90% Common Question
HSLC 2010
1. মাটিকালি হিচাপত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান-
(i) সপ্তম
(ii) তৃতীয়
(iii) প্রথম
(iv) চতুর্থ
2. উত্তৰ-পূব ভাৰতৰ এটা প্রখ্যাত হ্ৰদৰ নাম লিখা।
3. উত্তৰ ভাৰতৰ নদীসমূহৰ দুটা প্রধান বৈশিষ্ট্য উল্লেখ কৰা।
4. ভাৰতৰ হিমালয় অঞ্চলৰ এটি আভাস দিয়া।
5. ভাৰতৰ এখন মানচিত্র আঁকি তলত দিয়াবোৰ নামসহ বহুওৱাঃ
(a) এটা মালভূমি
(b) এখন উপকূলীয় মহানগৰ
(c) মিজোৰামৰ ৰাজধানী।
6. ভাৰতৰ বনজ সম্পদৰ এটি বিৱৰণ দিয়া।
1. পৃথিৱীৰ দেশবোৰৰ ভিতৰত আকাৰ হিচাপত ভাৰতৰ স্থান-
(i) সপ্তম
(ii) চতুর্থ
(iii) দ্বিতীয়
(iv) পঞ্চম
2. ভাৰতৰ অক্ষাংশৰ বিস্তৃতি উল্লেখ কৰা।
3. ভাৰতৰ প্ৰধান দুই প্ৰকাৰৰ অৰণ্য উল্লেখ কৰা।
4. 1991 চনৰ পিয়ল অনুযায়ী ভাৰতৰ এক কোটিৰ অধিক জনসংখ্যাৰ দুখন মহানগৰৰ নাম লিখা।
5. ভাৰতৰ উত্তৰ অংশৰ সমভূমি অঞ্চলৰ এটি আভাস দিয়া।
6. ঔদ্যোগিক অঞ্চলৰ সংজ্ঞা দিয়া আৰু ভাৰতৰ তিনিটা ঔদ্যোগিক অঞ্চলৰ নাম লিখা।
7. ভাৰতৰ কৃষি অঞ্চলবোৰৰ এটি চমু আভাস দিয়া।
1. মেনগ্র'ভ উদ্ভিদ প্রধানকৈ পোৱা অঞ্চলটো হ'ল-
(i) উপকূলীয় অঞ্চল
(ii) পার্বত্য অঞ্চল
(iii) মৰুভূমি অঞ্চল
(iv) মালভূমি অঞ্চল
2. মুম্বাই - পুনা অঞ্চলটো তলৰ কোনটোৰ বাবে প্রখ্যাত-
(i) কপাহী বস্ত্র উদ্যোগ(ii) সাৰ উদ্যোগ
(iii) জাহাজ নির্মাণ উদ্যোগ
(iv) লো - তীখাৰ উদ্যোগ
1. পৃথিৱীৰ দেশসমূহৰ ভিতৰত মাটিকালি হিচাপত ভাৰতৰ স্থান-
(i) দ্বিতীয়
(ii) সপ্তম
1. ভাৰতবৰ্ষৰ মুঠ ৰাজ্যৰ সংখ্যা হ'ল -
(i) 27 খন
(ii) 25 খন
(iii) 28 খন
(iv) 29 খন
2. গঙ্গা নদীৰ দক্ষিণ পাৰৰ উপনদী এখনৰ নাম লিখা।
3. ৰাজস্থানৰ দুটা হ্ৰদৰ নাম লিখা।
4. পশ্চিম ভাৰতৰ দুটা শিল্পাঞ্চলৰ নাম লিখা।
5. ভাৰতৰ জলবায়ুৰ প্ৰধান কাৰকসমূহ কি কি? দেশখনৰ জলবায়ুৰ মৌলিক বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
6. ভাৰতৰ আৰ্হি-মানচিত্র আঁকা আৰু তাত আৰাৱলী পর্বতশ্রেণী আৰু চেন্নাইৰ অৱস্থান দেখুওৱা।
1. ভাৰতবৰ্ষৰ পূবত অৱস্থিত দেশখন হ'ল-
(i) চীনদেশ
(ii) ম্যানমাৰ
(iii) পাকিস্তান
(iv) থাইলেণ্ড
2. কিহৰ বাবে ভাৰতৰ ছোটনাগপুৰ মালভূমি অঞ্চলটো বিখ্যাত?
3. মেনগ্ৰ'ভ উদ্ভিদ থকা ভাৰতবৰ্ষৰ দুটা অঞ্চলৰ নাম লিখা।
4. ভাৰতৰ দাক্ষিণাত্য মালভূমি অঞ্চলৰ দুখন নদীৰ নাম লিখা।
5. ভাৰতবৰ্ষৰ জলবায়ুৰ চাৰিটা প্রধান বৈশিষ্ট্য উল্লেখ কৰা।
6. 1901 চনৰ পৰা ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধিৰ ধাৰা সম্পর্কে চমুকৈ লিখা। দেশৰ স্বাধীনতাৰ পিছত জনসংখ্যা বৃদ্ধি দ্রুত হোৱাৰ দুটা কাৰণ উল্লেখ কৰা।
7. ভাৰতবৰ্ষৰ এখন আৰ্হি মানচিত্র আঁকা আৰু তাত ছিক্কিম ৰাজ্য, নর্মদা নদী আৰু বিন্ধ্য পর্বতমালাৰ অৱস্থান দেখুওৱা।
HSLC 2016
1. ভাৰতবৰ্ষই পৃথিৱীৰ মুঠ মাটিকালি শতাংশ হিচাবত আবৰি আছে-
(i) 3.2%
(ii) 5.4%
(iii) 4.3%
(iv) 2.2%
2. বর্তমানে অসমৰ জিলা কিমানখন?
3. ভাৰতবৰ্ষত কিমান প্ৰকাৰৰ মৌচুমী বতাহ বয়? নামবোৰ দিয়া।
4. "কপাহ অঞ্চল” ভাৰতবৰ্ষৰ ক'ত?
5. স্বাধীনতাৰ পিচৰ পৰা ভাৰতৰ জনসংখ্যা বৃদ্ধি হোৱাৰ কাৰণ কি? পৰিণাম ব্যাখ্যা কৰা।
6. ভাৰতৰ প্ৰাকৃতিক ভাগ কেইটা কি কি? যি কোনো এটা ভাগ ব্যাখ্যা কৰা।
7. ভাৰতৰ এখন আৰ্হি-মানচিত্র আঁকা আৰু তলত দিয়া বোৰ বহুৱা (যি কোনো চাৰিটা):
1. ভাৰতবৰ্ষৰ পশ্চিমত অৱস্থিত দেশখন হ'ল-
(i) চীনদেশ
(ii) ম্যানমাৰ
(iii) পাকিস্তান
(iv) থাইলেণ্ড
2. কোনডাল অক্ষৰেখাই ভাৰতক সমানে উত্তৰ আৰু দক্ষিণ ভাগত বিভক্ত কৰিছে?
3. ভাৰতৰ দাক্ষিণাত্য মালভূমি অঞ্চলৰ দুখন নদীৰ নাম লিখা।
4. চিৰ সেউজীয়া উদ্ভিদ থকা ভাৰতবৰ্ষৰ দুটা অঞ্চলৰ নাম লিখা।
5. "জনসংখ্যাৰ বিতৰণ ভাৰতৰ সকলো ঠাইতে সমান নহয়”- ব্যাখ্যা কৰা।
6. ভাৰতৰ শিল্প উদ্যোগৰ অঞ্চল চাৰিটাৰ নাম লিখা। তাৰে যি কোনো এটা অঞ্চলৰ বিষয়ে ব্যাখ্যা কৰা।
7. ভাৰতৰ এখন আৰ্হি-মানচিত্র আঁকা আৰু তলত দিয়া বোৰৰ যি কোনো চাৰিটা বহুৱা:
(a) সাতপুৰা পৰ্ব্বত
(b) তাপ্তী নদী
(c) ডিগবৈ
(d) ইটানগৰ
(e) সুন্দৰবন
(f) পাটনা
1. তলত দিয়া ভাৰতবৰ্ষৰ হ্ৰদসমূহৰ ভিতৰত কোনটো ৰাজস্থানত অৱস্থিত?
(i) ল'কটক্
(ii) পুষ্কৰ
(iii) চিল্কা
(iv) পুলিকট
2. ভাৰতবৰ্ষৰ স্থলসীমাৰ দৈর্ঘ্য কিমান?
3. ভাৰতবৰ্ষৰ দাক্ষিণাত্য মালভূমি অঞ্চলত অৱস্থিত দুটা প্রধান পৰ্বতৰ নাম লিখা।
4. ভাৰতবৰ্ষৰ দুটা অতি বেছি বৃষ্টিপাত হোৱা অঞ্চলৰ নাম লিখা।
5. ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্যবোৰ চমুকৈ আলোচনা কৰা।
6. ভাৰতবৰ্ষত কৃষিৰ গুৰুত্ব সম্পর্কে ব্যাখ্যা কৰা।
7. ভাৰতবৰ্ষৰ এখন আৰ্হি-মানচিত্র আঁকা আৰু তলত দিয়াবোৰৰ যি কোনো চাৰিটা তাত বহুওৱা:
(i) আৰাৱল্লী পর্বত
(ii) ব্রহ্মপুত্র নদী
(iii) শ্বিলং
(v) গোৱা
(iv) ছিমলা
(vi) আইজল
HSLC 2019
1. ভাৰতবৰ্ষৰ স্থলসীমাৰ মুঠ দৈর্ঘ্য হ'ল
(i) ১৮,৪০০ কিলোমিটাৰ
(ii) ১৬,৮০০ কিলোমিটাৰ
(iii) ১৫,২০০ কিলোমিটাৰ
(iv) ১৩,২০০ কিলোমিটাৰ
2. ভাৰতবৰ্ষৰ কোন অঞ্চলত মেনগ্ৰ'ভ উদ্ভিদ পোৱা যায়?
3. দক্ষিণ ভাৰতৰ দুখন প্রধান নদীৰ নাম লিখা।
4. ভাৰতৰ ছোটানাগপুৰ ঔদ্যোগিক অঞ্চলটো গঢ়ি উঠাৰ দুটা গুৰুত্বপূৰ্ণ কাৰক উল্লেখ কৰা।
5. ভাৰতৰ পঞ্জাৱ ৰাজ্যৰ মাজেদি প্ৰৱাহিত তিনিখন নদীৰ নাম উল্লেখ কৰা।
6. ভাৰতবৰ্ষৰ দ্রুত জনসংখ্যা বৃদ্ধিৰ তিনিটা কাৰণ লিখা।
7. ভাৰতবৰ্ষৰ এখন আৰ্হি-মানচিত্র অংকন কৰা আৰু তলত দিয়াবোৰৰ যিকোনো দুটা তাত বহুওৱা:
(a) চেন্নাই
(c) চিক্কিম
(b) আইজল
(d) নর্মদা নদী
8. ভাৰবৰ্ষক প্রধান ভূ-প্রাকৃতিক বিভাগত বিভক্ত কৰা আৰু যি কোনো এটা বিভাগৰ দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য উল্লেখ কৰা।
1. ভাৰতবৰ্ষত উৎপাদিত তলৰ কোনবিধ শস্য ৰবি শস্যৰ অন্তর্গত নহয়?
(i) ঘেহু
(ii) বুটমাহ
(iii) সৰিয়হ
(iv) বাদাম
2. ভাৰতৰ মৰুভূমিটোৰ নাম কি?
3. ভাৰতৰ দক্ষিণাংশ ইয়াৰ উত্তৰাংশতকৈ আপেক্ষিকভাবে গৰম বেছি কিয়?
4. ভাৰতবৰ্ষত বছৰটোৰ ভিতৰত অনুভূত হোৱা ঋতুকেইটা উল্লেখ কৰা।
5. ভাৰতবৰ্ষৰ যিকোনো তিনিটা শিল্প অঞ্চলৰ নাম লিখা।
6. ভাৰতৰ পশ্চিম উপকূল অঞ্চলতকৈ পূৱ উপকূল অঞ্চলটো কিয় তুলনামূলকভাৱে বেছি বহল আৰু সাৰুৱা চমুকৈ বাখ্যা কৰা।
7. ভাৰতৰ মৌচুমী বতাহৰ এটি চমু বর্ণনা দিয়া।
8. ভাৰতবৰ্ষৰ এখন আৰ্হি মানচিত্র অংকন কৰা আৰু তলত দিয়াবোৰৰ যিকোনো দুটা তাত বহুওৱা:
(a) দিল্লী
(b) ইম্ফল
(c) আৰাৱল্লী পর্বত
(d) গংগা নদী
1. তলত দিয়াবোৰৰ কোনটোত ভাৰতৰ কৰমণ্ডল উপকূল অৱস্থিত?
(i) গোদাবৰীৰ মোহনা আৰু কুমাৰিকাৰ মাজত
(ii) গংগা নদীৰ মোহনা আৰু কুমাৰিকাৰ মাজত
(iii) মাংগালোৰ আৰু কুমাৰিকাৰ মাজত
(iv) গোদাবৰী আৰু কাবেৰী নদীৰ মোহনাৰ মাজত
2. ভাৰতৰ সৰ্ববৃহৎ নগৰখনৰ নাম লিখা।
3. ভাৰতবৰ্ষৰ যিকোনো তিনিটা শিল্প অঞ্চলৰ নাম লিখা।
4. ভাৰতৰ দুটা কৃষি অঞ্চলৰ নাম উল্লেখ কৰা।
5. কপাহ মাটি বুলিলে কি বুজা?
6. ভাৰতৰ জলবায়ুৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।
7. গংগা নদীৰ তিনিখন উপনৈৰ নাম লিখা।
8. ভাৰতৰ সকলোতে সমানে বৰষুণ নোহোৱাৰ কাৰণবোৰ উল্লেখ কৰা।
9. ভাৰতৰ অৰ্থনীতিত কৃষিৰ গুৰুত্ব উল্লেখ কৰা।
10. ভাৰতৰ এখন আৰ্হি মানচিত্র অংকন কৰা আৰু তাত তলত দিয়াবোৰৰ যি কোনো দুটা বহুওৱা:
(a) ব্রহ্মপুত্র নদী
(b) ইটানগৰ
(c) পশ্চিমঘাট পর্বতমালা
(d) চেন্নাই
11. উত্তৰ ভাৰতৰ নদীসমূহৰ বৈশিষ্ট্য উল্লেখ কৰা।
12. ভাৰতৰ ভূ-প্রকৃতি সম্বন্ধে চমুকৈ লিখা।
1. তলত দিয়া অংশবোৰৰ কোনটোক কংকন উপকূল বুলি কোৱা হয়?
(i) মাংগালোৰ আৰু কুমাৰিকাৰ মাজত
(ii) গোদাবৰী আৰু কাৱেৰী নদীৰ মোহনাৰ মাজত
(iii) বিশাখাপট্টনম আৰু চেন্নাইৰ মাজত
(iv) মুম্বাই আৰু মাংগালোৰৰ মাজত
2. ভাৰতবৰ্ষৰ আটাইতকৈ জনবহুল মহানগৰীৰ নাম লিখা।
3. ভাৰতবৰ্ষৰ স্থলসীমা আৰু উপকূলীয় সীমাৰ দৈৰ্ঘ্য উল্লেখ কৰা।
4. চোটনাগপুৰ ঔদ্যোগীক অঞ্চলৰ বিশেষত্ব লিখা।
5. ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্যবোৰ চমুকৈ আলোচনা কৰা।
6. ভাৰতবৰ্ষৰ কৃষিৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।
7. ভাৰতবৰ্ষৰ অৱস্থিতিৰ বিশেষত্ব সম্পর্কে এটি চমু টোকা লিখা।
8. ভাৰতৰ এখন আৰ্হি মানচিত্র অংকন কৰা আৰু তাত তলত দিয়া সমূহ বহুওৱা।
(i) ভাৰতৰ উপকূলীয় সমভূমি
(ii) ডেৰাদুন
9. ভাৰতৰ নদীৰ বিষয়ে চমুকৈ লিখা।