Chapter 2

  • শব্দশক্তি আৰু ৰস

  • এৰিষ্ট'টলৰ ধাৰণাত ট্রেজেদি, কমেডি আৰু এপিক (মহাকাব্য)

অতি চমু প্রশ্নোত্তৰ

১। শব্দশক্তি কি?

উত্তৰ: শব্দ এটাই তাৰ মূল অর্থ প্রকাশ কৰাৰ উপৰি, আওপকীয়াকৈ বা বেলেগ বেলেগ অর্থ প্রকাশ কৰিব পৰা গুণটোকে শব্দ শক্তি বোলে।

২। সাহিত্যৰ ৰস কি?

উত্তৰঃ স্থায়ী ভাববোৰে দৃঢ় হৈ গৈ মনত যি হর্ষ-বিষাদাদিৰ সৃষ্টি কৰে তাকেই বস বোলে।

৩। সাধাৰণতে ৰস কিহৰপৰা উৎপন্ন হয়?

উত্তৰ: নবিধ স্থায়ী ভাবৰ পৰা নবিধ ৰসৰ উৎপত্তি হয়। সেই স্থায়ী ভাৱবোৰ হ'ল-ৰতিভাৱ, হাস, শোক, ক্রোধ, উৎসাহ, ভয়, ঘৃণা বা জুগুপ্সা, বিস্ময়, শম বা নির্বেদ।

৪। ৰসৰ আদি-আচার্য বুলি কাক ধৰা হয়?

উত্তৰঃ ভৰত মুনিক ৰসৰ আদি-আচাৰ্য বুলি ধৰা হয়।

৫। শব্দশক্তিৰ প্ৰকাৰ কেইবিধ?

উত্তৰ: শব্দ শক্তি তিনিবিধ। যেনে- (ক) অভিধা শক্তি, (খ) লক্ষণা শক্তি আৰু (গ) ব্যঞ্জনা শক্তি।

৬। ধ্বনিবাদৰ প্ৰৱৰ্তক বুলি কাক কোৱা হয়?

উত্তৰ: আচার্য আনন্দ বর্ধনক।

৭। লক্ষণা শব্দশক্তি কি?

উত্তৰঃ লক্ষণা হৈছে প্রত্যক্ষ অর্থ অনুপযুক্ত হ'লে সম্পৰ্কৰ আধাৰত পৰোক্ষ অর্থ বুজোৱা শক্তি।

৮। শব্দশক্তিৰ মূল তিনিটা প্ৰকাৰ কোনবোৰ?

উত্তৰ: শব্দশক্তিৰ মূল তিনিটা প্ৰকাৰ হ'ল- অভিধা, লক্ষণা আৰু ব্যঞ্জনা।

৯। ৰস বুলিলে কি বুজায়?

উত্তৰ : ৰস হৈছে সাহিত্য/নাটক পঢ়ি বা দেখি পাঠক-দর্শকে অনুভৱ কৰা নান্দনিক আনন্দ।

0। আচার্য বামনৰ মতে ৰীতি কি?

উত্তৰ: তেখেতে কয়, "ৰীতিয়ে কাব্যৰ আত্মা- ("ৰীতিৰাত্মা কাব্যস্য";) পদবিলাকৰ বিশেষ ধৰণৰ সন্নিবেশ বা ৰচনাই ৰীতি।

১১। লক্ষণা শব্দশক্তি কি?

উত্তৰঃ লক্ষণা হৈছে প্রত্যক্ষ অর্থ অনুপযুক্ত হ'লে সম্পৰ্কৰ আধাৰত পৰোক্ষ অর্থ বুজোৱা শক্তি।

২২। নৱৰসৰ নাম কিছুমান কোৱা।

উত্তৰঃ শৃংগাৰ, কৰুণ, বীৰ, হাস্য, ৰৌদ্র, ভয়ানক, বীভৎস, অদ্ভুত আৰু শান্ত-এই নৱৰস।

১৩। গুণ কি?

উত্তৰঃ যি কোনো এজনে পাঠ কৰিলেও পাঠৰ বৈশিষ্ট্য স্পষ্টভাৱে বুজা যায়, এই বৈশিষ্ট্যটোৱেই গুণ।

১৪। ধ্বনিবাদৰ প্ৰৱৰ্তক আনন্দ বর্ধনৰ মতে কাব্যৰ ধ্বনি কেইপ্ৰকাৰ আৰু কি কি?

উত্তৰঃ আচাৰ্য আনন্দ বৰ্ধনৰ মতে কাব্যৰ ধ্বনি তিনি প্রকাৰ। সেয়া হ'ল- বস্তু ধ্বনি, অলংকাৰ ধ্বনি আৰু বস ধ্বনি।

১৫। এৰিষ্ট'টলৰ মতে কমেডি কি?

উত্তৰঃ কমেডি হৈছে মানুহৰ হাস্যকৰ বা ত্রুটি-পূৰ্ণ দিশৰ অনুকৰণ, যিয়ে হাস্য-আনন্দ সৃষ্টি কৰে।

চমু প্রশ্নোত্তৰ

১। শব্দশক্তি বুলিলে কি বুজা?

উত্তৰঃ একোটাহঁত শব্দই বহুত অর্থ প্রকাশ কৰিব পাৰে। শব্দ এটাই তাৰ মূল অর্থ প্রকাশ কৰাৰ উপৰি, আওপকীয়াকৈ বা বেলেগ বেলেগ অর্থ প্রকাশ কৰিব পৰা গুণটোকে শব্দ শক্তি বোলে। জগতৰ সকলো ভাষাৰে শব্দৰ এনে শক্তি বা মহিমা আছে। বহুতে কোৱা শুন যায় যে- ভাব আছে ভাষা নাই, নহ'লে মইও লিখিব পাৰিলোহেঁতেন।' কথাটো একেবাৰে মিছা নহয়। কাৰণ 'ভাব' সকলো মনুহৰে আছে। কিন্তু 'ভাৱ 'টোক প্রকাশ কৰাৰ ক্ষমতা নাই। অর্থাৎ শব্দ শক্তিৰ জ্ঞান কম। শব্দবোৰ যদি ঠৰঙা হয় আৰু মূল অর্থটোৰ বাহিৰে আন একো অর্থ প্রকাশ কৰা ক্ষমতা নাথাকে তেতিয়া মানুহৰ ভাৱৰাজ্য সংকীর্ণ হৈ পৰিলেহেঁতেন। মানুহৰ মনৰ বিভিন্ন ভাব, আৱেগ-অনুভূতি, বুদ্ধিমত্তাৰ প্রকাশ নঘটিলহেঁতেন। উদাহৰণস্বৰূপে 'গৰুবোৰে পথাৰত ঘাঁহ খাই ফুৰিছে'- এই বাক্যটোতে 'গরু' শব্দই এবিধ চতুস্পদী, নেজ, শিং বিশিষ্ট জন্তুক বুজাইছে। 'গৰু' বুলি কোৱাৰ লগে লগে সেই বিশেষ জন্তু বিধৰ প্ৰতিচ্ছবি আমাৰ চকুৰ আগত ভাঁহি উঠে। এইটো হ'ল ইয়াৰ মূল অর্থ। ই আন কোনো উপৰুৱা অর্থ প্রকাশ কৰা নাই। কিন্তু ছাত্র এজনক যদি কোৱা হয় 'গৰু ক'ৰবাৰ, এই সাধাৰণ প্রশ্নটোকে লিখিব নোৱাৰিলি' ইয়াত 'গৰু' শব্দই চাৰিঠেঙীয়া জন্তুটোৰ কথা বুজোৱা নাই। ইয়াত 'গরু' শব্দই 'মহামুখ' এই উপৰুৱা অৰ্থ প্রকাশ কৰিছে বা বুজাইছে। শব্দব এই উপৰুৱা অর্থটোৱেই হ'ল শব্দ শক্তি।

২। লক্ষণাশক্তিৰ প্ৰকাৰসমূহৰ বিষয়ে চমু আলোচনা কৰা।

উত্তৰ: প্রয়োগপ্রসিদ্ধি বা কঢ়ি আৰু প্রয়োজন অনুসৰি লক্ষণাক দুটা ভাগত ভাগ কৰা হৈছে। সেই দুটা হৈছে (১) কঢ়িমূলক লক্ষণা আৰু (২) প্রয়োজনমূলক লক্ষণা।

(১) ৰূঢ়িমূল লক্ষণাঃ প্রয়োগ প্রসিদ্ধি বা পূর্বাপৰ চলি অহা শব্দৰ অৰ্থক কঢ়িমূলক লক্ষণা বোলে। উদাহৰণ স্বৰূপে 'গাখীৰতে ম'হৰ খুটি', 'গোৰমাৰি গংগাত পেলোৱ', 'হাইঠা মাটিত পৰা', 'বসতে নমে থোৱা', 'গছত গৰু উঠা কথা', ''ল ঠেকত পৰা', 'পোহাৰী চুপতি', 'কপাল ফুলা' আদি বাক্যাংশৰ শব্দবোৰ ৰুঢ়িমূলক লক্ষণা। এইবোৰত বক্তাৰ কোনো অভিষ্ট সিদ্ধি নহয়। এই শব্দৰো পূর্বাপৰ প্ৰচলিত শব্দ। এই শব্দবোৰৰ মুখ্যার্থ ব্যাধিত হৈছে আৰু আন অর্থত প্রয়োগ হৈছে। শুনোতাইও কি অর্থত কৈছে বুজি পায়। 'তোমাৰ কপাল ফুলিল' বুলি ক'লে কিবা কাৰণত ভাগ্য উদয় হোৱাৰ অৰ্থ বুজায়। 'পোহাৰী চুপতি' বুলি ক'লে আনে 'অলাগতিয়াল কথা'ৰ অৰ্থ বুজে। 'গোৰ মাৰি গংগাত পেলোৱা' বুলি ক'লে 'অপকাৰ কৰোঁতে উপকাৰ'হে হোৱা অৰ্থ বুজায়। এয়ে কঢ়িমূলক লক্ষণা।

(২) প্রয়োজনমূলক লক্ষণাঃ লক্ষণা প্রকৃততে এক প্ৰকাৰ আওপকীয়া ধৰণে অর্থ বুজোৱাৰ কৌশল। মানুহে পোনে পোনে কথা নকৈ আওপকীয়াকৈ কথা কোৱাৰ এক উদ্দেশ্য নিহিত আছে। পোন কথাৰে ভাৱৰ তীব্রতা বা অতিশয়তা অথবা মনৰ অভিষ্ট ভাব পূৰণ কৰিব নোৱাৰি। মনৰ এই অভিষ্ট বা অতিশয়তা বুজোৱা ভাৱটোৱেই হ'ল লক্ষণাৰ প্ৰয়োজন। এই আওপকীয়া ধৰণে কথা কোৱাৰ অন্তৰালত আৰু এটা উদ্দেশ্য থাকিব পাৰে, সেইটো হৈছে মানুহৰ চিন্তা শক্তি বা ভাৱনাক জাগ্রত কৰা। সেয়ে কাব্য সাহিত্যতো প্রয়োজনমূলা লক্ষণাৰেই পয়োভৰ আৰু আদৰ বেছি। উদাহৰণ স্বৰূপে- 'তই এটা গৰু' বুলি নকৈ 'তই এটা মুর্খ' বুলি কোৱা হ'লেও হ'লহেঁতেন; কিন্তু তাৰ দ্বাৰা বক্তাই বুজাব খোজাৰ সমান তীব্রতা বা অতিশয়তা প্রকাশ নাপালেহেঁতেন অথবা বক্তাৰ অভিষ্ট সিদ্ধি বা প্রয়োজন পূৰণ নহ'লহেঁতেন। সেইদৰে 'গঙ্গাত গোৱালৰ গাঁও' বুলি নকৈ 'গঙ্গাৰ পাৰত গোৱালৰ গাঁও' বুলি কোৱাহেঁতেনো হ'লহেঁতেন; কিন্তু তেতিয়া এই বাক্যটোত বক্তাৰ কোনো অভিষ্ট সিদ্ধি নহ'লহেঁতেন আৰু শ্রোতাৰ চিন্তা ভাৱনাত জাগ্রত নহ'লহেঁতেন। 'গঙ্গাৰ বুকুত গোৱালৰ গাঁওখন থাকিব নোৱাৰে। গঙ্গাৰ পাৰতেই গোৱালৰ গাঁওখন আছে। ইয়াৰ দ্বাৰা আওপকীয়াকৈ আন এটা অর্থহে বুজোৱা হৈছে- সেইটো হৈছে- 'গঙ্গাৰ পাৰত থকা গোৱালৰ গাঁওখন গঙ্গাৰ জলধাৰাৰ দৰেই অতিশয় পরিত্র আৰু শীতল। এই প্রয়োজন পূৰণৰ অর্থেই 'গঙ্গাৰ পাৰত গোৱালৰ গাঁও' বুলি নকৈ 'গঙ্গাত গোৱাৰ গাঁও' বুলি কোৱা হৈছে। এয়ে হৈছে প্রয়োজনমূলক লক্ষণা।

৩। ৰস কি? বসতত্ত্বৰ মুখ্য ধাৰণা আৰু সাহিত্যত ইয়াৰ গুৰুত্ব আলোচনা কৰা।

উত্তৰ: ৰস হৈছে সাহিত্য বা নাটক পঢ়ি বা দেখি পাঠক-দর্শকে অনুভৱ কৰা নান্দনিক আনন্দ। বসতত্ত্বৰ মতে কাব্য-নাট্যৰ মূল উদ্দেশ্য পাঠকৰ মনত এক বিশেষ সৌন্দর্যময় অনুভূতি জগোৱা। ভাৱ (স্থায়ীভাৱ) আৰু বিভাৱ-অনুভাৱ-ব্যভিচাৰীভাৱ মিলি বস জন্মায় বুলি ধৰা হয়। নৱৰস-শৃংগাৰ, হাস্য, কৰণ, বীৰ, ৰৌদ্র, ভয়ানক, বীভৎস, অদ্ভুত আৰু শান্ত-মানর-অনুভরব বিভিন্ন রূপক নান্দনিকভাবে প্রকাশ কৰে। সাহিত্যত ৰসৰ গুৰুত্ব বহুল: প্রথমত, বসে সাহিত্যক হৃদয়স্পর্শী কৰি তোলে, কিয়নো পাঠক অনুভৱৰ স্তৰত সংযোগ স্থাপন কৰে। দ্বিতীয়তে, বসে পাঠকক দৈনন্দিন জীৱনৰ সংকীর্ণতা এবি উচ্চ নান্দনিক অৱস্থালৈ তোলে। তৃতীয়ত, জটিল চিন্তা বা সামাজিক সত্যকো বসৰ জৰিয়তে সহজ আৰু আকর্ষণীয়ভাৱে গ্রহণযোগ্য কৰি তোলে। সেয়েহে ৰসক প্রাচ্য সাহিত্যত "সাহিত্যৰ প্ৰাণ” বুলি কোৱা হয়।

৪। এৰিষ্টটলৰ মতে ট্রেজেদি কি? ট্রেজেদিৰ বৈশিষ্ট্য আৰু লক্ষ্য ব্যাখ্যা কৰা।

উত্তৰ: এৰিষ্টটলৰ Poetics অনুসৰি ট্রেজেদি হৈছে গম্ভীৰ আৰু সম্পূর্ণ কর্ম-ঘটনাৰ অভিনয়মূলক অনুকৰণ (imitation of serious action) যিয়ে দয়া (pity) আৰু ভয় (fear) জগাই পাঠক-দর্শকৰ মনত "ক্যাথার্চিছ" বা মানসিক শুদ্ধিকৰণ ঘটায়। ট্রেজেদিৰ মূল বৈশিষ্ট্য কিছুমান এইদৰে-

(ক) গম্ভীৰ বিষয়বস্তুঃ জীৱনৰ নৈতিক বা মানৱীয় সংঘাত, ভাগ্য-দ্বন্দ্ব, উচ্চতৰ মূল্যবোধৰ পতন-উত্থান।

(খ) প্লট বা কাহিনী-গঠন: ঘটনাৰ যুক্তিযুক্ত বিন্যাস ট্রেজেদিৰ মূল আত্মা।

(গ) ট্রেজিক নায়ক: নায়ক সাধাৰণতে মহৎ, কিন্তু কোনো "হামার্টিয়া" (tragic flaw) বা ভুল সিদ্ধান্তৰ বাবে পতিত হয়।

(ঘ) সংঘাত আৰু পৰিণতিঃ ঘটনাৰ দ্বন্দ্ব শেষত বিষাদপূর্ণ সমাপ্তিত গৈ থামে। ট্রেজেদিৰ লক্ষ্য কেৱল বেদনা দেখুওৱা নহয়; দয়া-ভয়ৰ মাধ্যমে দৰ্শকৰ অন্তৰ শুদ্ধ কৰি নৈতিক উপলব্ধি সৃষ্টি কৰা। এইদৰে ট্রেজেদি মানবজীবনৰ গভীৰ সত্যক শিল্পৰ ৰূপত উন্মোচন কৰে।

ৰচনাধৰ্মী প্রশ্নোত্তৰ

 ১। শব্দৰ আতিগুৰি সম্পৰ্কে বহলাই লিখা।

উত্তৰ: একোটাহঁত শব্দই বহুত অর্থ প্রকাশ কৰিব পাৰে। শব্দ এটাই তাৰ মূল অর্থ প্রকাশ কৰাৰ উপৰি, আওপকীয়াকৈ বা বেলেগ বেলেগ অর্থ প্রকাশ কৰিব পৰা গুণটোকে শব্দ শক্তি বোলে। জগতৰ সকলো ভাষাৰে শব্দৰ এনে শক্তি বা মহিমা আছে। বহুতে কোৱা শুন যায় যে ভাব আছে ভাষা নাই, নহ'লে মইও লিখিব পাৰিলোহেঁতেন।' কথাটো একেবাৰে মছা নহয়। কাৰণ 'ভাৱ' সকলো মনুহৰে আছে। কিন্তু 'ভাৱ'টোক প্ৰকাশ কৰাৰ ক্ষমতা নাই। অর্থাৎ শব্দ শক্তিৰ জ্ঞান কম। শব্দবোৰ যদি ঠৰঙা হয় আৰু মূল অর্থটোৰ বাহিৰে আন একো অর্থ প্রকাশ কৰা ক্ষমতা নাথাকে তেতিয়া মানুহৰ ভাৱৰাজ্য সংকীৰ্ণ হৈ পৰিলেহেঁতেন। মানুহৰ মনৰ বিভিন্ন ভাৱ, আৱেগ-অনুভূতি, বুদ্ধিমত্তাৰ প্ৰকাশ নঘটিলহেঁতেন। উদাহৰণস্বৰূপে - 'গৰুবোৰে পথাৰত ঘাঁহ খাই ফুৰিছে'- এই বাক্যটোতে 'গৰু' শব্দই এবিধ চতুস্পদী, নেজ, শিং বিশিষ্ট জন্তুক বুজাইছে। 'গৰু' বুলি কোৱাৰ লগে লগে সেই বিশেষ জন্তু বিধৰ প্ৰতিচ্ছবি আমাৰ চকুৰ আগত ভাঁহি উঠে। এইটো হ'ল ইয়াৰ মূল অর্থ। ই আন কোনো উপৰুৱা অর্থ প্রকাশ কৰা নাই। কিন্তু ছাত্র এজনক যদি কোৱা হয়- 'গৰু ক'ৰবাৰ, এই সাধাৰণ প্ৰশ্নটোকে লিখিব নোৱাৰিলি' ইয়াত 'গৰু' শব্দই চাৰিঠেঙীয়া জন্তুটোৰ কথা বুজোৱা নাই। ইয়াত 'গৰু' শব্দই 'মহামূর্খ' এই উপৰুৱা অৰ্থ প্রকাশ কৰিছে বা বুজাইছে। শব্দৰ এই উপৰুৱা অর্থটোৱেই হ'ল শব্দ শক্তি। 

২। বসতত্ত্বৰ অৰ্থ আৰু বিকাশ আলোচনা কৰি নৱৰসৰ ধাৰণা ব্যাখ্যা কৰা; ৰস জন্মাত শব্দশক্তিৰ ভূমিকা বিশদভাৱে দেখুওৱা।

উত্তৰঃ প্রাচ্য সাহিত্য-তত্ত্বৰ মূল মণি হ'ল "ৰসতত্ত্ব"। "বস" শব্দৰ আক্ষরিক অর্থ সুধা বা আস্বাদ, কিন্তু সাহিত্যিক দৃষ্টিভংগীত ৰস মানে-সাহিত্য বা নাটক পঢ়ি বা দেখি পাঠক-দর্শকে যি নান্দনিক আনন্দ বা সৌন্দর্য-অনুভৱ কৰে। ই সাধাৰণ সুখ-দুঃখৰ অনুভৱৰ পৰা পৃথক; ই এক ধৰণৰ উচ্চতৰ শিল্প-আনন্দ, যি পাঠকক ব্যক্তিগত সীমা পাৰ কৰি সামূহিক মানবীয় অনুভৱৰ জগতত লৈ যায়। ভৰতমুনিৰ নাট্যশাস্ত্ৰত ৰসতত্ত্বৰ ভিত্তি স্থাপন হয় আৰু পিছত অভিনৱগুপ্ত, আনন্দবর্ধন, মম্মট আদি তাত্ত্বিকসকলে ইয়াক অধিক বিকশিত কৰে।

ৰসৰ উপাদান আৰু ৰস-উৎপত্তি:

ৰস জন্মে "ভাৱ"ৰ সমন্বয়ত। নাট্যশাস্ত্র মতে-

—-- স্থায়ী ভাৰ (প্রেম, শোক, সাহস আদি) পাঠকৰ মনত সম্ভাব্য ৰূপে থাকে।

—-- বিভাৱ (কাৰণ/উদ্দীপক-চৰিত্ৰ, পৰিৱেশ, ঘটনায় স্থায়ীভাৱ জাগ্রত কৰে।

—--- অনুভাৱ (বাহ্য প্রকাশ-চকুলো, হাঁহি, কঁপনি ইত্যাদি) সেই ভাৱৰ বাহ্য চিহ্ন।

—--- ব্যভিচাৰী ভাৱ (অস্থায়ী ভাৱ-উত্তেজনা, লাজ, উদ্বেগ আদি) স্থায়ীভাৱক সহায় কবে।

    এই সকলো মিলি পাঠকৰ অন্তৰত স্থায়ীভাৱৰ নান্দনিকভাবে উন্মেষ ঘটাই "বস" ৰূপে আস্বাদ্য হয়। অর্থাৎ বস কোনো একক ভাৱ নহয়; ই ভাৱসমূহৰ শিল্পিত সংযোজন।

(খ) নৱৰসৰ ধাৰণা: প্রাচ্য মতে নৱটি মুখ্য ৰস আছে।

(১) শৃংগাৰ ৰস- প্রেম, সৌন্দর্য, মিলন-বিৰহৰ নান্দনিক অনুভৱ।

(২) হাস্য বস-কৌতুক, হাহি, আনন্দ।

(৩) কৰুণ ৰস- শোক, সহানুভূতি, বেদনা।

(৪) বীৰ ৰস-সাহস, দেশভক্তি, বীৰত্ব।

(৫) ৰৌদ্র ৰস-ক্রোধ, প্রতিশোধ, উগ্রতা।

(৬) ভয়ানক ৰস- আতঙ্ক, ভয়, অস্থিৰতা।

(৭) বীভৎস ৰস- ঘৃণা, অসুৰুচি, বমনীয়তা।

(৮) অদ্ভুত ৰস- বিস্ময়, আশ্চর্য, অলৌকিকতা।

(৯) শান্ত ৰস-আত্মশান্তি, বৈৰাগ্য, তত্ত্ব-উপলব্ধি।

সাহিত্যত কেতিয়াবা একাধিক ৰস একেলগে থাকে, কিন্তু সাধাৰণতে এটা প্রধান ৰস (অঙ্গী-ৰস) বাকীবোৰ সহায়ক (অঙ্গ-ৰস) ৰূপে কাম কৰে।

    ৰসতত্ত্বৰ সাহিত্যিক গুৰুত্বঃ ৰসতত্ত্বৰ গুৰুত্ব বহু। প্রথমত, ই সাহিত্যক "মানৱিক অনুভৱৰ শিল্প” বুলিও প্রমাণিত কৰে। সাহিত্য কেৱল বৌদ্ধিক ব্যাখ্যা নহয়; ই হৃদয়-সম্বন্ধীয় আস্বাদ। দ্বিতীয়তে, বসতত্ত্ব পাঠকক সাহিত্য পঢ়াৰ উদ্দেশ্য বুজায়-সৌন্দর্যময় আনন্দ লাভ। তৃতীয়তে, ৰসতত্ত্বই লেখকক সৃষ্টিৰ মানদণ্ড দিয়ে-কেনেকৈ ভাৱ, ঘটনা, ভাষা এনে ভাবে সাজিব যাতে পাঠকৰ মনত ৰস উন্মেষ ঘটে।

    শব্দশক্তি আৰু ৰসৰ অন্তঃসম্পৰ্কঃ ৰস জন্মাত শব্দশক্তিৰ ভূমিকা অনস্বীকার্য। ৰস অনুভৱ হ'বলৈ পাঠকক ভাষাৰ অর্থ-জগতত প্রৱেশ কৰিবই লাগে। তিনিটা শব্দশক্তি বসব তিনিটা সে. শান যেন।

(১) অভিধাৰ ভূমিকা: কাহিনী বা চিত্ৰৰ বাহ্য বোধ সৃষ্টি কৰি ৰসৰ ক্ষেত্ৰ সাজে। উদাহৰণস্বৰূপে "নদীৰ কূলত বহি নায়ক কান্দে" এই বাক্যৰ অভিধাগত অর্থ পাঠকে প্রথমে বুজে।

(২) লক্ষণাৰ ভূমিকা: পৰোক্ষতাৰে ভাব ঘনীভূত কৰে। যেনে- "নায়কৰ বুকুত জুই জ্বলে"-শাব্দিক জুই নহয়; লক্ষণাই গভীৰ শোক বা ক্রোধ বুজায়, আৰু সেই ভাৱ বসলৈ আগুৱাই নিয়ে।

(৩) ব্যঞ্জনাৰ ভূমিকাঃ ৰসৰ প্রকৃত জন্মস্থান। কবিতা বা নাটকৰ বহু বাক্যতে ব্যঞ্জনাই পাঠকক গূঢ় অনুভৱলৈ আগবঢ়ায়। "নিশা নীৰব, চন্দ্রমা মলিন"- ইয়াত ব্যঞ্জনাই নির্জনতা আৰু কৰুণতা জগাই কৰুণ ৰসৰ আস্বাদ জন্মায়।

    অভিনৱগুপ্তৰ মতে ৰস মূলত ব্যঞ্জনাৰ মাধ্যমতে উপলব্ধ হয়; এইবাবেই ধ্বনি-তত্ত্বত ব্যঞ্জনাক সর্বশ্রেষ্ঠ শব্দশক্তি ধৰা হয়। ব্যঞ্জনা নাথাকিলে বস কেৱল অনুভৱৰ স্তৰত অৱৰুদ্ধ থাকি যায়, নান্দনিক আনন্দলৈ উন্নীত নহয়।

    ৰসতত্ত্ব সাহিত্যৰ হৃদয় আৰু শব্দশক্তি সাহিত্যৰ ভাষাগত প্রাণ। দুয়ো একেলগে মিলি সাহিত্যক এক সজীর নান্দনিক অভিজ্ঞতা কৰি তোলে। শব্দশক্তিয়ে অৰ্থৰ স্তৰ মুকলি কৰে; সেই অর্থৰ ভিতৰত স্থায়ীভাব জাগ্রত হৈ ৰস ৰূপে আস্বাদ্য হয়। সেয়েহে শব্দশক্তি-জ্ঞান অবিহনে ৰসৰ সম্পূর্ণ উপলব্ধি অসম্ভৱ, আৰু ৰস-উপলব্ধি অবিহনে সাহিত্যৰ সত্য-সৌন্দর্য অস্পষ্ট।

৩। ভৰতৰ ৰসসূত্ৰটো লিখি ইয়াৰ ভিত্তিত আগবঢ়োৱা বিভিন্ন মতবাদবোৰ আলোচনা কৰা।

উত্তৰ: আচাৰ্য ভৰতৰ নাট্যশাস্ত্ৰক ভাৰতীয় শাস্ত্ৰৰ প্রাচীনতম গ্রন্থ বুলি স্বীকাৰ কৰা হয়। মন কৰিবলগীয়া যে ভৰতমুনি বিৰচিত নাট্যশাস্ত্ৰনামৰ যিখন গ্রন্থ এতিয়া পোৱা যায় সেইখন মূল গ্রন্থ নহয় বুলি বহু পণ্ডিতে, 'ব খোজে। বর্তমান প্রচলিত এই পৰৱৰ্তী সময়ত প্রকাশিত মূল গ্রন্থৰেই পুনর্লিখিত রূপ বুলিও কোনো কোনো পণ্ডিতে মত পোষণ কৰে। ভৰত মুনিয়ে তেওঁৰ নাট্যশাস্ত্ৰত ৰসৰ বিষয়ে যি মতবাদ বা আলোচনা আগবঢ়াইছে তাৰ ভিত্তি হ'ল নাট্য বা নাটক, অর্থাৎ অভিনয়ৰ মাজেদি প্রকাশ পোৱা কাব্য। কিন্তু ভৰতৰ বসবাদ ইমানেই বিস্তৃত আৰু সর্বতোমুখী যে এই বিশ্লেষণ সকলো ধৰণৰ কাব্যৰ ক্ষেত্ৰতে প্রয়োজ্য। গতিকে ভাৰতীয় অলংকাৰ শাস্ত্ৰত থকা ৰসবাদ বা বসব্যাখ্যাৰ বিষয়ে অধ্যয়ন কৰিবলৈ হ'লে ভৰতৰ ৰসসূত্ৰৰ জ্ঞান আহৰণ কৰাটো অতিকে আৱশ্যকীয়। নাট্যশাস্ত্ৰত ভৰতমুনিয়ে ৰসৰ বিষয়ে ক'বলৈ গৈ মন্তব্য কৰিছে- "তত্ৰ বিভাবানুভাবব্যভিচাৰিসংযোগদ্ৰৰনিষ্পত্তিঃ।" এইটোৱেই আচার্য ভৰত বিৰচিত বিখ্যাত ৰসসূত্র। ইয়াৰ অৰ্থ হ'ল বিভাব, অনুভাৱ আৰু সঞ্চাৰী বা ব্যভিচাৰীভাবৰ সম্বন্ধৰ ভিত্তিত সহৃদয় পাঠকৰ হৃদয়ত ৰতি আদি স্থায়ীভাৱসমূহ ৰসলৈ পৰিৱৰ্তিত হয়।

    ভৰত মুনিৰ বসসূত্ৰৰ আধাৰত পৰৱৰ্তী সময়ত ৰসস্বাদন প্ৰক্ৰিয়াক কেন্দ্ৰ কৰি অলঙ্কাৰশাস্ত্ৰত বিভিন্ন মতবাদ আগবঢ়োৱা হৈছে। তাৰে মাজৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ মতবাদ তলত আলোচনা কৰা হ'ল।

(ক) ভট্টলোপ্লটৰ উৎপত্তিবাদঃ ভৰতমুনিৰ নাট্যশাস্ত্ৰৰ টীকাকাৰ, মীমাংসাবিদ ভট্টলোল্লটে ভতৰত ৰসসূত্ৰৰ ভিত্তিত উৎপত্তি বাদৰ অৱতাৰণা কৰিছে। মন্মটভট্টই তেওঁৰ কাব্যপ্রকাশ গ্রন্থত-এইদৰে ভট্টলোল্লট বা তেওঁ অনুগামীসকলে ৰসৰ উৎপত্তিবাদ সম্পর্কে আলোচনা আগবঢ়োৱা বুলি মন্তব্য কৰিছে। এই মতবাদ অনুসৰি তিৰোতা, উদ্যান আদি আলম্বন আৰু উদ্দীপন বিভাবৰ দ্বাৰা ৰাম আদি নায়কৰ মনত ৰতি আদি ভাববোৰ উৎপাদিত হয়। কটাক্ষ, ভূজাক্ষেপ আদি অনুভাবৰ দ্বাৰা এইবোৰ উৎপাদিত ভাব আনৰ (দৰ্শক আদিৰ) প্রতীতিযোগ হয়। আৰু নির্বেদ আদি সঞ্চাৰী বা ব্যাভিচাৰী ভাববোৰৰদ্বাৰা ই পৰিপুষ্টি লাভ কৰে। ৰতি আদি ভাববোৰ আলচতে ৰাম আদি নায়কত থাকে যদিও, ৰামৰ চৰিত্ৰ অভিনয় কৰআ আৰু ৰাম বা কোনো চৰিত্ৰ ৰূপে প্রকাশ পোৱা পাত্রটো প্রতীয়মান হৈ ৰস নাম পায়। কিন্তু এই অভিমত সর্বজনগ্রাহ্য নহয়, কাৰণ ইয়াত কিছুমান ত্রুটিপূর্ণ ধাৰণা নিহিত হৈ আছে। যেনে অভিনয় কৰা পাত্ৰজনে যে ৰাম বা আন নায়ক ৰূপে প্রতিভাত হয় তাৰ কাৰণে বা প্ৰক্ৰিয়াটো কি ধৰণৰ, অভিনয় কৰা পাত্ৰজনত ৰতি বা আন ৰসৰ যি প্রতিভাত হয় তাৰ কাৰণ বা প্রক্রিয়াটো কি ধৰণৰ, অভিনয় কৰা পাত্ৰজনত বতি বা আন ৰসব যি প্রতীতি হয় সেইটো কি ধৰণৰ-সেইবিষয়ে মতবাদত স্পষ্টকৈ একো কোৱা হৈছে, ৰস উৎপত্তি কথা কোৱা হোৱা নাই। উল্লেখযোগ্য যে ৰতি আদি হ'ল স্থায়ী ভাব আৰু এইবোৰ বস নহয়। গতিকে স্থায়ীভাবৰ উৎপত্তিয়ে বস উৎপত্তি হোৱা নুবুজায়। সেইকাৰণে ভট্টলোল্লটৰ উৎপত্তিবাদে বহুতো কথা বিশ্লেষণ কৰিলেও পৰৱৰ্তীকালত সমালোচনাৰ সন্মুখীন হোৱা দেখা যায়।

(খ) শ্রীশঙ্কুকৰ অনুতিবাদ: নাট্যশাস্ত্ৰৰ আন এজন টীকাকাৰ, নৈয়ায়িক আলঙ্কাবিক শ্রীশঙ্কুকে ৰসসূত্ৰক কেন্দ্ৰ কৰি ৰস আস্বাদন প্ৰক্ৰিয়াৰ বিষয়ে তেওঁৰ অনুমতিবাদ আগবঢ়াইছে। মন্মটৰ কাব্যপ্রকাশ গ্ৰন্থত এই মতবাদ সম্বন্ধে বিস্তৃত আলোচনা কৰা দেখা পোৱা যায়। এই অভিমত অনুসৰি বিভাবাদি কাৰকবোৰ কৃত্ৰিম হ'লেও সেইবোৰক কৃত্রিম আৰু সঁচা যেন লাগে, নট বা অভিনেতাৰ মাজত অভিনীত চৰিত্ৰৰ তদাত্মক বা অভেদ জ্ঞান হয়। 'ধোঁৱা নহ'লেও ভুলতে ধোঁৱা বুলি কুঁৱলীৰ দ্বাৰা যিদৰে জুইৰ অনুমান হয়, সেইদৰে ৰামৰো (অভিনেতাব) সীতা বিষয়ক ৰতি আছে বুলি অনুমান হয়। কাৰণ ৰতিৰ বিভাব, অনুভাব, ব্যাভিচাৰী বা সঞ্চাৰীভাববোৰ তাতে দেখা গৈছে বুলি অনুমান বা জ্ঞান হয়। এই জ্ঞান কিন্তু যথার্থ জ্ঞান (এৱেই ৰাম), মিথ্যা জ্ঞান (এওঁ ৰাম নহয়) সাদৃশ্য জ্ঞান (এওঁ ৰামৰ নিচিনা) আৰু সংশয় জ্ঞান (এওঁ ৰাম হ'বও পাৰে, নহ'ব পাৰে)-এই চাৰিপ্ৰকাৰৰ জ্ঞানতকৈ অতিৰিক্ত এক প্ৰকাৰ বিশিষ্ট জ্ঞানহে। ইয়াক চিত্রতুৰগন্যায় (চিত্ৰত থকা ঘোঁৰা) বুলি কোৱা হয়। উল্লেখযোগ্য যে এনেদৰে চিত্ৰতুৰগন্যায়ৰ ভিত্তিত লাভ কৰা অনুমানৰ বিষয়বস্তু ৰতি আদি স্থায়ীভাবে নিজৰ সৌন্দৰ্যৰূপ চমৎকাৰিতাৰ কাৰণে অলৌকিক আনন্দময়রূপ বাসনাযুক্ত সামাজিকৰ (দর্শক বা পাঠক) দ্বাৰা আস্বাদিত হৈ ৰস নাম পায়। এই অভিমত অনুসৰি এনেকুৱা ৰতি আদি স্থায়ীভাবৰ অনুমানেই বসনিষ্পত্তি। বসগঙ্গাধৰত কোৱা হৈছে কৃত্রিম হ'লেও অকৃত্রিমৰূপে প্রত্যয় জন্মা বিভাব, অনুভাব, ব্যাভিচাৰী বা সঞ্চাৰীভাবৰ দ্বাৰা অনুমানসূচক প্রতীতি হয়। কিন্তু এই মতবাদত স্থায়ীভাবটো আন এজন মানুহৰ অন্তৰত উদয় হৈছে বুলি যি অনুমান কৰি লোৱা হয় সেইটো আন লৌকিক অনুমানতকৈ বেলেগ একো হ'ব নোৱাৰে। তেতিয়ালৈকে ৰসানুভূতি হ'ব নোৱাৰে।

(গ) ভট্টনায়কৰ ভুক্তিবাদ: নাট্যশাস্ত্ৰৰ আন এজন টীকাকাৰ, সাংখ্যা দৰ্শনৰ অনুগামী ভট্টনায়কে বেলেগ ধৰণে তেওঁৰ অভিমত ব্যক্ত কৰিছে। ভৰতৰ ৰমসূত্ৰক কেন্দ্ৰ কৰি ৰস আস্বাদন প্রক্রিয়াৰ বিষয়ে আগবঢ়োৱা ভট্টনায়কৰ এই মতবাদটোক ভুক্তিবাদ বুলি কোৱা হয়। ভট্টনায়কৰ মতে কাব্য বা নাটকত অভিধা আৰু লক্ষণাৰ বাহিৰেও ভাবকত্ব আৰু ভোজতত্ব নামৰ দুটা শক্তি আছে। ভাবকত্ব শক্তিৰ প্রভাৱত নায়ক-নায়িকা ৰাম, সীতা আদিত সাধাৰণ পুৰুষ আৰু স্ত্রীভাৱ উৎপন্ন হয়। ফলত ৰাম, সীতাৰ ৰতি আদি স্থায়ীভাববোৰ ব্যক্তিবিশেষৰ নহৈ, সর্বসাধাৰণ হয় অর্থাৎ সাধাৰণভাৱে কামুকৰ কামিনী বা তেনে বিষয়ক ৰতি আদি স্থায়ীভাবৰূপে উপস্থাপিত হয়। ইয়াৰ লগে লগে ভোজকত্ব শক্তিৰদ্বাৰা সামাজিকৰ ৰজঃ আৰু তমোগুণৰ অভিনৱপূর্বক সুখাত্মক অনুভূতি স্বৰূপে সত্ত্বগুণক উদ্রেক কৰি ৰতি আদি স্থায়ীভাৱৰ আস্বাদনপূর্বক মনত এক আনন্দময় অনুভূতিৰ জাগৰণ হয়। এই আনন্দময় অনুভূতিটোবেই ৰস আৰু ইয়াৰ সুৰণৰূপ ভুক্তি বা ভোগেই হ'ল ৰসনিষ্পত্তি। এই মতবাদৰ দ্বাৰা সাধাৰণীকৰণৰ সিদ্ধান্তটোও প্রকাশ পায়। ভাবকত্ব শক্তিয়ে বতি আদি স্থায়ীভাবৰ সাধাৰণকৰণ কৰে। ইয়াৰ ফলত আলম্বন, উদ্দীপন বিভাৱ আদিৰ স্থান-কাল-পাত্রগত সংকীর্ণতা গুচি যায়। ফলত বতি আদি ভাবসমূহ আনৰ বুলি ভবাত কোনো ধৰণৰ অসুবিধা নহয়। ইয়াৰ পিছত সত্বগুণৰ উদ্রেকরূপে ভোগ হয় ভোজকত্বৰ দৰে প্ৰক্ৰিয়াৰদ্বাৰা। এই মতবাদ অনুসৰি নাটক বা কাব্যৰ সমগ্ৰ পৰিস্থিতিটোৱেই সামাজিকৰ বাবে উপভোগ্য হৈ পৰে। সেই কাৰণে ইয়াৰ মূল কথা হ'ল যে বসনিষ্পত্তি মানে হ'ল ৰসৰ আস্বাদন বা ভোগ। সেইকাৰণেই এই মতবাদক ভুক্তিবাদ বোলা হয়। বসনিষ্পত্তির বিষয়ে এই মতবাদে বহুখিনি নতুন কথা ক'লেও ইয়াত কিছুমান আসোঁৱাহ থাকি গৈছে। যেনে-ভট্টনায়কে যি ভাবকত্ব ব্যাপাৰৰ কথা কৈছে সেইটো ব্যঞ্জনাৰ দ্বাৰাও সিদ্ধ হ'ব পাৰে। গতিকে ভাবকত্ব আৰু ভোজকত্ব প্রক্রিয়া দুটা স্বীকাৰ কৰা নিষ্প্রয়োজন বুলি পৰৱৰ্তী বহুসংখ্যক আলঙ্কাবিকে মত পোষণ কৰিছে। 

(ঘ) অভিননৱগুপ্তৰ অভিব্যক্তিতবাদ: নাট্যশাস্ত্ৰৰ টীকাকাৰ, অভিনবভাৰতীৰ ৰচয়িতা, কাশ্মীৰ নিবাসী, শৈৱ দার্শনিক অভিনৱগুপ্তই ভৰতৰ ৰসসূত্ৰৰ মতবাদ অনুসৰি সাধাৰণ অৱস্থাত যুৱক-যুৱতী আদি আলম্বন, চন্দ্র ৰশ্মি, নির্জন স্থান আদি উদ্দীপন, সলজ্জ হাঁহি, সবিলাস ভ্রভঙ্গী আদি শাৰীৰিক চেষ্টা বা অনুভৱ, হর্ষ-বিষাদ, মোহ আদি মানসিক অবস্থা বা ব্যাভিচাৰীভাব' দেখিলে তাৰ পৰা যিকোনো সহৃদয় পাঠকৰে ৰতি বা ভালপোৱা ৰূপে স্থায়ীভাবৰ অনুমান হয়। এই অৱস্থাত সহৃদয় পাঠকৰ চিত্তত কাব্য বা নাটকৰ অৰ্থত একাগ্ৰভাৱে আৱেগৰ সৃষ্টি হয় আৰু নায়ক-নায়িকা বা যুৱক-যুৱতী আদি স্থায়ীভাৱৰ কাৰণ বিভাব আদিয়ে ব্যক্তি বিশেষৰ সংকীর্ণতা ত্যাগ কৰি সাধাৰণ আৰু ব্যাপক হৈ উঠে। এই ক্ষেত্রত বিষয়ান্তৰৰ প্ৰকাশ নাথাকে। এনেদনে সাধাৰণৰূপে প্রতীত বিভাবাদিৰ দ্বাৰা সামাজিক হৃদয়ত সূক্ষ্মৰূপে থকা ৰতি আদি স্থায়ীভাব ৰসৰূপে অভিব্যক্ত হয়। ৰতি আদি স্থায়ীভাব বিভাবাদিৰ সৈতে মিলিত হ'লে সি অনির্বচনীয় আনন্দৰূপে অনুভূত হয় আৰু সেইটোৱে শৃঙ্গাৰাদি ৰস নামেৰে অভিহিত হয়। এটি উদাহৰণেৰে বিষয়টো ব্যাখ্যা কৰিব পাৰি-অভিজ্ঞানশকুন্তলম্ নাটকখনত দুষ্যন্তই শৰ প্ৰহাৰ কৰিবলৈ খেদি যোৱা হৰিণাটোৰ বৰ্ণনা দিয়া "গ্ৰীৱাভঙ্গাভিৰামং মুহুৰনুপততি স্যন্দনে দত্তদৃষ্টিঃ” ইত্যাদি শ্লোকটোৱে বাচ্যার্থরূপে কেৱল ভয় খোৱা হৰিণটোৰহে বর্ণনা দিয়ে। নাটকত লিখিত সেই শ্লোকটোৰ অৰ্থ অনুধাৱন কৰা দৰ্শক বা পাঠকে মনৰ ভিতৰত যি ভয় ভাব বোধ কৰে সেইটোৰ সৈতে হৰিণাটোৰ বা শ্লোকটোত বর্ণিত স্থান-কালৰ কোনো সম্বন্ধ নাথাকে। সেই ভয় স্থায়ীভাবটো মূলতে হৰিণা হ'লেও সাধাৰণীকৰণ হোৱাৰ ফলত সহৃদয়জনেও তাক সমানে অনুভৱ কৰে। স্থাল-কাল-পাত্ৰৰ সংকীর্ণতাৰ ঊর্ধ্বত যোৱা এই ভয়ক যেতিয়া একাগ্রচিত্তেৰে অনুভৱ কৰা হয় তেতিয়া সেইটো দৰ্শকৰ হৃদয়ত অভিভূত কৰি তুলি 'ভয়ানক ৰস' ৰূপে আস্বাদিত হয়। এয়াই হ'ল ৰসচবনা। এইক্ষেত্ৰত অখণ্ড অনুভূতিৰূপ চর্বনা বা আস্বাদটিয়েই একমাত্র স্থিৰ-নিশ্চলভাবে থাকে। সেইক্ষেত্রত জ্ঞান, জ্ঞাতা আদিৰ ভেদ-জ্ঞান নাথাকে। অনুভূতিৰূপ চর্বনা বা আস্বাদটিয়েই ইয়াৰ সাৰ বস্তু-ইয়াৰ বাহিৰে তাৰ অতিৰিক্ত সত্তা নাই। চিৎ-আনন্দৰূপ আত্মাৰ বিষয়ীভূত, অভিব্যক্তি, স্থায়ীভাবেই ৰস আৰু স্থায়ীভাবৰ এই অভিব্যক্তিয়ে বসনিষ্পত্তি। পণ্ডিতৰাজ জগন্নাথেও অভিব্যক্তিবাদৰ বিষয়ে তেওঁৰ মতামত দাঙি কৰিছে।

৪। সাধাৰণতে ৰসৰ উৎপত্তি ক'ৰপৰা হয় আৰু ৰসকেইবিধৰ বিষয়ে চমু আভাস দিয়া।

উত্তৰঃ ন বিধ স্থায়ী ভাবৰ পৰা নবিধ ৰসৰ উৎপত্তি হয়। সেই বসবোৰ হ'ল- আদি বা শৃঙ্গাৰ ৰস, বীৰৰস ভয়ানক ৰস, কৰুণ ৰস, বীভৎস ৰস, শান্ত ৰস, হাস্য ৰস, অদ্ভুত ৰস আৰু বৌদ্ৰ ৰস।

(১) আদি ৰসঃ নায়ক-নায়িকাৰ মনত ভালপোৱা ভাব দৃঢ় হৈ যি প্রেম ওপজে তাক আদি ৰস বোলে। ই অৱস্থা অনুসৰি কেবাবিধো। এই ৰসত নায়ক-নায়িকা উভয়ে উভয়ৰ আলম্বন বৈভৱ, গীত বাদ্য সুসময় ইয়াৰ উদ্দীপন বিভাৱ। শংকা লজ্জা, মদ নিদ্রা আবেগ আদি ইয়াৰ সঞ্চাৰী ভাব। গাল ৰঙা পৰা, চকু আধমুদা হোৱা ইত্যাদি ইয়াৰ অনুভৱ। ই দুই প্ৰকাৰৰ - (i) বিপ্রলম্ভ আৰু (ii) সম্ভোগ।

(i) বিপ্রলম্ভৰ চাৰিটা বিভাগ হ'ল- পূৰ্বৰাগ, মান, প্রবাস, কৰুণ।

(ক) পূৰ্বৰাগঃ নায়ক-নায়িকাৰ পৰস্পৰ ৰূপ, গুণাদি দর্শণ বা শ্ৰৱণৰ পৰা যি অনুৰাগ জন্মে তাক পূৰ্বৰাগ বোলে।

(খ) মানঃ প্রণয় জন্মা নায়ক-নায়িকাৰ এজনে আনক ভাল পালে বা পোৱাৰ সন্দেহ জন্মিলে বেছি মৰম লাগিবলৈ খং দেখুৱাই জোৰা ভেমক মান বোলে।

(গ) প্রবাসঃ প্রণয়ী দুজনৰ এজন আঁতৰত থাকিলে ইজনৰ মনত যি দুখ ভাব ওপজে তাক প্রবাস বোলে।

(ঘ) কৰুণঃ প্রণয়ী দুজনৰ অথন্তৰ ঘটিলে ইজনৰ মনত যি শোক ওপজে তাক কৰুণ বোলে।

(ii) সম্ভোগঃ নায়ক-নায়িকাৰ একান্ত অনুৰাগৰ নিমিত্তে সুখ বা মিলন হোৱাকেই সম্ভোগ বোলে।

(২) বীৰ ৰসঃ যুদ্ধাদি কামত উৎসাহ আৰু পৰাক্ৰমৰ বৰ্ণনাৰ যোগেদি বীৰৰসৰ সৃষ্টি হয়। অৰি ইয়াৰ ইয়াৰ আলম্বন বৈভৱ, অৰিৰ কাৰ্যাদি উদ্দীপন বৈভব, দাঁত চোবোৱা, আটাহ পৰা আদি অনুভৱ আৰু ধূর্ত মাত গর্ব স্মৃতি বিতর্ক ৰোমাঞ্চ আদি সঞ্চাৰী ভাব।

(৩) ভয়ানক ৰসঃ ভয় ভাব সৃষ্টি কৰা বসকেই ভয়ানক ৰস বোলা হয়। হৰ পৰা ভয় ওপজে সি আলম্বন বিভাব, তাৰ কাম উদ্দীপন বিভাব, শেতা পৰা মুচকচ যোৱা কথা ক'ব নোৱাৰা হোৱা প্রভৃতি অনুভৱ আৰু সন্দেহ শংকা আবেগ মৃত্যু আদি ইয়াৰ সঞ্চাৰী ভাব।

(৪) কৰুণ ৰসঃ প্রিয় বস্তু বা মানুহৰ বিনাশ নাইবা অনিষ্ট হোৱাত যি দুখ বা শোক ভাব ওপজে তাক কৰুণ ৰস বোলে। শোক ইয়াৰ স্থায়ী ভাব। যাৰ বাবে শোল ওপজে সেয়ে আলম্বন বিভাব, কন্দা মাটিত বাগৰা, হুমুনিয়াহ কঢ়া আদি অনুভৱপ্ত শোচ্যৰ দাহাৰি উদ্দীপন বিভাব।

(৫) বিভৎস ৰসঃ ঘৃণা ভাবৰ ওপজা বসক বিভৎস বস বোলে। দুর্গন্ধা, দেখিবলৈ কুৎসিৎ বস্তু ইয়াৰ অবলম্বন বিভাব, তাৰ পোক মাৰি আদি উদ্দীপন বিভাব নাক কটোৱা চকু ঘুৰোৱা প্রভৃতি অনুভৱ আৰু শেই আবেগ ব্যাধি ইয়াৰ সঞ্চাৰী ভাব।

(৬) শান্ত ৰসঃ মৰম ভক্তি অথবা বৈৰাগ্য বুজোৱা ভাব থাকিলে তাৰ পৰা শান্ত ৰসৰ সৃষ্টি হয়। শম ইয়াৰ স্থায়ী ভাব। অনিত্য বুলি বস্তুৰ অসৰত্ব জ্ঞান আৰু পৰমাৰ্থ তত্ত্ব জ্ঞান অবলম্বন বিভাব পূণ্যশ্রম মহাপুৰুষ তীর্থাদি দর্সন আৰু মৰম প্রভৃতি উদ্দীপন ভিভাব। গা শিয়ৰি উঠা, চুমা খোৱা আদি অনুভবে আৰু ঙর্ষ স্মৰণ আদি সঞ্চাৰী ভাব।

(৭) হাস্য ৰসঃ বিকৃত আকাৰ, চলন ফুৰণ আদি দেখি যি ভাবোদয় তাৰ পৰাই হাস্য ৰসৰ সৃষ্টি হয়। হাস্য ইয়াৰ স্থায়ী ভাব বিকৃত কৰা আকাৰ প্ৰকাৰ আদি অবলম্বন বিভাব, সেই বিকৃতৰ কাম উদ্দীপন বিভাব, চকু কচোৱা, দাঁত উলিওৱা আগি অনুভব আৰু নিদ্রা এলাহ আদি সঞ্চাৰী ভাব।

(৮) অদ্ভুত ৰস: বিস্ময় ভাবৰ পৰা অদ্ভুত ৰসৰ সঞ্চাৰ হয়। আলোক সামান্য বস্তু ইয়াৰ অবলম্বন বিভাব, সেই বস্তুৰ মহিমা উদ্দীপন বৈভাব সুপ্ত চকু বৰকৈ মেল খোৱা ঘাম গা শিয়ৰি উঠা আদি অনুভব, বিতর্ক সঞ্চৰী ভাব।

(৯) ৰৌদ্ৰ ৰসঃ ক্ৰোধৰ পৰা ৰৌদ্ৰৰসৰ সৃষ্টি হয়। শত্রু অবলম্বন বিভাব, শত্রুৰ কাৰ্য আৰু প্ৰহাৰাদি উদ্দীপন বিভাব, তর্জন গর্জন, দাঁত কামোৰা এইবোৰ অনুভব উগ্রতা কপনি সঞ্চাৰী ভাব।