Chapter 1 

কীৰ্কেগাৰ্ড


অতি চমু প্রশ্নোত্তৰ

১। কীর্কেগার্ড কোন ধাৰাৰ দাৰ্শনিক আছিল?

উত্তৰঃ কীৰ্কেগার্ড অস্তিত্ববাদৰ অগ্রদূত দার্শনিক আছিল

২। কীৰ্কেগাৰ্ডৰ মতে অস্তিত্বৰ প্ৰথম পর্যায় কোনটো?

উত্তৰঃ নান্দনিক (Aesthetic) পর্যায়

৩। কীৰ্কেগাৰ্ডৰ মতে নান্দনিক জীৱন কিয় অসম্পূর্ণ?

উত্তৰঃ কাৰণ ই জীৱনৰ গভীৰ অৰ্থ প্ৰদান নকৰে

৪। নৈতিক পৰ্যায়ৰ মুখ্য বৈশিষ্ট্য কি?

উত্তৰঃ আত্মনিয়ন্ত্ৰণ আৰু নৈতিক দায়িত্ববোধ

৫। ধর্মীয় পৰ্যায়ৰ মূল বৈশিষ্ট্য কি?

উত্তৰঃ বিশ্বাস আৰু আত্মসমর্পণ

৬। "সত্য হৈছে বিষয়গততা" বাক্যটো কোনে কৈছিল?

উত্তৰঃ কীৰ্কেগার্ডে কৈছিল

৭। কীৰ্কেগাৰ্ডৰ দৰ্শনত উদ্বেগৰ ভূমিকা কি?

উত্তৰঃ উদ্বেগে ব্যক্তিক সত্য উপলব্ধিত সহায় কৰে

৮। নৈতিক পর্যায়ত মানুহে কিহৰ বিৰুদ্ধে সংগ্ৰাম কৰে?

উত্তৰঃ আত্মকেন্দ্ৰিকতাৰ বিৰুদ্ধে

৯। কীর্কেগার্ডে কাক প্রধান দর্শনীয় বিষয় হিচাপে লৈছিল?

উত্তৰঃ একক ব্যক্তি (Individual)

১০। কীৰ্কেগাৰ্ডৰ দৰ্শনৰ কেন্দ্ৰবিন্দু কি?

উত্তৰঃ ব্যক্তিগত অস্তিত্ব আৰু বিষয়গত সত্য

১১। কীৰ্কেগার্ডৰ মতে নৈতিকতা সম্পূর্ণ সত্য নে?

উত্তৰঃ নহয়, ই আপেক্ষিক

১২। কীর্কেগার্ডৰ মতে জীৱন কিহেৰে গঢ় লৈ উঠে?

উত্তৰঃ নিৰ্বাচন (Choice) আৰু সিদ্ধান্তেৰে

চমু প্রশ্নোত্তৰ

১। নান্দনিক পৰ্যায়ৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা

উত্তৰঃ নান্দনিক পর্যায় হৈছে কীৰ্কেগার্ডৰ মতে মানব অস্তিত্বৰ প্ৰথম পর্যায়। এই পর্যায়ত মানুহে জীৱনক মূলতঃ আনন্দ আৰু ইন্দ্ৰিয়সুখৰ উৎস হিচাপে বিবেচনা কৰে। সুখ লাভ কৰাই ইয়াৰ মুখ্য উদ্দেশ্য। সৌন্দর্য, সংগীত, প্রেম, ভ্রমণ, ভোগ-বিলাস আদি এই পৰ্যায়ৰ মুখ্য উপাদান

    নান্দনিক জীৱনত ব্যক্তি তাৎক্ষণিক আনন্দৰ পিছত দৌৰে আৰু দীর্ঘম্যাদী দায়িত্ব এৰাই চলিব বিচাৰে। ইয়াত নৈতিকতা বা কৰ্তব্যৰ বিশেষ স্থান নাই। মানুহে "মই কি ভাল পাওঁ” তাকেই জীৱনৰ পথপ্ৰদৰ্শক হিচাপে গ্রহণ কৰে। এই কাৰণেই এই পৰ্যায়ত আত্মকেন্দ্রিকতা স্পষ্ট দেখা যায়

    কিন্তু কীর্কেগার্ডে দেখুৱাইছে যে নান্দনিক জীৱন দীর্ঘকাললৈ স্থায়ী নহয়। কাৰণ আনন্দ ক্ষণস্থায়ী। একে ধৰণৰ ভোগ-বিলাসে অৱশেষত একঘেয়ামি সৃষ্টি কৰে। এই অৱস্থাত মানুহ নৈৰাশ্য (Despair)ত পতিত হয়। নৈৰাশ্যই মানুহক বুজায় যে কেৱল আনন্দেই জীৱনৰ চূড়ান্ত লক্ষ্য হ'ব নোৱাৰে

    এইদৰে নান্দনিক পর্যায় মানুহক জীৱনৰ গভীৰ অৰ্থৰ প্ৰশ্নৰ সন্মুখীন কৰে আৰু তাক নৈতিক পর্যায়লৈ আগবঢ়াই নিয়ে। কীৰ্কেৰ্গাৰ্ডৰ মতে নান্দনিক পর্যায় অপৰিহাৰ্য যদিও ই চূড়ান্ত পর্যায় নহয়

২। "সত্য হৈছে বিষয়গততা"- এই উক্তিৰ তাৎপর্য ব্যাখ্যা কৰা

উত্তৰঃ কীৰ্বেৰ্গাৰ্ডৰ বিখ্যাত উক্তি "সত্য হৈছে বিষয়গততা” (Truth is Subjectivity) তেওঁৰ দৰ্শনৰ কেন্দ্ৰবিন্দু। ইয়াৰ অৰ্থ এইটো নহয় যে সকলো বস্তু আপেক্ষিক বা মিছা, বৰং অস্তিত্বগত সত্য ব্যক্তিগত অভিজ্ঞতাৰ মাজেৰে উপলব্ধ হয়

    কীৰ্কেগাৰ্ডৰ মতে বস্তুগত বা বৈজ্ঞানিক সত্য মানুহৰ অস্তিত্বৰ গভীৰ সমস্যাবোৰ সমাধান কৰিব নোৱাৰে। ঈশ্বৰ, বিশ্বাস, জীৱনৰ অৰ্থ আদি বিষয় বস্তুগত প্রমাণেৰে ধৰা নাযায়। এই ক্ষেত্রত ব্যক্তিগত অনুভৱ, সংকল্প আৰু অভিজ্ঞতাই মুখ্য

    উদাহৰণস্বৰূপে, ঈশ্বৰৰ অস্তিত্ব প্রমাণ কৰাতকৈ ঈশ্বৰৰ ওপৰত বিশ্বাস কৰা অধিক গুৰুত্বপূর্ণ। এই বিশ্বাস সম্পূৰ্ণৰূপে ব্যক্তিগত। সেইকাৰণে সত্য মানে কেৱল জানিবলৈ নহয়, সত্যত জীয়াই থাকিবলৈ

    এই ধাৰণাই কীৰ্কেগার্ডক হেগেলীয় ব্যৱস্থাগত দৰ্শনৰ পৰা পৃথক কৰে। হেগেলৰ বস্তুগত সত্যৰ বিপৰীতে কীর্কেগার্ডে ব্যক্তিক সত্যৰ কেন্দ্ৰত স্থাপন কৰে

৩। নৈতিক জীৱনত "দায়িত্ববোধ"ৰ ভূমিকা আলোচনা কৰা

উত্তৰঃ নৈতিক পর্যায়ত দায়িত্ববোধ এক মুখ্য ভূমিকা পালন কৰে। কীৰ্কেগাৰ্ডৰ মতে এই পর্যায়ত ব্যক্তি কেৱল নিজৰ সুখৰ কথা নাভাবি, নিজৰ কৰ্মৰ সামাজিক আৰু নৈতিক প্রভাৱ বুজিবলৈ আৰম্ভ কৰে। ইয়াত মানুহে নিজৰ সিদ্ধান্তৰ বাবে নিজে দায়িত্ব লয় আৰু জীৱনক এক শৃংখলাবদ্ধ ৰূপ দিব বিচাৰে

    নৈতিক জীৱনত দায়িত্ববোধে ব্যক্তিক আত্মনিয়ন্ত্রণ শিকায়। বিবাহ, পৰিয়াল, পেচা, সমাজিক কর্তব্য আদি ক্ষেত্রত এই দায়িত্ববোধ প্রকাশ পায়। মানুহে বুজে যে স্বাধীনতা মানে ইচ্ছামতে কৰা নহয়; বৰং সঠিক কাম বাছনি কৰা

    তথাপি, কীর্কেগার্ডে দেখুৱাইছে যে নৈতিক দায়িত্ব পালন কৰিলেও মানুহ সম্পূর্ণ সন্তুষ্ট নহয়। কাৰণ নৈতিক আদর্শ অত্যন্ত উচ্চ আৰু মানুহ সদায় সেই আদৰ্শ পূৰণ কৰিব নোৱাৰে। ফলত আত্মগ্লানি আৰু উদ্বেগৰ সৃষ্টি হয়

    এই অৱস্থাত দায়িত্ববোধেই মানুহক নিজৰ সীমাবদ্ধতা উপলব্ধি কৰায় আৰু ধর্মীয় পৰ্যায়ৰ প্ৰয়োজনীয়তা অনুভৱ কৰায়। এইদৰে নৈতিক জীৱনত দায়িত্ববোধ উন্নত অস্তিত্বৰ দিশত এক গুৰুত্বপূৰ্ণ ধাপ

৪। কীর্কেগার্ডৰ দৰ্শনত ব্যক্তি (Individual) ৰ স্থান ব্যাখ্যা কৰা

উত্তৰঃ কীৰ্কেৰ্গাৰ্ডৰ দৰ্শনত ব্যক্তি সর্বাধিক গুৰুত্বপূৰ্ণ। তেওঁ হেগেলীয় ব্যৱস্থাগত দৰ্শনৰ বিৰুদ্ধে গৈ "একক ব্যক্তি”ক দৰ্শনৰ কেন্দ্ৰবিন্দু হিচাপে স্থাপন কৰে

    কীৰ্কেগার্ডৰ মতে অস্তিত্ব সদায় ব্যক্তিগত। কোনো সাধাৰণ নিয়ম বা সামূহিক ধাৰণাই ব্যক্তিৰ অস্তিত্বৰ গভীৰ সমস্যাবোৰ বুজাব নোৱাৰে। সত্য, বিশ্বাস, নৈৰাশ্য-এই সকলোবোৰ ব্যক্তিগত অভিজ্ঞতাৰ সৈতে জড়িত

    ব্যক্তিৰ জীৱনত সিদ্ধান্ত, বাছনি আৰু দায়িত্বৰ বিশেষ ভূমিকা থাকে। ব্যক্তি নিজেই নিজৰ জীৱনৰ অৰ্থ নিৰ্মাণ কৰে। এই কাৰণেই কীৰ্কেগার্ডৰ দৰ্শন আধুনিক অস্তিত্ববাদৰ পথ প্রস্তুত কৰে

    এইদৰে ব্যক্তি কীৰ্কেগাৰ্ডৰ দৰ্শনৰ কেন্দ্ৰবিন্দু

৫। কীর্কেগার্ডৰ মতে স্বাধীনতাৰ অৰ্থ কি?

উত্তৰঃ কীৰ্কেৰ্গাৰ্ডৰ মতে স্বাধীনতা মানে ইচ্ছামতে কৰা নহয়, বৰং নিজৰ অস্তিত্বৰ বাবে নিজে দায়িত্ব লোৱা

    স্বাধীনতা মানুহক বাছনি কৰিবলৈ বাধ্য কৰে, আৰু এই বাছনিয়েই উদ্বেগ আৰু নৈৰাশ্যৰ জন্ম দিয়ে। তথাপি, এই উদ্বেগেই মানুহক সত্য অস্তিত্বৰ পথলৈ আগবঢ়াই নিয়ে

    এইদৰে স্বাধীনতা কীৰ্কেগার্ডৰ দৰ্শনত এক অস্তিত্বগত দায়িত্ব

৬। মানৱ অস্তিত্বৰ তিনিটা অৱস্থিতি কি কি?

উত্তৰঃ কীৰ্কেগার্ডে মানৱ অস্তিত্বৰ অৱস্থিতি বা স্ফিয়াৰ (spheres of existence) হিচাপে একেই তিনিটা ধাৰণা আগবঢ়াইছে—সৌন্দৰ্যত্মক (Aesthetic), নৈতিক (Ethical), ধর্মীয় (Religious)। "স্ফিয়াৰ" বুলিলে কেৱল জীৱনৰ বাহ্যিক অৱস্থা নহয়; ই ব্যক্তিৰ দৃষ্টিভংগী, মূল্যবোধ, চয়ন-পদ্ধতি, আৰু নিজক কিদৰে বুজে-সেইটো

    সৌন্দৰ্যত্মক স্ফিয়াৰত ব্যক্তি জীৱনক মূলত আনন্দ-সুখ-অভিজ্ঞতাৰ সংগ্ৰহ হিচাপে লয়। তেওঁৰ চয়ন তৎকালীন আকাংক্ষা, সংবেদন, ইচ্ছা-প্রবৃত্তি, আৰু ভোগৰ প্ৰতিশ্ৰুতিৰ ওপৰত নিৰ্ভৰ কৰে। এই অৱস্থিতিত "আনন্দ” হৈছে মূল্যবোধৰ কেন্দ্ৰ। কিন্তু এই আনন্দ-নিৰ্ভৰ জীৱন শূন্যতা আনে; সেয়াই সংশয় আৰু হতাশা জন্ম দিয়ে

    নৈতিক স্ফিয়াৰত ব্যক্তি নিজৰ জীৱন-চয়নক নৈতিক মানদণ্ডৰ ভিতৰত আনিবলৈ চেষ্টা কৰে। ইয়াত ব্যক্তি নিজকে সামাজিক সত্তা (social being) বুলি মাৰে; কৰ্তব্য, দায়িত্ব, আত্ম-অনুশাসন, ন্যায়-অন্যায়, উচিত-অনুচিত-এইবোৰে জীৱন নিৰ্দেশ কৰে। ব্যক্তি পৰিয়াল, সমাজ, ৰাষ্ট্ৰৰ লগত সম্পর্কিত হৈ এক "নৈতিক আত্ম” গঠন কৰে। তথাপি নৈতিক নিয়মৰ জটিলতা আৰু বাস্তৱ সংকটত সঠিক মানদণ্ড নিৰ্ধাৰণ নকৰাৰ ফলত কীৰ্কেৰ্গাৰ্ডৰ মতে এই স্তৰতো হতাশা (ethical despair) 'ব পাৰে

    ধর্মীয় স্ফিয়াৰ হৈছে আস্থাৰ স্ফিয়াৰ। ইয়াত ব্যক্তি ঈশ্বৰৰ প্ৰতি একান্ত বিশ্বাস স্থাপন কৰি ঈশ্বৰাদেশ বা অন্তৰৰ আহ্বানক সর্বোচ্চ মানে। যুক্তি-তর্কৰ নিশ্চয়তা নহয়; "বিশ্বাসৰ জাঁপ" (leap of faith)-ধৰণৰ এক সিদ্ধান্তই ইয়াত মুখ্য। এই স্তৰত ব্যক্তি ঈশ্বৰৰ লগত সম্পর্কত একাত্মতা অনুভৱ কৰি নিজৰ আত্মাৰ সত্যতা উপলব্ধি কৰে

৭। কীর্কেগার্ডে কাক “বিশ্বাসৰ জনক” বুলি অভিহিত কৰিছে?

উত্তৰঃ কীৰ্কেগার্ডে আব্রাহাম (Abraham)-ক "বিশ্বাসৰ জনক" (father of faith) বুলি অভিহিত কৰিছে। তেওঁৰ মতে আব্রাহাম বিশ্বাসৰ সৰ্বোচ্চ উদাহৰণ-কাৰণ তেওঁ যুক্তি, সামাজিক নৈতিক মানদণ্ড, আৰু মানৱীয় সহানুভূতিৰ স্বাভাবিক আহ্বান অতিক্রম কৰি ঈশ্বৰাদেশৰ প্ৰতি একান্ত আনুগত্য দেখুৱাইছিল

    কীর্কেগার্ডে আব্রাহাম-আইজাকৰ কাহিনী "বিশ্বাস" বুজাবলৈ ব্যৱহাৰ কৰে। বাইবেল অনুসাৰে ঈশ্বৰৰ আদেশত আব্রাহামে নিজৰ একমাত্র পুত্ৰ আইজাকক উৎসর্গ কৰিবলৈ আগবাঢ়ে। নৈতিক দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে এই কার্য অনুচিত বা অপৰাধ যেন লাগে, কাৰণ সন্তান হত্যা বা বলিদান নৈতিকভাবে অগ্রহণযোগ্য। কিন্তু কীৰ্কেগার্ডৰ ধৰ্মীয় স্তৰত মূল কথা হৈছে- ঈশ্বৰৰ আদেশ। সেয়াইে "বিশ্বাস"ৰ গূঢ় পৰীক্ষা: ব্যক্তি অনিশ্চয়তা আৰু বিৰোধাভাসৰ মাজতো ঈশ্বৰৰ ওপৰত ভৰসা ৰাখিব পাৰে নে?

    ইয়াতেই কীর্কেগার্ডে "Teleological suspension of the ethical" (নৈতিক স্তৰৰ উদ্দেশ্যমূলক স্থগিতকৰণ) বুলি যি কথা কয়-তাৰ অৰ্থ হৈছেঃ কোনো বিশেষ অৱস্থাত ধর্মীয় লক্ষ্য বা ঈশ্বৰাদেশৰ বাবে সাধাৰণ নৈতিক নিয়ম সাময়িকভাৱে স্থগিত যেন লাগে। আব্রাহাম সেই পৰিস্থিতিত "নৈতিকতাবাদী নায়ক" নহয়, তেওঁ “বিশ্বাসৰ নাইক" (knight of faith)

    এই কাৰণেই কীৰ্কেগার্ডৰ মতে আব্রাহাম বিশ্বাসৰ শিখৰস্থ উদাহৰণ-তেওঁ অসীম আস্থাৰে ঈশ্বৰৰ আহ্বান মানি চলিছিল; সেয়াইে তেওঁক "বিশ্বাসৰ জনক” কৰি তুলিছে

৮। কীৰ্কেগার্ডৰ মতে মানৱ অস্তিত্বৰ পৰিৱৰ্তন বা ৰূপান্তৰৰ দ্বিতীয় স্তৰ কি?

উত্তৰঃ কীৰ্কেগাৰ্ডৰ মতে অস্তিত্ব-ৰূপান্তৰৰ দ্বিতীয় স্তৰ হৈছে নৈতিক স্তৰ (Ethical Stage)সাংবেদনিক স্তৰত ব্যক্তি যি ইন্দ্ৰিয় সুখৰ পিছে পিছে দৌৰিছিল, সেয়া ক্রমে ব্যৰ্থ আৰু বিৰক্তিকৰ বুলি উপলব্ধি হয়। এই ব্যৰ্থতাৰ মূল কাৰণ হিচাপে ব্যক্তি আৱিষ্কাৰ কৰে আত্মকেন্দ্ৰিকতা-কেৱল নিজৰ সুখ ভাবি থকা, অন্যৰ কথাই নাভাবা। এই আত্মকেন্দ্রিকতাই তেওঁক একাকী আৰু নৈৰাশ্যগ্ৰস্ত কৰিছে। ফলত মুক্তিৰ পথ হিচাপে তেওঁ পৰকেন্দ্ৰিকতা আৰু নৈতিক দায়িত্ববোধ গ্রহণ কৰে

    নৈতিক স্তৰত ব্যক্তি নিজকে সমাজৰ সদস্য হিচাপে চিনি লৈ পৰিয়াল, সমাজ, ৰাষ্ট্ৰৰ লগত সম্বন্ধিত কৰি তোলে। ইয়াত কর্তব্য, দায়িত্ব, ন্যায়-অন্যায়, উচিত-অনুচিত, আত্ম-সংযম, আত্ম-অনুশাসন-এইবোৰ জীৱন-চয়নৰ মানদণ্ড হয়। ব্যক্তি কেৱল "মোৰ সুখৰ চিন্তা নকৰে; অন্যৰ কল্যাণ, সামাজিক শৃঙ্খলা, নৈতিক আদর্শ মানি চলা-এইবোৰে গতি নিয়ন্ত্ৰণ কৰে

    তথাপি কীর্কেগার্ডৰ মতে এই স্তৰতো পূর্ণ সন্তুষ্টি নাহে। কাৰণ বাস্তৱ জীৱনত নৈতিক মানদণ্ড প্রয়োগ কৰাটো কঠিন। কোনটো কাজ "অধিক উচিত”, কোনটো "কম উচিত"-এই নির্ণয়ত ব্যক্তি বিমোৰত পৰে। বহু ক্ষেত্ৰত নৈতিক নিয়ম একে সময়তে সংঘাতত পৰে (duty-conflict)তেতিয়া ব্যক্তিৰ ভিতৰত নৈতিক হতাশা (ethical despair) জাগে। লগতে যি আত্মকেন্দ্রিকতা এৰাই তেওঁ নৈতিকতালৈ আহিছিল, সেই আত্মকেন্দ্রিক "স্ব-ইচ্ছা” আৰু পৰকেন্দ্ৰিক নৈতিক দাবীৰ মাজত পুনৰ দ্বন্দ্ব দেখা দিয়ে

    এইদৰে নৈতিক স্তৰ হৈছে দ্বিতীয় ৰূপান্তৰ-সাংবেদনিক স্বাৰ্থপৰতাৰ পৰা দায়িত্বশীল সামাজিক নৈতিক আত্মা গঢ়া। কিন্তু নৈতিকতাৰ সীমাবদ্ধতা অনুভৱ কৰিলে ব্যক্তি ক্ৰমে তৃতীয় স্তৰ, অৰ্থাৎ ধৰ্মীয় স্তৰৰ দিশে অগ্ৰসৰ হয়

৯। আত্মিকতাৰ (subjectivity) ওপৰত কীর্কেগার্ডে কিয় জোৰ দিছে?

উত্তৰঃ কীর্কেগার্ডে আত্মিকতা বা বিষয়ীগততা (subjectivity) ওপৰত জোৰ দিছে, কাৰণ তেওঁৰ মতে সত্যৰ আচল ক্ষেত্ৰ হৈছে অন্তর্মুখীনতা-ব্যক্তিয়ে সত্যক কিদৰে জীয়াই থাকে, কিদৰে আঁকোৱালি লয়, কিদৰে দায়বদ্ধ হয়। সত্য কেৱল "কি?" (what) প্রশ্নৰ উত্তৰ নহয়; বহু সময়ত সত্য "কিদৰে?” (how) প্ৰশ্নৰ ভিতৰতে প্রকাশ পায়

    তেওঁ কয়-বস্তুনিষ্ঠ সত্যতা (objective truth) সাধাৰণতে বিষয়ী-সত্যৰ সম্পর্ক ধৰে নে নধৰে; কিন্তু আত্মিক সত্যতা বিষয়ীৰ লগত সত্যৰ সম্পৰ্কক মুখ্য ধৰে। কাৰণ জ্ঞান, বিশ্বাস, দৃষ্টিভংগী, সত্যতা-এইবোৰ মানুহৰ ভিতৰত ব্যক্তিগতভাৱে গঞ্জ লৈ উঠে; সেয়া নৈর্ব্যক্তিক বস্তুৰ দৰে এজনৰ পৰা আনজনলৈ সৰলভাবে সঞ্চাৰ কৰা নাযায়

    কীৰ্কেগাৰ্ডৰ "Truth is subjectivity”ৰ অৰ্থ-সত্য সেইখিনিত, 'ত ব্যক্তি প্ৰৱল আন্তৰিক আবেগেৰে সত্যক আত্মসাৎ (appropriation) কৰে। ঈশ্বৰ-বিশ্বাস এই কথাৰ 'শ্রেষ্ঠ উদাহৰণ: ঈশ্বৰক বস্তুগত প্ৰমাণেৰে ধৰা নাযায়; ঈশ্বৰক "জনা” যায় অন্তৰৰ আস্থাৰে। বস্তুনিষ্ঠ অনুসন্ধানত অনিশ্চয়তা থাকে, কিন্তু সেই অনিশ্চয়তাকে ব্যক্তি যদি আন্তৰিকভাবে আঁকোৱালি লৈ আস্থাৰ দ্বাৰা দায়বদ্ধ হয়, তেতিয়া সেই আস্থাই তাৰ বাবে সত্য হৈ উঠে

    এই দৃষ্টিভংগীয়ে অস্তিত্ববাদী মূল সুৰ বজায় ৰাখে-মানুহ "চয়ন” কৰা সত্তা। মানুহ নিজেই নিজৰ জীৱনৰ অৰ্থ নিৰ্মাণ কৰে। সেই অর্থ বস্তুগত সূত্রে নহয়; ব্যক্তিগত সিদ্ধান্ত, দায়বদ্ধতা, আন্তৰিকতা আৰু আস্থাৰ ভিতৰত গঢ় লৈ উঠে। সেয়াইে কীৰ্কেগাৰ্ডৰ আত্মিকতাত জোৰ-সত্যক জীৱন্ত ৰূপত উপলব্ধি কৰাটোৱেই মুখ্য

১০। কীৰ্কেগাৰ্ডৰ মতে সাংবেদনিক স্তৰৰ তিনিটা লক্ষণ কি কি?

উত্তৰঃ কীৰ্কেৰ্গাৰ্ডৰ মতে সাংবেদনিক বা সৌন্দৰ্যত্মক স্তৰৰ তিনিটা লক্ষণ- (ক) সংবেদনশীল তৎকালীনতা (sensual immediacy), (খ) সংশয় (doubt), (গ) হতাশা (despair) |

(ক) সংবেদনশীল তৎকালীনতাঃ সংবেদনশীল তৎকালীনতা মানে-ব্যক্তি তৎক্ষণাৎ ইন্দ্রিয় সুখ, ভোগ, কামনা, আনন্দৰ টানত ৰয়। তেওঁ "এতিয়াই সুখ” বিচাৰে। নৈতিক শৃঙ্খলা, দায়িত্ব, আত্ম-সংযম আদিৰ প্রাধান্য কম। কীর্কেগার্ডে ডন জুৱানৰ উদাহৰণ দি দেখুৱাইছে যে এই স্তৰত মানুহ ভোগৰ মাদকতাত ডুবি থাকে

(খ) সংশয়ঃ সময়ৰ লগে লগে এই ভোগবাদী জীৱন বিৰক্তিকৰ হয়। যি সুখৰ বাবে ব্যক্তি আগতে পাগল আছিল, সেয়া ক্রমে শূন্য লাগে। তেতিয়া মনত প্রশ্ন উঠে-"কেৱল সুখভোগই কি জীৱনৰ উদ্দেশ্য?” এই সন্দেহ-দ্বিধাই হৈছে সংশয়। কীর্কেগার্ডে ফাউষ্টৰ তুলনা ব্যৱহাৰ কৰি কয়-অভিজ্ঞতাঙ্গজ্ঞানৰ অনুসন্ধান কৰিও যি সন্তুষ্টি নোপোৱা, সেই সংশয়ী মন এই ধাপৰ লক্ষণ

(গ) হতাশাঃ সংশয় গভীৰ হ'লে ব্যক্তি মানসিকভাৱে ভাঙি পৰে। সুখৰ পথ যেন বন্ধ লাগে; জীৱন অর্থহীন মনে হয়। একাকীত্ব, অপৰাধবোধ, মানসিক যন্ত্রণা, নৈৰাশ্য-এইবোৰে আগুৰি ধৰে। কীৰ্কেগার্ডে ভ্রাম্যমান ইহুদি আহছেৰাচৰৰ উদাহৰণ দি এই হতাশাময় জীৱনৰ ছবি আঁকে

    কীৰ্কেগার্ডৰ বিখ্যাত বক্তব্য অনুসাৰে-সৌন্দৰ্যত্মক দৃষ্টিভংগীৰ ভিতৰত শেষত হতাশা অনিবার্য: "যিয়ে সাংবেদনিকভাবে জীৱন যাপন কৰে তেওঁ হতাশাত থাকে-জানে বা নাজানে।" সেয়াইে এই তিনিটা লক্ষণ সাংবেদনিক স্তৰৰ অন্তঃসাৰ প্ৰকাশ কৰে

ৰচনাধৰ্মী প্রশ্নোত্তৰ

১। কীৰ্কেৰ্গাৰ্ডৰ “মানৰ অস্তিত্বৰ তিনিটা পৰ্যায়” ধাৰণাটো বিস্তৃতভাৱে আলোচনা কৰা

উত্তৰঃ চোৰেন কীৰ্কেগার্ড আধুনিক অস্তিত্ববাদী দৰ্শনৰ অগ্রদূত হিচাপে পৰিচিত। তেওঁৰ দৰ্শনৰ কেন্দ্ৰবিন্দু হৈছে "ব্যক্তিগত অস্তিত্ব”। হেগেলৰ দৰে দাৰ্শনিকসকলে বাস্তৱতাক এক বিমূর্ত, যুক্তিসংগত ব্যৱস্থা হিচাপে বুজাব খুজিছিল যদিও কীর্কেগার্ডে এই পদ্ধতি অস্বীকাৰ কৰি কৈছিল যে মানুহৰ অস্তিত্ব সদায় ব্যক্তিগত, অনুভৱমূলক আৰু বিষয়গত। এই দৃষ্টিভংগীৰ আধাৰত তেওঁ “মানৱ অস্তিত্বৰ তিনিটা পৰ্যায়” ধাৰণাটো আগবঢ়ায়

    কীৰ্কেগাৰ্ডৰ মতে মানুহে নিজৰ জীৱনত তিনিটা অস্তিত্বগত পৰ্যায়ৰ মাজেৰে আগবাঢ়ে নান্দনিক (Aesthetic), নৈতিক (Ethical) আৰু ধর্মীয় (Religious)এইবোৰ কোনো ঐতিহাসিক বা বয়সভিত্তিক ধাপ নহয়; ইহঁত জীৱনৰ অৰ্থ উপলব্ধিৰ ধৰণ বুজায়

    প্রথমে নান্দনিক পর্যায়। এই পর্যায়ত মানুহ সুখ, আনন্দ, সৌন্দর্য আৰু ইন্দ্ৰিয়সুখৰ পিছত দৌৰে। জীৱনৰ উদ্দেশ্য হৈছে উপভোগ। ইয়াত দায়িত্ব, কর্তব্য বা নৈতিক চিন্তাৰ বিশেষ স্থান নাই। মানুহে তাৎক্ষণিক আনন্দকেই জীৱনৰ সৰ্বোচ্চলক্ষ্য বুলি ভাবে। কিন্তু এই আনন্দ ক্ষণস্থায়ী। একে ধৰণৰ সুখে অৱশেষত একঘেয়ামি আৰু শূন্যতাৰ অনুভৱ জন্মায়। ফলস্বৰূপে নৈৰাশ্য (Despair) ৰ সৃষ্টি হয়। এই নৈৰাশ্যই মানুহক বুজায় যে কেৱল ভোগ-বিলাসে জীৱনৰ চূড়ান্ত অর্থ দিব নোৱাৰে

    এই নৈৰাশ্যৰ পৰা মুক্তি পাবলৈ মানুহ নৈতিক পর্যায়লৈ আগবাঢ়ে। নৈতিক পর্যায়ত ব্যক্তি নিজৰ কৰ্তব্য, দায়িত্ব আৰু সমাজিক নৈতিক নিয়মৰ প্রতি সচেতন হয়। ইয়াত “মই কি কৰা উচিত” এই প্রশ্নটো কেন্দ্রীয় হৈ উঠে। বিবাহ, পৰিয়াল, পেচা, সামাজিক দায়িত্ব আদি নৈতিক জীৱনৰ অংশ। এই পৰ্যায়ত জীৱন অধিক শৃংখলাবদ্ধ আৰু অর্থপূর্ণ যেন লাগে। তথাপি, কীৰ্কেগার্ডৰ মতে নৈতিক জীৱনো চূড়ান্ত নহয়। কাৰণ মানুহ যিমানেই নৈতিক হ'বলৈ চেষ্টা নকৰক কিয়, তেওঁ নিজৰ সীমাবদ্ধতা আৰু দোষ অনুভৱ কৰে। এই আত্মবোধে উদ্বেগ আৰু পুনৰ নৈৰাশ্য সৃষ্টি কৰে

    এই নৈৰাশ্যৰ চূড়ান্ত সমাধান ধর্মীয় পর্যায়ত পোৱা যায়। ধর্মীয় পৰ্যায়ত ব্যক্তি ঈশ্বৰৰ সৈতে ব্যক্তিগত সম্পর্ক স্থাপন কৰে। ইয়াত যুক্তি আৰু সামাজিক নৈতিকতা গৌণ হৈ পৰে আৰু বিশ্বাস মুখ্য হয়। "বিশ্বাসৰ জাঁপ”ৰ জৰিয়তে মানুহে যুক্তিৰ সীমা অতিক্রম কৰি ঈশ্বৰত আত্মসমর্পণ কৰে। আব্রাহামৰ উদাহৰণ দি কীৰ্কেগার্ডে দেখুৱাইছে যে প্রকৃততে বিশ্বাসে নৈতিক যুক্তিকো অতিক্ৰম কৰিব পাৰে

    এইদৰে কীৰ্কেৰ্গাৰ্ডৰ তিনিটা পর্যায় মানুহৰ অস্তিত্বগত যাত্ৰাক ব্যাখ্যা কৰে। নান্দনিক আৰু নৈতিক পর্যায় গুৰুত্বপূৰ্ণ যদিও ধর্মীয় পর্যায়তেই মানুহে অস্তিত্বৰ পৰম অৰ্থ লাভকৰে। এই ধাৰণাই আধুনিক অস্তিত্ববাদী দৰ্শনৰ ভিত্তি স্থাপন কৰিছে

২। "সত্য হৈছে বিষয়গততা”-এই উক্তিৰ দাৰ্শনিক তাৎপর্য আলোচনা কৰা

উত্তৰঃ "সত্য হৈছে বিষয়গততা” কীৰ্কেৰ্গাৰ্ডৰ দৰ্শনৰ আটাইতকৈ বিখ্যাত আৰু বিতর্কিত উক্তি। এই উক্তিয়ে তেওঁৰ অস্তিত্ববাদী দৃষ্টিভংগীক স্পষ্ট কৰে

    এই উক্তিৰ অৰ্থ এইটো নহয় যে বস্তুগত সত্যৰ অস্তিত্ব নাই। কীর্কেগার্ডে বৈজ্ঞানিক বা যুক্তিগত সত্য অস্বীকাৰ কৰা নাই। কিন্তু ঈশ্বৰ, বিশ্বাস, নৈতিক সংকল্প আদি অস্তিত্বগত বিষয়ত বস্তুগত সত্য অপর্যাপ্ত

    বিষয়গত সত্য মানে হৈছে সত্যত জীয়াই থকা। উদাহৰণস্বৰূপে, ঈশ্বৰৰ অস্তিত্ব প্ৰমাণ কৰাতকৈ ঈশ্বৰত বিশ্বাস কৰি জীৱন যাপন কৰাই অধিক গুৰুত্বপূর্ণ। এই বিশ্বাস সম্পূর্ণ ব্যক্তিগত আৰু অস্তিত্বগত

    এই ধাৰণাই কীৰ্কেগার্ডক হেগেলীয় বস্তুগত দৰ্শনৰ পৰা পৃথক কৰে

    এইদৰে "সত্য হৈছে বিষয়গততা" উক্তিয়ে কীৰ্কেগার্ডৰ দৰ্শনত ব্যক্তিক সত্যৰ কেন্দ্ৰত স্থাপন কৰে

৩। "জীৱনৰ স্তৰ বা পৰ্যায়" বুলিলে কি বুজা? কীৰ্কেগার্ডৰ মতে "জীৱনৰ স্তৰ বা পর্যায়" কি আলোচনা কৰা

উত্তৰঃ কীৰ্কেগাৰ্ডৰ মতে "জীৱনৰ স্তৰ বা পর্যায়” বুলিলে কেৱল বয়সৰ ধাপ (শৈশৱ-যৌৱন-বার্ধক্য) বুজোৱা নহয়। ই বুজায়-মানুহে জীৱনক কোন মূল্যবোধ আৰু দৃষ্টিভংগীৰ ওপৰত গঢ়ি তোলে। তেওঁৰ ভাষাত-ব্যক্তিয়ে যি স্তৰ বাছি লয়, সি আচলতে এক alternative value systemমানৱ অস্তিত্বৰ আত্মিক বিকাশত অন্তৰত কিছুমান বিকল্প উপস্থিত হয়; ব্যক্তি চয়ন কৰে আৰু সেই চয়নে তেওঁৰ অস্তিত্বৰ “ৰূপ” নির্ধাৰণ কৰে। সেয়াইে এই স্তৰবোৰক কীৰ্কেগার্ডে "Three stages of life" বা "Spheres of existence" বুলি কয়

৪। "আত্মিকতাই সত্যতা”-ব্যাখ্যা আৰু পৰীক্ষা কৰা

উত্তৰঃ "Subjectivity is the truth” বা “আত্মিকতাই সত্যতা”-এই উক্তি কীৰ্বেৰ্গাৰ্ডৰ দৰ্শনৰ কেন্দ্ৰবিন্দু। ইয়াত কীৰ্কেগার্ডে কেৱল এইটো কোৱা নাই যে সত্য “আত্মিক” গুণসম্পন্ন; বৰং তেওঁ কয় সত্য আৰু আত্মিকতা একেধৰণে অভিন্ন (identity)অর্থাৎ সত্যৰ আসল ৰূপটো আত্মিক অভিজ্ঞতা; সত্যক বাহিৰত থকা বস্তু হিচাপে ধৰা ভুল

    এই উক্তিৰ মৰ্ম বুজিবলৈ কীর্কেগার্ডে “বৌদ্ধিক আত্মা" (rational self) আৰু "অস্তিত্বশীল আত্মা” (existential self)-ৰ পার্থক্য দেখুৱায়। বৌদ্ধিক আত্মাই ধাৰণা, তত্ত্ব, বিশ্লেষণ গঢ়ে; কিন্তু বাস্তৱ সত্য ধাৰণাৰ ভিতৰত বন্ধ নহয়। সত্য যেতিয়া ব্যক্তিৰ ভিতৰত জীৱন হৈ উঠে, তেতিয়াহে সি সত্য। সেয়াইে কীর্কেগার্ডৰ উক্তি- "I do not know Truth except when it becomes life with me." এইখিনিতে দেখা যায়, সত্য মানে "জ্ঞান" নহয়; সত্য মানে "অন্তর্মুখীন অনুশীলন" আৰু "জীৱন্ত দায়বদ্ধতা।”

    কীৰ্কেগাৰ্ডৰ মতে বস্তুগত (objective) দৃষ্টিভংগী সত্যক "কি" (what) হিচাপে বিচাৰে-সত্য কি বস্তু? কি নিয়ম? কি তথ্য? কিন্তু আত্মিক (subjective) দৃষ্টিভংগী সত্যক "কিদৰে” (how) হিচাপে বুজে ব্যক্তি সত্যৰ লগত কিদৰে সম্পর্কিত? কিদৰে নিষ্ঠাৰে আঁকোৱালি লয়? সেয়াইে কীৰ্কেৰ্গাৰ্ডৰ মতে আত্মিক দৃষ্টিভংগীত "সম্পর্ক” মুখ্য, "তথ্য” দ্বিতীয়

    ঈশ্বৰ-উদাহৰণে উক্তিটো অধিক স্পষ্ট হয়। ঈশ্বৰক বস্তুগত প্ৰমাণেৰে সম্পূৰ্ণ নিশ্চিত কৰিব নোৱাৰি। objective যুক্তি-প্রমাণত ঈশ্বৰ-সত্যৰ ক্ষেত্ৰত বহু সময়ত অনিশ্চয়তা জন্মে। কিন্তু ব্যক্তি যদি এই অনিশ্চয়তাৰ মাজতো প্ৰৱল আন্তৰিক আবেগেৰে ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখে আৰু আত্মসমর্পণ কৰে, তেনেহ'লে সেই আস্থা তেওঁৰ বাবে সত্য হৈ উঠে। সেয়াইে কীর্কেগার্ডে সত্যক সংজ্ঞায়িত কৰে-"প্ৰৱল আন্তৰিক আবেগেৰে আত্মসাৎ-প্ৰক্ৰিয়াত ধৰি ৰখা বস্তুনিষ্ঠ অনিশ্চয়তা”

আত্মিক সত্যতাৰ বৈশিষ্ট্যবোৰ হ'ল-

(ক) বস্তুগত সত্য বিষয়ীৰ সৈতে বিষয়ৰ সম্পৰ্ক বিবেচনা নকৰে, কিন্তু আত্মিক সত্যতাত সত্যৰ সৈতে ব্যক্তিৰ সম্পৰ্ক মুখ্য

(খ) বস্তুগত সত্য "কি" প্রশ্নৰ দিশে; আত্মিক সত্য "কিদৰে” প্ৰশ্নৰ দিশে

(গ) ঐশ্বৰিক সত্য বস্তুগত সাক্ষ্য-প্রমাণেৰে লাভ কৰা নাযায়; বস্তুগত পথে অনিশ্চয়তা আহে; কিন্তু সেই অনিশ্চয়তা-সংলগ্ন নিষ্ঠাই আস্থাক সত্য কৰি তোলে

(ঘ) ব্যক্তি বিষয়গত/বিষয়ীগত দুয়ো দৃষ্টিভংগী ল'ব পাৰে; আত্মিক দৃষ্টিত ঈশ্বৰক বস্তুগতভাবে পোৱাৰ দ্বান্দ্বিক অসুবিধা বুজি paradox স্বীকাৰ কৰিব লাগে

(ঙ) সত্য প্রকাশৰ মূহূৰ্ত চৰম আবেগময়; যুক্তিৰে সত্য জনা নাযায়; বিশ্বাসৰ দ্বাৰাই সত্য লাভ হয়-ই বিশ্বাসৰ নৱীকৰণ দাবী কৰে

(চ) আত্মিক সত্য মূর্ত (concrete), অমূর্ত নহয়; সত্য ব্যক্তি-নিৰপেক্ষ নহয়, আভ্যন্তৰীণ; সময়-স্থানত অস্তিত্বশীল ব্যক্তিৰ চিন্তাই মূর্ত

    এইবোৰৰ আধাৰত "Subjectivity is the truth" উক্তিটো সত্যৰ এক অস্তিত্ববাদী সংজ্ঞা হিচাপে প্রতিষ্ঠিত হয়। সত্য মানে তত্ত্বৰ পুঞ্জ নহয়; সত্য মানে ব্যক্তিৰ ভিতৰত গঢ়ি উঠা আন্তৰিক নিষ্ঠা, দায়বদ্ধতা আৰু জীৱন-অভিজ্ঞতা

পৰীক্ষা বা সমালোচনাঃ এই ধাৰণাৰ সীমাবদ্ধতাও আছে। গণিত আৰু বিজ্ঞানৰ ক্ষেত্রত সত্য বস্তুগত; ব্যক্তিগত আবেগেৰে বৈজ্ঞানিক সত্য নির্ণয় নহয়। দ্বিতীয়ত, আত্মিক সত্যৰ ধাৰণা বহু সময়ত অস্পষ্ট-বস্তুনিষ্ঠ অনিশ্চয়তা কেনেকৈ সত্য হ'? তৃতীয়ত, নৈতিকঙ্গধর্মীয় সত্যসমূহ সত্যৰ পৰ্যায়ত পৰে নৈ কেৱল বিশ্বাস-এই সন্দেহ থাকে

    তথাপি কীৰ্কেৰ্গাৰ্ডৰ উক্তিৰ তাৎপর্য এইখিনিতে-ই মানৱ জীৱনৰ গভীৰ সত্যক "জীয়াই থকা সত্য" কৰি তোলে। বিজ্ঞান-গণিতত সীমিত হলেও, অস্তিত্ব, ঈশ্বৰ, নৈতিক সংকট, আত্মা-এই ক্ষেত্রত "আত্মিকতাই সত্যতা” ধাৰণাই অত্যন্ত শক্তিশালী ব্যাখ্যা আগবঢ়ায়

৫। কীৰ্কেগার্ড অনুসৰণ কৰা নৈতিক স্তৰ-আলোচনা কৰা

উত্তৰঃ কীৰ্কেগাৰ্ডৰ মতে মানৱ অস্তিত্বৰ দ্বিতীয় স্তৰ হৈছে নৈতিক স্তৰ (Ethical stage)সাংবেদনিক স্তৰত ব্যক্তি ভোগবাদী সুখৰ পিছে পিছে দৌৰি অৱশেষত বিৰক্তি, সংশয় আৰু হতাশাত পতিত হয়। এই হতাশাৰ মূল কাৰণ হিচাপে ব্যক্তি আৱিষ্কাৰ কৰে-আত্মকেন্দ্রিকতা। এতিয়ালৈকে তেওঁ সুখ কেবল নিজৰ বাবেহে বিচাৰিছিল; অন্যৰ সুখ, সমাজৰ কল্যাণ বা দায়িত্বৰ কথা ভাবা নাছিল। এই আত্মকেন্দ্রিকতাই তেওঁক একাকী আৰু নৈৰাশ্যগ্ৰস্ত কৰিছে। সেয়ে মুক্তিৰ পথ হিচাপে তেওঁ নৈতিক স্তৰলৈ প্ৰৱেশ কৰে

    নৈতিক স্তৰত ব্যক্তি নিজকে সামাজিক সত্তা হিচাপে চিনি লয়। তেওঁ সমাজ-ৰাষ্ট্ৰ-পৰিয়াল আদিৰ সদস্য ৰূপে দায়িত্ব স্বীকাৰ কৰে। এই স্তৰত কৰ্তব্য, ন্যায়, দায়িত্ববোধ, আত্ম-সংযম, আত্ম-অনুশাসন আদিৰ মূল্য বৃদ্ধি পায়। ব্যক্তি পৰকেন্দ্ৰিক হয়-অন্যৰ সুখ-সুবিধা, ন্যায়-অন্যায়, উচিত-অনুচিত ভাবি চলিবলৈ আৰম্ভ কৰে। কীৰ্কেগার্ড স্পষ্ট কৰে যে অন্যৰ লগত সম্পর্কিত হ'লেও ব্যক্তিস্বাতন্ত্র্য নষ্ট নহয়; ই স্বেচ্ছাচয়নৰ ফল-ব্যক্তিয়ে নিজেই সিদ্ধান্ত লয় যে সুখ-ভোগৰ শূন্যতাৰ পৰা মুক্তি পাবলৈ দায়িত্বশীল জীৱন বাছি ল'ব লাগিব

    কিন্তু কীৰ্কেগার্ডৰ মতে নৈতিক স্তৰতও সম্পূৰ্ণ সন্তুষ্টি নাহে। ইয়াত জন্মে এক ধৰণৰ হতাশা যাক তেওঁ নৈতিক হতাশা (ethical despair) বুলি কয়। এই হতাশাৰ মূল কাৰণ হ'ল-নৈতিক মানদণ্ডৰ জটিলতা আৰু বাস্তৱ সংকট। বাস্তৱ পৰিস্থিতিত কোন কাম "অধিক উচিত” আৰু কোনটো "অনুচিত”-এই সিদ্ধান্ত লোৱাটো বহু সময়ত কঠিন। কেতিয়াবা দুটা কর্তব্য একে সময়তে সংঘাতত পৰে, কেতিয়াবা নৈতিক নিয়মে স্পষ্ট পথ দেখুৱাব নোৱাৰে। ফলত ব্যক্তি সিদ্ধান্তহীনতা আৰু মানসিক চাপে ভোগে

    আন এটা কাৰণ হ'ল আত্মকেন্দ্রিকতা আৰু পৰকেন্দ্ৰিকতাৰ মাজৰ দ্বন্দ্ব। ব্যক্তি পৰকেন্দ্ৰিক হ'বলৈ চেষ্টা কৰিলেও, ব্যক্তিগত ইচ্ছা, স্বার্থ বা আবেগ কেতিয়াবা উত্থান হয়। তেতিয়া নৈতিক দাবী আৰু ব্যক্তিগত আকাংক্ষাৰ মাজত দ্বিধাগ্ৰস্ত অৱস্থা হয়। এই টানাপোঞ্জেেন ব্যক্তিক পুনৰ হতাশ কৰে আৰু তেওঁ অনুভৱ কৰে-নৈতিকতা থাকিলেও আত্মাৰ পৰম তৃপ্তি বা চূড়ান্ত সত্য লাভ হোৱা নাই

    এই সীমাবদ্ধতা অনুভৱ কৰিয়েই কীৰ্কেগাৰ্ডৰ মতে ব্যক্তি ক্রমে ধর্মীয় স্তৰলৈ আগবাঢ়ে। নৈতিক স্তৰত সত্যৰ মানদণ্ড মূলত সামাজিক-নৈতিক; কিন্তু ধৰ্মীয় স্তৰত সর্বোচ্চমানদণ্ড হয় ঈশ্বৰাদেশ আৰু আন্তৰিক আস্থা। নৈতিক সংকটৰ পৰা ৰক্ষা পাবলৈ ব্যক্তি ঈশ্বৰৰ প্ৰতি একান্ত বিশ্বাস স্থাপন কৰে আৰু আত্মসমৰ্পণৰ ভিতৰত শান্তি বিচাৰে

    শেষত, নৈতিক স্তৰ হৈছে আত্মকেন্দ্ৰিক ভোগবাদৰ পৰা দায়িত্বশীল সামাজিক-নৈতিক জীৱনলৈ উত্তৰণ। কিন্তু নৈতিক নিয়মৰ সংঘাত আৰু মানদণ্ড সংকটৰ বাবে নৈতিক হতাশা জন্মে; এই হতাশাই ব্যক্তিক ধৰ্মীয় স্তৰৰ দিশে অগ্ৰসৰ কৰে

৬। আত্মিক সত্যতাৰ বৈশিষ্ট্যসমূহ-আলোচনা কৰা

উত্তৰঃ কীৰ্কেৰ্গাৰ্ডৰ "Truth is subjectivity” ধাৰণাৰ ভিতৰত আত্মিক সত্যতাৰ কিছুমান মৌলিক বৈশিষ্ট্য লুকাই আছে। এই বৈশিষ্ট্যসমূহ আলোচনা কৰিলে দেখা যায় যে কীর্কেগার্ড সত্যক বস্তুগত তথ্য-প্ৰমাণৰ পৰা টানি আনি মানৱ অস্তিত্বৰ আন্তৰিক জগতত স্থাপন কৰিছে

আত্মিক সত্যতাৰ বৈশিষ্ট্যসমূহ হ'ল-

(ক) বিষয়ীৰ সম্পৰ্কঃ বস্তুগত সত্যতাই বিষয়ী (subject) কিদৰে সত্যৰ লগত সম্পর্কিত-সেয়া নাচাই, কেৱল বিষয় (object) ', কি-তাত জোৰ দিয়ে। কিন্তু আত্মিক সত্যতাত সত্য ব্যক্তিগত; ব্যক্তি-সত্য সম্পর্কেই সত্যৰ ৰূপ। এজন ব্যক্তিৰ বিশ্বাস-সত্যতা আনজনলৈ "বস্তু"ৰ দৰে হস্তান্তৰ কৰা নাযায়

(খ) “কি” বনাম "কিদৰে”ঃ বস্তুগত সত্য "কি সত্য?” প্ৰশ্নৰ উত্তৰ; আত্মিক সত্য "কিদৰে সত্যক জীয়াই থাকোঁ?"-এইখিনিত। উদাহৰণস্বৰূপে, ঈশ্বৰ আছে নে নাই-এইটো object-level প্রশ্ন; কিন্তু কীৰ্কেৰ্গাৰ্ডৰ মতে অধিক গুৰুত্বপূৰ্ণ হ'ল-ব্যক্তি ঈশ্বৰৰ প্ৰতি কিদৰে দায়বদ্ধ? কিদৰে আস্থাৰে জীয়াই থাকে?

(গ) ঈশ্বৰীয় সত্য বস্তুনিষ্ঠভাবে লাভ নোহোৱাঃ বস্তুনিষ্ঠ প্রমাণে ঈশ্বৰ-সত্য নিশ্চিত নকৰে; বৰং অনিশ্চয়তা আনে। কিন্তু এই অনিশ্চয়তাৰ মাজতো ব্যক্তি তীব্র আন্তৰিক আবেগেৰে আস্থা স্থাপন কৰিলে সেই আস্থাই সত্যৰ ৰূপ লয়। ইয়াত সত্যৰ জন্ম ব্যক্তি-অভিজ্ঞতাত

(ঘ) Paradox আত্মিক দৃষ্টিত ব্যক্তি বুজে যে ঈশ্বৰক object হিচাপে ধৰা অসম্ভৱ। তথাপি বিশ্বাস কৰিব লাগে-এইখিনিতেই বিৰোধাভাস। এই বিৰোধাভাস নস্বীকাৰ কৰি, বিশ্বাসৰ মাধ্যমেৰে আঁকোৱালি ল'ব লাগে

(ঙ) চৰম আবেগময় মূহূৰ্তঃ সত্য যুক্তিৰে স্থাপন নহয়; বিশ্বাসৰ দ্বাৰা লাভ হয়। আস্থাই সদায় পুনৰ-নবীকৰণ দাবী কৰে, কাৰণ সন্দেহ আৰু অনিশ্চয়তা পুনৰ উঠিব পাৰে

(চ) সত্য মূর্তঃ আত্মিক সত্য কোনো অমূর্ত তত্ত্ব নহয়; ই সময়-স্থানত জীয়াই থকা ব্যক্তিৰ সিদ্ধান্ত, দায়বদ্ধতা আৰু অভিজ্ঞতাত মূর্ত হয়। সত্য ব্যক্তি-নিৰপেক্ষ হ'ব নোৱাৰে-এয়া কীৰ্কেৰ্গাৰ্ডৰ মূল বক্তব্য

    এই বৈশিষ্ট্যসমূহে দেখুৱায় যে কীর্কেগার্ডৰ মতে সত্য মানে "তথ্য” নহয়, সত্য মানে "জীৱন”-যি সত্য ব্যক্তি জীয়াই থাকে, সেই সত্যই আত্মিক সত্যতা

 


Answer Type - Boby Bora