Chapter 5 - 

বিহুৱা - বিহুৱতীৰ সাজ পাৰ আৰু আ - অলংকাৰ 


১। বিহুৱা আৰু বিহুৱতীৰ প্রধান সাজ-পাৰ কেইবিধৰ নাম লিখা।

উত্তৰঃ 

বিহুৱাৰ সাজ-পাৰ:
চুৰিয়া, চোলা, টঙালি, গামোচা, হাতৰ হাঁচতি।

বিহুৱতীৰ সাজ-পাৰ:
মেখেলা, ৰিহা, চোলা (ব্লাউজ), হাঁচতি।

২। প্রাচীন কালত অসমীয়া মহিলাই পিন্ধা অলংকাৰ কেইপদৰ নাম লিখা।

উত্তৰঃ চিৰিপতা, শেনপতা, জেঠীনেজীয়া, ম’ৰানেজীয়া, পদুমকলি, মাছ-বাকলীয়া, জোনবিৰি, ঢোলবিৰি, মাদলি, গামখাৰু, মুঠিখাৰু, লোকাপাৰ।

৩। বিহুৱাসকলে চুৰিয়া পিন্ধা ৰীতি কেনেকুৱা?

উত্তৰঃ বিহুৱা ডেকাই মুগা বা কপাহী চুৰিয়া কঁকালত পিন্ধে। চুৰিয়াখন আঁঠু বা কলাফুল ঢাকি পেঁচ মাৰি পৰিপাটিকে পিন্ধা হয়।

৪। পূৰ্বৰ বিহুৱাসকলে মূৰত গামোচাখন কেনেদৰে বান্ধিছিল? পৰম্পৰাগত গামোচাখনত আগত কেইটা ফুল বচা হয়?

উত্তৰঃ পূৰ্বে বিহুৱাসকলে গামোচাখন সম্পূৰ্ণ মূৰত মেৰিয়াই বান্ধিছিল। পৰম্পৰাগত গামোচাখনত সাধাৰণতে এটা আগত আঁচু আৰু আনটো আগত ফুল বচা হয়।

৫। পূৰ্বতে বিহুৱতীসকলে কেনে ৰঙৰ মেখেলা পিন্ধি বিহু মাৰিছিল?

উত্তৰঃ পূৰ্বতে বিহুৱতীসকলে ৰঙা আৰু ক’লা ৰঙৰ কপাহী মেখেলা পিন্ধি বিহু মাৰিছিল।

৬। বিহুৱা আৰু বিহুৱতীয়ে পৰিধান কৰা চোলাকেইটাৰ বিষয়ে লিখা।

উত্তৰঃ বিহুৱাই মুগা বা কপাহী দীঘল বা চুটি হাতৰ চোলা পৰিধান কৰে। বিহুৱতীয়ে ৰঙা, ক’লা বা মুগা ৰঙৰ বুকু চোলা পিন্ধে, যিটো কঁকাললৈকে দীঘল আৰু হাতৰ কিলাকুটি ঢকা হয়।

৭। বিহুৱতীয়ে পিন্ধা খাৰুৰ এটি বিৱৰণ দিয়া।

উত্তৰঃ বিহুৱতী গাভৰুৱে সাধাৰণতে দুয়োখন হাতত গামখাৰু বা মুঠিখাৰু পিন্ধে। এই খাৰু সোণ বা ৰূপেৰে তৈয়াৰ কৰা হয়। ভিতৰত তামৰ প্ৰলেপ থাকিব পাৰে। গামখাৰু বিহুৱতীৰ সৌন্দৰ্য বৃদ্ধি কৰা এক পৰম্পৰাগত অলংকাৰ।



Question & Answer By:- Krishna Saikia