Chapter 2
স্থান আৰু সমাজ-মানৱ প্ৰজাতী ধৰ্ম আৰু ভাষা
উত্তৰ দিয়া ।
১) সমাজ বুলিলে কি বুজা?
উত্তৰঃ সমাজ বা মানৱ সমাজ বুলিলে সাধাৰণতে একে নীতি-নিয়ম মানি চলা লোকসকলৰ এটা সমষ্টিক বুজা যায়। অন্যান্য প্রাণী তথা জীৱ-জন্তুৰ দৰে মানুহেও অকলশৰীয়াকৈ বসবাস কৰিব নোৱাৰে। আদিম যুগৰ পৰা আজি পর্যন্ত মানুহে একো-একোটা গোট বা দল হৈ বসবাস কৰি আহিছে। এই দল বা গোটসমূহ কেতবোৰ নীতি-নিয়মৰ দ্বাৰা পৰিচালিত হয়। এনেকুৱা নির্দিষ্ট নিয়ম-নীতিৰে পৰিচালিত মানুহ স্থায়ী গোট একোটাকে সৰল অৰ্থত একো একোখন সমাজ বা Socity বুলি কোৱা হয়। আদিম যুগৰ পৰা মানুহে এইদৰে দলবান্ধি বসবাস কৰি আহিছে যদিও নৱপ্ৰস্তৰ যুগৰ মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে মানুহৰ মাজত সমাজৰ প্ৰয়োজনীয়তা ক্রমশঃ বৃদ্ধি পাবলৈ লয়। স্থায়ীভাৱে বসবাস কৰা মানুহবোৰৰ মাজত শান্তি-শৃঙ্খলা বজাই ৰখাৰ কাৰণে বিভিন্ন নীতি-নিয়মৰ প্রয়োজন হ'ল আৰু ক্রমান্বয়ে মানুহৰ মাজত সমাজ ব্যৱস্থাই সুদৃঢ় ৰূপ লয়।
২) আদিম সমাজৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা।
উত্তৰঃ আদিম সমাজৰ বৈশিষ্ট্য:
ক) আদিম সমাজৰ লোকসকল মূলতঃ নিৰক্ষৰ। তেওঁলোকৰ মাজত কোনো লিপি বা লিখিত সাহিত্য নাথাকে।
খ) আদিম সমাজৰ জনসংখ্যাৰ পৰিমাণ তেনেই তাকৰ।
গ) আদিম সমাজৰ লোকসকল কাৰিকৰী বিদ্যাত পিছপৰা।
ঘ) ব্যৱসায়ৰ ওপৰত আধাৰিত কৰ্মবিভাজন নাই। একেজন লোকেই সমাজৰ সকলো প্ৰকাৰৰ কাম সমাধা কৰে।
ঙ) আদিম সমাজৰ মানুহে মূলতঃ পিছপৰা আৰু আওহতীয়া অঞ্চলত বসবাস কৰে।
উত্তৰ: মানুহে অকলশৰীয়াকৈ বাস কৰি নিজ চাহিদা বা সমস্যাবোৰ সম্পূৰ্ণকৈ সমাধান কৰিবলৈ সমর্থ নহয়। এই ক্ষেত্রত আনৰ সহায়ৰ প্ৰয়োজন অপৰিহাৰ্য। সেইবাবে মানুহে সদায় ফলত তেওঁলোকৰ মাজত পাৰস্পৰিক সম্বন্ধ স্থাপন হয় আৰু ইয়াৰ মাজেৰে কেতবোৰ ৰীতি- নীতি গঢ় লৈ উঠে। এই নীতি-নিমবোৰে মানুহ খোৱা-বোৱা, উৎসৱ-পার্বণ, শিক্ষা-দীক্ষা, পূজা-পাতল আদি সকলোবিলাক দৈনন্দিন জীৱনৰ সকলো প্ৰকাৰৰ কাৰ্য-কলাপ নিয়ন্ত্ৰণ কৰে। এইদৰে সমাজৰ সৃষ্টি হয়। সময়ৰ অগ্ৰসৰৰ লগে লগে সমাজ ক্রমান্বয়ে উন্নতিৰ পথত আগবাঢ়িথাকে। বস্তুগত সংস্কৃতিত সকলোবিলাক সমাজ একে ধৰণৰ উন্নত নহয়। এই ক্ষেত্রত যিবোৰ সমাজ অনুন্নত সেইবোৰ সমাজকে আদিম সমাজ বুলি আখ্যা দিয়া হয়। অর্থাৎ নীতি-নিয়ম বা সংস্কৃতিৰ ক্ষেত্ৰত পিছপৰি থকা বা পিছপৰা সমাজকে আদিম সমাজ বোলে। পৃথিৱীৰ ভালেমান অঞ্চলৰ লোকসকলে আজিও খেতি কৰিব নাজানে, পশুপালন নকৰে, স্থায়ীকৈ বাসস্থান সাজিব নোখোজে, উন্নত প্ৰকাৰৰ কোনো সা-সঁজুলিও ব্যৱহাৰ কৰিব নাজানে। বর্তমান অৱস্থাত থকা এনেকুৱা সমাজবোৰক আদিম সমাজ বুলি জনা যায়। সাধাৰণতে অতব্য অৰণ্যভূমি, শুকান মৰুভূমি, দুর্গম পর্বতীয়া অঞ্চল, চিৰকাল বৰফাকৃত অঞ্চল, অস্বাস্থ্যকৰ জলবায়ু অঞ্চলত বসবাস কৰা লোকসকলৰ সমাজ আদিম সমাজৰ উদাহৰণ।
উত্তৰঃ পৃথিৱীৰ মানৱ সমাজ হ'ল জীৱৰ ক্ৰমবিকাশৰ সবাতোকৈ শ্রেষ্ঠ জীৱ প্রজাতি। জৈৱিক গুণাগুণৰ ফালৰ পৰা পৃথিৱীত বসবাস কৰা সকলো শ্ৰেণীৰ মানুহ বা মানৱ প্রজাতি একে যদিও এওঁলোকৰ মাজত দেখিবলৈ পোৱা কেতবোৰ ভিন্নতাৰ বাবে সকলো মানুহকে একে ধৰণৰ দেখা নেযায়। অর্থাৎ পৃথিৱীৰ ভিন্ন ভিন্ন অঞ্চলত বসবাস কৰা মানুহৰ দেহত কেতবোৰ ভিন্নতা পৰিলক্ষিত হয়। আফ্রিকা মহাদেশত বসবাস কৰা মানুহ এগৰাকীৰ দৈহিক গঠন বা গাৰ বৰণ ইউৰোপ বা এছিয়াৰ পূৰ্বপ্ৰান্তৰ লোকসকলৰ লগত যথেষ্ট পার্থক্য পৰিলক্ষিত হয়। মানুহৰ দেহত দেখিবলৈ পোৱা এনেকুৱা পাৰ্থক্যবোৰৰ ভিত্তিত সমগ্র পৃথিৱীত বসবাস কৰা মানৱ প্ৰজাতিক শ্রেণীবিভাজন কৰা প্রয়োজনীয়তা বোধ কৰি সমগ্ৰ ধৰাৰ বুকুত দেখিবলৈ পোৱা মানুহক মূলতঃ তিনিটা মুখ্য প্রজাতিত শ্রেণীবিভাজন কৰা হৈছে। এই তিনিপ্ৰকাৰৰ মানৱ প্ৰজাতি হ'ল–
ক) ককেছীয় / Caucasoid
খ) মংগোলীয় / Mongoloid
গ) নিগ্রো / Negroid
মানৱ প্ৰজাতিৰ এই শ্রেণীবোৰৰ ওপৰত প্রাকৃতিক পৰিৱেশৰ প্রভাৱ অতিকৈ গুৰুত্বপূর্ণ। এইবোৰৰ আৰু কেতবোৰ উপ-প্রজাতিত আছে।
উত্তৰ: ইউৰেছিয়া আৰু কানাডাৰ উত্তৰাংশত অৱস্থিত চিৰতুষাৰাবৃত অঞ্চলক তুন্দ্রা অঞ্চল নামে জয়া যায়। এই তুন্দ্রা অঞ্চলত বসবাস কৰা মুখ্য মানৱ প্রজাতি হ'ল এস্কিম' / Eskimo এস্কিম'সকল পৃথিৱীৰ এক অন্যতম যাযাবৰী বা অঘৰী লোক গোষ্ঠী। হাতত ধনু- কাঁড় লৈ চিকাৰ বৃত্তিৰে বৰফৰ ওপৰে ওপৰে খাদ্যৰ সন্ধানত অনাই- বনাই ঘূৰি ফুৰাটোৱে হৈছে এস্কিম' সম্প্রদায় লোকসকলৰ মুখ্য জীৱিকা। ছিলমাছ, তিমিমাছ,
সিন্ধু ঘোটক, বল্লা হৰিণ, বগা ভালুক, ৰাংকুকুৰ,
কাৰিবো আদি তুন্দ্রা ভূমিত থকা মুখ্য জীৱ-জন্তু। জলবায়ু চৰমভাৱাপন্ন হোৱা হেতুকে চিকাৰৰ বাহিৰে অন্য কোনো জীৱিকাৰ সুবিধা তুন্দ্রা ভূমিত সম্ভৱ নহয়। চিকাৰৰ পিছে পিছে ঘূৰি ফুৰা তুন্দ্রা ভূমিত যি ঠাইত সুবিধা পায় তাতেই তেওঁলোকে অস্থায়ীভাৱে বাস কৰে। চিকাৰ কৰি পোৱা জন্তুৰ মঙহ হ'ল এস্কিম'সকলৰ মুখ্য খাদ্য। মাংসৰ উপৰিও চিকাৰ কৰি পোৱা জন্তুৰ ছালেৰে দৈনন্দিন ব্যৱহাৰ কৰা পোছাক, জোতা-মোজা আদি সামগ্ৰীবোৰ তৈয়াৰ কৰি লয়। জন্তুৰ ছালেৰে তৈয়াৰ কৰা তম্বুৰ তলত এওঁলোকে ৰাতি বিশ্রাম কৰে। গ্রীষ্ম কালত ঠাইবিশেষে এস্কিম'সকলে বৰফেৰে তৈয়াৰ কৰা ঘৰত বাস কৰে। এইবোৰকে 'ঈগলু' বুলি কোৱা হয়। এস্কিম'সকল মূলতঃ মংগোলীয় প্ৰজাতিৰ লোক।
উত্তৰ: জনসংখ্যা অধ্যয়নৰ অন্য এক উল্লেখনীয় বিষয় হ'ল ধর্ম। পৃথিৱীৰ সৰহ ভাগ মানুহে কোনো এক ধৰ্মৰ আনুগত্য অনুসৰণ কৰি জীৱন নিৰ্বাহ কৰে। ধৰাপৃষ্ঠৰ মানুহে অৱলম্বন কৰা ধৰ্মক বিভিন্ন ধৰণে শ্ৰেণীবিভাজ কৰিব পাৰি। এই ক্ষেত্ৰত বিশ্বৰ মানব সমাজক পোনছাটে একঈশ্বৰবাদ (Mono-theistic) আৰু বহুঈশ্বৰবাদ (Polytheistic) হিচাপে বিভক্ত কৰিব পাৰি। কোনো কোনোরে আকৌ উৎপত্তিৰ স্থানৰ ওপৰত ভিত্তি কৰিও ধর্মব শ্রেণীবিভাজন কৰা দেখা যায়। আকৌ ভূগোলবিদসকলে ধৰ্মৰ প্ৰসাৰতা আৰু স্থানিক বিতৰণৰ ওপৰত ভিত্তি কৰি ধৰ্মক শ্রেণী বিভাজন কৰা দেখা যায়। ভূগোলবিদসকলৰ দৃষ্টিত ধৰ্মৰ শ্ৰেণীবিভাজন তলত উল্লেখ কৰা ধৰণে কৰিবলৈ প্ৰয়াস কৰা পৰিলক্ষিত হয়। এই ধৰণৰ শ্ৰেণী বিভাজন হ'ল-
ক) বিশ্বজনীন ধর্ম (Universalizing Religion)
খ) নৃগোষ্ঠীয় ধর্ম (Ethnic Region)
গ) জনজাতীয় বা পৰম্পৰাগত ধৰ্ম (Tribal or Traditional
Religion
বিশ্বজনীন, ধৰ্মৰ ভিতৰত খ্রীষ্টিয়ান, ইছলাম আৰু বৌদ্ধ ধৰ্মৰ লোকসকলক সামৰি লোৱা হৈছে। আনহাতে হিন্দু, জাপানী, ইহুদিসকলৰ ধৰ্মক নৃগোষ্ঠীয় ধৰ্মৰ অন্তৰ্ভূক্ত কৰা হৈছে। জনজাতীয় লোকসকলৰ মাজত প্রচলিত ধর্মকে জনজাতীয় ধর্ম বুলি জনা যায়।
১। মানচিত্ৰৰ সহায়ত বিভিন্ন প্ৰকাৰৰ মানৰ প্ৰজাতিৰ বিতৰণ দেখুওৱা।
উত্তৰ: বিভিন্ন মানৱ প্রজাতি বিতৰণ: ধৰা বুকুত সিঁচৰতি হৈ থকা মানৱ গোষ্ঠীক বিভিন্ন বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি তিনিটা মুখ্য প্রজাতিত ভাগ কৰা হৈছে। মানৱ প্ৰজাতিৰ এই ভাগ তিনিটা হ'ল- (ক) নিগ্রো প্রজাতি (খ) ককেছীয় প্রজাতি আৰু (গ) মগোলীয় প্রজাতি। এই উত প্রজাতিবোৰৰ মাজতে পৰিলক্ষিত হোৱা নানা প্রকাৰৰ দৈহিক পার্থক্যৰ পৰিপ্ৰেক্ষিতত প্রতিটো মানৱ প্ৰজাতিৰ মাজত আকৌ কেতবোৰ উপ- প্রজাতি পৰিলক্ষিত হয়। সাধাৰণতে মানৱ প্ৰজাতিৰ তিনিটাৰ ভিতৰত নিগ্রো প্রজাতিৰ লোকসকল আফ্রিকাৰ ক্ৰান্তীয় অঞ্চলত, ককেছীয় প্ৰজাতিৰ লোকসকল ইউৰোপ আৰু এছিয়া নাতিশীতোষ্ণ অঞ্চলত আৰু মংলোগীয় গোষ্ঠীৰ লোকসকল প্রধানকৈ উত্তৰ-পূব এছিয়া, আমেৰিকা আৰু অষ্ট্রেলিয়াত বিতৰণ হৈ থকা বুলি কোৱা হয়। আকৌ জনপ্ৰব্ৰজনৰ ফলত বিভিন্ন প্ৰজাতিৰ লোকসকল এঠাইৰ পৰা আন ঠাইলৈ গৈ বসবাস কৰিবলৈ লোৱাৰ ফলত মানৱ প্ৰজাতিৰ বিতৰণৰ ক্ষেত্ৰত নানা প্ৰকাৰৰ সমস্যাৰো উদ্ভৱ ঘটিবলৈ পাইছে।
উত্তৰ : মানৱ প্ৰজাতিৰ শ্ৰেণীবিভাজনৰ বৈশিষ্ট্যসমূহ: জৈৱিক গুণাগুণৰ ফালৰ পৰা ধৰাৰ বুকুত দেখিবলৈ পোৱা সকলোবিলাক মানুহ একেটা সম্প্ৰদায়ৰ অন্তৰ্গত যদিও বিভিন্ন অঞ্চলত বসবাস কৰা মানুহৰ ক্ষেত্ৰত নানা প্ৰকাৰৰ দৈহিক পার্থক পৰিলক্ষিত হয়। মানুহৰ এই দৈহিক পাৰ্থক্যবোৰ মূলতঃ জন্মগতভাৱে আহৰণ কৰে। পৃথিৱীৰ বিভিন্ন অঞ্চলত দেখিবলৈ পোৱা মানৱ জাতিক এনেকুৱা গুণাগুণ বা বৈশিষ্ট্যৰ ভিত্তিত প্রধানকৈ তিনিটা ভিন্ন ভিন্ন প্রজাতিত ভাগ কৰাও হৈছে। মানর গোষ্ঠীক ভিন প্রজাতিত ভাগ কৰাৰ ক্ষেত্ৰত মানৱ দেহত পৰিলক্ষিত কেতবোৰ দৈহিক পাৰ্থক্যৰ ওপৰত নিৰ্ভৰ কৰা হয়। মানব গোষ্ঠীক ভিন্ন প্রজাতিত শ্রেণী বিভাজনৰ ক্ষেত্ৰত আধাৰ হিচাপে লোৱা এই বৈশিষ্ট্যবোৰ হ'ল
ক) গাৰ বৰণ / Skin color
খ) দৈহিক উচ্চতা / Stature
গ) মস্তক আকৃতি / Shape of head
ঘ) নাকৰ আকৃতি / Shape of Nose
ঙ) নেত্রবর্ণ / Colour of eyes
চ) কেশ / Hair
ছ) ৰক্ত সমষ্টি / Blood Group
উত্তৰ : খিৰঘিজ সকলৰ জীৱিকা নিৰ্বাহ প্রণালী: এছিয়া মহাদেশৰ একেবাৰে মাজভাগত অৱস্থিত ষ্টেপ অঞ্চল পৃথিৱীৰ ভিতৰতে এক উল্লেখযোগ্য ঘাঁহনি। বৃহৎ স্থলভাগৰ মাজত অৱস্থিত হোৱা বাবে এই অঞ্চলত অন্তর্বর্তী শুকান জলবায়ুৰ প্রাধান্যতা অধিক। সেইবাবে অঞ্চলটোত বাৰ্ষিক বৰষুণৰ পৰিমাণ তেনেই কম। বিশেষকৈ গ্ৰীষ্মৰ সময়ছোৱাত উত্তাপৰ পৰিমাণ বৃদ্ধি হোৱাৰ বাবে ঘাঁহনিবোৰ প্ৰায়েই শুকাই মৰহি যায়। এই অঞ্চলত বসবাস কৰা অধিবাসীসকল হ'ল খিৰঘিজ নামৰ এক অঘৰী পশুপালক। বিস্তীর্ণ অঞ্চল তুলনামূলকভাৱে চুটি-চাপৰ ঘাঁহনিৰে পৰিপূৰ্ণ হোৱা হেতুকে পশুপালনেই এই অঞ্চলৰ বাসিন্দসকলৰ প্ৰধান আৰু মুখ্য জীৱিকা। গ্রীষ্মৰ সময়ছোৱাত নিম্ন অঞ্চলৰ ঘাঁহনিবোৰ শুকাই মৰহি যোৱা বাবে খিৰঘিজসকলে গৰু- ভেড়াৰ জাকবোৰ নিম্নভূমিৰ পৰা ইয়াৰ উত্তৰত অৱস্থিত টিয়ানচান পৰ্বতৰ ওপৰলৈ স্থানান্তৰিত কৰে। গ্ৰীষ্মৰ অন্তত শীত আগমনৰ লগে লগে জন্তুৰ জাকসহ তেওঁলোক পুনৰ ষ্টেপ ভূমিলৈ নামি আহে। এইদৰে ঋতু অনুসৰি বাসস্থান সলনি কৰা বাবে খিৰঘিজসকলক ঋতুপ্রবাসী পশুপালক বুলিহে জনা যায়। এয়েই আছিল ষ্টেপ অঞ্চলত বসবাস কৰি অহা থিৰঘিজসকলৰ দৈনন্দিনৰ জীৱিকা-নিৰ্বাহ প্রণালী।
সময়ৰ পৰিৱৰ্তনে মানুহৰ জীৱনলৈ নানা প্ৰকাৰৰ পৰিৱৰ্তন আনে। তেনে পৰিৱৰ্তনৰ পৰা বাদ পৰি যোৱা নাই মধ্য এছিয়াৰ খিৰিঘিজসকলো। পালিত জন্তুৰ খাদ্য আৰু পানীৰ সন্ধানত অনাই-বনাই ঘূৰি ফুৰি যি এক কষ্টকৰ জীৱনা-যাপন কৰি আহিছিল আজি খিৰিঘিজসকল তেনেকুৱা ভালেমান সমস্যাৰ পৰা অব্যাহতি লাভ কৰিছে। ষ্টেপ অঞ্চলৰ মাটি অতিকৈ সাৰুৱা। কিন্তু পানীৰ অভাৱৰ বাবে এই ভূমিবোৰ শস্যৰ কৃষিৰ বাবে অনুপযোগী হৈ আছিল। বর্তমান অৱস্থাত ষ্টেপ অঞ্চলৰ পৰা অঘৰী পশুপালন জীৱিকা সম্পূর্ণরূপে নিঃশেষ হৈছে। তাহানিৰ অঘৰী পশুপালকসকলে সেইবাবে আজিকালি পানী আৰু ঘাঁহনিৰ সন্ধানত গোটেই সময় অতিবাহিত কৰাৰ কোনো প্রয়োজন নাই। বর্তমান বিজ্ঞান আৰু কাৰিকৰী কৌশলেৰে ষ্টেপ অঞ্চলৰ আমূল পৰিৱৰ্তন ঘটিছে। বিশেষকৈ অধিবাসীসকলে সন্মুখীন হৈ অহা দীর্ঘদিনৰ সমস্যা আৰু দেশৰ চৰাকাৰৰ উন্নয়নমূলক নীতিৰ পৰিপ্ৰেক্ষিতত বর্তমান ষ্টেপ অঞ্চলত পানীৰ অভাৱ যথেষ্ট পৰিমাণে দূৰ কৰিবলৈ সক্ষম হৈছে। সেয়েহে সমগ্র ষ্টেপ অঞ্চলত আজিকালি কৃষিকার্যৰ বিশেষ প্রাধান্যতা লাভ কৰিবলৈ সক্ষম হৈছে। প্রায়ভাগ অঞ্চলতে জলসিঞ্চনৰ ব্যৱস্থা কৰি তাহানিৰ খৰাং জলবায়ুত ছিৰাছিৰি হৈ পৰা পথাৰবোৰত আজিকালি দেখিবলৈ পোৱা যায় কিলোমিটাৰৰ পাছত কিলোমিটাৰকৈ বিয়পি থকা ঘেঁহুৰ সেউজীয়া পথাৰবোৰ। আনহাতে, স্থলপথত আৰু ৰেল পৰিবহণ উন্নতি কৰি এই অঞ্চলত বেপাৰ-বাণিজ্যৰে প্ৰসাৰ ঘটিছে আৰু ঠায়ে ঠায়ে শিল্প উদ্যোগৰো পাতনি মেল খাইছে। মূলতঃ ষ্টেপ অঞ্চলৰ তাহানিৰ সেই প্রতিকূল পৰিৱেশ আৰু মানুহৰ অদম্য সাহস আৰু বিদ্যা-বুদ্ধিৰে এক অনুকূল পৰিৱেশত পৰিণত হৈছে। লগে লগে তাহানিৰ অঘৰী লোকৰ বাসস্থান ষ্টেপ অঞ্চলত আজি গঢ়ি উঠিছে হাজাৰ হাজাৰ লোকৰ সম্পূৰ্ণৰূপে স্থায়ী বসতি। উল্লেখযোগ্য যে দেশীয় চৰকাৰ তথা স্থায়ী বাসিন্দাসকলৰ প্রচেষ্টাত এই প্রকৃতিৰ প্ৰতিকূল বুলি জনাজাত অঞ্চলটো অদূৰ ভৱিষ্যতে এক উন্নত অঞ্চলত পৰিণত হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা যায়।
উত্তৰ : বেদুইনসকলৰ জীৱিকা নিৰ্বাহ প্ৰণালীঃ পৃথিৱীৰ পৃষ্ঠৰ বিভিন্ন অঞ্চলত বিভিন্ন প্ৰকাৰৰ জলবায়ুৰ কথা আমি ভালদৰে জানিব পাৰিছোঁ। এনেকুৱা জলবায়বীয় অঞ্চলবোৰৰ ভিতৰত এক উল্লেখযোগ্য অঞ্চল হ'ল উষ্ণ বা শুকান মৰুভূমি। ধৰাৰ বুকুৰ ভিন ভিন অঞ্চলত বিভিন্ন নামেৰে নামকৰণ কৰা বহুতো শুকান মৰুভূমি অৱস্থিত। এইবোৰ মৰুভূমিত বিভিন্ন নামেৰে জনাজাত লোকগোষ্ঠীয়ে বসবাস কৰি অহাৰ কথাও আমি জানিব পাৰিছোঁ। এনে এক মৰুময় শুকান অঞ্চল হ'ল এছিয়া মহাদেশৰ পশ্চিমাঞ্চলত অৱস্থিত আৰৱ মৰুভূমি। অন্যান্য মরুময় উত্তপ্ত অঞ্চলবোৰৰ দৰে আৰৱ মৰুভূমিও শুকান আৰু উত্তপ্ত বালিৰে গঠিত। আৰৱৰ এই উত্তপ্ত মৰুভূমিতে বসবাস কৰা অঘৰী লোকগোষ্ঠীটোৰ নাম হ'ল 'বেদুইন'। অর্থাৎ বেদুইনসকল আৰৱ মৰুভূমিত অঘৰী বৃত্তিবে ঘুৰি- ফুৰা এক উল্লেখযোগ্য জনগোষ্ঠী।
এছিয়া মহাদেশৰ পশ্চিমাঞ্চলত অৱস্থিত আৰৱ এক বৃহৎ মৰুভূমি। এই সুবৃহৎ মৰুময় অঞ্চলটোত বৰষুণ একেবাৰে নহয় বুলিবও পাৰি। সেয়েহে সমগ্ৰ মৰুময় অঞ্চল বালিৰে পৰিপূৰ্ণ। দিনৰ ভাগত ইয়াৰ উষ্ণতাও অত্যধিক। এই শুকান বালিৰে গঠিত অঞ্চলটোত জলসিঞ্চনৰো ব্যৱস্থা হোৱা নাই। ফলত কৃষিকাৰ্যৰ কথা এই অঞ্চলত আজিও চিন্তাৰ বাহিৰত। খনিজ সম্পদত কিছু চহকী যদিও প্রতিকূল পৰিৱেশৰ পৰিপ্ৰেক্ষিতত এইবোৰ উদ্ঘাটন কৰাটো তেনেই কঠিন হৈয়েই আছে। আৰৱৰ এই মৰুময় শুকান অঞ্চলত জনবসতিও তেনেই পাতল। তথাপিও বিস্তীর্ণ মৰুভূমিৰ মাজত সিঁচৰতি হৈ থকা লোকসকলে আজিও আদিম অৱস্থাতে আছে। অঘৰী বৃত্তিৰে অনাই- বনাই ঘূৰি-ফুৰা আৰৱ মৰুভূমিৰ বেদুইনসকলে মূলতঃ বেপাৰ-বাণিজ্যৰ দ্বাৰা জীৱিকা-নিৰ্বাহ কৰে। মৰুভূমিৰ মাজত থকা মৰুদ্যানবোৰত খেতি-বাতি যথেষ্ট পৰিমাণে হয় বাবে এইবোৰত স্থানীয় বাসিন্দা আছে। আনহাতে, মৰু প্ৰান্তীয় অঞ্চলবিলাকতো জনবসতি কিছু ঘন। বেদুইনসকলে মৰুদ্যান আৰু মৰু প্রান্তীয় অঞ্চলবোৰৰ পৰা নানা প্ৰকাৰৰ সা-সামগ্ৰী ক্ৰয় কৰি মৰুভূমিৰ বিস্তীর্ণ অঞ্চলত বসবাস কৰা লোকসকলৰ ওচৰত বিক্ৰী কৰি পোৱা পইচাৰে নিজৰ জীৱিকা চলায়। এওঁলোকৰ জীৱন অতিকৈ কষ্টকৰ। দিনত উৎকট গৰম হোৱা বাবে আৰু এওঁলোকে বেপাৰৰ বাবে ৰাতি পোহৰ নৌহওতেই উটৰ পিঠিত বেপাৰৰ সামগ্ৰীবোৰ বোজাই দি যাত্ৰা আৰম্ভ কৰে। ৰাতি হ'লে তম্বু তৰি মৰুৰ বুকুত বিশ্রাম লয়। উটৰ পিঠিতে বেদুইনসকলৰ জীৱিকাৰ সকলো সম্বল তুলি লৈ বেপাৰৰ সন্ধানত এখন ঠাইৰ পৰা অইন এখনলৈ ঘূৰি-ফুৰাটোৱে বেদুইনসকলৰ দৈনন্দিন কার্য। বেদুইনসকলৰ জীৱন-যাত্ৰাৰ এক অমূল্য সম্পদ হৈছে উট। মৰুৰ শুকান আৰু উত্তপ্ত বালিৰ ওপৰেৰে এখন ঠাইৰ পৰা অইন এখন ঠাইলৈ চলাচল কৰিবলৈ আৰু তেওঁলোকব সা-সামগ্ৰীবোৰ কঢ়িয়াই লৈ ফুৰিবলৈ একমাত্র সম্বল হৈছে উট। উটৰ পিঠিত উঠিয়ে বেদুইনসকলে মৰুভূমিৰ বিভিন্ন ঠাইবোৰলৈ অহা-যোৱা কৰাৰ উপৰিও মৰু প্ৰান্তৰ ঠাইবোৰলৈ বেপাৰৰ উদ্দেশ্যে যোৱাটো সম্ভৱপৰ হৈছে। এনেকৈয়ে উটৰ পিঠিতে পৰিয়ালৰ ল'ৰা-ছোৱালী- তিৰোতাকে আদি কৰি সকলোবিলাক সা-সামগ্রী বোজাই দি এখন ঠাইৰ পিছত আন এখন ঠাইলৈ বাসস্থানসহ স্থানান্তৰিত হৈ সীমাহীন দুখ-কষ্টৰ মাজেৰে আজিও বেদুইনসকলে অঘৰী বৃত্তিৰে বসবাস কৰি আহিছে।