পিম্পৰা গুচোৱা


১। যশোদা কোন ৰূপত নাটখনত দেখুওৱা হৈছে?

উত্তৰ: মাতৃস্নেহেৰে পৰিপূৰ্ণ, কঠোৰ কিন্তু মৰমলগা মাকৰ ৰূপত।

২। "পিম্পৰা গুচোৱা" নাটখন কোনে ৰচনা কৰিছিল?

উত্তৰঃ মাধৱদেৱে ৰচনা কৰিছিল।

৩। ঝুমুৰা ৰ প্ৰধান চৰিত্ৰ বুলিলে কাক বুজা যায়?

উত্তৰঃ শ্রীকৃষ্ণক, অৱশ্যে তেওঁৰ শিশুৰূপটোকহে।

৪। মনুগত টিপার প্রয়োগ আছেনে?

উত্তৰঃ নাই।

৫। নাটখনত কিমান প্রধান চৰিত্ৰ আছে?

উত্তৰঃ দুটা-শ্রীকৃষ্ণ আৰু যশোদা।

৬। নাটখনত সূত্ৰধাৰৰ ভূমিকা কি?

উত্তৰঃ সূত্ৰধাৰে কৃষ্ণৰ ঐশ্বৰিক মহিমা প্রকাশ কৰে।

৭। নাটখনত কোনো ভটিমা ব্যৱহাৰ কৰা হৈছে নে?

উত্তৰঃ নাই কৰা, ভটিমা বা মুক্তিমংগল ব্যৱহৃত হোৱা নাই।

৮। নাটখনত কোৱা প্রথম শ্লোক ক'ত পোৱা যায়?

উত্তৰঃ শ্রীধৰ স্বামীৰ "ব্ৰজবিহাৰ” নামৰ কাব্যত।

৯। গোৱালীগৰাকীয়ে তেওঁৰ ঘৰৰ ভিতৰত কাৰোবাক দেখি কোন বুলি প্রশ্ন কৰোতে কৃষ্ণই কোন বুলি উত্তৰ দিছিল?

উত্তৰঃ বলোৰামৰ সৰু ভাই বুলি।

১০। "পিম্পৰা গুচোৱা" নাটখন কিহৰ ওপৰত আধাৰিত?

উত্তৰঃ বিল্বমঙ্গলৰ "কৃষ্ণকর্ণামৃত” কাব্যৰ ২০ আৰু ৩১ নম্বৰ শ্লোকৰ ওপৰত।

১১। নাটখনৰ কেন্দ্ৰীয় চৰিত্ৰ কোন?

উত্তৰঃ শিশু শ্রীকৃষ্ণ।

১২। পিম্পৰা গুচোৱা নাটখনত কৃষ্ণক তেওঁৰ ঈশ্বৰত্ব সম্পর্কে সচেতন যেন লাগেনে?

উত্তৰঃ নালাগে।

১৩। পিম্পৰা গুচোৱা নাটখনিত যশোদা চৰিত্ৰটোৰ মাজেদি কি কি দিশ ফুটি উঠা দেখা যায়?

উত্তৰঃ নাটখনিত যশোদাক এগৰাকী চিৰন্তন মাতৃ, বিশেষকৈ পুত্ৰক কঠোৰ শাসন কৰিবলৈ বিচাৰে কিন্তু পুত্ৰৰ অপত্য স্নেহত সিক্ত মাতৃ আৰু এগৰাকী স্বাভিমানী স্ত্রীৰ ৰূপত অংকন কৰা হৈছে।

১৪। পিম্পৰা গুচোৱা নাটখনত কি কি লৌকিক ৰস প্ৰকাশ পাইছে?

উত্তৰঃ হাস্য আৰু বাৎসল্য ৰস প্ৰকাশ পাইছে।


চমু প্রশ্নোত্তৰ

১। "পিম্পৰা গুচোৱা" নাটখনত প্রকাশ পোৱা ৰসসমূহ আলোচনা কৰা।
  
উত্তৰ: মাধৱদেৱৰ অংকীয়া নাট *"পিম্পৰা গুচোৱা"*ত বিভিন্ন ধৰণৰ ৰস প্ৰকাশ পাইছে। তাৰে ভিতৰত ভক্তিৰস, বাৎসল্য ৰস আৰু হাস্যৰস বিশেষভাৱে উল্লেখযোগ্য।

(ক) ভক্তিৰস: অংকীয়া নাটৰ মূল সুৰ হ'ল ভক্তিৰস। এই নাটখনতো শ্ৰীকৃষ্ণৰ ঐশ্বৰ্য্য, তেওঁলোকৰ অবতাৰৰ মাহাত্ম্য আৰু তেওঁৰ চৰণত শৰণ লোৱাৰ প্ৰেৰণা প্ৰকাশ পাইছে। সূত্ৰধাৰ আৰু সংগীৰ সংলাপত ভক্তিৰসৰ ছটা প্ৰকাশ পাইছে। নাটখনৰ অন্তত সূত্ৰধাৰ কৈছে—
“হে পৰমেশ্বৰ, তোহাৰি অভয় চৰণে কৌটি পৰণাম কৰোহোঁ।”
এই বাক্যই নাট্যকাৰৰ গভীৰ ভক্তি-ভাৱ প্ৰকাশ কৰিছে।

(খ) বাৎসল্য ৰস: শ্ৰীকৃষ্ণৰ শিশুৰূপ নাটখনৰ অন্যতম আকর্ষণ। যেতিয়া যশোদাই শিশুকৃষ্ণৰ যত্ন লয়, স্নেহভাৱে পৰিচৰ্যা কৰে, তেতিয়া বাৎসল্য ৰসৰ প্ৰকটতা দেখা যায়। মাধৱদেৱে মাতৃস্নেহৰ কোমলতা আৰু কৃষ্ণৰ নিষ্পাপ শিশুৰূপৰ দ্বাৰা নাটখনত এই ৰসক প্ৰকাশ কৰিছে।

(গ) হাস্যৰস: নাটখনত সূত্ৰধাৰ আৰু সংগীৰ কথোপকথনত অলপ অলপকৈ হাস্যৰসও প্ৰকাশ পাইছে। নাট্যৰ সজীৱতা আৰু ৰঙ্গমঞ্চীয় আকৰ্ষণ বৃদ্ধি কৰিবলৈ হাস্যৰসৰ যোগদান অতি গুৰুত্বপূর্ণ।

২। মাধৱদেৱৰ নাটখনত শিশুকৃষ্ণৰ চৰিত্ৰ কিদৰে চিত্ৰিত হৈছে?

উত্তৰঃ মাধৱদেৱৰ "পিম্পৰা গুচোৱা" নাটখনত শিশুকৃষ্ণক এক বুদ্ধিমান, চতুৰ, কৌতুকপ্ৰিয় আৰু মৰমলগা ৰূপত চিত্ৰিত কৰা হৈছে। নাট্যকাৰএ ঈশ্বৰৰ শাশ্বত মাহাত্ম্যক মানৱ-শিশুৰ কোমল ৰূপৰ জৰিয়তে প্ৰকাশ কৰিছে।

        নাটখনৰ আৰম্ভণিতে শিশুকৃষ্ণ লবণু চুৰি কৰি ধৰা পৰে। গোৱালীনীয়ে সুধিলে, “তুমি কোন?” তেতিয়া    তেওঁ কৌশলে কয়, “মই বলৰামৰ সৰু ভাই।” ইয়াত তেওঁৰ ধীশক্তিৰ প্ৰকাশ ঘটে। পুনৰ তেওঁ ভান কৰি কয়, “এই ঘৰক মোৰ ঘৰ বুলি ভুল কৰি সোমাইছোঁ।” ইয়াৰ দ্বাৰা তেওঁৰ চতুৰতা আৰু ভান-বুদ্ধি স্পষ্ট হয়।

        গোৱালীয়ে চুৰিৰ অভিযোগ উঠালে, কৃষ্ণে গীতৰ ভংগীতে উত্তৰ দিয়ে—

       "আমাক ঘৰে লবণু কে পুছত? খাইবাক নপাই তোহাৰি ঘৰে চুৰি কৰিয়ে লবণু খাবলো।"

এই কথাত কৌতুক আৰু শিশুসুলভ ভংগীমাৰ সৈতে নিজৰ দোষ ঢাকিবলৈ তেওঁৰ চেষ্টা প্ৰকাশ পাইছে।

পিচত গোৱালীসকলে যশোদালৈ অভিযোগ জনালে, যশোদাই তিৰস্কাৰ কৰিলে। তেতিয়া কৃষ্ণ অভিমানত কৈ উঠে, “মই এতিয়া মথুৰালৈ গুচি যাম।” ইয়াত তেওঁৰ শিশুসুলভ ৰাগ আৰু মাকৰ প্ৰতি আবেগজনিত আঘাত প্ৰদানৰ কৌশল প্ৰকাশ পাইছে।

৩। মাধৱদেৱৰ নাট "পিম্পৰা গুছোৱা" নাটৰ মূল কথাখিনি কি?

উত্তৰঃ মাধৱদেৱৰ "পিম্পৰা গুছোৱা" নাটখনৰ মূল উৎস ভাগৱত পুৰাণ নহয়। এই নাটৰ বিষয়বস্তু "কৃষ্ণ-কর্ণামৃত" গ্ৰন্থৰ বিশেষ শ্লোকৰ পৰা সংগৃহীত। নাটখনৰ নান্দীশ্লোক আৰু ভিতৰত ব্যৱহৃত শ্লোকসমূহো লীলাশুকৰ পৰা লোৱা হৈছে।

        কালিৰাম মেধিয়ে এই নাটৰ ওপৰত *"বিল্বমংগল কৃষ্ণস্তোত্র"*ৰ প্ৰভাৱো দেখুৱাইছে। পুনৰ ডঃ হৰিশ্চন্দ্ৰ ভট্টাচাৰ্যৰ মতে, মাধৱদেৱৰ এই বচনাৰ ওপৰত হিন্দী সাহিত্যৰ কৃষ্ণভক্ত কবি সুৰদাসৰ "সুৰসাগৰ"*ৰো প্ৰভাৱ পৰিছে।

        "সুৰসাগৰ"*ত বৰ্ণিত হৈছে যে শ্রীকৃষ্ণে গোৱালিনীৰ ঘৰত প্ৰৱেশ কৰি মাখনৰ দাঁতিত লগি থকা পিম্পৰা (পিপঁৰা)বোৰ গুছাইছিল। সেই কথাই মাধৱদেৱৰ নাটতো অনুৰণিত হৈছে।

                নাটখনত শ্রীকৃষ্ণে গোৱালিনীলৈ কয়—

"হৰি বোলে গোপী বড় দোষ পাইলি বাছি।
পিম্পৰা গুছাইতে লাগি হাত দিয়া আছি।।"

৪। "পিম্পৰা গুচোৱা" নাটখনত প্রকাশ পোৱা ৰসসমূহ আলোচনা কৰা।

উত্তৰঃ মাধৱদেৱৰ “পিম্পৰা গুচোৱা” নাটখনত বিভিন্ন ধৰণৰ ৰস সুস্পষ্টভাবে প্ৰকাশ পাইছে। বিশেষকৈ ভক্তিৰস, বাৎসল্য ৰস আৰু হাস্যৰস নাটখনৰ মুখ্য আকর্ষণ। অংকীয়া নাটৰ বৈশিষ্ট্য অনুসৰি ইয়াত ভক্তিৰস কেন্দ্ৰস্থানে থকা দেখা যায়।

(ক) ভক্তিৰস: সূত্ৰধাৰ আৰু সংগীৰ সংলাপত শ্ৰীকৃষ্ণৰ ঐশ্বৰিক মাহাত্ম্য, তেওঁৰ অবতাৰসত্ব আৰু তেওঁৰ চৰণত আশ্ৰয় লোৱাৰ উপদেশ দিয়া হৈছে। নাটখনৰ অন্তত সূত্ৰধাৰে কয়—
“হে পৰমেশ্বৰ, তোহাৰি অভয় চৰণে কৌটি পৰণাম কৰোহোঁ।”
এই বাক্যই নাট্যকাৰৰ গভীৰ ভক্তি প্ৰকাশ কৰে। যদিও নাটখনত শ্ৰীকৃষ্ণৰ শিশুৰূপ চিত্ৰিত হৈছে, তথাপি সেই শিশু যে জগতৰ আত্মা—এই ভাবই ভক্তিৰসক অধিক তীব্ৰ কৰি তোলে।

(খ) বাৎসল্য ৰস: শিশুকৃষ্ণৰ কৌতুকময় কার্যকলাপ, মাক যশোদাৰ সৈতে তেওঁৰ ঘনিষ্ঠতা, কপট অভিমান আদি ঘটনাত বাৎসল্য ৰস প্ৰকাশ পাইছে। যেতিয়া যশোদাই গালি দিয়ে আৰু কৃষ্ণে অভিমানত কৈ উঠে—“মই এতিয়া মথুৰালৈ গুচি যাম”, তেতিয়া মাতৃ-পুত্ৰৰ স্নেহবন্ধনৰ গভীৰতা স্পষ্ট হয়।

(গ) হাস্যৰস: নাটখনৰ আৰম্ভণিত গোৱালীনীৰ ঘৰত লবণু চুৰি কৰি ধৰা পৰাৰ পিছত কৃষ্ণে যি চাতুৰী প্ৰদৰ্শন কৰে, তাৰ ভিতৰত হাস্যৰসৰ প্ৰচুৰ উপস্থিতি আছে। উদাহৰণস্বৰূপে, তেওঁ ভান কৰি কয়—
“মই ঘৰৰ ভুলত সোমালোঁ, পিম্পৰা গুচাবলৈ লবণু লৈছিলোঁ।”
এই কৌশলৰ পৰা উদ্ভূত কৌতুকত দর্শকৰ মুখত হাঁহি ফুটি উঠে।


৫। "পিম্পৰা গুচোৱা" নাটখন কোন গ্ৰন্থৰ আধাৰত ৰচিত?

উত্তৰঃ মাধৱদেৱৰ “পিম্পৰা গুচোৱা” নাটখন বিল্বমঙ্গলৰ “কৃষ্ণকৰ্ণামৃত” নামৰ সংস্কৃত কাব্যগ্ৰন্থৰ ওপৰত আধাৰিত। এই কাব্যৰ ২০ আৰু ৩১ নম্বৰ শ্লোকৰ আধাৰত নাটখনৰ মূল ঝুমুৰাখন গঠিত হৈছে। বিশেষকৈ নাটখনৰ আৰম্ভণিত উদ্ধৃত শ্লোকখনৰ “পিপিলিকাপনয়ম্” শব্দৰ পৰা নাটখনৰ নামকৰণ কৰা হৈছে।

এই শ্লোকবোৰত শিশুকৃষ্ণৰ কৌতুকময় আৰু চাতুৰ্যপূৰ্ণ কথোপকথন চিত্ৰিত হৈছে। মাধৱদেৱে সেই শ্লোকবোৰক নাট্যৰূপত বিকশিত কৰি অসমীয়া নাট্যসাহিত্যত এক নতুন মাত্রা যোগ কৰিছে। উল্লেখযোগ্য যে, নাটখনত উদ্ধৃত শ্লোকখন শ্ৰীধৰ স্বামীৰ “ব্ৰজবিহাৰ” কাব্যতো পোৱা যায়, য’ত কৃষ্ণৰ শিশুলীলাৰ অনুপম বৰ্ণনা আছে।

নাটখনত শিশুকৃষ্ণে “পৰুৱা গুচোৱা” বুলি কৈ লবণু চুৰি ঢাকিবলৈ যি চাতুৰ্য্য প্ৰদৰ্শন কৰে, আৰু গোৱালিনী, যশোদা আৰু সূত্ৰধাৰৰ মাজত হোৱা সংলাপবোৰৰ দ্বাৰাই শ্লোকটোৰ ভাববৈচিত্র্য উন্মোচিত হৈছে।

উল্লেখযোগ্য যে মাধৱদেৱে এই নাটখনত নিজৰ ৰচনা কৰা কোনো শ্লোক সংযোজন কৰা নাই; তেওঁ *“কৃষ্ণকৰ্ণামৃত”*ৰ শ্লোকবোৰক নাট্যোপযোগী ৰূপত সংহত কৰিছে। ইয়াৰ জৰিয়তে নাটখনত ভক্তিৰস, বাৎসল্য ৰস আৰু হাস্যৰসৰ অপূৰ্ব সংমিশ্ৰণ গঠিত হৈছে।




Type by- Pankaj Saikia