Chapter 4 

ব্যক্তিত্ব অভীক্ষা


অতি চমু প্রশ্নোত্তৰ

১। 'Personality' শব্দটো কোন ভাষাৰ কোন শব্দৰ পৰা আহিছে আৰু তাৰ অৰ্থ কি?

উত্তৰঃ 'Personality' লেটিন 'Persona' শব্দৰ পৰা আহিছে; ইয়াৰ অৰ্থ 'মুখা' বা Mask

২। আলপৰ্টৰ সংজ্ঞা অনুসৰি ব্যক্তিত্ব কি?

উত্তৰঃ আলপৰ্টৰ মতে ব্যক্তিত্ব হ'ল ব্যক্তিৰ ভিতৰৰ মনো-দৈহিক তন্ত্ৰসমূহৰ গতিশীল সংগঠন, যি পৰিবেশৰ লগত অনন্য সমাযোজন নির্ধাৰণ কৰে

৩। ব্যক্তিত্ব অভীক্ষা (Personality Test) কি?

উত্তৰঃ ব্যক্তিত্ব অভীক্ষা হৈছে ব্যক্তি চৰিত্ৰ, আচৰণ আৰু আবেগিক গঠনৰ বিভিন্ন দিশ জুখি মূল্যায়ন কৰিবলৈ ব্যৱহৃত সঁজুলি

৪। পাঁচ কাৰক আৰ্হি (Five Factor Model)ৰ পাঁচটা মাত্ৰা কি কি?

উত্তৰঃ মুকলি (Openness), বিবেকবোধ (Conscientiousness), বহির্মুখিতা (Ex-traversion), সন্মততা (Agreeableness) আৰু স্নায়বিকতা (Neuroticism)

৫। ব্যক্তিত্ব পৰিমাপণত এটা প্রধান সমস্যা কি?

উত্তৰঃ ব্যক্তিত্ব বিমূর্ত আৰু স্থবিৰ নহয়, সেয়ে একে ধৰণে স্থায়ীভাৱে জুখি ধৰা কঠিন

৬। আলফ্রেড বিনে বুদ্ধিৰ সংজ্ঞাত কোন তিনিটা দিশ উল্লেখ কৰিছে?

উত্তৰঃ বিনেৰ মতে বুদ্ধি হৈছে সুবিচাৰ, উদ্যোগ/দায়িত্ববোধ, আৰু পৰিস্থিতিৰ লগত সমাযোজন ক্ষমতা

৭। প্রথম বিজ্ঞানসম্মত বুদ্ধি অভীক্ষা কোনে প্রস্তুত কৰিছিল?

উত্তৰঃ ১৯০৫ চনত আলফ্রেড বিনে আৰু থিয়ডৰ চাইমনে বিনে-ছাইমন কাঠি প্রস্তুত কৰিছিল

৮। মনো নাটকৰ মূল লক্ষ্য কি?


উত্তৰঃ ব্যক্তিক বাস্তৱধৰ্মী পৰিস্থিতিৰ মুখামুখি কৰি তাৰ ভাবনা, অনুভূতি, আচৰণ আৰু সমস্যা-সমাধানৰ ধৰণ বুজা আৰু সঠিক সমাযোজন গঢ়ি তোলা হৈছে মনো নাটকৰ মুখ্য লক্ষ্য

৯। আমি আলফা আৰু আমি বিটা অভীক্ষাৰ মাজত মূল পার্থক্য কি?

উত্তৰঃ আলফা অভীক্ষা শিক্ষিত ইংৰাজী-দক্ষ লোকৰ বাবে ভাষিক গোষ্ঠী অভীক্ষা, আৰু বিটা অভীক্ষা অশিক্ষিত/ভাষা-অক্ষম লোকৰ বাবে ভাষাবিহীন গোষ্ঠী অভীক্ষা

১০। ব্যক্তিত্ব কিয় 'অদ্বিতীয় সত্বা'?

উত্তৰঃ পৃথিবীৰ কোনো দুজন ব্যক্তিৰ ব্যক্তিত্ব একে নহয়, সেয়ে ই অদ্বিতীয়

চমু প্রশ্নোত্তৰ

১। ব্যক্তিত্বৰ অৰ্থ কি? ব্যাক্তিত্ব শব্দৰ উৎপত্তি আৰু মনোবৈজ্ঞানিক তাৎপর্য ব্যাখ্যা কৰা

উত্তৰঃ ব্যক্তিত্ব (Personality) বুলিলে এজন ব্যক্তিৰ সমগ্র দেহ-মানসিক গঠন, আচৰণৰ ধাৰা, আবেগ-অনুভূতি, চিন্তা-ধাৰণা, মনোভাৱ আৰু সামাজিক প্ৰকাশৰ সংগঠিত সমষ্টিক বুজায়। দৈনন্দিন জীৱনত আমি "ভাল ব্যক্তিত্ব", "ব্যক্তিত্ব বেয়া হয়" আদি বাক্য ব্যৱহাৰ কৰোঁ যদিও মনোবৈজ্ঞানিক অর্থ অতি গভীৰ। Personality শব্দটো লেটিন "Persona"ৰ পৰা আহিছে, যাৰ অৰ্থ "মুখা" বা maskগ্রীচ নাটকত অভিনেতাই মুখা পিন্ধি চৰিত্ৰ প্ৰকাশ কৰিছিল; তেনেদৰে সমাজৰ আগত ব্যক্তিয়ে যি ৰূপে নিজৰ চিন্তা-আচৰণ প্রদর্শন কৰে সেয়াই ব্যক্তিত্বৰ এক দিশ। মনোবৈজ্ঞানিক দৃষ্টিত ব্যক্তিত্ব কেরল বাহ্যিক রূপ নহয়, ই ব্যক্তি ভিতৰত থকা গুণ, প্রবৃত্তি, প্ৰেৰণা, অভিজ্ঞতা, বংশগতি আৰু পৰিৱেশৰ মিশ্রণত গড় লোৱা এক গতিশীল সত্তা। ব্যক্তিত্ব সদায়ে পৰিৱেশ-সময় অনুসৰি সলনি হয়, তথাপি ব্যক্তিৰ আচৰণৰ ধাৰাবাহিকতা ৰক্ষা কৰে আৰু লক্ষ্যপূর্ণ জীৱনত সহায় কৰে। সেয়েহে ব্যক্তিত্ব মনোবিজ্ঞান আৰু শিক্ষাৰ মূল অধ্যয়নবস্তু

২। ব্যক্তিত্ব অভীক্ষাৰ প্ৰকৃতি বা Nature of Personality Test বর্ণনা কৰা

উত্তৰঃ ব্যক্তিত্ব অভীক্ষাৰ প্ৰকৃতি বুলিলে অভীক্ষা কেনেকৈ গঠন, প্রয়োগ আৰু ব্যাখ্যা কৰা হয় তাৰ মৌলিক বৈশিষ্ট্যসমূহ বুজায়। প্রথমতে, ব্যক্তিত্ব অভীক্ষা বৈজ্ঞানিক ভিত্তিৰ ওপৰত থিয় হৈ আছে, পাঁচ কাৰক আৰ্হি বা মনো-গতিশীল তত্ত্বৰ দৰে প্ৰতিষ্ঠিত তত্ত্বৰ সহায়ত গৱেষণা কৰি অভীক্ষা তৈয়াৰ কৰা হয়। দ্বিতীয়তে, অভীক্ষাৰ লক্ষ্য ব্যক্তিত্বৰ নির্দিষ্ট সংলক্ষণ (traits) পৰিমাপণ কৰা যেনে- বহির্মুখীতা, বিবেকবোধ, সন্মততা, স্নায়বিকতা ইত্যাদি। তৃতীয়তে, অধিকাংশ ব্যক্তিত্ব অভীক্ষা বস্তুনিষ্ঠ; একে নিয়মে সকলো অংশগ্রহণকাৰীক প্রশ্ন দিয়া হয় আৰু স্ক'ৰিং পদ্ধতি স্পষ্ট থাকে, সেয়ে পক্ষপাত কম হয়। চতুর্থতে, ভাল অভীক্ষা নিৰ্ভৰযোগ্য-সময় আৰু পৰিস্থিতিৰ ভিন্নতাতো একেধৰণৰ ফল দিয়ে। পঞ্চমতে, অভীক্ষা বৈধ হ'ব লাগে; ই যি গুণ জুখিব বিচাৰে, সেয়া সঠিকভাবে জোখে আৰু আচৰণ-পূর্বানুমানত সহায় কৰে। ষষ্ঠতে, বহু অভীক্ষা ব্যাপক পৰিসৰৰ; ব্যক্তিত্বৰ একাধিক দিশ একেলগে বিশ্লেষণ কৰে। সপ্তমতে, অভীক্ষা সাংস্কৃতিক সংবেদনশীল হ'ব লাগে যাতে কোনো সংস্কৃতিৰ প্রতিও পক্ষপাত নাথাকে। অষ্টমতে, user-friendly অর্থাৎ সহজ ভাষা আৰু স্পষ্ট নির্দেশনাসহ সুলভ হ'ব লাগে। নৱমতে, নৈতিক মানদণ্ড ৰক্ষা কৰি গোপনীয়তা বজাই result ব্যৱহাৰ কৰিব লাগে। দশমতে, অভীক্ষা বিভিন্ন ক্ষেত্র-শিক্ষা, কর্ম, নৈদানিক বা গবেষণা পৰিবেশ-অনুসৰি অভিযোজিত কৰিব পাৰি

৩। ব্যক্তিত্ব উদ্ভাৱনকাৰী (Personality Inventory)ৰ অৰ্থ, বৈশিষ্ট্য আৰু মূল্যায়ন কৰা। 

উত্তৰঃ ব্যক্তিত্ব উদ্ভাৱনকাৰী বা Personality Inventory হৈছে আত্ম-মূল্যায়নমূলক প্রশ্নাবলী-ভিত্তিক বহুল ব্যবহৃত ব্যক্তিনিষ্ঠ পদ্ধতি। ইয়াত ব্যক্তি এজনৰ ৰুচি-অভিৰুচি, মনোভাব, প্ৰেৰণা, আচৰণগত ধাৰা, সামাজিক সমাযোজন আদি মাপ কৰিবলৈ বিভিন্ন বাক্য বা প্রশ্ন দিয়া হয়। অভীক্ষার্থীয়ে "হয়/নহয়/অনিশ্চিত" আদি উত্তৰ দি নিজৰ ভিতৰৰ মানসিক গঠন প্রকাশ কৰে। এই পদ্ধতি ব্যক্তিত্বৰ বিশেষ সংলক্ষণ, পৰিবেশীয় সমাযোজন, নৈদানিক দল বা বহুদলীয় দিশ জোখাত ব্যৱহৃত হয়

    ইয়াৰ বৈশিষ্ট্য হৈছে— স্ক'ৰিং নিয়ম স্পষ্ট থাকি বস্তুনিষ্ঠতা বজায় থাকে, বৃহৎ সংখ্যক লোকক একেলগে প্রয়োগ কৰিব পাৰি, আৰু ফল তুলনা সহজ। উডৱৰ্থৰ Personal Data Sheet, Bell Adjustment Inventory, California Test of Personality, Study of Values, MMPI আদি ইয়াৰ জনপ্রিয় উদাহৰণ

    মূল্যায়নৰ দিশত এই পদ্ধতিৰ বহু সুবিধা আছে। কম সময়তে অধিক তথ্য পোৱা যায়, ব্যক্তি নিজে বুজিব পাৰে যে তেওঁৰ শক্তি-দুৰ্বলতা কি। কিন্তু সীমাৱদ্ধতাও আছে ব্যক্তি সততা নৰাখিলে বা "social desirability"ৰ প্ৰভাৱত ভাল দেখুৱাবলৈ ভুল উত্তৰ দিলে ফল বিকৃত হয়। সংস্কৃতি, ভাষা আৰু আত্ম-সচেতনতাও উত্তৰ প্ৰভাৱিত কৰে। সেইবাবে, বিজ্ঞানসম্মত প্রশ্ন নির্মাণ আৰু মানদণ্ড ঠিক থাকিলে Inventory পদ্ধতি দক্ষ ব্যক্তিত্ব পৰিমাপণ সঁজুলি হিচাপে সার্থক হয়

৪। বুদ্ধি অভীক্ষা (Intelligence Test) বুলিলে কি বুজায় আৰু ইয়াৰ মূল লক্ষ্য কি?

উত্তৰঃ বুদ্ধি অভীক্ষা হৈছে ব্যক্তিৰ জ্ঞানমূলক ক্ষমতা বা সাধাৰণ মানসিক যোগ্যতা জোখাৰ বাবে তৈয়াৰ কৰা এক মনোবৈজ্ঞানিক পৰীক্ষা। বুদ্ধি নিজে বিমূর্ত আৰু সুপ্ত মানসিক শক্তি হোৱাৰ বাবে তাক পোনপটীয়াভাবে মাপ কৰিব পৰা নাযায়; সেয়ে অভীক্ষাই ব্যক্তিৰ আচৰণৰ প্ৰকাশিত দিশ-যেনে- যুক্তি, সমস্যা সমাধান, স্মৃতি, বিমূর্ত চিন্তন, সংখ্যাজ্ঞান, বোধশক্তি আদিৰ ভিত্তিত বুদ্ধিৰ মান নির্ণয় কৰে। "বুদ্ধি অভীক্ষাই যিখিনি পৰিমাপন কৰে, সেইখিনিকহে বুদ্ধি” বুলি কোৱা হয় কাৰণ বুদ্ধি অভীক্ষাত প্রকাশ পোৱা সক্ষমতাই বুদ্ধিৰ বাস্তব পৰিমাপৰ সূচক হয়। এই অভীক্ষাৰ মূল লক্ষ্য হৈছে ব্যক্তিৰ বৌদ্ধিক সম্ভাৱনা আৰু ক্ষমতাৰ ব্যাপ্ত ছবি দিয়া, যাতে শিক্ষা, পৰামৰ্শ, বৃত্তি-নির্বাচন অথবা মানসিক সমস্যাৰ নিৰ্ণয়ত তথ্যভিত্তিক সিদ্ধান্ত ল'ব পাৰি। ফলত বুদ্ধি অভীক্ষা ব্যক্তি-পার্থক্য চিহ্নিত কৰা আৰু উন্নত শিক্ষণ-শিকাৰ ব্যৱস্থা গঢ়াৰ ক্ষেত্ৰত অতি উপযোগী আহিলা

৫। বুদ্ধি অভীক্ষাৰ ইতিহাসত আলফ্রেড বিনে আৰু চাইমনৰ অবদান ব্যাখ্যা কৰা

উত্তৰঃ বুদ্ধি অভীক্ষাৰ ইতিহাসত আলফ্রেড বিনে আৰু থিয়ডৰ চাইমনৰ অৱদান সবাতোকৈ মৌলিক আৰু যুগান্তকাৰী। ফ্রান্স চৰকাৰৰ অনুৰোধত মানসিকভাৱে পিছপৰা শিশুক চিনাক্ত কৰিবলৈ তেওঁলোকে ১৯০৫ চনত বিনে-ছাইমন কাঠি তৈয়াৰ কৰে, যি বিজ্ঞানসন্মতভাবে গঠন কৰা প্ৰথম বুদ্ধি অভীক্ষা। এই কাঠিত সহজৰ পৰা কঠিনলৈ সজোৱা প্ৰশ্নপদৰ সহায়ত শিশুৰ মানসিক ক্ষমতা তুলনা কৰিব পৰা হৈছিল। ১৯০৮ চনত তেওঁলোকে মাপকাঠিটো পুনৰ সংশোধন কৰি প্ৰশ্নপদ বৃদ্ধি কৰে আৰু প্ৰথমবাৰৰ বাবে “মানসিক বয়স” ধাৰণা প্রয়োগ কৰে, যাৰ জৰিয়তে শিশুৰ কালিক বয়স আৰু মানসিক বিকাশৰ তুলনা স্পষ্ট হয়। ১৯১১ৰ সংস্কৰণে প্রশ্নপদৰ সক্ষ্ম উন্নয়ন ঘটায় আৰু মাপকাঠিৰ ক্ষেত্ৰফল অধিক বিস্তাৰিত কৰে। বিনে-ছাইমন কাঠিয়ে বুদ্ধি মাপনিৰ পথ দেখুৱাই পৰে ষ্টেনফোর্ড-বিনে পুনৰীক্ষণ, বুদ্ধ্যাংক ধাৰণা আৰু আধুনিক বহুমাত্রিক অভীক্ষাৰ বিকাশৰ ভিত্তি গঢ়ি দিয়ে। সেয়েহে বিনেক বুদ্ধি অভীক্ষাৰ পিতৃ বুলি কোৱা হয়

৬। মনো নাটকৰ শিক্ষাগত গুৰুত্ব আৰু সীমাবদ্ধতা ব্যাখ্যা কৰা

উত্তৰঃ মনো নাটকৰ শিক্ষাগত গুৰুত্ব বহুত। এই কৌশলে ছাত্র-ছাত্রীৰ বাস্তব অভিজ্ঞতা-ভিত্তিক শিকণ সম্ভৱ কৰে, কাৰণ তেওঁলোকে কেবল শুনি বা পঢ়ি নহয়, নিজে অভিনয় কৰি পৰিস্থিতি অনুভৱ কৰে। ইয়াৰ জৰিয়তে সামাজিক সমাযোজন, সহানুভূতি, দলীয় সমন্বয়, আত্মনিয়ন্ত্রণ, ভাষিক-অভাষিক প্রকাশ, আৰু সমস্যা সমাধানৰ দক্ষতা উন্নত হয়। যিকোনো মানসিক বাধা, সংকোচ বা ভুল ভয়ৰ বাবে আগবাঢ়ি আহিব নোৱৰা ছাত্র-ছাত্রীয়ে ভূমিকা-অভিনয়ৰ মাজেদি নিজক মুকলি কৰাৰ সুযোগ পায়, ফলত আত্মবিশ্বাস বাড়ে। কিন্তু কিছুমান সীমাবদ্ধতাও আছে। সকলো ছাত্র-ছাত্রী অভিনয় কৰিব খুজে নে বা সমান স্বাচ্ছন্দ্য অনুভৱ নকৰে; লাজ, ভয় বা আবেগিক প্রতিৰোধে কিছুমানক প্রকৃত আচৰণ দেখুৱাব নোৱৰায়। ইয়াৰ সফলতাৰ বাবে দক্ষ পথপ্রদর্শক লাগে, নতুবা নাটকটা কেৱল বিনোদন হৈ থাকি বিশ্লেষণাত্মক লাভ নোহোৱাব পাৰে। লগতে, অত্যন্ত সংবেদনশীল বা গভীৰ ব্যক্তিগত সমস্যাত অসাবধানভাবে প্রয়োগ কৰিলে ব্যক্তি আবেগিকভাবে আহত হ'বও পাৰে। সেয়েহে সঠিক পৰিকল্পনা, সুৰক্ষিত পৰিৱেশ আৰু সুদক্ষ পৰিচালনা এই কৌশলৰ বাবে অতি প্রয়োজনীয়

ৰচনাধর্মী প্রশ্নোত্তৰ

১। ব্যক্তিত্ব অভীক্ষাৰ প্ৰকৃতি (Nature), বৈজ্ঞানিক ভিত্তি আৰু মানদণ্ডসমূহ বিস্তাৰিতভাৱে আলোচনা কৰা

উত্তৰঃ ব্যক্তিত্ব অভীক্ষাৰ "প্রকৃতি” বুলিলে অভীক্ষা কেনেকৈ গঠন হয়, কিদৰে প্ৰয়োগ কৰা হয় আৰু ফলাফল কেনেকৈ ব্যাখ্যা কৰা হয়-এই সমগ্র বৈজ্ঞানিক গুণাৱলীসমূহক বুজায়। ব্যক্তিত্ব অভীক্ষাই মানৱ আচৰণৰ গভীৰ দিশ জোখে, সেয়ে ই নির্ভুল আৰু দায়িত্বশীল হ'বলৈ বিশেষ কিছুমান মানদণ্ড মানি চলে

(ক) বৈজ্ঞানিক ভিত্তি (Scientific Basis): ব্যক্তিত্ব অভীক্ষা কোনো সাধাৰণ প্ৰশ্ন-পত্ৰ নহয়; ই বিশাল গৱেষণাৰ ওপৰত নিৰ্ভৰশীল। পাঁচ কাৰক আৰ্হি, মনো-গতিশীল তত্ত্ব বা সংলক্ষণ-তত্ত্বৰ দৰে প্ৰতিষ্ঠিত তত্ত্বৰ আধাৰত সংলক্ষণ বাছি লৈ অভীক্ষা তৈয়াৰ হয়। গৱেষণাৰ দ্বাৰা নিশ্চিত কৰা হয় যে অভীক্ষাই বাস্তবতেই যিটো trait জুখিব বিচাৰে সেয়া ঠিকমতে জোখে

(খ) সংলক্ষণবোৰৰ পৰিমাপণ (Measurement of Traits): প্রত্যেক ব্যক্তি কিছুমান তুলনামূলক স্থায়ী সংলক্ষণ বহন কৰে যেনে বহির্মুখীতা, সহনশীলতা, আত্মবিশ্বাস, স্নায়বিকতা ইত্যাদি। ব্যক্তিত্ব অভীক্ষাৰ মূল লক্ষ্য এই traits-ৰ মাত্রা জোখা। এই মাত্রা জুখিলে ব্যক্তি-গোটৰ মাজত তুলনা, পৰামৰ্শ আৰু আচৰণ বিশ্লেষণ অধিক স্পষ্ট হয়

(গ) বস্তুনিষ্ঠতা (Objectivity): সঠিক ফল পোৱাৰ বাবে ব্যক্তিত্ব অভীক্ষা বস্তুনিষ্ঠ হ'ব লাগে। সকলো অংশগ্রহণকাৰীক একে ধৰণে প্ৰশ্নৰ সাঁচ আৰু নির্দেশনা দিয়া হয়। স্ক 'বিং নিয়ম স্পষ্ট থাকে, যাৰ ফলে অভীক্ষকৰ ব্যক্তিগত মতামত বা পক্ষপাত কমে

(ঘ) নিৰ্ভৰযোগ্যতা (Reliability): Reliability মানে অভীক্ষাই সময়ৰ লগে লগে একই ধৰণৰ ফল দিব পৰা ক্ষমতা। যদি আজিৰ স্ক'ৰ আৰু কিছুদিনৰ পাছৰ স্ক'ৰ প্রায় একে হয়, তেন্তে অভীক্ষা নিৰ্ভৰযোগ্য হয়। এই গুণে দেখুৱায় যে অভীক্ষাই ব্যক্তিৰ স্থায়ী সংলক্ষণ সঠিকভাৱে ধৰে

(ঙ) বৈধতা (Validity): Validity মানে অভীক্ষাই যি সংলক্ষণ জুখিব বিচাৰে তাক সঁচাকৈ জুখে নে নাই। বস্তুনিষ্ঠ স্ক'ৰ বাস্তৱ আচৰণ বা ফলাফলৰ লগত মিল খাব লাগিব। উদাহৰণস্বৰূপে, বহির্মুখীতা স্ক'ৰ বেছি হ'লে সামাজিকতাত সেই প্রভাব দেখা যাব লাগিব

(চ) ব্যাপক পৰিসৰ (Comprehensive Scope): ভাল ব্যক্তিত্ব অভীক্ষাই একাধিক দিশ আৱৰি ধৰে-কেৱল বহির্মুখীতা নহয়, আবেগীয় স্থিৰতা, সামাজিক সমাযোজন, মূল্যবোধ, আত্ম-ধাৰণা আদি বহু দিশ একেলগে বিশ্লেষণ কৰিব পাৰে। সেয়ে ই ব্যক্তি-চৰিত্ৰৰ পূৰ্ণ চিত্র আঁকিবলৈ সহায় কৰে

(ছ) সাংস্কৃতিক সংবেদনশীলতা (Cultural Sensitivity): ভিন্ন সংস্কৃতি-সমাজত আচৰণৰ ধাৰা বেলেগ হয়। সেয়ে ব্যক্তিত্ব অভীক্ষা তৈয়াৰ কৰোঁতে ভাষা, মূল্যবোধ, সামাজিক মানদণ্ড ইত্যাদি বিবেচনা কৰি সাংস্কৃতিক পক্ষপাত এৰাই চলা লাগে। বহু অভীক্ষা একাধিক ভাষাত উপলব্ধ কৰা হয়

(জ) সহজ ব্যৱহাৰিতা (User-friendliness): অভীক্ষাৰ নিৰ্দেশনা সহজ, ভাষা বোধগম্য আৰু প্রশ্নাবলী সুস্পষ্ট হ'ব লাগে যাতে শিক্ষিত-অশিক্ষিত বা বৈশিষ্ট্যসম্পন্ন সকলো ব্যক্তি সহজে অংশগ্রহণ কৰিব পাৰে

(ঝ) নৈতিক মানদণ্ড (Ethical Standards): ব্যক্তিত্ব অভীক্ষা ব্যক্তিগত তথ্যৰ সৈতে জড়িত; সেয়ে গোপনীয়তা বজাই ফলাফল দায়িত্বসহ ব্যৱহাৰ কৰাটো নৈতিক বাধ্যবাধকতা। অংশগ্রহণকাৰীক উদ্দেশ্য, ব্যৱহাৰ-পদ্ধতি আৰু সম্ভাব্য প্রভাৱ আগতে জনোৱাও প্রয়োজন

(ঞ) অভিযোজন ক্ষমতা (Adaptability): ব্যক্তিত্ব অভীক্ষা ভিন্ন ক্ষেত্র অনুযায়ী খাপ খুৱাব পৰা হওক যেনে- শিক্ষা, কর্ম, নৈদানিক বা গবেষণা পৰিৱেশ। একে অভীক্ষাৰ ভিন্ন সংস্কৰণ সেই ক্ষেত্র অনুসৰি প্ৰস্তুত হ'ব পাৰে

    ব্যক্তিত্ব অভীক্ষাৰ প্ৰকৃতি বুজিলে আমি জানিব পাৰোঁ-ই কিয় বৈজ্ঞানিক, কেনেকৈ বিশ্বাসযোগ্য আৰু কিদৰে মানৱ আচৰণ বুজাত সহায়ক। Reliability, Validity, Objectivity, Cultural sensitivity আদি গুণ নিশ্চিত কৰিলে ব্যক্তিত্ব অভীক্ষা সত্য অর্থত ব্যক্তিত্ব অধ্যয়নৰ শক্তিশালী আহিলা হৈ উঠিব পাৰে

২। বুদ্ধিৰ অৰ্থ, বৈশিষ্ট্য আৰু সংজ্ঞাসমূহ আলোচনা কৰি, সংজ্ঞাবোৰৰ শ্ৰেণীবিভাজন ব্যাখ্যা কৰা

উত্তৰঃ বুদ্ধি মানৱ জীৱনৰ এক মৌলিক মানসিক শক্তি, যাৰ দ্বাৰা মানুহে চিন্তা কৰে, নতুন অভিজ্ঞতা বুজে, সমস্যা সমাধান কৰে আৰু পৰিৱেশৰ লগত খাপ খুৱাই চলে। জন্তুৰ বিপৰীতে মানুহক যুক্তিবাদী সত্তা বুলি কোৱা হয় কাৰণ মানুহে বিমূর্ত চিন্তা, বিচাৰ-বিবেচনা, তুলনা আৰু সামঞ্জস্য ৰক্ষা কৰাৰ ক্ষমতা দেখুৱাই। যদিও এই গুণসমূহে মানুহক সামূহিকভাবে উন্নত সত্তা কৰে, তথাপি সকলো মানুহ একে মাত্ৰাৰ বুদ্ধিৰ অধিকাৰী নহয়; ব্যক্তিগত পার্থক্য বাস্তৱ আৰু স্পষ্ট। শ্রেণীকোঠাত শিক্ষক এই পার্থক্য সহজেই লক্ষ্য কৰে, কাৰণ একে পাঠ দিলেও কিছুমান ছাত্র তৎক্ষণাৎ বুজে, কিছুমান ধীৰগতিত বুজে, আৰু কিছুমানৰ বাবে বিশেষ সহায় লাগে। সেয়ে বুদ্ধি আৰু তাৰ পৰিমাপণ শিক্ষাৰ বাবে অপৰিহাৰ্য

    বুদ্ধিৰ অৰ্থ নিৰ্ধাৰণ কৰাটো সহজ নহয়, কাৰণ বুদ্ধি কোনো দৃশ্যমান বস্তু নহয়। বেক্সলাৰে বুদ্ধিক বৈদ্যুতিক শক্তিৰ লগত তুলনা কৰিছে। বৈদ্যুতিক শক্তিক আমি পোনে-পোনে দেখা নাপাওঁ, কিন্তু লাইট জ্বলা, ফেন চলা বা মেচিন চলাৰ মাধ্যমেৰে তাৰ অস্তিত্ব অনুভৱ কৰোঁ। ঠিক তেনেদৰে বুদ্ধি কিহেৰে গঠিত সেয়া চুই দেখা নালাগে, কিন্তু যুক্তিসংগত আচৰণ, সমস্যা সমাধান বা শিকাৰ কৃতিত্ব দেখি বুদ্ধিৰ উপস্থিতি অনুমান কৰা যায়। সেয়েহে বুদ্ধি ব্যক্তিৰ এক সামগ্রিক মানসিক যোগ্যতা যি জ্ঞান আহৰণ, বিমূর্ত চিন্তন, সমস্যা সমাধান আৰু সমাযোজনৰ ক্ষমতা প্রদান কৰে। ব্যুৎপত্তিগতভাবে 'Intelligence' শব্দটো লেটিন 'Intelligere'ৰ পৰা আহিছে, যাৰ অৰ্থ "বাছি উলিওৱা বা বিচাৰ-বিবেচনা কৰা ক্ষমতা"। অর্থাৎ ব্যক্তি কোনো কাম সম্পাদনত উপযুক্ত কৌশল বাছি ল'ব পাৰে-ই বুদ্ধিৰ মূখ্য সাৰ

    বুদ্ধিৰ বৈশিষ্ট্যসমূহ সংজ্ঞাবোৰ বিশ্লেষণ কৰিলে স্পষ্ট হয়। বুদ্ধি সহজাত মানসিক যোগ্যতা, অর্জিত জ্ঞানৰ সোজা ফল নহয়। শিক্ষা বুদ্ধিৰ ওপৰত নিৰ্ভৰশীল, কিন্তু বুদ্ধি শিক্ষাৰ ওপৰত নির্ভৰশীল নহয়; সেয়েহে কেতিয়াবা অশিক্ষিত লোকো যথেষ্ট বুদ্ধিমান হ'ব পাৰে। বুদ্ধি নতুন পৰিস্থিতিৰ লগত নমনীয়ভাবে সমাযোজন কৰিব পৰা শক্তি, যাৰ ফলে ব্যক্তি প্রতিকূলতা সত্ত্বেও পথ বিচাৰি পায়। বুদ্ধি বহল পৰিসৰৰ মানসিক ক্ষমতা, কাৰণ ই স্মৃতি, কল্পনা, চিন্তা, সংজ্ঞা গঠন, চিহ্ন-প্রয়োগ, সংখ্যাগত বিচাৰ, দ্রুত সিদ্ধান্ত গ্রহণ আদিৰ ওপৰত একেলগে প্রভাৱ পেলায়। বুদ্ধি বিমূর্ত চিন্তনৰ ক্ষমতা, সেয়ে বিমূর্ত ধাৰণা বা জটিল সমস্যা বুজা বুদ্ধিমান ব্যক্তিৰ বাবেহে সহজ। বুদ্ধি সমস্যাৰ সঠিক সমাধানৰ সক্ষমতা আৰু ভবিষ্যৎ সম্ভাৱনীয়তাৰ ইংগিত বহনকাৰী মানসিক শক্তি

    বুদ্ধিৰ সংজ্ঞা বহু মনোবিজ্ঞানীয়ে বহু দৃষ্টিকোণৰ পৰা আগবঢ়াইছে, আৰু সেয়েহে এটা সর্বসম্মত সংজ্ঞা নাই। বিনে বুদ্ধিক সুবিচাৰ, উদ্যোগ আৰু পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাই লোৱাৰ শক্তি বুলি কৈছে। উইলিয়াম ষ্টার্ণ বুদ্ধিক নতুন সমস্যা আৰু পৰিস্থিতিৰ লগত সাধাৰণভাৱে সমাযোজন ক্ষমতা বুলি ব্যাখ্যা কৰিছে। টাৰমেন বুদ্ধিক বিমূর্ত চিন্তনশক্তি বুলি ধৰিছে। থমচন আৰু বাকিংহামৰ মতে বুদ্ধি শিকিব পৰা আৰু জ্ঞান আহৰণ কৰিব পৰা ক্ষমতা। চিৰিল বার্টে বুদ্ধিক নমনীয় সমাযোজন ক্ষমতা বুলি ক'লে, পিন্টনাৰে নতুন পৰিস্থিতিত উপযুক্তভাৱে খাপ খুৱাব পৰা ক্ষমতা বুলি ক'লে। বৰিঙৰ সংজ্ঞা অধিক প্রায়োগিক; তেওঁৰ মতে বুদ্ধি পৰীক্ষাই যি ধৰে সেয়াই বুদ্ধি। ৱেক্সলাৰৰ মতে বুদ্ধি ব্যক্তি এজনৰ উদ্দেশ্যপূর্ণ কার্য, যুক্তিবোধে চিন্তা আৰু পৰিৱেশৰ লগত ফলপ্রসূ আচৰণ কৰাৰ সামগ্রিক সক্ষমতা। স্পিয়েৰমেনৰ মতে অভিজ্ঞতা আহৰণ আৰু সম্বন্ধ নিৰ্ণয়ৰ ক্ষমতা বুদ্ধি

    এই সংজ্ঞাবোৰ বিশ্লেষণ কৰিলে তিনিটা ডাঙৰ শ্ৰেণীত ভাগ কৰিব পাৰি। প্রথম শ্রেণীটো বুদ্ধিক শিক্ষা অর্জন বা শিকাৰ ক্ষমতা হিচাপে দেখে। বিনে, থমচন, কেটেল, স্পিয়েৰমেন আদি এই ধাৰাৰ অন্তৰ্গত। দ্বিতীয় শ্রেণীটো বুদ্ধিক সমাযোজন ক্ষমতা বুলি গণ্য কৰে, 'ত নতুন পৰিস্থিতিত খাপ খুৱাই চলা প্রধান। ষ্টার্ণ, চিৰিল বার্ট, পিণ্টনাৰ আদি এই ধাৰাৰ। তৃতীয় শ্রেণীটো বুদ্ধিক বিমূর্ত চিন্তনৰ সক্ষমতা বুলি ধৰে; টাৰমেন আৰু সহচৰসকল এই ধাৰাত পড়ে। এই তিনিটা শ্ৰেণীৰ মাজত পৃথকতা থাকিলেও ভিতৰৰ মূল সাৰ একে-বুদ্ধি মানে শিকাৰ ক্ষমতা, সমাযোজন আৰু চিন্তনৰ সংগঠিত মানসিক শক্তি

    সাৰাংশত, বুদ্ধি কোনো একক ক্ষমতা নহয়, বৰঞ্চ বহুমাত্রিক মানসিক যোগ্যতাৰ সমষ্টি। ই ব্যক্তিক নতুন অভিজ্ঞতাৰ মুখামুখি হ'বলৈ, যুক্তিসংগত সিদ্ধান্ত ল'বলৈ আৰু সমাজ-জীৱনত সাফল্য লাভ কৰিবলৈ সহায় কৰে। বুদ্ধিৰ অৰ্থ, বৈশিষ্ট্য আৰু সংজ্ঞাসমূহৰ এই বিশ্লেষণ শিক্ষাক্ষেত্রত ব্যক্তি-পার্থক্য বুজাৰ ভিত্তি গঞ্জ আৰু বুদ্ধি অভীক্ষাৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰে

৩। বুদ্ধি অভীক্ষাৰ শ্ৰেণীবিভাজন গঠন, প্রশাসন আৰু স্ক'বিং ভিত্তিত আলোচনা কৰি ভাষিক-অভাষিক, ব্যক্তিগত-গোষ্ঠী আৰু বয়স-কাঠী/অংক-কাঠীৰ তাত্ত্বিক তাৎপর্য ব্যাখ্যা কৰা

উত্তৰঃ বুদ্ধি অভীক্ষা বহু ৰূপত দেখা যায়, কাৰণ বুদ্ধি নিজেই বহুমাত্রিক উৎস শক্তি। এজন ব্যক্তিৰ বুদ্ধি কেতিয়া কিদৰে প্ৰকাশ পায়, কিমানখিনি ভাষাৰ ওপৰত নিৰ্ভৰশীল, পৰীক্ষা কাক ব্যক্তিগতভাবে নে গোষ্ঠীগতভাবে দিব লাগিব, আৰু ফলাফল বয়সৰ ভিত্তিত নে পইণ্টৰ ভিত্তিত বিশ্লেষণ কৰিব লাগিব-এই দিশবোৰ অনুসৰি বুদ্ধি অভীক্ষাৰ শ্ৰেণীবিভাজন কৰা হয়। ওপৰৰ বিষয়বস্তু অনুসৰি বুদ্ধি অভীক্ষা গঠন বা আকৃতি, প্রশাসন পদ্ধতি আৰু স্ক'ৰিং ভিত্তিত তিনিটা মূল ভাগত ব্যাখ্যা কৰিব পাৰি

    গঠন ভিত্তিত বুদ্ধি অভীক্ষা ভাষিক আৰু ভাষাবিহীন বা সম্পাদনী দুই ভাগত বিভক্ত। ভাষিক অভীক্ষা বুদ্ধি পৰিমাপণৰ পুৰণি ধাৰা। ইয়াত ব্যক্তি ভাষাৰ সহায়ত চিন্তা, যুক্তি, তুলনা, বোধশক্তি, শব্দ-সম্পর্ক ইত্যাদি প্রকাশ কৰে। সেয়ে লিখা-পঢ়া আৰু ভাষা বুজাৰ ক্ষমতা থাকিলে এই অভীক্ষা নির্ভুল ফল দিব পাৰে। কিন্তু ভাষিক অভীক্ষাৰ তাত্ত্বিক সীমা হ'ল এই যে ভাষা-দক্ষতা বুদ্ধিৰ মাপনিৰ সৈতে মিলি যোৱাৰ সম্ভাৱনা থাকে; কেতিয়াবা ই বুদ্ধি নহয়, জ্ঞান বা ভাষা দক্ষতা বেছি মাপে বুলি অভিযোগ উঠে। এই সমস্যাৰ পৰিপূৰক হিচাপে ভাষাবিহীন বা সম্পাদনী অভীক্ষাৰ উদ্ভৱ। ইয়াত ভাষা বাদ দি ব্লক ডিজাইন, ছবি-সম্পূৰ্ণকৰণ, বেহু অংকন, নক্সা গঠন আদিৰ সহায়ত বুদ্ধি জোখা হয়। তাত্ত্বিকভাবে ই দেখুৱায় যে বুদ্ধি কেৱল কথাৰ ভিতৰত সীমাবদ্ধ নহয়; স্থান-ধাৰণা, আৰ্হি নির্মাণ, দৃশ্যমান যুক্তি আৰু হাতে-কলমে সমস্যা সমাধানও বুদ্ধিৰ অংশ। সেয়ে ভাষাবিহীন অভীক্ষাই সাংস্কৃতিক বা শিক্ষাগত পক্ষপাত কিছুপৰিমাণে কমায় আৰু অশিক্ষিত বা ভাষা-অক্ষম ব্যক্তিৰ বাস্তৱ বুদ্ধি নির্ণয়ত সহায়ক হয়

    প্রশাসন ভিত্তিত বুদ্ধি অভীক্ষা ব্যক্তিগত আৰু গোষ্ঠী অভীক্ষাত বিভক্ত। ব্যক্তিগত অভীক্ষা একে সময়ত এজন পৰীক্ষাৰ্থীৰ ওপৰত প্রয়োগ হয় আৰু অধিক সময়, প্রশিক্ষিত অভীক্ষক,আৰু গভীৰ পর্যবেক্ষণ প্রয়োজন হয়। তাত্ত্বিক দিশত ব্যক্তিগত অভীক্ষাৰ মূল্য এই যে অভীক্ষক ব্যক্তিৰ আচৰণ, সংকোচ, ভয় বা আগ্রহ সূক্ষ্মভাবে দেখি ফল ব্যাখ্যা কৰিব পাৰে; সেয়ে নৈদানিক বা ব্যক্তিগত পৰামৰ্শ ক্ষেত্ৰত ই অতি উপযোগী। কিন্তু বৃহৎ গোটত ই সময়সাপেক্ষ, ব্যয়বহুল আৰু বাস্তৱত সীমিত। এই সীমা দূৰ কৰিবলৈ গোষ্ঠী অভীক্ষা উদ্ভব হয়, বিশেষকৈ প্রথম বিশ্বযুদ্ধত সৈনিক বাছনিৰ প্রয়োজনে। গোষ্ঠী অভীক্ষাত একে সময়ত বহুজনক কাগজ-কলম বা ছবি-ভিত্তিক প্রশ্নেৰে পৰীক্ষা লোৱা হয়। তাত্ত্বিক তাৎপর্য এই যে সমাজ/বিদ্যালয়/সেনাবাহিনীৰ দৰে বৃহৎ ক্ষেত্ৰত দ্রুত সিদ্ধান্ত ল'বলৈ বুদ্ধিব সামষ্টিক মাপনি দৰকাৰ, আৰু গোষ্ঠী অভীক্ষা সেই গতি আৰু মিতব্যয় নিশ্চিত কৰে। তথাপি গোষ্ঠী অভীক্ষাত ব্যক্তিগত দিশ, আবেগিক বাধা বা গভীৰ অসামঞ্জস্য ধৰা কঠিন, সেয়ে ব্যক্তিগত অভীক্ষাৰ সহায় লাগে

    স্ক'বিং বা প্রাপ্তাংক ভিত্তিতে বুদ্ধি অভীক্ষা বয়স কাঠী (Age Scale) আৰু অংক কাঠী (Point Scale) ৰূপে বিভক্ত। বয়স কাঠী বিনে-ছাইমন আৰু ষ্টেনফোর্ড-বিনেৰ মূল ভিত্তি। ইয়াত প্রশ্নবোৰ বয়স অনুসৰি ধাপে ধাপে সজোৱা থাকে আৰু শিশুরে কোন বয়স স্তৰৰ প্ৰশ্ন সফলতাৰে সমাধান কৰে তাৰ পৰা মানসিক বয়স নির্ণয় হয়। তাত্ত্বিক গুৰুত্ব এই যে মানসিক বিকাশ এক ধাৰাবাহিক বয়সগত প্রক্রিয়া; সেয়ে বয়স ভিত্তিত মানদণ্ড ধৰি বুদ্ধি মাপনি স্বাভাৱিক বিকাশ-তত্ত্বৰ লগত যুক্ত হয়। কিন্তু বয়স কাঠীৰ সীমা হ'ল বিভিন্ন বয়সব তুলনা কেতিয়াবা জটিল হয় আৰু প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত বয়স স্তৰ নিৰ্ধাৰণ কঠিন। এইখিনিতে অংক কাঠী ব্যৱহৃত হয়, 'ত বিভিন্ন বয়সৰ বাবে একে বা মিশ্র প্রশ্নপদ থাকে আৰু সঠিক উত্তৰত পইন্ট দেওয়া হয়। ৱেছলাৰ অভীক্ষা এই ধাৰাৰ প্ৰধান উদাহৰণ। তাত্ত্বিকভাবে অংক কাঠী বুদ্ধিক এক বহুমাত্রিক স্ক'ৰ প্রোফাইলৰ ৰূপ দিয়ে, যাৰ জৰিয়তে মৌখিক, সম্পাদনী, স্মৃতি, প্ৰক্ৰিয়াকৰণ গতি আদি ক্ষেত্রবিশেষ বুদ্ধি পৃথকভাবে চিহ্নিত হয়। সেয়ে ই প্রাপ্তবয়স্ক, নৈদানিক আৰু বৃত্তিমূলক ক্ষেত্রত অধিক উপযোগী

    সামগ্রিকভাৱে এই শ্রেণীবিভাজন দেখুৱায় যে বুদ্ধি একে ধৰণে সকলো ক্ষেত্ৰত ধৰা নাযায়। ভাষিক-অভাষিক ভাগে বুদ্ধিৰ প্ৰকাশ-মাধ্যম বুজায়, ব্যক্তিগত-গোষ্ঠী ভাগে মূল্যায়নৰ উদ্দেশ্য আৰু ক্ষেত্র বুজায়, আৰু বয়স/অংক কাঠী ভাগে স্ক'ৰ বিশ্লেষণৰ তাত্ত্বিক পদ্ধতি বুজায়। সঠিক ক্ষেত্রত সঠিক ধৰণৰ অভীক্ষা বাছিলে বুদ্ধি পৰিমাপণ অধিক বৈধ, ব্যক্তিনিষ্ঠ আৰু কাৰ্যকৰ হয়

৪। স্থিতিক কৌশল (মনো নাটক) ৰ ধাৰণা, উদ্দেশ্য, প্রয়োগ-পদ্ধতি, বৈশিষ্ট্য, শিক্ষাগত আৰু মনোবৈজ্ঞানিক ব্যৱহাৰ সম্পূৰ্ণভাবে আলোচনা কৰা

উত্তৰঃ স্থিতিক কৌশল বা মনো নাটক মনোবিজ্ঞান আৰু শিক্ষাবিজ্ঞানত ব্যক্তিৰ আচৰণ, অনুভূতি আৰু সমস্যা-মোকাবিলাৰ ধৰণ বুজা আৰু উন্নত কৰাৰ এক বাস্তবভিত্তিক পদ্ধতি। "স্থিতিক" মানে পৰিস্থিতি, আৰু "মনো নাটক" মানে মনোৰ অন্তর্ভাব আৰু সংঘাতক নাট্যরূপে প্রকাশ কৰা। এই কৌশলত কোনো ব্যক্তিক বা দলক এনে এক পৰিস্থিতিত স্থাপন কৰা হয় যিখন বাস্তৱ জীৱনত ঘটা সম্ভাবনা থাকে বা আগত ইতিমধ্যে ঘটে। সেই পৰিস্থিতিটো সঙ্ক নাটকৰ ৰূপত অভিনয় কৰোৱা হয় যাতে অংশগ্রহণকাৰীৰ স্বাভাৱিক মনোভাৱ আৰু প্রতিক্রিয়া বাহিৰলৈ ওলাই আহে। ইয়াৰ মূল ধাৰণা এই যে মানুহৰ মনৰ বহুতো কথা কেৱল প্রশ্ন কৰি বা সাক্ষাৎকাৰ লৈ সম্পূর্ণ বুজি পোৱা নাযায়; কিন্তু বাস্তৱ-সদৃশ পৰিস্থিতিত ভূমিকা লৈ অভিনয় কৰিলে সেই অভ্যন্তৰীণ ভাবনা, ভয়, আকাংক্ষা, দ্বন্দ্ব আৰু সমাযোজনৰ ধৰণ স্বতঃস্ফূর্তভারে প্রকাশ পায়। সেয়েহে মনো নাটক একে সময়তে মূল্যায়ন কৌশল আৰু চিকিৎসামূলক বা শিক্ষামূলক কৌশল হিচাপে গণ্য হয়

    মনো নাটকৰ উদ্দেশ্য কেবল অভিনয় কৰোৱা নহয়, বৰং অভিনয়ৰ মাধ্যমেৰে ব্যক্তিৰ সমস্যাবোধ, সমালোচনামূলক চিন্তা, মানসিক নমনীয়তা আৰু আচৰণগত বিকল্প উন্মোচন কৰা। উদাহৰণস্বৰূপে, এটা শিশু বিদ্যালয়ত সহপাঠীৰ লগত সহমতৰ অভাৱত বিবাদত জঞ্জায়। এই পৰিস্থিতিটো নাটকৰ ৰূপত ৰাখি শিশুজনক নিজৰ ভূমিকা আৰু অন্য এখন ভূমিকা দুয়োটাত অভিনয় কৰালে সি বুজিব পাৰে তাৰ আচৰণে আনক কেনেদৰে প্ৰভাৱিত কৰে আৰু বৈৰিতা কমাবলৈ কি ধৰণৰ বিকল্প আচৰণ সহায়ক হ'ব। এইদৰে মনো নাটকে আত্মবোধ গঢ়ে, দৃষ্টিভংগী প্ৰসাৰিত কৰে আৰু নতুন সমাধান উদ্ভাৱনক উৎসাহিত কৰে

    এই কৌশলৰ প্ৰয়োগ-পদ্ধতি সাধাৰণতে কিছুমান ধাপৰ মাধ্যমেৰে আগবঞ্জ।ে প্রথম ধাপত পথপ্রদর্শক বা শিক্ষক/পৰামৰ্শদাতাই লক্ষ্য-পৰিস্থিতি নির্বাচন কৰে। ই ছাত্ৰ-ছাত্ৰীৰ বয়স, সামাজিক পৰিবেশ আৰু তৎকালীন সমস্যাৰ লগত সামঞ্জস্য ৰক্ষা কৰি বাছি লোৱা হয়। দ্বিতীয় ধাপত ভূমিকা বণ্টন কৰা হয়, 'ত কিছুমান অংশগ্রহণকাৰী মূল চৰিত্ৰ হয় আৰু কিছুমান সহায়ক চৰিত্ৰ। তৃতীয় ধাপত অভিনয় আৰম্ভ হয়। অভিনয় চলাৰ সময়ত পথপ্রদর্শকে খুব কম হস্তক্ষেপ কৰে যাতে স্বাভাবিক প্রতিক্রিয়া দেখা যায়, কিন্তু প্রয়োজন মতে সৰু ইঙ্গিত বা দিশ-নির্দেশ দিয়ে যাতে নাট্য-পৰিস্থিতি লক্ষ্যৰ দিশে আগবঞ্জ। চতুর্থ ধাপত অভিনয় বন্ধ কৰি "পুনৰ-আলোকপাত" বা আলোচনা চলায়। এই আলোচনা অংশত অংশগ্ৰহণকাৰীয়ে নিজৰ অনুভূতি বৰ্ণনা কৰে, পৰ্যবেক্ষকে আচৰণৰ ধৰণ লক্ষ্যণীয় দিশ উলিয়ায়, আৰু পথপ্রদর্শকে আচৰণৰ সম্ভাব্য ব্যাখ্যা, সুস্থ বিকল্প আৰু উন্নত সমাযোজনৰ উপায় দেখুৱায়। কেতিয়াবা একে পৰিস্থিতি পুনৰ অভিনয় কৰাই নতুন বিকল্প আচৰণ অনুশীলন কৰোৱাও হয়

    মনো নাটকৰ কিছুমান বিশেষ বৈশিষ্ট্য আছে। ই এক বাস্তৱ-নিৰ্ভৰ আৰু অভিজ্ঞতাভিত্তিক কৌশল; মৌখিক বিৱৰণৰ তুলনায় অভিনয় অধিক প্রবল, কাৰণ ইয়াত বুদ্ধি, আবেগ আৰু আচৰণ একেলগে কাম কৰে। ই নমনীয় কৌশল, কাৰণ পৰিস্থিতি আৰু ভূমিকা ছাত্ৰ-ছাত্ৰীৰ প্রয়োজন অনুযায়ী সলনি কৰিব পাৰি। ই গোষ্ঠী-ভিত্তিক হ'লেও ব্যক্তিগত অন্তর্নিহিত দিশ চিনাক্ত কৰিব পাৰে। ইয়াৰ আন এটা বৈশিষ্ট্য হৈছে সহানুভূতি গঢ়া, কোনোবাই অন্যৰ ভূমিকা ল'লে সি অন্যজনৰ বাস্তবতা অনুভর কবে, ফলত সামাজিক সংবেদনশীলতা বাঢ়ে

    শৈক্ষিক ক্ষেত্রত মনো নাটকৰ ব্যৱহাৰ যথেষ্ট প্রাসংগিক। শিক্ষকে শ্রেণীকোঠাত নৈতিকতা, সামাজিক শিষ্টাচাৰ, দলীয় আচৰণ, নেতৃত্ব, সমস্যা সমাধান আদি গুণ গঢ়াত এই কৌশল ব্যৱহাৰ কৰিব পাৰে। বিশেষকৈ আচৰণজনিত সমস্যা থকা, সংকোচী, অথবা আত্মবিশ্বাস কম থকা ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত মনো নাটক ফলপ্রসূ। তেওঁলোকে নাট্যভূমিকাৰ ভিতৰত সুৰক্ষিতভাবে নিজকে প্রকাশ কৰাৰ সুযোগ পায়। বৃত্তিগত নির্দেশনা বা জীবন-দক্ষতা শিক্ষণতো এই কৌশল সহায়ক, যেনে- সাক্ষাৎকাৰৰ অনুশীলন, দলীয় কামত মতপার্থক্য মিলোৱা, সিদ্ধান্ত গ্রহণৰ কৌশল শিকোৱা আদি

    মনোবৈজ্ঞানিক দিশত মনো নাটক এক প্ৰকাৰৰ মূল্যায়ন কৌশল হিচাপে কাম কৰে, কাৰণ অভিনয়ৰ সময়ত ব্যক্তিৰ সমস্যা-সমাধানৰ ধৰণ, চিন্তা-ধাৰণা, আবেগ নিয়ন্ত্রণ, সামাজিক বোধ, আৰু সমাযোজন ক্ষমতা প্রকাশ পায়। ক্লিনিকেল বা কাউন্সেলিং পৰিৱেশত ই থেৰাপিউটিক পদ্ধতি হিচাপে ব্যৱহৃত হয়, 'ত ব্যক্তি নিজৰ ভেতৰৰ দুঃখ, ৰাগ, ভয় বা guilt নাট্যৰ মাধ্যমেৰে বাহিৰ কৰি মানসিক মুক্তি পায়। এই মুক্তি "ক্যাথাৰছিছ” ধৰণৰ, যি মানসিক চাপ কমায় আৰু স্ব-উন্নয়নৰ পথ খুলে

    তথাপিও মনো নাটকৰ সীমাবদ্ধতা মানি ল'ব লাগে। এই কৌশলৰ সফলতা পথপ্ৰদৰ্শকৰ দক্ষতাৰ ওপৰত বেছি নিৰ্ভৰ কৰে। ভুল পৰিস্থিতি বাছনি, ভুল ভূমিকা-বণ্টন বা অতি কঠোৰ নিয়ন্ত্ৰণ মনো নাটকৰ স্বাভাবিকতা নষ্ট কৰিব পাৰে। কিছুমান অংশগ্ৰহণকাৰী অভিনয়ত লাজ পায় বা ভয় পায়, ফলত প্রকৃত মনোভাৱ সম্পূর্ণরূপে প্রকাশ নোহোৱাও পাৰে। কেতিয়াবা গোষ্ঠীৰ চাপত কোনোবাই কৃত্ৰিম আচৰণ দেখুৱায়। গভীৰ আঘাতজনক ব্যক্তিগত অভিজ্ঞতা নাট্যৰূপে উত্থাপন কৰিলে অংশগ্ৰহণকাৰী পুনৰ আবেগিকভাবে আহত হোৱাৰ আশংকাও থাকে। সেয়েহে নীতিগত সাৱধানতা, গোপনীয়তা, আৰু সহায়ক পৰিৱেশ নিশ্চিত কৰা বাধ্যতামূলক

    মুঠতে স্থিতিক কৌশল বা মনো নাটক হৈছে এক শক্তিশালী অভিজ্ঞতামূলক পদ্ধতি যি ব্যক্তিৰ বুদ্ধি, আবেগ আৰু আচৰণৰ সংযোগস্থলত কাম কৰে। বাস্তৱ পৰিস্থিতি অভিনয়, তাৰ বিশ্লেষণ আৰু বিকল্প আচৰণ অনুশীলনৰ জৰিয়তে ই ব্যক্তিৰ আত্মবোধ, সামাজিক দক্ষতা আৰু সমস্যা-সমাধান ক্ষমতা বিকাশ কৰে। শৈক্ষিক পৰিৱেশত শিকণ-শিক্ষণ অধিক জীৱন্ত আৰু অৰ্থৱহ কৰি তোলে, আৰু মনোবৈজ্ঞানিক পৰামৰ্শদানে ব্যক্তিক সুস্থ সমাযোজনৰ দিশে ধাবিত কৰে। সঠিক পদ্ধতিত আৰু সংবেদনশীলভাবে প্রয়োগ কৰিলে এই কৌশল ব্যক্তিগত উন্নয়ন আৰু মানসিক সুস্থতাৰ ক্ষেত্ৰত বহুমূল্য অবদান আগবঢ়ায়

 

Answer Type - Boby Bora