Chapter 1
ঔপনিবেশিক শাসনৰ সময়ছোৱাৰ অৰ্থনীতি (১৮৩৭ - ১৯৪৭)
অতি চমু প্রশ্নোত্তৰ
১। বেলপথে কোনবোৰ খণ্ড লাভবান কৰিছিল?
উত্তৰঃ বাগিচা আৰু খনি উদ্যোগ।
২। বহিৰাহতৰ আগমন মানে কি?
উত্তৰঃ বাহিৰৰ লোকৰ ভিতৰলৈ আগমন।
৩। জলপথ উন্নয়ন কিয় কৰা হৈছিল?
উত্তৰ: সামগ্ৰী সস্তায় পৰিবহণ কৰিবলৈ।
৪। খনি উদ্যোগ মানে কি?
উত্তৰঃ কয়লা, তেল আদিৰ খনন কাৰ্য।
৫। আফিং নিষেধাজ্ঞাৰ সামাজিক প্ৰভাৱ কি আছিল?
উত্তৰঃ বহু লোকৰ জীৱিকাৰ উৎস নষ্ট হৈছিল।
৬। কৃষকসকল কেনেকৈ ক্ষতিগ্রস্ত হৈছিল?
উত্তৰ: অধিক কৰ দিব নোৱাৰি বহু কৃষকে ভূমি হেৰুৱাইছিল।
৭। ভাৰতত ঔপনিবেশিক শাসন কিমান চনৰ পৰা আৰম্ভ হৈছিল?
উত্তৰ: মূলতঃ ১৮৫৮ চনৰ পৰা।
৮। শৰণাৰ্থী সমস্যাৰ সৃষ্টি কিয় হৈছিল?
উত্তৰঃ সীমান্ত বিভাজনৰ বাবে।
৯। ঔপনিবেশিক শাসনৰ অন্তত অর্থনীতি কেনেকুৱা আছিল?
উত্তৰঃ দুৰ্বল আৰু অনুন্নত।
১০। ঔপনিবেশিক শাসনে ভাৰতক কেনেকৈ দৰিদ্ৰ কৰিলে?
উত্তৰঃ সম্পদ বিদেশলৈ লৈ গৈ।
১১। দেশ বিভাজনে বাণিজ্য পথত কি প্রভাৱ পেলাইছিল?
উত্তৰঃ বহু পথ বিচ্ছিন্ন হৈছিল।
১২। ঔপনিবেশিক অর্থনীতিত কৃষিৰ স্থান কেনেকুৱা আছিল?
উত্তৰঃ কৃষি
অৱহেলিত আছিল।
১৩। বহিৰাহতৰ আগমনৰ মুখ্য কাৰণ কি আছিল?
উত্তৰঃ বাগিচা আৰু উদ্যোগত কামৰ সুযোগ।
১৪। আফিং নিষেধাজ্ঞাৰ সামাজিক প্ৰভাৱ কি আছিল?
উত্তৰঃ বহু লোকৰ জীৱিকাৰ উৎস নষ্ট হৈছিল।
উত্তৰ: অধিক কৰ দিব নোৱাৰি বহু কৃষকে ভূমি হেৰুৱাইছিল।
১৬। ঔপনিবেশিক শাসন বুলিলে কি বুজায়?
উত্তৰঃ বিদেশী শক্তিৰ দ্বাৰা কোনো দেশ শাসন কৰাকে ঔপনিবেশিক শাসন বোলা হয়।
১৭। ভূমি ৰাজহ ব্যবস্থা মানে কি?
উত্তৰঃ কৃষকৰ পৰা চৰকাৰে ভূমিৰ বাবে লোৱা কৰক ভূমি ৰাজহ ব্যৱস্থা বোলা হয়।
১৮। কানি বা আফিং কি?
উত্তৰঃ এটা নেশাযুক্ত দ্রব্য।
১৯। শৰণাৰ্থী সমস্যাৰ সৃষ্টি কিয় হৈছিল?
উত্তৰঃ সীমান্ত
বিভাজনৰ বাবে।
উত্তৰ: বহুতে কৃষিজমি এৰি আহিব লগা হৈছিল।
চমু প্রশ্নোত্তৰ
১। আফিং ব্যৱসায় চৰকাৰে নিজৰ নিয়ন্ত্ৰণলৈ নিয়াৰ অৰ্থনৈতিক গুৰুত্ব আলোচনা কৰা।
উত্তৰঃ আফিং ব্যৱসায় চৰকাৰে নিজৰ নিয়ন্ত্ৰণলৈ নিয়াটো ঔপনিবেশিক অর্থনীতিত এক গুৰুত্বপূৰ্ণ পদক্ষেপ আছিল। এই ব্যৱসায়ৰ জৰিয়তে চৰকাৰে বৃহৎ পৰিমাণৰ ৰাজহ আয় কৰিছিল। বিশেষকৈ চীনলৈ আফিং ৰপ্তানি কৰি ইংৰাজ চৰকাৰে বিপুল লাভ অর্জন কৰিছিল।
এই ব্যৱস্থাই চৰকাৰক ৰাজহ সংগ্ৰহৰ এক স্থায়ী উৎস প্রদান কৰিছিল। আফিং ব্যৱসায়ৰ লাভেৰে চৰকাৰে সেনাবাহিনী, প্রশাসন আৰু উপনিবেশিক শাসনৰ খৰচ বহন কৰিছিল। কিন্তু এই লাভ ভাৰতীয় জনসাধাৰণৰ কল্যাণত ব্যৱহাৰ কৰা নহৈ বিদেশলৈ প্ৰেৰণ কৰা হৈছিল।
এই নীতিৰ ফলত স্থানীয় অর্থনীতি ক্ষতিগ্রস্ত হৈছিল। ব্যক্তিগত ব্যৱসায়ী আৰু কৃষকসকল এই ক্ষেত্ৰৰ পৰা বাহিৰ হৈ পৰিছিল। একচেটিয়া ব্যৱস্থাই প্রতিযোগিতা ধ্বংস কৰিছিল।
সামগ্রিকভাবে আফিৎ ব্যৱসায়ৰ চৰকাৰী নিয়ন্ত্রণে
ঔপনিবেশিক অর্থনীতিৰ শোষণমূলক চবিত্র স্পষ্ট কৰি তোলে।
২। খনি উদ্যোগলৈ হোৱা ঔপনিবেশিক বিনিয়োগৰ প্ৰকৃতি ব্যাখ্যা কৰা।
উত্তৰঃ ঔপনিবেশিক শাসনৰ সময়ছোৱাত খনি উদ্যোগলৈ হোৱা বিনিয়োগৰ মূল লক্ষ্য আছিল ভাৰতৰ প্ৰাকৃতিক সম্পদ শোষণ কৰা। কয়লা, খনিজ তেল, লোহা আদি মূল্যবান সম্পদৰ খনন কৰি সস্তা দৰত বিদেশলৈ প্ৰেৰণ কৰা হৈছিল। এই উদ্যোগসমূহত বিনিয়োগ মূলতঃ বিদেশী কোম্পানীৰ দ্বাৰা নিয়ন্ত্রিত আছিল।
খনি উদ্যোগৰ বিকাশে কিছুমান অঞ্চলত কর্মসংস্থানৰ সুযোগ সৃষ্টি কৰিছিল। কিন্তু শ্ৰমিকসকলৰ কামৰ পৰিস্থিতি অতি কঠিন আছিল। সুৰক্ষা ব্যৱস্থা নাছিল আৰু মজুৰি কম আছিল। বহু ক্ষেত্রত শ্রমিক দুর্ঘটনাৰ সন্মুখীন হৈছিল।
এই উদ্যোগৰ পৰা হোৱা লাভ স্থানীয় অর্থনীতিত ব্যৱহাৰ কৰা নহৈ বিদেশলৈ গৈছিল। খনিজ সম্পদ শেষ হোৱাৰ পাছত সেই অঞ্চলসমূহ দৰিদ্ৰ আৰু পিছপৰি গৈছিল। পৰিৱেশ ধ্বংস, বনাঞ্চল হ্রাস আৰু ভূমি ক্ষয়ো এই উদ্যোগৰ আন এটা নেতিবাচক দিশ আছিল। সামগ্রিকভাৱে ক'ব পাৰি যে খনি উদ্যোগলৈ হোৱা ঔপনিবেশিক বিনিয়োগ আছিল একমাত্র লাভকেন্দ্রিক। ইয়াত দেশৰ দীর্ঘম্যাদী উন্নয়নৰ কথা চিন্তা কৰা হোৱা নাছিল।
৩। বহিৰাহতৰ আগমনে ঔপনিবেশিক সময়ছোৱাত অর্থনীতিত কেনে প্ৰভাৱ পেলাইছিল?
উত্তৰঃ ঔপনিবেশিক শাসনৰ সময়ছোৱাত বহিৰাহতৰ আগমন এটা গুৰুত্বপূৰ্ণ সামাজিক-অর্থনৈতিক ঘটনা আছিল। বাগিচা, খনি আৰু অন্যান্য উদ্যোগত শ্রমিকৰ প্ৰয়োজন হোৱাৰ বাবে বাহিৰৰ লোকক ভিতৰলৈ আনিছিল। এই আগমনৰ ফলত জনসংখ্যা বৃদ্ধি পাইছিল।
বহিৰাগত আগমনে কৰ্মসংস্থানৰ ক্ষেত্ৰত প্ৰতিযোগিতা বৃদ্ধি কৰিছিল। বহু স্থানীয় লোকে চাকৰিৰ সুযোগ হেৰুৱাইছিল। ভূমিৰ ওপৰত চাপ বৃদ্ধি পাইছিল আৰু কৃষিজমি সংকুচিত হৈছিল।
অৰ্থনৈতিক কিছুমান উদ্যোগ লাভৱান হলেও সামাজিক অস্থিৰতা বৃদ্ধি পাইছিল। ভাষা, সংস্কৃতি আৰু সম্পদৰ ক্ষেত্ৰত সংঘাত দেখা গৈছিল।
সামগ্ৰিকভাৱে বহিৰাগত আগমনে ঔপনিৱেশিক অৰ্থনীতিত অসমতা আৰু চাপ বৃদ্ধি কৰিছিল।
৪। বাগিচা উদ্যোগলৈ হোৱা ঔপনিবেশিক বিনিয়োগৰ উদ্দেশ্য আৰু ইয়াৰ প্ৰভাৱ আলোচনা কৰা।
উত্তৰঃ ঔপনিবেশিক শাসনৰ সময়ছোৱাত বাগিচা উদ্যোগলৈ হোৱা বিনিয়োগ আছিল ইংৰাজ শাসকৰ অর্থনৈতিক নীতিৰ এটা গুৰুত্বপূর্ণ অংশ। এই বিনিয়োগৰ মুখ্য উদ্দেশ্য আছিল বিদেশী বজাৰৰ বাবে লাভজনক শস্য উৎপাদন কৰা। চাহ, কফি আৰু ৰবৰ আদি বাগিচা শস্যৰ চাহিদা ইউৰোপত বেছি আছিল। সেয়েহে অসম, বংগ আৰু দক্ষিণ ভাৰতত বাগিচা উদ্যোগৰ বিকাশ ঘটোৱা হৈছিল।
বাগিচা উদ্যোগত হোৱা বিনিয়োগ মূলতঃ বিদেশী পুঁজিপতি আৰু কোম্পানীৰ হাতত আছিল। স্থানীয় লোকসকলে এই উদ্যোগত মালিকানাৰ সুযোগ নাপাইছিল। শ্রমিক হিচাপে স্থানীয় আৰু বহিৰাগত লোকক নিযুক্তি দিয়া হৈছিল। শ্রমিকসকলক কম মজুৰি দি দীঘলীয়া সময় কাম কৰোৱা হৈছিল। ফলত শ্রমিক শোষণ ব্যাপকভাবে দেখা গৈছিল।
এই বিনিয়োগে ভাৰতীয় অর্থনীতিত কিছু পৰিমাণে নগদ আয়ৰ সৃষ্টি কৰিছিল যদিও তাৰ অধিকাংশ লাভ বিদেশলৈ গৈছিল। স্থানীয় উন্নয়ন, শিক্ষা বা স্বাস্থ্য ক্ষেত্রত এই লাভব্যৱহাৰ কৰা নহৈছিল। কৃষিজমি বাগিচালৈ ৰূপান্তৰিত হোৱাৰ ফলত খাদ্য শস্য উৎপাদন হ্রাস পাইছিল।
সামগ্রিকভাবে বাগিচা উদ্যোগলৈ হোৱা ঔপনিবেশিক বিনিয়োগে ভাৰতীয় অর্থনীতিত শোষণমূলক প্রভাৱ পেলাইছিল। এই উদ্যোগে দেশৰ স্বয়ংসম্পূর্ণতা বৃদ্ধি কৰাৰ পৰিৱৰ্তে বিদেশী স্বার্থ পূৰণ কৰিছিল।
৫ । দেশ বিভাজনে ভাৰতীয় অৰ্থনীতিত কেনে বৃহৎ আঘাত আনিছিল ?
উত্তৰঃ ১৯৪৭ চনৰ দেশ বিভাজন ভাৰতীয় অৰ্থনীতিত এক বহৎ আঘাত আছিল। এই বিভাজনৰ ফলত কৃষি, উদ্যোগ আৰু বানিজ্য ভংগ হৈ পৰিছিল। বহু উব্বৰ কৃষিজমি এখন দেশৰ পৰা আন এখন দেশলৈ গৈছিল।
বহু উদ্যোগ কেচাঁমালৰ উৎস বা বজাৰ হেৰুৱালে। বাণিজ্য পথ বিচ্ছিন্ন হল আৰু উৎপাদন হ্ৰাস পাইছিল। শৰণাৰ্থী সমস্যাই চৰকাৰৰ ওপৰত অতিৰিক্ত আৰ্থিক চাপ সৃষ্টি কৰিছিল।
দেশ বিভাজনে অর্থনৈতিক অস্থিৰতা, নিবনুৱা সমস্যা আৰু দৰিদ্ৰতা বৃদ্ধি কৰিছিল। নতুন স্বাধীন দেশসমূহে অর্থনীতি পুনর্গঠনৰ ক্ষেত্ৰত বহু সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল।
সামগ্রিকভাৱে দেশ বিভাজন আছিল ভাৰতীয় অর্থনীতিৰ বাবে এক গভীৰ সংকট।
ৰচনাধৰ্মী প্রশ্নোত্তৰ
১। ঔপনিবেশিক শাসনৰ সময়ছোৱাত জলপথ আৰু ৰেলপথৰ উন্নয়নৰ উদ্দেশ্য, প্ৰকৃতি আৰু ইয়াৰ ভাৰতীয় অর্থনীতিত পেলোৱা প্ৰভাৱ বিস্তৃতভাবে আলোচনা কৰা।
উত্তৰঃ ঔপনিবেশিক শাসনৰ সময়ছোৱা (১৮৩৭-১৯৪৭) ভাৰতীয় অর্থনীতিৰ ইতিহাসত পৰিবহণ ব্যৱস্থাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সময় আছিল। এই সময়ছোৱাত ইংৰাজ শাসকে জলপথ আৰু ৰেলপথৰ ব্যাপক উন্নয়ন ঘটাইছিল। যদিও বাহিৰৰ পৰা চালে এই উন্নয়ন আধুনিকীকৰণ আৰু অগ্ৰগতিৰ চিহ্ন যেন দেখা যায়, তথাপি ইয়াৰ অন্তর্নিহিত উদ্দেশ্য আৰু প্ৰভাৱ গভীৰভাৱে বিশ্লেষণ কৰিলে স্পষ্ট হয় যে এই উন্নয়ন আছিল মূলতঃ ঔপনিবেশিক শোষণৰ এটা গুৰুত্বপূৰ্ণ কৌশল।
ঔপনিবেশিক শাসনত ভাৰতৰ অৰ্থনীতি মূলতঃ কেঁচামাল যোগানকাৰী আৰু বিদেশী বজাৰৰ ৰূপত গঢ়ি তোলা হৈছিল। এই লক্ষ্য পূৰণ কৰিবলৈ কাৰ্যকৰী পৰিবহণ ব্যৱস্থা অতি প্রয়োজনীয় আছিল। সেয়েহে ইংৰাজ চৰকাৰে জলপথ আৰু ৰেলপথৰ উন্নয়নত বিশেষ গুৰুত্ব আৰোপ কৰিছিল। নদী, খাল আৰু উপনদীসমূহ ব্যৱহাৰ কৰি সামগ্ৰী এটা স্থানৰ পৰা আন স্থানলৈ সস্তা দৰত লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছিল।
প্রথমে জলপথ উন্নয়নৰ বিষয়ে আলোচনা কৰিব পাৰি। ভাৰতৰ বহু ডাঙৰ নদী যেনে গংগা, ব্রহ্মপুত্র, গোদাৱৰী আদি প্রাকৃতিক জলপথ হিচাপে ব্যৱহাৰযোগ্য আছিল। ইংৰাজ শাসকে এই নদীসমূহ ব্যৱহাৰ কৰি বাগিচা, খনি আৰু কৃষি উৎপাদনৰ সামগ্ৰী বন্দৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছিল। জলপথ ব্যৱহাৰৰ সুবিধা আছিল যে ইয়াত খৰচ কম আৰু একেলগে অধিক পৰিমাণৰ সামগ্ৰী পৰিবহণ কৰিব পৰা যায়।
জলপথ উন্নয়নৰ মূল উদ্দেশ্য আছিল কেঁচামাল উৎপাদন অঞ্চলসমূহক বন্দৰৰ সৈতে সংযোগ কৰা। চাহ, কয়লা, পাট, নীল আদি সামগ্রী নদীপথে বন্দৰলৈ লৈ যোৱা হৈছিল আৰু তাৰ পৰা বিদেশলৈ ৰপ্তানি কৰা হৈছিল। ইয়াৰ ফলত ইংৰাজ শাসকে নিজৰ বাণিজ্যিক স্বার্থ সহজে পূৰণ কৰিব পাৰিছিল। কিন্তু এই উন্নয়নৰ পৰা স্থানীয় জনসাধাৰণে বিশেষ সুবিধা নাপালে।
জলপথ উন্নয়ন স্থানীয় যাতায়াত বা গ্রাম্য উন্নয়নৰ বাবে কৰা হোৱা নাছিল। বহু গ্রাম আৰু অঞ্চল এই ব্যৱস্থাৰ পৰা বঞ্চিত হৈ ৰৈ গৈছিল। নদীপথৰ উন্নয়নে বহু ক্ষেত্ৰত পৰিৱেশৰ ওপৰত নেতিবাচক প্রভাৱ পেলাইছিল। নদীব স্বাভাৱিক প্রবাহ ব্যাহত হৈছিল আৰু বানপানীৰ সমস্যা বৃদ্ধি পাইছিল।
ৰেলপথ উন্নয়ন ঔপনিবেশিক পৰিবহণ নীতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ আছিল। ১৮৫৩ চনত ভাৰতত প্রথম ৰেল চলাচল আৰম্ভ হৈছিল। তাৰ পাছত লাহে লাহে সমগ্র দেশত ৰেলপথৰ জাল বিস্তৃত হৈছিল। ইংৰাজ চৰকাৰে ৰেলপথ গঢ়ি তোলাৰ বাবে বিদেশী পুঁজি আৰু কোম্পানীক উৎসাহিত কৰিছিল।
ৰেলপথ উন্নয়নৰ মুখ্য উদ্দেশ্য আছিল কেঁচামাল উৎপাদন অঞ্চলসমূহক বন্দৰৰ সৈতে সংযোগ কৰা। বাগিচা অঞ্চল, খনি অঞ্চল আৰু কৃষি অঞ্চলৰ পৰা সামগ্ৰী ৰেলযোগে বন্দৰলৈ লৈ যোৱা হৈছিল। ইয়াৰ ফলত বিদেশলৈ ৰপ্তানি সহজ আৰু দ্রুত হৈছিল। লগতে ইংৰাজ শাসকে সেনাবাহিনী আৰু সামৰিক সামগ্ৰী এটা স্থানৰ পৰা আন স্থানলৈ সহজে স্থানান্তৰ কৰিব পাৰিছিল।
ৰেলপথে ভাৰতীয় অর্থনীতিত কিছু ইতিবাচক প্রভাৱো পেলাইছিল। দূৰত্ব কম অনুভৱ হৈছিল, যাতায়াত সহজ হৈছিল আৰু কিছু পৰিমাণে আঞ্চলিক বাণিজ্য বৃদ্ধি পাইছিল। নতুন বজাৰ গঢ় লৈ উঠিছিল আৰু লোকৰ চলাচল বৃদ্ধি পাইছিল। কিন্তু এই ইতিবাচক দিশসমূহ আছিল পার্শ্ব প্রভাৱ; মুখ্য উদ্দেশ্য নাছিল।
ৰেলপথ উন্নয়নৰ বাবে হোৱা বিনিয়োগৰ লাভো ভাৰতীয় অর্থনীতিত পুনৰ বিনিয়োগ কৰা নহৈ বিদেশলৈ প্ৰেৰণ কৰা হৈছিল। ৰেল কোম্পানীসমূহে নিশ্চিত লাভ কৰিছিল, কিন্তু সেই লাভ ভাৰতীয় জনসাধাৰণৰ কল্যাণত ব্যৱহাৰ কৰা নহৈ ইংলেণ্ডলৈ গৈছিল। এইদৰে ভাৰতীয় সম্পদ বিদেশলৈ প্রবাহিত হৈছিল।
আনহাতে, ৰেলপথ আৰু জলপথ উন্নয়নে আঞ্চলিক অসমতা বৃদ্ধি কৰিছিল। কিছুমান অঞ্চল উন্নত পৰিবহণ সুবিধা লাভ কৰিছিল, আন বহু অঞ্চল পিছপৰি গৈছিল। এই অসম উন্নয়নে সামাজিক আৰু অর্থনৈতিক বৈষম্য গভীৰ কৰি তুলিছিল।
সামগ্রিকভাৱে ক'ব পাৰি যে ঔপনিবেশিক শাসনৰ সময়ছোৱাত জলপথ আৰু ৰেলপথৰ উন্নয়ন আছিল দ্বিমুখী চৰিত্ৰৰ। বাহিৰৰ পৰা ই উন্নয়ন যেন দেখা গ'লেও বাস্তৱত ই আছিল ঔপনিবেশিক শোষণৰ এক শক্তিশালী হাতিয়াৰ। এই উন্নয়নে ভাৰতীয় অর্থনীতিৰ স্বাভাৱিক আৰু স্বয়ংসম্পূর্ণ বিকাশ বাধাগ্রস্ত কৰিছিল।
এই অধ্যয়নে আমাক শিক্ষা দিয়ে যে পৰিবহণ ব্যৱস্থাৰ উন্নয়ন যদি জনকল্যাণৰ উদ্দেশ্যত নহৈ বাহিৰৰ স্বাৰ্থত কৰা হয়, তেন্তে সেই উন্নয়নে দেশৰ দীর্ঘম্যাদী ক্ষতি কৰিব পাৰে। ঔপনিবেশিক জলপথ আৰু ৰেলপথ উন্নয়ন ভাৰতীয় অর্থনীতিৰ ইতিহাসত সেই শিক্ষাৰ এক স্পষ্ট উদাহৰণ।
২। ঔপনিবেশিক শাসনৰ সময়ছোৱাত (১৮৩৭-১৯৪৭) ভূমি ৰাজহ ব্যৱস্থা আৰোপকৰণৰ স্বৰূপ ব্যাখ্যা কৰা। এই ব্যৱস্থাই ভাৰতীয় অৰ্থনীতিৰ ওপৰত পেলোৱা প্ৰভাৱ বিস্তৃতভাবে আলোচনা কৰা।
উত্তৰঃ ঔপনিবেশিক শাসনৰ সময়ছোৱা (১৮৩৭-১৯৪৭) ভাৰতীয় অৰ্থনীতিৰ ইতিহাসত এক অতি গুৰুত্বপূৰ্ণ অধ্যায়। এই সময়ছোৱাত ভাৰত ইংৰাজ শাসনৰ অধীনত আছিল আৰু দেশৰ অৰ্থনৈতিক নীতি ভাৰতীয় জনসাধাৰণৰ প্ৰয়োজন অনুসৰি নহৈ বিদেশী শাসকৰ স্বাৰ্থ অনুসৰি নিৰ্ধাৰণ কৰা হৈছিল। এই অর্থনৈতিক নীতিসমূহৰ ভিতৰত ভূমি ৰাজহ ব্যৱস্থা আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু প্ৰভাৱশালী ব্যৱস্থা। কিয়নো সেই সময়ছোৱাত ভাৰত এখন মূলতঃ কৃষিভিত্তিক দেশ আছিল আৰু অধিকাংশ লোক কৃষিৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা চলাইছিল।
ভূমি ৰাজহ ব্যৱস্থা বুলিলে কৃষকৰ পৰা চৰকাৰে ভূমিৰ বাবে সংগ্ৰহ কৰা কৰক বুজোৱা হয়। ইংৰাজ শাসকে এই ব্যৱস্থাক নিজৰ ৰাজহ সংগ্ৰহৰ মুখ্য উৎস হিচাপে ব্যৱহাৰ কৰিছিল। উপনিবেশিক চৰকাৰৰ মুখ্য উদ্দেশ্য আছিল অধিক পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰি সেই ধন ইংলেণ্ডলৈ প্ৰেৰণ কৰা আৰু উপনিবেশিক প্রশাসন চলাবলৈ ব্যৱহাৰ কৰা। সেয়েহে ভূমি ৰাজহ ব্যৱস্থা শোষণমূলক ৰূপ লৈ উঠিছিল।
ঔপনিবেশিক শাসনত ভাৰতত মূলতঃ তিনিটা প্রধান ভূমি ৰাজহ ব্যৱস্থা প্রচলিত আছিল- স্থায়ী বন্দোবস্ত, ৰায়তৱাৰী ব্যৱস্থা আৰু মহলবাৰী ব্যবস্থা। এই তিনিটা ব্যৱস্থাই ভিন্ন অঞ্চলত প্রচলিত হৈছিল যদিও ইয়াৰ মূল লক্ষ্য একেই আছিল- কৃষকৰ পৰা অধিক পৰিমাণৰ কৰ সংগ্ৰহ কৰা।
স্থায়ী বন্দোবস্ত ব্যৱস্থা প্রথমে লর্ড কর্নৱালিছৰ দ্বাৰা বংগ, বিহাৰ আৰু উৰিষ্যাৰ কিছুমান অংশত প্ৰৱৰ্তন কৰা হৈছিল। এই ব্যৱস্থাত জমিদাৰক ভূমিৰ মালিক হিচাপে স্বীকৃতি দিয়া হৈছিল আৰু তেওঁলোকে চৰকাৰক নিৰ্দিষ্ট পৰিমাণৰ কৰ দিব লাগিছিল।
জমিদাৰে সেই কৰ কৃষকৰ পৰা সংগ্ৰহ কৰিছিল। এই ব্যৱস্থাৰ ফলত জমিদাৰসকল শক্তিশালী হৈ উঠিছিল আৰু কৃষকসকল শোষণৰ চিকাৰ হৈছিল। বহু ক্ষেত্ৰত জমিদাৰে অত্যধিক কৰ আদায় কৰিছিল আৰু কৃষকৰ ওপৰত অত্যাচাৰ কৰিছিল।
ৰায়তৱাৰী ব্যৱস্থা দক্ষিণ আৰু পশ্চিম ভাৰতৰ কিছুমান অঞ্চলত প্রচলিত আছিল। এই ব্যৱস্থাত চৰকাৰে প্ৰত্যক্ষভাৱে কৃষকৰ পৰা কৰ সংগ্ৰহ কৰিছিল। দেখাত এই ব্যৱস্থা কৃষকৰ বাবে সুবিধাজনক যেন লাগিলেও বাস্তৱত কৰৰ হাৰ অত্যন্ত উচ্চআছিল। কৃষকক উৎপাদন ভাল হওক বা বেয়া হওক, নির্দিষ্ট সময়ত কৰ দিবই লাগিছিল। খৰাং, বানপানী বা অন্য প্রাকৃতিক দুৰ্যোগৰ সময়তো কৰ মাফ কৰা হোৱা নাছিল।
মহলৱাৰী ব্যৱস্থা উত্তৰ ভাৰতৰ কিছুমান অঞ্চলত প্রচলিত আছিল। এই ব্যৱস্থাত গাঁও বা মহলক একক হিচাপে ধৰি কৰ আৰোপ কৰা হৈছিল। গাঁওবাসীয়ে মিলি চৰকাৰলৈ কৰ দিব লাগিছিল। এই ব্যৱস্থাতো কৰৰ হাৰ অধিক আছিল আৰু গাঁও সমাজৰ ওপৰত অতিৰিক্ত চাপ পৰিছিল।
এই তিনিও ভূমি ৰাজহ ব্যৱস্থাৰ সাধাৰণ বৈশিষ্ট্য আছিল অত্যধিক কৰ আৰোপ, কঠোৰ সংগ্ৰহ ব্যৱস্থা আৰু কৃষকৰ ওপৰত দয়া নথকা। এই ব্যৱস্থাই কৃষকৰ আৰ্থিক অৱস্থা দুৰ্বল কৰি তুলিছিল। বহু কৃষকে কৰ দিব নোৱাৰি ঋণগ্রস্ত হৈ পৰিছিল। মহাজনৰ পৰা উচ্চ সুদত ঋণ ল'ব লগা হৈছিল আৰু ঋণ পৰিশোধ কৰিব নোৱাৰি নিজৰ জমি হেৰুৱাইছিল। ফলত বহু কৃষক ভূমিহীন শ্রমিকলৈ পৰিণত হৈছিল।
ভূমি ৰাজহ ব্যৱস্থাই কৃষি উৎপাদনত গুৰুত্বপূৰ্ণ নেতিবাচক প্রভাৱ পেলাইছিল। কৃষকে উন্নত কৃষি পদ্ধতি, জলসিঞ্চন ব্যৱস্থা বা উন্নত বীজ ব্যৱহাৰ কৰিবলৈ উৎসাহ নাপাইছিল। কিয়নো অধিক উৎপাদন মানেই অধিক কৰ। ইয়াৰ ফলত কৃষি উৎপাদন স্থবিৰ হৈ পৰিছিল আৰু খাদ্য সংকটৰ সম্ভাৱনা বৃদ্ধি পাইছিল। বহু সময়ত দেশত অনাহাৰ আৰু দুর্ভিক্ষ সংঘটিত হৈছিল।
এই ব্যবস্থাই ভাৰতীয় অর্থনীতিত সামাজিক অস্থিৰতাও সৃষ্টি কৰিছিল। কৃষকসকলে চৰকাৰৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাইছিল। বহু অঞ্চলত কৃষক বিদ্রোহ সংঘটিত হৈছিল। এই বিদ্রোহসমূহ ঔপনিবেশিক শাসনৰ বিৰুদ্ধে প্রতিবাদৰ এক গুৰুত্বপূর্ণ ৰূপ আছিল।
ভূমি ৰাজহ ব্যৱস্থাৰ ফলত ভাৰতীয় অর্থনীতিৰ গঠন অসম হৈ পৰিছিল। কৃষিখণ্ড দুৰ্বল হৈ পৰিছিল যদিও চৰকাৰৰ ৰাজহ আয় বৃদ্ধি পাইছিল। কিন্তু এই আয় ভাৰতীয় জনসাধাৰণৰ কল্যাণত ব্যৱহাৰ কৰা নহৈ অধিকাংশ ক্ষেত্ৰত ইংলেণ্ডলৈ প্ৰেৰণ কৰা হৈছিল। এইদৰে ভাৰতীয় সম্পদ বিদেশলৈ প্রবাহিত হৈছিল।
দীর্ঘম্যাদীত ভূমি ৰাজহ ব্যৱস্থাই ভাৰতীয় অর্থনীতিৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল।
স্বাধীনতাৰ সময়ত ভাৰত এখন দৰিদ্ৰ, কৃষিনিৰ্ভৰ আৰু অনুন্নত দেশ হিচাপে
আত্মপ্রকাশ কৰিছিল। কৃষি উৎপাদন নিম্ন আছিল, কৃষক ঋণগ্রস্ত আছিল আৰু গ্ৰাম্য
অর্থনীতি ভংগুর আছিল। এই অৱস্থাৰ পৰা ওলাই আহিবলৈ স্বাধীন ভাৰতক বহু বছৰ পৰিকল্পিত
প্রচেষ্টা কৰিব লগা হৈছিল।
সামগ্রিকভাবে ক'ব পাৰি যে ঔপনিবেশিক শাসনৰ সময়ছোৱাত প্ৰৱৰ্তিত ভূমি ৰাজহ ব্যৱস্থা আছিল এক শোষণমূলক আৰু অন্যায় ব্যৱস্থা। এই ব্যৱস্থাৰ মুখ্য উদ্দেশ্য আছিল উপনিবেশিক শাসকৰ লাভ বৃদ্ধি কৰা, দেশৰ উন্নয়ন নহয়। এই ব্যৱস্থাই ভাৰতীয় কৃষক সমাজক দৰিদ্ৰতা, ঋণ আৰু অনিশ্চয়তাৰ মাজলৈ ঠেলি দিছিল আৰু ভাৰতীয় অর্থনীতিৰ স্বাভাৱিক বিকাশক গুৰুত্বপূৰ্ণভাবে বাধাগ্রস্ত কৰিছিল।
এই অধ্যয়নে আমাক শিক্ষা দিয়ে যে কৃষি আৰু গ্ৰাম্য সমাজৰ ওপৰত আধাৰিত অর্থনীতি যদি শোষণৰ সন্মুখীন হয়, তেন্তে দেশৰ সামগ্রিক উন্নয়ন অসম্ভৱ হৈ পৰে। ঔপনিবেশিক ভূমি ৰাজহ ব্যৱস্থাৰ ইতিহাস ভাৰতীয় অর্থনীতিৰ বাবে সেই শিক্ষাৰ এক স্পষ্ট উদাহৰণ।