ভাৰতীয় আর্যভাষাৰ বিভিন্ন স্তৰৰ নিৰ্বাচিত পাঠ

১। নীতিকাব্য কি?


উত্তৰ: নীতিকাব্য হৈছে সাহিত্যৰ এটা গুৰুত্বপূৰ্ণ শাখা, যাৰ মূল উদ্দেশ্য হৈছে নৈতিক শিক্ষাৰ প্ৰচাৰ।


২। "সন্দেশ ৰাসক” কাব্যখনত কোন ঋতুবোৰৰ বৰ্ণনা আছে?


উত্তৰঃ গ্ৰীষ্ম, বর্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত ঋতুৰ বৰ্ণনা দিয়া হৈছে।


৩। ভাৰতীয় সাহিত্যত পোনপ্রথম ক'ত নীতিকাব্যৰ অংকুৰণ ঘটিছিল?


উত্তৰঃ ঋগ্বেদত পোনপ্ৰথম নীতিকাব্যৰ অংকুৰণ ঘটিছিল।


৪। "সন্দেশ বাসক" কাব্যখন কিহত ৰচিত হৈছে?


উত্তৰঃ ই অপভ্রংশৰ দ্বিতীয় স্তৰ অৰ্থাৎ পশ্চিমা অৱহট্টভাষাত ৰচিত।


৫। নীতিকাব্যৰ আবেদন কিমান বিস্তৃত?


উত্তৰঃ নীতিকাব্যৰ আবেদন সার্বজনীন।


৬। "সন্দেশ ৰাসক" কাব্যখনৰ ৰচক কোন?


উত্তৰঃ কাব্যখনৰ ৰচয়ক হ'ল মুছলমান কবি আব্দুল ৰহমান।


৭। পঞ্চতন্ত্র আৰু হিতোপদেশ কি ধৰণৰ সাহিত্য?


উত্তৰঃ পঞ্চতন্ত্ৰ আৰু হিতোপদেশ নীতিকাব্য বা নীতিশিক্ষামূলক সাহিত্য।


৮। 'গাহাসত্তসঈ' কাব্যৰ সংগ্ৰাহক কোন আছিল?


উত্তৰঃ সাতবাহনবংশীয় ৰজা হাল।


৯। 'সম্পূর্ণ প্রাকৃত ভাষাত ৰচিত নাটকখনৰ নাম কি?


উত্তৰঃ "কপূৰমঞ্জৰী” নামৰ নাটকখন সম্পূর্ণ প্রাকৃতত (শৌৰসেনী প্রাকৃত) ৰচিত।


১০। বৌদ্ধধৰ্মত "ত্রিশৰণ" ক'ত ব্যৱহৃত হয়?


উত্তৰঃ ত্ৰিশৰণ বৌদ্ধ ধর্মাবলম্বীয়ে লয়: বুদ্ধং, ধম্মং, সংঘং শৰণং গচ্ছামি।


১১। 'গাহাসত্তসঈ' কোন ভাষাত ৰচিত কাব্য?


উত্তৰঃ 'গাহাসত্তসঈ' প্রাকৃত ভাষাত ৰচিত কাব্য।


১২। 'গাহাসত্তসঈ'ৰ প্ৰতিগাথা কিমান চৰণৰ?


উত্তৰ: প্ৰতিগাথা দুটা চৰণ বা শাৰী থকা পংক্তিত গঠিত।


১৩। 'গাহাসত্তসঈ'ৰ মুখ্য উপজীব্য বিষয় কি?


উত্তৰঃ প্রেম, মান-অভিমান, বিৰহ, মিলনৰ কামনা আদি।


১৪। "সন্দেশ বাসক" কাব্যখনত কিমানটা 'প্রক্রম' আছে?


উত্তৰঃ এই কাব্যখনত মুঠ তিনিটা 'প্রক্রম' আছে।


চমু প্রশ্নোত্তৰ


১। নীতিকাব্য আৰু ভাৰতীয় সাহিত্যৰ সম্পৰ্ক আলোচনা কৰা।

উত্তৰঃ নীতিকাব্য ভাৰতীয় সাহিত্যৰ এক অবিচ্ছেদ্য অংশ। ঋগ্বেদৰ পৰা আৰম্ভ কৰি পুৰাণ, উপনিষদ আৰু মহাকাব্যলৈকে নীতিকাব্যৰ ঐতিহ্য বিস্তৃত। ঋগ্বেদৰ বহু সূক্তিত নীতিৰ বাণী প্ৰকাশ পাইছে। উপনিষদত আধ্যাত্মিক শিক্ষা দিয়াৰ লগতে নৈতিক আদৰ্শৰ বৰ্ণনা আছে। ৰামায়ণ আৰু মহাভাৰতৰ বহু শ্লোক নীতিপাঠেৰে সমৃদ্ধ।         পঞ্চতন্ত্র, হিতোপদেশ আদি শিক্ষামূলক কাহিনীয়ে শিশুসকলক নীতিশিক্ষা প্ৰদান কৰে। বৌদ্ধ সাহিত্যত বুদ্ধদেৱৰ বাণী শিষ্যৰ মানসিক গঠনলৈ লক্ষ্য ৰাখি দিয়া হৈছে। জৈন সাহিত্যতো কঠোৰ নৈতিকতা প্ৰচাৰৰ দৃষ্টান্ত আছে।         ভাৰতীয় সাহিত্য নীতি, ধৰ্ম আৰু আধ্যাত্মিক জীৱনৰ ত্রিবেণী ৰূপত নীতিকাব্যক গঢ়ি তোলে।


২। ভর্তৃহৰি কোন আছিল?

উত্তৰঃ ভর্তৃহৰি প্ৰাচীন ভাৰতীয় সংস্কৃত সাহিত্যৰ এগৰাকী বিশিষ্ট কবি, যাৰ জীৱনবৃত্ত সম্পূর্ণ ৰূপে স্পষ্ট নহয়। তেওঁৰ জন্ম-মৃত্যু, প্রকৃত নাম বা পৰিচয় নিশ্চিতভাৱে জানা নাই। কিছুমানে ধাৰণা কৰে যে তেওঁ সম্রাট বিক্রমাদিত্যৰ জ্যেষ্ঠভ্রাতা আছিল; আন কিছুমানে ‘ৰাৱণবধ’ কাব্যৰ ৰচয়িতা ভট্টি বুলি বিশ্বাস কৰে। কিছুমানৰ মতে, তেওঁ ব্যাকৰণগ্ৰন্থ ‘বাক্যপদীয়’ৰ ৰচক আৰু ‘শতকত্রয়’ৰ (নীতিশত্ক, শৃঙ্গাৰশতক, বৈৰাগ্যশতক) বচয়িতা একে ব্যক্তি।           চীনা ভ্ৰমণকাৰী হিউবেন চাঙৰ মতে ৬৫১ খ্রীষ্টাব্দত এটি বৈয়াকৰণ ভর্তৃহৰিয়ে দেহ ত্যাগ কৰিছিল, যদিও তেওঁ সত্যই ব্যাকৰণৰ পণ্ডিত আছিল নে নহয়, সেই বিষয়ে নিশ্চিত তথ্য নাই। ইৎচিঙৰ বৰ্ণনামতে ভর্তৃহৰিয়ে সাতবাৰ সংসাৰ ত্যাগ কৰি প্ৰবজ্যা গ্ৰহণ কৰিছিল আৰু সাতবাৰ সংসাৰত উভতি আহিছিল। এই দ্বন্দ্বাত্মক জীৱনৰ প্ৰতিচ্ছবি তেওঁৰ সাহিত্যত স্পষ্ট।         ভর্তৃহৰি একাধাৰে জ্ঞানী, দর্শনিক, নীতিজ্ঞ আৰু কাব্যৰসিক আছিল। তেওঁ অনুপম কাব্যিক সৌন্দৰ্যৰে পূৰ্ণ তিনিখন নীতিকাব্য ৰচনা কৰিছে—‘নীতিশত্ক’, ‘শৃঙ্গাৰশতক’, আৰু ‘বৈৰাগ্যশতক’, যাক সামূহিকভাৱে “শতকত্রয়” বুলি কোৱা হয়।         তেওঁৰ শতকত্ৰয়ত কাম, ধৰ্ম আৰু মোক্ষৰ দাৰ্শনিক আলোচনা দেখা যায়। শৃঙ্গাৰশতকত প্ৰেম আৰু কামনাৰ প্ৰতিফলন; নীতিশতকত নৈতিক আদৰ্শ আৰু জীৱনৰ শিক্ষা; বৈৰাগ্যশতকত সংসাৰৰ প্রতি বিতৃষ্ণা আৰু ধৰ্মৰ গভীৰতা প্ৰকাশ পোৱা যায়। মূলতঃ ভর্তৃহৰি অদ্বৈতবাদী চিন্তাধাৰাৰ অনুসাৰী আছিল, যদিও কিছুমানে তেওঁ বৌদ্ধ ধৰ্মত দীক্ষা গ্ৰহণ কৰিছিল বুলি ধাৰণা কৰে।         সামগ্ৰিকভাৱে, ভর্তৃহৰি কাব্যিক উৎকৰ্ষ, দার্শনিক গভীৰতা আৰু নৈতিক বোধৰ এক অনন্য যুগ্ম ৰূপ প্ৰতিনিধিত্ব কৰে।


৩। প্রাকৃত ভাষাৰ উৎপত্তি আৰু বিকাশ সংক্ষেপে ব্যাখ্যা কৰা।

উত্তৰঃ প্রাকৃত ভাষা ভাৰতীয় আৰ্য ভাষাৰ মধ্যভাগৰ বিকাশ ৰূপ। ইণ্ডো-ইউৰোপীয় ভাষা পৰিয়ালৰ ইণ্ডো-ইৰাণীয় শাখাৰ অন্তৰ্গত ভাৰতীয় আৰ্য ভাষাক প্ৰাচীন (যেনে সংস্কৃত), মধ্য (যেনে প্রাকৃত), আৰু নব্য আৰ্য ভাষা বুলি তিনিভাগত ভাগ কৰা হয়। প্রাকৃত ভাষা মূলতঃ বৈদিক আৰু সংস্কৃত ভাষাৰ পৰিবর্তিত, প্ৰাকৃতিক ৰূপ।         প্ৰাকৃত ভাষাৰ উৎপত্তি আনুমানিক খ্ৰীঃ পূঃ ষষ্ঠ শতাব্দীৰ পৰা ধৰা হয় আৰু খ্ৰীঃ দশম শতিকালৈকে বিস্তৃত থাকে। অঞ্চলভেদে ইয়াৰ বিকাশত ভিন্ন বৈশিষ্ট্য দেখা যায়, যেনে—মাগধী, মহাৰাষ্ট্ৰী, শৌরসেনী, পৈশাচী আৰু অর্ধমাগধী। ইয়াক ‘প্রাকৃত’ বুলি কোৱা হয় কাৰণ ই সাধাৰণ ৰাইজৰ কথ্য ভাষা হিচাপে ব্যৱহৃত হৈছিল আৰু সংস্কৃতৰ আনুষ্ঠানিকতা নাছিল।


৪। মহাৰাষ্ট্ৰী প্ৰাকৃত ভাষাৰ বৈশিষ্ট্য আৰু সাহিত্যিক গুৰুত্ব কি?

উত্তৰঃ মহাৰাষ্ট্ৰী প্ৰাকৃত প্রাকৃত ভাষাৰ ভিতৰত আটাইতকৈ উৎকৃষ্ট আৰু কাব্যিক ভাষা হিচাপে গণ্য। বৈয়াকৰণ বৰৰুচি আৰু অলংকাৰাচাৰ্য দণ্ডীয়ে মহাৰাষ্ট্ৰীক "প্ৰকৃষ্ট প্রাকৃত" বুলি স্বীকৃতি দিছিল। এই ভাষাৰ বৈশিষ্ট্য হ’ল—স্ববমধ্যবর্তী ব্যঞ্জনৰ লোপ আৰু স্বৰৰ প্ৰাধান্য, যাৰ ফলত মহাৰাষ্ট্ৰীত ধ্বনিগত কোমলতা আৰু ৰসাত্মকতা প্ৰকাশ পায়।         মহাৰাষ্ট্ৰীত ৰাৱণবহো, গাহাসত্তসাই, গহো আদি ধর্মনিৰপেক্ষ মহাকাব্য আৰু গীতিকাব্যৰ সৃষ্টি হৈছিল। সংস্কৃত নাটকৰ গীতত বিশেষকৈ মহাৰাষ্ট্ৰী ভাষা ব্যৱহৃত হৈছিল, বিশেষকৈ মহাকবি কালিদাসৰ সময়ৰ পৰা। সাহিত্যিক দৃষ্টিকোণৰ পৰা মহাৰাষ্ট্ৰীৰ মূল্য বেছি, কাৰণ ই জনগণৰ মাজত গ্ৰহণযোগ্য আৰু মনোমোহা।


৫। "সন্দেশ ৰাসক" কাব্যখন ভাষা, সংস্কৃতি আৰু ধর্মীয় সম্প্রীতিৰ এক নিদর্শন হিচাপে কিদৰে বিবেচিত? উত্তৰঃ "সন্দেশ ৰাসক" কাব্যখন কেৱল ভাষা আৰু সাহিত্যিক সৌন্দৰ্যৰ ক্ষেত্ৰতে নহয়, ধর্মীয় সম্প্রীতিৰো এক উজ্জ্বল দৃষ্টান্ত। এই কাব্যখনৰ বিষয়বস্তু, উপস্থাপন আব্ ভাষা ভাৰতীয় সংস্কৃতিৰে গঢ়ি উঠা যদিও ইয়াৰ ৰচয়ক আছিল এজন মুছলমান কৰি আব্দুল ৰহমান। তেওঁ অপভ্রংশ ভাষাত এই হিন্দু-সাংস্কৃতিক আদর্শেৰে গঢ়ি তোলা কাৰ্য ৰচনাৰে ইছলাম-ভাৰতীয় সমন্বয়ক প্রতিফলিত কৰিছে। বিৰহিনী নায়িকাৰ যন্ত্রণা, প্রকৃতিদ বৰ্ণনা আৰু প্ৰেমৰ বিশ্লেষণ সম্পূর্ণ ভাৰতীয় সাহিত্যৰ ঐতিহ্য অনুসৰি ৰচিত। এই সমন্বয় হিন্দু-মুছলিম সম্প্ৰীতিৰ এক সাহিত্যিক দলিল হিচাপে গণ্য হ'ব পাৰে।





Type by- Pankaj Saikia