সাহিত্য আৰু সাহিত্য সমালোচনাৰ অন্তঃসম্পর্ক
সংজ্ঞা আৰু প্ৰকাৰভেদ: কাব্য, দৃশ্য কাব্য (প্রাচ্য দৃষ্টিভংগীত)
কবিতা, নাটক, চুটিগল্প আৰু উপন্যাস (পাশ্চাত্য দৃষ্টিভংগীত)
অতি চমু প্রশ্নোত্তৰ
১। সাহিত্য আৰু সাহিত্য-সমালোচনাৰ মূল
অন্তঃসম্পর্ক কি?
উত্তৰ: সাহিত্য
সৃষ্টিৰ সৈতে সমালোচনাই তাৰ মূল্যায়ন আৰু দিশ নির্দেশ দিছিলেই দুয়ো পৰস্পৰ-আশ্রিত।
উত্তৰঃ সমালোচনাই লেখকক নিজৰ শক্তি-দুর্বলতা চিনাক্ত কৰি সৃষ্টিৰ মান উন্নত কৰাত সহায় কৰে।
৩। সমালোচনা অবিহনে সাহিত্যৰ দিশ কেনেকৈ
প্রভাবিত হয়?
৪। কাব্যৰ সংজ্ঞা কি (প্রাচ্য মতে)?
উত্তৰঃ কাব্য হৈছে ৰস, অলংকাৰ আৰু ধ্বনি-সৌন্দৰ্য্যৰে ভৰা কবিতামূলক সাহিত্য।
৫। পাঠকৰ বাবে সমালোচনাৰ গুৰুত্ব কি?
৬। কবিতা (পাশ্চাত্য দৃষ্টিভংগীত) ক'ত গুৰুত্ব দিয়ে?
৭। সাহিত্য-সমালোচনা কি?
উত্তৰঃ সাহিত্য-সমালোচনা হৈছে কোনো সাহিত্য-কৃতিৰ গুণ-দোষ, অর্থ আৰু সৌন্দর্য্য বিশ্লেষণ-ব্যাখ্যা কৰা শাস্ত্ৰ।
৮। সাহিত্য বুলি ক'লে কি বুজায়?
উত্তৰঃ সাহিত্য হৈছে ভাষাৰ সহায়ত মানৱ-অনুভৱ, চিন্তা আৰু সৌন্দর্য্যবোধৰ সৃষ্টিশীল প্রকাশ।
৯। পাশ্চাত্য দৃষ্টিভংগীত সাহিত্যৰ মুখ্য প্ৰকাৰকেইটা কি?
উত্তৰ: পাশ্চাত্য মতে সাহিত্যৰ মুখ্য প্ৰকাৰ হৈছে কবিতা, নাটক, চুটিগল্প আৰু উপন্যাস।
১০। দৃশ্য-কাব্য বুলিলে কি বুজায়?
১২। উপন্যাস ক'ত অন্য প্ৰকাৰৰ পৰা পৃথক?
উত্তৰঃ উপন্যাস দীঘল কাহিনী, বহুচৰিত্ৰ আৰু জটিল সামাজিক-মানসিক বাস্তৱৰ বিস্তৃত চিত্ৰণৰ বাবে পৃথক।
চমু প্রশ্নোত্তৰ
১। সাহিত্য বুলিলে কি বুজায়? সাহিত্যৰ স্বৰূপ ব্যাখ্যা কৰা।
উত্তৰঃ সাহিত্য হৈছে মানৱৰ ভাব-অনুভৱ, অভিজ্ঞতা, কল্পনা আৰু চিন্তাক ভাষাৰ ৰূপত সৃষ্টিশীলভাবে প্রকাশ কৰা এক কলা। ই কেৱল তথ্য-প্রদান নহয়; বৰঞ্চ মানুহৰ অন্তৰজগত, সমাজজীৱন, নৈতিকতা, সৌন্দৰ্য্যবোধ আদিৰ এক জীৱন্ত চিত্র। সাহিত্যত ভাষা কেৱল মাধ্যম, কিন্তু মূল লক্ষ্য হৈছে অনুভৱৰ ৰসাস্বাদন আৰু মানৱজীৱনৰ গভীৰ সত্য অন্বেষণ। সেয়েহে সাহিত্যক "মানৱ-আত্মাৰ আয়না" বুলিও কোৱা হয়।
সাহিত্যৰ স্বৰূপ বুজিবলৈ কিছুমান দিশ লক্ষ্যণীয়। প্রথমত, সাহিত্য সৃষ্টিশীল-ই বাস্তৱক নকল নকৰে, বাস্তৱৰ আধাৰত নতুন সৌন্দৰ্য্য আৰু অৰ্থ সৃষ্টি কৰে। দ্বিতীয়তে, সাহিত্য অনুভৱমুখী-পাঠকৰ হৃদয় স্পর্শ কৰাই ইয়াৰ মূল শক্তি। তৃতীয়তে, সাহিত্য সমাজ-সংলগ্ন-সমাজৰ সুখ-দুখ, সংঘাত-সমাধান, মূল্যবোধৰ উত্থান-পতনৰ সৈতে সাহিত্য জড়িত থাকে। চতুর্থতে, সাহিত্য নাট্য, কবিতা, গল্প, উপন্যাস আদি বিভিন্ন ৰূপত প্রকাশ পায়, যি বিভিন্ন ধৰণে মানৱজীৱনৰ সত্য দেখুৱায়।
এটা সমাজৰ সাংস্কৃতিক মান, চিন্তাধাৰা আৰু কচি গঠনত সাহিত্যৰ ভূমিকা অত্যন্ত গুৰুত্বপূর্ণ। সাহিত্যই মানবীয় মূল্যবোধ জগাই তোলে, নৈতিকতা-বোধ উন্নত কৰে আৰু কল্পনাশক্তি বিকশিত কৰে। এইদৰে সাহিত্য মানবসভ্যতাৰ এক অমূল্য সম্পদ আৰু সমগ্র মানৱ-জীৱনৰ এক গভীৰ সৌন্দর্যময় প্রকাশ।
২। সাহিত্য আৰু সাহিত্য-সমালোচনাৰ অন্তঃসম্পর্ক স্পষ্ট কৰা।
উত্তৰঃ সাহিত্য আৰু সাহিত্য-সমালোচনা একেটা মুদ্রাৰ দুটা পিঠি। সাহিত্য সৃষ্টি হ'লেই তাৰ ব্যাখ্যা, মূল্যায়ন আৰু দিশ-নির্ণয়ৰ প্রয়োজন জন্মে, আৰু সেই কাম সমালোচনাই কবে। সাহিত্য মূলত সৃষ্টিশীল প্রবাহ, আৰু সমালোচনা সেই প্রবাহৰ বৌদ্ধিক পর্যবেক্ষণ। দুয়োৰে সম্পৰ্ক পৰস্পৰ-নিৰ্ভৰশীল-এটা নাথাকিলে আনটোৰ পূৰ্ণ সার্থকতা নাথাকে।
প্রথমতে, সাহিত্য সমালোচনাৰ কেঁচামাল। কৃতি নাথাকিলে সমালোচনাৰ কোনো বিষয়েই নাথাকে। দ্বিতীয়তে, সমালোচনাই সাহিত্যক দীর্ঘজীৱী কৰি তোলে। কৃতিৰ গুণ-সৌন্দর্য ব্যাখ্যা হৈ পাঠকমনে স্থায়ী স্থান লাভ কবে। তৃতীয়তে, সমালোচনাই সাহিত্যৰ মান-উন্নয়ন ঘটায়। যেতিয়া সমালোচকে কোনো কৃতিৰ শক্তি আৰু সীমাবদ্ধতা দেখুৱায়, তেতিয়া লেখক আৰু নতুন লেখকে সৃষ্টিৰ ধাৰা উন্নত দিশে ঘূৰাই লয়।
চতুর্থতে, সমালোচনাই পাঠকৰ মনোজগত গড়ে। পাঠকে সাহিত্য বুজিবলৈ সমালোচনাৰ সহায় লয়; ফলত সাহিত্যৰ ৰসাস্বাদন অধিক গভীৰ হয়। পঞ্চমতে, সাহিত্য-সমালোচনাই সাহিত্যিক ঐতিহ্য আৰু ধাৰা নিৰ্ণয় কৰে-কোন যুগত কোনধৰণৰ কাব্যচেতনা, কোন দর্শন বা শৈলী প্রধান আছিল, সেয়া সমালোচনাৰ জৰিয়তে স্পষ্ট হয়।
গতিকে এই সম্পর্ক সমন্বয়মূলক হোৱা উচিত। অত্যধিক কঠোৰ বা পক্ষপাতদুষ্ট সমালোচনাই সাহিত্য-সৃষ্টিৰ স্বাধীনতা বাধাগ্রস্ত কৰিব পাৰে। সেয়েহে সমালোচনা হোৱা উচিত ন্যায়সঙ্গত, তাত্ত্বিক আৰু সৃষ্টিশীলতাক সন্মানজনক। এইদৰে সাহিত্য সৃষ্টি কৰে, সমালোচনা বিকাশ ঘটায়-দুয়ো মিলি সাহিত্য-সংস্কৃতিৰ পূৰ্ণতা আনে।
৩। কাব্য (প্রাচ্য দৃষ্টিভংগীত) আৰু কবিতা (পাশ্চাত্য দৃষ্টিভংগীত) তুলনামূলক আলোচনা কৰা।
উত্তৰ: প্রাচ্যৰ "কাব্য" আৰু পাশ্চাত্যৰ "কবিতা" দুয়ো কাব্যিক সাহিত্যৰ ধাৰা হলেও দৃষ্টিভংগী আৰু তাত্ত্বিক আধাৰত একাংশ পার্থক্য দেখা যায়। প্রাচ্য কাব্য-চিন্তাত মূল আধাৰ হ'ল "বসতত্ত্ব”। ভৰতৰ নাট্যশাস্ত্র, আনন্দবর্ধন-অভিনৱগুপ্তৰ ধ্বনিতত্ত্ব, মম্মটৰ অলংকাৰ-চিন্তা আদিৰ মতে কাব্যৰ সাৰ্থকতা পাঠকৰ মনত ৰসসৃষ্টি ঘটাত। কাব্যত ছন্দ, অলংকাৰ, ধ্বনি, ৰীতি, গুণ, দোষ আদি নান্দনিক মানদণ্ডই বিশেষ স্থান পায়।
পাশ্চাত্য কবিতা-তত্ত্বত যদিও সৌন্দর্যবোধ গুৰুত্বপূর্ণ, তথাপি ইয়াত ব্যক্তিগত অনুভৱ, কল্পনা, আত্মপ্রকাশ আৰু চিন্তাৰ স্বাধীনতা অধিক প্রধান। ৰোমান্টিক যুগত কবিতা "emotion recollected in tranquility" বুলি ধৰা হৈছিল, আধুনিক কবিতাত ব্যক্তিমানস আৰু সমাজ-বাস্তৱতাৰ সংঘাত বেছি উভয় হৈছে। সেয়েহে পাশ্চাত্য কবিতাত নিয়মবদ্ধ অলংকাৰ বা বস-মানদণ্ডৰ চেয়ে নতুন ভাষা-অভিব্যক্তি, মুক্তছন্দ, ভাবদার্শনিকতা আদিক অধিক গুৰুত্ব দিয়া হয়।
তথাপি দুয়োৰ সাদৃশ্যও আছে। দুয়োরে ভাষাৰ সৌন্দর্য, চিত্রকল্প, সংক্ষিপ্ততাত গভীৰ অৰ্থ আৰু মানৱ-অনুভৱৰ নান্দনিক প্রকাশক প্রধান্য দিয়ে। দুয়োৰে লক্ষ্য পাঠকৰ হৃদয় জাগ্ৰত কৰা।
এইদৰে কাব্য-কবিতাৰ ভিতৰত প্ৰাচ্যত বস-নিয়ন্ত্রিত নান্দনিকতা আৰু পাশ্চাত্যত আত্ম-স্বাধীন সৃষ্টিশীলতা মুখ্য, কিন্তু উভয়েই মানবীয় সৌন্দর্য-অন্বেষণৰ দুটা সমান্তৰ ধাৰা।
৪। "দৃশ্য-কাব্য" বা নাটক-প্রাচ্য আৰু পাশ্চাত্য উভয় দৃষ্টিভংগীত নাটক কেনেকৈ বুজোৱা হয়?
উত্তৰ: প্রাচ্য আৰু পাশ্চাত্য দুয়ো দৃষ্টিভংগীত নাটক সাহিত্যৰ এক মুখ্য ৰূপ, কিন্তু তাত্ত্বিক ভিত্তি আৰু উদ্দেশ্যবোধত কিছু পার্থক্য আছে। প্রাচ্য সাহিত্যত নাটকক "দৃশ্য-কাব্য" বুলি কোৱা হয়, কাৰণ ই কাব্যৰ নান্দনিকতা দৃশ্য আৰু অভিনয়ৰ জৰিয়তে প্রকাশ কৰে। ভৰতমুনিৰ নাট্যশাস্ত্র অনুসৰি নাটক হৈছে "লৌকিক জীৱনৰ অনুকৰণ" য'ত ৰসসৃষ্টি মুখ্য লক্ষ্য। নাটকত নৱৰস, আবেগ, নৃত্য-গীত, মঞ্চ-ব্যৱস্থা, অভিনয়-চতুর্ভাৱ আদি ধাৰাবাহিক ৰূপে থাকি দর্শকক নান্দনিক আনন্দ দিওঁতে সক্ষম হয়। এইদৃষ্টিতে নাটক এক ধর্মীয়-সাংস্কৃতিক অনুষ্ঠানৰূপেও দেখা হয়।
পাশ্চাত্য তত্ত্বত নাটকক Drama হিচাপে জীৱনৰ দ্বন্দ্ব আৰু সামাজিক বাস্তৱতাৰ কেপ্টিভউপস্থাপনা বুলি বুজোৱা হয়। এবিষ্টটলৰ "Poetics" মতে নাটকৰ মূল শ্রেণী হ'ল ট্রেজেডি (বিষাদনাট্য) আৰু কমেডি (হাস্যনাট্য), য'ত সংঘাত, চৰিত্ৰ-দ্বন্দ্ব আৰু "ক্যাথাৰসিস” বা মানসিক বিশুদ্ধিকৰণ মুখ্য। পাশ্চাত্য নাটকত সংলাপ, কাহিনী বিন্যাস আৰু নায়ক-নায়িকাৰ মনস্তত্বকে অধিক গুৰুত্ব দিয়া হয়।
তথাপি দুয়ো পদ্ধতিত নাটক মঞ্চ-উপস্থাপনাযোগ্য সাহিত্য, যাৰ কেন্দ্ৰত মানৱজীবন আৰু সামাজিক সম্পর্ক। প্রাচ্যত ৰসাস্বাদন, পাশ্চাত্যত সংঘাত-উন্মোচন অধিক প্রধান হলেও, উভয়েই নাটকৰ লক্ষ্য দর্শকক চিন্তা-অনুভৱৰ গভীৰ অভিজ্ঞতা দিয়া। এইদৰে নাটক বিশ্বসাহিত্যৰ এক সমৃদ্ধ, বহুমাত্রিক ধাৰা।
৫। চুটি গল্পৰ সংজ্ঞা লিখা।
উত্তৰ: চুটি গল্প লেখকৰ জীৱন তথা মানৱবোধৰ আধাৰত প্ৰকাশিত বাস্তব ঘটনাৰ এক অনুপম প্রকাশ। এইচ. জি বেলছ (H. G. Wells) ব মতে চুটিগল্প বুলিলে এক সহজ সৃষ্টিৰ কথাকে বুজায়। ইয়াৰ পৰিণতি একক হ'ব লাগে। পাঠকৰ মনোযোগ ই আদিতেই আকর্ষণ কৰিব লাগে আৰু সেই মনোযোগ শিথিল হ'বলৈ সুযোগ নিদি, পৰিণতি ক্রমান্বয়ে একাগ্ৰতৰ কৰি দিব লাগে।
আই আৰ চামাৰ্ছে (I. R. Summers) এ কৈছে- "চুটিগল্প বুলিলেই এক তাৎক্ষণিক অনুভৱ কৰায় যে, তেওঁ নিজেই গল্পটোৰ মাজতে আছে- গল্পটো পঢ়া নাই।"
ছেখভৰ মতে চুটি গল্প এচকল জীবন "A slice of life." ছমাৰছেট মমে কৈছে-'পার্থিবই হওক, বা আধ্যাত্মিকেই হওক, এটা বিশেষ ঘটনাৰ বৰ্ণনাই চুটি গল্প। আৰু সেই ঘটনাক তাৰ বিস্তাৰৰ বাবে অপ্রয়োজনীয় অবাস্তবৰ অৱতাৰণা নকৰাকৈ নাটকীয় সংগতি দিব পবাতেই চুটিগল্পৰ সফলতা।
ৰচনাধর্মী প্রশ্নোত্তৰ
১। প্রাচ্য আৰু পাশ্চাত্যৰ আলোচকসকলে কবিতা সম্পর্কত কি কি সংজ্ঞা আগবঢ়াইছে বহলাই আলোচনা কৰা।
উত্তৰঃ সাহিত্যৰ প্ৰধান বিভাগবিলাকৰ ভিতৰত কবিতা অন্যতম। সাহিত্যৰ দৰে কবিতাও এবিধ শিল্পকলা। সেয়ে ইয়াৰ প্ৰকাশৰীতিত কলাৰ সূক্ষ্ম সৌন্দর্য ফুটি উঠা পৰিলক্ষিত হয়। নিজৰ বক্তব্যৰাজিৰ পৰিস্ফুৰণ ঘটাবলৈ কবিয়ে বিচিত্র কল্পনা-সম্ভাবৰ সহায় ল'বলগীয়া হয় আৰু ইয়াৰ জৰিয়তে তেওঁ সাধাৰণ এটি বক্তব্যক অসাধাৰণ ৰূপ দি পাঠকৰ হৃদয় স্পন্দিত কৰি তোলে।
প্রাচ্য আলোচকৰ দৃষ্টিত কবিতা: প্রাচ্য সমালোচকসকলে কাব্যৰ সংজ্ঞা দিবলৈ গৈ বিভিন্ন মতামত দিছে। কোনোৱে শব্দ, কোনোরে অর্থ আৰু কোনোবাই শব্দ আৰু অৰ্থ দুয়োটাৰ ওপৰত বিশেষ গুরুত্ব প্রদান কৰিছে। অলংকাৰ, ৰীতি, বস আদি প্রাচ্য আলোচকসকলৰ দৃষ্টিত কবিতাৰ মূল কথা। কোনো কোনো প্রাচ্য আলোচকে ৰসৰ গুৰুত্ব উপলব্ধি কৰি ৰসযুক্ত বাক্যই কাব্য বুলি উল্লেখ কৰিছে। আলংকাৰিক বিশ্বনাথ কবিৰাজে কাব্যৰ সংজ্ঞা দিবলৈ গৈ মন্তব্য কৰিছে- 'বাক্যং ৰসাত্মকং কাব্যম্'; অর্থাৎ- যি বাক্য ৰসেৰে পৰিপূৰ্ণ সিয়েই কাব্য। ৰসাল বাচ্য বাক্যচয়নেই কাব্য নাম পায় বুলি আগবঢ়োৱা এই অভিমতে ৰসবাদৰ ওচৰত আশ্রয় গ্রহণ কৰিছে। কাব্যত ৰসৰ প্রাধান্য মানি লৈও ধ্বনিবাদৰ প্ৰধান প্রবক্তা আনন্দবর্ধনে ধ্বনিক কাব্যৰ শ্রেষ্ঠত্ব নিৰূপণৰ এটা প্রধান উপাদানরূপে অভিহিত কৰিছে। তেওঁ 'ধ্বন্যালোক' গ্রন্থত ধ্বনিকেই কাব্যৰ আত্মা বুলি অভিহিত কৰিছে। তেওঁ কৈছে 'কাব্যস্যাত্মা ধ্বনিৰীতি।' মম্মট ভট্টয়ো 'কাব্যপ্রকাশ' গ্রন্থত কাব্যত ধ্বনিবাদৰ প্রাধান্য প্রতিষ্ঠা কৰিবলৈ বিশেষ চেষ্টা চলাইছে। তেওঁ স্পষ্টকৈ ব্যক্ত কৰিছে যে যিদৰে হাজাৰ অংগ সৌষ্ঠৰ থাকিলেও প্রাণহীন দেহত সৌন্দর্য নাথাকে ঠিক সেইদৰে কাব্যত নানা গুণ-ৰীতি, অলংকাৰাদিৰ পৰিস্ফুৰণ ঘটিলেও তাত যদি ধ্বনিৰূপ প্রাণ নাথাকে, তেনেহ'লে সেই কাব্যত সৌন্দর্য ফুটি উঠিব নোৱাৰে।
আকৌ আলংকাৰিক ভামহ আৰু দণ্ডীৰ মতে, অলংকাৰৰ ওপৰতে কাব্যৰ বৈশিষ্ট্য নিৰ্ভৰ কৰে। বামনে কৈছে যে কাব্যত অলংকাৰ থকাৰ বাবেই তাক কাব্যৰূপে গ্রহণ কৰা হয়। তেওঁৰ মতে- 'কাব্যংগ্ৰাম্যমলংকাৰাৎ', অর্থাৎ-অলংকাৰবিহীন বাক্য কাব্যৰ উপযুক্ত হ'ব নোৱাৰে।
পাশ্চাত্য আলোচকৰ দৃষ্টিত কবিতা: প্রাচ্যৰ আলংকাৰিকসকলৰ দৰে পাশ্চাত্যতো অতি প্রাচীন কালৰেপৰা কাব্য সমালোচনাৰ ধাৰা বা কবিতাৰ সংজ্ঞা নিৰ্ণয় কৰাৰ প্ৰয়াস চলি আহিছে। গ্রীক দার্শনিক প্লেটোৰ ৰচনাৰাজিৰ মাজতো কবিসকলৰ কথা উল্লেখ আছে। তেওঁৰ মতে, কবিসকল সত্যৰপৰা বহুত আঁতৰত। সেয়ে তেওঁ কবিসকলক তেওঁৰ আদর্শ বাষ্ট্রৰপৰা নির্বাসিত কৰিছে। প্লেটোরে কৈছে যে কবিসকলে যিকোনো বস্তুৰে অনুকৰণ সৃষ্টি কৰে। এৰিষ্ট'টলে প্লেটোৰপৰা অনুকৰণ শব্দটো গ্রহণ কৰিলেও তাৰ অৰ্থ অলপ সুকীয়া ধৰণেৰে ব্যাখ্যা কৰিছে। এবিষ্ট টলৰ মতে, অনুকৰণ মানে জীৱনৰ 'কল্পনাশ্রয়ী পুনর্গঠন' (Imagination reconstruction)। তেওঁৰ মতে, যিকোনো বস্তুৱে কবিৰ মনত গভীৰ সাঁচ বহুৱায় আৰু কবিয়ে নির্বাচন, বর্জন আৰু সংযোজনৰ আশ্রয় লৈ কল্পনাৰ জৰিয়তে তাৰ বিশ্বাসযোগ্য প্রকাশৰ বাবে প্রয়াস কৰে। অর্থাৎ- কবিয়ে বাস্তৱক অনুকৰণ কৰি কল্পনাৰ পৰশেৰে বাস্তৱক কলাসন্মত ৰূপ দিয়ে।
ক'লবিজ, বর্ডছরর্থ, অডেন, কার্লাইল, ড' জনছন আদি প্রসিদ্ধ পাশ্চাত্য সমালোচকসকলে কবিতা সম্পর্কত নানা সংজ্ঞা আগবঢ়াইছে। প্রতিটো সংজ্ঞাই যেন ইটোৰ লগত সিটো নিবিড়ভাবে সম্পর্কিত হৈ আছে। ইংৰাজী সাহিত্যৰ ৰোমাণ্টিক কবি বর্ডছরর্থে কবিতা সম্পর্কত এনেদবে লিখিছে- 'নিৰলাত সোঁৱাৰাত সোঁৱাৰা হিয়াৰ আবেগেই কবিতা।' জীৱনৰ একান্ত আপোন অনুভূতিসমূহৰপৰা আৱেগ ওলাই আহে। তেওঁ কবিতা সৃষ্টিৰ কাৰণে হিয়াৰ আৱেগক অধিক গুৰুত্ব দি নীৰৱ পৰিৱেশৰ প্রয়োজনীয়তা স্বীকাৰ কৰিছে। কিন্তু কবিতা কেৱল আৱেগৰ অভিব্যক্তিয়েই নহয়, ইয়াৰ লগত জীৱনৰ সম্পৰ্কও জড়িত হৈ আছে। সেয়ে সমালোচক মেথিউ আর্নল্ডে কৈছে- 'কবিতা হ'ল জীৱনৰ সমালোচনা।' কবি টমাছ মিলে চিন্তা আৰু কথা অনুভূতিৰ সৈতে স্বতঃস্ফূর্তভাবে সমন্বয় সাধিত হৈ কবিতা হয় বুলি কৈছে।
কবিৰ অনুভূতি আৰু পাঠকৰ মাজত যোগসূত্র ঘটাবৰ বাবে কল্পনাৰ আৱশ্যকীয়তালৈ দৃষ্টি নিক্ষেপ কৰি প্রখ্যাত কবি শ্যেলীয়ে কবিতাক 'কল্পনাৰ সুপ্রকাশ' (Expression of imagination) বুলি সংজ্ঞা দাঙি ধৰিছে। পৰৱৰ্তী সমালোচকসকলে শোলীৰ এই মত বিনাদ্বিধাই গ্ৰহণ কৰা নাই। তেওঁলোকৰ মতে, কবিতা কল্পনাৰ প্রাধান্য থাকিলেও বাস্তৱ পৃথিবীখনেও কবিতাক স্পর্শ নকৰাকৈ নাথাকে। ইংৰাজী সাহিত্যৰ প্রখ্যাত সমালোচক ড° জনছনৰ মতে, 'কবিতা হ'ল এবিধ ছন্দোবদ্ধ ৰচন।' সংজ্ঞা হিচাপে ই কবিতাৰ বহিৰংগ বর্ণনাকহে সামৰি লৈছে। ইংৰাজ কবি ক'লৰিজৰ মতে, 'উৎকৃষ্টতম শব্দপুঞ্জৰ উৎকৃষ্টতম বিন্যাসেই কবিতা।' কল'ৰিজৰ এই সংজ্ঞাটো বাকীকেইটাৰ তুলনাত যথেষ্ট সাৰবস্তুজ্ঞাপক। কাৰণ, কবি কল্পনাই যেতিয়া আবেগ-অনুভূতিৰে ৰঞ্জিত হৈ উপযুক্ত শব্দ-সম্ভাৰেৰে মহিমামণ্ডিত হৈ চিত্রধর্মী আৰু ছন্দোবদ্ধ ৰূপ লাভ কৰে, তেতিয়াই কবিতাৰ সৃষ্টি হয়। সেই দিশৰপৰা ক'লবিজৰ এই মতটিৰ গুৰুত্ব স্বীকাৰ কৰিব লাগিব। কার্লাইলৰ এই সংজ্ঞাটোকে থিয়োডৰ ৱাটছ ডাল্টনে অধিক বিস্তাৰিত ৰূপত দাঙি ধৰিছে এনেদৰে 'কবিতা হ'ল আবেগময় আৰু ছন্দোস্পন্দিত ভাষাৰ মাধ্যমত মানৱীয় মনৰ মূৰ্তিমান আৰু শিল্পিত অভিব্যক্তি।' ডাল্টনৰ এই সংজ্ঞাই কবিতাৰ ভাববস্তু, ৰসবস্তু আৰু ৰূপবস্তু সম্পর্কীয় বৈশিষ্ট্যসমূহ সামৰি লৈছে।
এনেদৰে প্রাচ্য আৰু পাশ্চাত্যৰ সমালোচকসকলে কবিতাৰ সংজ্ঞা সন্দর্ভত ভিন ভিন মতবাদ আগবঢ়াইছে। কিন্তু কোনোটো সংজ্ঞাই স্বয়ংসম্পূর্ণ নহয়। সেয়ে এই সংজ্ঞাসমূহৰপৰা কবিতাৰ এটা সুস্পষ্ট সুত্র লাভ কৰিব নোৱাৰি; কিন্তু এই সকলোবোৰ সংজ্ঞাৰ যোগফলৰ আধাৰত এখন স্পষ্ট চিত্র পাঠকৰ চকুৰ আগত ভাঁহি উঠে।
২। উপন্যাসৰ উৎপত্তি সম্বন্ধে আলোচনা কৰা।
উত্তৰ: উপন্যাস সাহিত্যৰ প্রাচীন ৰূপ নহয়। সপ্তম শতিকা পর্যন্ত এই সাহিত্য ৰূপটি জনপ্রিয় হৈ উঠা নাছিল। ই নতুন ধৰণৰ সাহিত্য-'নভেলা ষ্টৰিয়া।' চতুর্দশ শতিকাত ইটালিত যি নৱজাগণৰ সৃষ্টি হৈছিল তাৰপৰাই সাহিত্যত নতুন জীৱনবোধৰ উন্মেষ ঘটিল। ইটালিৰ এই নৱজাগৰণে মধ্যযুগীয় সমাজ ব্যৱস্থাৰ ওপৰত আঘাত হানি নতুন সমাজ ব্যৱস্থাৰ পথ উন্মোচন কবে। ফলস্বৰূপে ষোড়শ শতিকাৰপৰা অষ্টাদশ শতিকাৰ ভিতৰত সমগ্ৰ ইউৰোপত সামন্তবাদী সমাজ ব্যৱস্থাৰ পতন ঘটি গণতান্ত্রিক সমাজ ব্যৱস্থাৰ উত্থান ঘটে। ইটালীৰ নৱজাগৰণৰ লগতে ফৰাচী বিপ্লব, ইংলেণ্ডৰ উদ্যোগ বিপ্লবেই সমাজত নতুন পোহৰ দিয়ে। ফলস্বৰূপে সাহিত্যতো ব্যাপক পৰিৱৰ্তন ঘটে। সাহিত্য সাধাৰণ মানুহৰ জীৱনৰ কাষ চাপি আহে। সামাজিক সংস্কাৰৰ বন্ধনৰপৰা মুক্তিৰ প্ৰয়াস, ইহলৌকিক জীৱনৰ ওপৰত গুৰুত্ব, বাস্তব ভিত্তিক কল্পনা আদিয়ে গুৰুত্ব লাভ কৰে। ফলস্বৰূপে মধ্যযুগীয় বীৰত্বব্যঞ্জক ৰোমাঞ্চ সাহিত্যৰ ঠাইত বাস্তৱ মানুহৰ বাস্তৱ সমস্যাক প্রতিফলিত কৰা উপন্যাস সাহিত্যৰ সৃষ্টি হয়। সেয়ে ক'ব পাৰি গণতান্ত্রিক মূল্যবোধৰ উন্মেষে উপন্যাস সৃষ্টিত অৰিহণা যোগাইছে।
উপন্যাস সাহিত্য ভাৱবস্তু, ৰূপবস্তু, শিল্পবস্তু বা বিষয়বস্তুৰ ক্ষেত্ৰত নতুন ধৰণৰ সাহিত্য হ'লেও ইয়াৰ প্রাচীন আধাৰ নথকা নহয়। মধ্যযুগৰ ৰোমাঞ্চ সাহিত্য উপন্যাসৰ আধাৰস্বৰূপ প্রাচীন সাহিত্য ৰূপ। ৰোমাঞ্চ সাহিত্যও কাহিনী সাহিত্য; ইয়াত অৱশ্যে অতিলৌকিক অলৌকিক বিস্ময়াৱহ ঘটনাৰ সমাৱেশ ঘটিছিল আৰু সাধাৰণ মানুহৰ স্থান নাছিল। উপন্যাসত এই দিশবোৰৰ স্থান নোহোৱা হ'ল, চৰিত্ৰই গুৰুত্ব পালে আৰু বাস্তৱধর্মী কল্পনাৰে মানৱ জীৱনৰ স্বৰূপ উদ্ঘাটন কৰা হ'ল। সেয়ে বোমাঞ্চৰপৰা উপন্যাস পৃথক হৈ পৰিল। পাশ্চাত্য সাহিত্যত গিয়োভানি বোক্কাচিঅ'ৰ 'ডেকামেৰণ', স্পেনীয় সাহিত্যৰ 'পিকাৰেন্ধু নভেল', (Picaresque Novel) কার্ভেণ্টিছৰ 'ডন কুইকচোট' (Don Quixote), জাপানী সাহিত্যৰ, 'গেঞ্জী গাথা', ডেনিয়েল ডিফ'ৰ 'ববিনছন ক্রুছ', ছেমুবেল ৰিচাৰ্ভছনৰ 'পামেলা' আদিক উপন্যাসৰ পূৰ্বসুৰী আখ্যা দিয়া হয়। ভাৰতীয় সাহিত্যতো উপন্যাসৰ উপৰিপুৰুষ বুলি সংস্কৃত সাহিত্যৰ 'কাদম্বৰী', 'কথাসৰিৎ সাগৰ' আদি গ্ৰন্থৰ উল্লেখ কৰা হয়। সেয়া হ'লেও পাশ্চাত্যত উপন্যাস সাহিত্যই সমৃদ্ধি লাভ কৰে ঊনবিংশ শতিকাৰ শেষৰ ফালেহে। ভাৰতীয় সাহিত্যত পাশ্চাত্য উপন্যাসৰ প্রভারতে উপন্যাস সাহিত্যই গা কৰি উঠে।
৩। প্রাচ্য দৃষ্টিভংগীত সাহিত্যৰ সংজ্ঞা আৰু প্ৰকাৰভেদ শ্চকাব্য আৰু দৃশ্য-কাব্যগ্ন বিস্তৃতভাবে ব্যাখ্যা কৰা।
উত্তৰ: প্রাচ্য সাহিত্য-তত্ত্ব মূলত সংস্কৃত কাব্যশাস্ত্র, আলংকাৰ-শাস্ত্ৰ আৰু নাট্যশাস্ত্ৰৰ প্রভাৱত গঢ় লৈ উঠিছে। এই দৃষ্টিভংগীত সাহিত্যক "কাব্য" ৰূপে সামগ্রিকভাৱে ধৰা হয় আৰু ইয়াৰ মুখ্য বিভাজন কৰা হয়-(ক) কাব্য আৰু (খ) দৃশ্য-কাব্য। এই বিভাজন সাহিত্যৰ প্ৰকাশ-ধৰণ আৰু গ্ৰহণ-প্ৰক্ৰিয়াৰ ওপৰত আধাৰিত।
(ক) সাহিত্য/কাব্যৰ প্ৰাচ্য সংজ্ঞা: প্রাচ্য মতে কাব্য হৈছে বসাত্মক, অলংকাৰ-সমন্বিত আৰু ধ্বনি-সৌন্দর্যপূর্ণ ভাষাৰে ৰচিত সাহিত্য, যাৰ লক্ষ্য পাঠকৰ মনত নান্দনিক আনন্দ সৃষ্টি কৰা। ভৰতমুনিৰ নাট্যশাস্ত্ৰত ৰসতত্ত্বক কাব্য-সফলতাৰ কেন্দ্ৰ বুলিছে; আনন্দবর্ধনে ধ্বনিতত্ত্বৰ জৰিয়তে বুজাইছে যে কাব্যত "ব্যঞ্জনা"ব (ইঙ্গিতধর্মী অর্থ) জৰিয়তে গভীৰ বস-অভিজ্ঞতা জন্মে। মন্মটে কাব্যক "শব্দ-অর্থ-সাম্যযুক্ত সৌন্দর্য-উৎপাদক বাক্য" বুলি চিত্রিত কৰে। অর্থাৎ শব্দ, অর্থ আৰু সৃজনশীল বিন্যাসৰ যোগফলেই কাব্য।
(খ) কাব্য (শ্রব্য-কাব্য): "কাব্য" বা শ্রব্য-কাব্য বুলিলে পাঠযোগ্য/শ্রব্য কবিতামূলক সাহিত্য বুজায়। ইয়াৰ মূল মাধ্যম ভাষা আৰু শ্রবণ; পাঠক বা শ্রোতাই পঢ়ি বা শুনি বসাস্বাদন কৰে। কাব্যৰ গঠন-উপাদানসমূহ-
(১) ৰসঃ শৃঙ্গাৰ, কৰণ, বীৰ, হাস্য, বৌদ্ৰ আদি নৱৰস কাব্যৰ প্ৰাণ।
(২) ধ্বনি/ব্যঞ্জনাঃ বাহ্য অৰ্থৰ ওপৰত গভীৰ ইঙ্গিতময় অর্থ।
(৩) অলংকাৰঃ উপমা, রূপক, অনুপ্রাস, উৎপ্রেক্ষা আদি শব্দ-অর্থ-সৌন্দর্য বৃদ্ধি কৰে।
কাব্যৰ উদ্দেশ্য "ৰস-নিষ্পত্তি"। পাঠক কাব্য পঢ়ি স্বার্থ, দুঃখ-সুখ, দৈনন্দিন সংকটৰ পৰা উচ্চতৰ নান্দনিক অৱস্থালৈ উঠি যায়। প্রাচ্যৰ মহাকাব্য, খণ্ডকাব্য, গীতিকাব্য, দণ্ডক, শ্লোক, পদাবলী ইত্যাদি কাব্যৰ উপবিভাগ।
(গ) দৃশ্য-কাব্য (নাটক): "দৃশ্য-কাব্য" মানে দর্শনযোগ্য কাব্য বা নাটক। ই মূলত মঞ্চস্থ/অভিনয়যোগ্য সাহিত্য; পাঠে যি আনন্দ পায়, অভিনয়েই তাক দৃশ্য-ধ্বনি-আবেগে পৰিপূৰ্ণ ৰূপে প্রদান কৰে। ভৰতমুনিৰ মতে নাটক "লোকবৃত্তিৰ অনুকৰণ”-মানৱজীৱনৰ সুখ-দুখ, সংঘাত, নীতি-অনিতি, প্রেম-ঘৃণা আদি ঘটনাক অভিনয়ৰ জৰিয়তে দর্শকে অনুভৱ কৰে।
নাটকৰ প্রধান উপাদান-
(১) কাহিনী/বস্তুঃ নাট্যঘটনাৰ
ভেটি।
(২) চৰিত্ৰ: নায়ক-নায়িকা, সহায়ক চৰিত্ৰ, প্ৰতিদ্বন্দ্বী আদিৰ গঠন।
(৩) সংলাপ আৰু অভিনয়: কথাৰ জৰিয়তে ঘটনা আগুৱায়, অভিনয়ে আবেগ প্রকাশ কৰে।
(৪) মঞ্চ-ব্যৱস্থা, সংগীত-নৃত্যঃ প্রাচ্য নাটকত এইবোৰ ৰসসৃষ্টিত বিশেষ ভূমিকা লয়। (৫) বস-উৎপাদন: নাটকৰ সফলতা শেষত ৰসাস্বাদনতেই মাপ কৰা হয়।
প্রাচ্য নাট্যত "নাট্যধর্মী" আৰু "লোকধর্মী" অভিনয়, "অভিনয়-চতুর্ভাব” (আঙ্গিক, বাচিক, আহার্য, সাত্ত্বিক) আদি তত্ত্ব আছে, যিয়ে নাটকক এক সম্পূর্ণ শিল্প ৰূপ দিয়ে।
(ঘ) কাব্য-দৃশ্যকাব্যৰ মিল-অমিল: উভয়ৰে লক্ষ্য বস, সৌন্দর্য আৰু মানৱজীৱনৰ গভীৰ সত্য প্রদান; কিন্তু মাধ্যম ভিন্ন। কাব্যত ভাষা-সৌন্দর্য, ছন্দ-ধ্বনি মুখ্য; দৃশ্য-কাব্যত অভিনয়-দৃশ্যমানতা, সংঘাত আৰু মঞ্চগত গতিশীলতা মুখ্য। কাব্য ব্যক্তিগত পাঠ-অভিজ্ঞতা, নাটক সমষ্টিগত দর্শক-অভিজ্ঞতা।
প্রাচ্য দৃষ্টিভংগীৰ এই বিভাজন সাহিত্যক বসৰ আলোকে বুজিবলৈ এক সুসংহত ভিত্তি প্রদান কৰে। কাব্য আৰু দৃশ্য-কাব্য-দুয়ো মিলি প্রাচ্য সাহিত্য-সংস্কৃতিত নান্দনিক জীবনবোধ গঢ়ে আৰু পাঠক-দর্শকৰ মনোজগত সমৃদ্ধ কৰে।
৪। সাহিত্যৰ সংজ্ঞা, স্বৰূপ আৰু প্ৰধান প্ৰকাৰসমূহ (প্রাচ্য-পাশ্চাত্য উভয় দৃষ্টিভংগী) একেলগে আলোচনা কৰি সাহিত্যৰ সামাজিক-সাংস্কৃতিক ভূমিকা বিশ্লেষণ কৰা।
উত্তৰঃ সাহিত্য মানৱসভ্যতাৰ এটা মৌলিক সৃজনশীল সম্পদ। ই মানৱ-জীৱনৰ সুখ-দুখ, স্বপ্ন-আকাংক্ষা, দ্বন্দ্ব-সংঘাত, নৈতিকতা-অনৈতিকতা আৰু সৌন্দর্যবোধক ভাষাৰ মাধ্যমে শিল্প-ৰূপত প্রকাশ কৰে। সাহিত্যৰ স্বৰূপ বুজিবলৈ সংজ্ঞা, আভ্যন্তৰ গুণ আৰু প্ৰকাৰভেদ একেলগে ধৰা প্রয়োজন।
(ক) সাহিত্যৰ সংজ্ঞা আৰু স্বৰূপ: সাহিত্য হৈছে ভাষাৰ সহায়ত মানৱৰ অনুভৱ আৰু চিন্তাৰ সৃষ্টিশীল প্রকাশ। ই তথ্যৰ পুনৰাবৃত্তি নহয়; বাস্তবতাৰ বস্তুময় আধাৰত কল্পনাশক্তি যোগ কৰি নৱ অৰ্থ সৃষ্টি কৰে। সাহিত্যৰ স্বৰূপৰ কিছুমান মুখ্য দিশ-
(১) সৃষ্টিশীলতাঃ বাস্তৱকৰ পৰা শিল্পিত নতুন রূপ সৃষ্টি।
(২) নান্দনিকতাঃ সৌন্দর্য, বস/অনুভৱ-আনন্দ প্রদান।
(৩) সমাজ-সংলগ্নতা: সমাজৰ বাস্তৱ সমস্যা, মূল্যবোধ, পৰিৱৰ্তন প্রতিফলন।
(8) মানৱিকতা: সহমর্মিতা, নৈতিক-চেতনা, ব্যক্তিসত্তাব উপলব্ধি জগোৱা।
(৫) বহুৰূপতাঃ কবিতা, নাটক, গল্প, উপন্যাস আদি বিভিন্ন ৰূপত প্রকাশ।
(খ) প্রাচ্য দৃষ্টিভংগীত প্ৰকাৰভেদ: প্রাচ্যত সাহিত্য/কাব্য দুটা মুখ্য ভাগত বিভক্ত-
(১) কাব্যঃ বস, ছন্দ, অলংকাৰ, ধ্বনি-সৌন্দৰ্যৰে ভৰা কবিতামূলক সাহিত্য।
(২) দৃশ্য-কাব্য (নাটক): অভিনয়যোগ্য মঞ্চসাহিত্য, য'ত সংলাপ, চৰিত্ৰ, কাহিনী আৰু ৰসসৃষ্টি একেলগে কাজ কৰে।
এই বিভাজনৰ কেন্দ্ৰত ৰসতত্ত্বৰ নান্দনিক লক্ষ্য নিহিত।
(গ) পাশ্চাত্য দৃষ্টিভংগীত প্রকাৰভেদঃ পাশ্চাত্যত সাহিত্য চাৰিটা মুখ্য ৰূপত আলোচনা হয়-
(১) কবিতাঃ সংক্ষিপ্ত অথচ গভীৰ অনুভৱ-প্রকাশ।
(২) নাটক: দৃশ্যমান সংঘাত আৰু মানৱ-চেতনাৰ বহিঃপ্রকাশ।
(৩) চুটিগল্পঃ সৰু পৰিসৰৰ একক কাহিনীৰ তীব্ৰ অভিজ্ঞতা।
(৪) উপন্যাসঃ বিস্তৃত সমাজ-জীৱন আৰু মনস্তত্ত্বৰ দীর্ঘ কাহিনী।
এয়া অধিক গঠনভিত্তিক আৰু আধুনিক গদ্যধাৰাক পৃথক স্থান দিয়ে।
(ঘ) সাহিত্যৰ সামাজিক ভূমিকা: সাহিত্য সমাজৰ আত্ম-চেতনা জগাই তোলে। ই সমাজৰ সমস্যাক আউটলাইন কৰে-দাৰিদ্র্য, অন্যায়, লিংগ-বৈষম্য, জাতিগত ভেদ, ৰাজনৈতিক দমন, যুদ্ধ, পৰিৱেশ-সংকট আদি বিষয় সাহিত্যৰ মাধ্যমে জনমানসত প্রৱেশ কৰে। সাহিত্য পাঠকে প্রশ্ন কৰিব শিকায় আৰু পৰিৱৰ্তনৰ ইচ্ছা জগায়। বহু সময়ত সাহিত্যই সামাজিক আন্দোলনৰ মানসিক শক্তি গঠন কৰে।
(ঙ) সাংস্কৃতিক আৰু নৈতিক ভূমিকা: সাহিত্য কোনো জাতিৰ সংস্কৃতি, ভাষা, ঐতিহ্য সংৰক্ষণ কৰে। লোকগাথা, মহাকাব্য, ইতিহাসভিত্তিক উপন্যাস, নাটক-এইবোৰে জাতীয় স্মৃতি বচাই ৰাখে। সাহিত্যই নৈতিক বোধ বিকশিত কৰে-সততা, সহানুভূতি, ন্যায়, স্বাধীনতা ইত্যাদি মূল্যবোধ প্ৰচাৰ কৰে। পাঠক সাহিত্যৰ চিত্রিত চৰিত্ৰ আৰু কাহিনীৰ জৰিয়তে জীৱনৰ ভাল-বেয়া বুজে।
(চ) ব্যক্তি-মানসিক ভূমিকা: সাহিত্য মানৱ-মনৰ গভীৰ অনুভৱ প্ৰকাশৰ ক্ষেত্ৰ। ই পাঠকক এক ধৰণৰ মানসিক মুক্তি, আবেগীয় সান্ত্বনা দিয়ে। কবিতা পাঠকে ব্যক্তিগত দুখ-আনন্দৰ ভাষা পায়; উপন্যাসে জীৱনৰ জটিল সম্পর্ক বুজিবলৈ সহায় কৰে; নাটকে দ্রষ্টাক সংঘাত-সমাধান দেখুৱায়। সেয়েহে সাহিত্য মানসিক বিকাশ আৰু আত্ম-অন্বেষণৰ সহায়ক।
সাহিত্যৰ সংজ্ঞা, স্বৰূপ আৰু প্ৰকাৰভেদ (প্রাচ্য-পাশ্চাত্য উভয়) মিলি সাহিত্যক এক বহুমাত্রিক মানবীয় শিল্প ৰূপে প্রতিষ্ঠা কৰে। সৃষ্টিশীল নান্দনিকতা আৰু সামাজিক বাস্তৱতাৰ সংযোগে সাহিত্য সমাজক সচেতন, সংস্কৃতিক সমৃদ্ধ আৰু ব্যক্তিক আত্ম-উন্মোচনৰ শক্তি দিয়ে। এইদৰে সাহিত্য মানবসভ্যতাৰ হৃদকম্প-যি যুগে যুগে সমাজ আৰু মানৱজীৱনক নতুন অর্থ দিয়ে আগুৱাই নিয়ে।
৫। সাহিত্য-সমালোচনাৰ লক্ষ্য, প্ৰকাৰভেদ আৰু পদ্ধতি আলোচনা কৰি সাহিত্য-বিকাশত ইয়াৰ অৱদান ব্যাখ্যা কৰা।
উত্তৰঃ সাহিত্য-সমালোচনা সাহিত্যৰ সহযাত্রী পদ্ধতি, যাৰ মাধ্যমে সাহিত্য সঠিক মান, দিশ আৰু অর্থ লাভ কৰে। সমালোচনা কেবল "দোষ ধৰা" নহয়; ইয়াৰ লক্ষ্য সাহিত্য-সত্য আৰু সৌন্দর্য উন্মোচন, পাঠক-লেখকক পথ দেখুৱা আৰু সাহিত্য-ইতিহাস সংহত কৰা।
(ক) সমালোচনাৰ লক্ষ্য:
(১) মূল্যায়ন: কৃতিব গুণ-দোষ নির্ণয় কৰি মান-নির্ধাবণ।
(২) ব্যাখ্যাঃ কৃতিৰ অৰ্থ, প্রতীক, ভাব-গভীৰতা উদ্ঘাটন।
(৩) ৰুচি-গঠন: পাঠকৰ নান্দনিক কচি উন্নত কৰা।
(৪) দিশ-নির্ণয়ঃ সাহিত্যৰ নতুন ধাৰা বা মানদণ্ড গঢ়াত সহায়।
(৫) ঐতিহাসিক স্থান নির্ধাৰণঃ কোনো কৃতিৰ যুগ-প্রাসঙ্গিকতা আৰু ঐতিহ্যিক তাৎপর্য চিহ্নিত কৰা।
(খ) সমালোচনাৰ প্ৰকাৰভেদ: সমালোচনাৰ প্ৰকাৰ বহু, তাৰে কিছুমান মুখ্য ধৰণ-
(১) শাস্ত্রীয়/আলংকাবমূলক সমালোচনা (প্রাচ্য): ৰস, ধ্বনি, অলংকাৰ, ৰীতি, গুণ-দোষ আদি মানদণ্ডই কৃতি বিচাৰ।
(২) এৰিষ্টটলীয়/ক্লাছিক্যাল সমালোচনা (পাশ্চাত্য)ঃ অনুকৰণ, প্লট-সংঘাত, ট্রেজেডি-কমেডি, ক্যাথাৰচিচ আদিৰ ভিত্তিত বিচাৰ।
(৩) বাস্তৱবাদী/সমাজতাত্ত্বিক সমালোচনা: কৃতি সমাজ, অর্থনীতি, শ্রেণীবিভাজন, ক্ষমতাৰ কাঠামো কিদৰে প্রতিফলিত কৰিছে, সেয়া বিশ্লেষণ।
(৪) মনস্তাত্ত্বিক সমালোচনা: লেখক/চৰিত্ৰব অন্তর্জগত, অবচেতন মন, ট্রমা, কামনা-দ্বন্দ্ব আদি ব্যাখ্যা।
(৫) নাৰীবাদী সমালোচনা: লিংগ-সমতা, নাৰী-অভিজ্ঞতা, পিতৃতান্ত্রিক ভাষা-দৃষ্টি বিশ্লেষণ।
(৬) গঠনবাদী/উত্তৰ-গঠনবাদী সমালোচনা: পাঠ, ভাষা-চিহ্ন, আন্তঃপাঠিকতা, অর্থব অনিশ্চয়তা আদি ধাৰণা।
(গ) সমালোচনাৰ পদ্ধতি: সমালোচক সাধাৰণতে তলৰ ধাপ অনুসৰণ কৰে-
(১) পাঠ/অধ্যয়ন: কৃতি গভীৰভাৱে পঢ়ি ভাষা, শৈলী, কাহিনী বুজা।
(২) প্রেক্ষাপট বিশ্লেষণঃ ঐতিহাসিক, সামাজিক, সাংস্কৃতিক পৰিৱেশ ধবা।
(৩) তাত্ত্বিক প্রয়োগঃ উপযুক্ত সমালোচনাতত্ত্ব কৃতিত প্রয়োগ।
(৪) দোষ মূল্যায়ন: ভাষা-শৈলী, ভাব-গঠন, বস/অর্থ-সৃষ্টি, প্রাসঙ্গিকতা বিচাৰ।
(৫) নিষ্কর্ষঃ কৃতিৰ সাহিত্যিক স্থান আৰু সম্ভাব্য প্রভাৱ স্থিৰ কৰা।
(ঘ) সাহিত্য-বিকাশত সমালোচনাৰ অৱদান
(১) মানদণ্ড গঢ়াঃ কোনো যুগত উৎকর্ষ সাহিত্য ক'ত, কিয়-সমালোচনাই স্থিৰ কৰে।
(২) নতুন ধাৰা সৃষ্টি: উদাহৰণ- বাস্তববাদ, আধুনিকতাবাদ, নাৰীবাদী সাহিত্য-সমালোচনাই চিনাক্ত আৰু উৎসাহিত নকৰিলে ধাৰা গঢ়াই উঠা কষ্টসাধ্য।
(৩) পাঠক-সমাজ গঠন: সচেতন পাঠক-সৃষ্টি হৈ উৎকৃষ্ট সাহিত্যক সমর্থন কৰে, অউৎকৃষ্ট সাহিত্য নিজে নিজে সঙ্কুচিত হয়।
(৪) লেখক উন্নয়ন: সমালোচনাৰ আলোকে লেখকে নতুন ভাষা-প্রয়াস, নতুন থিম, অধিক গভীৰ সৃষ্টি কৰে।
(৫) সাহিত্য-ইতিহাস সমৃদ্ধি: শ্রেষ্ঠ কৃতি সংৰক্ষিত থাকে, নতুন প্রজন্ম তাৰ মূল্য বুজে।
(ঙ) সীমা আৰু সততা: সমালোচনা যদি একপক্ষীয়, ব্যক্তিগত বৈৰিতা-আসক্তি বা অন্ধ তত্ত্ব-নির্ভব হয়, তেন্তে সাহিত্য বিকাশ ব্যাহত হয়। সেয়েহে সমালোচকক সততা, সংবেদনশীলতা আৰু তাত্ত্বিক নম্রতা বজাই ৰাখিবই লাগিব।
সাহিত্য-সমালোচনা সাহিত্যৰ বিকাশৰ চালক, কচি-গঠনৰ শিক্ষক আৰু ঐতিহ্যব সংৰক্ষণকাৰী। উত্তম সমালোচনা সাহিত্যৰ মুকলি আকাশত নৱ-সৃষ্টিৰ বেলেগ বং আনে, আৰু সৃষ্টিক স্থায়িত, গভীৰ ও মূল্যবান কৰি তোলে।