'নগয়া দ্রোহী লোকৰ চৰিত্ৰ বৰ্ণন'
১। 'অৰুণোদই' কাকতৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰঃ ও.টি. কট্টৰ।
২। 'অৰুণোদই' কাকতৰ ভাষাৰ বৈশিষ্ট্য কি আছিল?
উত্তৰঃ সৰল, মধুৰ, আৰু ইংৰাজী বাক্যৰীতিত প্রভাবিত।
৩। 'নগঞা দ্রোহী লোকৰ চৰিত্ৰ বৰ্ণন' নামৰ প্ৰবন্ধটো ক'ত প্রকাশ পাইছিল?
উত্তৰঃ 'অৰুণোদই' কাকতত।
৪। নিধি লিবাই ফাৰোবেল কোন আছিল?
উত্তৰঃ এজন খ্ৰীষ্টান ধৰ্মপ্ৰচাৰক আৰু "অৰুণোদই” কাকতৰ নিয়মীয়া লেখক।
৫। 'অৰুণোদই' কাকতৰ মূল উদ্দেশ্য কি আছিল?
উত্তৰঃ খ্ৰীষ্টধৰ্ম প্ৰচাৰ।
৬। মিছনেৰীসকলে অসমীয়া ভাষাৰ উন্নয়নত কিদৰে সহায় কৰিছিল?
উত্তৰঃ ব্যাকৰণ, অভিধান, আলোচনী আৰু সাহিত্য প্রকাশ কৰি।
৭। নগঞা বিদ্রোহীসকলে কিমান অস্ত্র-শস্ত্ৰ লৈ ইংৰাজৰ বিৰুদ্ধে যুদ্ধত নামিছিল?
উত্তৰঃ ভলুকা বাঁহৰ টাঙোন, কাঁৰফাই ধনু, চুটিয়া ধনু, জাতিবাঁহৰ ধনু-শৰ, কপি, যাঠি আদিৰ দৰে সবল অস্ত্র লৈ।
৮। 'অৰুণোদই' কাকতৰ বিষয়বস্তু কি কি আছিল?
উত্তৰঃ বাইবেল অনুবাদ, বুৰঞ্জী, বিজ্ঞান, জ্যোতিষ, নীতিগল্প আদি।
৯। নগঞা বিদ্রোহীসকলক ইংৰাজৰ বিৰুদ্ধে যুঁজিবলৈ কাৰা উচটাইছিল?
উত্তৰঃ তেওঁলোকৰ মাজৰেই কিছুমান নেতা-পালিনেতাই।
১০। নিধিৰামৰ কেতিয়া জন্ম হৈছিল?
উত্তৰঃ ১৮২৩ খ্ৰীষ্টাব্দত।
১১। নিধি লিবাইফাৰোৱেলৰ দৃষ্টিৰ পৰা নগঞা বিদ্রোহীৰ পৰিণতি কেনেকুৱা হৈছিল?
উত্তৰঃ বিদ্ৰোহৰ পিছত তেওঁলোকৰ দুৰ্গতি আৰু পৰাজয় ঘটিছিল।
১২। 'অৰুণোদই' কোনে প্রকাশ কৰিছিল?
উত্তৰ: আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকলে।
চমু প্রশ্নোত্তৰ
১। নগঞা দ্রোহীসকলৰ বিদ্ৰোহৰ প্ৰেক্ষাপট আৰু তেওঁলোকৰ অস্ত্রসজ্জা সন্দর্ভত ব্যাখ্যা কৰা।
উত্তৰঃ নগঞা দ্রোহীসকলৰ বিদ্ৰোহ ইংৰাজ শাসনৰ বিৰুদ্ধে হোৱা এক সাহসিক প্ৰতিবাদৰূপ ঘটনা। এই বিদ্ৰোহত সাধাৰণ জনতা নেতৃত্বৰ অভাৱত, অতি সৰল আৰু প্রাথমিক অস্ত্ৰৰে ইংৰাজৰ শক্তিশালী অস্ত্রসজ্জাৰ বিৰুদ্ধে লৰাই কৰিছিল। এই ঘটনাই উজাগৰিত সাহসিকতাৰ এক স্পষ্ট নিদৰ্শন হিচাপে ইতিহাসত স্থান পাইছে।
নগঞা দ্রোহীসকলে ব্যৱহাৰ কৰিছিল—ভলুকা বাঁহৰ টাঙোন, কাঁৰফাই ধনু, চুটীয়া ধনু, জাতিবাঁহৰ ধনু-শৰ, দুই-এপাত যাঠি, কপি বা আঁকুৰি দা আদি। আনহাতে, ইংৰাজসকলৰ হাতত আছিল হিলৈ, বৰটোপ আৰু বন্দুকৰ দৰে শক্তিশালী অস্ত্ৰ।
বিদ্ৰোহৰ পূৰ্বে কোনো সুসংগঠিত পৰিকল্পনা, সৈন্য-সামগ্রী বা প্ৰশিক্ষিত সেনাপতি নাছিল। নেতাসকলে সাহসিক উচ্ছলতা দেখুৱালেও সংকটৰ সময়ত তেওঁলোকে পলায়ে গ’ল। এই বিদ্ৰোহ ইতিহাসত সাহস, ত্যাগ আৰু কু-দূৰদৰ্শিতাৰ এক মিশ্ৰণ হিচাপে পৰিগণিত।
২। 'অৰুণোদই' কাকতৰ প্ৰকাশ আৰু তাৰ উদ্দেশ্য সন্দর্ভত লিখা।
উত্তৰঃ 'অৰুণোদই' কাকত ১৮৪৬ চনৰ জানুৱাৰী মাহত শিৱসাগৰৰ মিছনেৰী প্ৰেছৰ পৰা প্ৰকাশ পাইছিল। ইয়াৰ প্ৰথম সম্পাদক আছিল ও.টি. কট্টৰ। মূল উদ্দেশ্য আছিল খ্ৰীষ্টধৰ্মৰ প্ৰচাৰ, কিন্তু কাকতখনত কেৱল ধৰ্মীয় বিষয় নহয়; বিজ্ঞান, জ্যোতিষ, নীতিমূলক গল্প, বুৰঞ্জী আৰু দেশ-বিদেশৰ বাতৰি আদি বিষয়সমূহো প্ৰকাশ পাইছিল।
এই আলোচনাই অসমীয়া সমাজত নতুন চিন্তা-চেতনাৰ বীজ সিঁচি আধুনিকতাৰ দিশ মুকলি কৰিছিল। মিছনেৰীসকলৰ ভাষা প্ৰচেষ্টাৰ ফলস্বৰূপ 'অৰুণোদই'য়ে অসমীয়া ভাষা-সাহিত্যৰ নতুন যুগৰ সূচনা কৰিছিল। বাইবেলৰ অনুবাদ আৰু ধৰ্মপ্ৰচাৰৰ সৈতে সাহিত্য, জ্ঞান আৰু বিজ্ঞানৰ বিকাশতো কাকতখন বিশেষ ভূমিকা পালন কৰিছিল।
৩। মিছনেৰীসকলে অসমীয়া ভাষা আৰু সাহিত্যৰ উন্নয়নত আগবঢ়োৱা ভূমিকা বিশ্লেষণ কৰা।
উত্তৰঃ মিছনেৰীসকলৰ ভূমিকা অসমীয়া ভাষা আৰু সাহিত্যৰ উন্নয়নত অত্যন্ত গুৰুত্বপূর্ণ। ১৮৩৬ চনৰ পৰা অসমীয়া ভাষা সংকটৰ সময়ত তেওঁলোকে অসমলৈ আহি ভাষা শিকি লৈ অসমীয়া ব্যাকৰণ আৰু অভিধান প্ৰস্তুত কৰিছিল। ডঃ নাথান ব্রাউন, ডঃ মাইলছ ব্রন্সন আৰু ও.টি. কট্টৰে বিভিন্ন গ্ৰন্থ লিখি অসমীয়া ভাষাক মান্যভাষা ৰূপে প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল।
তেওঁলোকৰ 'অৰুণোদই' কাকতৰ প্ৰকাশ, সাহিত্য অনুবাদ আৰু ধৰ্মগ্ৰন্থৰ ভাষান্তৰৰ মাধ্যমে অসমীয়া ভাষাৰ আধুনিক যুগৰ সূচনা হয়। লগতে, তেওঁলোকে ইংৰাজ শাসকৰ মনত প্ৰতিপন্ন কৰে যে অসমীয়া ভাষা বঙলাৰ উপভাষা নহয়। ইয়াৰ ফলত ১৮৭৩ চনত আদালত আৰু বিদ্যালয়ত অসমীয়া পুনঃপ্ৰচলিত হয়।
এইদৰে, মিছনেৰীসকলৰ অৱদান অসমীয়া ভাষাৰ পুনৰুজ্জীৱন আৰু সাহিত্যিক প্ৰগতিৰ ক্ষেত্ৰত অপূৰ্ব ৰূপে পৰিগণিত।
৪। 'অৰুণোদই' কাকতৰ সামগ্ৰী আৰু সাহিত্যমূল্যৰ ওপৰত এটা সমীক্ষা কৰা।
৫। 'নগঞা দ্রোহী লোকৰ চৰিত্ৰ বৰ্ণন' নামৰ প্ৰবন্ধটোৰ মূল কথা আলোচনা কৰা।