Chapter 3

  • ছন্দঃ পদ বা পয়াৰ, দুলড়ি, ছবি, ঝুনা, কুসুমমালা


  • অলংকাৰ: অনুপ্রাস, যমক, শ্লেষ, বক্রোক্তি, উপমা, ৰূপক, ভ্রান্তিমান, উৎপ্রেক্ষা


  • কবিতাত অনুকৰণ আৰু কল্পনাৰ প্ৰভাৱ


  • আধুনিক কবিতাত কল্পনা আৰু প্ৰতীকবাদ



অতি চমু প্রশ্নোত্তৰ

১। ছন্দৰ অৰ্থ কি?

উত্তৰঃ ছন্দ শব্দৰ সাধাৰণ অর্থ ধ্বনিৰ সূষমা, এক স্পন্দনভিত্তিক লয়।

২। পদ ছন্দৰ মাত্রা সংখ্যা কিমান?

 উত্তৰ: ২৮টা।

৩। পদ ছন্দৰ মাত্রা সংখ্যা কিমান?

উত্তৰ: ২৮টা।

৪। ছবি ত্রিপদী ছন্দবিশেষ হয়নে?

উত্তৰঃ ছবি ত্রিপদী ছন্দবিশেষ হয়। এই ছন্দৰ প্ৰচলন বহুল।

৫। সাহিত্য ক্ষেত্রত অলংকাৰ কি?

উত্তৰ: সাহিত্যক পৰ্য্যাপ্ত অর্থাৎ সাহিত্য নামৰ উপযোগী হিচাপে সম্ভোগভূয়িষ্ঠ কৰা হয় যাৰদ্বাৰা সেয়ে সাহিত্যৰ অলঙ্কাৰ। সাহিত্য ক্ষেত্ৰত অলঙ্কাৰৰ স্থান সকলোতকৈ গুৰুত্বপূর্ণ।

৬। শব্দালঙ্কাৰ কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ শব্দালঙ্কাৰ সাধাৰণতে পাঁচবিধ। যেনে- (ক)অনুপ্রাস, (খ)যমক, (গ) শ্লেষ, (ঘ)ক্রোক্তি আৰু (৬) পুনৰুক্তৱদাভাস।

৭। অর্থালংকাৰ কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰ: আমি অৰ্থলঙ্কাৰক পাঁচ ভাগত ভাগ কৰিব পাৰোঁ, যেনে- (১) সাদৃশ্যমূলক (২) বৈসাদৃশ্যমূলক বা বিৰোধমূলক (৩) শৃঙ্খলামূলক, (৪) ন্যায়মূলক, আৰু (৫) গূঢ়ার্থমূলক।

৮। অনুপ্রাস অলংকাৰক পুনৰ কেইটা উপ-বিভাগত ভাগ কৰা হৈছে?

উত্তৰ: অনুপ্রাস অলংকাৰক পুনৰ ৫টা উপ-বিভাগত ভাগ কৰা হৈছে।

৯। অনুপ্রাস অলংকাৰ এক অর্থালংকাৰ বিশেষ- কথাষাৰ শুদ্ধনে?

উত্তৰ: অশুদ্ধ।

১০। অর্থালংকাৰ কি?

উত্তৰ: যি অলঙ্কাৰ সম্পূৰ্ণভাৱে অৰ্থৰ ওপৰত নিৰ্ভৰ কৰি থাকে, অৰ্থ ঠিক বাখি শব্দৰ পৰিৱৰ্তন কৰিলেও যাৰ অস্তিত্বৰ কোনো ব্যাঘাত নঘটে সেয়ে অর্থালঙ্কাব।

১৫। ভাৰতীয় অলংকাৰশাস্ত্ৰত বক্রোক্তিবাদৰ বিষয়ে কোনে পোনপ্রথমে আলোচনা কৰিছিল?

উত্তৰ: আচার্য ভামহে।

১৬। আচার্য ভামহৰ মতে বক্রোক্তি কি?

উত্তৰ: আচাৰ্য ভামহৰ মতে শব্দ আৰু অৰ্থৰ সহযোগত যি কাব্য গঢ়ি উঠে তাৰ এটি অত্যাৱশ্যকীয় ধর্মই হ'ল বক্রোক্তি।

১৭। আচাৰ্য দণ্ডীৰ মতে বক্রোক্তিৰ মূল কি?

উত্তৰ: আচাৰ্য দণ্ডীৰ মতে স্বভাৱোক্তিৰ বিপৰীত ধৰ্মবিশিষ্ট বক্রোক্তিৰ মূল হ'ল শ্লেষ।

১৮। কুন্তকৰ বক্রোক্তি সম্বন্ধীয় বিখ্যাত গ্ৰন্থখনৰ নাম কি?

উত্তৰ: আচাৰ্য কুন্তকৰ বক্রোক্তি সম্বন্ধীয় গ্ৰন্থখনৰ নাম বত্ৰোক্তিজীৱিতম্।

১৯। একাৱলী কি?

উত্তৰঃ একাৱলী হ'ল এবিধ দ্বিপদী ছন্দ বিশেষ। একোটা চৰণত মুঠ ১১ টা অক্ষৰ থাকে আৰু এটা শাৰীত লিখা হয়। 

২০। 'অনুপ্রাস মূলতঃ চাৰি ভাগত বিভক্ত বুলি মন্মাটাচাৰ্যই মত পোষণ কৰিছে'-কথাষাৰ শুদ্ধ নে অশুদ্ধ?

উত্তৰ: অশুদ্ধ।

২১। চিত্রকল্পবাদ আন্দোলন কেতিয়া হৈছিল?

উত্তৰঃ ১৯০৯-১৯১৭ চনৰ ভিতৰত গঢ়ি উঠিছিল।

২২। চিত্রকল্পবাদী আন্দোলনৰ প্ৰধান গুৰি ধৰোঁতা কোন আছিল?

উত্তৰ: আমেৰিকাৰ কবি এজৰা পাউণ্ড আছিল চিত্রকল্পবাদী আন্দোলনৰ প্ৰধান গুৰি ধৰোঁতা।

২৩। চিত্রকল্পবাদ আন্দোলনৰ প্ৰধান লক্ষ্য কি আছিল?

উত্তৰঃ চিত্ৰকল্পবাদ আন্দোলনৰ প্ৰধান লক্ষ্য আছিল- ৰমন্যাসবাদৰ মাজত থকা ধুৱলী-কুঁৱলী মায়াময়তা দূৰ কৰি একো একোটা চিত্ৰকল্পৰ আধাৰত কবিৰ বক্তব্য বা অনুভব শুব্ধভাৱে স্পষ্ট ৰূপত কম কথাৰে দাঙি ধৰা।

২৪। চিত্রকল্পবাদী আন্দোলনটো কিমান চনৰ পৰা স্তিমিত হৈ পৰে?

উত্তৰ: চিত্ৰকল্পবাদী আন্দোলনটো ১৯১৮ চনৰ পৰা স্তিমিত হৈ পৰে।

২৫। প্রতীকবাদ আৰু চিত্ৰকল্পবাদৰ মাজত এটা পার্থক্য উল্লেখ কৰা।

উত্তৰ: প্রতীকবাদী আন্দোলনৰ শব্দৰ সাংগীতিক লয় অথবা সুৰত নিৰ্ভৰ কৰে আনহাতে, চিত্রকল্পবাদে নিৰ্ভৰ কৰে চিত্ৰত।

২৬। ইংৰাজী 'Symbol' শব্দটোৰ অসমীয়া প্রতিশব্দ কি

উত্তৰ: ইংৰাজী 'Symbol' শব্দৰ অসমীয়া প্রতিশব্দ হ''প্রতীক'

২৭। প্রতীক শব্দটোৰ আভিধানিক অর্থ কি?

উত্তৰ: প্রতীক শব্দটোৰ আভিধানিক অর্থ হ'ল কোনো বিষয়ৰ প্ৰতিৰূপ বা প্রতিৰূপ বুজোৱা চিহ্ন।

২৮। প্রতীক আৰু প্রতীকবাদ একে হয়নে?

উত্তৰ: প্রতীক আৰু প্রতীকবাদ একে নহয়।

২৯। কবিতাত ব্যবহৃত প্রতীক কি?

উত্তৰঃ কবিতাত ব্যৱহৃত প্রতীকসমূহ হ'ল একো-একোটা ভাবনাৰ কল্পৰূপ।

৩০। প্রতীকবাদ কি?

উত্তৰ: প্রতীকবাদ হ'ল এটা আধুনিক সাহিত্য আন্দোলন।

চমু প্রশ্নোত্তৰ

১। ছন্দ সৃষ্টিত গতি আৰু বিৰতিয়ে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰে?

উত্তৰঃ ছন্দ সৃষ্টিত গতি আৰু বিৰতিয়ে মুখ্য ভূমিকা গ্রহণ কৰে। গতি আৰু বিৰতি ভাই-ককাই সদৃশ। এটাই আনটোক এৰি থাকিব নোৱাৰে। বিৰতিয়েহে গতিক শক্তি দিছে। ই জগতৰ ৰীতি। বিশ্ব ব্ৰহ্মাণ্ডৰ গ্রহ-নক্ষত্র, নদ-নদী, জান-জুৰি নিজৰা, প্রাণী এই সকলোৰে চাল-চলন এক নিৰ্ধাৰিত ৰীতিৰ মাজেদি চলে। আৰু এই ৰীতিটোত আছে এক সুনিয়ন্ত্রিত গতি আৰু বিৰতি।

২। ছবি কি?

উত্তৰঃ ছবি ছন্দক দীর্ঘ দুলড়ী বুলিও ক'ব পাৰি। ইয়াতো দুটা চৰণ, ৬ টা পদ আছে। দুটা চৰণত বিভক্ত এই ছন্দৰ প্ৰতিটো চৰণতে তিনিটাকৈ পদ থাকে। দুলড়ী আৰু ইয়াৰ প্ৰধান পার্থক্যটি হ'লে ইয়াৰ অক্ষৰৰ সংখ্যাত। ইয়াত মুঠ অক্ষৰ সংখ্যা হ'ল- ৫২ টা। প্রথম, দ্বিতীয়, চতুর্থ আৰু পঞ্চম পদত ৮ টা অক্ষৰ থাকে আৰু অৰ্দ্ধযতি পৰে। তৃতীয় আৰু ষষ্ঠ পদত ১০ টাকৈ অক্ষৰ আৰু ৮ টা অক্ষৰৰ পাছত লঘুযতি পৰে। ২৬ টা অক্ষৰৰ পাছত পূৰ্ণযতি পৰে। যেনে -

   । ।      । ।        । ।       । । ৮           । ।      । ।       । ।       ।। ৮

   মহা জল বেগে যেন ★                     এক থান হোৱে ফেন ★


             । ।       । ।     । ।     । ।     ।। ১০

             খানি    তেক  থাকি  মিল    বাই ★★ ।।


। । । । । ।     । । ৮                       । ।    । ।     । ।      । । ৮

বান্ধ  বৰ সমা গম ★                       জানি বাহা   সেহি  সম ★

         

          । । ।     । । ।     । ।     । ।

          অসাৰ   সংসাৰ  সমু ।  দায় ।।


এই ছন্দসজ্জাটি এবিধ ত্রিপদী ছন্দ বিশেষ আৰু আজিকালিও এই ছন্দৰ প্ৰচলন বহুল।

ছবিৰ আন উদাহৰণ-


        । ।      । ।      ।।     ।।                 । ।       ।।       ।।      ।।

      'হেন   মহা    দিব্য   বন       ।         দেখিলন্ত        ত্রিনয়ণ ।


        ।।       ।।       ।।            ।।        ।।

      দিব্য   কন্যা   এক   ।     আছে   তাতে ।


    ।।       ।।      ।।    ।।                । । ।       । । ।       । ।        

কোটি লক্ষ্মী সমনোহে         ।      কটাক্ষে ত্রৈলোক্য মোহে


                       ।।     ।।     ।।      ।।      ।।

                    ভণ্টা খেৰি খেলে। দুয়ো হাতে ।।'           - হৰমোহন


উৎকলিত ছবি ছন্দৰ স্তৱকটোত 'বন', 'লন (লপ্ত)', 'এক', 'আছে', 'তাতে', 'কোটি', 'লক্ষ' (লক্ষ্মী), 'সম', আদি যুগ্ম ধ্বনি যদিও ইয়াত একমাত্ৰাকৈহে সংস্থাপন কৰা হৈছে। 

৩। লেচাৰী কি?

উত্তৰঃ লেচাৰী ছন্দটিও ৬টা পদযুক্ত, দুটা চৰণ বিশিষ্ট ছন্দ। প্রতিটো চৰণত তিনিটাকৈ পদ থাকে আৰু প্ৰতিটো চৰণৰ মুঠ অক্ষৰ সংখ্যা ৩৪ টা। প্রথম, দ্বিতীয়, চতুর্থ আৰু পঞ্চম পদত ১০টাকৈ অক্ষৰ থাকে, ইয়াৰে প্ৰথম ৬টা পাছত লঘুযতি পৰে আৰু ১০টা পাছত অৰ্দ্ধযতি পৰে। দ্বিতীয় আৰু ষষ্ঠ পদত ১০ টা অক্ষৰ থাকে, ইয়াৰে ১৪ টা অক্ষৰৰ পাছত লঘুযতি আৰু শেষত পূৰ্ণযতি পৰে। যথা।

       ৬               8                                      ৬                8 

কৃষ্ণ একদেৱ। দুঃখহাৰীম                    কালমায়াদিৰো। অধিকাৰী


                         ৬                          ৮

         কৃষ্ণবিনে শ্রেষ্ঠ।    দেৱ নাহি নাহি আৰ।।


               ৬         8                                      ৬               ৪

সৃষ্টি স্থিতি অন্ত। কাৰী দেৱ  তান্ত বিনে আন। নাহি কেৱ


     ৬                             ৮

জানিবা বিষ্ণুয়ে। সমস্ত জগতে সাৰ।।

উল্লেখযোগ্য যে লেচাৰী হ'ল পুৰণি অসমীয়া ছন্দৰ আটাইতকৈ দীঘল আৰু লেহেতীয়া ছন্দ। শংকৰদেৱ আৰু তেওঁৰ পূৰ্বৰ কবিসকলৰ ৰচনাত এই ছন্দসজ্জা দেখিবলৈ পোৱা নাযায়। মাধৱদেৱৰ 'নামঘোষা' তথা তাৰ পৰৱৰ্তী ৰচনাৰাজিতহে এই ছন্দসজ্জাই ঠাই পাইছে। ইয়ো এবিধ ত্রিপদী ছন্দ বিশেষ।

৪। গীত আৰু কবিতা একেনে?

উত্তৰঃ গীত আৰু কবিতা দেখাত একে যেন লাগে; কিন্তু লক্ষণত পার্থক্য আছে। গীতত তাল আৰু সুৰ থাকে। আনহাতে কবিতাত লয় আৰু তৰংগ (স্পন্দন) থাকে, এই লয় আৰু তৰংগ বা স্পন্দৰ ওপৰত নিৰ্ভৰ কৰি ছান্দাসিকসকলে লয়ক ছন্দোবদ্ধ আৰু স্পন্দনক ছন্দ স্পন্দ বুলি কৈছে।

৫। পদ বুলিলে কি বুজা?

উত্তৰ: 'পদ' 'ল পুৰণি অসমীয়া এক ছন্দ বিশেষ। সংস্কৃত ভাষাত যিকোনো ছন্দবে কবিতা মাতিলে যেনেকৈ শ্লোক মাতিছে বুলি মন্তব্য কৰা হয় ঠিক তেনেদৰে অসমীয়াতো সংস্কৃতৰ আৰ্হিত ৰচনা কৰা ছন্দোবদ্ধ ৰচনাক বুজাবলৈ মূলত 'পদ' শব্দটো ব্যৱহাৰ কৰা হৈছিল। কিন্তু অসমীয়াৰ এক বিশেষ ছন্দসজ্জাকো প্রথমতে 'পদ' নামেৰে নামকৰণ কৰা হৈছিল যদিও পাছলৈ ইয়াক 'পয়াৰ' বুলি নতুনকৈ নামকৰণ কৰা হয়। অর্ধযতিৰ দ্বাৰা নিৰূপিত ধ্বনি প্রৱাহৰ ভাগকে পদ (Matrical pause) বোলা হয়। এটা পদত দুটাৰ পৰা চাৰিটালৈকে পর্ব সন্নিৱিষ্ট হৈ থাকে। পৰ্বৰ ক্ষেত্ৰ এটা শব্দ দ্বিখণ্ডিত হৈ তাৰ মাজতো বিৰতিয়ে স্থান পাব পাৰে। এনে পৰ্ব অর্থ বোধগম্য নহয়।

এই ছন্দৰ মাত্রা সংখ্যা হ'ল- ২৮। মুঠ চাৰিটা পৰ্বৰে দুটা চৰণ গঠিত হয়। প্রতিটো চৰণৰ অক্ষৰ সংখ্যা ১৪, ইয়াৰে প্ৰথম পর্বত ৮ আৰু দ্বিতীয় পর্বত ৬ টা অক্ষৰ থাকে। প্ৰতিটো চৰণৰ প্ৰথম পৰ্বৰ পাছত অৰ্দ্ধৰ্যতি আৰু দ্বিতীয় পৰ্বৰ পাছত পূৰ্ণযতি পৰে। যথা-

    । । ।     । । ।      ।।            ।।         । । । ।

    'প্রথমে প্রণামো ব্রহ্ম ।               ৰূপী সনাতন।।

    ।।        । । । । ।             । ।     । । । । 

    সৰ্ব অৱতাৰৰ কা ।         ৰণ নাৰায়ণ ।।

    অর্থাৎ ইয়াৰ মাত্রা সংখ্যা হ'ল - ৮ + ৬ = ১৪ আৰু ৮ + ৬ = ১৪, সর্বমুঠ

২৮ শব্দৰ ওপৰত দিয়া (।) চিহ্নটোৰে মাত্রা নির্দেশ কৰা হয়।

ওপৰৰ পদফাঁকিৰ দ্বিতীয় চৰণৰ 'কাৰণ' শব্দটো 'কা' আৰু 'ৰণ' দুটা খণ্ডত বিভক্ত হৈ 'কা' টোৱে পূৰ্বস্থিত 'অৱতাৰৰ' লগ লাগি এটা পর্ব হৈছে। আনটো 'ৰণ' অংশটোৱে পৰৱৰ্তী 'নাৰায়ণ'ৰ লগ হৈ এটা বেলেগ পৰ্ব কৰিছে। এনেদৰে শব্দক ভাগ কৰা ধ্বনিকে পদ বোলে

৬। কুসুমমালা ছন্দ কি?

উত্তৰ: শংকৰদেৱে আৱিষ্কাৰ কৰা এটা অভিনৱ ছন্দসজ্জা হ'ল কুসুমমালা ছন্দ। হাতী মাৰি ভূৰুকাত ভৰাবলৈ গৈ তেওঁ এই অসামান্য ছন্দসজ্জাটি আৰম্ভ কৰে। দ্বিপার্বিক ষড়মাত্ৰাৰ ৰূপেৰে এই ছন্দসজ্জাটি গঠিত। প্রতিটো পর্বতে ৬টাকৈ অক্ষৰ থাকে আৰু পৰ্ববোৰৰ শেষৰ বর্ণ একে। সাধাৰণতে পদান্তিক ধ্বনিবোৰ একে হোৱা বাবে ই এধাৰি ফুলৰ মালাৰ দৰে হৈ পৰাৰ লগতে ধ্বনি উচ্চাৰণ খৰতকীয়া হৈ পৰে, সেয়ে ইয়াক কুসুমমালা ছন্দ বোলা হয়। ইয়াৰ ফলত ছন্দৰ বান্ধোনটো সোলোক-ঢোলোক হৈ নপৰি এক অপূর্ব গীতিময়তাৰে পাঠক শ্রোতাক আহ্লাদিত কৰে। যেনে -

      । ।    । । । ।

(১) নমো নাৰায়ণ ।     ৬

        । । । । । ।

     সংসাৰ কাৰণ ।     ৬

        । । । । । ।

      ভকত তাৰণ  ।     ৬

         ।   । ।   ।।।

      তোহ্মাৰ চৰণ ।।   ৬             - গুণমালা।

(২) । ।   । । । ।

     'কৃষ্ণ যদুপতি ।

      । ।।      । ।

     জগতৰ পতি।

       । ।   । ।  । ।

     মোৰ বথ বৰ।

       । ।    । । । ।

      কৃষ্ণ পাণ্ডৱৰ।

       । । ।   । । ।

     মধ্যত সবাৰ।

       । । ।    । । ।

      থাপিত ঈশ্বৰ।"                  - গীতা, গুণমালা

৭। অর্থালংকাৰ বুলিলে কি বুজা?

উত্তৰ: যি অলঙ্কাৰ সম্পূৰ্ণভাৱে অৰ্থৰ ওপৰত নিৰ্ভৰ কৰি থাকে, অৰ্থ ঠিক ৰাখি শব্দৰ পৰিৱৰ্তন কৰিলেও যাৰ অস্তিত্বৰ কোনো ব্যাঘাত নঘটে সেয়ে অর্থালঙ্কাৰ। যেনে-

    "প্রফুল্ল কমল হেন নয়ন যুগল"- ইয়াক যদি 'বিকশিত পদ্ম যেন চক্ষু দুটি'- বুলি কোৱা হয় তেতিয়াও সেই উপমা অলঙ্কাৰ অক্ষুণ্ণভাৱে থাকি যায়।

বেছিভাগ অর্থালঙ্কাৰেই সাদৃশ্যমূলক। ইয়াত সাদৃশ্য মানে 'সমানৰূপতা' অর্থাৎ দুটা বস্তুৰ যথোচিত সম্বন্ধ। প্রায়বিলাক অর্থালঙ্কাৰে এই সম্বন্ধৰ বিধি বা নিষেধৰ ওপৰত প্ৰতিষ্ঠিত। প্রায়বিলাকতে কোনো এটা সাধাৰণ ধৰ্ম্মক লৈ অনেক পদার্থ বা বাক্যাৰ্থৰ যোগ বা যৌক্তিকতা নাইবা বিৰুদ্ধ ধৰ্ম্মক লৈ বিয়োগ বা অযৌক্তিকতাৰ প্রতীতি হয়।

৮। অর্থালংকাৰ কেইপ্ৰকাৰৰ আৰু কি কি চমুকৈ আলোচনা কৰা।

উত্তৰ: আমি অর্থলঙ্কাবক

পাঁচ ভাগত ভাগ কৰিব পাৰোঁ, যেনে- (১) সাদৃশ্যমূলক (২) বৈসাদৃশ্যমূলক বা বিৰোধমূলক (৩) শৃঙ্খলামূলক, (৪) ন্যায়মূলক, আৰু (৫) গূঢ়ার্থমূলক।

(১) সাদৃশ্যমূলক: যেনে- উপমা, ৰূপক, উল্লেখ, স্মৰণ, সন্দেহ, নিশ্চয়, ভ্রান্তিমান, অপহূতি, উৎপ্রেক্ষা, প্রতিবস্তুপমা, দৃষ্টান্ত, নিদর্শনা, অতিশয়োক্তি, সমাসোক্তি, তুল্যযোগিতা, দীপক, সহোক্তি, বিনোক্তি, অর্থশ্লেষ, সামান্য, সম আৰু মিলিত।

(২) বৈসাদৃশ্যমূলকঃ যেনে- ব্যতিৰেক, বিৰোধাভাস, বিভাৱনা, বিশেযোক্তি, অসঙ্গতি, বিষম, বিচিত্র, ব্যাঘাত, বিশেষ, প্রত্যনীক, অনুকূল।

(৩) শৃঙ্খলামূলক: যেনে মালাদীপক, পর্যায়। কাৰণমালা, একাবলী, যথাসংখ্য, সাৰ, অন্যোহন্য,

(৪) ন্যায়মূলকঃ অর্থান্তবন্যাস, কাব্যলিঙ্গ, অপ্রস্তুতপ্রশংসা, আক্ষেপ, প্রতীপ, অর্থাপত্তি, পৰিবৃত্তি, সমুচ্চয়, সমাধি, পৰিসংখ্যা।

(৫) গূঢ়ার্থমূলকঃ ব্যাজস্তুতি, স্বভাবোক্তি, পর্যায়োক্তি, ব্যাজোক্তি, ভাৱিক, সূক্ষ্ম, উদাত্ত আৰু ৰসবৎ আদি।

৯। অলঙ্কাৰ বুলিলে কি বুজা?

উত্তৰ: সাহিত্য ক্ষেত্ৰত অলঙ্কাৰৰ স্থান সকলোতকৈ গুৰুত্বপূর্ণ। সুপ্রাচীন কালৰপৰাই যিসকলে সাহিত্যৰ তত্ত্ব আলোচনাত মনোনিৱেশ কৰিছে সেইবিলাকৰ প্ৰায় সকলোৱে অলঙ্কাৰ নিৰূপণৰ কাৰণে অধিক সময় আৰু শক্তি ব্যয় কৰিছে।

সাধাৰণ আলাপৰ মাজত অলঙ্কাৰ: কেৱল সাহিত্যতে নহয় আমাৰ দৈনন্দিন ব্যৱহৃত আলাপ-আলোচনাৰ মাজতো ইয়াৰ বহুল প্রচলন আছে। নিৰক্ষৰ, হজুৱা অসমীয়াৰ মুখৰ কথাও নানা অলঙ্কাৰৰ ঝঙ্কাৰত মুখৰিত। "মুখ শুকাই আমঠু যেন হ'ল", "আনন্দৰ ঢউ”, “মউ বৰষা মাত", "জুইৰ ডৰত উধান পলাব নোৱাৰে"- ইত্যাদি শত শত উপমা, ৰূপক, উৎপ্রেক্ষা, অতিশয়োক্তি, অর্থান্তৰন্যাস আদি অলঙ্কাৰ, দৈনন্দিন কথাৰ মাজত সদায়ে আমি শুনিব লাগিছো। ভাষাগত এনে বৈচিত্র্যবোৰেই সাহিত্যৰ দেহত অলঙ্কাৰ। প্ৰাচীন আচাৰ্য্য ভামহ, দণ্ডী আদিয়ে কাব্যৰ সকলোখিনি তত্ত্বকে অলঙ্কাৰৰ ভিতৰত নিহিত কৰি ৰাখিছে।

অলঙ্কাৰ শব্দৰ অৰ্থ দুই প্রকাৰ: অলঙ্কাৰ-শাস্ত্ৰৰ আলোচনা কৰিলে দেখা যায়- প্রাচীন আলঙ্কাৰিকসকলে অলঙ্কাৰ শব্দটি দুইৰকমৰ অৰ্থত ব্যৱহাৰ কৰিছে। 'অলং' শব্দৰ এটা অর্থ পৰ্য্যাপ্তি বা যথেষ্ট ভার (এয়ে যথেষ্ট আৰু নালাগে)। আন এটা অর্থ ভূষণ। প্রথম পক্ষে সাহিত্যক পর্যাপ্ত অর্থাৎ সাহিত্য নামৰ উপযোগী হিচাপে সম্ভোগভূয়িষ্ঠ কৰা হয় যাৰদ্বাৰা সেয়ে সাহিত্যৰ অলঙ্কাৰ। আলঙ্কাৰিকসকলে অলঙ্কাৰ শব্দৰ বিশিষ্ট বা সংকীর্ণ, ভূষণ অর্থটিক সাহিত্যৰ অনিত্য বা অস্থিৰ ধৰ্ম্ম বুলি ভাবিছিল- সেইবিলাক কাব্যৰ আত্মাতো নহয়েই অঙ্গস্থানীয়ও নহয়- শোভাবর্দ্ধক, কঙ্কণ কুণ্ডল আদিৰ দৰে বাহিৰা সাজ-পাৰহে। অলঙ্কাৰ শব্দৰ এই অৰ্থ গ্ৰহণৰ ফলতে "অলঙ্কাৰাঃ কটককুণ্ডাদিৱৎ" এই মতবাদৰ সৃষ্টি হৈছে অলঙ্কাৰ নিৰূপণ বিষয়ত প্রাচীনসকলৰ ভিতৰত দণ্ডী আৰু বামনৰ মত বিশেষভাৱে মন কৰিবলগীয়া।

১০। দণ্ডীৰ দৃষ্টিত অলঙ্কাৰ কি?

উত্তৰঃ দণ্ডীয়ে স্বভাৱোক্তি আৰু বক্রোক্তি (অতিশয়োক্তি) ভেদে কাব্য দুবিধ বুলি ক'লে, "ভিন্নং দ্বিধা স্বভাবোক্তিৰ্ব্বক্রোক্তিশ্চেতি ৱাত্মমম্।" স্বভাৱোক্তি বা বক্রোক্তিক অর্থালঙ্কাৰ মাত্ৰৰে 'মূলবীজ' বুলি স্বীকাৰ কৰিলে। ইয়াৰদ্বাৰা বুজা যায়, স্বভাৱোক্তি আৰু বক্রোক্তি কাব্যৰ স্বৰূপ ঘটক অঙ্গ, ইয়াক বাদ দি কাব্য থাকিব নোৱাৰে। দ্বিতীয়তঃ যি সকল ধর্মই কাব্যৰ শোভা কৰে তাকেই অলঙ্কাৰ বুলি কৈ কাব্যশোভাৰ কাৰক শ্লেষ প্রসাদ আদি গুণবিলাক' আৰু আতিশয্য বুজাবৰ কাৰণে যি দ্বিৰুক্তি কৰা হয় তাকো অলঙ্কাৰ বোলা হৈছে।

"কাব্যশোভাকৰান্ ধৰ্ম্মানলঙ্কাবান্ প্রচক্ষতে।"             (কাব্যাদর্শ-২।১)

"অনুকম্পাদ্যতিশয়ো যদি কশ্চিম্বিরক্ষাতে।

ন দোষঃ পুনৰক্তোহপি প্রত্যুতেয়মলব্ধি য়া।।"             (কাব্যাদর্শ-৩।১৩৭)

স্বভাৱোক্তি, বক্রোক্তি আৰু গুণবিলাকক কাব্যৰ ভূষণ মাত্র বলি কব নোৱাৰি। কাৰণ সেয়ে হলে এইবিলাকক বাদ দিও নিৰাভৰণভাৱে কাব্য বস্তুটো থাকিব পাৰিলেহেঁতেন। গতিকে আমি ভাবোঁ, দণ্ডীৰ 'কাব্য শোভাকৰ' শব্দৰ অর্থ, কাব্যত্বসম্পাদক শোভাৰ অর্থাং যি শোভাকে বাদ দি বাক্য হব নোৱাৰে তাৰে কাৰক। সেয়ে হলে তেওঁৰ অভিমত, অলঙ্কাদ যে কঙ্কণ কুণ্ডল আদিৰ দৰে একেবাৰে বাহিৰা সাজ-সজ্জা স্থানীয় নহয়- শৰীৰগং লাৱণ্যস্থানীয়হে, এই কথা সহজবোধ্য।

১১। শব্দালংকাৰ কাক বোলে? ইয়াৰ ভাগ কি কি?

উত্তৰ: শব্দালংকাৰ শব্দৰ ওপৰতে নিৰ্ভৰশীল। ক'ব পাৰি শব্দালংকাৰত অলংকাৰৰ সৌন্দৰ্যৰ মূল হ'ল বৰ্ণ। কাব্যত কবিয়ে বর্ণবিন্যাসেৰে বিভিন্ন গুণসমূহ ফুটাই তোলাৰ লগতে শব্দধ্বনিৰ সৌন্দৰ্য সৃষ্টি কৰি পাঠকৰ মন আহ্লহ লাদিত কৰি তোলে। এইবিধ অলংকাৰ বৈচিত্র্য ঘাইকৈ বৃদ্ধিগম্য। সেইবাবে বহু আলংকাৰিকে ইয়াক 'তল খাপৰ' কবিতা বুলিও মন্তব কৰে। তেওঁলোকৰ মতে কবিৰ শব্দচাতুর্যৰ হেঁচাত প্রসাদ গুণ তথা হৃদয় আহ্লাদিত কৰা গুণসমূহ নাথাকে আৰু পাঠকৰ মনত এতৰপ জলমলীয়া আৱৰণহে সৃষ্টি কৰে। তথাপিও আমি ক'ব লাগিব যে শব্দৰ সুবিন্যাস সাহিত্য কলাৰ এক বিশেষ কলা আৰু তাৰ মনোগ্রাহিতা সন্দেহাতীত। উদাহৰণস্বৰূপে আমি "শুন শুন ৰে সুৰ বৈৰী প্ৰমাণা নিশাচৰ নাশ নিদানা" বৰগীতটোৰ কথা ক'ব পাৰোঁ। এই বৰগীতটোৰ অৰ্থ বহুতে ভালদৰে ক'ব নোৱাৰিব যদিও ইয়াৰ অনুপ্রাসযুক্ত লয়-সুৰ আদিয়ে কাব্যাংশক অধিক ৰমণীয় কৰি তোলাৰ লগতে আমাদ সকলোকে মুগ্ধ কৰি ৰাখিছে।

শব্দালংকাৰৰ শ্ৰেণীবিভাগ সম্পর্কেও বিভিন্ন আলংকাৰিকৰ মাজত মতভেদ থকা পৰিলক্ষিত হয়। তথাপিও মম্মটকে আদি কৰি বিভিন্ন আলংকাৰিকে অনুপ্রাস, যমক, শ্লেষ, বক্রোক্তি, পুনৰুক্তিবদাভাস আৰু চিত্র- এই ছটা ভাগত শব্দালংকাৰক ভাগ কৰিছে।

১২। কেইটিমান উল্লেখযোগ্য সাদৃশ্যমূলক অলংকাৰ উল্লেখ কৰা।

উত্তৰ: কেইটিমান উল্লেখযোগ্য সাদৃশ্যমূলক অলংকাৰ হ'ল- উপমা, ৰূপক, উল্লেখ, স্মৰণ, সন্দেহ, ভ্রান্তিমান, উৎপ্রেক্ষা, দৃষ্টান্ত, নিদর্শন, অতিশয়োক্তি, সমাসোক্তি, তুল্যযোগিতা, সম, ইত্যাদি।

১৩। 'হে প্রভু মোক বাঞ্ছিত বৰদান কৰক।' বাক্যটিত কিদৰে শ্লেষৰ প্ৰয়োগ হৈছে আলোচনা কৰা।

উত্তৰ: শ্লেষ শব্দটোৰ অর্থ হ'ল- এটাতকৈ অধিক অর্থত একোটা শব্দৰ ব্যৱহাৰ বাক্যত কোনো এটা শব্দৰেই দুই বা তাতোধিক অর্থ নিৰূপণ কৰিলে যি অলংকাৰৰ সৃষ্টি হয় তাকে শ্লেষ অলংকাৰ বুলি কোৱা হয়। অর্থাৎ দ্ব্যর্থকভাবে ব্যৱহাৰ কৰা শব্দৰে যি অলংকাৰ সৃষ্টি হয় সেয়াই শ্লেষ অলংকাৰ। যথা

হে প্রভু মোক বাঞ্ছিত বৰদান কৰক।

এই বাক্য শাৰীত 'ববদান' শব্দটোরে দুটা অর্থ নিৰূপন কৰিছে। 'বৰ' মানে 'আর্শীবাদ' আব্ আনটো অৰ্থ হ''দৰা বা স্বামী'। বক্তাই দ্ব্যর্থকভাৱেই কথাষাৰ ব্যক্ত কৰিছে। আন এটা উদাহৰণ লোৱা হওক। 'নৰক বিনাশন কৃষ্ণ' ইয়াত 'নৰক বিনাশন' শব্দটোবে দুটা অর্থ প্ৰকাশ কৰিছে- নৰক নামৰ অসুৰ জনক বিনাশ কৰা আৰু আনটো হ'ল- নৰকৰ ভয় নাশ কৰা। এটা শব্দতে দুটা অর্থ থকা বা ই শ্লেষ। এইবিধ অলংকাৰৰ মূল কথাটি হ'ল এবাৰ উচ্চাৰণতে একাধিক অর্থ ওলাব লাগিব, একেটা শব্দ দুবাৰ ব্যৱহাৰ কবি অর্থ উলিয়ালে সি শ্লেষ অলংকাৰ নহয়।

১৪। মোৰ বাছা নপশিবা গহন গহন।

       লগত সাৰথি নাই মোহন মোহন।।

  • ইয়াত কিদৰে যমকৰ প্ৰয়োগ হৈছে আলোচনা কৰা।

উত্তৰঃ স্বৰ আৰু ব্যঞ্জন বৰ্ণৰ একেটা থুল বা পদ অর্থ থাকিলে ভিন্ন অর্থত আৰু অর্থ নাথাকিলে নিৰৰ্থকভাবেই একে ক্রমতে উচ্চাৰিত হ'লে যি অলংকাৰৰ সৃষ্টি হয় তাকে যমক অলংকাৰ বোলে। যেনে-

মোৰ বাছা নপশিবা গহন গহন।

লগত সাৰথি নাই মোহন মোহন।।

এই কাব্যাংশৰ প্ৰথম শাৰীত 'গহন' আৰু পাছৰ শাৰীত 'মোহন' দুবাৰ ধ্বনিত হৈ যমক অলংকাৰৰ সৃষ্টি কৰিছে। প্রথম শাৰীৰ প্ৰথম 'গহন' শব্দৰ অৰ্থ হ'ল গভীব, দূর্গম আৰু দ্বিতীয় 'গহন' শব্দৰ অৰ্থ- বন। ঠিক সেইদৰে দ্বিতীয় শাৰীৰ প্ৰথম 'মোহন' শব্দৰ অৰ্থ হ'ল - মুগ্ধ কৰিব পৰা আৰু দ্বিতীয় 'মোহন' মানে শ্রীকৃষ্ণ। এই কবিতাংশত স্বৰ আৰু ব্যঞ্জন বর্ণ একোটা থুল (মোহন আৰু গহন) ভিন্ন অর্থত একেটা ক্রমতে উচ্চাৰিত হৈছে।

১৫। বর্ণবিন্যাস বক্ৰতাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ যি বক্রতা কাব্যৰ পদসমূহৰ ভিতৰত থকা বর্ণবিলাকৰ বিন্যাস বা ব্যৱহাৰৰ লগত জড়িত সেয়াই হ'ল বর্ণবিন্যাস বক্রতা। প্রকৃততে কাৰঘটক পদসমূহত থকা বর্ণবিলাকৰ উপযুক্ত বিন্যাসৰ ফলতেই সহৃদয় পাঠকৰ মনত অলৌকিক আনন্দৰ সৃষ্টি হয়। আৰু এনেকুৱা আনন্দবিধানৰ উদ্দেশ্যে কৰা অক্ষৰ সন্নিবেশ বা আখৰৰ গাঁথনি বিশেষকেই বর্ণবিন্যাস বক্রতা বুলি আখ্যা দিয়া হয়। উদাহৰণস্বৰূপে জয়দেৱৰ গীতগোবিন্দম্ কাব্যৰ তলৰ শ্লোকটো উল্লেখ কৰিব পাৰি-

কাপি বিলাসবিলোলবিলোচনখেলজনিতমনোজম্।

ধ্যায়তি মুগ্ধৱধুৰধিকং মধুসুদনৱদনসৰোজম্।।

কৰতল তালতৰল ৱলয়াৱলিবালিত কলস্বনবংলো।

ৰাসৰসে সহ নৃত্যপৰা হৰিণা যুৱতিঃ প্রশংসে।।

এই শ্লোকত 'ৱি', , , , ল ইত্যাদি বৰ্ণৰ সুন্দৰ বিন্যাসে কবিতাটোত এক অপৰূপ শ্রুতিমাধুর্য আনি দিছে। কবিতাফাঁকি শুনাৰ লগে লগে অর্থবোধৰ পূর্বেই সহৃদয়জনৰ হৃদয় এক অনাবিল আনন্দত উদ্ভাসিত হয়। এনেকুৱা উপযুক্ত বর্ণবিন্যাসৰ বচনভংগী বা প্রকাশভংগীয়েই হ'ল বর্ণবিন্যাস বক্রতা। কিছুমান আলংকাৰিকে এই বক্রতাকেই অনুপ্রাস আৰু যমক অলংকাৰ বুলি কৈছে।

ৰচনাধৰ্মী প্রশ্নোত্তৰ

১। ছন্দৰ প্ৰকৃতি সম্পর্কে বহলাই লিখা।

উত্তৰঃ ছন্দকো এক প্ৰকাৰ কাব্যৰ শব্দার্থ শৰীৰৰ অলংকাৰ বুলি ক'ব পাৰি। শব্দালংকাৰ আৰু অৰ্থালংকাৰে কাব্যৰ শব্দার্থবোধ সৌন্দর্য সৃষ্টি কৰায় আৰু ছন্দই কাব্যৰ শব্দবিন্যাস প্ৰকাৰৰ ফলত ওপজা লয়ভিত্তিক সৌন্দৰ্য্যৰ বোধ কৰায়। ছন্দ শব্দৰ সাধাৰণ অর্থ ধ্বনিব সূষমা, এক স্পন্দনভিত্তিক লয়। গতি আৰু বিৰতিয়ে সৃষ্টি কৰে সৌন্দৰ্যৰ আৰু এই সৌন্দর্যই হৈছে ছন্দ।

    ছন্দ সৃষ্টিত গতি আৰু বিৰতিয়ে মুখ্য ভূমিকা গ্রহণ কৰে। গতি আৰু বিৰতি ভাই-ককাই সদৃশ। এটাই আনটোক এৰি থাকিব নোৱাৰে। বিৰতিয়েহে গতিক শক্তি দিছে। ই জগতৰ বীতি। বিশ্ব ব্ৰহ্মাণ্ডৰ গ্রহ-নক্ষত্র, নদ-নদী, জান-জুৰি নিজৰা, প্রাণী এই সকলোৰে চাল-চলন এক নিৰ্ধাৰিত ৰীতিৰ মাজেদি চলে। আৰু এই বীতিটোত আছে এক সুনিয়ন্ত্রিত গতি আৰু বিৰতি।

    এই ছন্দ বা সৌন্দর্য নাই ক'? বিশ্ব-প্রকৃতিৰ চন্দ্ৰ-সূৰ্য্যৰ উদয়-অস্ত, জান-জুৰি, নদ-নদীব চঞ্চল গতিশীলতা, পদুম পুখুৰীৰ প্ৰতিপাহ পদুমৰ পাপৰিয়ে পাপৰিয়ে এক অপূর্ব সৌন্দর্য প্রতিভাত হয়। আঘোনৰ পথাৰত হালি জালি থকা সোণোৱালী সোণ গুটিবোৰৰ মাজতো-এক অন্য সৌন্দর্য বা ছন্দ আছে। শীতে লঠঙা কৰা বসন্তৰ পৰশত প্ৰাণ পাই জীপাল হৈ উঠা ন-কুঁহিপাতৰ মাজতো আছে অনাবিল সৌন্দর্য বা ছন্দ।

    প্রকৃতিৰ বুকুত সৌন্দর্য থকাৰ দৰে মানৱ জীৱনতো সৌন্দর্য বা ছন্দ আছে। জীৱনৰ হাঁহি-কান্দোন, সুখ-দুখ, হর্ষ-বিষাদ, উত্থান-পতন এইবোৰে জীৱনক মাধুর্য দান কৰে। এইবোৰ হৈছে জীৱনৰ ছন্দ বা সৌন্দর্য। এক সুনিয়ন্ত্রিত গতি আৰু বিৰতি ফলত এক প্রকাৰ তাল-লয় বা তৰংগৰ সৃষ্টি হয় আৰু তৰঙ্গই সৃষ্টি কৰে সৌন্দৰ্য বা ছন্দৰ।

    ঠিক একেদৰে কবিতাৰ বা কাব্যৰ ছন্দ বুলি ক'লে ধ্বনি বিলাকৰ সুনিয়ন্ত্রিত ধ্বনি বিন্যাসৰ ফলত এক জাগ্রত হয় আৰু এই স্পন্দনে এক তাল-লয়ৰ সৃষ্টি কৰি ভাৱ আৰু ভাষাক শ্রুতিমধুৰ কৰি তোলে সেয়ে তাৰ সৌন্দৰ্য বা ছন্দ।

ছন্দ, কাব্যৰ এক লয়ভিত্তিকৰূপ। সু-সংহত আৰু বৈচিত্র্যপূর্ণ ধ্বনি বিন্যাসে লয়ৰ সৃষ্টি কৰে। এই লয়েই হৈছে ছন্দৰ প্ৰাণ। কবিতাৰ ধ্বনি সমূহ বাগিন্দ্ৰিয়ৰ দ্বাৰা উচ্চাৰণ হওতে এক স্পন্দন বা কঁপনিৰ সৃষ্টি হয়। এই স্পন্দন বা কঁপনি ভাৱৰ তীব্রতা অনুসৰি কণ্ঠস্বৰতো উত্থান-পতন ঘটি থাকে। এই স্পন্দনে বা কঁপনিয়ে মানুহৰ হৃদয়ত এক অনির্বচনীয় আবেগ-অনুভূতি জগাই তুলি হৃদয়ক আন্দোলিত কৰে। এটা সহজ উদাহৰণেৰে কথাটো বুজাব পাৰি- 'পানীবে উপচি থকা পুখুৰীটোৰ সোঁমাজলৈ শিলগুটি এটা দলিয়াই দিলে সি এক ঢৌৰ সৃষ্টি কৰিব। সেই টৌ ক্রমান্বয়ে আহি আহি পুখুৰীৰ পাৰত ঠেকা খাবহি, সেয়ে হৈছে তাৰ স্পন্দন বা কঁপনি। এই স্পন্দন বা কঁপনিয়ে এক সৌন্দর্যবোধ কৰায় আৰু তাকে ছন্দ বুলি কোৱা হয়।

 এটা উদাহৰণৰ দ্বাৰা কথাটো পৰিষ্কাৰ হ'ব-

সাগৰ দেখিছা?

দেখা নাই কেতিয়াও?

 ময়ো দেখা নাই 

 শুনিছোঁ, তথাপি

 নীলিম সলিল ৰাশি

 বাধাহীন উম্মিমালা,

 আছে দূৰ দিগন্ত বিয়াপি। - দেৱকান্ত বৰুৱা

 উদ্ধৃত কবিতা ফাঁকিত ধ্বনি প্রৱাহ সু-সংহত আৰু বৈচিত্র্যপূর্ণ। এই ধ্বনি প্রৱাহ কুলুকুল সুৰেৰে কঠিন শিলাখণ্ডক ভেদি অবাৰিতভাৱে অহা পাহাৰীয়া জুৰিটিৰ দৰেই। প্ৰতিটো ধ্বনিৰ বুকুত স্পন্দিত হৈছে এক অনন্য লয়ৰ মাধুর্য। যি লয়ে মানুহৰ হৃদয়ত এক অন্তহীন আবেগ-অনুভূতিৰ সৃষ্টি কৰি হৃদয়ক দোলা দি যায়, অর্থাৎ হৃদয়ক আন্দোলিত কৰিব পাৰে, সেই শ্রুতিমধুৰ আৰু মাধুর্যপূর্ণ উচ্ছল ভাৱ তৰঙ্গকে ছন্দ বুলি কোৱা হয়।

 ইয়াৰ পৰা আমি ছন্দৰ সংজ্ঞা এনেদৰে দিব পাৰো।

 'মানুহৰ হৃদয়ত অনির্বচনীয় আবেগ, অনুভূতি জগাই তুলি, আলোড়ন সৃষ্টি কৰিব পৰা সুসংহত, সুনিয়ন্ত্রিত মাধুর্যপঊর্ণ, স্পন্দময় ধ্বনি প্রবাহৰ বৈচিত্র্যপূর্ণ বিন্যাসকে ছন্দ বোলে।

 ওপৰৰ সংজ্ঞাটোৰ পৰা বুজা যায় যে, ছন্দ হ'বলৈ হ'লে ধ্বনিসমূহ প্রণালীৱদ্ধভাবে থাকিব লাগিব অর্থাৎ সু-সংহত হ'ব লাগিব। স্পন্দনে হৃদয়ত আবেগ-অনুভূতি জাগ্রত কৰিব পাৰিব লাগিব আৰু হৃদয়ত আনন্দ জগাই তুলিব পাৰিব লাগিব।

 এনে কথাৰ ওপৰত নিৰ্ভৰ কৰিয়েই প্রাচীন ভাৰতীয় বৈয়াকৰণিক পাণিনিয়ে ছন্দৰ সংজ্ঞা এনেদৰে দিছে- 'ছন্দয়তি হল্লাদয়তি ইতি ছন্দঃ' 'অর্থাৎ হৃদয়ত আনন্দ জগাই তুলিব পৰা শক্তিকে ছন্দ বোলে। গতিকে ছন্দৰ প্ৰধান লক্ষ্য হ'ল পাঠকক আনন্দ দান কৰা। সাহিত্যত দৰাচলতে উচ্চাৰিত ধ্বনি বিন্যাসৰ স্পন্দনৰ পৰা সৃষ্টি হোৱা সৌন্দর্য। বাক্য যিদৰে অৰ্থৰ দিশৰ পৰা বিন্যস্ত শব্দৰ সমষ্টি, সেইদৰে ছন্দ হ'ল কণ্ঠধ্বনিৰ ফালৰ পৰা বিন্যস্ত কৰা বাক্য বিন্যাস। এনে এটি দিশতে ছান্দনিক এম্বাৰক্রম্বিয়ে ছন্দৰ সংজ্ঞা দিছে এনেদৰে - 'সুষমামণ্ডিত ৰূপকল্পৰ স্পন্দনময় পুনৰাবৃত্তি' অর্থাৎ কবিতাৰ উচ্চাৰণত গতি দিয়া শিল্পসম্মত বিবতিয়েই জন্ম দিয়ে ছন্দৰ। যেনে

 'দিনতে আজি। আহিব খুজি। নাহিলা কিয়। নেপালো বুজি।।

 খবৰ দিলা। সন্ধ্যা বেলা। তোমাৰ অহা। বন্ধ বুলি।।'

২। ছন্দৰ উপাদান কেইটা আৰু কি কি চমুকৈ লিখা।

উত্তৰঃ ছন্দৰ উপাদান ঘাইকৈ দুটা (ক) ছন্দ-বন্ধ আৰু (খ) ছন্দস্পন্দ। গীত আৰু কবিতা দেখাত একে যেন লাগে; কিন্তু লক্ষণত পার্থক্য আছে। গীতত তাল আৰু সুৰ থাকে। আনহাতে কবিতাত লয় আৰু তৰংগ (স্পন্দন) থাকে, এই লয় আৰু তৰংগ বা স্পন্দৰ ওপৰত নিৰ্ভৰ কৰি ছান্দাসিকসকলে লয়ক ছন্দোৱদ্ধ আৰু স্পন্দনক ছন্দ স্পন্দ বুলি কৈছে।

(ক) ছন্দ-বন্ধ: কবিতাত ব্যৱহাৰ হোৱা ধ্বনিসমূহ উচ্চাৰিত হোৱাৰ এক বিশিষ্টভংগী আছে। ইহঁত নিয়মিত ব্যৱধানৰ অন্তৰে অন্তৰেহে উচ্চাৰিত হয়। আনহাতেদি ধ্বনি-সামঞ্জস্য নাথাকিলে, কথা মাধুর্যপূর্ণ হ'ব নোৱাৰে। গতিকে কবিতাত ধ্বনি-সামঞ্জস্য ৰক্ষা কৰি ধ্বনি বিন্যাস কৰাকে বান্ধোন বোলে। কবিতাত ধ্বনিৰ এই বান্ধোনকে ছন্দবন্ধ বুলি কোৱা হয়।

গতিকে, ধ্বনি-সামঞ্জস্য ৰক্ষা কৰি, ধ্বনি বিন্যাস কৰাৰ যি বিশিষ্টশৈলী বা কৌশল তাকে ছন্দবন্ধ বোলে।

'ছন্দবন্ধ'ৰ অর্থ হৈছে- 'ছন্দৰ গাঁথনিবে বন্ধা কার্য বা ছন্দত বন্ধা কার্য। গতিকে ছন্দ-বন্ধ মানে হৈছে কাব্যৰ এক বিশিষ্ট বচনা প্রণালী বা কৌশল।

ছন্দ-বন্ধ আৰু ছন্দোবন্ধ একে কথা নহয় ছন্দো-বন্ধ মানে হৈছে ছন্দ ৰূপত বদ্ধ অর্থাৎ ছন্দত বচিত। ছন্দ-বন্ধ আৰু ছন্দোৱন্ধৰ মাজত এটা সূক্ষ্ম পার্থক্য আছে। এটা উদাহৰণৰ দ্বাৰা এই দুয়োটাৰ পার্থক্যটোৰ উমান পাব পাৰিঃ ছন্দবন্ধ হৈছে শাৰীৰিক বিকাৰৰ চিকিৎসাৰ সাঁ-সজুলি বা প্রণালী আৰু ছন্দোবদ্ধ হৈছে ৰোগ নিৰাময় কৰাৰ ঔষধ।

সংগীতৰ তাল আৰু ছন্দবন্ধ প্রায় একে বস্তু। সেয়ে ছন্দবন্ধক তাল বুলি ক'ব পাৰি। সংগীতৰ সময়ত খেও ধৰি বাদ্যযন্ত্ৰৰ লহৰে গানৰ সুৰ প্ৰবাহক কিছুমান সমান সময় খণ্ডত বিভক্ত কৰে। ইয়াকে তাল (Beat) বোলে। কবিতাৰ সমগ্র ধ্বনি প্রবাহক চৰণ বোলে। ছন্দ-বন্ধই সেই ধ্বনি প্রবাহক সমান আয়তন বিশিষ্ট খণ্ডত বিভক্ত কৰে। সেই খণ্ডবোৰক পৰ্ব বোলে। সংগীতৰ দৰে কবিতাৰ ক্ষেত্ৰত কোনো বাদ্য যন্ত্র লোৱা নহয়। আকৌ গানৰ ক্ষেত্ৰত আগৰ বা পিছৰ খণ্ডবোৰ সমান নহ'লে তাক লা...লা, না... না, ও... হো.... হো আদি কিছুমান অর্থহীন ধ্বনি উচ্চাৰণ কৰি অসমান খণ্ডটোক সমান কৰি লোৱা। কিন্তু কবিতাৰ ক্ষেত্ৰত এনে অর্থহীন ধ্বনিৰ কোনো স্থান নাই। কবিতাৰ প্রতিটো কথা অর্থপূর্ণ হ'বই লাগিব। এটা উদাহৰণ লোৱা যাওক -

'আহিছে মানুহ                   গৈছে মানুহ

                                        মানুহ মায়াপী জীৱ।

মানুহ সোঁতৰ                    অন্ত নাইকিয়া

                                       বুলিলে মৰত কিয়।'                - চন্দ্ৰ কুমাৰ আগৰৱালা

ওপৰৰ কবিতাৰ স্তৱকটিত দুটা চৰণ আৰু ছটা পর্ব আছে। ইয়াৰ প্ৰথম, দ্বিতীয়, চতুর্থ আৰু পঞ্চম পর্ব চাৰিটা সমান খণ্ড। তৃতীয় আৰু ষষ্ট পর্ব দুটা সমান আয়তন বিশিষ্ট। ইয়াৰ এটা খণ্ডৰ এটা বা দুটা ধ্বনি কম হ'লেই তাৰ ছন্দ পতন হ'ব। এনেদৰে ধ্বনিক সমান সময়ত বিভক্ত কৰাই হ'ল ছন্দ বন্ধ।

(খ) ছন্দস্পন্দঃ ছন্দস্পন্দ ছন্দব প্রাণ। ছন্দ-বন্ধই কবিতাৰ ধ্বনিক সমান আয়তন বিশিষ্ট কৰে। এই ধ্বনিবোৰ কণ্ঠস্বৰত ধ্বনিত হওঁতে এক তৰংগ বা স্পন্দনৰ সৃষ্টি হয়। ভাৱৰ তৰংগ বা স্পন্দনে মানুহৰ হৃদয়ত এক মধুৰ আলোড়নৰ সৃষ্টি কৰি মানুহৰ মন্ত্রমুগ্ধ কৰে। মানুহৰ আবেগ-অনুভূতিক জাগ্রত কৰি মনটোকো উচ্চ স্তৰলৈ যায়। সেয়ে হৈছে ছন্দস্পন্দ অর্থাৎ ছন্দৰ প্ৰাণ। এফাঁকি কবিতা লোৱা যাওঁক

'প্রতিমাৰ পখালোঁ চৰণ কিয়? তুমি নুবুজিবা সখী;

কিনো বেদনাত

ষষ্ঠীত প্রতিষ্ঠা কৰা দেৱীক বিসর্জো আমি বিজয়াৰ

বিফল সন্ধ্যাত....                               - দেৱকান্ত বৰুৱা

কবিতা ফাঁকিৰ আংগিকৰ লগত জড়িত হৈ আছে ধ্বনি সংযুতি, আবেশ, পৰিৱেশ আৰু প্রতি অঙ্গে অঙ্গে বিজড়িত আৰু এক কৰুণ আৱেগ। এই আবেগে মানৱ হৃদয়ত সৃষ্টি কৰে ভাৱৰ এক মধুময় ইন্দ্রজাল। এই ভাৱৰ মাজত প্রতিধ্বনিত হৈছে এক নিয়ত অনুৰণন। ধ্বনিসমূহৰ স্পন্দনতেই সৃষ্টি হয় এই অনুৰণন। এই স্পন্দিত অনুৰণনেই সুৰ আৰু এই সুৰকেই কোৱা হয় ছন্দ স্পন্দ। গতিকে ছন্দ স্পন্দৰ সংজ্ঞা এটা এনেদৰে দিব পাৰো- 'সু-নিয়ন্ত্রিত ধ্বনি প্রবাহৰ তৰংগ বা স্পন্দনে মানুহৰ হৃদয়ত আবেগ অদ্ভুভূতি জগাই তুলিব পৰা বৈচিত্র্যপূর্ণ সুৰকেই ছন্দ-স্পন্দ বোলে।

৩। কবিতাত ছন্দৰ প্ৰয়োজনীয়তা সম্পর্কে আলোচনা কৰা।

উত্তৰঃ কবিতাত ছন্দৰ প্ৰয়োজন কি? বা প্রয়োজন আছেনে নাই, ইয়াৰ উত্তৰ দিয়াতো বৰ সহজ নহয়। কিন্তু লয়যুক্ত বাক্য বিন্যাসেযে কবিতাত সৌন্দর্য বৃদ্ধি কৰে, তাত কাৰো দ্বিমত নাই। লয়ৰ প্রতি মানুহৰ স্বাভাবিক আকর্ষণ এটা আদিম কালৰে পৰাই আছে। অন্যান্য জীৱ-জন্তুৰ ক্ষেত্ৰতো এই বৈশিষ্ট্য লক্ষ্য কৰা যায়। প্রতীকবাদী ন্যায়ৰ প্ৰমাণতে উচ্চ জাতৰ বান্দবৰ গতি বিধিতো এই বৈশিষ্ট্যতো লক্ষ্য কৰা যায়। এটা খুঁটিৰ চাৰিওফালে বান্দৰ কেইটামান ঘূৰি থাকিবলৈ দিলে, কিছুসময়ৰ পিছত সিহঁতো এটা ছেও ধৰি ঘূৰিবলৈ লয় অর্থাৎ সিহঁতৰ ছন্দোময় গতিটো স্বাভাৱিক প্রকৃতিৰ পৰাই জন্ম। কবিতাৰ ক্ষেত্ৰতো ছন্দৰ প্রয়োজনীয়তা অথবা ইয়াৰ জন্ম প্ৰাণৰ প্রয়োজনতেই হয়। লয়ে যে মানুহক আকর্ষণ কৰে অর্থাৎ লয় যে মানুহৰ আদিম প্রবৃতি তাকএটা সহজ উদাহৰণৰ দ্বাৰা বুজাব পাৰি আমাৰ সমাজত বহুতো অনাক্ষৰি লোক আছে, কিন্তু তেওঁলোকৰ শ্ৰৱণ শক্তি আৰু বস গ্রহণ শক্তি বৰ প্ৰখৰ। ভকতসকলে যেতিয়া লয়ত গীত-পদ, ঘোষা পাঠ কৰে তেতিয়া অনাক্ষৰিজনে কেবল শ্ৰৱণৰ যোগেদি সেই গীত-পদবোৰ ফৰফৰাই আবৃত্তি কৰিব পাৰে; ইয়াৰ কাৰণ হ'ল লয়। লয়যুক্ত পদ-ছবি, দুলড়ী আদিয়ে শ্রোতাক বৰকৈ আকৰ্ষণ কৰে, আৰু এই লয়ে কথাবোৰ মনত ৰখোৱাত সহায় কৰে। সেয়ে বিশ্বৰ সকলো ভাষাৰ কাব্য-সাহিত্যলৈ মন কৰিলে দেখা যায় যে, লয়যুক্ত গীত-পদ-কবিতা আদিৰহে প্ৰথম ৰচিত হৈছিল। তাৰ বহু পিছতহে গদ্যৰ জন্ম হয়।

এইফালৰ পৰা চাবলৈ গ'লে কবিতাত যে ছন্দৰ প্ৰয়োজন অপৰিহাৰ্য তাক একে আষাৰতেই ক'ব পাৰি। গতিকে প্রাচীন কবিসকলৰ পৰা আধুনিককবিসকলে কবিতা ৰচনা কৰোঁতে ছন্দৰ আশ্রয় লয়।

আনহাতে আধুনিক ছন্দৰ আলোচনাৰ প্ৰসংগত বহুতে কবিতাত ছন্দক অপ্রয়োজন বুলি ভাবে। ফিলিপ চিভনীয়ে কৈছিল 'ছন্দ কবিতাৰ আভৰণ মাথোন, কবিতাৰ লগত তাৰ অবিচ্ছেদ্য সম্পর্ক নাই।'- এই শ্রেণী আলোচকৰ কথা হ', নিয়মিত লয় যুক্তকথা দৰাচলতে কৃত্রিম। মুক্তসঞ্চৰশীল ভাৱ তাত ব্যৱহৃত হয়। কথা ছন্দই স্বাভাৱিক ছন্দ।

কবিতাৰ ছন্দৰ সাৰ্থকতা আৰু শ্ৰোতাৰ মনত ভাব-প্রতিক্ৰিয়াৰ বিষয়ে দুটা ধাৰণা পোৱা যায়। ইয়াৰ প্ৰথমটো হ''কবিতাৰ ছন্দৰ নিয়মিত লয়ে কাণৰ মাজেদি গৈ শ্ৰোতাৰ মনটো অভিভূত কৰি এক উচ্চস্তৰলৈ লৈ যায়। সেই উচ্চ স্তৰতে কবি আৰু পাঠকৰ মনৰ সযোগ নিবিড় হৈ পৰে। দ্বিতীয় ধাৰণাটো 'শিল্পকৰ্মৰ ৰসানুভূতিৰ লগত সম্পর্কিত। আৰ্টৰ বা কলাৰ জগতখন ভাৱ-কল্পনাৰ ৰাজ্য। তাৰ জন্ম হয় কবিৰ হৃদয় সত্বাতহে। কবিতাৰ ছন্দই তেনে এখনআৰ্টৰ জগত পাঠকৰ মনঃচক্ষুৰ আগত দাঙি ধৰাৰ ক্ষেত্ৰত সহায় কৰে।

মুঠৰ ওপৰত কবিতাৰ ক্ষেত্ৰতছন্দৰ প্ৰয়োজনীয়তা অস্বীকাৰ কৰিব নোৱাৰি।

 ৪। অনুপ্রাস অলংকাৰ কাক বোলে? প্রত্যেকবিধ অনুপ্রাস অলংকাৰৰ বিষয়ে উদাহৰণসহ বুজাই লিখা।

উত্তৰঃ 'অনু' শব্দৰ অৰ্থ হ'ল ৰসাদিৰ অনুকূলে আৰু প্ৰাস শব্দৰ অৰ্থ হ'ল- প্রকৃষ্টভারে কৰা বৰ্ণৰ ন্যাস। অর্থাৎ বসপুষ্টিৰ বাবে ওচৰা-ওচৰিকৈ কৰা বৰ্ণৰ বিন্যাসকে অনুপ্রাস বোলা হয়। উল্লেখযোগ্য যে ইয়াত সদৃশ ব্যঞ্জন বিন্যাস (ওচৰা-ওচৰিকৈ) হ'ব লাগিব। বহলাই ক'বলৈ হলে উল্লেখ কৰিব লাগিব যে অনুপ্রাস হ'বলৈ হ'লে তাত মূলতঃ চাৰিটা প্রধান বৈশিষ্ট্য ৰক্ষিত হ'ব লাগিব। যথা

(ক) শুনিবলৈ শুৱলা: ওচৰা-ওচৰিকৈ কৰা বৰ্ণৰ বিন্যাসখিনি যদি শুনিবলৈ শুৱলা নহয় তেন্তে সেয়া অলংকাৰ হ'ব নোৱাৰে বা নহয়।

(খ) সদৃশ বৰ্ণঃ ওচৰা-ওচৰিকৈ বিন্যাস কৰা বৰ্ণখিনি সদৃশ বর্ণ হ'ব লাগিব।

 (গ) ব্যঞ্জন বর্ণঃ সাধাৰণতে ওচৰা-ওচৰিকৈ বিন্যাস কৰা বর্ণখিনি হ'ব লাগে ব্যঞ্জন বৰ্ণ। স্বৰবৰ্ণৰ ওচৰা-ওচৰি বিন্যাস কৰা নহয় কাৰণ ইয়াত শ্রুতিমাধুর্য কম পোৱা যায়। কিন্তু অসমীয়াত স্বৰবৰ্ণৰ ওচৰা-ওচৰি বিন্যাস পোৱা যায়।

 (ঘ) ওচৰা-ওচৰি বিন্যাস: অনুপ্রাসত বিন্যাস কৰা বৰ্ণখিনি ওচৰা-ওচৰিকৈ থাকিব লাগিব। বর্ণ এটাৰ ধ্বনি মাধুর্য একেবাৰে মাৰ যোৱাৰ আগতেই সেই নির্দিষ্ট বর্ণটি পুনৰ ধ্বনিত হ'ব লাগে। মূলতঃ পৰিবৃত্তিৰ সুশ্রাব্য গুণটো আনি দিব লাগিব।

 এটা উদাহৰণেৰে কথাখিনি বহলাই আলোচনা কৰা হওক

 দয়াময় দীননাথ দয়া দান দিয়া।

 কাকৃতি কৰিছো মই কাতৰ কৰিয়া।।

 এই কাব্যাংশৰ প্ৰথম শাৰীটোত '', '' আৰু '' ব্যঞ্জন বর্ণটি আৰু দ্বিতীয় শাৰীটোত '' বর্ণটি এটা নির্দিষ্ট লয়ৰ পাছতে পুনৰ ধ্বনিত হৈ এক শ্রুতিমাধুৰ্যৰ সৃষ্টি কৰি অনুপ্রাস অলংকাৰ সৃষ্টি কৰিছে।

 অনুপ্রাস অলংকাৰটিকো আলংকাৰিকসকলে পুনৰ পাঁচটা উপবিভাগত ভাগ কৰিছে। যথা-

 (১) অন্ত্যানুপ্রাস: পদৰ অথবা কবিতাৰ চৰণসমূহৰ শেষৰ ব্যঞ্জন বৰ্ণৰ বা স্বৰ বৰ্ণৰ মিল থাকিলে অন্ত্যানুপ্রাস সৃষ্টি হয়। উল্লেখযোগ্য যে এই অনুপ্রাসত কেৱল ব্যঞ্জন বৰ্ণৰ মিল থকাটোৱেই প্রধান কথা নহয়, ইয়াৰ লগত থাকিব লাগিব ব্যঞ্জনৰ আগৰ পাছৰ স্বৰবৰ্ণৰ সাম্য। যথা-

 তুমি নিৰঞ্জন।

 পাতক ভঞ্জন।।

 দানব গঞ্জন।

 গোপিকা ৰঞ্জন।।

     ইয়াত শেষৰ বৰ্ণ 'জন' বাৰে বাৰে ধ্বনিত হৈ শ্রুতি মাধুৰ্যৰ লগতে অন্ত্যানুপ্রাস অলংকাৰৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে পুৰণি অসমীয়া ছন্দত অন্ত্যমিল থকাটো প্রায় নিয়মেই। তদুপৰি ৰোমান্টিক অসমীয়া কবিতাটো এই অন্ত্যমিল থকা দেখা যায় আৰু স্বৰবৰ্ণৰ অন্তমিলো দুই এক কবিতাত দেখা যায়

 আজি এই জোনালী ৰাতিত

 নাওখনি মেলি দিলোঁ মই,

 লুইতৰ সুদূৰ সিপাৰে

 সোনোৱালী সেই দেশ ল'ই।

 ইয়াত 'অই' এই দুয়োটা স্বৰবৰ্ণৰ অন্তমিলত অন্ত্যানুপ্রাস অলংকাৰৰ সৃষ্টি হৈছে। প্রণিধানযোগ্য যে স্বৰবৰ্ণৰ অনুপ্রাস কেৱল ''' আই', 'অউ', 'আউ', 'আও' আদি দ্বিস্বৰ তুল্য স্বৰবৰ্ণৰ তথা অন্ত্যানুপ্রাসতহে দেখা যায়।

 (২) ছেকানুপ্রাসঃ ছেক শব্দৰ অৰ্থ হ'ল চতুৰ। অৰ্থাৎ ই হ'ল চতুৰভাৱে সৃষ্টি হোৱা এক অলংকাৰ। এই অলংকাৰত দুটা বা তাতোধিক ব্যঞ্জন বর্ণ যুক্ত বা বিযুক্তভাৱে দুবাৰ ক্ৰম অনুসৰি পুনৰাবৃত্তি হয়। বৰ্ণৰ ক্ৰম যদি সলনি হয় তেন্তে ই ছেকানুপ্রাস নহয়। এই অলংকাৰৰ মূল কথা হ'ল এটা ধ্বনি মাত্র দুবাৰহে পুনৰাবৃত্তি হয়। যেনে

 বজাই তোমাৰ বীণা বীণাপাণি

 ভাৰতক তুলি লোৱা।

 এই কাব্যাংশত 'বীণা' আৰু বীণাপাণিৰ 'বীণা' দুৱাৰ ধ্বনিত হৈ ছেকানুপ্ৰাসৰ সৃষ্টি কৰিছে।

 (৩) বৃত্তানুপ্রাস: এক বা একাধিক বৰ্ণ দুবাৰতকৈ অধিক বাৰ পুনৰাবৃত্ত হ'লে বৃত্তানুপ্রাস হয়। ছেকানুপ্রাস আৰু ইয়াৰ প্ৰধান পার্থক্য হ'ল- ছেকানুপ্রাসত দুটা বৰ্ণ দুবাৰ আবৃত্ত হয় আৰু ইয়াত এক বা একাধিক বৰ্ণ দুবাৰতকৈও বেছি আবৃত্ত হয়। যথা-

 জগজন জীৱন অজন জনার্দ্দন

 দনুজ দমন দুখহাৰী।

     ইয়াৰ প্ৰথম শাৰীটোত '' আৰু '' আৰু দ্বিতীয় শাৰীটোত '' কেইবাবাৰো আবৃত্ত হৈ বৃত্তানুপ্রাস অলংকাৰৰ সৃষ্টি কৰিছে।

(৪) শ্রুত্যানুপ্রাস: মুখ গহ্বৰৰ তালু-দন্ত আদি স্থানৰ ভিতৰত কোনো এক স্থানৰ পৰা উচ্চাৰিত ব্যঞ্জনৰ সাদৃশ্যত শ্রুত্যানুপ্রাস অলংকাৰ সিদ্ধ হয়। যেনে

ধন জন জীৱন                 যৌৱন বিজুৰ

                                      উজুৰি দেশ নেদেশ।

 ইয়াৰ বাৰে বাৰে আবৃত্ত হোৱা '' আৰু '' ধ্বনি মুখ গহ্বৰৰ একে স্থানৰ পৰা উচ্চাৰিত হয়। গতিকে ই শ্রুত্যানুপ্রাস অলংকাৰ।

 (৫) লাটানুপ্রাস: তাৎপর্যভেদে একে অর্থতে শব্দ, পদ অথবা একাধিক পদৰ পুনৰাবৃত্তিত যি অনুপ্রাস অলংকাৰ সিদ্ধ হয় তাকে লাটানুপ্রাস অলংকাৰ বোলা হয়।

 যথা 'মধু অধৰ-মধুপানে।'

 ইয়াত 'মধু' শব্দটো ভিন্ন তাৎপৰ্যত ব্যৱহাৰ কৰা হৈছে বাবে লাটানুপ্রাস অলংকাৰৰ সৃষ্টি হৈছে।

 ৫। বক্রোক্তি কি? ভাৰতীয় অলংকাৰশাস্ত্ৰত বক্রোক্তিৰ ইতিহাসৰ চমু আভাস দাঙি ধৰা। 

 উত্তৰঃ ব্যুৎপত্তিৰ ফালৰ পৰা 'বক্রোক্তি' পদটোৱে তির্যক উত্তিক বুজায়। কিন্তু যি কোনো তির্যক উক্তিয়েই যে বক্রোক্তিৰ সীমাৰ ভিতৰত পৰিব পাৰে এইটো নহয়। বক্রোক্তি শব্দটো কাব্যৰ লগত জড়িত। বিভিন্ন সময়ত পণ্ডিতে বক্রোক্তি সম্বন্ধে বহু ধৰণৰ প্ৰত্যক্ষ বা পৰোক্ষ ধাৰণা দি আহিছে। তাৰে কিছুমানক পৰৱৰ্তী আলংকাৰিকসকলে গ্রহণ কৰিছে, কিছুমানক খণ্ডন কৰি প্রত্যাখ্যান কৰা হৈছে। কিন্তু যিয়েই নহওক, ভাৰতীয় অলংকাৰশাস্ত্ৰত বক্রোক্তিৰ বিষয়ে বর্ণিল ইতিহাস পোৱা যায়। আলংকাৰিকসকলৰ নিজৰ নিজৰ দৃষ্টিভংগীৰে বক্রোক্তিৰ বিভিন্ন দিশসমূহৰ বিষয়ে সমাপন কৰা আলোচনাই বহু সময়ত নতুন গুৰুত্বপূৰ্ণ মতবাদ সৃষ্টিত প্ৰভাৱ বিস্তাৰ কৰিছে। ইয়াৰ ভিতৰত বক্রোক্তিক কাব্যৰ আত্মা বুলি স্বীকাৰ কৰা দলটোও আছে। আকৌ বক্রোক্তিব অস্তিত্ব স্বীকাৰ কৰিলেও ইয়াৰ গুৰুত্বৰ বিষয়ে সন্দেহ প্রকাশ কৰা আলংকাৰিকসকলৰ মতামতৰ বিষয়েও আলোচনা দেখিবলৈ পোৱা যায়।

 ভাৰতীয় আলংকাৰিক ভামহৰ পৰা আৰম্ভ কৰি প্ৰায় প্ৰতিজন প্রাচীন আলংকাৰিকেই বক্রোক্তিৰ বিষয়ে তেওঁলোকৰ অভিমত ব্যক্ত কৰিছে। ভাৰতীয় অলংকাৰশাস্ত্ৰত বক্রোক্তিবাদৰ স্থানৰ বিষয়ে আলোচনা কৰিবলৈ গ'লে প্রাচীন আলংকাৰিক ভামহাচাৰ্যৰ অভিমতেৰে এই আলোচনা আগবঢ়াব পাৰি। আচাৰ্য ভামহে কাব্যলংকাৰত বক্রোক্তি সম্বন্ধে তেওঁৰ বিস্তৃত অভিমত আগবঢ়াইছে। গতিকে ক'ব পৰা যায় যে, বক্রোক্তিৰ ধাৰণা ভাৰতীয় অলংকাৰশাস্ত্ৰত ষষ্ঠ শতাব্দীতেই ব্যক্ত হৈছিল। আচাৰ্য ভামহৰ মতে শব্দ আৰু অৰ্থৰ সহযোগত যি কাব্য গঢ়ি উঠে তাৰ এটি অত্যাৱশ্যকীয় ধর্মই হ'ল বক্রোক্তি। বক্রোক্তিৰ দ্বাৰাই অর্থ বিভাবিত হয় 'সৈষা সর্ব্বৈর বক্রোক্তিৰনয়ার্থো বিভাব্যতে।" ভামহৰ মতে বক্রোক্তি অবিহনে অলংকাৰৰ স্থিতি সম্ভৱ নহয়- “কোহুলংকাৰোহনয়া বিনা।” এই আচার্যজনে স্বভারোক্তি, হেতু আদিক অলংকাৰৰ স্থান দিয়া নাই। কাৰণ এইবোৰত বক্রোক্তি অথবা অতিশয়োক্তিৰ অৱস্থান নাই। তেওঁৰ মতে, বক্রোক্তি বা কথা কোৱাৰ বিচিত্র ভংগিমা অবিহনে কোনো অর্থালংকাৰৰেই অস্তিত্ব নাথাকে। কিন্তু মন কৰিবলগীয়া কথাটো হ'ল যে, আচার্য ভামহে বক্রোক্তিক এটি সুকীয়া অলংকাৰ হিচাপে স্বীকাৰ কৰা নাই। তেওঁ কৈছে "বক্রাভিধেয়শব্দোক্তি ৰিষ্টাৱাচামলংকৃতিঃ।" অর্থাৎ- য'ত শব্দ আৰু ইয়াৰ অৰ্থক বক্ৰ ভাৱে উপস্থাপন কৰা হয় তেতিয়াই অলংকাৰৰ সৃষ্টি হয়। ভোজৰ শৃংগাৰ প্ৰকাশত দণ্ডীৰ উক্তি হিচাপে উদ্ধৃতি দিয়া হৈছে- "বক্রত্বমেয় কাব্যানাং পৰা ভূষেতি ভামহঃ" অর্থাৎ ভামহৰ মতে বক্রেতাই হ'ল কাব্যৰ প্ৰধান ভূষণস্বৰূপ। অলংকাৰসম্প্ৰদায়ৰ প্ৰবক্তা ভামহৰ এনেকুৱা অভিমতে বক্রোক্তিৰ বিষয়ে জনাত বহুখিনি সহায় কৰে। আচার্য দণ্ডীয়ে তেওঁৰ কাব্যদৰ্শত অলংকাৰৰ বিষয়ে এটি বিস্তৃত আলোচনা আগ বঢ়াইছে। এই আলোচনা প্রসংগত তেওঁ স্পষ্টকৈ কাব্যৰ স্বভাৱোক্তি আৰু বক্রোক্তিভেদে এই দুটা ভাগত ভাগ কৰিছে। তেওঁ কাব্যাদর্শত কৈছে-

 শ্লেষঃ সর্ব্বাসু পুষ্ণাতি প্রয়ো বক্রোক্তিষু শ্রিয়ম্।

ভিন্নং দ্বিধা স্বভাবোক্তির্ব্বক্রোশ্চেতি বাংময়ম্।

 দণ্ডিৰ মতে বক্রোক্তিত শ্লেষ থাকে আৰু সিয়েই কাব্যৰ সৌন্দৰ্যক ফুটাই তোলে। বক্রোক্তিৰ স্বরূপ সম্পর্কে দণ্ডীয়ে কাব্যাদর্শত ভামহতকৈ বেলেগ কোনো ধৰণৰ অভিমত দাঙি ধৰা দেখিবলৈ পোৱা নাযায়। কিন্তু দণ্ডীৰ অভিমত অনুসৰি বক্রোক্তিৰ পৰিসৰ আচাৰ্য ভামহে নির্ধাৰণ কৰা বক্রোক্তিৰ পৰিসৰতকৈ কিছু পৰিমাণে সংকীর্ণ। অৰ্থৰ অতিৰঞ্জনৰূপ অতিশয়োক্তি বা বক্রোক্তি নথকা কাৰণে ভামহৰ মতে স্বাভাৱোক্তি আদিক অলংকাৰৰ অন্তৰ্ভুক্ত কৰা নাযায়, কিন্তু দণ্ডীৰ মতে স্বভাৱোক্তি এটি অলংকাৰ আৰু য'ত ইয়াৰ উপস্থিতি প্রত্যক্ষ কৰা যায় তাকে কাব্য বুলি স্বীকাৰ কৰা হয়।

 আলংকাৰিক বামনাচাৰ্য আৰু ৰুদ্ৰটৰ গ্ৰন্থত বক্রোক্তিৰ পৰিসৰ আৰু সংকীৰ্ণ হৈ আহিল। এওঁলোকে বক্রোক্তিক এটি বিশেষ অলংকাৰ হিচাপেহে স্থান দিলে। আচার্য বামনৰ মতে বক্রোক্তি অলংকাৰ এটি সাদৃশ্যভিত্তিক অলংকাৰ। ইয়াৰ লগত ধ্বন্যালোকত নির্দিষ্ট 'অবিৱক্ষিতৱাচ্য ধ্বনি'ৰ লক্ষণৰ সম্পূৰ্ণ সাদৃশ্য থকা দেখিবলৈ পোৱা যায়। আচাৰ্য ৰুদ্ৰটৰ মতে যি অলংকাৰৰ ক্ষেত্ৰত শ্রোতাই শ্লিষ্ট শব্দ বা কণ্ঠস্বৰৰ বিকৃতিৰ কাৰণে বক্তাৰ ঈঙ্গিত অৰ্থৰ বিপৰীত অর্থ গ্রহণ কৰে তাতেই বক্রোক্তি অলংকাৰৰ সৃষ্টি হয়। উদাহৰণ হিচাপে তলৰ কবিতাফাঁকি গ্রহণ কৰিব পাৰি -

 এৰি দিয়া সখী                  কাম আছে মোৰ

                                        এড়ি মই ক'ত পাম 

কামুকীজনৰ                    কি হ'ব এড়িৰে

                                       সিজিব কিবা সকাম।

 এই কবিতাটোত 'এৰি দিয়া' আৰু 'কাম আছে' এই অংশখিনিত বক্তাৰ অভিপ্রেত অর্থ গ্ৰহণ নকৰি শ্ৰোতাই শ্লেষৰ দ্বাৰা যথাক্রমে 'এড়ি' আৰু 'কামনা' ৰূপ অর্থ গ্রহণ কৰি নিজৰ মনৰ কথা ব্যক্ত কৰিছে। এয়াই বক্রোক্তি অলংকাৰ।

 মন্মটভট্ট, বিশ্বনাথ কবিৰাজ আদি পৰৱৰ্তী আলংকাৰিকসকলে বক্রোক্তিক এটি শব্দালংকাৰৰ মর্যাদা প্রদান কৰিছে। আনন্দৱর্ধনাচার্যই অতিশয়োক্তিরূপ বক্রোক্তিকে সকলো অর্থালংকাৰৰ অৱলম্বন বুলি ঘোষণা কৰিছে। অভিনৱগুপ্তই তেওঁৰ লোচনটীকাত অলংকাৰৰ মূল হিচাপে বক্রতাক স্থান দিয়াৰ বিষয়ে কৈছে- "শব্দস্য হি রক্ততা অভিধেয়স্যচ বক্রতা লোকোত্তীর্ণেন ৰূপেন অৱস্থানম্ ইত্যয়মেয় অসৌ অলংকাৰভাৱ। লোকোত্তৰতৈৱ চাতিশয়ঃ তেনাতিশয়োক্তিঃ সর্বালংকাৰসামান্যম্।" অর্থাৎ শব্দৰ বক্রতা অভিধেয় অৰ্থৰ বক্তৃতা ইয়াৰ অলৌকিক অৱস্থানেই হ'ল অলংকাৰসমূহৰ মূলভাৱ। লোকোত্তৰতাসমৃদ্ধ অতিশয়োক্তিয়েই হ'ল সকলো অলংকাৰৰ সাধাৰণ ভাব।

এনেদৰে আলোচনা কৰিলে দেখা যায় যে ভাৰতীয় অলংকাৰশাস্ত্ৰৰ বিশাল ক্ষেত্ৰখনত বক্রোক্তি সম্বন্ধে বহু প্রাচীন কালৰ পৰাই বিভিন্ন ধৰণৰ ধাৰণা পোষণ কৰি অহা হৈছে। কিন্তু কুন্তকৰ বক্রোক্তিজীবিতম্ নামৰ গ্ৰন্থখনে এই ক্ষেত্ৰত এটি আমূল পৰিৱৰ্তনৰ সৃষ্টি কৰে। তেওঁৰ পূৰ্ববর্তী আলংকাৰিকসকলৰ বহুতে বক্রোক্তিৰ অস্তিত্ব স্বীকাৰ কৰিলেও কোনেও ইয়াক কাব্যৰ আত্মা বুলি স্বীকাৰ কৰা নাই। কিন্তু কুন্তকে প্ৰথমবাৰৰ বাবে "বক্রোক্তিকাব্যজীৱিতম" বা- 'বক্রোক্তিয়ে হ'ল কাব্যৰ প্ৰাণ' বুলি অভিমত প্রকাশ কৰিলে তেওঁৰ বক্রোক্তিজীবিতম্ নামৰ গ্ৰন্থখনত। ইয়াৰ লগে লগে বক্রোক্তি নামৰ কাব্যৰ বিষয়টোত এটি নতুন মাত্রা সংযোজিত হ'ল। বক্রোক্তিজীবিতম্ গ্ৰন্থত কাৰিকা, বৃদ্ধি আৰু উদাহৰণস্বৰূপে তিনিটা ভাগ পোৱা যায়। এই গ্রন্থখন চাৰিটা উন্মেষত বিভক্ত আৰু প্ৰত্যেকটো উন্মেষতেই বিষয়বস্তুৰ বৈচিত্র্য দেখিবলৈ পোৱা যায়। বাগদেবীৰ স্তুতিৰ আৰম্ভ কৰা এইখন গ্ৰন্থত অলংকাৰশাস্ত্ৰৰ বিভিন্ন দিশ আলোচনা কৰা হৈছে। কাব্যৰ লক্ষণ, বক্রোক্তিব স্বরূপ, কিয় বক্রোক্তিক কাব্যৰ আত্মা বুলি কোৱা হয়-ইত্যাদি বিষয়ে বিস্তৃত আলোচনা আছে। কিন্তু এইখিনিতে উল্লেখ কৰিবলগীয়া কথাটো হ'ল যে এই মতবাদটোক এটি সুকীয়া তত্ত্ব হিচাপে গ্রহণ নকৰি বহু পণ্ডিতে ইয়াক অলংকাৰবাদৰ অন্তর্ভূক্ত কৰিব খোজে।

 ৬। উৎপেক্ষা কি? উৎপেক্ষা কেইপ্ৰকাৰ আৰু কি কি চমুকৈ আলোচনা কৰা।

উত্তৰঃ উপমেয়ত উপমানৰ উৎকট সংশয়ৰ নাম 'উৎপ্রেক্ষা''এইটো গছনে মানুহ?'-এনে সংশয়ত 'এইটো' পদাৰ্থৰ 'গছ' আৰু 'মানুহ' উভয়ে বিধেয় হয়। যি সংশয়ত নিশ্চয়ৰ দৰে কেৱল এটাই বিধেয় হয়, তাকে উৎকট সংশয় বোলে। যেনে "এইটো মানুহ যেন পাওঁ?" 'এইটো মানুহ হব পায়।' এনেকুৱা উৎকট সংশয় কবি প্রতিভাবশতঃ হৈ সামাজিকৰ হৃদয়ৰঞ্জক হলে 'উৎপ্রেক্ষা' অলঙ্কাৰ হয়।

 ই সাধাৰণতঃ দুবিধ (ক) বাচ্যা আৰু (খ) প্রতীয়মানা। য'ত সম্ভাবনাবোধক- 'যেন', 'ভাবো', 'হব পায়' ইত্যাদি শব্দবদ্বাৰা সম্ভাৱনাটি প্রকাশ কৰা হয় সেই উৎপ্রেক্ষা বাচ্যা। এনে সম্ভাৱনাবাচক শব্দৰ উল্লেখ নাথাকিলে সম্ভাৱনাটি অর্থতঃ প্রতীত হলে সেই উৎপ্রেক্ষা প্রতীয়মানা।

 (১) বাচ্যোৎ-প্রেক্ষাঃ

 (ক) "উপৰত মেঘ যেন দেখয় শোভন। 

 বাঢ়িল নিকলি যেন পৃথিৱীৰ স্তন।। 

 শিখৰী উপৰে মন্দাকিনী-শুক্লজল। 

 তনক ঢাকিয়া যেন বস্ত্ৰৰ অঞ্চল।।"               -ৰামায়ণ

 পৃথিৱীৰ স্তন বোলা কোনো বস্তু লোকত প্রসিদ্ধ নাই। মেঘবিশিষ্ট পৰ্ব্বতরূপ উপমেয়ত স্তনৰূপ উপমানৰ অভেদ সম্ভাৱনা কৰা হৈছে। সেইদৰে পৃথিৱীৰ স্তন বস্ত্ৰাঞ্চল বস্তু প্রসিদ্ধ নাই হেতুকে মন্দাকিনীৰ (গঙ্গাৰ) শুক্লজলত বস্ত্ৰাঞ্চলৰ অভেদ সম্ভাৱনা প্রকাশ কৰা হৈছে। ইয়াত পৰ্ব্বত বা তাৰ ওপৰত মন্দাকিনীজল যেন দেখাই নাই, পৃথিৱীৰ স্তন আৰু তাৰ ঢাকনী বস্ত্ৰহে দেখা গৈছে, এনে বোধ হয়।

 (খ) "নখমণিচয় যেন জ্বলে চন্দ্রগণ।"               -ৰামায়ণ

 ইয়াত, যেন নখমণি নেদেখি বহুত চন্দ্রহে জ্বলি থকা দেখা গৈছে। বহুত চন্দ্র প্রসিদ্ধ নহয় গতিকে, ইয়াত 'রূপক' অলঙ্কাৰ নহ'ল।

 (গ) "বায়ুৰ পৰশে ঢউ উতলন্তে আছে। 

 ৰামদৰশনে যেন গঙ্গাদেবী নাচে।।"

 (ঘ) "(জনকৰ ঝীৱ দেখ নদী মন্দাকিনী। 

 তোমাৰ সদৃশ সুশোভিত-মধ্যক্ষিনী।।) 

 বিদুৰ গমনে যেন মিলিল প্রয়াস।

 কৃশ ভৈল শৰীৰ ঈষত ফেণ হাস।।" - ৰামায়ণ

 (ঙ) "প্রিয়তম চন্দ্রে যেন নেদেখি সম্মুখে।। 

 মৌনভাবে আছে নিশা অন্ধকাৰমুখে।।"

 (২) প্রতীয়মানা উৎপ্রেক্ষা:

 (ক) "নখচয় চান্দক পান্তি।"                -ৰুক্মিণীহৰণ

 "চান্দকপান্তি” চন্দ্ৰৰ শাৰি- অপ্রসিদ্ধ বস্তু; গতিকে ই ৰূপক হব নোৱাৰে।

 (খ) "দেখি তোৰ লীলাগতি অতি বৰ লাজে।

 মত্ত গজ গুচি গৈলা সৰোবৰ মাজে"               -ৰামায়ণ

 ইয়াত সম্ভাৱনা বোধক কোনো শব্দ নাই। গতিকে সম্ভাৱনাটি অর্থতঃ বুজা গৈছে। বস্তুস্বৰূপৰ, হেতুৰ আৰু ফলৰ সম্ভাৱনাভেদে উৎপ্রেক্ষা তিনি প্রকাৰ হয়-

 (১) (ক) উদাহৰণত স্তন আৰু বস্ত্ৰাঞ্চল স্বৰূপৰ সম্ভাৱনা কৰা হৈছে।

 (১) (গ) উদাহৰণত গঙ্গাৰ নাচন আৰু ৰামদৰ্শনক নাচনৰ হেতুৰূপে উৎপ্রেক্ষা কৰা হৈছে।

 প্রতীয়মানাৰঃ (২) (খ) উদাহৰণত হাতীৰ লাজস্বৰূপ আৰু তাকে সৰোৱৰলৈ গুচি যোৱাৰ হেতুৰূপে উৎপ্রেক্ষা কৰা হৈছে।

 "ফলন্ত উদিত চন্দ্র পূর্ব্বদিশ হস্তে।

 কামাতুৰ-স্ত্রীৰ যেন সন্তাপ মার্জন্তে।।"             -শ্রীশঙ্কৰ, দশম

 ইয়াত, কামাতুৰ স্ত্ৰীৰ সন্তাপ মার্জনাটোকে চন্দ্রোদয়ৰ উদ্দেশ্য বা ফল বুলি উৎপ্রেক্ষা কৰা হৈছে। আন অলঙ্কাৰক আশ্ৰয় কৰি হোৱা উৎপ্রেক্ষা অতিশয় মনোহৰ হয়। 

 (১) (ঘ) উদাহৰণত উপমা আৰু ৰূপকক (ফেণ হাস) আশ্ৰয় কৰি উৎপ্রেক্ষা হৈছে।

 "নিজাৱর্তহাতে গঙ্গা আহ্বান কৰিলা।

 গঙ্গাক দেখিয়া ৰামে শোক পাসৰিলা।।" ৰামায়ণ

 ইয়াত ৰূপকক আশ্ৰয় কৰি প্রতীয়মানা উৎপ্রেক্ষা হৈছে। উৎপ্রেক্ষা অলঙ্কাৰৰ ভেদ-অৱান্তৰ ভেদ বহুত আছে।

 ৭। কবিতাত কল্পনাৰ স্থান সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ কবিতাৰ পৰিধি ইমান বিস্তৃত আৰু ইয়াৰ প্ৰকৃতি ইমান বিচিত্র যে একোটা সংজ্ঞাৰ মাজতকবিতাৰ আটাইখিনি বৈশিষ্ট্য অন্তর্ভুক্ত কৰা অসম্ভৱ। কবিৰ হৃদয়ত দোলা দিয়া বিশেষ অনুভূতিয়ে যেতিয়া ছন্দৰীতিৰে সজ্জিত হৈ প্ৰকাশৰ বাট বিচাৰে, তেতিয়াই জন্ম হয় কবিতাৰ।

কবিতা সম্পর্কে বিভিন্নজন পণ্ডিতে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। তাৰ ভিতৰত কেইটামান তলত উল্লেখ কৰা হ'ল-

(ক) চেণ্ট আগষ্টানে কবিতাৰ সংজ্ঞা দিছিল এনেদৰে, "যাৰ বিষয়ে নুসুধিলে বহুত কিবা-কিবি ক'ব পাৰি, অথচ সুধিলে একো ক'ব নোৱাৰি- সেয়ে কবিতা"।

(খ) জনছনৰ মতে, "কবিতা ছন্দোবদ্ধ ৰচনা"।

(গ) শ্বেলিৰ মতে, কবিতা হ', "কল্পনাৰ সুপ্রকাশ"।

(ঘ) মেথিউ আর্নল্ডৰ মতেকবিতা হ'ল "জীৱনৰ ভাষ্য"।

(ঙ) বিশ্বনাথৰ মতে, "ৰসাত্মক বাক্যং কাব্যম্”

কবিতাৰ প্রধান আৰু উল্লেখযোগ্য উপাদান হ'ল- কল্পনা আৰু অনুভূতি। এই দুটা মুখ্য উপাদান অবিহনে কোনো কবিতাই সৃষ্টি হ'ব নোৱাৰে। কল্পনা হ'ল কবিতাৰ চিৰকালৰ লগৰী। সকলো মানুহৰে চকুত পৰা অথচ কোনোৱেই তাৰ বিশেষত্ব অনুভৱ নকৰা কোনো এটি বিষয়ক কবিতাত ৰূপ দি অসাধৰণ কৰি তোলে- কবিয়ে যি শক্তিৰ সহায়ত, সিয়েই হৈছে কল্পনা।

কবিতাৰ ভাৱবস্তুৰ কোনো সীমা নাই। এই ভাৱ-বস্তুৰ ৰং, ৰূপ, লঘু-গুৰু গুণ আৰু অন্তর্মুখী প্রকৃতি থাকে। এচামুচ পানীয়ে প্ৰিয়াৰ নয়নৰ কথাও ক'ব পাৰে, মানুহৰ অন্তহীন তৃষ্ণাৰ কথাও ক'ব পাৰে। অকণি পানীত পৰা বিশাল আকাশৰ ছায়াই দুৰূহ দার্শনিক তত্ত্বৰো অৱতাৰণা কৰিব পাৰে। সাধাৰণৰ বাবে যি মাথোন এচামুচ পানী, কবিৰ বাবে সি নতুন নতুন আৱিষ্কাৰৰ উৎস। এনে আৱিষ্কাৰ তেওঁ কৰে মনৰ চকুৰে, যি চকুত সনা থাকে কল্পনাৰ অঞ্জন।

কল্পনাৰ ইংৰাজী প্রতীশব্দ হ'ল- 'Imagination'ইয়াৰ প্রায় সমার্থক অন্য এটি শব্দ হ'ল- 'Fancey''Fancey' শব্দৰ অৰ্থ হ'ল তৰল কল্পনা। কল্পনা হ'ল- সৃষ্টিধর্মী নীতি। 'Fancey' এক সংযোগাত্মক শক্তি, ইয়াৰ নতুন সৃষ্টিক্ষমতা নাই। ই স্থান-কালৰ বন্ধনৰপৰা মুক্তি লাভ কৰা এক প্ৰকাৰ স্মৃতিশক্তিহে।

কবিতা নিৰ্মাণৰ ক্ষেত্ৰত কল্পনাৰ ভূমিকা আছে। কবিৰ অভিজ্ঞতাৰ গ্ৰুপ পোৱা বিচিত্র অভিজ্ঞতাখনিক ঐক্যসূত্ৰৰে বান্ধিবৰ বাবেই কল্পনাৰ আৱশ্যক। ফেন্সীৰ মাজত ঐক্যৰ সামগ্রিকতা কম। গতিকে, ফেন্সীৰ প্রাধান্য থকা কবিতাতকৈ কল্পনাৰ প্রাধান্য থকা কবিতা সাধাৰণতে ওপৰ খাপৰ হয়।

শ্য়েলীয়ে কবিতাক 'কল্পনাৰ প্ৰকাশ' বুলি মত প্রকাশ কৰিছে। শ্যেলীয়ে কবিতাৰ ভাববস্তুৰ ভিতৰত সকলো সুন্দৰতাৰ সমাহৰ দেখা পাইছে। শ্যেলীৰ ধাৰণাত কবিতা এক অপার্থিৱ জগতৰ সম্পদ। ই 'প্ৰেৰণা'ৰদ্বাৰা কবি হৃদয়ত জাগি উঠে। গতিকে কবিতা হ'ল কল্পনাৰ ছায়ামূর্তি। কবিতা শ্যেলীৰ মতে কলা নহয়।

শ্যেলীৰ চিন্তাধাৰাত যুক্তিতকৈ আৱেগৰ প্রতিফলন বেছি। সেয়েহে, পিছৰ কালৰ সমালোচকে তেওঁৰ কথা বিনাদ্বিধাই মানি লোৱা নাই। তেওঁলোকৰ মতে কবিতা সৰগৰ বস্তু হ'লেও মাটিৰ স্পর্শ নোহোৱাকৈ ই থাকিব নোৱাৰে। কবিতা এবিধ কলা। কলাকাবে কল্পনাৰ প্রকৃত সৌন্দর্য চিনি পায় আৰু ইন্দ্রিয়গ্রাহ্য মাধ্যমেৰে এই সৌন্দৰ্যক তেওঁ প্রকাশ কৰে।

কলৰিজে-কল্পনাৰ দুটা ভাগ কৰিছে- প্রধান আৰু অপ্রধান। কাণ্টৰ মতে কল্পনা তিনি প্ৰকাৰৰ- সৃজনাত্মক, পুনর্গঠনাত্মক আৰু সৌন্দর্য তাত্ত্বিক। জন ৰাস্কিনে কোৱা মতে কল্পনাৰ তিনিটা কাম আছে- অন্তঃপ্রবেশ, সাহার্য্যে আৰু চিন্তা। ফেন্সী আৰু কল্পনাৰ তুলনাত তেওঁ কৈছে যে, "ফেন্সীয়ে কেকেটুৱাৰ দৰে বৃত্তাকাৰ কাৰাগাৰৰ মাজত ঘূৰি ফুৰি সুখ পায়, কিন্তু কল্পনা হ'ল- পৃথিৱীৰ তীৰ্থযাত্রী, ইয়াৰ ঘৰ স্বৰ্গত"।

এইদৰে দেখা যায় যে, কল্পনাক নানাজনে নানা দিশপৰৰা বিচাৰ কৰি তাৰ ৰং ৰূপৰ মূল্যায়ন কৰিছে। কল্পনাই কবিৰ মনৰ বিশেষ চিন্তাধাৰাক বিমূৰ্তৰপৰা মূর্ত ৰূপ দি পাঠকৰ মানসগোটৰ কৰে। ফলত কবিৰ অনুভূতিৰ সূক্ষ্ম এাট ৰূপান্তৰ ঘটে। এই ৰূপান্তৰে যিকোনো প্ৰকাৰে সৌন্দৰ্যৰ সৃষ্টি কৰে বুলি ভাবিব পাৰি। কাৰণ হয়তো একেবাৰে কঠিন, ঠৰঙা এটি শিলগুটিত কবিয়ে বিচাৰি লোৱা প্ৰিয়াৰ নিৰ্মমতাৰ সাদৃশ্য। কল্পনাই যেতিয়া ৰহণ সানি সেই নির্মমতাৰ মাজত প্রিয়াব অভিমান বিচাৰ উলিয়ালে, তাত ফুটি উঠিল এক প্ৰকাৰ সৌন্দৰ্য। অথবা, সেই একেটা শিলগুটিয়েই যেতিয়া দিনৰ পিছত দিন অনাহাৰে থাকি আমঠু শুকাই যোৱা কোনো মগনীয়াৰ কলিজাটোৰ ৰূপ ল'লে, তেতিয়া সমবেদনা, সহানুভূতি আৰু আত্মচেতনা জগাই তোলাৰ বাবে তাতো সৃষ্টি হ'ল অন্য এক প্রকাৰ সৌন্দৰ্য। কবিতাৰ সৌন্দর্যই কেৱল সুন্দৰকে নুবুজায়, অসুন্দৰকো বুজায়। উপলব্ধিৰ গভীৰতা আৰু আৱেদনৰ তীক্ষ্ণতাৰ দ্বাৰাই ই নির্ণিত হয়।

৮। কল্পনা কি? কবিতাত কবিৰ ভাব বস্তু আৰু কল্পনাৰ সংযোগ কিদৰে ঘটে, আলোচনা কৰা।

উত্তৰঃ কল্পনা হ'ল কবিতাৰ চিৰকালৰ লগৰী। সকলো মানুহৰে চকুত পৰা অথচ কোনোৱেই তাৰ বিশেষত্ব অনুভৱ নকৰা কোনো এটি বিষয়ক কবিতাত ৰূপ দি অসাধাৰণ কৰি তোলে কবিয়ে যি শক্তিৰ সহায়ত, সিয়েই হৈছে কল্পনা' 

কবিতাৰ ভাববস্তুৰ কোনো সীমা নাই, সেই কথা অন্য ঠাইত আলোচিত হৈছে। এই ভাব-বস্তুৰ ৰং, ৰূপ, লঘু-গুৰু গুণ আৰু অন্তর্মুখী বা বহির্মুখী প্রকৃতি থাকে। এচামুচ পানীয়ে প্রিয়াৰ নয়নৰ কথাও ক'ব পাৰে, মানুহৰ অন্তহীন সৌন্দর্য তৃষ্ণাৰ কথাও ক'ব পাৰে, অকণি পানীত পৰা বিশাল আকাশৰ ছায় ই দুরূহ দার্শনিক তত্ত্বৰো অৱতাৰণা কৰাব পাৰে। সাধাৰণৰ বাবে যি মাথোন এচামুচ পানী, কবিৰ বাবে সি নতুন নতুন আৱিষ্কাৰৰ উৎস। এনে আৱিষ্কাৰ তেওঁ কৰে মনৰ চকুৰে, যি চকুত সনা থাকে কল্পনাৰ অঞ্জন।

ভাববস্তুৰ ৰূপ অনুভৱৰদ্বাৰাহে দেখা যায়। ইয়াৰ শৰীৰী ৰূপ নাই যদিও বিশিষ্ট অনুভরে ভাবময় অদেহী সৌন্দর্যক ৰূপদান কৰি হৃদয়ৰ গোচৰ কৰি তোলে। সকলো কলাতে এনে লক্ষণ বিদ্যমান। যেতিয়া কোনো সংগীতৰ সুৰে মন মুহি নিয়ে, কোনো চিত্ৰৰ বক্তব্যই হৃদয় স্পর্শ কৰে, তেতিয়া আমি বুজি পাওঁ এই অন্তর্নিহিত আৱেদনৰো এটি ৰূপ আছে। এই ৰূপ হৃদয়গ্রাহ্য।

কবিৰ অনুভূতি আৰু পাঠকৰ হৃদয়ৰ মাজত যোগসূত্র ঘটাবৰ বাবে কল্পনাৰ আৱশ্যক। কল্পনাৰ প্রতিশব্দ ইংৰাজীত হ''imagination'অৱশ্যে 'Fancy' বুলিও প্রায় সমার্থক এটি শব্দ আছে। 'Fancy' ৰ অৰ্থ তলৰ কল্পনা, বাংলাত ইয়াক বোলা হৈছে খেয়ালি কল্পনা। 'Imagination' আৰু 'Fancy' ৰ মাজত তুলনা কৰা নানা উক্তি কবি সমাজত পোৱা যায়। এল হান্টৰ মতে "Fancy is childlike and sportive. She chases butterflies, while her sister (imagination) takes flight with angel।" অর্থাৎ কল্পনাক দিয়া হৈছে 'Fancy' তকৈ ওপৰৰ আসন। বৰ্ডছৱৰ্থৰ মতে কল্পনাৰ ৰূপান্তৰ ক্ষমতা আছে। ই অভিজ্ঞতালব্ধ তথ্যক তথ্যৰূপেহে দাঙি ধৰে। তাত যে ৰূপান্তৰ ঘটিবই লাগিব সি ধৰা-বন্ধা কথা নহয়। যিবোৰ ঠাইত 'Fancy' ৰ পৰশত ৰূপান্তৰ ঘটে সি হয় সামান্য সীমিত আৰু ক্ষণস্থায়ী। কলৰিজে কল্পনাৰ দুটা ভাগ কৰিছে- প্রধান আৰু অপ্রধান। প্রধান কল্পনা সকলো ধৰণৰ প্রত্যক্ষ অভিজ্ঞতা আৰু উপলব্ধিৰ মূল। অপ্রধান কল্পনা ইয়াৰে যেন এক প্রতিধ্বনি, মাথোন পার্থক্য আছে ইয়াৰ কর্ম পদ্ধতিত। কল্পনা হ'ল সৃষ্টিধর্মী নীতি। 'Fancy' এক সংযোগাত্মক শক্তি, ইয়াৰ নতুন সৃষ্টিক্ষমতা নাই। ই স্থান-কালৰ বন্ধনৰপৰা মুক্তি লাভ কৰা এক প্ৰকাৰ স্মৃতিশক্তিৰ বাহিৰে একো নহয়। 

কাণ্টৰ মতে কল্পনা তিনি প্রকাৰ; সৃজনাত্মক, পুনর্গঠনাত্মক আৰু সৌন্দর্য তাত্ত্বিক। ইয়াৰে পুনর্গঠনাত্মক কল্পনা হ'ল কলৰিজে কোৱা ফেন্সীৰ সমপৰ্যায়ৰ।

কবিতা নিৰ্মাণৰ ক্ষেত্ৰত কল্পনা একপ্ৰকাৰ অপৰিহাৰ্য ভূমিকা আছে। কবিৰ অভিজ্ঞতাত থুপ খোৱা বিহচিত্র অভিজ্ঞতাখিনিক ঐক্যসূত্ৰেৰে বান্ধিবৰ বাবেই কল্পনাৰ আৱশ্যক। ফেন্সীব মাজত ঐক্যৰ সামগ্রিকতা কম। গতিকে ফেন্সীৰ প্রাধান্য থকা কবিতাতকৈ কল্পনাৰ প্রাধান্য থকা কবিতা সাধাৰণতে ওপৰ খাপৰ হয়। প্রতিভাসম্পন্ন কবিয়ে কল্পনাৰ ব্যৱহাৰ বেছিকৈ কৰে, কিন্তু দক্ষতাসম্পন্ন কবিৰ হাতত ফেন্সীৰ প্রয়োগ বেছি।

শ্যেলীয়ে কবিতাক 'কল্পনাৰ প্ৰকাশ' বুলি মত প্রকাশ কৰিছে। তেওঁৰ মতে ভিতৰি ভিতৰি সকলো মানুহেই কবি। তাতোকৈও বেছিকৈ আগবাঢ়ি তেওঁ কৈছে যে সকলো লেখক আচলতে কবিহে। কাৰণ লেখকৰ ভাষা হ'ল সুন্দৰ আৰু সুন্দৰৰ লগত সত্যৰ মিশ্রণেই হ'ল কবিতা। শ্যেলীয়ে কবিতাৰ ভাববস্তুৰ ভিতৰত সকলো সুন্দৰতাৰ সমাহাৰ দেখা পাইছে। ধর্ম আৰু দর্শনৰো কিছুমান প্রকৃতি তেওঁৰ মতে কবিতাত থাকিব পাৰে। কিন্তু ভাল কবিতাই নিজৰ মহত্ব কেতিয়াও নেহেৰুৱায়। শ্যেলীৰ ধাৰণাত কবিতা এক অপার্থিব জগতৰ সম্পদ। ই 'প্ৰেৰণা'ৰ দ্বাৰা কবি হৃদয়ত জাগি উঠে। গতিকে কবিতা হ'ল কল্পনাৰ ছায়ামূর্তি। কবিতা, শ্যেলীৰ মতে, কলা নহয়।

শ্যেলীৰ চিন্তাধাৰাত যুক্তিতকৈ আৱেগৰ প্রতিফলন বেছি। গতিকে পিছৰ ফালৰ সমালোচকে তেওঁৰ কথা বিনাদ্বিধাই মানি লোৱা নাই। তেওঁলোকৰ মতেকবিতা সৰগৰ বস্তু হ'লেও মাটিৰ স্পর্শ নোহোৱাকৈ ই থাকিব নোৱাৰে। কবিতা এবিধ কলা। কলাকাৰে কল্পনাৰ প্রকৃত সৌন্দর্য চিনি পায় আৰু ইন্দ্রিয়গ্রাহ্য মাধ্যমেৰে এই সৌন্দর্যক তেওঁ প্রকাশ কৰে।

জন বাস্কিনে কোৱা মতে কল্পনাৰ তিনিটা কাম আছে- অন্তঃপ্রবেশ, সাহচর্য আৰু চিন্তা। ফেন্সী আৰু কল্পনাৰ তুলনাত তেওঁ কৈছে যে, 'ফেন্সীয়ে কেৰ্কেটুৱাৰ দৰে বৃত্তাকাৰ কাৰাগাৰৰ মাজত ঘূৰি ফুৰি সুখ পায়, কিন্তু কল্পনা হ'ল পৃথিৱীৰ তীৰ্থযাত্রী, ইয়াৰ ঘৰ স্বৰ্গত।'

    এইদৰে দেখা যায় যে, কল্পনাক নানাজনে নানা দিশৰপৰা বিচাৰ কৰি তাৰ ৰং-ৰূপৰ মূল্যায়ন কৰিছে। কল্পনাই কবিৰ মনৰ বিশেষ চিন্তাধাৰাক বিমূৰ্তৰপৰা মূৰ্ত ৰূপ দি পাঠকৰ মানসগোচৰ কৰে। ফলত কবিৰ অনুভূতি সূক্ষ্ম এটি ৰূপান্তৰ ঘটে। এই ৰূপান্তৰে যি কোনো প্ৰকাৰে সৌন্দৰ্যৰ সৃষ্টি কৰে বুলি ভাবিব পাৰি। কাৰণ হয়তো একেবাৰে কঠিন, ঠৰঙা এটি শিলাগুটিত কবিয়ে বিচাৰি পোৱা প্ৰিয়াৰ নিৰ্মমতাৰ সাদৃশ্য। কল্পনাই যেতিয়া বহণ সানি সেই নিৰ্মমতাৰ মাজত প্ৰিয়াৰ অভিমান বিচাৰি উলিয়ালে, তাত ফুটি উঠিল এক প্রকাশ সৌন্দর্য। অথবা সেই একেটা শিলগুটিয়েই যেতিয়া দিনৰ পিছত দিন অনাহৰে থাকি আমঠু শুকাই যোৱা কোনো মগনীয়াৰ কলিজাটোৰ ৰূপ ল'লে, তেতিয়া সমবেদনা, সহানুভূতি আৰু আত্মচেতনা জগাই তোলাৰ বাবে তাতো সৃষ্টি হ'ল অন্য এক প্ৰকাৰ সৌন্দৰ্য। কবিতাৰ সৌন্দৰ্যই কেৱল সুন্দৰকে নুবুজায়, অসুন্দৰকো বুজায়। উপলব্ধিৰ গভীৰতা আৰু আৱেদনৰ তীক্ষ্ণতাৰ দ্বাৰাই ই নির্ণিত হয়।

৯। কল্পনা বুলিলে কি বুজা? কল্পনাৰ সংজ্ঞা দিয়া।

উত্তৰঃ কল্পনাৰ সৰ্বজনসন্মত সংজ্ঞা নির্দিষ্ট কৰা টান, কিন্তু ই যে এক সৃষ্টি প্রতিভাবিশেষৰ, সেই বিষয়ে কাৰো মতদ্বৈধ নাই। অৱশ্যে ইয়াৰ পৰিসৰৰ ব্যাপকতা আৰু শক্তি, অর্থাৎ কল্পনাৰ ক্রিয়া শিল্পীৰ অভিজ্ঞতাৰ মাজতে সীমাবদ্ধ, নে প্রত্যক্ষ অভিজ্ঞতাৰ অতীত এখন জগততো ই ক্রিয়াশীল, সেই সম্বন্ধে মতদ্বৈধ আছে।

বহুতৰ মতে অপূর্ব বস্তু নির্মাণক্ষম প্রতিভাই কল্পনা। এই প্রতিভাবে কবিয়ে যি অসৎ অর্থাৎ বাস্তৱদৃষ্টিত অস্তিত্বহীন, তাক বাস্তৱৰ ৰূপ পৰিগ্ৰহ কৰায় বা দুই আপাত-বিপৰীত বস্তু বা ভাবৰ মাজত দৃঢ় সম্বন্ধ আৱিষ্কাৰ কৰে, আকৌ কেতিয়াবা পৰিদৃশ্যমান জগতখনকে এনেভারে সজাই-পৰাই তোলে যে নতুনত্বৰ পৰশ লগাৰ দৰে সি মনোৰম হয়। অলৌকিক আৰু আনন্দময়ী অভিব্যঞ্জনাৰ সৃষ্টি কল্পনাৰ মুখ্য কাৰ্য। ক্ষীৰসাগৰ, স্বর্ণশৃংগ আদি অননুভূত বিষয় কল্পনাৰ দ্বাৰাইহে অনুভৱগম্য হয়। কল্পনাক যুক্তিৰ বিৰোধী বুলিও বহুতো গণ্য কৰে।

লংগিনাছৰ মতে, 'প্রবল চিত্তচাঞ্চল্যৰ মুহূৰ্তত (লেখকৰ) বক্তব্য বিষয়ে (তেওঁৰ বাবে) প্রায় প্রত্যক্ষ ৰূপ পৰিগ্ৰহ কৰে (আৰু যি মানসিক প্রক্ৰিয়াৰদ্বাৰা এনে ব্যাপাৰ সম্ভৱ হয় সেয়ে কল্পনা শক্তি')

শ্বেইক্সপিয়েৰৰ মতে, 'কল্পনাই অজ্ঞাত বিষয়ৰ ৰূপ মূৰ্ত কৰে''

ড্রাইডেনে 'Annus Mirabilis'ৰ ভূমিকাত কল্পনাক 'wit' অৰ সমার্থক বুলি কৈ লিখিছিল, 'Faculty of imagination which searches over all the memory for the species or ideas of those things which it designs to represent'.

'লৰিজৰ মতে, কল্পনা হ''সেই সমন্বয়সাধক মোহিনী শক্তি, যি পৰস্পৰ-বিৰোধী বা অসমঞ্জস প্রকৃতিৰ মাজত, মূৰ্তৰ লগত বিমূৰ্তৰ, ঐক্যৰ লগত অনৈক্যৰ, অভিনৱত্বৰ লগত প্রাচীনতাৰ, স্বাভাৱিকতাৰ লগত অস্বাভাৱিকতাৰ..... সমতা স্থাপন কৰে'। ক'লৰিজে কল্পনা আৰু অকল্পনাৰ মাজত পার্থক্য ক'ত সেই কথাৰো নির্দেশ দিছে।

দার্শনিক কাল্টে কল্পনাৰ এই তিনিটা বিভাজন কৰিছে-

(১) সংজনাত্মক (২) সৃজনাত্মক আৰু (৩) নন্দনতাত্ত্বিক। ইয়াৰ প্ৰথম প্ৰকাৰ ক'লৰিজৰ 'fancy' ৰ সমজাতীয়, দ্বিতীয় প্ৰকাৰ ক'লৰিজৰ 'primary imagination' অৰ সমগোত্রীয়।

ৱর্ডছৱর্থে কল্পনাক 'সর্বোত্তম দ্বী-শক্তি, স্বচ্ছতম অন্তর্দৃষ্টি, মনৰ পৰিস্ফূৰণ আৰু সমুন্নত চিন্তা' বুলিছিল।

মাইকেল মধুসূদন দত্তই 'মেঘনাবধৰ কাব্য'ৰ প্ৰথম সৰ্গত কল্পনাক 'মধুকৰী' বুলিছে। মৌমাখিয়ে 'ফুলৰস মধু'ৰ সহায়ত মধুচক্র ৰচনা কৰাদি, কল্পনায়ো 'কৰিচিত্ত'ৰ ভবলোকৰপৰা বিচিত্র অভিজ্ঞতা, বিভিন্ন তথ্য, অভিনৱ সাদৃস্বৰ সন্ধান কৰি ৰস সৃষ্টি কৰে।

১০। অলঙ্কাৰ কি? কাব্য সৃষ্টিত অলংকাৰৰ ভূমিকা সম্পর্কে আলোচনা কৰা।

উত্তৰঃ কাব্যৰ প্ৰধান উপাদান হৈছে শব্দ আৰু অর্থ। শব্দ আৰু অৰ্থৰ দ্বাৰা কাব্য এখনৰ অবয়ব গঠন হয় আৰু এই ৰূপটোৰ যোগেদি কাব্য এখনৰ অৰ্থ বোধগম্য হয়। অলংকাৰ পৰিহিতা ৰমণি এগৰাকীৰ সৌন্দৰ্য্য যেনেকৈ মোহনীয় হয় তেনেকৈ কাব্যালংকাৰেৰে শোভিত প্রকাশ ভংগীও ৰমণীয় আৰু অর্থপূর্ণ হয়। যিহেতুকে কাব্য হৈছে শব্দৰ মিলন গতিকে শব্দত অলংকাৰ প্ৰয়োগ কৰি কাব্যক ৰমণীয় কৰি তোলা হয়। শব্দ অলংকাৰযুক্ত হ'লে প্রকাশভংগীৰ ৰূপ সলনি হয় আৰু সাধাৰণ খা-খবৰ যোগোৱা প্রকাশভংগীতকৈ অর্থাৎ বার্তাতকৈ ই বেলেগ হৈ পৰে। অলংকাৰ শব্দটোৱে উপমা, দীপক প্রভৃতি অর্থালংকাৰ আৰু অনুপ্রাস, ঘনক প্রভৃতি শব্দালংকাৰবোৰকো সামৰি লয়। গতিকে কাব্যত শব্দ আৰু অৰ্থৰ অলংকাৰবোৰেহে সমৃদ্ধ কৰে আৰু এনে সমৃদ্ধি অনাৰ ক্ষমতা থকাৰ বাবে কাব্যত অলংকাৰৰ আৱশ্যকতা বেছি।

    কাব্য সৃষ্টিত অলংকাৰৰ ভূমিকা সম্পর্কে অতীজৰে পৰা অলংকাৰিকসকলৰ মাজত বিভিন্ন ধৰণৰ মতামত প্ৰচলিত হৈ আহিছে। প্রাচীন সংস্কৃত সাহিত্যৰ পণ্ডিতসকলৰ ভিতৰত ভামহকেই অলংকাৰবাদৰ প্ৰৱৰ্তক হিচাপে ধৰা হয়। তেখেতৰ দ্বাৰা সপ্তম শতাব্দীত ৰচিত পুথি 'কাব্যালংকাৰ'ত পোন প্রথমে কাব্যৰ অলংকাৰৰ কথা বিশ্লেষণ কৰি দেখুৱাইছে। ইয়াৰ আগতেও কেইজনমান পণ্ডিতে অলংকাৰৰ ওপৰত আলোচনা কৰিছিল যদিও সেইসকল পণ্ডিতৰ বিষয়ে ভালকৈ জনা নাযায়। গতিকে ভামহকে প্রথম উল্লেখযোগ্য অলংকাৰিক বুলি গ্রহণ কৰা হয়।

    ভামহে শব্দার্থৰ মিলনকে কাব্য বুলি কৈছে। শব্দার্থো সাহিতৌ কাব্যৰম। তেখেতে সূত্রটো ব্যাখ্যা কৰি কৈছে যে- অলংকাৰ সংযোগ কৰি কাব্যক ৰমণীয় কৰি তুলিব লাগে। অলংকাৰযুক্ত হ'লে প্রকাশভংগীৰ ৰূপ সলনি হয় সাধাৰণ খা-খবৰ যোগোৱা প্রকাশভংগীতকৈ বেলেগ হয়। অলংকাৰেই কাব্যৰ সৌন্দর্যবর্ধক উপাদান আৰু অলংকাৰবিহীন ভংগী বার্তা-বাহক মাথোন আৰু এনে ভংগীৰ কাব্যানন্দৰ লগত কোনো সম্বন্ধ নাই। ভামহে শব্দ আৰু অর্থ- এই দুয়োটাৰে ওপৰত সমানে গুৰুত্ব আৰোপ কৰিছে। এনে গুৰুত্বৰ কাৰণে কাব্যক বেদ আৰু ইতিহাসৰ পৰা পৃথককৈ দেখুওৱাৰ সুবিধা ঘটিছে। বেদত শব্দৰ ওপৰত গুৰুত্ব দিয়া হয় আৰু ইতিহাসত অর্থৰেই প্রাধান্য থাকে। আনন্দবর্ধনৰ মতে যদিও অলংকাৰে সাধাৰণতে শৰীৰৰ শোভাবর্ধন কৰে তথাপি এইবোৰক কাব্যাত্মা কৰিও তুলিব পাৰি। দণ্ডীয়ে অলংকাৰ শব্দৰ দ্বাৰা শব্দ আৰু অৰ্থৰ প্ৰধান গুণবোৰকে বুজাইছে। কিন্তু লগতে তেওঁ দুই ধৰণৰ প্ৰকাশভংগীৰ ৰীতিৰ কথা উল্লেখ কৰিছে। প্রকাশ ৰীতিৰ এই দুয়োটা বাটকে তেওঁ মার্গ বুলি অভিহিত কৰিছে। এই মার্গ দুটা হ'ল বৈদর্ভ আৰু গৌড়ীয়। কাব্য শৰীৰ হ'ল অভিপ্রেত অর্থ প্রকাশিত কৰিব পৰা পদসমূহ। শৰীৰং অবদিষ্টার্থব্যৱচ্ছিন্না পদাৱলী।

    প্রাচীন অলংকাৰীসকলৰ পৰৱৰ্তী আলোচকসকলে অলংকাৰৰ ব্যৱহাৰৰ সম্পৰ্কে মতামত আগবঢ়াইছে। অলংকাৰ কেনে প্রসংগত কোনটো অলংকাৰ ব্যৱহাৰ হ'ব সেই সম্পর্কে প্রাচীন অলংকাৰীসকল নিমাত। পৰৱৰ্তী অলংকাৰিকসকলৰ মতে বিশেষ এটা অলংকাৰ ব্যৱহাৰ কৰাৰ যৌক্তিকতা কাব্যৰ চমৎকাৰিত্বৰ ওপৰত নিৰ্ভৰশীল। এনে চমৎকাৰিত্ব ভাৱ বুজোৱাৰ অর্থে অলংকাৰিকসকলে বিচ্ছিন্ন, বৈচিত্র, চাৰুত্ব আৰু চমৎকাৰ প্ৰভৃতি শব্দ ব্যৱহাৰ কৰিছে।

    ব্যাকৰণৰ তত্ত্ব অনুসৰি শব্দই শ্রেষ্ঠ আসনত অধিষ্ঠিত গতিকে বৈয়াকৰণিক তত্ত্বৰ প্ৰতিক্রিয়া স্বৰূপে অলংকাৰবাদৰ জন্ম। অলংকাৰিক সকলে কয় যে অকল ব্যাকৰণৰ শুদ্ধতা নাইবা ভাৱৰ যুক্তি নির্ভৰ বিন্যাসেই কাব্য-সৌন্দর্য্য বঢ়াই তুলিব নোৱাৰে। কাব্যৰ আবেদন বিচাৰিলে ই অলংকৃত হ'ব লাগিব। অলংকাৰবাদী আলোচকসকলে অলংকাৰবোৰক দুটা ভাগত ভাগ কৰিছে। শব্দ ধ্বনিৰ লগত সংযোজিত হোৱা অলংকাৰ বা শব্দালংকাৰ আৰু অৰ্থৰ লগত সম্বন্ধযুক্ত হোৱা অলংকাৰ বা অৰ্থালংকাৰ। ডঃ ৰাঘবনে লিখিছে যে সকলো কাব্যিক অভিব্যঞ্জনাৰ মাজতে প্রকাশভংগীৰ সৌন্দৰ্য জ্ঞাপক কিছু বক্রতা আছে। ভংগীৰ এই বক্রতা অর্থাৎ শব্দ আৰু অৰ্থৰ এই আবেদন-প্ৰৱণতাই হ'ল অলংকাৰ যিটো সুন্দৰ কাব্যিক ৰূপৰ আধাৰ। অলংকাৰ হ'ল কাব্যসৌন্দর্য্য আৰু ইয়েই কাব্যৰ সুন্দৰ ৰূপো। অলংকাৰবাদী আলোচকসকলে ব্যৱহাৰ কৰা অলংকাৰ শব্দটোৰে দুটা স্পষ্ট অর্থ বহন কৰে। ইয়াৰে এটা বেছি ব্যাপক আৰু আনটো সংকুচিত। ব্যাপক অর্থত এই শব্দটোৱে কাব্য-শোভাস্কৰ সকলো বস্তুকেই সামৰি লয় আৰু সংকুচিত অর্থত ইয়ে বিভিন্ন শব্দ আৰু অৰ্থালংকাৰবোৰহে বুজায়।

    অলংকাৰবাদী আলোচকসকলে ঘাইকৈ কাব্য-শৰীৰৰ প্ৰতিহে চকু ৰাখিছে। নতুন কবিসকলৰ সুবিধাৰ কাৰণে তেওঁলোকে নিয়মৰ যোগেদি কিছুমান নির্দেশ দিব খোজে। গতিকে যথেষ্ট পৰিমাণে বিশ্লেষণ ক্ষমতাৰ অধিকাৰী হোৱা সত্বেও তেওঁলোক যেন কিছু পৰিমাণে গতানুগতিক হৈ পৰিছে। এনেকুৱা দৃষ্টিভংগীৰ পৰিণতি হিচাপে নিময়-কানুনৰ মাজত সৃষ্টিধর্মী প্রতিভাৰ অৱক্ষয় হোৱাটো স্বাভাবিক। সৃষ্টি সজীৱ কৰি তুলিব লাগিলে সৃষ্টিকৰ্তাৰ মনৰ স্বতন্ত্ৰতাৰ আৱশ্যক। নানান নিয়ম প্রণালীৰ হেঁচাত সৃষ্টি-প্রতিভা সংকুচিত হৈ পৰে। তাৰোপৰি কবিতাৰ বিচাৰ কৰিব লাগিলেও অকল ৰূপৰ বিশ্লেষণৰ সহায়ত প্রকৃত মূল্যায়ন হ'ব নোৱাৰে। কাব্য শৰীৰৰ আৱৰণৰ মাজত এনে কোনো ভাৱ থকাৰ আৱশ্যক যি বারে সহৃদয় পাঠকৰ মন আকৰ্ষণ কৰিব পাৰে। কাব্যৰ এনে অন্তর্নিহিত ভাৱে কিছুমান ব্যক্তিক নিয়মতান্ত্রিকতাৰ যোগেদি আত্মপ্রকাশ কৰি কাব্যৰূপ পায়। গতিকে কবি এনে এজন স্বতন্ত্র কর্তা যিজনে সৃষ্টিৰ সময়ত কঠোৰ নিয়মৰ অনুশাসনযুক্ত হৈ আপোন আত্মোপলব্ধিৰ ৰূপদান কৰে। ডঃ বাঘবনে লিখিছে যে কবিতা সম্পূর্ণ শুদ্ধ ভাবো নহয় নাইবা ইয়াৰ প্ৰকাশ ভংগীও নহয়। এটা ৰমণীয় ধাৰণাৰ ৰমণীয় ৰূপত সৃষ্টি হ'ব লাগে। এইটোৱেই অলংকাৰৰ স্থান আৰু কাৰ্য্যৰ সূত্র দিয়ে। অলংকাৰৰ কাৰ্য হ'ল আবেদনৰ সমৃদ্ধি; গতিকে কোনো এটা ভাবৰ অৰ্থ প্রকাশত ই সহায়ক হ'ব লাগে। কবি উচ্ছসিতেই হওক বা তাৰ বিপৰীতেই হওক, অলংকাৰ তেওঁৰ সহচৰ আৰু সহায়কাৰী। এই কাৰণে অলংকাৰবোৰ ৰসৰ পৰা প্ৰবাহিত হোৱা উচিত। এইবোৰ হ'লে কাব্য শৰীৰৰ অংগীভূত, অপৰিহাৰ্য্য, সংক্ষিপ্ত আৰু যত্ন কৰিও কাব্যবস্তুৰ পৰা পৃথক কৰিব নোৱাৰা বস্তু।