আহাৰ

১। সাহিত্যিক নাট্যকাৰ অৰুণ শৰ্মাৰ জন্মস্থান ক'ত?

উত্তৰঃ সেন্দুৰী আলি, ডিব্ৰুগড়

২। অৰুণ শৰ্মাৰ নাটকৰ এটি মুখ্য বিষয়বস্তু কি?

উত্তৰঃ মানৱীয় মূল্যবোধ।

৩। অৰুণ শৰ্মাই কিমানখন অনাতাঁৰ নাটক ৰচনা কৰিছে?

উত্তৰঃ ৪৫ খনতকৈও অধিক।

৪। অৰুণ শৰ্মাই সম্পাদনা কৰা নাট্যসংকলনখনৰ নাম কি?

উত্তৰ: অনাতাঁৰ নাট্যাৱলী

৫। নাটকৰ চিত্ৰলেখা বা দৃশ্যত নাট্যকাৰ অৰুণ শৰ্মাই বিশেষ গুরুত্ব দিছিল নে?

উত্তৰঃ দিছিল (শ্রব্য দিশৰ ওপৰত গুৰুত্ব)।

৬। 'আহাৰ' নাটকখনৰ ৰচয়িতা কোন?

উত্তৰঃ অৰুণ শর্মা।

৭। 'আহাৰ' নাটকখন কেতিয়া লিখা হৈছিল?

উত্তৰঃ ১৯৬৪ চনত।

৮। সাহিত্যিক-নাট্যকাৰ অৰুণ শৰ্মাৰ প্ৰথম মঞ্চ নাটক কোনখন?

উত্তৰঃ উৰুখা পঁজা

৯। অৰুণ শৰ্মাই প্রথম নাট্যকাৰ হিচাপে কেতিয়া আত্মপ্রকাশ কৰে?

উত্তৰঃ ১৯৫২ চনত।

১০। সাহিত্যিক নাট্যকাৰ অৰুণ শৰ্মাৰ জন্ম কোন চনত হৈছিল?

উত্তৰঃ ১৯৩১ চনত


চমু প্রশ্নোত্তৰ

১। অৰুণ শৰ্মাৰ চমু জীবন পৰিচিতি আগবঢ়োৱা।

উত্তৰ: অৰুণ শৰ্মা এজন বিশিষ্ট নাট্যকাৰ, ঔপন্যাসিক, চিন্তাশীল লেখক আৰু অসমীয়া সাহিত্যৰ গুৰুত্বপূর্ণ ব্যক্তি। তেওঁ ১৯৩১ চনৰ নৱেম্বৰত ডিব্ৰুগড়ৰ সেন্দুৰী আলিত জন্ম গ্ৰহণ কৰিছিল। পিতৃ আছিল তিলকচন্দ্ৰ শৰ্মা আৰু মাতৃ নর্মদা দেবী। অৰুণ শৰ্মাই শৈশৱৰ পৰা এটা সাংস্কৃতিক পৰিৱেশত বৃদ্ধি পাইছিল। দুবছৰ বয়সতে পৰিয়াল ডিব্ৰুগড়ৰ পৰা হেলেমলৈ স্থানান্তৰ হয়, য’তেই তেওঁৰ শিক্ষা-জীৱনৰ আৰম্ভণি হয়।

        তেজপুৰ চৰকাৰী উচ্চমাধ্যমিক বিদ্যালয়ত উচ্চতৰ শিক্ষা গ্ৰহণৰ সময়ত তেওঁ তেজপুৰৰ সাংস্কৃতিক জগতৰ সৈতে গভীৰভাৱে জড়িত হয়। এই সময়ত তেওঁ ‘পাৰিজাত সংঘ’ প্ৰতিষ্ঠা কৰে আৰু হিমেন বৰঠাকুৰৰ সৈতে আলোচনী সম্পাদনা কৰে, য’তেই তেওঁৰ প্ৰথম গদ্য কবিতা প্ৰকাশ পায়।

        ১৯৪৮ চনত উচ্চমাধ্যমিক উত্তীৰ্ণ কৰি তেওঁ কটন কলেজত নামভৰ্তি কৰে। ১৯৫০ চনত L.Sc. উত্তীৰ্ণ কৰি B.A. শ্ৰেণীত ভৰ্তি হয়। কলেজত অধ্যয়নকালতে ১৯৫২ চনত তেওঁ ‘উৰুখা পঁজা’ নাটক লিখে, যি তেওঁৰ নাট্যকাৰ হিচাপে আত্মপ্ৰকাশৰ সূচনা হয়।

        তাৰ পাছত গুৱাহাটী আকাশবাণীত অভিনেতা হিচাপে যোগদান কৰি শৈলধৰ বৰুৱা, ফণী তালুকদাৰ আদিৰ সৈতে নাট্যকৰ্মত জড়িত হয়। ১৯৬০ চনত শিক্ষা শাখাৰ জোষ্ঠ প্রযোজক হিচাপে নিযুক্তি লাভ কৰে। ১৯৮৬ চনত তেওঁ ডিব্ৰুগড় আকাশবাণী আৰু তাৰ পাছত উত্তৰ-পূৰ্বাঞ্চল সেৱাৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰে। শিক্ষা আৰু সাহিত্যৰ ক্ষেত্ৰত অৰুণ শৰ্মাই এক আদৰ্শ স্থাপন কৰিছে।

২। অৰুণ শৰ্মাৰ নাটকৰ ভাষা-ব্যৱহাৰৰ বৈশিষ্ট্যসমূহ বর্ণনা কৰা।

উত্তৰ: অৰুণ শৰ্মাৰ নাটকৰ অন্যতম বৈশিষ্ট্য হৈছে ভাষাৰ নিখুঁত আৰু সচেতন ব্যৱহাৰ। তেওঁৰ নাটকসমূহত ভাষা কেৱল সংলাপৰ বাহন নহয়, বৰঞ্চ দর্শন, অনুভূতি আৰু ব্যঞ্জনাৰ মূল আধাৰ হিচাপে ব্যৱহৃত হৈছে। ভাষাৰ সৌন্দৰ্য, শব্দ নিৰ্বাচন আৰু প্রয়োগত তেওঁ বিশেষ সূক্ষ্মতা আৰু চেতনা প্ৰদৰ্শন কৰিছে।

        সংলাপত অৰুণ শৰ্মাই অলংকাৰ, কাব্যিকতা আৰু স্বাভাৱিক কথোপকথনৰ সমন্বয় কৰিছে। নাটকৰ প্ৰসঙ্গ অনুসৰি ভাষাৰ ধাৰা নিৰ্বাচন কৰা হয়। সংলাপবোৰ মাজে মাজে ছন্দোবদ্ধ, কেতিয়াবা ওজস্বী আৰু ব্যঞ্জনাময় হয়। তৎসম, তদ্ভৱ আৰু ইংৰাজী শব্দো সময়মতে সুনিপুণভাৱে ব্যৱহাৰ কৰা হৈছে। উদাহৰণস্বৰূপ, ‘অদিতিৰ আত্মকথা’ নাটকত ইংৰাজী শব্দৰ ব্যৱহাৰ সামাজিক পৰিপ্ৰেক্ষিত আৰু চৰিত্ৰৰ মানসিক গঠন অনুসৰি কৰা হৈছে।

        তেওঁ নাটকৰ শ্ৰব্য দিশক বিশেষ গুৰুত্ব দিছিল। সংলাপ মঞ্চত অভিনীত হোৱাৰ লগতে দৰ্শকৰ কাণলৈ ধৰা ধ্বনি আনন্দময় আৰু অৰ্থবহ হ’ব লাগে বুলি বিশ্বাস কৰিছিল।

        সংলাপ নিৰ্মাণত চৰিত্ৰৰ মানসিকতা, পৰিৱেশ, নিঃশব্দতা, থমকি যোৱা সময় আৰু শব্দ-নীৰৱতাৰ ব্যৱহাৰে নাটকক অধিক ব্যঞ্জনাময় আৰু জীৱন্ত কৰি তোলে। এইদৰে ভাষা আৰু সংলাপ অৰুণ শৰ্মাৰ নাটকৰ আত্মা হিচাপে কাম কৰে আৰু তেওঁ ভাষাৰ যোগেদি চৰিত্ৰ, মনোভাব, নাট্য-ঘটনা আৰু দৰ্শন বাখ্যা কৰাৰ এক অদ্বিতীয় দৃষ্টান্ত স্থাপন কৰিছে।

৪। অৰুণ শৰ্মাৰ নাটকত মঞ্চ কৌশল আৰু নাট্য-প্রয়োগ কিদৰে ব্যতিক্রম?

উত্তৰ: অৰুণ শৰ্মাৰ নাট্যসৃষ্টিৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে মঞ্চ কৌশল আৰু নাট্য-প্রয়োগৰ ক্ষেত্ৰত তেওঁৰ যুগান্তকাৰী চিন্তা আৰু সৃষ্টিশীলতা। তেওঁৰ নাটকসমূহ কেৱল পাঠ্যসাহিত্য নহয়; সিহঁত মঞ্চৰ বাবে নিৰ্মিত নাট্যপাঠ হিচাপে ৰচিত।

        তেওঁ দৃঢ় বিশ্বাস কৰিছিল—“নাট্যকলাৰ বিকাশ কল্পনাৰ সীমা ভাঙি নতুনত্ব আনিলে সম্ভৱ হয়।” সেইদৰে, তেওঁৰ নাটকত নাট্য-কৌশলৰ ব্যতিক্ৰমী প্রয়োগ দেখা যায়। উদাহৰণস্বৰূপ—‘আহাৰ’, ‘চিঞৰ’, ‘অদিতিৰ আত্মকথা’ আদিত শব্দ, নীৰৱতা, বতাহৰ শব্দ, আলো-অন্ধকাৰ, সজীৰ প্রতীক, নাট্যচলন আৰু চহাৰফালে সংগঠিত দর্শন একেলগ কৰি নাটকৰ ব্যতিক্ৰমী দৃশ্য সৃষ্টি কৰা হৈছে।

        অৰুণ শৰ্মা মঞ্চৰ সীমাবদ্ধতাৰ ভিতৰতে কল্পনাৰ জগতৰ পূৰ্ণ প্ৰকাশত মনোনিবেশ কৰিছিল। ‘অদিতিৰ আত্মকথা’ নাটকখনত তেওঁ কৈছে—“এই নাটক হ’লেও শ্ৰব্য দিশ অধিক গুৰুত্বপূর্ণ, কাৰণ মই শব্দৰ জৰিয়তে নাট্য-প্রতিক্রিয়াক অধিক তীক্ষ্ণ কৰি তুলিব খোজো।”

        তেওঁ মঞ্চ ব্যৱহাৰত বিভিন্ন স্তব, চিত্র, ছন্দ, আলোক-ছায়া আৰু চিহ্নৰ প্ৰয়োগেৰে নাটকীয় পৰিৱেশ সৃষ্টি কৰে। উদাহৰণস্বৰূপ, ‘বুৰঞ্জীপাঠ’ নাটকখনত ইতিহাস, বৰ্তমান আৰু আত্মবিশ্লেষণ একেলগ কৰি সময়ৰ গতিমুখ দৰ্শকলৈ অনুভৱ কৰোৱা হৈছে।

        অৰুণ শৰ্মাই নাটকত অভিনয়, সংগীত, শব্দ-ধ্বনি, পৰিচালনা আৰু মঞ্চ পৰিকল্পনাৰ এক সংগঠিত ৰূপ প্ৰতিষ্ঠা কৰিছে। নাট্য প্ৰতীক, দৃশ্য-ভাষা আৰু নাট্য-ভংগীৰ বৈচিত্র্যই তেওঁৰ নাট্যচিন্তাক ব্যতিক্ৰমী, আধুনিক আৰু গভীৰ কৰি তোলে। তেওঁৰ মতে, পৰম্পৰা ত্যাগ নহয়, পৰম্পৰাৰ সদ্ব্যৱহাৰে নতুনত্ব সৃষ্টি কৰাটো হৈছে জাতীয় নাট্যচিন্তাৰ প্ৰকৃত বিকাশ। এইদৰে, অৰুণ শৰ্মাই অসমীয়া নাট্যসাহিত্যক আধুনিকতা, গভীৰতা আৰু শৈল্পিকতা প্ৰদান কৰিছে।

৫। এবছার্ড নাটক কি? ইয়াৰ মুখ্য বৈশিষ্ট্য সমূহ লিখা।

উত্তৰ: এবছার্ড নাটক হৈছে মানৱ জীৱনৰ অর্থহীনতা, যুক্তিহীনতা আৰু শূন্যতাবোধ প্ৰকাশ কৰা নাট্যধাৰা। এই ধাৰা বিশেষকৈ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ইউৰোপত উদ্ভৱ হৈছিল, য’ত জীৱনৰ স্থায়িত্ব, ধৰ্মীয় বিশ্বাস আৰু সামাজিক মূল্যবোধবোৰ প্ৰশ্নবিদ্ধ হ’ল। এবছার্ড নাটকত সাধাৰণতে ধাৰাবাহিক কাহিনী নাথাকে, সংলাপ অসংলগ্ন আৰু চৰিত্ৰবোৰ শূন্যতাত ভৰা অনুভূতিসম্পন্ন হয়।

এবছার্ড নাটকৰ মুখ্য বৈশিষ্ট্যসমূহ: 
(ক) সুসংহত কাহিনীৰ অভাৱ,
(খ) বিশ্বাসযোগ্য চৰিত্ৰৰ অনুপস্থিতি,
(গ) ভাষা আৰু সংলাপত উদ্ভটতা,
(ঘ) শূন্যতা আৰু নিঃসংগতাৰ প্ৰতিফলন,
(ঙ) নৈতিক শিক্ষাৰ অনুপস্থিতি।

        চেমুৱেল বেকেটৰ “Waiting for Godot” আৰু ইউজিন আয়নেস্কোৰ “Bald Prima Donna” এই ধাৰাৰ অগ্ৰগণ্য উদাহৰণ।


৬। অসমীয়া নাট্য সাহিত্যাত এবছার্ড নাটকৰ প্ৰবেশ আৰু অৰুণ শৰ্মাৰ ভূমিকা লিখা।

উত্তৰ: অসমীয়া নাট্যসাহিত্যত এবছার্ড নাটকৰ প্ৰবেশ ষাঠিৰ দশকৰ শেষৰ দিশ আৰু সত্তৰৰ দশকৰ আৰম্ভণিত ঘটে। এই আন্দোলনৰ মুখ্য প্ৰতিনিধি আছিল অৰুণ শৰ্মা।

        আন্তঃৰাষ্ট্ৰীয় নাট্যচিন্তাৰ প্ৰভাৱত, তেওঁ অসমীয়া ভাষাত ‘আহাৰ’ নাটকখনৰ জৰিয়তে এবছার্ড নাট্যচিন্তাক সফলভাবে প্ৰতিষ্ঠা কৰে। নাটকখনত কাহিনী বাদ দিয়ে, মনস্তাত্ত্বিক দ্বন্দ্ব, সংলাপৰ অসংলগ্নতা, শব্দ আৰু নীৰৱতাৰ প্ৰতীকী ব্যৱহাৰৰ জৰিয়তে নতুন নাট্যপ্ৰয়োগ কৰে।

        এই নাটকটোৱে অসমীয়া নাট্যসাহিত্যলৈ আধুনিক নাট্যচিন্তাৰ নতুন দিশ আগবঢ়াইছে। সেইদৰে, অৰুণ শৰ্মাক অসমীয়া এবছার্ড নাট্যচিন্তাৰ অগ্ৰদূত বুলি স্বীকৃতি দিয়া যায়। 


Type by- Pankaj Saikia