Chapter 2 -

বিহুবাদ্যৰ বিভিন্ন ছেও-চাপৰৰ শ্ৰেণীবিভাগ আৰু প্ৰকৃতি

অতিৰিক্ত প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্নোত্তৰ:

১। ৰঙালী বিহুৰ মুখ্যবাদ্য কোনবোৰ?

উত্তৰঃ ঢোল, পেঁপা, টকা, গগনা, তাল।

২। ৰঙালী বিহুৰ দুবিধ আনুসংগিক বা গৌণবাদ্যৰ নাম লিখা।

উত্তৰঃ সুতুলী আৰু বীণ।

৩। পালচ কাক বোলে?

উত্তৰঃ হুঁচৰিত ব্যৱহাৰ হোৱা ছেও-চাপৰসমূহ কিছুমান চুটি-চুটি ছন্দেৰে গঠিত। এই খণ্ডবোৰক পালচ বোলা হয়।

৪। কি কাৰণত হুঁচৰিত নৃত্যৰ লয়লাস বা লাস্য ভাব মুকলি বিহুতকৈ তুলনামূলকভাৱে নিম্নমানৰ হয়?

উত্তৰঃ পুৰুষ নাচনিয়ে নচাৰ বাবে৷

৫। হুঁচৰিৰ ছেও-চাপৰৰ প্ৰকৃতি কি ৰসৰ আধাৰত গঢ় লৈ উঠিছিল?

উত্তৰঃ বীৰ ৰসৰ৷

৬। হুঁচৰিত ৰসৰ বহিঃপ্রকাশ হিৰ জৰিয়তে ঘটে?

উত্তৰঃ নৃত্যৰ জৰিয়তে।

৭। ঢোলৰ কিছুমান ছেও-চাপৰৰ প্ৰকৃতি নিৰপক্ষীয় হোৱাৰ কাৰণ কি?

উত্তৰঃ কাৰণ ইয়াক হুঁচৰি আৰু মুকলি বিহু উভয়তে পৰিৱেশন কৰা হয়।

৮। খৰা ছেৱৰ প্ৰকৃতি কি?

উত্তৰঃ খৰা ছেৱৰ প্ৰকৃতি হ’ল হঠাতে বা অকস্মাতে শেষ হৈ যোৱা অথবা আৱশ্যকতকৈ বেছি চুটি।

৯। খৰা ছেওকোন শ্ৰেণীৰ ছেও?

উত্তৰঃ নৃত্যধৰ্মী শ্ৰেণীৰ। 

১০। খৰা ছেও ক’ত ব্যৱহাৰ কৰা হয়?

উত্তৰঃ কেৱল হুঁচৰিৰ নাচত খৰা ছেও ব্যৱহাৰ কৰা হয়।

১১। খৰা ছেও কাক বোলে?

উত্তৰঃ চুটি ছন্দেৰে গঠিত ঢোলৰ ছেওকে খৰা ছেও বোলে।

১২। হুঁচৰিৰ আদি ছেও কি?

উত্তৰঃ বুঢ়া ছেও।

১৩। বুঢ়া ছেৱৰ বাদনশৈলীৰ বৈশিষ্ট্য কি?

উত্তৰঃ বুঢ়া ছেও পালচ পালচকৈ বজোৱা হয়।

১৪। বুঢ়া ছেৱৰ প্ৰকৃতি আংশিক গীতিধর্মী হোৱাৰ কাৰণ কি?

উত্তৰঃ বুঢ়া ছেও-চাপৰৰ কিছু অংশ তাল আশ্ৰয়ী বা নৃত্যধৰ্মী আৰু ছেও-চাপৰৰ পালচত কোনো কোনো অঞ্চলত লহৰী নচাও পৰিলক্ষিত হয় বাবে এই ছেৱৰ প্ৰকৃতি আংশিক গীতিধর্মী।

১৫। লহৰী গীত কি?

উত্তৰঃ লহৰী গীত হৈছে গীত-নৃত্য-বাদ্যৰ সংমিশ্ৰণত গঠিত এক মনোগ্রাহী অনুষ্ঠান।

১৬। লহৰী গীত কিহৰ আধাৰত গোৱা হয়?

উত্তৰঃ ঢোলৰ এক বিশেষ ছেৱৰ আধাৰত লহৰী গীত গোৱা হয়।

১৭। লহৰীৰ খণ্ডৰ ছেও-চাপৰ কি প্ৰকৃতিৰ?

উত্তৰঃ গীতিধর্মী প্ৰকৃতিৰ।

১৮। হুৰালি কি?

উত্তৰঃ হুৰালি হৈছে ঢোল, পেঁপা আৰু গীতৰ সমাহাৰত চৌদিশ মুখৰিত হৈ উঠা হুঁচৰিৰ এক আড়ম্বৰপূৰ্ণ নৃত্যাংশ।

১৯। পেঁপাৰ হুৰালিৰ ছেও কোন বিভাগৰ অন্তৰ্গত?

উত্তৰঃ গীতিধৰ্মী বিভাগৰ অন্তৰ্গত।

২০। কছাৰী ছেও কেতিয়া পৰিৱেশন কৰা হয়?

উত্তৰঃ নাম-পদ সামৰাৰ পাছত কছাৰী ছেও পৰিৱেশন কৰা হয়।

২১। কছাৰী ছেওত কোনবিধ বাদ্যক মূল উপজীব্য কৰি নৃত্য পৰিৱেশন কৰা হয়?

উত্তৰঃ তালক।

২২। কছাৰী ছেও কোন বিভাগৰ অন্তৰ্গত?

উত্তৰঃ নৃত্যধর্মী বিভাগৰ।

২৪। দুমুনী ছেৱৰ প্ৰকৃতি কি ধৰ্মীৰ?

উত্তৰঃ দুমুনী ছেৱৰ প্ৰকৃতি তালাশ্রয়ী বা নৃত্যধর্মী।

২৩। কাঁহী ঘূৰোৱা ছেওৰ বৈশিষ্ট্য কি?

উত্তৰঃ কাঁহী ঘূৰোৱা ছেওৰ বৈশিষ্ট্য হ’ল— এজন বিহুৱাই মহিলাৰ পোছাক পৰিধান কৰি হাত, শিৰ, পিঠি, বাহু আদি অংগে অংগে কেইবাখনো কাঁহী লৈ নৃত্য কৰি ঢোলৰ ছেৱৰ তালে তালে হুঁচৰিৰ সাংগীতিক সৌষ্ঠৱ বৃদ্ধি কৰে৷

২৫। দীঘলীয়া ছেও কোন ছেৱৰ অন্তৰ্গত?

উত্তৰঃ বাজনাধৰ্মী ছেৱৰ অন্তৰ্গত।

২৬। হুঁচৰি আৰু মুকলি বিহুনাচৰ মৌলিক বাদ্য কি?

উত্তৰঃ পেঁপা বাদ্য।

২৭। পেঁপা বাদ্যত কেইটা বোলনি বিন্ধা থাকে?

উত্তৰঃ চাৰিটা।

২৮। মুকলি বিহু মানে কাৰ বিহু?

উত্তৰঃ ডেকা-গাভৰুৰ।

২৯। কাক কেন্দ্ৰ কৰি মুকলি বিহুৰ ছেও-চাপৰ সৃষ্টি হৈছে?

উত্তৰঃ নাচনীক কেন্দ্ৰ কৰি।

৩০। মুকলি বিহুৰ ছেও-চাপৰক কি ছেও বোলে?

উত্তৰঃ নাচনী ছেও বোলে।

৩১। নাচনী ছেৱৰ বৈশিষ্ট্য কি?

উত্তৰঃ নাচনী ছেৱৰ প্ৰধান বৈশিষ্ট্য হ’ল ছেৱৰ লগত কোনোধৰণৰ গীত পৰিৱেশন কৰা নহয়।

৩২। নাচনী ছেৱৰ মূল উপলক্ষ্য কি?

উত্তৰঃ চৰ্ম আনন্দ প্রকাশেই নাচনী ছেৱৰ মূল উপলক্ষ্য।

৩৩। নাচনী ওলোৱা ছেও কি?

উত্তৰঃ নাচনীসকলে বিহুতলিলৈ নৃত্যভংগিমাৰে ঢোলৰ তালে তালে প্ৰৱেশ কৰা বোলকে নাচনী ওলোৱা ছেও বোলা হয়।

৩৪। পৰিৱৰ্তনকাৰী বোল বা ভাঙনি কাক বোলে?

উত্তৰঃ বিহু নৃত্যানুষ্ঠানত কোনো এটা খণ্ডৰ পৰা আন এটা খণ্ডলৈ দফা পৰিৱৰ্তন কৰি লৈ বজোৱা বোলকে পৰিৱৰ্তনকাৰী বোল বা ভাঙনি বোলে।

৩৫। পেঁপা বাদনৰ মৌলিক বিষয়বস্তু কি?

উত্তৰঃ নৃত্যানুষ্ঠানৰ নান্দনিক সৌষ্ঠৱ বৃদ্ধি কৰাই হ’ল পেঁপা বাদনৰ মৌলিক বিষয়বস্তু।

৩৬। গাভৰু বিহুৰ মূল বাদ্য কি?

উত্তৰঃ গগনা।

৩৭। গগনাৰ স্কেল কিহৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰঃ বতৰৰ বাতাবৰণৰ ওপৰত।

৩৮। গাভৰু বিহু নৃত্যানুষ্ঠানত ব্যৱহৃত মৌলিক বাদ্যবিধ কি?

উত্তৰঃ সুতুলি বাদ্য।

৩৯। গাভৰু বিহুৰ প্ৰধান অলংকাৰ কি?

উত্তৰঃ গীত।

অনুশীলনী প্রশ্নোত্তৰ

১। বিহুবাদ্য বুলিলে কি বুজা?

উত্তৰঃ বিহুবাদ্য বুলি ক’লে ৰঙালী বিহুৰ নৃত্য-গীতত ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰসমূহক বুজায়।

২। ব’হাগ বিহু উৎসৱত ঘাইকৈ কেই প্ৰকাৰৰ নাচ পৰিৱেশন কৰা হয়?

উত্তৰঃ ব’হাগ বিহুতে ঘাইকৈ তিনি প্ৰকাৰৰ নাচ পৰিৱেশন কৰা হয়—হুঁচৰি, মুকলি বিহু আৰু গাভৰু বিহু।

৩। হুঁচৰিত পৰিৱেশন হোৱা ঢোলৰ ছেও-চাপৰসমূহক কেইটা শ্ৰেণীত বিভক্ত কৰিব পাৰি?

উত্তৰঃ হুঁচৰিত পৰিৱেশন হোৱা ঢোলৰ ছেও-চাপক চাৰি শ্ৰেণীত বিভক্ত কৰিব পাৰি—নৃত্যধর্মী ছেও, গীতিধর্মী ছেও, বাজনাধর্মী ছেও আৰু বাদ্যধর্মী ছেও।

৪। নৃত্যধৰ্মী আৰু গীতিধৰ্মী ছেও কাক বোলে? ব্যাখ্যা কৰা।


উত্তৰঃ ঢোলৰ বুলনিৰ ওপৰত বিশেষ ভংগিমাৰে হস্ত আৰু পদচালনা কৰা হয়। বহি বা ভৰিৰ খোজৰে তাল ৰাখি নচা হয় বাবে ঢিমা লয়ত বাদন কৰা হয়। এই ছেও এক নৃত্যধর্মী ছেও। যেনে—

দফা (ক):

ঘেইন/ ঘেইন/ ঘেইন/ চাক

ঘেইন/ ঘেইন/ ঘেইন/ চাক

ঘেইন/ ঘেইন/ ঘেইনচাক/ ঘেইন

চাক চাক……….. ক্রমশঃ

দফা (খ):

প্রাক উৰু…. ঘেনিচাকো ঘেন ধিন দাও

প্ৰাক উৰু…. ঘেনিচাকো ঘেন ধিন দাও….

দফা (গ):

ঘেন উৰু ঘেন চাকো

ঘেন উৰু ঘেন চাকো….


এই দফাৰ ছেৱৰ বোলনিবোৰ গীত আৰু নাচৰ ওপৰত আধাৰিত। ছেৱৰ তাল ৰক্ষা কৰি পদ-হস্ত চালনা আৰু গীত পৰিৱেশন কৰা হয়। এই দফা সত্ৰীয়া নৃত্যৰ অংকীয়া ভাওনাৰ লগত নৃত্যৰ সাদৃশ্য দেখা যায়। লয় ক্ৰমাৎ বিলম্বৰ পৰা ঊৰ্ধমুখীলৈ গতি কৰে। এই ছেও গীতিধৰ্মী শ্ৰেণীৰ।


৫। হুঁচৰিৰ ছেও-চাপৰৰ প্ৰকৃতি বুলিলে সচৰাচৰ কেইটা বৈশিষ্ট্য সততে পৰিলক্ষিত হয়?


উত্তৰঃ হুঁচৰিৰ ছেও-চাপৰত কিছুমান বিশেষ বৈশিষ্ট্য দেখা যায়—


(ক) কেৱল পুৰুষ নৃত্যশিল্পীয়ে পৰিৱেশন কৰে, সেয়ে ই মুকলি বিহুৰ পৰা বেলেগ। ছন্দবোৰ “পালচ” ৰূপে ভিন্ন ভিন্ন ঢঙত গঠিত হৈ একঘেয়ামি নহয়।


(খ) গাঁথনিৰ দিশত ছেও-চাপৰ আৱৰ্তনধৰ্মী, মুক্ত, মিশ্ৰিত আৰু সংযুক্ত ৰূপে বিস্তৃত।


(গ) লাস্যৰ প্ৰভাৱ কম, তুলনামূলকভাৱে মৃদু তাণ্ডৱৰ আভা বেছি। ৰজাক আদৰ বা দোলাত লৈ অহাৰ দৰে কার্যত বীৰ ৰসৰ ছাপ থাকে।


(ঘ) ঢিমা লয়ৰ পৰা আৰম্ভ কৰি মধ্য লয়ত সামৰণি হয়, আৰু কেৱল পুৰুষে পৰিৱেশন কৰাত তাণ্ডৱৰ গুণ বেছি প্ৰধান।


(ঙ) কিছুমান ছেও-চাপৰত সত্ৰীয়া নৃত্যৰ লগত সাদৃশ্য পোৱা যায়।


(চ) কিছুমান ছেও-চাপৰ মুকলি বিহু আৰু হুঁচৰি উভয়ত ব্যৱহৃত হয়; যেনে— দুমুনী ছেও, কাঁহী ঘূৰুৱা ছেও, মিচিং ছেও, দীঘলীয়া ছেও আদિ।



৬। চমুটোকা লিখা:


(ক) বুঢ়া ছেও।


উত্তৰঃ বুঢ়া ছেও হৈছে হুঁচৰিৰ আদি ছেও। বুঢ়া ছেৱৰ বাদনশৈলীৰ বৈশিষ্ট্য হ’ল এই ছেও পালচ পালচকৈ বজোৱা হয়। কেতিয়াবা বহি, কেতিয়াবা দুয়োখন হাত ককালত ধৰি, পালচ পৰিৱৰ্তন হ’লে আগলৈ হাউলি বাঁও ভৰি সোঁ ভৰি আগেদি জাঁপ মাৰি বৃত্তাকাৰে, সমুখলৈ, পাছলৈ, সোঁফালে, বাঁওফালে গতি কৰা হয়। বুঢ়া ছেওৰ প্ৰকৃতি মিশ্রিত। এই ছেও-চাপৰৰ কিছু অংশ তাল আশ্রয়ী বা নৃত্যধৰ্মী আৰু ছেও-চাপৰৰ পালচত কোনো কোনো অঞ্চলত লহৰী নচাও পৰিলক্ষিত হয় বাবে এই ছেৱৰ প্ৰকৃতি আংশিক গীতিধর্মী। বুঢ়া ছেও মৃদু তাণ্ডৱ ৰসৰ দিশে ধাকমান হয় আৰু ঢিমা লয়ত আৰম্ভ হৈ মধ্য লয়ত অন্ত পৰে।


    বুঢ়া ছেঙৰ পালচ তলত দিয়া হ’ল-

    ঘেনি চাকো চাক, ঘেনি চাকো চাক

    ঘেনি চাকো তাকিঘেনা দিঘেন চাকো চাক…… ক্রমশঃ।


ঘেনি চাকো চাক, ঘেনি চাকো চাক  

ঘেনি চাকো তাকিঘেনা দিঘেন চাকো চাক……


(খ) কছাৰী ছেও।


উত্তৰঃ হুঁচৰি অনুষ্ঠানৰ কছাৰী ছেও এক অত্যাৱশ্যকীয় অংগ। সাধাৰণতে নাম-পদ সামৰাৰ পাছত কছাৰী ছেও পৰিৱেশন কৰা হয়। কছাৰী ছেৱত তালক মূল উপজীব্য কৰি নৃত্য পৰিৱেশন কৰা হয়। ইয়াত গীত গোৱা নহয়, কিন্তু কছাৰী ছেৱৰ ছন্দৰ গাঁথনি অলপ জটিল। পুৰুষ নাচনিয়ে কছাৰী ছেৱৰ তালে তালে হস্ত আৰু পদ সঞ্চালন কৰে। মৃদু তাণ্ডৱ ৰস নিসৰণ হয় আৰু ঢিমা লয়ত আৰম্ভ কৰি মধ্য লয়ত সামৰণি মৰা হয়। বহুতে কছাৰী ছেওটোকে বুঢ়া ছেও বুলি ক’ব খুজিলেও প্রকৃততে তেনে ধাৰণা শুদ্ধ নহয়৷ দুয়োটা ছেৱৰে নিজা নিজা বৈশিষ্ট্য আছে। এই ছেও নৃত্যধর্মী বিভাগৰ অন্তৰ্গত।


ছেও: তাখিৰ খিতা দিযেন দাও যেনি তিঘেন দাও দাও


তাখিৰ খিতা দিঘেন দাও ঘেনি তিঘেন দাও….. ক্রমশঃ।



(ঘ) সুতুলিৰ ছেওচাপৰি আৰু প্ৰকৃতি।


উত্তৰঃ সুতুলিৰ ছেও-চাপৰ বা লহৰ মুকলি বিহু আৰু গাভৰু বিহুত ব্যৱহাৰ হোৱােটো অতীতৰ পৰাই প্রচলিত। অৱশ্যে মুকলি বিহুত সুতুলি বাদ্যক মৌলিক বাদ্য হিচাপে গণ্য কৰা নহয়৷ তথাপি সুতুলিৰ ছেও বা বোল মুকলি বিহুত বজোৱা হয়৷ আনহাতে গাভৰু বিহু নৃত্যানুষ্ঠানত সুতুলি বাদ্যক মৌলিক বাদ্য হিচাপে ব্যৱহাৰ কৰা হয়।


সুতুলি বাদ্যৰ বোলনি বিন্ধা তিনিটা বা চাৰিটা হোৱাৰ বাবে ছেও-চাপৰ বাদনৰ দ্বাৰা সকলো স্বৰৰ বোলনি সুতুলিত বোলাব নোৱাৰি। গতিকে সুতুলিৰ ছেও-চাপৰৰ শ্ৰেণী বিভাজনো কৰিব নোৱাৰি।সুতুলিৰ ছেও-চাপৰ বা সুৰৰ লহৰ কোনো এটা বিশেষ বিহুগীতৰ আধাৰত বজোৱা হয়। প্রথমে সেই বিশেষ গীতটো কন্ঠস্থ কৰি লোৱা হয় আৰু সেই গীতটো সুতুলিত বজাবলৈ চেষ্টা কৰা হয়। সুতুলিৰ স্বৰধ্বনি ওঁঠৰ সুহুৰিৰ দৰে। সচৰাচৰ এটা সুতুলিৰ ছেও বা বুলনিৰ স্বৰধ্বনি বিহুতলিবোৰত এনেদৰে প্ৰায়ে শুনা যায়—“ল-ল-ল-ল/ লতি/ তিল-ল/ ল-ল-ল-ল লতি/ তি-ল/ ল-ল-ল-ল–ল….”। সুতুলিৰ এই বোলটো বাদন কৰোঁতে ঢোলৰ গিতখিতি গিতখিত গিতখিতি বোল সাধাৰণতে বজোৱা হয়, কিন্তু গাভৰু বিহুত টকাৰ টক্ টক টক্ টক্ ধ্বনিৰে তাল ৰক্ষা কৰা হয়। সুতুলিৰ বুলনিৰ শেষত যিকোনো নাচনী ছেও বজাব পাৰি৷ মুকলি বিহু বা গাভৰু বিহুৰ নৃত্যানুষ্ঠানত সুতুলি সাধাৰণতে মধ্যম লয়ত বজোৱা হয়।


(ঙ) গাভৰু বিহুবাদ্য।

উত্তৰঃ গাভৰু বিহু হৈছে গাভৰুসকলৰ সমনীয়া বিহু। এই বিহুৰ নৃত্যানুষ্ঠানত গীতেই প্রধান অলংকাৰ। শ্রুতিমধুৰ বাৰে ৰহণীয়া গীতৰ লালিত্যই নৃত্যৰ কলা ৰীতিক অধিক উপভোগ কৰি তোলে৷ গীতৰ জৰিয়তে নৃত্যৰ নান্দনিকতা মনোগ্রাহী কৰি তুলিবৰ বাবে গাভৰু বা মহিলাসকলে বাদ্যযন্ত্ৰও ব্যৱহাৰ কৰে। গাভৰু বিহুত ব্যৱহাৰ হোৱা মুখ্য বাদ্য হৈছে টকা, গগনা আৰু সুতুলি। হাত-চাপৰিও গাভৰু বিহুৰ এক সহযোগী বাদ্য হিচাপে বিবেচনা কৰিব পৰা যায়। গাভৰু বিহুত নৃত্য সংগতকাৰীসকলৰ হাত চাপৰিৰ ধ্বনিয়ে গাভৰু বিহুৰ সাংগীতিক অভিব্যক্তিক অধিক ব্যঞ্জনাময় কৰি তোলে।

সাধাৰণতে বিলম্ব, মধ্য আৰু দ্ৰুত লয়ত গাভৰুসকলে গগনা বজোৱা পৰিলক্ষিত হয়। গগনা বজোৱাৰ পিছত গগনা বজোৱা গাভৰুজনীক উদ্দেশী বিহুগীতো গোৱা দেখা যায়৷

সাধাৰণতে গাভৰু বিহুৰ বাদ্যৰ ছেও-চাপৰ প্ৰকৃতি গীতিধৰ্মী আৰু নৃত্যধৰ্মী। গীত-নৃত্যৰ তাল ৰাখিবলৈ টকা বাদ্য আৰু হাত-চাপৰি ব্যৱহাৰ কৰা হয়।