Chapter 4 -
বিহুনাচৰ পৰিচয়, বৈশিষ্ট্য আৰু ভংগিমা
১। শাস্ত্ৰীয় আৰু লোকনাচৰ ভিতৰত বিহুনাচ কোন শ্ৰেণীৰ অন্তৰ্গত?
উত্তৰঃ বিহুনাচ লোকনাচ বা দেশীয় নাচ শ্ৰেণীৰ অন্তৰ্গত। ই কোনো শাস্ত্ৰীয় নিয়ম বা মাৰ্গ অনুসৰি নহয়; লোক পৰম্পৰা আৰু স্বতঃস্ফূর্ত আনন্দৰ আধাৰত গঢ় লৈ উঠা নাচ।
২। বিহুনাচেৰে ভাৱ প্ৰকাশৰ বিপৰীতে কি প্ৰকাশ কৰা হয়?
উত্তৰঃ বিহুনাচেৰে অভিনয়মূলক ভাৱ প্ৰকাশ নকৰি আনন্দ, উৎসাহ-উদ্দীপনা আৰু স্বাভাৱিক উল্লাস প্ৰকাশ কৰা হয়।
৩। গাভৰুসকলৰ মূল নাচোনভংগী কেইটা আৰু কি কি?
উত্তৰঃ গাভৰুসকলৰ মূল নাচোনভংগী দুটা সেইকেইটা হল—
(ক) হাত মেলি নচা
(খ) কঁকালত হাত দি কঁকাল ভাঙি নচা
৪। বিহুৱতী গাভৰুৰ হাত মেলি নচা ভংগিমাকেইটাৰ চমু বিৱৰণ দিয়া।
উত্তৰঃ হাত মেলি নচা বিহুনাচৰ দুটা ভংগিমা আছে—
(ক) ফেটাশিঙীয়া ম’হৰ শিঙৰ দৰে দুয়োখন হাত বহলকৈ মেলি হাতৰ সৰু গাঁঠিত তলুৱা গা ফাললৈ ঘূৰাই কঁকাল মৃদুভাবে ভাঙি নচা।
(খ) টাকুৰিশিঙীয়া ম’হৰ শিশুৰ দৰে কপালৰ সম্মুখলৈ দুয়োখন হাত আনি হাতৰ সৰু গাঁঠিত তলুৱা ভিতৰ-বাহিৰ কৰি নচা।
৫। বিহুনাচৰ ক্ষেত্ৰত বিহুৱতীসকলে গুৰুত্ব দিবলগীয়া যিকোনো ৪ টা বিষয় উল্লেখ কৰা।
উত্তৰঃ
(ক) অতি তীব্ৰ বেগত দৌৰি ফুৰাৰ দৰে নাচিব নালাগে।
(খ) হাল বোৱা, ৰোৱা-তোলা আদি অভিনয়মূলক নাচ কৰিব নালাগে।
(গ) জাপি লৈ বিহুনাচ নাচিব নালাগে।
(ঘ) পিঠিফালে ৰাজহাড় বেঁকা কৰি নাচিব নালাগে; সম্মুখলৈ সামান্য হাউলি নাচিব লাগে।
৬। বিহুৱাৰ বিহুনাচৰ ৩ টা ভংগিমা উল্লেখ কৰা।
উত্তৰঃ
(ক) দুয়োখন হাত শৰীৰৰ আগে-পাচে মেলি কঁকাল ভাঙি নচা ভংগিমা।
(খ) ম’হৰ শিঙৰ দৰে হাত মেলি সম্মুখলৈ কঁকাল ভাঙি নচা ভংগিমা।
(গ) দুয়োখন হাত শৰীৰৰ দুয়োকাষে প্ৰসাৰিত কৰি ভৰি পিচলাই নচা ভংগিমা।
Question & Answer By:- Krishna Saikia