অর্জুন ভঞ্জন' নাটৰ অন্তৰ্গত 'নন্দ-যশোদাৰ

১। মাধৱদেৱ-শংকৰদেৱৰ গুৰু-শিষ্য সম্পর্কক কি বোলা হয়?

উত্তৰঃ এই সম্পর্কক কুমণিকাঞ্চন সংযোগক্ট বোলা হয়।

২। মাধৱদেৱৰ প্ৰথম পুথিখনৰ নাম কি?

উত্তৰঃ 'জন্ম ৰহস্য'।

৩। মাধৱদেৱৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল?

উত্তৰঃ মাধৱদেৱৰ জন্ম ১৪৮৯ চনত উত্তৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত হৈছিল।

৪। মাধৱদেৱৰ প্ৰথম পুথিখনৰ নাম কি?

উত্তৰঃ 'জন্ম ৰহস্য'।

৫। মাধৱদেৱে মাধৱ কন্দলিৰ ৰামায়ণখনৰ কোনখন অংশ ৰচনা কৰিছিল?

উত্তৰ: আদিকাণ্ড।

৬। শংকৰদেৱে ৰচনা কৰা বৰগীতবোৰ জুইত জাহ গৈ যোৱাৰ পিছত নতুনকৈ গীত ৰচনাৰ আদেশ কাক দিছিল?

উত্তৰ: মাধৱদেৱক।


৭। মাধৱদেৱে অসমীয়াত অনুবাদ কৰা 'ভক্তি ৰত্নাৱলী' পুথিখনৰ মূল লেখক কোন?


উত্তৰঃ বিষ্ণুপুৰী সন্ন্যযাসী।


৮। মাধৱদেৱে নাটখনত কিমানটা গীত সংযোজন কৰিছে?


উত্তৰ: নাটখনত মুঠ ১১টা গীত সংযোজন কৰা হৈছে।


৯। নাটখনত শ্রীকৃষ্ণক কোনে উৰালত বান্ধে? উত্তৰঃ যশোদাই শ্রীকৃষ্ণক উৰালত বান্ধে।


১০। 'অর্জুন ভঞ্জন' নাটখনত গৃহ-কন্দলৰ দৃশ্য কিমান গুৰুত্বপূৰ্ণ?


উত্তৰঃ ইনাট্যৰস, সামাজিক প্ৰসংগ আৰু হাস্যৰস বৃদ্ধিৰে নাটকৰ নাটকীয়তা সম্পূৰ্ণ কৰে।


চমু প্রশ্নোত্তৰ


১। 'অর্জুন ভঞ্জন' নাটৰ মূল কাহিনী কিদৰে বিকাশ ঘটিছে?


উত্তৰঃ 'অর্জুন ভঞ্জন' নাটৰ মূল কাহিনী শ্রীকৃষ্ণৰ বাললীলা তথা যমলাৰ্জুন ভঞ্জনৰ ঘটনাৰ ওপৰত নিৰ্মিত। নাটকখনৰ আৰম্ভণিত দেখা যায়, যশোদাই দাসীসকলৰ ওপৰত অসন্তুষ্ট হৈ নিজে দধি মথিবলৈ বসে। সেই সময়তে শিশুকৃষ্ণ স্তনপান কৰিবলৈ আহে, কিন্তু যশোদাই গাখীৰ উতলিবলৈ যোৱাৰ ফলে কৃষ্ণ ৰাগী হয়। তেতিয়া কৃষ্ণে দধিভাণ্ড ভাঙি দিয়ে আৰু বান্দৰৰ সৈতে দধি ভোগ কৰে।         এই দুষ্টুমাৰ বাবে যশোদাই কৃষ্ণক ধৰি উৰালত বান্ধি ৰাখে। কিন্তু উৰালত বান্ধা অৱস্থাতো কৃষ্ণে উৰাল টানি লৈ গৈ যমলাৰ্জুন গছ ভাঙি পেলায়। সেই গছৰ পৰা নলকুবেৰ আৰু মণিগ্ৰী মুক্তি লাভ কৰে।         অন্ততঃ নাটকখন নন্দ-যশোদাৰ মাজত হোৱা হাস্যৰসাত্মক কথোপকথনৰ সৈতে সমাপ্ত হয়। এইদৰে পুৰাণীয় ঘটনাৰ আধাৰত ৰচিত এই নাটকখন অধিক নাটকীয় ৰূপত বিকাশ পাই, কৃষ্ণৰ বাল্যদুষ্টুমী, ভক্তি আৰু হাস্যৰস একেলগে উপস্থাপন কৰিছে।

২। নাটখনত যশোদাৰ চৰিত্ৰ বিশ্লেষণ কৰা। উত্তৰঃ যশোদা নাটখনৰ অন্যতম মুখ্য চৰিত্ৰ। তেওঁ এজনী আদর্শ গৃহিণী, কর্মনিপুণ, সন্তান প্রেমত অন্ধ মা আৰু এজনী মুখৰা পত্নী। দাসীসকলৰ প্ৰতি অসন্তুষ্ট হৈ নিজে দধিমথন কৰে। পুত্ৰ শ্ৰীকৃষ্ণৰ দুষ্টামি সহ্য কৰিব নোৱাৰি গৰুৰ পঘাৰে উৰালত বান্ধে। যদিও তেওঁৰ আচৰণ কঠোৰ যেন লাগে, ভিতৰত স্নেহৰ তীব্রতা আছে। পুত্ৰ প্ৰেমেৰে তেওঁৰ গলি নৰম হয়। তেওঁ সময়ত মুখৰেও শক্তিশালী "হামু গৃহেৰ গৃহিণী, সব অধিকাৰ হামাৰ" বুলি পত্নীৰ অধিকাৰ প্ৰকাশ কৰিছে। এইভাবে, যশোদা এজন আদর্শ গাঁৱলীয়া তিৰোতাৰ প্ৰতিচ্ছবি।

৩। নাটখনত ভক্তি আৰু মায়াৰ দ্বন্দ্ব কেনেদৰে চিত্ৰিত হৈছে?

উত্তৰঃ 'অর্জুন ভঞ্জন' নাটত ভক্তি আৰু মায়াৰ দ্বন্দ্ব সুন্দৰভাৱে প্ৰকাশ পাইছে। যশোদাই শ্ৰীকৃষ্ণক নিজৰ পুত্ৰ হিচাপে মৰমেৰে লালন-পালন কৰে, কিন্তু সংসাৰ মায়াৰ আৱৰণত ঈশ্বৰ ৰূপে তেওঁৰ পৰম সত্ত্বাক চিনিব পৰা নাই। এইদৰে মাতৃস্নেহৰ মায়াই ভক্তিৰ ওপৰত আৱৰণ সৃষ্টি কৰে।

        ইপিনে, কুবেৰৰ পুত্ৰ নলকুবেৰ আৰু মণিগ্ৰী মায়া-মদৰ ফলত অভিশপ্ত হৈ গছ ৰূপে বন্দী হৈ আছিল। শ্ৰীকৃষ্ণৰ পাদস্পৰ্শত তেওলোকে মুক্তি লাভ কৰে। এই ঘটনাই দেখুৱাইছে যে মায়াৰ বন্ধন কেৱল ভক্তিৰ শক্তিৰ দ্বাৰাই ভঙিব পাৰে।

        ভগৱান নিজেই কয়—"হামু ভকত বৎসল গুণে ভকতক অধীন"। অৰ্থাৎ, ঈশ্বৰে ভক্তিৰ শক্তিক সৰ্বোচ্চ গণ্য কৰে আৰু ভক্তিৰ দ্বাৰাই তেওঁক বশ কৰিব পৰা যায়। সেইদৰে নাটকখনত স্পষ্টভাৱে প্ৰতিপাদন কৰা হৈছে যে মায়া অতিক্ৰম কৰি কেৱল ভক্তিৰে ঈশ্বৰক লাভ কৰা সম্ভৱ। 

৪। নাটখনত নন্দ-যশোদাৰ কলহ (কাজিয়া) কিদৰে নাট্য-উপাদান হিচাপে কাম কৰিছে?  

উত্তৰঃ 'অর্জুন ভঞ্জন' নাটত নন্দ-যশোদাৰ কলহ এক উল্লেখযোগ্য নাট্য-উপাদান ৰূপে ব্যৱহাৰ কৰা হৈছে। নাটকৰ অন্তিম ভাগত, কৃষ্ণে উৰালত বান্ধা অৱস্থাত যমলাৰ্জুন গছ ভাঙি পেলাওঁতে পৰিস্থিতি উত্তেজিত হৈ পৰে। এই সময়তে নন্দৰজাই যশোদাক সমালোচনা কৰি কয়—“তোহো কি নিমিত্তে মানুহ ভেলি ৰাক্ষসীতো অধিক।” এই বাক্যৰে স্বামী-স্ত্ৰীৰ মাজত উত্তপ্ত বাক্য বিনিময় আৰম্ভ হয়।

        যশোদাইো প্ৰত্যুত্তৰত দৃঢ়ভাৱে কয়—“হামু গৃহেৰ গৃহিণী, সব অধিকাৰ হামাৰ।” ইয়াৰ পৰা গৃহস্থ পৰিসৰৰ ঘৰুৱা অথচ আত্মবিশ্বাসী গৃহিণীৰ প্ৰতিচ্ছবি ফুটে ওঠে। এই কথোপকথন কেৱল দাম্পত্য কলহৰ প্ৰতিফলন নহয়, ই তৎকালীন সমাজত পত্নীৰ আধিপত্য আৰু পুৰুষতান্ত্রিক মানসিকতাৰ সৈতে এক প্ৰকাৰৰ মুখামুখি অৱস্থা প্ৰতিনিধিত্ব কৰে।

        নাট্যকাৰে এই কলহক এক নাট্যকৌশল হিচাপে ব্যৱহাৰ কৰি মূল কাহিনীৰ গাম্ভীৰ্য হ্ৰাস কৰি হাস্যৰসৰ পৰিবেশ সৃষ্টি কৰিছে। যমলাৰ্জুন ভঙ্গৰ দৰে অলৌকিক ঘটনাৰ পাছত এই ঘৰুৱা কথোপকথনে নাটকখনক প্ৰাকৃতিক ক্লাইমেক্স প্ৰদান কৰে আৰু দৰ্শক-শ্ৰোতাক দৈনন্দিন জীৱনৰ সহজতা আৰু স্বাভাৱিকতাৰ মাজত লৈ আহে।

        সেয়ে, নন্দ-যশোদাৰ এই কলহ নাটকখনৰ ভক্তিময় গভীৰতাৰ মাজত সামাজিক চিত্ৰণ আৰু হাস্যৰসৰ সংমিশ্ৰণ ঘটাই নাট্যটোক অধিক জীবন্ত আৰু মনোৰঞ্জনমূলক কৰি তুলিছে।



Type by- Pankaj Saikia