কৃমি (THREAD WORM )
কৃমিৰ (THREAD WORM ) কাৰণ কি?
Enterobas Vermicularis নামৰ জীৱাণুৰ দ্বাৰা; খোৱা পানী আৰু খাদ্যৰ যোগেদি এই ৰোগে শৰীৰত আক্ৰমণ কৰে। তদুপৰি অধিক মিঠা বস্তু, পকা ফল, মছলা আৰু অপৰিষ্কাৰ হাতেৰে কোনো খাদ্য-বস্তু খালে কৃমি হ'ব পাৰে।
কৃমিৰ (THREAD WORM ) লক্ষণ কি কি?
টোপনিত দাঁত কৰচে, নাক খজুৱায়, শৌচৰদ্বাৰ পিৰপিৰায়, শৌচ কঠিন হয়, টোপনি কমে, টোপনিত প্রস্রাৱ হয়, মিঠা বস্তু খাবলৈ ইচ্ছা হয়, আঙুলিৰ বিষ হয়, গাঠি উখহি যায়। জিভাৰ পানী ওলাই থাকে। ৰক্তহীনতা হ'ব পাৰে।
----------------------------
কৃমিৰ (THREAD WORM)চিকিৎসা কেনেকৈ কৰা হয়?
👉 নেমুৰ গুটি ৫ টা খুন্দি পানীৰ সৈতে খালি পেটত খালে ক্রিমি সহজে মৰে।
👉 জালুক এটা, বিলাহী এটা আৰু সামান্য নিমখ পিহি একেলগে দিনে ২ বাৰকৈ খালে কৃমি সহজে নাশ হয়।
👉 আম গুটিৰ চূৰ্ণ ২ চামুচৰ লগত অলপ গৰম পানী মিহলি কৰি তাত দৈ দি ৰাতিপুৱা আৰু ৰাতি শোৱাৰ আগতে খালে ক্রিমি মৰে।
👉 ৮/১০ টা অমিতা গুটি খুন্দি অলপ পানীত মিহলি কৰি একেৰাহে ১৫ দিন খালে কৃমি নাইকিয়া হয়।
👉 ৫ ফুটা নহৰুৰ লগত আধাকাপ গাখীৰ সিজাই খালে কৃমি মৰে।
👉অকণমান খোৱা হিং পানীত গুলি খুৱালে কৃমি নাশ হয়।
👉দিনে ৪ চামুচকৈ আমলখিৰ ৰস ৪/৫ দিন একেৰাহে খালে কৃমি নাইকিয়া হয়।
👉 মাটি কঠালৰ কুঁহিপাত পিহি তাৰ ৰস ১২ গ্ৰাম ৰাতিপুৱা শুদা পেটত তিনিদিন খাব লাগে।
👉 নহৰু ৮/১০ ফুটা পিহি এচামুচ মাখনৰ সৈতে খালে উপকাৰ হয়।
👉টুবুকী লতাৰ পাতৰ ৰস নাইবা পিঁয়াজৰ ৰস ১২ গ্রামকৈ খুবালে শিশুৰ কৃমি মৰে।
👉নাৰিকল এফাল মিহিকৈ চুৰুকী ৰাতিপুৱা শুদা পেটত খাব লাগে।
👉এক গ্রাম গুৰত আধা গ্রাম কেঁচা হালধিৰ ৰস মিহলি কৰি খুৱালে শিশুৰ কৃমি নাশ হয়।
👉যি কোনো ঔষধ খোৱাৰ আগতে এটুকুৰা গুৰ খালে কৃমি নহয়।
👉দুইটোপা ধঁতুৰা পাতৰ ৰস ৫ চামুচ ঘোল মিহলি কৰি খাব লাগে।
👉খালি পেটত ৪/৫ চামুচ চিৰতাৰ ৰস ৭ দিন খাব লাগে।
-----------------------
কৃমিৰ (THREAD WORM ) সময়ত কি খোৱা উচিত ?
👉যিকোনো তিতা খাদ্য, বৰ মানিমুনি, খেজুৰীৰ কুঁহিপাত, পূৰাকল, কলডিল, দেৰোণ, চজিনাৰ ফুল, তুলসীৰ পাত, শেৱালী ফুল আৰু শেৱালী পাতৰ ৰস সুপথ্য।
কৃমিৰ (THREAD WORM ) সময়ত কি খোৱা অনুচিত ?
👉যিকোনো মিঠা খাদ্য, ঘিউ, মাখন আদি খোৱা বেয়া।
***