Chapter 3

  • অসমীয়া ভাষাৰ ৰূপতত্ত্বঃ প্রাকৃক্তি, প্রকৃতি, সর্গ (প্রত্যয়, বিভক্তি)

  • পদ আৰু পদৰ শ্ৰেণীবিভাজন (নামপদ, ক্রিয়াপদ)

  • বচন, লিংগ, কাৰকবাচক শব্দৰূপ

  • ধাতুৰূপ (কাল, ভাব, দশা, পুৰুষ)


অতি চমু প্রশ্নোত্তৰ

১। ক্রিয়া বিভক্তি কি?

 উত্তৰঃ ক্রিয়াপদ গঠন কৰা বিভক্তিবোৰেই ক্রিয়া বিভক্তি।

২। নির্দিষ্টবাচক প্রত্যয় কাক বোলে?

উত্তৰ: কোনো প্রাণী, বস্তু আৰু বিষয়ক নির্দিষ্টকৈ বুজাবলৈ নামবাচক শব্দৰ পিছত যিবোৰ প্রত্যয় যোগ দিয়া হয় তাকে নির্দিষ্টতাবাচক প্রত্যয় বোলা হয়।

৩। সৰ্গক কেইটা আৰু কি কি ভাগত ভাগ কৰিব পাৰি।

 উত্তৰঃ সৰ্গবোৰক দুটা ভাগত ভাগ কৰা হৈছে। ভাগ দুটা হ'ল- লৱস্থানত বিভাগ আৰু গুণগত বিভাগ।

৪। ৰূপতত্ত্ব শব্দটো (Morphology) মূলতঃ কোন বিদ্যাৰ পৰ আহৰিত

উত্তৰঃ জীৱ বিদ্যাৰ পৰা।

৫। প্রাকৃতি বা ৰূপৰ বিভাগ দুটা কি কি?

উত্তৰ: প্ৰাকৃতি বা ৰূপৰ বিভাগ দুটা হ'ল- মুক্তৰূপ বা মুক্ত প্রাকৃতি আৰু বদ্ধৰূপ বা বদ্ধ প্রাকৃতি।

৬। অসমীয়া ভাষাৰ কাৰকৰ বিভক্তি সংখ্যা সংস্কৃতৰ দৰে একে নে?

উত্তৰ: একে। কিন্তু বিভক্তি আৰু কাৰকবোৰ বেলেগ বেলেগ।

৭। প্রত্যয় মূলৰূপৰ লগত ক'ত ক'ত বহিব পাৰে?

উত্তৰ: প্রত্যয়বোৰ মূলৰূপ (মুক্তৰূপ)ৰ আগত অথব পাছতো বহিব পাৰে।

৮। ৰূপতত্ত্ব মানে কি?

উত্তৰ: ৰূপতত্ত্ব মানে হ'ল- ভাষাৰ শব্দ গঠন প্ৰক্ৰিয়াৰ শৃঙ্খলাবদ্ধ বিৱৰণ।

৯। ৰূপতত্ত্বৰ মূল আধাৰ কি?

উত্তৰ: ৰূপতত্ত্বৰ মূল আধাৰ হ'ল ৰূপ বা প্রাকৃতি।

১০। মুক্ত ৰূপবোৰক কি কি ভাগত ভগোৱা হৈছে?

উত্তৰ: শব্দগত আৰু কাৰ্যগত ভাগত ভগোৱা হৈছে।

চমু প্রশ্নোত্তৰ

১। ৰূপতত্ত্ব বুলিলে কি বুজা?

উত্তৰঃ ভাষাৰ অধ্যয়নৰ দ্বিতীয়টো স্তৰ হৈছে ৰূপতত্ত্ব। ভাষাবিজ্ঞানৰ পথি পাজিত 'ৰূপতত্ত্ব' শব্দ বেচ কিছুদিনৰ পৰা ব্যৱহৃত হৈ আহিছে। ভাষাবিজ্ঞানৰ শিক্ষক আৰু শিক্ষার্থীসকলে ইয়াৰ অৰ্থ বুজি পালেও ই সাধাৰণ পাঠকৰ কাৰণে সহজবোধ্য নহয়। 'ৰূপতত্ত্ব' শব্দ ইংৰাজী morphology শব্দৰ অসমীয়া তর্জমা মাথোন। 'ৰূপতত্ত্ব' শব্দৰ মূল 'ৰূপ' হোৱা কাৰণে আৰু 'ৰূপ' শব্দৰ একাধিক অর্থ থকা কাৰণে ই সাধাৰণ পাঠকৰ মনত বিভ্রান্তিৰ সৃষ্টি কৰা তেনেই স্বাভাৱিক। 'ৰূপতত্ত্ব'ৰ অৰ্থ 'এক প্ৰকাৰ ধাতুৰতত্ত্ব', 'সৌন্দর্য-তত্ত্ব' অথবা 'আকাৰ-তত্ত্ব' 'ব পাৰে। 'ভাষাবিজ্ঞান''ৰূপতত্ত্ব' শব্দ কেৱল তৃতীয়টো অর্থতহে ব্যৱহৃত হয়; অর্থাৎ ই 'আকাৰ তত্ত্ব' বুজায়। ইয়াত 'আকাৰ' শব্দই 'বাক্যৰ আখৰ' বা 'ধ্বনি বা বৰ্ণৰ আকাৰ নুবুজায়; ই কেৱল 'শব্দৰ আকাৰ বুজায়। আন কথাত ক'বলৈ হ'লে ৰূপতত্ত্ব বুলিলে কেৱল 'শব্দ-ৰূপ-তত্ত্ব' বুজায়। গতিকে 'ৰূপতত্ত্ব' শব্দৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিবলৈ হ'লে 'শব্দ' শব্দটোৰ অৰ্থ ভালদৰে বুজিব লাগিব।

    ধ্বনিতত্ত্বৰ মূল আধাৰ যিদৰে ধ্বনি সেইদৰে ৰূপতত্ত্বৰ মূল আধাৰ ৰূপ বা প্রাকৃতি। ৰূপতত্ত্বত ভাষাৰ ৰূপ বা প্রাকৃতিৰ অন্তৰ্গত প্রকৃতি, সর্গ অর্থাৎ শব্দমূল, ধাতুমূল, প্রত্যয়, বিভক্তি আদিৰ পুংখানুপুংখ বিশ্লেষণ কৰা হয়। উদাহৰণস্বৰূপে, অসমীয়া ভাষাৰ বিশেষ্য, বিশেষণ, সর্বনামষ অব্যয়, ক্রিয়া আদি শব্দ, বিভিন্ন প্ৰকাৰৰ প্রত্যয়, শব্দ-বিভক্তি, ক্রিয়া-বিভক্তি, পুৰুষ, বচন, কাল আদিৰ বিশ্লেষণ অসমীয়া ভাষাৰ ৰূপতত্ত্বৰ বিষয়। ৰূপতত্ত্বত সাধাৰণতে দুটা দিশৰ ওপৰত অধ্যয়ন কৰা হয়। এটা হ'ল- শব্দ গঠনৰ প্রত্যয় আৰু আনটো পদ গঠনৰ বিভক্তি।

    ৰূপতাত্ত্বিক আলোচনাৰ মৌলিক একক হৈছে- প্রাকৃতি বা ৰূপ। এই প্রাকৃতিৰ পৰা প্ৰাতিপাদিক, ধাতু, শব্দ আৰু এইবোৰৰ সাধন বা ৰূপ আদি নিষ্পন্ন কৰা হয়। প্রাকৃতি বৰ্ণৰ ওপৰ স্তৰৰ একক বিশেষ। এটা বা একাধিক বৰ্ণেৰে প্ৰাকৃতি ৰচিত হয়। প্রাকৃতিৰ সদায় একোটা নিজস্ব অর্থ থাকে। অর্থাৎ বৰ্ণৰে নিৰ্মিত অবিভাজ্য অর্থাৎ ক্ষুদ্রতম অর্থযুক্ত ৰূপেই হৈছে প্রাকৃতি। উদাহৰণস্বৰূপে 'মোমা য়েকহঁতলৈ' এই পদটোৰ অৰ্থ পৰীক্ষা কৰিলে দেখা যায় যে কাৰোবাৰ লগত সম্বন্ধ থকা (নাম-পুৰুষবাচকত্ব - এক), মাকৰ ভায়েক বা ককায়েক (পুংলিংগবাচক), মোমায়েক এজন নহয় একাধিক অথবা লগত সংগতি ৰাখি পদটোক মোমাই এক্ হৃত্ অলৈ -মাত্র এই চাৰিটা খণ্ডত ভগাব পাৰি। সেয়ে, এই চাৰিটা খণ্ডৰ প্ৰত্যেকটোৱে একোটাহঁত প্রাকৃতি। প্রাকৃতিসমূহৰ কিছুমানক স্বতন্ত্রভাবে মাতিলে বা উল্লেখ কৰিলে সেইবোৰৰ স্বতন্ত্র অর্থ বুজি পোৱা। যায়। যেনে- মানুহ, ঘৰ, গছ, ভাত আদি। এনদৰে নিজে অৰ্থ প্ৰকাশ কৰিব পৰা ৰূপবোৰক মুক্ত প্রাকৃতি বা ৰূপ বোলে। আকৌ কিছুমান প্রাকৃতি অকলে উল্লেখ কৰিলে সিহঁতৰ একো অর্থ পোৱা নাযায়। দুটা বা তাতোধিক প্রাকৃতি সংযুক্ত হ'লেহে তাৰ অৰ্থ বুজি পোৱা যায় এনে প্রাকৃতিক বদ্ধ বা যুক্ত প্রাকৃতি বা ৰূপ বোলে। যেনে 'খাওঁ' পদৰ খা প্রাকৃতিটোৰ স্বকীয় অর্থ আছে, সেয়ে ই মুক্ত প্রাকৃতি, কিন্তু ইয়াৰ লগত লগাওঁ প্রাকৃতিটোরে 'মই' বা 'আমি' অর্থ যে প্রকাশ কৰে, সেয়া ধৰিব নোৱাৰি, ধাতৃটোৰ লগত যুক্ত হ'লেহে ধৰিব পাৰি। গতিকেও এটা বদ্ধ প্রাকৃতি।

প্রাকৃতিক প্রধানকৈ তিনিটা ভাগত ভাগ কৰা হয়, যথা- প্রাকৃতি, মূলাভাস প্রাকৃতি সর্গ। 

২। তলৰ যিকোনো পাঁচটা শব্দত কি প্রত্যয় যোগ হৈছে লিখা।

গৰু, টেঙেচি, পানখিলা, পতিয়ন, বুধিয়ক, বাঘিনী, ৰূপহ

উত্তৰঃ গৰু = গো + ৰূপ।

টেঙেচি = টেঙা + চি।

পানখিলা = পান + খিলা।

পতিয়ন = পতিয়া + অন্।

বুধিয়ক = বোধ + ই + অক।

বাঘিনী = বাঘ + নী।

ৰূপহ = ৰূপ + হ।

৩। তলৰ যিকোনো দুটা শব্দত কি প্রত্যয় লগ লাগিছে ভাঙি দেখুওৱা।

দয়ালু, ধাননি, সোণাৰী, গাঁৱলীয়া।

উত্তৰ: দয়ালু = দয়া + আলু

ধাননি = ধান + অনি

সোণাৰী = সোণ + আৰী

গাঁৱলীয়া = গাঁও + অলীয়া

৪। বিভক্তি আৰু প্রত্যয়ৰ পাৰ্থক্য কি?

উত্তৰঃ বিভক্তি আৰু প্ৰত্যয়ৰ পাৰ্থক্য:

(i) যিবোৰ মুক্তৰূপে বাক্যত পদৰ সংগতি স্থাপন কৰে সেইবোৰকে বিভক্তি বোলে। আনহাতে যিবোৰ সৰ্গই মূলৰূপৰ পাছত বহি নতুন নতুন শব্দ সৃষ্টি কৰিব পাৰে সেইবোৰকে প্রত্যয় বোলে।

(ii) বিভক্তিবোৰ পদ গঠনৰ সৰ্গ।

আনহাতে প্রত্যয়বোৰ শব্দ গঠনৰ সৰ্গ।কক

(iii) বিভক্তিবোৰে নতুন শব্দ সাজিব নোৱাৰে।, কিন্তু বাক্য এটাৰ পদবোৰৰ মাজত সম্বন্ধ স্থাপন কৰে।

প্রত্যয়বোৰে নতুন নতুন শব্দ সৃষ্টি কৰিব পাৰে। 

ৰচনাধৰ্মী প্রশ্নোত্তৰ

১। ৰূপ বা প্রাকৃতি কাক বোলে? ৰূপৰ শ্ৰেণীবিভাজন কৰি দেখুওৱা।

উত্তৰ: প্রাকৃতি: সকলো ভাষাতে এনে কেতবোৰ প্ৰাকৃতি থাকে যিবোৰক কেন্দ্ৰ কৰি নানান প্রাকৃতি সংযুক্ত হৈ ভিন্ন অর্থবাচক ৰূপৰ সৃষ্টি হ'ব পাৰে এনেবোৰ প্রাকৃতিক প্রাকৃতি বোলে। প্রাকৃতিবোৰেই ভাষাৰ সকলো শব্দ বা পদৰ আধাৰ স্বৰূপ। উদাহৰণস্বৰূপে, পূর্বোল্লিখিত 'মোমাইকহঁতলৈ' পদটোৰ মোমাই-এক্-হঁত-অলৈ-এই চাৰিটা প্রাকৃতিৰ ভিতৰত 'মোমাই' প্রাকৃতিটোৱেই পদটোৰ আধাৰ। কাৰণ ইয়াৰ অবিহনে বাকী চাৰিওটা প্রাকৃতি লগ-লাগিলেও বাক্যত প্রয়োগ কৰিব পৰা কোনো ৰূপৰ সৃষ্টি হ'ব নোৱাৰে।

    প্রাকৃতিসমূহক ৰূপগত বৈশিষ্ট্যৰ বিচাৰ অনুসৰি বিভিন্ন ভাষাত বিভিন্ন প্ৰকাৰে শ্রেণীবিভাগ কৰা হয়। অসমীয়া ভাষাত প্রাকৃতিক চাৰিভাগত ভাগ কৰা হৈছে। সেই চাৰিটা হ'ল - প্রাতিপাদিক বা নাম প্রাকৃতি, ধাতু প্রাকৃতি, নাম ধাতু প্রাকৃতি, অব্যয় প্রাকৃতি।

(ক) প্রাতিপাদিক বা নাম প্রাকৃতি: যিবোৰ প্ৰাকৃতিৰ পৰা কেৱল নামশব্দ বা নামপদহে তৈয়াৰ হয়। সেইবোৰেই নাম প্রাকৃতি। যেনে মানুহ, পশু, গছ, লতা, ৰাম আদি।

(খ) ধাতু প্রাকৃতি: যিবোৰ প্ৰাকৃতিৰ পৰা কেৱল ধাতু শব্দ, ক্রিয়াপদ আৰু কৃদন্ত ৰূপহে তৈয়াৰ হয়, সেইবোৰক ধাতু প্রাকৃতি বোলে। যেনে- কৰ, পঢ়, খা, দিহ আদি।

(গ) নাম ধাতু প্রাকৃতিঃ যিবোৰ প্ৰাকৃতিৰ পৰা নামশব্দ আৰু নামপদ নাইবা ধাতুশব্দ, ক্রিয়াপদ আৰু কৃদন্তৰূপ পাব পাৰি তেনেবোৰ প্ৰাকৃতিকে নামধাতু প্রাকৃতি বোলে। উদাহৰণস্বৰূপে - চিন্, মানু, আদি প্রকৃতি কেইটাক নাম শব্দরূপে কাৰক অনুযায়ীও ৰূপ কৰিব পাৰি আৰু ধাতুশব্দৰূপে ক্রিয়া-বিভক্তি লগ লগাই পুৰুষ অনুযায়ীও ৰূপ কৰিব পাৰি, যেনে জ্ঞানীজনে য'তে ত'তে মান পায়, গুৰুজনৰ কথা মানিবা।

(ঘ) অব্যয় প্রাকৃতিঃ যিবোৰ প্ৰাকৃতি কোনো ৰূপ নহয়, অর্থাৎ, যিবোৰ প্ৰাকৃতিৰ কাৰক বিভক্তি বা ধাতুৰূপৰ বিভক্তি লগ নালাগে সেইবোৰকে অব্যয় প্রাকৃতিৰ ভিতৰত ধৰা হয়। যেনে- তথাপি, অথচ, খাটাং আদি।

 ২। প্রাকৃতিৰ শ্ৰেণীবিভাগ উদাহৰণসহ দেখুওৱা

উত্তৰ: ভাষাত ব্যৱহৃত ৰূপবোৰক অৰ্থাৎ প্রাকৃতিবোৰক গঠন অনুসৰি Ronald W. Langacker-এ প্রধানতৈ দুটা ভাগত ভাগ কৰিছে। যেনে

(ক) শব্দ বিষয়ক ৰূপ বা প্রাকৃতি (Lexical Morphemes)

(খ) ব্যাকৰণগত ৰূপ বা প্রাকৃতি (Gramatical Morphemes)

(ক) শব্দ বিষয়ক ৰূপ বা প্রাকৃতিঃ যিবোৰ প্ৰাকৃতি স্বাধীনভাবে ব্যৱহাৰ হয় আৰু স্পষ্ট অর্থবিশিষ্ট এনেবোৰক শব্দবিষয়ক ৰূপ বা প্রাকৃতি বুলি ধৰা হয়। বিশেষকৈ বিশেষ্য, বিশেষণ, ক্রিয়া-বিশেষণ, সর্বনাম, ক্রিয়া বিষয়ক শব্দ আৰু বিবিধ ধাতুসমূহক এই শ্ৰেণীৰ ভিতৰত ধৰা হয়। যেনে- গৰু, ', হাতী, মানুহ, ঘৰ, কুকুৰ, ধান, পঢ়, খা, একৰ ইত্যাদি।

(খ) ব্যাকৰণগত ৰূপ বা প্রকৃতি: যিবোৰ প্ৰাকৃতি শব্দবোৰৰ লগত সংযোগ হৈ ভাষাৰ গঠনত ব্যাকৰণগত চাহিদা পূৰণ কৰে আৰু সেইবোৰৰ অৰ্থ স্পষ্ট নহয়, শব্দৰ লগত সংযোগ হোৱাৰ পিছতহে অর্থ স্পষ্ট হৈ উঠে তেনে বিষয়ক ৰূপবোৰক ব্যাকৰণগত ৰূপ হিচাপে ধৰা হয়। বিবিধ শব্দ গঠনাত্মক প্রত্যয়, বিভক্তিমূলক প্রত্যয় আদিক এই শ্রেণীত ধৰা হয়। যেনে-টো,-জন,-জনী, -বোৰ, -বিলাক, -,-লৈ,-চোন, হেঁতেন ইত্যাদি।

ভাষাত ব্যৱহৃত প্রত্যেক প্রাকৃতিৰে কিছুমান নিজা বৈশিষ্ট্য আছে। এই বৈশিষ্ট্য আৰু প্রয়োগলৈ লক্ষ্য কৰি প্ৰাকৃতিসমূহক বর্ণনাত্মক ভাষাবিজ্ঞানত দুটা ভাগত ভাগ কৰা হৈছে। যেনে-

(ক) মুক্তৰূপ বা মুক্ত প্রাকৃতি (Free form)

(খ) বদ্ধৰূপ বা বদ্ধ প্রাকৃতি (Bound form)

'ৰাটো, 'ৰাবোৰ, 'ৰালি, 'ৰাজন, লৰাৰ, 'ৰালৈ আদি শব্দ বিশ্লেষণ কৰিলে এনেধৰণৰ খণ্ডিত ৰূপ পোৱা যায়।

'ৰাটো + ল'ৰা = টো (নির্দিষ্টবাচকতা)।

'ৰাবোৰ + ল'ৰা = বোৰ (বহুবচনাত্মক)।

'ৰালি + ল'ৰা = অলি (গুণবাচকতা)।

'ৰাজন + ল'ৰা = জন (নির্দিষ্টবাচকতা)।

'ৰাৰ + ল'ৰা = ৰ (কাৰকবাচক বিভক্তি)।

'ৰালৈ + ল'ৰা = লৈ (কাৰকবাচক বিভক্তি)।

ওপৰৰ শব্দকেইটা বিশ্লেষণ কৰাৰ পিছত ল'ৰা, -টো, বোৰ, অলি, জন, -,-লৈ আদি ভিন্ন ৰূপ পোৱা গৈছে। ইহঁতক ইয়াতকৈ আৰু ক্ষুদ্র খণ্ডত বিভক্ত কৰিব নোৱাৰি। কিন্তু এই ৰূপবোৰৰ প্ৰয়োগৰ ক্ষেত্ৰত কিছুমান বিশেষত্ব আছে। ''ৰা' ৰূপটো অকলে বাক্যত ব্যৱহাৰ হ'ব পাৰে, কিন্তু-টো, বোৰ, , লৈ আদি ৰূপবোৰ অকলে ব্যৱহাৰ নহয়, ইহঁত ''ৰা' ৰূপৰ আশ্ৰয়তহে ব্যৱহাৰ হ'ব পাৰে। বিশেষকৈ ''ৰা' ৰূপৰ দৰে কলম, গৰু, ', হাতী আদি ৰূপবোৰৰ লগত অন্য কোনো প্রাকৃতি যোগ নহ'লেও বাক্যত ব্যৱহাৰ হ'ব পাৰে, সেইবাবে ইহঁতক মুক্তৰূপ (Free form) বোলা হৈছে। কিন্তু -বোৰ, -জন, -জনী, -টো, ,-লৈ, -ক আদি ৰূপসমূহ সদায় অন্য ৰূপৰ লগতহে যুক্ত হৈ ব্যৱহৃত হ'ব পাৰে। ইহঁত বাক্যত স্বতন্তৰীয়াকৈ ব্যৱহাৰ নহয়, ইহঁত স্বতন্ত্র বা মুক্ত নহয় বৰং ইহঁত নিয়মৰ দ্বাৰা পৰিচালিত। সেইকাৰণে ইহঁতক বদ্ধৰূপ (Bound form) বোলা হৈছে। পৰম্পৰাগত ব্যাকৰণত মুক্ত ৰূপ হিচাপে প্রাতিপাদিক আৰু ধাতুসমূহক ধৰা হৈছে আৰু বদ্ধৰূপ হিচাপে প্রত্যয়, বিভক্তি, উপসর্গ আদিক ধৰা হৈছে।

৩। ৰূপতত্ত্বত ব্যৱহৃত সাংকেতিক চিনসমূহ কি কি উল্লেখ কৰা।

উত্তৰঃ বাক্যবিন্যাসৰ নিচিনা ৰূপতত্ত্বৰ আলোচনাতো কিছুমান সাংকেতিক চিন বিশেষ বিশেষ অৰ্থত প্ৰয়োগ কৰা সুপ্রতিষ্ঠিত ৰীতি আছে। সেইবোৰৰ প্ৰয়োগ ৰীতি নাজানিলে ৰূপতত্ত্ব বুজাত বা আলোচনা কৰাত অসুবিধা হয়। সেইবোৰ তলত উনুকিওৱা হ'ল।

(-) হাইফেনঃ ৰূপতত্ত্বত হাইফেনৰ প্ৰয়োগ বিশেষ তাৎপর্যপূর্ণ। ই বিভিন্ন স্থানত প্রয়োগ হৈ বিভিন্ন অৰ্থ কৰে। কোনো ৰূপৰ ঠিক আগফালে হাইফেন বহিলে বুজা যাব এই ৰূপটো পৰসৰ্গ; যেনে --অক্, অলৈ ইত্যাদি। কোনো ৰূপৰ দুয়োকাষে যদি হাইফেন থাকে, বুজা যাব যে ই এক অন্তঃসর্গ অথবা শব্দ মধ্যস্থিত বর্ণ। যদি ই কোনো ৰূপৰ পিছফালে গাতে লাগি বহে তেনেহ'লে বুজা যাব যে ৰূপটো হয় ধাতু, নহয় উপসর্গ; যেনে- খা-, কৰ্-, , উপ- ইত্যাদি। কোনো এটা পদৰ বুকু ফালি যদি হাইফেন প্রয়োগ কৰা যায় তেন্তে ই মুক্তৰূপ আৰু বদ্ধৰূপৰ বিভাজন সূচনা কৰিব; যেনে- খাই-ইছ-ইল-ওঁ।

(>) কোণ বা () কাঁড়চিন: অংকশাস্ত্ৰত ডাঙৰ-সৰু বুজোৱা এই চিনে ৰূপতত্ত্বত সেঁফালে দিয়া ৰূপটো বাওঁফালে দিয়া ৰূপৰ পৰা উৎপন্ন বুজায়। ওলোটাই লিখিলে অর্থাৎ (<) এনেদৰে লিখিলে বাওঁফালৰ ৰূপটো সোঁফালৰ ৰূপৰ পৰা উৎপন্ন বুজায়। আজিকালি ইয়াৰ বিকল্পে () আৰু () কাঁড় চিনো ব্যৱহাৰ কৰা দেখা যায়।

() ঢৌ চিনঃ দুটা ৰূপৰ মাজত যদি () ঢৌ চিন দিয়া হয় তেতিয়া 'লে বুজা যাব যে ৰূপ দুটাৰ এটাৰ বিকল্পে আনটো হ'ব পাৰে।

(//) হেলনীয়া যুৰীয়া আঁচ: মুক্তৰূপ বুজাবৰ কাৰণে ৰূপটোৰ দুয়োকাষে (//) এই চিন ব্যৱহাৰ কৰা হয়। ৰূপটো Italics বা গাঢ় আখৰেৰে লিখিলে (//) এই চিন ব্যৱহাৰ নকৰিলেও চলে। আজিকালিৰ ছপা পুথিত দ্বিতীয়টো পদ্ধতিহে বেছিকৈ ব্যৱহাৰ হ'ব ধৰিছে।

([]) বৰ বন্ধনিঃ ৰূপ বিপৰীতে উপৰূপৰ উল্লেখ কৰিব লাগিলে সংশ্লিষ্ট উপৰূপবোৰ বৰ বন্ধনিৰ মাজত উল্লেখ কৰা হয়।

(=) সমান চিনঃ সমার্থ বুজাবৰ কাৰণে কেতিয়াবা এই চিন ব্যৱহাৰ কৰা হয়।