অধ্যায়- ৩ 

মানসিক স্বাস্থ্য আৰু শিক্ষা

 

অতি চমু প্রশ্নোত্তৰ

 

১। সংঘাতৰ এটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ উপযুক্ত বা ফলদায়ক যোগাযোগে কঠিন বিষয় এটা আয়ত্ব কৰাত বা কর্মক্ষেত্রত বৃত্তিগত দক্ষতা অৰ্জনৰ বাবে অভিৰোচিত কৰে। যদি ক'বলৈ বিচৰা কথাটো স্পষ্টভাবে ক'ব পৰা নাযায় বা বুজাব পৰা নাযায় তেতিয়া হতাশাৰ সৃষ্টি হয়।

২। শিশুৰ মানসিক স্বাস্থ্য বিকাশৰ ক্ষেত্ৰত বিদ্যালয়ে গ্রহণ কৰা দায়িত্ব এটা লিখা।

উত্তৰঃ শিশুৰ সুস্থ মানসিক স্বাস্থ্য বিকাশৰ ক্ষেত্ৰত বিদ্যালয়ে গ্রহণ কৰিবলগীয়া দায়িত্ববোৰৰ এটা হ'ল- সৃজনী শক্তিৰ বিকাশৰ সুবিধা প্রদান।

৩। শিশুৰ যতন কি?

উত্তৰঃ শিশু যতন হ'ল সামাজিকৰণৰ আৰম্ভণিৰ এক অৱস্থা। শিশু যতনে আহাৰ গ্ৰহণ কৰা, মাকৰ গাখীৰ খাবলৈ এৰুৱা, শৌচালয়ৰ প্রশিক্ষণ আৰু বিছনা পৰা অভ্যাসৰ প্রশিক্ষণ ইত্যাদিক অন্তর্ভুক্ত কৰে।

৪। সুস্থ মানসিক স্বাস্থ্যৰ নীতিসমূহক কি কি ভাগত ভাগ কৰিব পাৰি?

উত্তৰঃ সুস্থ মানসিক স্বাস্থ্যৰ নীতিসমূহক দুটা ভাগত ভাগ কৰিব পাৰি। সেইনীতি দুটা হ'ল- (ক) নিজৰ লগত কৰা সমাযোজন নীতি আৰু (খ) পৰিৱেশৰ লগত কৰা সমাযোজন নীতি।

৫। হতাশগ্রস্ততাৰ যিকোনো এটা কাৰণ লিখা।

উত্তৰঃ আমাৰ দৈনন্দিন জীবনত কিছুমান অভ্যাস গঢ় লৈ উঠে। সেই অভ্যাসবশতঃ ভাৱে কৰা কাম বা আচৰণৰ নিয়মিত অনুশীলন বা পুনৰুদ্দীপন বন্ধ কৰিবলগীয়া হ'লে মনলৈ হতাশা আহিব পাৰে।

 চমু প্রশ্নোত্তৰ

১। শিশুৰ মানসিক স্বাস্থ্য বিকাশত ঘৰখনৰ অৱদানসমূহ উল্লেখ কৰা।

উত্তৰঃ শিশুৰ মানসিক স্বাস্থ্যৰ বিকাশত ঘৰে আগবঢ়োৱা অবদানসমূহ হ'ল—

 (১) ঘৰখনৰ সদস্য হিচাপে নিৰাপত্তাৰ অনুভূতি জাগ্ৰতকৰণ।

 (২) ঘৰখনৰ সদস্য হিচাপে শিশুৰ শাৰীৰিক আৰু মনোবৈজ্ঞানিক প্রয়োজনীয়তা সমূহ পূৰণত বিশ্বাস প্রদান।

 (৩) সামাজিক জীব হিচাপে সমাজৰ মাজত থাকি গ্রহণযোগ্য আচৰণৰ ভেটি সুদৃঢ়কৰণ।

(৪) সামাজিকভারে গ্রহণযোগ্য আচৰণৰ বিকাশৰ ক্ষেত্ৰত নির্দেশনা প্রদান।

(৫) জীৱনত সমাযোজন কৰিব পৰাৰ সামৰ্থ্য প্রদান।

(৬) দৈহিক, মানসিক, আৱেগিক সমস্যা সমাধানৰ ভেটি মজবুতকৰণ।

(৭) সামাজিক জীবনত কৃতকার্যতা লাভ কৰাৰ সামর্থ্য আহৰণৰ বাবে সমর্থবান কৰি তোলা।

(৮) বিভিন্ন ধৰণৰ কৌশল আয়ত্তকৰণত সহায় কৰা।

২। শিশুৰ মানসিক স্বাস্থ্যৰ উন্নতি সাধনত বিদ্যালয়ৰ ভূমিকা সম্বন্ধে আলোচনা কৰা।

উত্তৰঃ বিদ্যালয়ৰ পৰিবেশ সু-পৰিকল্পিত, সু-শৃংখল হোৱা বাবে শিশুৰ মানসিক বিকাশৰ ক্ষেত্ৰত বিদ্যালয়ে বিশেষ ভূমিকা পালন কৰিব পাৰে। বিদ্যালয়সমূহে সমাজব ভৱিষ্যতৰ নাগৰিকসকলৰ মানসিক স্বাস্থ্য ৰক্ষাৰ ওপৰত গুৰুত্ব প্রদান কৰে।

শিশুৰ মানসকি স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত বিদ্যালয়ে তলত দিয়া ধৰণৰ ভূমিকা পালন কৰে–

(১) শিক্ষকসকলৰ মৰমিয়াল ব্যৱহাৰে, সহানুভূতিশীল আচৰণে ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য ৰক্ষাত ভূমিকা পালন কৰে।

(২) বিদ্যালয়ে ছাত্র-ছাত্রীসকলক আৱেগিকভাবে শক্তিশালী কৰাত গুৰুত্ব প্রদান কৰে।

(৩) ছাত্র-ছাত্রীক সকলো ধৰণৰ মূল্যবোধৰ মূল্য অনুভৱ কৰাত সহায় কৰে।

(৪) বিদ্যালয়ে সবল ব্যক্তিত্ব বিকাশৰ বাবে শিশুসকলক প্রয়োজনীয় সকলো সহায় আগবঢ়ায়।

(৫) বিদ্যালয়ে শিশুক বৃত্তি সম্পর্কীয় নির্দেশনাও প্রদান কৰে কিয়নো বহু সময়ত যোগ্যতা অনুসৰি বৃত্তি বাছনিত ছাত্র-ছাত্রী মানসিক অস্বস্তিত ভোগা দেখা যায়।

৩। ঘৰত আমি মানসিক স্বাস্থ্য ৰক্ষাৰ উন্নতি সাধন কেনেকৈ কৰিব পাৰো?

উত্তৰঃ ঘৰেই হৈছে সেই একমাত্র স্থান য'ত শিশুৰ মানসকি স্বাস্থ্যৰ বুনিয়াদ গঠন হয়। কিয়নো শিশু এটি জন্ম হৈ ঘৰতে ডাঙৰ-দীঘল হয় আৰু ঘৰতেই প্রথমে আবেগিক আচৰণ, মানসিক আচৰণসমূহ শিকি লয়। সেয়েহে পৰিয়ালৰ লোকসকলেও শিশুটিক মানসিকভাবে সুস্থিৰ কৰি ৰাখিবলৈ তাৰ আৱেগিক প্রয়োজনসমূহ পূৰণ কৰিবলৈ যথাসম্ভৱ যত্ন কৰিব লাগে। ঘৰত মানসিক স্বাস্থ্য ৰক্ষাৰ উন্নতি সাধিবৰ বাবে তলত দিয়া দিশসমূহৰ

ওপৰত বিচাৰ-বিশ্লেষণ কৰি চাব পাৰি –

(১) ঘৰৰ পৰিৱেশ সদায় গণতান্ত্রিক বিধৰ হ'ব লাগে।

(২) মানসিক স্বাস্থ্য ধৰি ৰখাৰ বাবে নিয়ম-নির্দেশনাসমূহ পৰিয়ালসমূহক প্রদান কৰা প্রয়োজন।

(৩) ঘৰুৱা পৰিবেশত মৰম-ভালপোৱা আদিৰ অভাৱ হ'ব নালাগে।

(৪) ঘৰৰ অনুশাসন ব্যৱস্থা নিয়ন্ত্রিত বিধৰ হ'ব লাগে, লক্ষ্য ৰাখিব লাগে যাতে ই কঠোৰ নহয়।

(৫) প্রয়োজন সাপেক্ষে নির্দেশনা প্রদানৰ ব্যৱস্থা থাকিব লাগে

৪। এখন ভাল বিদ্যালয়ৰ পৰিৱেশৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ বিদ্যালয়ৰ পৰিৱেশৰ ওপৰত শিশুৰ সৰ্বতোপ্ৰকাৰৰ বিকাশ নিৰ্ভৰ কৰে। বিদ্যালয় পৰিৱেশত শিশুক আগবঢ়োৱা নির্দেশনা আৰু পৰামৰ্শই তেওঁলোকক আত্মবিশ্বাসী কৰি গঢ়ি তুলিব পাৰে যিয়ে শিশুক মানসিকভাবে সুস্থ কৰি ৰখাত সহায় কৰ এখন ভাল বিদ্যালয়ৰ পৰিবেশৰ বৈশিষ্ট্যসমূহ হ'ল—

(১) বিদ্যালয়ৰ পৰিৱেশটো স্বাস্থ্যসম্মত, ওখ আৰু ৰ'দ পৰা ঠাই হ'ব লাগে।

(২) বিদ্যালয়ৰ পৰিৱেশটো গছ-গছনিৰে পূৰ্ণ হ'ব লাগে। প্রাকৃতিক পৰিৱেশ শান্ত-সৌম্য আৰু শিশুৰ বিকাশৰ বাবে উপযোগী হ'ব লাগে।

(৩) হুলস্থুলীয়া ঠাইৰ পৰা আঁতৰত অৱস্থিত এখন বিদ্যালয়ৰ পৰিৱেশে শিশুৰ সৰ্বতোপ্ৰকাৰৰ বিকাশত সহায় কৰে।

(৪) বিদ্যালয় গৃহটো ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক প্রয়োজনীয়তা পূৰণ, দেহ-মানসিক স্বাস্থ্যৰ নিৰাপত্তা প্রদান কৰিব পৰা ধৰণৰ হ'ব লাগে।

(৫) শ্ৰেণীকোঠাৰ ভিতৰত ছাত্ৰ-ছাত্ৰীয়ে অসুবিধা নোপোৱাকৈ নিজৰ প্ৰয়োজন অনুসৰি সঠিকভাবে যাতে জ্ঞান অর্জন কৰিব পাৰে তাৰ সকলোখিনি সুবিধা থাকিব লাগে। শিক্ষাদান আৰু শিক্ষাগ্রহণ এই দুই প্ৰক্ৰিয়াৰ সফলতা আনি দিব পাৰে বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ পৰিৱেশে। এই ক্ষেত্ৰত কোঠাৰী আয়োগে মত পোষণ কৰে যে, 'এটা জাতি বা এখন দেশৰ ভাগ্য স্কুলৰ শ্ৰেণীকোঠাসমূহত গঢ় লয়।'

(৬) বিদ্যালয় ভাল পৰিৱেশতহে শিশুৰ সৰ্বতো প্ৰকাৰৰ বিকাশ সম্ভব হয়। বিদ্যালয়ৰ পৰিৱেশটো হ'ব লাগে নৈতিক চৰিত্ৰ গঠনৰ মূল ইন্ধন।

(৭) শিশুৰে শৃংখলাবদ্ধতা, নিয়মানুবর্তিতাৰ জ্ঞান আৰু অনুভূতি বিদ্যালয়ৰ পৰিৱেশত অনুভৱ কৰিব লাগে। গতিকে বিদ্যালয়ৰ শিক্ষকসকলে শৈক্ষিক কাৰ্যসূচীৰ জৰিয়তে তেনে আচৰণ বা গুণসমূহ প্রতিফলিত কৰি শিশুক মানসিকভাবে স্বাস্থ্যসন্মত কৰি গঢ়ি তুলিব লাগে।

(৮) শিশুক দলীয় কৰ্মৰ প্ৰতি আকৰ্ষিত কৰি তেওঁলোকৰ মাজত নেতৃত্ব গুণৰ বিকাশৰ জৰিয়তে সুস্থ মানসিকতা গঢ়ি তোলে ভাল বিদ্যালয়ৰ পৰিৱেশে।

৫। উপযুক্ত মানসিক স্বাস্থ্যৰ বিকাশত বিদ্যালয়ৰ ভূমিকা সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ মানসিক অসুস্থতা নিৱাৰণ কৰা আৰু মানসিক জীৱনৰ সংৰক্ষণ আৰু বিকাশৰ বাবে বিদ্যালয়ে নানা ধৰণৰ ভূমিকা পালন কৰে। চমুকৈ এই সকলোবোৰৰ বাবে বিদ্যালয়ে তলত দিয়া ভূমিকা সমূহ পালন কৰে—

(ক) বিদ্যালয়ে মানব শিশুক মনোদৈহিক শক্তি সামর্থ্য আৰু গুণাবলীৰ বিকাশৰ ক্ষেত্রত সহায় আগবঢ়ায়।

(খ) সুস্থ মানসিক স্বাস্থ্যৰ মূল্য উপলব্ধিত সহায় কৰে।

(গ) মানসিক জীৱনৰ সমস্যাবোৰ জনাৰ ক্ষেত্ৰত সহায় কৰে।

(ঘ) ব্যক্তিত্বৰ গুণাবলী আৰু শক্তি সামর্থ্যৰ বিকাশত সহায় কৰে।

(ঙ) সকলো লোককে আৱেগিকভাবে শক্তিশালী কবি তোলাত সহায় আগবঢ়ায়।

(চ) উপযুক্তভাৱে সমাযোজন কৰা প্রয়োজীয়তা উপলব্ধি কৰা আৰু ইয়াৰ বাবে প্রয়োজনীয় উপায়সমূহৰ বিষয়ে জনাত সহায় কৰে।

(ছ) শান্তিপূর্ণ জীৱন-যাপনৰ বাবে সকলো প্ৰকাৰৰ মূল্যবোধৰ মূল্য উপলব্ধিত সহায় কৰে।

(জ) বিদ্যালয়ে সু-সামঞ্জস্য আৰু ভাৰসাম্যপূর্ণ ব্যক্তিত্বৰ বিকাশৰ ক্ষেত্ৰত প্রয়োজনীয় সকলো সহায় আগবঢ়ায়।

১১। চমুটোকা লিখা:

(ক) শিক্ষক আৰু মানসিক স্বাস্থ্য।

উত্তৰঃ শৈক্ষিক কাৰ্যসূচীৰ মূল কেন্দ্রবিন্দু হৈছে শিক্ষক। গতিকে বিদ্যালয়ত শিক্ষার্থীৰ মানসিক স্বাস্থ্য গঠনৰ লগত শিক্ষকৰ এক গুরুত্বপূর্ণ ভূমিকা থকে। এগৰাকী সুস্থ আৰু সুসামঞ্জপূর্ণ ব্যক্তিৰ শিক্ষকে বিদ্যালয়ৰ পৰিৱেশত শিক্ষার্থীৰ মানসিক স্বাস্থ্য সুসংগতিপূর্ণভারে বিকাশ সাধন কৰিব পাৰে। যিগৰাকী শিক্ষক মানসিক উদ্বিগ্নতা, অস্থিৰতা আৰু দুঃশ্চিন্তাৰ পৰা মুক্ত হৈ নিজৰ দৈনন্দিন কর্তব্য সুচাৰুৰূপে পালন কৰিব পাৰে তেওঁ শিক্ষার্থীৰ জীৱনটো এক ইতিবাচক প্রভাব পেলাব পাবে। শিক্ষার্থীক এক সুস্থ তথা সুসামঞ্জস্যপূর্ণ মানসিক স্বাস্থ্য গঢ় দিবলৈ হ'লে শিক্ষক মানসিক স্বাস্থ্য সুস্থ আকশক্তিশালী হোৱাটো নিতান্তই প্রয়োজনীয়।

(খ) শিক্ষা আৰু মানসিক স্বাস্থ্য।

উত্তৰঃ মানসিক স্বাস্থ্য অধ্যয়নৰ দিশসমূহ লক্ষ্য কৰিলে দেখা যায় যে শিক্ষাৰ লগত মানসিক স্বাস্থ্যৰ এক ঘনিষ্ঠ সম্পর্ক আছে। অশিক্ষিত আৰু নিম্নশিক্ষিত লোকে জীৱনৰ জটিলতাসমূহ সম্মুখীন হোৱাৰ ক্ষেত্ৰত যথেষ্ট কঠিনতাৰ সন্মুখীন হয়। প্রকৃত শিক্ষাৰ অভাৱত শিক্ষার্থীজনত মানসিক আৰু আবেগিক নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰে। ফলত শৈক্ষিক লাভৰ দিশত ইয়াৰ প্রভাব দেখা যায়। অসুস্থ সমাযোজনে শিক্ষার্থীৰ মনত ভয়, সংকোচ, হীনাত্মিকাবোধ, মানসিক চাপ, উদ্বিগ্নতা ইত্যাদিৰ সৃষ্টি কৰি তেওঁলোকক মানসিকভাবে অসুস্থ কৰি তোলা দেখা যায়।

শিক্ষাই সুস্থ অভ্যাস গঠন কবি এক নির্দিষ্ট অনুশাসন পালন কৰি চলাৰ বাবে শিক্ষার্থীক উৎসাহিত কৰাৰ লগতে সুস্থ মানসিক স্বাস্থ্য গঠনত সহায় কৰে। ছাত্র-ছাত্রীৰ শক্তিশালী চৰিত্ৰ আৰু ব্যক্তিত্ব গঠন কৰি সুস্বাস্থ্য আৰু সমবিকাশৰ মাধ্যমেৰে শিক্ষাই শিক্ষার্থীৰ মানসিক স্বাস্থ্যৰ প্রতি সজাগ গৰি তোলে। গতিকে পাঠ্যক্রম আৰু বিদ্যালয়ৰ পৰিৱেশত শিক্ষার্থীৰ মানসিক স্বাস্থ্য বিষয়টো অন্তর্ভুক্ত কৰা উচিত। সাধাৰণতে দেখা যায় যে শিক্ষার্থীৰ মানসিক স্বাস্থ্যবিকাশৰ ক্ষেত্ৰত পৰিয়াল, বিদ্যালয় আৰু সমাজে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।

ৰচনাধর্মী প্রশ্নোত্তৰ

১। শিশুৰ মানসিক স্বাস্থ্যত প্ৰভাৰ পেলোৱা কাৰকসমূহৰ সম্পৰ্কে ব্যাখ্যা কৰা।

উত্তৰঃ দৈনন্দিন জীৱনত প্রতিজন লোকৰ নিজস্ব মতাদর্শ আৰু চিন্তাধাৰা অনুযায়ী সামাজিক পৰিৱেশৰ লগত সমযোজন ৰক্ষা কৰি চলাব প্রয়োজনীয়তা থাকে। মানসিক সামর্থ্য অনুযায়ী ব্যক্তিয়ে ব্যক্তিগত আৰু সামাজিক জীৱনত সহাৱস্থান ৰক্ষা কৰি চলা দেখা যায়। এজন বক্তিৰ সামঞ্জস্যতা ৰক্ষা কৰি চলাৰ কৌশল তেওঁৰ মানসিক স্বাস্থ্যৰ দ্বাৰা প্ৰভাৱান্বিত হোৱা দেখা যায়। সুস্থ মানসিক শক্তিসম্পন্ন ব্যক্তিয়ে যিকোনো পৰিৱেশ আৰু পৰিস্থিতিতেই সুস্থ সমাযোজন কৰাৰ যোগ্যতা আহৰণ কৰিব পাৰে। আনহতে সঠিক সমাযোজনৰ অবিহনে ব্যক্তিয়ে মানসিক সংঘাতৰ সন্মুখীন হ'বলগীয়াত পৰে যাৰ প্রভাৱত তেওঁৰ মানসিক সুস্থতা ব্যাহত হয়। ব্যক্তিৰ দৈনন্দিন জীৱনত মানসিক স্বাস্থ্যব ওপৰত প্ৰভাৱ পেলাব পৰা বিভিন্ন উপাদানে কার্য কৰা দেখা যায়।

তলত সেইবোৰৰ বিষয়ে আলোচনা কৰা হ'ল—

(ক) বংশগত প্রভাৱঃ সাধাৰণতে মানসিক ৰোগৰ এক প্রধান কাৰণ হৈছে পিতৃ-মাতৃ নাইবা পৰিয়ালৰ কোনো লোকৰ পৰা লাভ কৰা অসুস্থ জিন্ নাইবা বংশানুক্রমিক প্রভাৱ। মনোবৈজ্ঞানিক বংশগতিয়েই হৈছে মানসিক স্বাস্থ্যৰ প্ৰধান কাৰক। ব্যক্তিমনৰ সংবেদনশীলতা, আৱেগিক ভাৰসাম্যতা, ভাৰসাম্যহীন মানসিক অবস্থা, দৈনন্দিন জীৱনৰ বিভিন্ন সমস্যা আৰু পৰিৱেশৰ প্রতি মানসিক সঁহাৰি জনোৱা কার্য ইত্যাদি বংশানুক্রমিকভাৱে লাভ কৰা গুণাৱলীৰ প্রভাৱ। বাস্তব ক্ষেত্রত দেখা যায় যে অধিক আৱেগিক আৰু সংবেদনশীল লোক সাধাৰণতে অপসমাযোজন আৰু মানসিক সংঘাতৰ চিকাৰ হোৱা দেখা যায়। ইয়াৰ ফলত তেওঁলোকৰ মানসিক স্বাস্থ্যৰ ওপৰত বিরূপ প্রভাৱ পৰা দেখা যায়। অন্তর্মুখী ব্যক্তিত্বসম্পন্ন লোক এগৰাকী মানসিক সংঘাতৰ সহজে বলি হয়। ইয়াৰ বিপৰীতে বহির্মুখী ব্যক্তিত্বৰ লোকে যিকোনো পৰিৱেশ আৰু পৰিস্থিতিৰ প্ৰতি ইতিবাচক মনোভাৱ প্রদর্শন কৰা দেখা যায়।

(খ) দৈহিক প্রভাৱঃ শৰীৰ আৰু মন একেটা মুদ্রাৰ ইপিঠি সিপিঠি। শৰীৰ সুস্থ হ'লে মন সুস্থ থাকিব আৰু সুস্থ মন এটাই সুস্থ শৰীৰৰ সৃষ্টি কৰিব পাৰে। গতিকে সুস্থ শৰীৰ অবিহনে এক সুস্থ মনৰ কল্পনা কৰিব পৰা নাযায়। সুস্থ মনৰ অধিকাৰী লোকে যিকোনো পৰিস্থিতিত সুসামঞ্জস্যতা ৰক্ষা কৰি চলিব পাৰে। দৈহিক অসুস্থতা, বিসংগতি, শাৰীৰিক ৰোগআৰু প্রতিবন্ধকতাই ব্যক্তিক দৈনন্দিন জীৱনৰ কৰ্তব্য সম্পাদনত বাধাৰ সৃষ্টি কৰাৰ লগতে মানসিকভাবে দুর্বল কৰি তোলে। দুর্বল আৰু ৰুগীয়া শৰীৰে নীচাত্মিকাবোধৰ সৃষ্টি কৰাৰ লগতে বিভিন্ন মানসিক জটিলতাৰ সৃষ্টি কৰি ব্যক্তিৰ কৰ্মস্পৃহা নোহোৱা কৰি পেলায়। ইয়াৰ ফলত সমাযোজনৰ দিশত সমস্যাৰ সৃষ্টি হয়। অসুস্থ শৰীৰে ব্যক্তিৰ মানসিক দিশত অসুস্থতা বৃদ্ধি কৰি প্রতিবন্ধকতাৰ সৃষ্টি কৰে। এটা সুস্থ দেহে সুস্থ মনৰ সৃষ্টি কৰে। শক্তিশালী আৰু স্বাস্থ্যবান লোকে সুস্থ ব্যক্তিত্ব গঠন কৰি সামাজিক জীৱন যাপন কৰিব পাৰে।

(গ) সামাজিক প্রভাৱঃ মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পৰা আন এক শক্তিশালী কাৰক হৈছে সামাজিক অথবা পৰিৱেশীয় ব্যবস্থা। ব্যক্তিত্ব গঠনৰ দিশত প্ৰধানকৈ দুটা কাৰকে বিশেষত্বে প্রভাব পেলায়। এটা হৈছে বংশগতি আৰু আনটো হৈছে পৰিৱেশ। পৰিৱেশ ব্যক্তিগত আৰু সামাজিক উভয় প্ৰকাৰৰ হ'ব পাৰে। এজন ব্যক্তি যি পৰিবেশত ডাঙৰ দীঘল হয়, সেই পৰিৱেশে তেওঁৰ মানসিকতা গঠনৰ দিশত প্রভাব পেলায়। ব্যক্তিৰ নিজস্ব আগ্রহ আৰু অভিপ্রায় বাধাহীনভাৱে পূৰণ কৰাৰ পৰিৱেশ থাকিলে তেওঁৰ মানসিক সুস্থভাবে গঠন হোৱা দেখা যায়। প্রতিখন সমাজৰ কিছুমান নিজস্ব নীতি-নিয়ম, পৰম্পৰা তথা বাধা-নিষেধ থকা দেখা যায় যাৰ ফলত ব্যক্তিয়ে নিজস্ব মতামত, ভাবাদর্শ তথা চিন্তা ইচ্ছামতে প্রকাশ কৰিব নোৱাৰে। ইয়াৰ পৰিমাণস্বৰূপে ব্যক্তিৰ নিজস্ব মতাদর্শ আৰু সামাজিক বিধি-বিধানৰ এক সংঘাত সৃষ্টি হয় আৰু তাৰ প্রভাৱ মানসিক স্বাস্থ্যৰ ওপৰত পৰে।

(ঘ) প্রাথমিক প্রয়োজন পূৰণৰ দিশসমূহঃ প্রতিজন ব্যক্তিৰ জীৱনত কিছমান প্রাথমিক প্রয়োজন থকা দেখা যায়। জীৱন নির্বাহৰ বাবে এই প্রয়োজনসমূহ পূৰণ কৰাৰ সাৰ্থকতা থাকে। ব্যক্তিৰ মানসিক স্বাস্থ্য এই প্রয়োজনসমূহ পূৰণ কৰা নকৰাৰ লগত সাঙোৰ খাই থাকে। প্রয়োজনসমূহ সঠিকভাবে পূৰণ হ'লে মানসিক সন্তুষ্টি লাভ কৰা যায়, যাৰ প্রত্যক্ষ প্রভাব ব্যক্তিৰ মানসিক স্বাস্থ্যৰ ওপৰত পৰা দেখা যায়। প্রয়োজনসমূহ দৈহিক, মানসকি, আৱেগিক ইত্যাদি বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে। সুস্থ শাৰীৰিক স্বাস্থ্যৰ বাবে দৈহিক প্রয়োজনসমূহ সঠিক মাত্ৰাত পূৰণ কৰা উচিত। মানসিক স্বাস্থ্য বিকাশৰ বাবে মানসিক আৰু আৱেগিক প্রয়োজনসমূহ সঠিক মাত্ৰাত পূৰণৰ বাবে গুৰুত্ব প্রদান কৰিব লাগে।

২। মানসিক স্বাস্থ্যৰ বিপৰ্যয়সমূহ কি কি? বিপৰ্যয়ৰ কাৰণসমূহ আলোচনা কৰা।

উত্তৰঃ সমাজৰ বিভিন্ন স্তৰৰ লোকসকলৰ বিশেষকৈ শিক্ষানুষ্ঠানত শিক্ষা লাভ কৰি থকা ছাত্র-ছাত্রীসকলে বিভিন্ন প্রকৃতিৰ বিপৰ্যয়ৰ বাবে মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত সমস্যাৰ সম্মুখীন হয়। এই বিপর্যয়বোৰে ছাত্র-ছাত্রীসকলক দেহ মানসিক দুয়োধৰণৰ স্বাস্থ্যবে অবনতি ঘটায় আৰু ছাত্র-ছাত্রীসকল অপসমাযোজিত হোৱাৰ লগতে বিভিন্ন সমস্যাৰো সম্মুখীন হয়।

মানসিক স্বাস্থ্যৰ বিপৰ্যয়ৰ বিভিন্ন কাৰণবোৰ হ'ল—

(ক) সংঘাতঃ সংঘাত হ'ল মানসিক স্বাস্থ্যৰ বিপৰ্যয়ৰ আন এক কাৰণ। সংঘাতৰ বিভিন্ন কাৰণবোৰ তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰি—

(i) অভিসাৰী আৰু অপসাৰী চিন্তনঃ যুক্তি আৰু জ্ঞানৰ প্রয়োগকৰণেৰে সমস্যা সমাধানৰ সম্ভাব্য উপায় নির্ণয়ত সমস্যা আৰু অভ্যন্তৰৰ বিপৰীতে বাহ্যিকভাৱে চিন্তা কৰাৰ বাবে সংঘাত সৃষ্টি হয়। অর্থাৎ অভিসাৰী আৰু অপসাৰী চিন্তনব পার্থক্যই সংঘাত সৃষ্টি কৰে।

(ii) স্থিতিঃ যেতিয়া অযোগ্য ব্যক্তি এজনৰ পদোন্নতি হয় আৰু যোগ্যজন পিছপৰি বয় তেতিয়া সংঘাত সৃষ্টি হয়। জীৱনৰ মানদণ্ড স্থিতিৰ লগত জড়িত।

(iii) অসংগতিঃ প্রত্যেকৰে নিজস্ব আচৰণগত পছন্দ থাকে। মনোভার, মূল্যবোধ, কৌশল, লক্ষ্য আৰু সংবোধন আদিব পছন্দ এজনৰ পৰা আনজনৰ পৃথক বাবেই সন্তুষ্টিৰ মানো পৃথক হয়। এনে অসংগতিয়ে সংঘাতৰ সৃষ্টি কৰে।

(iv) চাপঃ কিছুমান বাহ্যিক উৎস যেনে ক্রিয়ামূলক আৰু অক্রিয়ামূলক কাৰকৰ বাবে যি মানসিক চাপ সৃষ্টি হয় সেই চাপেও সংঘাত আনিব পাৰে। দুর্বল সাংগঠনিক কাঠামো বা দলীয় কামৰ অভাৱ আদিয়ে চাপ বৃদ্ধি কবে যিয়ে সংঘাত সৃষ্টি কৰ

(খ) বন্ধুত্বসুলভতাৰ অভাৱঃ শিক্ষক আৰু ছাত্ৰৰ মাজত, ছাত্ৰ আৰু ছাত্ৰীৰ মাজত এক বন্ধুত্বসুলভ পৰিৱেশ বিদ্যালয়ত থাকিব লাগে। এজন অতিমাত্রা অনুশাসন পালনকাৰী শিক্ষকক ছাত্র-ছাত্রীসকলে স্বাভাৱিকতে ভয় কৰে। আচলতে শিক্ষকক ছাত্র-ছাত্রীসকলে শ্রদ্ধাহে কৰিব লাগে। বিদ্যালয়ত শিক্ষক-ছাত্ৰ আৰু ছাত্র-ছাত্রীৰ মাজত থকা বন্ধুত্বভাৱৰ অভাবে মানসিক স্বাস্থ্য বিপদসংকুল কৰি তোলে।

(গ) প্রতিযোগিতাঃ ব্যক্তি আৰু দলৰ মাজত থকা প্রতিযোগিতাই বিদ্যালয়ত ছাত্র-ছাত্রীসকল কৃতকার্য হোৱাৰ ক্ষেত্ৰত অভিৰোচিত কৰে। বন্ধুত্বপূৰ্ণ আৰু সহযোগিতামূলক প্রতিযোগিতাই ছাত্র-ছাত্রীসকলৰ মাজত ঈর্ষা আৰু সন্দেহ আনিব নিদিয়ে বাবে এনে প্রতিযোগিতা গ্রহণযোগ্য। কিন্তু এই প্রতিযোগিতাই মানসিক স্বাস্থ্যত বিপৰ্যয়ৰ সৃষ্টি কৰিব পাৰে যদিহে ই এক মানসিক যোগ্যতাৰ পৰিসৰৰ ভিতৰত পালিত নহয়। যেনে অনগ্ৰসৰ ছাত্ৰক উচ্চ বুদ্ধিসম্পন্ন ছাত্ৰৰ লগত যদি বিদ্যায়তনিক দিশত প্রতিযোগিতাবে বিবেচনা কৰা হয় তেন্তে তেওঁলোকৰ মাজত নিৰাপত্তাহীনতা, হীনমন্যতা আৰু হতাশাৰ ভাব সৃষ্টি হ'ব যিয়ে মানসিক স্বাস্থ্য বিপদসংকুল কৰি তুলিব।

(ঘ) হতাশগ্রস্ততাঃ মানসিক স্বাস্থ্যৰ বিপৰ্যয়ৰ এক প্রধান কাৰণ হ'ল হতাশগ্রস্ততা। ইয়াক কম-বেছি পৰিমাণে আমাৰ জীৱনৰ বাবে এক দুখদায়ক অভিজ্ঞতা বুলিব পাৰি। হতাশগ্রস্ততাৰ বিভিন্ন কাৰণবোৰ তলত দিয়া ধৰণেৰে উল্লেখ কৰিব পাৰি -

 (i) বাধাদানঃ কেতিয়াবা কোনো পৰিস্থিতিত প্রয়োজন পুৰণত ব্যক্তিক প্রত্যক্ষভাবে বাধাদান কৰা হয়। এই বাধাদানৰ প্রভাৱ শক্তিশালী। শিশুক ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰখা, দৈহিক অক্ষমতা বা বুদ্ধিহীনতাৰ বাবে আনতকৈ পিছপৰি ৰোৱা বা সুবিধাৰ পৰা বঞ্চিত হোৱা, অস্পৃশ্যতাৰ বাবে সমাজত স্থান-মান আদি পোৱাত ব্যর্থ হোৱা অভিজ্ঞতা বাধাদানৰ উদাহৰণ। হতাশাৰ এনে বাধাদানৰ কাৰণ দৈহিক, আর্থ-সামাজিক, কর্তৃত্বশীল ব্যক্তি, প্রাকৃতিক দুর্যোগ আৰু ব্যক্তিৰ অক্ষমতা আদিৰ পৰা উদ্ভৱ হ'ব পাৰে। বিভিন্ন কাৰকৰ পৰা উদ্ভৱ হোৱা এনে প্রতিবন্ধকতাই ব্যক্তিক হতাশগ্রস্ত কৰি তোলে। বাধাদানৰ প্রভাব যথেষ্ট অনিষ্টকাৰী।

(ii) সংঘাতঃ হতাশগ্রস্ততাৰ এটা অতি উল্লেখযোগ্য কাৰণ হ'ল সংঘাত। এই সংঘাতে ব্যক্তিৰ মন অস্থিৰ কৰি তোলে আৰু এই অস্থিৰতাৰ বাবেই ব্যক্তিয়ে কোনো স্থিৰ সিদ্ধান্তল'ব নোৱাৰা অৱস্থাত উপনীত হয়।

(iii) পুনৰুদ্দীপন বন্ধকৰণঃ আমাৰ দৈনন্দিন জীৱনত কিছুমান অভ্যাস গঢ় লৈ উঠে। সেই অভ্যাসবশতঃ ভাৱে কৰা কাম বা আচৰণৰ নিয়মিত অনুশীলন বা পুনৰুদ্দীপন বন্ধ কৰিবলগীয়া হ'লে মনলৈ হতাশা আহিব পাবে। উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ খোৱা, শোবা, আমোদ-প্রমোদ আদি নিয়মিতভাবে করা কামবোৰ বন্ধ কৰিলে বা বাধাপ্রাপ্ত হ'লে স্বাভাবিকতে হতাশাৰ ভাব আমাৰ মনলৈ আহে। সদায় নিচাজাতীয় দ্রব্য সেবন কৰি থকা ব্যক্তিয়ে বিভিন্ন কাৰণত সেই দ্রব্য সেবন কৰা বন্ধ কৰিলে বা সদায় এটা মানদণ্ড ৰক্ষা কৰি চলা ব্যক্তিব আর্থিক বা অন্যান্য অসুবিধাৰ বাবে সেই মানদণ্ড অবনমিত হ'লে মনলৈ হতাশা অহাটো স্বাভাবিক। এনে অস্বাভাবিকতাই ব্যক্তিমনত অস্বস্তি আৰু বিৰক্তিৰ ভাব সৃষ্টি কৰে। ইয়াৰ প্রভাৱ অতি গুৰুত্বপূর্ণ।

(iv) নিবনুৱাঃ নিবনুৱা সমস্যা যুবসমাজৰ হতাশগ্ৰস্তাৰ এটা জ্বলন্ত সমস্যা।

(ঙ) জ্যোতি প্রভাৱঃ বিদ্যালয়ত দৰাচলতে পাঠ্যপুথিৰ বিষয়সমূহ মনত ৰাখিব পৰাৰ ওপৰতে ভিত্তি কৰি গ্রেড দিয়া হয়। কাৰোবাৰ স্মৰণ ক্ষমতা প্রখৰ আৰু আন কাৰোবাৰ নিম্নমানৰ হ'ব পাৰে। পৰীক্ষাৰ উত্তৰ বহীত একেজন শিক্ষকে একেদৰে লিখা উত্তৰত দিয়া নম্বৰতো ভিন্নতা দেখা যায়। আনকি একেজন ছাত্ৰৰ একেটা প্রশ্নোত্তৰত একেজন শিক্ষকে ভিন্ন সময়ত বেলেগ বেলেগ নম্বব দিয়াও দেখা যায়। এই বিসংগতি সাধাৰণতে যিসকল ছাত্র-ছাত্রীক শিক্ষকে ভালদৰে জানে তেওঁলোকৰ ক্ষেত্ৰত বেছিকৈ দেখা যায়। অর্থাৎ শিক্ষকে ভালপোৱা, জনা এজন ছাত্র বা ছাত্রীৰ প্রতি তেখেত সদায় নমনীয় হয়। ইয়াকে জ্যোতি প্রভাৱ বুলি কোৱা হয়। শ্রেণীত ভাল ছাত্র বুলি জনা ছাত্রজনে কোনো প্রশ্নৰ উত্তৰ ভালদৰে নিলিখিলেও বেছিনম্বৰ লাভ কবে। শিক্ষকৰ এনে প্রভাবে ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক স্বাস্থ্য বিপদসংকুল কৰি তোলে

(চ) অনুত্তীৰ্ণৰ ভয়ঃ বহুতো ছাত্র-ছাত্রীৰ মনত বিদ্যালয়ৰ পৰীক্ষাত অনুত্তীর্ণ হোৱাৰ এটা মানসিক প্রবৃত্তি থাকে। এই প্রবৃত্তিয়ে তেওঁলোকৰ মাজত পৰীক্ষাৰ প্ৰতি ভীতিগ্রস্ততা জগাই তোলে যিয়ে তেওঁলোকৰ মানসিক স্বাস্থ্যক অসুস্থ কৰি তোলে।

(ছ) অতিমাত্রা কামৰ বোজাঃ বহুতো বিদ্যালয়ত ছাত্র-ছাত্রীসকলৰ শাৰীরিক, মানসিক, বৌদ্ধিক দিশক আওকাণ কৰি অতিমাত্রা বোজা জাপি দিয়ে। গৃহকর্ম, প্রজেক্ট, শ্রেণীৰ পৰীক্ষা, গোট পৰীক্ষা ইত্যাদিয়ে ছাত্র-ছাত্রীসকলৰ মাজত মানসিক চাপ বৃদ্ধি কৰে। তেওঁলোকে জিৰণিৰ সময় খুউব কমকৈ পায় যিয়ে তেওঁলোকক বহু সময়ত উদ্বিগ্ন কৰি ৰাখে আৰু ফলস্বৰূপে মানসিক স্বাস্থ্য বিপদসংকুল হৈ পৰে।

মুঠতে বিদ্যালয়ত প্রতিজন শিক্ষক, প্রধান শিক্ষক, পাঠ্যক্রম, পাঠ্যসূচী, শিক্ষাদান প্রণালী, পৰীক্ষা ব্যবস্থা সকলোবোৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সন্তোষজনক হ'ব লাগিব। শিক্ষকসকলে নিজা প্রচেষ্টাতে সময়োপযোগী অভিনর ব্যবস্থা গ্রহণেৰে বিদ্যালয়ৰ পৰিৱেশ ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক স্বাস্থ্য ৰক্ষাৰ প্রাণকেন্দ্ৰ স্বৰূপ কৰি তুলিবলৈ আপ্রাণ চেষ্টা কৰিব লাগে।

৩। শিশুৰ মানসিক স্বাস্থ্যক প্রভাবিত কৰা দিশবোৰ বা প্ৰধান কাৰক সমাজৰ বিষয়ে বহলাই আলোচনা কৰা।

উত্তৰঃ শিশুৰ তথা ব্যক্তিৰ সুস্থ বা অসুস্থ মানসিক স্বাস্থ্য গঢ় লৈ উঠাত বহু পৰিমানে সমাজখনে বিশেষ ভূমিকা পালন কৰে। সমাজৰ সদস্যসকলৰ আচাৰ-আচৰণ, ক্রিয়া-কলাপ, ধর্মীয়-বিশ্বাস, সাংস্কৃতিক পৰম্পৰা, ৰাজনৈতিক দিশ আদিয়ে শিশু তথা ব্যক্তিৰ মানসিক দিশটো প্রভাবিত কৰে। সমাজৰ আদর্শ, ৰীতি-নীতি, আচাৰ-আচৰণ, মনোভাৱ-দৃষ্টিভংগী, নৈতিক ধ্যান-ধাৰণা আদি দিশবোৰে শিশু তথা ব্যক্তিৰ সুস্থ বা অসুস্থ মানসিক স্বাস্থ্য গঢ় লৈ উঠাত সহায় কৰে। সৰু অৱস্থাৰ পৰাই ঘৰখন, ওচৰ-চুবুৰীয়া তথা সমাজখনৰ, সামাজিক অনুষ্ঠান-প্রতিষ্ঠানবোৰৰ ক্ৰিয়া কলাপ, ভাবাদর্শই শিশুৰ মনত গভীৰ সাঁচ বহুৱাবলৈ সক্ষম হয়। সমাজত বর্তি থকা আদর্শ, বিশ্বাস, বীতি-নীতি, সামাজিক পৰম্পৰা, সমাজৰ একতা, আনুগত্যতা, শৃংখলাবদ্ধতা, আদর্শনীয় আচৰণ, শ্ৰদ্ধাৰ ভাৱ, সহযোগিতাৰ মনোভাব, সৌহাদ্যপূর্ণ আচৰণ, মিলা-প্রীতি, সমাজৰ লোকসকলৰ কৰ্মনিষ্ঠা, কর্তব্যপৰায়নতা, সততা, ন্যায়পৰায়নতা, উৎসাহ-উদ্দীপনা, ভাল কামৰ বাবে প্রশংসা-পুৰস্কাৰ, সামুহিক কার্যত অংশগ্রহনৰ সুযোগ-সুবিধা তথা উৎসাহ প্রদান, শ্রদ্ধা আৰু ভক্তিব মনোভাৱ আদিয়ে শিশুৰ সুস্থ মানসিক স্বাস্থ্য গঢ়ি তোলাত সহায় কৰে।ঠিক সেইদৰেই এখন উশৃংখল বা বিশৃংখল সমাজ, আদর্শহীন, প্রতিযোগিতাত নামি পৰা, সামাজিক স্বার্থতকৈ ক্ষুদ্র ব্যক্তিগত স্বার্থক অধিক গুৰুত্ব আৰোপ কৰা, সমাজৰ লোকসকলৰ মাজত একতা, সহযোগিতা, মিলা-প্রীতিৰ অভাৱ, সামাজিক দায়বদ্ধতাহীনতা আদিয়ে শিশুৰ মানসিক স্বাস্থ্যত বিরূপ প্রভাৱ পেলাব পাৰে। সামাজিক বিশৃংখলতাৰ ফলত শিশু তথা সমাজৰ অন্যান্য লোকসকলে অপ-সংগতিমূলক আচৰণ প্ৰদৰ্শন কৰিব পাৰে, সামাজিক নিৰাপত্তাহীনতাত ভুগিব পাৰে যাৰ ফলত শিশু তথা ব্যক্তিৰ সুস্থ সামাজিক বিকাশ বাধাপ্রাপ্ত হয় আৰু যিকোনো পৰিবেশত খাপ খাব নোৱাৰা হয়। বহু সময়ত এনে সমাজৰ শিশু বা ব্যক্তিয়ে অসামাজিক কার্য কলাপত লিপ্ত হৈ পৰিব পাৰে। বহু সময়ত আকৌ বহু লোক বিভিন্ন মানসিক ৰোগ গ্রস্ততাৰ স্বীকাৰ হোৱাৰ সম্ভাবনাই গা কৰি উঠে।

শিশুৰ মানসিক স্বাস্থ্যত প্রভাৱ পেলোৱা সামাজিক উপাদানসমূহঃ শিশুৰ মানসিক স্বাস্থ্যত প্রভাৱ পেলোৱা সামাজিক উপাদানসমূহৰ এক আভাস তলত ডাঙি ধৰা হ'ল—

(১) সমাজৰ ভাবাদর্শঃ পৰম্পৰাগতভাবেই হওঁক বা পৰিৱৰ্তনক অনুসৰণ কৰিয়েই হওঁক সমাজত বর্তি থকা সজ-আদর্শ, ৰীতি-নীতি, ধনাত্মক দৃষ্টিভংগী, সহযোগিতামূলক আচৰণ, নৈতিকতা, বিশ্বাস, মনোভাব, ধ্যান-ধাৰণা আদিয়ে শিশুৰ মানসিক স্বাস্থ্যক প্রভাৱিত কৰে। সুস্থ আৰু সুন্দৰ তথা সজ ভাবাদৰ্শৰ সমাজত সুস্থ মানসিক স্বাস্থ্য গঢ় লৈ উঠে আৰু ইয়াৰ বিপৰীত হ'লেই শিশুৰ মানসিক স্বাস্থ্য বিরূপ প্রতিক্রিয়া পৰাৰ সম্ভাৱনা প্রকট হয়।

(২) সামাজিক সংহতিঃ সামাজিক সংহতিয়ে সমাজৰ লোকসকলৰ মাজত একতাৰ ভাবৰ উন্মেষ ঘটা, সমাজত শান্তি আৰু সম্প্রীতি প্রতিষ্ঠা কৰে। সংহতিপূর্ণ এখন সমাজত শিশু তথা ব্যক্তিৰ সুস্থ মানসিক স্বাস্থ্য গঢ় লৈ উঠে। ইয়াৰ বিপৰীতে সমাজত বর্তি থকা বৈষম্য, হিংসা-দ্বেষ, সংঘাত, অসামাজিক কার্যকলাপে সামাজিক ঐক্য বিঘ্নিত কৰে আৰু শিশুৰ মানসিক স্বাস্থ্যতো বিরূপ প্রতিক্রিয়া সৃষ্টি কৰে।

(৩) সামাজিক কিকৰণৰ সুবিধাঃ যি সমাজত শিশুক সামাজিক গুণাবলী আয়ত্ব কৰি সুস্থ সামাজিক ব্যক্তি হিচাপে নিজকে গঢ়ি তোলা তথা সুস্থ সমাযোজিত ব্যক্তি হ'ব পৰাকৈ সামাজিকীকৰণৰ সুযোগ-সুবিধা প্রদান কৰা হয়, তেনে সমাজত শিশুৰ সুস্থ মানসিক স্বাস্থ্য গঢ় লৈ উঠে।

(৪) সাংস্কৃতিক পৰিৱেশঃ সমাজ এখনৰ সুস্থ সাংস্কৃতিক মনোভাব আৰু বাতাবৰণে শিশুৰ মনতো সমাজৰ সাংস্কৃতিক পৰম্পৰাৰ প্ৰতি এক সুস্থ আৰু ধনাত্মক দৃষ্টিভংগী গঢ়ি তোলা আৰু সেইবোৰ অনুকৰণ কৰাৰ মানসিকতা গঢ়ি উঠাত সহায় কৰে। তেনে বাতাবৰণে শিশুৰ সুস্থ মানসিক স্বাস্থ্যত প্রভাবিত কৰে। আনহাতে অপসংস্কৃতি আৰু সংস্কৃতিৰ পাশ্চাত্যৰ পৰা সমাজ ব্যবস্থাত সৃষ্টি হোৱা জটিল পৰিৱেশে শিশুৰ মানসিক স্বাস্থ্যত বিরূপ প্রতিক্রিয়া পেলায়।

(৫) গঠনাত্মক চিন্তাঃ সমাজৰ লোকসকলৰ মাজত গঢ় লৈ উঠা বা বর্তি থকা গঠনাত্মক তথা ইতিবাচক মনোভাৱে শিশুৰ সুস্থ মানসিক স্বাস্থ্যক প্রভাৱিত কৰে। ঠিক সেইদৰেই নেতিবাচক বা ধ্বংসাত্মক মনোভাবে সমাজৰ শিশুসকলৰ সৰ্বতোমুখী বিকাশত বাধাৰ সৃষ্টি কৰে আৰু শিশুৰ মানসিক স্বাস্থ্যত বিৰূপ প্রভাৱ পেলায়।

(৬) সহযোগিতাৰ মনোভাৱঃ সমাজত বসবাস কৰা বিভিন্ন জাতি-গোষ্ঠী, সম্প্রদায়, ধর্মীয় গোষ্ঠীৰ লোকসকলৰ মাজত সহযোগিতা, সহানুভূতিশীলতা, সহমর্মিতা আদি নৈতিক গুণাৱলীৰ বিকাশ সাধনে শিশুৰ মানসিক সুস্থ স্বাস্থ্যক প্রভাবিত কৰে। ইয়াৰ বিপৰীতে গোষ্ঠী সংঘর্ষ, বৈষম্য, বিভেদ, ধর্মীয় মতানৈক্য আদিয়ে সমাজৰ ঐক্য সম্প্রীতি বিনষ্ঠ কৰি শিশুৰ মানসিক স্বাস্থ্যত বিৰূপ প্ৰভাৱ বিস্তাৰ কৰাৰ সম্ভাৱনাই বেছি।

(৭) সামাজিক মূল্যবোধঃ সামাজিক শৃংখলা, সামাজিক মানদণ্ড, সামাজিক অনুশাসন, সামাজিক ঐক্য-সম্প্ৰিতি বৰ্তাই ৰখাৰ মনোভাব আদিয়ে শিশুৰ নৈতিক চৰিত্ৰ গঠনত সহায় কৰে। যিটো সুস্থ মানসিক স্বাস্থৰ বাবে অতি উপকাৰী উপাদান স্বৰূপ।

(৮) সামাজিক দায়বদ্ধতাঃ সমাজত বসবাস কৰা লোকসকলৰ সমাজখনৰ প্ৰতি তথা সমাজৰ সকলো সদস্যৰ প্ৰতি থকা দায়বদ্ধতাৰ মনোভাবে দলীয় একতা, আমি ভাব, ভাতৃত্ববোধ, সমাজখনক বিকশিত কৰা মনোভাব গঢ়ি তোলাত সহায় কৰে। এনে সমাজতহে শিশু তথা ব্যক্তিৰ সুস্থ মানসিক স্বাস্থ্য বিৰাজ কৰে।

৪। শিক্ষকৰ মানসিক সুস্থ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত দিশ দুটা কি কি?

উত্তৰঃ শিক্ষা ব্যৱস্থাৰ গুণগত মান নিৰ্ভৰ কৰে শিক্ষকৰ মানসিক স্বাস্থ্যৰ ওপৰত শিক্ষকৰ ব্যক্তিগত মানসিক অসুস্থতা আৰু অপসমাযোজনে শিক্ষা ব্যবস্থাক ক্ষতিগ্রস্ত কৰিব পাৰে। সেয়ে শিক্ষকৰ সুস্থ মানসিক স্বাস্থ্য অক্ষুণ্ণ ৰখাটো অত্যন্ত জৰুৰী। শিক্ষকৰ মানসিক সুস্থ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত দুটা দিশ সামৰি ল'ব পাৰি-

(১) শিক্ষকৰ মানসিক স্বাস্থ্য ৰক্ষাৰ ব্যৱস্থাসমূহ আৰু

(২) শিক্ষার্থীৰ মানসিক স্বাস্থ্য ৰক্ষাৰ ব্যৱস্থাসমূহ।

তলত শিক্ষকৰ মানসিক স্বাস্থ্য ৰক্ষাৰ কেতবোৰ উপায় তথা ব্যবস্থা বা সুবিধা আলোচনা কৰা হ'ল—

(১) অর্থনৈতিক অৱস্থাৰ উন্নয়নঃ শিক্ষকৰ সুস্থ মানসিক স্বাস্থ্য ৰক্ষাৰ বাবে শিক্ষকৰ বেতন বৃদ্ধি কৰাৰ লগতে চিকিৎসাৰ সুবিধা, আবাস গৃহৰ সুবিধা, ভ্রমণ বানচ, শুল্কবিহীন শিক্ষাৰ সুবিধা আদিৰ সু-বন্দোবস্ত কৰিব লাগে।

(২) সামাজিক প্ৰস্থিতিৰ উন্নয়নঃ শিক্ষক সামাজিক স্থান-মান তথা সামাজিক প্রস্থিতি উন্নয়নৰ বাবে সামাজিক বা ৰাজকীয় অনুষ্ঠান আৰু সমাৰোহবোৰলৈ শিক্ষকক আমন্ত্রণ জনাব লাগে, শিক্ষকৰ ভাল কামৰ স্বীকৃতি প্রদান কৰিব লাগে, শিক্ষকৰ পৰামর্শ গ্রহণ কৰিব লাগে তথা শিক্ষকৰ সন্মান আৰু মর্যদা বৃদ্ধিৰ বাবে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিব লাগে। তেতিয়াহে শিক্ষকৰ সুস্থ মানসিক স্বাস্থ্য ৰক্ষা হ'ব।

(৩) বিদ্যালয়ৰ পৰিবেশৰ উন্নয়নঃ শিক্ষকৰ সুস্থ মানসিক স্বাস্থ্য অক্ষুণ্ণ ৰাখিবৰ বাবে বিদ্যালয়ৰ পৰিৱেশ আকর্ষণীয়, স্বাস্থ্যসন্মত, গণতান্ত্রিক বিধৰ কৰি তুলিব লাগে

(৪) আন্তঃব্যক্তিক সম্পৰ্কৰ উন্নয়নঃ বিদ্যালয়ত শিক্ষক-কর্মচাৰী, প্রধান শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত পাৰস্পৰিক বুজাবুজি আৰু আন্তঃব্যক্তিক সম্পৰ্কৰ উন্নতি সাধন কৰিব লাগিব। ইয়াৰ বাবে সভা-সমিতি, প্রীতিভোজ, খেলা-ধূলা, সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত কৰি সকলোৰে অংশগ্রহণ নিশ্চিত কৰিব লাগিব। এনেদৰে সকলোৰে মাজত সহযোগিতা, সহানুভূতি, বন্ধুত্বপূর্ণ তথা সৌহাদ্যপূর্ণ এক বাতাবৰণ সৃষ্টি কৰি আন্তঃব্যক্তিক সম্পর্ক উন্নয়ন সাধন কৰিব লাগিব। এনে পৰিৱেশেহে শিক্ষকৰ মানসিক সুস্থ স্বাস্থ্য ৰক্ষাত সহায় কৰিব।

(৫) ইতিবাচক মনোভাব গঠনঃ শিক্ষকৰ মনৰ ব্যৰ্থতা, হতাশা, নিবাশা, শিক্ষকতাৰ প্রতি থকা অনীহা আৰু বিতৃষ্ণা আৰু হীনমন্যতা বা নিচাত্মিকবোধৰ ভাৱ আঁতৰ কৰি সুস্থ মানসিক স্বাস্থ্য বজাই ৰখাৰ সু-ব্যবস্থা কৰিব লাগিব। ইয়াৰ বাবে শিক্ষকৰ সামাজিক স্থান-মান বৃদ্ধি, অর্থনৈতিক উন্নয়ন সাধন, চাকৰিৰ সা-সুবিধা আৰু পদোন্নতিৰ ব্যৱস্থা, ভ্ৰমণৰ সা-সুবিধা প্রদান আদিৰ ব্যৱস্থা কৰিব লাগিব।

(৬) চাকৰিকালীন প্ৰশিক্ষণৰ ব্যৱস্থাঃ শিক্ষকৰ গতানুগতিক শিক্ষাই সৃষ্টি কৰা অৱসাদ আৰু বিৰক্তিৰ ভাব আঁতৰাবলৈ তথা তেওঁলোকৰ বৌদ্ধিক চিন্তা-চর্চা আৰু কার্যাবলীক সময়োপযোগী কৰি তুলিবলৈ আৰু শিক্ষকতাৰ প্রতি নতুন উৎসাহ-উদ্দীপনা আৰু প্রণোদনৰ ভাব সৃষ্টি কৰিবলৈ চাকৰিকালীন প্রশিক্ষণৰ ব্যৱস্থা কৰিব লাগে। এনে প্রশিক্ষণে শিক্ষকৰ বৃত্তিমূলক দক্ষতা বৃদ্ধি কৰাতো সহায় কৰিব। সেয়েহে শিক্ষকক চাকৰিকালীন প্রশিক্ষণ প্ৰদানৰ বাবে কৰ্মশালা, আলোচনাচক্র, অধ্যয়নচক্র, পৰিশীলন পাঠ্যক্রম, শীতকালীন অধ্যয়ন শিবিৰ আদিৰ সু-সংগঠিত ব্যৱস্থাপনা কৰিব লাগিব। ইয়াৰোপৰি প্ৰকল্প দল। গঠন, সম্প্ৰসাৰণ শিক্ষা সেবা তথা শিক্ষক সম্মিলনী আদিবো ব্যৱস্থা কৰিব লাগে। এনে প্রশিক্ষণে শিক্ষকক আধুনিক সময়ৰ শিক্ষাৰ অভিনৱ আবিষ্কাৰসমূহৰ লগত শিক্ষকক পৰিচয় কৰাই দিয়াৰ লগতে শিক্ষকক সক্রিয় হৈ থকা আৰু আনন্দদায়কভাবে নিজব শিক্ষকতা কার্যত মনোনিৱেশ কৰাত সহায় কৰে। ফলত শিক্ষকৰ সুস্থ মানসিক স্বাস্থ্য বৰ্তাই ৰখাটো সম্ভৱপৰ হৈ উঠে।

(৭) চাকৰিৰ নিৰাপত্তা প্রদানঃ শিক্ষকৰ মানসিক সুস্থ স্বাস্থ্য বজাই ৰাখিবৰ বাবে চৰকাৰী খণ্ডই হওক বা বেচৰকাৰী খণ্ডই হওক শিক্ষকৰ চাকৰিৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব। শিক্ষকে চাকৰি হেৰুওৱাৰ ভয়ৰ পৰা যাতে মুক্ত হয় তাৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্রহণ কৰিব লাগিব।

(৮) চাকৰি অৱস্থাৰ উন্নয়নঃ শিক্ষকৰ সুস্থ মানসিক স্বাস্থ্য বজাই ৰাখিবৰ বাবে পদোন্নতি, সেৱা সুৰক্ষা, শিশুৰ শিক্ষাৰ সুবিধা প্ৰদানৰ লগতে শিক্ষকৰ যোগ্যতা, প্রতিভা আদিক প্রয়োগকৰণৰ বাবে সুবিধা দিব লাগিব, শিক্ষকৰ গঠনমূলক কার্যাৱলীক উৎসাহিত কৰিব লাগিব।

(৯) শিক্ষকতা বৃত্তিৰ প্ৰতি শ্ৰদ্ধাঃ অন্যান্য বৃত্তিৰ লগত তুলনা কৰাৰ পৰিৱৰ্তে শিক্ষকতা বৃত্তিটো যে পবিত্র বৃত্তি, শিক্ষকসকলেই ভবিষ্যৎ জাতিৰ, সম্মান আৰু শ্রদ্ধাৰ পাত্র, জীবন গঢ়োতা তেনে ভাবৰ উদয় হ'ব লাগিব। শিক্ষকতা বৃত্তিৰ বাবে শিক্ষকসকলৰ মনত আত্ম- বিশ্বাস আৰু আত্ম-প্রত্যয়ৰ ভাব জগাই তুলিব লাগিব, যি শিক্ষকক নিজৰ বৃত্তিটোৰ প্রতি শ্রদ্ধাশীল কৰি তুলিব আৰু কৰ্তব্যনিষ্ঠাৰ ভাব জগাই তুলিব। এনে অৱস্থাই নিঃসন্দেহে শিক্ষকৰ সুস্থ মানসিক স্বাস্থ্য ৰক্ষাত সহায় কৰিব।

(১০) কৰ্মৰ বোজা হ্রাসঃ শিক্ষকক সিমানখিনিহে কামৰ বোজা দিব লাগে সাধাৰণতে যিমানখিনি দিয়াৰ প্ৰয়োজন। শিক্ষকক শিক্ষাদানৰ পৰিৱতে চৰকাৰে সময়ে সময়ে লগোৱা লোকপিয়ল সামাজিক জৰীপ, নির্বাচনী কাম-কাজবোৰৰ লগতে পীড়াদায়ক কামৰ বোজা হ্রাস কৰিব লাগে। এনে কৰিলেহে শিক্ষকৰ সুস্থ মানসিক স্বাস্থ্য বক্ষা কৰিব পৰা যাব।

(১১) অৱসৰ বিনোদনৰ ব্যৱস্থাঃ শিক্ষকৰ মানসিক স্বাস্থ্য ৰক্ষাৰ বাবে বিভিন্ন অৱসৰ বিনোদনমূলক কার্যাৱলী, যেনে-শিক্ষামূলক ভ্রমণ, সাংস্কৃতিক ভ্রমণ, সন্মিলনী, গ্রীষ্মকালীন, শীতকালীন শিবিৰ আদি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিব লাগে।

(১২) শিক্ষকৰ স্বাধীনতাঃ শিক্ষকৰ মানসিক স্বাস্থ্য ৰক্ষা কৰিবৰ বাবে শিক্ষকক কিছুমান কাম স্বাধীনভাৱে সম্পাদন কৰিবলৈ দিব লাগে। শিক্ষকৰ সৃজনশীলতা আৰু মৌলিক কর্মস্পৃহাক উর্ধতম কতৃপক্ষই হস্তক্ষেপ কৰাৰ পৰিৱৰ্তে প্ৰয়োজনীয় উৎসাহ-উদ্দীপনা যোগায় শিক্ষকক নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰাৰ স্বাধীনতা প্রদান কৰিব লাগে।

(১৩) অধ্যয়নৰ অভ্যাসঃ শিক্ষকৰ শিক্ষাদান কাৰ্য অধিক আকর্ষণীয়, প্ৰেৰণাদায়ক, অভিনৱ আৰু ৰোমাঞ্চকৰ কৰি তুলিব পৰাকৈ পর্যাপ্ত জ্ঞান আৰু তথ্য আহৰণৰ বাবে শিক্ষকে নিত্য নতুন তথ্যৰ লগত নিজকে পৰিচয় কৰাবৰ বাবে অধ্যয়নৰ সু-অভ্যাস গঢ়ি তুলিব লাগে। এনে অভ্যাসে শিক্ষকক সদা সক্রিয় আৰু উদ্দমী কৰি ৰাখিব যি সুস্থ স্বাস্থ্য ৰক্ষা কৰাত সহায়ক হৈ উঠিব।

(১৪) সম্প্ৰদায়ৰ সেৱা আঁচনিঃ সমাজৰ জনসাধাৰণৰ লগত সু-সম্পর্ক গঢ়ি তুলি জনমানসত শিক্ষকৰ প্ৰতিচ্ছবি উজ্জ্বল কৰি তুলিবৰ বাবে সম্প্ৰদায়ৰ লোকসকলৰ কল্যাণৰ হকে সেবামূলক কার্যসূচী গ্ৰহণ কৰিব লাগে। সম্প্রদায়ৰ লোকসকলৰ বাবে কিছুমান উন্নয়নমূলক আঁচনি, যেনে- নিৰক্ষৰ প্ৰাপ্তবয়স্কৰ বাবে সাক্ষৰতা অভিযান, বনানিকৰণ, প্রদূষণ নিয়ন্ত্রণ, বাট-পথ নির্মাণ, সাংস্কৃতিক কার্যসূচী আদি গ্রহণ কৰিব লাগে। এনে কাৰ্যসূচীত সক্রিয় অংশগ্রহণে শিক্ষকক আত্ম-সন্তুষ্টি প্রদান কৰাৰ লগতে জনসাধাৰণক অধিক ওচৰ চপাই নিয়াত সহায় কৰিব যি শিক্ষকৰ সুস্থ মানসিক স্বাস্থ্য ৰক্ষাৰ বাবে মহৌষধ স্বৰূপ হৈ উঠিব পাৰে।

(১৫) অভিনৱত্বঃ শিক্ষকে শিক্ষাদানৰ অভিনৱ পদ্ধতি আৰু কৌশলসমূহ আয়ত্ব কৰাৰ লগতে প্রয়োজনীয় প্রযুক্তিগত কৌশলবোৰো আয়ত্ব কৰিব লাগিব, যি তেওঁক বৃত্তিগতভাৱে উন্নীত হোৱাত সহায় কৰিব। এনে অস্থাই শিক্ষকক সুস্থ মানসিক স্বাস্থ্য বৰ্তাই ৰখাত সহায় কৰিব।

(১৬) গণতান্ত্রিক প্রশাসনঃ শিক্ষকৰ সুস্থ মানসিক স্বাস্থ্য তেতিয়াহে ৰক্ষা হ'ব যেতিয়া বিদ্যালয়ৰ প্ৰশাসন ব্যৱস্থা গণতান্ত্রিক হ'ব। অর্থাৎ বিদ্যালয়ত প্রশাসকে কর্তৃত্ব বা দমনমূলক নীতি গ্রহণ কৰাৰ পৰিৱৰ্তে সহযোগিতাপূর্ণ, সৌহাদ্যপূর্ণ, নিৰপেক্ষ তথা ইতিবাচক মনোভাবৰ এক পৰিৱেশ গঢ়ি তুলিব লাগে। শিক্ষকৰ যোগ্যতা, দক্ষতা তথা মহত্বক স্বীকাৰ কৰি উৎসাহিত কৰিব লাগে। অনর্থক সমালোচনা কৰি মানসিক চাপ দিব নালাগে। শিক্ষকৰ অসুবিধা তথা সমস্যাবোৰ মনোযোগেৰে শুনিব লাগে আৰু আলোচনা-বিলোচনাৰ মাজেৰে সমস্যা সমাধান কৰিব লাগে। এনে গণতান্ত্রিক পৰিৱেশেহে শিক্ষকৰ সুস্থ স্বাস্থ্য বক্ষা কৰাত সহায় কৰিব।

৫। মানসিক স্বাস্থ্যৰ গুৰুত্বপূর্ণ উপাদান হিচাপে বিদ্যালয়ৰ ভূমিকাৰ বিষয়ে বহলাই আলোচনা কৰা।

উত্তৰঃ মানসিক স্বাস্থ্যৰ উপাদান হিচাপে বিদ্যালয়ে এক গুরুত্বপূর্ণ উপাদান হিচাপে বিশেষ ভূমিকা পালন কৰে। বিদ্যালয়ৰ পৰিৱেশৰ বিভিন্নধর্মী আৰু বৈচিত্রময়া অভিজ্ঞতাৰ মাজেদি শিক্ষার্থীৰ জ্ঞান, কৌশল আয়ত্ব কৰাৰ লগতে প্রক্ষোভমূলক, সামাজিক আৰু নৈতিক দিশসমূহৰো সমানে পুষ্টি সাধন হয়। আধুনিক সুদূৰ প্ৰসাৰী আৰু ব্যাপক শিক্ষাৰ পৰিধি যিহেতু অতি ব্যাপক সেয়েহে শিক্ষার্থীৰ মানসিক সুস্থ স্বাস্থ্য বজাই ৰখাৰ ক্ষেত্ৰত বিদ্যালয়ে এক তাৎপর্যপূর্ণ ভূমিকা পালন কৰিব লাগে। মনোবিজ্ঞানীসকলৰ মতে বিদ্যালয়ৰ ত্রুটিপূর্ণ পৰিৱেশ আৰু পৰিস্থিতিয়ে ব্যক্তিৰ জীৱনৰ সংঘাত আৰু অপসংহতিৰ প্রধান কাৰণ। বিদ্যালয় পৰিৱেশ শিক্ষার্থীয়ে শিক্ষক, সহপাঠী, বন্ধু-বান্ধবী, শিক্ষণীয় বিষয়বস্তু আদিৰ লগত সুস্থভাবে সংগতি বিধান কৰিব পাৰিলেই শিক্ষার্থী তথা শিশুৰ সুস্থ মানসিক স্বাস্থ্য অক্ষুন্ন থাকে আৰু তেওঁলোকৰ ব্যক্তিত্বই বাঞ্চিত ৰূপত গঢ় লৈ উঠে। আনহাতে বিদ্যালয় পৰিৱেশত শিক্ষকৰ দায়িত্বহীনতা, ত্রুটাপূর্ণ আচবণ, সুন্দৰভাৱে বিদ্যালয়খন পৰিচালিত নোহোৱা, পৰীক্ষাত অশানুৰূপ ফলাফলন প্রদর্শনত ব্যর্থ হোৱা, কঠোৰ শাসন, দমন আৰু শাস্তিমূলক ব্যবস্থা,ক্রটীপূৰ্ণ আৰু অপৰিৱৰ্তনীয় পাঠ্যক্রম, পাঠ্যপুথিৰ অভাৱ, শিক্ষাৰ ক্ষেত্ৰত অনগ্ৰসৰতা, শিথিল শাসন ব্যৱস্থা, বিদ্যালয়ৰ জৰাজীর্ণ অৱস্থা আদিয়ে শিক্ষর্থীৰ মাজত অপসংগতিমূলক আচৰণ গঢ় লৈ উঠাত অৰিহণা যোগাব পাৰে, যাৰ ফলত শিক্ষার্থীৰ শিক্ষাত ক্ষতিগ্রস্ত হোৱাৰ লগতে মানসিক স্বাস্থ্য ব্যাহত হয়। ফলত শিক্ষার্থীৰ ব্যক্তি সত্তাৰ সুস্থ বিকাশ বাধাগ্রস্ত হয়।

বিদ্যালয়ৰ প্ৰধান কাম হৈছে শিশুৰ অন্তনির্হিত শক্তি আৰু সুপ্ত প্রতিভাসমূহৰ বিকাশ সাধনৰ উপযুক্ত ব্যৱস্থা গ্রহণ কৰা, শিক্ষার্থীৰ শক্তি, সামর্থ, বুদ্ধি, প্রতিভা তথা ব্যক্তিত্বৰ সকলো দিশৰ সুস্থ আৰু সু-সাম্প্যপূর্ণ বিকাশ সাধন কৰি শিক্ষার্থীক ভৱিষ্যতৰ একো একোজন সু-নাগৰিক হিচাপে গঢ়ি তোলা। বিদ্যালয়ত শিক্ষকৰ উপযুক্ত আচৰণ, শিক্ষার্থীৰ মাজত দলীয় একতা, আনুগত্য, শৃংখলতাবদ্ধতা, আদর্শনীয় আচৰণ, আয়ত্ব কৰিব পৰাকৈ উফযুক্ত পৰিৱেশ থাকিলে শিক্ষার্থীৰ সুস্থ-মানসিক স্বাস্থ্য অটুট থাকিব। বিদ্যালয়তে শিশুবে নিয়ম-নীতি, শৃংখলা, শ্রদ্ধাৰ ভাব, সহযোগিতা, একতা, বন্ধুত্বভাবাপন্নতা আদি জীৱনৰ প্রয়োজনীয় পাঠবোৰ শিকিবলৈ সক্ষম হয়। এনে দিশবোৰ সঠিকভাৱে হৈ উঠিলে শিক্ষার্থীৰ মানসিক সুস্থ স্বাস্থ্য বর্তি থাকে। ইয়াৰ বিপৰীত হলেই শিক্ষার্থীৰ মানসিক স্বাস্থ্যত বিরূপ প্রভাব পৰিব পাৰে। শিক্ষার্থীৰ শাৰীৰিক, মানসিক, সামাজিক, সাংস্কৃতিক, বাজনৈতিক, নৈতিক, বৌদ্ধিক দিশৰ সৰ্বতোমুখী বিকাশ সাধন কৰি শিক্ষার্থীক একো একোজন সুস্থ ব্যক্তি হিচাপে গঢ়ি তোলাত বিদ্যালয়ৰ ভূমিকাই আটাইতকৈ গুৰুত্বপূর্ণ। বিদ্যালয়ত এনে দিশবোৰৰ সুস্থ বিকাশে শিশুৰ তথা শিক্ষার্থীৰ সুস্থ মানসিক স্বাস্থ্য বৰ্তাই ৰখাত সহায় কৰে।

শিক্ষার্থীৰ মানসিক স্বাস্থ্যত প্রভাব পেলোৱা বিদ্যালয়ৰ উপাদানঃ শিশুৰ মানসিক স্বাস্থ্যত প্রভাব পেলোৱা বিদ্যালয়ৰ উপাদানসমূহ তলত উল্লেখ কৰা হ'ল—

(১) বৈষয়িক সা-সুবিধাঃ বিদ্যালয়ৰ বৈষয়িক সা-সুবিধা অর্থাৎ এক সুন্দৰ, আকর্ষণীয় বিদ্যালয় গৃহ, শ্রেণীকোঠা, পৰীক্ষাগাৰ, কৰ্মশালা কোঠা আদিত উপযুক্ত তাপ, পোহৰ, বায়ু চলাচলৰ ব্যৱস্থা, চকী-মেজ, ডেক্স-বেঞ্চ, শিকন সঁজুলি, পানীৰ ব্যৱস্থা, প্রস্ৰাৱগাৰ, পায়খানাগাৰ, বিজুলীৰ ব্যবস্থা আদি প্রয়োজনীয় সকলো উপাদানৰ যথোপযুক্ততা আৰু সুচলতাই শিশুৰ মানসিক সুস্থ স্বাস্থ্যক প্ৰভাৱিত কৰে যাৰ ফলত শিক্ষার্থীয়ে সন্তোষজনক শিকন ফলাফল লাভ কৰিবলৈ সক্ষম হয়। এনে বৈষয়িক সা-সুবিধাৰ অভাবে শিক্ষার্থীৰ মানসিক স্বাস্থ্যত অসুস্থ প্রভাৱ পেলাব পাৰে। শিক্ষার্থীৰ শিকনৰ প্ৰতি আগ্ৰহহীন কৰি তুলিব পাৰে তথা অসন্তুষ্টিজনক মনোভাব বৃদ্ধিত অৰিহণা যোগাব পাৰে।

(২) বিদ্যালয়ৰ পৰিৱেোশঃ যদিহে বিদ্যালয়ৰ পৰিৱেশ শিক্ষার্থীৰ বাবে আকর্ষণীয় আৰু বিকাশশীল হয়, শিক্ষাক-শিক্ষার্থীৰ মাজত পাৰস্পৰিক বুজাবুজি, সহযোগিতা, নিবিড় সম্পর্ক, বন্ধুত্বসুলভ আচৰণ আদি মানবীয় গুণৰ আধাৰত প্রতিষ্ঠিত হয়, তেনে বিদ্যালয়ৰ পৰিবেশে শিক্ষার্থীৰ সুস্থ মানসিক স্বাস্থ্য বক্ষাত সহায় কৰিব। সেয়ে বিদ্যালয়ত এক সুস্থ, মুক্ত, নিৰাপদ, সহযোগিতামূলক তথা মানবীয় গুণৰ আধাৰত প্ৰতিষ্ঠিত পৰিৱেশ সৃষ্টি কৰি শিক্ষার্থীক সুস্থ মানসিক স্বাস্থ্য ৰক্ষা কৰাত সহায় কৰাটো অত্যন্ত জৰুৰী।

(৩) পাঠ্যক্রমঃ বিদ্যালয়ৰ পাঠ্যক্ৰমখনৰ ওপৰতো শিশু তথা শিক্ষার্থীৰ সুস্থ-অসুস্থ মানসিক স্বাস্থ্য নিৰ্ভৰ কৰে। পাঠ্যক্রমখন সেয়ে শিক্ষার্থীৰ মানসিক সামর্থ, যোগ্যতা, দক্ষতা, ব্যক্তিগত বৈষম্যতা আদি দিশবোৰ বিবেচনা কৰি সকলোৱে গ্ৰহণ কৰিব পৰা বিধৰ হ'ব লাগে। অর্থাৎ পাঠ্যক্রমখন শিশুকেন্দ্রিক হ'ব লাগে। এনে পাঠ্যক্রমেহে শিশুক মানসিক অবসাদ মুক্ত কবি সুস্থ মানসিক স্বাস্থ্য বৰক্ষা কৰাত সহায়ক হ'ব। পাঠ্যক্ৰমৰ অত্যাধিক বোজাই শিক্ষার্থীক মানসিকভাবে অসুস্থ কৰি তোলাৰ সম্ভাৱনীয়তাই বেছি।

(৪) শিক্ষাদানৰ পদ্ধতিঃ শিক্ষাদান পদ্ধতি আৰু কৌশলৰ ওপৰতো শিশুৰ সুস্থ বা অসুস্থ মানসিক স্বাস্থ্য নিৰ্ভৰ কৰে। বিজ্ঞানসম্মত, আকর্ষণীয়, শিশুৰ মনস্তত্ব সুলভ তথা প্রয়োজন সাপেক্ষ আৰু কাৰ্যকৰী বিধৰ শিক্ষাদান পদ্ধতিয়ে শিশুৰ মানসিক সুস্থ স্বাস্থ্য বজাই ৰখাত সহায় কৰে। আনহাতে আকর্ষণহীন, শিশুৰ মনস্তত্ববিৰোধী, এক ঘেয়ামী, পৰম্পৰাগত শিক্ষাদান পদ্ধতিয়ে শিশুৰ মানসিক স্বাস্থ্যক্ষতিগ্রস্ত কৰিব পাৰে। সেয়ে শিশুৰ সুস্থ মানসিক স্বাস্থ্য ৰক্ষাৰ বাবে আনন্দদায়ক, শিশুকেন্দ্রিক, কাৰ্যকৰী আৰু বাস্তৱমুখী শিক্ষাদান পদ্ধতি বিশেষভাবে প্রয়োগ কৰিব লাগে।

(৫) শিক্ষকৰ যোগ্যতা আৰু ব্যক্তিত্বঃ শিক্ষকৰ যোগ্যতা, শিক্ষকৰ ব্যক্তিগত অভিজ্ঞতা, ক্রিয়াপটুতা কলাত্মক অনুভূতি, বিজ্ঞানসন্মত দৃষ্টিভংগী, বন্ধুত্বসূলভ আচৰণ আৰু বৈষমহীন আচৰণ, আনন্দদায়ক শিক্ষাদান পদ্ধতি, আকর্ষণীয় আৰু অনুকৰণীয় ব্যক্তিত্ব আদিয়েও শিক্ষার্থীৰ মানসিক সুস্থ স্বাস্থ্যত প্ৰভাৱিত কৰে। শিক্ষকৰ কঠোৰ শাসন, বৈষম্যমূলক মনোভাব আৰু আচৰণ, গুৰুত্বহীনতা আদিয়ে শিক্ষার্থীৰ মানসিক স্বাস্থ্যৰ বিৰূপ প্রভাৱ পেলাব পাৰে।

(৬) প্রশাসনীয় দক্ষতাঃ শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষৰ শিক্ষামূলক প্রশানীয় দক্ষতাই শিক্ষানুষ্ঠানখনৰ সৌষ্ঠর বৃদ্ধি কৰিব পাৰে যি শিক্ষার্থীৰ মানসিক স্বাস্থ্যক প্রভাৱিত কৰে।

(৭) অনুশাসন ব্যৱস্থাঃ শিক্ষানুষ্ঠানৰ অনুশাসন ব্যৱস্থাইও শিশুৰ সুস্থ আৰু অসুস্থ মানসিক স্বাস্থ্যক প্রভারিত কৰে। কঠোৰ অনুশাসন বা সোপাঢ়িলা অনুশাসনে শিশুৰ মানসিক স্বাস্থ্যত বিরূপ প্রভাৱ পেলাব পাৰে। কঠোৰ অনুশাসন বা অনুশাসনহীনতাই শিক্ষার্থীক বিশৃংখল-উশৃংখল কৰি তোলাৰ লগতে অপসমাযোজিত কৰি তোলে। বহু সময়ত বহু শিক্ষার্থী অপৰাধ প্ৰৱণ হৈ উঠিব পাৰে। সেয়ে শিক্ষানুষ্ঠানৰ অনুশাসন ব্যৱস্থা সঠিক হোৱা অত্যন্ত জৰুৰী।

(৮) পৰীক্ষা ব্যৱস্থাঃ ত্রুটিপূর্ণ পৰীক্ষা ব্যৱস্থাইও শিশুৰ মানসিক স্বাস্থ্যক প্রভাবিত কৰে। কেৱল নম্বৰ বা স্থান লাভৰ আকাংখ্যাই শিক্ষার্থীক পৰীক্ষামুখী কবি তোলে যাৰ ফলত শিক্ষার্থীয়ে এক অসুস্থ প্রতিযোগিতাত নামি পৰে আৰু বিফল হ'লে প্রাণঘাতীৰ দবে পথো আকোৱালি লয়।

(৯) ঘৰ আৰু বিদ্যালয়ৰ মাজৰ সমন্বয় সাধনঃ শিশুৰ মানসিক স্বাস্থ্যত বিদ্যালয় আৰু ঘৰৰ মাজত সাধন হোৱা সমন্বয়েও বিশেষভাবে প্রভাবিত কৰে। বিদ্যালয় আৰু ঘৰখনৰ মাজৰ পাৰস্পৰিক বুজাপৰাই শিক্ষার্থীক সহায় কৰিবৰ বাবে উমৈহতীয়াভাবে ব্যৱস্থা গ্রহণ কৰিব পাৰে। এনে ব্যৱস্থাই শিক্ষার্থীৰ সুস্থ মানসিক স্বাস্থ্য বৰ্তাই ৰখাত বিশেষভাবে প্রভাব বিস্তাৰ কৰে।

৬। সুস্থ মানসিক স্বাস্থ্য বুলিলে কি বুজা? সুস্থ মানসিক স্বাস্থ্যৰ নীতিসমূহ আলোচনা কৰা।

উত্তৰঃ শৰীৰৰ স্বাস্থ্য থকাৰ দৰে মনৰো স্বাস্থ্য থাকে। দেহৰ বাহ্যিক আৰু অভ্যন্তৰৰ বিভিন্ন অংগ-প্রত্যংগ, যন্ত্রই যদি ঠিকমতে কাম নকৰে তেন্তে দেহৰ স্বাস্থ্য বিপন্ন হয়। মনৰো ঠিক তেনেকুৱাই হয়। মানসিক ক্রিয়া-প্রতিক্রিয়া সুচাৰুৰূপে নচলিলে মনৰ স্বাস্থ্য ব্যাহত হয়। জন্মগতভাবে লাভ কৰা শক্তি-সামর্থ্যক উপযুক্ত ৰূপত বিকশিত কৰি কোনো সংঘর্ষ আৰু অপসংগতিৰ সৃষ্টি নকৰাকৈ এক সুস্থ, আনন্দময় আৰু কাৰ্যকৰী জীৱনৰ বাবে ব্যক্তিক গঢ়ি তুলিবলৈ মানসিক স্বাস্থ্যৰ সুস্থতাৰ অতিকে প্রয়োজন। শাৰীৰিক স্বাস্থ্যৰ নীতিসমূহ মানি চলি সুস্থ শাৰীৰিক স্বাস্থ্যৰ অধিকাৰী যিদৰে হ'ব পাৰি ঠিক সেইদৰে মানসিক স্বাস্থ্যৰ নীতিসমূহ আহৰণ কবি ছাত্র-ছাত্রীসকলক সুস্থ মানসিক স্বাস্থ্যৰ অধিকাৰী কৰি তুলিবলৈ চেষ্টা কৰিব লাগে। এইটো এটা সর্বসম্মত সত্য কথা যে, এজন ব্যক্তিয়ে তেওঁৰ স্বাচ্ছন্দ্যৰ লগে লগে পৰিৱেশৰ লগত হোৱা যথেষ্ট পৰিমাণৰ সন্তুষ্টিৰ ওপৰতে ভিত্তি কৰি মানসিক স্বাস্থ্য উপভোগ কৰে। ফলস্বৰূপে, মানসিক স্বাস্থ্যৰ নীতিসমূহক দুটা ভাগত ভাগ কৰিব পাৰি।

সেই নীতি দুটা হ'ল—

(ক) নিজৰ লগত কৰা সমাযোজন নীতি।

(খ) পৰিৱেশৰ লগত কৰা সমাযোজন নীতি।

এই দুই প্ৰকাৰৰ নীতিৰ অন্তৰ্গত নীতিসমূহৰ বিষয়ে তলত আলোচনা কৰা হ'ল—

(ক) নিজৰ লগত কৰা সমাযোজনৰ নীতিঃ যিসকলে নিজেই নিজৰ লগত সামঞ্জস্য ৰক্ষা কৰি চলিব পাৰে তেওঁলোকৰ মানসিক স্বাস্থ্য নিশ্চিতভাবে সুস্থ হয়। তলত উল্লিখিত নীতিকেইটা এই ক্ষেত্রত গ্রহণযোগ্য—

(i) ব্যক্তিয়ে নিজৰ শক্তি আৰু সীমাবদ্ধতাৰ বিষয়ে সচেতন হৈ সেই অনুসৰি নিজৰ আচৰণ গঢ় দিব লাগে আৰু জীৱনৰ লক্ষ্যত উপনীত হোৱাৰ চেষ্টা কৰিলে মানসিক সুস্থ হ'ব।

(ii) যিজনে নিজৰ আকৃতি আৰু অস্তিত্বক স্বীকাৰ কৰে আৰু শ্রদ্ধা কৰে তেওঁ মানসিক স্বাস্থ্য উপভোগ কৰিব পাৰে। যিসকলে সদায় অসন্তুষ্টি বা তেওঁৰ জীৱনৰ পৰিস্থিতি সম্পর্কে অভিযোগ কৰে বা আনক তেওঁৰ দুৰ্ভাগ্যৰ বাবে দোষাৰোপ কৰে তেওঁ সুস্থ মানসিক স্বাস্থ্য লাভ কৰিব বুলি আশা কৰিব নোৱাৰি। গতিকে নিজৰ স্বীকৃতি দিব পাৰিলেহে মানসিক স্বাস্থ্য সুস্থ ৰূপত গঢ় ল'ব।

(iii) কোনো ব্যক্তিৰ আকাংক্ষাৰ মাত্ৰা আৰু কৃতিত্ব অনুপ্ৰেৰণা মাত্রা খুব বেছি বা কম হোৱাটো উচিত নহয়। নিজৰ সামৰ্থ্য আৰু সুযোগৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ লক্ষ্য আৰু উদ্দেশ্যৰ মাজত এটা সঠিক মাত্ৰা ৰাখি আগবাঢ়িব লাগে। এনে কৰিলে অনাবশ্যকীয় হতাশা আৰু অকৃতকার্যতাৰ পৰা আঁতৰি থাকিব পাৰিব আৰু মানসিক স্বাস্থ্য অক্ষুণ্ণ ৰাখিব।

(iv) ব্যক্তিৰ সুস্থ-সুষম ব্যক্তিত্বৰ বিকাশৰ বাবেই মানসিক স্বাস্থ্য স্বাস্থ্যকৰ হৈ উঠে। সেই অনুসৰি শাৰীৰিক, মানসিক, সংবেদনশীল, সামাজিক, নৈতিক, নান্দনিক আদি ব্যক্তিত্বৰ সকলো দিশৰ সুষম বিকাশৰ বাবে চেষ্টা কৰা উচিত।

(v) প্রত্যেক ব্যক্তিয়ে নিজকে বিভক্ত ব্যক্তিত্বৰ স্বৰূপ হিচাপে নহয় বৰঞ্চ একীভূত বা সংহতিমূলক হিচাপেহে চিত্রিত কৰা উচিত। বিৰোধী অথবা অন্তর্দ্বন্দ্বপূর্ণ বাসনা বা উচ্চাকাংক্ষাৰ মাজত পৰি নিজক ছিন্ন কৰাটো উচিত নহয়। অহেতুক উত্তেজনা বা সিদ্ধান্তহীনতাৰ চিকাৰ হোৱাটোও উচিত নহয়। গতিকে মানসিক স্বাস্থ্যৰ এটা উল্লেখযোগ্য নীতি হ'ল নিজস্ব সংহতি স্থাপনৰ নীতি।

এই নীতিসমূহে প্রত্যেক ব্যক্তিকে সুস্থ মানসিক স্বাস্থ্যৰ অধিকাৰী কৰি গঢ়ি তোলাত সহায় কৰে।

(খ) পৰিৱেশৰ লগত সমাযোজন নীতিঃ ব্যক্তিয়ে নিজৰ লগত সামঞ্জস্যতা অনুসন্ধান কৰাৰ লগে লগে তেওঁ নিজৰ পৰিৱেশত মজুত থকা ব্যক্তিসকল, বস্তুগত উপাদান আৰু পৰিস্থিতিৰ লগত যুক্তিসংগত সমাযোজন কৰাটো প্রয়োজন। গতিকে ব্যক্তিৰ সুস্থ মানসিক স্বাস্থ্যৰ 'পৰিৱেশৰ লগত কৰা সমাযোজন' নীতিসমূহৰ বিষয়ে তলত আলোচনা কৰা হ'ল—

(i) এজন ব্যক্তিয়ে কেবল নিজক বুজিলেইনহ'ব তেওঁ আনকো সঠিকভাবে বুজিব লাগিব। আনক বুজিব পাৰিলেহে তেওঁলোকৰ সীমাবদ্ধতা আৰু শক্তি, প্রয়োজনীয়তা আৰু কামনা, আগ্রহ আৰু মনোভাৱ আৰু পছন্দ আৰু স্বভাৱ অনুসৰি আচৰণ প্ৰদৰ্শন কৰিব পাৰিব।

(ii) প্রত্যেক ব্যক্তিয়ে নিজস্ব ব্যক্তিসত্তা, জীৱনৰ শৈলী আৰু ব্যক্তিত্বৰ নিজস্ব সংলক্ষণ থাকে। আমি যিদৰে আমাৰ সত্তাৰ সন্মান বিচাৰোঁ ঠিক সেইদৰে আনৰ সত্তা আৰু ব্যক্তিত্বক সম্মান কৰিবলৈ পাহৰিব নালাগিব। অপ্রয়োজনীয় সংঘাত, উত্তেজনা বা অন্তর্দ্বন্দ্ব আদিৰে আনৰ ব্যক্তিত্বক আমি আক্রমণ আৰু অসম্মান প্রদর্শন কৰিব পাৰোঁ। কিন্তু আমি সকলোকে তেওঁলোকৰ নিজস্ব শক্তি আৰু সীমাবদ্ধতা, ভাল আৰু বেয়া অভ্যাসৰ মাজেৰে গ্ৰহণ কৰি তেওঁলোকৰ লগত সমাযোজন কৰিবলৈ চেষ্টা কৰা উচিত।

(ii) সামাজিক, সম্পর্ক, সমাযোজন আৰু অভিযোজন যিসকল ব্যক্তিৰ বেছিকৈ থাকে তেওঁলোকৰ মানসিক স্বাস্থ্য তুলনামূলকভাবে অসামাজিক, অহংকেন্দ্রিক আৰু অকলশৰীয়া ব্যক্তিসকলতকৈ বেছি সুস্থ হয়। সেয়ে ছাত্র-ছাত্রীসকলৰ মাজত সুস্থ মানসিক স্বাস্থ্য বিকাশৰ এটা উত্তম পথ হ'ল তেওঁলোকৰ সামাজিকীকৰণ।

(iv) মানুহ হিচাপে আমাৰ অনেক জৈৱিক আৰু আর্থ-সামাজিক প্রয়োজনবোৰ শ্রেণীবদ্ধ কৰা হয়। অক্সিজেন, পানী আৰু আহাৰৰ দৰেই এই প্রয়োজনসমূহে প্রাথমিক আৰু মৌলিক। যিবোৰ আমি জীয়াই থাকিবলৈ অতিকে প্রয়োজন। যৌন সন্তুষ্টিক যিদৰে সামাজিক-মনস্তাত্বিক প্রয়োজন ঠিক সেইদৰে ব্যক্তিৰ বিকাশ আৰু সুখৰ বাবে মৰম, ভালপোৱা, স্বাধীনতা, স্বীকৃতি আদিবো প্রয়োজন। এইটো সত্য যে, ব্যক্তিৰ মানসিক স্বাস্থ্য প্রয়োজনী সন্তুষ্টিৰ ওপৰত নিৰ্ভৰ কবে। সেয়ে মানসিকভাবে সুস্থ ব্যক্তি পাবলৈ হ'লে প্রয়োজনৰ সন্তুষ্টিৰ যত্ন ল'ব লাগিব।

(v) এজন ব্যক্তিৰ প্ৰগতি আৰু বিকাশৰ ক্ষেত্ৰত আৱেগিক শক্তি হ'ল এক প্রয়োজনীয় উপাদান। এই উপাদানটোত যদি স্বাভাবিক প্রকাশ বাধাপ্রাপ্ত হয় বা নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় তেন্তে দুর্যোগৰ শংকা বৃদ্ধি পায়। এই শক্তিৰ দমনো বিপদজনক কাৰণ এই দমনে মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত বহুতো সমস্যৰ সৃষ্টি কৰিব পাৰে। সেয়ে সর্বোত্তম উপায় হ'ল ব্যক্তিৰ আৱেগক প্রকাশিত কবি তুলিব লাগে যাতে আবেগিক শক্তিক গঠনমূলক কামলৈ পৰিচালিত কৰিব পৰা যায়। এনে প্রশিক্ষণে উন্নীতকৰণ পৰ্যায়লৈ নিব পাৰে।

মুঠতে জীৱনৰ প্ৰতি থকা উদ্বিগ্নতা আঁতৰ কৰি ঈশ্বৰ আৰু প্ৰকৃতিৰ ওপৰত বিশ্বাস ৰাখি শাৰীৰিকভাবে সুস্থ হ'বলৈ যত্ন কৰা প্ৰতিজন ব্যক্তিয়ে লাভ কৰিব পাৰে সুস্থ মানসিক স্বাস্থ্য। ওপৰত আলোচনা কৰা নীতিসমূহৰ পালনে আমাৰ দেহ-মন সুস্থ কৰি ৰখাত সহায় কৰে।

৭। শিশুৰ মানসিক স্বাস্থ্যৰ বিকাশত বিদ্যালয়ৰ ভূমিকা সম্পর্কে ব্যাখ্যা কৰা।

উত্তৰঃ শিশু জীৱনৰ বিকাশৰ সকলোতকৈ সম্ভাৱনাপূর্ণ দীর্ঘ সময়ছোৱা হৈছে বিদ্যালয়ৰ সময়ছোৱা। ঘৰখন, পৰিয়ালটো হ'ল শিশু জীৱনৰ সৰ্বপ্ৰথম সামাজিক অনুষ্ঠান, 'ত শিশুৰ সৰ্বতোপ্ৰকাৰৰ বিকাশৰ বীজ অংকুৰিত হয় আৰু সেই বীজটোক পূর্ণতা প্রদান কৰে বিদ্যালয়ে। বিদ্যালয় হ'ল সমাজৰ ক্ষুদ্রতম সংস্কৰণ। বিদ্যালয়ৰ পৰা লাভ কৰা শিক্ষাৰ নীতি-নিয়ম আৰু কাৰ্যসূচীয়ে শিশুক ভবিষ্যতে সৎ, সংযমী, পৰিশ্ৰমী, নিয়মানুবর্তী আৰু শৃংখলাবদ্ধ কৰি গঢ়ি তোলে।

ভৱিষ্যতে দায়িত্বপূর্ণ জীবনক্ষেত্ৰত প্ৰৱেশ কৰাৰ আগতে শিশুৰ সেই গুৰুত্বপূর্ণ জীবন সংগ্ৰামৰ বাবে প্রয়োজনীয় জ্ঞান আৰু ৰীতি-নীতি ইত্যাদিক দীক্ষিত কৰি উপযুক্তভাবে প্রস্তুত কৰিব পাৰে একমাত্র বিদ্যালয়ে। শিশুৰ ব্যক্তিসত্তাৰ সমস্ত দিশব বাঞ্ছিত বিকাশ সাধন কৰি এখন সুস্থ সমাজ গঢ়ি তোলাটো বিদ্যালয়ৰ প্রধান উদ্দেশ্য।

সামাজিক জীৱ হিচাপে সমাজত প্রয়োজনীয় বিভিন্ন গুৰুত্বপূর্ণ ভূমিকা গ্রহণৰ যোগ্যতা অর্জনৰ শিক্ষাও শিশুরে বিদ্যালয়ৰ পৰাই গ্ৰহণ কৰে। বাস্তৱ জীৱনৰ সমস্যা-সমাধান আৰু জীৱন ধাৰণৰ মানদণ্ড উন্নতকৰণৰ উপযোগী নতুন জ্ঞান কৌশল, মনোভাৱ আৰু মূল্যবোধ আদিও যাতে শিশুৱে আহৰণ কৰিব পাৰে তাৰ ব্যৱস্থাকৰণো বিদ্যালয়ৰ কৰ্তব্যৰ অন্তর্গত। শিশুৰ সৃষ্টি প্রতিভা আৰু সম্ভাৱনীয়তাসমূহৰ চিনাক্তকৰণ কৰি সেইসমূহৰ উপযুক্ত প্রকাশ আৰু বিকাশৰ গধূৰ দায়িত্ব হ'ল বিদ্যালয়ৰ। শিশুৰ সুস্থ মানসিক স্বাস্থ্য বিকাশৰ ক্ষেত্ৰত বিদ্যালয়ে গ্রহণ কৰিবলগীয়া দায়িত্ববোৰ হ'ল-

(১) বিভিন্ন বিষয়ত সঞ্চিত সংস্কৃতি আৰু জ্ঞান সংৰক্ষণ আৰু হস্তান্তৰকৰণ কৰা।

(২) সমাজৰ উন্নতিৰ সঞ্চিত জানবাজি আৰু সংস্কৃতিৰ উন্নতি সাধন।

(৩) সৃজনী শক্তিৰ বিকাশৰ সুবিধা প্রদান।

(৪) দুর্নীতি, কুসংস্কাৰ, অন্ধবিশ্বাস আৰু অজ্ঞতাৰ বিৰুদ্ধে যুঁজিবলৈ মানসিকভাৱে প্রস্তুতকৰণ।

(৫) ব্যক্তিত্বৰ সু-সামঞ্জস্য বিকাশ সাধন।

(৬) বিদ্যালয়ৰ মাজতে ব্যক্তিৰ বিভিন্নতা স্বীকাৰ কৰি প্ৰত্যেক ব্যক্তিৰ শক্তি, আগ্রহ আৰু সামর্থ্যৰ সু-বিকাশৰ ব্যৱস্থাকৰণ।

(৭) কৰ্মৰ স্পৃহা জাগ্রতকৰণ।

(৮) শাৰীৰিক শিক্ষা প্ৰদানৰ দ্বাৰা সু-স্বাস্থ্য আৰু সুস্থ মনৰ অধিকাৰী হিচাপে গঢ়ি তোলা।

(৯) গণতান্ত্রিক ভাৱধাৰাৰে উদ্বুদ্ধকৰণ।

(১০) উপযুক্ত মূল্যবোধ, মনোভাব, অভ্যাস আৰু ভাল আচৰণ গঠনৰ বাবে নৈতিক শিক্ষা প্রদান।

মঠতে শিশুৰ জীৱনত বিদ্যালয়ৰ প্ৰভাৱ যথেষ্ট গভীৰ, কিয়নো শিশুক সামাজিকীকৰণ কবি তোলা, মূল্যবোধসম্পন্ন ব্যক্তি হিচাপে গঢ়ি তোলা, চৰিত্ৰ-গঠন, আশা-আকাংক্ষাক উচিত ৰূপত আগবঢ়াই নিয়া আদিবোৰ বিদ্যালয়ত সম্ভব হয়, যিয়ে প্রতিজন শিশুৰ মানসিক স্বাস্থ্য সুস্থ ৰূপত গঢ়ি তোলে। শিশুৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, আধ্যাত্মিক, নৈতিক, সামাজিক আচৰণ, অভ্যাস, মনোভাব, অভিৰুচি আদি বিভিন্ন দিশৰ উন্নতি সাধন কৰি শিক্ষার্থীৰ ব্যক্তিত্ব বিকাশত বিদ্যালয়ে অৰিহণা যোগায়। বিদ্যালয় হ'ল সামাজিকীকৰণৰ এক কার্যকৰী মাধ্যম যিয়ে শিশুৰ সামাজিক, মানসিক আৰু আৱেগিক বিকাশত সহায় কৰে।

৮। শিশুৰ মানসিক স্বাস্থ্য গঠনত সমাজৰ ভূমিকা সম্পর্কে বহলাই লিখা।

উত্তৰঃ সমাজ হ'ল উমৈহতীয়া সামাজিক আৰু জৈৱিক ঐতিহ্যৰে সুসংগঠিত এক সামাজিক গোট। সমাজৰ লোকসকলৰ ধৰ্ম, ভাষা, সংস্কৃতি, বৃত্তি, জীৱন ধাৰণ প্ৰণালী একে। এখন সমাজত ভিন্ন সম্প্রদায়ৰ মানুহ থাকিব পাৰে। সকলো শ্ৰেণীৰ মানুহৰ কৰ্মক্ষেত্ৰতে মানসিক স্বাস্থ্যৰক্ষাৰ প্রয়োজনীয়তা বর্তমান অনুভৱ কৰা হয়। সমাজৰ প্ৰতিজন ব্যক্তিৰ সুস্থ মানসিক স্বাস্থ্যই গোটেই সমাজখনক শান্তিময় কৰি তুলিব পাৰে। প্ৰতিজন ব্যক্তিৰ ব্যক্তিগত জীৱন সন্মানজনক কৰি তুলি গোটেই সমাজখনক প্রগতিশীল আৰু বাস্তৱমুখী কৰি তুলিবলৈ প্রয়োজন হয় প্রত্যেকৰে সুস্থ মানসিক স্বাস্থ্য।

সমাজে ছাত্র-ছাত্ৰীসকলৰ সুস্থ মানসিক স্বাস্থ্যৰক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে তলত আলোচনা কৰা হ'ল—

(ক) স্বাস্থ্যকৰ সামাজিক জীৱনঃ সাম্প্রদায়িক জীৱনৰ পৰা সামাজিক জীৱন সুস্থভাৱে যাপন কৰিব পৰাকৈ সকলো ব্যক্তিকে গঢ়ি তুলিব লাগে। প্রত্যেক মানুহে এইটো অনুভৱ কৰিব লাগে যে সামাজিক কল্যাণ সাধনৰ বাবে তেওঁলোকৰ এক স্বাস্থ্যসন্মত জীৱনৰ প্ৰয়োজন।

(খ) অৱসৰ সময়ৰ সদব্যৱহাৰঃ সমাজৰ ব্যক্তিসকলে যাতে অৱসৰ সময়খিনি অপব্যৱহাৰ কৰি তেওঁলোকৰ মনবোৰ অসুস্থ আৰু অপৰাধ প্ৰৱণ কৰি তুলিব নোৱাৰে তাৰ বাবে বিভিন্ন বিনোদন কাৰ্যসূচীৰ ব্যৱস্থা কৰাটো উচিত। এনে বিনোদন কাৰ্যসূচীৰ ভিতৰত খেলা-ধূলা, নাটক কৰা, সংগ্ৰহালয়, পুথিভঁৰাল প্রতিষ্ঠা আৰু ব্যৱহাৰ, আনন্দ মেলা, প্রদর্শনী, গ্রন্থমেলা আদিৰ ব্যৱস্থা কৰিব লাগে যাতে সকলোৰে মানসিক স্বাস্থ্য ৰক্ষা কৰিব পৰা যায়।

(গ) ইতিবাচক মনোভাৱ গঠনঃ সমাজৰ সম্প্রদাসমূহৰ মাজত অন্ধবিশ্বাস, কুসংস্কাৰ, ধর্মীয় গোড়ামি, সাংস্কৃতিক গোড়ামি আদিয়ে নেতিবাচক মনোভাৱৰ বিস্তাৰ কৰি প্ৰতি মানুহৰ মনবোৰ ঠেক কৰি তোলা দেখা যায়। সেই নেতিবাচক ভাৱ আঁতৰ কৰিবৰ বাবে তাত্ত্বিক উদ্দেশ্যৰ গূঢ়ার্থ বুজি উঠি এক শ্রদ্ধাপূর্ণ ইতিবাচক মনোভাৱ গঢ়ি তুলিব পাৰিলে সম্প্ৰদায়ৰ প্ৰতি মানুহৰ মানসিক স্বাস্থ্য ৰক্ষা কৰিব পৰা যাব।

(ঘ) বুজা পৰা মনোভাৱ বৃদ্ধিঃ মানসিক স্বাস্থ্য বিঘ্নিত কৰা বিবিধ সমস্যা যেনে, ৰাজনৈতিক, সাংস্কৃতিক আদি সমাধানৰ বাবে সম্প্ৰদায়ৰ সকলো ব্যক্তিৰ মাজত সম্প্রীতি আৰু সহযোগিতামূলক মনোভার জাগ্রত কৰি তেওঁলোকৰ মাজত বুজাপৰা মনোভাৱ বৃদ্ধি কৰিব লাগিব। ইয়াৰ মাজেৰে সেই সমস্যাসমূহ সমাধানৰ প্রতি প্রত্যেককে উৎসাহ-উদ্দীপনা প্রদানৰ লগতে অনুপ্রাণিত কৰিব পাৰিলে মানসিক স্বাস্থ্য ৰক্ষা কৰিব পৰা যাব।

(ঙ) স্ব-নিয়োজনঃ সমাজৰ প্ৰতিজন ব্যক্তিৰে সুস্থ মানসিক স্বাস্থ্য বৰ্তাই ৰাখিবৰ বাবে নিবনুৱা সমস্যা সমাধানৰ লক্ষ্যৰে কিছুমান স্ব-নিয়োজন আঁচনি প্রস্তুত কৰিব লাগে। চাকৰিমুখী প্রবণতাৰে জীৱনত বিফল হৈ দৈহিক-মানসিক স্বাস্থ্য ক্ষুণ্ণ কৰাতকৈ স্ব-নিয়োজনৰ ব্যৱস্থা কৰি যুৱক-যুৱতীসকলক কৌশলী কৰি তোলাটো উচিত। সম্প্ৰদায়ৰ হস্তশিল্প, কুটীৰ শিল্প আদিৰ জৰিয়তে তেওঁলোকক অর্থনৈতিক জীৱনৰ লগত পৰিচয় কৰাই দিব পাৰিলে মানসিক স্বাস্থ্য বক্ষা কৰিব পৰা যায়।

(চ) সক্রিয় অংশগ্রহণঃ সমাজৰ প্ৰত্যেক সম্প্ৰদায়ৰ নিজস্ব উৎসব-পার্বণ থাকে। সেই উৎসৱৰ লগত জীৱনৰ বিজ্ঞানসন্মত সম্বন্ধ স্থাপন কৰি প্রতি শিশুরে সেইসমূহত সক্রিয় অংশগ্ৰহণৰ ব্যৱস্থা কৰিলে তেওঁলোকৰ মানসিক স্বাস্থ্য ৰক্ষা কৰিব পৰা যাব। ইয়াৰ উপৰি শিশুসকলক সমাজ আৰু সম্প্ৰদায়ৰ বিভিন্ন কার্যত সক্রিয়ভাবে অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰিব লাগে।

(ছ) উপযুক্ত শৈক্ষিক অনুষ্ঠান স্থাপনঃ সম্প্রদায়ৰ উন্নয়নৰ বাবে উপযুক্ত শৈক্ষিক অনুষ্ঠান প্রতিষ্ঠা কৰাটো অতিকে প্রয়োজন। উপযুক্ত শৈক্ষিক অনুষ্ঠানে সম্প্ৰদায়ৰ উঠি অহা প্রত্যেক শিশুকে তেওঁলোকৰ জীৱনৰ শৈক্ষিক উদ্দেশ্যসমূহ বুজি উঠাত সহায় কৰিব আৰু তেওঁলোকক শাৰীৰিক আৰু মানসিক স্বাস্থ্য ৰক্ষা কৰাতো অৰিহণা যোগাব।

(জ) প্রশিক্ষণ কাৰ্যসূচীঃ সময়ৰ জটিলতাই মানুহৰ জীৱন জটিল কৰি তোলাৰ বাবেই মানসিক অস্থিৰতা দিনক দিনে বৃদ্ধি পাইছে। আৰু এই মানসিক অস্থিৰতা বা ৰোগগ্রস্ততাৰ কাৰণ নিৰ্ণয় কৰি প্ৰতিকাৰৰ ব্যৱস্থা গ্রহণ কৰাটো অতিকে জৰুৰী হৈ পৰিছে। সম্প্রদায়সমূহৰ মাজৰ পৰা এনে নেতিবাচক দিশবোৰ আঁতৰ কৰি সকলো ব্যক্তি সুস্থ মানসিক স্বাস্থ্য গঢ়ি তুলিবৰ বাবে অভিজ্ঞ ব্যক্তিৰ দ্বাৰা মানসিক স্বাস্থ্য সম্পৰ্কীয় প্রশিক্ষণমূলক কাৰ্যসূচীৰ ব্যৱস্থা কৰিব লাগে।