Chapter 5
প্ৰয়োগশালাৰ প্ৰায়োগিক কাৰ্য
অতি চমু প্রশ্নোত্তৰ
১। পুনঃস্মৰণ কি?
উত্তৰঃ পূর্বপৰিস্থিতিত ধাৰণ কৰা অভিজ্ঞতাসমূহ বর্তমানত মানসিকভাৱে পুনৰ উজ্জীৱিত কৰি উপস্থাপন কৰাই পুনঃস্মৰণ।
২। পুনঃস্মৰণ স্মৃতিৰ কিয় কঠিন প্ৰকাৰ?
উত্তৰঃ ইয়াত কোনো সংকেত নাথাকি ব্যক্তিক নিজে মনৰ ভিতৰৰ অভিজ্ঞতা উলিয়াব লাগে, সেয়েহে ই কঠিন।
৩। ধাৰাবাহিক পুনঃস্মৰণ কি ধৰণৰ?
উত্তৰঃ আগতে দেখোৱা বিষয়বস্তু একে ক্রমতে হুবহু পুনঃউপস্থাপন কৰাটো ধাৰাবাহিক পুনঃস্মৰণ।
৪। বহুমুখী বিকল্প পুনঃচিনাক্তকৰণ অভীক্ষা কি?
৫। মস্তিষ্কক কিহৰ লগত তুলনা কৰা হয়?
৬। মনোযোগৰ অৰ্থ কি?
৭। ৰ'ছৰ মতে মনোযোগ কি?
৮। বিষয়নিষ্ঠ অবস্থাৰ এটা উদাহৰণ কি?
৯। ঐচ্ছিক মনোযোগ কি?
১০। শিকনৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতি কি?
১১। মহী বা চিয়াঁহী দাগ অভীক্ষাটোৰ জনক কোন?
১২। এই অভীক্ষাক 'প্রক্ষেপীয়' কিয় বোলা হয়?
উত্তৰঃ কাৰণ চিয়াঁহীৰ দাগত অভীক্ষার্থীয়ে নিজৰ অসচেতন চিন্তা, অনুভৱ আৰু কল্পনা "প্রক্ষেপ" কৰি ধাৰণা গঠন কৰে।
১৩। নিয়ন্ত্রিত অনুসংগত কিয় "নিয়ন্ত্রণ" থাকে?
১৪। অন্তর্মুখীতা আৰু বহির্মুখীতা কি?
১৫। অন্তর্মুখী-বহির্মুখীতা এটা 'দ্বৈত' গুণ নে 'ধাৰাবাহিক' গুণ?
উত্তৰঃ ই ধাৰাবাহিক গুণ, অর্থাৎ সকলো ব্যক্তি একেবাৰে অন্তর্মুখী বা একেবাৰে বহির্মুখী নহয়; দুয়োৰ মাজত বিভিন্ন মাত্রাত থাকে।
চমু প্রশ্নোত্তৰ
১। মুক্ত পুনঃস্মৰণ পদ্ধতি কেনেকৈ সম্পাদন কৰা হয়?
উত্তৰঃ মুক্ত পুনঃস্মৰণ পদ্ধতিত শিক্ষার্থীক এক তালিকা বা পঠন সামগ্রী দিয়া হয় আৰু কোনো বিশেষ সংকেত নিদিয়াকৈ সেই বিষয়বস্তু পুনঃস্মৰণ কৰিবলৈ কোৱা হয়। তালিকাৰ ভিতৰত অর্থপূর্ণ শব্দ (যেনে- এন্দুৰ, টুপী), সংখ্যা (যেনে- ২২, ৪৫), বা অর্থহীন শব্দ (যেনে TAK, SOK) থাকিব পাৰে। কেতিয়াবা কবিতা, গল্পৰ অংশ, চিত্র, বা কোনো ঘটনা দেখুৱাই এই পদ্ধতি ব্যৱহাৰ কৰা হয়। শিক্ষার্থীয়ে মৌখিক বা লিখিতভাৱে আগতে প্রদর্শিত বিষয়বস্তু কেইবাবাৰো স্মৰণ কৰি উপস্থাপন কৰে। এই পদ্ধতিৰ লক্ষ্য হৈছে ব্যক্তিয়ে কিমান উপযুক্তভাৱে তালিকাখনৰ সামগ্ৰী সংৰক্ষণ কৰিলে সেয়া মাপ কৰি চোৱা। সংকেত নাথাকিলেও যি বিষয়বস্তু সঠিকভাবে পুনঃস্মৰণ কৰিব পাৰে, তাৰ সংৰক্ষণ ক্ষমতা অধিক বুলি ধৰা হয়। সেয়েহে মুক্ত পুনঃস্মৰণ সংৰক্ষণ ক্ষমতাৰ সৰল কিন্তু ফলপ্রসূ পৰীক্ষণ-পদ্ধতি।
২। পুনঃচিনাক্তকৰণৰ ধাৰণা,
প্ৰকাৰ
আৰু বৈশিষ্ট্য ব্যাখ্যা কৰা।
৩। মনোযোগৰ মুখ্য বৈশিষ্ট্যসমূহ আলোচনা কৰা।
৪। বিষয়নিষ্ঠ মনোযোগ কাৰকসমূহ আলোচনা কৰা।
উত্তৰঃ বিষয়নিষ্ঠ কাৰক মানে ব্যক্তিৰ ভিতৰুৱা মানসিক অবস্থা আৰু অভিজ্ঞতা যিবোৰে মনোযোগ নিয়ন্ত্ৰণ কৰে। আগ্রহ মনোযোগৰ সহজাত শক্তি; যি বিষয়ত আগ্রহ থাকে তাত মন নিজে লাগে। মানসিক সংস্থিতি বা temperament ব্যক্তিৰ স্বভাৱগত দিশ, যাৰ ফলত কিছুমান বিষয়ত বেছি আৰু কিছুমানত কম মনোযোগ হয়। সহজাত প্রকৃত্তি বা প্রবৃত্তি, যেনে- ভোক, অনুসন্ধিৎসা আদি, বিষয়ৰ প্রতি মনোযোগ জগায়। আবেগে মনোযোগ তীব্ৰ কৰি তোলে; প্রিয়জনৰ চিঠি বা সুখ-দুখৰ ঘটনাত মনোযোগ গভীৰ হয়। অনুভূতি (sentiments) স্থায়ী আবেগিক অভিজ্ঞতা, যি কোনো বিষয়ৰ প্রতি দীর্ঘম্যাদি মনোযোগ বজাই ৰাখে। হেঁপাহ বা desire মানসিক প্রয়োজনৰ ফল। পৰীক্ষাৰ প্রয়োজনিয়া শিক্ষার্থীক পঢ়াত মনোযোগী কৰে। পূর্ব অভিজ্ঞতাই নির্দিষ্ট ক্ষেত্রত মনোযোগ স্বাভাৱিক কৰি তোলে, যেনে- ইতিহাসবিদৰ ইতিহাস-গ্রন্থত আগ্রহ। অভ্যাস পুনৰাবৃত্তিৰ ফলত গঢ় লৈ উঠে আৰু মনোযোগৰ দিশ নির্ধাৰণ কবে। এই আভ্যন্তৰীণ কাৰকবিলাক বাহ্যিক উদ্দীপকৰ সৈতে মিলি মনোযোগৰ গতি গঠন কৰে।
৫। শিকনৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতি ৰ শিক্ষাগত গুৰুত্ব আলোচনা কৰা।
৬। মুক্ত অনুসংগ অভীক্ষাৰ ধাৰণা,
পদ্ধতি
আৰু গুৰুত্ব ব্যাখ্যা কৰা।
উত্তৰঃ মুক্ত অনুসংগ অভীক্ষা হৈছে এক প্রক্ষেপীয় ধৰণৰ মনোবৈজ্ঞানিক পদ্ধতি য'ত ব্যক্তিক কিছুমান উদ্দীপক শব্দ বা ছবি দেখুওৱা হয় আৰু তেওঁক বিনা সংকোচে মনলৈ অহা প্রথম শব্দ, ধাৰণা বা স্মৃতি ক'বলৈ কোৱা হয়। সঁহাৰিত কোনো শুদ্ধ-অশুদ্ধৰ বাধা নাথাকে, আৰু সময় সাধাৰণতে অতি কম ধৰা হয় যাতে প্রতিক্রিয়া স্বতঃস্ফূর্ত হয়। অভীক্ষক সঁহাৰি শব্দ, সমযৰ ধৰাবন্ধা, দ্বিধা, পুনৰাবৃত্তি, বা অস্বাভাবিক সংযোগ লক্ষ্য কৰে। এই অভীক্ষাৰ গুৰুত্ব এইটো যে মুক্ত সঁহাৰিত ব্যক্তিৰ ভিতৰুৱা আগ্রহ, মানসিক সংঘাত, অবচেতন ভয়, ব্যক্তিগত অভিজ্ঞতাৰ ছাপব্য মনোভাব আপোনা-আপুনি ওলাই আহে। বিশেষকৈ যি কথা ব্যক্তি সোজাকৈ ক'ব নোখোজে বা নাজানে, সেয়া অনুসংগৰ দিশেৰে সংকেত ৰূপে ধৰা পৰে। শিক্ষাক্ষেত্ৰতো ই শিক্ষার্থীব শব্দ-ভঁৰাল, বোধ, আগ্রহ আৰু চিন্তাৰ গতি বুজিবলৈ সহায়ক। সেয়ে মুক্ত অনুসংগ অভীক্ষা ব্যক্তি-বোধ্য মানসিক মানচিত্র উন্মোচনৰ এক উপযোগী পদ্ধতি।
৭। অন্তর্মুখী-বহির্মুখীতা মাপিবলৈ ব্যৱহৃত অভীক্ষাৰ সাধাৰণ বৈশিষ্ট্য আৰু স্ক'ৰিং ব্যাখ্যা কৰা।
উত্তৰঃ এই ধৰণৰ অভীক্ষাত সাধাৰণতে আত্ম-বিবৰণী (self-report) প্রশ্নাৱলী ব্যৱহাৰ হয়, য'ত "হয়/নহয়", "অত্যন্ত একমত/অলপ একমত" বা "কেতিয়াবা/সদায়" ধৰণৰ বিকল্প থাকে। প্রশ্নবোৰ সামাজিক মিলামিচা পছন্দ কৰা, একান্ততাত কাম কৰিবলৈ ভাল পোৱা, বৃহৎ দলে কথা ক'বলৈ স্বাচ্ছন্দ্য, নতুন মানুহক তৎক্ষণাৎ চিনি লোৱা, বুজি লোৱা, উত্তেজনাপ্রিয়তা, অথবা শান্ত-ধীৰ-চিন্তাশীলতা আদি দিশৰ ওপৰত কেন্দ্ৰীভূত থাকে। উত্তৰ অনুসৰি বহির্মুখীতাৰ অনুকূল বিকল্পত অধিক নম্বৰ যোগ হয় আৰু অন্তর্মুখীতাৰ অনুকূল বিকল্পত কম বা বিপৰীত নম্বৰ ধৰা হয় (বা পৃথক স্কেলত গণনা কৰা হয়)। শেষত মুঠ স্ক'ৰটো এটা ধাৰাবাহিক স্কেলত ব্যাখ্যা কৰা হয়, যেনে- কম স্ক'ৰ মানে অধিক অন্তর্মুখী প্রবণতা আৰু বেছি স্ক'ৰ মানে অধিক বহির্মুখী প্রবণতা। কিছুমান অভীক্ষাত দুটা পৃথক স্কেল থাকে যাতে ব্যক্তিৰ দুয়ো দিশৰ তীব্রতা বুজা যায়। এই ধৰণৰ স্ক'বিংয়ে ব্যক্তিক সহজে তুলনা, পৰামৰ্শ বা মনোবৈজ্ঞানিক বিশ্লেষণ কৰিবলৈ সহায় কৰে।
ৰচনাধর্মী প্রশ্নোত্তৰ
১। পুনঃস্মৰণৰ তিনিওটা পদ্ধতি (মুক্ত, অনুসন্ধানমূলক আৰু ধাৰাবাহিক) বিস্তাৰিতভাবে ব্যাখ্যা কৰি
উদাহৰণসহ আলোচনা কৰা।
উত্তৰঃ পুনঃস্মৰণ মানে অতীত অভিজ্ঞতা বর্তমানত পুনৰ উদ্ধাৰ কৰি উপস্থাপন কৰা। এই সংৰক্ষণ ক্ষমতা পৰীক্ষাৰ বাবে মনোবিজ্ঞানত পুনঃস্মৰণৰ কেইবাটাও পদ্ধতি ব্যৱহাৰ কৰা হয়। মূলতঃ তিনিটা পদ্ধতি বেছি প্রচলিত-মুক্ত পুনঃস্মৰণ, অনুসন্ধানমূলক পুনঃস্মৰণ, আৰু ধাৰাবাহিক পুনঃস্মৰণ। মুক্ত পুনঃস্মৰণত শিক্ষার্থীক কিছুমান বিষয়বস্তু, শব্দ, সংখ্যা বা অর্থহীন শব্দৰ তালিকা প্রদান কৰা হয়। তালিকাখন আগতে দেখুৱাই বা ক'লে তাৰ পিছত কোনো সংকেত নিদিয়াকৈ শিক্ষার্থীক যিমান পাৰি সিমান সঠিকভাৱে মনে পেলাবলৈ কোৱা হয়। উদাহৰণ হিচাপে এন্দুৰ, টুপী, কলম, হাত, আৰু কিছুমান সংখ্যা যেনে- ২২, ৪৫, ৩২, ৮৬, বা অর্থহীন শব্দ TAK, SOK, NAK ইত্যাদি একেলগে দিয়াৰ পাছত পুনঃস্মৰণ কৰোৱা হয়। কেতিয়াবা কবিতা, গল্পৰ অনুচ্ছেদ বা দৃশ্য দেখুৱাইও এই পদ্ধতি চলোৱা হয়। ইয়াৰ ধাৰণা হৈছে সংকেত নাথাকিলেও শিক্ষার্থীয়ে নিজে তথ্য উলিয়াই আনিব পাৰিলেই সংৰক্ষণ ক্ষমতা শক্তিশালী বুলি ধৰা যায়। মুক্ত পুনঃস্মৰণে সেয়েহে স্মৃতিৰ স্বতঃস্ফূর্ততা আৰু গভীৰ সংৰক্ষণ প্রকাশ কৰে।
অনুসন্ধানমূলক পুনঃস্মৰণত পুনঃস্মৰণ হওক বা নহওক, ব্যক্তিক কিছু সহায় দিয়া হয়। সাধাৰণতে সংকেত হিচাপে শব্দ-যুগ্ম বা ধাৰাবাহিক অবস্থানগত ইঙ্গিত ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে CORN-MUSIC, BOX-CAT, FOOD-BOOK আদিৰ যুগ্ম তালিকা দেখুওৱাৰ পাছত BOX শব্দটো দি শিক্ষার্থীক তাৰ যোৰ খোৱা শব্দ CAT মনলৈ আনিবলৈ কোৱা হয়। এই ক্ষেত্রত BOX শব্দটো সংকেতৰ কাম কৰে, আৰু সংকেত পালেই মগজুৰ ভিতৰৰ সজীৱ মানসচিত্র খুলি যায়। ধাৰাবাহিক তালিকাৰ ক্ষেত্ৰত "ওপৰত আছিল নে তলত?" "মাজত আছিল নে শেষত?" ধৰণৰ অৱস্থান সংকেত দিয়া হয়। এই পদ্ধতিৰ মূল লাভ হৈছে যে কেতিয়াবা তথ্য থাকিলেও সংকেত নোপোৱা বাবে মনে নপৰে; সংকেত পালে তথ্য পুনৰ ওপঙে। শিক্ষণ ক্ষেত্ৰত অধ্যায় শিৰোনামা, মূল শব্দ, বা চিত্ৰান্তৰ সংকেতবোৰে অনুসন্ধানমূলক পুনঃস্মৰণৰ দৰে কাম কৰে।
ধাৰাবাহিক পুনঃস্মৰণে পুনঃস্মৰণক অধিক কাঢ়া আৰু সূক্ষ্ম কৰি তোলে। ইয়াত ব্যক্তিক আগতে দেখুওৱা বিষয়বস্তু একে ক্ৰমতে পুনৰ উপস্থাপন কৰাব লাগে। ক্ৰম ভাঙিলে পুনঃস্মৰণ আংশিক সফল বুলি গণ্য হয়। উদাহৰণ হিচাপে ২০টা শব্দৰ ভিতৰত ৰষ্টা শব্দ মনে পেলালেও যদি সেই ১২টা শব্দ ঠিক ক্ৰমত ক'ব নোৱাৰে, তেন্তে স্মৃতি-মূল্যায়ন ১২ৰ তুলনাত কম হয়। এই পদ্ধতিৰ তাৎপর্য হ'ল-স্মৃতি কেৱল পৃথক পৃথক তথ্যৰ গুচ্ছ নহয়; ই ক্রম, সংগঠন আৰু অর্থ-সম্পৰ্কেৰে গাঁথা একোটা মানসিক ধাৰাবাহিকতা। ইতিহাসৰ ঘটনাপ্রবাহ, বিজ্ঞানৰ ধাপ, ভাষাৰ ব্যাকৰণীয় নিয়ম, বা গণিতৰ ক্ৰমধাৰা শিকাৰ ক্ষেত্ৰত ধাৰাবাহিক পুনঃস্মৰণে শিক্ষাৰ্থীৰ সংগঠিত বোধ জোখে। সেয়েহে পুনঃস্মৰণৰ এই তিনিওটা পদ্ধতি স্মৃতিৰ ভিন্ন ভিন্ন দিশ প্রকাশ কৰে আৰু একেলগে ব্যৱহাৰ কৰিলে সংৰক্ষণ ক্ষমতাৰ পূর্ণ মূল্যায়ন সম্ভৱ হয়।
২। 'পুনঃস্মৰণ আৰু
পুনঃচিনাক্তকৰণ'
শিৰোনামেৰে
বৰ্ণিত অভীক্ষাটোৰ কাৰ্যপদ্ধতি,
উদ্দেশ্য, কল্পিত সিদ্ধান্ত আৰু শিক্ষাগত
তাৎপর্য বিস্তাৰিতভাৱে লিখা।
উত্তৰঃ "পুন্যস্মৰণ আৰু পুনঃচিনাক্তকৰণ" অভীক্ষাটোৰ মূল লক্ষ্য হৈছে অর্থপূর্ণ সামগ্রীৰ ক্ষেত্ৰত পুনঃস্মৰণ আৰু পুনঃচিনাক্তকৰণৰ আপেক্ষিক সংৰক্ষণ ক্ষমতা নির্ধাৰণ কৰা। অভীক্ষাটোৰ কল্পিত সিদ্ধান্ত আছিল যে পুনঃচিনাক্তকৰণৰ মানাংক পুনঃস্মৰণৰ মানাংকতকৈ অধিক হ'ব, আৰু আকৃতি পুনঃচিনাক্তকৰণৰ শতকৰা হাৰ শব্দ পুনঃস্মৰণৰ শতকৰা হাৰতকৈ অধিক হ'ব। এই সিদ্ধান্ত দুটাৰ ভিত্তি হৈছে যে দৃশ্যমান আকৃতি চিনাক্ত কৰা সাধাৰণতে সহজ, আৰু সংকেত উপস্থিত থকা পুনঃচিনাক্তকৰণ বাধাহীনভাৱে হয়।
অভীক্ষাৰ বাবে ৪০টা অর্থপূর্ণ আকৃতি আৰু ৪০টা অর্থপূর্ণ শব্দ বাছি লৈ দুটা ধৰণৰ কাৰ্ড প্ৰস্তুত কৰা হয়। আকৃতিবোৰ সমান আকাৰৰ বগা পশ্চাদপৃষ্ঠ থকা কার্ডত আঠা লগাই দিয়া হৈছিল, আৰু শব্দবোৰ অন্য কার্ডত লিখা হৈছিল। দুয়োবিধ কার্ড জটিলতাৰ দিশৰ পৰা সমান ধৰা হৈছিল যাতে তুলনা ন্যায়সংগত হয়। সময় নিয়ন্ত্ৰণৰ বাবে উপৱাটছ আৰু পৰীক্ষক-অভীক্ষাৰ্থীৰ মাজত দৃশ্য নিয়ন্ত্ৰণ কৰিবলৈ প্লাইউডৰ এখন পর্দা ব্যৱহাৰ কৰা হয়। আগতীয়াকৈ ফলাফল লিপিবদ্ধ কৰিবলৈ তালিকা-ফর্ম প্রস্তুত থাকে।
অভীক্ষা দুটা পর্যায়ত সম্পাদিত হয়। প্রথম পর্যায়ত আকৃতিৰ ক্ষেত্ৰত পুনঃস্মৰণ
ক্ষমতা পৰীক্ষা কৰা হয়। পৰীক্ষকে প্লাইউড পৰ্দাৰ সহায় লৈ অভীক্ষার্থীক নির্দেশনা
দিয়ে যে ২০খন আকৃতি-কার্ড ক্রমে দেখুওৱা হ'ব, প্রতিখন কার্ড দুই মিনিটকৈ তেওঁ
দেখিব পাৰিব, আৰু সামগ্রিক
প্রক্রিয়া প্রায় কিছুমান মিনিট চলিব। অভীক্ষার্থীয়ে মনোযোগেৰে কাৰ্ডবোৰ চাই শেষ
হোৱাৰ পাছত যিমান আকৃতি মনত থাকে সেইবোৰ লিখি বা মৌখিকভাৱে ক'ব লাগে। এই অংশই পুনঃস্মৰণ মানাংক
দিয়ে, কাৰণ কোনো বস্তু
উপস্থিত নাথাকে আৰু তেওঁ নিজে মানসচিত্ৰৰ পৰা উলিয়াই আনিব লাগে। ইয়াৰ পাছত
পৰীক্ষকে আগতে দেখুওৱা ২০খন কাৰ্ডৰ সৈতে ২০খন নতুন কার্ড সানমিহলি কৰি ৪০খন কার্ড
একেলগে উপস্থাপন কৰে। অভীক্ষার্থীক কোৱা হয় আগতে দেখা ২০খন কার্ড চিনাক্ত কৰি
পৃথককৈ উলিয়াই আনিবলৈ। ই পুনঃচিনাক্তকৰণ মানাংক নিৰ্ণয় কৰে, কাৰণ সংকেতৰূপে কার্ডবোৰ সন্মুখত
থাকে। কিছুমান সময়ৰ ব্যৱধানৰ পাছত দ্বিতীয় পর্যায়ত ঠিক একে প্ৰক্ৰিয়াৰে অৰ্থপূর্ণ
শব্দৰ বাবে পুনঃস্মৰণ আৰু পুনঃচিনাক্তকৰণ পৰীক্ষা কৰা হয়।
অভীক্ষা শেষ হোৱাৰ পাছত অভীক্ষাৰ্থীৰ অন্তর্দৃষ্টিৰ প্রতিবেদন সংগ্ৰহ কৰা হয়, য'ত তেওঁ অভীক্ষাৰ অনুভৱ, সুলভতা-কষ্ট, আৰু কোন ধৰণৰ সামগ্ৰী সহজে মনত পৰিল সেয়া ক'ব লাগে। এই প্রতিবেদন মানসিক প্রতিক্ৰিয়াৰ গহীন বুজ দিয়া সহায়ক। সাধাৰণ ফলাফল সাধাৰণতে এইমতে আশা কৰা হয় যে অভীক্ষার্থীয়ে পুনঃস্মৰণতকৈ পুনঃচিনাক্তকৰণত বেছি নম্বৰ পায়, আৰু আকৃতি বেছি সহজে চিনাক্ত কৰে।
শিক্ষাগত দিশৰ পৰা এই অভীক্ষাৰ তাৎপর্য বহুমুখী। প্রথমতে, ই দেখুৱায় যে শিক্ষার্থীৰ মূল্যায়নত কেৱল বহু বিকল্প চিনাক্তকৰণ প্রশ্নে সম্পূর্ণ সক্ষমতা ধৰা নপৰে; পুনঃস্মৰণধর্মী মূল্যায়নো প্রয়োজন। দ্বিতীয়তে, ই শিক্ষকে বুজিবলৈ সাহায্য কৰে কোন ধৰণৰ সামগ্ৰী শিক্ষাৰ্থীৰ বাবে অধিক স্থায়ীভাৱে সংৰক্ষিত হয়-দৃশ্যমান আকৃতি নে ভাষাগত শব্দ। তৃতীয়তে, ই শিক্ষণ কৌশল নির্ধাৰণত সহায়ক, কিয়নো যদি পুনঃস্মৰণ দুর্বল হয়, তেন্তে অতিৰিক্ত অনুশীলন, সংকেত-ভিত্তিক শিকন, বা ধাৰাবাহিক পুনৰুপস্থাপনৰ প্ৰয়োজন উপলব্ধ হয়। সেয়েহে এই অভীক্ষা স্মৃতি অধ্যয়নৰ ক্ষেত্ৰত বিশেষ মূল্যবান, আৰু শিক্ষণ-শিকাৰ গুণগত উন্নয়নৰ বাবে এক সুস্থ বিজ্ঞানসম্মত উপায় প্রদান কৰে।
৩। শিকনৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ অভীক্ষাৰ বিষয়ে লিখা।
উত্তৰঃ শিৰোনামঃ শিকনৰ প্রচেষ্টা আৰু ভুল পদ্ধতিৰ অভীক্ষা
উদ্দেশ্যঃ সমস্যাৰ সমাধানত Trial and Error প্রক্রিয়া কেনেকৈ শিকনৰ গতি উন্নত কৰে তাক পৰীক্ষা কৰা।
কল্পিত সিদ্ধান্ত ধাৰণাঃ পুনৰাবৃত্তি বৃদ্ধি পালে ভুল প্রচেষ্টা কমি যাব আৰু সঠিক প্রতিক্রিয়া তৎক্ষণাত ঘটিব।
আহিলাপাতিঃ এটা সহজ পাজল/লক-কী টাস্ক/চক্রব্যূহ-ট্রেইল কাগজ, ষ্টপৱাচ, ৰেকৰ্ড শ্বিট।
অভীক্ষাৰ্থীৰ বিৱৰণঃ নাম, বয়স, লিংগ, শিক্ষাগত অর্হতা, তাৰিখ, সময়, স্থান।
কার্যপদ্ধতিঃ অভীক্ষার্থীক পাজল বা লক-কী সমস্যাটো দেখুৱাই লক্ষ্য বুজাই দিয়া হয়, কিন্তু সমাধান কোৱা নহয়। তেওঁক কোৱা হয় "আপুনি কোনো সহায় নোপোৱাকৈ যত চেষ্টা লাগে কৰি সমাধান কৰক।" পৰীক্ষকে প্রথম প্রয়াস আৰম্ভ হোৱাৰ সময় উপৱাচেৰে নথিভুক্ত কৰে। অভীক্ষার্থীয়ে কৰা প্ৰতিটো ভুল প্রয়াস (ভুল টুকুৰা বচোৱা, ভুল পথ বছা, ভুল চাবি ঢুকোৱা আদি) গণনা কৰা হয়। সফল সমাধান হওয়া মুহূর্তত সময় আৰু ভুল প্রয়াসৰ সংখ্যা লিখা হয়। ৩-৫ বাৰৰ পুনৰাবৃত্তিত একে টাস্ক পুনৰ কৰোৱা হয়।
স্কৰিং/ফলাফলঃ প্রতি প্রয়াসত সময় (seconds/minutes) আৰু ভুল প্রয়াসৰ সংখ্যা তুলনা কৰা হয়। সময় আৰু ভুল ক্রমে কমিলে শিকন ঘটিল বুলি ধাৰণা কৰা হয়।
সিদ্ধান্ত/আলোচনাঃ Trial and Error শিকনত প্রথমে ভুল বেছি হয়, কিন্তু সফল ফল লাভৰ পাছত সঠিক প্রক্রিয়া শক্তিশালী হৈ ভুল হ্রাস পায়।
৪। চিয়াঁহী দাগ অভীক্ষা (Rorschach
Inkblot Test) প্রস্তুত কিদৰে কৰিবা?
উত্তৰঃ শিৰোনামঃ বৰছাক মহীচিহ্ন অভীক্ষা
উদ্দেশ্যঃ অস্পষ্ট চিয়াহী-দাগত ব্যক্তিৰ সঁহাৰিৰ ভিত্তিত ব্যক্তিত্বৰ গোপন দিশ অনুধাৱন কৰা।
ধাৰণাঃ দাগত দিয়া সঁহাৰিত অসচেতন চিন্তা-আবেগ "প্রক্ষেপ" হৈ প্রকাশ পায়।
আহিলাপাতিঃ বৰছাক ১০খন মানক দাগ-কার্ড, ৰেকৰ্ড শ্বিট, কলম, শান্ত কক্ষ।
অভীক্ষাৰ্থীৰ বিৱৰণঃ নাম, বয়স, লিংগ, শিক্ষাগত অর্হতা, তাৰিখ, সময়, স্থান।
কার্যপদ্ধতিঃ অভীক্ষার্থীক একোটা কার্ড একে একে দেখুৱাই কোৱা হয় "ইয়াত আপুনি কি দেখিছে? যি মনলৈ আহে ক'ব।" কার্ড দেখুৱাওঁতা কোনো দিশ বা ইঙ্গিত নেদেয়। অভীক্ষার্থীয়ে দিয়া প্রতিটো উত্তৰ হুবহু লিখি লোৱা হয়, লগতে উত্তৰ দিয়া সময়, দ্বিধা, আবেগিক টোন লক্ষ্য কৰা হয়। সকলোকেইখন কার্ড শেষ হ'লে পুনৰ "inquiry phase" ত কোৱা হয় "আপুনি এই অংশত কিয় তেনেদৰে দেখিলে?" যেনে- দাগৰ কোন অংশ, আকৃতি, বং, গতি আদি কাৰণে সঁহাৰি গঠিত হ'ল সেয়া বুজা হয়।
স্ক'ৰিং/বিশ্লেষণঃ সঁহাৰিক content (কি দেখিছে), location (দাগ ক'ত দেখা), determinant (আকৃতি/ৰং/গতি/ছাঁৰ প্রভাৱ), originality, emotional tone আদি সূচকৰ ভিত্তিত বিশ্লেষণ কৰা হয়। মানক স্ক'ৰিং-পদ্ধতি থাকিলে তাত মিলোৱা হয়।
সিদ্ধান্ত/আলোচনাঃ দাগত ব্যক্তিৰ স্বতঃস্ফূর্ত মানসিক প্রক্ষেপে ব্যক্তিত্ব, আবেগিক সংঘাত, কল্পনা শক্তি আৰু বাস্তববোধৰ সংকেত দিয়ে।
৫। নিয়ন্ত্রিত অনুসংগ অভীক্ষাৰ ধাৰণা, উপ-ধৰণসমূহ,
কাৰ্যপ্রণালী
আৰু মুক্ত অনুসংগৰ সৈতে তুলনামূলক আলোচনা কৰি শিক্ষণ আৰু ক্লিনিকেল ক্ষেত্ৰত ইয়াৰ
প্ৰয়োগ ব্যাখ্যা কৰা।
উত্তৰঃ নিয়ন্ত্রিত অনুসংগ অভীক্ষা হৈছে অনুসংগ-পদ্ধতিৰ সেই ৰূপ য'ত সঁহাৰি গঠনলৈ ব্যক্তিক কিছু স্বতন্ত্রতা দিয়া হ'লেও এটা নির্দিষ্ট নিয়ম বা লক্ষ্য মানিবলৈ কোৱা হয়। মুক্ত অনুসংগত ব্যক্তি নিজে বাছি লয় কি ক'ব, কিন্তু নিয়ন্ত্রিত অনুসংগত অভীক্ষকে আগতেই ঠিক কৰি দিয়ে কোন ধৰণৰ সংযোগ প্রয়োজন। এই নিয়ন্ত্ৰণৰ কাৰণ হ'ল যে ইয়াত ব্যক্তিৰ স্বাধীন চিন্তা-সোঁতৰ লগতে বৌদ্ধিক সংগঠন, যুক্তিসংগততা আৰু মানসিক নিয়ন্ত্রণ ক্ষমতাও একেলগে 'মাপ কৰা হয়। সেয়েহে এই অভীক্ষা প্রক্ষেপীয়ৰ তুলনাত বেছি মাপনীমূলক আৰু শিক্ষাগত দিশত বেছি মান্য।
নিয়ন্ত্রিত অনুসংগৰ কিছুমান বহুল ব্যৱহৃত উপ-ধৰণ আছে। বিপৰীত শব্দ অনুসংগতে উদ্দীপক শব্দ শুনি তৎক্ষণাৎ তাৰ বিপৰীত শব্দ ল'ব লাগে, যেনে- "উচ্চ" শুনি "নিম্ন", "আলোক" শুনি "অন্ধকাৰ"। সমার্থক বা same-meaning অনুসংগত উদ্দীপক শব্দৰ সমান অৰ্থৰ শব্দ ক'ব লাগে। শ্রেণী-ভিত্তিক অনুসংগত কোনো শ্ৰেণীৰ ভিতৰত পৰা শব্দ ক'ব লাগে, যেনে- "ফল" শুনি "আম" বা "কল"। কাৰণ-ফল অনুসংগত উদ্দীপক শব্দৰ সম্ভাব্য কাৰণ বা ফল ক'ব লাগে, যেনে- "বৰষুণ” শুনি "বতৰৰ মেঘ" বা "পানী জমা"। কিছুমান অভীক্ষাত শব্দটোক বাক্যত ব্যৱহাৰ কৰিবলৈও কোৱা হয়। এই উপ-ধৰণসমূহৰ মাজত যি সমানতা আছে সেয়া হৈছে সঁহাৰিৰ বাবে বৌদ্ধিক নিয়ম-অনুসৰণ।
কার্যপ্রণালী সাধাৰণতে এইদৰে চলে যে অভীক্ষক একে একে শব্দ দিয়ে আৰু অভীক্ষার্থীয়ে নির্দেশিত নিয়ম অনুসৰি সঁহাৰি দিয়ে। সময়ত মাপ কৰা হয় আৰু কোন শব্দত বেছি সময়, ভুল, বা দ্বিধা হৈছে সেয়া বেকর্ড করা হয়। বিশ্লেষণত দেখুৱা হয় ব্যক্তি নিয়ম বুজি সঠিকভাবে সঁহাৰি দিয়েনে, নে নিয়ম মানি চলাত অসুবিধা হৈছে। যদি ব্যক্তি সহজ শব্দতো ভুল বিপৰীত বা ভুল শ্রেণী বাছি লয়, তেন্তে ভাষাগত বোধ দুর্বল বা চিন্তা বিশৃঙ্খল হোৱাৰ ইঙ্গিত পোৱা যায়। যদি শুদ্ধ সঁহাৰি দিয়াৰ সময় অত্যধিক দীর্ঘ হয় তেন্তে মনোযোগ, স্মৃতি পুনৰুদ্ধাৰ বা বৌদ্ধিক প্রচেচিং ধীৰ হোৱাৰ সম্ভাবনা ধৰা হয়। এই কাৰণতেই নিয়ন্ত্রিত অনুসংগ অভীক্ষা মানসিক বৌদ্ধিক "ফিটনেছ'ৰ এক সূচক বুলিও ধৰা হয়।
মুক্ত অনুসংগৰ সৈতে তুলনা কৰিলে নিয়ন্ত্রিত অনুসংগৰ লক্ষ্য ভিন্ন। মুক্ত অনুসংগই ব্যক্তিৰ ভিতৰুৱা থিম, অবচেতন আগ্রহ-ভয়, আৰু স্বতঃস্ফূর্ত সংযোগৰ গতি বুজায়। নিয়ন্ত্রিত অনুসংগে তাৰ বিপৰীতে নিয়ম-ভিত্তিক চিন্তা, শব্দ-সম্পর্ক জ্ঞান, যুক্তিবোধ, আৰু মানসিক নিয়ন্ত্রণ ক্ষমতা মাপে। মুক্ত অনুসংগ বেছি গুণগত আৰু ব্যাখ্যাধর্মী, নিয়ন্ত্রিত অনুসংগ বেছি গাণিতিক/পৰিমাণগত আৰুক স্ক 'বিংধর্মী। দুয়ো একেলগে ব্যৱহাৰ কৰিলে ব্যক্তিত্ব আৰু বৌদ্ধিক গঠন দুয়োটাৰ বিষয়ে অধিক সম্পূর্ণ ছবি পোৱা যায়।
শিক্ষণ ক্ষেত্রত নিয়ন্ত্রিত অনুসংগ বহুত সহায়ক। শিশুৰ শব্দার্থ-বোধ, সম্বন্ধ চিন্তা, ব্যাকৰণীয় সংগঠন আৰু যুক্তিসম্পন্ন প্রতিক্রিয়া মাপ কৰিবলৈ শিক্ষকসকলে এই ধৰণৰ অভীক্ষা ব্যৱহাৰ কৰিব পাৰে। উদাহৰণস্বৰূপে, বিপৰীত শব্দ বা সমার্থক শব্দ ক'বলৈ দিলে শিশুৰ ভাষাগত বিকাশ আৰু শব্দভঁৰাল সম্পর্কে স্পষ্ট ধাৰণা পোৱা যায়। শ্রেণী-ভিত্তিক অনুসংগে শিশুৰ ধাৰণাগত শ্রেণীবিভাজন ক্ষমতা বুজায়, যি বিজ্ঞান বা সমাজবিজ্ঞান শিকাৰ বাবে অতি প্রয়োজনীয়। ক্লিনিকেল ক্ষেত্রত নিয়ন্ত্রিত অনুসংগে মনোযোগৰ স্থিৰতা, স্মৃতি পুনৰুদ্ধাৰ, আৰু চিন্তাৰ সংগঠন পৰীক্ষা কৰে। মানসিক ৰোগত কেতিয়াবা চিন্তা ছন্দৰ ভঙ্গ, বৌদ্ধিক ধীৰতা, বা ভাষাগত গোলমাল থাকে, এই অভীক্ষাই সেইবোৰ সূচক ধৰা সহায় কৰে। তদুপৰি স্নায়ুবিজ্ঞানীয় ক্ষেত্রত মগজুৰ কার্যক্ষমতা আৰু ভাষাগত প্রসেচিংৰ সমস্যাও বুজিবলৈ নিয়ন্ত্রিত অনুসংগ সহায়ক।
সামগ্রিকভাৱে ক'ব পাৰি, নিয়ন্ত্রিত অনুসংগ অভীক্ষা অনুসংগ-পদ্ধতিৰ সংযমিত আৰু লক্ষ্যাভিমুখী ৰূপ, যি মুক্ত অনুসংগৰ গুণগত গভীৰতাৰ সৈতে বৌদ্ধিক-metric শক্তিক সংযোগ কৰে। শিক্ষণ আৰু মনোচিকিৎসা দুয়ো ক্ষেত্ৰতেই ই এজন ব্যক্তিৰ চিন্তা-ভাষা-যুক্তিবোধৰ গাঁথনি বুজিবলৈ এক প্রামাণ্য আৰু উপযোগী উপায়।
৬। অন্তর্মুখীতা আৰু বহির্মুখীতাৰ ব্যক্তি অভীক্ষা (Personality Test for
Introversion-Extroversion)
উত্তৰঃ শিৰোনামঃ অন্তর্মুখীতা— বহির্মুখীতা ব্যক্তি অভীক্ষা
উদ্দেশ্যঃ ব্যক্তিৰ আচৰণ আৰু সামাজিক পছন্দৰ ভিত্তিত অন্তর্মুখীতা-বহির্মুখীতাৰ স্তৰ নির্ণয় কৰা।
ধাৰণাঃ ব্যক্তিত্ব ধাৰাবাহিক স্কেলত অন্তর্মুখী-বহির্মুখীতা বণ্টিত থাকে।
আহিলাপাতিঃ মানক Introversion-Extroversion প্রশ্নাবলী (২০-৪০ item), উত্তৰ শ্বিট, পেন্সিল, স্ক'ৰ কী।
অভীক্ষাৰ্থীৰ বিৱৰণঃ নাম, বয়স, লিংগ, শিক্ষাগত অর্হতা, তাৰিখ, সময়, স্থান।
কার্যপদ্ধতিঃ অভীক্ষার্থীক শান্ত পৰিৱেশত বহুৱাই প্রশ্নাৱলী দিয়া হয় আৰু কোৱা হয় "আপোনাৰ নিজ বাস্তব অভ্যাস অনুসৰি উত্তৰ বাছনি কৰক, শুদ্ধ-অশুদ্ধ নাই।" প্রশ্নবোৰ সাধাৰণতে "হয়/নহয়" বা "অত্যন্ত একমত-একমত নহয়" ধৰণৰ থাকে। নির্দিষ্ট সময় (১৫-২৫ মিনিট)ৰ ভিতৰত পূৰণ কৰোৱাই লোৱা হয়।
স্ক'ৰিং/ফলাফলঃ স্ক'ৰ কী অনুসৰি বহির্মুখীতাৰ অনুকূল উত্তৰত ১ নম্বৰ (বা নির্দিষ্ট ওজন) দিয়া হয় আৰু অন্তর্মুখীতাৰ অনুকূল উত্তৰত ০ (বা বিপৰীত স্ক'ৰ) দিয়া হয়। মুঠ স্ক'ৰ যোগ কৰি মানক নর্ম/কাট-অফ অনুযায়ী ব্যক্তি অধিক অন্তর্মুখী, মধ্যম (ambivert) নে অধিক বহির্মুখী সেয়া নিৰ্ণয় কৰা হয়।
সিদ্ধান্ত/আলোচনাঃ বহির্মুখীতা সাধাৰণতে সামাজিকতা, কথা-বতৰা, ম্ভ্ৰত্বলোৱা আৰু বাহ্যিক উদ্দীপকত সক্রিয়; অন্তর্মুখীতা একান্ততা, গভীৰ চিন্তা, স্থিৰতা আৰু সীমিত মিলামিচাত স্বাচ্ছন্দ্য পায়। ফলাফল শিক্ষণ, কেৰিয়াৰ আৰু কাউন্সেলিঙত সহায়ক।