Chapter 4
অসমীয়া ভাষাৰ বাক্যতত্ত্বঃ অসমীয়া বাক্যৰ শ্রেণীবিভাজন
বাক্যৰ উপাদান, পদৰ সংগতি আৰু ক্ৰম, নিকটস্থ অংগবিচাৰ
খণ্ডবাক্য গঠনৰ নিয়ম, ৰূপান্তৰ উৎপাদক ব্যাকৰণ
অতিচমু প্রশ্নোত্তৰ
১। প্রশ্নবোধক বাক্যই ক্ৰিয়াৰ কি বিষয়ে সোধে?
উত্তৰঃ কাৰ্যৰ বিষয়ে সোধে।
২। উদ্দেশ্য আৰু বিধেয় কি?
উত্তৰঃ যাৰ বিষয়ে কোৱা হয় সিয়েই উদ্দেশ্য।বাক্যত কর্তাই উদ্দেশ্য।
৩। বাক্যত ক্ৰিয়া পদৰ স্থান সদায় আৰম্ভণিত/মধ্যত/শেষত। কোনটো শুদ্ধ।
উত্তৰঃ শেষত।
৪। 'বাম যদু মাতিলে'- বাক্যটো শুদ্ধ নে?
উত্তৰ: অশুদ্ধ।
৫। অসমীয়া ভাষাত ক্রিয়াপদৰ স্থান ক'ত?
উত্তৰঃ শেষত।
৬। জটিল বাক্য কাক বোলে?
৭। কর্মবাচ্যৰ ক্ৰিয়াত যোগ হোৱা ই টোক কি বিভক্তি বোলে?
উত্তৰঃ কর্মবাচ্যৰ বিভক্তি বোলে।
৮। বাক্য কি?
উত্তৰঃ এটা বা ততোধিক পদ লগ লগাই কোনো এটা মনোভাব সম্পূর্ণকৈ প্রকাশ কৰাকে বাক্য বোলে।
৯। কর্ম নোহোৱাকৈ বাক্য হ'ব পাৰেনে?
উত্তৰঃ পাৰে।
১০। পৰোক্ষ উক্তিলৈ নিয়া- বামে মোক ক'লে, 'মই কালিলৈ স্কুললৈ নাযাওঁ'।
উত্তৰঃ ৰামে কাইলৈ স্কুললৈ নাযায় বুলি মোক ক'লে।
চমু প্রশ্নোত্তৰ
১। জটিল বাক্য বুলিলে কি বুজা?
উত্তৰঃ যি বাক্যত এটা প্রধান বাক্য আৰু তাৰ এটা বা ততোধিক সহায়ক অপ্রধান বাক্য থাকে, তাকে জটিল বাক্য বোলা হয়। যেনে- যি লোকৰ অন্তৰ পবিত্র, সেই লোক কেতিয়াও বিপদত নপৰে। মানুহে যি খায়, পোহনীয়া কুকুৰেও তাকে খায়। এই বাক্য দুটাই 'সেই'আৰু 'তাকে' সর্বনাম পদ। 'সেই' হ'ল 'পবিত্ৰ অন্তৰ'ৰ সৰ্বনাম আৰু 'তাকে' হ'ল 'মানুহে খোৱা খাদ্য'ৰ সর্বনাম। আমি জানো যে বিশেষ্যৰ সলনি বহা সর্বনাম পদেও বাক্যৰ অৰ্থ সম্পূৰ্ণ কৰিব পাৰে। যেনে-
ৰাম এজন ভাল ল'ৰা। তেওঁ সদায় পড়ে। (মন কৰা 'পবিত্ৰ অন্তৰৰ' হ'ল 'মানুহ' পদৰ বিশেষণ। এতেকে 'সেই' পদটো হ'ল এহাতে সর্বনাম আৰু আনহাতে বিশেষণ। 'সেই' পদটো 'লোক'ৰ বিশেষণ আৰু 'পবিত্ৰ অন্তৰৰ' পদ দুটাৰ সৰ্বনাম।)উদ্ধৃত বাক্য দুটাৰ ক্ৰমে 'সেই লোক কেতিয়াও বিপদত নপৰে' আৰু 'পোহনীয়া কুকুৰেও তাকে খায়' হ'ল প্রধান বাক্য। আকৌ, ক্রমে 'যি লোকৰ অন্তৰ পবিত্ৰ' আৰু 'মানুহে যি খায়' অপ্রধান বাক্য বা বাক্যাংশ।
২। বাক্য পৰিৱৰ্তন কি?
উত্তৰ: বক্তাৰ অভিপ্রায় একে ৰাখি অর্থাৎ, অৰ্থৰ সলনি নোহোৱাকৈ একেখিনি কথাকে বেলেগ বেলেগ ৰূপত প্ৰকাশ কৰিব পাৰি। দলিলৰ ভাষা, বিজ্ঞানৰ ভাষা, বুৰঞ্জীৰ ভাষা, সাহিত্যৰ ভাষা আদিৰ প্ৰকাশভংগী বেলেগ বেলেগ। একেদৰে বক্তাৰ শিক্ষা, অভিজ্ঞতা, শৈলী, স্রোতাৰ বয়স, গ্রহণযোগ্যতা, পৰিৱেশ আদিৰ ওপৰত ভিত্তি কৰিও বাক্য কোৱা বা লিখাৰ ধৰণ বেলেগ বেলেগ হ'ব পাৰে। আচৰিত যেন লাগিলেও আমি কণমানি শিশুক কিবা এটা কওঁতে প্রায়ে জটিল বাক্য ব্যৱহাৰ কৰোঁ। যেনে- "মাৰাক যে মই কাগজ এখন দিছিলোঁ, ক'ত আছে বাৰু?” এই একেখিনি কথা ডাঙৰক কওঁতে আমি সৰল বাক্য ব্যৱহাৰ কৰোঁ। যেনে- “তোমাক দিয়া কাগজখন ক'ত আছে?"
অনুসৰি তলৰ বাক্যসমূহ পৰিৱৰ্তন কৰাঃ
(ক) যি ছাত্রই শিক্ষকক সন্মান নকৰে, তাৰ শিক্ষাই বৃথা। (সৰল বাক্যলৈ নিয়া)
উত্তৰঃ শিক্ষকক সম্মান নকৰা ছাত্ৰৰ শিক্ষাই বৃথা।
(খ) অকৃতজ্ঞ লোকে ক'তো আসন নাপায়। (জটিল বাক্যলৈ নিয়া)
উত্তৰঃ যি লোক অকৃতজ্ঞ তেওঁ ক'তো আসন নাপায়।
(গ) 'যি সকলে ব্যাকৰণ মনপুতি পড়ে, তেওঁলোকে ভাষাটো ভালকৈ জানে।' (সৰল বাক্যলৈ নিয়া)
উত্তৰঃ ব্যাকৰণ পঢ়াসকলে ভাষাটো ভালকৈ জানে।
(ঘ) যিজন লোক অকৃতজ্ঞ, তেওঁ ক'তো স্থান নাপায়। (সৰল বাক্যলৈ পৰিৱৰ্তন কৰা)
উত্তৰ: অকৃতজ্ঞ লোকে ক'তো স্থান নাপায়।
ৰচনাধৰ্মী প্রশ্নোত্তৰ
১। অৰ্থৰ ভিত্তিত বাক্যক কেই ভাগত শ্রেণীবিভক্ত কৰিব পাৰি?
উত্তৰ: অৰ্থৰ ভিত্তিত বাক্যক ছয় প্রকাৰে শ্ৰেণীবিভক্ত কৰিব পাৰি-
(খ) প্রশ্নবোধক বাক্য: সমিধান বা উত্তৰ বিচাৰি বা কৈফিয়ৎ তলব কৰি সোধা বাক্যকে প্রশ্নবোধক বাক্য বোলে। অসমীয়া ভাষাত কি, কিয়, কাক, কেতিয়া, কেনেকৈ, কিমান, ক'ত, কোন, কিহে, কিহেৰে আদি 'ক' যুক্ত অব্যয় বাক্যত ব্যৱহাৰ কৰি
প্রশ্নবোধক বাক্যৰ সৃষ্টি কৰা হয়। যেনে- (ক) কি কৰি আছা? (খ) তুমি কি কৰি আছা? (গ) আলেকজেণ্ডাৰে কিয় ভাৰত আক্ৰমণ কৰিছিল? (ঘ)মোৰ লগত কোন যাব? (ঙ) তুমি কেতিয়া আহিবা? (চ) কিমান পইচাত এহেজাৰ টকা হয়?
(গ) ইচ্ছাসূচক বাক্য: বক্তাৰ মনৰ বাঞ্ছা প্রকাশ কৰা বাক্যকে ইচ্ছাসূচক বাক্য বোলে। যেনে-
ঈশ্বৰে তোমাৰ মঙ্গল কৰক!
আজি যেন এজাক বৰষুণ আহে!
মানুহজন সোনকালে ঘৰ আহি পালে হয় আৰু!
দেশত যেন শান্তি বিৰাজ কবে!
(ঘ) অনুজ্ঞাবোধক বাক্য: আদেশ, অনুৰোধ, বাধা-নিষেধ আদি প্রকাশ কৰা বাক্যকে অনুজ্ঞাবোধক বাক্য বোলে। যেনে-
(১) য'তে-ত'তে ঘূৰি নুফুৰিবি।
(২) অনুগ্রহ কৰি মোক এগিলাছ পানী দিয়ক।
(৩) সোনকালে আহা।
(ঙ) ভাববোধক বাক্য: মনৰ হৰ্ষ, বিষাদ, ঘৃণা আদি ভাব প্রকাশক অর্থাৎ ইন্দ্রিয়গ্রাহ্য অনুভূতি প্রকাশ কৰিব পৰা বাক্যকে ভাববোধক বাক্য বোলে। যেনে-
চকু - দৃষ্টি - বাঃ, কি সুন্দৰ দৃশ্য!
নাক - ঘ্রাণ - ছিঃ, কি দুর্গন্ধ!
ছাল - স্পর্শ - উঃ, কি গৰম!
কাণ - শব্দ - বাহ! বৰ সুৱলা গীত!
জিভা - স্বাদ - আঃ, কি যে বঢ়িয়া ৰান্ধিছা!
(চ) সন্দেহযুক্ত বা অনিশ্চয়তাসূচক বাক্যঃ যিবোৰ নিৰ্দেশাত্মক বা প্রশ্নবোধক বাক্যৰ মাজত সন্দেহ বা অনিশ্চয়তা প্রকট হয়, সেইবোৰকে সন্দেহাত্মক বাক্যৰ শ্ৰেণীত অন্তর্ভুক্ত কৰিব পাৰি। যেনে-
মই চাগে আজি ঘৰতে থাকিম।
তুমি জানো আহিবা?
জানো! সময়ত আহি পাওনে নাই!
তেওঁও যদি মোৰ লগত আহিলেহেঁতেন!
২। বাক্য পৰিৱৰ্তন কি? বাক্য পৰিৱৰ্তনৰ নিয়মসমূহ কেনেধৰণৰ?
উত্তৰ: অৰ্থৰ লৰচৰ নকৰাকৈ এক প্ৰকাৰ বাক্যক আন প্ৰকাৰ বাক্যলৈ পৰিবৰ্তন কৰিব পাৰি। তলত তাৰ নমুনা দেখুওৱা হ'ল।
(ক) সৰল বাক্য জটিল বা মিশ্র বাক্যলৈ পৰিবৰ্তন কৰা নিয়ম: সৰল বাক্য অন্তর্গত কোনো পদ বা বাক্যাংশ অপ্রধান খণ্ড বাক্যত পৰিণত কৰি জটিল বাক্যলৈ পৰিবৰ্তন কৰিব পাৰি। যেনে-
সৰল বাক্য- বিদ্যাহীন লোক পশুৰ তুল্য।
জটিল বাক্য- যি লোক বিদ্যাহীন, তেওঁ পশুৰ তুল্য।
(খ) জটিল বাক্যক সৰল বাক্যলৈ পৰিবৰ্তন কৰা নিয়ম: জটিল বাক্যক সৰল বাক্যলৈ পৰিবৰ্তন কৰিবলৈ হ'লে, জটিল বাক্যত থকা খণ্ড বাক্যৰ ঠাইত কোনো পদ নাইবা বাক্যাংশ প্রয়োগ কৰিব লাগে। যেনে-
জটিল বাক্য- যাৰ মন ক্ষুদ্র, তেওঁ ধনী হ'লেও ভিক্ষাৰীৰ নিচিনা।
সৰল বাক্য- ক্ষুদ্ৰ মনৰ লোক ধনী হ'লেও ভিক্ষাৰীৰ নিচিনা।
(গ) সৰল বাক্যক যৌগিক বাক্যলৈ পৰিবৰ্তন কৰা নিয়মঃ সৰল বাক্যক যৌগিক বাক্যলৈ পৰিবৰ্তন কৰিব লাগিলে সৰল বাক্যত থকা অসমাপিকা ক্রিয়া আৰু ক্রিয়াবাচক বিশেষ্যক সমাপিকা ক্রিয়াত পৰিণত কৰিব লাগে আৰু প্ৰয়োজন অনুসৰি আৱশ্যকীয় অব্যয় পদৰ প্ৰয়োগ কৰিব লাগে। যেনে-
সৰল বাক্য- পৰিশ্ৰম নকৰিলে উন্নতি কৰিব নোৱাৰি।
যৌগিক বাক্য- পৰিশ্ৰম কৰিবা ন'হলে উন্নতি কৰিব নোৱাৰিবা।
(ঘ) যৌগিক বাক্যক সৰল বাক্যলৈ পৰিবৰ্তন কৰা নিয়মঃ যৌগিক বাক্যক সৰল বাক্যলৈ পৰিবৰ্তন কৰিব লাগিলে যৌগিক বাক্যত থকা খণ্ড বাক্যবিলাকৰ ভিতৰত যেই কোনো এটাৰ বাহিৰে বাকী বিলাকক এটা পদ নাইবা বাক্যাংশত পৰিণত কৰিব লাগে। যেনে-
যৌগিক বাক্য-লাচিতে মোগলক পৰাজয় কৰিয়েই এৰা নাছিল, সিহঁতক অসমৰ পৰা খেদি দিছিল।
সৰল বাক্য-লাচিতে মোগলক পৰাজয় কৰি অসমৰ পৰা খেদি দিছিল।
(ঙ) জটিল বাক্যক যৌগিক বাক্যলৈ পৰিবৰ্তন কৰা নিয়ম: জটিল বাক্যক যৌগিক বাক্যলৈ পৰিবৰ্তন কৰিব লাগিলে বাক্যৰ প্ৰধান খণ্ড বাক্যটো ৰাখি বাকী অধীন খণ্ড বাক্যৰ অপেক্ষাসূচক অব্যয়ৰ ঠাইত সংযোজক বিযোজক আদি অব্যয় পদৰ ব্যৱহাৰ কৰি নিৰপেক্ষ খণ্ড বাক্যত পৰিণত কৰিব লাগে। যেনে-
জটিল বাক্য-সি যিহকে ভাল পায়, তাকে কৰিলেও দেউতাকে বাধা নিদিছিল।
যৌগিক বাক্য- সি যিহকে ভাল পায় তাকে কৰিছিল, তথাপি দেউতাকে বাধা নিদিছিল।
যৌগিক বাক্য-এতিয়াই যোৱা নহলে তেওঁক লগ নাপাবা।
জটিল বাক্য- যদি এতিয়াই নোযোৱা তেনেহলে তেওঁক লগ নাপাবা।
৩। উক্তি মানে কি? উক্তিৰ ভিত্তিত বাক্যক কেইপ্ৰকাৰে ভগাব পাৰি? বাক্য কি উক্তিত আছে কেনেকৈ জানিব পাৰি, উদাহৰণ দি বুজাই লিখক।
উত্তৰঃ কথা বতৰা পাতোঁতে এজন ব্যক্তিয়ে আন এজনক যি ধৰণে কথা কয়, ঠিক সেই ধৰণেই যদি কোৱা বা লিখা হয়, তেনেহ'লে, এনে বাক্যক প্রত্যক্ষ উক্তি বোলে। নাটকৰ চৰিত্ৰৰ মুখৰ বচনবোৰ প্ৰত্যক্ষ উক্তি, গল্প উপন্যাসতো প্রত্যক্ষ উক্তি পোৱা যায়। যেনে
(ক) মুখ ভেঙুচাই মামাক ক'লোঁ- 'যদি ইমান টান কাম নহয়, তেনেহ'লে তুমি ভয়াতুৰ। নহ'লে অনাগ্রহী, বিয়া পাতি দেখুৱাই দিয়াচোন চাওঁ তোমাৰ সাহস।' (সভা দাসৰ 'সৰুমামা) ইয়াত উৰ্ধকমাৰ ভিতৰৰ বাক্যকেইটা প্রত্যক্ষ উক্তিত আছে। কাৰণ বক্তাজনৰ মুখৰ কথাকে ইয়াত তুলিদিয়া হৈছে।
বুৰঞ্জীৰ পুথিবোৰত প্ৰত্যক্ষ উক্তি বুজাবলৈ উৰ্ধকমাৰ প্ৰয়োগ নহৈছিল। বোলে, বা, বুলিলে, অর্থাৎ ক'লে বুলি লিখি তাৰ পিছতে কমা চিন দি, বা কেতিয়াবা নিদিয়াকৈ প্রত্যক্ষ উক্তি লিখাৰ নিয়ম আছিল। পুৰণি অসমীয়া কথিত ভাষাৰ নিদর্শন কথা গুৰুচ চৰিত পুথিত কেনেদৰে প্ৰত্যক্ষ উক্তি পোৱা গৈছিল তলৰ বাক্যটো চালেই বুজিব পাৰি-
(খ) গুৰুজনে পৰমাথেই ক'লে। বোলে মহাৰাজ এই মানকৈহে পাৰি। ৰাজা বোলে তোমৰা কি সাত প্ৰকাৰেও পৰা যায় প্রমাণ পালোঁ।
আজিকালি ক'লে, সুধিলে, মাতিলে, মাতি দিলে, উত্তৰ দিলে আদি যথোচিত সমাপিকা ক্ৰিয়াৰ পাছত কমা চিন (,) দি উক্তিটো ঊর্ধ্বকমাৰ ভিতৰত লিখা হয়। যেনে-
(গ) মোক দেখি দূৰৰ পৰাই মাত দিলে, 'কিহে, কি খবৰ? ইমান দিন ক'ত আছিলাগৈ?'
কেতিয়াবা প্রত্যক্ষ উক্তিৰ কথাখিনি প্রথমে কৈ তাৰ পিছতহে ডেছ (一) এডাল দি কোনে কৈছে সেই কথা লিখা হয়। যেনে
'আজি মোৰ গাটো ভাল নহয়। বাৰু, লৰালৰিকৈ জোবোৰাটো মাৰিয়েই গৈছোঁ। তই যা'- বুলি দীঘল হুমুনিয়াহ এটা পেলাই আঘোণী ভিতৰ সোমাল।
পৰোক্ষ উক্তিমূলক বাক্য: যি উক্তিত কথা নিজে পোন পটীয়াকৈ নকৈ আনে কোৱাৰ দৰে কোৱা হয় তাকে পৰোক্ষ উক্তি বোলে। পুৰণি কালত অসমীয়া মানুহে তেনে পৰোক্ষ উক্তি বৰকৈ ব্যৱহাৰ নকৰিছিল।বুলি, বোলে আদি প্রয়োগ কৰি প্রত্যক্ষ উক্তিৰেই পৰোক্ষ বক্তব্য প্রকাশকৰিছিল। আজিকালি ইংৰাজী ভাষাৰ বাক্যৰীতিৰ প্রভাৱত বোলে, বুলিৰ প্ৰয়োগ কমি গৈছে, তাৰ ঠাইত যে 'ৰ প্রয়োগ হ'বলৈ ধৰিছে। যেনে-
-ৰীমাই ক'লে যে তাই আজি স্কুললৈ যাব নোৱাৰে।
এই বাক্যটো আচলতে অসমীয়া ঠাঁচত এনেহ হ'ব লাগে-
(ক) আজি স্কুললৈ যাব নোৱাৰে বুলি ৰীমাই ক'লে, অথবা
(খ) ৰীমাই ক'লে বোলে আজি তাই স্কুললৈ যাব নোৱাৰে। অথবা
(গ) ৰীমাই ক'লে, আজি তাই স্কুললৈ যাব নোৱাৰে।