90% Common Question
HSLC 2011
1. 'ভূমিস্খলন' মানে কি?
HSLC 2012
1. গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহনা যোগোৱো গেছটো হ'ল – [HSLC '12]
(a) মিথেন
(b) ক্ল'ৰ'ফ্ল'ৰ' কার্বন
(c) নাইট্রাছ অক্সাইড
(d) কার্বন ডাইঅক্সাইড
2. অসমৰ পৰ্যটন উদ্যোগৰ সম্ভাৱনাসমূহৰ বিষয়ে চমুটোকা লিখা।
3. পাৰিবেশিক ব্যৱস্থাপনা মানে কি? কোনো এখন ঠাইৰ ভূমিস্খলন ৰোধ কৰিবলৈ কি কি ব্যৱস্থা গ্রহণ কৰিব পাৰি মতামত দিয়া।
HSLC 2017
1. মৰুকৰণ কি? মৰুকৰণৰ দুটা কাৰণ লিখা?
2. প্রদূষণ কি? বায়ু কেনেকৈ প্ৰদূষিত হয় লিখা।
3. পৰিবেশিক সমস্যা কি? পৰিবেশিক সমস্যাৰ ভৌগলিকভাগবোৰ ব্যাখ্যা কৰা।
HSLC 2018
1. এছিড বৰষুণ সাধাৰণতে সৃষ্টি হয়
(a) মেৰু অঞ্চলত
(b) অৰণ্য অঞ্চলত
(c) ঔদ্যোগিক অঞ্চলত
(d) ঘাঁহনি অঞ্চলত
2. গোলকীয় উত্তাপ বৃদ্ধি কি? গোলকীয় উত্তাপ বৃদ্ধি কিদৰে ৰোধ কৰিব পাৰি, লিখা।
3. পৰিৱেশ পৰিৱৰ্তনৰ তিনিটা প্ৰধান কাৰণ উল্লেখ কৰা
4. পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধৰ বিষয়ে চমুকৈ আলোচনা কৰা।
HSLC 2019
1. বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ কিমান?
(a) ০.০০৩৫%
(b) ০.০৩৫%
(c) ০.৩৫%
(d) ৩.৩৫%
2. সেউজগৃহ গেছবোৰৰ ভিতৰত তলৰ কোনবিধ গেছ গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী?
(a) অক্সিজেন
(b) নাইট্র'জেন
(c) কার্বন ডাই অক্সাইড
(d) আর্গন
3. মৰুকৰণৰ প্ৰধান কাৰণসমূহ চমুকৈ লিখা।
4. প্রদূষণ মানে কি বুজায়? মাটি কিদৰে প্ৰদূষিত হয়, লিখা।
HSLC 2020
1. মৰুকৰণ কি? মৰুকৰণৰ দুটা কাৰণ লিখা?
2. পানী প্রদূষণ কেনেকৈ হয়?
3. গোলকীয় উত্তাপ বৃদ্ধিৰ তিনিটা ফলাফল লিখা।
HSLC 2022
1. তলৰ গেছবোৰৰ ভিতৰত কোনটো গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয়?
(a) কার্বন ডাই অক্সাইড
(b) অ'য'ন
(c) মিথেন
(d) নাইট্রাছ অক্সাইড
2. মাটি কেনেকৈ প্ৰদূষিত হয়?
HSLC 2023
1. বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ কিমান?
(a) ০.০০৩৫%
(b) ০.০৩৫%
(c) ০.৩৫%
(d) ৩.৩৫%
2. তলত দিয়া বায়ুমণ্ডলৰ গেছবোৰৰ কোনটোৱে এচিড বৰষুণৰ সৃষ্টি কৰে?
(a) আর্গন
(b) কার্বন মন'ক্সাইড
(c) নাইট্র'জেন
(d) ছালফাৰ ডাই-অক্সাইড
3. বিশ্ব পৰিবেশ দিৱস তাৰিখে পালন কৰা হয়।
(২২ মার্চ/২২ এপ্রিল/৫ জুন /৫ ছেপ্তেম্বৰ)
6. গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে? চাৰিটা উদাহৰণ দিয়া।
Important Questions 1 Marks Questions (১ নম্বৰীয়া প্ৰশ্ন)
1. পিটাৰ হেগেট এজন
(a) বতৰ বিজ্ঞানী
(b) ভূ বিদ
(c) ভূগোল বিজ্ঞানী
(b) পৰিবেশ বিজ্ঞানী।
2. গোলকীয় উত্তাপ বৃদ্ধি এটা
(a) স্থানীয় সমস্যা
(b) আঞ্চলিক সমস্যা
(c) আন্তঃৰাষ্ট্ৰীয় সমস্যা
(d) ব্যক্তিগত সমস্যা।
3. জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰে বৃদ্ধি কৰে
(a) অক্সিজেন
(b) নাহট্রজেন
(c) কার্বন ডাই অক্সাইড
(d) এটাও নহয়।
4. মাউন্ট পিনাটু'ব'ৰ আছে
(a) ভাৰতবৰ্ষত
(b) চীনত
5. ইয়াংছি নদী অৱস্থিত
(a) চীন দেশত
(b) জাপানত
(c) বাংলাদেশত
(d) ইন্দোনেছিয়াত।
6. এছিড বৰষুণৰ কাৰক গেছ দুটা হৈছে।
(a) অক্সিজেন আৰু নাইস্ট্রজেন
(b) অক্সিজেন আৰু ছালফাৰ ডাই অক্সাইড
(c) কার্বন ডাই অক্সাইড আৰু ছালফাৰ ডাহ অক্সাইড।
(d) ছালফাৰ ডাই অক্সাইড আৰু নাহ টু'জেন ডাই অক্সাইড।
7. খালী ঠাই পূৰ কৰাঃ
(i) ---------শব্দটোরে কোনো জীর বা জীব সম্প্রদায়ৰ। চাৰিওফালৰ অৱস্থাকে বুজায়।
(ii) জৈৱ উপাদান সমূহ---------- ভিতৰুৱা।
(iii) ভূ-পৃষ্ঠৰ প্ৰায়------------ শতাংশ স্থলমণ্ডলে আগুৰি আছে।
(iv) শিল, বালি, মাটি, মণিক আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগকে-------- বোলে।
(v) পৃথিৱীৰ সাগৰ-মহাসাগৰবোৰে ইয়াৰ----------- কৰিছে গঠন।
(vi) জলমণ্ডলে ভূ-পৃষ্ঠৰ-----------শতাংশ আগুৰি আছে।
(vii) ----------পৃথিৱীৰ জীৱ অৰ্থাৎ উদ্ভিদ আৰু প্ৰাণী! থকা অংশবোৰক সামৰি লয়।
(viii) জীৱমণ্ডলত এতিয়ালৈ প্রায়-------- আৰু প্ৰাণী চিনাক্তকৰণ কৰা হৈছে নিযুত উদ্ভিদ।
(ix) অনিষ্টকাৰী দ্রব্যই পৰিৱেশ বিনষ্ট কৰা প্ৰক্ৰিয়াকে সহজ কথাত--------- বুলি কোৱা হয়।
(x) মেৰু অঞ্চলৰ বৰফাবৃত্ত এলেকা বোৰক শীতল------------- বোলা হয়।
(xi) মৰুভূমিবোৰে পৃথিৱীৰ স্থলভাগৰ প্ৰায়---------- শতাংশ আগুৰি আছে।
8. পৃথিৱীৰ স্থল মণ্ডলে ভূ-পৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে?
9. জলমণ্ডলে ভূ-পৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে?
10. ভূ-পৃষ্ঠৰ পৰা বায়ুমণ্ডল কিমান উচ্চতালৈ প্ৰসাৰিত হৈ আছে?
11. জীৱমণ্ডলত এতিয়ালৈ কিমান উদ্ভিদ আৰু প্ৰাণী চিনাক্ত কৰা হৈছে?
12. বায়ুমণ্ডলত নাইট্র'জেন গেছ কিমান শতাংশ আছে?
13. পৰিৱেশ বুলিলে কি বুজা?
14. পৰিৱেশৰ উপাদান দুটা কি কি?
15. পাৰিৱেশিক সমস্যা বুলিলে কি বুজা?
16. বায়ুমণ্ডলত স্বাভাৱিক অৱস্থাত কিমান শতাংশ কার্বন- ডাই-অক্সাইড গেছ আছে?
17. দুবিধ সেউজ গৃহ গেছৰ নাম লিখা।
2/3 Marks Questions (২/৩ নম্বৰীয়া প্ৰশ্ন)
1. পৃথিৱীৰ প্ৰাকৃতিক অৱস্থাৰ কোনবোৰ উপাদানে পৰিৱেশ নিৰূপন কৰিছে?
2. স্থলমণ্ডল কাক বোলে ?
3. বায়ুমণ্ডল কাক বোলে ?
4. ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যা সমূহ কি কি?
5. প্রদূষক কি?
6. ভৌগোলিক দৃষ্টিকোণৰ পৰা পাৰিৱেশিক সমস্যাবোৰৰ শ্ৰেণীবিভাগ কৰা।
7. শীতল মৰুভূমি কি?
8. সেউজ গৃহ গেছ কাক বোলে?
9. এছিড বৰষুণ কিদৰে সৃষ্টি হয়?
10. পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদানৰ কথা উল্লেখ কৰা।
11. স্থলমণ্ডল বুলিলে কি বুজায় লিখা।
12. জলমণ্ডলৰ ভিতৰত কি কি পৰে লিখা।
13. বায়ুমণ্ডল কিহেৰে গঠিত লিখা।
14. পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা।
15. ভৌগোলিক দিশৰপৰা পৰিৱেশৰ সমস্যাক কি কি ভাগত ভগাব পাৰি লিখা।
16. পৰিৱেশৰ আঞ্চলিক সমস্যাৰ দুটা উদাহৰণ দিয়া।
17. কোনবোৰ সমস্যাক গোলকীয় পৰিৱেশ সমস্যা বুলি কোৱা হয় লিখা।
18. পৰিৱেশৰ প্ৰধান সমস্যাসমূহ উল্লেখ কৰা।
19. প্ৰদূষণৰ অৰ্থ লিখা।
20. পাৰিৱেশিক সমস্যাবোৰৰ শ্ৰেণীবিভাগ কৰা।
4/5 Marks Questions (৪/৫ নম্বৰীয়া প্ৰশ্ন)
1. পৰিৱেশ বুলিলে কি বুজায় নিজৰ ভাষাত লিখা।
2. জীৱমণ্ডলৰ বিস্তৃতি সম্বন্ধে লিখা।
3. গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ উপায় কি?
4. পৰিৱেশৰ সমস্যা কি ব্যাখ্যা কৰা।
5. পৰিৱেশৰ স্থানীয় সমস্যা কি? উদাহৰণ দি লিখা।
6. পানী প্রদূষণ কি আৰু কেনেকৈ হয় লিখা।
7. মাটি প্রদূষণৰ বিষয়ে এটি চমু টোকা লিখা।
8. বায়ু কেনেকৈ প্ৰদূষিত হয় লিখা।
9. মৰুভূমি কাক বোলে? মৰুকৰণৰ সংজ্ঞা দিয়া।
10. মৰুকৰণৰ কাৰণ দর্শোৱা।
11. মৰুকৰণ সমস্যাৰ সমাধান সম্ভৱনে?
12. গোলকীয় উত্তাপ বৃদ্ধি কি? ইয়াৰ কাৰকবোৰ উল্লেখ কৰা।
13. গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব লিখা।
14. তোমাৰ নিজৰ ঠাইখনত পৰিৱেশৰ কিবা সমস্যা আছেনে? যদি আছে তাৰ কাৰণ ব্যাখ্যা কৰা আৰু সমাধানৰ উপায় চিন্তা কৰি লিখা।
15. চমু টোকা লিখা :-
(i) স্থলমণ্ডল
(iv) জীৱমণ্ডল
(ii) জলমণ্ডল
(iii) বায়ুমণ্ডল
(v) মাটি প্রদূষণ
(vi) বায়ু প্রদূষণ
(vii) পানী প্রদূষণ
(viii) মৰুকৰণ
(ix) গোলকীয় উত্তাপ বৃদ্ধি
(x) সেউজ গৃহ গেছ।
1.