Chapter 1
তুলনামূলক সাহিত্যৰ পৰিচয়
অতি চমু প্রশ্নোত্তৰ
১। তুলনাত্মক সাহিত্য বুলিলে সাধাৰণতে কি বুজোৱা হয়?
উত্তৰঃ ভিন্ন ভাষা আৰু সংস্কৃতিগত পটভূমিৰ সাহিত্যসমূহৰ পাৰস্পৰিক অধ্যয়নক তুলনাত্মক সাহিত্য বোলা হয়।
২। ফ্রান্স সংহতিয়ে তুলনাত্মক সাহিত্যক কিহত সীমাবদ্ধ কৰিছিল?
উত্তৰঃ সাহিত্যৰ আন্তৰাষ্ট্ৰীয় সম্পৰ্ক
আৰু প্ৰভাৱৰ ইতিহাসত।
৩। Gayley-এ তুলনাত্মক সাহিত্যক
কিহৰ সৈতে সংযুক্ত কৰিছে?
উত্তৰঃ মানৱ সমাজৰ বৰ্ণগত, ঐতিহাসিক আৰু সাংস্কৃতিক প্ৰভাৱৰ
সৈতে।
৪। René
Wellek কিয় তুলনাত্মক সাহিত্যত গুৰুত্বপূর্ণ?
উত্তৰঃ
তেওঁ
তুলনাত্মক সাহিত্যক এক বিশ্বজনীন আৰু আগবঢ়া পদ্ধতি হিচাপে প্রতিষ্ঠা কৰিছিল।
৫। Wellek ৰ মতে তুলনাত্মক
সাহিত্যৰ দৃষ্টিভংগী কেনে?
উত্তৰঃ ই ভাষিক, জাতিগত আৰু ৰাজনৈতিক সীমাৰ ঊৰ্ধত।
৬। তুলনাত্মক সাহিত্য কিয় সংজ্ঞায়িত কৰাটো কঠিন?
উত্তৰঃ ইয়াৰ পদ্ধতি বহুধাবিভক্ত আৰু
বহুমুখী হোৱাৰ বাবে।
৭। তুলনাত্মক সাহিত্য অধ্যয়নৰ সামগ্রিক পৃষ্ঠভূমি কি?
উত্তৰঃ তুলনামূলক অধ্যয়নেই ইয়াৰ সামগ্রিক
পৃষ্ঠভূমি।
৮। ড° নেওগে সাহিত্য ইতিহাসৰ
ক্ষেত্ৰত কি গুৰুত্ব আৰোপ কৰিছে
উত্তৰঃ সাহিত্যৰ অন্তৱৰ্তী ধাৰা আৰু
সামাজিক-কালগত প্রেক্ষাপট বুজাত গুৰুত্ব আৰোপ কৰিছে।
৯। প্ৰভাৱ অধ্যয়ন পদ্ধতিৰ মূল বিষয় কি?
উত্তৰঃ সাহিত্যত প্ৰভাৱ আৰু প্ৰভাৱিতৰ
সম্পৰ্কৰ বিশ্লেষণ।
১০। ভাৰতীয় সংহতিত তুলনাত্মক সাহিত্যৰ মুখ্য লক্ষ্য কি?
উত্তৰ
: বহুভাষিকতাৰ মাজত
ঐক্যসূত্র অনুসন্ধান কৰি ভাৰতীয় সাহিত্যক বিশ্ব প্রেক্ষাপটত প্রতিষ্ঠা কৰা।
১১। তুলনাত্মক সাহিত্যৰ সংহতিসমূহ স্থিৰ নে পৰিবৰ্তনশীল?
উত্তৰঃ এই সংহতিসমূহ সময়ৰ লগে লগে
পৰিবৰ্তনশীল।
১২। ৰুছ সংহতিত কোনটো দৃষ্টিভংগী প্রধান?
উত্তৰঃ
মার্ক্সীয়
দৃষ্টিভংগী।
১৩। তুলনাত্মক সাহিত্যৰ প্ৰথম শক্তিশালী সংহতি কোনটো?
উত্তৰঃ ফ্রান্স-জার্মান সংহতি।
১৪। সাদৃশ্য সম্বন্ধাত্মক পদ্ধতিত কি কৰা হয়?
উত্তৰঃ একে সামাজিক বা ঐতিহাসিক
পৰিস্থিতিৰ সাহিত্যসমূহ তুলনামূলকভাৱে বিচাৰ কৰা হয়।
চমু প্রশ্নোত্তৰ
১। তুলনাত্মক সাহিত্যৰ সংজ্ঞা সম্পর্কে আলোচনা কৰা।
উত্তৰঃ
তুলনাত্মক
সাহিত্যৰ সংজ্ঞা সম্পর্কে সাহিত্য জগতত একমত পোৱা নাযায়। ইয়াৰ কাৰণ হৈছে এই বিষয়ৰ
বিস্তৃত পৰিসৰ আৰু পৰিবৰ্তনশীল দৃষ্টিভংগী। আৰম্ভণিতে ফ্রান্স সংহতিয়ে তুলনাত্মক
সাহিত্যক সাহিত্যৰ আন্তৰাষ্ট্ৰীয় সম্পর্ক,
প্ৰভাৱ
আৰু অনুকৰণৰ ইতিহাসত সীমাবদ্ধ কৰিছিল। Guyard
আৰু Carre-ৰ দৰে সমালোচকেও ইয়াক সাহিত্য
ইতিহাসৰ এক শাখা বুলি গণ্য কৰিছিল।
কিন্তু পিছলৈ গৈ Charles
Mills Gayley তুলনাত্মক সাহিত্যক মানৱতাৰ এক সামূহিক বৌদ্ধিক প্রকাশ বুলি চিহ্নিত কৰে।
তেওঁৰ মতে ই কেৱল সাহিত্যিক প্ৰভাৱৰ অধ্যয়ন নহয়, বৰঞ্চ মানৱ সমাজৰ সামগ্রিক চেতনাৰ প্ৰকাশ। Remak-এ এই ধাৰণাক অধিক বিস্তৃত কৰি
সাহিত্যক ৰাষ্ট্ৰীয় সীমাৰ বাহিৰত আৰু সাহিত্যৰ সৈতে অন্য জ্ঞানক্ষেত্ৰৰ সম্পৰ্কৰ
অধ্যয়ন হিচাপে সংজ্ঞায়িত কৰে।
René
Wellek-এ
তুলনাত্মক সাহিত্যক এক বিশ্বজনীন পদ্ধতি হিচাপে প্ৰতিষ্ঠা কৰি ইয়াক ভাষিক, জাতিগত আৰু ৰাজনৈতিক সীমাৰ ঊৰ্ধত
থকা সাহিত্য অধ্যয়ন বুলি ব্যাখ্যা কৰে। এইদৰে তুলনাত্মক সাহিত্যৰ সংজ্ঞা একাধিক
দৃষ্টিভংগীৰ সমন্বয়।
২। Remak-ৰ তুলনাত্মক সাহিত্য
সংজ্ঞাৰ বৈশিষ্ট্য আলোচনা কৰা।
উত্তৰ: Remak-ৰ সংজ্ঞাই তুলনাত্মক
সাহিত্যক এক নতুন দিশ প্ৰদান কৰিছে। তেওঁ সাহিত্যক কেৱল এক দেশ বা এক ভাষাৰ সীমাৰ
ভিতৰত নাৰাখি আন্তঃৰাষ্ট্ৰীয় পৰিসৰত বিচাৰ কৰাৰ পোষকতা কৰে। তেওঁৰ মতে তুলনাত্মক
সাহিত্য মানে সাহিত্যৰ সৈতে কলা,
দর্শন, ইতিহাস, সমাজবিজ্ঞান আৰু ধৰ্মৰ দৰে
অন্যান্য জ্ঞানক্ষেত্ৰৰ সম্পৰ্কৰ অধ্যয়ন।
এই সংজ্ঞাই তুলনাত্মক সাহিত্যক আন্তঃবিষয়ক অধ্যয়নৰ ৰূপ প্ৰদান কৰে। যদিও এই
সংজ্ঞাই বিশ্ব সাহিত্যৰ ঐক্যৰ ধাৰণাক সম্পূৰ্ণৰূপে সামৰি ল'ব নোৱাৰে, তথাপি ই তুলনাত্মক সাহিত্যৰ পৰিসৰ
বহুলভাৱে বিস্তাৰ কৰিছে।
৩। প্ৰভাৱ আৰু স্বীকৃতি অধ্যয়ন পদ্ধতিৰ আলোচনা কৰা।
উত্তৰ:
প্ৰভাৱ
অধ্যয়ন পদ্ধতি তুলনাত্মক সাহিত্যৰ এক প্রচলিত পদ্ধতি। এই পদ্ধতিত ক'ত, কেনেদৰে আৰু কিমান মাত্ৰাত এক সাহিত্যই আন সাহিত্যক
প্ৰভাৱিত কৰিছে তাৰ বিশ্লেষণ কৰা হয়। K.K.
Ruthven-ৰ
মতে কেতিয়াবা প্রভাৱত লেখক ম্লান হৈ পৰে,
আন
কেতিয়াবা প্রভাৱেই প্রতিভাক উজ্জ্বল কৰি তোলে। এই দৃষ্টিভংগীৰে চালে প্ৰভাৱ সদায়েই
নেতিবাচক নহয়।
স্বীকৃতি অধ্যয়ন পদ্ধতি প্ৰভাৱ অধ্যয়নৰ এক বিস্তাৰিত ৰূপ। ইয়াত প্ৰভাৱৰ লগতে
কোনো সাহিত্য কৃতি কিদৰে অন্য অঞ্চল বা ভাষাত গ্ৰহণ কৰা হ'ল, কেনেদৰে ই নতুন সাহিত্য পৰম্পৰাৰ অংশ হৈ পৰিল, সেই সকলোবোৰ দিশ আলোচনা কৰা হয়। এই
পদ্ধতিয়ে সাহিত্যৰ গতি আৰু বিস্তাৰ বুজাত সহায় কৰে।
৪। ৰুছ সংহতিৰ তুলনাত্মক সাহিত্য বিষয়ক দৃষ্টিভংগী আলোচনা কৰা।
উত্তৰঃ
ৰুছ
সংহতিৰ দৃষ্টিভংগী মার্ক্সীয় সাহিত্য তত্ত্বৰ ওপৰত আধাৰিত। স্তালিন যুগত তুলনাত্মক
সাহিত্যক বুৰ্জোৱা সাৰ্বজনীনতাবাদৰ এক অস্ত্র বুলি সন্দেহ কৰা হৈছিল। ৰুছ
পণ্ডিতসকলে বিশ্বাস কৰিছিল যে তুলনাত্মক সাহিত্যৰ মূল লক্ষ্য হ'ব লাগে জাতীয় সাহিত্যৰ স্বকীয়তা
আৰু সামাজিক অৱদান বুজা।
তেওঁলোকে জাতীয় আৰু সাৰ্বজনীনৰ দ্বান্দ্বিক ঐক্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। যদিও
এই সংহতিত কিছু ৰক্ষণশীলতা দেখা যায়,
তথাপি
জাতীয় সংস্কৃতিৰ গণতান্ত্রিক বিকাশৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদান গুৰুত্বপূৰ্ণ।
৫। ভাৰতীয় সংহতিত তুলনাত্মক সাহিত্যৰ প্ৰয়োজনীয়তা আলোচনা কৰা।
উত্তৰঃ
ভাৰতবৰ্ষ
এক বহুভাষিক, বহুসাংস্কৃতিক আৰু
তৃতীয় বিশ্বৰ ৰাষ্ট্ৰ হোৱাৰ বাবে ইয়াত তুলনাত্মক সাহিত্যৰ প্ৰয়োজনীয়তা বিশেষভাৱে
অনুভূত হয়। ভাৰতীয় সাহিত্যৰ ধাৰণাটো শক্তিশালী কৰিবলৈ হ'লে কেৱল একোটা ভাষাৰ সাহিত্যক
পৃথকভাবে অধ্যয়ন কৰিলেই যথেষ্ট নহয়। বিভিন্ন ভাষাৰ সাহিত্যৰ মাজত থকা উমৈহতীয়া
জীৱনবোধ, পৰম্পৰা, ইতিহাস চেতনা আৰু নান্দনিক
বৈশিষ্ট্যসমূহ তুলনামূলকভাৱে বিচাৰ কৰাটো একান্ত প্রয়োজন।
ঔপনিবেশিক প্ৰভাৱে ভাৰতীয় মানসিকতাত যে সীমাবদ্ধতা সৃষ্টি কৰিছে, সেইবোৰৰ পৰা মুক্ত হ'বলৈও তুলনাত্মক সাহিত্য সহায়ক। ই
ভাৰতীয় সাহিত্যক কেৱল পাশ্চাত্য মানদণ্ডে জোখা প্রৱণতা পৰিহাৰ কৰি নিজস্ব ঐতিহ্য
আৰু নন্দনতত্ত্বৰ আধাৰত বিচাৰ কৰাৰ পথ দেখুৱায়।
তদুপৰি ভাৰতৰ বহু জনজাতীয় আৰু প্ৰান্তীয় ভাষাৰ সাহিত্যক মূলধাৰাৰ সাহিত্যৰ
সৈতে সংযোগ কৰাৰ ক্ষেত্ৰতো তুলনাত্মক সাহিত্যৰ ভূমিকা গুৰুত্বপূৰ্ণ। সেয়েহে ভাৰতীয়
সংহতিত তুলনাত্মক সাহিত্য এক অপৰিহাৰ্য বিদ্যাশাখা হিচাপে পৰিগণিত হৈছে।
ৰচনাধর্মী প্রশ্নোত্তৰ
১। ফ্রান্স-জার্মান আৰু আমেৰিকান সংহতিৰ তুলনাত্মক আলোচনা কৰা।
উত্তৰঃ
ফ্রান্স-জার্মান
আৰু আমেৰিকান সংহতি তুলনাত্মক সাহিত্যৰ বিকাশৰ দুটা গুৰুত্বপূৰ্ণ স্তম্ভ।
ফ্রান্স-জার্মান সংহতিয়ে তুলনাত্মক সাহিত্যক মূলতঃ ঐতিহাসিক দৃষ্টিভংগীৰে আগুৱাই
নিয়ে। ইয়াত সাহিত্যৰ আন্তৰাষ্ট্ৰীয় সম্পর্ক,
প্ৰভাৱ
আৰু অনুকৰণৰ ইতিহাসক মুখ্য স্থান দিয়া হয়। এই সংহতিয়ে সাহিত্যক তাৰ জাতীয় সীমাৰ
বাহিৰলৈ উলিয়াই আনিলেও ভাষিক আৰু ভৌগোলিক সীমাৰ প্ৰতি সচেতন থাকে।
ইয়াৰ বিপৰীতে আমেৰিকান সংহতিয়ে তুলনাত্মক সাহিত্যক নান্দনিক আৰু
আন্তঃশৃংখলাত্মক অধ্যয়নৰ দিশে বিস্তৃত কৰে। Rene
Wellek-ৰ
নেতৃত্বত এই সংহতিয়ে সাহিত্যৰ অন্তর্নিহিত সৌন্দর্য, মানৱতাবাদ আৰু বিশ্বজনীন মূল্যবোধৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
এই সংহতিয়ে লোকসাহিত্য,
মৌখিক
পৰম্পৰা আৰু প্রান্তীয় সাহিত্যকো অধ্যয়নৰ আওতালৈ আনে।
ফ্রান্স-জার্মান সংহতি ইতিহাসমুখী হোৱাৰ বিপৰীতে আমেৰিকান সংহতি নান্দনিকতা
আৰু বিশ্বায়নমুখী। এই দুয়ো সংহতিয়ে একেলগে তুলনাত্মক সাহিত্যক সমৃদ্ধ কৰি তুলিছে।
২। ভাৰতীয় সাহিত্য বুলিলে কি বুজা? আলোচনা কৰা।
উত্তৰঃ
ভাৰতীয়
সাহিত্য বুলিলে সাধাৰণতে ভাৰতৰ ৰাষ্ট্ৰীয় সাহিত্যকে বুজোৱা হয়। অৱশ্যে এই অৱধাৰণা
আমাৰ দেশত বহুত পলমকৈ চৰ্চিত হৈছে। পৃথিৱীৰ বিভিন্ন দেশৰ ভৌগোলিক, ঐতিহাসিক, ভাষাগত আৰু সাংস্কৃতিক বিকাশৰ
পৰিপ্ৰেক্ষিততে এক সার্বজনীন সত্তাৰ বা একে ধৰণৰ লক্ষণ বা বিশেষত্ব বিভিন্ন ৰাজ্যৰ
সমূহ সাহিত্যতে পৰিলক্ষিত হোৱা দেখা যায়। এনে ৰাষ্ট্ৰীয় গুণ ধৰ্ম আৰু বিশেষত্ব
সম্বলিত সাহিত্যৰাজিয়ে হৈ
পৰে
সেই দেশৰ ৰাষ্ট্ৰীয় সাহিত্য। অইন ৰাষ্ট্ৰৰ লোকসকলে সেই ৰাষ্ট্ৰৰ সাহিত্যৰ সমূহ
সত্তাক বুজাবলৈ তেনে নামকৰণ কৰা দেখা যায়। পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰৰ সাহিত্য যেনে
গ্রীক সাহিত্য, জার্মেনীয় সাহিত্য, ভাৰতীয় সাহিত্য আদি। তেনেদৰে একো
একোটা অঞ্চলক লৈও সাহিত্যৰ নামকৰণ হয়। তেনে বঙ্গীয় সাহিত্য, গুজৰাটী সাহিত্য, উড়িয়া সাহিত্য, অসমীয়া সাহিত্য।
ভাৰতীয় সাহিত্যৰ পৰম্পৰা অতি প্রাচীন। পৃথিৱীৰ প্ৰথম সাহিত্য বেদৰ সৃষ্টি
ভাৰততে হৈছিল। তথাপি ভাৰতীয় সাহিত্যৰূপে জনাজাত হোৱা নাছিল। ভাৰতীয় সাহিত্যৰ এই
অৱধাৰণা পোনতে বিদেশৰ পণ্ডিত সকলেহে উত্থাপন কৰিছিল। ১৮২৩ চনত বিলহেল্ম ভন শ্লেগেল
নামৰ জাৰ্মান পণ্ডিত এজনেহে সংস্কৃত সাহিত্যৰ পৰিৱৰ্তে 'ইণ্ডিয়ান লিটাৰেচাৰ' ৰূপেহে উপস্থাপন কৰিছিল। ভাৰতীয়
ধ্রুপদী সাহিত্যৰ অধ্যয়ন কৰি সেই পণ্ডিত সকলে সংস্কৃত, পালি আৰু প্ৰাকৃত ভাষাৰ ইতিহাস
ৰূপে বিশ্বত পৰিচিত কৰায় আৰু এই ভাষাক বৃহৎ ইউৰোপীয় ভাষাৰ সৈতে একে মূলীয় ভাষা
হিচাপে দাঙি ধৰিবলৈ প্ৰয়াস কৰে। অৱশ্যে,
তেওঁলোকৰ
ধাৰণা যিয়েই নহওক, ভাৰতীয় সাহিত্য বুলিলে
কেৱল সংস্কৃত, পালি, প্রাকৃততে সীমাবদ্ধ নহৈ ভাৰতৰ
দ্রাবিড় আৰু অনার্যমূলীয় ভাষাসমূহকো সামৰি লোৱা হয়।
এক ভাৰতীয় সাহিত্য' ভাবধাৰাক স্বীকৃত ৰূপ দিবলৈ প্ৰয়াস
কৰা হয় বিংশ শতিকাৰ শেষৰ দশকৰ পৰাহে। বিভিন্ন ৰাজ্যৰ পণ্ডিতসকলে তেওঁলোকৰ নিজ নিজ
ৰাজ্যিক ভাষাত সাহিত্য সৃষ্টি কৰিলেও এক উমৈহতীয়া ভাৰতীয় সাহিত্যৰ চিন্তন
প্রক্রিয়াও আৰম্ভকৰিছিল। সাহিত্য আৰু সংস্কৃতিৰ সম্পৰ্ক অতি নিবিড়। সেয়ে সাহিত্যত
সংস্কৃতিৰ প্ৰতিফলন নিশ্চয়কৈ সঠিক। তাহানিৰ প্ৰাচীন সাহিত্য বেদৰ পৰা আৰম্ভ কৰি
পুৰাণলৈকে সকলোতে এক বিশেষ সমাজ আৰু সংস্কৃতিৰ প্ৰতিফলন ঘটা দেখিবলৈ পোৱা যায়। এই
সমাজ আৰু সংস্কৃতি হ'ল ভাৰতীয় পৰম্পৰাগত
সমাজ আৰু সংস্কৃতি। যাক ভাৰতীয় সাহিত্যই কঢ়িয়াই লৈ আহিছে যুগ যুগ, বছৰ বছৰ ধৰি নৱ প্ৰজন্মৰ বাবে।
ভাৰতীয় ভূখণ্ড তথা সংস্কৃতিৰ ক্ষেত্ৰত যিদৰে অনৈক্যৰ মাজতো ঐক্য আছে- তেনেকৈ
ভাৰতীয় সাহিত্যৰ ক্ষেত্ৰতো অনৈক্যৰ মাজত ঐক্য আছে। ভাৰতীয় ধ্রুপদী সাহিত্যৰাজি
প্ৰতিজন ভাৰতীয়ৰে প্রাণ সঞ্চালিকা শক্তি তথা আবেগ অনুভূতিৰ ভঁৰালস্বৰূপ। এই সাহিত্যৰ
লগত সোণত সুৱগা চৰোৱাৰ দৰে দ্রাবিড় আৰু অনার্যমূলীয় আদি সাহিত্যৰাজিয়েও ভাৰতীয়
সাহিত্য সৃষ্টিত যথেষ্ট অৰিহণা যোগাই আহিছে।
৩। তুলনাত্মক সাহিত্যত ব্যৱহৃত বিভিন্ন অধ্যয়ন পদ্ধতিৰ বিশদ আলোচনা কৰা।
উত্তৰঃ
তুলনাত্মক
সাহিত্যত একাধিক অধ্যয়ন পদ্ধতি ব্যৱহৃত হয়। সাদৃশ্য সম্বন্ধাত্মক পদ্ধতিত একে
পৰিস্থিতিৰ সাহিত্যসমূহ তুলনা কৰা হয়। পৰম্পৰা অধ্যয়ন পদ্ধতিত সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় পৰম্পৰাৰ
সাহিত্যিক প্রতিফলন বিচাৰ কৰা হয়। প্রভাৱ আৰু স্বীকৃতি অধ্যয়নে সাহিত্যৰ
আদান-প্রদান আৰু গ্ৰহণ প্রক্রিয়া বুজায়।
সম্বন্ধমূলক দ্বন্দ্বাত্মক পদ্ধতিয়ে সাহিত্যক দর্শন, ইতিহাস, সমাজবিজ্ঞান আদি জ্ঞানশাখাৰ সৈতে
সংযুক্ত কৰে। এই সকলো পদ্ধতিৰ কেন্দ্ৰবিন্দু হৈছে তুলনামূলক দৃষ্টিভংগী। এই
পদ্ধতিসমূহে সাহিত্য অধ্যয়নক অধিক গভীৰ,
বহুমুখী
আৰু বিশ্বমুখী কৰি তোলে।
৪। তুলনাত্মক ভাৰতীয় সাহিত্যৰ তাত্ত্বিক বুনিয়াদ আৰু লক্ষ্যসমূহ বিশদভাবে
আলোচনা কৰা।
উত্তৰঃ
তুলনাত্মক
ভাৰতীয় সাহিত্যৰ তাত্ত্বিক বুনিয়াদ ভাৰতবৰ্ষৰ সামাজিক, সাংস্কৃতিক আৰু ঐতিহাসিক বাস্তৱতাৰ
ওপৰত আধাৰিত। ভাৰত এক বহুভাষিক আৰু বহুসাংস্কৃতিক দেশ হোৱাৰ বাবে ইয়াত সাহিত্য
অধ্যয়নৰ ক্ষেত্ৰত এক বিশেষ দৃষ্টিভংগীৰ প্ৰয়োজন দেখা দিয়ে। এই দৃষ্টিভংগী কেৱল
ইউৰোপকেন্দ্ৰিক ঐতিহাসিক পদ্ধতি বা আমেৰিকান নান্দনিক পদ্ধতিত সীমাবদ্ধ নাথাকি
ভাৰতীয় প্রেক্ষাপটৰ উপযোগী হ'ব লাগিব।
ভাৰতীয় সংহতিত তুলনাত্মক সাহিত্যৰ মূল তাত্ত্বিক প্ৰেৰণা হৈছে সার্বজনীন
ব্যক্তিবাদ। ইয়াৰ অৰ্থ হৈছে ব্যক্তিৰ নিজস্ব পৰিচয় অক্ষুণ্ণ ৰাখিও সামূহিক তথা
জাতীয় পৰিচয়ৰ সন্ধান কৰা। সাহিত্যৰ মাজত প্রতিফলিত ব্যক্তিগত জীৱন অভিজ্ঞতাৰ
মাজেদিয়েই সমাজ, সংস্কৃতি আৰু জাতিৰ
গভীৰ সত্যসমূহ উন্মোচিত হয়।
এই সংহতিৰ লক্ষ্য হৈছে ভাৰতীয় ভাষাসমূহৰ মাজত আন্তঃসম্পর্ক বৃদ্ধি কৰা, কেন্দ্রীয় আৰু প্ৰান্তীয় ভাষাৰ
ব্যৱধান ভাঙি সমদৃষ্টিৰে সকলো সাহিত্যক বিচাৰ কৰা, ভাৰতীয় সমাজৰ বহুভাষিক আৰু বহুসাংস্কৃতিক চৰিত্ৰ সংৰক্ষণ
কৰা আৰু ভাৰতীয় সাহিত্যক বিশ্ব পৰিসৰত প্ৰতিষ্ঠা কৰা।
তদুপৰি আন্তঃভাষিক অনুবাদ,
ভাৰতীয়
নন্দনতত্ত্ব আৰু জ্ঞানতত্ত্বৰ আধুনিক প্রয়োগ,
ঔপনিবেশিক
মানসিকতাৰ পৰা মুক্তি আৰু বিশ্বৰ অন্যান্য সাহিত্যৰ সৈতে সমান্তৰাল সংলাপ স্থাপন
কৰাটোও এই সংহতিৰ গুৰুত্বপূর্ণ লক্ষ্য। এই সকলো লক্ষ্য একেলগে আগবঢ়াই নিয়াই
তুলনাত্মক ভাৰতীয় সাহিত্যৰ ভৱিষ্যৎ দায়িত্ব।