90% Common Question
HSLC 2015
1. বৃহৎ নদীবান্ধ নিৰ্মাণৰ লগত জড়িত হৈ থকা সমস্যা সমূহ হ'ল-
(a) বৃহৎ পৰিসৰৰ শস্য পথাৰ হেৰুৱাবলগীয়া হয়।
(b) বৃহৎ পৰিস্থিতিতন্ত্র বিনষ্ট হয়।
(c) (i) আৰু (ii) ৰ এটাও নহয়।
(d) (i) আৰু (ii) দুয়োটা।
HSLC 2016
1. পৰিবেশ ৰক্ষাৰ তিনিটা 'R' ৰ কথা আলোচনা কৰা।
2. আমি আমাৰ সম্পদৰাজিৰ কিয় ব্যৱস্থাপনা কৰা উচিত - আলোচনা কৰা।
HSLC 2017
1. তলৰ কোনটো নবীকৰণ শক্তিৰ উৎস নহয়।
(a) সূর্য
(b) বায়ু
(c) জীৱাশ্মজাত ইন্ধন
(d) পানী
2. জীৱাশ্মজাত ইন্ধনবিলাক কি? এইবিলাক ইন্ধনৰ দহনৰ ফলত হোৱা অসুবিধা এটা উল্লেখ কৰা।
3. প্রাকৃতিক সম্পদবোৰৰ বহনক্ষম ব্যৱস্থাপনা কৰিবলৈ তুমি কি কৰিবা?
4. আমি বনাঞ্চল আৰু বন্যপ্রাণী সংৰক্ষণ কিয় কৰিব লাগে? অৰণ্য ব্যৱস্থাপনাত মানুহৰ ভূমিকাৰ এটা উদাহৰণ দিয়া।
HSLC 2018
1. আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ সমবিতৰণৰ বিৰুদ্ধে কি শক্তিয়ে কাম কৰি আছে? বনাঞ্চল সংৰক্ষণ সম্পর্কে মতামত আগবঢ়োৱা।
2. পৰিবেশ ৰক্ষাৰ ক্ষেত্ৰত হ্রাসকৰণ, পুনঃচক্ৰীকৰণ আৰু পুনঃব্যৱহাৰৰ গুৰুত্ব কি, লিখা। পৰিবেশ হিতৈষী হ'বলৈ তোমাৰ কি কি অভ্যাসৰ পৰিৱৰ্তন কৰিব পাৰা?
HSLC 2019
1. বন আৰু বন্যপ্রাণীসমূহ কিয় সংৰক্ষণ কৰিব লাগে? বৃহৎ নদীবান্ধ নিৰ্মাণৰ ক্ষেত্ৰত থকা তিনিটা প্রধান সমস্যাৰ বিষয়ে উল্লেখ কৰা।
2. আমি আমাৰ সম্পদৰাজিৰ কিয় ব্যৱস্থাপনা কৰিব লাগে? বনাঞ্চল সংৰক্ষণৰ ক্ষেত্ৰত তোমাৰ মতামত লিখা।
HSLC 2020
1. পানী সঞ্চয়ন মানে কি বুজা? পাহাৰীয়া অঞ্চল আৰু সমতল অঞ্চলৰ পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতিৰ মাজত তুলনা কৰা।
2. জীৱাশ্ম ইন্ধনৰ দুটা উদাহৰণ দিয়া। এজন সাধাৰণ ব্যক্তি হিচাপেঃ
(a) বন আৰু বন্যপ্রাণী (b) জলসম্পদ
সমূহৰ ওপৰত কেনেধৰণৰ ব্যৱস্থাপনা ল'বা?
1. বণ আৰু বন্য প্রাণীসমূহ কিয় সংৰক্ষণ কৰিব লাগে?
Important Questions 1 Marks Questions (১ নম্বৰীয়া প্ৰশ্ন)
1. (i) পৃথিৱীত অতি দ্রুতগতিত হ্রাস পোৱা প্রাকৃতিক সম্পদ হ'ল-
(a) বনাঞ্চল
(b) বতাহ
(c) সৌৰ শক্তি
(d) পানী।
(ii) গংগা নদীত ক'লিফর্ম বেক্টেৰিয়াৰ প্ৰাচুৰ্যতাৰ প্ৰধান কাৰণ হ'ল-
(a) কাপোৰ ধোৱাৰ বাবে
(b) ছাই পানীত পেলোৱাৰ বাবে।
(c) দহন নোহোৱা কর্প (Corpses) সমূহ পানীত পেলোৱাৰ বাবে।
(d) ইলেক্ট্র'প্লেটিং উদ্যোগৰ পৰা নিষ্কাসিত দ্রব্য পানীত পেলোৱাৰ বাবে।
(iii) কোনো এটা নদীৰ পৰা সংগ্ৰহ কৰা পানীৰ নমুনাৰ PH ৰ মান 3.5-4.5 ৰ ভিতৰত পোৱা গ'ল। নদীৰ পাৰত থকা উদ্যোগবোৰৰ পৰা নিষ্কাসিত পদার্থসমূহ নদীৰ পানীৰ সৈতে মিহলি হয়। তলৰ কোনটো উদ্যোগৰ পৰা নিষ্কাশিত পদাৰ্থৰ বাবে পানীখিনি আম্লিক হয় আৰু PH মান হ্রাস হয়-
(a) সুৰাৰ পাতল উদ্যোগ
(b) চাবোন আৰু অপমার্জক উদ্যোগ
(c) লেড বেটাৰী প্ৰস্তুতকৰণ উদ্যোগ
(d) প্লাষ্টিক কাপ প্ৰস্তুত কৰা উদ্যোগ
(iv) তিনিটা R য়ে দীর্ঘ সময়ৰ বাবে প্রাকৃতিক সম্পদ সংৰক্ষণত সহায় কৰে, সেইকেইটা ক্রমে-
(a) ৰিডুচ, ৰিচাইকেল, ৰিইউচ
(b) ৰিডুচ, ৰিইউচ, ৰিডিচট্টবেট।
(c) ৰিডুচ, ৰিজেনেৰেট, ৰিইউচ
(d) ৰিচাইকেল, ৰিজেনেৰেট, ৰিইউচ।
(v) তলৰ কোনটোৰ সংৰক্ষণৰ বাবে প্ৰকৃতাৰ্থত বনাঞ্চলৰ সংৰক্ষণ কৰা হয়-
(a) মাত্র তৃণভোজী প্রাণীৰ ৰক্ষণাবেক্ষণ
(b) উচ্চ ট্রফিক স্তৰৰ প্ৰাণীৰ ৰক্ষণাবেক্ষণ
(c) বিযোজকৰ ৰক্ষণাবেক্ষণ
(d) সকলোবোৰ ভৌতিক আৰু জৈৱিক উপাদানৰ ৰক্ষণাবেক্ষণৰ বাবে কম্প্রিহেনচিভ আঁচনি।
(vi) চিপকো আন্দোলনৰ গুৰুত্বপূৰ্ণ বার্তাটো হ'ল-
(a) বনাঞ্চল সংৰক্ষণ কার্যত স্থানীয় সম্প্রদায়ক জড়িত। নকৰা।
(b) বনাঞ্চল সংৰক্ষণ কার্যত স্থানীয় সম্প্রদায়ক জড়িত কৰা।
(c) চৰকাৰী সংস্থা সমূহে কোনো কথা নথকাকৈ বনাঞ্চলৰ গছ ধংস কৰিব পাৰে।
(vii) GAP ৰ সম্পূৰ্ণ নাম লিখা-
(a) গ্রচ এচিমেনেচন বাই ফট 'চিন্থেচিছ।
(b) গংগা একচন প্লেন
(c) গভর্ণমেন্ট এজেন্সি ফৰ পলুচন কন্দ্ৰোল (প্রদূষণ নিয়ন্ত্ৰণৰ চৰকাৰী সংস্থা)
(d) গভর্ণমেন্ট এজেন্সি ফৰ এনিমেল প্ৰ'টেকচন (প্ৰাণীৰ ৰক্ষণাবেক্ষণৰ বাবে থকা চৰকাৰী সংস্থা)
(viii) ভুল উক্তিটো লিখা-
(a) বনাঞ্চলত উদ্ভিদ বিভিন্নতা বহুত বেছি।
(b) বনাঞ্চলৰ পৰা বিভিন্ন ধৰণৰ উৎপাদিত দ্রব্য আহৰণ কৰিব পাৰি।
(c) বনাঞ্চলে মাটিৰ সংৰক্ষণ নকৰে।
(d) বনাঞ্চলে মাটিৰ সংৰক্ষণ কৰে।
(ix) তলৰ শুদ্ধ কূপটো বাচি উলিওৱা আৰু য'ত জীৱাশ্ম ইন্ধন নাথাকে-
(a) পেট্রোলিয়াম, কাঠ, সূর্য্য
(b) বতাহ, কাঠ, সূর্য্য
(c) কেৰ'চিন, বতাহ আৰু জোৱাৰ
(d) বতাহ, সাগৰ আৰু কয়লা।
(x) IUCN ৰ সম্পূৰ্ণ নাম হ'ল-
(a) প্রকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ আন্তর্জাতিক সংস্থা।
(b) প্রাকৃতিক সম্পদৰ ক্ৰায় 'সংৰক্ষণৰ আন্তর্জাতিক সংস্থা।
(c) প্রকৃতি সংৰক্ষণৰ ভাৰতীয় সংস্থা।
(d) নাইট্ৰ'জেন সংৰক্ষণৰ আন্তর্জাতিক সংস্থা।
(xi) তলৰ কোনটো অফুৰন্ত সম্পদ (Exhaustible re- sources)?
(a) খনিজ পদার্থ আৰু জীৱাশ্ম ইন্ধন
(b) বৰষুণ আৰু জীৱাশ্ম ইন্ধন।
(c) বায়ু আৰু বোকা
(d) বায়ু আৰু খনিজ পদার্থ।
(xii) চিপকো আন্দোলনৰ শ্ল'গান হ'ল পাচটা F, তলৰ কোনটো পাঁচটা F ৰ ক্ষেত্ৰত শুদ্ধ-
(a) খাদ্য, জুই জ্বলোৱা খৰি, তন্তু উৰ্বৰতা আৰু কাঠৰ আচবাব (Furniture) (Food) (Fire wood) (Fibre) (Fertility)
(b) (Food) (Fire wood) (Fibre) (Fertility) জন্তুৰ খাদ্য (Fodder) আৰু কাঠৰ আচবাব।
(c) (Food) (Fire wood) (Fibre) (Fertility) ইন্ধন, জন্তুৰ খাদ্য, তত্ত্ব আৰু সাৰ যোগোৱা উদ্ভিদ (Fertilizer trees)
(d) (Food) (Fire wood) (Fibre) (Fertility) ইন্ধন, জন্তুৰ খাদ্য, তত্ত্ব আৰু উৰ্বৰতা।
(xiii) তলৰ কোনটো পুনৰ নবীকৰণযোগ্য সম্পদ-
(a) প্রাকৃতিক গেছ
(b) পেট্রলিয়াম
(c) কয়লা
(d) বন্য প্রাণী
(xiv) বনাঞ্চল বৃদ্ধিৰ বাবে বেছি পৰিমাণে বৃক্ষ ৰোপণ কৰাক- বোলে।
(a) এ ফ'ৰেষ্টেচন (Afforestation)
(b) এগ্র' ফ'ৰেষ্টৌ (Agro-forestry)
(c) ডি ফ'ৰেষ্টেচন (Deforestation)
(d) সামাজিক বনানিকৰণ
(xv) ৰেড ডাটা বুকত-
(a) মৃত প্রাণীক লিপিবদ্ধ কৰা হয়
(b) মানুহৰ আবাদীক লিপিবদ্ধ কৰা।
(c) যিবোৰ জীৱ শংকিত আৰু ভৱিষ্যতে বিলুপ্ত হ'ব পাৰে তেনে প্রাণীক বা জীৱক লিপিবদ্ধ কৰা হয়।
(d) জৈৱ বিনাশক দ্রব্য সমূহক লিপিবদ্ধ কৰা হয়।
(xvi) অতি বেছি বনাঞ্চল ধংসকৰণ (deforestation) ব বাবে তলৰ কোনটোৰ পৰিমাণ হ্রাস ব'ব পাৰে-
(a) বৰষুণৰ পৰিমাণ
(b) শুকান বতৰ
(c) গোলকীয় উত্তাপন
(d) মাটিৰ অৱক্ষয়।
(xvii) কয়লা আৰু পেট্র'লিয়াম হ'ল-
(a) জীৱাশ্ম ইন্ধন
(b) অজৈৱ ইন্ধন সম্পদ
(c) ইন্ধন খৰি
(d) জৈৱ গেছ উৎপাদনত ব্যৱহৃত হয়।
2. প্রাকৃতিক সম্পদ কাক বোলে? উদাহৰণ দিয়া।
3. প্রাকৃতিক সম্পদ সংৰক্ষণৰ লগত জড়িত আন্তর্জাতিক সংস্থাটোৰ নাম লিখা।
4. IUCN ৰ সম্পূৰ্ণ নাম লিখা।
5. প্রাকৃতিক সম্পদ সংৰক্ষণ বুলিলে কি বুজা?
6. অক্ষয়শীল (inexhaustible) প্রাকৃতিক সম্পদ বুলিলে কি বুজা? উদাহৰণ দিয়া।
7. ক্ষয়শীল (exhaustible) প্রাকৃতিক সম্পদ বুলিলে কি বুজা? উদাহৰণ দিয়া।
8. নৱীকৰণযোগ্য প্রাকৃতিক সম্পদ কাক বোলে? উদাহৰণ দিয়া।।
9. অনৱীকৰণযোগ্য প্রাকৃতিক সম্পদ কাক বোলে? উদাহৰণ দিয়া।
10. বন্য প্রাণী কাক বোলে?
11. 3-R স্ট্রেটেজি বুলিলে কি বুজা?
12. জৈৱ বৈচিত্র্যৰ ক্ষেত্ৰত অতি চহকী অঞ্চল (Hot spot) বুলিলে কি বুজা?
13. বনাঞ্চল ধ্বংসকৰণ (Deforestation) কাক বোলে।
14. কোনো জলৰাশিত ক'লিফর্ম বেক্টেৰিয়াৰ উপস্থিতিতয়ে কি বুজায়?
15. তলত দিয়া সমূহৰ সম্পূৰ্ণ নাম লিখা-
(a) CITES
(b) BOD
(c) COD
(d) IUCN
(e) CNG
(f) IBWL
(g) MAB
16. বনাঞ্চলৰ পৰা আহৰণ কৰি এবিধ ৰেজিন আৰু এবিধ ৰঙৰ নাম লিখা।
17. ৰাষ্ট্ৰীয় উদ্যোন বুলিলে কি বুজা?
18. অভয়াৰণ্য কাক বোলে?
19. ভাৰতবৰ্ষৰ দুটা স্তন্যপায়ী বিপন্ন প্রাণীৰ নাম লিখা।
20. সংৰক্ষণৰ সংজ্ঞা লিখা।
21. বিপন্ন প্রাণী (Endangered animal) কাক বোলে?
22. চিপকো আন্দোলনৰ শ্ল'গানটো কি?
23. যিকোনো দুটা বিপন্ন প্রজাতিৰ উদ্ভিদৰ নাম লিখা।
24. এটা গেছৰ নাম লিখা যিটোৰ উপস্থিতিৰ বাবে সেউজ গৃহ প্ৰভাৱ নিচিনা পৰিঘটনা ঘটে।
25. খৰিৰ বাবে ব্যাৱহাৰ কৰা কাঠ হ'ল এবিধ অনৱীকৰণযোগ্য ইন্ধনৰ উৎস। ইয়াৰ ঠাইত অন্য বিকল্প শক্তিৰ উৎস হিচাবে ব্যাৱহাৰ কৰিব পাৰি, ইয়াৰ ঠাইত কিয় বিকল্প শক্তিৰ উৎস ব্যাৱহাৰ কৰিব লাগে, এটা কাৰণ দর্শোৱা।
2/3 Marks Questions (২/৩ নম্বৰীয়া প্ৰশ্ন)
1. প্ৰাচুৰ্যতাৰ ওপৰত ভিত্তি কৰি বিভিন্ন প্ৰকাৰৰ সম্পদ সমূহ কি কি? প্রত্যেক প্ৰকাৰৰ একোটা উদাহৰণ দিয়া।
2. প্রাকৃতিক সম্পদৰ বহনক্ষম ব্যৱস্থাপনাৰ বিষয়ে লিখা।
3. প্রাকৃতিক সম্পদৰ ব্যৱস্থাপনাৰ প্ৰয়োজনীয়তা সমূহ কি কি?
4. বন্য প্রাণী সংৰক্ষণ বুলিলে কি বুজা? বন্যপ্রাণী সংৰক্ষণৰ প্রয়োজনীয়তা সমূহ কি কি?
5. "পানী জীৱৰ প্ৰাণ" উক্তিটো ব্যাখ্যা কৰা।
6. "পানী সংৰক্ষণৰ প্ৰয়োজনীয়তা উল্লেখ কৰা।
7. কৃত্রিম বান্ধৰ সুবিধা আৰু অসুবিধা সমূহৰ বিষয়ে চমুকৈ লিখা।
8. জীৱাশ্ম ইন্ধনৰ ব্যৱস্থাপনা সমূহ কি কি?
9. প্রাকৃতিক সম্পদ সংৰক্ষণত প্রত্যেকজন মানুহৰ ভূমিকাৰ বিষয়ে লিখা।
10. (a) চিপকো আন্দোলন কি? টেইৰি অঞ্চলত হোৱা এই আন্দোলনৰ কোনে গুৰি ধৰিছিল?
(b) চিপকো আন্দোলনৰ সৈতে একে, কিন্তু কর্ণাট-কত ঘটা এই আন্দোলনৰ নাম কি আছিল? এই আন্দোলনৰ কোনে গুৰি ধৰিছিল?
11. বন্যপ্রাণী বিলুপ্তিকৰণৰ দুটা কাৰণ ব্যাখ্যা কৰা।
12. ৰাজস্থানৰ খাদিন (khadin) ৰ ওপৰত এটি টোকা লিখা।
13. বনাঞ্চল ধ্বংসকৰণৰ প্ৰধান কাৰণ সমূহ কি কি?
14. সংৰক্ষণ বুলিলে কি বুজা? এক্স-চিট (Ex-site) আৰু ইন-চিট (in-site) সংৰক্ষণৰ বিষয়ে ব্যাখ্যা কৰা।
15. ঘৰত বিদ্যুতৰ সংৰক্ষণৰ বাবে তুমি কি কি ব্যৱস্থা গ্রহণ কৰিবা?
16. বায়ুমণ্ডলত কার্বন-ডাই অক্সাইডৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাৰ বাবে তুমি কি উপায় আগবঢ়াবা?
17. আমি কিয় আমাৰ বনাঞ্চল সংৰক্ষণ কৰিব লাগে? বনাঞ্চল ধংসকৰণৰ যিকোনো দুটা কাৰণ লিখা।
18. পানী সংগ্ৰহৰ (harvesting) চাৰিটা সুফল উল্লেখ কৰা।
19. বৃহৎ ডামৰ সংগঠনে বহুটো সমস্যাৰ সৃষ্টি কৰিব পাৰে। এনে অৱস্থাৰ যিকোনো দুটা সমস্যাৰ বিষয়ে ব্যাখ্যা কৰা।
20. জীৱাশ্ম ইন্ধন কি? জীৱাষ্ম ইন্ধনৰ কুফলসমূহ কি কি?
21. "গংগা একচন প্লেন" ৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা।
22. আমি কিয় আমাৰ প্ৰাকৃতিক সম্পদক বহনক্ষম ভিত্তিত ব্যাৱহাৰ কৰিব লাগে, কাৰণ দর্শোৱা।
4 Marks Questions (৪ নম্বৰীয়া প্ৰশ্ন)
1. জীৱাশ্ম ইন্ধন সংৰক্ষণৰ বাবে তুমি কেনে উপায় অবলম্বন কৰিবা?
2. বান্ধ (dam) কি? বৃহৎ বান্ধে আমাৰ উপকাৰ সাধে নে অপকাৰ সাধে। তোমাৰ মতামত দাঙি ধৰা।
3. চিপকো আন্দোলনৰ বিষয়ে বৰ্ণনা কৰা আৰু বনাঞ্চল সংৰক্ষণত ইয়াৰ তাৎপর্য লিখা।