Chapter 2
ভাৰতীয় কাব্য সাহিত্যৰ পৰিচয়
ক
ৰাধাৰ বয়ঃসন্ধি
অতি চমু প্রশ্নোত্তৰ
১। বিদ্যাপতি কোন ভাষাৰ কবি আছিল?
উত্তৰঃ বিদ্যাপতি মৈথিলী ভাষাৰ মহান কবি
আছিল।
২। বিদ্যাপতিৰ জন্ম কেতিয়া হৈছিল বুলি সাধাৰণতে মানি লোৱা হয়?
উত্তৰঃ সাধাৰণতে ১৩৬০ খ্ৰীষ্টাব্দত
বিদ্যাপতিৰ জন্ম হৈছিল বুলি মানি লোৱা হয়।
৩। বিদ্যাপতিৰ সম্ভাব্য মৃত্যু কেতিয়া হৈছিল বুলি ধৰা হয়?
উত্তৰঃ ১৪৪৮ খ্ৰীষ্টাব্দত কার্তিক শুক্লা
ত্রয়োদশী দিনা বিদ্যাপতিৰ মৃত্যু হৈছিল বুলি ধৰা হয়।
৪। বিদ্যাপতিৰ পদাৱলীত মূলতঃ কিমান ধৰণৰ বিষয়ধাৰা দেখা যায়?
উত্তৰঃ বিদ্যাপতিৰ পদাৱলীত মূলতঃ তিনিধৰণৰ
বিষয়ধাৰা দেখা যায়।
৫। বিদ্যাপতিৰ পদাৱলীৰ ৰাধাৰ বিৰহ-চিত্ৰণৰ বিশেষ বৈশিষ্ট্য কি?
উত্তৰঃ বিদ্যাপতিৰ পদাৱলীত ৰাধাৰ বিৰহ মৌন
আৰু সংযমী ৰূপত প্রকাশ পাইছে।
৬। 'ৰাধাৰ বয়ঃসন্ধি' কবিতাৰ মুখ্য বিষয় কি?
উত্তৰঃ
এই
কবিতাৰ মুখ্য বিষয় হৈছে ৰাধাৰ কৈশোৰৰ পৰা যৌৱনৰ সূক্ষ্ম ৰূপান্তৰ।
৭। কবিতাটোত ৰাধাক কোন ৰূপত উপস্থাপন কৰা হৈছে?
উত্তৰ: কবিতাখনত ৰাধাক নবযৌৱনৰ সীমান্তত
থিয় দিয়া এক কিশোৰী ৰূপত উপস্থাপন কৰা হৈছে।
৮। বিদ্যাপতিৰ কবিতাৰ ভাষাৰ বৈশিষ্ট্য কি?
উত্তৰঃ বিদ্যাপতিৰ কবিতাৰ ভাষা সৰল, সংগীতময় আৰু অনুভূতিপ্রবণ।
৯। কবিতাটোত কৃষ্ণৰ উপস্থিতি কেনেকৈ অনুভৱ হয়?
উত্তৰঃ
কবিতাটোত
কৃষ্ণৰ উপস্থিতি প্রত্যক্ষ নহয় যদিও ৰাধাৰ অনুভূতিত পৰোক্ষভাৱে অনুভৱ হয়।
চমু প্রশ্নোত্তৰ
১। বিদ্যাপতিৰ সাহিত্য-কৃতি আৰু সাহিত্যিক বৈশিষ্ট্য আলোচনা কৰা।
উত্তৰঃ
বিদ্যাপতিয়ে
সংস্কৃত, মৈথিলী আৰু অপভ্রংশ-এই
তিনিটা ভাষাত সাহিত্য ৰচনা কৰিছিল। সংস্কৃত ভাষাত ৰচিত তেওঁৰ গ্ৰন্থসমূহৰ ভিতৰত 'ভূপৰিক্ৰমা', 'পুৰুষ-পৰীক্ষা', 'শৈৱসাৰসাৰ', 'দানবাক্যাৱলী', 'দুর্গাভক্তিতৰঙ্গিণী' আদি উল্লেখযোগ্য। অপভ্রংশ ভাষাত
তেওঁ 'কীর্তিলতা' আৰু 'কীর্তিপতাকা' ৰচনা কৰিছিল। মৈথিলী ভাষাত ৰচিত
একমাত্র কিন্তু অতি গুৰুত্বপূৰ্ণ গ্রন্থখন হ'ল 'বিদ্যাপতিৰ পদাৱলী'।
তেওঁৰ পদাৱলীত ভক্তি,
শৃংগাৰ
আৰু বিবিধ বিষয়-এই তিনিটা ধাৰা স্পষ্টভাৱে দেখা যায়। শিৱ, দুর্গা, গংগা আদিৰ ভক্তি-পদৰ লগতে
ৰাধা-কৃষ্ণৰ প্রেমলীলা বর্ণিত শৃংগাৰ-পদে তেওঁৰ কাব্যৰ মূল সৌন্দর্য প্রকাশ কৰে।
বিদ্যাপতিৰ ভাষা সহজ, সুৰেলা আৰু সংগীতাত্মক।
তেওঁ সংস্কৃত আৰু প্ৰাকৃত সাহিত্যৰ অলংকাৰ, ছন্দ আৰু শব্দৰ সুনিপুণ ব্যৱহাৰেৰে জনভাষাক সমৃদ্ধ কৰিছিল।
তেওঁৰ সাহিত্যত ধর্মীয় সহিষ্ণুতা আৰু মানৱীয় আবেগৰ সুন্দৰ সংমিশ্রণ দেখা যায়। সেই
বাবেই বিদ্যাপতিক এজন ৰসসিদ্ধ আৰু প্রেম-সৌন্দৰ্যৰ কবি বুলি গণ্য কৰা হয়।
২। 'ৰাধাৰ বয়ঃসন্ধি' কবিতাৰ মূল ভাব ব্যাখ্যা কৰা।
উত্তৰঃ 'ৰাধাৰ বয়ঃসন্ধি' কবিতাখনত বিদ্যাপতিয়ে ৰাধাৰ কৈশোৰৰ
পৰা যৌৱনৰ দিশে হোৱা সূক্ষ্ম ৰূপান্তৰক অত্যন্ত সংবেদনশীলভাৱে উপস্থাপন কৰিছে। এই
কবিতাত ৰাধা কেৱল এক পৌৰাণিক চৰিত্ৰ নহয়,
বৰং
এক সাধাৰণ কিশোৰীৰ প্ৰতিনিধি হিচাপে আত্মপ্রকাশ কৰে। বয়ঃসন্ধিৰ সময়ছোৱাত এজনী
কিশোৰীৰ শৰীৰ আৰু মনত যি নতুন অনুভূতি,
সংকোচ, লাজ আৰু অচিন্তিত আকুলতা জন্ম লয়, সেয়া কবিতাখনত সজীব ৰূপত প্রতিফলিত
হৈছে। বিদ্যাপতিয়ে কোনো স্থূল বর্ণনা নকৰি ইঙ্গিত, উপমা আৰু প্ৰকৃতিৰ সহায়ত ৰাধাৰ এই পৰিৱৰ্তন প্ৰকাশ কৰিছে।
সেয়ে এই কবিতা মানৱ মনোবিজ্ঞানৰ এক সুন্দৰ কাব্যিক অভিব্যক্তি বুলি ক'ব পাৰি।
৩। কবিতাখনত প্ৰকৃতিৰ ভূমিকা ব্যাখ্যা কৰা।
উত্তৰঃ 'ৰাধাৰ বয়ঃসন্ধি' কবিতাত প্রকৃতি কেবল পটভূমি নহয়, বৰং ৰাধাৰ অন্তৰ্জগতৰ প্রতিচ্ছবি।
ফুল ফুলি উঠা, বসন্তৰ আগমন, মৃদু বতাহ আদি প্রাকৃতিক
উপাদানসমূহে ৰাধাৰ জীৱনত অহা নতুন অনুভূতিক সূচায়। প্রকৃতিৰ এই পৰিৱৰ্তনে ৰাধাৰ
মানসিক পৰিৱৰ্তনৰ সৈতে সমান্তৰাল সম্পর্ক গঢ়ি তোলে। ইয়াৰ ফলত কবিতাৰ ভাব অধিক গভীৰ
আৰু জীৱন্ত হৈ উঠে।
৪। 'ৰাধাৰ বয়ঃসন্ধি' কবিতাৰ আধুনিক প্ৰাসংগিকতা কি?
উত্তৰঃ
যদিও
কবিতাখন মধ্যযুগীয়, তথাপিও ইয়াৰ বিষয়
আধুনিক। বয়ঃসন্ধিৰ অভিজ্ঞতা আজিও একে। ৰাধাৰ অনুভূতি আজিৰ কিশোৰীৰ অনুভূতিৰ সৈতে
মিল খায়। সেয়েহে এই কবিতা সময় অতিক্ৰম কৰি আজিও প্ৰাসংগিক হৈ আছে।
ৰচনাধৰ্মী প্রশ্নোত্তৰ
১। বিদ্যাপতিৰ পদাৱলীৰ বিষয়বস্তু,
ভাষা
আৰু সাহিত্যিক বৈশিষ্ট্যৰ বিস্তৃত আলোচনা কৰা।
উত্তৰঃ
বিদ্যাপতিৰ
পদাৱলী মধ্যযুগীয় ভাৰতীয় গীতিকাব্যৰ এক অমূল্য সম্পদ। এই পদাৱলীত কবিৰ অনুভূতি, সৌন্দৰ্যবোধ আৰু ৰসসিদ্ধতা
সম্পূৰ্ণ ৰূপে প্রকাশ পাইছে। বিদ্যাপতিৰ পদাৱলীৰ বিষয়বস্তু মূলতঃ তিনিটা ধাৰাত
বিভক্ত-ভক্তি, শৃংগাৰ আৰু বিবিধ।
ভক্তিধাৰাত শিৱ, দুর্গা, গংগা, গৌৰী আদিৰ বন্দনা দেখা যায়। এই
পদসমূহত কবিৰ ধর্মীয় অনুভূতি গভীৰ হ'লেও কোনো সংকীর্ণতা
নাই। তেওঁ সকলো ধৰ্মীয় ধাৰাক সমান মর্যাদা প্রদান কৰিছে।
শৃংগাৰধাৰাই বিদ্যাপতিৰ পদাৱলীৰ মূল সৌন্দর্য। এই ধাৰাত ৰাধা-কৃষ্ণৰ প্রেমলীলা
অতি সূক্ষ্ম আৰু হৃদয়স্পর্শী ৰূপত বর্ণিত হৈছে। বিদ্যাপতিয়ে ৰাধাক কেৱল পৌৰাণিক
নায়িকা হিচাপে নহয়, মানৱীয় অনুভূতিসম্পন্ন
এক শাশ্বত নাৰী ৰূপে চিত্ৰিত কৰিছে। নবযৌৱনা ৰাধাৰ সৌন্দৰ্য, লাজ, কৌতূহল,
অভিমান
আৰু আকুলতা কবিয়ে অপূর্ব কাব্যিক দক্ষতাৰে প্ৰকাশ কৰিছে। মিলনৰ আনন্দ আৰু বিৰহৰ
যন্ত্রণা-এই দুয়ো দিশ বিদ্যাপতিৰ পদাৱলীত সমান গুৰুত্ব লাভ কৰিছে।
বিশেষকৈ বিৰহ-পদসমূহত বিদ্যাপতিৰ মৌলিকতা স্পষ্টভাৱে দেখা যায়। আন বহু কবিৰ
ৰচনাত ৰাধা বিৰহত উচ্ছাসী আৰু মুখৰা হৈ পৰে যদিও বিদ্যাপতিৰ ৰাধা মৌন, সংযমী আৰু অন্তর্মুখী। তেওঁ দুখ
নিজৰ অন্তৰত ধাৰণ কৰে আৰু সখীৰ জৰিয়তে মনোবেদনা প্রকাশ পায়। এই মৌনতাই বিৰহক অধিক
গভীৰ আৰু মৰ্মস্পর্শী কৰি তোলে। বিদ্যাপতিয়ে ৰাধাৰ মনোবৈজ্ঞানিক অবস্থা অতি
সূক্ষ্মভাবে বিশ্লেষণ কৰিছে,
যি
তেওঁৰ কাব্যিক প্রতিভাৰ এক বিশেষ দিশ।
বিদ্যাপতিৰ পদাৱলীৰ ভাষা মৈথিলী যদিও তাত সংস্কৃত আৰু প্ৰাকৃত শব্দৰ সুন্দৰ
সংমিশ্রণ দেখা যায়। ভাষা সৰল,
সুৰীয়া
আৰু সংগীতাত্মক। পদসমূহ গীত ৰূপে গাবলৈ উপযোগী, যাৰ ফলত ই লোকমুখে বহুল প্রচাৰ লাভ কৰে। অলংকাৰ, উপমা, ৰূপক আৰু ছন্দৰ নিপুণ ব্যৱহাৰে
পদসমূহক অধিক সৌন্দর্যমণ্ডিত কৰিছে। ধ্বনি-মাধুর্য আৰু লয়বদ্ধতাই বিদ্যাপতিৰ
পদাৱলীক এক বিশেষ কাব্যিক উচ্চতালৈ লৈ গৈছে।
যদিও বিদ্যাপতিয়ে নিজে ব্রজবুলি ভাষাত পদ ৰচনা কৰা নাছিল, তথাপি তেওঁৰ পদাৱলীয়ে ব্রজবুলি
পদসাহিত্যত গভীৰ প্ৰভাৱ পেলাইছিল। অসম,
বংগ, ওড়িশা আৰু নেপালৰ বৈষ্ণৱ কবিসকলে
বিদ্যাপতিৰ ভাষাশৈলী আৰু ভাবধাৰাক আদর্শ হিচাপে গ্রহণ কৰিছিল। সেই বাবেই বহু
পণ্ডিতে ব্রজবুলি ভাষাৰ বিকাশত বিদ্যাপতিৰ অৱদান অনন্য বুলি মত প্রকাশ কৰিছে।
বিদ্যাপতিৰ পদাৱলীৰ মূল সাৰ হ'ল প্ৰেম আৰু সৌন্দৰ্যৰ
উদযাপন। তেওঁ প্রেমক কেৱল ইন্দ্রিয়গত অনুভূতি হিচাপে নহয়, এক আধ্যাত্মিক আৰু শাশ্বত শক্তি
হিচাপে প্রতিষ্ঠা কৰিছে। এইদৰে বিদ্যাপতিৰ পদাৱলী ভাৰতীয় ভক্তি আৰু শৃংগাৰ
সাহিত্যৰ ইতিহাসত এক চিৰস্মৰণীয় স্থান দখল কৰি আছে।
খ
শ্ৰীৰাধাৰ পূৰ্বৰাগ
অতি চমু প্রশ্নোত্তৰ
১। চণ্ডীদাসৰ জীৱন আৰু সাহিত্য সম্পর্কে কিয় মতবিৰোধ দেখা যায়?
উত্তৰঃ
চণ্ডীদাস
সম্পর্কে প্রামাণিক ঐতিহাসিক তথ্যৰ অভাৱ থকাৰ বাবে মতবিৰোধ দেখা যায়।
২। বাংলা সাহিত্যত কিমানজন চণ্ডীদাসৰ নাম পোৱা যায়?
উত্তৰঃ
বাংলা
সাহিত্যত বড়ু, দ্বিজ আৰু দনে-এই
তিনিজন চণ্ডীদাসৰ নাম পোৱা যায়।
৩। চণ্ডীদাস কোন জাতিৰ আছিল?
উত্তৰঃ চণ্ডীদাস জাতত ব্রাহ্মণ আছিল।
৪। চণ্ডীদাসৰ পদাবলীত ৰাধাৰ প্ৰেমৰ মূল বৈশিষ্ট্য কি?
উত্তৰঃ চণ্ডীদাসৰ পদাৱলীত ৰাধাৰ প্ৰেম
অন্তর্মুখী, গভীৰ আৰু বেদনাময়।
৫। শ্ৰীৰাধাৰ প্ৰেম কোনৰ প্ৰতি বিকশিত হৈছে?
উত্তৰ: শ্ৰীৰাধাৰ প্ৰেম শ্ৰীকৃষ্ণৰ প্ৰতি
বিকশিত হৈছে।
৬। শ্ৰীৰাধাৰ মানসিক অৱস্থাক কেনেকৈ চিত্রিত কৰা হৈছে?
উত্তৰ: শ্ৰীৰাধাৰ মানসিক অৱস্থা গভীৰ
মানসিক সংঘাত আৰু প্ৰেমাতুৰতাৰে চিত্রিত কৰা হৈছে।
চমু প্রশ্নোত্তৰ
১। চণ্ডীদাসৰ পদাৱলীৰ ভাষা,
ভণিতা
আৰু প্ৰকাশভংগীৰ বৈশিষ্ট্য আলোচনা কৰা।
উত্তৰঃ
চণ্ডীদাসৰ
পদাৱলীৰ ভাষা সৰল, সংক্ষিপ্ত আৰু লৌকিক।
তেওঁৰ পদসমূহত অলংকাৰিক আড়ম্বৰ কম হলেও অনুভূতিৰ গভীৰতা আৰু হৃদয়স্পর্শী বেদনাই
মুখ্য স্থান দখল কৰিছে। চণ্ডীদাসে গ্রাম্য জীৱনৰ পৰা আহৰণ কৰা উপমা আৰু চিত্ৰকল্পৰ
সহায়ত প্রেম-বিৰহৰ যন্ত্রণা অতি স্বাভাৱিকভাৱে প্ৰকাশ কৰিছে।
তেওঁৰ পদাৱলীৰ এক উল্লেখযোগ্য বৈশিষ্ট্য হ'ল ভণিতাৰ ব্যৱহাৰ। চণ্ডীদাসে সাধাৰণতে পদৰ শেষ চৰণৰ
আৰম্ভণিতে "কহে",
"কয়", "বলে" আদি ক্ৰিয়াৰ সৈতে নিজৰ
নাম সংলগ্ন কৰিছে, যেনে "চণ্ডীদাস
কহে"। এই ভণিতাই কবিৰ উপস্থিতিক স্পষ্ট কৰি তোলে আৰু পদসমূহত এক আত্মকথামূলক
স্বৰ প্ৰদান কৰে।
চণ্ডীদাসৰ পদত বাক-সংক্ষিপ্ততা বিশেষ লক্ষ্যণীয়। ভূদেব চৌধুৰীৰ মতে এই
সংক্ষিপ্ততা কবিৰ ব্যক্তিত্ব-মোচনৰ ফল। পদসমূহত নায়িকাৰ ভাব অনুসৰি ক'ৰবাত উপদেশ, ক'ৰবাত তিৰস্কাৰ,
ক'ৰবাত সান্ত্বনা প্ৰকাশ পাইছে।
কৃষ্ণৰ ঈশ্বৰত্বৰ ওপৰত গুৰুত্ব নেদি চণ্ডীদাসে মানৱীয় প্ৰেম আৰু বেদনাক মুখ্য কৰি
তুলিছে। এই সৰল অথচ গভীৰ প্রকাশভংগীয়ে চণ্ডীদাসৰ পদাৱলীক এক স্বতন্ত্র সাহিত্যিক
উচ্চতা প্রদান কৰিছে।
২। 'শ্ৰীৰাধাৰ পূৰ্বৰাগ' কাব্যত পূৰ্বৰাগৰ স্বৰূপ বৰ্ণনা
কৰা।
উত্তৰ: 'শ্ৰীৰাধাৰ পূৰ্বৰাগ' কাব্যত পূৰ্বৰাগ প্ৰেমৰ এক সূক্ষ্ম
আৰু গভীৰ মানসিক অৱস্থাক চিত্ৰিত কৰিছে। পূৰ্বৰাগ হৈছে প্ৰেমৰ সেই অৱস্থা য'ত প্রেমিক-প্রেমিকা একেলগে মিলিত
হোৱা নাই, কিন্তু মনত গভীৰ
আকৰ্ষণ আৰু আকুলতা জন্ম লয়। শ্ৰীৰাধাৰ ক্ষেত্ৰত এই পূৰ্বৰাগ একপক্ষীয় অনুভূতি
হিচাপে প্রকাশ পায়, য'ত তেওঁ শ্রীকৃষ্ণৰ ৰূপ, গুণ আৰু আচৰণত মুগ্ধ হৈ পৰে। তেওঁ
নিজৰ মনৰ এই অনুভূতিবোৰ প্ৰকাশ কৰিব নোৱাৰে,
কাৰণ
সামাজিক লাজ, ভয় আৰু সংকোচে তেওঁক
আৱদ্ধ কৰি ৰাখে। এই অৱস্থাত শ্ৰীৰাধাৰ মনত সুখ আৰু দুখ একেলগে বিদ্যমান থাকে।
কৃষ্ণৰ কথা ভাবিলে আনন্দ হয়,
কিন্তু
সেই আনন্দেই পুনৰ বেদনালৈ পৰিণত হয়। চণ্ডীদাসে এই পূৰ্বৰাগক কেৱল শাৰীৰিক আকাংক্ষা
হিচাপে নহয়, বৰং এক আধ্যাত্মিক
প্ৰেমৰ সূচনা হিচাপে দেখুৱাইছে। এই পূৰ্বৰাগৰ মাজেদি ভক্ত আৰু ভগৱানৰ আত্মিক
সম্পর্ক গঢ় লৈ উঠে।
৩। 'শ্ৰীৰাধাৰ পূৰ্বৰাগ' কাব্যৰ সাহিত্যিক গুৰুত্ব আলোচনা
কৰা।
উত্তৰঃ 'শ্ৰীৰাধাৰ পূৰ্বৰাগ' কাব্যৰ সাহিত্যিক গুৰুত্ব অত্যন্ত
উল্লেখযোগ্য। এই কাব্যই মধ্যযুগীয় বৈষ্ণব সাহিত্যত মানসিক বিশ্লেষণৰ নতুন দিশ
উন্মোচন কৰে। চণ্ডীদাসে শ্ৰীৰাধাৰ মানসিক অৱস্থা, অনুভূতি আৰু দ্বন্দ্বক অত্যন্ত বাস্তৱ আৰু সংবেদনশীলভাবে
উপস্থাপন কৰিছে। ইয়াত নাৰী চৰিত্ৰক কেৱল ভক্ত বা প্রেমিকা হিচাপে নহয়, এক চিন্তাশীল, অনুভূতিশীল মানব হিচাপে দেখুওৱা
হৈছে। ভাষা সহজ, সংগীতধর্মী আৰু অনুভূতিপূর্ণ। এই
কাব্যই পৰৱৰ্তী পদাবলী সাহিত্যত গভীৰ প্ৰভাৱ পেলাইছে আৰু বৈষ্ণৱ প্রেমকাব্যৰ এক
উৎকৃষ্ট নিদর্শন হিচাপে স্বীকৃত।
ৰচনাধৰ্মী প্রশ্নোত্তৰ
১। 'শ্ৰীৰাধাৰ পূৰ্বৰাগ' কাব্যত শ্ৰীৰাধাৰ প্ৰেমৰ বিকাশ
বিশ্লেষণ কৰা।
উত্তৰ:
চণ্ডীদাসৰ
'শ্ৰীৰাধাৰ পূৰ্বৰাগ' কাব্যত শ্ৰীৰাধাৰ প্ৰেমৰ বিকাশ এক
সূক্ষ্ম মানসিক প্রক্রিয়া হিচাপে চিত্রিত হৈছে। এই কাব্যত প্রেম হঠাৎ প্রকাশ পোৱা
কোনো ঘটনাৰ ফল নহয়, বৰং ধীৰে ধীৰে মনৰ
গভীৰ স্তৰত গঢ় লৈ উঠা এক অনুভূতি। শ্ৰীৰাধা প্রথমে কৃষ্ণৰ ৰূপ, আচৰণ আৰু মাধুর্যত আকৃষ্ট হয়, কিন্তু সেই আকর্ষণক তেওঁ নিজে
স্পষ্টভাৱে বুজি নাপায়। এই অৱস্থাত প্রেম সচেতন নহয়, বৰং অবচেতন ৰূপে অন্তৰত বাস কৰে। সময় বঢ়াৰ লগে লগে এই
আকৰ্ষণ আকুলতালৈ পৰিণত হয় আৰু শ্ৰীৰাধাৰ মনত এক অদ্ভুত অস্থিৰতা জন্ম লয়।
এই পূৰ্বৰাগ অৱস্থাত শ্ৰীৰাধাৰ প্ৰেম একপক্ষীয়, নীৰৱ আৰু গোপন। তেওঁ কৃষ্ণৰ সৈতে কোনো মিলনৰ আশা নকৰে, তথাপিও তেওঁৰ মন সদায়ে কৃষ্ণমুখী
হৈ থাকে। প্রেমে তেওঁক সুখ দিয়ে,
কিন্তু
সেই সুখৰ মাজতেই দুখ লুকাই থাকে। চণ্ডীদাসে দেখুৱাইছে যে প্রেম মানে কেৱল আনন্দ
নহয়, ই বেদনাও আনে।
শ্ৰীৰাধাৰ মনত কেতিয়াবা আনন্দ,
কেতিয়াবা
ভয়, কেতিয়াবা লাজ আৰু
কেতিয়াবা আত্মগ্লানি একেলগে উপস্থিত থাকে। এই মানসিক দ্বন্দ্বই শ্ৰীৰাধাৰ প্ৰেমক
গভীৰতা প্ৰদান কৰে।
এই প্রেম শাৰীৰিক আকাংক্ষাৰ ওপৰত ভিত্তি কৰা নহয়। ই আত্মিক আৰু আধ্যাত্মিক।
বৈষ্ণৱ দৰ্শনৰ দৃষ্টিত শ্ৰীৰাধা হৈছে জীৱাত্মা আৰু কৃষ্ণ হৈছে পৰমাত্মা। সেয়ে
শ্ৰীৰাধাৰ প্ৰেমৰ বিকাশ মানে আত্মাৰ পৰম সত্যৰ প্ৰতি ধাৱন। এই দিশে 'শ্ৰীৰাধাৰ পূৰ্বৰাগ' কেৱল এক প্রেমকাব্য নহয়, ই এক আধ্যাত্মিক যাত্ৰাৰ চিত্ৰণ।
চণ্ডীদাসে মানৱ প্ৰেমৰ মাজেদি ভক্তি আৰু মুক্তিৰ পথ উন্মোচন কৰিছে।
গ
প্রথম মিলন
অতি চমু প্রশ্নোত্তৰ
১। 'প্রথম মিলন' কবিতাটিৰ কবি কোন?
উত্তৰঃ 'প্রথম মিলন' কবিতাটিৰ কবি জ্ঞানদাস।
২। জ্ঞানদাস কোন শাখাৰ বৈষ্ণৱ আছিল?
উত্তৰঃ জ্ঞানদাস নিত্যানন্দ শাখাৰ বৈষ্ণৱ
আছিল।
৩। জ্ঞানদাসৰ শ্ৰেষ্ঠ পদসমূহ সাধাৰণতে কোন ভাষাত ৰচিত?
উত্তৰঃ জ্ঞানদাসৰ শ্ৰেষ্ঠ পদসমূহ সাধাৰণতে
বাংলা ভাষাত ৰচিত।
৪। জ্ঞানদাসৰ কবিতাত কোন ধৰণৰ বিষাদবোধ দেখা যায়?
উত্তৰঃ জ্ঞানদাসৰ কবিতাত ৰোমাণ্টিকতাৰ
সৈতে সংলগ্ন গভীৰ বিষাদবোধ দেখা যায়।
চমু প্রশ্নোত্তৰ
১। জ্ঞানদাসৰ পদাৱলীত ৰাধা-কৃষ্ণৰ প্ৰেম আৰু বিষাদবোধ আলোচনা কৰা।
উত্তৰ:
জ্ঞানদাসৰ
পদাৱলীৰ মূল বিষয় হ'ল ৰাধা-কৃষ্ণৰ
প্রেমলীলা। এই প্রেম কেৱল আনন্দ বা মিলনৰ মাজতে সীমাবদ্ধ নহয়; ইয়াত বিষাদ, আকুলতা আৰু অন্তর্দ্বন্দ্বৰ গভীৰ
প্ৰকাশ দেখা যায়। জ্ঞানদাসৰ কবিতাত বোমান্টিকতাৰ সৈতে বিষাদবোধ একেলগে মিশি গৈছে, যি বৈষ্ণৱ সাহিত্যত তুলনামূলকভাৱে
বিৰল।
জ্ঞানদাসে ৰাধাক সংবেদনশীল,
আকুল
আৰু গভীৰভাৱে প্রেমাসক্ত নাৰী হিচাপে চিত্ৰিত কৰিছে। শৈশৱকালৰ পৰাই ৰাধা কৃষ্ণৰ
প্ৰেমত আকৃষ্ট, আৰু কৃষ্ণৰ নাম
শুনিলেই তাই বিচলিত হৈ উঠে। মিলনৰ সময়ত ৰাধা প্রগলভা আৰু পৰিতৃপ্ত হ'লেও কৃষ্ণ মথুৰালৈ গুচি যোৱাৰ পাছত
তাই গভীৰ বিৰহ-বেদনাত জৰ্জৰিত হয়। যমুনাৰ পাৰ, কদম গছ আৰু বৰ্ষাৰ আগমন-এই সকলোবোৰে ৰাধাৰ বিষাদবোধ অধিক
তীব্র কবি তোলে।
এই বিৰহৰ অন্তৰালত আছে ৰাধাৰ একান্ত ভক্তি। জ্ঞানদাসৰ ৰাধাই কৃষ্ণৰ চৰণ বুকুত
বান্ধি ৰাখি মানসিক তৃপ্তি লাভ কৰে। এইদৰে জ্ঞানদাসে প্রেমক একে সময়তে মানৱীয়, কাব্যিক আৰু আধ্যাত্মিক ৰূপত
উপস্থাপন কৰি বৈষ্ণৱ প্রেমক নতুন ব্যাখ্যা প্রদান কৰিছে।
২। 'প্রথম মিলন' কবিতাটোৰ বিষয়বস্তু আলোচনা কৰা।
উত্তৰ:
জ্ঞানদাসৰ
'প্রথম মিলন' কবিতাটো বৈষ্ণৱ পদাবলী সাহিত্যৰ এক
অতি কোমল আৰু সংবেদনশীল সৃষ্টি। এই কবিতাৰ মূল বিষয় হৈছে ৰাধা আৰু কৃষ্ণৰ প্ৰথম
সাক্ষাৎ তথা মিলনৰ অভিজ্ঞতা। এই মিলন কেৱল শাৰীৰিক নহয়, বৰঞ্চ ই মানসিক আৰু আত্মিক স্তৰত
সংঘটিত এক গভীৰ অনুভূতি। কবিতাটোত ৰাধাৰ অন্তৰৰ সংকোচ, লাজ, ভয় আৰু আনন্দ একেলগে প্রকাশ পাইছে।
প্রথম মিলনৰ সময়ত ৰাধা যেন অচিনাকি অনুভূতিত বিমূঢ় হৈ পৰে। কৃষ্ণৰ উপস্থিতিয়ে
তাইৰ অন্তৰত এক অজানা আলোঞ্জন সৃষ্টি কৰে। এই অনুভূতিবোৰ জ্ঞানদাসে অতি
সূক্ষ্মভাৱে চিত্ৰিত কৰিছে। কবিতাটোৰ ভাষা আৰু চিত্রকল্পে এই অনুভূতিবোবর অধিক
জীৱন্ত কৰি তুলিছে।
এই কবিতাত বৈষ্ণৱ সাহিত্যৰ প্ৰচলিত আধ্যাত্মিক ব্যাখ্যাও নিহিত। ৰাধা-কৃষ্ণল
মিলনক আত্মা আৰু পৰমাত্মাৰ মিলনৰ প্ৰতীক হিচাপে চাব পাৰি। এইদৰে 'প্রথম মিলন কেবল এক প্রেমকাহিনী
নহয়, বৰঞ্চ ই আধ্যাত্মিক
প্ৰেমৰ এক সূক্ষ্ম প্রকাশ।
৩। 'প্রথম মিলন' কবিতাটোৰ সাহিত্যিক মূল্য আলোচনা
কৰা।
উত্তৰ: 'প্রথম মিলন' কবিতাটো বৈষ্ণৱ পদাবলী সাহিত্যৰ এক
অমূল্য সম্পদ। সাহিত্যিকভাৱে ই শৃংগাৰ আৰু ভক্তিৰ সুসমন্বয়। ভাষাৰ সৰলতা, অনুভূতিৰ গভীৰতা আৰু আধ্যাত্মিক
ব্যঞ্জনাই কবিতাটোক অমৰ কৰি তুলিছে। এই কবিতাই বৈষ্ণৱ পদাৱলীৰ সৌন্দৰ্য্য আৰু
সংবেদনশীলতা প্রতিফলিত কৰে।
ৰচনাধৰ্মী প্রশ্নোত্তৰ
১। জ্ঞানদাসৰ 'প্রথম মিলন' কবিতাটোৰ বিষয়বস্তু আৰু আধ্যাত্মিক
তাৎপর্য বিশদভাবে আলোচনা কৰা।
উত্তৰঃ
জ্ঞানদাসৰ
'প্রথম মিলন' কবিতাটো বৈষ্ণৱ পদাৱলী সাহিত্যৰ এক
অতি গুৰুত্বপূৰ্ণ সৃষ্টি। বাহ্যিকভাৱে এই কবিতাটো ৰাধা আৰু কৃষ্ণৰ প্ৰথম মিলনৰ এক
ৰোমাণ্টিক বর্ণনা যেন লাগিলেও ইয়াৰ অন্তৰ্থ গভীৰ আধ্যাত্মিক। কবিতাটোৰ কেন্দ্রীয়
বিষয় হৈছে প্ৰথম প্ৰেমৰ অনুভূতি,
যি
লাজ, সংকোচ আৰু আনন্দৰ
মিশ্রণে গঠিত।
এই কবিতাত ৰাধা কৃষ্ণৰ সান্নিধ্যত এক অজানা অনুভূতি অনুভৱ কৰে। তাইৰ মনত
একেলগে ভয় আৰু আকর্ষণ জন্মে। এই দ্বৈত অনুভূতি মানৱ প্ৰেমৰ স্বাভাৱিক লক্ষণ।
কিন্তু বৈষ্ণৱ দৰ্শনৰ দৃষ্টিত এই মিলন আত্মা আৰু পৰমাত্মাৰ মিলনৰ প্ৰতীক। ৰাধা
জীৱাত্মাৰ প্ৰতীক আৰু কৃষ্ণ পৰমাত্মাৰ প্ৰতীক। প্রথম মিলন মানে আত্মাৰ পৰমাত্মাৰ
সৈতে প্রথম অনুভৱ।
এই মিলন তাৎক্ষণিক নহয়;
ই
অন্তৰৰ গভীৰত সংঘটিত হয়। কবিতাটোৰ আধ্যাত্মিক তাৎপর্য এই যে মানুহৰ আত্মা যেতিয়া
ঈশ্বৰৰ সান্নিধ্য লাভ কৰে,
তেতিয়া
লাজ, ভয় আৰু বিনয় অনুভৱ
কৰে। এই অনুভূতিয়েই ভক্তিৰ সূচনা।
এইদৰে 'প্রথম মিলন' একে সময়তে শৃংগাৰ আৰু ভক্তিৰ কবিতা।
২। 'প্রথম মিলন' কবিতাটোৰ ভাষা, শৈলী আৰু চিত্ৰকল্প বিশদভাবে
আলোচনা কৰা।
উত্তৰঃ
জ্ঞানদাসৰ
ভাষা সৰল, সংগীতধর্মী আৰু
আবেগপূর্ণ। 'প্রথম মিলন' কবিতাটোত শব্দচয়ন অত্যন্ত
স্বাভাৱিক। চিত্রকল্প সীমিত হলেও অত্যন্ত কার্যকৰী। অন্তৰৰ অনুভূতিবোৰ চিত্ৰৰ দৰে
পাঠকৰ আগত উদ্ভাসিত হয়।
শৈলীৰ দিশত জ্ঞানদাসে সংক্ষিপ্ত বর্ণনা আৰু গভীৰ অনুভূতিৰ সমন্বয় ঘটাইছে। এই
শৈলীয়ে কবিতাটোক হৃদয়স্পর্শী কৰি তুলিছে।
ঘ
বৰ্ষাভিসাৰ
অতি চমু প্রশ্নোত্তৰ
১। গোবিন্দদাস কোন যুগৰ বৈষ্ণৱ কবি আছিল?
উত্তৰঃ গোবিন্দদাস চৈতন্যদেৱৰ পৰৱৰ্তী
কালৰ বৈষ্ণৱ পদাৱলী কবি আছিল।
২। গোবিন্দদাসৰ মাতৃৰ নাম কি আছিল?
উত্তৰঃ গোবিন্দদাসৰ মাতৃৰ নাম আছিল
সুনন্দা।
৩। গোবিন্দদাসৰ পুত্র কোন আছিল আৰু তেওঁ কেনে ব্যক্তি আছিল?
উত্তৰঃ
গোবিন্দদাসৰ
পুত্ৰ আছিল দিব্যসিংহ, যি পৰৱৰ্তী সময়ত এজন
খ্যাতিমান কবি হৈছিল।
৪। 'বর্ষাভিসাৰ' পদত কোন ঋতুৰ চিত্ৰণ কৰা হৈছে?
উত্তৰঃ 'বর্ষাভিসাৰ' পদত বর্ষাঋতুৰ চিত্ৰণ কৰা হৈছে।
৫। পদটোত বৰ্ষাৰ ভয়াৱহতা প্রকাশ কৰিবলৈ কোন কোন প্রাকৃতিক উপাদান ব্যৱহাৰ কৰা
হৈছে?
উত্তৰঃ মেঘৰ গৰ্জন, বজ্রপাত আৰু বৰষুণৰ উল্লেখেৰে
বৰ্ষাৰ ভয়াৱহতা প্রকাশ কৰা হৈছে।
৬। 'বর্ষাভিসাৰ' পদত সুন্দৰীৰ মানসিক অৱস্থা কেনে
দেখুৱাইছে?
উত্তৰঃ 'বর্ষাভিসাৰ' পদত সুন্দৰীৰ মানসিক অৱস্থা প্ৰেমত
আকুল আৰু দৃঢ় সংকল্পৰে ভৰা বুলি দেখুৱাইছে।
চমু প্রশ্নোত্তৰ
১। গোবিন্দদাসৰ জীৱন-পৰিচয় আৰু সময়কাল আলোচনা কৰা।
উত্তৰ:
গোবিন্দদাস
চৈতন্যদেৱৰ পৰৱৰ্তী কালৰ বৈষ্ণৱ পদাবলী সাহিত্যৰ এজন অতি প্রসিদ্ধ কবি। বংগদেশত
গোবিন্দদাস নামৰ তিনিজন বৈষ্ণৱ কবি আছিল যদিও আমাৰ আলোচ্য গোবিন্দদাস কবিৰাজেই
সাহিত্যিক দিশৰ পৰা সৰ্বাধিক খ্যাতি লাভকৰিছিল। তেওঁক চৈতন্যোত্তৰ বৈষ্ণৱ পদাৱলীৰ 'মধ্যমণি' বুলিও কোৱা হয়। গোবিন্দদাসৰ
জন্ম-মৃত্যুৰ সঠিক তাৰিখ সম্পৰ্কে নিশ্চিত তথ্য নাথাকিলেও জগবন্ধু ভদ্ৰৰ মতে তেওঁ
১৫৩৭ খ্রীষ্টাব্দত জন্মগ্রহণ কৰিছিল আৰু প্ৰায় ১৫৭৭ খ্রীষ্টাব্দত মৃত্যু হৈছিল
বুলি ধাৰণা কৰা হয়। এই হিচাপত তেওঁ প্রায় ৭৬ বছৰ জীৱিত আছিল।
নৰহৰি চক্ৰৱৰ্তীৰ ভক্তিৰত্নাকৰ অনুসাৰে গোবিন্দদাসৰ পিতৃৰ নাম আছিল চিৰঞ্জীৱ
আৰু মাতৃৰ নাম সুনন্দা। পিতৃৰ অকাল মৃত্যুৰ পিছত মাতৃয়ে গোবিন্দদাস আৰু তেওঁৰ
ককায়েক ৰামচন্দ্ৰক ককাক দামোদৰৰ ওচৰলৈ পঠিয়াই দিয়ে। ককাকৰ তত্ত্বাৱধানতে
গোবিন্দদাসে শিক্ষা গ্রহণ কৰে। প্ৰথমতে তেওঁ শাক্ত পন্থাত দীক্ষিত হৈছিল যদিও
পৰৱৰ্তী সময়ত শ্রীনিবাস আচাৰ্যৰ ওচৰত বৈষ্ণৱ দীক্ষা গ্রহণ কৰে। গোবিন্দদাসৰ পত্নীৰ
নাম মহামায়া আৰু তেওঁৰ একমাত্ৰ পুত্ৰ দিব্যসিংহো পৰৱৰ্তী সময়ত এজন খ্যাতিমান কবি
হৈছিল। এইদৰে গোবিন্দদাসৰ জীৱন বৈষ্ণৱ ধৰ্ম,
সাহিত্য
আৰু সাধনাৰ মাজতে আবদ্ধ আছিল।
২। গোবিন্দদাসৰ কাব্যিক কৌশল আৰু বৈষ্ণৱ পদাৱলীত তেওঁৰ স্থান আলোচনা কৰা।
উত্তৰঃ
গোবিন্দদাস
বৈষ্ণৱ পদাবলী সাহিত্যত এজন অতুলনীয় কাব্যশিল্পী। তেওঁৰ কবিতাত শব্দৰ কাৰুকাৰ্য, বাক্-নির্মিতিৰ নিপুণতা, অলংকাৰৰ সংযত ব্যৱহাৰ আৰু
চিত্ৰকল্পৰ অপূর্ব সমন্বয় দেখা যায়। তেওঁ কথাৰ সহায়ত চিত্র অংকনত অপ্রতিদ্বন্দ্বী
আছিল বুলি সমালোচকে মত প্রকাশ কৰিছে। তেওঁৰ পদাৱলীত ৰাধা-কৃষ্ণৰ দেহগত সৌন্দৰ্যৰ
যি চিত্র অংকিত হৈছে, সেয়া উজ্বল গাঢ় ৰঙৰ
হলেও অতিৰিক্ত আড়ম্বৰ নাথাকে।
গোবিন্দদাসৰ কাব্যত পৰিমিতিবোধ এক গুৰুত্বপূর্ণ বৈশিষ্ট্য। প্রতিটো শাৰী
সুসংযত আৰু সৌন্দর্যমণ্ডিত। সেইবাবেই শঙ্কৰপ্ৰসাদ বসুৱে গোবিন্দদাসৰ পদাৱলীক 'কুন্দ ফুলৰ দৰে নিৰ্মল' বুলি তুলনা কৰিছে। ধ্বনি-মাধুর্য, ইন্দ্রিয়সংবেদী চিত্ৰণ আৰু কল্পনাৰ
বিস্তাৰত ধেৰেন্দ্ৰনাথ সাহাই গোবিন্দদাসক ৰবীন্দ্ৰনাথৰ সৈতে তুলনা কৰিছে।
এই সকলো দিশৰ পৰা বিবেচনা কৰিলে দেখা যায় যে গোবিন্দদাস চৈতন্যোত্তৰ বৈষ্ণৱ
পদাৱলী সাহিত্যৰ এক শিখৰস্থান অধিকাৰ কৰিছে আৰু তেওঁৰ কাব্যিক কৃতি বাংলা সাহিত্যৰ
এক চিৰস্থায়ী সম্পদ হিচাপে পৰিগণিত হৈছে।
ৰচনাধৰ্মী প্রশ্নোত্তৰ
১। 'বর্ষাভিসাৰ' পদত বর্ষাকালৰ প্ৰাকৃতিক চিত্ৰণ
আৰু তাৰ কাব্যিক তাৎপর্য বিস্তৃতভাবে আলোচনা কৰা।
উত্তৰঃ
'বর্ষাভিসাৰ' পদত কবি গোবিন্দদাসে বর্ষাকালৰ
প্ৰকৃতিক কেৱল এক ঋতু হিচাপে নহয়,
বৰং
এক সক্রিয় আৰু প্রভাবশালী শক্তি হিচাপে চিত্রিত কৰিছে। এই পদত বর্ষাৰ প্ৰকৃতি
ভয়াবহ, অস্থিৰ আৰু
আতংকসৃষ্টিকাৰী ৰূপত প্ৰকাশ পাইছে। মন্দিৰৰ বাহিৰৰ কঠিন কবাট, পঙ্কিল আৰু সংকুল বাট-পথ, মেঘৰ গাজনি, ঘনঘন বজ্রপাত আৰু চাৰিওফালে দৌৰি
ফুৰা মেঘ-এই সকলোবোৰ উপাদানে বর্ষাকালৰ এক নাটকীয় আৰু ভয়ংকৰ দৃশ্য দাঙি ধৰে। কবিয়ে
ধ্বনি আৰু দৃশ্য দুয়ো দিশতে বৰ্ষাৰ প্ৰকৃতিক সজীৱ কৰি তুলিছে। বজ্ৰৰ "ঝন ঝন”
শব্দ, মেঘৰ গৰ্জন আৰু
দামিনীৰ দহন দৃষ্টি আৰু কাণ দুয়োকে একেলগে আলোড়িত কৰে।
এই প্রাকৃতিক চিত্রণত কেৱল বাহ্যিক বর্ণনা নাই; ইয়াৰ সৈতে মানসিক প্রতিক্রিয়াও জড়িত। বৰ্ষাৰ এই ভয়াৱহ ৰূপে
পথক কঠিন কৰি তুলিছে, বাহিৰলৈ ওলাই যোৱাটো
বিপদজনক কৰিছে আৰু মানৱ জীৱনৰ অনিশ্চয়তাক উন্মোচিত কৰিছে। তথাপিও এই প্রকৃতিয়ে
পদটোৰ মূল ভাবক অধিক গভীৰতা প্রদান কৰিছে। প্ৰকৃতিৰ এই কঠোৰতা ৰাধাৰ
অভিসাৰ-সংকল্পক অধিক উজ্জ্বল কৰি তোলে। যদি বাট সহজ আৰু পৰিৱেশ শান্তহ'লেহেঁতেন, তেন্তে ৰাধাৰ সাহস আৰু ত্যাগ ইমান
তীব্র ৰূপত প্রকাশ নাপালেহেঁতেন।
গোবিন্দদাসে বর্ষাকালৰ প্ৰকৃতিক এক প্ৰকাৰ পৰীক্ষাৰূপে ব্যৱহাৰ কৰিছে। প্রকৃতি
যেন প্রেমিকাৰ পথত বাধা হৈ থিয় দিছে,
কিন্তু
সেই বাধাই প্ৰেমৰ শক্তিক নিৰুৎসাহিত কৰিব নোৱাৰে। বৰং প্ৰকৃতিৰ ভয়াৱহতা প্ৰেমৰ
গভীৰতা আৰু ত্যাগৰ মহিমাক অধিক স্পষ্ট কৰি তোলে। এইখিনিতেই বর্ষাচিত্ৰণৰ কাব্যিক
তাৎপর্য নিহিত। প্ৰকৃতি আৰু প্ৰেমৰ এই আকর্ষণে পদটোক কেৱল এটা ঋতুচিত্ৰ নহয়, এক গভীৰ মানৱীয় আৰু আধ্যাত্মিক
অনুভূতিৰ বাহক কৰি তোলে। এইদৰে 'বর্ষাভিসাৰ' পদত বর্ষাকালৰ চিত্ৰণ কাব্যৰ
সৌন্দৰ্য বৃদ্ধিৰ লগতে মূল ভাব প্রতিষ্ঠাৰ এক শক্তিশালী মাধ্যম হিচাপে সফলভাৱে
ব্যৱহৃত হৈছে।
২। 'বর্ষাভিসাৰ' পদত প্ৰেমৰ দাৰ্শনিক ভাব আৰু
কাব্যিক মহিমা বিস্তৃতভাবে আলোচনা কৰা।
উত্তৰ: 'বর্ষাভিসাৰ' পদৰ অন্তর্নিহিত মূল ভাব হ'ল প্ৰেমৰ অদম্য, অনিবার্য আৰু দার্শনিক শক্তি। এই
পদত প্রেম কেৱল নাৰী-পুৰুষৰ আৱেগিক আকর্ষণ নহয়; ই এক গভীৰ মানৱীয় সত্য আৰু আধ্যাত্মিক শক্তি হিচাপে
প্রতিষ্ঠিত। গোবিন্দদাসে দেখুৱাইছে যে প্রেম এবাৰ হৃদয়ত জাগ্রত হ'লে তাক কোনো বাহ্যিক শক্তিয়ে বাধা
দিব নোৱাৰে। "প্ৰেমৰ শৰ এবাৰ এৰা গ'লে তাক বাৰণ কৰা
টান" এই ভাবনাই প্ৰেমৰ এই অনিবার্যতাক স্পষ্ট কৰি তোলে।
বর্ষাকালৰ ভয়াৱহ প্রকৃতি এই পদত প্ৰেমৰ বিপৰীতে থিয় দিছে। মেঘৰ গাজনি, বজ্রপাত, বৰষুণ আৰু পঙ্কিল বাট-পথ-এই
সকলোবোৰে প্ৰেমিকাৰ পথত বাধা সৃষ্টি কৰিছে। তথাপিও প্রেম জয়ী হয়। এই সংঘাতৰ মাজতে
প্ৰেমৰ দাৰ্শনিক তাৎপর্য উন্মোচিত হয়। প্রেম বাহ্যিক পৰিস্থিতিৰ ওপৰত নিৰ্ভৰশীল
নহয়; ই অন্তৰৰ পৰা উদ্ভূত
এক শক্তি। এই দৃষ্টিভংগীয়ে প্ৰেমক মানৱ জীৱনৰ এক চিৰন্তন সত্য হিচাপে প্রতিষ্ঠা
কৰে।
কাব্যিক দিশৰ পৰা 'বৰ্ষাভিসাৰ' পদ ধ্বনি-মাধুর্য, চিত্রকল্প আৰু অনুভূতিৰ নিখুঁত
সংমিশ্রণ। প্রাকৃতিক চিত্ৰণ আৰু মানসিক অনুভূতি একেলগে মিলি এক সজীৱ কাব্যিক
পৰিবেশ সৃষ্টি কৰিছে। কবিৰ ভাষা সৰল হ'লেও গভীৰ অৰ্থবাহী।
শব্দৰ ধ্বনি, দৃশ্যৰ ৰং আৰু
অনুভূতিৰ তীব্রতা মিলি পদটোক নাটকীয় আৰু হৃদয়স্পর্শী কৰি তুলিছে।
এই পদৰ কাব্যিক মহিমা এইখিনিতেই যে ই একে সময়তে সৌন্দৰ্য আৰু দৰ্শনৰ বাহক।
প্ৰেমৰ বাবে দেহ ত্যাগৰ প্ৰস্তুতি,
প্ৰকৃতিৰ
বিপদক উপেক্ষা কৰা মানসিকতা আৰু অভিসাৰৰ সংকল্প-এই সকলোবোৰে পদটোক বৈষ্ণৱ শৃংগাৰ
কবিতাৰ এক উৎকৃষ্ট নিদর্শন কৰি তুলিছে। এইদৰে 'বর্ষাভিসাৰ'
পদে
প্ৰেমক এক চিৰন্তন, অদম্য আৰু পবিত্র
শক্তি হিচাপে কাব্যিক ৰূপ দান কৰি বৈষ্ণৱ সাহিত্যত এক বিশেষ স্থান অধিকাৰ কৰিছে।
Answer Type - Boby Bora