শিক্ষাৰ উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ বা বিশ্বায়ন
অতি চমু প্রশ্নোত্তৰ
১। বিশ্বায়নৰ এটা কাৰণ লিখা।
উত্তৰ: যোগাযোগ আৰু তথ্য প্রযুক্তিৰ উন্নতিয়ে বিশ্বায়নৰ গতি বৃদ্ধি কৰিছে।
২। The Global Village বা গোলকীয় গাঁৱৰ ধাৰণাটো কেতিয়া আৰম্ভণি হয়?
উত্তৰ: ১৯৬০ চনত।
৩। গোলকীকৰণ বা বিশ্বায়নৰ ফলত সাংস্কৃতিক ক্ষেত্ৰত কি ধৰণৰ প্ৰভাৰ দেখা গৈছে?
উত্তৰ: পশ্চিমীয়া মূল্যবোধ আৰু পোছাক-পৰিচ্ছদৰ প্ৰভাৱ বৃদ্ধি পাইছে, লগতে অপ-সংস্কৃতি প্রবেশ কৰিছে।
৪। ব্যক্তিগতকৰণৰ এটা সুবিধা লিখা।
উত্তৰ: ব্যক্তিগত পুঁজি আৰু বিশেষজ্ঞতাৰ যোগেদি আন্তঃগাঁথনি আৰু ৰাজহুৱা সেৱা প্ৰদানৰ মানদণ্ড উন্নত কৰা হয়।
৫। মূল কোনটো শব্দৰ পৰা 'Globalization' শব্দটোৰ উৎপত্তি হৈছিল।
উত্তৰ: 'Globalize' শব্দৰ পৰা।
৬। গোলকীকৰণ বা বিশ্বায়নৰ মূল ভিত্তি দুটা কি?
উত্তৰ: জ্ঞান (Knowledge) আৰু সংস্কাৰ সাধন/নতুনত্ব (Innovation)।
৭। উদাৰীকৰণ কি?
উত্তৰ: উদাৰীকৰণ হৈছে চৰকাৰী নিয়ম-কানুন আৰু নিয়ন্ত্রণ হ্রাস কৰি অৰ্থনৈতিক কার্যকলাপত অধিক স্বাধীনতা প্রদান কৰা প্রক্রিয়া।
.
৮। ৰাজহুৱা-ব্যক্তিগত খণ্ডৰ অংশীদাৰিত্বৰ এটা বৈশিষ্ট্য লিখা।
উত্তৰঃ পি পি পিত সাধাৰণতে দীর্ঘম্যাদী চুক্তি থাকে যিয়ে প্রতিজন অংশীদাৰৰ দায়িত্ব আৰু ভূমিকাৰ ৰূপৰেখা দিয়ে।
৯। গোলকীয় গাৱঁৰ ধাৰণাটো কোনে আগবঢ়াইছিল?
উত্তৰ: মাৰ্ছেল মেকলুহানে।
১০। ভাৰতত গোলকীকৰণ বা বিশ্বায়নৰ গতি তীব্ৰ হোৱাৰ মূল সময় কোনটো?
উত্তৰঃ ১৯৯১ চনৰ জুলাই মাহত নতুন অর্থনৈতিক নীতি গ্ৰহণৰ পাছত।
১১। গোলকীকৰণৰ এটা সংজ্ঞা লিখা।
উত্তৰ: বিশ্বায়ন হৈছে এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা তথ্য, পণ্য, সেৱা আৰু সংস্কৃতি বিশ্বব্যাপী সহজে বিনিময় হয়।
১২। 'Globalization' শব্দৰ প্ৰথম প্ৰয়োগ কেতিয়া হৈছিল?
উত্তৰ: ১৯৩০ চনত।
১৩। উদাৰীকৰণৰ এটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ উদাৰীকৰণে অর্থনৈতিক ক্ষেত্ৰত চৰকাৰৰ নিয়ন্ত্রণ হ্রাস কৰি বজাৰ শক্তিক বৃহৎ ভূমিকা পালনৰ অনুমতি দিয়ে।
১৪। বিনিয়োগ হিচাপে শিক্ষাৰ এটা বৈশিষ্ট্য লিখা।
উত্তৰঃ শিক্ষা এককালীন নহয়, ই ধাৰাবাহিক শিক্ষণ প্রক্রিয়া যাৰ ফলত ব্যক্তিৰ দীর্ঘম্যাদী লাভ হয়।
১৫। কোনখন গ্রন্থত গোলকীয় গাঁৱৰ ধাৰণাটো প্রথম অন্তর্ভুক্ত হয়?
উত্তৰ: "Exploration in Communication" নামৰ কিতাপখনত।
চমু প্রশ্নোত্তৰ
১। উদাৰীকৰণৰ ধাৰণা কি? উত্তৰঃ উদাৰীকৰণ হৈছে এক গুৰুত্বপূর্ণ অর্থনৈতিক আৰু নীতি-সংক্রান্ত ধাৰণা, যাৰ অৰ্থ হৈছে চৰকাৰৰ অধিক নিয়ন্ত্ৰণ আৰু সীমাবদ্ধতা কমাই ব্যক্তিগত উদ্যোগ আৰু বজাৰ ব্যৱস্থাৰ ওপৰত অধিক স্বাধীনতা প্ৰদান কৰা। সাধাৰণতে উদাৰীকৰণ অৰ্থনৈতিক ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, য’ত উৎপাদন, বাণিজ্য আৰু বিনিয়োগত থকা বিভিন্ন বিধি-নিষেধ শিথিল কৰা হয় যাতে ব্যক্তি আৰু প্রতিষ্ঠানসমূহ নিজৰ সিদ্ধান্ত অধিক স্বাধীনভাৱে ল’ব পাৰে। অর্থনৈতিক উদাৰীকৰণৰ প্ৰধান লক্ষ্য হৈছে দেশৰ অৰ্থনীতিৰ ওপৰত থকা বাধা দূৰ কৰি বিনিয়োগ আৰু প্ৰতিযোগিতাৰ পৰিবেশ সৃষ্টি কৰা। ইয়াৰ ফলত উৎপাদন বৃদ্ধি পায়, মূল্য হ্ৰাস ঘটে, নতুন উদ্ভাৱনৰ সুযোগ সৃষ্টি হয় আৰু ভোক্তাসকলৰ বাবে অধিক বিকল্প উপলব্ধ হয়। উদাৰীকৰণৰ ফলত বিশ্ববাণিজ্যৰ সৈতে দেশৰ অৰ্থনীতিৰ সংযোগো সুদৃঢ় হয়। ১৯৯১ চনত ভাৰতীয় অৰ্থনৈতিক নীতিত এক ঐতিহাসিক পৰিৱৰ্তন ঘটে। পি. ভি. নৰসিংহ ৰাৱৰ নেতৃত্ব আৰু ডঃ মনমোহন সিংৰ অৰ্থমন্ত্রীত্বত দেশত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়নৰ যুগ আৰম্ভ হয়। তেতিয়া বৈদেশিক মুদ্ৰা সংকট, বাণিজ্য ঘাটতি আৰু শিল্পক্ষেত্ৰৰ অদক্ষতা সমাধান কৰিবলৈ এই নীতি গ্ৰহণ কৰা হৈছিল। উদাৰীকৰণ কেৱল অৰ্থনীতিত সীমিত নহয়; শিক্ষা, ৰাজনীতি, বাণিজ্য আৰু সামাজিক নীতি-নিয়মৰ ক্ষেত্ৰতো ইয়াৰ প্ৰয়োগ দেখা যায়। উদাহৰণস্বৰূপে, শিক্ষাক্ষেত্ৰত উদাৰীকৰণৰ ফলত বিদেশী বিশ্ববিদ্যালয়ৰ প্ৰতিযোগিতা, পাঠ্যক্রমৰ আধুনিকীকৰণ আৰু শিক্ষাৰ গুণমানৰ উন্নতি সম্ভৱ হৈছে। সাৰকথা, উদাৰীকৰণ হৈছে এনে এটা প্ৰক্ৰিয়া য’ত চৰকাৰৰ নিয়ন্ত্ৰণ হ্ৰাস কৰি মুক্ত বজাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়, যাতে অধিক স্বাধীনতা, দক্ষতা, প্ৰতিযোগিতা আৰু উদ্ভাৱনক উৎসাহিত কৰি দেশৰ অৰ্থনীতি আৰু সমাজ দুয়ো উন্নত হ’ব পাৰে।