Chapter 1
স্বামী বিবেকানন্দ আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ
অতি চমু প্রশ্নোত্তৰ
১। স্বামী বিবেকানন্দৰ গুৰু কোন আছিল?
উত্তৰঃ শ্ৰীৰামকৃষ্ণ পৰমহংস।
২। স্বামী বিবেকানন্দই চিকাগোত তেখেতৰ ঐতিহাসিক ভাষণটো কেতিয়া আৰু ক'ত প্রদান কৰিছিল?
উত্তৰঃ ১৮৯৩ চনৰ ১১ ছেপ্তেম্বৰত আমেৰিকাৰ চিকাগো চহৰত।
৩। 'Credle Tales of Hinduism'ৰ লেখক কোন?
উত্তৰঃ ভগ্নী নিবেদিতাই।
৪। স্বামী বিবেকানন্দৰ জন্ম কেতিয়া হৈছিল?
উত্তৰঃ স্বামী বিবেকানন্দৰ ১৮৬৩ চনত জন্ম হৈছিল।
৫। তেওঁ স্কুলীয়া শিক্ষা ক'ত গ্রহণ কৰিছিল?
উত্তৰঃ কলিকতাত।
৬। তেওঁ ৰামকৃষ্ণ পৰমহংসক কেতিয়া লগ পাইছিল?
উত্তৰঃ ১৮৮১ চনত বিবেকানন্দই ৰামকৃষ্ণক লগ পাইছিল।
৭। ধর্ম মহাসভা কোন চনত অনুষ্ঠিত হৈছিল?
উত্তৰঃ ১৮৯৩ চনত।
৮। বিবেকানন্দৰ দৰ্শন পৌৰাণিক হিন্দু দৰ্শনৰ দ্বাৰা প্ৰভাৱিত হৈছিল নে?
উত্তৰঃ হয়।
৯। তেওঁ বৌদ্ধ আদৰ্শৰ দ্বাৰা অনুপ্রাণিত হৈছিল নে?
উত্তৰঃ হয়।
১০। স্বামী বিবেকানন্দৰ দৰ্শনৰ মূল আধাৰ কি?
উত্তৰঃ স্বামী বিবেকানন্দৰ দৰ্শনৰ মূল আধাৰ হ'ল- 'শংকৰাচাৰ্যৰ অদ্বৈত বেদান্ত দর্শন'
১১। ৰবীন্দ্রনাথ ঠাকুৰে কেতিয়া জন্মগ্রহণ কৰিছিল?
উত্তৰঃ ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম ১৮৬১ চনত হৈছিল।
১২। ৰবীন্দ্ৰনাথ ঠাকুৰক কিয় এজন সম্পূর্ণ দার্শনিক বুলি কোৱা যায়?
উত্তৰঃ তেওঁৰ কবিতা আৰু ৰচনাৰ মাজেৰে এক গভীৰ দার্শনিক বিশ্বদৃষ্টি প্রকাশ পোৱাৰ বাবে তেওঁক এজন দার্শনিক বুলি কোৱা যায়।
১৩। ড° ৰাধাকৃষ্ণনৰ মতে ঠাকুৰৰ দৰ্শন কি?
উত্তৰঃ ড° ৰাধাকৃষ্ণনৰ মতে ঠাকুৰৰ দৰ্শন অধিবিদ্যাৰ যুক্তিসংগত ব্যৱস্থা নহয়, বৰঞ্চ আত্মাৰ এক গভীৰ নিশ্বাস।
১৪। মানবতাবাদ শব্দটোৰ মূল অর্থ কি?
উত্তৰঃ মানৱতাবাদ হৈছে মানৱজাতিৰ মূল্য আৰু মৰ্যাদাক সকলো চিন্তাৰ কেন্দ্ৰবিন্দু ৰূপে মানি লোৱা দার্শনিক ধাৰণা।
১৫। ঠাকুৰৰ মতে বাহ্যিক জগতখন কি?
উত্তৰঃ ঠাকুৰৰ মতে বাহ্যিক জগতখন মানৱ আত্মাৰ এক দোলনা।
১৬। ঠাকুৰৰ মানৱতাবাদ কোনবোৰ গ্ৰন্থত স্পষ্ট ৰূপে প্রকাশ পাইছে?
উত্তৰঃ Sadhana, Personality, Creative Unity আৰু The Religion of Man গ্ৰন্থসমূহত ঠাকুৰৰ মানৱতাবাদ স্পষ্ট ৰূপে প্রকাশ পাইছে।
১৭। ঠাকুৰৰ মতে প্ৰকৃতিৰ লগত মানুহৰ সম্পর্ক কেনেকুৱা?
উত্তৰঃ ঠাকুৰৰ মতে মানুহ আৰু প্ৰকৃতিৰ সম্পর্ক স্বাভাৱিক, আত্মিক আৰু অবিচ্ছিন্ন।
১৮। 'Jivan Devata' ধাৰণাটোৱে কি সূচায়?
উত্তৰঃ 'Jivan Devata' ধাৰণাটোৱে মানুহৰ মাজত ঈশ্বৰৰ উপস্থিতি সূচায়।
১৭। মানুহৰ নিম্ন দিশটো কিহৰ সৈতে জড়িত?
উত্তৰঃ মানুহৰ নিম্ন দিশটো জৈৱিক, শাৰীৰিক আৰু মানসিক সত্যতাৰ সৈতে জড়িত।
১৮। মানুহৰ উচ্চ দিশটো কিহৰ সৈতে জড়িত?
উত্তৰঃ মানুহৰ উচ্চ দিশটো আধ্যাত্মিকতা, আনন্দ আৰু অসীমতাৰ সৈতে জঞ্জতি।
১৯। ঠাকুৰৰ মতে ধৰ্মৰ প্ৰধান উদ্দেশ্য কি?
উত্তৰঃ ঠাকুৰৰ মতে ধৰ্মৰ প্রধান উদ্দেশ্য হৈছে সকলোৰে সৈতে মানুহৰ ঐক্য উপলব্ধি।
২০। ঠাকুৰৰ দৰ্শনত প্ৰেমৰ স্থান কেনেকুৱা?
উত্তৰঃ ঠাকুৰৰ দৰ্শনত প্ৰেম হৈছে সকলো নৈতিক আৰু আধ্যাত্মিক জীৱনৰ মূল আধাৰ।
২৮। খালী ঠাই পূৰণ কৰাঃ
(ক) —-- চনত স্বামী বিবেকানন্দই জন্মগ্রহণ কৰিছিল।
উত্তৰঃ ১৮৬৩ চনত।
(খ) স্বামী বিবেকানন্দই—-- চনত মৃত্যুবৰণ কৰিছিল।
উত্তৰঃ ১৯০২ চনত।
(গ) শৈশৱতে বিবেকানন্দক —---নামেৰে জনা হৈছিল।
উত্তৰঃ নৰেন্দ্ৰ
(ঘ) বিবেকানন্দই —--- ক তেওঁৰ বন্ধু, দার্শনিক আৰু পৰামৰ্শদাতা হিচাপে গ্রহণ কৰিছিল ।
উত্তৰঃ ৰামকৃষ্ণ পৰমহংস
(ঙ) ধর্ম মহাসভা —-- চনত আমেৰিকাৰ চিকাগো চহৰত অনুষ্ঠিত হৈছিল।
উত্তৰঃ ১৮৯৩
(চ) বিবেকানন্দক —- বেদান্তিক নামেৰে জনা যায়।
উত্তৰঃ ব্যৱহাৰিক বেদান্তিক।
(ছ) —-- ৰ মতে পৰমব্ৰহ্ম আৰু ঈশ্বৰ অভিন্ন।
উত্তৰঃ স্বামী বিবেকানন্দ
(জ) বিবেকানন্দৰ দৰ্শনৰ মূল ধাৰণা হ'ল
উত্তৰঃ অদ্বৈতবাদ
(ঝ) বিবেকানন্দই —-- ব্যক্তি আৰু —-- ব্যক্তিৰ মাজত এক পৃথকন্সঙ্গকৰণ কৰিছিল।
উত্তৰঃ প্রত্যক্ষ ব্যক্তি আৰু প্ৰকৃত ব্যক্তি
(ঞ) মানুহৰ বাৰে স্বাধীনতা লাভ কৰিবলৈ আছে।
উত্তৰঃ চাৰিটা যোগ সাধনা
চমু প্রশ্নোত্তৰ
১। বিবেকানন্দই আগবঢ়োৱা জ্ঞান আৰু অজ্ঞান সম্পৰ্কীয় ধাৰণাৰ অৰ্থ কি?
উত্তৰঃ জ্ঞান মানে আবিষ্কাৰ কৰা বা আবৰণ
গুচোৱা। আমাৰ যিহেতু মন আছে সেয়ে আমি জ্ঞান পাওঁ।
আমি জ্ঞান প্রবৃত্তি, তর্ক আৰু অনুপ্ৰেৰণাৰ দ্বাৰা পাওঁ। প্রবৃত্তি হ'ল জ্ঞানৰ প্ৰাথমিক আহিলা। জন্তুৰ ক্ষেত্ৰত ই বৰ প্রকট। এই প্রবৃত্তি মানুহত তর্ক বা যুক্তিলৈ পর্যবসিত হয়। দৈব গুণ যুক্ত মানুহত এই তর্কই অনুপ্ৰেৰণা বা উচ্ছাসৰ ৰূপ লয়।
প্রবৃত্তি অচেতনধর্মী, তর্ক
চেতনধর্মী আৰু অনুপ্ৰেৰণা অধি-চেতনধর্মী।
বিবেকানন্দই সংবেদনক শক্তি ৰূপে অভিহিত কৰিছে। বাহ্য বস্তুৱে যেতিয়া মনৰ ওপৰত ক্রিয়া কৰে, তেতিয়া সি সংবেদন ৰূপে দেখা দিয়ে। বাহিৰৰ শক্তিয়ে আমাৰ ভিতৰত সংবেদন ৰূপী শক্তিৰ সৃষ্টি কৰে। সেইদৰে চিন্তাও এক আন্তৰিক শক্তি। তেওঁৰ মতে একে পৰম শক্তিয়েই কেতিয়াবা ভৌতিক শক্তি ৰূপে, কেঅজ্ঞানক নাশ নকৰালৈকে জ্ঞান আহিব নোৱাৰে। বিবেকানন্দৰ মতে জ্ঞান আত্মাৰ নিজস্ব গুণ।
জ্ঞানৰ উৎস হ'ল অভিজ্ঞতা, আগতীয়া অভিজ্ঞতাৰ অবিহনে নতুন অভিজ্ঞতাক জানিব নোৱাৰি। আমি অভিজ্ঞতা লৈয়েই জন্ম লওঁ। লকে ভবাৰ দৰে জন্মত আমাৰ মন খালি হৈ নাহে। তেওঁ কৈছে, "Knowledge can only be got in one way, the way of experience, there is no other way to know." অর্থাৎ মাত্র এক প্রকাৰেই জ্ঞান অর্জন কৰিব পাৰি, জনাৰ আৰু অন্য কোনো উপায় নাই।
২। স্বামী বিবেকানন্দই সৃষ্টি সম্বন্ধে কি মতামত আগবঢ়াইছে?
উত্তৰঃ জগতত কিবা এটা শক্তি নিহিত হৈ আছে যি প্রতি মুহূৰ্ত্ততে নিজকে প্রকাশ কৰিবলৈ বিচাৰে। কিন্তু বিভিন্ন পৰিস্থিতিয়ে এই প্রকাশত বাধা জন্মায়। এইদৰে সৃষ্টি আৰু প্রতিবন্ধকতাৰ মাজত সদায় বিৰোধ লাগে। কিন্তু শেষত সৃষ্টিৰ শক্তিৰেই জয় হয়, আৰু ই পৰিস্থিতিক সম্পূর্ণৰূপে পৰাভূত কৰে।
গছ এজোপা গুটি এটাৰ পৰা আর্বিভাৱ হোৱাৰ দৰেই, ভ্রূণৰ পৰা মানুহৰ জন্ম হোৱাৰ দৰেই এক বিশুদ্ধ ৰূপৰ পৰা জগতৰ আবির্ভাৱ হৈছে।
ঈশ্বৰে নিজ ইচ্ছাৰেই অৱতৰণ কৰি ক্ষুদ্রতম পৰমাণুৰ আকাৰ লয়। তাৰ পাছত তেওঁ নিজেই নিজৰ স্বৰূপ প্রকাশ কৰি কৰি আকৌ নিজতেই লীন যায়।
বিবেকানন্দই সার্বিক শক্তিক প্রাণ নাম দিছে। এই প্রাণে গতি, আকর্ষণ, চিন্তা আদিৰ ৰূপ লয়। এই প্রাণে আকাশৰ ওপৰত ক্ৰিয়া কৰি জগত সৃষ্টি কৰে। প্ৰথমতে এই প্রাণ আকাশ নামৰ গতিহীন সমুদ্রত শুই থাকে। এই প্রাণত স্পন্দনৰ সৃষ্টি হোৱাৰ লগে লগে সৃষ্টিয়ে পাতনি মেলে। ইয়াৰ পাচত ই আকৌ সুপ্ত হৈ পৰে। এইদৰে সাময়িক স্পন্দন আৰু সুষুপ্তিৰ ফলত সৃষ্টিৰ উদ্ভব হয়, আৰু ইয়াৰ সামৰণি পৰে।
৩। বিবেকানন্দই আগবঢ়োৱা মানুহৰ স্বতন্ত্রতা সম্পৰ্কীয় ধাৰণাৰ অৰ্থ কি?
উত্তৰঃ বিবেকানন্দৰ মতে, স্বাধীনতা মানে সম্পূর্ণ অনিয়ন্ত্রতা নহয় আত্মনিৰ্ধাৰণেই স্বাধীনতা নির্দেশ কৰে। অর্থাৎ কর্মই মানুহক স্বাধীনতাৰ বিৰোধীতা নকৰে কাৰণ কৰ্মৰ ওপৰতে মানুহৰ চূড়ান্ত মুক্তি নিৰ্ভৰ কৰে। মানুহ নিজা কর্মই তেওঁৰ প্ৰকৃতি উৎপত্তি কৰে আৰু সেইবোৰেই ভৱিষ্যৎ ফলৰ উপাদান কৰে।
৪। স্বামী বিবেকানন্দৰ দৰ্শনত জন্মান্তৰ সম্পৰ্কে কি মত পোষণ কৰিছে?
উত্তৰঃ আত্মাই এনে এটা দেহত স্থিতি লয় যিটোৱে ইয়াৰ প্রবণতাক প্রকাশ কৰিব পাৰে। এই আত্মাৰ জন্মান্তৰ ঘটে। কেতিয়াবা ই অন্য দেহলৈ যায়, কেতিয়াবা স্বৰ্গলৈ যায়, কেতিয়াবা আকৌ স্বৰ্গৰ পৰা ঘূৰি আহে। যেতিয়া ই লক্ষ্যত উপনীত হয় তেতিয়া আৰু ই জন্ম নলয়।
বিবেকানন্দৰ মতে আমাৰ অতীত বিস্মৃতিয়ে জন্মান্তৰক নুই নকৰে। কেতিয়াবা আমি ল'ৰালি কালৰ প্ৰায় সকলোবোৰ কথাই পাহৰি যাওঁ। তাৰ দ্বাৰা এইটো বুজায় জানো যে আমাৰ ল'ৰালি কাল নাছিল? সেয়ে জন্মান্তৰ অনস্বীকার্য।
বিবেকানন্দই ব্রহ্মলোক আৰু স্বর্গ- এই দুখন লোক ভাল কৰ্মৰ ফলত লাভ কৰা লোক বুলি অভিহিত কৰিছে। দেবযানেৰে ব্ৰহ্মলোকলৈ, আৰু পিতৃযানেৰে স্বৰ্গলৈ গতি কৰা কথা তেওঁ কৈছে। তেওঁৰ মতে ভাল কাম কৰা লোক স্বর্গ বা ব্রহ্মলোকলৈ যায়। ভাল কাম কৰাৰ ফলৰ পৰিণাম যেতিয়া শেষ হ'ব তেতিয়া তেওঁ আকৌ মর্ত্যলৈ ঘূৰি আহে। সেইদৰে বেয়া কামৰ আতিশয্যই মানুহক ভূত, প্রেত, পিশাচ আদিৰ জন্ম ল'বলৈ বাধ্য কৰায়। তাৰ পাছত তেওঁলোকে জন্তুৰ জীৱন ধৰি বেয়া কাম ম্যাদ শেষ হ'লে আকৌ মর্ত্যলোকলৈ ঘূৰি আহে। পূৰ্ণ মোক্ষ লাভ নকৰালৈকে এই জন্মচক্ৰ ঘূৰি থাকে।
৫। বিবেকানন্দৰ মতে সত্তা কি?
উত্তৰঃ বিবেকানন্দৰ মতে সত্তা এক। এই এক সত্তা হ'ল আত্মা। এই আত্মাৰ কোনো ৰূপ বা আকাৰ নাই। ই সৰ্বত্ৰ বিদ্যমান। ই দেশ, কাল আৰু কাৰণতাৰ অতীত। এই আত্মাকেই ঈশ্বৰ বোলা হয়।
একো নোহোৱাৰ পৰা কিবা এটাৰ সৃষ্টি হ'ব নোৱাৰে। সৃষ্টিৰ যিহেতু অন্ত আছে, সেয়ে ইয়াৰ আদিও আছে। সৃষ্টিৰ আদি হৈছে সত্তা। সৃষ্টিৰ আগতেও ই সম্পূৰ্ণ ৰূপত থাকে।
বিবেকানন্দৰ মতে ব্ৰহ্ম নামৰ সত্তা দেশ, কাল আৰু কাৰণতাৰ মাধ্যমেৰে জগত ৰূপে আবির্ভাৱ হয়। দেশ, কাল আৰু কাৰণতাৰ মাধ্যমেৰে চোৱা সত্তাই হ'ল জগত।
সত্তা এক, দুই নহয়। যিকোনো দ্বৈতবাদী ধাৰণাই ভুল। তেওঁ কৈছে, "So long as anyone thinks that thas come to know that there is but one, he is right, This is what is being proved to us every day, on the physical plane, on the mental plane and also on the spiritual plane." বিবেকানন্দৰ মতে দেহ, মন আৰু আত্মা এক সত্তাৰে তিনিটা পর্যায় মাত্র।
৮। বিবেকানন্দৰ দেশ, কাল আৰু কাৰণতাৰ ধাৰণা সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ কাণ্টৰ দৰে বিবেকানন্দয়ো কালক মন নিৰ্ভৰশীল বুলি ধৰে, কাৰণ মনৰ পৰিৱৰ্তনৰ লগে লগে কালৰো পৰিৱৰ্তন হয়। ইয়াৰ উপৰি ই দেশ আৰু কাৰণতাৰ ধাৰণাৰ লগত সাপেক্ষ। এই তিনিও ধাৰণাক অস্তিত্বশীল বা অনস্তিত্বশীল বুলি অভিহিত কৰিব নোৱাৰি। ইহঁত প্রকৃত সত্তাযুক্ত নহয়, কাৰণ পৰম সত্তাত ইহঁত নাথাকে। ইহঁত জগতৰহে বস্তু।
মন নহ'লে দেশ, কাল আদিৰ ধাৰণা নাথাকে। মনেহে সেইবোৰৰ ধাৰণা দিয়ে। পৰম সত্তাত দেশ আদি নাথাকে, কাৰণ ই পৰিৱনহীন। তথাপি ই দেশ, কাল আৰু কাৰণতাৰ মাধ্যমেৰেই জগত ৰূপে প্রকাশিত হয়। বিবেকানন্দৰ নিজৰ ভাষাতে, "The Absolute has become the universe by coming through space, time and causation.... time space and causation are like the glass through which the Absolute is seen, and when it is seen on the lower side, it Appears as the universe." ইয়াৰ অৰ্থ হ'ল- ব্রহ্ম জগত হয় দেশ, কাল আৰু কাৰণতাৰ মাধ্যমেৰে আহি.... কাল, দেশ আৰু কাৰণতা আইনাৰ দৰে যাৰ মাজেৰে ব্ৰহ্মক দেখা যায়, আৰু যেতিয়া ইয়াক তলৰ দিশত দেখা যায়, ই জগত ৰূপে প্রতিভাত হয়।
৯। বিবেকানন্দৰ শিক্ষা দৰ্শনৰ মূল লক্ষ্য আৰু উদ্দেশ্যকেইটা উল্লেখ কৰা।
উত্তৰঃ বিবেকানন্দৰ শিক্ষা দৰ্শনৰ মূল লক্ষ্য আৰু উদ্দেশ্যসমূহক তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰি—-
(১) শিক্ষার্থীক
পূর্ণতা প্রাপ্তি বা মহত্ব প্রাপ্তিত সহায় কৰা।
(২) শিক্ষার্থীৰ
মাজত সু-অভ্যাস গঢ়ি তোলা।
(৩) শিক্ষাৰ্থীৰ
চৰিত্ৰগঠনত সহায়তা কৰা।
(৪) শিক্ষার্থীৰ
দৈহিক, মানসিক আৰু আধ্যাত্মিক বিকাশ সাধন কৰা।
(৫) শিক্ষাৰ্থীৰ
মাজত শ্ৰদ্ধাৰ ভাব জগাই তোলা।
(৬) শিক্ষার্থীৰ
মাজত আত্মনিৰ্ভৰতা বৃদ্ধি কৰা।
(৭) প্ৰকৃতিৰ
হিতকৰ প্ৰভাৱ সম্পর্কে শিক্ষার্থীসকলক সচেতন কৰা।
(৮) আৱাসিক
বিদ্যালয়ৰ ছাত্ৰসকলৰ যৌথ জীৱন-যাপনত সহায়তা কৰা।
(৯) শিক্ষার্থীসকলক
সমাজসেৱাত উৎসাহিত কৰা।
(১০) ধৰ্ম
আৰু সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাৰ ভাব জগাই তোলা।
(১১) প্রাচ্য আৰু পাশ্চাত্য শিক্ষাৰ সমন্বয় সাধন।
গতিকে দেখা যায় যে বিবেকানন্দৰ শিক্ষা ব্যৱস্থা জীৱন দৰ্শনৰ আধাৰত গঢ়ি উঠিছে। এই জীৱন দর্শন হ'ল বেদান্তৰ আধ্যাত্মিক দর্শন যাক তেওঁ ব্যৱহাৰিক কৰি তুলিব বিচাৰিছে। সেইকাৰণে দেখা যায়, তেওঁৰ শিক্ষা দৰ্শনৰ মূল বিষয়েই হৈছে মনুষ্যত্বৰ বিকাশ সাধন আৰু চৰিত্ৰ গঠন, শিক্ষাৰ্থীৰ নৈতিক আৰু আধ্যাত্মিক চেতনাৰ উন্নতি সাধন।
১০। ৰবীন্দ্ৰনাথ ঠাকুৰক এজন দার্শনিক বুলি কিয় দাবী কৰিব পাৰি?
উত্তৰঃ ৰবীন্দ্ৰনাথ ঠাকুৰ এজন সুসংগঠিত
দার্শনিক নাছিল যদিও তেওঁক এজন দার্শনিক
বুলি দাবী কৰিব পৰা যায়, কিয়নো তেওঁৰ সমগ্র সাহিত্য, কবিতা, ভাষণ আৰু চিন্তাধাবান মাজেৰে এক গভীৰ দার্শনিক বিশ্বদৃষ্টি প্রকাশ পাইছে। তেওঁ কেতিয়াও পৰম্পৰাগত দর্শনৰ দৰে যুক্তি, তত্ত্ব আৰু শাস্ত্রগত কাঠামোৰ মাজত নিজকে সীমাবদ্ধ নকৰিলে, বৰঞ্চ কবিতাৰ সৌন্দর্য আৰু অনুভৱৰ গভীৰতাৰ মাজেৰে সত্যতা, মানৱ জীৱন আৰু বিশ্বব্রহ্মাণ্ডৰ অর্থ ব্যাখ্যা কৰিলে। ড০ ৰাধাকৃষ্ণনে ঠিকেই কৈছিল যে ঠাকুৰৰ দৰ্শন হৈছে অধিবিদ্যাৰ যুক্তিগত ব্যাখ্যাৰ পৰিৱৰ্তে আত্মাৰ এক নিশ্বাস। এই কথাৰ পৰা বুজা যায় যে তেওঁৰ দর্শন অনুভৱমূলক হলেও ই কোনোভাৱেই গভীৰ দাৰ্শনিক চিন্তাৰ অভাৱত ভোগা নাছিল। ঠাকুৰৰ ৰচনাসমূহত মানুহ, প্রকৃতি আৰু ঈশ্বৰৰ মাজত থকা আন্তঃসম্পৰ্কৰ বিষয়ে যি বিশ্লেষণ দেখা যায়, সেয়া এক সুস্পষ্ট দার্শনিক দৃষ্টিভংগীৰ ফল। তেওঁ মানৱ জীৱনৰ লক্ষ্য, আনন্দ, প্রেম, মুক্তি আৰু আধ্যাত্মিক বিকাশৰ বিষয়ে গভীৰ চিন্তা আগবঢ়াইছে। তেওঁৰ মতে মানুহ কেৱল জৈৱিক সত্তা দার্শনিক। সেয়েহে ক'ব পাৰি যে ঠাকুৰ দৰ্শন কবিতাৰ ৰূপত প্রকাশ পাইছিল যদিও তাব নহয়, বৰঞ্চ আধ্যাত্মিক সম্ভাৱনাৰে ভৰা এক অসীম সত্তা। এই ধৰণৰ দৃষ্টিভংগী স্পষ্টভাৱে অন্তর্নিহিত তত্ত্ব, সত্য অন্বেষণ আৰু মানৱ জীৱনৰ ব্যাখ্যা তাক এজন মহান দার্শনিক ৰূপে প্রতিষ্ঠা কৰে।
১১। ঠাকুৰৰ মানৱতাবাদত মানুহৰ ধাৰণা আলোচনা কৰা।
উত্তৰঃ ঠাকুৰৰ মানৱতাবাদত মানুহ হৈছে সকলো চিন্তাৰ কেন্দ্ৰবিন্দু। তেওঁৰ মতে মানুহ কেৱল জৈৱিক বা সামাজিক সত্তা নহয়, বৰঞ্চ এক আধ্যাত্মিক সম্ভাৱনাৰে ভৰা পূৰ্ণ সত্তা। ঠাকুৰে মানুহৰ ৰূপৰ দুটা দিশৰ কথা কৈছে-এটা নিম্ন বা সীমিত দিশ আৰু আনটো উচ্চ বা অসীম দিশ। নিম্ন দিশটো জৈৱিক, শাৰীৰিক আৰু মানসিক প্ৰয়োজনৰ সৈতে জঞ্জতি, যি মানুহক প্ৰকৃতিৰ সৈতে সংযুক্ত কৰে। আনহাতে উচ্চ দিশটো আধ্যাত্মিক, য'ত মানুহ আনন্দ, প্রেম, সৌন্দর্য আৰু অসীমতাৰ অনুভৱ কৰে। ঠাকুৰৰ মতে এই দুয়ো দিশৰ সমন্বয়েই মানুহক পূর্ণতা প্রদান কৰে। তেওঁ মানুহৰ মাজতে ঈশ্বৰৰ উপস্থিতি অনুভৱ কৰে আৰু ইয়াক 'Jivan Devata' বুলি অভিহিত কৰে। মানুহৰ হৃদয়তেই ঈশ্বৰ বাস কৰে বুলি বিশ্বাস কৰি তেওঁ ঈশ্বৰক মানৱীয় ৰূপত উপলব্ধি কৰে। এই দৃষ্টিভংগীয়ে মানুহক অতি উচ্চ মর্যাদা প্রদান কৰে আৰু মানৱতাবাদক এক গভীৰ আধ্যাত্মিক দৰ্শনত ৰূপান্তৰ কৰে।
১২। ঠাকুৰৰ 'মানৱ ধৰ্ম' ধাৰণাটো ব্যাখ্যা কৰা।
উত্তৰঃ ঠাকুৰৰ 'মানৱ ধৰ্ম' ধাৰণাটো তেওঁৰ মানৱতাবাদৰ এক গুৰুত্বপূৰ্ণ দিশ। তেওঁ বিশ্বাস কৰিছিল যে সত্য ধর্ম কোনো প্রতিষ্ঠিত আচাৰ বা মতবাদৰ মাজত সীমাবদ্ধ নহয়, বৰঞ্চ ই মানুহৰ অন্তৰৰ সত্যতাৰ প্ৰকাশ। তেওঁৰ মতে পানীৰ ধৰ্ম পানীত্ব আৰু জুইৰ ধৰ্ম জ্বলন হোৱাৰ দৰে মানুহৰ ধৰ্ম হৈছে সত্যতা, প্ৰেম আৰু মানৱতা। এই ধৰ্ম মানুহৰ হৃদয়তেই বিকশিত হয় আৰু ই সকলোৰে সৈতে ঐক্য উপলব্ধি কৰাত সহায় কৰে। ঠাকুৰে ঈশ্বৰক আকাশত নাথাকি মানুহৰ হৃদয়ত বাস কৰা সত্তা হিচাপে কল্পনা কৰে। এই দৃষ্টিভংগীয়ে ধর্মক মানৱ কল্যাণ আৰু বিশ্বভাতৃত্বৰ দিশে লৈ যায়। সেয়েহে 'মানৱ ধৰ্ম' হৈছে সকলো ধর্মীয় বিভাজনৰ ওপৰত উঠি মানৱতাৰ এক সাৰ্বজনীন ৰূপ।
১৩। ঠাকুৰৰ দৰ্শনত প্ৰেম আৰু ত্যাগৰ স্থান আলোচনা কৰা।
উত্তৰঃ ঠাকুৰৰ দৰ্শনত প্রেম হৈছে সকলো নৈতিক আৰু আধ্যাত্মিক জীৱনৰ মূল নীতি। তেওঁৰ মতে প্ৰেম কোনো স্বার্থপূর্ণ আসক্তি নহয়, বৰঞ্চ ই অহংকাৰৰ অতিক্ৰম। প্রকৃত প্রেমে মানুহক নিজৰ সীমাবদ্ধতাৰ পৰা ওপৰলৈ উঠাই বিশ্বজনীন ঐক্যৰ অনুভৱ দিয়ে। প্ৰেমৰ সৈতে ত্যাগ বিচ্ছেদ্যভাৱে জড়িত, কিয়নো ত্যাগ নোহোৱাকৈ প্রেম পূর্ণতা লাভ নকৰে। ঠাকুৰৰ মতে মানুহে প্ৰেমৰ জৰিয়তে নিজৰ অহং ত্যাগ কৰি আনৰ সৈতে আত্মীয়তা স্থাপন কৰে। এই প্রেমেই মানুহক ঈশ্বৰৰ সৈতে সংযোগ স্থাপন কৰিবলৈ সহায় কৰে। সেয়েহে প্রেম আৰু ত্যাগ ঠাকুৰৰ মানৱতাবাদৰ আত্মা।
১৮। তলত দিয়াবোৰৰ চমুটোকা লিখা
(ক) স্বামী বিবেকানন্দৰ মতে 'মায়া'
উত্তৰঃ জগতৰ ধাৰণা আমাৰ মনে দিয়ে। বিবেকানন্দৰ মতে জগতক ব্যাখ্যা কৰিবৰ বাবে মায়া এক সুত্র নহয়, ই তথ্যৰ এক বিবৰণহে। জগতত যিবোৰ বিৰোধমলক কথাকাণ্ড দেখা যায় সেইবোৰেই মায়া নামৰ কথাটোক সাব্যস্ত কৰে।
বিবেকানন্দৰ মতে মানুহৰ চৈতন্য বিশিষ্ট দেহ এক মায়া। প্রকৃতিও মায়া যি সত্তাক আবন্ধি ৰাখে। ভাল চিন্তা বা ভাল কর্মইহে প্ৰকৃতিৰ এই জাল ফালিব পাৰে। এই জাল নফলালৈকে ঈশ্বৰ প্ৰতিভাত নহয়।
বিবেকানন্দৰ মতে জ্ঞানে মায়াক আঁতৰ কৰিব পাৰে। ই সম্ভৱ হয় চিত্তবৃত্তি নিৰোধৰ দ্বাৰা স তেহে আত্মা-চৈতন্য প্রতিভাত হৈ মায়াক নাশ কৰিব পাৰিব।
দ্বৈতজ্ঞানে মায়াৰ জন্ম দিয়ে। এই দ্বৈতজ্ঞানক একমাত্র অদ্বৈতজ্ঞানেহে মষিমূৰ কৰিব নি পাৰে। এই দ্বৈতজ্ঞান আতঁৰ হ'লে অবভাসিক জগতৰ জ্ঞানো আঁতৰ হ'ব।
মায়া অনির্বাচনীয় আৰু ৰহস্যমূলক। ইয়াক বিবেকানন্দই ভ্রম অর্থাৎ illusion ৰ অৰ্থত লোৱা নাই। তেওঁৰ মতে মায়াৰো সত্তা আছে।
(খ) মুক্তি আৰু ইয়াক লাভ কৰাৰ উপায়।
উত্তৰঃ বিবেকানন্দৰ মতে ঈশ্বৰৰ কৰুণাতহে
মুক্তি সম্ভব। ঈশ্বৰে কৰুণা কৰে যেতিয়া আমাৰ আত্মা শুদ্ধ হয়।
মুক্তি লাভৰ বাবে তিনিটা চৰ্তৰ দৰকাৰী। প্ৰথমটো হ'ল মানৱ শৰীৰ ধাৰণ, কাৰণ মানৱ শৰীৰতহে ঈশ্বৰ প্রতিবিম্বিত হয়। দ্বিতীয়তে মোক্ষ লাভৰ বাবে মানুহে ইচ্ছা কৰিব লাগিব। তৃতীয়তে মোক্ষ পথ দেখুৱাবৰ বাবে এজন গুৰুৰ দৰকাৰ।
মুক্তি লাভৰ বাবে যোগী হোৱাটো বাঞ্চনীয় বুলি বিবেকানন্দই ভাবে। তেওঁ চাৰি প্ৰকাৰ যোগীৰ কথা কয়, কর্মযোগী, যি কৰ্মৰ মাধ্যমেৰে মুক্তি লাভ কৰে, ভক্তি যোগী, যি ভক্তিৰ মাধ্যমেৰে মুক্তি লাভ কৰে আৰু জ্ঞানযোগী, যি দৰ্শনৰ মাধ্যমেৰে মুক্তি লাভ কৰে।
বিবেকানন্দৰ কৰ্মযোগ, ভক্তিযোগ
আৰু জ্ঞানযোগ গীতাৰ কৰ্মযোগ, ভক্তিযোগ আৰু জ্ঞানযোগৰ লগত প্রায় মিলে। ৰাজযোগে
নিম্ন পৰ্যায়ৰ আত্মাৰ উচ্চ পযষ্ট্ৰায়ৰ আত্মাৰ লগত মিলনক সূচায়।
বিবেকানন্দই জীৱনমুক্তি সম্ভৱ বুলি কয়। অর্থাৎ এজন মানুহে জীৱন্তকালতে মুক্তি লাভকৰিব পাৰে বুলি তেওঁ মত পোষণ কৰে। টি. এম. পি. মহাদেবনে কৈছে যে বিবেকানন্দৰ মুক্তিৰ ধাৰণা শংকৰাচাৰ্যৰ দৰেই। এইক্ষেত্ৰত তেওঁ বিশেষ নতুন অৱদান দিয়া নাই। তেওঁ লিখিছে, "A careful study of Swamiji's writings will show htat he is in perfect agreement with Sankara-Advaita in regard to the teaching about the means to release, and is not making any change or innovation whatscover."
(গ) বিবেকানন্দৰ শিক্ষা আৰু সামাজিক আদৰ্শৰ ধাৰণা।
উত্তৰঃ বিবেকানন্দই কয় যে শিক্ষকে তিনিটা
চর্ত পূৰণ কৰিব লগা হয়। তেওঁ ধর্মশাস্ত্ৰৰ তত্ত্ব বুজি পাব লাগে। দ্বিতীয়তে তেওঁ
নিষ্পাপী হ'ব লাগিব। তৃতীয়তে তেওঁ নিঃস্বাৰ্থ আৰু প্রেম ভাৱেৰে
কাম কৰিব লাগে।
বিবেকানন্দৰ মতে শিক্ষা হ'ল মানুহৰ ভিতৰত থকা পূর্ণতাৰ প্ৰতিফলন। শিক্ষকে যিবোৰ বস্তুৱে পূৰ্ণতাৰ এই প্ৰতিফলনক বাধা প্রদান কৰে সেইবোৰক আঁতৰাবলৈ চেষ্টা কৰিব লাগে। বিবেকানন্দই কয় যে কৃষক আৰু শ্রমিকক শিক্ষা দিয়াটো ঘাই কথা। তেওঁলোক যিহেতু আনুষ্ঠানিক শিক্ষা লোৱাৰ পৰা বঞ্চিত, সেয়ে সন্ন্যাসী সকলে তেওঁলোকৰ আজৰি সময়ত বিভিন্ন শিক্ষা দিবলৈ চেষ্টা কৰা উচিত। সেইদৰে বিধবা সকলে সংগঠিত ভাবে তিৰোতা সকলৰ শিক্ষাৰ বাবে চেষ্টা কৰিব পাৰে।
বিবেকানন্দই ধর্মই সামাজিক কথাত হেতা ওপৰা কৰাটো অনুচিত বুলি কয়। ধৰ্মৰ উদ্দেশ্য সমাজ সংস্কাৰ নহয়।
তেওঁৰ মতে মানৱ সমাজ ব্রাহ্মণ, ক্ষত্রিয়, বৈশ্য
আৰু শূদ্র এই চাৰি বৰ্ণৰ দ্বাৰা অনুশাসিত।
বিবেকানন্দই কয় যে পৃথিৱীৰ বিভিন্ন যুগত এই চাৰি বৰ্ণই শাসন কৰে। ব্ৰাহ্মণৰ শাসন বিজ্ঞানৰ শাসন, কাৰণ তেওঁলোক যুক্তি আৰু বুদ্ধিৰে পৰিচালিত। ক্ষত্ৰিয়ৰ শাসন সৌর্য-বীৰ্যৰ শাসন। এই শাসনত সামাজিক সংস্কৃতি উচ্চতম শিখৰত উঠে। বৈশ্যৰ শাসন পুঁজিপতিব শাসন। ইয়াত শোষণ আৰু উৎপীড়ন চলে। শূদ্ৰৰ শাসনত ভৌতিক সুখৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। এই শাসনত সাংস্কৃতিক আধোন্নতি হয়। এই শাসনত সকলো মানুহ শিক্ষিত হ'ব, কিন্তু বিদগ্ধ পণ্ডিত, বিদ্বান আদি লোকৰ হ্রাস পাব।
বিবেকানন্দই প্লেটোৰ দৰে আদৰ্শ ৰাষ্ট্ৰৰ কথা ভাবিছে। এই আদৰ্শ ৰাষ্ট্ৰত পুৰোহিত শাসনৰ জ্ঞান থাকিব, ক্ষত্ৰিয়ৰ সংস্কৃতি থাকিব, বৈশ্যৰ সম-বিতৰণ প্ৰক্ৰিয়া থাকিব আৰু শূদ্ৰৰ শ্রমিক শাসনৰ আদৰ্শনীয় সমতা থাকিব। বিবেকানন্দই সমাজবাদ সমর্থন কৰে। তেওঁৰ মতে হিন্দুত্বৰ মাজতেই সমাজবাদৰ আৰ্হি সোমাই আছে।
বিবেকানন্দই ভাৰতক এখন আদৰ্শ ৰাষ্ট্ৰ বুলি ভাবে। এই ৰাষ্ট্ৰই কোনো দিনে ওচৰৰ ৰাষ্ট্ৰক আক্ৰমণ কৰিবলৈ যোৱা নাই। ভাৰতৰ মানুহে শ্ৰম কৰিব কেনেকৈ লাগে তাক জানে। মাত্র বাহিৰৰ মানুহ আহিহে ভাৰতীয় মানুহক কলুষিত কৰিছে। তথাপি বিভিন্ন বিদেশী আক্রমণ আৰু আধিপত্যৰ মাজেৰেও ই স্বকীয়ত্ব বজাই ৰাখিবলৈ সক্ষম হৈ আহি আছে।
বিবেকানন্দৰ মতে সামাজিক নিয়মবোৰ প্ৰাকৃতিক নিয়মৰ দৰে অনিবাৰ্য আৰু সার্বিক নহয়। তেওঁৰ মতে যি ক্ষেত্ৰত প্রাকৃতিক নিয়মবোৰ বস্তুনিষ্ঠ, সামাজিক নিয়মবোৰ আত্মনিষ্ঠ। সেয়ে প্রাকৃতিক নিয়ম ভঙ্গ কৰা সম্ভৱ নহয়, কিন্তু মানুহে তৈয়াৰ কৰা সামাজিক নিয়মবোৰ ভঙ্গ কৰা সম্ভৱ।
ৰচনাধৰ্মী প্রশ্নোত্তৰ
১। সমকালীন ভাৰতীয় দর্শনে কি বুজায়?
উত্তৰঃ সমকালীন ভাৰতীয় দর্শনক এক বিচ্ছিন্ন প্রপঞ্চ হিচাপে চালে ভুল হ'ব। এই দৰ্শনত পাশ্চাত্যত দৰ্শনৰ ৰাজ্যত ঘটা নতুন চিন্তাৰাজিয়ে প্ৰভাৱ বিস্তাৰ নকৰা নহয়। পাশ্চাত্যত দার্শনিক চিন্তাত যি আমূল পৰিৱৰ্ত্তন ঘটিছে সি আমাৰ সমকালীন দার্শনিক সকলকো নোছোৱাকৈ থকা নাই।
ভাৰতৰ সমকালীন দার্শনিক চিন্তা কিছু পৰিমাণে বিক্ষিপ্ত আৰু খেলিমেলি অৱস্থাত আছে। ই সম্পূৰ্ণকৈ পুৰণা দৰ্শন খিনিকো এৰিব পৰা নাই, আৰু আধুনিক যুগত সৃষ্টি হোৱা দার্শনিক আন্দোলন সমূহলৈকো পিঠি দি থাকিব পৰা নাই। সেয়ে সমকালীন ভাৰতীয় দর্শনক বিশুদ্ধ ৰূপত 'ভাৰতীয়' বা 'পশ্চিমীয়া' বুলি আখ্যা দিব নোৱাৰি। ই দুয়োটাৰে সংমিশ্রণত গঢ়ি উঠা এক সমন্বিত দর্শন হ'বলৈ আগবাঢ়ি গৈছে। পৃথিৱীত দর্শনসমূহ বেগেৰে এক আন্তঃবাষ্ট্রীয় বৈশিষ্ট্য পৰিগ্ৰহ কৰিবলৈ আগবাঢ়ি গৈছে আৰু সমকালীন ভাৰতীয় দর্শনো এই ক্ষেত্রত ব্যতিক্রম নহয়।
বৰ্তমানৰ পৃথিৱীখন সৰু হৈ আহি আছে। এতিয়া পৃথিৱীৰ কোনো ঠায়েই একাষৰীয়া হৈ থাকিব নোৱাৰে। চিন্তাৰ আদান-প্রদানে প্রতিখন ঠাইকে ছইছেগৈ। সেয়ে কোনো নির্দিষ্ট ঠাইয়ে ইয়াৰ চিন্তাৰাজিক বাহিৰৰ পৰা অহা চিন্তাৰাজিৰ লগত অভিযোজনা কৰি ল'ব লগীয়া হৈছে।
দর্শনে বাস্তৱ পটভূমিক উলাই কৰিব নোৱাৰে। সমসাময়িক সময়ত সমগ্র পৃথিবীতে যি পৰিবৰ্তনৰ সূচনা হৈছে সেই পৰিৱৰ্তনৰ তাল মিলাই দৰ্শন চলিব নোৱাৰিলে ই অচল হৈ পৰিব। সেয়ে ভাৰতীয় দর্শনেও সেই তাল মিলাব লগীয়া হৈছে।
এইটো ঠিক যে ভাৰতৰ এক সুকীয়া সাংস্কৃতিক বৈশিষ্ট্য আছে, আৰু ই এই বৈশিষ্ট্য প্রায় এতিয়ালৈকে বজাই ৰাখিছে। ভাৰতত শিল্প বিপ্লৱে পলমকৈ ভুমুকি মাৰিছে, আৰু পুঁজিবাদী কাঠামোৱেও সম্পূৰ্ণৰূপে ইয়াত গা কৰি উঠিব পৰা নাই। মানুহৰ সামন্তীয় দৃষ্টিভংগী এতিয়াও আঁতৰ হোৱা নাই। ভাৰতৰ বেছি ভাগ মানুহেই এতিয়াও ধর্মভীৰুৱেই হৈ আছে। বহুতে পুৰণিৰ আলান্ধুকলীয়া নিয়ম কিছুমানকে ধৰি আছে। পুৰণি আৰু নতুনৰ এই দোমোজাত সেয়ে দার্শনিক সকলে নতুনকৈ ভাবিবলৈ বাধ্য হৈছে।
বর্তমানে দর্শন এক আজৰি সময়ৰ চিন্তা বা চিন্তাৰ খেলা হৈ থকা নাই। ই জন্ম মৃত্যু প্রশ্ন হৈ পৰিছে। এতিয়া নিভৃত ভাবে দৰ্শন চিন্তা কৰাৰ সময় আঁতৰি গৈছে। দার্শনিক সকল এতিয়া নগৰীয়া জীৱনৰ ধাম খুমীয়াৰ পৰা অৰণ্যৰ আশ্ৰমত বাস নকৰে, কৰে মানুহৰ মাজতে, মানুহৰ নিত্য-নৈমিত্তিক সমস্যাৰাজিৰ সন্মুখীন হৈ। এতিয়াৰ ভাৰতীয় দার্শনিক সকল কিছুমান নির্লিপ্ত বা সংসাৰ বিৰাগী লোক নহয়, বা এতিয়া তেওঁলোকে পাৰলৌকিক মুক্তিৰ বাবে দর্শন চিন্তা নকৰে, কৰে বর্তমান জীৱনকে উপভোগ্য আৰু উন্নত কৰাৰ মানসেৰে।
গ্রীক-দর্শন বর্তমান যেনেকৈ অপ্রচলিত হৈ গ'ল সেইদৰে প্ৰাচীন ভাৰতীয় দর্শনো বহু পৰিমানে অপ্রচলিত হৈ পৰিছে। কাৰণ এতিয়া অতীতৰ বাস্তৱ পৰিস্থিতি নাই। একোটা দর্শনক যিহেতু একোটা বাস্তৱ পৰিস্থিতিয়ে পোহপাল দিয়ে, আৰু সেই বাস্তৱ পৰিস্থিতিটো নাইকীয়া হ'লে যেনেকৈ তাৰ ওপৰত প্ৰতিষ্ঠিত দর্শনটোও নাইকীয়া হ'বলৈ বাধ্য, সেয়ে প্রাচীন বাস্তৱ পৰিস্থিতিৰ অনুপস্থিতিত তাৰ ওপৰত নিৰ্ভৰ কৰা দৰ্শনটোও জীয়াই থাকিব নোৱাৰে। সেয়ে সমকালীন ভাৰতীয় দর্শনে নতুন বৈশিষ্ট্য পৰিগ্ৰহ কৰাটো অবধাৰিত কথা।
২। স্বামী বিবেকানন্দৰ এটি পৰিচয়মূলক টোকা আলোচনা কৰা।
উত্তৰঃ স্বামী বিবেকানন্দৰ পূৰ্বৰ নাম নৰেন্দ্ৰনাথ দত্ত। ১৮৬৩ চনত কলিকতাৰ এক ক্ষত্রিয় কুলত তেওঁ জন্ম লাভ কৰে। ডেকা কালত নৰেন্দ্ৰনাথ বেচ হৃষ্টপুষ্ট ল'ৰা আছিল আৰু কলেজত থাকোতে বক্সিং, মালযুজ, সাঁতোৰ, ঘোৰা-চেকুৰ আদিত ভাগ লৈছিল। তেওঁ দর্শন আৰু কবিতাৰ অনুৰাগী ছাত্র আছিল।
সৰুৰে পৰা নৰেন্দ্ৰনাথক ঈশ্বৰৰ ধাৰণাই ব্যতিব্যস্ত কৰি তুলিছিল। ঈশ্বৰক দেখিব পাৰি নে কি এই ভবে তেওঁক প্রায়ে আমনি দিছিল। সেই উদ্দেশ্যেই তেওঁ সাধাৰণ ব্রাহ্ম সমাজৰ সদস্য হয়। কিন্তু ব্রাহ্ম সমাজৰ মাধ্যমেৰে ঈশ্বৰ দৰ্শন সম্ভৱ নহয় বুলি তেওঁ ভাবিলে। অন্তত মহর্ষি দেবেন্দ্ৰনাথ ঠাকুৰৰ ওচৰলৈ গৈ সুধিলে, 'মহাশয়, আপুনি ঈশ্বৰ দেখিছেনে?' মহর্ষিয়ে এই বুলি উত্তৰ দিলে, 'বাচা, ঈশ্বৰ দেখিবলৈ তুমি যোগী হ'ব লাগিব।'
নৰেন্দ্ৰনাথে তেওঁৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ পৰা দক্ষিণেশ্বৰৰ ৰামকৃষ্ণ পৰমহংসৰ কথা শুনিলে। তেওঁ ৰামকৃষ্ণৰ ওচৰলৈ গৈ দেবেন্দ্ৰনাথক সোধা প্রশ্নটোকে সুধিলে। তাৰ উত্তৰত পৰমহংসই ক'লে, 'হয়, ইয়াত তোমাক দেখাৰ দৰেই মই তেওঁক দেখিছোঁ, মাত্র তেওঁক মই আৰু তীব্ৰ ৰূপত দেখিছো।' ৰামকৃষ্ণৰ এই উত্তৰত তেওঁ সন্তুষ্ট হৈ তেওঁৰ ওচৰলৈ সঘনাই যাবলৈ ধৰিলে। প্ৰথমতে তেওঁ ৰামকৃষ্ণৰ লগত ধৰ্ম সম্পৰ্কে বহুত তৰ্ক কৰিছিল।
নৰেন্দ্ৰনাথে বি. এ. ডিগ্রী লোৱাৰ আগতেই তেওঁৰ পিতাকৰ মৃত্যু হ'ল। বি. এ. পাছ কৰি তেওঁ আইনৰ শ্ৰেণীত যোগ দিয়ে। দেউতাক ঢুকুৱাৰ পাছত তেওঁলোকৰ পৰিয়ালৰ আৰ্থিক অৱস্থা শোচনীয় হৈ পৰাত তেওঁ চাকৰি বিচাৰিব লগা হয়। তেওঁ ৰামকৃষ্ণৰ ওচৰলৈ গৈ তেওঁৰ বাবে মা কালীক প্রার্থনা জনাবলৈ ক'লে। ৰামকৃষ্ণই তেওঁকে কালী মূৰ্তিৰ ওচৰলৈ যাবলৈ ক'লে। নৰেন্দ্ৰ নাথে কালীক এক জীৱন্ত ৰূপত দেখিবলৈ পালে। কালীক দেখাৰ আনন্দত তেওঁ নিজৰ বাবে প্ৰাৰ্থনা কৰিবলৈ পাহৰি গ'ল। তিনিবাৰ গৈও তেওঁ এই কামত কৃতকাৰ্যতা লভিব নোৱাৰিলে। এই কথাত ৰামকৃষ্ণই বুজিব পাৰিলে যে নৰেন্দ্ৰনাথ পার্থিব সুখৰ প্ৰতি আকৃষ্ট নহয়। তেওঁ অৱশ্যে নৰেন্দ্ৰনাথক এইবুলি আশীর্বাদ দিলে যে তেওঁৰ পৰিয়ালৰ লোকে জীৱনৰ ন্যূনতম আৱশ্যকীয় খিনি পাব।
নৰেন্দ্ৰনাথে পৰমহংসৰ ওচৰত বহু সময়ত ধ্যানত নিমগ্ন থকাৰ অভ্যাস কৰিলে। কোৱা হয় এনে অৱস্থাতে এবাৰ তেওঁ দিব্য জ্ঞান লাভ কৰে।
১৮৮১ চনত ৰামকৃষ্ণ পৰমহংসৰ মৃত্যু হোৱাত তেওঁৰ শিষ্য সকলক একত্ৰিত কৰি ৰখাৰ ভাৰ নৰেন্দ্ৰনাথৰ ওপৰত পৰে। সকলোবোৰ শিষ্যই ১৮৮৭ চনত ব্ৰজ হোম অনুষ্ঠিত কৰে আৰু সকলোবোৰেই সন্ন্যাসী হৈ সন্ন্যাসীৰ নাম পৰিগ্ৰহ কৰে। তেতিয়াৰ পৰাই নৰেন্দ্ৰনাথ দত্তৰ নাম স্বামী বিবেকানন্দ হয়।
ইয়াৰ আগতে তেওঁ নিজৰ মত প্ৰচাৰৰ বাবে ভ্রমণ কৰিবলৈ লয়। তেওঁৰ প্ৰথম শিষ্য আছিল এজন ষ্টেচন মাষ্টৰ। এই ষ্টেচন মাষ্টৰ জনে স্বামী সদানন্দ নামেৰে তেওঁৰ লগে লগে ফুৰিছিল। আনকি হিমালয় অঞ্চলত ভ্ৰমণৰত অৱস্থাতো তেওঁ বিবেকানন্দৰ লগে লগে ফুৰিছিল। প্রথম বাৰ এই ভ্ৰমণ তেওঁৰ বেয়া স্বাস্থ্যৰ বাবে বাতিল কৰিব লগা হয়। দ্বিতীয়বাৰ ১৮৯৮ চনত স্বামী অখণ্ডানন্দৰ লগত পুনৰ হিমালয় অঞ্চললৈ যাত্ৰা কৰে। প্রায় দুবছৰ ধৰি তেওঁ নানা ঠাই ভ্রমণ কৰে। ইয়াৰ পাছত তেওঁ কন্যাকুমাৰীলৈ যায়। ইয়াৰে এটা শিলৰ ওপৰত তেওঁ ধ্যান আৰম্ভ কৰে।
ইয়াৰ পাচত তেওঁ মাদ্রাজলৈ ঘুৰি আহে। তেওঁৰ শিষ্য সকলে তেওঁক আমেৰিকাৰ চিকাগোত বহা ধর্ম সম্মিলনত বাগ ল'বলৈ পঠাব খুজিলে। ১৮৯৩ চনৰ ৩১ মে'ত তেওঁ বম্বেৰ পৰা আমেৰিকালৈ যাত্ৰা কৰে। এই বছৰৰে ১১ ছেপ্তেম্বৰত ধৰ্মৰ বিশ্ব সম্মিলন আৰম্ভ হয়। ইয়াৰ প্রথমখন অধিৱেশনত তেওঁ এটা চমু বক্তৃতা দিয়ে। এই বক্তৃতাই তাত থকা সকলোকে আকর্ষণ কৰিব পাৰিছিল।
১৮৯৫ চনৰ চেপ্তেম্বৰত বিবেকানন্দই ইংলগুলৈ বুলি ৰাওনা কৰে। এই বছৰৰে ডিচেম্বৰত তেওঁ আমেৰিকালৈ ঘূৰি গৈ হার্ভাদ বিশ্ববিদ্যালয়ত কর্মযোগ, ভক্তিযোগ আৰু জ্ঞানযোগৰ ওপৰত বক্তৃতা প্রদান কৰে। ১৮৯৬ চনত তেওঁ নিউইয়র্কত বেদান্ত সমাজ গঠন কৰে।
ইয়াৰ পাছত তেওঁ ভাৰতলৈ ঘূৰি আহি কলম্বোকে আদি কৰি বিভিন্ন ঠাইত ভ্রমণ কৰে। সেহত ৰামকৃষ্ণ মিছনৰ প্ৰধান কেন্দ্ৰ বেলুৰলৈ আহে। ১৮৯৮ চনৰ আক্টোবৰত বেলুৰ মঠ স্থাপিত হয়। ১৮৯৯ ৰ মাৰ্চত তেওঁ আলমোৰাত অদ্বৈত আশ্রম প্রতিষ্ঠা কৰে। এই বছৰৰে জুন মাহত তেওঁ পুনৰ আমেৰিকালৈ যাত্ৰা কৰে। ১৯০০ চনৰ আগষ্ট মাহত পেৰিচত বহা ধৰ্মৰ বুৰঞ্জী কংগ্ৰেছত বক্তৃতা দিবলৈ যায়। এই বছৰতে ৯ ডিচেম্বৰত তেওঁ বেলুৰলৈ পুনৰ ঘূৰি আহে। জীৱনৰ বাকী সময়ছোৱা তেওঁ বেলুৰতে কটাইছিল। ১৯০২ চনৰ ৪ জুলাইততেওঁ ইহলীলা সম্বৰণ কৰে।
৩। স্বামী বিবেকানন্দৰ দৰ্শনৰ বিচাৰমূলক মূল্যায়ন কৰা।
উত্তৰঃ বিবেকানন্দৰ দৰ্শনক এক বেদান্তবাদী দর্শন বুলিয়েই অভিহিত কৰিব পাৰি। বহুতে তেওঁ এজন নব্য বেদান্তৰ পৃষ্ঠপোষক বুলি কয়। তেওঁ বহুত সময়ত বেদান্তৰপৰা আঁতৰিবলৈ চেষ্টা কৰিছে। কিন্তু বেদান্ত-শব্দাৱলীৰ ব্যৱহাৰৰ প্ৰাচুৰ্য্যই তেওঁৰ দৰ্শনক বহুত সময়ত অবোধগম্য কৰি তুলিছে।
হিন্দু ধর্ম যে বেদান্ত দর্শন প্রধান এই কথাত বিবেকানন্দ বিশ্বাসী। তেওঁ কৈছে, "... the Vedanta, whether we know it or not, has penetrated all the sects in India, and what we call Hinduism... has been throughout interpreted by the influence of the Vedanta. Whather we are conscious of it or onot, we think the Vedanta, we live in the Vedanta, we breathe the Vedanta, and we die in the Vedanta, and every Hindu does that ....."
বিবেকানন্দৰ প্ৰধান উদ্দেশ্য আছিল
নতুন দিনৰ লগত খাপ খোৱাকৈ বেদান্তক নকৈ সজোৱা। ইয়াৰ উপৰি তেওঁৰ অন্য এক উদ্দেশ্য
আছিল বিভিন্ন বেদান্ত সম্প্রদায়ক একে বুলি দেখুৱা। তেওঁ নিজেই এই কথা এইদৰে
স্বীকাৰ কৰিছে, "This is my attempt, my
mission in life, to show that the vedantic schools are not contradictory that
they all necessitate each other, all fulfil each other, and one, as it were, is
the stepping stone to the other."
বিবেকানন্দই জড়বস্তু আৰু মনৰ অদ্বৈততাৰ ওপৰত অধিক গুৰুত্ব দিছে। তেওঁ কৈছে, "যে বাহ্য শক্তিয়ে কেনেবাকৈ আন্তৰিক শক্তি ঘটায় এই কথাই দেখুৱায় যে ক'ৰবাত সিহঁত পৰস্পৰ একত্ৰিত হৈছে - সিহঁত ধাৰাবাহিক হ'বই লাগিব আৰু সেয়ে মূলতঃ একেটা শক্তিয়েই। যিহেতু একেটা শক্তিয়েই এটা ৰূপত জড়বস্তু হিচাপে দেখা দিছে আৰু অন্য এক ৰূপত মন হিচাপে, সেয়ে জড়বস্তু আৰু মনক বেলেগ বুলি ভবাৰ কাৰণ নাই। মন জড়বস্তুলৈ পৰিবৰ্তিত হয়। জড়বস্তু মনলৈ পৰিবৰ্তিত হয়।
পৰম সত্তা যে চিন্তাধর্মী বা বস্তুধর্মী উভয়ে নহয় এই কথা বিবেকানন্দই আৰু অন্য ঠাইতো এইদৰে দেখুৱাইছে, “চিন্তা শক্তি স্নায়ু শক্তি, পেশী শক্তি হৈ পৰে, পেশী আৰু স্নায়ুশক্তি চিন্তা শক্তি হয়। প্রকৃতি সর্বতোভাৱে এই শক্তিয়েই, লাগে ই জড়বস্তু ৰূপেই ব্যক্ত হওক। সূক্ষ্মতম মন আৰু স্থূলতম জড়বস্তুৰ মাজৰ পাৰ্থক্য হ'ল মাত্ৰ মাত্ৰাৰ পাৰ্থক্য। সেয়ে গোটেই জগতখনকে মন নাইবা জড়বস্তু বুলিব পাৰি, কি বোলা যায় সি ডাঙৰ কথা নহয়। তুমি মনক পৰিশোধিত জড়বস্তু বা দেহক মূর্তিমন্ত মন বুলিব পাৰাঁ, কোনটো নামেৰে মাতা এই কথা বৰ ডাঙৰ কথা নহয়।
সেইদৰে তেওঁ আকৌ কৈছে, 'যদি মই দহ দিন নোখোৱাকৈ থাকো তেন্তে মই ভাবিব নোৱাৰিম। মাত্ৰ কিছুমান বিচ্ছিন্ন চিন্তাহে মোৰ মনলৈ আহিব। মই বৰ দুৰ্বল হৈ যাম আৰু সম্ভৱ মই নিজৰ নামটোকে পাহৰি যাম। তাৰ পাচত মই ৰুটী খালোঁ, আৰু পিচ মুহূর্ততে মই চিন্তা কৰিবলৈ আৰম্ভ কৰিম, মোৰ চিন্তা কৰিব পৰা শক্তি ঘূৰি আহিব। ৰুটী মন গৈ গ'ল। সেইদৰে, মনে যেতিয়া ইয়াৰ স্পন্দন তীব্রতা কমাব আৰু দেহত প্রকাশিত হ'ব, তেতিয়া ই জড়বস্তু হ'ব।
বিবেকানন্দই সকলোক্ষেত্ৰতে অদ্বৈতবাদী সূত্ৰৰ প্রভাব দেখা পাইছে। আনকি ভৌতিক জগতো ইয়াৰ ব্যতিক্রম নহয়। ভৌতিক জগতত অদ্বৈতবাদে কেনেকৈ প্রভাব বিস্তাৰ কৰে সেই কথা তেওঁ এনেকৈ দেখুৱাইছে, "দুটা বেলেগ বস্তু লোৱা, ধৰা এটুকুৰা কাচ আৰু এটুকুৰা কাঠ, সিহঁতক একেবাৰে মিহিকৈ গুড়ি কৰা, সিহঁতক এনেদৰে ভাঙা যে তাত একোট গুড়ি কৰিবলৈ বাকী নাথাকে, আৰু যিটো বস্তু পোৱা যাব তাক একৰূপী যেন দেখা যাব। সর্বশেষ বিশ্লেষণত সকলোবোৰ বস্তুৱেই একৰূপী। দ্রব্য বা সত্তা একৰূপী।
সকলো ধৰণৰ অদ্বৈতবাদী আৰু বৈদান্তিক প্রবণতা থকা সত্ত্বেও বিবেকানন্দই জগতৰ অলীকতা মানি ল'বলৈ ৰাজী নহয়। এই কথাৰ সত্যতা স্বীকাৰ কৰি ব্ৰোডভে তেওঁৰ 'Indian Philosophy in Modern Times' নামৰ কিতাপখনত এইদৰে লিখিছে, "Vivekananda was probably the first philosopher in the history of Vedantism to speak so openly and definitely in defence of the reality of this world."
বিবেকানন্দই যিবোৰ ধর্মই এই জগতখনক মিথ্যা বুলি কয়, যিবোৰ ধৰ্মই ই জগতৰ বাহিৰত থকা কিবা এটাকহে সত্য বুলি ধৰে সেইবোৰ ধৰ্মক সমালোচনা কৰিছে। তেওঁ কৈছে যে যদি এইখন জগতৰ আলমতে পিচৰ এখন জগতলৈ যোৱা যায়, তেন্তে এইখন জগত অসত্য কেনেকৈ হ'ব?
এই দিশৰ পৰা বিবেকানন্দত বস্তু জগতক সত্য বুলি কোৱাৰ এক প্রবণতা দেখা যায়। বস্তু জগতক সত্য বুলি কৈ তেওঁ অৱশ্যে জড়বস্তুক সৎযুক্ত বা সত্তামূলক বুলি কোৱা নাই, এৰিষ্টোটলৰ দৰে ইয়াক এক সম্ভাৱনীয়তা বুলিহে কৈছে। আকাৰৰ মাধ্যমেৰেহে জড়বস্তুৱে সাকাৰত্ব লাভ কৰে। বিবেকানন্দৰ দৰ্শনত আকাশ হ'ল এই জড়বস্তু, আৰু প্ৰাণ হ'ল আকাৰ। সেইদৰে এৰিষ্টোটলৰ নিমিত্ত কাৰণৰ ধাৰণাক বিবেকানন্দৰ মহতে পৰিপূৰ্ণ কৰিছে। এই মহৎ হ'ল জাগতিক বুদ্ধি। বিবেকানন্দৰ মুক্তিৰ ধাৰণাক মানি ল'ব নোৱাৰি। তেওঁ যদিও জীৱনমুক্তিৰ কথা কৈছে, তথাপি এই মুক্তিও পাৰলৌকিক অৰ্থৰহে। দেহ-মনৰ পৰিসীমাৰ ভিতৰত থাকি তেওঁ মুক্তি সম্ভৱ নহয় বুলি কয়। তেওঁ লিখিছে, "Yet men toolishly seek immortality in this changeable aspect, in the body and mind - they want to have an eternal body" মানুহে এক চিৰস্থায়ী দেহ নিবিচাৰিলেও, আর্থ-সামাজিক ভাৱে অন্তঃত মুক্ত হ'বলৈ বিচাৰে।
বিবেকানন্দই আৰু এক অবান্তৰ কথা কৈছে। তেওঁ কৈছে যে যেতিয়ালৈকে মানুহৰ ইচ্ছা থাকিব, তেতিয়ালৈকে মানুহ মুক্ত হ'ব নোৱাৰে। তেওঁ কৈছে, "Wherever there is will it is never free. There is no freedom of will whatever." এইটো স্ববিৰোধী কথা। ইচ্ছাৰ স্বাধীনতা নাই বুলি কোৱাটো স্ববিৰোধী কথা, কাৰণ তেতিয়া নৈতিকতা সম্ভৱেই নহ'ব।
বিবেকানন্দৰ দৰ্শন দ্বান্দ্বিক চিন্তা বিহীন নহয় যদিও তেওঁৰ দ্বন্দ্ববাদ বহুত সময়ত ৰহস্যবাদৰ দ্বাৰা আক্ৰান্ত হৈছে। সমাজ সম্পকীয় চিন্তাতো তেওঁ এই দোষৰ পৰা হাত সাৰিব পৰা নাই। সমাজ সম্পকীয় চিন্তা কৰোতেও তেওঁ বিশুদ্ধ চিন্তাৰ ভিত্তিত সম্পূর্ণ সৈদ্ধান্তিক দিশৰ পৰা কথাবোৰ চাইছে। বস্তুনিষ্ঠ অধ্যয়নত তেওঁ কমেই গুৰুত্ব দিছে। উদহাৰণস্বৰূপে তেওঁ যেতিয়া শূদ্ৰৰ শাসন সময় সাপেক্ষে অনিবার্য বুলি কয় তেতিয়া তেওঁ কৈছে যে সেই শাসনত জ্ঞান, সংস্কৃতি, মেধা আদিৰ অবনতি ঘটিব।
ভাৰতৰ সাংস্কৃতিক আৰু দার্শনিক আধিপত্য সম্পর্কেও তেওঁ এক অদৰকাৰী আত্মম্ভৰিতা পোষণ কৰিছে। তেওঁ লিখিছে, "Study the history of the whole world, and you will see that every high ideal you meet with anywhere had its origin in India the debt which the world owes to our motherland is immense." এনে ধৰণৰ আত্ম সন্তুষ্টিয়ে ভাৰতীয় জাতিক অপকাৰহে কৰিব।
আজিকালি এটা কথা প্রায়ে উঠিছে যে
ৰাজনীতিক ধৰ্মৰ পৰা বেলেগাই ৰাখিব লাগে।
কিন্তু ইয়াৰ বিপৰীতে বিবেকানন্দই লিখিছিল, "If you want to speak politics in India, you must speak through the language of relition." এনে ধৰণৰ কথা বর্তমান যুগত অপ্রাসঙ্গিক।
ভাৰতৰ পৰাধীনতাৰ কাৰণটোক তেওঁৰ চিহ্নিত কৰিছিল সৰ্বসাধাৰণ জনতাক উচ্চখাপৰ লোকে শোষণ আৰু উৎপীড়ন কৰাটোত। তেওঁ লিখিছিল, "I consider that the great national sin is the neglect of masses, and that is one of the causes of her downfall." এইটোৱেই যদিও একমাত্ৰ কাৰণ নহয়, তথাপি ভাৰতীয় পটভূমিত বিবেকানন্দই কথাটো শুদ্ধভাৱেই চিন্তা কৰিছে।
পুঁজিবাদী সমাজৰ সম্পত্তিৰ খকে যে মানুহক সম্পদতকৈ নিকৃষ্ট পর্যায়ত ৰাখিছিল এই কথা বিবেকানন্দই ভালদৰে উপলব্ধি কৰিছিল। সেয়েহে তেওঁ এইদৰে লিখিব পাৰিছিল, "Men are more valuable than all the wealth of the world." তেওঁ সম্পদতকৈ মানুহক আগ ঠাই দিছে, এই কথাত বিবেকানন্দৰ মানৱতাবাদৰ উমান পোৱা যায়।
বিবেকানন্দই বিধবা বিবাহৰ বিৰুদ্ধে কোৱা যেন লাগে। কিন্তু কাৰণ নোহোৱাকৈ তেওঁ ইয়াৰ বিৰুদ্ধে নকৈছিল। তেওঁৰ মতে আমাৰ প্ৰধান কৰ্তব্য হোৱা উচিত ভাৰতৰ লক্ষ লক্ষ খাবলৈ নোপোৱা মানুহৰ চিন্তা আগতীয়াকৈ কৰাটো অন্ন, বস্ত্ৰ প্ৰদানেৰে তেওঁলোকৰ সৌভাগ্য নিৰ্ণয় কৰিব নোৱাৰি। উপযুক্ত পদমর্যাদাৰে তেওঁলোকক ভাৰতৰ ঘাই সূতিলৈ আনি কাম কৰাৰ উপযুক্ত পৰিৱেশ গঢ়ি তোলা উচিত, যাতে তেওঁলোকে নিজৰ আৱশ্যকীয় বস্তুখিনি নিজে অৰ্জন কৰিব পাৰে। এই সম্পর্কে তেওঁ নিজেই কোৱা কথা এনেকুৱা, "মনত ৰাখিবা যে ভাৰত নামৰ ৰাষ্ট্ৰ কুটীৰতহে আছে। কিন্তু হায়, কোনেও তেওঁলোকৰ বাবে কেতিয়াও একো নকৰিছিল। আমাৰ আধুনিক সংস্কাৰক সকল বিধবাৰ পুনৰবিবাহৰ প্ৰচলনতে বৰ ব্যস্ত। অৱশ্যে মই যিকোনো সংস্কাৰৰ প্ৰতি সহানুভূতিশীল, কিন্তু এখন ৰাষ্ট্ৰৰ ভাগ্য বিধবা সকলে কিমান স্বামী লাভ কৰে তাৰ ওপৰত নিৰ্ভৰ নকৰে, কৰে সৰ্বসাধাৰণ লোকৰ অৱস্থাৰ ওপৰত। কিন্তু তেওঁ এই সমস্যাটোক ভালদৰে অনুধাৱন কৰিছিল যদিও ইয়াৰ সামাধানৰ কথা ভুলকৈ ভাবিছিল। তেওঁ ভাবিছিল যে সৰ্বসাধাৰণ মানুহৰ উন্নতি সাধন ধৰ্ম আৰু শিক্ষাৰ মাজেদিহে সম্ভব হয়। এই কথা সদায় সত্য নহয়। আর্থ-ৰাজনৈতিক পৰিৱৰ্তনৰ বিনা নিম্নস্তৰৰ মানুহৰ মুক্তি সম্ভৱ নহয়।
এনেধৰণৰ বৈজ্ঞানিক চিন্তাৰ অভাৱ হ'লেও
বিবেকানন্দৰ চিন্তাই যে ভাৰতৰ স্বাধীনতা সংগ্ৰামক আগুৱাই নিবলৈ প্ৰেৰণা যোগাইছিল, এই
কথা ঠিক। এই কথা স্বয়ং জৱাহৰলাল নেহৰুৱে এইদৰে স্বীকাৰ কৰি থৈ গৈছে, ".... he was.... one of the great founders
...of the national modern movement of India, and a great munber of people who
took more or less an active part in the movement at a later date drew their
inspiration from Swami Vivekananda. Directly or indirectly he has powerfully
influenced the India to today...." জৱাহৰলালৰ
এই কথাত অতিৰঞ্জন নাই। বিবেকানন্দৰ তেজোদ্দীপ্ত ভাষণে হাজাৰ হাজাৰ লোকক জাতীয় ভাৱত
উদ্বুদ্ধ হ'বলৈ প্রেৰণা যোগাইছিল। এই দিশৰ পৰা ভাৰতৰ সাংস্কৃতিক
ইতিহাসত বিবেকানন্দৰ নাম চিৰস্মৰণীয় হৈ ৰ'ব।