Chapter 1
ব্যাকৰণঃ সংজ্ঞা, ইতিহাস (প্রাচ্য আৰু পাশ্চাত্য-পাণিনীয় আৰু গ্ৰীক ধাৰাৰ উল্লিখন)
ব্যাকৰণৰ উপাদান (ধ্বনি, ৰূপ, শব্দ আৰু বাক্য)
অসমীয়া ব্যাকৰণৰ ইতিহাস
অতি চমু প্রশ্নোত্তৰ
১। ইংৰাজী 'grammar' শব্দটো
কোনটো ভাষাৰ পৰা আহিছে?
২। সংস্কৃত 'ব্যাকৰণ' শব্দটোৰ ব্যুৎপত্তিগত অর্থ কি?
উত্তৰঃ সংস্কৃত 'ব্যাকৰণ' শব্দটোৰ ব্যুৎপত্তিগত অর্থ হৈছে- বিশেষ আৰু বিতংভাবে কৰা বিশ্লেষণ (বি- আকৃ+ অনট)।
উত্তৰঃ সংস্কৃত ব্যাকৰণৰ ইতিহাস চৰ্চাৰ মধ্যমণি হ'ল মহর্ষি পাণিনি।
৪। অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণখনৰ ৰচক কোন?
উত্তৰঃ উইলিয়াম ৰবিন্সন।
৫। অসমীয়া ভাষাৰ প্ৰথমখন ব্যাকৰণ 'এ গ্ৰামাৰ অৱ দি আছামিজ লেংগুৱেজ'ৰ ৰচক কোন?
উত্তৰঃ ১৮৩৯ খ্রীষ্টাব্দত শ্ৰীৰামপুৰ প্ৰেছৰ পৰা শ্ৰীৰামপুৰ মিছনৰ দ্বাৰা ইংৰাজী ভাষাত প্ৰকাশ কৰা উইলিয়াম ৰবিনছনৰ অসমীয়া ব্যাকৰণখনৰ নাম আছিল 'এ গ্ৰামাৰ অব দি আছামিজ লেংগুৰেজ'।
৬। অসমীয়া ভাষাত ৰচিত প্ৰথম অসমীয়া ব্যাকৰণখনৰ ৰচক কোন?
উত্তৰঃ হেমচন্দ্ৰ বৰুৱা।
৭। অসমীয়া ভাষাত ৰচিত প্ৰথম অসমীয়া ব্যাকৰণখনৰ নাম কি?
উত্তৰঃ ১৮৫৯ খ্রীষ্টাব্দত হেমচন্দ্ৰ বৰুৱাই লিখা 'অসমীয়া ভাষাৰ ব্যাকৰণ'।
৮। 'গ্রামাটিকেল ন'টিচ্ছে অব দ্য আছামিজ লেংগুৱেজ' নামৰ অসমীয়া বাকৰণখন কোনে প্রণয়ন কৰে?
উত্তৰঃ ১৮৪৮ খ্ৰীষ্টাব্দত, নাথান ব্রাউনে।
৯। 'গ্রামাটিকেল ন'টিচ্ছে অব দ্য আছামিজ লেংগুৱেজ' নামৰ অসমীয়া বাকৰণখন কোন ঠাইৰ পৰা প্ৰকাশ পায়?
উত্তৰঃ শিৱসাগৰৰ মিছন প্ৰেছৰ পৰা প্ৰকাশ পায়।
১0। 'অসমীয়া আন্তবোধ ব্যাকৰণ' নামৰ অসমীয়া পঢ়াশলীয়া ব্যাকৰণখন কোনে প্রণয়ন কৰে?
উত্তৰঃ নাৰায়ণ শৰ্মা বিদ্যাভূষণে।
১১। কুৰি শতিকাৰ শেষৰ পিনে 'পঢ়াশালিৰ অসমীয়া ব্যাকৰণ' নামৰ অসমীয়া ব্যাকৰণখন কোনে ৰচনা কৰে?
উত্তৰঃ শিৱনাথ ভট্টাচার্যই।
১২। ১৯২৫ খ্রীষ্টাব্দত প্রকাশ পোৱা 'বহল ব্যাকৰণ' নামৰ মূল্যৱান অসমীয়া ব্যাকৰণখন কোনে প্রণয়ন কৰে?
উত্তৰঃ সত্যনাথ বৰা।
১৩। অসমীয়া ব্যাকৰণ সাহিত্যৰ উল্লেখযোগ্য গ্রন্থ 'অসমীয়া ভাষাৰ ৰূপকথা' (১৯৭৪), 'অসমীয়া ভাষাৰ ব্যাকৰণ' (১৯৮১) ব্যাকৰণকেইখন কোনে প্রণয়ন কৰে?
উত্তৰঃ উপেন্দ্ৰ নাথ গোস্বামীয়ে।
১৪। পাণিনীয় ধাৰা আৰু গ্ৰীক ধাৰাৰ এটা পার্থক্য লিখা।
উত্তৰ: পাণিনীয় ধাৰা ধ্বনি-ৰূপ-প্ৰক্ৰিয়া আৰু সূত্ৰ-নিয়মত আধাৰিত; গ্ৰীক ধাৰা যুক্তিতত্ত্ব আৰু শব্দশ্রেণী (Parts of Speech) ভিত্তিত আধাৰিত।
১৫। ব্যাকৰণ ইতিহাসত প্রাচ্য আৰু পাশ্চাত্য ধাৰাৰ গুৰুত্ব কি?
উত্তৰঃ দুয়ো ধাৰাই পৃথক পদ্ধতিত ভাষা-বিশ্লেষণৰ ভিত্তি গঢ়ি আধুনিক ভাষাবিজ্ঞানৰ পথ প্ৰস্তুত কৰিছিল।
চমু প্রশ্নোত্তৰ
১। ব্যাকৰণৰ যিকোনো তিনিটা সংজ্ঞা দিয়া।
উত্তৰঃ অতীতৰপৰা বৰ্তমানলৈকে ব্যাকৰণৰ বিভিন্ন দিশ পর্যালোচনা কৰি বিভিন্ন ভাষাবিদ আৰু বাগ্বিজ্ঞানীয়ে ব্যাকৰণৰ বিভিন্ন সংজ্ঞা আগবঢ়াইছে।
তাৰে কিছুমান উল্লেখযোগ্য সংজ্ঞা হ'ল-
(ক) 'কোনো এটাৰ ভাষাৰ গঠন পদ্ধতি বিজ্ঞানসন্মত আৰু যথাসম্ভৱ বিতং বিশ্লেষণেই সেই ভাষাৰ ব্যাকৰণ।' (গোলোক চন্দ্র গোস্বামী)
(খ) 'কোনো এটা ভাষাৰ গঠনৰ তন্ন তন্ন বিচাৰ আৰু তাৰ শৃংখলাবদ্ধ বিবৰণ হ'ল সেই ভাষাৰ ব্যাকৰণ।' (উপেন্দ্র নাথ গোস্বামী)
(গ) 'যি বিদ্যাৰ দ্বাৰা কোনো ভাষাক বিশ্লেষণ কৰি তাৰ স্বৰূপ আলোচনা কৰা হয় আৰু সেই ভাষাৰ কথন, লিখন আৰু কথোপকথনত তাক শুদ্ধ ভাষা ৰূপে প্রয়োগ কৰা হয়, সেই বিদ্যাক সেই ভাষাৰ ব্যাকৰণ বোলে।' (সুনীতি কুমাৰ চত্রোপাধ্যায়)
২। প্রাচ্য ব্যাকৰণ ধাৰাৰ ইতিহাস সংক্ষেপে লিখা; পাণিনীয় ধাৰাৰ বৈশিষ্টঞ্জয ব্যাখ্যা কৰা।
উত্তৰ: প্রাচ্য ব্যাকৰণ ধাৰা মূলত ভাৰতীয় সংস্কৃত পৰম্পৰাৰ ওপৰত নির্মিত। বৈদিক যুগত যজ্ঞ-পাঠ আৰু মন্ত্ৰ-উচ্চাৰণ শুদ্ধ ৰখাৰ প্ৰয়োজনত ধ্বনি-নিয়ম, শব্দ-ৰূপ আৰু বাক্য-গঠনৰ চৰ্চা আৰম্ভ হয়। সময়ৰ লগে লগে এই চর্চা বৌদ্ধিক শাখালৈ বিকশিত হৈ "ব্যাকৰণ শাস্ত্র” ৰূপে স্থিৰ হয়। ইয়াৰ কেন্দ্ৰীয় ব্যক্তিত্ব পাণিনি। তেওঁৰ “অষ্টাধ্যায়ী” আটটি অধ্যায়ত বিভক্ত এক মহান গ্রন্থ, য'ত ধ্বনি, শব্দ-ৰূপ (প্রত্যয়, সমাস, শব্দসিদ্ধি), আৰু বাক্য-নিয়ম সূত্ৰৰ মাধ্যমত অতি সংক্ষিপ্ত কিন্তু নিখুঁতভাবে উপস্থাপিত।
পাণিনীয় ধাৰাৰ মুখ্য বৈশিষ্ট্য হ'ল-(ক) সূত্র-ভিত্তিক পদ্ধতি: অতি কম শব্দত গভীৰ নিয়ম। (খ) উৎপাদনমূলক বা Generative পদ্ধতি: সীমিত নিয়মে অসীম শব্দঙ্গবাক্য গঠন ব্যাখ্যা কৰে। (গ) ধ্বনি-ৰূপ-প্রক্রিয়া ভিত্তিক বিশ্লেষণ: ধ্বনি পৰিবৰ্তন (Sandhi), ধাতু-প্রত্যয় যোগদ্বাৰা শব্দসিদ্ধি ইত্যাদি। (ঘ) নিয়মৰ ক্ৰমবদ্ধতা আৰু ব্যতিক্রম-নিয়ম: সাধাৰণ নিয়মৰ ওপৰত বিশেষ নিয়মৰ প্রাধান্য।
এই ধাৰাই ভাৰতীয় ভাষাবিজ্ঞান, ন্যায়, মীমাংসা তথা সাহিত্য-চৰ্চাত গভীৰ প্ৰভাৱ পেলাইছে। আধুনিক ভাষাবিজ্ঞানৰ বহু ধাৰণাৰ ক্ষেত্ৰতো পাণিনীয় ব্যাকৰণক অগ্রদূত হিচাপে গণ্য কৰা হয়।
৩। পাণিনীয় আৰু গ্রীক ব্যাকৰণ ধাৰাৰ তুলনামূলক আলোচনা কৰা-মিল আৰু অমিল দুয়োটা দেখুওৱা।
উত্তৰঃ পাণিনীয় আৰু গ্ৰীক-দুয়ো ধাৰাই ব্যাকৰণ ইতিহাসৰ দুটা বৃহৎ স্তম্ভ। মিলৰ দিশত দুয়ো ধাৰাই ভাষাক শাস্ত্রীয়ভাবে অধ্যয়নযোগ্য মানে, আৰু ভাষাৰ নিয়ম-বিন্যাসে শুদ্ধ ব্যৱহাৰ নিশ্চিত কৰিবলৈ চেষ্টা কৰে। দুয়ো ধাৰাই শব্দৰ ৰূপ আৰু বাক্য গঠনৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যদিও পদ্ধতি পৃথক।
অমিলৰ ক্ষেত্ৰত পাৰ্থক্য সুস্পষ্ট। পাণিনীয় ধাৰা ধ্বনি-ৰূপ-উৎপত্তিমূলক; ধাতু + প্রত্যয়, সন্ধি, সমাস ইত্যাদি মাধ্যমে শব্দ সৃষ্টি আৰু বাক্য গঠন ব্যাখ্যা কৰে। গ্ৰীক ধাৰা অধিক শব্দশ্রেণী আৰু যুক্তিনিষ্ঠ; ভাষাক "Parts of Speech" আৰু বাক্যৰ যুক্তিগঠন অনুসাৰে বিশ্লেষণ কৰে। পাণিনীয় ব্যাকৰণ সূত্র-ভিত্তিক, অতি সংক্ষিপ্ত আৰু নিয়মসমূহ
ক্রমবন্ধ; ই একপ্ৰকাৰ "গণিতীয়” কায়দাৰে ভাষা উৎপাদন দেখুৱায়। গ্ৰীক ধাৰা তুলনামূলকভাৱে বৰ্ণনামূলক, সাহিত্য-পাঠভিত্তিক, আৰু দৰ্শনৰ সংযোগধর্মী।
পাণিনীয় ধাৰাৰ লক্ষ্য আছিল সংস্কৃত ভাষাৰ সম্পূর্ণ নিয়মমালা গঢ়ি তোলা, বিশেষকৈ বৈদিক/শাস্ত্রীয় ভাষা সংৰক্ষণ। গ্ৰীক ধাৰাৰ লক্ষ্য আছিল ভাষাৰ সংগ্রহিত আদর্শ নির্ধাৰণ কৰি বক্তৃতা, যুক্তি আৰু সাহিত্যৰ মান উন্নত কৰা।
সাৰাংশত, পাণিনীয় ধাৰা ভাষাৰ “গঠনৰ ভিতৰ-প্রক্রিয়া” বুজায়; গ্ৰীক ধাৰা ভাষাৰ "বাহিৰ-শ্রেণীবিন্যাস আৰু যুক্তি" বুজায়। দুয়ো মিলি আধুনিক ভাষাবিজ্ঞানৰ পথ প্ৰস্তুত কৰিছে।
৪। পাণিনি ব্যাকৰণ সম্পর্কে কৌশাম্বীয়ে আগবঢ়োৱা মতটো উল্লেখ কৰা।
উত্তৰ: পাণিনিৰ 'অষ্টাধ্যায়ী' সম্পর্কে প্রখ্যাত ইতিহাসবিদ ডি.ডি কৌশাম্বীয়ে আগবঢ়োৱা মতটো হ'ল-
"এওঁ পূৰ্বৰ পণ্ডিতসকলৰ জ্ঞানৰ লগত নিজৰ গভীৰ জ্ঞানৰ সমাহাৰ কৰি পৃথিৱীৰ প্রাচীনতম বৈজ্ঞানিক ব্যাকৰণখন ৰচনা কৰি গ'ল। ইয়াত বিজ্ঞান চুম্বক লিখন ৰীতিৰ ভিতৰেদি প্রকাশ পাইছে।"
৫। পাণিনি 'অষ্টাধ্যায়ী' ব্যাকৰণখনৰ দুটা বিশেষত্ব উল্লেখ কৰা।
উত্তৰঃ উত্তৰ-বৈদিক যুগৰ ধ্রুপদী সংস্কৃত ভাষাৰ সবাতোকৈ মৌলিক আৰু পূর্ণাঙ্গ ব্যাকৰণখন হ'ল- মহর্ষি পাণিনিকৃত অষ্টাধ্যায়ী।
৬। ব্যাকৰণৰ উপাদান বুলিলে কি বুজা যায়? ব্যাকৰণৰ উপাদান সমূহক কেইটা আৰু কি কি ভাগত ভগাব পাৰি?
উত্তৰঃ কোনো ভাষাৰ ব্যাকৰণৰ অন্তৰ্ভূক্ত সকলো বিষয়কে ব্যাকৰণৰ উপাদান বুলি ক'ব পাৰো। স্বৰধ্বনি, ব্যঞ্জন ধ্বনি, ৰূপ, প্রত্যয়, ধাতু, বিশেষ্য, বিশেষণ, অব্যয়, কাৰক বিভক্তি, সৰল বাক্য, মিশ্রবাক্য, লিংগ, বচন আদি সকলোবোৰ ব্যাকৰণৰ একো একোটা উপাদান।
ব্যাকৰণৰ উপাদান সমূহক তিনিটা ভাগত ভগাব পাৰো। সেয়া হ'ল- (১) ধ্বনিতাত্ত্বিক উপাদান, (২) ৰূপাতাত্ত্বিক উপাদান, (৩) বাক্যতাত্ত্বিক উপাদান।
৭। মিছনেৰীসকলৰ হাতত ৰচিত প্রাথমিক অসমীয়া ব্যাকৰণসমূহৰ বৈশিষ্ট্য আৰু উদ্দেশ্য আলোচনা কৰা।
উত্তৰ: অসমীয়া ব্যাকৰণৰ লিখিত ইতিহাসৰ আৰম্ভণি খ্ৰীষ্টান মিছনেৰীসকলৰ হাততেই হয়। ১৮৩৯ চনত উইলিয়াম ৰবিন্সনে "Grammar of the Assamese Language" ৰচনা কৰি অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ গ্ৰন্থ প্ৰদান কৰে। ব্যাকৰণখন ইংৰাজী ভাষাত লিখা হৈছিল আৰু লেটিন ব্যাকৰণৰ আর্হিত গঠিত। ইয়াৰ মূল উদ্দেশ্য আছিল ইংৰাজ শাসকবর্গ আৰু বিদেশী শিক্ষার্থীক অসমীয়া ভাষা শিকিবলৈ সুবিধা কৰা। সেয়েহে ই শিক্ষণ-সহায়ক দিশত অধিক মনোযোগী, কিন্তু দেশীয় সাহিত্যিক-ভাষাতাত্ত্বিক পৰম্পৰাৰ ভিতৰত জন্ম লোৱা ব্যাকৰণ নহয়।
১৮৪৮ চনত ড০ নাথান ব্রাউনে "Grammatical Notices of the Assamese Language" নামৰ দ্বিতীয় ব্যাকৰণ ৰচনা কৰে। এইখন পূর্ণাংগ ব্যাকৰণ নহ'লেও ভাষাটোৰ উচ্চাৰণ অনুকূলে লিখিত ৰূপ দিয়াৰ দৰে এটা গুৰুত্বপূৰ্ণ দিশ দেখা যায়। ভাষা শিকাৰ বাবে প্রয়োজনীয় মূল বিষয়সমূহ সঁচাকৈয়ে চমু, শুদ্ধ আৰু প্রয়োগমুখী ৰূপত উপস্থাপন কৰাটোৱে ইয়াৰ বৈশিষ্ট্য।
পৰৱৰ্তীত ১৮৯৪ চনত জি. এফ. নিকলে আৰু ১৯৪৯ চনত ফাদাৰ অ' পাভিয়তিয়ে ইংৰাজীত ব্যাকৰণ ৰচনা কৰে। পাভিয়তিয়ে আগৰ তিনিখনতকৈ উন্নত, বর্তমান ভাষাৰ লগত অধিক খাপ খোৱা ব্যাকৰণ দিয়াৰ চেষ্টা কৰে আৰু আৰম্ভণিতে অসমীয়া ভাষাৰ উৎপত্তি-উন্নতি বিষয়ে ভূমিকা ৰচনা কৰাও নতুন দিশ। এইদৰে মিছনেৰী ব্যাকৰণসমূহে অসমীয়া ব্যাকৰণ-ইতিহাসৰ সূচনা, বৰ্ণনা-পদ্ধতিৰ বিকাশ আৰু বিদেশী শিক্ষণ-উদ্দেশ্য পূৰণত বিশেষ ভূমিকা লৈছিল।
৮। অনুৰূপ শব্দ কি?
উত্তৰঃ যি শব্দ মূল শব্দৰ লগত থাকি মূল শব্দৰ অৰ্থ প্রকাশত সহায় কৰে তেনে শব্দক অনুৰূপ শব্দ বোলে। উদাহৰণ- বাঢ়নী পানীত ঘৰ-চৰবিলাক ডুব গ'ল।
চাকৰি-বাকৰি নাই, কাম-চাম নাই, ঘৰতে এনেয়ে আছো। “ঘৰ-চৰ, চাকৰি-বাকৰি, কাম-চাম" এই যোৰা শব্দবোৰৰ অৰ্থ বিচাৰিলে দেখা যায় ঘৰ শব্দৰ অৰ্থ আছে, কিন্তু ঘৰৰ লগত থকা 'চৰ' শব্দটোৰ অকলে একো অর্থ এই বাক্যত প্রকাশ হোৱা নাই। সেইদৰে 'চাকৰিৰ' লগত 'বাকৰিৰো' আৰু 'কামৰ' লগত 'চাম' শব্দৰ অকলে অকলে কোনো অর্থ প্রকাশ হোৱা নাই। মূল শব্দৰ লগত নহলে এই শব্দবোৰৰ কোনো অৰ্থ অকলে প্রকাশ নাপায়।
কেইটামান এনে ধৰণৰ উপশব্দ প্ৰয়োগ কৰি দেখুওৱা হ'ল-
ঘৰ-চৰ কাপোৰ-চাপোৰ মানুহ-দুনুহ
ভাত-চাত কাম-চাম মাটি-চাতি
গৰু-চৰু লেম-চেম লাউ-চাউ
পানী-দুনী জ্বৰ-জাৰি বৰষুণ-চৰষুণ
মন-চন কল-চল মিঠা-চিঠা
কথা-চথা পিঠা-চিঠা মাছ-তাছ
হাত-চাত কিতাপ-চিতাপ ছবি-টবি
৯। অনুকাৰ শব্দ কাক বোলে?
উত্তৰ: জীৱ-জন্তুৰ স্বাভাৱিক মাত বা বিশিষ্ট ধ্বনি আদিৰ অনুকৰণত যিবোৰ শব্দ ব্যৱহাৰ হয়, সেইবোৰকেই অনুকাৰ শব্দ বোলা হয়। যেনে- ঘড়ীৰ টং টং, কুকুৰৰ ভুক্ ভুক্, কাউৰীৰ কা কা, বন্দুকৰ গুৰুম্ গুৰুম্, ফেচাঁৰ নিউ নিউ।
বস্তুৰ পৰা উৎপন্ন হোৱা-
হিৰ্ হিৰ্, গিৰ গিৰ্, মেৰ মেৰ্, কেৰ কেৰ, মেও মেও, মৰ মৰ্, হুক হুক ইত্যাদি।
১০। সমার্থ শব্দ বুলিলে কি বুজা?
উত্তৰ: অসমীয়া ভাষাত এনে কিছুমান শব্দ আছে যিবিলাক শব্দ ঠাই বিশেষত বেলেগ বেলেগ অৰ্থত ব্যৱহাৰ হয়, সমার্থক অর্থ প্রকাশ কৰা তেনে শব্দসমূহকে সমার্থ শব্দ বোলা হয়। যেনে-
আকাশ - গগণ, শূন্য
চন্দ্র - জোন, শশধৰ আদি
ৰচনাধৰ্মী প্রশ্নোত্তৰ
১। ব্যাকৰণ' শব্দৰ ব্যুৎপত্তিগত অৰ্থৰ বিষয়ে চমু আলোচনা আগবঢ়োৱা।
উত্তৰঃ ভাৰতীয় 'ব্যাকৰণ' অভিধাৰ প্ৰথম উল্লেখ পোৱা যায় বৈদিক যুগৰ 'ব্রাহ্মণ্য' সাহিত্যত। সংস্কৃত 'ব্যাকৰণ' শব্দটোৰ ব্যুৎপত্তিগত অর্থ হৈছে- বিশেষ আৰু বিতংভাবে কৰা বিশ্লেষণ (বি- আকৃ+ অনট্)। আকৌ, ইংৰাজী Grammar শব্দটোও লেটিনৰ মাজেৰে গ্ৰীক ভাষাৰপৰা আহিছে। গ্ৰীক ভাষাৰ Grammatika বা Grammatike techne শব্দৰপৰা ইংৰাজী Grammar শব্দটো আহিছে। গ্রীক ভাষাত Gramma মানে 'আখৰ', Grammta মানে 'আখৰ জনা তত্ত্ব' আৰু Grammatike techne ব অর্থ হ'ল 'লেখন-কলা' (Art of writing) বা 'লিখি পঢ়াৰ দক্ষতা' (Skill of reading and writing)। গ্রীক Grammatike ৰ পৰা উদ্ভূত লেটিন Grammaticus শব্দই ভাষা শুদ্ধকৈ ক'ব আৰু লিখিব জনা মানুহক বুজাইছিল। এই লেটিন শব্দটোৰ পৰা ইংৰাজী Grammar শব্দটোৰ সৃষ্টি হয় বুলি আমি ক'ব পাৰোঁ। প্লেটো, এৰিষ্টটল, থ্রাস্ক আদি গ্রীক দার্শনিকসকলে ব্যাকৰণক দর্শন শাস্ত্ৰৰ এক অংগ হিচাপে জ্ঞান কৰিছিল। ভাৰতৰ প্ৰসিদ্ধ ব্যাকৰণবিদ পাণিনিৰ স্থা ব্যাকৰণ চৰ্চাৰ ক্ষেত্ৰত অতি উল্লেখযোগ্য। পাণিনিৰ ব্যাকৰণখন অষ্টাধ্যায়ী নামেৰে সুপৰিচিত। লিঅ'নার্ড ব্লুমফিল্ডৰ মতে পাণিনিৰ অষ্টাধ্যায়ীখন 'মানৱ বুদ্ধিমত্তাৰ মহানতম কীৰ্তিচিহ্ন' (Greatest monument of human intelligence)। পাণিনিৰ লগতে কাত্যায়ন, পতঞ্জলি, হেমচন্দ্ৰ, বোপদেৱ আদি হ'ল বিখ্যাত ভাৰতীয় ব্যাকৰণবিদ। উল্লেখযোগ্য যে, মধ্যযুগৰ পৰা পণ্ডিত সকলে ব্যাকৰণক ভাষা সম্পর্কীয় কিছুমান সূত্ৰ আৰু নিয়ম হিচাপে গণ্য কৰিছিল। কিন্তু বর্তমান ভাষাবিজ্ঞানৰ দৃষ্টিভংগীৰে ব্যাকৰণৰ পৃথক সংজ্ঞা নিৰূপণ কৰা হৈছে।
২। পৰম্পৰাগত ব্যাকৰণ আৰু আধুনিক ব্যাকৰণ কাক বোলে? দুয়োটাৰে পার্থক্য নিৰ্ণয় কৰা।
উত্তৰঃ ভাষা বিজ্ঞানসন্মত বিচাৰ বিশ্লেষণ আৰম্ভ হোৱাৰ পূৰ্ব কালত যি পদ্ধতি অলম্বন কৰি ব্যাকৰণ ৰচনা কৰা হৈছিল। তাকে পৰম্পৰাগত ব্যাকৰণ বোলে। ইউৰোপ মহাদেশৰ গ্ৰীক, লেটিন আৰু নৱজাগৰণৰ সময়ৰ ব্যাকৰণ সমূহ সেই শ্ৰেণীত ধৰা হয়। আনহাতে ভাষাৰ প্ৰচলিত অথবা বাস্তৱ ৰূপৰ বিশ্লেষণৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদ্ধতি আধুনিক ব্যাকৰণ বোলে।
পৰম্পগত ব্যাকৰণ আৰু আধুনিক ব্যাকৰণৰ মাজত আমি কিছুমান পার্থক্য দেখিবলৈ পাওঁ সেই সমূহ হ'ল-
(ক) পৰম্পৰাগত ব্যাকৰণ অষ্টাদশ শতিকাৰ পূৰ্বৰ সৃষ্টি আনহাতে আধুনিক ব্যাকৰণ প্রধানত বিংশ শতিকাৰ বৰঙণি।
(খ) পৰম্পৰাগত ব্যাকৰণ নিদানমূলক বা নিদের্শমূলক আৰু লিখিত ভাষাৰ ভুল আৰু শুদ্ধৰ বিচাৰ ইয়াৰ মূল উপজীব্য। ইয়াৰ বিপৰীতে আধুনিক নতুন ব্যাকৰণে ভাষাৰ যথাযথ ৰূপত বিতং বিৰণহে দাঙি ধৰে।
(গ) পৰম্পৰাগত ব্যাকৰণ বিশৃংখল আনহাতে আধুনিক ব্যাকৰণ সু-শৃংখল।
(ঘ) পৰম্পৰাগত ব্যাকৰণত বলিষ্ঠ আৰু সুনির্দিষ্ট পদ্ধতি নাই আনহাতে আধুনিক ব্যাকৰণ যুক্তি আৰু পদ্ধতিৰ বিষয়ত যথেষ্ট সৱল।
(ঙ) পৰম্পৰাগত ব্যাকৰণ বিষয়নিষ্ঠ আনহাতে আধুনিক ব্যাকৰণ বস্তুনিষ্ঠ।
(চ) পৰম্পৰাগত ব্যাকৰণ ব্যাখ্যা মূলক আনহাতে আধুনিক ব্যাকৰণ বৰ্ণনাত্মক।
(ছ) পৰম্পৰাগত ব্যাকৰণ গ্ৰীক আৰু লেটিন ব্যাকৰণৰ ওপৰত ঘাইকৈ নিৰ্ভৰশীল আনহাতে আধুনিক ব্যাকৰণ ভাষাৰবাস্তৱতথ্যৰ ওপৰত নিৰ্ভৰশীল।
(জ) পৰম্পৰাগত ব্যাকৰণৰ ভাষাৰ লিখিত ৰূপত (বিশেষকৈ ভাষাৰ সাহিত্যক ৰূপত) অগ্রাধিকাৰ দিয়া হয়। আনহাতে আধুনিক ব্যাকৰণৰ ভাষাৰ কঠিত ৰূপক প্রাধান্য দিয়া হয়।
এনেধৰণে পৰম্পৰাগত ব্যাকৰণ আৰু আধুনিক ব্যাকৰণৰ মাজত যথেষ্ট পার্থক্য দেখা যায়।
৩। ব্যাকৰণৰ উপাদান বুলিলে কি বুজা যায়? ব্যাকৰণৰ উপাদানসমূহৰ বিষয়ে এটি প্রবন্ধ যুগুত কৰা।
উত্তৰঃ সাধাৰণভাৱে আমি কোনো ভাষাৰ ব্যাকৰণৰ অন্তৰ্ভুক্ত সকলো বিষয়কে বিজ্ঞানৰ উপাদান বুলি ক'ব পাৰো। স্বৰধ্বনি, ব্যঞ্জনধ্বনি, ৰূপ, প্রত্যয়, ধাতু, বিশেষ্য, বিশেষণ, অব্যয়, কাৰক, বিভক্তি, সৰলবাক্য, মিশ্রবাক্য, লিংগ, বচন আদি সকলোবোৰক ব্যাকৰণৰ একো একোটা উপাদান। সাধাৰণতে আমি ব্যাকৰণৰ উপাদান সমূহক তিনিটা ভাগত ভাগতকৰিব পাৰো।
সেয়ে হ'ল-
(ক) ধ্বনিতাত্ত্বিক উপাদান: ধ্বনিত্তত্বৰ অন্তর্গত ধ্বনি আৰু বৰ্ণসমূহৰ বিষয়ে কৰা আলোচনাক ব্যাকৰণৰ ধ্বনিতাত্ত্বিক উপাদানে সামৰি লয়। স্বৰধ্বনি, ব্যঞ্জনধ্বনি, দ্বিস্বৰধ্বনি আদি বিভিন্ন ধ্বনি আৰু স্বৰবৰ্ণ, ব্যঞ্জনবর্ণ আদিব বিষয়ে ব্যাকৰণত আলোচনা কৰা হয়। ধ্বনি আৰু বৰ্ণ, বৰ্ণ আৰু আখৰ -এইসমূহৰ বিষয়েও ইয়াত বিচাৰ-বিশ্লেষণ কৰা হয়।
(খ) ৰূপতাত্ত্বিক উপাদান: ব্যাকৰণৰ ৰূপতাত্ত্বিক উপাদানসমূহ হ'ল- প্রাকৃতি (প্রাকৃতি, প্রাতিপাদিক, ধাতু-প্রাকৃতি, নাম-ধাতু প্রাকৃতি আদি), বিভক্তি (শূন্য বিভক্তি, ক্রিয়াবিভক্তি, প্রথম বিভক্তি, দ্বিতীয়া বিভক্তি আদি), শব্দ (মেলিক শব্দ, যৌগিক শব্দ আদি), বচন (একবচন, দ্বিবচন, বহুবচন, বচন-নিৰপেক্ষ ৰূপ আদি), লিংগ (পুংলিঙ্গ, স্ত্রীলিঙ্গ, ক্লীবলিঙ্গ) কাল (অতীত, বর্তমান, ভৱিষ্যত) কৃদন্তৰূপ, ধাতুৰ সাধন (নাম ধাতু, পাঁচনী ধাতু), সমাস, পদ আৰু পদৰ শ্ৰেণীবিভাগ (সর্বনাম, অব্যয়, বিশেষণ, নামপদ- সাধাৰণ নামপদ, সম্বন্ধবাচক নামপদ, ক্রিয়াবদ- সকর্মক, অর্কমক, সমাপিকা, অসমাপিকা, নঞর্থক ক্রিয়াপদ আদি)।
(গ) বাক্যতাত্ত্বিক উপাদান: কোনো ভাষাৰ বাক্যৰ গঠন সম্পৰ্কীয় আলোচনা বাক্য বিশ্লেষণৰ উপাদানৰ ওপৰত নিৰ্ভৰ কৰে। বাক্য বিশ্লেষণৰ বিভিন্ন প্রণালী আৰু বাক্যৰ বিভিন্ন উপাদান, পদৰ সংগতি আৰু ক্রম (উদ্দেশ্য, বিধেয়, কর্তা, কৰ্ম আৰু অন্যান্য কাৰকৰ স্থান), বিভিন্ন ধৰণৰ বাক্য (সৰল বাক্য, যেগিক বাক্য, মিশ্র বাক্য, খণ্ড বাক্য, ক্রিয়াযুক্ত বাক্য, ক্রিয়ামুক্ত বাক্য আদি), উক্তি (প্রত্যক্ষ উক্তি, পৰোক্ষ উক্তি) আদি ব্যাকৰণৰ উপাদানৰ অন্তৰ্ভুক্ত)
ব্যাকৰণৰ উপাদান বুলিলে আমি সামগ্রিকভাৱে ধ্বনিতত্ত্ব, ৰূপতত্ত্ব আৰু বাক্যতত্ত্বৰ উপাদানসমূহক বুজোঁ। এই উপাদানসমূহ প্রত্যেক ভাষাৰ ব্যাকৰণৰ বাবেই প্রয়োজনীয়। কিন্তু এটা কথা আমি মনত ৰাখিব লাগিব যে ভাষাবোৰৰ মাজত বিভিন্নতা আছে। সেয়েহে প্রত্যেক ভাষাৰ ব্যাকৰণৰ উপাদানবোৰৰ মাজত বিভিন্নতা থাকিব পাৰে। পৃথিৱীৰ সকলো ভাষাৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ ব্যাকৰণৰ কিছুমান সাধাৰণ উপাদান থাকে। কিন্তু প্রত্যেক ভাষাত ব্যাকৰণৰ প্ৰতিটো উপাদান নাথাকিবও পাৰে। অৱশ্যে সকলো ভাষাতে কম-বেছি পৰিমাণে এই উপাদানসমূহ থকা দেখা যায়। উদাহৰণস্বৰূপে - অসমীয়া ভাষাত দ্বিবচন নাই। কিন্তু অসমীয়া ভাষাৰ মূল উৎস সংস্কৃত ভাষাৰ ব্যাকৰণত দ্বিবচনত প্রয়োগ আছে।