সপ্তদশ শতিকাৰ চামধৰা গড়ৰ ৰণজয়ৰ শিলৰ ফলি

১। চামধৰা গড় ক'ত অৱস্থিত?

উত্তৰঃ তেজপুৰৰ ওচৰত ভোমোৰাগুৰি পাহাৰৰ কাষত।

২। ফলিত উল্লেখ কৰা যুদ্ধখন ক'ত হৈছিল?

উত্তৰঃ ভৰলীমুখত আহোম-মোগলৰ মাজত।

৩। হাৰুণি-দাৰুণি নাম কি হিচাপে ধৰা হৈছে?

উত্তৰ: ভোমোৰাগুৰি পৰ্বতৰ পুৰণি নাম হিচাপে।

৪। 'গোসাই' শব্দৰ পৰিবৰ্তন কি হৈছে?

উত্তৰঃ গোহাঁই।

৫। প্রথম শিলালিপিত কিমানজন বিষয়া উল্লেল্লখ আছে?

উত্তৰঃ তিনিজন- ভাণ্ডাৰী গোসাই, লাঙ্গির্পো গোসাই, নায় সলিয়াবাই।

৬। চামধৰা গড়ৰ নামকৰণ কিয় হ'ল?

উত্তৰঃ 'চামৰ' ধৰি দেবতার বিচি দিয়া ৰীতিৰ পৰা।

৭। চামধৰা গড়ৰ ৰণজয়ৰ শিলৰ ফলি কোন শাসকৰ সময়ত খোদিত হৈছিল?

উত্তৰ: আহোম ৰজা প্রতাপ সিংহৰ সময়ত, ১৫৩৮ শক বা ১৬১৬ খ্রীষ্টাব্দত।

৮। দ্বিতীয় শিলালিপিখনৰ ভাষা কি?

উত্তৰঃ সম্পূর্ণ অসমীয়া ভাষাত লিখা।

৯। আধুনিক অসমীয়া গদ্যৰ প্ৰথম নিদৰ্শন ক'ত পোৱা যায়?

উত্তৰঃ চামধৰা গড়ৰ ৰণজয়ৰ শিলালিপিত।

১০। চামধৰা গড়ৰ শিলৰ ফলিখনত কিমানখন শিলালিপি আছে?

উত্তৰঃ মুঠ তিনি খন শিলালিপি আছে।

১১। সতীশ চন্দ্র ভট্টাচার্য দেবে কি কৰিছিল?

উত্তৰঃ তৃতীয় শিলালিপি উদ্ধাৰ আৰু সংৰক্ষণৰ দাবীত আন্দোলন কৰিছিল।

১২। তৃতীয়খন শিলালিপিৰ ভাষা কেনেকুৱা?

উত্তৰঃ সম্পূর্ণ অসমীয়া গদ্য।

১৩। হাৰুণি-দাৰুণি নাম কি হিচাপে ধৰা হৈছে? উত্তৰ: ভোমোৰাগুৰি পৰ্বতৰ পুৰণি নাম হিচাপে।


চমু প্রশ্নোত্তৰ

১। শিলালিপিত উল্লেখ থকা বিষয়া সকলৰ ভূমিকা কেনে আছিল?

উত্তৰঃ চামধৰা গড়ৰ শিলালিপিত উল্লেখ থকা বিষয়া সকল আহোম ৰাজত্বৰ ৰাজনৈতিক, সামৰিক আৰু ৰাজহ-প্ৰশাসনমূলক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল।

        ‘ভাণ্ডাৰী গোহাঁই’ গড় নিৰ্মাণৰ দায়িত্বত নিযুক্ত আছিল। যুদ্ধত জয়লাভৰ পিছত তেওঁ সেনাপতি ৰূপে স্বীকৃতি লাভ কৰে আৰু বুৰঞ্জীৰ তথ্য মতে, তেওঁ এজন বুদ্ধিমান আৰু বিচক্ষণ বিষয়াৰূপে পৰিচিত।

        ‘লাঙ্গি পানীসিয়া’ আহোম ৰাজত্বৰ প্ৰথম বৰফুকন আছিল। তেওঁ কলিয়াবৰৰ পৰা পশ্চিমলৈ জয় কৰা অঞ্চলসমূহৰ শাসন দেখুৱাবলৈ দায়িত্ব পাইছিল। যুদ্ধত সৈন্য আৰু বন্দীসকল সংগঠিত কৰি ৰাজসভালৈ প্ৰতিবেদন দিয়াৰ বাবে তেওঁ বিশেষ সন্মান লাভ কৰিছিল।

        দ্বিতীয় শিলালিপিত **‘ফুলুঙ গোসাই’, ‘কুলুতা গোসাই’ আৰু ‘জদু বৰৱা’**ৰ নাম উল্লেখ আছে। তেওঁলোকে যুদ্ধত বিশেষ অবদান ৰখাৰ বাবে স্বৰ্গদেৱৰ পৰা প্রশংসা আৰু মর্যাদা লাভ কৰে।

        ইয়াৰ পৰা স্পষ্ট যে, বিষয়াসকল কেৱল যুদ্ধ বা ৰাজনীতিৰ সৈতে সীমাবদ্ধ নাছিল; গড় নিৰ্মাণ, সমাজ ব্যৱস্থা, আৰু সাংস্কৃতিক বিকাশৰ ক্ষেত্ৰতো তেওঁলোকৰ উল্লেখযোগ্য ভূমিকা আছিল। শিলালিপিত নাম খোদিত হৈ থাকিবই তেওঁলোকৰ উচ্চ মর্যাদা আৰু প্ৰভাৱৰ সাক্ষ্য বহন কৰে।


২। চামধৰা গড়ৰ শিলালিপিসমূহৰ বৰ্তমান অবস্থা কেনেকুৱা?

উত্তৰঃ চামধৰা গড়ৰ শিলালিপিসমূহৰ বৰ্তমান অৱস্থা অত্যন্ত শোচনীয়। শিলালিপিখনৰ বহু আখৰ বৰ্ষা-বতাহ আৰু সময়ৰ প্ৰভাৱত ক্ষয়প্ৰাপ্ত হৈ অস্পষ্ট হৈ পৰিছে। ২০১৯ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী শ্ৰীসন্ধ্যা শিখা লস্কৰে এই স্থান পরিদৰ্শন কৰাৰ সময়ত প্ৰথমতে শিলালিপিখন চিনাক্ত কৰাত অসুবিধা হয় আৰু স্থানীয় লোকৰ সহায় লৈহে চাবলৈ সক্ষম হয়।

        শিলালিপিখনৰ ওপৰত কেতিয়াবা মানুহে দা-কটাৰী শাণিবলৈ ব্যৱহাৰ কৰাত বিকৃতি ঘটিছে। ফলকে "Site maintained by Students of Tezpur University" বুলি লিখা থাকিলেও, বাস্তৱতে কোনো কাৰ্যকৰী সংৰক্ষণ ব্যৱস্থা নাই।

        দ্বিতীয়খন দলং নিৰ্মাণৰ সময়ত উদ্ধাৰ হোৱা তৃতীয়খন শিলালিপিও বৰ্তমানে উদাসীনতা, পৰিবেশৰ প্ৰভাৱ আৰু সঠিক যত্নৰ অভাৱত হাবি-ভাঙি নষ্ট হৈ গৈছে।

        সেয়েহে চৰকাৰ, বিশ্ববিদ্যালয় আৰু স্থানীয় জনসাধাৰণে একেলগ হৈ এই ঐতিহাসিক সম্পদ সংৰক্ষণৰ দায়িত্ব লোৱা একান্ত প্ৰয়োজন। নতুবা এই মূল্যবান শিলালিপিসমূহ আম্ৰে ইতিহাসৰ পৰা চিৰদিনৰ বাবে লোপ পোৱাৰ আশংকা আছে।

৩। আধুনিক অসমীয়া গদ্য সাহিত্যত শিলালিপিসমূহৰ অৱদান কিমান গুৰুত্বপূৰ্ণ?

উত্তৰঃ আধুনিক অসমীয়া গদ্য সাহিত্যৰ ইতিহাসত চামধৰা গড়ৰ শিলালিপিসমূহ বিশেষ গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে। বিশেষকৈ দ্বিতীয় আৰু তৃতীয়খন শিলালিপি সম্পূর্ণ অসমীয়াত লিখা হওয়াত এগৰাকী গবেষকৰ বাবে ইয়াক প্ৰথম নিৰ্ভৰযোগ্য উৎস বুলি ধৰা হয়।

        এই শিলালিপিসমূহত ব্যৱহৃত গদ্যভাগ সৰল, তথ্যভৰ্তি আৰু বৰ্ণনামূলক। ইয়াত ব্যৱহৃত ভাষা, শব্দ, ব্যাকৰণ আৰু বাক্যগঠন আধুনিক অসমীয়াৰ সৈতে গভীৰ সাদৃশ্য প্ৰকাশ কৰে। ‘জয় জয়’, ‘কৰিলেন্ত’, ‘পাচে’, ‘গড় কৰিলে’, ‘সিমা কৰি’, ‘নিপাত কৰি’ আদি শব্দৰ ব্যৱহাৰে আধুনিক গদ্যৰ ধাৰা স্পষ্ট হয়।

        শিলালিপিসমূহত যুদ্ধ, গড় নিৰ্মাণ, বিষয়াৰ নিযুক্তি আদি ৰাজনৈতিক বিষয় বৰ্ণিত হৈছে। অসমীয়াত এইসব তথ্য লিখা হওয়াত ভাষাটোৰ ঘৰুৱা আৰু প্ৰাকৃতিক ৰূপ প্ৰকাশ পায়।

        মহেশ্বৰ নেওগে এই শিলালিপিসমূহক আধুনিক অসমীয়া গদ্যৰ প্ৰথম প্ৰামাণিক দস্তাবেজ হিচাপে আখ্যা দিছে। সেয়েহে, ভাষা, সাহিত্য আৰু ইতিহাসৰ সংমিশ্ৰণ ৰূপে এই শিলালিপিসমূহ আধুনিক গদ্য সাহিত্যৰ বিকাশত অমূল্য অৱদান ৰাখিছে।

৪। শিলালিপিসমূহৰ ভাষাগত বৈশিষ্ট্য কি কি আছিল?

উত্তৰঃ চামধৰা গড়ৰ শিলালিপিসমূহ অসমীয়াৰ গদ্যভাষাৰ প্ৰথম যুগৰ দস্তাবেজ হিচাপে বিশেষ মূল্যবান। এই শিলালিপিসমূহত অলংকাৰবিহীন, প্ৰাকৃতিক গদ্যধাৰা আৰু তথ্যভিত্তিক বাক্য গঠন দেখা যায়। প্ৰথমখন শিলালিপিত সংস্কৃত-অসমীয়াৰ মিশ্ৰণ পোৱা যায়, কিন্তু দ্বিতীয় আৰু তৃতীয়খন শিলালিপি সম্পূর্ণ অসমীয়াত লিখা।

        শব্দ ব্যৱহাৰ আৰু বাক্য গঠনৰ ক্ষেত্ৰত ‘কৰিলেও’, ‘নিপাত কৰি’, ‘গড় কৰিলে’, ‘সিমা কৰি’, ‘পাচে’, ‘জয় জয়’ আদি ৰূপৰ উপস্থিতি আধুনিক অসমীয়াৰ সৈতে সাদৃশ্য দেখুৱায়।

        ভাষাগত ভিন্নতাৰ দিশত ‘সং সঙ’, ‘গোসাই গোহাঁই’, ‘গব গড়’ আদি ৰূপান্তৰ শিলালিপিত প্ৰকাশ পাইছে, যাৰ পৰা প্ৰাকৃত আৰু সংস্কৃতৰ পৰা আধুনিক অসমীয়ালৈ ভাষাৰ পৰিৱর্তনৰ ধাৰা বুজা যায়। যুক্তাক্ষৰ, ন-ণ আৰু জ-যৰ ব্যৱহাৰো যথেষ্ট শৃঙ্খলাভাৱে দেখা যায়।

        সংস্কৃত অংশত ‘প্রতাপানল-তাপিত-ভূপ-চূড়ামণি’ ধৰণৰ অলংকাৰিক শব্দ পোৱা যায়, কিন্তু অসমীয়াত লিখা অংশবোৰত সৰল আৰু তথ্যভৰ্তি গদ্য প্ৰকাশ পায়। এই ভাষাগত বৈচিত্র্যই অসমীয়া ভাষাৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ পৰ্যায় চিহ্নিত কৰে।

৫। চামধৰা গড়ৰ নামকৰণৰ পেছত থকা কিংবদন্তী কি?

উত্তৰ: চামধৰা গড় নামৰ উৎপত্তি সম্পৰ্কে এটা জনশ্ৰুতি আছে। কোৱা হয় যে ব্ৰহ্মপুত্ৰৰ উত্তৰ তীৰত থকা চামধৰা নামৰ পাহাৰত আহোমসকলে তিনিজন দেৱতাৰ পূজা কৰিছিল—চাওখাও, চাওৰেখাও আৰু চাওপাঠান। বিশ্বাস অনুসৰি চাওৰেখা মানুহৰ শৰীৰত ভৰ দিয়ে আৰু কলপাতৰ ওপৰত ভৰি দি নদী পাৰ হৈ পূজাস্থললৈ আহে।

        এইসময়ত গাঁওবাসীয়ে তেওঁক পথ দেখুৱাবলৈ “চাম” (বিচনি) ধৰি সহায় কৰিছিল। লোকবিশ্বাস অনুসাৰে “চাম” আৰু “ধৰা” শব্দ দুয়োটাৰ মিলনৰ ফলতে অঞ্চলখনৰ নাম হয় “চামধৰা”।         আহোম ৰাজত্বকালত এই স্থানত গড় নিৰ্মাণ, দেৱতা পূজা, লগতে ৰাজকাৰ্য চলিছিল। তাৰ ফলত “চামধৰা গড়” অতি গুৰুত্বপূৰ্ণ ঐতিহাসিক স্থান হিচাপে পৰিচিত হয়।         এই কিংবদন্তীৰ জৰিয়তে দেখা যায় যে স্থাননামৰ পেছত কেৱল ভৌগোলিক নহয়, ধর্মীয় আৰু সাংস্কৃতিক গুৰুত্বো জড়িত থাকে। নামকৰণটোৱে লোকবিশ্বাস, দেৱপূজা আৰু সমাজ-সংস্কৃতিৰ সৈতে গভীৰ সংযোগ প্ৰকাশ কৰে।



Type by-Pankaj Saikia