Chapter 2 -
বিষয়ৰ শ্রেণী বিভাগ আৰু বৈশিষ্ট্য
১। বিহুনাম বুলিলে কি বুজা?
উত্তৰঃ ৰঙালী বিহুৰ গীত-নাচৰ এক অন্যতম উপাদান হৈছে বিহুনাম। কৃষিজীৱী অসমীয়া সমাজৰ জীৱন, প্ৰকৃতি, প্রেম-পিৰীতি, সুখ-দুখ, আশা-আকাঙ্ক্ষা আদি অনুভূতিসমূহ সুৰ-তাল-লয়ৰ সৈতে কাব্যিক ৰূপত যি গীতত মুক্তভাবে প্ৰকাশ পায় তাকেই বিহুনাম বোলা হয়। যুগে যুগে মুখে মুখে প্ৰচলিত হৈ অহা এই গীতসমূহ অসমীয়া লোকসাহিত্যৰ অমূল্য সম্পদ।
২। যোজনা আৰু জোঙলা নামৰ চমু পৰিচয় দাঙি ধৰা।
উত্তৰঃ যোজনাঃ- দুলড়ী বা ছবি ছন্দত ৰচিত বিহুনাম এফাকি তাল নধৰি লেহেমীয়াকৈ গোৱা হয়। যোজনা গাওঁতে কোনো বাদ্য বজোৱা নহয়। প্ৰথম পংক্তি গোৱাৰ পাছত ঢোলত কুৰুলি বা উকি মাৰি দ্বিতীয় পংক্তি আৰম্ভ হোৱাৰ আগতে বন্ধ কৰা হয়।
জোঙলা নামঃ- জোঙলা নামো তালহীনভাবে গোৱা হয় যদিও ইয়াৰ লয় যোজনাতকৈ কিছু দ্রুত। যোজনাৰ প্ৰথম পংক্তি দুশৰীয়া হোৱাৰ বিপৰীতে জোঙলা নামত প্ৰথম পংক্তি একশাৰীৰ হয়। সেয়ে দুয়োটাৰ মাজত গঠনগত পাৰ্থক্য দেখা যায়।
৩। বিষয়বস্তু তথা ভাবৰ ভিত্তিত বিহুনামৰ ভাগকেইটা লিখা।
উত্তৰঃ বিষয়বস্তু আৰু ভাবৰ ভিত্তিত বিহুনামক তলৰ ভাগসমূহত ভাগ কৰিব পাৰি—
১) প্ৰণাম ভাবৰ
২) প্ৰশস্তি ভাবৰ
৩) আবেদনসূচক
৪) কৃষ্টি সম্বন্ধীয়
৫) প্ৰকৃতি সম্বন্ধীয়
৬) বাদ্য সম্বন্ধীয়
৭) ধেমেলীয়া
৮) আশীৰ্বাদসূচক
৯) শৰাই-মাননি বিচৰা
১০) গামোচা-হাঁচতি-চেলেং বিচৰা
১১) মালিতা
১২) বিহু উৰুৱা বিহুনাম
১৩) বনৰীয়া নাম
৪। গোৱাৰ ধৰণ অনুসৰি বিহুনামক প্রধানতঃ কেইভাগত ভগাব পাৰি? যিকোনো তিনিটা ধৰণৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ গোৱাৰ ধৰণ অনুসৰি বিহুনামক প্রধানতঃ পাঁচটা ভাগত ভাগ কৰিব পাৰি—
১) যোজনা
২) জোঙলা নাম
৩) খৰা নাম
৪) জাতনাম
৫) ঠেলা নাম আৰু
৬) যোৰা নাম
যিকোনো তিনিটাৰ চমু পৰিচয়:
(ক) যোজনাঃ- যোজনা হৈছে দুলড়ী বা ছবি ছন্দত ৰচিত বিহুনাম গোৱাৰ এক বিশেষ ধৰণ। এই ধৰণৰ বিহুনাম তাল নধৰি লেহেমীয়াকৈ গোৱা হয় আৰু সাধাৰণতে বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা নহয়। প্ৰথম পংক্তি গোৱাৰ পিছত ঢোলত কুৰুলি বা উকি মাৰি দ্বিতীয় পংক্তি আৰম্ভ হোৱাৰ আগতে সেই শব্দ বন্ধ কৰা হয়। যোজনাত সৰল ভাষাৰে গভীৰ ভাব প্ৰকাশ পায়।
(খ) জাত নামঃ- জাতনাম হৈছে বিহুনাম গোৱাৰ এক বিশেষ ধৰণ য’ত এফাকি বিহুনামক একাধিকবাৰ পুনৰুক্তি কৰি আন বিহুনামৰ ফাকিৰ লগত সংযোগ কৰি সুৰ-তালৰ সৈতে ৰজিতা খোৱাকৈ গোৱা হয়। এই পুনৰুক্ত হোৱা বিহুনাম ফাকিকেই ‘জাত’ বুলি কোৱা হয়। হুঁচৰি-ঘোষা গোৱাৰ ধৰণৰ দৰে, জাতনামত নিৰ্বাচিত বিহুনামৰ ফাকিৰ মূৰে মূৰে জাত ফাকি গোৱা হয়।
(গ) জোঙলা নাম বা জোঙালঃ- জোঙলা নাম বা জোঙাল হৈছে তালহীনভাবে গোৱা এক প্ৰকাৰৰ বিহুনাম। ই যোজনাৰ সৈতে মিল থাকিলেও জোঙলা নামৰ লয় যোজনাতকৈ কিছু দ্রুত। যোজনাত প্ৰথম পংক্তি দুশৰীয়া হোৱাৰ বিপৰীতে, জোঙলা নামত প্ৰথম পংক্তি একশাৰীৰে গঠিত হয়। সাধাৰণতে চাৰি শাৰীৰ বিহুনামৰ প্ৰথম শাৰী বাদ দি গোৱা হয়।
৫। “বিহুনাম অতি উচ্চমানৰ জনগীত”—ব্যাখ্যা দাঙি ধৰা।
উত্তৰঃ বিহুনামত অন্তৰ্নিহিত গভীৰ অৰ্থ, সুৰ-তাল-লয়ৰ মাধুৰ্য, সৰল ভাষাত গভীৰ ভাব প্ৰকাশৰ সামৰ্থ, নান্দনিক নৃত্যসৌন্দর্য আৰু কাব্যিক চাতুৰ্যই ইয়াক অতি উচ্চমানৰ জনগীত হিচাপে প্ৰতিষ্ঠা কৰিছে। নিৰক্ষৰ কবিসকলেও ব্যাকৰণৰ বান্ধোন নধৰি সহজভাৱে হৃদয়ৰ অনুভূতি প্ৰকাশ কৰাত সক্ষম হোৱা বাবে বিহুনামৰ সাহিত্যিক মূল্য অতি উচ্চ।
৬। লহৰী গীতৰ চমু আভাস দিয়া।
উত্তৰঃ লহৰী গীত হুঁচৰিৰ এক বিশেষ আকর্ষণীয় অংগ। ইয়াৰ সুৰ-তাল-লয় আন বিহুনামতকৈ কিছু পৃথক আৰু নাচো সুকীয়া। বিশেষকৈ যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু লখিমপুৰ জিলাৰ কিছুমান গাঁৱত লহৰী গীত-নাচ প্ৰচলিত। এই নাচত ডেকাহঁতে বৃত্তাকাৰে ঘুৰি ঘুৰি নাচে।
৭। বিহুনামৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।
উত্তৰঃ বিহুনামৰ মুখ্য বৈশিষ্ট্যসমূহ হ’ল—
- যুগে যুগে মুখে মুখে প্ৰচলিত লোকগীত
- কৃষিজীৱী সমাজৰ জীৱনকেন্দ্ৰিক
- সৰল ভাষাত গভীৰ ভাব প্ৰকাশ
- সুৰ-তাল-লয়ৰ অপূৰ্ব সমন্বয়
- নাচৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক
- প্ৰকৃতি, প্রেম, সমাজ, ইতিহাস আদি সকলো বিষয়ৰ সংযোজন
- সামাজিক শালীনতা আৰু লোকাচাৰ ৰক্ষা এই সকলো গুণৰ বাবে বিহুনাম অসমীয়া লোকসাহিত্যৰ এক অমূল্য সম্পদ।
৮। চমু টোকা লিখা—
(ক) যোৰা নামঃ- যোৰা নাম হৈছে বিহুনাম গোৱাৰ এক অতি আকৰ্ষণীয় আৰু বিশেষ ধৰণ। এই ধৰণৰ বিহুনামত ডেকা আৰু গাভৰুৰ মাজত প্ৰশ্ন–উত্তৰ বা কথোপকথনৰ ৰূপত নাম গোৱা হয়। সাধাৰণতে ডেকা এজনীয়ে বিহুনাম গাই প্ৰশ্ন সোধে আৰু গাভৰু এজনীয়ে গীতৰ মাধ্যমতেই উত্তৰ দিয়ে। পুনৰ গাভৰুৱে প্ৰশ্ন কৰে আৰু ডেকাই উত্তৰ দিয়ে। এইদৰে গীতৰ যোগেদি দুয়োৰে মাজত ভাব, অনুভূতি আৰু আবেগৰ আদান–প্ৰদান ঘটে। তাহানিৰ দিনত যোৰা নামৰ প্ৰচলন বিশেষকৈ ৰাতি বিহুত আছিল। ৰাতি বিহুত ডেকা–গাভৰুয়ে মুক্তভাৱে মিলিত হৈ এই ধৰণৰ বিহুনাম গাইছিল। যোৰা নামত প্রেম-পিৰীতি, আবেগ, চেনেহ, আকাঙ্ক্ষা আৰু জীৱনৰ বাস্তৱ অনুভূতি সৰল ভাষাত প্ৰকাশ পায়। সমাজৰ শালীনতা ৰক্ষা কৰি এই গীতসমূহ গোৱা হৈছিল। বৰ্তমান সময়ত পৰম্পৰাগত ৰাতি বিহু লুপ্তপ্ৰায় হলেও, ‘ডেকা–গাভৰুৰ মুকলি বিহু’ত যোৰা নাম আজিও কিছু পৰিমাণে প্ৰচলিত। যোৰা নাম অসমীয়া লোকসংস্কৃতিৰ এটি গুৰুত্বপূৰ্ণ অংশ আৰু বিহুনামৰ সৃজনশীল প্ৰকাশভংগীৰ উৎকৃষ্ট নিদৰ্শন।
(খ) খণ্ড ছিগা বিহুনামঃ- খণ্ড ছিগা বিহুনামক কিছুমান অঞ্চলত, বিশেষকৈ লক্ষীমপুৰ জিলাত, খৰা নাম বুলিও কোৱা হয়। এই ধৰণৰ বিহুনামত দুলড়ী ছন্দত ৰচিত এটা সম্পূৰ্ণ স্তৱক কোনো জাত বা সহায়ক শব্দ (যেনে— দেহি ঐ, হায় ঐ আদি) নোলোৱাকৈ, নির্দিষ্ট সুৰ আৰু তাল ৰাখি গোৱা হয়। ইয়াত বিহুনামটো নিজস্ব গঠন আৰু সুৰৰ ওপৰতেই সম্পূৰ্ণভাৱে নিৰ্ভৰশীল। খণ্ড ছিগা বিহুনাম সাধাৰণতে হুঁচৰি, ৰাতি বিহু আৰু গাভৰু বিহু (জেং বিহু বা টকা বিহু)ত অধিক প্ৰচলিত আছিল। এই ধৰণৰ বিহুনাম বিশেষকৈ গাভৰুসকলে জাউৰিয়ে জাউৰিয়ে গাইছিল। খণ্ড ছিগা বিহুনামত অসমীয়া সমাজৰ দৈনন্দিন জীৱন, কষ্ট–আনন্দ, আশা–আকাঙ্ক্ষা, সামাজিক বাস্তৱতা আৰু মানৱীয় অনুভূতি সহজ-সৰল ভাষাৰে প্ৰকাশ পায়। এই ধৰণৰ বিহুনামত অতিৰিক্ত অলংকাৰ বা জটিলতা নাথাকে; সৰলতা আৰু গভীৰ ভাবেই ইয়াৰ মূল বৈশিষ্ট্য। খণ্ড ছিগা বিহুনাম অসমীয়া লোকগীত পৰম্পৰাৰ এক গুৰুত্বপূৰ্ণ অংশ আৰু বিহুনামৰ শৈল্পিক বৈচিত্র্য প্ৰকাশৰ এক উৎকৃষ্ট নিদৰ্শন।
(গ) জাতনামঃ- জাতনাম হৈছে বিহুনাম গোৱাৰ এক বিশেষ আৰু পৰম্পৰাগত ধৰণ। এই ধৰণত এফাকি বিহুনামক একাধিকবাৰ পুনৰুক্তি কৰি আন আন বিহুনামৰ ফাকিৰ সৈতে সংযোগ কৰি ৰজিতা খোৱাকৈ সুৰ-তালৰ সৈতে গোৱা হয়। এইদৰে পুনৰাবৃত্তি হোৱা বিহুনামৰ ফাকিকেই ‘জাত’ বুলি কোৱা হয়, আৰু সেই অনুযায়ী গোৱাৰ এই পদ্ধতিক জাতনাম নামেৰে জনা যায়। জাতনাম গোৱাৰ সময়ত একেটা জাত ফাকি বহুতো ভিন্ন বিহুনামৰ লগত সংযোগ কৰি গোৱা হয়। কেতিয়াবা হুঁচৰি-ঘোষা গোৱাৰ ধৰণৰ দৰে, প্ৰত্যেকটো পদৰ মূৰে মূৰে জাত ফাকি গোৱা হয়। ইয়াৰ ফলত গীতত তাল-লয়ৰ এক ধাৰাবাহিকতা সৃষ্টি হয় আৰু গোৱা-শুনা দুয়োটাতে ৰস আৰু উত্তেজনা বৃদ্ধি পায়। জাতনাম হুঁচৰি, গাভৰু বিহু আৰু ৰাতি বিহুত প্ৰচলিত আছিল। এই ধৰণৰ বিহুনামত বিহু, কৃষ্টি-সংস্কৃতি, ধৰ্মীয় আখ্যান, সমাজজীৱন আৰু দৈনন্দিন অভিজ্ঞতা সহজভাৱে প্ৰকাশ পায়। জাতনাম অসমীয়া লোকগীত পৰম্পৰাত বিহুনামৰ গঠন আৰু গায়নশৈলীৰ বৈচিত্র্য প্ৰকাশ কৰা এক গুৰুত্বপূৰ্ণ ধৰণ।
(ঘ) ধেমেলীয়া বিহুনামঃ- ধেমেলীয়া বিহুনাম হৈছে বিহুনামৰ এক বিশেষ ধৰণ য’ত হাঁহি-ধেমালি, কৌতুক, ব্যঙ্গ আৰু আনন্দমুখৰ ভাব প্ৰকাশ পায়। এই ধৰণৰ বিহুনামত দৈনন্দিন সমাজজীৱনৰ সৰু-সৰু ঘটনা, মানুহৰ আচৰণ, সামাজিক বৈষম্য, কেতিয়াবা বিবাহ, বয়স, পুৰুষ-মহিলাৰ আচৰণ আদি বিষয়ক সহজ আৰু ৰসাল ভংগীত উপস্থাপন কৰা হয়। শ্ৰোতাৰ মন আনন্দিত কৰা আৰু বিহুৰ আনন্দ-উল্লাস বঢ়োৱাৰ উদ্দেশ্যেই এই নামবোৰ গোৱা হয়। ধেমেলীয়া বিহুনাম সাধাৰণতে হুঁচৰিত গোৱা হয়। ইয়াৰ লগতে গাভৰু বিহু (জেং বিহু বা টকা বিহু) আৰু ৰাতি বিহুতো কিছুমান ক্ষেত্ৰত এই নামৰ প্ৰচলন আছিল। যদিও এই নামবোৰ ধেমেলীয়া আৰু ৰসাত্মক, তথাপি ইয়াত সমাজৰ নীতি-নৈতিকতাৰ সীমা সাধাৰণতে অতিক্ৰম কৰা নহয়। ধেমেলীয়া বিহুনামত সৰল ভাষা, চঞ্চল সুৰ-তাল আৰু ৰসাল উপমাৰ ব্যৱহাৰ দেখা যায়। এই নামবোৰে বিহুৰ আনন্দময় পৰিৱেশক অধিক উজ্জ্বল কৰি তোলে আৰু অসমীয়া লোকসংস্কৃতিত হাঁহি-আনন্দৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰে।
(ঙ) বনৰীয়া নামঃ- বনৰীয়া নাম হৈছে বিহুনামৰ এক বিশেষ ধৰণ য’ত যৌৱনপ্ৰাপ্ত ডেকা-গাভৰুৰ আবেগ, আকাঙ্ক্ষা আৰু দুৰ্বাৰ প্ৰেমভাব প্ৰকাশ পায়। সমাজৰ বাঁধ-নিষেধক উপেক্ষা কৰি ইজনে সিজনক কাষতে পাব বিচৰা মনোভাৱৰ পৰা এই নামবোৰৰ জন্ম হৈছে। বনৰীয়া নামত কেতিয়াবা সৰল, স্পষ্ট আৰু সাহসী ভাষাৰ ব্যৱহাৰ দেখা যায়, আৰু কোনো কোনো ক্ষেত্ৰত ই শ্লীলতাৰ সীমা অতিক্ৰম কৰা বুলিও গণ্য হয়। এই ধৰণৰ বিহুনাম সাধাৰণতে জনসমাগমৰ পৰা আঁতৰত, যেনে— হাবি-বননি, পথাৰ, গৰখীয়াৰ মাজত বা একান্ত পৰিৱেশত গোৱা হৈছিল। সেইকাৰণে বনৰীয়া নামক কেতিয়াবা হাবি নাম, গৰখীয়া গীত বা যৌৱনৰ গীত বুলিও কোৱা হয়। ইয়াত যৌৱনৰ উচ্ছ্বাস, দেহ-মন জাগ্ৰত কৰা আবেগ আৰু প্ৰকৃতিৰ সৈতে মিল থকা ভাব প্ৰকাশ পায়। বৰ্তমান সময়ত সামাজিক শালীনতা আৰু পৰিৱৰ্তিত মানসিকতাৰ বাবে বনৰীয়া নাম লুপ্তপ্ৰায় হৈ পৰিছে। তথাপি, এই নামবোৰে অসমীয়া লোকসংস্কৃতিত যৌৱনৰ মুক্ত প্ৰকাশ আৰু লোকজীৱনৰ এক বাস্তৱ দিশক প্ৰতিফলিত কৰে আৰু বিহুনামৰ বৈচিত্র্য বুজাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।