Chapter 1 - 

বিষয় উৎপত্তি আৰু ক্ৰমবিকাশ

১। তিনিটা বিহু কি কি? বছৰৰ কোন কোন সময়ত এই বিহু উদ্‌যাপিত হয়।
উত্তৰ: অসমীয়াই বছৰত তিনিটা বিহু উদ্‌যাপন কৰে। এইবোৰ হ’ল—
(ক) ব’হাগ বিহু বা ৰঙালী বিহু – চ’ত আৰু ব’হাগ মাহৰ দোমাহী দিনত (এপ্ৰিলত) পালন কৰা হয়।
(খ) মাঘ বিহু বা ভোগালী বিহু – পুহ আৰু মাঘ মাহৰ দোমাহী দিনত (জানুৱাৰীত) পালন কৰা হয়।
(গ) কাতি বিহু বা কঙালী বিহু – আহিন আৰু কাতি মাহৰ দোমাহী দিনত (অক্টোবৰত) পালন কৰা হয়।

২। বিহু শব্দৰ মূল উৎসব সন্দৰ্ভত চমুকৈ লিখা।
উত্তৰ: "বিহু" শব্দৰ উৎপত্তি হৈছে “বিহু” বা “বিহুতি” পৰা, যাৰ অৰ্থ হৈছে আনন্দ আৰু উৎসৱ। বিহু মূলত কৃষক সমাজৰ ফসলৰ সময়ত উদ্‌যাপিত উৎসৱ, য’ত নাচ, গান আৰু পৰম্পৰাগত আচাৰ-অনুষ্ঠানৰ যোগে নতুন আৰম্ভণি আৰু সমৃদ্ধিৰ আশীৰ্বাদ প্ৰদান কৰা হয়।

৩। হুঁচৰিৰ উৎপত্তি আৰু ক্ৰমবিকাশৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: বিহু আৰম্ভণিতে পথাৰত পালন কৰা হৈছিল। ডেকা-গাভৰুসকলে একেলগ হৈ গীত-নৃত্য কৰিছিল। পাছত তেওঁলোকে গৃহস্থৰ আঙণতো বিহুগীত গাইছিল। গৃহস্থৰ আঙণত গোৱা এই বিহুক “হুঁচৰি” বুলি কোৱা হয়। কালক্রমে হুঁচৰি এক সামাজিক প্ৰথালৈ বিকশিত হয়।

৪। 'ৰুছেংৰী' কি? এই শব্দৰ পৰা বিহুৰ কোনটো অনুষ্ঠানৰ উৎপত্তি হৈছে বুলি ধাৰণা কৰা হয়?
উত্তৰ: চুমচেত্তৰ গুণ-গৰিমা বর্ণনা কৰি গীত-পদ গাই ঢোল-মাদলীৰ ছেৱে ছেৱে নচা এই নৃত্য অনুষ্ঠানক আহোম ভাষাত 'ৰুছেৰী' বোলা হয়। ৰুছেংৰীৰ পৰা আজিৰ হুঁচৰিৰ উৎপত্তি হৈছে।

৫। গবেষক-লেখকসকলে ধাৰণা কৰা অনুসৰি বিহুত নিম্নলিখিত যিকোনো এটা জনগোষ্ঠীৰ প্ৰভাৱৰ বিষয়ে চমুকৈ লিখা। (উদাহৰণ: অষ্ট্ৰিক)
উত্তৰ: গবেষক-লেখকসকলে ধাৰণা কৰিছে যে বিহুৰ ওপৰত টাই-আহোম জনগোষ্ঠীৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ আছে। আহোমসকলে শস্য উদ্‌যাপন আৰু নাচ-গীতৰ সৈতে সম্পৰ্কিত অনুষ্ঠান চালনা কৰিছিল। ব’হাগ বিহুৰ নৃত্য আৰু গীতৰ শৈলী আহোমৰ পৰম্পৰাৰ সৈতে সংযুক্ত। ব’হাগ বিহু ৰাজবৰ্গত উদ্‌যাপন হোৱাত আহোম প্ৰভাৱ স্পষ্ট। এই প্ৰভাৱে বিহুক সামাজিক আৰু ধৰ্মীয় দুয়ো দিশৰ অনুষ্ঠানলৈ বিকাশ কৰিছিল।

৬। বিহুৰ কলা-কৃষ্টিয়ে প্ৰথমে কোন আহোম স্বৰ্গদেউৰ দিনত ৰাজ মর্যাদা লাভ কৰিছিল? এই বিষয়ে চমুকৈ লিখা।
উত্তৰ: আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ সময়ত বিহুৰ কলা-কৃষ্টিয়ে প্ৰথমে ৰাজ মর্যাদা লাভ কৰিছিল। তেওঁৰ ৰাজসভাত বিহুনৃত্য প্ৰচলিত হৈছিল আৰু বিহুক ৰাজসদনত বিশেষ স্থান দিয়া হৈছিল।

ৰাজকীয় পৃষ্ঠপোষকতা: স্বৰ্গদেউ ৰুদ্ৰ সিংহই বিহুৰ সামাজিক আৰু সাংস্কৃতিক গুৰুত্ব উপলব্ধি কৰিছিল। তেওঁ বিহু উৎসৱক ৰাজকীয় পৃষ্ঠপোষকতা দিছিল, যাৰ ফলস্বৰূপে ইয়াৰ জনপ্ৰিয়তা আৰু পৰম্পৰাৰ এক নতুন দিশ লাভ কৰিছিল।

ৰং-ধেমালিৰ প্ৰসাৰ: তেওঁৰ দিনত বিহুৰ আনুষংগিক অনুষ্ঠান, যেনে নৰাচী, বনচাত, লোকগীত, নৃত্য আদিৰ বহুল প্ৰসাৰ ঘটিছিল। ৰাজসভাৰ সমৰ্থনৰ বাবে এইবোৰৰ এক বিশেষ স্থানৰ সৃষ্টি হৈছিল।

সাংস্কৃতিক একীকৰণ: ৰুদ্ৰ সিংহই বিহুক এক জাতীয় উৎসৱ হিচাপে গঢ়ি তুলিছিল, যি জাতি, ধৰ্ম, সম্প্ৰদায় নিৰ্বিশেষে সকলোকে একগোট কৰিছিল।

বিহুৰ আনুষ্ঠানিক ৰূপ: তেওঁৰ ৰাজত্ব কালত বিহুৰ বিভিন্ন অংশ, যেনে 'সাত বিহু', 'ৰংচাতৰ বিহু' আদিৰ এক বিশেষ ধৰণৰ পৰম্পৰা গঢ়ি উঠিছিল, যাৰ ফলত ই এক সুসংহত আৰু আনুষ্ঠানিক ৰূপ লাভ কৰিছিল।

৭। ব্রিটিছ ৰাজত্বকালত বিহুৰ গীত- নাচৰ চৰ্চা কেনেকৈ ব্যাঘাত হৈছিল? এনে ব্যাঘাত ৰোধ কৰাত বিশেষ ভূমিকা পালন কৰা কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ নাম লিখা।
উত্তৰ: ব্রিটিছ ৰাজত্বকালত বিহুৰ গীত-নৃত্যক টুলুঙা বুলি কৈ বহু ঠাইত নিষিদ্ধ কৰা হৈছিল। এই ব্যাঘাত ৰোধ কৰিবলৈ বলিনাৰায়ণ বৰা, চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁঞি বৰুৱা, আনন্দ দাস, মইমত টাটিঙা আৰু চেনিমাই আদি বিশিষ্ট ব্যক্তিসকলে বিশেষ ভূমিকা পালন কৰিছিল।

৮। বিহু নিষিদ্ধকৰণত বাধা দিয়াত মইমত টাটিঙা বৰাৰ অৱদানৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: ব্ৰিটিছ ৰাজত্বকালত বিহু নিষিদ্ধ হোৱাৰ সময়ত মইমত টাটিঙা বৰাই বিশেষ ভূমিকা পালন কৰিছিল। তেওঁ লোকসকলক উৎসাহিত কৰিছিল যাতে পৰম্পৰাগত ৰূপে বিহু উদযাপন অব্যাহত থাকে। মন্দিৰ, নামঘৰ আৰু গাঁও-গ্ৰামত বিহুৰ গীত-নাচ বজাই ৰাখিবলৈ তেওঁ সক্ৰিয়ভাবে কাৰ্য্য কৰিছিল আৰু বিহুৰ উৎসৱ সংৰক্ষণৰ বাবে জনসাধাৰণক প্ৰেৰণা যোগাইছিল। ইয়াৰ ফলত বিহুৰ পৰম্পৰাগত সংস্কৃতি প্ৰজন্ম পৰা প্ৰজন্মলৈ সংৰক্ষিত হৈ আহিছে। মইমত টাটিঙা বৰাই বিহু নিষিদ্ধ কৰাৰ ব্রিটিছ নীতিৰ বিপক্ষে সোচ্চাৰ হৈছিল। তেওঁ বিহুৰ সাংস্কৃতিক মাহাত্ম্য বুজাই জনসাধাৰণক উৎসাহিত কৰিছিল আৰু বিহু  নিষিদ্ধ হোৱাৰ পৰা ৰক্ষা পৰিছিল।

৯। চমু পৰিচয় দিয়া :
(ক) ব'হাগ বিহু ব'হাগ বিহুঃ ব'হাগ বিহু চ'ত-ব'হাগৰ দোমাহীত আৰম্ভ হয়। গীত নাচৰ অনুষ্ঠান এই বিছন অবিচ্ছেদ্য অংগ। বিভিন্ন খেল-ধেমালিও অনুষ্ঠিত হয়। পৰম্পৰাগত খাদ্যসম্ভাৰৰ জুতি লোৱাও হয়। ৰং-ৰহস্যৰে উদ্যাপন কৰা হয় বাবে এই বিহুক ৰঙালী বিহু বুলিও কোৱা হয়। এই বিহুত পালন কৰা লোকাচাৰৰ সংখ্যাও আন দুটা বিহুতকৈ ভালেখিনি বেছি। উৰুকাৰ পৰা সাতদিনলৈ প্রতিদিনে নির্দিষ্ট একোটা উদ্দেশ্যেৰে লোকাচাৰ পালন কৰাৰ ৰীতি প্রতিষ্ঠিত আৰু প্রতিটো দিনৰে নির্দিষ্ট নাম আছে। এই ৰীতি তথা সাতদিনৰ বিহুক একেলগে 'সাতবিহু' বুলি কোৱা হয়।
    ৰঙালী বিহু উৎসৱটি পালন কৰোঁতে পালনীয় লোকাচাৰখিনিৰ প্রতি সজাগ হৈ থাকি সিবিলাক শৃংখলাবদ্ধভাবে পালন কৰাৰ নিয়ম বা ব্যৱস্থাপনাকে সাতবিহু বুলি বুজিব পাৰি। সাতবিহুৰ তাৎপর্য এই যে কেৱল ৰং-ৰহস্য কৰি, নাচি-বাগি, খেল-ধেমালি কৰি, আনন্দ-উল্লাসতে বিভোৰ হৈ উৎসৱটিৰ অন্য উপযোগী লোকাচাৰখিনিলৈ যাতে পিঠি দিয়া নহয়, সেই উদ্দেশ্যেৰে মুঠ সাতটা দিনৰ একো একোটি দিনক একো একোটি নাম দি বিশেষ কিছুমান লোকাচাৰ অৱশ্যে পালনীয় বুলি নির্দিষ্ট কৰা হৈছে, যাতে সকলোখিনি লোকাচাৰেই সুচাৰুৰূপে পালন কৰিবৰ সূচল হয় আৰু পালন কৰিবৰ বাবে সজাগতা বর্তি থাকে। সাতবিহুত সন্নিবিষ্ট লোকাচাৰখিনিয়ে কৃষিপ্রধান সমাজ এখনে কৃষিভিত্তিক লোক-উৎসৱত পালন কৰিবলগীয়া সকলো দিশৰ উপযোগী কার্যবোৰ সামৰি লোৱাটোও মনকৰিবলগীয়া আৰু অসমীয়া জাতিৰ বাবে গৌৰৱৰ বিষয়।
    সাতবিহুৰ নামকৰণ তথা ক্ৰমৰ ক্ষেত্ৰত কিছু পৰিমাণে আঞ্চলিক আৰু জনগোষ্ঠীয় ভিন্নতা বিদ্যমান। লোককৃষ্টি একোটাৰ বিভিন্ন উপাদানবিলাকৰ নামকৰণ, ৰীতি-নীতি আদিৰ ক্ষেত্রত আঞ্চলিক তথা জনগোষ্ঠীয় বৈচিত্র্যতা বিদ্যমান হোৱাটো তেনেই স্বাভাবিক। ই লোককৃষ্টি তথা লোক-উৎসৱৰ এক বৈশিষ্ট্য। গতিকে সাতবিহুৰ নামকৰণ তথা ক্ৰমৰ ক্ষেত্ৰত যি সামান্য পৰিমাণৰ আঞ্চলিক তথা জনগোষ্ঠীয় ভিন্নতা বিদ্যমান তাক সকলোৱে শ্রদ্ধাসহকাৰে গ্ৰহণ কৰাটোহে সমীচীন। তাৰ পৰিবর্তে যুক্তিৰে কোনো একপ্ৰকাৰৰ নামকৰণ আৰু ক্রমকহে গ্রহণযোগ্য বুলি প্রতিপন্ন কৰিবলৈ যোৱাটোৱে বিভ্রান্তিৰহে সৃষ্টি কৰিব। তলত বহুল প্রচলিত এটা প্ৰকাৰৰ নামকৰণ আৰু ক্রম ভিত্তিত সাতবিহুৰ প্রতিটো দিনৰ চমু আভাস দাঙি ধৰা হৈছে। এই নামকৰণ তথা ক্রম অনুসৰি চ'ত-ব'হাগৰ সংক্ৰান্তিৰ দিনা গৰু বিহু, ব'হাগৰ প্রথম, দ্বিতীয়, তৃতীয়, চতুর্থ, পঞ্চম আৰু ষষ্ঠ দিনা ক্রমান্বয়ে মানুহ বিহু, কুটুম বিহু, তাঁতৰ বিহু, নাঙল বিহু, হাট বিহু আৰু চেৰা বিহু।
১) গৰু বিহুঃ চ'ত-ব'হাগৰ সংক্রান্তিৰ দিনটো গৰু বিহু আৰু এই দিনটোত পালন কৰা লোকাচাৰকেইটা হৈছে: ক) গৰু গা ধুউৱা; খ) গৰুক পিঠা খুউবা; গ) গৰু-জাগ দিয়া; ঘ) নতুন পঘাৰে গৰু বন্ধা; ৫) গৰু গা ধুৱাবলৈ প্রস্তুত কৰা মাহ, হালধি আৰু থেকেৰাৰ বেঙেনা লাউ গা ধোৱা; চ) চাটৰ আঞ্জা খোৱা, ছ) ব্যক্তিগত নামঘৰ, গোঁসাইঘৰ চাফ-চিকুণ কৰি ব্যক্তিগতভাবে নাইবা পৰিয়াল হিচাবে সেৱা ধৰা; জ) এশ এবিধ শাক খোৱা; ঋ) সাতশাকী খোৱা; ঞ) কণী যুঁজ খেলা; ট) সন্ধ্যালৈ গৃহস্থৰ চোতালত  হুঁচৰি আৰম্ভ কৰা। উল্লেখনীয় যে অঞ্চলভেদে শেষৰ তিনিটা লোকাচাৰ অর্থাৎ সাতশাকী খোৱা, কণী যুঁজ আৰু চৰি আৰম্ভ কৰা লোকাচাৰ গৰু বিহুৰ পৰিৱর্তে মানুহ বিহুৰ দিনাহে পালন কৰে।
২) মানুহ বিহুঃ ব'হাগৰ প্ৰথম দিনটো মানুহ বিহু হিচাবে পালন কৰা হয়। এই দিনটোত পালন কৰা লোকাচাৰবিলাক হৈছে: ক) বংশ-পৰিয়াল, আৰু গঞা -জ্ঞাতিৰ সদস্যক সেৱা সৎকাৰ জনোৱা আৰু মৰম-চেনেহ উপহাৰ প্ৰদান কৰা, খ) বয়োজ্যেষ্ঠসকলক সেৱা কৰা; গ) নামঘৰ, গোঁসাইঘৰত ব্যক্তিগত আৰু সমজুৱাকৈ সেৱা ধৰা; ঘ) 'চাট'ৰ হালধি পিচি গাত ঘঁহা; ৫) তিতা খোৱা; চ) লাইজাবৰি পাতৰ ভাপ লোৱা, ছ) নৱবস্তু পৰিধান কৰা; জ) জেতুকাৰে হাত-ভৰি বোলোৱা, ঋ) বর্ষচক্র চোৱা, ঞ) নাহৰ পাতত মন্ত্র লিখি ঘৰ অথবা গোহালিৰ চালত গুঁজি থোৱা ইত্যাদি।
৩) কুটুম বিহুঃ ব'হাগৰ দ্বিতীয় দিনটো কুটুম-বিহু হিচাবে পালন কৰা হয় আৰু সিদিনাৰ অৱশ্যে পালনীয় লোকাচাৰটো হৈছে বিবাহিত স্ত্রীপতিসহ মাকৰ ঘৰলৈ যায় আৰু পিতৃ-মাতৃকে মুখ্য কৰি সম্বন্ধীয়সকলক সম্বন্ধ অনুসৰি সেৱা-সৎকাৰ কৰেগৈ আৰু মৰম-চেনেহ আৰু উপহাৰ প্রদান কৰে। আপোন সম্বন্ধীয় মিতিৰ-কুটুমৰ ঘৰলৈ বিহু খাবলৈ যোৱাটোও এইটো দিনত পালনীয় লোকাচাৰ বুলি গণ্য কৰা হয়।
৪) তাঁতৰ বিহু বা চেনেহী বিহুঃ ব'হাগৰ তৃতীয় দিনটো তাঁতৰ বিহু বা চেনেহী বিহু। সিদিনা পালন কৰিবলগীয়া তাৎপর্যসূচক লোকাচাৰটো হৈছে তাঁতৰ শালখন আৰু তাৰ সঁজুলিসমূহ চাফ-চিকুণ কৰি আটোম-টোকাৰিকৈ ৰখা।
৫) নাঙল বিহুঃ ব'হাগৰ চতুর্থ দিনটোক নাঙল-বিহু বুলি কোৱা হয় এইবাবেই যে সেইদিনা নাঙল, যুঁৱলি, মৈ আদি কৃষি সঁজুলিসমূহ ধুই-মেলি চাফ-চিকুণ কৰি আটোম-টোকাৰিকৈ ৰখাটো অৱশ্যে পালনীয় লোকাচাৰ।
৬) হাট বিহু বা মেলা বিহুঃ ব'হাগৰ পঞ্চম দিনটোক হাট বিহু বা মেলা বিহু বুলি উদযাপন কৰাৰ তাৎপর্য এই যে সিদিনা বন্ধু, বান্ধৱ, গঞা-জ্ঞাতি, ওচৰ চুবুৰীয়াক বিহু খাবলৈ নিমন্ত্রণ কৰি বিহু খুউৱাৰ লোকাচাৰ পালন কৰে। সেইদৰে নিজেও বন্ধু-বান্ধৱ আদিৰ নিমন্ত্রণ ৰক্ষা কৰি বিহু খাবলৈ যায়। অঞ্চল বিশেষে সিদিনাখনৰ ৰাতি কড়ি খেলাটো একপ্রকাৰ লোকাচাৰ বুলি গণ্য কৰা হয়। এই প্রসংগত উল্লেখনীয় আন এক দৃষ্টিকোণৰ এক তথ্য এই যে আহোম ৰজাৰ দিনত ৰংপুৰৰ ওচৰৰ মেলামৰাত উলহ-মালহেৰে মেলা বিহু পালন কৰিছিল। সেয়ে কোনো কোনোৱে এই দিনটোক হাট বিহু বুলি কোৱাই শ্রেয় বুলি মত পোষণ কৰে।
৭) চেৰা বিহুঃ ব'হাগৰ ষষ্ঠ দিনাখন চেৰা বিহু বা বিহু উৰুৱা অর্থাৎ সাতবিহুৰ শেষৰ দিনাখনৰ বিহু। হুঁচৰিকে ধৰি বিহুৰ সকলো প্রকাৰৰ গীত-নাচ আৰু ৰং-ধেমালিৰ অনুষ্ঠানৰ যথাৰীতি সামৰণি পেলায়। কৃষিকর্মত আত্মনিয়োগ কৰিবলৈ সংকল্পবদ্ধ হয়। সিদিনা গৃহস্থৰ চোতালৰ পৰিবর্তে এক ৰাজহুৱা স্থানত বহুসময় ধৰি হেঁপাহ পলুৱাই হুঁচৰি মাৰে। ঢোলৰ মাৰি গছলৈ দলিয়াই সিদিনাৰ পৰা সেইবেলিৰ বিহুত ঢোল নবজাবলৈ মন বান্ধে। কোনো কোনো ঠাইত ঢোল ফুটুৱাই দিয়াৰ আৰু টকা ভাঙি পেলোৱাৰো তথ্য পোৱা যায়। গাভৰুসকলেও গছতলৰ বিহু সামৰে; বিহু সামৰোতে তেওঁলোকে বিহুখোলাত অবস্থিত গছত গামোচা বান্ধে আৰু টকা-গগনা দলিয়াই পেলায়।
    সাতবিহুৰ সন্দৰ্ভত এইখিনিতে উল্লেখনীয় যে আন এক প্রচলিত মত অনুসৰি ব'হাগৰ দ্বিতীয় দিনটো কুটুম-বিহু বুলি পালন নকৰি গোঁসাই-বিহু বুলি পালন কৰে। গোঁসাই-বিহুৰ তাৎপর্যসূচক লোকাচাৰ হৈছে এই যে সিদিনা গোঁসাই সেৱা কৰা হয় আৰু গুৰুৰ নির্মালি লোৱা হয়। কোনো নির্দিষ্ট থান, নামঘৰ, মন্দিৰ আদিলৈ গৈ সেৱা ধৰে।
    ইতিমধ্যে উল্লেখ কৰি অহা হৈছে যে ব'হাগ বিহুৰ অন্যতম আকর্ষণীয় আৰু বহল পৰিসৰৰ উপাদান হৈছে গীত-নাচৰ অনুষ্ঠান। গীত-নাচৰ পৰম্পৰাগত অনুষ্ঠানকেইটা হৈছে- হুঁচৰি, গাভৰু বিহু আৰু ৰাতি বিহু। পিছে পৰম্পৰাগত পৰিৱেশত গাভৰু বিহু আৰু ৰাতি বিহু অপ্রচলিত হোৱা বহু দশক পাব হ'ল। হুঁচৰি অনুষ্ঠানটো কুৰি শতিকাৰ শেষলৈকে সবলভাবে চলিছিল যদিও তাৰ পাছৰ পৰা এই অনুষ্ঠানৰ প্রচলনো ক্রমান্বয়ে কমি আহিবলৈ ধৰিছে।

(খ) মাঘ বিহু পুহ আৰু মাঘ মাহৰ দোমাহীত পালন কৰা হয় মাঘ বিহু। উৰুকাৰ দিনা গাঁৱে গাঁৱে ৰাজহুৱা ভোজ-ভাত খায়। অধিকাংশ গাঁৱত সিদিনা ওৰে নিশা মেজিঘৰ বা ভেলাঘৰত ৰং-তামাচা কৰে আৰু নাম কীর্তন কৰে। কোনো ঠাইত এনেই ৰং-তামাচা কৰি মেজি ৰখে আৰু নিশা কটায়। দোমাহীৰ দিনা দোক-মোকালিতে মেজি জ্বলায়। মাঘ বিহু উদ্যাপনৰ মূল তাৎপর্য শালি ধানৰ খেতি চপাই উঠাৰ পৰিপ্ৰেক্ষিতত আনন্দ-উলাহ কৰা, বিভিন্ন পৰম্পৰাগত খাদ্যসম্ভাৰৰ জুতি লোৱা আৰু জাৰে কোঁচ খুওৱা দেহ-মন সতেজ কৰি ন-উদ্যমেৰে কৃষি কার্যত লাগিবলৈ দেহ-মনৰ বল-শক্তি বৃদ্ধি কৰা। সেই সময়ত ন-ধানেৰে কৃষকৰ ভঁৰাল ভৰি থাকে। শাক-পাচলি, মাছ, গাখীৰ আদিৰে উভৈনদী হয়। সান্দহ, চিৰা, আখৈ, হুৰুম, তিলপিঠা, ঘিলাপিঠা, চুঙাপিঠা, ভাপৰ পিঠা, নাৰিকলৰ লাৰু আদি বিভিন্ন প্ৰকাৰৰ পৰম্পৰাগত খাদ্যসম্ভাৰেৰে ঘৰ ওপচাই ৰাখিবলৈ জীয়ৰী-বোৱাৰীহঁতে বিহুলৈ দহ-বাৰ দিন থকাৰ পৰাই ব্যস্ত হৈ পৰে। এই সময়তে অসমৰ মাটিত অনায়াসে উৎপন্ন হোৱা কাঠ আলু, মোৱা আলু, শিমলু আলু, কুঁৱৰী আলু, মিঠা আলু আদি বিভিন্ন জাতৰ বিশিষ্ট ধৰণৰ সুস্বাদু আলুবোৰো চপাবৰ হয়। সেয়ে সিবিলাক খোৱাটো এই বিহুৰ লোকাচাৰ বুলিয়েই গণ্য কৰা হয়। খাদ্যসম্ভাৰ প্রস্তুত কৰা আৰু জুতি লোৱাটো অধিক হয় বাবে মাঘ বিহুক 'ভোগালী বিহু' বুলিও কোৱা হয়। ঈশ্বৰ তথা ইষ্টদেৱতাক প্রার্থনা জনোৱা, অগ্রজক সেৱা-সৎকাৰ কৰা, অনুজক মৰম-চেনেহ, আশীর্বাদ প্রদান কৰা, বন্ধু-বান্ধব, মিতিৰ-কুটুমৰ লগত বন্ধুত্ব, চেনেহ আদিৰ আদান-প্রদান কৰা, আলহী-অতিথিক আপ্যায়িত কৰা লোকাচাৰখিনি যিকোনো লোক উৎসৱৰে প্রাথমিক লোকাচাৰ। ব'হাগ বিহুৰ উপৰি মাঘৰ বিহুতো এইখিনি লোকাচাৰ অৱশ্যেই পালন কৰা হয়। তদুপৰি এই বিহুৰ লগত সাঙোৰ খাই থকা কেইটামান বিশিষ্ট লোকাচাৰ আৰু পৰম্পৰাগত খেল-ধেমালি হৈছে: মেজি জ্বলোৱা, ভেলাঘৰ বা মেজিঘৰ সাজি মেজি ৰখা, সমূহীয়া ভোজ-ভাত খোৱা, ম'হ যুঁজ, শেন যুঁজ, বুলবুলি চৰাই যুঁজ, ঢোপ খেল, নাও খেল, দৌৰ, কলগছ বগোৱা খেল ইত্যাদি।

(গ) কাতি বিহু – আহিন আৰু কাতি মাহৰ দোমাহীত উদ্যাপন কৰা 'কাতি বিহু' মূলতঃ শালিধানৰ পোক নিয়ন্ত্রণ আৰু অধিক উৎপাদন লাভৰ উদ্দেশ্যৰ ওপৰত প্রতিষ্ঠিত। সেই সময়ত শালি ধানে গেঁৰ মেলে। গতিকেই পোক-পতংগৰ উপদ্রৱ সর্বাধিক হয়। সেয়ে কাতি বিহু পালনৰ মুখ্যতম লোকাচাৰ হিচাপে প্রতিটো কৃষিজীবী পৰিয়ালে শালি ধানৰ পথাৰত পবিত্র ভাবেৰে বস্তি প্রজ্বলন কৰি পোকৰ পৰা খেতি ৰক্ষা কৰিবলৈ ভগবন্তৰ ওচৰত প্রার্থনা জনায়। কাতি বিহুত বস্তি বা চাকি জ্বলোৱাক 'দীপদান' বুলি কোৱা হয়। আগেয়ে গোটেই কাতি মাহ ধৰি প্রতিদিনে পথাৰত বস্তি প্রজ্বলন কৰিছিল। বস্তিৰ শিখাত শস্যনাশী পোক জাহ যায়। এই বিহুত ঘৰৰ চোতালত তুলসীৰ পুলি ৰুই কাষত এগছি বস্তি প্রজ্বলন কৰি ভঁৰাললৈ অধিক লখিমী অহাৰ মানসেৰে গৃহস্থই সেৱা আগবঢ়ায়। বৃক্ষ-শ্রেষ্ঠ তুলসী ৰুলে ভগবান সন্তুষ্ট হয় বুলি তুলসীৰ তলত চাকি দি নাম-কীৰ্তন কৰি মাহ-প্রসাদ খায় আৰু এই লোকাচাৰ পালন কৰিলে যমদূতে অতিষ্ঠ কৰিব নোৱাৰে বুলি অসমীয়া সমাজত লোকবিশ্বাসৰ প্রচলন আছে। কোনো কোনো অঞ্চলৰ ৰাইজে সেইদিনা আকাশ-বস্তি জ্বলায়।

১০। সাতবিহুৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ: সাতবিহু ব'হাগ বিহুৰ সাতদিনীয়া পৰম্পৰা। প্ৰতিটো দিনৰ নিজা নাম আৰু বিশেষ লোকাচাৰ থাকে। 

(i)গৰু বিহু, 

(ii)মানুহ বিহু, 

(iii)কুটুম বিহু, 

(iv)তাঁতৰ বিহু, 

(v)নাঙল বিহু, 

(vi)হাট/মেলা বিহু আৰু

(vii) চেৰা বিহু 

    এই সাতদিনৰ ভিতৰত অন্তৰ্ভুক্ত। এই সাতবিহুৰ উদ্দেশ্য হৈছে উৎসৱৰ সকলো দিশ সজাগভাৱে পালন কৰা, গীত-নাচ, খেল-ধেমালি, কৃষি কাৰ্য আৰু পৰিয়াল-সম্পৰ্কৰ কাম সমূহৰ সমন্বয় ঘটোৱা। সাতবিহু অসমীয়াৰ কৃষিপ্রধান সমাজত লোক-উৎসৱৰ গুৰুত্বৰ প্ৰতিফলন।


Edit by: Krishna Saikia