) প্র'পেন

  (d) বিউটেন

(ix) বর্তমান নিউক্লীয় শক্তি বিকাৰকৰ সংখ্যাৰ ভিত্তিত ভাৰতৰ স্থান

  (a) দশম

  (b) নৱম

  (c) পঞ্চম

  (d) দ্বিতীয়

(x) খাৰুৱা তেলৰ তাপ অপঘটন কৰাৰ কাৰণটো

  (a) খাৰুৱা তেল সহজে পৰিবহনযোগ্য কৰিবলৈ।

  (b) কেল'ৰি মান বঢ়াবলৈ।

  (c) অশুদ্ধি আতৰাবলৈ।

  (d) উৎপন্ন হোৱা পেট্ৰ'লৰ পৰিমাণ বঢ়াবলৈ।

(xi) এল পি জিক সংৰক্ষিত কৰা হয়

  (a) কম উষ্ণতাত

  (b) অনুঘটকৰ উপস্থিতিত

  (c) উচ্চ চাপত

  (d) ওপৰৰ উল্লেখ কৰা আটাইকেইটাই।

(xii) ভৱিষ্যত ব্যৱহাৰৰ ইন্ধন হ'ল-

  (a) চি এন জি

  (b) হাইড্র'জেন

  (c) পেট্র'ল

  (d) গেছ'ই'ল

(xiii) তলৰ কোনটো নবীকৰণযোগ্য শক্তিৰ উৎস-

  (a) জলশক্তি

  (b) বতাহ শক্তি

  (c) কয়লা

(d) মহাসাগৰ শক্তি

(xiv) তলৰ কোনটো নন কণভেনচনেল শক্তিৰ উংস?

  (a) বতাহ শক্তি

  (b) জলশক্তি

  (c) কয়লা

  (d) মহাসাগৰ শক্তি।

(xv) তাপীয় শক্তি প্রকল্পত ব্যৱহাৰ কৰা ইন্ধন হ'ল-

  (a) পানী

  (b) জীৱভৰ

  (c) ইউৰেনিয়াম

  (d) জীৱাষ্ম ইন্ধন।

(xvi) জৈৱগেছৰ মুখ্য গঠনাত্মক উপাদান হ'ল

  (a) মিথেন

  (b) কার্বন-ডাই আইড

  (c) হাইড্র'জেন

  (d) হাইড্র'জেন ছালফাইড।

2. খালী ঠাই পূৰণ কৰা:

(i) আটাইবোৰ ইন্ধনৰে মূল উপাদান হৈছে ___________ ।

(ii) ইন্ধন হৈছে এবিধ পদার্থ যাৰ পৰা ________ আৰু _________  উৎপাদন কৰিব পাৰি।

(iii) ইন্ধনৰ এটা উপযোগী _________ থাকিব লাগে।  

(iv) আভ্যন্তৰীণ দহন ইঞ্জিনৰ কাৰণে ___________ এটা আদর্শ ইন্ধন।

(v) বায়ুৰ অনুপস্থিতিত বিটুমিনাছ কয়লা অগ্নিশালত উত্তপ্ত কৰি ________ প্ৰস্তুত কৰা হয়।

(vi) পেট্রোলিয়াম শোধনৰ মূল পদ্ধতিটো হৈছে _______ আৰু ________

(vii) উদ্ভিদৰ __________ পদ্ধতিটোরে কয়লা উৎপন্ন কৰে।

(viii) পেট্রোলিয়ামৰ উপাদানবোৰ পৃথক কৰা পদ্ধতিটোক __________ বোলে।

(ix) খাৰুৱা তেলৰ পৰা পেট্ৰ'লৰ পৰিমাণ ___________ দ্বাৰা বৃদ্ধি কৰিব পাৰি।

(x) সামান্য পৰিমাণ __________ যোগকৰি এল,পি,জি ছিলিণ্ডাৰৰ পৰা গেছৰ নিঃসৰণ ধৰা পেলাব পাৰি।

(xi) নিউক্লীয় শক্তিক বিদ্যুত শক্তিলৈ ৰূপান্তৰ কৰিব পৰা কৌশল হৈছে ________

(xii) প্রাকৃতিক গেছৰ প্রধান উপাদান হৈছে _________।

(xiii) কয়লা, পোট্রালিয়াম আৰু প্রাকৃতিক গেছ হৈছে ________ ইন্ধন।

(xiv) এটা অতি কার্য্যদক্ষ আৰু প্ৰদূষণমুক্ত শক্তিৰ বিকল্প উৎস হৈছে _________।

(xv) _________ চাব বিটুমিনাছ কয়লাৰ পাতনৰ পিছত অৱশেষ হিচাবে পোৱা যায়।

(xvi) বিটুমিনাছ কয়লাত কাৰ্বনৰ পৰিমাণ _________ %।

(xvii) ভাৰতত __________ টা নিউক্লিয় শক্তি বিকাৰক বৰ্তমান কার্যক্ষম হৈ আছে।

(xviii) __________ বিক্ৰিয়াবোৰৰ কাৰণে সূর্যটোৱে শক্তি উৎপন্ন কৰে।

(xix) আলোকভ'ল্টীয় কৌশলে ________ ক প্রত্যক্ষভাৱে বিদ্যুতলৈ

3. তলত দিয়াবোৰৰ কোনবোৰ শুদ্ধ আৰু ভুল উক্তিবোৰ শুধৰাই লিখা

(i) 1867 চনত অসমৰ মাকুমত তেলৰ প্ৰথম পুং খন্দা হৈছিল।

(ii) এনথ্রাছাইট কয়লা জ্বলালে অতি বেছি ধোৱা উৎপন্ন হয়।

(iii) চাব-বিটুমিনাছ কয়লাত 80% কার্বন থাকে।

(iv) পেট্ৰ'লিয়ামৰ আংশিক পাতনত পোৱা আটাইতকৈ কম উতলাংকৰ অংশটোৱেই তৰলীকৃত পেট্ৰ'লিয়াম গেছ।

(v) সূৰ্য্যটোৱে ইয়াৰ বহিঃপৃষ্ঠত সংঘটিত হোৱা নিউক্লীয় বিখণ্ডন বিক্ৰিয়াৰ পৰা শক্তি লাভ কৰে।

(vi) জীৱাশ্ম ইন্ধনবোৰে প্ৰদূষণ সৃষ্টি নকৰে।

(vii) পৃথিৱীৰ খোলাটোৰ বহু তলত প্রাকৃতিক গেছৰ অবক্ষেপন পোৱা যায়।

(viii) জোৱাৰ শক্তি নিকা আৰু নৱীকৰণযোগ্য।

(ix) কয়লা নৱীকৰণযোগ্য প্ৰকাৰৰ শক্তি।

4. ইন্ধন কাক কোৱা হয়?

5. কোনবিধ ইন্ধনৰ কেলৰি মান সকলোতকৈ বেছি?

6. ঘৰত ব্যৱহাৰৰ বাবে সর্বোত্তম ইন্ধন কি কি?

7. জীৱাশ্ম ইন্ধন কি কি?

8. পিট কাক কোৱা হয়?

9. অংগাৰীকৰণ কাক বোলে?

10. কোনবিধ কয়লাক পাতল কৰাৰ পাছত ক'ক পোৱাযায়?

11. বিটুমিনাছ কয়লাত কাৰ্বনৰ পৰিমাণ কিমান?

12. অতিবেছি তাপ উৎপন্ন কৰা কয়লাবিধ কি?

13. ক'কৰ কেলৰিমান কয়লাতকৈ বেছি নে কম?

14. জুলীয়া সোণ কাক কোৱা হয়?

15. পেট্রোলিয়ামৰ আটাইতকৈ ডাঙৰ অৱক্ষেপবোৰ ক'ত পোৱা যায়?

16. পেট্রোলিয়ামৰ শোধন বুলিলে কি বুজা।

17. পেট্রোলিয়াম শোধনৰ মূল পদ্ধতিটো কি?

18. প্রাকৃতিক গেছক সংসাধন কৰি কি কি উপাদান পোৱা যায়?

19. আংশিকীকৰণ স্তম্ভটো ক'ত ব্যৱহাৰ কৰা হয়?

20. খাৰুৱা তেলক কিয় তাপভঞ্জন কৰা হয়?

21. জেট বিমানৰ মিশ্র ইন্ধনৰ এটা উপাদান কি?

22. বায়ুপ্রবাহৰ গতিশক্তি প্রয়োগ কৰি উলিওৱা যন্ত্ৰটো কি?

23. L.P.G. ক এটা উত্তম ইন্ধন কিয় বোলা হয়?

24. প্রাকৃতিক গেছৰ প্ৰধান উপাদানটো কি?

25. জীৱাশ্ম ইন্ধনবোৰৰ শক্তিৰ উৎস কি?

26. নিউক্লীয় একীভৱন কাক কোৱা হয়?

27. বায়'গেছ কি?

28. সৌৰ শক্তিক কামত খটুৱা দুটা কৌশলৰ নাম লিখা।

29. LPG ৰ প্ৰধান উপাদানটোৰ নাম লিখা।

30. গোবৰ গেছ কি?

31. শক্তিৰ দুটা বিকল্প উৎসৰ নাম লিখা।

32. দুবিধ নৱীকৰণযোগ্য শক্তিৰ উৎসৰ নাম লিখা।

33. দুবিধ নৱীকৰণঅযোগ্য শক্তিৰ উৎসৰ নাম লিখা।

34. কোন দুবিধ কয়লা প্রধানকৈ তাপ উৎপাদনত ব্যৱহাৰ কৰা হয়?

35. পেট্ৰ'ৰাসায়নিক পদার্থ কাক বোলে? উদাহৰণ দিয়া।

36. এলপিজি কি? ইয়াৰ প্ৰধান উপাদানটোৰ নাম লিখা।

37. জৈৱ ডিজেল কি?

38. সৌৰশক্তিক বিদ্যুত শক্তিলে ৰূপান্তৰ কৰিব পৰা দুবিধ আহিলাৰ নাম লিখা।

39. বায়ু পাম কি?

40. জোৱাৰ শক্তিৰ আটাইতকৈ উল্লেখযোগ্য সুবিধাটো লিখা।

41. জোৱাৰ শক্তিৰ আটাইতকৈ ডাঙৰ আসোঁৱাহটো লিখা।

42. জৈৱ গেছ কি? উদাহৰণ দিয়া।

43. নিউক্লীয় শক্তিৰ প্ৰধান উৎস দুটাৰ নাম লিখা।

44. নিউক্লীয় বিখণ্ডন বুলিলে কি বুজা?

45. পেট্ৰ'লিয়াম গেছৰ কোনটো অংশৰ উতলাংক নিম্নতম হয়?

46. কি ধৰণৰ বেক্টেৰিয়াই গৰুৰ গোবৰক গোৱৰ গেছলৈ পৰিণত কৰে?

47. দুটা গেছীয় ইন্ধনৰ নাম লিখা।

48. শক্তিৰ চাহিদা বৃদ্ধিয়ে পৰিবেশত কেনেকুৱা বিৰূপ প্ৰভাৱ পেলাব পাৰে, লিখা?

49. সৌৰশক্তি প্রত্যক্ষভাৱে ব্যৱহাৰ কৰা দুটা সঁজুলিৰ নাম লিখা।

50. সৌৰ শক্তি ব্যৱহাৰ কৰা সঁজুলি সমূহৰ ভিতৰৰ ফালে কলা ৰং দিয়া হয়, কিয়?

51. সৌৰ ধ্ৰুৱকৰ মান কিমান?

52. ক'ক কি?

53. পেট্রোলিয়াম গেছৰ মুখ্য উপাদান কি?

54. জিঅ'থার্মেল শক্তি কি?

55. OTEC ৰ সম্পূর্ণ নাম কি?

56. SPV ৰ সম্পূৰ্ণ নাম কি?

57. নিউক্লিয় খণ্ডন আৰু নিউক্লিয় বিখণ্ডনৰ কোনটো প্ৰক্ৰিয়াত বেছি শক্তি মুক্ত হয়?

2/3 Marks Questions (২/৩ নম্বৰীয়া প্ৰশ্ন)

1. সৌৰশক্তিক বিদ্যুত শক্তিলৈ ৰূপান্তৰিত কৰিব পৰা এটা কৌশলৰ নাম লিখা। সৌৰশক্তি ব্যাৱহাৰৰ এটা সুবিধাৰ বিষয়ে উল্লেখ কৰা।

2. ইন্ধনৰ কেলৰিমান আৰু জ্বলন বিন্দু কি?

3.বায়ুৰ অনুপস্থিতিত বিটুমিনাছ কয়লা উত্তপ্ত কৰি পোৱা গোটা দ্রব্যটোৰ নাম কি? ইয়াৰ দুটা ব্যৱহাৰ উল্লেখ কৰা।

4. প্রাকৃতিক গেছৰ মূল উপাদানটো উল্লেখ কৰা।

5. উত্তম ইন্ধনৰ দুটা বৈশিষ্ট্য লিখা।

6. শক্তিৰ চাৰিটা বিকল্প উৎসৰ নাম লিখা।

7. ইন্ধনৰ কেলৰি মানৰ সংজ্ঞা লিখা। এটা ভাল ইন্ধনৰ দুটা বৈশিষ্ট্য লিখা।

8. বায়ু-শক্তিৰ প্ৰধান আসোঁৱাহবোৰ কি কি?

9. কয়লাৰ বিভিন্ন শ্ৰেণীবোৰৰ নাম লিখা।

10. পেট্ৰ'লক ঘৰুৱা ইন্ধন হিচাপে কিয় ব্যৱহাৰ কৰিব নোৱাৰি?

11. পেট্রোলিয়াম, কয়লা আৰু প্রাকৃতিক গেছক কিয় জীৱাশ্ম ইন্ধন বোলা হয়?

12. পিটৰ পৰা কয়লা কেনেকৈ প্রস্তুত হয়?

13. ছাব বিটুমিনাছ কয়লা পাতন কৰিলে পোৱা উপাদানবোৰ কি কি?

14. এনথ্রাছাইট কয়লাক কিয় উচ্চমানৰ বোলা হয়?

15. পেট্রোলিয়ামৰ উৎপত্তিৰ সম্পৰ্কে কি জানা লিখা।

16. ভাৰতত পেট্রোলিয়াম উৎপাদন কৰা সংস্থাকেইটা কি কি?

17. পেট্রোলিয়াম শোধনত বাষ্পীভবন প্ৰক্ৰিয়াটো বৰ্ণনা কৰা।

18. তাপভঞ্জত কেনেধৰণে কৰা হয়?

19. পেট্রোলিয়ামৰ পৰা পোৱা উল্লেখযোগ্য পদার্থকেইটাৰ নাম লিখা।

20. L.P.G. কেনেধৰণে প্রস্তুত আৰু সংৰক্ষণ কৰা হয়?

21. L.P.G. চিলিণ্ডাৰ ব্যৱহাৰ কৰোতে ল'ব লগা সাৱধানতাবোৰ কি কি?

22. শক্তিৰ বিকল্প উৎসবোৰ কি কি? এইবিলাকৰ আৱশ্যকতা বাঢ়ি অহাৰ কাৰণ কি?

23. সূৰ্যৰ শক্তিৰ উৎস কি? ইয়াৰ বিক্ৰিয়াসমুহ উল্লেখ কৰা।

24. আলোক ভল্টীয় কোষ আৰু সৌৰ প্ৰতিফলক কি?

25. বায়'গেছ কেনেধৰণে জৈৱ অপচয়ৰ পৰা সৃষ্টি হয়?

26. গোবৰ গেছ কেনেধৰণে প্ৰস্তুত কৰা হয়?

27. মুখ্য শক্তিৰ উৎসবোৰ কি?

28. মুখ্য শক্তিৰ উৎসবোৰ কিদৰে শ্ৰেণীবিভাজন কৰিব পাৰি?

29. ক'ক উৎপাদনত কি কি উপজাত সামগ্রী পোৱা যায়?

30. এল পি জিৰ প্ৰধান উপাদানবোৰ কি? ইয়াক কেনেদৰে সংৰক্ষণ কৰা হয়। ইয়াৰ দুটা ব্যৱহাৰ উল্লেখ কৰা।

31. জৈৱ ডিজেলৰ চাৰিটা প্রধান সুবিধা উল্লেখ কৰা।

32. প্রাকৃতিক গেছৰ পৰা সংশ্লেষণ কৰা চাৰিবিধ ৰাসায়নিক পদাৰ্থৰ নাম লিখা।

33. সৌৰশক্তি, বায়ুশক্তি আৰু জোৱাৰ শক্তিৰ সুবিধাবোৰ কি?

34. অপচয়ৰ পৰা শক্তি উদ্যোগবোৰত বিদ্যুৎ উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা বিভিন্ন খাপবোৰৰ বিষয়ে লিখা। 

35. নিউক্লীয় শক্তিৰ উদ্যোগৰ অসুবিধাবোৰ উল্লেখ কৰা।

36. মুখ্য আৰু গৌণ ইন্ধনবোৰ কি? প্রত্যেক বিধৰে তিনিটাকৈ উদাহৰণ দিয়া।

37. সৌৰ শক্তিৰ সংযুক্তি লিখা।

38. কয়লাতকৈ ক'কৰ সুবিধা লিখা।

39. গেছ'হ'ল কি? ইয়াক ক'ত ব্যৱহাৰ কৰা হয়?

4 Marks Questions (৪ নম্বৰীয়া প্ৰশ্ন)

1. গোবৰ গেছৰ প্ৰকল্প এটাৰ বৰ্ণনা কৰা। ৰন্ধনকাৰ্যৰ বাদেও আন কি কি কামত গোবৰ গেছ ব্যৱহাৰ কৰা হয়?

2. কোনো এটা পদার্থ ইন্ধন হ'বৰ বাবে কি কি বিচাৰমান থাকিব লাগে বর্ণনা কৰা।

3. কয়লাৰ বিভিন্ন শ্রেণীসমূহ কি কি? প্রত্যেকবিধৰে ধৰ্ম আৰু ব্যৱহাৰ উল্লেখ কৰা।

4. খাৰুৱা তেলৰ পৰা প্ৰাকৃতিক গেছ কেনেধৰণে পৃথক কৰা হয়? খাৰুৱা তেলক তাপ ভঞ্জন কৰিলে পোৱা উপাদানবোৰ কি কি?প্ত

5. প্রাকৃতিক গেছৰ প্ৰধান উপাদানসমুহ কি কি? প্রাকৃতিক গেছৰ পৰা প্ৰস্তুত কৰা পেট্ৰ'ৰাসায়নিক দ্রব্যসমূহ উল্লেখ কৰা। কি কি কামত সিহঁতৰ ব্যৱহাৰ হয়?

6. সূৰ্যৰ শক্তিক নিয়ন্ত্ৰণ কৰি কামত খটুৱাবলৈ অৱলম্বন কৰা কৌশলসমূহ ব্যাখ্যা কৰা।

7. জলশক্তি (hydro power) কি? জলবিদ্যুত প্ৰকল্পৰ এক চিন্থিত চিত্র আঁকা। বাকচ প্ৰকাৰৰ সৌৰ কুকাৰৰ নীতি, সংগঠন আৰু

8. কার্যপদ্ধতিৰ বিষয়ে চমুকৈ লিখা।