Chapter 1
ভাষা-দৰ্শনৰ পৰিচয়
অতি চমু প্রশ্নোত্তৰ
১। ভাষা-দর্শন কি?
২। ভাষা-দর্শনে কিহৰ অধ্যয়ন কৰে?
উত্তৰঃ ভাষা-দর্শনে ভাষা আৰু চিন্তাৰ সম্পৰ্ক অধ্যয়ন কৰে।
৩। ভাষা-দর্শন অভিজ্ঞতামূলক নে তাত্ত্বিক?
উত্তৰঃ ভাষা-দর্শন মূলতঃ তাত্ত্বিক।
৪। অৰ্থৰ সমস্যা কোন বিষয়ৰ অন্তৰ্গত?
৫। ভাষা-দর্শনে বাক্য়ৰ অধ্যয়ন কৰে নে শব্দৰ?
৬। এৰিষ্টটলে ভাষাক কিহৰ সৈতে সম্পর্কিত কৰিছিল?
৭। আধুনিক ভাষা-দৰ্শনৰ জনক কোন?
৮। উইটগেনস্টাইনে ভাষাক কেনেকৈ বুজাইছিল?
উত্তৰঃ উইটগেনষ্টাইনে ভাষাক ব্যৱহাৰৰ মাধ্যমে বুজাইছিল।
৯। ভাষা আৰু চিন্তাৰ সম্পৰ্ক কোনে বুজায়?
১০। ভাষা-দর্শন বৈজ্ঞানিক নে দার্শনিক?
১১। প্রাচীন গ্রীক দর্শনত ভাষা-দর্শন কিহৰ সৈতে সংযুক্ত আছিল?
১২। এৰিষ্টটলৰ মতে শব্দ কিহৰ প্ৰতীক?
১৩। ৰাছেলৰ 'Theory
of Descriptions'ৰ মূল উদ্দেশ্য কি আছিল?
১৪। পৰৱৰ্তী উইটগেনষ্টাইনে ভাষাক কিহৰ সৈতে সংযুক্ত কৰিছিল?
১৫। ফ্ৰেগেৰ মতে শব্দৰ 'Sense'
বুলিলে
কি বুজোৱা হয়?
চমু প্রশ্নোত্তৰ
১। ভাষা-দৰ্শনৰ প্ৰকৃতি কি?
উত্তৰঃ ভাষা-দৰ্শনৰ প্ৰকৃতি মূলতঃ বিশ্লেষণাত্মক আৰু দার্শনিক। এই শাখাই ভাষাক কেৱল যোগাযোগৰ মাধ্যম হিচাপে নেদেখে, বৰঞ্চ চিন্তা, অৰ্থ আৰু বাস্তৱৰ সৈতে ইয়াৰ গভীৰ সম্পৰ্ক বিশ্লেষণ কৰে। ভাষা-দৰ্শনত ভাষাৰ গঠন, বাক্যৰ অৰ্থ, শব্দৰ সংকেত, আৰু সত্যৰ ধাৰণাক যুক্তি আৰু বিশ্লেষণৰ জৰিয়তে বুজিবলৈ চেষ্টা কৰা হয়। ই অভিজ্ঞতামূলক বিজ্ঞানৰ দৰে পৰীক্ষা-নিৰীক্ষাৰ ওপৰত নিৰ্ভৰ নকৰি তাত্ত্বিক আৰু যুক্তিনিষ্ঠ চিন্তাৰ ওপৰত আধাৰিত। ভাষা-দৰ্শনৰ প্ৰকৃতি বৌদ্ধিক হোৱাত ই দৰ্শনৰ আন শাখাসমূহৰ লগতো গভীৰভাৱে সংযুক্ত।
২। ভাষা আৰু চিন্তাৰ সম্পৰ্ক ভাষা-দৰ্শনৰ পোহৰত আলোচনা কৰা।
৩। ভাষা-দৰ্শনৰ ইতিহাসৰ আৰম্ভণি কেতিয়া হৈছিল?
৪। মধ্যযুগীয় ভাষা-দৰ্শনৰ বৈশিষ্ট্য কি?
৫। ভাষা আৰু চিন্তাৰ সম্পৰ্ক কি?
উত্তৰঃ ভাষা আৰু চিন্তাৰ সম্পৰ্ক ভাষা-দৰ্শনৰ এটা মৌলিক সমস্যা। বহু দার্শনিকৰ মতে চিন্তা ভাষাৰ অবিহনে অসম্ভৱ, কাৰণ চিন্তাক প্রকাশ আৰু স্পষ্ট কৰিবলৈ ভাষাৰ প্রয়োজন। কিছুমান দার্শনিকৰ মতে ভাষাই চিন্তাক গঢ় দিয়ে আৰু সীমাবদ্ধ কৰে। আন কিছুমানে মত দিয়ে যে চিন্তা ভাষাৰ পৰা স্বাধীন আৰু ভাষা কেৱল চিন্তাৰ প্ৰকাশৰ মাধ্যম। এই বিতর্ক দর্শনত দীঘলীয়া। উইটগেনষ্টাইনৰ মতে মানুহে যি কথা ক'ব পাৰে সেয়া ভাষাৰ সীমাৰ ভিতৰত থাকে, অর্থাৎ ভাষাৰ সীমাই চিন্তাৰ সীমা নির্ধাৰণ কৰে। অন্যফালে কিছুমান মনোবিজ্ঞানী আৰু দার্শনিকৰ মতে চিন্তা ভাষাৰ আগতেই থাকে আৰু ভাষা কেৱল সেই চিন্তাৰ ৰূপায়ণ। ভাষা আৰু চিন্তাৰ এই সম্পর্ক বুজাটো দর্শনত গুৰুত্বপূৰ্ণ, কাৰণ ইয়াৰ ওপৰত জ্ঞান আৰু সত্যৰ ধাৰণাও নিৰ্ভৰ কৰে।
৬। ভাষা-দর্শনত অৰ্থৰ সমস্যাৰ বিষয়ে ব্যাখ্যা কৰা।
উত্তৰঃ অৰ্থৰ সমস্যা ভাষা-দৰ্শনৰ কেন্দ্ৰীয় সমস্যা। এটা শব্দ বা বাক্যৰ অৰ্থ কেনেকৈ নির্ধাৰিত হয় সেইটো দার্শনিকৰ বাবে এক গুৰুত্বপূৰ্ণ প্রশ্ন। কিছুমানে অর্থক মানসিক ধাৰণাৰ সৈতে জড়িত কৰে, আন কিছুমানে বাস্তৱৰ বস্তুৰ সৈতে আৰু আন কিছুমানে ভাষাৰ ব্যৱহাৰৰ সৈতে। অর্থ স্থিৰ নে পৰিৱৰ্তনশীল, ই ব্যক্তিগত নে সামাজিক-এই সকলো প্রশ্ন অৰ্থৰ সমস্যাৰ অন্তৰ্গত। উইটগেনষ্টাইনৰ মতে অৰ্থ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰে, অৰ্থাৎ শব্দ কেনেকৈ ব্যৱহাৰ কৰা হয় তাৰ ওপৰতেই তাৰ অৰ্থ নিৰ্ভৰশীল। এই ধাৰণাই আধুনিক ভাষা-দর্শনত গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰে।
৭। গটলব ফ্ৰেগেৰ আধুনিক ভাষা-দৰ্শনৰ বিকাশত অৱদান আলোচনা কৰা।
উত্তৰঃ গটলব ফ্লেগে আধুনিক ভাষা-দৰ্শনৰ পিতৃস্বৰূপ বুলি গণ্য কৰা হয়। তেওঁ ভাষা আৰু অৰ্থৰ বিশ্লেষণক যুক্তিবিদ্যাৰ সৈতে সংযুক্ত কৰি এক নতুন দিশ প্ৰদান কৰে। ফ্ৰেগেৰ আগলৈকে ভাষা-দর্শন অধিক দার্শনিক আৰু মনোবৈজ্ঞানিক আছিল, কিন্তু ফ্রেগে তাক যুক্তিগত আৰু বিশ্লেষণী ৰূপ দিয়ে। ফ্ৰেগেৰ সৰ্বাধিক গুৰুত্বপূৰ্ণ অৱদান হৈছে 'Sense (Sinn)' আৰু 'Reference (Bedeutung)' তত্ত্ব। তেওঁৰ মতে এটা শব্দ বা বাক্যৰ দুটা দিশ থাকে-এটাই অর্থ ধৰা পদ্ধতি (Sense) আৰু আনটোৱে বাস্তৱত যাক সূচায় (Reference)। উদাহৰণস্বৰূপে, "Morning Star" আৰু "Evening Star"ৰ Reference একে (Venus), কিন্তু Sense ভিন্ন।
এই তত্ত্বই অর্থগত অস্পষ্টতা, পৰিচয় বাক্য আৰু জ্ঞানমূলক মূল্য (cognitive value) বুজাত সহায় কৰে। ফ্ৰেগেৰ মতে বাক্যৰ Reference হৈছে সত্য-মূল্য (Truth-value), অর্থাৎ সত্য বা অসত্য।
ফ্রেগে ভাষাক মনোবৈজ্ঞানিক অনুভূতিৰ পৰা পৃথক কৰি এক অবজেক্টিভ অর্থতত্ত্ব স্থাপন কৰে। এই দৃষ্টিভংগীয়ে আধুনিক বিশ্লেষণী দৰ্শনৰ ভেটি গড়ে।
সামগ্রিকভাৱে, ফ্ৰেগেৰ তত্ত্বই ভাষা-দর্শনক বিজ্ঞানসম্মত, যুক্তিনিষ্ঠ আৰু আধুনিক ৰূপ দিয়ে, আৰু ৰাছেল, উইটগেনস্টাইন আদি দার্শনিকক গভীৰভাৱে প্ৰভাৱিত কৰে।
৮। লুডৱিগ উইটগেনষ্টাইনৰ ভাষা-দৰ্শনৰ ইতিহাসত ভূমিকা কি?
উত্তৰঃ লুডৱিগ উইটগেনষ্টাইন ভাষা-দৰ্শনৰ ইতিহাসত এক ব্যতিক্রমী আৰু গভীৰ প্রভাৱশালী দার্শনিক। তেওঁৰ দৰ্শন দুটা পৃথক পর্যায়ত বিভক্ত-প্ৰাৰম্ভিক আৰু পৰৱৰ্তী। প্ৰাৰম্ভিক পৰ্যায়ত লিখিত “Tractatus Logico-Philosophicus” গ্রন্থত উইটগেনস্টাইনে ভাষাক বাস্তৱৰ চিত্ৰ (picture) বুলি কৈছিল। তেওঁৰ মতে বাক্যই বাস্তৱৰ গাঁথনি প্রতিফলিত কৰে, আৰু যি কথা ভাষাৰে ক'ব নোৱাৰি, সেয়া নীৰৱতাৰে এৰি দিব লাগে। কিন্তু পৰৱৰ্তী পৰ্যায়ত (Philosophical Investigations) তেওঁ এই দৃষ্টিভংগী পৰিত্যাগ কৰে। তেওঁ ভাষাক এখন স্থিৰ গাঁথনি নহয়, বৰঞ্চ ব্যৱহাৰৰ মাধ্যম বুলি ব্যাখ্যা কৰে। এইখিনিতে 'Language-game' আৰু 'Form of life' ধাৰণাৰ জন্ম হয়। উইটগেনষ্টাইনৰ মতে শব্দৰ অৰ্থ তাৰ ব্যৱহাৰত নিহিত। ভাষা সামাজিক আচৰণৰ অংশ, আৰু একেটা শব্দ ভিন্ন প্রেক্ষাপটত ভিন্ন অর্থ বহন কৰিব পাৰে।এই দৃষ্টিভংগীয়ে আধুনিক ভাষা-দর্শনত এক বিপ্লৱ আনে আৰু দৰ্শনক ভাষাগত বিশ্লেষণৰ এক নতুন পথ দেখুৱায়।
ৰচনাধৰ্মী প্রশ্নোত্তৰ
১। ভাষা-দৰ্শনৰ পৰিসৰ বিস্তৃতভাৱে আলোচনা কৰা।
উত্তৰঃ ভাষা-দর্শন দৰ্শনৰ এক গুৰুত্বপূৰ্ণ শাখা, যিয়ে ভাষাক কেৱল যোগাযোগৰ সঁজুলি হিচাপে নেদেখে, বৰঞ্চ মানৱ চিন্তা, জ্ঞান আৰু বাস্তৱ উপলব্ধিৰ মৌলিক ভিত্তি হিচাপে বিবেচনা কৰে। মানুহে সমাজত বাস কৰি নিজৰ অভিজ্ঞতা, অনুভৱ, বিশ্বাস আৰু জ্ঞান ভাষাৰ মাধ্যমে প্রকাশ কৰে। সেইবাবে ভাষা-দৰ্শনৰ অধ্যয়নৰ ক্ষেত্ৰত্র অতি বিস্তৃত আৰু গভীৰ। ভাষা-দৰ্শনৰ পৰিসৰ বুজাবলৈ গ'লে ভাষাৰ সৈতে জড়িত সকলো দার্শনিক সমস্যাক সামগ্রিকভাৱে বিবেচনা কৰিব লাগে।
ভাষা-দৰ্শনৰ পৰিসৰৰ অন্যতম গুৰুত্বপূৰ্ণ দিশ হৈছে অৰ্থৰ সমস্যা। এটা শব্দ বা বাক্যৰ অৰ্থ কি আৰু এই অর্থ কেনেকৈ নিৰ্ধাৰিত হয় সেইটো ভাষা-দৰ্শনৰ কেন্দ্ৰীয় প্রশ্ন। কিছুমান দার্শনিকৰ মতে শব্দৰ অৰ্থ মানসিক ধাৰণাৰ সৈতে জড়িত, আন কিছুমানে বাস্তৱৰ বস্তুৰ সৈতে আৰু আন কিছুমানে ভাষাৰ সামাজিক ব্যৱহাৰৰ সৈতে অর্থ সংযুক্ত কৰে। অৰ্থ স্থিৰ নে পৰিৱৰ্তনশীল, শব্দৰ অৰ্থ ব্যক্তিগত অভিজ্ঞতাৰ ফল নে সামাজিক চুক্তিৰ ফল-এই সকলো বিষয় ভাষা-দৰ্শনৰ পৰিসৰৰ অন্তৰ্ভুক্ত। অৰ্থৰ সমস্যাৰ লগত শব্দ আৰু বাক্যৰ অৰ্থৰ পাৰ্থক্য, প্রসঙ্গৰ ভূমিকা আৰু বহুবিধ অৰ্থবোধৰ বিষয়ো জড়িত।
সত্যৰ তত্ত্ব ভাষা-দৰ্শনৰ পৰিসৰৰ আন এক গুৰুত্বপূৰ্ণ ক্ষেত্র। ভাষাৰ মাধ্যমে প্রকাশ পোৱা বাক্য কেতিয়া সত্য আৰু কেতিয়া মিছা বুলি গণ্য কৰা হয় সেইটো দর্শনত এক মৌলিক প্রশ্ন। সত্য বাস্তৱৰ সৈতে ভাষাৰ মিলৰ ওপৰত নিৰ্ভৰ কৰে নে চিন্তাৰ সামঞ্জস্যৰ ওপৰত নিৰ্ভৰ কৰে নে ব্যৱহাৰিক ফলাফলৰ ওপৰত নিৰ্ভৰ কৰে-এই প্রশ্নসমূহ ভাষা-দৰ্শনৰ অন্তৰ্গত। এই প্রসংগত ভাষা আৰু বাস্তৱৰ সম্পৰ্ক বিশেষ গুৰুত্ব লাভ কৰে। ভাষাই বাস্তৱক সঠিকভাৱে প্রতিফলিত কৰে নে ভাষা বাস্তৱৰ এক মানৱ-নির্মিত ব্যাখ্যা-এই বিতর্ক সত্যৰ তত্ত্বৰ সৈতে ওতঃপ্রোতভাৱে জড়িত।
ভাষা আৰু চিন্তাৰ সম্পৰ্কো ভাষা-দৰ্শনৰ পৰিসৰৰ এক মৌলিক দিশ। মানুহে ভাষাৰ অবিহনে চিন্তা কৰিব পাৰে নে ভাষাই চিন্তাক গঢ় দিয়ে-এই প্রশ্ন দৰ্শনত বহুদিন ধৰি বিতৰ্কৰ বিষয়। কিছুমান দার্শনিকৰ মতে ভাষাই চিন্তাৰ সীমা নির্ধাৰণ কৰে আৰু ভাষাৰ বাহিৰত চিন্তা অসম্ভৱ। আন কিছুমানে চিন্তা ভাষাৰ পৰা স্বাধীন বুলি বিশ্বাস কৰে। এই বিতর্ক জ্ঞানতত্ত্ব আৰু মনোবিজ্ঞানৰ সৈতে ঘনিষ্ঠভাৱে জড়িত আৰু ভাষা-দৰ্শনৰ পৰিসৰক অধিক বিস্তৃত কৰে।
ভাষা আৰু বাস্তৱৰ সম্পৰ্ক ভাষা-দৰ্শনৰ কেন্দ্ৰীয় সমস্যাসমূহৰ এটা। শব্দই বাস্তৱৰ বস্তুসমূহক কেনেকৈ সূচায়, ভাষা বাস্তৱৰ প্ৰতিচ্ছবি নে মানৱ-নির্মিত সাংকেতিক প্রণালী- এই প্রশ্নসমূহ ভাষা-দৰ্শনৰ অন্তৰ্গত। এই প্রসংগত সংকেত আৰু বস্তুৰ সম্পর্ক, প্রতীক আৰু অৰ্থৰ ধাৰণা, আৰু ভাষাৰ প্ৰতিনিধিত্ব ক্ষমতা বিশ্লেষণ কৰা হয়।
আধুনিক ভাষা-দর্শনত ভাষাগত ব্যৱহাৰ আৰু দৈনন্দিন ভাষাৰ অধ্যয়নো পৰিসৰৰ ভিতৰত পৰে। উইটগেনষ্টাইনৰ প্ৰভাৱত ভাষাৰ অৰ্থ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰে বুলি ধাৰণা গঢ় লৈ উঠে। ইয়াৰ ফলত সাধাৰণ মানুহে ব্যৱহাৰ কৰা দৈনন্দিন ভাষাও দার্শনিক অধ্যয়নৰ বিষয় হৈ পৰে। ইয়াৰ উপৰিও বৈজ্ঞানিক ভাষা আৰু দার্শনিক ভাষাৰ গঠন, স্পষ্টতা আৰু সীমাবদ্ধতাও ভাষা-দৰ্শনৰ পৰিসৰৰ অন্তৰ্গত।
সংকেত, প্রতীক আৰু ভাষাগত চিহ্নসমূহৰ দার্শনিক বিশ্লেষণো ভাষা-দৰ্শনৰ এক গুৰুত্বপূৰ্ণ অংশ। শব্দ কেনেকৈ সংকেত হিচাপে কাম কৰে, চিহ্ন আৰু অৰ্থৰ সম্পৰ্ক কেনেকৈ গঢ় লৈ উঠে আৰু ভাষা যোগাযোগৰ সৰল মাধ্যম নে গভীৰ দাৰ্শনিক গঠন-এই সকলো বিষয় ইয়াৰ পৰিসৰৰ অন্তৰ্ভুক্ত।
ভাষাগত অস্পষ্টতা আৰু বিভ্রান্তিৰ কাৰণে দৰ্শনিক সমস্যা কেনেকৈ সৃষ্টি হয় সেইটোও ভাষা-দৰ্শনৰ অধ্যয়নৰ বিষয়। বহু আধুনিক দার্শনিকৰ মতে দৰ্শনৰ বহু সমস্যা ভাষাৰ ভুল ব্যৱহাৰৰ ফল। সেইবাবে ভাষাৰ বিশ্লেষণৰ জৰিয়তে দর্শনিক সমস্যা সমাধান কৰাটো ভাষা-দৰ্শনৰ এক গুৰুত্বপূৰ্ণ লক্ষ্য।
এইদৰে ভাষা-দৰ্শনৰ পৰিসৰ কেৱল ভাষাৰ সীমাৰ ভিতৰত সীমাবদ্ধ নহয়, বৰঞ্চ ই অর্থ, সত্য, চিন্তা, বাস্তৱ, জ্ঞান আৰু যোগাযোগৰ সৈতে ওতঃপ্রোতভাৱে জড়িত এক বিস্তৃত দার্শনিক ক্ষেত্র। ভাষা-দর্শনে এই সকলো দিশ বিশ্লেষণ কৰি মানৱ জ্ঞান আৰু দর্শনিক চিন্তাক অধিক স্পষ্ট আৰু গভীৰ কৰি তোলে।
২। ভাষা-দৰ্শনৰ ইতিহাস বিস্তৃতভাৱে আলোচনা কৰা।
উত্তৰঃ ভাষা-দৰ্শনৰ ইতিহাস মানৱ চিন্তাৰ ইতিহাসৰ সৈতে গভীৰভাৱে জড়িত এক দীঘলীয়া আৰু ক্রমবিৱৰ্তনশীল বৌদ্ধিক পৰম্পৰা। যদিও ভাষা-দর্শন আধুনিক যুগত এটা স্বতন্ত্র দর্শনিক শাখা হিচাপে প্রতিষ্ঠিত হৈছে, তথাপি ভাষা, শব্দ, অর্থ আৰু সত্য সম্পর্কে দার্শনিক চিন্তা অতি প্রাচীন কালৰ পৰাই দেখা যায়। মানুহে যেতিয়াৰে পৰা জগতখন বুজিবলৈ আৰু নিজৰ চিন্তা প্রকাশ কৰিবলৈ চেষ্টা আৰম্ভ কৰিলে, তেতিয়াৰ পৰাই ভাষাৰ স্বভাৱ আৰু কাৰ্যপ্রণালী সম্পর্কে প্রশ্ন উত্থাপন হ'বলৈ ধৰিলে। সেইবাবে ভাষা-দৰ্শনৰ ইতিহাস মূলতঃ মানৱ বৌদ্ধিক বিকাশৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অংশ।
ভাষা-দৰ্শনৰ ইতিহাসৰ আৰম্ভণি প্রাচীন গ্রীক দর্শনত পোৱা যায়। প্রাচীন গ্রীচত দর্শন মূলতঃ বাস্তৱ, জ্ঞান আৰু সত্যৰ অনুসন্ধানত কেন্দ্রিত আছিল আৰু এই অনুসন্ধানত ভাষাৰ ভূমিকা স্বাভাৱিকভাৱে গুৰুত্বপূৰ্ণ হৈ উঠে। প্লেটো ভাষা-দৰ্শনৰ ইতিহাসত এক বিশেষ স্থান অধিকাৰ কৰে। তেওঁৰ 'Cratylus' নামৰ গ্ৰন্থত শব্দ আৰু বস্তুৰ মাজৰ সম্পর্ক প্রাকৃতিক নে কৃত্রিম সেই বিষয়ে গভীৰ আলোচনা কৰা হৈছে। কিছুমানৰ মতে শব্দ স্বাভাৱিকভাৱে বস্তুৰ সৈতে সংযুক্ত, আন কিছুমানৰ মতে শব্দ মানৱ-নির্মিত আৰু কৃত্রিম। প্লেটোৱে এই দুয়ো মতৰ সমালোচনা কৰি ভাষা আৰু অৰ্থৰ সমস্যাক দার্শনিকভাৱে উত্থাপন কৰে। এই আলোচনা ভাষা-দৰ্শনৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ মাইলস্টোন বুলি গণ্য কৰা হয়।
এৰিষ্টটলেও ভাষা-দৰ্শনৰ বিকাশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। তেওঁ ভাষা, চিন্তা আৰু বাস্তৱৰ মাজৰ সম্পৰ্ক সুসংহতভাৱে ব্যাখ্যা কৰে। এৰিষ্টটলৰ মতে শব্দসমূহ হৈছে মানৱ চিন্তাৰ সংকেত আৰু চিন্তা বাস্তৱৰ প্ৰতিচ্ছবি। অর্থাৎ বাস্তৱ বস্তুসমূহৰ প্ৰভাৱ চিন্তাত পৰে আৰু সেই চিন্তা ভাষাৰ জৰিয়তে প্রকাশ পায়। এই ধাৰণাই ভাষা-দৰ্শনৰ ইতিহাসত এক যুক্তিনিষ্ঠ ভিত্তি প্রদান কৰে। প্রাচীন গ্রীক ষ্টইক দার্শনিকসকলেও ভাষা আৰু অৰ্থ সম্পর্কে আলোচনা কৰিছিল আৰু সংকেত, অৰ্থ আৰু বস্তুৰ মাজৰ পাৰ্থক্য স্পষ্ট কৰিবলৈ চেষ্টা কৰিছিল। এই সময়ছোৱাত ভাষা মূলতঃ যুক্তি আৰু জ্ঞানৰ সৈতে সংযুক্ত আছিল।
মধ্যযুগত ভাষা-দর্শনৰ ইতিহাসত এক নতুন ধৰণৰ বিকাশ দেখা যায়। এই সময়ছোৱাত দর্শন গভীৰভাৱে ধৰ্মীয় চিন্তাৰ সৈতে সংযুক্ত হৈ পৰে। খ্ৰীষ্টীয় ধৰ্মৰ প্ৰভাৱত ভাষা-দর্শনো ঈশ্বৰ, ধর্মীয় সত্য আৰু ধর্মীয় বিশ্বাসৰ সৈতে জড়িত হয়। মধ্যযুগীয় দার্শনিকসকলে ভাষাক মূলতঃ ধর্মীয় সত্য প্রকাশৰ মাধ্যম হিচাপে বিবেচনা কৰিছিল। এই সময়ছোৱাত নামবাদ আৰু বাস্তৱবাদৰ মাজত তীব্র বিতর্ক দেখা যায়। বাস্তৱবাদীসকলে সার্বজনিক ধাৰণাসমূহৰ বাস্তৱ অস্তিত্ব আছে বুলি বিশ্বাস কৰিছিল, আনহাতে নামবাদীসকলে সার্বজনিক ধাৰণাক কেৱল নাম বা শব্দ হিচাপে গণ্য কৰিছিল। এই বিতর্ক ভাষা আৰু বাস্তৱৰ সম্পর্ক বুজিবলৈ এক গুৰুত্বপূৰ্ণ দার্শনিক প্রয়াস আছিল।
থমাছ একুইনাছৰ দৰে মধ্যযুগীয় দার্শনিকসকলে এৰিষ্টটলৰ দৰ্শনক খ্ৰীষ্টীয় ধৰ্মৰ সৈতে সংযোগ কৰি ভাষা আৰু অৰ্থৰ ব্যাখ্যা আগবঢ়ায়। তেওঁ ভাষাক চিন্তা আৰু বাস্তৱৰ মাজত এক সংযোগকাৰী মাধ্যম হিচাপে ব্যাখ্যা কৰে। যদিও মধ্যযুগত ভাষা-দর্শন স্বতন্ত্র শাখা হিচাপে বিকশিত নহ'ল, তথাপি এই সময়ছোৱাত হোৱা বিতর্কসমূহে পৰৱৰ্তী যুগৰ ভাষা-দৰ্শনৰ বাবে এক গুৰুত্বপূৰ্ণ বৌদ্ধিক ভূমি প্রস্তুত কৰে।
আধুনিক যুগত ভাষা-দর্শনৰ ইতিহাসত এক মৌলিক পৰিৱর্তন ঘটে। বৈজ্ঞানিক বিপ্লৱ আৰু আধুনিক যুক্তিবাদৰ প্ৰভাৱত দার্শনিকসকলে ভাষাৰ বিশ্লেষণক অধিক গুৰুত্ব দিবলৈ আৰম্ভ কৰে। উনবিংশ শতিকাৰ শেষভাগত গটলব ফ্রেগেৰ অৱদানৰ জৰিয়তে আধুনিক ভাষা-দৰ্শনৰ প্ৰকৃত আৰম্ভণি ঘটে। ফ্লেগেই প্রথমে স্পষ্টভাৱে অর্থ আৰু সংকেতৰ মাজত পাৰ্থক্য কৰে। তেওঁৰ মতে এটা শব্দে কেৱল বস্তু সূচায়েই নহয়, তাৰ এক বিশেষ অর্থও থাকে। এই ধাৰণাই ভাষা বিশ্লেষণক অধিক সূক্ষ্মআৰু গভীৰ কৰি তোলে আৰু আধুনিক ভাষা-দর্শনৰ ভিত্তি স্থাপন কৰে।
ফ্ৰেগেৰ পৰৱৰ্তী সময়ত বার্টেও ৰাছেল ভাষা-দৰ্শনৰ ইতিহাসত গুৰুত্বপূর্ণ ভূমিকা লয়। তেওঁ ভাষাক যুক্তিবিদ্যাৰ সৈতে সংযোগ কৰি দৰ্শনিক সমস্যাসমূহ ভাষাগত বিশ্লেষণৰ জৰিয়তে সমাধান কৰিবলৈ চেষ্টা কৰে। ৰাছেলে বিশ্বাস কৰিছিল যে দৰ্শনৰ বহু সমস্যা ভাষাৰ ভুল গঠন আৰু অস্পষ্টতাৰ ফল। সেইবাবে ভাষাৰ সঠিক বিশ্লেষণৰ জৰিয়তে দর্শনিক সমস্যাসমূহ স্পষ্ট কৰিব পাৰি। এই ধাৰণাই বিশ্লেষণাত্মক দৰ্শনৰ বিকাশত বিশেষ ভূমিকা লয়।
বিংশ শতিকাত লুডৱিগ উইটগেনষ্টাইনে ভাষা-দর্শনৰ ইতিহাসত এক নতুন দিশ প্রদান কৰে। তেওঁৰ প্ৰাৰম্ভিক ৰচনাত তেওঁ ভাষা আৰু বাস্তৱৰ মাজত এক চিত্র-সম্বন্ধ আছে বুলি মত প্রকাশ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ এই মত পৰিৱৰ্তন কৰি ভাষাৰ অৰ্থ ইয়াৰ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰে বুলি ক'বলৈ আৰম্ভ কৰে। দৈনন্দিন ভাষাৰ ব্যৱহাৰ বিশ্লেষণ কৰি দৰ্শনিক সমস্যা বুজিবলৈ চেষ্টা কৰাটো উইটগেনষ্টাইনৰ এক গুৰুত্বপূর্ণ অৱদান। ইয়াৰ ফলত ভাষা-দর্শন কেবল বিমূর্ত তত্ত্বত সীমাবদ্ধ নাথাকি সাধাৰণ জীৱনৰ ভাষাৰ সৈতে সংযুক্ত হয়।
এই সময়ছোৱাত আন বহু দার্শনিকেও ভাষা-দৰ্শনৰ বিকাশত অৱদান আগবঢ়ায়।
দৈনন্দিন ভাষা দৰ্শনৰ ধাৰাই ভাষাগত ব্যৱহাৰ, প্ৰসঙ্গ আৰু যোগাযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভাষা-দর্শন
ক্রমে অর্থ, সত্য, চিন্তা আৰু সামাজিক ব্যৱহাৰৰ সৈতে
গভীৰভাৱে সংযুক্ত হৈ পৰে।
এইদৰে ভাষা-দৰ্শনৰ ইতিহাস প্রাচীন গ্রীক দৰ্শনৰ প্ৰাথমিক চিন্তাৰ পৰা আৰম্ভ কৰি মধ্যযুগীয় ধর্মীয় বিতর্ক, আধুনিক যুক্তিবাদ আৰু বিংশ শতিকাৰ বিশ্লেষণাত্মক দর্শনলৈ ক্রমে বিকশিত হৈছে। এই ক্রমবিৱর্তনে ভাষা-দর্শনক আধুনিক দৰ্শনৰ এক কেন্দ্ৰীয় আৰু গুৰুত্বপূৰ্ণ শাখা হিচাপে প্ৰতিষ্ঠা কৰিছে। ভাষা-দৰ্শনৰ ইতিহাস অধ্যয়ন কৰিলে স্পষ্ট হয় যে ভাষা কেৱল যোগাযোগৰ মাধ্যম নহয়, বৰঞ্চ মানৱ চিন্তা আৰু জ্ঞানৰ গভীৰতম ভিত্তি।
৩। গটলব ফ্রেগেৰ আধুনিক ভাষা-দর্শনৰ বিকাশত অৱদান সম্পর্কে আলোচনা কৰা।
উত্তৰঃ আধুনিক ভাষা-দৰ্শনৰ ইতিহাসত গটলব ফ্রেগে এক অতি গুৰুত্বপূৰ্ণ আৰু মৌলিক স্থান অধিকাৰ কৰে। তেওঁক সাধাৰণতে আধুনিক ভাষা-দৰ্শনৰ জনক বুলি কোৱা হয়, কিয়নো ভাষা, অৰ্থ আৰু যুক্তিৰ সম্পৰ্কক বৈজ্ঞানিক আৰু পদ্ধতিগতভাৱে বিশ্লেষণ কৰা প্ৰথম দার্শনিক তেওঁ আছিল। ফ্রেগেৰ আগতে ভাষা সম্পর্কে দার্শনিক আলোচনা আছিল যদিও সেইবোৰ বেছি ভাগেই অস্পষ্ট আৰু মনোবৈজ্ঞানিক প্রবণতাৰে প্ৰভাৱিত আছিল। ফ্রেগেই প্রথমে ভাষা-দর্শনক মনোবিজ্ঞানৰ পৰা পৃথক কৰি এক স্বতন্ত্র, যুক্তিনিষ্ঠ আৰু বিশ্লেষণাত্মক দার্শনিক শাখা হিচাপে প্রতিষ্ঠা কৰে। এই দৃষ্টিকোণৰ পৰা ফ্ৰেগেৰ অৱদান আধুনিক ভাষা-দৰ্শনৰ বিকাশত এক মৌলিক মাইলস্টোন হিচাপে বিবেচিত।
ফ্ৰেগেৰ ভাষা-দৰ্শনৰ মূল অৱদান অৰ্থ আৰু সংকেতৰ মাজত কৰা স্পষ্ট পার্থক্যত পোৱা যায়। তেওঁৰ মতে এটা শব্দে কেৱল কোনো বস্তু সূচায়েই নহয়, তাৰ লগতে শব্দটোৱে এটা বিশেষ অর্থ বা ভাবো বহন কৰে। তেওঁ এই দুয়ো দিশক ক্রমে 'সংকেত' আৰু 'অর্থ' বুলি বুজাইছিল। উদাহৰণস্বৰূপে, এটা বস্তুক সূচোৱা দুটা ভিন্ন শব্দে একেটা সংকেত থাকিলেও সিহঁতৰ অৰ্থ একে নহ'ব পাৰে। এই ধাৰণাই ভাষা-দর্শনত অর্থ বিশ্লেষণক অধিক সূক্ষ্মআৰু গভীৰ কৰি তোলে। ফ্ৰেগেৰ এই পাৰ্থক্যই দেখুৱাই দিয়ে যে ভাষাৰ অর্থ কেৱল বাহ্যিক বাস্তৱৰ ওপৰত নিৰ্ভৰ নকৰে, বৰঞ্চ চিন্তাৰ গঠন আৰু প্ৰকাশৰ ধৰণৰ সৈতে জড়িত। এই দৃষ্টিভংগীয়ে আধুনিক অর্থতত্ত্বৰ এক শক্তিশালী ভিত্তি স্থাপন কৰে।
ফ্ৰেগেৰ আন এক গুৰুত্বপূৰ্ণ অৱদান হৈছে ভাষা আৰু যুক্তিবিদ্যাৰ ঘনিষ্ঠ সম্পর্ক প্রতিষ্ঠা কৰা। তেওঁ বিশ্বাস কৰিছিল যে ভাষাৰ সঠিক বিশ্লেষণ অবিহনে যুক্তিগত চিন্তা অসম্ভৱ। তেওঁৰ মতে দৈনন্দিন ভাষা বহু ক্ষেত্ৰত অস্পষ্ট আৰু বিভ্রান্তিকৰ, আৰু সেইবাবে দৰ্শনিক বিশ্লেষণৰ বাবে এক শুদ্ধ আৰু নিখুঁত যুক্তিগত ভাষাৰ প্ৰয়োজন। এই উদ্দেশ্যে তেওঁ এক নতুন প্ৰকাৰৰ যুক্তিবিদ্যা বিকশিত কৰে, যাক আধুনিক প্রতীকী যুক্তিবিদ্যাৰ ভিত্তি বুলি কোৱা হয়। এই যুক্তিবিদ্যাই ভাষা বিশ্লেষণৰ এক নতুন পদ্ধতি প্রদান কৰে আৰু দৰ্শনিক সমস্যাসমূহ অধিক স্পষ্টভাৱে বুজিবলৈ সহায় কৰে।
ফ্ৰেগেৰ মতে বাক্য হৈছে অৰ্থ আৰু সত্য বিশ্লেষণৰ মূল একক। তেওঁ বিশ্বাস কৰিছিল যে কেৱল শব্দ নহয়, সম্পূর্ণ বাক্যৰ মাধ্যমেহে অৰ্থ আৰু সত্য বুজিব পাৰি। এই দৃষ্টিভংগীক সাধাৰণতে 'প্রসংগ নীতি' বুলি কোৱা হয়। এই নীতিত ফ্রেগে ক'বলৈ চেষ্টা কৰে যে শব্দৰ অৰ্থ সম্পূৰ্ণ বাক্যৰ প্ৰসংগতহে স্পষ্ট হয়। এই ধাৰণাই ভাষা-দৰ্শনত বাক্যক কেন্দ্রীয় স্থান দিয়ে আৰু আধুনিক ভাষা-দৰ্শনৰ বহু তত্ত্বৰ ভিত্তি হিচাপে কাম কৰে।
ফ্ৰেগেৰ ভাষা-দৰ্শনৰ অৱদান সত্যৰ বিশ্লেষণতো অতি গুৰুত্বপূৰ্ণ। তেওঁ বাক্যৰ সত্য-মিথ্যাৰ বিষয়টো যুক্তিগত দৃষ্টিকোণৰ পৰা বিশ্লেষণ কৰে। ফ্ৰেগেৰ মতে সত্য হৈছে এক বস্তুনিষ্ঠ ধাৰণা, যি মানৱ মনৰ পৰা স্বাধীন। বাক্যৰ অৰ্থ সঠিকভাৱে বুজা মানেই সেই বাক্যৰ সত্য-মিথ্যাৰ অৱস্থা বুজা। এই দৃষ্টিভংগীয়ে সত্যক মনোবৈজ্ঞানিক অনুভৱ বা ব্যক্তিগত বিশ্বাসৰ পৰা আঁতৰাই এক বস্তুনিষ্ঠ দার্শনিক ধাৰণা হিচাপে প্রতিষ্ঠা কৰে। এই ধাৰণাই আধুনিক ভাষা-দৰ্শন আৰু যুক্তিবিদ্যাত সত্যৰ তত্ত্বৰ বিকাশত গভীৰ প্ৰভাৱ পেলায়।
ফ্ৰেগেৰ ভাষা-দৰ্শনৰ আন এক মৌলিক দিশ হৈছে মনোবৈজ্ঞানিকতাৰ সমালোচনা। তেওঁৰ আগতে বহু দার্শনিক অৰ্থক মানসিক ধাৰণাৰ সৈতে সংযোগ কৰিছিল। ফ্রেগে এই দৃষ্টিভংগীক তীব্ৰভাৱে সমালোচনা কৰে আৰু ক'বলৈ চেষ্টা কৰে যে অর্থ মানসিক অৱস্থাৰ ওপৰত নিৰ্ভৰশীল নহয়। অর্থ হৈছে এক বস্তুনিষ্ঠ আৰু সাৰ্বজনিক বিষয়, যাক বহু ব্যক্তিয়ে একেলগে বুজিব পাৰে। এই ধাৰণাই ভাষা-দৰ্শনক মনোবিজ্ঞানৰ পৰা পৃথক কৰি এক স্বতন্ত্র দার্শনিক শাখা হিচাপে প্রতিষ্ঠা কৰে।
ফ্ৰেগেৰ প্ৰভাৱ পৰৱৰ্তী আধুনিক দার্শনিকসকলৰ ওপৰত অতি গভীৰ। বাট্ৰেও ৰাছেল, লুডৱিগ উইটগেনস্টাইন আৰু আন বহু বিশ্লেষণাত্মক দার্শনিক ফ্রেগেৰ চিন্তাৰ দ্বাৰা প্ৰভাৱিত হৈছিল। ৰাছেলে ফ্ৰেগেৰ অৰ্থ-সংকেত তত্ত্বক বিকশিত কৰি ভাষা আৰু বাস্তৱৰ সম্পৰ্ক বিশ্লেষণ কৰে। উইটগেনষ্টাইনৰ প্ৰাৰম্ভিক দর্শনতো ফ্রেগেৰ যুক্তিনিষ্ঠ ভাষা-দৰ্শনৰ প্ৰভাৱ স্পষ্টভাৱে দেখা যায়। এইদৰে ফ্ৰেগেৰ চিন্তাই আধুনিক বিশ্লেষণাত্মক দৰ্শনৰ এক বৃহৎ পৰম্পৰা গঢ়ি তোলে।
ফ্ৰেগেৰ অৱদানৰ গুৰুত্ব এই কথাতো নিহিত যে তেওঁ ভাষা-দর্শনক দৰ্শনৰ কেন্দ্ৰীয় শাখা হিচাপে প্রতিষ্ঠা কৰে। তেওঁৰ মতে দর্শনিক সমস্যাসমূহৰ মূল কাৰণ ভাষাৰ অস্পষ্টতা আৰু ভুল বিশ্লেষণ। সেইবাবে ভাষাৰ সূক্ষ্মআৰু যুক্তিনিষ্ঠ বিশ্লেষণৰ জৰিয়তে দৰ্শনিক সমস্যাসমূহ স্পষ্ট আৰু সমাধানযোগ্য কৰিব পাৰি। এই ধাৰণাই আধুনিক দর্শনত 'ভাষাগত মোড়' সৃষ্টি কৰে, যাৰ ফলত ভাষা-দর্শন আধুনিক দৰ্শনৰ কেন্দ্ৰীয় বিষয় হৈ উঠে।
সামগ্রিকভাৱে ক'বলৈ গ'লে গটলব ফ্রেগেৰ আধুনিক ভাষা-দৰ্শনৰ বিকাশত অৱদান অতি মৌলিক, সুদূৰপ্ৰসাৰী আৰু ঐতিহাসিক গুৰুত্বসম্পন্ন। অৰ্থ আৰু সংকেতৰ পাৰ্থক্য, বাক্যক কেন্দ্রীয় একক হিচাপে প্রতিষ্ঠা, মনোবৈজ্ঞানিকতাৰ সমালোচনা আৰু ভাষা-যুক্তিৰ ঘনিষ্ঠ সম্পর্ক প্রতিষ্ঠা কৰি ফ্লেগে আধুনিক ভাষা-দৰ্শনৰ দৃঢ় ভিত্তি স্থাপন কৰে। তেওঁৰ চিন্তাই ভাষা-দর্শনক এক স্পষ্ট, যুক্তিনিষ্ঠ আৰু পদ্ধতিগত দর্শনিক শাখা হিচাপে বিকশিত কৰাত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।