Chapter 2

  • অসমীয়া ভাষাৰ ধ্বনিতত্ত্ব

  • বিভাজ্য ধ্বনি: স্বৰধ্বনি, ব্যঞ্জনধ্বনি

  • অবিভাজ্য ধ্বনি: শ্বাসাঘাত, সন্ধি, অনুনাসিকতা, সুৰ-লহৰ



অতি চমু প্রশ্নোত্তৰ

 ১। ধ্বনি প্রধানতঃ কেইপ্ৰকাৰৰ?

উত্তৰঃ ধ্বনি প্রধানতঃ দুই প্ৰকাৰৰ (১) স্বৰ ধ্বনি আৰু (২) ব্যঞ্জন ধ্বনি।

২। স্বৰধ্বনি কি?

উত্তৰঃ হাওঁফাওঁৰ পৰা ওলাই অহা বহির্গামী বায়ুপ্রবাহ মুখবিৱৰৰ কোনো ঠাইতে বাধাপ্রাপ্ত নোহোৱাকে কেৱল জিভাৰ বিভিন্ন অংশৰ দ্বাৰা পৰিবৰ্তিত হৈ বা ওঁঠৰ সঞ্চালনৰ দ্বাৰা যি ধ্বনি উচ্চাৰিত হয় তাক স্বৰধ্বনি বোলা হয়।

৩। অসমীয়া ভাষাত ব্যৱহৃত দ্বিম্বৰ দুটা কি কি?

উত্তৰঃ ঐ আৰু ঔ।

৪। অসমীয়া ভাষাত বিশিষ্ট ব্যঞ্জন ধ্বনি কেইটা

উত্তৰ: অসমীয়া ভাষাত বিশিষ্ট ব্যঞ্জন ধ্বনি ২১টা।

৫। শ্বাসাঘাতৰ স্থান সলনি হ'লে কিয় অর্থ সলনি হ'ব পাৰে?

উত্তৰঃ কিছুমান ভাষাত শ্বাসাঘাত নিৰ্দিষ্ট অক্ষৰত বাধা থাকে; সেই স্থান সলনি হ'লে শব্দৰ ধ্বনি-গঠন আৰু অৰ্থভেদ হয়, সেইবাবে অর্থ সলনি হ'ব পাৰে।

৬। সন্ধি কিমান প্রকাৰৰ?

উত্তৰঃ সন্ধি সাধাৰণতে দুই প্ৰকাৰৰ-বদ্ধ সন্ধি আৰু মুক্ত সন্ধি।

৭। সুৰ লহৰ মানে কি?

উত্তৰ: সুৰ, শ্বাসাঘাত আৰু সন্ধিৰ মিলিত প্ৰভাৱত বাক্যৰ ওপৰত গঠিত যি সামগ্রিক সুৰৰ ৰূপৰেখা বা লহৰ দেখা যায়, তাক সুৰ লহৰ বোলে।

৮। সন্ধি (Juncture) কাক বোলে?

উত্তৰঃ কথা কওঁতে ধ্বনিবোৰ ইটোৰ পৰা সিটোলৈ যি সংক্রমণ বা সংযোগেৰে লয় সৃষ্টি হয়, সেই ধ্বনি-সংযোগক সন্ধি বোলে।

৯। ধ্বনি কাক বোলে?

উত্তৰঃ ধ্বনি মানে শব্দ বা আৱাজ। মানুহে মনৰ ভাব প্রকাশ কৰোঁতে উচ্চাৰণ কৰা আটাইতকৈ ক্ষুদ্রতম খণ্ডটোৱেই হ'ল ধ্বনি।

১০। ব‍্যঞ্জন ধ্বনি কি?

উত্তৰঃ যিবোৰ ধ্বনি উচ্চাৰণত বায়ুপ্রবাহক ডিঙি, তালু, দাঁত, ওঁঠ আদি বিভিন্ন বাধা দিয়া হয়, সেইবোৰকে ব্যঞ্জন ধ্বনি বোলে।

চমু প্রশ্নোত্তৰ

১। বিশিষ্ট ধ্বনি কাক বোলে?

উত্তৰঃ যিবোৰ ধ্বনি উচ্চাৰণ স্পষ্ট, বক্তা আৰু শ্ৰোতাৰ কাণত বাজি উঠে সেইবোৰক বিশিষ্ট ধ্বনি বোলে। বিশিষ্ট ধ্বনিবোৰ একোটা গোট, এনে ধ্বনিগোটত এটা বা একাধিক ধ্বনি সন্নিবিষ্ট হৈ বা লুকাই থাকে। বিশিষ্ট ধ্বনিৰ শব্দ পৃথক কৰিব পৰা ক্ষমতা থাকে। দুটা ধ্বনিৰ প্ৰয়োগত যদি বিৰোধ ঘটে অৰ্থাৎ অভিন্ন পৰিৱেশত এটাৰ ঠাইত আনটো বহুৱালে যদি অৰ্থৰ পৰিৱৰ্তন ঘটে তেনেহ'লে সেইবোৰ বিশিষ্ট ধ্বনি। যেনে-

কাল - ক - আ - ল

খাল - খ - আ - ল

৩। ধ্বনিতত্ত্ব বুলিলে কি বুজা?

উত্তৰঃ ভাষাৰ ধ্বনিসমূহৰ বিজ্ঞানসম্মত বিচাৰ-বিশ্লেষণৰ নাম ধ্বনিতত্ত্ব। যেনে - অসমীয়া ধ্বনিতত্ত্ব, বাংলা ধ্বনিতত্ত্ব। ধ্বনিতত্ত্বত ভাষা বিশেষত উচ্চাৰিত বাধ্বনি, ধ্বনিসমূহৰ পৰিৱৰ্তন, বর্ণ আৰু উপধ্বনি সম্পর্কে সূক্ষ্মভাৱে আলোচনা কৰা হয়।

মানুহৰ বাগ্যন্ত্ৰৰ দ্বাৰা বিভিন্ন প্ৰকাৰৰ ধ্বনি উচ্চাৰিত হ'লেও কোনো এক ভাষাত মাত্র কেইটামান ধ্বনিহে প্রয়োগ হয়। গতিকে ধ্বনিতত্ত্বত কোনো এটা বিশেষ ভাষাত ব্যৱহৃত ধ্বনিসমূহৰহে অধ্যয়ন কৰা হয়। ধ্বনিৰ স্বৰূপ আৰু সিবোৰৰ প্রায়োগিক বিশ্লেষণ ধ্বনিতত্ত্বৰ কাম। ইয়াত ধ্বনিবিজ্ঞান আৰু বৰ্ণবিজ্ঞান দুয়োটা বিষয় জড়িত হৈ থাকে। হাওঁফাওঁৰ পৰা বাহিৰলৈ ওলাই অহা আৰু বাহিৰৰ পৰা মুখৰ ভিতৰলৈ সোমাই অহা বায়ুপ্ৰৱাহৰ সহায়ত বাগিন্দ্ৰিয়ৰ সঞ্চালনত এক প্ৰকাৰ নাদৰ সৃষ্টি হয়, এই নাদকেই 'বাধ্বনি' বুলি কোৱা হয়। উদাহৰণস্বৰূপে 'মই ভাত খাওঁ' এই বাক্যটোত ম + ইভ + আ + ত, খ + আ + ও আদি কেইবাটাও ধ্বনি উচ্চাৰিত হয়। বাধ্বনিসমূহক দুটা ভাগত ভগোৱা হয়। এটা হ'ল বিভাজ্য আৰু আনটো অবিভাজ্য। যিবোৰ ধ্বনিক নির্দিষ্ট গোট হিচাপে ভাগ কৰি দেখুৱাব পাৰি সেই ধ্বনিসমূহক বিভাজ্য ধ্বনি আৰু যিবোৰ ধ্বনিক ভাগ কৰি দেখুৱাব নোৱাৰি অথচ সেইবোৰৰ অস্তিত্ব অনুভৱ কৰিব পাৰি তাক অবিভাজ্য ধ্বনি বোলে। বিভাজ্য ধ্বনি আকৌ দুই প্ৰকাৰৰ - স্বৰধ্বনি আৰু ব্যঞ্জনধ্বনি। হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু প্ৰৱাহক জিভাৰ বিভিন্ন অংশৰ সঞ্চালনেৰে পৰিৱৰ্তিত কৰি যিবোৰ ধ্বনিৰ সৃষ্টি কৰা হয় সেইবোৰক স্বৰধ্বনি বোলা হয়। আনহাতে বতাহৰ প্ৰৱাহক আংশিক বা সম্পূৰ্ণৰূপে ৰোধ কৰি যিবোৰ ধ্বনি সযষ্টি কৰা হয় সেইবোৰক ব্যঞ্জনধ্বনি বোলে। স্বৰধ্বনিসমূহক আকৌ মাত্ৰা আৰু গুণ অনুসৰি চাৰিটা ভাগত ভাগ কৰিব পাৰি।

৪। স্বৰধ্বনিৰ কিছুমান ধ্বনিগুণ কি কি?

উত্তৰঃ হাওঁফাওঁৰ পৰা ওলাই অহা বহির্গামী বায়ুপ্রবাহ মুখবিৱৰৰ কোনো ঠাইতে বাধাপ্রাপ্ত নোহোৱাকে কেৱল জিভাৰ বিভিন্ন অংশৰ দ্বাৰা পৰিবৰ্তিত হৈ বা ওঁঠৰ সঞ্চালনৰ দ্বাৰা যি ধ্বনি উচ্চাৰিত হয় তাক স্বৰধ্বনি বোলা হয়। স্বৰধ্বনিৰ কিছুমান ধ্বনিগুণ হৈছে-

(১) স্বৰধ্বনিবোৰ সম্পূৰ্ণ অনিয়ত আৰু সম্পূর্ণ অদৃষ্ট;

(২) স্বৰধ্বনিবোৰ সঘোষ আৰু অঘোষ দুয়োটাই হ'ব পাৰে;

(৩) স্বৰধ্বনি আন ধ্বনিতকৈ বেছি মুখৰ আৰু নাদিৰ।

(৪) স্বৰধ্বনিবোৰক একেলেথাৰিয়ে উচ্চাৰণ কৰি থাকিব পাৰে।

(৫) স্বৰধ্বনিবোৰ কেতিয়াবা অনুনাসিক কৰিব পাৰি।

(৬) স্বৰধ্বনিবোৰে সুৰ আৰু শ্বাসাঘাত বহন কৰিব পাৰে।

(৭) স্বৰধ্বনিবোৰ অক্ষৰাধাৰ হ'ব পাৰে।

নাধৰ্মী প্রশ্নোত্তৰ

১। স্বৰধ্বনিকেইটাৰ আখৰৰ এক তুলনাত্মক আলোচনা আগবঢ়োৱা।

উত্তৰঃ স্বৰধ্বনি কেইটাৰ আখৰৰ লগত তুলনা:

(১) ই- ই বর্ণই আৰু ঈৰ প্ৰতিনিধি। অইনত উচ্চাৰণৰ দিশত ই বর্ণই - ই, , ি,ী-কাৰৰ প্ৰতিনিধিত্ব কৰে। ই-ব উচ্চাৰণত জিভাৰ আগভাগ ওপৰলৈ উঠে। ই - ৰ উচ্চাৰণত ওঁঠ দুটাৰ আকৃতি গোলাকাৰ নহৈ দীঘলীয়া হয় বাবে ই বিবৃত্তৌষ্ঠ ধ্বনি। যেনে- বিল, দিশ, দিন, দিগন্ত ইত্যাদি।

(২) উ- উচ্চাৰণত উ, ,, ূ ৰ প্ৰতিনিধি। উচ্চাৰণত জিভাৰ পিচভাগ ওপৰলৈ উঠে বাবে ই-উচ্চ পশ্চাৎধ্বনি। কিন্তু ওঠ দুখন ঘূৰণীয়া হয় বাবে ই সংবৃত্তৌষ্ঠ ধ্বনি। যেনে- সুখ, দুখ, উপ, চুণ।

(৩) '- উচ্চাৰণত জিভাৰ আগভাগ সামান্য ওপৰলৈ উঠে। ওঁঠ দুটা দীঘলীয়া হয়। সেইবাবে ই উচ্চমধ্য সম্মুখ বিবৃত্তৌষ্ঠ ধ্বনি- দেশ, কেশ, লেশ ইত্যাদি।

(৪) ও- জিভাৰ পিছভাগ অলপ ওপৰলৈ উঠি উচ্চাৰণ হয়। ওঁঠ দুটা গোলাকাৰ হয় সেইবাবে ই উচ্চ-মধ্য পশ্চাৎ সংবৃত্তৌষ্ঠ ধ্বনি। যেনে- কোমল, নোমল, তোলন, বোতল ইত্যাদি।

(৫) এ- জিভাৰ আগভাগ সামান্য ওপৰলৈ উঠে। সেইবাবেই উচ্চ নিম্ন মধ্য বা মধ্যভাগ যুক্ত সম্মুখ স্বৰধ্বনি। ই বিবৃত্তৌষ্ঠ ধ্বনি যেনে- তেল, বেল, মেল, খেল ইত্যাদি?

(৬) '- উচ্চাৰণত জিভাৰ পিচভাগ অলপ ওপৰলৈ উঠে। ওঁঠ দুটা ঘুৰণীয়া হয়। সেইবাবে ই উচ্চ নিম্ন ধম্য পশ্চাৎ ধ্বনি আৰু সংবৃত্তৌষ্ঠ ধ্বনি।

(৭) অ- ই নিম্ন মধ্য স্বৰ ধ্বনি। উচ্চাৰণত জিভাৰ পিছভাগ সামান্য ওপৰলৈ উঠে। ওঁঠ দুটা ঘূৰণীয়া হয়। সেই কাৰণে ইয়াক সংবৃত্তৌষ্ঠ ধ্বনি বোলা হয়। যেনে- কল, ফল, তল, বল, ভৱ, ভয়, ওখ হয় ইত্যাদি।

(৮) আ- উচ্চাৰণত জিভাৰ মাজভাগ অলপ ওপৰলৈ উঠে। ই নিম্ন কেন্দ্ৰীয় স্বৰৰ ধ্বনি। যেনে- আম, জাম, খাম, পাম, ধাম ইত্যাদি।

(৯) ঐ- অয় ঔ- অৱ, ঋ- বই এইদৰে উচ্চাৰণ হোৱা বাবে ইহঁত বৰ্ণ নহৈ আখৰৰ শাৰীতে থাকি গ'ল।

২। উচ্চাৰণৰ প্ৰকৃতি অনুসৰি ব্যঞ্জনধ্বনিৰ বিভাগ সম্বন্ধে লিখা।

উত্তৰ: উচ্চাৰণৰ প্ৰকৃতি অনুসৰি ব্যঞ্জনধ্বনিৰ বিভাগৰ প্ৰসংগত পোনতে বায়ু প্রবাহৰ প্ৰক্ৰিয়া (Air Stream Mechanism) ৰ কথা ক'ব লগীয়া হয়।

ব্যঞ্জনধ্বনি উচ্চাৰণত প্ৰধানকৈ দুই প্রকাৰ বায়ু প্রবাহে সহায়তা কৰেঃ হাঁওফাঁওৰ পৰা পোনে পোনে ওলাই অহা বায়ু প্রবাহ আৰু হাঁওফাঁও বিচ্ছিন্ন বায়ু প্রবাহ। হাঁওফাঁও বিচ্ছিন্ন বায়ু প্রবাহ আকৌ দুই প্ৰকাৰৰ : ৰুদ্ধ স্বৰ পথ চালিত বায়ু প্রবাহ আৰু পশ্চ তালু চালিত বায়ু প্রবাহ।

হাঁওফাঁওৰ পৰা পোনে পোনে ওলাই অহা বায়ু প্রবাহৰ সহায়ত যি ব্যঞ্জন উচ্চাৰিত হয়, তাক হাঁওফাঁও চালিত বায়ু প্রবাহ জাত ব্যঞ্জনধ্বনি বোলে। অসমীয়া, বঙলা, ইংৰাজী আদি ভাষাৰ সকলোবোৰ ব্যঞ্জন হাঁওফাঁও চালিত বায়ু প্রবাহ জাত ব্যঞ্জনধ্বনিৰ ভিতৰত পৰে।

হাঁওফাঁও বিচ্ছিন্ন বায়ু প্রবাহৰ সহায়ত উৎপাদিত হোৱা ব্যঞ্জনক হাঁওফাঁও বিচ্ছিন্ন বায়ু প্রবাহ জাত ব্যঞ্জন ধ্বনি বোলে।

হাঁওফাঁওৰ বায়ু প্রবাহৰ লগত মুখবিবৰ অথবা গলকোষৰ বায়ু প্রবাহ দুঠাইত বিচ্ছিন্ন হ'ব পাৰেঃ স্বৰতন্ত্ৰী আৰু পশ্চতালুত।

স্বৰতন্ত্রী দুখন বহলাই মাজৰ স্বৰপথটো সম্পূৰ্ণ বন্ধ কৰিলে, তাৰ ওপৰৰ ফালে হাঁওফাঁও বিচ্ছিন্ন যি বায়ুস্তম্ভ সৃষ্টি হয়, তাৰ পৰা ওপজা বায়ু প্রবাহৰ সহায়ত উচ্চাৰিত হোৱা ব্যঞ্জনক ৰুদ্ধ স্বৰ পথ চালিত বায়ু প্রবাহ জাত ব্যঞ্জনধ্বনি বোলে। আনহাতে জিহ্বাৰ পশ্চাৎ ভাগ কোমল তালুৰে সৈতে লগ লগাই মুখবিবৰৰ বতাহৰ লগত হাঁওফাঁওৰ বতাহৰ প্রবাহ বিচ্ছিন্ন কৰি পশ্চতালু চালিত মুখবিবৰস্থ বতাহৰ যি ধ্বনিৰ সৃষ্টি কৰা হয়, তাক পশ্চ তালু চালিত বায়ু প্রবাহ জাত ধ্বনি বোলে।

৩। শ্বাসাঘাত (Stress Accent) কি?

উত্তৰঃ কথা-বতৰা পাতোতে বাক্যৰ সকলোবোৰ শব্দত সমানে জোৰ দি উচ্চাৰণ কৰা নহয়। কোনো কোনো শব্দৰ উচ্চাৰণত বেছি জোৰ পৰে আৰু কোনো কোনো শব্দত জোৰ কমকৈ পৰে। জোৰ পৰা শব্দবোৰৰ উচ্চাৰণ স্পষ্ট আৰু জোৰ নপৰা শব্দৰ উচ্চাৰণ আপেক্ষিকভাবে কম স্পষ্ট হয়। শব্দৰ ক্ষেত্ৰতো কোনো এটা অক্ষৰৰ উচ্চাৰণত অধিক জোৰ পৰে আৰু কোনো এটাত নপবে। শব্দ বা অক্ষৰৰ উচ্চাৰণৰ ক্ষেত্ৰত প্রয়োগ কৰা এই আপেক্ষিক জোৰৰ নাম শ্বাসাঘাত (Stress)কোনো কোনো ভাষাত শ্বাসাঘাতৰ স্থানৰ বিৰোধ আছে, অথাৎ সেইবোৰ ভাষাত শ্বাসাঘাতৰ স্থানৰ পৰিবৰ্তন ঘটিলে অৰ্থৰো তাৰতম্য ঘটে।

ইংৰাজী ভাষাত একে যেন লগা শব্দটো শ্বাসাঘাতৰ পৰিবৰ্তন হ'লে অৰ্থৰ পৰিবৰ্তন ঘটে; যেনে- 'Permit অনুজ্ঞা বা অনুমতি পত্র (বিশেষ্য); Permit) আদেশ দিয়া বা অনুমতি দিয়া (ধাতু)। কিছুমান শব্দত সুনির্দিষ্ট শ্বাসাঘাতব প্রয়োগ নহ'লে সেইবোৰ অৰ্থবহ শব্দই হ'ব নোৱাৰে।

গুৰু শ্বাসাঘাতযুক্ত ধ্বনিৰ মুখৰতা (Loudness) আপেক্ষিকভাবে বেছি। অনিয়ত বা প্রবাহ ধ্বনিয়েহে শ্বাসাঘাত বহন কৰে। নিয়ত ধ্বনি শ্বাসাঘাত বহনৰ ক্ষেত্ৰত অক্ষম। অনিয়ত ধ্বনিবোৰৰ ভিতৰত স্বৰধ্বনিবোৰৰ শ্বাসাঘাতৰ মাত্রা বেছি। সকলো বক্তাৰে উচ্চাৰণত শ্বাসাঘাতৰ প্ৰয়োগ হয়। কোনো কোনো ভাষাত শ্বাসাঘাতে আপেক্ষিকভাবে গুৰু আৰু কোনো। কোনো ভাষাত ই আপেক্ষিকভাবে লঘু। সেইদৰে এটা ভাষাৰ একেটা শব্দতে অক্ষৰ বিশেষে শ্বাসাঘাতৰ তাৰতম্য হয়। শ্বাসাঘাতৰ তাৰতম্যৰ কাৰণে কথিত ভাষাত শব্দবোৰৰ ৰূপ সলনি হয়; শ্বাসাঘাতহীন স্বৰধ্বনি বিশেষকৈ হ্রস্ব স্বৰধ্বনি কোনো কোনো ভাষাত লোপ পায়।

অসমীয়া ভাষাৰ কামৰূপী উপভাষাত শব্দৰ আদি অক্ষৰত শ্বাসাঘাত আটাইতকৈ গুৰু। উজনি অসমৰ ভাষাত শব্দৰ মাজতহে গুৰু শ্বাসাঘাত পৰে। কামৰূপী উপভাষাত শব্দৰ আদি অক্ষৰত শ্বাসাঘাত পৰা বাবে মাজৰ অৰধ্বনিবোৰ প্ৰায়েই লোপ পায় আৰু ওচৰা ওচৰিকৈ থকা ব্যঞ্জন লগ লাগে। যেনে-কোমোৰা-কুম্বা, ভোমোৰা-ভমৰা।

শ্বাসাঘাতৰ প্ৰভাৱৰ কাৰণেই কামৰূপী উপভাষাত শব্দবোৰৰ ৰূপৰ পৰিবৰ্তন ঘটা দেখা যায়। জগতৰ সকলো ভাষাৰ উচ্চাৰণতে শ্বাসাঘাতৰ প্রয়োগ অনিবার্য। কোনো কোনো ভাষাত শ্বাসাঘাত বেছি আৰু কোনো কোনো ভাষাত শ্বাসাঘাত কম।

৪। সুৰ, সুৰ লহৰ, শ্বাসাঘাত, সন্ধি আৰু অনুনাসিকতা সম্পর্কে বিশ্লেষণসহ আলোচনা কৰা।

উত্তৰঃ ধ্বনি কেবল বর্ণৰূপতে সীমাবদ্ধ নহয়; কথিত ভাষাত ধ্বনি প্রয়োগৰ গতি, সুবৰ উঠানামা, জোব-কম, আৰু ধ্বনিসংযোগৰ ধৰণে অৰ্থৰ বহু সুক্ষ্ম পৰিবৰ্তন ঘটায়। এই ক্ষেত্ৰত সুব (pitch), সুব লহৰ (intonation), শ্বাসাঘাত (stress accent), সন্ধি (juncture) আৰু অনুনাসিকতা (nasalisation) মৌলিক ধ্বনিগুণ। সুৰ বুলিলে বুজায় স্বৰতন্ত্ৰীৰ কম্পনৰ তীব্রতা বা গতিৰ ফলত ধ্বনি উচ্চ সুৰে, নিম্ন সুৰে বা মধ্য সুৰে উঠানামা কৰা প্রক্রিয়া। মানুহে কোনো বাক্য কওঁতে স্বৰতন্ত্রী কেতিয়াবা দ্রুত কঁপে, কেতিয়াবা ধীৰ কঁপে, ফলত সুৰৰ লহৰ জন্মে। কিছুমান ভাষা, যেনে চীনী বা আফ্রিকীয় আৰু অসমৰ কিছুমান ভোট-বর্মী ভাষা, সুৰীয়াভাষা; তাত এটা শব্দৰ অক্ষৰৰ সুৰ সলনি হ'লেই অর্থ সলনি হয়। এই ধৰণৰ ভাষাত সুৰ শব্দৰ অবিচ্ছেদ্য অঙ্গ। বিপৰীতে অসমীয়া বা ইংৰাজীৰ দৰে ভাষাত সুৰ শব্দ-স্তৰত বাধ্যতামূলক নহয়, সুৰ সলনি হ'লেও মূল শব্দ একেই থাকে, কেরল ভাব-বা অৰ্থৰ সূক্ষ্ম ভেদ প্রকাশ পায়। সুৰ তিন প্ৰকাৰৰ বুলি কোৱা হয়: উদাত্ত (উচ্চ), অনুদাত্ত (নিম্ন) আৰু স্ববিত (মধ্য/সমতল)। উদাত্তত কম্পন বাঢ়ে, অনুদাত্তত কমে আৰু স্ববিত দুয়োটাৰ মাজামাজি।

    সুৰ লহৰ বা ইণ্টোনেশ্যন হৈছে সম্পূর্ণ বাক্যৰ সুৰসমষ্টি। অর্থাৎ একেটা বাক্যক বিভিন্ন সুৰ-নক্সাত উচ্চাৰণ কৰিলে বাক্যৰ উদ্দেশ্য, আদেশ, প্রশ্ন বা আশ্চর্য প্রকাশ বেলেগ হয়। উদাহৰণস্বৰূপে “তুমি এতিয়া যোৱা" বাক্যটোই নিম্ন সুৰে কওঁতে সাধাৰণ নির্দেশ বা অনুমতিৰ অৰ্থ দীর্ঘ হয়; উচ্চউন্নত সুৰে কওঁতে তাড়না বা অধৈৰ্যৰ ভাব, স্বৰিত-উন্নত সুৰে কওঁতে প্ৰশ্নৰ অর্থ, আৰু নিম্ন-উন্নত ক্ষিপ্ৰ সুৰে কওঁতে আশ্চর্য বা বিস্ময় প্রকাশ পায়। ইয়াৰ পৰা বুজা যায় সুৰ লহৰে ভাষাৰ অৰ্থ-ব্যাঞ্জনা সম্প্ৰসাৰিত কৰে।

    শ্বাসাঘাত বা স্ট্রেছ বুলিলে শব্দ বা বাক্যৰ কিছুমান অংশত আপেক্ষিক জোৰ প্ৰয়োগক বুজায়। সকলো শব্দ বা অক্ষৰত সমান জোৰ নপৰে; 'ত জোৰ বেছি, সেই অংশ স্পষ্ট আৰু গম্ভীৰভাবে শুনা যায়। কিছুমান ভাষাত শ্বাসাঘাতৰ স্থান সলনি হ'লেই অর্থ সলনি হয়; ইংৰাজীৰ permit ধৰনেৰ শব্দত প্ৰথম অক্ষৰত শ্বাসাঘাত দিলে বিশেষ্য আৰু দ্বিতীয় অক্ষৰত দিলে ধাতু হয়। অসমীয়া উপভাষাতো শ্বাসাঘাতৰ ভিন্ন ধৰণ দেখা যায়। কামৰূপী উপভাষাত শব্দৰ আদি অক্ষৰত গুৰু শ্বাসাঘাত পৰে, সেয়েহে মাজৰ হ্রস্ব স্বৰ লোপ পোৱাকৈ শব্দ সংক্ষিপ্ত হয়, যেনে- কোমোৰা কুম্বা হওঁতে দেখা যায়। উজনি অসমৰ ভাষাত গুৰু শ্বাসাঘাত মাজত পৰে, ফলত শব্দৰ গঠন আলাদা শোনা যায়। এইদৰে শ্বাসাঘাত ভাষাৰ ধ্বনি-ৰূপ পৰিবৰ্তনৰ এক গুৰুত্বপূৰ্ণ কাৰক।

    সন্ধি বা জাঙ্কচাৰ ধ্বনিৰ সংক্ৰমণ-ভিত্তিক লয়-সম্পর্ক। মানুহে কথা কওঁতে ধ্বনি এটাৰ পৰা আনটোলৈ যি সংযোগ বা টান লৈ যায়, সেই সংযোগৰ ধৰণে শব্দ-সীমা নির্ধাৰণ হয় আৰু একে ধ্বনি-সমষ্টিৰ অৰ্থ পৃথক হ'ব পাৰে। "সি বা কি খায়" আৰু "সি বাকি খায়" বাক্য দুয়ো একে ধ্বনি-সমষ্টিৰ হলেও সন্ধিৰ দিশ বদলালে অর্থ বদলায়। আকৌ "সি পাৰলৈ গ'ল" আৰু "সি পাৰ লৈ গ'ল "ত শব্দসীমাৰ সলনিৰ বাবে অর্থ ভিন্ন। ইংৰাজীত "See the meat" আৰু "See them eat" উদাহৰণত একে ধ্বনি-ক্রমে বেলেগ অর্থ জন্মে, কাৰণ সন্ধি ভিন্ন। সন্ধি বদ্ধ আৰু মুক্ত দুই ভাগত ধৰা হয়। বদ্ধ সন্ধি শব্দৰ ভিতৰত ধ্বনি-সংযোগ, আৰু মুক্ত সন্ধি শব্দৰ মাজত সংযোগ। দুয়োৰ বিৰোধ অৰ্থভেদৰ এক সূক্ষ্ম চাবিকাঠি।

    অনুনাসিকতা ধ্বনিৰ এক বৈশিষ্ট্য য'ত বায়ুপ্রবাহ মুখ আৰু নাসিকা দুয়ো পথেদি একেলগে বাহিৰ হয়। নাসিক্য ধ্বনিত মুখপথ পূর্ণবন্ধ কৰি নাসিকাৰে বায়ু উলিয়াই দিয়া হয়, কিন্তু অনুনাসিক স্বৰ বা ধ্বনিত মুখপথ আংশিক খোলা থাকে আৰু নাসিকা পথেও বায়ু যায়। অসমীয়াত বাহ বনাম বাঁহ উদাহৰণত আ ধ্বনি অনুনাসিক হ'লে অর্থ সম্পূর্ণ সলনি হয়। এইটো দেখুৱায় যে অনুনাসিকতাই বিৰোধ সৃষ্টি কৰে আৰু ধ্বনি-ব্যৱস্থাত ই এটা স্বতন্ত্র গুণ।

    মুঠতে, সুৰ-সুৰ লহৰ বাক্যৰ ভাব-সংকেত, শ্বাসাঘাত শব্দৰ জোৰ-গঠন ও ৰূপান্তৰ, সন্ধি শব্দসীমা ও অর্থভেদ, আৰু অনুনাসিকতা ধ্বনি-অর্থ নির্ণয়ত সক্রিয় ভূমিকা লয়। ধ্বনি বিজ্ঞান বুজিবলৈ এই গুণসমূহ স্বৰ-ব্যঞ্জন শ্রেণীবিভাগৰ দৰে একেই বুনিয়াদী।