Chapter 1

 

ভাৰতবৰ্ষৰ নিৰ্বাচনী প্রক্রিয়া (Electoral Process in India)

 

অতি চমু প্রশ্নোত্তৰ:

১। নির্বাচন কি?

উত্তৰঃ নাগৰিকসকলৰ দ্বাৰা নিজৰ পচন্দৰ প্ৰতিনিধি বাছনি কৰি শাসনকাৰ্যত অংশ লোৱাৰ যি গণতান্ত্ৰিক পদ্ধতি, তাকেই নির্বাচন বোলে

    অর্থাৎ, জনসাধাৰণে নিজৰ মতামতৰ জৰিয়তে যেতিয়া কোনো ব্যক্তিক দেশ বা অঞ্চল শাসনৰ বাবে নিৰ্বাচিত কৰে, সেই প্ৰক্ৰিয়াটোকেই নির্বাচন বুলি কোৱা হয় 

২। সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ মানে কি বুজা? 

উত্তৰঃ যি পদ্ধতিত জাতি, ধৰ্ম, বৰ্ণ, ভাষা বা ধৰ্মীয় বিশ্বাস নির্বিশেষে ১৮ বছৰ বা তাতকৈ অধিক বয়সৰ সকলো পুৰুষ আৰু মহিলাই ভোট দিয়াৰ অধিকাৰ পায়, সেই গণতান্ত্ৰিক পদ্ধতিক সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ (Universal Adult Franchise) বোলে 

৩। সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তি কি?

উত্তৰঃ বয়স 

৪। "সার্বজনীন ভোটাধিকাৰ ব্যৱস্থা কৰাৰ আগতে সার্বজনীন শিক্ষা ব্যবস্থাহে কৰা প্রয়োজন" কথাষাৰ কোনে কৈছিল? 

উত্তৰ: জে এচ মিলে

৫। নির্বাচন আয়োগ ভাৰতীয় সংবিধানৰ কিমান নম্বৰ অনুচ্ছেদমতে গঠন কৰা হয়? 

উত্তৰঃ ভাৰতীয় সংবিধানৰ ৩২৪ নং অনুচ্ছেদ অনুসৰি, ভাৰতবৰ্ষত নিৰ্বাচনৰ নিৰপেক্ষতা আৰু সুষ্ঠুতা নিশ্চিত কৰিবলৈ নির্বাচন আয়োগ (Election Commission) গঠন কৰা হয়। এই আয়োগে ৰাষ্ট্ৰপতি, লোকসভা, বিধানসভা আদিৰ নিৰ্বাচনসমূহ পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰে 

৬। সর্বাধিক FPTP (প্রথমে চেৰাই যোৱা পদ্ধতি) পদ্ধতিত কোনজন প্রার্থীক বিজেতা ঘোষণা কৰা হয়?

উত্তৰঃ সমষ্টিটোৰ সকলো প্ৰাৰ্থীৰ ভিতৰত যিজনে সৰ্বাধিক ভোট লাভ কৰে, তাকেই বিজয়ী প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হয়

 

চমু প্রশ্নোত্তৰ :

১। নির্বাচন সম্পর্কীয় মূল নীতিসমূহ উল্লেখ কৰা

উত্তৰঃ এখন সংবিধানত নির্বাচন সম্পৰ্কীয় কিছুমান মুখ্য নীতি আৰু নিয়ম সন্নিৱিষ্ট থাকে, যেনে —

(ক) কোনে ভোটাধিকাৰ লাভ কৰিব পাৰে? 

(খ) কোনে নির্বাচনত প্ৰাৰ্থী হিচাপে অংশগ্ৰহণ কৰিব পাৰে? 

(গ) নির্বাচন সম্পূৰ্ণ পৰ্যবেক্ষণ আৰু পৰিচালনা কোনে কৰিব? 

(ঘ) নাগৰিকসকলে তেওঁলোকৰ প্ৰতিনিধি কেনেদৰে বাছনি কৰিব? 

(ঙ) ভোট কিদৰে গণনা কৰা হ’ব আৰু বিজয়ী প্ৰতিনিধিক কেনেদৰে ঘোষণা কৰা হ’ব? ইত্যাদি

২। সুকীয়া নির্বাচকবৰ্গ আৰু সংৰক্ষিত সমষ্টিৰ মাজত এটা পার্থক্য নির্ণয় কৰা 

উত্তৰঃ সুকীয়া নির্বাচকবৰ্গৰ পদ্ধতি অনুসৰি, কোনো এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থী নিৰ্বাচন কৰিবলৈ হ’লে, কেৱল সেই সম্প্ৰদায়ৰ ভোটদাতাসকলেহে ভোট দিয়াৰ অধিকাৰ ৰাখে

    আনহাতে, সংৰক্ষিত নিৰ্বাচনী সমষ্টিত, প্ৰাৰ্থীজন বিশেষ কিছুমান জাতিগোষ্ঠীৰ অন্তৰ্গত হ’ব লাগিলেও, উক্ত সমষ্টিত থকা সকলো জাতিগোষ্ঠীৰ ভোটদাতাই ভোট প্ৰদান কৰিব পাৰে

৩। মুক্ত আৰু নিকা নির্বাচন কি? 

উত্তৰঃ যিকোনো নিৰ্বাচনী প্ৰক্ৰিয়াৰ সফলতা নিৰ্ভৰ কৰে উক্ত নির্বাচনটো অবাধ, মুক্ত আৰু স্বচ্ছ হোৱাৰ ওপৰত। ভোটদাতাসকলে যাতে ভয়ভীতিৰ অবিহনে স্বাধীনভাৱে নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰিব পাৰে, তাৰ বাবে চৰকাৰে উপযুক্ত পৰিৱেশ সৃষ্টিৰ দিশে মনোযোগ দিব লাগিব

    এক গণতান্ত্ৰিক ব্যৱস্থাৰ সফলতা নিৰ্ভৰ কৰে নিৰ্বাচনী প্ৰক্ৰিয়াৰ নিৰপেক্ষতা আৰু বিশ্বাসযোগ্যতাৰ ওপৰত। যদি নির্বাচন পদ্ধতি ন্যায়সংগত আৰু নিকা হয়, তেন্তে তাৰ ফলাফলত জনসাধাৰণৰ আশা-আকাংক্ষা যথাযথভাৱে প্ৰতিফলিত হয়

৪। নির্বাচনী আচৰণ বুলিলে কি বুজা? 

উত্তৰঃ নিৰ্বাচনী আচৰণ বুলিলে বুজায়—নিৰ্বাচনৰ সময়ত ভোটদাতাসকলৰ চিন্তা, সিদ্ধান্ত আৰু প্ৰতিক্ৰিয়াৰ ধৰণনিৰ্বাচন এটা গণতান্ত্ৰিক পদ্ধতি, যাৰ জৰিয়তে নাগৰিকে নিজৰ মতামত প্ৰকাশ কৰাৰ লগতে চৰকাৰ গঠনত অংশগ্রহণ কৰে

    এই প্ৰক্ৰিয়াই নাগৰিকক দেশৰ ৰাজনৈতিক গঠন আৰু দিশ নিৰ্ধাৰণত সক্ৰিয় ভূমিকা লোৱাৰ সুযোগ দিয়ে। কাক আৰু কিয় ভোট দিব—এই সিদ্ধান্ত এজন ব্যক্তি ব্যক্তিগত মতামত, তথ্য, বিশ্বাস আৰু যুক্তিৰ আধাৰত লয়

    তেওঁৰ এই সিদ্ধান্ত বহু সময়ত তেওঁৰ গোটীয়াসকল, সমাজ, ধৰ্ম, ভাষা, জাতি আদি পৰিচয়ৰ দ্বাৰাও প্ৰভাৱিত হয়। সেয়ে নিৰ্বাচনী আচৰণ হৈছে ব্যক্তিগত আৰু সামাজিক দুয়োটা কাৰকৰে গঠিত এক গুৰুত্বপূর্ণ পন্থা, যাৰ জৰিয়তে গণতন্ত্ৰ সুদৃঢ় হয়

৫। বিশেষ সংখ্যাগৰিষ্ঠতাৰ অৰ্থ কি?

উত্তৰঃ বিশেষ সংখ্যাগৰিষ্ঠতা বুলিলে বুজায়—উপস্থিত আৰু ভোটদান কৰা সদস্যসকলৰ দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা আৰু একে সময়তে সদনৰ মুঠ সদস্যৰ সংখ্যাৰ অধিকৰ সমর্থন লাভ

৬। সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ ওপৰত এটি টোকা লিখা

উত্তৰঃ বৰ্তমান বিশ্বত গণতন্ত্ৰৰ বিস্তাৰৰ ফলস্বৰূপ সাম্য, মৈত্রী আৰু ভাতৃত্বৰ ভাবধাৰাই ব্যাপক ৰূপত প্ৰসাৰ লাভ কৰিছে। এই আদৰ্শবোৰ সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ পদ্ধতিতো সুস্পষ্টভাৱে প্ৰতিফলিত হয়। এই পদ্ধতিত জাতি, ধৰ্ম, বৰ্ণ, ভাষা বা লিংগ নিৰ্বিশেষে সকলো প্রাপ্তবয়স্ক নাগৰিকে ভোট দিয়াৰ অধিকাৰ লাভ কৰে। ইয়াত নির্দিষ্ট বয়সৰ বাহিৰে আন কোনো ধৰণৰ অৰ্হতা বা যোগ্যতাৰ প্ৰশ্ন নাথাকে

    ভাৰতীয় সংবিধানৰ প্রণেতাসকলে এই নীতিৰ ওপৰত আস্থা ৰাখি প্ৰতিজন প্রাপ্তবয়স্ক নাগৰিকক ভোটাধিকাৰ প্ৰদান কৰাৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ১৯৮৯ চনলৈকে, ভোটাধিকাৰ প্ৰদানৰ বয়সসীমা আছিল ২১ বছৰ। কিন্তু ১৯৮৯ চনৰ সংবিধান সংশোধনৰ জৰিয়তে এই বয়স সীমা হ্ৰাস কৰি ১৮ বছৰ কৰা হয়

    সংবিধানৰ প্ৰণেতাসকলে বিশ্বাস কৰিছিল যে শিক্ষা-অশিক্ষাৰ প্ৰশ্ন নাথাকি, প্ৰতিজন নাগৰিকে নিজৰ সমাজৰ ভাল-মন্দ বিচাৰ কৰাৰ ক্ষমতা আৰু অধিকাৰ ৰাখে। সেয়ে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ অংশ হিচাপে তেওঁলোকক ভোটাধিকাৰে সজ্জিত কৰা হয়

৭। প্রত্যক্ষ নির্বাচন বুলিলে কি বুজা? 

উত্তৰঃ প্ৰত্যক্ষ নিৰ্বাচনত ভোটদাতাসকলে নিজে ভোটদান কৰি সোজাসুজিভাৱে আইনসভা বা বিধানমণ্ডলৰ বাবে প্ৰতিনিধি নিৰ্বাচন কৰে। এই ধৰণৰ নিৰ্বাচনত জনসাধাৰণৰ মতামতেই চূড়ান্ত সিদ্ধান্ত হিচাপে গণ্য কৰা হয়

    ভোটদাতাসকলে নিৰ্ধাৰিত ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ বিভিন্ন প্ৰাৰ্থীৰ মাজৰ পৰা নিজৰ পচন্দৰ এজন প্ৰাৰ্থীক বাছি ভোটদানৰ মাধ্যমে নিজৰ মত প্ৰকাশ কৰে। এই পদ্ধতিত জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণই গণতান্ত্ৰিক ব্যৱস্থাক অধিক দৃঢ় কৰি তোলে

৮। পৰোক্ষ নির্বাচন কি? 

উত্তৰঃ পৰোক্ষ নিৰ্বাচনত নাগৰিকসকলে সোজাসুজিভাৱে ভোট নোহোৱাকৈ পৰোক্ষভাৱে নির্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে। এই পদ্ধতিত প্ৰথমে ভোটাৰসকলে নিজৰ প্রতিনিধিসকলক প্রত্যক্ষভাৱে নিৰ্বাচন কৰে। এই নিৰ্বাচিত প্রতিনিধিসকলৰ দ্বাৰা এখন নির্বাচকমণ্ডলী গঠন কৰা হয়, যি প্ৰতিনিধিসকলৰ পৰা তেওঁলোকৰ ভোটদানেৰে পুনৰ অন্য প্ৰতিনিধি নিৰ্বাচন কৰা হয়

৯। 'প্রথমে চেৰাই যোৱা পদ্ধতি' নাইবা 'প্রথমজনেই বিজেতা পদ্ধতি' (FPTP) পদ্ধতি মানে কি?

উত্তৰঃ এইটো এনে এটা নির্বাচন পদ্ধতি, য’ত যিজন প্ৰাৰ্থীয়ে আন সকলো প্ৰাৰ্থীতকৈ বেছি ভোট লাভ কৰে, তেওঁকেই নিৰ্বাচিত বুলি গণ্য কৰা হয়। এই পদ্ধতিত অধিকাংশ (৫০%+) ভোট লাভ কৰা বাধ্যতামূলক নহয়

    সেয়া অৰ্থাৎ, যিজন প্ৰাৰ্থী আনসকলতকৈ আগবাঢ়ি থাকে, তেওঁ বিজয়ী হয়। যিহেতু এই পদ্ধতিত সৰ্বপ্ৰথমে আগ বাঢ়ি অহাজনে জয়লাভ কৰে, সেইবাবে ইয়াক First Past the Post (FPTP) পদ্ধতি বুলি কোৱা হয়

১০। ভাৰতবৰ্ষত অনুসৰণ কৰা প্ৰথমে চেৰাই যোৱা পদ্ধতি নাইবা 'প্রথমজনেই বিজেতা পদ্ধতি'ৰ (First Past The Post FPTP) বিষয়ে চনুকৈ লিখা

উত্তৰঃ ভাৰতবৰ্ষত নিৰ্বাচনৰ ক্ষেত্ৰত "প্ৰথমজনেই বিজেতা" (First Past The Post – FPTP) নামৰ এটা বিশেষ পদ্ধতি গ্ৰহণ কৰা হয় এই পদ্ধতি অনুসৰি, সমগ্ৰ দেশখনক ৫৪৩টা নির্বাচনী সমষ্টিত বিভক্ত কৰা হয় আৰু প্ৰত্যেকখন সমষ্টিৰ পৰা এজনকৈ প্রতিনিধি নিৰ্বাচন কৰা হয়

    প্ৰত্যেকখন সমষ্টিত যিজন প্ৰাৰ্থীয়ে আন সকলো প্ৰাৰ্থীতকৈ সৰ্বাধিক ভোট লাভ কৰে, তেওঁকেই নিৰ্বাচিত বুলি ঘোষণা কৰা হয়

    এই পদ্ধতিত জয়লাভ কৰিবলৈ বহু সংখ্যক (majority) ভোট পোৱাৰ প্ৰয়োজন নাইঅকল অন্যসকলতকৈ বেছি ভোট পোৱা প্ৰাৰ্থীজনে জয়ী হয়। সেইবাবেই ইয়াক প্ৰথমে চেৰাই যোৱা” বা First Past The Post (FPTP) পদ্ধতি বোলা হয়

    এই পদ্ধতিত নিৰ্বাচনী দৌৰত আগবাঢ়ি থকা প্ৰাৰ্থীজনে পোন প্ৰথমে জয়ৰ খুঁটা অতিক্ৰম কৰিলে, তেওঁ বিজয়ী হয়।

১১। প্রথমে চেৰাই যোৱা পদ্ধতি বা 'প্রথমজনেই বিজেতা' পদ্ধতি গ্রহণ কৰাৰ কাৰণসমূহ কি কি?

উত্তৰঃ ভাৰতবৰ্ষত "প্ৰথমজনেই বিজেতা" (FPTP) পদ্ধতি গ্ৰহণ কৰাৰ কিছুমান গুৰুত্বপূর্ণ আৰু বাস্তৱসন্মত কাৰণ আছে। সেয়া হ’ল—

(i) সৰলতা: এই পদ্ধতিৰ সৰ্ববৃহৎ সুবিধা হ’ল ইয়াৰ সহজতা। সাধাৰণ ভোটদাতাই সহজে বুজি ল’ব পৰা আৰু ব্যৱহাৰ কৰিব পৰা পদ্ধতি হোৱাৰ বাবে, ৰাজনীতিৰ গভীৰ জ্ঞান নথকা লোকেও নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে

(ii) স্পষ্ট পচন্দ: এই পদ্ধতিত ভোটদাতাসকলৰ সন্মুখত নিৰ্দিষ্ট আৰু স্পষ্ট বিকল্প থাকে এজন প্ৰাৰ্থী বা এটা দলক পচন্দ কৰিলে হ’ল

(iii) ব্যক্তি আৰু দল উভয়ৰ মাজত বাছনিৰ সুবিধা: এই পদ্ধতিয়ে ভোটদাতাসকলক কেৱল দলৰ মাজতেই নহয়, প্ৰাৰ্থীৰ ব্যক্তিগত গুণ, আচৰণ আৰু জনপ্রিয়তাৰ ভিত্তিতো বাছনি কৰাৰ সুযোগ দিয়ে

(iv) জনপ্ৰতিনিধিৰ প্ৰতি দায়বদ্ধতা: এই পদ্ধতিত প্ৰতিটো নির্বাচনী সমষ্টিৰ নিজৰ এজন প্ৰতিনিধি থাকে। ফলত ভোটদাতাসকলে নিজৰ অঞ্চলৰ প্ৰতিনিধিজনক চিনে আৰু তেওঁক দায়বদ্ধ কৰিবলৈ সক্ষম হয়

১২। সমষ্টি সংৰক্ষণ পদ্ধতি আৰু 'সুকীয়া নির্বাচক বর্গ' পদ্ধতিৰ মাজত পাৰ্থক্য কি? 

উত্তৰঃ সমষ্টি সংৰক্ষণ পদ্ধতিত, কোনো নিৰ্দিষ্ট গোষ্ঠীৰ (যেনে অনুন্নত জাতি বা উপজাতি) বাবে সমষ্টিটো সংৰক্ষিত হ’লেও সেই সমষ্টিৰ সকলো ভোটদাতাই ভোট দিব পাৰে, অৰ্থাৎ, যিকোনো ব্যক্তিয়ে নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰিব পাৰে

    কিন্তু সুকীয়া নির্বাচক বৰ্গৰ ক্ষেত্ৰত, কেৱল নিৰ্দিষ্ট এক গোষ্ঠীৰ ভোটদাতাইহে ভোট দিব পাৰে অন্য কোনো গোষ্ঠীৰ লোক সেই নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰে

১৩। আনুপাতিক প্রতিনিধিত্ব কি? ইয়াৰ ভাগ কেইটা আৰু কি কি? 

উত্তৰঃ বৰ্তমান সময়ত সমাজৰ সংখ্যালঘু তথা বিভিন্ন শ্ৰেণীক উপযুক্ত ৰাজনৈতিক প্ৰতিনিধিত্ব দিয়াৰ উদ্দেশ্যে কিছুমান বিশেষ নির্বাচন পদ্ধতি বিকাশ কৰা হৈছে। এইবোৰৰ ভিতৰত আনুপাতিক প্রতিনিধিত্ব পদ্ধতি উল্লেখযোগ্য

    এই পদ্ধতিত, প্ৰতিটো শ্ৰেণী বা দলৰ জনসমৰ্থনৰ অনুপাতত তেওঁলোকক বিধানসভা বা সংসদত আসন প্ৰদান কৰা হয়। ফলস্বৰূপে, সকলো গোটেই জনসংখ্যা অনুসৰি প্ৰতিনিধি পঠোৱাৰ সুবিধা লাভ কৰে

আনুপাতিক প্রতিনিধিত্ব পদ্ধতি মূলতঃ দুটা ভাগত বিভক্ত

  1. হেয়াৰ প্ৰথা (Hare System)এই প্ৰণালীত নির্দিষ্ট সংখ্যক ভোটৰ ভিত্তিত প্ৰাৰ্থীক নিৰ্বাচিত কৰা হয়
  2. তালিকা প্ৰথা (List System)দলসমূহে নিজৰ প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰে, আৰু লাভ কৰা ভোটৰ অনুপাতত দলটো কতজন প্ৰাৰ্থীক নিৰ্বাচিত কৰিব পাৰিব, তাৰ নিৰ্ধাৰণ হয় 

১৪। প্রত্যক্ষ আৰু পৰোক্ষ নির্বাচন পদ্ধতি কি? ব্যাখ্যা কৰা 

উত্তৰঃ নিৰ্বাচন পদ্ধতি সাধাৰণতে দুপ্ৰকাৰৰ হয়:

১) প্ৰত্যক্ষ নির্বাচন 

২) পৰোক্ষ নির্বাচন

(১) প্রত্যক্ষ নির্বাচনঃ এই পদ্ধতিত, ভোটদাতাসকলে পোনপটীয়াভাৱে নিজৰ পচন্দৰ প্রার্থীলৈ সরাসৰি ভোট দিয়েভোটদাতাই নিজেই প্রতিনিধিক নিৰ্বাচন কৰে, মধ্যস্থ কোনো নির্বাচকমণ্ডলীৰ প্ৰয়োজন নহয়। সাধাৰণতে, বিধানমণ্ডলৰ নিম্নসদন, যেনে ভাৰতৰ লোকসভা, এই পদ্ধতিত নিৰ্বাচিত হয়

উদাহৰণ: ভাৰতৰ লোকসভা সদস্যসকল প্ৰত্যক্ষ ভোটৰ মাধ্যমে নিৰ্বাচিত হয়

(২) পৰোক্ষ নির্বাচনঃ এই পদ্ধতিত, ভোটদাতাসকলে প্ৰতিনিধিক সৰাসৰি নিৰ্বাচন নকৰে, সেইবজায় এক নির্বাচকমণ্ডলী নিৰ্বাচন কৰে, আৰু এই নির্বাচকমণ্ডলীয়ে মূল প্ৰতিনিধিক নিৰ্বাচন কৰে

উদাহৰণ: ভাৰতৰ ৰাষ্ট্ৰপতি পৰোক্ষভাৱে নিৰ্বাচিত হয়—ভোটদাতাসকল নহয়, সাংসদ আৰু বিধায়কসকলৰ গঠিত নির্বাচকমণ্ডলীয়ে তেওঁক নিৰ্বাচন কৰে 

১৫। প্রতিনিধিত্ব বুলিলে কি বুজা? 

উত্তৰঃ আধুনিক যুগত গণতন্ত্রৰ মূলভিত্তি হ'ল পৰোক্ষ গণতন্ত্র এই ধৰণৰ গণতান্ত্ৰিক শাসন ব্যৱস্থাত, জনসাধাৰণে পোনপটীয়াভাৱে শাসনত অংশ গ্ৰহণ নকৰে, সেয়াৰ পরিবর্তে তেওঁলোকৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিসকলৰ জৰিয়তে শাসনত অংশ লয়। সাধাৰণতে, এজন প্রতিনিধি 'ল এনে ব্যক্তি, যিয়ে এখন নিৰ্দিষ্ট নির্বাচনী সমষ্টিৰ জনসাধাৰণৰ পক্ষত কাম কৰে আৰু তেওঁলোকক শাসনত প্ৰতিনিধিত্ব কৰে ৰাজনীতিবিজ্ঞানৰ ভাষাত, "প্ৰতিনিধিত্ব" বুলিলে সেই পৰিৱেশক বুজোৱা হয়, যেতিয়া জনগণে নিজৰ সাৰ্বভৌম ক্ষমতা এজন নির্বাচিত ব্যক্তিৰ ওপৰত অর্পণ কৰে এই নির্বাচিত ব্যক্তিজনক "প্ৰতিনিধি" বুলি কোৱা হয় 

১৬। প্রতিনিধিত্বৰ চাৰিটা প্ৰকাৰৰ বৰ্ণনা দিয়া 

উত্তৰঃ প্ৰতিনিধিত্বৰ মূল চাৰিটা প্ৰকাৰ তলত উল্লেখ কৰা হৈছে—

(i) সমষ্টিভিত্তিক প্ৰতিনিধিত্ব: এই ধৰণৰ প্ৰতিনিধিত্বত, প্ৰতিজন প্রতিনিধিয়ে এখন নিৰ্দিষ্ট ভৌগোলিক সমষ্টিক প্ৰতিনিধিত্ব কৰে। দেশখনক বহুটা সমষ্টিত বিভাজন কৰা হয় আৰু প্ৰতিটো সমষ্টিৰ পৰা এজনকৈ প্ৰতিনিধি নিৰ্বাচিত হয়

(ii) বৃত্তিভিত্তিক প্ৰতিনিধিত্ব (বা ব্যক্তিগত প্ৰতিনিধিত্ব): এই পদ্ধতিত বিভিন্ন বৃত্তি বা পেছাৰ লগত জড়িত লোকে নিজৰ স্বাৰ্থ ৰক্ষাৰ উদ্দেশ্যে তেওঁলোকৰ ভিতৰ পৰা এজন প্ৰতিনিধি নিৰ্বাচন কৰে। যেনে—শিক্ষক, চিকিৎসক, ব্যৱসায়ী আদিয়ে তেওঁলোকৰ বৃত্তিগত স্বাৰ্থৰ প্ৰতিনিধিত্ব কৰাৰ বাবে প্রতিনিধি পঠায়

(iii) সংখ্যালঘু প্ৰতিনিধিত্ব: এই প্ৰকাৰে সংখ্যালঘু গোটবোৰে (যেনে ধৰ্ম, ভাষা, জাতিগত সংখ্যালঘু) নিজৰ স্বাৰ্থৰ ৰক্ষা আৰু ক্ষমতাত যোগদান নিশ্চিত কৰিবলৈ নিজৰ পৰা প্রতিনিধি পঠাব পাৰে

(iv) আনুপাতিক প্ৰতিনিধিত্ব: এই পদ্ধতিত প্ৰতিটো গোটে নিজৰ জনসংখ্যাৰ অনুপাতে বিধানমণ্ডলত আসন লাভ কৰে। ইয়াৰ ফলত সকলো শ্ৰেণী আৰু গোটৰ লোকৰ অধিক সুষম প্ৰতিনিধিত্ব নিশ্চিত হয়

১৭। আনুপাতিক প্রতিনিধিত্ব ব্যৱস্থা সম্পর্কে চমুকৈ আলোচনা কৰা 

উত্তৰঃ আনুপাতিক প্রতিনিধিত্বৰ নীতি অনুসৰি সমাজৰ সকলো শ্ৰেণীৰ নাগৰিকে জনসংখ্যাৰ অনুপাতে প্রতিনিধিত্ব লাভ কৰাৰ সুবিধা পায়। এই পদ্ধতিত প্রতিটো গোটে নিজ নিজ জনসংখ্যা অনুসৰি বিধানমণ্ডললৈ প্রতিনিধি পঠোৱাৰ সুযোগ লাভ কৰে। আনুপাতিক প্রতিনিধিত্বৰ দুটা মুখ্য পদ্ধতি হ'ল—

(ক) হেয়াৰ পদ্ধতি (Hare System): এই পদ্ধতি প্ৰথম প্ৰৱৰ্তন কৰে ইংৰাজ চিন্তাবিদ টমাছ হেয়াৰে, যি ১৮৫১ চনত তেওঁৰ গ্ৰন্থ Election of Representatives-ত এই ধাৰণাটোক প্ৰতিপন্ন কৰে 

এই পদ্ধতিত—

  • প্ৰতিটো ভোটাৰে নিৰ্বাচনী এলেকাৰ পৰা নিৰ্ধাৰিত সংখ্যক প্রার্থীৰ বাবে ভোট দিব পাৰে
  • বেলট কাগজত তেওঁলোকে নিজৰ পচন্দ অনুসৰি ১, , , ৪… এই ধৰণে শ্ৰেণীক্ৰমত ভোট দিব লাগে
  • প্ৰথম পচন্দৰ ভোটদান বাধ্যতামূলক
  • যি প্ৰার্থী “নির্বাচনী কোটা” (Electoral Quota) অৰ্জন কৰে, সেইজনে নির্বাচনত জয়ী হয়
  • এই পদ্ধতিক একক হস্তান্তৰযোগ্য ভোট পদ্ধতি (Single Transferable Vote) বুলিও কোৱা হয়

(খ) তালিকা পদ্ধতি (List System): ই পদ্ধতি আনুপাতিক প্রতিনিধিত্বৰ দ্বিতীয় ধৰণ

  • প্রতিটো ৰাজনৈতিক দলে নির্দিষ্ট এলেকাত আসনৰ সংখ্যা অনুসৰি নিজৰ প্ৰাৰ্থীসকলৰ এখন তালিকা প্রস্তুত কৰে
  • ভোটাৰসকলে কোনো এটা দলৰ তালিকাক ভোট দিয়ে, ব্যক্তিগত প্রাৰ্থী নয়
  • নির্বাচনত জয়ী হ’বলৈ, দলটোৱে নিৰ্দিষ্টসংখ্যক “কোটা” পূৰণ কৰিব লাগিব
  • দলটোৱে যত কোটা লাভ কৰে, তাতে ভিত্তি কৰি তালিকাৰ পৰা সেই সংখ্যক প্ৰাৰ্থীক নির্বাচিত হিচাপে ঘোষণা কৰা হয়

১৮। আনুপাতিক প্রতিনিধিত্ব কি? ইয়াৰ ভাগ কেইটা আৰু কি কি? 

উত্তৰঃ বৰ্তমান সময়ত সমাজৰ সংখ্যালঘু শ্রেণীৰ লোকসকলক যথোপযুক্ত প্রতিনিধিত্ব দিয়াৰ বাবে কিছুমান বিশেষ নির্বাচন পদ্ধতি উদ্ভাৱন কৰা হৈছে। সেইবোৰৰ ভিতৰত আনুপাতিক প্রতিনিধিত্ব পদ্ধতি বিশেষভাৱে উল্লেখযোগ্য

    এই পদ্ধতিত প্ৰতিটো শ্ৰেণীৰ নাগৰিকে নিজৰ জনসংখ্যাৰ অনুপাতে বিধানমণ্ডলত প্রতিনিধিত্ব লাভ কৰাৰ সুযোগ থাকে। অৰ্থাৎ, কোনো শ্ৰেণী বা গোটৰ লোকসংখ্যা যিমান, তেনে অনুপাতে তেওঁলোকৰ প্রতিনিধি নিৰ্বাচিত হয়

আনুপাতিক প্রতিনিধিত্ব পদ্ধতিত মূলতঃ দুটা প্ৰধান ধৰণ দেখা যায়— 

(i) হেয়াৰ প্ৰথা (Hare System) 

(ii) তালিকা প্ৰথা (List System)

    এই পদ্ধতিসমূহৰ জৰিয়তে ৰাজনৈতিক প্ৰতিনিধিত্ব অধিক ন্যায়সঙ্গত আৰু সমাজৰ সকলো অংশৰ বাবে অন্তর্ভুক্তিমূলক হয় 

১৯। সংখ্যালঘু সম্প্রদায়ত কি কি পদ্ধতিৰে প্ৰতিনিধিত্ব সুৰক্ষিত কৰিব পাৰি? 

উত্তৰঃ সংখ্যালঘু সম্প্রদায়ৰ উপযুক্ত প্রতিনিধিত্ব নিশ্চিত কৰাৰ উদ্দেশ্যে কিছুমান বিশেষ পদ্ধতি গ্ৰহণ কৰা হয়। তলত এইসকল পদ্ধতি উল্লেখ কৰা হ'ল—

(ক) আনুপাতিক প্রতিনিধিত্বএই পদ্ধতিত জনসংখ্যাৰ অনুপাতে প্ৰতিনিধি নিৰ্বাচিত হয়, যাৰ ফলত সংখ্যালঘু গোটেও ন্যায্য অংশত প্ৰতিনিধিত্ব লাভ কৰে

(খ) সীমিত ভোটদান পদ্ধতিএই পদ্ধতিত ভোটদাতাক কিছু সংখ্যক আসন নিৰ্বাচনৰ অধিকাৰ দিয়ে, যাৰ জৰিয়তে সংখ্যালঘু গোটেও নিজৰ প্ৰাৰ্থী জয়ী কৰিবলৈ সক্ষম হয়

(গ) আছুতীয়া (সংৰক্ষিত) আসন ব্যৱস্থাসংখ্যালঘু বা অনগ্রসৰ শ্ৰেণীৰ বাবে নিৰ্দিষ্ট আসন সংৰক্ষণ কৰা হয় যাতে তেওঁলোকেও বিধানমণ্ডলত প্ৰৱেশৰ সুযোগ পায়

(ঘ) মনোনয়নকেতিয়াবা নিৰ্বাচনত অংশ নোলোৱাকৈ বিশেষ গোটৰ লোকসকলক মনোনীত কৰি প্ৰতিনিধিত্ব প্ৰদান কৰা হয়

(ঙ) সাম্প্রদায়িক প্রতিনিধিত্বএই পদ্ধতিত নিৰ্দিষ্ট সম্প্ৰদায়ৰ ভোটদাতাই সেই সম্প্ৰদায়ৰ প্ৰাৰ্থীকহে ভোট দিয়ে, যাতে তেওঁলোকৰ নিজস্ব প্ৰতিনিধিত্ব নিশ্চিত হয়

২০। ভাৰতবৰ্ষত জটিল সমানুপাতিক পদ্ধতিৰ জৰিয়তে কাক-কাক নির্বাচিত কৰা হয়? 

উত্তৰঃ সংবিধানে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, ৰাজ্যপাল (বিঃদ্রঃ – ৰাজ্যপাল নিৰ্বাচিত নহয়, তেওঁক নিযুক্ত কৰা হয়) আৰু বিধান পৰিষদৰ সদস্যসকলৰ নিৰ্বাচনৰ ক্ষেত্ৰত এক জটিল তৃতীয় আৰু সমানুপাতিক প্রতিনিধিত্ব (PR) পদ্ধতি গ্ৰহণ কৰিছে। এই পদ্ধতিত সদস্যসকলৰ নিৰ্বাচন একক হস্তান্তৰযোগ্য ভোট প্ৰণালীৰ মাধ্যমে সম্পন্ন হয়, যি অধিক ন্যায়সংগত আৰু বিস্তৃত প্রতিনিধিত্ব নিশ্চিত কৰে 

২১। প্রথমজনেই বিজেতা পদ্ধতি আৰু সমানুপাতিক প্রতিনিধিত্ব পদ্ধতিৰ মাজত কি কি পার্থক্য পৰিলক্ষিত হয়? 

উত্তৰঃ প্ৰথমজনেই বিজেতা পদ্ধতি আৰু সমানুপাতিক প্রতিনিধিত্ব পদ্ধতিত থকা পাৰ্থক্যসমূহ তলত পুনৰ বিৱৰণ কৰা হ’লঃ

(১) সমষ্টি গঠনঃ প্ৰথমজনেই বিজেতা পদ্ধতিত দেশখনক বহুটা সৰু সৰু সমষ্টিত বিভক্ত কৰা হয়। আনহাতে, সমানুপাতিক প্রতিনিধিত্ব পদ্ধতিত ডাঙৰ ডাঙৰ সমষ্টি গঠন কৰা হয়, আৰু কেতিয়াবা সমগ্ৰ দেশখনকেই এটা সমষ্টি হিচাপে ধৰা হয়

(২) প্ৰতিনিধিৰ সংখ্যা: প্ৰথমজনেই বিজেতা পদ্ধতিত প্ৰতিটো সমষ্টিৰ পৰা মাত্ৰ এজনকৈ প্রতিনিধি নিৰ্বাচিত হয়। কিন্তু সমানুপাতিক প্রতিনিধিত্ব পদ্ধতিত এজনতকৈ অধিক প্রতিনিধি এখন সমষ্টিৰ পৰা নিৰ্বাচিত কৰা হয়

(৩) ভোটদানৰ পদ্ধতি: প্ৰথমজনেই বিজেতা পদ্ধতিত ভোটাৰসকলে কোনো ব্যক্তিগত প্ৰাৰ্থীৰ বাবে ভোট দিয়ে। আনহাতে, সমানুপাতিক প্রতিনিধিত্ব পদ্ধতিত ভোটসকল ৰাজনৈতিক দলৰ তালিকাৰ বাবে দিয়া হয়

(৪) বিজয়ী নিৰ্ধাৰণ: প্ৰথমজনেই বিজেতা পদ্ধতিত যিজনে আটাইতকৈ বেছি ভোট পায়, তেওঁ বিজয়ী হয়। কিন্তু সমানুপাতিক প্রতিনিধিত্ব পদ্ধতিত, যি দলটোৱে যত শতাংশ ভোট পায়, সেই অনুপাতে তেওঁলোকে আসন লাভ কৰে

(৫) চৰকাৰ গঠনৰ ধাৰা: প্ৰথমজনেই বিজেতা পদ্ধতিত কোনো এটা দলৰ পূৰ্ণ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ সম্ভাৱনা বেছি থাকে। আনহাতে, সমানুপাতিক প্রতিনিধিত্ব পদ্ধতিত বেছিভাগ ক্ষেত্ৰতে কোনো এটা দল একক সংখ্যাগৰিষ্ঠতা লাভ নকৰে, ফলত জোট চৰকাৰ গঠন হোৱা দেখা যায়

     এইদৰে দেখা যায় যে, প্ৰথমজনেই বিজেতা আৰু সমানুপাতিক প্রতিনিধিত্ব পদ্ধতিৰ মাজত মূলগতভাৱে বিভিন্ন পাৰ্থক্য আছে। পৃথিৱীৰ দেশসমূহে নিজৰ ৰাজনৈতিক, ভৌগোলিক, সামাজিক তথা সাংবিধানিক প্ৰেক্ষাপট অনুসৰি এই পদ্ধতিসমূহৰ যিকোনো এটা বা দুয়োটা একেলগে গ্ৰহণ কৰি থাকে। কিছুমান দেশত প্ৰথমজনেই বিজেতা পদ্ধতিয়ে অধিক কার্যকৰী হোৱা দেখা যায়, আৰু আন কিছুমান দেশত সমানুপাতিক প্রতিনিধিত্ব পদ্ধতি অধিক উপযোগী বুলি প্ৰমাণিত হৈছে

২২। সর্বাধিক ভোট পাওঁতাৰ বিজয় আৰু সমানুপাতিক প্রতিনিধিত্ব ব্যৱস্থাৰ মাজত তুলনা কৰা

উত্তৰঃ

প্ৰথমজন বিজেতা পদ্ধতি (FPTP)

সমানুপাতিক প্রতিনিধিত্ব (PR)

(i) সমগ্ৰ দেশখনক সৰু-সৰু ভৌগোলিক এলেকাত বিভক্ত কৰা হয়, যাক সমষ্টি বা নিৰ্বাচনী জিলা বুলি কোৱা হয়।

(i) বৃহৎ ভৌগোলিক এলেকাক একেলগে ধৰি সমষ্টি গঠন কৰা হয়। কেতিয়াবা গোটেই দেশখনকেই এটা সমষ্টি হিচাপে ধৰা হয়।

(ii) প্ৰতিটো সমষ্টিৰ পৰা মাত্ৰ এজন প্ৰতিনিধি নিৰ্বাচিত হয়।

(ii) এটা সমষ্টিৰ পৰা একাধিক প্রতিনিধি নিৰ্বাচিত হ’ব পাৰে।

(iii) ভোটদাতাসকলে কোনো ব্যক্তিগত প্ৰাৰ্থীৰ পক্ষে ভোট দিয়ে।

(iii) ভোটদাতাসকলে ৰাজনৈতিক দলৰ পক্ষে ভোট দিয়ে।

(iv) কোনো এটা দলে লাভ কৰা ভোটৰ তুলনাত বেছি সংখ্যক আসন লাভ কৰিব পাৰে।

(iv) প্ৰতিটো দলেই লাভ কৰা মুঠ ভোটৰ শতাংশ অনুসাৰে বিধানমণ্ডলত আসন লাভ কৰে।

(v) বিজয়ী প্ৰাৰ্থিজনে সংখ্যাগৰিষ্ঠ (৫০%+) ভোট নাপায়েও জয়ী হ’ব পাৰে। এই পদ্ধতি ভাৰত, ইংলেণ্ড আদি দেশত ব্যৱহৃত।

(v) প্ৰতিনিধিসকলে দলৰ লাভ কৰা মুঠ ভোটৰ শতাংশ অনুসাৰে নিৰ্বাচিত হয়। এই পদ্ধতি ইজৰাইল, নেদাৰলেণ্ড আদিত ব্যৱহৃত।

 

২৩। ১৯৫১ চনৰ জন প্রতিনিধিত্ব আইন কি? 

উত্তৰঃ জন প্ৰতিনিধিত্ব আইন, ১৯৫১ ভাৰতৰ এক অতি গুৰুত্বপূৰ্ণ আইন, যি দেশখনৰ গণতান্ত্ৰিক আৰু নিৰ্বাচনী ব্যৱস্থাৰ মূল আধাৰস্বৰূপ। এই আইনখন ভাৰতীয় সংসদে প্ৰণয়ন কৰে আৰু ইয়াৰ উদ্দেশ্য হৈছে নিৰ্বাচন পদ্ধতি, প্ৰাৰ্থী আৰু ভোটাৰসকলৰ অৰ্হতা, যোগ্যতা আৰু অযোগ্যতা আদি সন্দৰ্ভত স্পষ্ট বিধান প্ৰদান কৰা

এই আইনে বিশেষকৈ তলত উল্লেখ কৰা বিষয়সমূহৰ বিষয়ে বিধান কৰে—

  • ভোটাৰসকলৰ অৰ্হতা,
  • প্ৰাৰ্থীসকলৰ যোগ্যতা আৰু অযোগ্যতা,
  • নিৰ্বাচনৰ সময়সূচী (দিন, তাৰিখ) নিৰ্ধাৰণ,
  • প্ৰাৰ্থীত্ব প্রত্যাহাৰৰ বিধান,
  • নিৰ্বাচনৰ প্ৰক্ৰিয়া পৰিচালনা আৰু পৰ্যবেক্ষণ

    আইনখন ১৯৫১ চনত প্ৰথম প্ৰণয়ন কৰা হলেও, সময়ৰ প্ৰবাহত ৰাজনৈতিক আৰু সামাজিক পৰিৱর্তনৰ সৈতে খাপ খুৱাবলৈ বহুবার সংশোধন কৰা হৈছে

এই আইনৰ অধীনত—

  • লোকসভা আৰু ৰাজ্যসভাৰ সদস্য নিৰ্বাচন,
  • ৰাজ্যিক বিধানসভা আৰু বিধান পৰিষদৰ সদস্য নিৰ্বাচন,
  • ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিৰ নিৰ্বাচন সম্পন্ন কৰা হয়

    আইনখনত নিৰ্বাচিত প্ৰতিনিধিসকলৰ দায়িত্ব, অধিকাৰ, আৰু নিষেধাজ্ঞা সম্বন্ধেও সুস্পষ্ট বিধান আছে। কিবা কাৰণত কোনো এজন প্ৰতিনিধিয়ে অযোগ্য হিচাপে গণ্য হ’ব পাৰে তাৰো বিধান এই আইনে প্ৰদান কৰে

    ভাৰতীয় সংবিধানৰ ভাগ-১৬ (অনুচ্ছেদ ৩২৪-৩২৯)ত নিৰ্বাচনী ব্যৱস্থাৰ মূল নীতি নিৰ্ধাৰণ কৰা হৈছে। এই অনুচ্ছেদসমূহৰ অধীনত ভাৰতীয় সংসদে জন প্ৰতিনিধিত্ব আইন আদি নিৰ্বাচনী আইন প্রণয়ন কৰাৰ অধিকাৰ লাভ কৰিছে

    জন প্ৰতিনিধিত্ব আইন, ১৯৫১ হৈছে ভাৰতৰ গণতন্ত্ৰক সঠিক, স্বচ্ছ, আৰু দুর্নীতিমুক্ত নিৰ্বাচন ব্যৱস্থাৰে দৃঢ়ভাৱে সমৰ্থন কৰা এক ভিত্তিমূলক আইন 

২৪। ১৯৫১ চনৰ জন প্রতিনিধিত্ব আইনৰ গুৰুত্বতা কি?

উত্তৰঃ ১৯৪৭ চনত ভাৰত স্বাধীন হোৱাৰ পাছত, নতুন দেশখনত গণতান্ত্ৰিক শাসন ব্যৱস্থা গঠন কৰা হয়। এই ব্যৱস্থাৰ অধীনত জনসাধাৰণে নিজৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিৰ জৰিয়তে শাসনত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰে। কিন্তু এনে প্ৰতিনিধিত্বমূলক সংসদীয় ব্যৱস্থা কার্যকৰী কৰিবলৈ সুনিৰ্দিষ্ট নিয়ম-কানুন আৰু আইনৰ প্ৰয়োজন আছিল

    ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে ভাৰতীয় সংবিধান কার্যকৰী হোৱাৰ লগে লগে সংসদে এখন অস্থায়ী আইন, অৰ্থাৎ ১৯৫০ চনৰ জন প্রতিনিধিত্ব আইন (Representation of the People Act, 1950) প্ৰণয়ন কৰে। এই আইনৰ অধীনত—

  • ৰাজ্যসমূহত আইনসভাৰ সদস্য নিৰ্বাচনৰ বাবে কিছু মূল নিয়ম নিৰ্ধাৰণ কৰা হয়,
  • ভোটাৰ তালিকা প্ৰস্তুতি,
  • সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণ,
  • আসন বিতৰণ আদিৰ বিধান কৰা হয়

কিন্তু এই আইনে কেৱল প্ৰাৰম্ভিক কাঠামো প্ৰদান কৰিছিল 

নিৰ্বাচন সম্পৰ্কীয় অন্য গুৰুত্বপূর্ণ বিষয়, যেনে—

  • প্ৰাৰ্থীৰ যোগ্যতা/অযোগ্যতা,
  • নিৰ্বাচনী প্ৰচাৰ,
  • ভোট গণনা,
  • প্ৰাৰ্থীতা প্রত্যাহাৰ,
  • নিৰ্বাচনী আচৰণ বিধি,
  • আৰু নিৰ্বাচনী অপৰাধ আদিৰ বিষয়ে কোনো স্পষ্ট বিধান নাছিল

    এই ঘাটতি পূৰণৰ বাবে সংসদে ১৯৫১ চনত 'জন প্রতিনিধিত্ব আইন, ১৯৫১' প্ৰণয়ন কৰে। এই আইনে ভাৰতৰ নিৰ্বাচন ব্যৱস্থাৰ পূৰ্ণাঙ্গ কাঠামো প্ৰদান কৰে, আৰু লোকসভা, ৰাজ্যসভা, ৰাজ্যিক বিধানসভা আৰু বিধান পৰিষদ, লগতে ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন সম্পৰ্কীয় সকলো বিধান সন্নিবিষ্ট কৰে

২৫। ভাৰতৰ নিৰ্বাচনী আয়োগৰ গঠন প্ৰক্ৰিয়াৰ ওপৰত এটি টোকা লিখা 

উত্তৰঃ নিৰ্বাচনৰ প্ৰতি জনসাধাৰণৰ বিশ্বাস অটুট ৰাখিবলৈ ভাৰতীয় সংবিধানৰ ৩২৪ (১) অনুচ্ছেদত স্বাধীন আৰু নিৰপেক্ষ নির্বাচন আয়োগ গঠন কৰাৰ ব্যৱস্থা কৰা হৈছে। এই আয়োগৰ মূল দায়িত্ব হৈছে দেশৰ মুক্ত, ন্যায়সঙ্গত আৰু স্বচ্ছ নিৰ্বাচনী প্ৰক্ৰিয়া সুনিশ্চিত কৰা

    নির্বাচনী আয়োগক সহায় কৰাৰ বাবে প্ৰতিটো ৰাজ্যত এজন মুখ্য নির্বাচনী বিষয়া (Chief Electoral Officer) নিযুক্ত থাকে। এই বিষয়াগৰাকীয়ে সংশ্লিষ্ট ৰাজ্যত আয়োগৰ নিৰ্দেশনাৰ অধীনত নিৰ্বাচনী ব্যৱস্থাপনাৰ দায়িত্ব লয়

নির্বাচনী আয়োগ এজন বা অধিক সদস্যৰ দ্বাৰাও গঠিত হ’ব পাৰে

  • ১৯৮৯ চনলৈকে, নিৰ্বাচনী আয়োগ এজন মাত্ৰ মুখ্য নির্বাচনী আয়ুক্ত (Chief Election Commissioner) লৈ গঠিত আছিল
  • ১৯৮৯ চনৰ সাধাৰণ নিৰ্বাচনৰ সময়ত, দুজন নির্বাচনী আয়ুক্ত নিযুক্তি দিয়ে ইয়াক বহুসদস্যযুক্ত আয়োগ হিচাপে গঠন কৰা হয়
  • পৰৱৰ্তীভাৱে নিৰ্বাচনৰ পাছত ইয়াক পুনৰ এজনীয়া কৰা হয়
  • কিন্তু ১৯৯৩ চনত, পুনৰ দুজন নির্বাচন আয়ুক্ত নিযুক্তি দিয়াৰ পিছত এতিয়ালৈকে নিৰ্বাচনী আয়োগ তিনিজন সদস্যবিশিষ্ট (Chief Election Commissioner + 2 Election Commissioners) হৈ আছে

    যদিও মুখ্য নির্বাচনী আয়ুক্তগৰাকীয়ে সভাত সভাপতিত্ব কৰে, তথাপি অন্য আয়ুক্তসকলতকৈ তেওঁ বিশেষ অধিকাৰ লাভ নকৰে। সকলো সিদ্ধান্ত বহুমতৰ ভিত্তিত গ্ৰহণ কৰা হয়, যাতে গণতান্ত্ৰিক আৰু নিৰপেক্ষতা অটুট থাকে

২৬। নির্বাচন আয়োগৰ সদস্য সংখ্যা কিমান? 

উত্তৰঃ ভাৰতীয় সংবিধানৰ ৩২৪ নং অনুচ্ছেদ অনুসৰি, দেশত নিৰ্বাচন পৰিচালনা কৰিবলৈ এখন স্বাধীন নির্বাচন আয়োগ গঠন কৰা হয়। এই আয়োগত এজন মুখ্য নির্বাচনী আয়ুক্ত আৰু দুজন নির্বাচনী আয়ুক্ত থাকে, অৰ্থাৎ সদস্য সংখ্যা তিনিজন। তেওঁলোকৰ দায়িত্ব হ'ল ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, লোকসভা, ৰাজ্যসভা আৰু বিধানসভাৰ নিৰ্বাচন সুশৃঙ্খলভাৱে পৰিচালনা কৰা

২৭। ভাৰতৰ নিৰ্বাচন আয়োগৰ বিভিন্ন কাৰ্যৰ বিষয়ে উল্লেখ কৰা 

উত্তৰঃ ভাৰতৰ নির্বাচন আয়োগৰ মুখ্য কাৰ্যসমূহ হ'ল—

(i) নতুন নির্বাচনী তালিকা তৈয়াৰ আৰু পৰীক্ষা কৰি যোগ্য ভোটদাতাৰ নাম অন্তর্ভুক্ত কৰা, আৰু অযোগ্য বা অস্তিত্বহীন ভোটদাতাৰ নাম বাদ দিয়াৰ ব্যৱস্থা কৰা

(ii) নিৰ্বাচনৰ সময়সূচী নিৰ্ধাৰণ কৰি মনোনয়ন পত্র দাখিল, উঠাই লোৱা আৰু ফলাফল ঘোষণা আদিৰ দায়িত্ব পালন কৰা

(iii) মুক্ত, ন্যায়সঙ্গত আৰু স্বচ্ছ নিৰ্বাচন নিশ্চিত কৰিবলৈ প্ৰয়োজনীয় সিদ্ধান্ত গ্ৰহণ কৰা

(iv) ৰাজনৈতিক দলসমূহক স্বীকৃতি দিয়া আৰু প্ৰতীক নিৰ্ধাৰণ কৰা

২৮। ভাৰতত নিৰ্বাচনী ব্যৱস্থাৰ সংস্কাৰৰ বাবে কেইটামান পৰামৰ্শ আগবঢ়োৱা 

উত্তৰঃ নিৰ্বাচনী ব্যৱস্থাৰ সংস্কাৰৰ বাবে তলত কিছুমান গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়োৱা হৈছে—

(i) ভাৰতৰ FPTP (First Past The Post) ব্যৱস্থাৰ সলনি এনে প্ৰণালী অৱলম্বন কৰা উচিত য’ত দলসমূহে লাভ কৰা ভোটৰ অনুপাতত আসন পায়

(ii) সংসদ আৰু বিধানসভাত অন্ততঃ ৩৩% মহিলা প্ৰতিনিধি নিশ্চিত কৰিবলৈ বিধেয়ক প্ৰণয়ন কৰা উচিত

(iii) নির্বাচনী প্ৰচাৰত ধনৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ কঠোৰ নিয়ম-কানুন প্ৰয়োগ কৰা উচিত

(iv) যিসকল প্ৰাৰ্থীৰ ওপৰত গম্ভীৰ অপৰাধমূলক গোচৰ আছে, তেওঁলোকক নিৰ্বাচনত অংশ ল’বলৈ অনুমতি নেদিয়াটো উচিত

(v) জাতি-ধৰ্মৰ আধাৰত প্ৰচাৰ-প্ৰচারণা বন্ধ কৰাৰ বাবে কড়া আইন থাকিব লাগে

(vi) ৰাজনৈতিক দলসমূহে যাতে গণতান্ত্রিক আৰু স্বচ্ছ পদ্ধতিত কাম কৰে, তাৰ নিশ্চয়তা দিয়াৰ বাবে প্ৰয়োজনে আইন প্ৰণয়ন কৰিব লাগে

২৯। ভাৰতৰ নিৰ্বাচন পদ্ধতিৰ সফলতাৰ কেইটামান কাৰণ উল্লেখ কৰা 

উত্তৰঃ ভাৰতৰ নিৰ্বাচন পদ্ধতি সফল হোৱাৰ কেইটামান মুখ্য কাৰণ হ'ল—

(i) এই পদ্ধতিয়ে নাগৰিকসকলক মুক্তভাৱে নিজৰ প্রতিনিধি নিৰ্বাচন কৰাৰ লগতে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত শান্তিপূৰ্ণভাৱে চৰকাৰ পৰিৱৰ্তনৰ সুযোগ দিয়ে

(ii) ভোটদাতাসকলে নির্বাচনী প্রক্রিয়াত সক্ৰিয় আৰু উৎসাহপূৰ্ণভাৱে অংশ গ্ৰহণ কৰে

(iii) সময়ৰ সৈতে এই পদ্ধতিটো অধিক সমন্বয়যোগ্য হৈ পৰিছে আৰু সকলো শ্ৰেণীৰ, জাতি, ধৰ্ম, লিংগ আদিৰ লোকক অন্তর্ভুক্ত কৰাৰ ক্ষমতা লাভ কৰিছে

(iv) অধিকাংশ নির্বাচনী ফলাফল যথেষ্ট ন্যায়সঙ্গত আৰু নিৰ্ভৰযোগ্য বুলি গণ্য কৰা হয়—ইয়াত অনাচাৰ বা ৰিগিং-ৰ প্ৰভাৱ বিশেষ দেখা নাযায়

(v) নিৰ্বাচন এতিয়া ভাৰতীয় নাগৰিক জীৱনৰ এক গুৰুত্বপূৰ্ণ আৰু নিয়মীয়া অংশ হৈ পৰিছে

 

ৰচনাধর্মী প্রশ্নোত্তৰ: 

১। 'প্রথমে চেৰাই যোৱা পদ্ধতি' নাইবা 'প্রথমজনেই বিজেতা পদ্ধতি' (FPTP) পদ্ধতি মানে কি আলোচনা কৰা

উত্তৰঃ প্ৰথমজনেই বিজেতা পদ্ধতি (First Past The Post বা FPTP) হৈছে নির্বাচন পদ্ধতিৰ এটা সহজ আৰু বহুল প্ৰচলিত ৰূপ। ইয়াক সাধাৰণ সংখ্যাগৰিষ্ঠতা পদ্ধতি বুলি কোৱা হয়। এই পদ্ধতিত সমগ্ৰ দেশ কিছুমান সমষ্টিত বিভক্ত কৰা হয় আৰু প্রতিটো সমষ্টিৰ কাৰণে আলাদা নির্বাচন অনুষ্ঠিত হয়। যি প্ৰাৰ্থীয়ে সমষ্টিটোৰ ভিতৰত সৰ্বাধিক ভোট লাভ কৰে, তেওঁ বিজয়ী বুলি ঘোষণা কৰা হয় — যদিও তেওঁ মুঠ ভোটৰ ৫০% নাপাও পাৰে

এই পদ্ধতিৰ কিছুমান বৈশিষ্ট্য হ’ল:

  • বিজয়ী হবলৈ সৰ্বাধিক ভোট পেলেই হয়; সংখ্যা গৰিষ্ঠ (৫০% বা তাতকৈ বেছি) হোৱাৰ প্ৰয়োজন নাই
  • সাধাৰণ ভোটদাতাসকলে সহজে বুজিব পৰা পদ্ধতি
  • নির্বাচন আয়োজন কৰাটো তুলনামূলকভাৱে সহজ আৰু কম খৰচসাপেক্ষ

    উদাহৰণস্বৰূপে, যদি ১০ লাখ ভোটাৰ থকা এখন সমষ্টিত ৭ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰে আৰু ‘ঙ’ নামৰ প্ৰাৰ্থীয়ে ২.৮ লাখ ভোট পাই আটাইতকৈ বেছি ভোট পায়, তেন্তে তেওঁ বিজয়ী হয় — যদিও মুঠ ভোটৰ অর্ধেকও তেওঁ পোৱা নাই

    এই পদ্ধতি প্ৰথমে ইংলেণ্ডত ব্যৱহাৰ হৈছিল আৰু এতিয়া ভাৰত, ইংলেণ্ড, কানাডা, পাকিস্তান, বাংলাদেশ আদি দেশত ব্যৱহৃত হয়। ভাৰতত লোকসভা তথা বিধানসভা নিৰ্বাচন এই পদ্ধতিতেই হয়

    সৰলতা, স্পষ্টতা আৰু জনসাধাৰণৰ বাবে সহজে বুজিব পৰা হোৱাৰ বাবে এই পদ্ধতিয়ে বহু দেশত জনপ্ৰিয়তা অৰ্জন কৰিছে 

২। 'প্রথমে চেৰাই যোৱা পদ্ধতি' নাইবা 'প্রথমজনেই বিজেতা পদ্ধতি' (FPTP) পদ্ধতিৰ সুবিধাসমূহ আলোচনা কৰা 

উত্তৰঃ প্ৰথমজনেই বিজেতা পদ্ধতিৰ সুবিধাসমূহ (সংক্ষেপে):

(ক) সহজ আৰু বুজিবলৈ সুবিধাজনক: এই পদ্ধতিত ভোট দিয়াটো সহজ। যিজনে আটাইতকৈ বেছি ভোট পায়, তেওঁ বিজয়ী হয়। সাধাৰণ জনতাইও ইয়াক সহজে বুজি পায়

(খ) সৰল পৰিচালনা: বিশাল দেশৰ বাবে এই পদ্ধতিটো সহজে পৰিচালনা কৰিব পৰা যায়। তুলনাত, সমানুপাতিক পদ্ধতি জটিল

(গ) বিকল্প প্ৰাৰ্থীৰ সুযোগ: এই পদ্ধতিত কেৱল দলীয় প্ৰাৰ্থী নহয়, নির্দলীয় তথা দক্ষ ব্যক্তিও জয়ী হোৱাৰ সুযোগ পায়

(ঘ) ভোটাৰ-প্ৰতিনিধিৰ সঁপৰ্ক: প্ৰাৰ্থীসকলে ভোটাৰসকলৰ মাজলৈ যোৱাত বাধ্য হয়, ফলত তেওঁলোকে জনগণৰ সৈতে সঁপৰ্ক গঢ়ি তোলে

(ঙ) স্থায়ী চৰকাৰ গঠনত সহায়ক: বেছিভাগ সময়ত একক সংখ্যাগৰিষ্ঠ দলেই চৰকাৰ গঠন কৰে, যাৰ ফলত ৰাজনৈতিক স্থিতিশীলতা থাকে

(চ) একতাৰ উৎসাহ: বিভিন্ন সমাজ, জাতি, ধৰ্মৰ মানুহে একেলগ হৈ নিজৰ প্ৰাৰ্থীক জিকাবলৈ প্ৰচেষ্টা কৰে, যাৰ ফলত একতা হয়

(ছ) শক্তিশালী বিৰোধী দল: এই পদ্ধতিত বিধানসভা বা সংসদত সুসংগঠিত বিৰোধী দল গঠিত হয়, যিয়ে চৰকাৰক নিৰীক্ষণ কৰে

(জ) উগ্রপন্থীৰ সুযোগ কম: উগ্ৰ আৰু চূড়ান্তপন্থী দলসকলে জনসমৰ্থন লাভ নকৰিলে জয়ী হ’ব নোৱাৰে, সেয়ে এই পদ্ধতিত সিহঁতৰ প্ৰৱেশ কম হয়

    প্ৰথমজনেই বিজেতা পদ্ধতি এটা সহজ, জনমুখী আৰু বাস্তবতাযুক্ত নির্বাচন পদ্ধতি। ভোটাৰ আৰু প্ৰাৰ্থীৰ মাজত সঁপৰ্ক গঢ়ি তোলাত সহায়ক হোৱাৰ লগতে স্থিতিশীল চৰকাৰ গঠন কৰিব পৰা যায় 

৩। 'প্রথমে চেৰাই যোৱা পদ্ধতি' নাইবা 'প্রথমজনেই বিজেতা পদ্ধতি' (FPTP) পদ্ধতিৰ অসুবিধাসমূহ আলোচনা কৰা 

উত্তৰঃ প্ৰথমজনেই বিজেতা পদ্ধতিৰ অসুবিধাসমূহ (Disadvantages of First Past the Post System): যেনেদৰে এই পদ্ধতিত কিছুমান সুবিধা আছে, তেনেদৰে ইয়াৰ কিছু গুৰুত্বপূর্ণ অসুবিধাও আছে। তলত চমুকৈ সেইবোৰ আলোচনা কৰা হ’লঃ

(ক) গণতান্ত্রিকতাৰ অভাৱ: এই পদ্ধতিত যিজন প্ৰাৰ্থীয়ে সকলোতকৈ বেছি ভোট পায়, তেওঁ বিজয়ী হয় — যদিও তেওঁ সংখ্যাগৰিষ্ঠৰ (৫০% ৰ ওপৰত) সমৰ্থন নাপাব পাৰে। এই বাবে ই পূৰ্ণ গণতান্ত্রিক বুলি কোৱা নাযায়

(খ) সৰু দলবোৰ বঞ্চিত হয়: এই পদ্ধতিত ডাঙৰ ৰাজনৈতিক দলবোৰৰ আধিপত্য থাকে। সৰু দলবোৰে যথেষ্ট ভোট পেলালেও আসন লাভ নকৰিব পাৰে

(গ) সংখ্যালঘু তথা প্ৰান্তিক গোটৰ বঞ্চনা: সংখ্যাগুৰু সম্প্ৰদায়ৰ আধিক্য থকা সমষ্টিত সংখ্যালঘু গোটবোৰ সহজে নিৰ্বাচিত হ’ব নোৱাৰে। সেয়েহে ই সংখ্যালঘুবান্ধৱ পদ্ধতি নহয়

(ঘ) মহিলাসকলৰ অংশগ্ৰহণ কম: এই পদ্ধতিত ৰাজনৈতিক দলে মহিলাক প্রাৰ্থী হিচাপে কম বাছনি কৰে, যাৰ বাবে বিধানসভা আৰু সংসদত মহিলাৰ সংখ্যা কম থাকে

(ঙ) জাতি-ধৰ্মৰ আধাৰত দল গঠন: ভোট জিকাৰ উদ্দেশ্যে জাতি, ধৰ্ম, ভাষাৰ ভিত্তিত দল গঠন হ’ব পাৰে, যাৰ ফলত সমাজত বিভাজন, বিদ্বেষ বৃদ্ধি পায়

(চ) আঞ্চলিক বৈষম্য: কিছু অঞ্চল অধিক উন্নত হয় আৰু কিছু অঞ্চল পিছপৰি থাকে, যাৰ ফলত আঞ্চলিকতা আৰু বিচ্ছিন্নতাবাদ জন্ম ল’ব পাৰে

(ছ) বহু ভোট নষ্ট হয়: হাৰ যোৱা প্ৰাৰ্থীৰ ওপৰত দিয়া ভোটবোৰ অপচয় হয়। ই ভোটাৰসকলৰ মূল্যবান মতক নষ্ট কৰে

(জ) ভোট বিভাজনৰ সমস্যাঃ এই পদ্ধতিত ভোট বিভক্ত হোৱাৰ বাবে দক্ষ প্ৰাৰ্থী হাৰি যাব পাৰে আৰু কম জনপ্ৰিয়তাও থকা প্ৰাৰ্থী জিকিব পাৰে

(ঝ) জনমতৰ বিভাজন আৰু পক্ষপাতিত্ব: বিজয়ী দল চৰকাৰ গঠনৰ পিছত নিজৰ সমৰ্থকসকলক অধিক সুবিধা দিয়ে, যাৰ ফলত অন্য দলৰ সমৰ্থকসকল বঞ্চিত হয় আৰু সমাজত বৈষম্য জন্মায়

    এই পদ্ধতি নিখুঁত নহয়। বিশেষকৈ বহুসংস্কৃতি আৰু বহু-জাতিগত সমাজৰ বাবে ই সকলো ক্ষেত্রতে উপযোগী নহ’ব পাৰে। তথাপি, ই সহজ, বোধগম্য আৰু স্থিৰ চৰকাৰ গঠনৰ বাবে সহায়ক হোৱাৰ বাবে ভাৰতৰ দৰে দেশত এই পদ্ধতি বৰ্তমানেও গ্ৰহণ কৰা হৈছে

৪। সমানুপাতিক প্রতিনিধিত্ব ব্যৱস্থাৰ বিষয়ে লিখা 

উত্তৰঃ ভাৰতৰ নিৰ্বাচন ব্যৱস্থাত ব্যবহৃত পদ্ধতি:

ভাৰতত মূলতঃ দুটা প্ৰধান ভোটদান পদ্ধতি ব্যৱহাৰ কৰা হয়:

(১) প্ৰথমজনেই বিজেতা পদ্ধতি (First Past the Post System – FPTP):

  • এই পদ্ধতি লোকসভা আৰু ৰাজ্যিক বিধানসভার নিৰ্বাচনত ব্যৱহৃত হয়
  • যিজন প্ৰাৰ্থীয়ে আটাইতকৈ বেছি ভোট লাভ কৰে, তেওঁ বিজয়ী হয়, যদিও তেওঁ সংখ্যাগৰিষ্ঠ ভোট নাপাব পাৰে
  • এই পদ্ধতি সহজ, বুজিবলৈ সুবিধাজনক, আৰু শীঘ্ৰ ফলাফল দিয়াৰ উপযুক্ত

(২) সমানুপাতিক প্রতিনিধিত্ব পদ্ধতি (Proportional Representation – PR):

  • ভাৰতত এই পদ্ধতি ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, ৰাজ্যসভা আৰু ৰাজ্যিক বিধান পৰিষদৰ নিৰ্বাচনত ব্যৱহৃত হয়
  • এই পদ্ধতিত প্ৰাৰ্থীৰ বাবে নহয়, দলৰ বাবে ভোট দিয়া হয়। দল যিমান শতাংশ ভোট লাভ কৰে, তেনেই অনুপাতে আসন পায়

সমানুপাতিক প্রতিনিধিত্বৰ দুটা প্ৰধান ৰূপ:

(ক) হেয়াৰ পদ্ধতি (Hare System):

  • ১৮৫১ চনত টমাছ হেয়াৰে এই পদ্ধতি প্ৰস্তাৱ কৰে
  • ভোটাৰসকলে নিজ পছন্দৰ প্ৰাৰ্থীসমূহক ১, , ৩... এই ৰূপত ক্ৰম অনুযায়ী ভোট দিয়ে
  • প্ৰাৰ্থী জয়ী হ’বলৈ নিৰ্দিষ্ট "নির্বাচনী কোটা" পায় লাগিব

(খ) তালিকা পদ্ধতি (List System):

  • প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী আসনৰ সংখ্যা অনুসৰি প্ৰাৰ্থীৰ এটা তালিকা প্ৰস্তুত কৰে
  • ভোটাৰসকলে তালিকাটোৰ বাবে ভোট দিয়ে — ব্যক্তিগত প্ৰাৰ্থীৰ বাবে নহয়
  • দল যিমান "কোটা" লাভ কৰে, সেই অনুযায়ী তেওঁলোকৰ তালিকাৰ প্ৰাৰ্থীসকল নিৰ্বাচিত হয়

আন্তর্জাতিক উদাহৰণ:

  • ইজৰাইল, নেদাৰলেণ্ড আদি দেশত সমগ্ৰ দেশটো এখনেই সমষ্টি হিচাপে গণ্য হয় আৰু সেই অনুপাতে আসন বণ্টন হয়
  • আর্জেণ্টিনা, পর্তুগাল আদিত বহু-সদস্য যুক্ত সমষ্টিত তালিকা পদ্ধতি ব্যৱহৃত হয়

    ভাৰতীয় ব্যৱস্থাত দুয়োটা পদ্ধতি মিলি ব্যৱহৃত হয়, যাতে বিভিন্ন ৰাষ্ট্ৰীয় আৰু সাংবিধানিক পদসমূহৰ বাবে উপযুক্ত আৰু ন্যায়সঙ্গত প্ৰতিনিধিত্ব নিশ্চিত কৰা যায়

৫। সমানুপাতিক প্রতিনিধিত্ব ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ কি কি লিখা 

উত্তৰঃ সমানুপাতিক প্রতিনিধিত্বৰ কিছুমান মুখ্য বৈশিষ্ট্য তলত উল্লেখ কৰা হৈছেঃ

(১) স্বচ্ছতা (Fairness): এই পদ্ধতিত ভোট প্ৰদান আৰু গণনাৰ প্ৰক্ৰিয়া স্বচ্ছ হয়। দল ভিত্তিত ভোট লোৱা হোৱাত ব্যক্তিগত প্ৰভাব বা দুর্নীতিৰ সম্ভাৱনা কম থাকে। ইয়াত ভোটাৰসকলেও বিভিন্ন বিকল্পৰ ভিতৰত পছন্দ কৰাৰ সুবিধা পায়

(২) সৰু দলৰ সুযোগ (Representation of Minor Parties): এই পদ্ধতিত সৰু সৰু দল, জাতি-গোষ্ঠী বা সম্প্ৰদায়সমূহেও জনসংখ্যা অনুযায়ী বিধানমণ্ডলত যোগদানৰ সুযোগ পায়। সেয়েহে সকলো গোটেই প্ৰতিনিধিত্ব পায়

(৩) সংযুক্ত চৰকাৰৰ সৃষ্টি (Coalition Government): যিহেতু অধিকাংশ সময়ত কোনো এটা দল একক সংখ্যাগৰিষ্ঠতা লাভ নকৰে, সেইবাবে বহু দল মিলি চৰকাৰ গঠন কৰে। এই চৰকাৰে সকলো জনগোষ্ঠীৰ আশা-আকাঙ্ক্ষা পূৰণ কৰিবলৈ চেষ্টা কৰে

(৪) ভোটদাতাৰ সক্ৰিয় অংশগ্রহণ (Voter Participation): নাগৰিকসকল ভোট দিলে তেওঁলোকৰ সমাজ বা গোটৰ লোকৰো প্রতিনিধিত্ব নিশ্চিত হয়, এই কাৰণেই তেওঁলোকে উৎসাহেৰে ভোটদান কৰে। ইয়াত ধন বা প্রলোভনেৰে ভোট লোৱাৰ সম্ভাৱনা কম থাকে

(৫) সমষ্টি-প্ৰতিনিধিৰ সম্পৰ্ক (Constituency–Representative Link): এই ব্যবস্থাত প্ৰতিনিধিৰ কাম-কাজৰ ওপৰত সমষ্টিবাসীয়ে প্ৰভাৱ পেলাব পাৰে, কাৰণ পুনৰ নিৰ্বাচিত হোৱাৰ আশা থাকি তেওঁলোকে জনসেৱাত মনোনিৱেশ কৰে

(৬) ভোটৰ মূল্য অক্ষুণ্ণ থাকে (Value of Vote): প্ৰতিটো ভোটেই গণনাত ধৰা হয়, কোনো ভোট অপচয় নহয়। সেয়ে ভোটাৰসকলৰ মনত তৃপ্তি থাকে যে তেওঁলোকৰ মতৰ মূল্য আছে

    এই বৈশিষ্ট্যসমূহৰ ফলত সমানুপাতিক প্রতিনিধিত্ব পদ্ধতি গণতান্ত্ৰিক ব্যবস্থাত অধিক ন্যায্য আৰু অন্তৰ্ভুক্তিমূলক বুলি গণ্য হয়

৬। সমানুপাতিক প্রতিনিধিত্ব ব্যৱস্থাৰ হেয়াৰ পদ্ধতি (Hare System) আৰু তালিকা পদ্ধতি (List System) বিষয়ে লিখা 

উত্তৰঃ হেয়াৰ পদ্ধতি (Hare System):

প্ৰবর্তক: ইংলেণ্ডৰ আইনবিদ থমাছ হেয়াৰ

উদ্দেশ্য: ভোট অপচয় ৰোধ কৰা আৰু সকলো জাতি, গোট, ধৰ্ম আদি জনগোষ্ঠীৰ জনসংখ্যা অনুসৰি ৰাজনৈতিক প্ৰতিনিধিত্ব নিশ্চিত কৰা

প্ৰধান বৈশিষ্ট্য:

  • সমানুপাতিক প্রতিনিধিত্বৰ এটা পদ্ধতি
  • একক হস্তান্তৰযোগ্য ভোট (Single Transferable Vote - STV) ব্যৱস্থা
  • সমগ্ৰ দেশখনক এটা বৃহৎ সমষ্টি হিচাপে গণ্য কৰা হয়
  • ভোটাৰসকলে ১, , ৩... ইত্যাদি নম্বৰে প্রার্থীক ৰেটিং দিয়ে (পছন্দৰ শ্ৰেণীবিন্যাস)
  • কোটা নামৰ এটা নিৰ্দিষ্ট ভোটসংখ্যা পাৰ কৰিলে প্রার্থী বিজয়ী হয়

কোটা গণনাৰ দুটা পদ্ধতি:

  1. সহজ কোটা = মুঠ ভোট ÷ আসন সংখ্যা
  2. ড্রপ কোটা = (মুঠ বৈধ ভোট ÷ আসন সংখ্যা + 1) + 1

ভাৰতত ক’ত ব্যৱহাৰ হয়: ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, ৰাজ্যসভা আৰু ৰাজ্যিক বিধান পৰিষদৰ নিৰ্বাচনত

তালিকা পদ্ধতি (List System):

ব্যাখ্যা:

  • দেশখনক বহুকেইটা বৃহৎ সমষ্টিত ভাগ কৰা হয়
  • প্ৰতিখন সমষ্টিত ৰাজনৈতিক দলবিলাকে এখন প্রার্থীতালিকা প্ৰস্তুত কৰে
  • ভোটাৰসকলে দল ভিত্তিতে ভোট দিয়ে আৰু তালিকাৰ ভিতৰত পছন্দ জনায় (১, , ৩...)
  • ভোটৰ অনুপাতে প্ৰতিটো দলে আসন লাভ কৰে

উদ্দেশ্য:

  • দলীয় প্রতিনিধিত্ব নিশ্চিত কৰা আৰু জনসমষ্টিৰ অনুপাতে প্ৰতিনিধি নিৰ্বাচন

ব্যৱহৃত ৰাষ্ট্ৰসমূহ: 

ইজৰাইল, ছুইডেন, ডেনমাৰ্ক, নেদাৰলেণ্ড ইত্যাদি

    এইদৰে হেয়াৰ পদ্ধতি আৰু তালিকা পদ্ধতি দুয়োটাই সমানুপাতিক প্রতিনিধিত্বৰ উন্নত আৰু ন্যায্য পদ্ধতি বুলি গণ্য

৭। সমানুপাতিক প্রতিনিধিত্ব ব্যৱস্থাৰ গুণ বা সুবিধা আৰু দোষসমূহৰ বিষয়ে লিখা।  

উত্তৰঃ সমানুপাতিক প্রতিনিধিত্ব পদ্ধতিৰ সুবিধাসমূহঃ

  1. নিৰপেক্ষ আৰু স্বচ্ছ নির্বাচন: এই পদ্ধতিয়ে ভোটৰ অপচয় ৰোধ কৰি, ভোটাৰক পছন্দ প্ৰকাশৰ পূৰ্ণ স্বাধীনতা দিয়ে
  2. গণতন্ত্ৰক শক্তিশালী কৰে: সকলো জাতি, ধৰ্ম আৰু জনগোষ্ঠীক ৰাজনীতিত অংশগ্ৰহণৰ সুযোগ দিয়ে
  3. স্বেচ্ছাচাৰী শাসনৰ বাধা: একক সংখ্যাগৰিষ্ঠতা নাথাকিলে, দলবদ্ধ চৰকাৰ গঠিত হয়—যাৰ ফলত স্বেচ্ছাচাৰীতা হ্ৰাস পায়
  4. ভোট হস্তান্তৰ ব্যৱস্থা: ইয়াত কোনো ভোট নষ্ট নহয়, সেয়ে সকলো ভোট গুৰুত্বপূর্ণ
  5. ভোটাৰত আগ্ৰহ বৃদ্ধি: এই পদ্ধতিয়ে ভোটাৰসকলক আগ্ৰহী আৰু সক্ৰিয় কৰি তোলে
  6. ভোটাৰ-প্ৰতিনিধিৰ সম্পৰ্ক: জয়ী প্ৰার্থী আৰু জনগণৰ মাজত সুসম্পৰ্ক গঢ়ি উঠে, যাৰ ফলত অঞ্চলটোৰ উন্নতি হয়
  7. ৰাষ্ট্ৰপতীয় শাসনৰ দেশত উপযোগী: যিসকল দেশত ৰাষ্ট্ৰপতীয় শাসন আছে, তাত এই পদ্ধতি অতি উপযুক্ত

সমানুপাতিক প্রতিনিধিত্ব পদ্ধতিৰ অসুবিধাসমূহঃ

  1. জটিল পদ্ধতি: সাধাৰণ তথা অশিক্ষিত ভোটাৰসকলৰ বাবে বুজিবলৈ কঠিন
  2. পছন্দৰ নম্বৰ দিয়াৰ জটিলতা: , , ৩ নম্বৰে পছন্দ প্ৰকাশ কৰাটো সকলোৰে বাবে সহজ নহয়
  3. সংযুক্ত চৰকাৰৰ অস্থিৰতা: সংযুক্ত চৰকাৰে স্থায়ী সিদ্ধান্ত ল’বলৈ সমস্যাত পৰে
  4. বহু দল থকাৰ সমস্যাৰ সৃষ্টি: বহু দল থাকিলে নীতি-নির্ধাৰণত বিশৃঙ্খলা হয়
  5. বৃহৎ ৰাষ্ট্ৰত প্ৰয়োগ কঠিন: ভাৰতৰ দৰে ডাঙৰ দেশত এই পদ্ধতি ব্যৱহাৰ জটিল আৰু অকার্যকৰ হ’ব পাৰে

উপসংহাৰঃ

  • ভাৰতত লোকসভা আৰু বিধানসভাত "প্ৰথমজনেই বিজেতা" পদ্ধতি ব্যৱহৃত হৈছে
  • কিন্তু ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, ৰাজ্যসভা আৰু বিধান পৰিষদ নিৰ্বাচনত সমানুপাতিক প্রতিনিধিত্ব পদ্ধতি গ্ৰহণ কৰা হৈছে
  • ইয়াৰ ফলত দুয়ো পদ্ধতিত ভাৰসাম্য ৰাখি, দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ সঠিক বিকাশ ঘটোৱা হৈছে

 

৮। জন প্রতিনিধিত্ব আইন কি? ১৯৫১ চনৰ জন প্রতিনিধিত্ব আইনৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা 

উত্তৰঃ জন প্রতিনিধিত্ব আইন, ১৯৫১ এই আইনখন ভাৰতৰ এক গুৰুত্বপূৰ্ণ আইন, যাৰ দ্বাৰা নিৰ্বাচনী ব্যৱস্থা নিয়ন্ত্ৰণ কৰা হয়। প্ৰাৰ্থীৰ অৰ্হতা, অযোগ্যতা, ব্যয় তথ্য, অনুদান, দলীয় নীতি আদিৰ বিষয়ে নিয়ম নিৰ্ধাৰণ কৰে

মূল বৈশিষ্ট্যসমূহঃ

  1. যোগ্যতা: কেৱল এজন যোগ্য ভোটাৰে নির্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে
  2. সংৰক্ষণ: সংৰক্ষিত সমষ্টিত কেৱল সেই শ্ৰেণীৰ প্রার্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে
  3. অযোগ্যতা: ঘৃণা, উৎকোচ, অপৰাধ, ধৰ্মীয় বিভেদ, সন্ত্রাসবাদ, নিষিদ্ধ বস্ত্ৰ ব্যৱসায়ত জড়িত ব্যক্তি ৬ বছৰৰ বাবে অযোগ্য হ’ব পাৰে
  4. দূর্নীতি: ৰাজহুৱা সম্পত্তি ধ্বংস বা দূর্নীতিত জড়িত থাকিলে ৬ বছৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব
  5. সম্পত্তি ঘোষণা: বিজয়ী প্ৰার্থীসকলে ৯০ দিনৰ ভিতৰত সম্পত্তিৰ বিবৰণ দাখিল কৰিব লাগিব। নকৰিলে সদস্য পদ বাতিল হ’ব
  6. দলীয় পঞ্জীয়ন: সকলো ৰাজনৈতিক দলে নিৰ্বাচন আয়োগত পঞ্জীয়ন কৰিব লাগিব। নাম-ঠিকনা পৰিবৰ্তন কৰিলে জানিব দিব লাগিব
  7. অনুদানৰ নিয়ম: কোনো দল বিদেশী সংস্থা বা চৰকাৰী কোম্পানীৰ পৰা অনুদান ল’ব নোৱাৰিব
  8. ২০ হাজাৰতকৈ অধিক অনুদান: কোনো ব্যক্তি বা কোম্পানীৰ পৰা পোৱা ২০,০০০ টকাৰ ওপৰৰ অনুদানৰ হিসাব নির্বাচন আয়োগক দিব লাগিব
  9. ৰাষ্ট্ৰীয় দলৰ স্বীকৃতি: কমেও ৪ খন ৰাজ্যত ৬% ভোট বা ৩ খনত ২% লোকসভা আসন লাভ কৰা দলক ৰাষ্ট্ৰীয় দলৰ স্বীকৃতি দিয়া হয়
  10. ৰাজ্যিক দলৰ স্বীকৃতি: ৬% ভোট বা বিধানসভাৰ ৩% আসন লাভ কৰা দলক ৰাজ্যিক দলৰ স্বীকৃতি দিয়া হয়
  11. আমানতৰ ধন: প্ৰতিজন প্ৰাৰ্থীয়ে নিৰ্দিষ্ট পৰিমাণ ধন জমা দিব লাগিব। পৰ্যাপ্ত ভোট নাপালে আমানত বাজেয়াপ্ত হ’ব। সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত ৫০% ৰেহাই দিয়া হয় 

৯। ১৯৫১ চনৰ জন প্রতিনিধিত্ব আইনত কিকিব্যবস্থাবলী সন্নিবিষ্ট কৰা হৈছে 

উত্তৰঃ ১৯৫১ চনৰ জন প্রতিনিধিত্ব আইন অনুসৰি বিভিন্ন নিৰ্বাচনী বিষয় সম্পৰ্কে বহু গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই আইনত অন্তৰ্ভুক্ত মূল ব্যৱস্থাবোৰ হৈছে—

মূল ব্যৱস্থাসমূহঃ 

(১) সংসদ আৰু বিধানসভাৰ সদস্য হোৱাৰ অৰ্হতা আৰু অযোগ্যতা নিৰ্ধাৰণ 

(২) সাধাৰণ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা 

(৩) নির্বাচন পৰিচালনাৰ বাবে প্ৰয়োজনীয় প্রশাসনিক যন্ত্ৰ গঠন 

(৪) ৰাজনৈতিক দলসমূহৰ পঞ্জীয়নৰ বিধান 

(৫) নিৰ্বাচনৰ সময়সূচী নিৰ্ধাৰণ 

(৬) স্বীকৃত দলৰ প্ৰাৰ্থীৰ বাবে বিনামূলীয়া সামগ্রীৰ ব্যৱস্থা 

(৭) নির্বাচন সম্পৰ্কীয় বিবাদৰ নিষ্পত্তি 

(৮) নিৰ্বাচনী অপৰাধ আৰু দুর্নীতিপূৰ্ণ আচৰণৰ সজাগ নিৰীক্ষণ 

(৯) সদস্যৰ অযোগ্যতাৰ অনুসন্ধানৰ ক্ষেত্ৰত নির্বাচন আয়োগৰ ক্ষমতা 

(১০) খালী পদৰ উপ-নির্বাচন আৰু তাৰ সময়সূচী নিৰ্ধাৰণ 

(১১) নিৰ্বাচন সম্পর্কীয় আন আনুসংগিক বিষয়ৰ ব্যৱস্থা 

(১২) অসামৰিক আদালতৰ হস্তক্ষেপৰ পৰা মুক্তি দিয়া

অন্য কিছু গুৰুত্বপূৰ্ণ বিষয়ঃ 

(ক) প্রার্থীৰ মনোনয়ন পত্র দাখিল 

(খ) এজেন্ট নিয়োগ 

(গ) ভোটদান আৰু ফলাফল ঘোষণা 

(ঘ) ভোট গণনাৰ স্থান আৰু তাৰিখ নিৰ্ধাৰণ 

(ঙ) একাধিক নির্বাচন একেলগে অনুষ্ঠিত কৰা 

(চ) সম্পত্তি আৰু দায়বদ্ধতাৰ ঘোষণা পত্র দাখিল 

(ছ) নিৰ্বাচনী ব্যয় সংক্রান্ত শপতনামা দাখিল

    এই সকলো বিধানৰ জৰিয়তে ১৯৫১ চনৰ জন প্রতিনিধিত্ব আইনে ভাৰতৰ গণতান্ত্ৰিক নিৰ্বাচন ব্যৱস্থাক এক সুসংহত গাঠনিক কাঠামো প্ৰদান কৰিছে

১০। জনপ্রতিনিধিত্ব আইন, ১৯৫১ সম্বন্ধে আলোচনা কৰা 

উত্তৰঃ ১৯৫১ চনৰ জনপ্রতিনিধিত্ব আইন হৈছে ভাৰতৰ সংসদ আৰু বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাত ব্যৱহাৰ হোৱা এটি মুখ্য আইন। এই আইনখনে নিৰ্বাচনী পদ্ধতি, আসন নিৰ্ধাৰণ, ভোটাৰ তালিকা, প্ৰাৰ্থীৰ অৰ্হতা-অযোগ্যতা, অপৰাধ, আৰু বিবাদৰ বিধানসমূহ স্পষ্টকৈ উল্লেখ কৰে

মুখ্য বৈশিষ্ট্যসমূহঃ

  1. আসন নিৰ্ধাৰণঃ লোকসভা আৰু বিধানসভাৰ আসনসমূহ নিৰ্ধাৰণ আৰু সীমা নিৰ্ধাৰণ
  2. ভোটাৰ তালিকাঃ ভোটদাতা হ’বলৈ অৰ্হতা ক্ৰমান্বয়ে নির্ধাৰণ কৰা
  3. প্ৰাৰ্থীৰ যোগ্যতাঃ কেৱলে ভাৰতীয় নাগৰিকে ভোট দিব পাৰে আৰু প্ৰাৰ্থী হ’ব পাৰে
  4. নির্বাচনী খৰচৰ সীমাঃ বিধানসভাৰ বাবে ২৮–৫০ লাখ, লোকসভাৰ বাবে ৭০ লাখ
  5. অযোগ্যতাঃ অপৰাধমূলক পৰিচয় থকা ব্যক্তিক নিৰ্বাচনত অংশ ল’ব পৰা নাযায়
  6. স্বচ্ছতাঃ দলসমূহে কেবল নির্বাচনী বণ্ডৰ জৰিয়তে ধন সংগ্ৰহ কৰিব পাৰে

গুৰুত্বঃ

  • মুক্ত, ন্যায্য আৰু স্বচ্ছ নির্বাচন নিশ্চিত কৰে
  • অপৰাধমূলক ব্যাক্তিক ৰাজনীতিৰ পৰা আঁতৰাই ৰাখে
  • দেশত প্ৰতিনিধিত্বশীল গণতন্ত্ৰ বজাই ৰাখে

চেলেঞ্জসমূহঃ

  1. নির্বাচন আয়োগৰ নিজস্ব কৰ্মচাৰী নাই, বাহিৰৰ লোকৰ ওপৰত নিৰ্ভৰশীল
  2. ৰাজনৈতিক দলৰ খৰচৰ সীমা নাই, যাৰ ফলত অপৰ্যাপ্ত স্বচ্ছতা থাকে
  3. চৰকাৰী সম্পদৰ অপব্যৱহাৰ, কোনো স্পষ্ট বিধান নাই
  4. প্ৰাৰ্থীৰ অসম্পূর্ণ তথ্য, বহু প্ৰাৰ্থীয়ে সম্পত্তিৰ সঠিক তথ্য দিয়ে না
  5. আয়োগৰ আৰ্থিক নিৰ্ভৰতা, কেন্দ্ৰীয় চৰকাৰে নিয়ন্ত্ৰণ ৰাখে

    এইদৰে, ১৯৫১ চনৰ জনপ্রতিনিধিত্ব আইনখনে ভাৰতীয় গণতন্ত্ৰৰ মজবুত ভিত্তি স্থাপন কৰিছে, যদিও কিছুমান গম্ভীৰ সমস্যাও বিদ্যমান

১১। ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়োগৰ গঠন আৰু কার্যাবলী সম্বন্ধে আলোচনা কৰা।  

উত্তৰঃ নির্বাচনী আয়োগ হৈছে ভাৰতৰ সংবিধানত গঠিত এটা স্বতন্ত্ৰ সংস্থা, যাৰ মূল উদ্দেশ্য হ' মুক্ত, ন্যায়সঙ্গত আৰু স্বচ্ছ নির্বাচন অনুষ্ঠিত কৰা

গঠন (Composition):

  • গঠনৰ বিধান: সংবিধানৰ অনুচ্ছেদ ৩২৪ত উল্লেখ
  • সদস্যঃ এজন মুখ্য নির্বাচনী আয়ুক্ত (CEC) আৰু প্রয়োজন অনুসৰি অন্যান্য আয়ুক্ত
  • মুখ্য কাৰ্যালয়ঃ দিল্লীত অৱস্থিত
  • ৰাজ্যিক নির্বাচন পৰিচালনা কৰে ৰাজ্যিক নির্বাচনী আয়োগ

নিযুক্তি আৰু কাৰ্যকাল:

  • CEC আৰু অন্যান্য আয়ুক্তক ৰাষ্ট্ৰপতিয়ে নিযুক্ত কৰে
  • কাৰ্যকালঃ ৬ বছৰৰ বাবে অথবা ৬৫ বছৰৰ বয়সলৈকে, যিটো আগতে হয়

অপসাৰণ (Removal):

  • CEC-জনক সংসদৰ বিশেষ পদ্ধতিৰে অপসাৰণ কৰিব পাৰি (বিচাৰপতিৰ দৰে)
  • অন্যান্য আয়ুক্তক মুখ্য আয়ুক্তৰ অনুমতিৰে ৰাষ্ট্ৰপতিয়ে অপসাৰণ কৰিব পাৰে

নির্বাচনী আয়োগৰ কাৰ্যাবলী (Functions):

  1. ভোটাৰ তালিকা প্রস্তুত
  2. সংসদ, বিধানসভা, ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতিৰ নির্বাচন পৰিচালনা
  3. নির্বাচনৰ তাৰিখ নিৰ্ধাৰণ, মনোনয়ন আৰু ফলাফল ঘোষণা
  4. নির্বাচনী বিষয়া, পুলিং বিষয়া নিযুক্তি
  5. নির্বাচনী প্ৰতীক বণ্টন আৰু তত্সংক্রান্ত বিবাদ নিস্পত্তি
  6. ভোট কেন্দ্ৰ স্থাপন আৰু তাৰ ব্যৱস্থাপনা
  7. আচৰণবিধি প্ৰস্তুত আৰু প্ৰয়োগ নিশ্চিত
  8. জনগণনা অনুযায়ী সমষ্টি পুনঃনির্ধাৰণ
  9. ৰেডিঅ’–টিভিত প্ৰচাৰৰ সময়ৰ নিয়ন্ত্রণ

    নির্বাচনী আয়োগৰ মূল উদ্দেশ্য হৈছে ভাৰতত গণতান্ত্ৰিক মূল্যবোধ ৰক্ষা কৰা। ই এক স্বতন্ত্ৰ, নিরপেক্ষ আৰু সাংবিধানিক সংস্থা হিচাপে দেশৰ ভোটপ্ৰক্ৰিয়াৰ ওপৰত বিশ্বাস স্থাপন কৰিবলৈ সক্ষম হৈছে

১২। ভাৰতবৰ্ষৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্তৰ সম্বন্ধে আলোচনা কৰা 

উত্তৰঃ ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়া বিভিন্ন স্তৰৰ মাজেৰে সম্পন্ন হয়। তলত এই স্তৰবোৰ চমু ৰূপত দিয়া হৈছে:

(১) সমষ্টি নিৰ্ধাৰণ: লোকগণনাৰ পাছত ৰাষ্ট্ৰপতিয়ে সীমা নিৰ্ধাৰণ আয়োগ গঠন কৰে। এই আয়োগে লোকসভা আৰু বিধানসভাৰ নিৰ্বাচনী সমষ্টিসমূহ পুনৰ নিৰ্ধাৰণ কৰে

(২) ভোটাৰ তালিকা প্ৰস্তুতকৰণ: নতুন যোগ্য ভোটাৰবোৰ অন্তর্ভুক্ত কৰি তালিকা পুনৰ নিৰীক্ষণ কৰা হয়। তালিকাত নাম থকা লোকহে ভোটদান কৰিব পাৰে

(৩) নিৰ্বাচনী জাননী জাৰি আৰু বিষয়া নিযুক্তি: ৰাষ্ট্ৰপতিয়ে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে আৰু তাৰিখ নিৰ্ধাৰণ হয়। তাৰ পিছত ৰিটার্নিং বিষয়া নিযুক্ত কৰা হয়

(৪) মনোনয়ন পত্ৰ দাখিল: প্ৰাৰ্থীসকলে নিৰ্ধারিত প্ৰ-পত্ৰ পূৰণ কৰি জমা দিয়ে। দলীয় আৰু নিৰ্দলীয় দুয়ো প্ৰাৰ্থীয়ে প্রতিদ্বন্দ্বিতা কৰিব পাৰে

(৫) মনোনয়ন পত্ৰ পৰীক্ষা: নির্বাচনী বিষয়া মনোনয়ন পত্ৰ সঠিকভাৱে পূৰণ হ’ল নে নাই, সেয়া পৰীক্ষা কৰে

(৬) মনোনয়ন প্রত্যাহাৰ: কোনো প্ৰাৰ্থীয়ে নিৰ্ধারিত দিনৰ ভিতৰত মনোনয়ন প্রত্যাহাৰ কৰিব পাৰে

(৭) প্ৰচাৰ অভিযান: প্ৰাৰ্থীসকলে ৰাইজৰ মাজলৈ গৈ ভোট বিচাৰে। দলবিলাকে ইস্তাহাৰ প্ৰকাশ কৰে। ভোটদানৰ ৪৮ ঘণ্টা আগতে প্ৰচাৰ বন্ধ হয়

(৮) ভোটদান: ভোটদান কেন্দ্ৰত গ'ই ভোট দিয়া হয়। এতিয়া ইভিএম ব্যৱহাৰ কৰা হয়। পুলিং বিষয়া আৰু নিৰাপত্তা বাহিনীয়ে দায়িত্ব পালন কৰে

(৯) ভোট গণনা আৰু ফলাফল: নিৰ্ধারিত দিনত ভোট গণনা কৰা হয় আৰু সৰ্বাধিক ভোট পোৱা প্ৰাৰ্থীক বিজয়ী ঘোষণা কৰা হয়

(১০) নির্বাচনী বিবাদ: ফলাফলত সন্তুষ্ট নোহোৱা প্ৰাৰ্থীয়ে উচ্চ ন্যায়ালয়ত আবেদন কৰিব পাৰে। প্ৰয়োজনত উচ্চতম ন্যায়ালয়লৈও যোৱা যায়

    এইদৰে নিৰ্বাচনৰ সম্পূর্ণ প্ৰক্ৰিয়া সুশৃঙ্খলভাৱে সম্পন্ন কৰা হয় 

১৩। ভাৰতবৰ্ষৰ নিৰ্বাচনী ব্যৱস্থাৰ আসোঁৱাহবোৰৰ বিষয়ে লিখা 

উত্তৰঃ ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়াত কিছুমান গুৰুত্বপূর্ণ অসুবিধা দেখা যায়, যিবোৰ গণতান্ত্ৰিক ব্যৱস্থাৰ সুষ্ঠু বিকাশত বাধা দিয়ে। তলত এই অসুবিধাসমূহ চমুকৈ উল্লেখ কৰা হ’ল—

  1. সংখ্যালঘিষ্ঠ বিজয়ী: অধিকাংশ ক্ষেত্ৰত জয়ী প্ৰাৰ্থীয়ে সম্পূৰ্ণ সংখ্যাগৰিষ্ঠ ভোট নাপায়, কেৱল সৰ্বাধিক ভোট পেলেই জয়ী হয়
  2. কম ভোটদান: ভোটদাতাৰ অংশগ্ৰহণ কম হোৱাটো এক ডাঙৰ সমস্যা। ই গণতান্ত্ৰিক প্ৰতিনিধিত্বত প্ৰশ্ন উত্থাপন কৰে
  3. ভোটাৰসকলৰ বৈৰাগ্য: জনপ্ৰতিনিধিসকলৰ ওপৰত আস্থা হ্ৰাস পোৱাৰ বাবে বহু ভোটাৰে অংশগ্ৰহণ নকৰে
  4. ভোটাৰ তালিকাৰ ক্ৰুটি: ভোটাৰ তালিকাত ভুল, মৃত বা সন্দেহজনক (D-Voter) ভোটাৰৰ নাম থাকি যায়
  5. ধন আৰু বাহুবলৰ প্ৰভাৱ: প্ৰাৰ্থীসকলে অধিক ধন খৰচ আৰু বাহুবলৰ জৰিয়তে ভোট আদান-প্ৰদান কৰে
  6. অপৰাধীৰ প্ৰৱেশ: বহু অপৰাধী ব্যক্তি নিৰ্বাচনত প্ৰাৰ্থী হয় আৰু বিজয়ীও হয়, যি গণতন্ত্রৰ বাবে হানিকাৰক
  7. বিগিং, হিংসা, ভোটকেন্দ্ৰ দখল: বলপূৰ্বক ভোট দান, হিংসাত্মক ঘটনা ইত্যাদি নিয়মীয়া সমস্যা হৈ পৰিছে
  8. উপযুক্ত প্ৰাৰ্থী নিৰ্বাচনৰ অসুবিধা: নিৰক্ষৰতা, ধনবল আৰু শিক্ষাগত অযোগ্যতাৰ বাবে ভোটাৰে যোগ্য প্ৰাৰ্থী বাছনি কৰিব নোৱাৰে
  9. নির্বাচনী বিবাদৰ দীৰ্ঘ সময়: ভোট সম্পৰ্কীয় বিবাদসমূহ নিষ্পত্তি হ'বলৈ বহু সময় লাগে, যাৰ প্ৰভাৱ ৰাজনীতি আৰু জনসেৱাত পৰে
  10. বহু প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা: বহু প্ৰাৰ্থী থাকিলে ভোট বিভাজিত হয় আৰু কোনো প্ৰাৰ্থীয়ে সঠিক সংখ্যাগৰিষ্ঠ লাভ নকৰেও বিজয়ী হয়

এই সমস্যাসমূহ নিৰসনৰ বাবে নিৰ্বাচনী সংস্কাৰ একান্ত প্ৰয়োজন

১৪। ভাৰতবৰ্ষৰ নিৰ্বাচনী আচৰণ বিধিবোৰৰ বিষয়ে লিখা

উত্তৰঃ নির্বাচনী আচৰণ বিধি নিৰ্বাচনী আয়োগে নিৰ্বাচনী দিন ঘোষণা কৰাৰ লগে লগে প্ৰযোজ্য হয়। এই বিধিসমূহৰ উদ্দেশ্য হ'ল নিৰ্বাচনৰ সময়ত চৰকাৰ, মন্ত্রী, দলসমূহ আৰু প্ৰাৰ্থীসকলক ন্যায্য আৰু শৃংখলাপূৰ্ণ ব্যৱহাৰৰ সীমাৰ ভিতৰত ৰখা

মুখ্য আচৰণ বিধিসমূহঃ

  1. চৰকাৰী মন্ত্রীসকলে নিজৰ পদৰ অপব্যৱহাৰ কৰি দলীয় স্বাৰ্থ সাধন কৰিব নোৱাৰিব
  2. চৰকাৰী বাহন বা বিষয়া নিৰ্বাচনী কামত ব্যৱহাৰ কৰা নিষিদ্ধ
  3. ৰাজহুৱা সভাৰ খৰছ মন্ত্রীয়ে নিজৰ পৰা বহন কৰিব লাগিব
  4. সকলো ৰাজনৈতিক দলে সমান সুযোগ পাব, শাসকীয় দলক একচেটিয়া সুবিধা দিয়া নাযায়
  5. ভোটদাতাক উপঢৌকন, ভয় দেখোৱা, জাতি, ধৰ্ম, ভাষাৰ ভিত্তিত ভোট বিচৰা নিষিদ্ধ
  6. নিৰ্বাচনী খৰচ সীমিত থাকিব লাগে, কিন্তু প্ৰায়ে উৰ্ধসীমা লঙ্ঘন হয়
  7. ৪৮ ঘণ্টা আগতে প্ৰচাৰ বন্ধ কৰিব লাগিব

অনৈতিক বা কু-অভ্যাসঃ

  • ভোটাৰক ধন বা উপঢৌকন প্ৰদান
  • ধর্ম বা জাতিৰ ভিত্তিত ভোট বিচৰা
  • ভোটদান কেন্দ্ৰ দখল কৰা
  • চৰকাৰী সম্পদ ব্যৱহাৰ

বাস্তৱ অৱস্থাপ্ৰায়শঃ দেখা যায় যে ৰাজনৈতিক দলসমূহে আচৰণ বিধি লঙ্ঘন কৰে। "ধন আৰু বাহুবল"ৰ প্ৰভাৱ বেছি দেখা যায়

    নির্বাচনী আয়োগে আচৰণ বিধি বলবৎ কৰাৰ চেষ্টাত থাকে যদিও সকলো দলৰ সহযোগিতা ব্যতীত ই সফল নহয়

 

 

 

Type - Boby Bora