শ্রীভক্তিৰত্নাকৰ কথাঃ “গুৰু সেৱা মাহাত্ম্য'

অতি চমু প্রশ্নোত্তৰ


১। 'গুৰুসেবা মাহাত্ম্য' পাঠটি কোন গ্ৰন্থৰ অন্তৰ্গত?


উত্তৰঃ 'গুৰুসেৱা মাহাত্ম্য' পাঠটি শ্রীভক্তি-ৰত্নাকৰ-কথা গ্ৰন্থৰ অন্তৰ্গত।


২। 'গুৰুসেৱা মাহাত্ম্য' পাঠটিত ভাগৱতৰ কোন কোন স্কন্ধৰ উদ্ধৃতি দিয়া হৈছে?


উত্তৰঃ ৩য়, ৫ম আৰু ১১তম স্কন্ধৰ উদ্ধৃতি দিয়া হৈছে।


৩। 'শ্রীভক্তি-ৰত্নাকৰ-কথা' গ্ৰন্থৰ প্ৰথম মাহাত্ম্য কোনটো?

উত্তৰঃ গুকসেৱা মাহাত্ম্য।

৪। গুৰুসেবা মাহাত্ম্য' পাঠটিৰ লেখক কোন?

উত্তৰঃ গুৰুসেৱা মাহাত্ম্য' পাঠটিৰ লেখক হৈছে গোপালচৰণ দ্বিজ।

৫। গোপালচৰণ দ্বিজে অসমীয়ালৈ অনুবাদ কৰা 'শ্রীভক্তি-ৰত্নাকৰ-কথা'ৰ প্ৰথম মাহাত্ম্য কি?

উত্তৰঃ গোপালচৰণ দ্বিজে অসমীয়ালৈ অনুবাদ কৰা 'শ্রীভক্তি-ৰত্নাকৰ-কথা'ৰ প্রথম মাহাত্ম্য 'গুরুসেবা মাহাত্ম্য'।

৬। গোপালচৰণ দ্বিজে অসমীয়াক গদ্যরূপে অভিব্যক্ত কৰাৰ কাৰণ কি?

উত্তৰঃ পাঠ অনুসাৰে, গোপালচৰণ দ্বিজে অসমীয়াক গদ্যৰূপে অভিব্যক্ত কৰাৰ মূল কাৰণ হ'ল—শ্ৰোতাসকলক সিধাসলাভাৱে অনুৰোধ, উপদেশ আৰু বাণী প্ৰদান কৰা। তেওঁৰ এই অভিব্যক্তি অংকীয়া নাটৰ সূত্ৰধাৰৰ বৰ্ণনাৰ দৰে, য’ত গদ্যৰূপে বক্তব্য প্ৰকাশ কৰিলে দর্শক-শ্ৰোতাসকলৰ বাবে সহজে বুজিব পৰা আৰু হৃদয়স্পৰ্শী হৈ উঠে।

৭। প্রথম গুৰু কোন?

উত্তৰঃ প্রথম গুৰু হৈছে পিতৃ।

৮। তৃতীয় গুৰু কোন?


উত্তৰঃ তৃতীয় গুৰু হৈছে জ্ঞান-দাতা গুক, যি সাক্ষাৎ ঈশ্বৰ।


৯। গুৰু কেই প্ৰকাৰৰ?

উত্তৰঃ গুৰু তিনিপ্ৰকাৰৰ- প্রথম, দ্বিতীয় আৰু তৃতীয়।

১০। শংকৰদেৱৰ 'ভক্তি ৰত্নাকৰ'খন কোনে অসমীয়ালৈ পদ ভাঙনি কবে?

উত্তৰ: শংকৰদেৱৰ ভক্তি ৰত্নাকৰখন গোপালচৰণ দ্বিজেঅসমীয়ালৈ পদ ভাঙনি কৰে।

১১। দ্বিতীয় গুৰু কোন?

উত্তৰঃ দ্বিতীয় গুৰু হৈছে কৰ্ম-বিদ্যা প্ৰদান কৰা শুদ্ধ পুৰুষ।


চমু প্রশ্নোত্তৰ


১। গোপালচৰণ দ্বিজে কি কি গ্রন্থ ৰচনা কৰিছে?

উত্তৰঃ গোপালচৰণ দ্বিজে বিভিন্ন গুৰুত্বপূর্ণ গ্ৰন্থ গদ্যৰূপে ৰচনা কৰি অসমীয়াৰ সাহিত্যভাণ্ডাৰ সমৃদ্ধ কৰিছে। তাৰে মধ্যে উল্লেখযোগ্য হ’ল—

(ক) ভাগৱতৰ তৃতীয়, সপ্তম আৰু অষ্টম স্কন্ধৰ ভাঙনি।

(খ) হৰিবংশ পুৰাণৰ কিছু অংশৰ গদ্যানুবাদ।

(গ) শংকৰদেৱৰ ভক্তি-ৰত্নাকৰৰ পদভাঙনি কৰি শ্রীভক্তি-ৰত্নাকৰ-কথা নামে গদ্যৰূপত অনুবাদ।

২। গুৰু আৰু ভকতৰ লক্ষণ কি?

উত্তৰঃ পাঠটিত গুৰু আৰু ভকতৰ পৃথক পৃথক লক্ষণ বৰ্ণিত হৈছে—

ভকতৰ লক্ষণ: ভকতৰ অন্তৰত খং, লোভ আদি দোষ নাথাকে। তেওঁ ঈশ্বৰভক্ত, পৱিত্ৰ মনৰ স্বামী আৰু নিৰ্মল অন্তৰেৰে ভজন-আৰাধনা কৰে।

গুৰুৰ লক্ষণ: গুৰু হৈছে কৃষ্ণৰ একান্ত ভক্ত। তেওঁ বেদ-শাস্ত্ৰত পাণ্ডিত্যসম্পন্ন আৰু ভকতৰ সকলো সংশয় দূৰ কৰিব পৰা সত্য জ্ঞানৰ দাতা।

            এইদৰে পাঠত গুৰু-ভক্তিৰ আদৰ্শক সুন্দৰ ভঙ্গীমাত প্ৰতিপাদন কৰা হৈছে।

৩। গুৰু কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ ভাগৱতৰ ভিত্তিত গুৰু মূলত তিনিপ্ৰকাৰৰ বুলি উল্লেখ কৰা হৈছে—

(ক) প্ৰথম গুৰু – পিতৃঃ যিজনক পৰা জন্ম লাভ কৰা হয়।

(খ) দ্বিতীয় গুৰু – কৰ্ম-বিদ্যা দাতাঃ যিজনে উপনয়ন সম্পন্ন কৰি বেদাদি শিক্ষা দিয়ে; এই গুৰু পিতৃতকৈও অধিক পূজনীয়।

(গ) তৃতীয় গুৰু – জ্ঞানদাতা গুৰুঃ যিজন ঈশ্বৰ-স্বৰূপ, সত্য জ্ঞানেৰে ভকতৰ সংশয় দূৰ কৰে আৰু চাৰিও আশ্ৰমৰ লোকৰ কল্যাণ সাধন কৰে।

৪। গোপালচৰণ দ্বিজে গুৰুৰ মাহাত্ম্য বুজাবলৈ ভাগৱতৰ কোন অংশসমূহ ব্যৱহাৰ কৰিছে আৰু সেয়া কেনেকৈ গুৰুত্বপূর্ণ?

উত্তৰঃ গোপালচৰণ দ্বিজে ‘গুৰুসেৱা মাহাত্ম্য’ পাঠত গুৰুৰ মাহাত্ম্য বুজাবলৈ ভাগৱতৰ বিভিন্ন স্কন্ধৰ উদ্ধৃতি গ্ৰহণ কৰিছে। এই উদ্ধৃতিসমূহে গুৰুসেৱাৰ আধ্যাত্মিক গৌৰৱ, সামাজিক প্ৰয়োজনীয়তা আৰু ভক্তিৰ মূল্য অধিক শক্তিশালীভাৱে প্ৰতিপন্ন কৰিছে। শাস্ত্ৰীয় প্ৰমাণৰ ব্যৱহাৰে পাঠটোক বিশ্বাসযোগ্য আৰু দৰ্শনমূলক কৰি তোলে।

        প্ৰথমতে, তেওঁ দশম স্কন্ধৰ ৮০তম অধ্যায়ৰ শ্রীকৃষ্ণৰ বচন উদ্ধৃত কৰিছে, য’ত ভগৱানে দামোদৰক তিনিপ্ৰকাৰৰ গুৰুৰ বিষয়ে বৰ্ণনা কৰে—

  • প্ৰথম গুৰু পিতৃ, যাৰ পৰা জন্ম লাভ হয়।

  • দ্বিতীয় গুৰু কৰ্ম-বিদ্যা দাতা, যিজনে উপনয়ন সম্পন্ন কৰি বেদ শিক্ষা দিয়ে।

  • তৃতীয় গুৰু জ্ঞানদাতা, যিজন ঈশ্বৰ-স্বৰূপ আৰু সকলো আশ্ৰমৰ বাবে মান্য।

        পাছত, তেওঁ একাদশ স্কন্ধৰ ৩য় অধ্যায়ত মহাৰাজ নিমি আৰু প্ৰবুদ্ধৰ কথোপকথন উদ্ধৃত কৰিছে। ইয়াত কোৱা হৈছে যে যিজন বেদৰ গুঢ় তত্ত্ব জানিব বিচাৰে, তেনে মানুহে শ্ৰদ্ধাৰে গুণৱান গুৰুক শৰণ ল’ব লাগে; কাৰণ গুৰুৱে ভ্ৰম আৰু সংশয় দূৰ কৰি সত্য জ্ঞান প্ৰদান কৰে।

        ইয়াৰ উপৰিও, পঞ্চম স্কন্ধৰ একাদশ অধ্যায়ত গুৰুসেৱাক সংসাৰৰ বন্ধনৰ পৰা মুক্তিৰ প্ৰধান উপায় বুলি উল্লেখ কৰিছে। গুৰুৰ আদেশ মেনে চলিলে মনৰ অশান্তি, আসক্তি আৰু সংশয় দূৰ হয়।

        এই সকলো উদ্ধৃতিৰ আধাৰত গোপালচৰণে প্ৰতিপন্ন কৰিছে যে গুৰুসেৱাই ভক্তিৰ ভিত্তি, জ্ঞানলাভৰ আধাৰ আৰু মুক্তিৰ একমাত্ৰ পথ। সেয়েহে তেওঁ লিখিছে—
“গুৰু সেৱাতেই সংসাৰ নিস্তাৰ, গুৰু সেৱা ছাৰিলে যাগ-যজ্ঞেও তৰণ নাহে।”

৫। গদ্যসাহিত্যৰ উৎপত্তি, গঠন আৰু শৈলীৰ বিকাশত গোপালচৰণ দ্বিজৰ অৱদান কেনে?

উত্তৰঃ অসমীয়া সাহিত্যৰ আৰম্ভণি মূলত পদ্যশৈলীত হলেও গদ্যৰ বিকাশ তুলনামূলকভাৱে পিছে আহিছিল। গদ্য—যি স্পষ্ট, যুক্তিপূৰ্ণ আৰু দাৰ্শনিক চিন্তাৰ বাহক—অসমীয়া সাহিত্যত অংকীয়া নাটৰ সূত্ৰধাৰ বচন আৰু অনুবাদ সাহিত্যৰ জৰিয়তে বিকশিত হ’ব ধৰিছিল।

        এই গদ্যচর্চাৰ ইতিহাসত গোপালচৰণ দ্বিজে বিশেষ স্থান অধিকাৰ কৰিছে। তেওঁৰ গদ্যকর্ম মূলত অনুবাদ সাহিত্য হলেও ভাষাশৈলী, গঠন আৰু বিষয়গভীৰতাৰ দিশৰ পৰা ইয়াক অসমীয়া গদ্যৰ ইতিহাসত এক মাইলফলক বুলি গণ্য কৰা হয়।

        তেওঁ ভাগৱতৰ তৃতীয়, সপ্তম আৰু অষ্টম স্কন্ধৰ ভাঙনি, লগতে হৰিবংশ পুৰাণৰ অংশবিশেষ অনুবাদ কৰিছিল। বিশেষকৈ, শংকৰদেৱৰ ভক্তি-ৰত্নাকৰৰ পদভাঙনি কৰি গোপালচৰণ দ্বিজে শ্রীভক্তি-ৰত্নাকৰ-কথা নামে গদ্য ৰূপে উপস্থাপন কৰা অতি গুৰুত্বপূর্ণ। ইয়াৰ দ্বাৰা পদ্যৰ গভীৰ ভক্তিতত্ত্ব সাধারণ মানুহে সহজে উপলব্ধি কৰিব পৰা হৈছিল।

        তেওঁৰ গদ্যশৈলীত সংস্কৃত-প্ৰধান অসমীয়া, দীঘলীয়া বাক্য, উপমা আৰু উপদেশমূলক ভঙ্গী দেখা যায়। যদিও এই শৈলী আধুনিক গদ্যতকৈ কঠিন, তথাপিও ই সাহিত্যিক মূল্যৰ দিশত অমূল্য। বিশেষকৈ, শাস্ত্ৰীয় তত্ত্ব সাধাৰণ ৰাইজলৈ বুজাব পাৰিবলৈ তেওঁৰ ভাষা এক শক্তিশালী সেতুৰূপে পৰিগণিত হয়।

        সেয়ে গোপালচৰণ দ্বিজৰ অবদান হ'ল—অসমীয়া গদ্য সাহিত্যৰ ভিতভূমি নিৰ্মাণ, ভাষাক আধ্যাত্মিকতা আৰু দাৰ্শনিকতাৰ সৈতে সমৃদ্ধ কৰা, আৰু অনুবাদ সাহিত্যৰ জৰিয়তে গদ্যৰ ব্যৱহাৰ প্ৰচলন কৰা। তেওঁক যথাৰ্থতে অসমীয়া গদ্য বিকাশৰ পথপ্ৰদৰ্শক বুলি স্বীকৃতি দিয়া যায়।



Type by-Pankaj Saikia