Chapter 4
ভাৰত ৰাষ্ট্ৰৰ পৰিবৰ্তনশীল প্রকৃতি (Changing Nature of Indian State)
অতি চমু প্রশ্নোত্তৰঃ
১। ভাৰতবৰ্ষক গণতান্ত্রিক দেশ কিয় বোলা হয়?
উত্তৰঃ "ভাৰতবৰ্ষৰ সংবিধানে
দেশবাসীক কিছু মৌলিক অধিকাৰ প্ৰদান কৰিছে, যিবোৰ উপভোগ কৰাৰ সুবিধা সকলো নাগৰিকে আছে।
ভাৰতত বহুদলীয় ব্যৱস্থাৰ মাধ্যমেৰে সংসদীয় শাসন ব্যৱস্থা চলি আছে।"
২। ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ থকা গুৰুত্বপূৰ্ণ শব্দকেইটা কি কি?
উত্তৰঃ "ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ থকা কিছু গুৰুত্বপূর্ণ শব্দ হৈছে— 'সার্বভৌম', 'সমাজবাদী', 'ধৰ্মনিৰপেক্ষ', 'গণতান্ত্রিক' আৰু 'প্রজাতন্ত্র'।"
৩। ভাৰতবৰ্ষক যুক্তৰাষ্ট্ৰৰ পৰিৱৰ্তে ৰাজ্যসমূহৰ সংঘ হিচাপে ঘোষণা কৰা হৈছে কিয়?
উত্তৰঃ "আমেৰিকাৰ দৰে প্ৰকৃত অৰ্থত যুক্তৰাষ্ট্ৰীয় প্ৰণালী ভাৰতত প্ৰৱর্তন কৰা নহ’লেহি, ভাৰতীয় সংবিধানত ‘যুক্তৰাষ্ট্ৰ’ শব্দটোৰ উল্লেখ নাই। তাৰ পৰিৱৰ্তে, সংবিধানৰ ১ নং অনুচ্ছেদত ভাৰতক ‘ৰাজ্যসমূহৰ সংঘ’ (Union of States) হিচাপে ঘোষণা কৰা হৈছে।"
৪। ভাৰতবৰ্ষক এখন সমাজবাদী ৰাষ্ট্ৰ বুলি কোৱা হয় কিয়?
উত্তৰঃ "ভাৰতবৰ্ষ এখন সমাজবাদী ৰাষ্ট্ৰ, কাৰণ ইয়াত নাগৰিকৰ মাজত আয়, মর্যাদা আৰু জীৱনধাৰণৰ মানদণ্ডৰ ক্ষেত্ৰত বৈষম্য বা অসমতা নাথাকিব লগা বুলি গণ্য কৰা হয়। সমাজবাদী আদৰ্শ অনুসৰি উৎপাদন সামগ্ৰীৰ জাতীয়কৰণ, জাতীয় আয়ৰ সমবিতৰণৰ ব্যৱস্থা আৰু মিশ্ৰ অর্থনীতিৰ মাধ্যমে সমাজত ন্যায়ভিত্তিক সমতা স্থাপন কৰা হৈছে। ভাৰতত অৰ্থনীতিৰ দিশ নির্ধাৰণ জনসাধাৰণৰ স্বাৰ্থক কেন্দ্ৰ কৰি কৰা হয়; ই কোনো ব্যক্তিগত পুঁজিপতিৰ দ্বাৰা নিয়ন্ত্রিত নহয়।"
৫। ভাৰতবৰ্ষক কিয় গণৰাজ্য বুলি কোৱা হয়?
উত্তৰঃ "ভাৰতবৰ্ষক এখন গণৰাজ্য বুলি কোৱা হয়, কাৰণ ইয়াত ৰাষ্ট্ৰৰ শীৰ্ষ পদত থকা ৰাষ্ট্ৰপতি জনসাধাৰণৰ দ্বাৰা পৰোক্ষভাৱে নিৰ্বাচিত প্রতিনিধি হয়, আৰু এই পদ বংশানুক্ৰমে লাভ কৰা নহয়।"
৬। উন্নয়ন কি?
উত্তৰঃ "সৰল অৰ্থত, উন্নয়নে অৰ্থ-সামাজিক বিকাশক বুজায়। অৰ্থাৎ, উন্নয়ন মানে হৈছে মানুহক সুস্থ, সুৰক্ষিত আৰু উন্নত জীৱনধাৰা নিশ্চিত কৰা।"
৭। বহনক্ষম উন্নয়ন কি?
উত্তৰঃ "কোনো এখন দেশ বা সমাজৰ উন্নয়ন প্ৰক্ৰিয়াত প্ৰাকৃতিক সম্পদ এনেদৰে ব্যৱহাৰ কৰিব লাগে যাতে ভৱিষ্যৎ প্ৰজন্মেও সেই সম্পদৰ সুবিধা উপভোগ কৰিব পাৰে। এনে ধৰণৰ সুসংহত আৰু দূৰদৰ্শিতাপূৰ্ণ উন্নয়নকেই 'বহনক্ষম উন্নয়ন' (Sustainable Development) বুলি কোৱা হয়।"
৮। অর্থনৈতিক পৰিকল্পনা কি?
উত্তৰঃ "ৰাষ্ট্ৰৰ দ্বাৰা নিৰ্ধাৰিত নীতি অনুসৰি অৰ্থনৈতিক কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰি জীৱন-নিৰ্বাহৰ মান উন্নত কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা সুনিৰ্দিষ্ট আৰু সংগঠিত কৌশলক 'অর্থনৈতিক পৰিকল্পনা' বুলি কোৱা হয়।"
৯। ভাৰতৰ পৰিকল্পনা আয়োগে কোন চনত গঠন কৰা হৈছিল?
উত্তৰঃ ১৯৫১ চনত।
১০। ভাৰতত অৰ্থনৈতিক সংস্কাৰ কেতিয়া আৰম্ভ কৰা হৈছিল?
উত্তৰঃ ১৯৯১ চনত।
১১। অর্থনৈতিক সংস্কাৰৰ মূল বৈশিষ্ট্যসমূহ কি?
উত্তৰঃ "গোলকীকৰণ, ব্যক্তিগতকৰণ আৰু উদাৰীকৰণ হৈছে আধুনিক ভাৰতৰ অৰ্থনৈতিক সংস্কাৰৰ তিনিটা মুখ্য স্তম্ভ। এই নীতিবোৰ ১৯৯১ চনত আৰম্ভ হোৱা নতুন অৰ্থনৈতিক নীতিৰ অন্তৰ্গত।"
১২। গোলকীকৰণ বুলিলে কি বুজা?
উত্তৰঃ "গোলকীকৰণ বা বিশ্বায়ন বুলি সেই প্ৰক্ৰিয়াটোক কোৱা হয়, যাৰ জৰিয়তে এখন দেশৰ
অৰ্থনীতি বিশ্বৰ অন্য দেশৰ অৰ্থনীতিৰ সৈতে সংযোগস্থাপন কৰে। ই অৰ্থনৈতিক সংহতি,
বাণিজ্যিক মুক্ততা
আৰু আন্তঃৰাষ্ট্ৰীয় লগানিৰ সুযোগ সৃষ্টি কৰে। গোলকীকৰণক উদাৰীকৰণ আৰু
ব্যক্তিগতকৰণৰ স্বাভাৱিক পৰিণতি হিচাপেও বিবেচনা কৰা হয়।"
চমু প্রশ্নোত্তৰ:
১। অর্থনৈতিক উন্নয়ন কি?
উত্তৰঃ "অর্থনৈতিক উন্নয়ন বুলিলে বুজোৱা হয়—দেশৰ প্ৰাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰ, পৰম্পৰাগত কৃষি আৰু উদ্যোগ খণ্ডৰ উন্নয়ন, মানুহৰ মৌলিক প্রয়োজনসমূহৰ পূৰণ, জীৱনধাৰণৰ মান উন্নয়ন, লগতে মানুহৰ সামাজিক আৰু মানসিক দৃষ্টিভংগীৰ ইতিবাচক পৰিৱর্তন।"
২। অর্থনৈতিক বিকাশ কাক বোলে?
উত্তৰঃ "অর্থনৈতিক বিকাশ বুলিলে সাধাৰণতে উন্নত দেশসমূহৰ সৈতে জড়িত সমস্যাবোৰৰ আলোচনা বুজোৱা হয়। বিকাশ হৈছে স্বতঃস্ফূর্ত আৰু অবিৰত এটা দীঘলীয়া প্ৰক্ৰিয়া, য'ত সঞ্চয়ৰ হাৰ আৰু জনসংখ্যা মূলভূত ভুমিকা পালন কৰে।"
৩। জনমূৰি আয় কি? জনমূৰি আয় কিদৰে নিৰূপণ কৰিব পাৰি?
উত্তৰঃ "দেশৰ মুঠ জাতীয় আয়ক মুঠ জনসংখ্যাৰে ভাগ দিলে যি গড় আয় পোৱা যায়, তাকেই জনমূৰি আয় (Per Capita Income) বোলে। ই প্রতিজন নাগৰিকৰ বিপৰীতে দেশৰ গড় আয় প্ৰদর্শন কৰে।"
৪। অর্থনৈতিক উন্নয়ন আৰু বিকাশৰ মাজত কি পার্থক্য পৰিলক্ষিত হয়?
উত্তৰঃ "অর্থনৈতিক উন্নয়ন আৰু
বিকাশৰ ধাৰণা দুয়োটাই ক্ৰমে অনুন্নত আৰু উন্নত অৰ্থনীতিৰ সৈতে জড়িত।
(ক) অর্থনৈতিক উন্নয়নত সাধাৰণতে অনুন্নত দেশসমূহৰ সমস্যাবোৰৰ আলোচনা কৰা হয়,
যেতিয়া অর্থনৈতিক
বিকাশত উন্নত দেশসমূহৰ অৰ্থনৈতিক গঠন আৰু বিকাশৰ ধাৰাবাহিকতা বিশ্লেষণ কৰা হয়।
(খ) অর্থনৈতিক বিকাশ মানেই উন্নয়ন বুলি ক'ব নোৱাৰি, কিন্তু উন্নয়ন সাধন হ’বলৈ
বিকাশ অপৰিহাৰ্য। অর্থনৈতিক বিকাশ হৈছে উন্নয়নৰ এটা অঙ্গ, অৰ্থাৎ উন্নয়নৰ বাবে বিকাশ
হ’বই লাগিব।"
৫। "ভাৰতবৰ্ষ এখন অৰ্দ্ধযুক্তৰাষ্ট্ৰ”- মন্তব্য দিয়া।
উত্তৰঃ "ভাৰতবৰ্ষক প্ৰকৃত অৰ্থত এখন
যুক্তৰাষ্ট্ৰ বুলি ক’ব নোৱাৰি। বৰঞ্চ ভাৰতবৰ্ষক ‘অৰ্ধ-যুক্তৰাষ্ট্ৰ’ হিচাপে অভিহিত
কৰাটোহে অধিক সমীচীন। যদিও ভাৰতীয় সংবিধানত কিছু যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য
বিদ্যমান—যেনে: দুই পৰ্যায়ের চৰকাৰ (কেন্দ্ৰ আৰু ৰাজ্য), ক্ষমতাৰ বিভাজন, উচ্চতম ন্যায়ালয়
আদিৰ ব্যৱস্থা—তথাপিও সংবিধানত একাত্মক বৈশিষ্ট্যসমূহৰ প্ৰাধান্য অধিক।
উদাহৰণস্বৰূপে—অৱশিষ্ট ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ
অন্তৰ্গত, ৰাজ্যপালক ৰাষ্ট্ৰপতি দ্বাৰা নিযুক্ত হয়, একক নাগৰকিত্ব ব্যৱস্থা,
আৰু শক্তিশালী
কেন্দ্ৰীয় চৰকাৰৰ উপস্থিতি আদিয়ে ভাৰতবৰ্ষক অধিক একাত্মক ৰাষ্ট্ৰ হিচাপে প্ৰতিপন্ন
কৰে। এইবোৰ যুক্তিত ভিক্তি কৰি ভাৰতক ‘অৰ্ধ-যুক্তৰাষ্ট্ৰ’ বুলি কোৱা হয়।"
৬। ভাৰতবৰ্ষক কিয় গণৰাজ্য বুলি কোৱা হয়?
উত্তৰঃ "ভাৰত এখন গণৰাজ্য, কিয়নো ইয়াত চূড়ান্ত ক্ষমতা জনগণৰ হাতত ন্যস্ত থাকে। গণৰাজ্যত ৰাষ্ট্ৰপ্ৰধান বংশানুক্ৰমে নিযুক্ত নহয়, বৰং নিৰ্বাচনৰ জৰিয়তে নিৰ্ধাৰিত হয়। ভাৰতত ৰাষ্ট্ৰপতি হৈছে ৰাষ্ট্ৰৰ শীৰ্ষ পদ, আৰু এই পদত থকা ব্যক্তি বংশানুক্ৰমে নহয়, জনগণৰ প্ৰতিনিধিসকলৰ দ্বাৰা নিৰ্বাচিত হয়। ৰাষ্ট্ৰপতিক পাঁচ বছৰৰ কাৰ্যকালৰ বাবে নিৰ্বাচন কৰা হয়। এই ব্যৱস্থাই ভাৰতক এখন সত্যিকাৰ গণৰাজ্য হিচাপে পৰিচিত কৰিছে।"
৭। ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে চমুকৈ আলোচনা কৰা।
উত্তৰঃ যদিও সংবিধানৰ প্ৰস্তাৱনা সংবিধানৰ প্ৰধান অংগ
নহয়, তথাপি ইয়াৰ গভীৰ সাংবিধানিক তাৎপর্য আছে। প্ৰস্তাৱনাটো সংবিধানৰ “পাতনি”
স্বৰূপ, য’ত সংবিধানখনৰ মূল উদ্দেশ্য, আদৰ্শ আৰু লক্ষ্যসমূহ সংক্ষেপে প্ৰকাশ কৰা হৈছে।
ঠিক যেনে কোনোখন গ্ৰন্থৰ পাতনিত সেই গ্ৰন্থৰ মূল বিষয়বস্তুৰ বর্ণনা থাকে, তেনেদৰে সংবিধানৰ
প্ৰস্তাৱনাতো সংবিধানখনৰ মূলমন্তব্য আৰু আত্মাৰ প্ৰতিফলন ঘটে। এই কাৰণেই বহু
ধাৰণামতে প্ৰস্তাৱনাটো সংবিধানৰ “আত্মা”, “বিবেক”, “দুৱাৰদলি” তথা “চাবিকাঠি”
হিচাপে গণ্য কৰা হয়।
প্ৰস্তাৱনাৰ আৰম্ভণিতে "আমি ভাৰতীয়
জনসাধাৰণে..." বুলি উল্লেখ কৰি স্পষ্ট কৰা হৈছে যে সংবিধানখনৰ প্ৰণেতা,
অধিকারী আৰু চালক
হৈছে ভাৰতৰ জনগণ নিজেই। সংবিধানক জনসাধাৰণৰ দ্বাৰা, জনসাধাৰণৰ বাবে, জনসাধাৰণৰ উদ্দেশ্যে
ৰচিত এখন দলিল হিচাপে গণ্য কৰা হৈছে।
প্ৰস্তাৱনাত থকা কেইটামান গুৰুত্বপূৰ্ণ শব্দ— ‘সার্বভৌম’, ‘সমাজবাদী’, ‘ধৰ্মনিৰপেক্ষ’,
‘গণতান্ত্ৰিক’ আৰু
‘প্ৰজাতন্ত্ৰ’—ই সংবিধানখনৰ মূল আদৰ্শসমূহ প্ৰদৰ্শন কৰে। এই শব্দবোৰে ভাৰতৰ ৰাজনৈতিক আৰু
সামাজিক স্বৰূপ স্পষ্টকৈ নিৰ্ধাৰণ কৰে।
ইয়াৰ উপৰি প্ৰস্তাৱনাত ন্যায়, স্বাধীনতা, সমতা আৰু
ভাতৃত্ববোধৰ আদৰ্শসমূহৰ উল্লেখ কৰা হৈছে। ই আমাৰ সংবিধানৰ লক্ষ্যপূৰ্ণ সমাজ গঠন
আৰু দেশবাসীৰ মাজত একতা, সংহতি আৰু ন্যায়সঙ্গত জীৱনযাপন নিশ্চিত কৰাৰ
উদ্দেশ্য প্ৰতিফলিত কৰে।
উল্লেখযোগ্য যে, সংবিধান ৰচনাৰ সময়ত
সংবিধানসভাই ভাৰতৰ ঐতিহাসিক সভ্যতা, সংস্কৃতি আৰু জনজীৱনৰ গভীৰ ধাৰণাক আদর্শ হিচাপে
গ্ৰহণ কৰি প্ৰস্তাৱনাখনত প্ৰতিফলন ঘটাবলৈ চেষ্টা কৰিছিল। এইদৰে প্ৰস্তাৱনাই ভাৰতীয়
সংবিধানৰ দিশা-নিৰ্বাচনকাৰী এক গুরুত্বপূর্ণ দলিল হিচাপে বিবেচিত।
৮। অধিক স্বায়ত্তশাসনৰ বাবে ৰাজ্যবোৰে কি কি দাবী জনাইছে?
উত্তৰঃ ভাৰত এখন সংহত আৰু বৈচিত্ৰ্যময় ৰাষ্ট্ৰ হোৱাৰ
পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজ্যৰ নিজৰ ভাষা, সংস্কৃতি, আৰু প্ৰশাসনিক ব্যৱস্থাৰ
ওপৰত অধিক নিয়ন্ত্ৰণৰ দাবী স্বাভাৱিক। কিন্তু কেন্দ্ৰীয় চৰকাৰে অধিক ক্ষমতা ভোগ
কৰাৰ ফলত বহু সময়ত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহৰ মাজত সংঘাতৰ পৰিস্থিতি সৃষ্টি হয়।
এই পৰিপ্ৰেক্ষিতত ৰাজ্যবোৰে নিয়মিতভাৱে অধিক স্বায়ত্তশাসনৰ দাবী উত্থাপন কৰি আহিছে।
এই দাবীসমূহৰ ভিতৰত মুখ্য কেইটামান হ’লঃ
(ক) ৰাজ্যবোৰক অধিক ক্ষমতা হস্তান্তৰ – সংবিধানৰ দ্বাৰা নিৰ্ধাৰিত
ক্ষমতাৰ ক্ষেত্ৰত ৰাজ্যবোৰে অধিক স্বতন্ত্ৰতা দাবি কৰে যাতে তেওঁলোকে নিজৰ
প্ৰশাসনিক আৰু সামাজিক সমস্যাসমূহ অধিক সফলতাৰে সমাধান কৰিব পাৰে।
(খ) ৰাজহ উৎস আৰু সম্পদৰ অধিকাৰ – ৰাজ্যবোৰে নিজৰ অভ্যন্তৰীণ
উন্নয়নৰ বাবে অধিক অৰ্থনৈতিক স্বাধীনতা চায়, যাৰ বাবে তেওঁলোকে ৰাজহ
সংগ্ৰহৰ অধিক উৎসৰ ওপৰত অধিকাৰ দাবী কৰে।
(গ) কেন্দ্ৰীয় হস্তক্ষেপৰ বিৰোধিতা – ৰাজ্য চৰকাৰে প্ৰায় সময়তে
কেন্দ্ৰীয় চৰকাৰৰ অহৰহ হস্তক্ষেপক অসন্তোষজনক বুলি গণ্য কৰে আৰু নিজৰ পৰিসৰৰ ভিতৰত
স্বতন্ত্ৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ দাবী কৰে।
(ঘ) হিন্দী ভাষাৰ আধিপত্যৰ বিৰোধিতা – বহুতো অ-হিন্দী ভাষী ৰাজ্যত
হিন্দী ভাষা আৰোপ কৰাৰ চেষ্টা প্ৰতিবাদৰ সৃষ্টিকাৰে। এই ৰাজ্যবোৰে নিজস্ব
মাতৃভাষাৰ সংৰক্ষণ আৰু বিকাশৰ অধিকাৰ নিশ্চিত কৰাৰ দাবী জনায়।
এই দাবীসমূহই স্পষ্টকৈ দেখুৱায় যে ভাৰতীয়
সংবিধানত সংহতি অটুট ৰাখি ৰাজ্যকেন্দ্ৰ সম্পৰ্কত অধিক সমতা আৰু বিশ্বাসৰ
প্ৰয়োজন আছে।
৯। স্থানীয় স্বায়ত্ত শাসন কি?
উত্তৰঃ চৰকাৰে ক্ষমতা বিকেন্দ্ৰীকৰণ নীতি অৱলম্বন কৰি প্ৰতিটো ৰাজ্যক কিছুমান সৰু সৰু প্রশাসনিক গোটত বিভাজন কৰিছে আৰু সেইবোৰক নিৰ্দিষ্ট দায়িত্ব আৰু ক্ষমতা অর্পণ কৰিছে। এই গোটবোৰৰ কাৰ্যকলাপ স্থানীয়ভাৱে পৰিচালনা কৰা হয় অঞ্চলটোৰ জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিসকলৰ মাধ্যমে। সঁচাকৈয়ে, স্থানীয় স্বায়ত্ত শাসন বুলিলে বুজায়—এটা ক্ষুদ্ৰ ভৌগোলিক অঞ্চলত তাত বাস কৰা স্থানীয় লোকসকলৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিসকলৰ মাধ্যমে সেই অঞ্চলৰ প্রশাসনিক কৰ্মসম্পাদন কৰাৰ ব্যৱস্থা।
১০। ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কেন্দ্ৰীয় চৰকাৰ শক্তিশালী হোৱাৰ কাৰণসমূহ উল্লেখ কৰা।
উত্তৰঃ ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কেন্দ্ৰীয়
চৰকাৰ শক্তিশালী হোৱাৰ কাৰণসমূহঃ
(ক) ৰাজ্যৰ অস্তিত্বৰ ওপৰত নিয়ন্ত্ৰণ: ভাৰতৰ সংসদে যিকোনো ৰাজ্যৰ
নাম, সীমা, আৰু অস্তিত্ব সলনি কৰিব পাৰে। অৰ্থাৎ, ৰাজ্যবোৰৰ ভৌগোলিক অখণ্ডতাৰ নিয়ন্ত্ৰণ কেন্দ্ৰীয়
চৰকাৰৰ হাতত থাকে।
(খ) জৰুৰীকালীন ব্যৱস্থা: সংবিধানত উল্লিখিত জৰুৰীকালীন ব্যৱস্থাই
কেন্দ্ৰীয় চৰকাৰক অধিক শক্তিশালী কৰিছে। একবাৰ জৰুৰীকাল ঘোষণা হ’লে সমগ্ৰ দেশৰ
শাসন প্ৰায় কেন্দ্ৰীয় চৰকাৰে নিয়ন্ত্ৰণ কৰে।
(গ) অর্থনৈতিক নিয়ন্ত্ৰণ: ৰাজহ আয়ৰ মুখ্য উৎসসমূহ (যেনে- আয়কৰ, জি.এ.চ.টি, সীমাশুল্ক)
কেন্দ্ৰীয় চৰকাৰৰ অধীনত থাকে। ফলত ৰাজ্যবোৰক কেন্দ্ৰীয় চৰকাৰৰ অনুদান, বঁটা বা ভাগবতী
সাহায্যৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়, যাৰ ফলত তেওঁলোক অৰ্থনৈতিকভাৱে কিছুটা নিৰ্ভৰশীল
হৈ পৰে।
(ঘ) আইন প্ৰণয়নৰ অধিকাৰ: বিশেষ পৰিস্থিতিত কেন্দ্ৰীয় সংসদে ৰাজ্যিক সূচীত
থকা বিষয়বোৰতো আইন প্ৰণয়ন কৰিব পাৰে, যদি ৰাজ্য সভাই তাত সন্মতি দিয়ে।
১১। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত সংঘাত সৃষ্টি হোৱাৰ চাৰিটা কাৰণ উল্লেখ কৰা।
উত্তৰঃ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত সংঘাত
সৃষ্টি হোৱাৰ মুখ্য চাৰিটা কাৰণ হ'লঃ
(ক) আইন-শৃংখলা ব্যৱস্থাত কেন্দ্ৰীয় হস্তক্ষেপ: আইন-শৃংখলা ৰক্ষা কৰাটো
ৰাজ্য চৰকাৰৰ দায়িত্ব হলেও কেন্দ্ৰীয় চৰকাৰে প্ৰায়ে অযথা হস্তক্ষেপ কৰে বুলি ৰাজ্য
চৰকাৰে অভিযোগ কৰে। এই হস্তক্ষেপে কেন্দ্ৰ-ৰাজ্য সম্পৰ্কত উত্তেজনা সৃষ্টি কৰে।
(খ) ৰাষ্ট্ৰপতি শাসনৰ অপব্যৱহাৰ: কেন্দ্ৰীয় চৰকাৰে ৰাজনৈতিক কাৰণত ৰাষ্ট্ৰপতি
শাসন প্ৰৱৰ্তন কৰি নিৰ্বাচিত ৰাজ্য চৰকাৰ বৰ্খাস্ত কৰাৰ ফলত দুয়োপক্ষৰ মাজত সংঘাত
দেখা দিয়ে।
(গ) আৰ্থিক ক্ষমতাৰ অসাম্যতা: সংবিধানে কেন্দ্ৰীয় চৰকাৰে অধিক আয় উৎসৰ ওপৰত
নিয়ন্ত্ৰণৰ অধিকাৰ দিছে। কিন্তু ৰাজ্য চৰকাৰে উন্নয়নমূলক কাম-কাজ অধিক কৰি যাব লগা
হয়, যাৰ ফলত তেওঁলোকে সদায় অৰ্থিক সংকটত ভুগে।
(ঘ) অবিশিষ্ট ক্ষমতাৰ কেন্দ্ৰত কেন্দ্রীকৰণ: সংবিধানত অবিশিষ্ট (residuary)
ক্ষমতাসমূহ
কেন্দ্ৰীয় চৰকাৰৰ হাতত ৰাখা হৈছে। এই ব্যৱস্থাই কেন্দ্ৰীয়
চৰকাৰে অধিক শক্তি লাভ কৰে আৰু ৰাজনৈতিক সমতা বিনষ্ট কৰে, যাৰ ফলত সংঘাত জন্ম লয়।
১২। ভাৰতবৰ্ষক কিয় কল্যাণকামী ৰাষ্ট্ৰ বুলি কোৱা হয়?
উত্তৰঃ ভাৰতীয় সংবিধানৰ চতুৰ্থ অধ্যায়ৰ ৩৬ নং অনুচ্ছেদৰ
পৰা ৫১ নং অনুচ্ছেদলৈ থকা ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহৰ জৰিয়তে দেশখনক
এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ দিশে পদক্ষেপ গ্ৰহণ কৰা হৈছে।
এই নীতিসমূহে ভাৰতীয় ৰাষ্ট্ৰত ৰাজনৈতিক স্বাধীনতাৰ উপৰিও সামাজিক আৰু অৰ্থনৈতিক
ন্যায় প্ৰদানৰ মাধ্যমে সাম্য, ন্যায় আৰু মুক্তিৰ আদৰ্শ স্থাপন কৰাৰ লক্ষ্য
ৰাখে।
ভাৰতীয় কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাটো হৈছে উদাৰনৈতিক গণতন্ত্ৰ আৰু সমাজবাদী আদৰ্শৰ
সংমিশ্ৰণ। সংবিধান প্ৰণেতাসকলে ৰাষ্ট্ৰীয় সম্পদৰ সঠিক বণ্টন, ধনী-দুখীয়াৰ মাজৰ বৈষম্য
হ্ৰাস, সমাজৰ সৰ্বশ্ৰেণীৰ উন্নয়ন আদিৰ জৰিয়তে কল্যাণকামী ৰাষ্ট্ৰৰ পৰিকল্পনা কৰিছিল।
এই উদ্দেশ্য পূৰণৰ বাবে চৰকাৰে–
- দুখীয়া আৰু মেধাবী ছাত্র-ছাত্ৰীৰ বাবে জলপানী আৰু
পঢ়াৰ সুবিধা,
- দৰিদ্ৰ জনগণৰ বাবে বিনামূলীয়া খাদ্য, বাসস্থান আৰু
চিকিৎসা,
- দুখীয়া পৰিয়ালসমূহৰ আৰ্থিক ভাৰ লাঘৱ কৰিবলৈ সহায়ভাৱে অনুদান আৰু আঁচনি,আদি ব্যৱস্থা গ্ৰহণ কৰিছে।
কিন্তু সমালোচকসকলে বর্তমান সময়ত এই কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাটো
আংশিকভাবে বিচ্যুত হোৱা বুলি যুক্তি দিয়ে। তেওঁলোকৰ মতে–
- চৰকাৰে জনকল্যাণমূলক কামৰ সলনি ভোটৰ স্বাৰ্থত
হিতাধিকাৰী সৃষ্টি কৰি আছে,
- কর্মসংস্থাপনৰ অভাৱত নিবনুৱা সমস্যা বৃদ্ধি পাইছে,
- কেন্দ্ৰীভূত কৰ ব্যৱস্থাৰ বাবে দৰিদ্ৰসকলে খাদ্য, ঔষধ আদি অধিক মূল্যত কিনিবলগীয়া হৈছে,
- মুদ্রাস্ফীতিৰ হাৰ বৃদ্ধিৰ ফলত দুখীয়াৰ অৱস্থা অধিক শোচনীয় হৈ
পৰিছে।
এইবোৰ পৰিস্থিতিয়ে ভাৰতৰ কল্যাণকামী ৰাষ্ট্ৰ
গঠনৰ প্ৰচেষ্টাক প্ৰশ্নৰ সন্মুখীন কৰিছে। সেয়ে, বাস্তৱিক কল্যাণকামী
ৰাষ্ট্ৰ গঠনৰ বাবে চৰকাৰৰ উচিত আদৰ্শৰ লগত প্ৰত্যৱর্তন কৰা আৰু জনকল্যাণক লৈ
আন্তৰিক হোৱাটো।
১৩। ভাৰতবৰ্ষৰ পঞ্চবার্ষিক পৰিকল্পনাৰ তিনিটা মূল লক্ষ্য উল্লেখ কৰা।
উত্তৰঃ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত কিছু সুনির্দিষ্ট
লক্ষ্য সাধনৰ উদ্দেশ্যে, এখন কেন্দ্ৰীয়ভাৱে নিয়ন্ত্রিত নীতিৰ অধীনত দেশৰ অৰ্থনীতিৰ
দিশ-নিৰ্দেশনা আৰু নিয়ন্ত্ৰণকেই অর্থনৈতিক পৰিকল্পনা বোলে। ভাৰতবৰ্ষত এই পৰিকল্পনা
প্ৰণয়নৰ পদ্ধতি হৈছে পঞ্চবার্ষিক পৰিকল্পনা, যি প্ৰতি পাঁচ বছৰত এখন
নতুন পৰিকল্পনাৰ ৰূপত আৰম্ভ কৰা হয়।
ভাৰতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ মুখ্য লক্ষ্যসমূহ হ'ল—
- অৰ্থনৈতিক উন্নয়নৰ হাৰ বঢ়োৱা,
- দৰিদ্ৰতা হ্ৰাস তথা সম্পূৰ্ণ নির্মূল,
- আৰ্থ-সামাজিক বৈষম্য হ্ৰাস কৰা,
- নিয়োগৰ সুযোগ বৃদ্ধি কৰা,
- আঞ্চলিক উন্নয়নত সুষমতা অনা,
- পৰিৱেশ সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰা,
- আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা।
এই পৰিকল্পনাৰ জৰিয়তে ভাৰতীয় চৰকাৰে ৰাষ্ট্ৰৰ সামগ্ৰিক উন্নয়ন, বিশেষকৈ দৰিদ্ৰ আৰু
পশ্চাদপদ অঞ্চলসমূহৰ উন্নয়ন নিশ্চিত কৰাৰ বাবে নীতি আৰু আঁচনি ৰূপায়ণ কৰি আহিছে।
১৪। অর্থনৈতিক সংস্কাৰৰ তিনিটা সুফল উল্লেখ কৰা।
উত্তৰঃ অর্থনৈতিক সংস্কাৰৰ অংশ হিচাপে ভাৰত চৰকাৰে
গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীৰ পৰা বহু গুৰুত্বপূর্ণ সুফল লাভ হৈছে। সেইবোৰৰ ভিতৰত
কেইটামান উল্লেখযোগ্য সুফল হ'ল—
(১) উন্নয়নৰ হাৰৰ বৃদ্ধি: অর্থনৈতিক সংস্কাৰৰ ফলত ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ
হাৰত উল্লেখযোগ্য বৃদ্ধি দেখা গৈছে। বিশেষকৈ ২০০৫-০৬, ২০০৬-০৭ আৰু ২০০৭-০৮
অর্থবৰ্ষত বিকাশৰ হাৰ যথাক্রমে ৯.৫%, ৯.৭% আৰু ৯.২% আছিল। ১৯৫১ চনৰ পৰা আৰম্ভ হোৱা
পৰিকল্পনা যুগত ই প্ৰথমবাৰৰ বাবে এনে উচ্চ বিকাশৰ হাৰ স্পর্শ কৰে। লগতে, ২০০৯-১০ ৰ পৰা
২০১২-১৩ চনলৈ গড় উন্নয়নৰ হাৰ আছিল ৬.৭% আৰু ২০১৩-১৪ চনত এই হাৰ ৭.২%লৈ বৃদ্ধি
পাইছিল।
(২) মূল্যসূচীৰ হ্ৰাস: সংস্কাৰৰ ফলস্বৰূপ পাইকাৰি মূল্যসূচীত হ্ৰাস
দেখা গৈছে। যদিও খুচুৰা মূল্যসূচীৰ ক্ষেত্ৰত একেধৰণৰ হ্ৰাস লক্ষ্য কৰা হোৱা নাই,
তথাপিও
মুদ্ৰাস্ফীতিৰ ক্ষেত্ৰত কিছু পৰিমাণে নিয়ন্ত্রণ সাধিত হৈছে।
(৩) বৈদেশিক মুদ্ৰা মজুতৰ বৃদ্ধি: ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াত জমা থকা বৈদেশিক
মুদ্ৰাৰ পৰিমাণ উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। বৰ্তমান এই মজুত ৩২৮.৭ বিলিয়ন
ডলাৰলৈ বৃদ্ধি পাইছে, যাৰ জৰিয়তে অহা সাত মাহৰ আমদানি ব্যয় সম্বৰণ কৰিব পৰা সম্ভৱ। তুলনামূলকভাৱে,
১৯৯০-৯১ চনত এই
মজুতৰ পৰিমাণে মাথোঁ ১৫ দিনৰ আমদানিৰ খৰচ সমলাব পাৰিছিল।
ইয়াত স্পষ্ট হয় যে, ভাৰতীয় অৰ্থনীতিৰ
পৰিসংখ্যাগত আৰু বস্তুগত ভাৱে বহু উন্নতি সাধিত হৈছে, যদিও কিছু ক্ষেত্ৰত
সমস্যাবোৰ সদায় সমাধান হোৱা বুলি ক'ব নোৱাৰি।
১৫। অর্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত সৃষ্টি হোৱা দুটা অসুবিধা চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ অর্থনৈতিক সংস্কাৰ কার্যসূচীয়ে বহু সুফল দিয়াৰ
লগতে কিছুমান গুৰুত্বপূর্ণ সমস্যা আৰু ভাবুকিও সৃষ্টি কৰিছে। তলত সেইবোৰ উল্লেখ
কৰা হৈছে—
(১) প্ৰতিযোগিতাৰ বৃদ্ধি: সংস্কাৰৰ ফলস্বৰূপ বজাৰত প্ৰতিযোগিতাৰ প্ৰসাৰ
আৰু তীব্রতা দুয়োটাই বৃদ্ধি পাইছে। দেশ-বিদেশৰ বিভিন্ন সামগ্ৰী বজাৰত সহজলভ্য হৈ
পৰিছে। এই প্ৰবণতা সুস্থ হ’বৰ বাবে জনসাধাৰণৰ ক্ৰয়ক্ষমতা বৃদ্ধিৰ প্ৰয়োজন, নতুবা দুখীয়া আৰু
মধ্যবিত্ত শ্রেণীৰ ওপৰত চাপ বৃদ্ধি পায়।
(২) ভোগবাদী দৃষ্টিভংগীৰ জন্ম: সংস্কাৰৰ ফলত পণ্যৰ ওপৰত
অধিক আসক্তি জন্ম লৈছে, যাৰ ফলত সমাজত ভোগবাদী অর্থনীতিৰ বিকাশ ঘটিছে। এনে মনোভাৱ নৈতিক মূল্যবোধৰ
বাবে এক গুৰুতৰ ভাবুকি হৈ পৰিব পাৰে।
(৩) পৰিচয় হেৰুৱাৰ আশংকা: গোলকীকৰণৰ দ্বাৰা সমগ্ৰ পৃথিৱীৰ বজাৰ এটা একক
বজাৰত পৰিণত হৈছে। ইয়াৰ ফলত স্থানীয় পৰিচয়, সাংস্কৃতিক বৈচিত্ৰ্য আৰু
জাতিগত স্বাতন্ত্র্য হেৰুৱাৰ আশংকা দেখা দিছে।
(৪) দৰিদ্ৰসকলৰ বঞ্চনা: বজাৰকেন্দ্ৰিক অর্থনীতি ব্যৱস্থাই ধনীৰ বাবে
অধিক সুবিধা সৃষ্টি কৰিলে দৰিদ্ৰসকল আঁতৰি পৰাৰ সম্ভাৱনা থাকে। এই আশংকা দূৰ
কৰিবলৈ সুদৃঢ় আৰু জনমুখী শাসন ব্যৱস্থা থকা একান্ত প্ৰয়োজন।
(৫) অন্তর্ভুক্তিকৰণৰ প্ৰয়াস: শেহতীয়া সময়ত চৰকাৰে বেংকত হিসাব খোলাৰ সহজ
ব্যৱস্থা প্ৰৱৰ্তন কৰিছে, যাৰ ফলত বৃহৎ সংখ্যক নাগৰিক বৈধ বেংকিং
ব্যৱস্থাৰ অন্তৰ্গত হ’ব পাৰিছে। এনে ব্যৱস্থা আৰ্থিক অন্তর্ভুক্তিকৰণত সহায়ক হ’ব।
অন্তর্ভুক্তিকৰণ অৰ্থ হৈছে—অর্থনৈতিক উন্নয়নৰ লাভসমূহ সমাজৰ সকলো শ্ৰেণীলৈ পঠিয়াই
দিয়ে যাতে কোনো শ্ৰেণী বঞ্চিত নহয়।
১৬। NITI আয়োগ কি? NITI আয়োগৰ গঠন সম্পর্কে লিখা।
উত্তৰঃ ২০১৪ চনত গঠিত নতুন কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা
আয়োগ (Planning Commission) বিলুপ্ত কৰি তাৰ ঠাইত NITI আয়োগ (National
Institution for Transforming India Aayog) গঠন কৰে। এই সিদ্ধান্ত ২০১৪ চনৰ স্বাধীনতা দিৱসত
প্ৰধানমন্ত্রীয়ে ৰাষ্ট্ৰবাসীক উদ্দেশ্যি দিয়া ভাষণত ঘোষণা কৰিছিল। ৭ ফেব্ৰুৱাৰী,
২০১৫ তাৰিখে NITI আয়োগৰ প্ৰথম বৈঠক
দিল্লীত অনুষ্ঠিত হয়।
NITI আয়োগৰ উদ্দেশ্য হ’ল– ভাৰতৰ দীৰ্ঘম্যাদী আৰু
সুৰক্ষিত উন্নয়ন নিশ্চিত কৰাৰ বাবে এটা ৰাষ্ট্ৰীয় পৰিৱর্তনমূলক
সংস্থা হিচাপে কাৰ্যন্বিত হ’ব। ই ভাৰতক সহভাগিতামূলক আৰু সহযোগিতা-ভিত্তিক সমষ্টিগত
উন্নয়নৰ দিশে আগবঢ়াবলৈ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক চৰকাৰসমূহৰ মাজত সমন্বয় সাধন কৰে।
NITI আয়োগৰ গঠন-সাজ:
- অধ্যক্ষ: ভাৰতৰ প্ৰধানমন্ত্রী
- উপাধ্যক্ষ: প্ৰধানমন্ত্রীয়ে নিযুক্ত কৰে
- সদস্যসকল:
- সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল
- কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ উপ-ৰাজ্যপালসকল
- ৪ জন কেন্দ্ৰীয় মন্ত্রী
- মুখ্য কার্যবাহী বিষয়া (CEO)
- বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞসকল
এই আয়োগে ৰাজহুৱা নীতি, অৰ্থনৈতিক কৌশল আৰু
উন্নয়নমূলক পৰিকল্পনাৰ ক্ষেত্ৰত দেশৰ বাবে পথনির্দেশিকা প্ৰস্তুত কৰে। তদুপৰি,
ই তথ্য-ভিত্তিক
সিদ্ধান্ত গ্ৰহণ, উদ্ভাৱন, উদ্যোগ আৰু দক্ষতা বৃদ্ধিতো উৎসাহ দিয়ে।
ৰচনাধৰ্মী প্রশ্নোত্তৰ:
১। ভাৰত ৰাষ্ট্ৰৰ প্ৰকৃতি সম্পর্কে বহলাই লিখা।
উত্তৰঃ ভাৰতৰ সংবিধানে ভাৰতক এখন গণতান্ত্রিক,
ধৰ্মনিৰপেক্ষ,
সমাজবাদী আৰু
কল্যাণকামী ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিছে। গণতান্ত্ৰিক ব্যৱস্থাত
সংখ্যাগৰিষ্ঠৰ শাসন স্বীকৃত হলেও ইয়াত নাগৰিকসকলৰ অধিকাৰ, সুৰক্ষা আৰু কল্যাণৰ দিশতো
গুৰুত্ব আৰোপ কৰা হয়। আজিৰ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰকৃতি বিভিন্ন দিশত প্ৰতিফলিত হৈছে,
যেনে—আমোলাতন্ত্র,
কেন্দ্ৰীয় প্ৰৱণতা,
কল্যাণকামী নীতি,
ধৰ্মনিৰপেক্ষতা,
উদাৰ অর্থনীতি আদিৰে।
(১) আমোলাতান্ত্রিক শাসনব্যৱস্থাঃ ভাৰতত প্ৰশাসন ব্যৱস্থা
বেছিভাগ ক্ষেত্ৰতে আমোলাতান্ত্ৰিক ধাঁচৰ। এই ব্যৱস্থাই উন্নয়নমূলক কাম-কাজত বিলম্ব, জনসাধাৰণৰ মনোবেদনা,
আৰু জটিলতা সৃষ্টি
কৰে। এই ধৰণৰ প্রশাসনিক সংস্কৃতি মূলত বৃটিছ শাসন কালত গঠিত হৈছিল আৰু স্বাধীনতাৰ
পাছতো ইয়াৰ গভীৰ প্ৰভাৱ ৰৈ গৈছে। যদিও চৰকাৰে সময় সময়ত প্ৰশাসনিক সংস্কাৰ আয়োগ
(যেনে গোৱালা, এপো’লবি, ১৯৬৬) গঠন কৰি ব্যৱস্থাটো উন্নত কৰাৰ চেষ্টা কৰিছে।
(২) কেন্দ্ৰীয় প্ৰৱণতাঃ ভাৰতত যুক্তৰাষ্ট্ৰীয় পদ্ধতি অনুসৰণ কৰা হয় যদিও কেন্দ্ৰীয়কৰণ
প্রবণতা বেছি দেখা যায়। কেন্দ্ৰই অধিক ক্ষমতা ধৰি ৰাখে, যেনে—
- ৰাষ্ট্ৰপতিৰ দ্বাৰা ৰাজ্যপাল নিযুক্তি,
- ৰাষ্ট্ৰপতি শাসনৰ ব্যৱস্থা,
- ৰাজ্যলৈ সাহাৰ্য্য বিতৰণ আদিৰ মাধ্যমে।
(৩) উদাৰ গণতান্ত্ৰিক ব্যৱস্থাঃ ভাৰত উদাৰ গণতান্ত্ৰিক
দেশ। ইয়াত প্ৰতিনিধিত্বমূলক চৰকাৰ, দায়বদ্ধতা, স্বাধীন ন্যায়পালিকা,
আইনৰ শাসন, ভোটাধিকাৰ, আৰু বহুদলীয়
ব্যৱস্থা আছে। এই সকলোতে জনসাধাৰণে প্ৰভাৱ বিস্তাৰ কৰাৰ সুযোগ পায়।
(৪) কল্যাণকামী ৰাষ্ট্ৰঃ সংবিধানৰ ৩৬-৫১ অনুচ্ছেদত অন্তর্ভুক্ত ৰাষ্ট্ৰৰ
নিৰ্দেশাত্মক নীতিসমূহৰ মাধ্যমে ভাৰতই সামাজিক, অৰ্থনৈতিক আৰু
ৰাজনৈতিক ন্যায়ৰ ব্যৱস্থা গঢ়ি তুলিবলৈ চেষ্টা কৰিছে। ই সমাজবাদ আৰু উদাৰনৈতিক
নীতিৰ এক সংমিশ্ৰণ।
(৫) ধৰ্মনিৰপেক্ষতাঃ ১৯৭৬ চনৰ ৪২ তম সংবিধান সংশোধনীৰ
মাধ্যমে “ধৰ্মনিৰপেক্ষ” শব্দটো সংবিধানত অন্তর্ভুক্ত হয়। ভাৰতত—
- কোনো ধৰ্ম ৰাষ্ট্ৰীয় ধৰ্ম নহয়।
- সকলো ধৰ্মৰ লোক সমান অধিকারভোগী।
- সংবিধানৰ ১৫, ১৬, ২৫-২৮
অনুচ্ছেদত ধৰ্মীয় স্বাধীনতা আৰু সমতাৰ অধিকাৰ নিশ্চিত কৰা হৈছে।
(৬) মুক্ত অৰ্থনীতিঃ ১৯৯১ চনত ভাৰত চৰকাৰে অর্থনৈতিক উদাৰীকৰণ আৰু সংস্কাৰমূলক
নীতি গ্ৰহণ কৰে। ই বিশ্ব বজাাৰত অংশগ্ৰহণৰ পথ খুলিলে। ২০১৪ চনৰ পাছত এই নীতিসমূহ
অধিক গতিশীল আৰু কাৰ্যকৰী হৈ পৰে, যাৰ ফলত ভাৰত আজি এখন উদীয়মান অৰ্থনৈতিক শক্তি
হিচাপে প্ৰতিষ্ঠিত হৈছে।
(৭) মৌলবাদৰ উত্থানঃ যদিও সংবিধানে ধৰ্মনিৰপেক্ষতা গ্ৰহণ কৰিছে,
তথাপিও ধৰ্মীয় মৌলবাদ ভাৰতত সমস্যা সৃষ্টি
কৰি আহিছে। এই মৌলবাদে—
- সমাজত বিভাজন সৃষ্টি কৰে,
- ক্ৰমে উগ্ৰপন্থা সৃষ্টি কৰে,
- গণতান্ত্ৰিক মূল্যবোধ হ্ৰাস কৰে।
চৰকাৰে সাম্প্ৰতিক সময়ত মৌলবাদী তৎপৰতা দমন কৰাৰ চেষ্টা কৰি আছে।
(৮) দুৰ্নীতিঃ দুৰ্নীতি ভাৰতৰ প্ৰধান সমস্যাসমূহৰ এটা। প্ৰশাসনিক
পদ্ধতিত স্বচ্ছতা আৰু দায়বদ্ধতাৰ অভাৱৰ ফলত—
- উন্নয়ন ব্যাহত হয়,
- ৰাজনৈতিক নেতাসকলৰ ওপৰত জনসাধাৰণৰ বিশ্বাস হ্ৰাস পায়।
যদি কঠোৰ আইন, লোকপাল ব্যৱস্থা প্ৰয়োগ কৰা নহয়, তেন্তে দুৰ্নীতি হ্ৰাস কৰাৰ
পথ কঠিন।
(৯) সন্ত্রাসবাদঃ ভাৰতত বিচ্ছিন্নতাবাদ, ধৰ্মীয় মৌলবাদ,
আৰু আন্তঃৰাষ্ট্ৰীয়
সন্ত্রাসবাদ এক গুৰুত্বপূৰ্ণ সমস্যা। এইসকল কাৰণে ৰাষ্ট্ৰীয় সুৰক্ষা, শৃংখলা আৰু সমাজত
শান্তিৰ অভাৱ দেখা দিয়ে।
(১০) মৰ্চা ৰাজনীতিঃ ১৯৮৯ চনৰ পাছত ভাৰতত মৰ্চা ৰাজনীতিৰ যুগ আৰম্ভ হয়। বহু দল
মিলে চৰকাৰ গঠন কৰাৰ ফলত—
- চৰকাৰৰ স্থায়িত্ব হ্ৰাস পায়,
- সিদ্ধান্ত গ্ৰহণত বিলম্ব হয়,
- সৰু-সৰু দলৰ প্ৰভাৱ বাঢ়ে।
২। ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত থকা 'সার্বভৌম', 'সমাজবাদী', 'ধর্মনিৰপেক্ষ', 'গণতান্ত্রিক' আৰু 'গণৰাজ্য' বুলিলে কি বুজা বহলাই লিখা।
উত্তৰঃ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাই দেশখনৰ মৌলিক
আদৰ্শসমূহৰ নিৰ্দেশনা দিয়ে। এই প্ৰস্তাৱনাত থকা ‘সাৰ্বভৌম’, ‘সমাজবাদী’, ‘ধৰ্মনিৰপেক্ষ’,
‘গণতান্ত্রিক’,
আৰু ‘গণৰাজ্য’ শব্দসমূহই ভাৰতৰ
ৰাজনৈতিক প্ৰকৃতি আৰু লক্ষ্যসমূহ স্পষ্ট কৰি তোলে।
(ক) সাৰ্বভৌম (Sovereign): ভাৰত এখন সাৰ্বভৌম ৰাষ্ট্ৰ, অৰ্থাৎ—
- বাহ্যিকভাৱে: ভাৰত কোনো বিদেশী শক্তিৰ অধীনত নহয়।
- আভ্যন্তৰীণভাৱে: ভাৰত নিজৰ আইন নিজেই বনায় আৰু শাসন ব্যৱস্থা নিৰ্ধাৰণ কৰে।ইয়াৰ অৰ্থ, ভাৰতৰ ওপৰত কোনো বাহ্যিক বা আভ্যন্তৰীণ শক্তিয়ে নিৰ্দেশনা দিব নোৱাৰে।
(খ) সমাজবাদী (Socialist): ১৯৭৬ চনৰ ৪২ তম সংবিধান সংশোধনীৰ মাধ্যমে ‘সমাজবাদী’
শব্দটো প্ৰস্তাৱনাত যোগ কৰা হয়। ইয়াৰ অৰ্থ—
- আয়, সম্পত্তি, আৰু সুযোগৰ ক্ষেত্ৰত সমাজত সাম্যতা থাকিব।
- সম্পদৰ সমবিতৰণ নিশ্চিত কৰা হ’ব।
- ভাৰত মিশ্ৰ অৰ্থনীতি অনুসৰণ কৰে—য’ত
চৰকাৰী আৰু ব্যক্তিগত খণ্ড দুয়োটাই বিকাশৰ দায়িত্ব লৈ থাকে।
- কেৱল পুঁজিপতি নহয়, জনসাধাৰণৰ কল্যাণ কেন্দ্ৰবিন্দু হ’ব।
(গ) ধৰ্মনিৰপেক্ষ (Secular): ‘ধৰ্মনিৰপেক্ষ’ শব্দটোও ১৯৭৬ চনত সংযোজিত কৰা হয়। ইয়াৰ অৰ্থ—
- ভাৰত চৰকাৰৰ কোনো নিজস্ব ধৰ্ম নাথাকে।
- সকলো ধৰ্মক সমানভাৱে সন্মান কৰা হয়।
- নাগৰিকে নিজৰ পছন্দৰ ধৰ্ম বিশ্বাস,
পালন আৰু প্ৰচাৰ কৰিবলৈ সম্পূৰ্ণ স্বাধীনতা পায়।
- সংবিধানৰ ২৫-২৮ অনুচ্ছেদত এই অধিকাৰ
সুনিশ্চিত কৰা হৈছে।
(ঘ) গণতান্ত্ৰিক (Democratic): ভাৰত এখন প্ৰতিনিধিত্বমূলক
গণতন্ত্ৰ, য’ত—
- শাসনৰ উৎস হৈছে জনসাধাৰণ।
- ভোটাধিকাৰৰ মাধ্যমে নাগৰিকে নিজৰ নেতা নিৰ্বাচন কৰে।
- চৰকাৰ জনতাৰ প্ৰতি দায়বদ্ধ থাকে।
- মৌলিক অধিকাৰ, স্বাধীন মত প্ৰকাশ, সংবাদপত্ৰৰ
স্বাধীনতা আদিয়ে গণতন্ত্ৰৰ ভিত্তি গঢ়ে তোলে।
(ঙ) গণৰাজ্য (Republic): গণৰাজ্যৰ অৰ্থ—
- ৰাষ্ট্ৰৰ মূৰব্বী (President) জনসাধাৰণে
নিৰ্বাচিত কৰা এজন ব্যক্তি হ’ব।
- এই পদবী বংশানুক্ৰমিক নহয়।
- ভাৰতৰ ৰাষ্ট্ৰপতি হৈছে ৰাষ্ট্ৰৰ মূৰব্বী, যাক নিৰ্বাচনী
প্ৰক্ৰিয়াৰ জৰিয়তে নিৰ্বাচন কৰা হয়।
এই শব্দবোৰে সংবিধানৰ মূল চেতনা—সাম্য, ন্যায়, স্বাধীনতা আৰু
ভ্ৰাতৃত্ব—ৰ ওপৰত ভিত্তি কৰি এক ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক, কল্যাণমুখী ৰাষ্ট্ৰ গঢ়ি
তোলাৰ উদ্দেশ্যক প্ৰতিফলিত কৰে।
৩। "শক্তিশালী একাত্মক চৰকাৰৰ বৈশিষ্ট্যৰে ভাৰতবৰ্ষ এখন যুক্তৰাষ্ট্ৰ" আলোচনা কৰা।
উত্তৰঃ যদিও ভাৰত এখন সাংবিধানিকভাবে
যুক্তৰাষ্ট্ৰীয় (federal) দেশ, তথাপিও ইয়াত একাত্মক বৈশিষ্ট্যৰ
প্ৰাধান্য অধিক। সংবিধানৰ বিভিন্ন ব্যৱস্থাই কেন্দ্ৰীয় চৰকাৰক অধিক শক্তি প্ৰদান কৰিছে,
যাৰ ফলত কেন্দ্ৰীয় চৰকাৰ
শক্তিশালী আৰু ৰাজ্য চৰকাৰে কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে।
ভাৰতীয় সংবিধানৰ একাত্মক বৈশিষ্ট্যসমূহঃ
(ক) আইন প্ৰণয়নলৈ কেন্দ্ৰৰ প্ৰাধান্য: সংসদে কৰা কোনো আইন যদি
বিধানসভাৰ আইনৰ সৈতে সংঘাতত পৰে, তেন্তে সংসদৰ আইনটো প্ৰাধান্য পায় (সংবিধানৰ ধাৰা ২৪৬
আৰু ২৫৪ অনুযায়ী)।
(খ) ৰাজনৈতিক নিযুক্তি আৰু নিয়ন্ত্ৰণ: ৰাষ্ট্ৰপতিয়ে ৰাজ্যপাল,
নিৰ্বাচন আয়োগ,
নিয়ন্ত্রক তথা
মহালেখা পৰীক্ষক (CAG), আদি নিযুক্ত কৰে। এই পদবীসমূহৰ জৰিয়তে কেন্দ্ৰই ৰাজ্যসমূহৰ ওপৰত প্ৰত্যক্ষ নিয়ন্ত্ৰণ ৰাখে। ৰাজ্যপাল কেন্দ্ৰৰ প্ৰতিনিধি
হিচাবে কাৰ্য কৰে।
(গ) ৰাজ্যৰ সীমা পৰিবৰ্তনৰ ক্ষমতা: সংবিধানৰ ৩ নং অনুচ্ছেদ অনুসৰি, সংসদে যিকোনো ৰাজ্যৰ
সীমা সালসলনি, নামান্তৰণ, বা নতুন ৰাজ্য গঠন কৰিব পাৰে—তদুপৰি ৰাজ্যৰ অনুমতি বাধ্যতামূলক
নহয়।
(ঘ) আন্তঃৰাষ্ট্ৰীয় চুক্তিৰ কাৰ্যকৰিতা: সংবিধানৰ ২৫৩ নং অনুচ্ছেদ অনুসৰি, ভাৰতে অন্য ৰাষ্ট্ৰৰ
সৈতে কৰা কোনো চুক্তি বা সন্ধিৰ ভিত্তিত কেন্দ্ৰই ভাৰতৰ যিকোনো অংশত আইন প্ৰণয়ন কৰিব
পাৰে—এতিয়াও যদি সেই বিষয়টো ৰাজ্যিক সূচীত অন্তর্ভুক্ত হয়।
(ঙ) বিষয়ৰ তালিকাত কেন্দ্ৰৰ আধিপত্য:
- কেন্দ্ৰীয় সূচী: ৯৭টা বিষয়
- ৰাজ্যীয় সূচী: ৬৬টা বিষয়
- সমবায় সূচী (Concurrent List): ৪৭টা বিষয়
এইতকৈ গুৰুত্বপূৰ্ণ বিষয়বোৰ (ৰক্ষা, বৈদেশিক নীতি, ৰে’লৱে, পঞ্জীয়ন, ব্যাঙ্ক আদি) কেন্দ্ৰীয় সূচীত থাকি কেন্দ্ৰক অধিক
ক্ষমতা দিয়ে।
(চ) ৰাজ্যিক সূচীতো সংসদে আইন কৰিব পাৰে: সংবিধানৰ ২৪৯ নং অনুচ্ছেদ অনুসৰি, যদি ৰাজ্যসভাই
উপস্থিত সদস্যৰ দুই-তৃতীয়াংশে ভোট দি গৃহীত কৰে, তেন্তে সংসদে ৰাজ্যীয় সূচীৰ
বিষয়তেও আইন কৰিব পাৰে।
(ছ) জৰুৰীকালীন ব্যৱস্থা:
- সংবিধানৰ ধাৰা ৩৫২, ৩৫৬ আৰু ৩৬০ অনুযায়ী, ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিলে কেন্দ্ৰীয় চৰকাৰে সকলো ক্ষমতা গ্ৰহণ কৰিব পাৰে।
- এই সময়ছোৱাত ৰাজ্যৰ শাসন কেন্দ্ৰৰ হাতত আহে (President’s Rule), যাৰ ফলত একাত্মক ধাঁচত শাসন চলে।
সেয়েহে দেখা যায় যে, ভাৰতীয় সংবিধান
যুক্তৰাষ্ট্ৰীয় বুলি স্বীকৃত হলেও ইয়াত একাত্মক ধাৰণাৰ আধিক্য আছে। ই দেশখনৰ ৰাষ্ট্ৰীয় একতা,
প্ৰশাসনিক স্থিৰতা
আৰু বিকাশমূলক একক নীতি বজাই ৰাখিবলৈ সহায়ক হৈছে।
৪। ভাৰত যুক্তৰাষ্ট্ৰৰ প্ৰকৃতি সম্পর্কে আলোচনা কৰা আৰু ই প্ৰকৃত যুক্তৰাষ্ট্ৰীয় নীতিৰ লগত একেনে?
উত্তৰঃ ভাৰতৰ সংবিধানত কিছু যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য
থাকিলেও, ইয়াত একাত্মক চৰকাৰৰ গুণই বেছি প্ৰবল। কেন্দ্ৰীয় চৰকাৰৰ প্ৰভাৱ আৰু নিয়ন্ত্ৰণ
অধিক, যাৰ ফলত ভাৰতক “কেন্দ্ৰাভিমুখী যুক্তৰাষ্ট্ৰ” বুলি কোৱা হয়।
যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ:
অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ (একাত্মক প্ৰবণতা):
ভাৰতীয় সংবিধানত যুক্তৰাষ্ট্ৰীয় কাঠামো থাকিলেও,
কেন্দ্ৰীয় চৰকাৰৰ
প্ৰাধান্য, একপাক্ষিক সিদ্ধান্ত গ্ৰহণ আৰু জৰুৰীকালীন ব্যৱস্থাই একাত্মক চৰকাৰৰ বৈশিষ্ট্য
অধিক সুস্পষ্ট কৰে। সেয়ে ভাৰতক "যুক্তৰাষ্ট্ৰ নহয়, একাত্মক বৈশিষ্ট্যযুক্ত এক
কেন্দ্ৰাভিমুখী যুক্তৰাষ্ট্ৰ" বুলি অভিহিত কৰিব পাৰি।
৫। বিকাশ বুলিলে কি বুজা? স্বাধীনোত্তৰ ভাৰতৰ বিকাশৰ মূল বৈশিষ্ট্যসমূহ আলোচনা কৰা।
উত্তৰঃ 'বিকাশ' বুলি সেই পৰিৱর্তনক বুজোৱা হয় যাৰ জৰিয়তে
ব্যক্তি তথা সমাজৰ জীৱনৰ মান উন্নত হয়। অর্থনৈতিক উন্নয়ন, শৈক্ষিক অগ্ৰগতি, জনমূৰি আয় বৃদ্ধি,
স্বাস্থ্য সেৱা
উন্নয়ন আৰু সামাজিক সমতা স্থাপন হৈছে বিকাশৰ মূল উপাদান। সাম্প্ৰতিক সময়ত বিকাশৰ
অৰ্থ হৈছে উদ্যোগিক অগ্ৰগতি, উচ্চ প্ৰযুক্তিৰ ব্যৱহাৰ, উৎপাদন বৃদ্ধি, আধুনিকীকৰণ আৰু
প্ৰতিযোগিতামূলক অৰ্থনীতিৰ বিকাশ।
স্বাধীনতাৰ পাছত দেশটোৰ অর্থনৈতিক অৱস্থা বৰ
অসুস্থিৰ আছিল। দেশ বিভাজনৰ অভিঘাত, পাকিস্তান আৰু চীনৰ লগত যুদ্ধ, শৈক্ষিক পশ্চাদপটতা,
দৰিদ্ৰতা আৰু
সামাজিক বৈষম্যই দেশখনক গভীৰ সংকটত পেলাইছিল। এই প্ৰেক্ষাপটত, ১৯৫৬ চনত ভাৰতই
উদ্যোগিক নীতি গ্ৰহণ কৰি বৃহৎ উদ্যোগ স্থাপন আৰু কৃষিখণ্ডৰ আধুনিকীকৰণৰ পথত
আগবাঢ়ে।
ভাৰত চৰকাৰে বিভিন্ন খণ্ডত বিপ্লৱৰ সূচনা কৰি
উৎপাদনৰ গতি বঢ়োৱাৰ চেষ্টা কৰে—
- সেউজ বিপ্লৱ (Green Revolution) – খাদ্য উৎপাদন
- হালধীয়া বিপ্লৱ (Yellow Revolution) – তৈলবীজ
- শ্বেত বিপ্লৱ (White Revolution) – দুগ্ধ উৎপাদন
- নীল বিপ্লৱ (Blue Revolution) – মাছ
- ৰঙা বিপ্লৱ (Red Revolution) – মাংস, বিলাহী
- সোণালী বিপ্লৱ (Golden Revolution) – ফলমূল
- ৰূপালী বিপ্লৱ (Silver Revolution) – কণী
উল্লেখযোগ্যভাৱে, শক্তি খণ্ডৰো উন্নয়ন কৰা
হয়—যাৰ বাবে বৃহৎ সংখ্যক জলবিদ্যুৎ প্রকল্প স্থাপন কৰা হয়। আজিও ভাৰতত প্ৰায়
৫০০০তকৈ অধিক জলবিদ্যুৎ প্রকল্প আছে যিসকল কৃষি আৰু বিদ্যুৎ উভয়ত সহায় কৰিছে।
ভাৰতীয় বিকাশৰ মূল বৈশিষ্ট্যসমূহ
১. মিশ্র অৰ্থনীতি: ভাৰতে সমাজবাদ আৰু পুঁজিবাদৰ সংমিশ্ৰণমূলক
অৰ্থনৈতিক ব্যৱস্থা গ্ৰহণ কৰে। চৰকাৰী উদ্যোগৰ লগতে ব্যক্তিগত খণ্ডতো উদ্যোগ
স্থাপন কৰাৰ অনুমতি দিয়ে।
২. কৃষি আৰু উদ্যোগ উভয়তো গুৰুত্ব: কৃষি আৰু উদ্যোগ উভয় খণ্ড
সমান্তৰালভাৱে উন্নয়ন কৰা হয়।
৩. বিতৰণ আৰু উৎপাদনৰ মাজত ভাৰসাম্য: ৰাজহুৱা বিতৰণ ব্যৱস্থা আৰু
দৰিদ্ৰতা নিৰ্মূলৰ আঁচনি গ্ৰহণ কৰা হয়।
৪. পৰিকল্পিত বিকাশ: ৫ বছৰৰ ভিত্তিত পঞ্চবার্ষিক পৰিকল্পনা প্ৰণয়ন
কৰি বিকাশক দিশনির্দেশনা দিয়া হয়।
২০১৪ চনত কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত
এন.ডি.এ. চৰকাৰে পৰিকল্পনা আয়োগ ভংগ কৰি ২০১৫ চনৰ জানুৱাৰীত নীতি আয়োগ গঠন কৰে। এই আয়োগ
ভাৰতৰ National Institute for Transforming India হিচাপে পৰিচিত। ইয়াৰ
অধ্যক্ষ হৈছে প্রধানমন্ত্রী, লগতে উপাধ্যক্ষ, ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল,
বিশেষজ্ঞসকল,
আৰু কেন্দ্ৰীয়
মন্ত্ৰিসভাৰ সদস্যসকল থাকে।
যদিও দেশ উন্নয়ন পথত অগ্ৰসর হৈছে, তেন্তেও কিছুমান
গুৰুত্বপূর্ণ সমস্যাই ইয়াৰ গতিত বাধা দিছে—
- অর্থনৈতিক সংস্কাৰৰ ধাৰা: ১৯৯১ চনৰ
উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণৰ নীতিয়ে উৎপাদন বৃদ্ধি
কৰিছে, কিন্তু বিতৰণ ব্যৱস্থাত বৈষম্য বৃদ্ধি পাইছে।
- ধনী আৰু দুখীয়াৰ মাজত বেছিকৈ ফাৰাক: বিত্তীয় আৰু
সামাজিক বৈষম্য অধিক স্পষ্ট হৈছে।
- উত্তৰ-পূৰ্বাঞ্চলৰ নদীবান্ধ আন্দোলন: উন্নয়নৰ নামত
জলসঁচা প্রকল্পৰ ফলত স্থানীয় জনগোষ্ঠীৰ অধিকাৰ হানি হৈছে।
- ভূমি সংস্কাৰ নীতিৰ বিফলতা: যদিও জমিদাৰী
প্ৰথা বিলুপ্ত কৰা হয়, তথাপিও বহু কৃষক ভূমিহীন আৰু দৰিদ্ৰ হৈ
পৰিছে।
- কৃষকৰ আত্মহত্যা: ঋণগ্রস্ততা, শস্যৰ ন্যায্য
মূল্য নোপোৱাটো আদিয়ে বহু কৃষক আত্মহত্যালৈ বাধ্য হৈছে।
২০১৬ চনৰ ৮ নৱেম্বৰত ৫০০ আৰু ১০০০ টকাৰ নোট
বাতিল কৰাৰ সিদ্ধান্ত (বিমুদ্ৰাকৰণ) গ্ৰহণ কৰা হয়। ইয়াৰ উদ্দেশ্য আছিল ক’লা টকা
নিৰ্মূল আৰু ঘোচ বন্ধ কৰা। যদিও এই নীতিৰ কিছু সুফল আছিল, তথাপিও সাধাৰণ জনতাৰ মাজত
আৰ্থিক সমস্যাৰ সৃষ্টি হয়, লগতে ক’লা টকা উদ্ধাৰৰ ক্ষেত্ৰত সফলতা নাহিল।
ভাৰতৰ বিকাশমূলক নীতি বহুক্ষেত্ৰত সফল হ’লেও
আজিও দৰিদ্ৰতা, বৈষম্য, পৰিৱেশ সংকট, কৃষক সমস্যাৰ দৰে গুৰুত্বপূর্ণ প্ৰত্যাহ্বানসমূহ বিদ্যমান। আগন্তুক সময়ত,
বিকাশৰ অৰ্থ কেৱল GDP
বৃদ্ধি নহয়, সমাজৰ প্ৰতিটো অংশৰ
সামগ্রীক উন্নয়নৰ দিশে আগবাঢ়াটো হব লাগিব।
৬। কল্যাণকামী ৰাষ্ট্ৰ বুলিলে কি বুজা? কল্যাণকামী ৰাষ্ট্ৰৰ মৌলিক বৈশিষ্ট্যসমূহ আলোচনা কৰা।
উত্তৰঃ কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণা অতি পুৰণি নহয়। উনৈশ
শতিকাৰ অন্তভাগত এই ধাৰণাই এটা কাৰ্যকৰী আৰু গুৰুত্বপূর্ণ অৱধাৰণা হিচাপে স্বীকৃতি
লাভ কৰে। পণ্ডিত লাস্কীয়ে পোন প্ৰথমবাৰৰ বাবে "Police ৰাষ্ট্ৰ"ৰ বিকল্প
হিচাপে "কল্যাণকামী ৰাষ্ট্ৰ"ৰ ধাৰণাক ব্যৱহাৰ কৰে। যদিও আধুনিক
কল্যাণকামী ধাৰণাৰ সূচনা ৰাণী প্ৰথম এলিজাবেথৰ শাসনকালত হয়, যেতিয়া তেওঁ গৰিব আৰু
নিৰাশ্ৰয় লোকৰ কল্যাণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল।
সাধাৰণভাৱে, কল্যাণকামী ৰাষ্ট্ৰৰ অৰ্থ হ'ল—এনে এটা
শাসনতান্ত্ৰিক ব্যৱস্থা যি ৰাষ্ট্ৰই নিজৰ নাগৰিকসকলৰ মানসিক, সামাজিক আৰু
অৰ্থনৈতিক উন্নয়নৰ বাবে দায়িত্ব গ্ৰহণ কৰে আৰু তেওঁলোকক সুস্থ, সুৰক্ষিত আৰু
সমঅধিকাৰভিত্তিক জীৱনৰ সুযোগ প্ৰদান কৰে।
টি. ডব্লিউ. কেন্টৰ মতে— “A welfare state is a state that
provides for its citizens a wide range of social services.”
জি. ডি. এইচ. কোলৰ মতে— “The welfare state is a society in
which an assured minimum standard of living and opportunity become the
possession of every citizen.”
অধ্যাপক এচ. ঘোষৰ মতে— "Economic justice, security
against unemployment and old age, and freedom for the individual are the three
pillars of the welfare state." (অর্থনৈতিক ন্যায়, নিবনুৱা আৰু বৃদ্ধ অৱস্থাৰ
বিৰুদ্ধে সুৰক্ষা আৰু ব্যক্তিগত স্বাধীনতা—এই তিনিটা হৈছে কল্যাণকামী ৰাষ্ট্ৰৰ মূল
স্তম্ভ।)
কল্যাণকামী ৰাষ্ট্ৰে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ
কল্যাণ নিশ্চিত কৰাৰ লগতে, সামাজিক ন্যায়, সাম্যতা, জীৱন আৰু সম্পত্তিৰ
সুৰক্ষা, শিক্ষা আৰু নিয়োগৰ ক্ষেত্ৰত সমাধিকাৰ প্ৰদান আৰু সেই উদ্দেশ্যে আইন প্ৰণয়ন আৰু
প্ৰয়োগৰ জৰিয়তে শাসন ব্যৱস্থা শক্তিশালী কৰে।
কল্যাণকামী ৰাষ্ট্ৰৰ বৈশিষ্ট্য:
(ক) জনসাধাৰণৰ কল্যাণ সাধন: কল্যাণকামী ৰাষ্ট্ৰৰ মুখ্য লক্ষ্য হ'ল নাগৰিকসকলৰ
কল্যাণ। এই উদ্দেশ্যে ৰাষ্ট্ৰে বিভিন্ন ধৰণৰ উন্নয়নমূলক আঁচনি আৰু পৰিকল্পনা গ্ৰহণ
কৰে।
(খ) বিস্তৃত কৰ্মপৰিসৰ: এনে ৰাষ্ট্ৰৰ কাৰ্য্য পৰিধি সীমাবদ্ধ নহয়। ই
নাগৰিকসকলৰ সামগ্ৰিক উন্নয়ন নিশ্চিত কৰিবলৈ আৰ্থ-সামাজিক দিশসমূহ সামৰি লয়।
(গ) সামাজিক ন্যায় আৰু সাম্য: ই সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে সমাধিকাৰ
নিশ্চিত কৰে, যেন সকলোৰে জীৱনত ন্যূনতম মান বজাই থাকে।
(ঘ) ব্যক্তিবাদ আৰু সমাজবাদৰ সমন্বয়: কল্যাণকামী ৰাষ্ট্ৰত
ব্যক্তিগত উদ্যোগৰ সৈতে চৰকাৰী নিয়ন্ত্ৰণৰ সমন্বয় থাকে, যাৰ দ্বাৰা সমাজত ধন-সম্পদৰ
সমবিতৰণ নিশ্চিত কৰা হয়।
(ঙ) গণতান্ত্ৰিক ভিত্তি: কল্যাণকামী ৰাষ্ট্ৰবোৰ সাধাৰণতে গণতান্ত্ৰিক
আদৰ্শত প্ৰতিষ্ঠিত হয়। জনসাধাৰণৰ ৰায়ৰ ওপৰত ভিত্তি কৰি শাসন ব্যৱস্থা চলাই,
যাৰ দ্বাৰা
নাগৰিকসকলৰ অধিকার আৰু কল্যাণ সংৰক্ষিত হয়।
৭। 'ভাৰত এখন কল্যাণকামী ৰাষ্ট্ৰ'- ব্যাখ্যা কৰা।
উত্তৰঃ ভাৰতবৰ্ষত কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণা সম্পূৰ্ণ
নতুন নহয়। পুৰণি যুগৰ ৰজা-মহাৰাজাসকলেও জনসাধাৰণৰ কল্যাণৰ ক্ষেত্ৰত বিভিন্ন
ব্যৱস্থা গ্ৰহণ কৰিছিল। যদিও এনে পদক্ষেপ বিক্ষিপ্ত আৰু সীমিত আছিল, স্বাধীনতা লাভৰ
পাছতহে ভাৰতবৰ্ষই নিজকে এখন সংগঠিত আৰু উদ্দেশ্যমূলক কল্যাণকামী ৰাষ্ট্ৰ হিচাপে
গঢ়ি তোলে।
ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ কৰা
"সাম্য", "ন্যায়" আৰু "স্বাধীনতা"ৰ
আদৰ্শবোৰেই কল্যাণকামী ৰাষ্ট্ৰৰ ভিত্তি গঢ়ে। সংবিধানৰ নিৰ্দেশাত্মক নীতিসমূহ (Directive
Principles of State Policy)-ও এই উদ্দেশ্যত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
ভাৰতৰ কল্যাণকামী ৰাষ্ট্ৰ হিচাপে বৈশিষ্ট্যসমূহ:
১. সামাজিক ন্যায় আৰু সমতা: সংবিধানই সকলো নাগৰিকৰ মাজত সমতা আৰু ন্যায়
নিশ্চিত কৰাৰ লক্ষ্য লৈছে। জাতি, ধৰ্ম, লিংগ আদিৰ ভিত্তিত বৈষম্য নিষিদ্ধ।
২. ধৰ্মনিৰপেক্ষতা: ভাৰতৰ ৰাজনৈতিক ব্যৱস্থা ধৰ্মনিরপেক্ষ। ই সকলো
ধৰ্মৰ প্ৰতি সমান আচৰণ কৰে, যি কল্যাণকামী ৰাষ্ট্ৰৰ এক মৌলিক বৈশিষ্ট্য।
৩. গণতান্ত্ৰিক ব্যৱস্থা: ভাৰতৰ শাসনতন্ত্ৰ গণতান্ত্ৰিক আৰু জনআধাৰিত।
জনগণৰ মতাধিকাৰ, ভোটাধিকাৰ আৰু স্বাধীনতা সুনিশ্চিত কৰা হৈছে।
৪. শিক্ষা আৰু স্বাস্থ্য: সকলো শিশুক বাধ্যতামূলক প্ৰাথমিক শিক্ষা প্ৰদানৰ
ব্যৱস্থা কৰা হৈছে। লগতে স্বাস্থ্য সেৱা, পুষ্টি, পৰিছন্নতা আদিৰ ক্ষেত্ৰতো চৰকাৰে বহু আঁচনি
ৰূপায়ণ কৰিছে।
৫. সামাজিক নিৰাপত্তা: বৃদ্ধ ভাতা, নিবনুৱা ভাতা, খাদ্য নিৰাপত্তা
আঁচনি আদি সামাজিক সুৰক্ষা প্ৰদান কৰাৰ বাবে চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।
৬. আৰ্থ-সামাজিক বিকাশৰ লক্ষ্য: পৰিকল্পিত অৰ্থনীতি আৰু মিশ্ৰ অর্থব্যৱস্থাৰ
জৰিয়তে ৰাজহ-নিয়ন্ত্ৰণ আৰু ব্যক্তিগত খণ্ডৰ সমন্বয় ঘটাই দেশৰ সামগ্ৰিক উন্নয়ন
সুনিশ্চিত কৰাৰ চেষ্টা কৰা হৈছে।
৭. আইনি সংস্কাৰ: বিভিন্ন সমাজ সংস্কাৰমূলক আইন গৃহীত হৈছে,
যেনে—
- জাতি নিযোগ্যতা অধিনিয়ম, ১৮৫০
- হিন্দু বিধৱা পুনৰ বিবাহ আইন, ১৮৫৬
- হিন্দু সম্পত্তি উত্তৰাধিকাৰ আইন, ১৯২৯
- বাল্য বিবাহ প্ৰতিৰোধ আইন, ১৯২৯
- হিন্দু মহিলাৰ সম্পত্তি উত্তৰাধিকাৰ আইন, ১৯৩৭
৮. সামাজিক কল্যাণ আঁচনি: দৰিদ্ৰতা দূৰীকৰণ, শিক্ষা, স্বাস্থ্য, যাতায়ত, খাদ্য সুৰক্ষা,
গৃহ নিৰ্মাণ,
পৰিৱেশ সংৰক্ষণ,
মহিলা আৰু শিশুক
সুৰক্ষা দিয়া আদি বিভিন্ন আঁচনি গ্ৰহণ কৰা হৈছে।
ভাৰতবৰ্ষৰ সংবিধানিক আদৰ্শ, চৰকাৰী আঁচনি, আৰু সামাজিক-আৰ্থিক পৰিকাঠামোৰ বিকাশৰ পৰা স্পষ্ট হয় যে ভাৰত এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে গঢ় লৈ উঠিছে। জনসাধাৰণৰ বাবে সঠিক সেৱা আৰু সুযোগ সৃষ্টিৰ জৰিয়তে এই ধাৰণাক সাৰ্থক কৰাৰ প্ৰচেষ্টা অব্যাহত আছে।
৮। মিশ্র অর্থনীতি কি? ইয়াৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰঃ অর্থনৈতিক ব্যৱস্থাৰ তৃতীয় প্ৰকাৰৰ পদ্ধতি
হিচাপে মিশ্ৰ অর্থনীতি বিশেষভাৱে গুৰুত্বপূৰ্ণ। মিশ্ৰ অর্থনীতি হৈছে পুঁজিবাদী আৰু
সমাজবাদী অৰ্থনৈতিক পদ্ধতিসমূহৰ সমন্বয়। এই পদ্ধতি সম্পূৰ্ণৰূপে পুঁজিবাদী নহয় আৰু
একেবাৰে সমাজবাদীও নহয়। ইয়াত চৰকাৰী নিয়ন্ত্ৰণৰ লগতে ব্যক্তিগত উদ্যোগৰ ভূমিকা
থাকে। অৰ্থাৎ, মিশ্ৰ অর্থনীতি এনে এখন ব্যৱস্থা য’ত ৰাজহুৱা আৰু ব্যক্তিগত খণ্ড দুয়োটাই
কাণ্ডনিৰ্দেশক ভুমিকা পালন কৰে।
Samuelsomn-এ মিশ্ৰ অর্থনীতিৰ বিষয়ে কোৱা অনুসৰি: "Within the advanced countries themselves, the scene was drastically changed from the Victorian days of lessees fair Capitalism. Almost unconsciously, undiluted capitalism has been evolving into a mixed economy with both private and public initiative and control. The clock of history sometimes evolves so slowly that its moving hands are never seen to move."
এই উক্তিৰে বুজা যায় যে সময়ৰ লগে লগে বিশুদ্ধ
পুঁজিবাদৰ অৱসান ঘটিছে আৰু ই মিশ্ৰ অর্থনীতিত পৰিণত হৈছে।
মিশ্ৰ অর্থনীতিৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’লঃ
(ক) ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ সহযোগিতাঃ বৃহৎ উদ্যোগ বা পৰিকাঠামাগত
ক্ষেত্ৰসমূহ সাধাৰণতে চৰকাৰৰ অধীনত থাকে, আনহাতে ক্ষুদ্ৰ আৰু সাধাৰণ উদ্যোগবোৰ ব্যক্তিগত
খণ্ডে চলায়।
(খ) চৰকাৰী নিয়ন্ত্ৰণঃ চৰকাৰে শিল্প, বজাৰ আৰু দামেৰ ওপৰত নিয়ন্ত্ৰণ ৰাখে যাতে
অৰ্থনৈতিক স্থিৰতা বজাই ৰখা যায় আৰু সাধাৰণ জনতাৰ স্বাৰ্থ ৰক্ষা কৰা যায়।
(গ) ভোক্তাৰ স্বাধীনতাঃ ভোক্তাসকলে নিজৰ পছন্দমতে বস্তু কিনিবলৈ স্বাধীনতা পায়,
কিন্তু এই স্বাধীনতা
দৰ-নিয়ন্ত্ৰণ আৰু নীতিমূলক নিয়ন্ত্ৰণৰ ভিতৰত থাকে।
(ঘ) শ্রমিক সুৰক্ষা ও ন্যায়ঃ পুঁজিপতিসকলে যাতে শ্ৰমিকসকলক শোষণ নকৰে তাৰ বাবে
চৰকাৰে বিভিন্ন আইন প্ৰণয়ন কৰে, যেনে- ন্যূনতম দৰমহা আইন, কৰ্মঘণ্টাৰ নিয়ন্ত্ৰণ আদি।
(ঙ) আয় বৈষম্য হ্ৰাসঃ আয় আৰু সম্পত্তিত থকা বৈষম্য কমাবলৈ চৰকাৰে প্ৰগতিশীল কৰ
ব্যৱস্থা আৰু কল্যাণমুখী আঁচনি প্ৰৱৰ্তন কৰে।
(চ) পৰিকল্পিত উন্নয়নঃ ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ সমন্বয়ে উন্নয়ন
সাধনৰ উদ্দেশ্যে চৰকাৰে পঞ্চবার্ষিক পৰিকল্পনা আৰু নীতিমালা প্ৰস্তুত কৰে।
মিশ্ৰ অর্থনীতি হৈছে এনে এখন ব্যৱস্থা, যি একেটিয়াকৈ
অৰ্থনৈতিক বৃদ্ধিৰ গতি তীব্ৰ কৰাৰ লগতে সমাজিক ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো সহায়ক
হয়। ভাৰতবৰ্ষো মিশ্ৰ অর্থনৈতিক পদ্ধতি গ্ৰহণ কৰা দেশসমূহৰ অন্যতম।
৯। ভাৰতবৰ্ষৰ পৰিকল্পিত অর্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা (১৯৫১-১৯৯১) আৰু দ্বিতীয়ছোৱা (১৯৯১ৰ পৰা ২০১২ লৈ) ৰ মাজত থকা এটা মূল পার্থক্য ব্যাখ্যা কৰা।
উত্তৰঃ ছয় দশকৰো অধিক সময় জুৰি চলা ভাৰতৰ পৰিকল্পিত
অৰ্থনৈতিক উন্নয়নক দুটা পৰ্যায়ত বিভক্ত কৰিব পাৰি— (১) ১৯৫০-৫১ চনৰ পৰা ১৯৯০-৯১
চনলৈ আৰু (২) ১৯৯১-৯২ চনৰ পৰা ২০১২ চনলৈ। প্ৰথম পৰ্যায়ত, অৰ্থাৎ ১৯৫০-৫১ চনৰ পৰা
১৯৯০-৯১ চনৰ সময়ছোৱাত ভাৰতীয় অৰ্থনীতিৰ মূল আধাৰ আছিল ৰাজহুৱা খণ্ড। ব্যক্তিগত
খণ্ডৰ ভূমিকা গৌণ আছিল। এই সময়ছোৱাত গঢ়ি উঠা আৰ্থিক ব্যৱস্থা আছিল মিশ্ৰ
অৰ্থনীতি—য'ত চৰকাৰী তথা ব্যক্তিগত খণ্ড দুয়োটাৰ সহাৱস্থান থাকে।
পৰিকল্পনাৰ এই প্ৰাথমিক সময়ছোৱাত চৰকাৰে
সমাজবাদী অৰ্থনৈতিক লক্ষ্যৰ দিশে অগ্ৰসৰ হোৱাৰ লক্ষ্য ৰাখিছিল, যাৰ ফলত ৰাজহুৱা
খণ্ডে উন্নয়নৰ নেতৃত্ব ল'লে। এই সময়ছোৱাত ভাৰতীয় অৰ্থনীতিৰ মূল লক্ষ্য
আছিল—
(ক) উচ্চ অৰ্থনৈতিক উন্নয়নৰ হাৰ অর্জন কৰা,
(খ) আধুনিক বিজ্ঞান-প্ৰযুক্তিৰ ব্যৱহাৰ,
(গ) আত্মনিৰ্ভৰশীলতা আৰু
(ঘ) সামাজিক ন্যায়ৰ স্থাপন।
তথাপি, এই সময়ছোৱাত দুবাৰকৈ সংঘটিত হোৱা সীমান্ত যুদ্ধ
(১৯৬২ত চীন আৰু ১৯৬৫ত পাকিস্তানৰ সৈতে), খৰাং আৰু ৰাজনৈতিক অস্থিৰতাৰ বাবে উন্নয়নৰ হাৰ
আশানুৰূপ হ'ব পৰা নাছিল। এই সময়ছোৱাত গঢ় জাতীয় আয় বৃদ্ধিৰ হাৰ ৩.৫% আছিল। যদিও সেৱা খণ্ডৰ
অৱদান ১৯৫০-৫১ চনৰ ২৮%ৰ পৰা ১৯৯০-৯১ চনত ৪০.৫%লৈ বৃদ্ধি পায় আৰু কৃষিৰ ওপৰত
নিৰ্ভৰশীলতা হ্ৰাস পায় (৫৯%ৰ পৰা ৩৪.৯%লৈ)। ষাঠি দশকৰ মাজভাগত ভাৰতত আৰম্ভ হৈছিল
সেউজ বিপ্লব, যাৰ ফলত কৃষি উৎপাদন কিছু অঞ্চল (যেনে পঞ্জাব, হাৰিয়ানা) আৰু শস্য (যেনে
ধান, ঘেঁহু) সীমাবদ্ধ থাকিলেও উল্লেখযোগ্য বৃদ্ধি পায়।
দ্বিতীয় পৰ্যায়টো আৰম্ভ হয় ১৯৯১-৯২ চনৰ পৰা,
যাক ভাৰতীয়
অৰ্থনীতিৰ গাঁথনি পৰিৱর্তনৰ যুগ বুলি ক’ব পাৰি। এই সময়ছোৱাত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু
বিশ্বায়নৰ নীতি প্ৰচলিত হয়। ৰাজহুৱা খণ্ডৰ ভূমিকা হ্ৰাস পায় আৰু ব্যক্তিগত খণ্ড
অধিক সক্ৰিয় হয়।
এই পৰিৱর্তনৰ প্ৰধান তিনিটা কাৰণ আছিল—
(ক) চৰকাৰী আয়ৰ তুলনাত ব্যয়ৰ অধিক বৃদ্ধি, যাৰ ফলত বিত্তীয় ঘাটিৰ
বৃদ্ধি;
(খ) সীমিত উৎপাদনৰ বাবে মূল্যবৃদ্ধি (মুদ্রাস্ফীতি) আৰু সামাজিক বিভ্ৰাট;
(গ) বৈদেশিক বাণিজ্যত ঘাটিৰ বৃদ্ধি আৰু বিদেশৰ পৰা মূলধন আহৰণত অসুবিধা।
এই সময়ছোৱাত বহু চৰকাৰী উদ্যোগ লোকচানৰ সন্মুখীন
হৈছিল। ১৯৯০ চনৰ মাৰ্চ মাহলৈ ৫৮টা ৰাজহুৱা খণ্ডৰ উদ্যোগ ‘ৰুগ্ন’ হিচাপে ঘোষণা কৰা
হৈছিল। তাৰ উপৰিও মুদ্রাস্ফীতিৰ ফলত সমাজৰ দুৰ্বল শ্ৰেণী বেছি ক্ষতিগ্ৰস্ত হৈছিল।
বৈদেশিক বাণিজ্যত ঘাটিৰ লগতে বিদেশৰ পৰা পুঁজি অহা কমি গৈছিল আৰু পুঁজি বাহিৰলৈ
ওলাই গৈছিল। এই সংকটৰ সময়ত বিশ্ব বেংকৰ পৰামৰ্শ অনুসৰি তৎকালীন পি. ভি. নৰসিংহ ৰাও
চৰকাৰে উদাৰ নীতি গ্ৰহণ কৰে আৰু ১৯৯১ চনত নতুন অৰ্থনৈতিক নীতি (Economic
Reforms) ৰূপায়ণ কৰে।
এই নতুন নীতিয়ে ভাৰতীয় অৰ্থনীতিত এক বৈপ্লৱিক
পৰিৱর্তন আনিলে—বিশেষকৈ ব্যক্তিগত উদ্যোগ, বৈদেশিক বিনিয়োগ আৰু বিশ্ববাজারৰ সৈতে সংযোগৰ
ক্ষেত্ৰত।
১৯৫০-১৯৯০ সময়ছোৱাত ৰাজহুৱা খণ্ডত কেন্দ্ৰভূত
সমাজবাদী ধৰণৰ বিকাশ হ’ল আৰু ১৯৯১ৰ পিছত উদাৰীকৰণৰ জৰিয়তে ভাৰতৰ অৰ্থনীতি
বিশ্ববাজারলৈ মুকলি হ’ল।
১০। ভাৰতবৰ্ষত অর্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ তিনিটা মূল কাৰণ চমুকৈ ব্যাখ্যা
উত্তৰঃ অর্থনৈতিক সংস্কাৰৰ অংশ হিচাপে ভাৰত চৰকাৰে
যিবোৰ কাৰ্যসূচী গ্ৰহণ কৰিছে, সেইবোৰৰ কিছুমান সুফল অৱশ্যেই দেখা গৈছে।
প্ৰথমত, ভাৰতীয় অৰ্থনীতিৰ উন্নয়নৰ হাৰ আগৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে। বিশেষকৈ
২০০৫-০৬, ২০০৬-০৭ আৰু ২০০৭-০৮ চনত উন্নয়নৰ হাৰ যথাক্ৰমে ৯.৫%, ৯.৭% আৰু ৯.২% আছিল,
যি ১৯৫১ চনৰপৰা দেখা
পোৱা আটাইতকৈ বেছি উন্নয়নৰ হাৰ। তাৰ পিছত ২০০৯-১০ চনৰপৰা ২০১২-১৩ চনলৈ গড় বার্ষিক
উন্নয়নৰ হাৰ আছিল ৬.৭% আৰু ২০১৩-১৪ চনত এই হাৰ ৭.২% লৈ উঠিল।
দ্বিতীয়ত, পাইকাৰি মূল্য সূচক (WPI) আগৰ তুলনাত হ্ৰাস পাইছে। যদিও খুচুৰা মূল্য সূচক
(CPI) একে হাৰত হ্ৰাস পোৱা দেখা নাযায়, তথাপি সামগ্ৰিকভাৱে মূল্যবৃদ্ধি নিৰীক্ষণত আনে।
তৃতীয়ত, ৰিজাৰ্ভ বেংকত জমা থকা বৈদেশিক মুদ্ৰা সঞ্চয়ৰ পৰিমাণ বিস্তৰ বৃদ্ধি পাইছে।
১৯৯০-৯১ চনত য'ত এই সঞ্চয় মাথোঁ ১৫ দিনৰ আমদানিৰ বাবে যথেষ্ট আছিল, ২০১৫ চনৰ পৰিসংখ্যা অনুসৰি
সেইটো ৩২৮.৭ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে, যিয়ে প্ৰায় ৭ মাহৰ আমদানিৰ ব্যয় সামৰি ল’ব পৰা
ক্ষমতা ৰখে।
এই সকলোবোৰ উন্নয়নসকলে অর্থনৈতিক সংস্কাৰৰ ফলত সম্ভৱ হৈছে।
তথাপি, কিছুমান সমস্যাও দেখা দিছে—
প্ৰথম, সংস্কাৰৰ ফলত প্ৰতিযোগিতা যথেষ্ট বৃদ্ধি পাইছে। বজাৰত নতুন নতুন সামগ্ৰী আহিছে,
কিন্তু যদি
জনসাধাৰণৰ ক্রয়ক্ষমতা বৃদ্ধি নোপায়, তেনেহ’লে এই প্ৰতিযোগিতাৰ সুফল সকলোৱে উপভোগ
কৰিব নোৱাৰে।
দ্বিতীয়ত, ভোগবাদী মনোভাৱৰ বৃদ্ধি হোৱাৰ আশংকা দেখা গৈছে, যাৰ প্ৰভাৱ সমাজৰ নৈতিকতা
আৰু মূল্যবোধৰ ওপৰত পৰিব পাৰে।
তৃতীয়ত, গোলকীকৰণৰ প্ৰভাৱত জাতিগত, সাংস্কৃতিক আৰু সামাজিক পৰিচয়ৰ হ্ৰাস হোৱা
সম্ভাৱনাও আছে।
চতুৰ্থত, বজাৰকেন্দ্ৰিক অৰ্থনীতি দৰিদ্ৰ আৰু উপেক্ষিত শ্ৰেণীসমূহক আঁতৰাই থোৱাৰ
সম্ভাৱনা সৃষ্টি কৰে। সেয়েহে সু-শাসন ব্যৱস্থা বজাই ৰখা একান্ত প্ৰয়োজন।
ইতিমধ্যে চৰকাৰে আৰম্ভ কৰা বেংকত সহজতে হিসাব
খোলাৰ ব্যৱস্থাই বহু গৰিব ব্যক্তিক বেংক ব্যৱস্থাৰ অন্তৰ্গত কৰিছে। এই ব্যৱস্থাই
অৰ্থনৈতিক অন্তর্ভুক্তিকৰণ প্ৰক্ৰিয়াটো আগবঢ়াইছে, যাৰ জৰিয়তে উন্নয়নৰ সুফল
সকলো শ্ৰেণীৰ লোকলৈ পঠিয়াব পাৰি।
ভাৰতীয় অৰ্থনীতিৰ গঠনমূলক পৰিৱর্তন আৰু সামগ্ৰিক
উন্নয়নৰ ক্ষেত্ৰত এই সংস্কাৰ কাৰ্যসূচীৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে।
১১। দমনমূলক নীতি বা বাধ্যকাৰী দিশ (Coercive Dimenstions) কি? ভাৰত ৰাষ্ট্ৰৰ দমনমূলক নীতি বিষয়ে আলোচনা কৰা।
উত্তৰঃ দমনমূলক নীতিক শাস্তিমূলক ব্যৱস্থা বুলি ক’ব
পাৰি। ৰাষ্ট্ৰই নিজৰ ভিতৰত বসবাস কৰা ব্যক্তি, গোট বা জনসমষ্টিৰ ওপৰত
শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰি তেওঁলোকক নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে। অন্য কথাত,
ৰাষ্ট্ৰই জনসাধাৰণক
শাস্তিৰ ভয় দেখুৱাই আইন মানি চলিবলৈ বাধ্য কৰে। এই নীতিৰ অধীনত, ৰাষ্ট্ৰই বল প্ৰয়োগৰ
জৰিয়তে নাগৰিকক নিজৰ আদেশ মানিবলৈ বাধ্য কৰিব পাৰে। দমনমূলক নীতি বা বল প্ৰয়োগৰ
একমাত্র বৈধ অধিকার কেৱল ৰাষ্ট্ৰৰহে থাকে। মেক্স বেবাৰে এই সম্পৰ্কে কৈছিল,
“ৰাষ্ট্ৰৰ নাগৰিকৰ
ওপৰত শাৰীৰিক শক্তি প্ৰয়োগ কৰাৰ বৈধ অধিকাৰ কেৱল ৰাষ্ট্ৰৰ আছে।”
আধুনিক ৰাষ্ট্ৰসমূহ সাধাৰণতে আৰক্ষী, সেনাবাহিনী আৰু আন
আন চৰকাৰী সংস্থাৰ জৰিয়তে এই দমনমূলক নীতি ব্যৱহাৰ কৰে। কোনো ৰাষ্ট্ৰত যদি
সন্ত্রাসবাদী কাৰ্যকলাপ অধিক হয়, তেনেহ’লে সেই ৰাষ্ট্ৰত সেনাবাহিনী আৰু আৰক্ষীৰ
দ্বাৰা অধিক কঠোৰ দমনমূলক নীতি প্ৰয়োগ কৰা হয়। আনহাতে, যিসকল ৰাষ্ট্ৰত সন্ত্রাসবাদ
কম, তাত চৰকাৰে বেলেগ সংস্থাৰ জৰিয়তে এই নীতি প্ৰয়োগ কৰে। কিন্তু কোনো ৰাষ্ট্ৰত
কেৱল এবিধ সংস্থাৰ দ্বাৰা দমনমূলক নীতি চলোৱা হয়— এইটো সচৰাচৰ দেখা নাযায়।
ভাৰত এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ। ভাৰতৰ সংবিধান
অনুসৰি ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হয়। সেয়ে ভাৰতত
শাসনৰ বলপ্ৰয়োগমূলক উপায় প্ৰধান নহয়। সংবিধানৰ প্ৰস্তাৱনাত ভাতৃত্ব, শান্তি আৰু
আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। এইদৰে সংবিধানিকভাৱে ভাৰত
দমনমূলক নীতিৰ বিপৰীতে শান্তিপূর্ণ আৰু সুশাসনমূলক দিশলৈ আগবাঢ়ে।
ভাৰতৰ জাতিৰ পিতা মহাত্মা গান্ধীয়ে অহিংসা আৰু
শান্তিপূর্ণ উপায়ৰ জৰিয়তে শাসনৰ সমৰ্থন কৰিছিল। তেওঁৰ মতে, এগৰাকী শাসকজনলৈ আৰক্ষী বা
সেনাৰো প্ৰয়োজন নোহোৱাকৈ শাসন চলাব পৰা উচিত। সেয়ে তেওঁ দমনমূলক ৰাষ্ট্ৰৰ ওপৰত
আস্থা নাছিল। তেওঁ শান্তি, ভাতৃত্ব আৰু সহমৰ্মিতাকেই
শাসনৰ মূল আধাৰ হিচাপে বিবেচনা কৰিছিল।
ভাৰত ১৯৪৭ চনত ইংৰাজৰ পৰা স্বাধীনতা লাভ কৰে আৰু
১৯৫০ চনত সংবিধান কার্যকর হয়। যদিও সংবিধান গণতান্ত্ৰিক আৰু গান্ধীৰ আদৰ্শত আধাৰিত,
তথাপিও সময়-সময়ত
ভাৰত চৰকাৰে আভ্যন্তৰীণ সংকট বা সন্ত্রাসবাদী কাৰ্যকলাপ দমন কৰাৰ নামত কিছু
দমনমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ অন্তৰ্গত হ’ল— সেনা মোতায়েন, বিশেষ শক্তি আইন
(যেনে AFSPA), আৰু নিৰাপত্তা সংক্রান্ত কিছুমান কঠোৰ বিধান।
ইংৰাজে থৈ যোৱা শাসন ব্যৱস্থাৰ বহু উপাদান
স্বাধীনোত্তৰ ভাৰততো অব্যাহত থাকে। আনহাতে, ভাৰতৰ চৰমপন্থী ৰাজনীতিবিদ
আৰু পশ্চিমীয়া শক্তিকেন্দ্ৰিক ৰাষ্ট্ৰীয় কাঠামোৱেও দমনমূলক নীতিক সক্ৰিয়ভাৱে
উৎসাহিত কৰিছিল।
সংক্ষেপত, যদিও ভাৰত গণতান্ত্ৰিক
গণৰাজ্য হিচাপে স্বীকৃত, তথাপিও সময়বিশেষত দমনমূলক নীতি গ্ৰহণ কৰি চৰকাৰে
ৰাষ্ট্ৰীয় একতা আৰু স্থিৰতা ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে। গান্ধীজীৰ অহিংসা আৰু
শান্তিৰ নীতিৰ ওপৰত আধাৰিত ভাৰতীয় গণতন্ত্ৰৰ মূলভাৱ বিদ্যমান থাকিলেও, বর্তমান সময়ত
বাস্তৱবাদী দিশৰ প্ৰভাৱত চৰকাৰে দমনমূলক ব্যৱস্থাও গ্ৰহণ কৰি আহিছে।
১২। ভাৰত ৰাষ্ট্ৰই দমনমূলক নীতি বা বাধ্যকাৰী দিশ (Coercive Dimenstions) কিয় গ্রহণ কৰিছিল আলোচনা কৰা।
উত্তৰঃ ভাৰতৰ দমনমূলক নীতিক মূলত দুটা পৰ্যায়ত বিভক্ত
কৰি অধ্যয়ন কৰা যায় — (১) ঔপনিবেশিক শাসনকালৰ দমননীতি আৰু (২) স্বাধীন ভাৰতৰ
দমনমূলক পদক্ষেপ। যদিও এই দুয়ো সময়ৰ দমননীতি ভিন্ন পৰিপ্ৰেক্ষিতত গঠিত, তথাপি দুয়োটাৰ মাজত
এক আন্তঃসম্পর্ক বিদ্যমান। ইংৰাজ শাসনৰ সময়ত ভাৰতত যি দমনমূলক ব্যৱস্থা প্ৰচলিত
আছিল, স্বাধীনতাৰ পাছতো সেই ব্যৱস্থাৰ অনেকাংশ ভাৰত চৰকাৰে অব্যাহত ৰাখিছে।
ভাৰত অতীতৰ পৰাই এক বৈচিত্র্যপূর্ণ ৰাষ্ট্ৰ।
ইয়াত বিভিন্ন ধৰ্ম, জাতি আৰু ভাষাৰ লোক যুগযুগ ধৰি সহঅবস্থানে বাস কৰিছে। মোগল শাসনকালত এই
বৈচিত্র্য ৰক্ষা কৰিবলৈ কিছু পদক্ষেপ গ্ৰহণ কৰা হৈছিল। পিছত ইংৰাজে ভাৰতত
শাসনক্ষমতা লাভ কৰাৰ পাছত এক দমনমূলক শাসনব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। আইন-শৃংখলা
ৰক্ষাৰ নামত ইংৰাজে আৰক্ষী ব্যৱস্থা গঢ়ি তোলে আৰু স্বাধীনতা আন্দোলনৰ বিৰোধিতা
কৰিবলৈ ইয়াৰ অপব্যৱহাৰ কৰে। বিশেষকৈ ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পাছত “ইম্পেৰিয়েল
পুলিচ” নামৰ এক শক্তিশালী দমনকাৰী বাহিনী গঠন কৰা হয়, য’ত চিপাহীসকল ভাৰতীয় আৰু
বিষয়াসকল ইংৰাজ আছিল।
১৯৪৭ চনত ভাৰত স্বাধীন হোৱাৰ পাছত আশা কৰা হৈছিল
যে এই দমনমূলক ব্যৱস্থা সমূলি উচ্ছেদ হ’ব; কিন্তু বাস্তৱতে তেনে নহ’ল। স্বাধীন ভাৰতৰ
চৰকাৰে ইংৰাজৰ দমনমূলক নীতিক বহাল ৰাখিলে। কিয়? এই প্ৰশ্নৰ উত্তৰ ভাৰতৰ
ৰাজনৈতিক প্ৰকৃতি আৰু স্বাধীনতাৰ পাছত উদ্ভৱ হোৱা পৰিস্থিতিৰ ভিতৰত বিচাৰি পোৱা
যায়।
স্বাধীনতাৰ পাছত ভাৰত চৰকাৰে দমনমূলক নীতি অব্যাহত ৰাখাৰ তিনিটা মুখ্য কাৰণ
আছিল —
(১) ভাৰতৰ বিভাজন: ১৯৪৭ চনৰ বিভাজনৰ ফলত ভাৰত আৰু পাকিস্তান সৃষ্টি
হয়। বহু মানুহে নিজৰ বসতিভূমি এৰি দুয়োখন দেশৰ মাজত স্থানান্তৰ ঘটায়। এই প্ৰবজনৰ
ফলত হিংসা, উগ্ৰতা আৰু আইন-শৃংখলাৰ অৱনতি হয়। এনে অৱস্থাত শৃংখলা বজাই ৰাখিবলৈ শক্তিশালী
দমনমূলক ব্যৱস্থাৰ প্ৰয়োজন হৈছিল, যি ইংৰাজ চৰকাৰে প্ৰৱৰ্তন কৰি গৈছিল। সেয়ে
স্বাধীন ভাৰত চৰকাৰে সেই দমনমূলক পুলিচ-ব্যৱস্থা অব্যাহত ৰাখিলে।
(২) জনসাধাৰণৰ উচ্চাকাংক্ষা আৰু প্ৰতিবাদ: স্বাধীনতাৰ লগে লগে জনগণে
আশা কৰিছিল দৰিদ্ৰতা, বৈষম্য, বেকাৰত্ব, জাতি-বর্ণভিত্তিক বিভেদ আদিৰ অন্ত পৰিব। কিন্তু স্বাধীনতাৰ প্ৰথম দুই দশকত এই
সমস্যাবোৰৰ সমাধান নহ’ল। ফলস্বৰূপে অসন্তোষ বৃদ্ধি পায় আৰু বিভিন্ন প্ৰান্তত
চৰকাৰ-বিৰোধী আন্দোলন আৰম্ভ হয়। এনে আন্দোলন দমন কৰিবলৈ চৰকাৰে দমনমূলক নীতি গ্ৰহণ
কৰে — যি পদ্ধতি ইংৰাজেও ব্যৱহাৰ কৰিছিল।
(৩) সশস্ত্ৰ আন্দোলনৰ বৃদ্ধি: স্বাধীনতাৰ পিছত উত্তৰ-পূব ভাৰতত
বিচ্ছিন্নতাবাদী গোটসমূহ আৰু দেশৰ বিভিন্ন অংশত মাওবাদী-নক্সালবাদী আন্দোলন উদ্ভৱ
হয়। এই আন্দোলনবোৰ চূড়ান্ত হিংসাত্মক আৰু সশস্ত্ৰ ৰূপত পৰিগণিত হয়। এই হিংসাত্মক
কাৰ্যকলাপ দমন কৰিবলৈ চৰকাৰৰ পৰা এক শক্তিশালী দমনমূলক ৰাজনৈতিক তথা আৰক্ষী
ব্যৱস্থাৰ প্ৰয়োজন আছিল। ফলত, স্বাধীন ভাৰত চৰকাৰে ইংৰাজৰ দমনমূলক ৰাজনীতি
অনুসৰণ কৰিবলৈ বাধ্য হয়।
এই পৰিস্থিতিত লেখক অৰবিন্দ বৰ্মাই মন্তব্য
কৰিছে — স্বাধীনতা লাভৰ পাছতো কোনো চৰকাৰে ইংৰাজৰ দমনমূলক পুলিচ-ব্যৱস্থাক
গণতান্ত্রিক, সহযোগিতামূলক শৃংখলা ৰক্ষক ব্যৱস্থালৈ পৰিণত কৰিবলৈ গম্ভীৰভাৱে চেষ্টা কৰা
নাই। ইংৰাজে সৃষ্টি কৰা দমনমূলক ব্যৱস্থা আৰু ব্যৱহাৰিক নীতি বহাল ৰখা হৈছে।
আধুনিক ভাৰতত দমনমূলক ব্যৱস্থাৰ মূল অস্ত্ৰ হ'ল — আৰক্ষী শক্তি। ভাৰতীয় আৰক্ষীক এনে
কিছু ক্ষমতা দিয়া হৈছে, যাৰ জৰিয়তে চৰকাৰে বিভিন্ন ধৰণৰ আন্দোলন বা হিংসা দমন কৰিবলৈ সক্ষম হয়। এই
ব্যৱস্থা গণতান্ত্ৰিক ৰাষ্ট্ৰৰ ৰূপত ভাৰতৰ প্ৰসংগত সন্দেহজনক হ’ব পাৰে, তথাপিও চৰকাৰৰ মতে,
আইন-শৃংখলা ৰক্ষা
তথা ৰাষ্ট্ৰীয় একতাৰ বাবে এই ব্যৱস্থা এক “অৱশ্যকীয় অংগ” হিচাপে বিবেচিত হৈছে।
১৩। ভাৰত ৰাষ্ট্ৰই গ্ৰহণ কৰা দমনমূলক নীতি বা বাধ্যকাৰী দিশ (Coercive Dimenstions) উৎসসমূহ কি কি? ভাৰতবৰ্ষত বাধ্যকাৰী ক্ষমতা প্রয়োগ সম্বন্ধে আলোচনা কৰা।
উত্তৰঃ ভাৰতবৰ্ষে স্বাধীনতা লাভ কৰাৰ পিছত সংবিধান
প্ৰণেতাসকলে যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ আৰ্হি গ্ৰহণ কৰে, কিন্তু ইয়াত শক্তিশালী
কেন্দ্ৰীয় চৰকাৰ গঠন কৰা হয়। এই সিদ্ধান্ত সেই সময়ৰ ঐতিহাসিক পৰিস্থিতিৰ ফল। দেশ
বিভাজনৰ সময়ত বিভিন্ন দেশীয় ৰজাই ভাৰত, পাকিস্তান বা স্বতন্ত্ৰতা গ্ৰহণ কৰাৰ স্বাধীনতা
পাইছিল। ফলত, মণিপুৰ, কাশ্মীৰ, হাইদৰাবাদ আদিৰ দৰে অঞ্চলত অনিশ্চয়তা আৰু অস্থিৰতা সৃষ্টি হয়। এই বিভ্রান্তিকৰ
পৰিস্থিতি সামাল দিয়াৰ বাবে এক দৃঢ় আৰু শক্তিশালী কেন্দ্ৰীয় চৰকাৰৰ প্ৰয়োজন হৈছিল।
যুক্তৰাষ্ট্ৰীয় গাঁথনিত কেন্দ্ৰীয় চৰকাৰৰ শক্তি
অধিক হোৱাটো দেশৰ ঐক্য, সংহতি আৰু অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত সহায়ক হ’ব বুলি বিবেচনা কৰা হৈছিল। এই দিশত
আমেৰিকা যুক্তৰাষ্ট্ৰৰ অভিজ্ঞতাও উদাহৰণ হিচাপে উল্লেখযোগ্য — ১৭৮৯ চনত সংবিধান
গ্ৰহণ কৰাৰ পিছতো আমেৰিকাৰ কেন্দ্ৰীয় চৰকাৰ দিনে দিনে অধিক শক্তিশালী হৈ উঠিছে।
সেইদৰে ভাৰততো কেন্দ্ৰীয় একতাৰ প্ৰয়োজনত কেন্দ্ৰীয় চৰকাৰে অধিক কাৰ্যক্ষমতা লাভ
কৰে।
স্বাধীনতাৰ পাছত ভাৰতীয় ৰাজ্যত শৰণাৰ্থীৰ সমস্যা,
পাকিস্তানৰ সৈতে
যুদ্ধ, চীনৰ আগ্ৰাসন, খৰাং, দুর্ভিক্ষ, আৰু ৰাজনৈতিক অস্থিৰতাসহ বহুতো সমস্যাৰ সন্মুখীন হ’বলগা হয়। এই সকলো সমস্যা
সমাধানৰ বাবে জনসাধাৰণেও অধিক বিশ্বাস আৰু ভৰসা কেন্দ্ৰীয় চৰকাৰৰ ওপৰত ৰাখিবলৈ
বাধ্য হয়।
ভাৰত চৰকাৰে ব্যৱহাৰ কৰা বাধ্যকাৰী ক্ষমতা মূলত তিনিটা উৎসৰ পৰা আহে —
(১) আইনগত সংস্থাসমূহ: গণতান্ত্ৰিক শাসনত বাধ্যকাৰী ক্ষমতা আইনী গঠন
আৰু সংস্থাৰ ওপৰত নিৰ্ভৰ কৰে। আৰক্ষী, সেনাবাহিনী, আৰু অন্যান্য আইন
প্ৰয়োগকাৰী সংস্থাসকলে দেশৰ আইন শৃংখলা, নিৰাপত্তা আৰু সংহতি ৰক্ষাৰ দায়িত্ব পালন কৰে।
আইনসমূহ যেনে:
- TADA
(সন্ত্রাসবাদী আৰু অসাংবিধানিক কার্যকলাপ ৰোধ আইন)
- POTA
(সন্ত্রাসবাদ প্ৰতিবিধান আইন)
- AFSPA
(সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন)
- DAA
(অশান্ত অঞ্চল আইন)
- MISA (আভ্যন্তৰীণ নিৰাপত্তা আইন)এই আইনসমূহ ৰাষ্ট্ৰবিৰোধী বা সমাজবিরোধী কাৰ্যকলাপ দমন কৰিবলৈ প্ৰয়োগ হয়।
(২) কাৰ্যপালিকা: প্ৰধানমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰীসভাই
ৰাষ্ট্ৰপতিয়ে অৰ্হিত ক্ষমতাৰ জৰিয়তে দেশ চলায়। সঙ্কটকালত, কাৰ্যপালিকাই সেনা মোতায়েন,
বিধি-নিষেধ জাৰি,
আইন প্ৰস্তুতকৰণ
আদিৰ জৰিয়তে বাধ্যকাৰী ক্ষমতা প্রয়োগ কৰে।
(৩) বিধানমণ্ডল: সংসদই আইন প্ৰস্তুতকৰণৰ মাধ্যমে বাধ্যকাৰী
ক্ষমতা প্ৰদান কৰে। সংসদীয় পৰ্যবেক্ষণ ব্যৱস্থাই কাৰ্যপালিকাৰ ওপৰত নিয়ন্ত্ৰণ ৰখে
আৰু ক্ষমতাৰ অপব্যৱহাৰ ৰোধ কৰে।
ভাৰতত বাধ্যকাৰী ক্ষমতাৰ প্ৰয়োগ:
(১) আইন-শৃংখলা ৰক্ষা: আইনৰ শাসন আৰু গণতান্ত্ৰিক ব্যৱস্থা সুস্থভাবে
চলাই ৰাখিবলৈ বাধ্যকাৰী ক্ষমতা প্ৰয়োগ হয়। বিচ্ছিন্নতাবাদ, সশস্ত্ৰ আন্দোলন, সাম্প্ৰদায়িক সংঘাত
ইত্যাদি ৰোধ কৰিবলৈ চৰকাৰে পুলিচ বা সেনা মোতায়েন কৰে।
উদাহৰণস্বৰূপে —
- ২০১৯ চনৰ CAA আইন বলবৎ কৰাৰ সময়ত
- জম্মু-কাশ্মীৰৰ ৩৭০ ধাৰা বাতিলৰ পাছত
- মণিপুৰত কুকি-মেইটে সংঘৰ্ষৰ সময়ত AFSPA প্ৰয়োগ
(২) জাতীয় নিৰাপত্তা সুনিশ্চিত কৰা: চীন, পাকিস্তানৰ সৈতে সীমান্ত
সমস্যা, আৰু অবৈধ অনুপ্ৰৱেশ তথা সন্ত্রাসবাদী তৎপৰতা ৰোধ কৰিবলৈ চৰকাৰে সেনাৰ লগতে
বিধিসমূহ প্ৰয়োগ কৰে।
AFSPA, MISA, POTA, TADA আদি আইনৰ জৰিয়তে সামরিক
বাহিনীক বিশেষ ক্ষমতা প্ৰদান কৰা হয়। অৱশ্যে, এই আইনে নাগৰিক অধিকাৰৰ
ওপৰত প্ৰভাৱ পেলালেও বহু ক্ষেত্ৰত আদালতৰ সহায় নাপোৱা হয়। জৰুৰী অৱস্থাৰ সময়ত
(যেনে ১৯৭৫-৭৭) এই ধৰণৰ আইন অধিক কঠোৰ ৰূপত কাৰ্যকৰী হৈছিল।
(৩) জনজাতিৰ সুৰক্ষা: জনজাতিসকল নিজৰ ভূমি, পৰম্পৰা, আৰু সাংস্কৃতিক
পৰিচয় ৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন সময়ত সমস্যাৰ সন্মুখীন হৈছে।
- ত্ৰিপুৰা, অসমত অবৈধ বাংলাদেশী প্ৰৱজনৰ ফলত ভূমিপুত্ৰসকল
সংখ্যালঘুত পৰিণত হৈছে।
- নদীবান্ধ প্ৰকল্প আদিৰ ফলত জনজাতিসকল উচ্ছেদ হ’বলগা হৈছে।
- সেইবাবে সংবিধানৰ ৬ষ্ঠ অনুসূচী (ধারা ২৪৪(২) আৰু ২৭৫(১)) অনুসৰি
স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হৈছে।
উদাহৰণ:
- কাৰ্বিআংলং স্বায়ত্তশাসিত পৰিষদ
- ডিমা হাছাও পৰিষদ
- বড়োলেণ্ড, মেঘালয়, মিজোৰাম, ত্ৰিপুৰাৰ
স্বায়ত্তশাসিত পৰিষদসমূহ
এই অঞ্চলসমূহত অজনজাতিৰ ভূমি ক্ৰয়ত সীমাবদ্ধতা আৰোপ কৰা হৈছে।
জনজাতিসকলৰ অধিকাৰ সংৰক্ষণৰ অংশ হিচাপে ঝাৰখণ্ডক
বিহাৰৰ পৰা পৃথক কৰি ২০০০ চনৰ ১৫ নৱেম্বৰত ভাৰতৰ ২৮তম ৰাজ্য হিচাপে স্বীকৃতি দিয়া
হয়।
ভাৰতীয় সংবিধানত যুক্তৰাষ্ট্ৰীয় চৰকাৰ গঠন কৰা
হলেও, সময়ৰ পৰিপ্ৰেক্ষিতত এক কেন্দ্ৰভাৰতীয় প্রবণতা বিকাশ পাইছে। আইন-শৃংখলা,
জাতীয় নিৰাপত্তা আৰু
জনজাতিৰ অধিকাৰ ৰক্ষা কৰাটো চৰকাৰৰ মূল দায়িত্ব। সেই উদ্দেশ্যে বাধ্যকাৰী ক্ষমতাৰ
ব্যৱহাৰ গণতান্ত্ৰিক নিয়ন্ত্ৰণৰ সীমাৰ ভিতৰত কৰি চৰকাৰে ৰাষ্ট্ৰীয় একতা আৰু
স্থায়িত্ব বজাই ৰখাৰ চেষ্টা কৰি আহিছে।
১৪। ইতিবাচক পদক্ষেপ নীতি (Affirmative Action Policies) কি? ভাৰতবৰ্ষৰ ইতিবাচক পদক্ষেপ নীতিসম্বন্ধে আলোচনা কৰা।
উত্তৰঃ পৰম্পৰাগতভাৱে বঞ্চিত, শোষিত আৰু উপেক্ষিত হৈ অহা
সমাজৰ গোটসমূহৰ সামগ্ৰিক উন্নয়নৰ উদ্দেশ্যে গ্ৰহণ কৰা বিশেষ ব্যৱস্থাসমূহক ইতিবাচক পদক্ষেপ
নীতি (Affirmative Action Policy) বুলি কোৱা হয়। প্ৰতিটো সমাজত কিছুমান গোট বা
শ্রেণী থাকে যি যুগে যুগে শোষণ আৰু অবহেলাৰ শিকাৰ হৈ আহিছে। গণতান্ত্ৰিক রাষ্ট্রৰ
এটা মুখ্য দায়িত্ব হ'ল এনে লোকসকলক সমাজৰ মূল সঁজুলিৰ সৈতে সংযুক্ত কৰি সমপৰ্যায়লৈ আনিবলৈ
সাংবিধানিক আৰু ৰাজনৈতিকভাৱে সুৰক্ষা আৰু সুবিধা প্রদান কৰা। অঞ্চলভেদে বা দেশভেদে
এই নীতিসমূহৰ ধৰণ বা প্ৰয়োগৰ ক্ষেত্ৰত পাৰ্থক্য দেখা যায়। তথাপিও বৰ্তমান বিশ্বত
অধিকাংশ দেশেই কিছুমান কল্যাণকামী নীতি গ্ৰহণ কৰি সামাজিক সমতা
ৰক্ষা কৰিবলৈ যত্ন কৰে।
ভাৰতৰ পৰিপ্ৰেক্ষিতত, ভৌগোলিক, সাংস্কৃতিক আৰু
আৰ্থ-সামাজিক বৈচিত্র্যই উন্নয়ন পথত বহু সমস্যাৰ সৃষ্টি কৰিছে। বিশেষকৈ ভাৰতীয়
সমাজত যুগধৰি চলি অহা জাতিগত বিভাজন, জাতি প্ৰথা, লিংগ বৈষম্য, ধৰ্মীয় কুসংস্কাৰ
আদি নানা সমস্যাই কিছু জনগোষ্ঠীক গভীৰভাবে পিছু টানি ৰাখিছে।
ভাৰতীয় সমাজব্যৱস্থা বৰ্ণ প্ৰথাৰ ওপৰত আধাৰিত।
ইয়াত “শূদ্ৰ” বা “দলিত” গোটটো বিৰাট সময়জুৰি শোষণ আৰু উপেক্ষাৰ শিকাৰ হৈ আহিছে।
লগতে বহু উপজাতি আৰু সংখ্যালঘু গোটো শিক্ষা, অৰ্থনীতি আৰু সমাজৰ মূল
সঁজুলিৰ পৰা বহু দূৰত্বত আছিল। আনহাতে, পুৰুষ-প্ৰধান সমাজব্যৱস্থাই মহিলাসকলকো উন্নয়ন
পথৰ পৰা বহু সময় বিচ্ছিন্ন কৰি ৰাখিছে। বিশেষকৈ লিংগৰ আধাৰত কন্যাসন্তানৰ গৰ্ভপাত, ‘সন্মানজনক হত্যা’ (Honour
Killing) আদিয়ে এনে বৈষম্যক ভয়ংকৰ ৰূপ দিছে।
এই পৰিপ্ৰেক্ষিতত, স্বাধীনতাৰ পিছতেই ভাৰত
চৰকাৰে সমাজৰ পিছপৰা, শোষিত, উপেক্ষিত আৰু বঞ্চিত গোটসমূহৰ উন্নয়নৰ উদ্দেশ্যে ইতিবাচক পদক্ষেপ নীতি গ্ৰহণ কৰে, যি সংবিধানৰ দ্বাৰাও
মান্যতা লাভ কৰিছে।
ইতিবাচক পদক্ষেপ নীতিৰ প্ৰকাৰ
ভাৰতীয় সংবিধানত এই নীতিসমূহ মূলত তিনিখন ভাগত বিভক্ত:
(১) সংৰক্ষণৰ ব্যৱস্থা:
- লোকসভাত (অনুচ্ছেদ ৩৩০) আৰু ৰাজ্য
বিধানসভাত (অনুচ্ছেদ ৩৩২) অনুসূচিত জাতি
(SC) আৰু অনুসূচিত জনজাতি (ST) ৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা।
- চৰকাৰী চাকৰি, শিক্ষানুষ্ঠান, ভূমি, গৃহ, আৰু আন কল্যাণমূলক আঁচনিতো সংৰক্ষণ নীতিসমূহ প্ৰযোজ্য।
(২) লক্ষ্যভিত্তিক কল্যাণমূলক আঁচনি:
- SC/ST,
মহিলা, সংখ্যালঘু আদিৰ বাবে বৃত্তি, অনুদান, আৰ্থিক সহায়, চিকিৎসা সুবিধা, আইনি সহায় আদি।
- উদ্দেশ্য হ'ল সমাজত ক্ষমতা সৃষ্টিৰে দুর্বল শ্ৰেণীসমূহক সাবলম্বী
কৰা।
(৩) সুৰক্ষা আইন আৰু ব্যৱস্থা:
- শ্ৰমিক, মহিলা আৰু শিশুসকলক শোষণৰ পৰা ৰক্ষা কৰিবলৈ শ্ৰমিক আইন, শিশু আইন, মহিলা সুৰক্ষা আইন আদি প্ৰণয়ন কৰা হৈছে।
- বহুসময়ত এই নীতিসমূহ ৰাজনৈতিক উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰা হয়
বুলি সমালোচকসকলে কয়।
- ১৯৫১ চনত গ্ৰহণ কৰা সংৰক্ষণ ব্যৱস্থাৰ সময়সীমা ১০ বছৰৰ বাবে আছিল যদিও
আজিও ই বলবৎ আছে।
- নতুন নতুন গোটক সংৰক্ষণৰ আওতালৈ আনিবলৈ ৰাজ্যভেদে দাবী উঠিছে।
- সাধাৰণ (উচ্চবৰ্ণ) গোটৰ অর্থনৈতিকভাবে পিছপৰা লোকসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা নাথাকিলেও, ২০১৪ৰ পাছত
নৰেন্দ্ৰ মোদীৰ চৰকাৰে এই গোটৰ বাবে ৫% সংৰক্ষণ প্ৰদান কৰিছে।
সাম্প্ৰতিক পদক্ষেপ – E-Governance:
বৰ্তমান সময়ত ই-গভৰ্ণেন্স (E-Governance) ব্যৱস্থাকো ইতিবাচক পদক্ষেপ হিচাপে গণ্য কৰা হয়।
ই নাগৰিকসকলৰ বাবে কল্যাণমূলক আঁচনিসমূহৰ অধিক প্ৰৱেশযোগ্যতা, স্বচ্ছতা আৰু সঠিক
বাস্তৱায়নৰ ক্ষেত্ৰত সহায় কৰি থাকে।
ইতিবাচক পদক্ষেপ নীতি হৈছে সমাজৰ অন্তৰ্নিহিত
বৈষম্য দূৰ কৰি সকলো নাগৰিকক সমান অধিকাৰ, সুযোগ আৰু গৰিমাৰে জীৱন যাপন কৰিবলৈ সহায় কৰাৰ
এক প্ৰয়াস। যদিও ইয়াৰ প্ৰয়োগ সন্দৰ্ভত সমালোচনা আছে, তথাপিও এই নীতিসমূহ সমাজত সামাজিক ন্যায়,
সমতা আৰু
অন্তর্ভুক্তিৰ বাবে অত্যন্ত প্ৰয়োজনীয়।
১৫। স্থানচ্যুতি কি? স্থানচ্যুতিৰ প্ৰকাৰ আৰু ইয়াৰ প্ৰভাৱ সম্বন্ধে আলোচনা কৰা।
উত্তৰঃ স্থানচ্যুতি (Displacement) বুলি কোৱা হয় যেতিয়া
কোনো ব্যক্তি বা সমাজক স্বেচ্ছায় বা বলপূৰ্বকভাৱে নিজৰ ঘৰ বা দেশ এৰিব লগা হয়।
বহুসময়তে চৰকাৰে বৃহৎ উদ্যোগ স্থাপনৰ উদ্দেশ্যে কোনো অঞ্চল নিৰ্বাচন কৰিলে,
সেই অঞ্চলৰ পূৰ্বৰ
বাসিন্দাসকলক স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিয়ে। এইক্ষেত্ৰত তেওঁলোকক উপযুক্ত
ক্ষতিপূৰণ দিয়া হয় যদিও, স্থানচ্যুতিৰ ফলত তেওঁলোকক বহু সমস্যা ভুগিব লগা
হয়।
স্থানচ্যুতিৰ প্ৰকাৰসমূহ:
(১) ৰাজনৈতিক স্থানচ্যুতি: এই ধৰণৰ স্থানচ্যুতি তেতিয়া হয় যেতিয়া কোনো
উগ্ৰপন্থী বা সন্ত্রাসবাদীক দেশৰ পৰা বহিষ্কাৰ কৰা হয়। তেওঁলোকে বিদেশত থাকি নিজৰ
লক্ষ্য সাধন কৰিবলৈ চেষ্টা কৰে। কেতিয়াবা ৰাজনৈতিক নেতাসকলক জনৰোষৰ বাবে বিদেশত
আশ্ৰয় ল’ব লগা হয়। উদাহৰণস্বৰূপে, বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী শেখ হাছিনাই
এক সময়ত ভাৰতত আশ্ৰয় লৈছিল।
(২) পাৰিপাৰ্শ্বিক স্থানচ্যুতি: প্রাকৃতিক দুৰ্যোগ যেনে বান, খৰাং, বনজুই, ভূমিকম্প, ছুনামী ইত্যাদিৰ ফলত
যেতিয়া জনসাধাৰণক নিজ গৃহ এৰিব লগা হয়, সেইটো পাৰিপাৰ্শ্বিক স্থানচ্যুতি। এই ক্ষেত্ৰত
স্থানীয় চৰকাৰে উদ্ধাৰ আৰু পুনর্বাসনৰ ব্যৱস্থা কৰে।
(৩) আন্দোলন বা বিদ্ৰোহজনিত স্থানচ্যুতি: দেশত সংঘটিত আন্দোলন,
বিদ্ৰোহ বা সশস্ত্ৰ
সংঘৰ্ষৰ সময়ত জনসাধাৰণৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰিবলৈ চৰকাৰে তেওঁলোকক
স্থানান্তৰ কৰিবলৈ বাধ্য কৰে। সন্ত্রাসপীড়িত অঞ্চলত স্থানচ্যুতি সাধাৰণ ঘটনা।
(৪) স্থানীয় সংঘর্ষজনিত স্থানচ্যুতি: ধৰ্মীয় বা জাতিগত সংঘৰ্ষৰ
সময়ত এনে স্থানচ্যুতি হয়। উদাহৰণস্বৰূপে: উত্তৰ-পূৰ্বাঞ্চলত নগা-কুকি, কুকি-মেইটেই সংঘৰ্ষ;
গুজৰাটত
হিন্দু-মুছলমান সংঘৰ্ষ আদিত বহুজন স্থানচ্যুত হৈছিল।
স্থানচ্যুতিৰ ফলাফলসমূহ:
১. ভূমিহীনতা
২. নিবনুৱা সমস্যা
৩. গৃহহীনতা
৪. প্ৰান্তিকীকৰণ (অন্তৰ্ভুক্তি নোহোৱা)
৫. স্বাস্থ্যসম্মত খাদ্যৰ অভাৱ
৬. ৰোগ আৰু মৃত্যুৰ হাৰ বৃদ্ধি
৭. সম্পত্তিৰ অধিকার হেৰুৱা
৮. সামাজিক বিচ্ছিন্নতা
গৱেষণাই দেখুৱাইছে যে স্থানচ্যুত লোকসকলে আয়ৰ
উৎস হেৰুৱায় আৰু দৰিদ্ৰতাৰ চক্ৰত সোমায়। ইয়াৰ লগতে খিলঞ্জীয়া সংস্কৃতি আৰু পৰিচয়
হেৰুৱা, মানসিক চাপ বৃদ্ধি আৰু চৰকাৰ বা মানৱ অধিকাৰ সংস্থাৰ ওপৰত বিশ্বাস হ্ৰাস পায়।
বিশেষকৈ মহিলাসকলে অধিক ক্ষতিগ্ৰস্ত হয়, কিয়নো ভূমিহীনতাৰ ফলত তেওঁলোকে আত্মনির্ভৰশীলতা
হেৰুৱায় আৰু পুৰুষসকলৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়।
স্থানচ্যুতি কোনো ব্যাক্তিগত সমস্যা নহয়,
ই এটা বৃহৎ সামাজিক
আৰু নৈতিক সমস্যা। উন্নয়নমূলক কাৰ্যসূচীৰ সৈতে স্থানীয় জনসাধাৰণৰ অধিকাৰ আৰু
সন্মান নিশ্চিত কৰা একান্ত প্ৰয়োজন।
১৬। উন্নয়ন মানে কি? উন্নয়নৰ প্ৰসংগত স্থানচ্যুতিৰ প্ৰাসংগিকতা আৰু ইয়াৰ ফলাফল সম্বন্ধে আলোচনা কৰা।
উত্তৰঃ এখন দেশৰ সামগ্ৰিক সমাজ, অৰ্থনীতি আৰু ভৌগোলিক গঠনত
যি ধৰণৰ সদগতি সাধন ঘটে তাক উন্নয়ন বুলি কোৱা হয়। সমাজব্যৱস্থাৰ পুৰণি ধ্যান-ধাৰণা
আৰু আচাৰ-ব্যৱহাৰৰ পৰিৱৰ্তনৰ জৰিয়তে সমাজটো আধুনিকতাৰ দিশে আগবাঢ়ে। একেদৰে
উদ্যোগীকৰণ, নগৰীকৰণ, ধাৰাবাহিক অৰ্থনৈতিক প্ৰগতি, জাতি-ধৰ্ম-ভাষা-সংস্কৃতিৰ সংহতি আৰু পৰিৱেশৰ
ভাৰসাম্য বজাই ৰাখি ভৌগোলিক গাঠনিৰ উন্নয়নকো উন্নয়ন বুলি ক’ব পৰা যায়।
বিশ্বৰ দেশসমূহ উন্নয়নৰ ভিত্তিত সাধাৰণতে তিনি ভাগত বিভক্ত কৰা হয় — উন্নত দেশ, উন্নয়নশীল দেশ আৰু
অনুন্নত দেশ। আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, চীন, ফ্ৰান্স, জাৰ্মানী আদিৰ দৰে দেশসমূহ
উদ্যোগীকৰণ, উচ্চ প্ৰযুক্তিৰ ব্যৱহাৰ আৰু পৰিকল্পিত নগৰীকৰণৰ ফলত উন্নত ৰাষ্ট্ৰ হিচাপে
স্বীকৃতি লাভ কৰিছে। আনহাতে ভাৰত, ব্ৰাজিল, দক্ষিণ আফ্ৰিকা, বুলগেৰিয়া, পাকিস্তান আদি
দেশসমূহ উন্নয়নশীল দেশৰ শ্ৰেণীত পৰে, কাৰণ এই দেশসমূহত অৰ্থনৈতিক গতি বৰ্তমানো বিকাশৰ
অৱস্থাত আছে। অন্যফালে আফগানিস্তান, দক্ষিণ ছুদান, আংগোলা, বাংলাদেশ, কংগো আদি দেশসমূহত
দৰিদ্ৰতা, অপুষ্টি, অস্বাস্থ্যকৰ পৰিৱেশ, উন্নয়নৰ সুযোগৰ অভাৱ, কম আয় ইত্যাদি সমস্যাৰ বাবে
সিহঁত অনুন্নত দেশ হিচাপে বিবেচিত হয়।
উন্নয়ন সাধাৰণতে ইতিবাচক শব্দ, কিন্তু তাৰ ফলত
কেতিয়াবা বৃহৎ সংখ্যক লোকক নিজৰ বাসস্থান এৰি যাবলগীয়া হয়। বিশেষকৈ জলবিদ্যুৎ
প্রকল্প, সিঞ্চনা ব্যৱস্থা, বৃহৎ উদ্যোগ, ঘাইপথ, ৰেলপথ, বিমানবন্দৰ, সামৰিক ঘাঁটি, খনন আদিৰ বাবে বহুতো লোক স্থানচ্যুত হয়। এই স্থানচ্যুতি সমাজত এক গুৰুত্বপূর্ণ
সমস্যা সৃষ্টি কৰে। উন্নয়নশীল দেশসমূহত উন্নত ৰাষ্ট্ৰৰ দৰে হোৱাৰ প্রতিযোগিতাত
অহৰহেই এনে পৰিস্থিতিৰ সৃষ্টি হয়।
এইদৰে স্থানচ্যুত হোৱা লোকসকল সাধাৰণতে ৰাজনৈতিক
আৰু আৰ্থিকভাৱে দুৰ্বল হয়। তেওঁলোকৰ জীৱনধাৰা, সামাজিক পৰিৱেশ আৰু জীৱিকা
সবিশেষভাৱে ক্ষতিগ্ৰস্ত হয়। চৰকাৰে ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ
কথা যদিও কয়, বহু সময়তে সেই ব্যৱস্থাসমূহ অপৰ্যাপ্ত, বিলম্বিত বা অদক্ষ হয়।
উল্লেখযোগ্য বিষয় হ’ল, স্থানচ্যুত ব্যক্তি আৰু শৰণাৰ্থীৰ মাজত
মৌলিক পাৰ্থক্য আছে। শৰণাৰ্থীসকলে সাধাৰণতে হিংসা, যুদ্ধ বা নিৰ্যাতনৰ ফলত আন
দেশলৈ পলায়ন কৰে, যাৰ বাবে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় সহায়ৰ প্ৰয়োজন হয়। আনহাতে উন্নয়নমূলক
প্রকল্পৰ ফলত স্থানচ্যুত হোৱা লোকসকল নিজ দেশৰ ভিতৰতে থকাকৈ হয় আৰু সেইবাবে
তেওঁলোকে মাত্ৰ ৰাষ্ট্ৰীয় সহায় পায়।
উন্নয়নৰ ফলস্বৰূপ স্থানচ্যুত হোৱা কিছুমান উল্লেখযোগ্য উদাহৰণ হ’লঃ
- চৰ্দাৰ সৰোবৰ প্ৰকল্প (নর্মদা উপত্যকা বান্ধ) – ভাৰতৰ অন্যতম বৃহৎ জলবিদ্যুৎ প্রকল্প। এই বান্ধৰ ফলত প্ৰায় ৪০ হাজাৰ লোক
স্থানচ্যুত হয়। ১৯৮০-৯০ দশকত বহুতো পৰিৱেশবাদী আৰু আদিবাসী সংগঠনে ইয়াৰ প্ৰৱল
বিৰোধিতা কৰিছিল।
- কুনো বন্যপ্ৰাণী অভয়াৰণ্য (মধ্য প্ৰদেশ) – ১৯৯৯-২০০৩ সময়ছোৱাৰ ভিতৰত এই অঞ্চলত এছিয়াটিক সিংহ পুনঃ সংস্থাপন কৰা হয়।
ফলত ২৪ খন গাঁও স্থানান্তৰিত হয় আৰু বহু আদিবাসীক নিজৰ পৰম্পৰাগত বাসভূমি এৰি
যাবলগা হয়।
উন্নয়ন যদি মানবকল্যাণৰ লক্ষ্যত কেন্দ্ৰিত হয়,
তেন্তে উন্নয়নমূলক
নীতি প্ৰণয়ন, ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ ক্ষেত্ৰত মানৱিকতা, স্বচ্ছতা আৰু
অন্তর্ভুক্তিমূলক দৃষ্টিভংগীৰ প্ৰয়োজন আছে। নতুবা এই উন্নয়ন স্বয়ং এক সামাজিক
সমস্যা হৈ পৰে।