Chapter 4                                            

                        ৰাজ্যিক বিত্ত ব্যৱস্থা 


অতি চমু প্রশ্নোত্তৰ


১। জিএছটিৰ পাছত ৰাজ্য চৰকাৰৰ কৰ আয় কেনেকুৱা হৈছে?


উত্তৰ: কেন্দ্ৰীয় চৰকাৰে প্ৰথমে সংগ্ৰহ কৰাৰ পাছত ভাগ কৰি দিয়ে।


২। ৰাজহুৱা ব্যয় বুলিলে কি বুজায়?


উত্তৰ: চৰকাৰে কৰা মুঠ ব্যয়।


৩। ৰাজ্য চৰকাৰৰ আয়ৰ মুখ্য উৎস কি?


উত্তৰঃ কৰ আৰু অনাকৰ আয়।


৪। ৰাজহুৱা ব্যয়ৰ দুটা প্রধান ভাগ কি?


উত্তৰ : ৰাজহ ব্যয় আৰু মূলধনী ব্যয়।


৫। চৰকাৰী ঋণ মানে কি?


উত্তৰঃ চৰকাৰে ধাৰ লোৱা টকা।


৬। বিত্তীয় ক্ষমতা হস্তান্তৰ মানে কি?


উত্তৰঃ স্থানীয় সংস্থালৈ ধন ব্যৱহাৰৰ অধিকাৰ দিয়া।


৭। কোনটো সংস্থাই বিত্তীয় বণ্টনৰ পৰামৰ্শ দিয়ে?


উত্তৰঃ বিত্ত আয়োগ।


৮। ৰাজ্যিক বিত্ত ব্যৱস্থাৰ মুখ্য লক্ষ্য কি?


উত্তৰ: অর্থনৈতিক আৰু সামাজিক উন্নয়ন।


৯। ৰাজ্যিক বিত্ত ব্যবস্থা বুলিলে কি বুজায়?


উত্তৰ : ৰাজ্য চৰকাৰৰ আয় আৰু ব্যয় ব্যৱস্থাক ৰাজ্যিক বিত্ত ব্যৱস্থা বুলি কোৱা হয়


১০। জিএছটি মানে কি?


উত্তৰ: সামগ্ৰী আৰু সেৱা কৰ।


চমু প্রশ্নোত্তৰ


১। ৰাজ্য চৰকাৰৰ আয়ৰ কৰ আৰু অনাকৰৰ উৎস ব্যাখ্যা কৰা।


উত্তৰ : ৰাজ্য চৰকাৰৰ আয়ক মূলতঃ দুটা ভাগত বিভক্ত কৰিব পাৰি- কৰ আয় আৰু অনাকৰ আয়। কৰ আয় হৈছে সেই আয় যি চৰকাৰে নাগৰিক আৰু ব্যৱসায়িক সংস্থাৰ পৰা কৰ আৰোপ কৰি সংগ্ৰহ কৰে। জিএছটিৰ অধীনত ৰাজ্য চৰকাৰে ৰাজ্যিক জিএছটিৰ অংশ লাভ কৰে। ইয়াৰ উপৰিও স্টাম্প ডিউটি, নথিভুক্তিকৰণ মাচুল, যান-বাহন কৰ আদি কৰ আয়ৰ অন্তর্ভুক্ত।


অনাকৰ আয় হৈছে এনে আয় য'ত চৰকাৰে কোনো কৰ আৰোপ নকৰে। ইয়াৰ ভিতৰত চৰকাৰী সেৱাৰ বিনিময়ত লোৱা মাচুল, দণ্ড, জৰিমনা, লাইচেন্স ফিছ, চৰকাৰী সম্পত্তিৰ ভাড়া আৰু লাভ আদি অন্তর্ভুক্ত। উদাহৰণস্বৰূপে, আদালতৰ দণ্ড, বিদ্যুৎ সেবাৰ ফিছ আদি অনাকৰ আয়।


কৰ আয় সাধাৰণতে ৰাজ্য চৰকাৰৰ মুখ্য আয়ৰ উৎস যদিও অনাকৰ আয়ো গুৰুত্বপূর্ণ। অনাকৰ আয় বৃদ্ধি কৰিলে কৰ বোজা বৃদ্ধি নকৰাকৈ ৰাজ্যৰ আৰ্থিক অৱস্থা মজবুত কৰিব পাৰি। সেয়ে দুয়ো ধৰণৰ আয়ৰ সুষম ব্যৱস্থাপনা ৰাজ্যিক বিত্ত ব্যৱস্থাৰ বাবে অত্যাবশ্যক।


২। ৰাজহুৱা ব্যয়ে অর্থনৈতিক আৰু সামাজিক জীৱনত পেলোৱা প্ৰভাৱ আলোচনা কৰা।


উত্তৰঃ ৰাজহুৱা ব্যয়ে অর্থনৈতিক আৰু সামাজিক জীৱনত বহুমুখী প্ৰভাৱ পেলায় চৰকাৰে শিক্ষা, স্বাস্থ্য, পৰিবহণ, বিদ্যুৎ, পানী যোগান আদি ক্ষেত্ৰত ব্যয় কৰিলে মানৰ সম্পদ উন্নত হয়। উন্নত মানব সম্পদে উৎপাদন ক্ষমতা বৃদ্ধি কৰে আৰু অর্থনৈতিক বিকাশ ত্বৰান্বিত কৰে।


ৰাজহুৱা ব্যয়ে কর্মসংস্থান সৃষ্টি কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। উদাহৰণস্বৰূপে পথ বা দলং নির্মাণ প্রকল্পই বহু লোকক পোনপটীয়া আৰু পৰোক্ষভাবে কামৰ সুযোগ দিয়ে। ইয়াৰ ফলত আয় বৃদ্ধি পায় আৰু দাৰিদ্র্যতা হ্রাস হয়। শিক্ষা আৰু স্বাস্থ্য ক্ষেত্রত কৰা ব্যয়ে সামাজিক সুৰক্ষা আৰু জীৱনমান উন্নত কৰে।


সামাজিক ক্ষেত্রত ৰাজহুৱা ব্যয়ে আঞ্চলিক অসমতা কমোৱাত সহায় কৰে। পিছপৰ অঞ্চলত অধিক ব্যয় কৰিলে উন্নয়নৰ সমতা বজাই ৰখা যায়। লগতে দৰিদ্ৰ আৰু দুর্বল শ্ৰেণীৰ বাবে কল্যাণমূলক আঁচনিত কৰা ব্যয়ে সামাজিক ন্যায় নিশ্চিত কৰে।


তথাপিও যদি ৰাজহুৱা ব্যয় অপ্রয়োজনীয় বা অপচয়মূলক হয়, তেন্তে বাজেট ঘাড় বৃদ্ধি পায় আৰু চৰকাৰী ঋণৰ বোজা বাঢ়ে। সেয়ে ৰাজহুৱা ব্যয় সঠিক পৰিকল্পনা অগ্রাধিকাৰ আৰু নিয়ন্ত্ৰণৰ জৰিয়তে কৰা অতি প্রয়োজনীয়। সুষম ৰাজহুৱা ব্যয়ে অর্থনৈতিক স্থিতিশীলতা আৰু সামাজিক উন্নয়ন নিশ্চিত কৰে।


৩। চৰকাৰী ঋণৰ বহনক্ষমতা বুলিলে কি বুজায়? ইয়াৰ গুৰুত্ব আলোচনা কৰা।


উত্তৰঃ চৰকাৰী ঋণৰ বহনক্ষমতা বুলিলে চৰকাৰে লোৱা ঋণ ভৱিষ্যতে সূদসহ সময়মতে ঘুৰাই দিব পৰা ক্ষমতাক বুজায়। অর্থাৎ, চৰকাৰৰ আয় আৰু ব্যয়ৰ অৱস্থার সৈতে ঋণৰ পৰিমাণ সামঞ্জস্য থাকিলে সেই ঋণক বহনক্ষম বুলি কোৱা হয়। যদি ঋণৰ অর্থনীতি পৰিমাণ অত্যাধিক বৃদ্ধি পায় আৰু চৰকাৰৰ নিয়মিত আয় ঋণৰ সুদ আৰু মূলধন পৰিশোধৰ বাবে পর্যাপ্ত নহয়, তেন্তে ঋণ বহনক্ষম নহয় বুলি ধৰা হয়।


ঋণৰ বহনক্ষমতা বজাই ৰখাটো ৰাজ্যিক বিত্ত ব্যবস্থাৰ বাবে অতি গুৰুত্বপূর্ণ। বহনক্ষম ঋণ ব্যবস্থাই চৰকাৰক উন্নয়নমূলক কামত ব্যয় কৰিবলৈ সহায় কৰে, একে সময়তে ভবিষ্যৎ প্রজন্মৰ ওপৰত অতিৰিক্ত আর্থিক বোজা নপৰে। সাধাৰণতে চৰকাৰৰ মুঠ আয়ৰ তুলনাত ঋণৰ পৰিমাণ, সুদ পৰিশোধৰ হাৰ আৰু অর্থনৈতিক বৃদ্ধি হাৰৰ ওপৰত ঋণ বহনক্ষমতা নিৰ্ভৰ কৰে।


যদি চৰকাৰী ঋণ উৎপাদনমুখী প্রকল্প যেনে পথ, বিদ্যুৎ, শিক্ষা আৰু স্বাস্থ্য আন্তঃগাঁথনিত ব্যৱহাৰ কৰা হয়, তেন্তে ই ভবিষ্যতে আয় বৃদ্ধি কৰে। এনে অৱস্থাত ঋণ বহনক্ষম হৈ থাকে। কিন্তু ঋণ যদি অপ্রয়োজনীয় বা অপচয়মূলক ব্যয়ত ব্যৱহাৰ কৰা হয়, তেন্তে আয় বৃদ্ধি নহয় আৰু ঋণৰ বোজা বাঢ়ে।


অধিক ঋণ ল'লে চৰকাৰৰ বাজেটৰ বৃহৎ অংশ সুদ পৰিশোধত ব্যয় হয়। ফলত উন্নয়নমূলক কামত ব্যয় কমি যায়। সেয়ে ঋণৰ বহনক্ষমতা বজাই ৰাখিবলৈ আয় বৃদ্ধি, ব্যয় নিয়ন্ত্রণ আৰু সঠিক ঋণ ব্যৱস্থাপনা অতি প্রয়োজনীয়। বহনক্ষম ঋণ ব্যৱস্থাই ৰাজ্যৰ অর্থনৈতিক স্থিতিশীলতা আৰু দীর্ঘম্যাদী বিকাশ নিশ্চিত কৰে।


৪। পৌৰসভালৈ বিত্তীয় ক্ষমতা হস্তান্তৰৰ গুৰুত্ব আলোচনা কৰা।


উত্তৰ: পৌৰসভা হৈছে নগৰ অঞ্চলৰ স্থানীয় শাসন ব্যৱস্থা, যাৰ মুখ্য দায়িত্ব হৈছে নগৰবাসীৰ দৈনন্দিন প্রয়োজন পূৰণ কৰা আৰু নগৰ উন্নয়ন নিশ্চিত কৰা। পৌৰসভালৈ বিত্তীয় ক্ষমতা হস্তান্তৰ মানে হৈছে পৌৰসভাক নিজে ধন সংগ্ৰহ আৰু সেই ধন উন্নয়নমূলক কামত ব্যৱহাৰ কৰাৰ অধিকাৰ দিয়া। ৰাজ্যিক বিত্ত ব্যবস্থাত এই ব্যবস্থা অতি গুৰুত্বপূর্ণ। নগৰ অঞ্চলত জনসংখ্যা অধিক হোৱাৰ বাবে পানী যোগান, পৰিচ্ছন্নতা, পথ নির্মাণ নলা-নর্দমা, বর্জ্য ব্যৱস্থাপনা, পথৰ আলোকসজ্জা আদি সমস্যাবোৰ জটিল হয়। এই সমস্যাবোৰ কেন্দ্ৰ বা ৰাজ্য চৰকাৰে একে সময়তে সকলো ঠাইত সমাধান কৰা কঠিন। পৌৰসভালৈ বিত্তীয় ক্ষমতা থাকিলে স্থানীয় সমস্যাবোৰ স্থানীয়ভাবে দ্রুতভাবে সমাধান কৰিব পাৰি।


পৌৰসভালৈ বিত্তীয় ক্ষমতা হস্তান্তৰে নগৰ উন্নয়ন ত্বৰান্বিত কৰে। পৌৰসভাই সম্পত্তি কৰ, পানী মাচুল, ব্যৱসায়িক লাইচেন্স ফিছ আদি সংগ্রহ কৰি উন্নয়নমূলক কামত ব্যয় কৰিব পাৰে। ইয়াৰ ফলত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ওপৰত আর্থিক নিৰ্ভৰতা কিছু হ্রাস পায়।


এই ব্যৱস্থাই নগৰবাসীৰ অংশগ্ৰহণ বৃদ্ধি কৰে। নাগৰিকে পৌৰসভাৰ কাৰ্যকলাপৰ ওপৰত নজৰ ৰাখে আৰু গণতান্ত্রিক প্রক্রিয়া শক্তিশালী হয়। লগতে পৌৰসভাৰ জবাবদিহিতা বৃদ্ধি পায়। সেয়ে পৌৰসভালৈ বিত্তীয় ক্ষমতা হস্তান্তৰ নগৰ শাসন ব্যৱস্থা উন্নত কৰাৰ বাবে অতি প্রয়োজনীয়।


৫। জিএছটি ব্যৱস্থাৰ আগতে ৰাজ্য চৰকাৰৰ আয়ৰ উৎসসমূহ আলোচনা কৰা।


উত্তৰ: জিএছটি ব্যৱস্থা প্ৰৱৰ্তনৰ আগতে ৰাজ্য চৰকাৰৰ আয়ৰ উৎসসমূহ বেছিভাগেই নিজস্ব কৰ আৰু অনাকৰৰ আয়ৰ ওপৰত নিৰ্ভৰশীল আছিল। সেই সময়ত ৰাজ্য চৰকাৰে

বিভিন্ন ধৰণৰ পৰোক্ষ কৰ আৰোপ কৰি ৰাজহ সংগ্ৰহ কৰিছিল। ইয়াৰ ভিতৰত বিক্ৰী কদ আছিল আটাইতকৈ গুৰুত্বপূর্ণ উৎস। ৰাজ্যৰ ভিতৰত সামগ্রী বিক্ৰী হ'লে সেইবোৰদ ওপৰত বিক্ৰী কৰ লোৱা হৈছিল। ইয়াৰ উপৰিও প্রৱেশ কৰ, বিলাসিতা কৰ, বিনোদন কৰ, বৈদ্যুতিক শক্তি কৰ আদি বিভিন্ন কৰৰ জৰিয়তে আয় সংগ্ৰহ কৰা হৈছিল।


অনাকৰ আয়ৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে মাচুল, দণ্ড, লাইচেন্স ফিছ, চৰকাৰী সম্পত্তির ভাড়া আদি উৎসৰ পৰা আয় লাভ কৰিছিল। উদাহৰণস্বৰূপে, যান-বাহনৰ লাইচেন্স কিছু ভূমি নথিভুক্তিকৰণ মাচুল আদি অনাকৰৰ আয়ৰ অংশ আছিল। লগতে কেন্দ্ৰীয় চৰকাৰৰ পৰা পোৱা অনুদান আৰু কৰ বণ্টনৰ অংশও ৰাজ্য চৰকাৰৰ আয়ৰ এক গুৰুত্বপূৰ্ণ অংশ আছিল।


এই ব্যৱস্থাত ৰাজ্য চৰকাৰৰ কৰ আৰোপৰ ক্ষমতা তুলনামূলকভাবে বেছি আছিল যদিও কৰ ব্যৱস্থা জটিল, বিভক্ত আৰু বহুক্ষেত্ৰত দুবাৰ কৰ আৰোপৰ সমস্যা দেখা গৈছিল। ইয়াৰ ফলত ব্যৱসায়-বাণিজ্যত বাধা সৃষ্টি হৈছিল আৰু কৰ ফাঁকি দিয়াৰ প্ৰৱণতাও বৃদ্ধি পাইছিল। এই সমস্যাবোৰ দূৰ কৰাৰ উদ্দেশ্যে জিএছটি ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়।


বচনাধর্মী প্রশ্নোত্তৰ


১। ৰাজহুৱা ব্যয় বুলিলে কি বুজায়? ৰাজ্য চৰকাৰৰ ৰাজহুৱা ব্যয়ৰ গঠন বিস্তৃতভাবে আলোচনা কৰা।


উত্তৰ : ৰাজহুৱা ব্যয় বুলিলে চৰকাৰে জনসাধাৰণৰ কল্যাণ, প্রশাসন চলোৱা আৰু ৰাজ্যৰ সামগ্রিক অর্থনৈতিক বিকাশ নিশ্চিত কৰাৰ উদ্দেশ্যে কৰা সকলো ধৰণৰ ব্যয়ক বুজায়। ৰাজ্যিক বিত্ত ব্যৱস্থাত ৰাজহুৱা ব্যয় অতি গুৰুত্বপূৰ্ণ বিষয়, কিয়নো এই ব্যয়ৰ ধৰণ আৰু পৰিমাণৰ ওপৰতেই ৰাজ্যখনৰ সামাজিক উন্নয়ন, অর্থনৈতিক অগ্রগতি আৰু জনজীৱনৰ মান নিৰ্ভৰ কৰে। চৰকাৰৰ আয় কিদৰে ব্যয় কৰা হৈছে, সেইটোৱে এখন ৰাজ্যৰ উন্নয়নৰ দিশ নির্ধাৰণ কৰে।


ৰাজহুৱা ব্যয়ৰ গঠন বুজাবলৈ সাধাৰণতে ইয়াক দুটা মুখ্য ভাগত বিভক্ত কৰা হয়-বাজহ ব্যয় আৰু মূলধনী ব্যয়। এই দুয়ো ধৰণৰ ব্যয় ৰাজ্য চৰকাৰৰ বাজেটত গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে।


ৰাজহ ব্যয় হৈছে চৰকাৰৰ দৈনন্দিন কার্যকলাপ সুচাৰুভাৱে চলাবলৈ কৰা ব্যয়। এই ধৰণৰ ব্যয়ৰ পৰা তৎকালীন সেৱা লাভ কৰা যায় যদিও ইয়াৰ পৰা প্ৰত্যক্ষভাবে দীর্ঘম্যাদী সম্পদ সৃষ্টি নহয়। ৰাজহ ব্যয়ৰ ভিতৰত চৰকাৰী কৰ্মচাৰী আৰু বিষয়ববীয়াসকলৰ দৰমহা, পেঞ্চন, প্রশাসনিক খৰচ, আদালত, আৰক্ষী, শিক্ষা আৰু স্বাস্থ্য ক্ষেত্ৰৰ নিয়মিত ব্যয় অন্তর্ভুক্ত। লগতে আগতে লোৱা চৰকাৰী ঋণৰ সুদ পৰিশোধো ৰাজহ ব্যয়ৰ অংশ।


ৰাজহ ব্যয়ৰ প্রধান লক্ষ্য হৈছে চৰকাৰী যন্ত্র সচল ৰখা আৰু নাগৰিকসকলক প্রয়োজনীয় মৌলিক সেৱা প্ৰদান কৰা। উদাহৰণস্বৰূপে, বিদ্যালয়ত শিক্ষকক দৰমহা দিয়া, চিকিৎসালয়ত ডাক্টৰ আৰু স্বাস্থ্য কৰ্মচাৰী নিযুক্ত কৰা, আইন-শৃংখলা বজাই ৰাখিবলৈ আৰক্ষী ব্যৱস্থা চলোৱা আদি ৰাজহ ব্যয়ৰ অন্তৰ্গত। যদিও এই ব্যয়ে তৎকালীনভারে জনসাধাৰণক সহায় কৰে, তথাপিও ই ভবিষ্যতে নতুন আয় সৃষ্টি নকৰে।


আনহাতে মূলধনী ব্যয় হৈছে দীর্ঘম্যাদী উন্নয়নমূলক ব্যয়, যাৰ ফলত স্থায়ী সম্পদ সৃষ্টি হয় আৰু উৎপাদন ক্ষমতা বৃদ্ধি পায়। মূলধনী ব্যয়ৰ ভিতৰত পথ, সেতু, ৰে'লপথ, বিদ্যালয়, মহাবিদ্যালয়, চিকিৎসালয়, বিদ্যুৎ উৎপাদন কেন্দ্র, জলসিঞ্চন প্রকল্প, শিল্প উদ্যোগ স্থাপন আদি অন্তর্ভুক্ত। এই ধৰণৰ ব্যয়ে অর্থনীতিক শক্তিশালী কৰে আৰু ভৱিষ্যতে আয় বৃদ্ধিত সহায় কৰে।


ৰাজ্য চৰকাৰসমূহৰ উন্নয়ন লক্ষ্য অনুসৰি মূলধনী ব্যয়ৰ অংশ বৃদ্ধি কৰাটো অতি প্রয়োজনীয় বুলি ধৰা হয়। বিশেষকৈ উন্নয়নশীল ৰাজ্যসমূহত আন্তঃগাঁথনি উন্নয়ন, শিক্ষা আৰু স্বাস্থ্য খণ্ডত মূলধনী ব্যয় বৃদ্ধি নকৰিলে দীর্ঘম্যাদী বিকাশ সম্ভৱ নহয়।


ৰাজহুৱা ব্যয়ৰ গঠন আৰু প্রাধান্য সময়ৰ লগে লগে সলনি হয়। স্বাধীনতাৰ আৰম্ভণি সময়ত প্রশাসন আৰু আইন-শৃংখলাত অধিক ব্যয় কৰা হৈছিল। কিন্তু বর্তমান সময়ত শিক্ষা, স্বাস্থ্য, দাৰিদ্র্য বিমোচন, গ্রামোন্নয়ন আৰু নগৰ উন্নয়ন আদি ক্ষেত্ৰত ৰাজহুৱা ব্যয়ৰ গুৰুত্ব বৃদ্ধি পাইছে।


সংক্ষেপত ক'ব পাৰি যে ৰাজহুৱা ব্যয় ৰাজ্যিক বিত্ত ব্যৱস্থাৰ কেন্দ্ৰবিন্দু। ৰাজহ ব্যয় আৰু মূলধনী ব্যয়ৰ মাজত সঠিক সামঞ্জস্য বজাই ৰাখিলেহে ৰাজ্যৰ সামগ্রিক উন্নয়ন নিশ্চিত কৰা সম্ভৱ। অতিৰিক্ত অপ্রয়োজনীয় ব্যয় ৰাজ্যৰ আৰ্থিক অৱস্থা দুৰ্বল কৰিব পাৰে, আনহাতে সুচিন্তিত আৰু পৰিকল্পিত ব্যয়ে ৰাজ্যখনক উন্নয়নৰ পথত আগুৱাই লৈ যায়।


২। চৰকাৰী ঋণ বুলিলে কি বুজায়? ৰাজ্য চৰকাৰৰ চৰকাৰী ঋণৰ উৎস, উদ্দেশ্য আৰু গুৰুত্ব বিস্তৃতভাবে আলোচনা কৰা।


উত্তৰঃ চৰকাৰী ঋণ বুলিলে চৰকাৰে নিজৰ ব্যয় পূৰণ কৰিবলৈ দেশীয় বা বৈদেশিক উৎসৰ পৰা ধাৰ লোৱা টকাক বুজায়। ৰাজ্যিক বিত্ত ব্যৱস্থাত চৰকাৰী ঋণ এক গুৰুত্বপূৰ্ণ উপাদান, কিয়নো ৰাজ্য চৰকাৰৰ আয় বহু সময়ত সকলো উন্নয়নমূলক আৰু কল্যাণমূলক ব্যয় পূৰণ কৰিবলৈ পৰ্যাপ্ত নহয়। এনে অৱস্থাত ৰাজ্য চৰকাৰে ঋণৰ সহায় ল'ব লগা হয়। সেয়ে চৰকাৰী ঋণক আধুনিক ৰাজ্যিক বিত্ত ব্যৱস্থাৰ এক অবিচ্ছেদ্য অংশ বুলি কোৱা হয়।


ৰাজ্য চৰকাৰৰ চৰকাৰী ঋণৰ উৎসসমূহ মূলতঃ দুটা ভাগত বিভক্ত কৰিব পাৰি-  দেশীয় উৎস আৰু বৈদেশিক উৎস। দেশীয় উৎসৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ লোৱা ঋণ, ৰিজার্ভ বেংকৰ পৰা লোৱা ঋণ, বাণিজ্যিক বেংক, বীমা সংস্থা, ডাক সঞ্চয় আঁচনি আৰু সাধাৰণ জনগণৰ পৰা সংগ্ৰহ কৰা ঋণ অন্তর্ভুক্ত। ৰাজ্য চৰকাৰে বিভিন্ন ধৰণৰ বণ্ড আৰু ঋণপত্ৰ জাৰি কৰি জনসাধাৰণৰ পৰা ধন সংগ্ৰহ কৰে। এই ব্যৱস্থাই জনগণৰ সঞ্চয়ক উন্নয়নমূলক কামত ব্যৱহাৰ কৰাৰ সুযোগ দিয়ে।


বৈদেশিক উৎসৰ ক্ষেত্ৰত সাধাৰণতে ৰাজ্য চৰকাৰে পোনপটীয়াকৈ ঋণ নলয়, বরং কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে বৈদেশিক সংস্থা বা আন্তঃৰাষ্ট্ৰীয় আর্থিক প্রতিষ্ঠানৰ পৰ সহায় পায়। বিশ্ব বেংক, এচীয় উন্নয়ন বেংক আদি সংস্থাৰ পৰা পোৱা ঋণ বা সাহায্য ঐ শ্রেণীত পৰে। এই ধৰণৰ ঋণ সাধাৰণতে বৃহৎ আন্তঃগাঁথনি, শিক্ষা, স্বাস্থ্য বা দাবিদ্র বিমোচন প্রকল্পত ব্যৱহাৰ কৰা হয়।


চৰকাৰী ঋণ লোৱাৰ মুখ্য উদ্দেশ্যসমূহ বহুমুখী। প্রথমতে, বাজেট ঘাটি পূৰণ কৰাটো চৰকাৰী ঋণৰ এক গুৰুত্বপূৰ্ণ উদ্দেশ্য। বহু সময়ত চৰকাৰৰ ব্যয় আয়তকৈ অধিক হয়। এনে ঘাটি পূৰণ কৰিবলৈ চৰকাৰে ঋণ লয়। দ্বিতীয়তে, বৃহৎ উন্নয়নমূলক প্রকল্প বাস্তবায়নর বাবে ঋণ লোৱা হয়। পথ, সেতু, বিদ্যুৎ উৎপাদন কেন্দ্র, জলসিঞ্চন প্রকল্প আদি কামর বাবে একেলগে ডাঙৰ পৰিমাণৰ ধন লাগে, যিটো নিয়মিত আয়ৰ পৰা সম্ভৱ নহয়।


তৃতীয়তে, অর্থনৈতিক মন্দাৱস্থা বা সংকটকালত চৰকাৰী ঋণৰ গুৰুত্ব বৃদ্ধি পায়। মন্দাৱস্থাত ব্যক্তিগত বিনিয়োগ হ্রাস পায়। এনে সময়ত চৰকাৰে ঋণ লৈ ৰাজহুৱা ব্যয় বৃদ্ধি কৰে, যাৰ ফলত অর্থনীতিত চাহিদা সৃষ্টি হয় আৰু উৎপাদন সক্রিয় হয়। চতুর্থতে প্রাকৃতিক দুর্যোগ, মহামাৰী বা আপৎকালীন অৱস্থাত জনসাধাৰণক সহায় কৰিবলৈ চৰকাৰে ঋণ ল'ব লগা হয়।


ৰাজ্যিক বিত্ত ব্যৱস্থাত চৰকাৰী ঋণৰ গুৰুত্ব অতি বেছি। সঠিকভাৱে ব্যৱহাৰ কৰা ঋণে ৰাজ্যৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰিব পাৰে। উৎপাদনমুখী খণ্ডত ঋণ বিনিয়োগ কৰিলে ভবিষ্যতে আয় বৃদ্ধি পায় আৰু ঋণ ঘুৰাই দিবলৈ সহজ হয়। ইয়াৰ উপৰিও চৰকাৰী ঋণে সামাজিক উন্নয়ন, দাৰিদ্র্য বিমোচন আৰু আঞ্চলিক বৈষম্য হ্রাসত সহায় কৰে।


তথাপিও চৰকাৰী ঋণৰ কিছুমান অসুবিধা আছে। অত্যাধিক ঋণ ল'লে সুদ পৰিশোধ বোজা বৃদ্ধি পায়। ৰাজ্য চৰকাৰৰ বাজেটৰ বৃহৎ অংশ সুদ পৰিশোধত ব্যয় হ'লে উন্নয়নমূলক কামত ব্যয় কমি যায়। লগতে ভৱিষ্যৎ প্রজন্মৰ ওপৰত আর্থিক বোজা পৰে। সেয়ে চৰকাৰী ঋণ সাৱধানে আৰু পৰিকল্পিতভাবে ব্যৱহাৰ কৰাটো অতি প্রয়োজনীয়।


সংক্ষেপত ক'ব পাৰি যে চৰকাৰী ঋণ ৰাজ্যিক বিত্ত ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ হাতিয়াৰ। ই উন্নয়ন আৰু কল্যাণমূলক কামত সহায়ক হ'ব পাৰে যদি ঋণৰ ব্যৱহাৰ সঠিক আৰু লক্ষ্যভিত্তিক হয়। অন্যথা অত্যাধিক ঋণ ৰাজ্যৰ আর্থিক স্থিতিশীলতাক বিপন্ন কৰিব পাবে।


৩। পৌৰসভা আৰু স্বায়ত্তশাসিত পৰিষদলৈ বিত্তীয় ক্ষমতা হস্তান্তৰৰ তাৎপৰ্য ৰাজ্যিক বিত্ত ব্যৱস্থাৰ প্ৰেক্ষাপটত বিস্তৃতভাবে আলোচনা কৰা।


উত্তৰঃ পৌৰসভা আৰু স্বায়ত্ত শাসিত পৰিষদলৈ বিত্তীয় ক্ষমতা হস্তান্তৰ আধুনিক ৰাজ্যিক বিত্ত ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ দিশ। এই ব্যৱস্থাৰ মূল উদ্দেশ্য হৈছে স্থানীয় আৰু আঞ্চলিক পর্যায়ত উন্নয়ন অধিক কাৰ্যকৰী, অন্তর্ভুক্তিমূলক আৰু জনমুখী কৰা। নগৰ আৰু বিশেষ অঞ্চলসমূহৰ সমস্যা, প্রয়োজন আৰু সামাজিক বৈশিষ্ট্য গাঁও অঞ্চলৰ পৰা ভিন্ন হোৱাত এই সংস্থাসমূহলৈ পৃথকভাবে বিত্তীয় ক্ষমতা প্রদান কৰাটো অত্যাৱশ্যক।


প্রথমে পৌৰসভাৰ বিষয়ে আলোচনা কৰিলে দেখা যায় যে পৌৰসভা হৈছে নগৰ অঞ্চলৰ স্থানীয় শাসন সংস্থা। নগৰ অঞ্চলত জনসংখ্যা অধিক হোৱাৰ লগতে সমস্যাবোৰো জটিল হয়। পানী যোগান, পৰিচ্ছন্নতা, বর্জ্য ব্যৱস্থাপনা, নলা-নর্দমা, পথ ৰক্ষণাবেক্ষণ, নগৰ পৰিবহণ, স্বাস্থ্য সেৱা আদি ক্ষেত্ৰত বৃহৎ পৰিমাণৰ ব্যয়ৰ প্ৰয়োজন হয়। যদি পৌৰসভালৈ বিত্তীয় ক্ষমতা নাথাকে, তেন্তে এই সমস্যাবোৰ সমাধান কৰাটো কঠিন হৈ পৰে।


পৌৰসভালৈ বিত্তীয় ক্ষমতা হস্তান্তৰে নগৰ উন্নয়ন ত্বৰান্বিত কৰে। পৌৰসভাই সম্পত্তি কৰ, ব্যৱসায়িক লাইচেন্স ফিছ, পানী মাচুল আদি সংগ্ৰহ কৰি উন্নয়নমূলক কামত ব্যয় কৰিব পাৰে। ইয়াৰ ফলত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ওপৰত আৰ্থিক নিৰ্ভৰতা হ্রাস পায়। লগতে স্থানীয় প্রয়োজন অনুসৰি ধন ব্যৱহাৰ কৰা সহজ হয়।


এই ব্যবস্থাই নগৰ শাসন ব্যৱস্থাত স্বচ্ছতা আৰু জবাবদিহিতা বৃদ্ধি কবে। নগৰবাসীয়ে

পৌৰসভাৰ কাম-কাজৰ ওপৰত নজৰ ৰাখিব পাবে। জনসাধাৰণৰ অংশগ্ৰহণ বৃদ্ধি পোৱাৰ ফলত গণতান্ত্রিক ব্যৱস্থা অধিক শক্তিশালী হয়।


স্বায়ত্ত শাসিত পৰিষদৰ ক্ষেত্ৰত বিত্তীয় ক্ষমতা হস্তান্তৰৰ তাৎপর্য আৰু অধিক গভীৰ। স্বায়ত্ত শাসিত পৰিষদ সাধাৰণতে বিশেষ সামাজিক, সাংস্কৃতিক আৰু ভৌগোলিক বৈশিষ্ট থকা অঞ্চলত গঠন কৰা হয়। এই অঞ্চলসমূহত বাস কৰা জনগোষ্ঠীৰ ভাষা, সংস্কৃতি, জীৱনধাৰা আৰু উন্নয়ন প্রয়োজন সাধাৰণ অঞ্চলৰ পৰা ভিন্ন। সেয়ে এই পৰিষদসমূহলৈ বিত্তীয় ক্ষমতা হস্তান্তৰ কৰাটো অতি প্রয়োজনীয়।


স্বায়ত্ত শাসিত পৰিষদলৈ বিত্তীয় ক্ষমতা হস্তান্তৰে স্বশাসন ব্যৱস্থা শক্তিশালী কৰে। পৰিষদে শিক্ষা, স্বাস্থ্য, কৃষি, পথ, পানী যোগান, স্থানীয় উদ্যোগ আদি ক্ষেত্রত নিজে সিদ্ধান্ত ল'ব পাৰে। ইয়াৰ ফলত উন্নয়ন অধিক কাৰ্যকৰী হয় আৰু আঞ্চলিক বৈষম্য হ্রাস পায়।


ইয়াৰ উপৰিও এই ব্যৱস্থাই জনগণৰ মাজত আত্মবিশ্বাস আৰু বিশ্বাস বৃদ্ধি কৰে। নিজ নিজ অঞ্চলৰ উন্নয়ন নিজে পৰিচালনা কৰাৰ সুযোগ পালে স্থানীয় জনগোষ্ঠীয়ে নিজকে শাসন ব্যৱস্থাৰ অংশ হিচাপে অনুভৱ কৰে। ইয়াৰ ফলত সামাজিক স্থিৰতা আৰু একতা বজাই থাকে।


তথাপিও পৌৰসভা আৰু স্বায়ত্ত শাসিত পৰিষদলৈ বিত্তীয় ক্ষমতা হস্তান্তৰৰ ক্ষেত্ৰত কিছুমান সমস্যাও দেখা যায়। কিছুমান সংস্থাত আর্থিক ব্যৱস্থাপনা দক্ষতাৰ অভাৱ, প্রশাসনিক দুৰ্বলতা আৰু স্বচ্ছতাৰ অভাৱ পৰিলক্ষিত হয়। সেয়ে বিত্তীয় ক্ষমতা হস্তান্তৰৰ লগতে উপযুক্ত প্রশিক্ষণ, নিৰীক্ষণ আৰু শক্তিশালী জবাবদিহিতা ব্যৱস্থা গঢ়ি তোলা অতি প্রয়োজনীয়।


সংক্ষেপতে ক'ব পাৰি যে পৌৰসভা আৰু স্বায়ত্ত শাসিত পৰিষদলৈ বিত্তীয় ক্ষমতা হস্তান্তৰ ৰাজ্যিক বিত্ত ব্যৱস্থাৰ সুষম বিকাশ, আঞ্চলিক উন্নয়ন আৰু গণতান্ত্রিক শাসন ব্যৱস্থা শক্তিশালী কৰাৰ বাবে অতি তাৎপর্যপূর্ণ। সঠিক পৰিকল্পনা আৰু স্বচ্ছ ব্যৱস্থাপনাৰ জৰিয়তে এই ব্যৱস্থাই ৰাজ্যৰ সামগ্রিক উন্নয়ন নিশ্চিত কৰিব পাৰে।