Chapter 2
মহাত্মা
গান্ধী আৰু বি. আৰ. আম্বেদকাৰ
অতি চমু প্রশ্নোত্তৰ
১। মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল?
উত্তৰঃ মহাত্মা গান্ধীৰ জন্ম হৈছিল ১৮৬৯ চনৰ ২ অক্টোবৰত।
২। মহাত্মা গান্ধীৰ প্ৰকৃত নাম কি আছিল?
উত্তৰঃ মোহনদাস কৰমদাস গান্ধী।
৩। গান্ধীক 'মহাত্মা' নামটো কোনে দিছিল?
উত্তৰঃ ৰবীন্দ্ৰনাথ ঠাকুৰে।
৪। গান্ধীজীৰ ৰাজনৈতিক গুৰু কোন আছিল?
উত্তৰঃ গোপালকৃষ্ণ গোখলে আৰু সুৰেন্দ্ৰনাথ বেনার্জী।
৫। গান্ধীয়ে নিজৰ ৰাজনৈতিক জীৱন ক'ত আৰম্ভ কৰে?
উত্তৰঃ দক্ষিণ আফ্রিকাত।
৬। চম্পাৰণ সত্যাগ্রহ কোন চনত হৈছিল?
উত্তৰঃ ১৯১৭ চনত।
৭। সত্যাগ্রহ ধাৰণাটো গ্রহণ কৰোতে গান্ধীজীয়ে কাৰ কাৰ পৰা প্ৰভাৱান্বিত হৈছিল?
উত্তৰঃ লিও টলষ্টয় আৰু থৰোৰ ৰচনাৰ দ্বাৰা প্ৰভাৱিত হৈছিল।
৮। সত্যাগ্রহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমতে প্রয়োগ কৰিছিল?
উত্তৰঃ গান্ধীয়ে দক্ষিণ আফ্রিকাত পোনপ্রথমতে সত্যাগ্রহৰ কৌশল প্রয়োগ কৰিছিল।
৯। কোনে কিমান চনত সৰ্বমতী আশ্ৰম পাতিছিল?
উত্তৰঃ মহাত্মা গান্ধীয়ে ১৯১৫ চনত সৰ্বমতী আশ্রম পাতিছিল।
১০। 'Hind Swaraj' নামৰ গ্ৰন্থখনৰ লিখক কোন?
উত্তৰঃ মহাত্মা গান্ধী।
১১। আম্বেদকাৰৰ সামাজিক ন্যায়ৰ মূল লক্ষ্য কি?
উত্তৰঃ আম্বেদকাৰৰ সামাজিক ন্যায়ৰ মূল
লক্ষ্য আছিল জাতি-বর্ণভিত্তিক বৈষম্য আৰু
অস্পৃশ্যতা ধ্বংস কৰি সকলোকে সমান মর্যাদা আৰু অধিকাৰ নিশ্চিত কৰা।
১২। আম্বেদকাৰৰ মতে গণতন্ত্র কেতিয়া সফল হ'ব?
উত্তৰঃ আম্বেদকাৰৰ মতে গণতন্ত্র সফল হ'ব যেতিয়া সামাজিক সমতা, ন্যায় আৰু মর্যাদা বাস্তৱ জীৱনত প্রতিষ্ঠিত হ'ব।
১৩। আম্বেদকাৰ কিয় বৌদ্ধ ধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল?
উত্তৰঃ আম্বেদকাৰ বৌদ্ধ ধর্মলৈ ধৰ্মান্তৰিত হৈছিল কাৰণ হিন্দু বর্ণব্যৱস্থাই অস্পৃশ্যতাক বৈধতা দিছিল আৰু বৌদ্ধ ধর্মে সমতা-নৈতিকে প্রাধান্য দিয়ে।
১৪। নব্য বৌদ্ধ আন্দোলনে সমাজত কেনে মূল্যবোধ জাগ্ৰত কৰিছিল?
উত্তৰঃ নব্য বৌদ্ধ আন্দোলনে আত্মসম্মান, সামাজিক সমতা আৰু ন্যায়ৰ মূল্যবোধ জাগ্ৰত কৰিছিল।
১৫। আম্বেদকাৰৰ মতে ধৰ্মৰ কেন্দ্ৰীয় আধাৰ কি?
উত্তৰঃ আম্বেদকাৰৰ মতে ধৰ্মৰ কেন্দ্ৰীয় আধাৰ হৈছে নৈতিকতা, কিয়নো "Morality is Dhamma and Dhamma is Morality"।
১৬। সংবিধানৰ ১৭ নং অনুচ্ছেদ কোন বিষয়ৰ সৈতে জড়িত?
উত্তৰঃ সংবিধানৰ ১৭ নং অনুচ্ছেদ অস্পৃশ্যতা বিলোপ আৰু ইয়াক দণ্ডনীয় অপৰাধ হিচাপে ঘোষণা কৰাৰ সৈতে জড়িত।
১৭। আম্বেদকাৰৰ সামাজিক ন্যায়ৰ আন্দোলনে কোন শ্রেণীক বিশেষভাৱে শক্তি দিয়ে?
উত্তৰঃ আম্বেদকাৰৰ সামাজিক ন্যায়ৰ আন্দোলনে বিশেষভাৱে মাহাৰসহ দলিত আৰু
পিছপৰা শ্ৰেণীক অধিকাৰ-চেতনাৰ জৰিয়তে শক্তি দিলে।
১৮। নব্য বৌদ্ধ ধৰ্ম কিহৰ সৈতে জড়িত এক নতুন আৰম্ভণি ?
উত্তৰঃ নব্য বৌদ্ধ ধর্ম হৈছে ড° বি. আৰ. আম্বেদকাৰৰ বৌদ্ধ আন্দোলনৰ এক বৈপ্লৱিক সামাজিক নতুন আৰম্ভণি।
১৯। নব্য বৌদ্ধ ধর্ম প্রধানকৈ কোন শ্ৰেণীৰ সামাজিক উন্নতিৰ লগত জড়িত?
উত্তৰঃ নব্য বৌদ্ধ ধৰ্ম প্ৰধানকৈ সমাজৰ দৰিদ্ৰ পিছপৰা শ্ৰেণী বিশেষকৈ মাহাৰ জাতিৰ সামাজিক উন্নতিৰ লগত জড়িত।
২০। আম্বেদকাৰৰ মতে বৌদ্ধ ধর্ম কিয় উৎকৃষ্ট?
উত্তৰঃ আম্বেদকাৰৰ মতে বৌদ্ধ ধর্মই জাতি-বর্ণক অস্বীকাৰ কৰি প্ৰগতিৰ সম্পূৰ্ণ সুযোগ দিয়ে।
চমু প্রশ্নোত্তৰ
১। অহিংসা নীতি কাক বোলে?
উত্তৰঃ হিংসা নীতি বা কার্যক অহিংসা বা শান্তিপূর্ণ উপায়েৰে জয় লাভ কৰা বা ইয়াক প্ৰৱলভাৱে প্ৰত্যাহ্বান জনোৱাটোৱে হ'ল অহিংসা নীতি। কাৰণ গান্ধীজীৰ ভাষাত নিৰস্ত্ৰ আৰু দুৰ্বল মানুহে পৰাক্ৰমী আৰু অস্ত্ৰধাৰী শাসকৰ বিৰুদ্ধে যুঁজিবলৈ হ'লে অহিংসা পন্থাৰ বাহিৰে কানো গত্যন্তৰ নাই। গান্ধীজী আছিল অহিংসা নীতিৰ প্ৰথম উদ্ভাৱক। এইক্ষেত্ৰত তেওঁ ৰালফ অডো ইমাৰ্চন, থৰো আৰু টলষ্টয়ৰ আদৰ্শৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল। গান্ধীজীয়ে পোনতে ১৮৯৩-১৯১৪ ৰ কালছোৱাত দক্ষিণ আফ্রিকাৰ স্বৈৱতান্ত্রিক শাসকগোষ্ঠীৰ বিৰুদ্ধে পোনতে এই অহিংসা নীতি প্রয়োগ কৰিছিল।
২। অহিংসা নীতি কোনে পোনতে ক'ত উদ্ভাৱন কৰিছিল?
উত্তৰঃ মহাত্মা গান্ধীয়ে ১৮৯৩-১৯১৪ চনৰ ভিতৰৰ সময়ছোৱাত দক্ষিণ আফ্রিকাৰ বৰ্ণ বৈষম্যবাদী চৰকাৰৰ বিৰুদ্ধ পোন প্ৰথমে এই অহিংসা নীতি প্ৰয়োগ কৰিছিল। গান্ধীজীয়ে প্রয়োগ কৰা অহিংসা নীতিৰ মৰ্ম আছিল শান্তিপূর্ণ উপায়েৰে দক্ষিণ আফ্রিকাৰ চৰকাৰে প্রৱর্তন কৰা কঠোৰ আইন যেনে- বাধ্যতামূলক পঞ্জীয়ন আইন, প্রৱেশাধিকাৰ পত্ৰ, বাণিজ্যিক অনুজ্ঞাপত্র সম্পর্কীয় আইন আদি উলংঘা কৰা। উক্ত আইন-কানুন উলংঘা বা ভংগ কৰাৰ উপায় আছিল স্বেচ্ছাই গণ প্রতিৰোধ কৰি গ্রেপ্তাৰবৰণ কৰা, মাজে মাজে হৰতাল পালন কৰা, সভা-শোভাযাত্রা, বিক্ষোভ, ধর্ণা আদি অনুষ্ঠিত কৰা। তেনে আন্দোলনত অংশগ্ৰহণকাৰী লোকৰ ওপৰত প্ৰতিপক্ষই আক্ৰমণ কৰিলেও আন্দোলনকাৰীসকলে প্রতি আক্ৰমণ কৰিব নালাগিব, শান্তিপূর্ণভাৱে সেই শাস্তি মূৰ পাতি ল'ব লাগিব। এই ধৰণৰ আইনৰ বিৰুদ্ধে দক্ষিণ আফ্রিকাত পৰিচালিত কৰা ৰাজনৈতিক আন্দোলনৰ আৰ্হি-আদৰ্শই পিছত তেওঁক ভাৰতবৰ্ষতো সেই দিশত অগ্ৰসৰ হ'বলৈ অনুপ্রাণিত কৰিছিল।
৩। গান্ধীজীৰ অহিংসা ধাৰণাটো ব্যাখ্যা কৰা।
উত্তৰঃ গান্ধীজীৰ সকলো ধাৰণাআৰু বিশ্বাসৰ মূল নীতি বা ভেটি আছে অহিংসা। অহিংসা গান্দীজীৰ ধাৰণাৰ মৌলিক উপাদান। গান্ধীজীৰ অহিংসা নীতিৰ অৰ্থ ব্যাপক। মহাত্মা গান্ধীৰ মতে মানুহে নিজৰ কাম কথা আৰু চিন্তা সকলোতে অহিংস আদর্শ অৱলম্বন কৰিব লাগে। অর্থাৎ অহিংসা নীতিৰ মূল মন্ত্র হ'ল কম কথা আৰু চিন্তাত সৎ ভাৱ পোষণ কৰা। অহিংসা নীতিত বিশ্বাস কৰা ব্যক্তি এজনে কাকো হিংসা নকৰে, মিছা কথা নকয়, কাৰো বিৰুদ্ধে বেয়া বা কু-চিন্তা নকৰে। গান্ধীজীৰ মতে ব্যক্তি এজন কেৱল কামত অহিংসা হ'লেই নহ'ব তেওঁ চিনা আৰু মনোভাবো অহিংসা হ'ব লাগিব।
৪। মহাত্মা গান্ধীয়ে অহিংসাৰ নীতিটো গ্ৰহণ কৰা দুজন মহান ব্যক্তিৰ নাম লিখা।
উত্তৰঃ (ক) গৌতম বুদ্ধ (খ) ৰাস্কিন।
৫। গান্ধীবাদৰ দুটা মূল নীতি উল্লেখ কৰা।
উত্তৰঃ (ক) অহিংসাৰ নীতি আৰু (খ) সত্যাগ্ৰহৰ নীতি
৬। সত্য সম্পর্কে থকা মহাত্মা গান্ধীৰ ধাৰণাটো চমুকৈ লিখা।
উত্তৰঃ গান্ধীজীৰ মতে, 'সত্যই ভগৱান' আৰু এই কাম উপলব্ধি কৰাৰ একমাত্ৰ মাধ্যম হৈছে প্রেম আৰু অহিংসা। সেইবাবে যিসকলে সত্যক অনুসৰণ কৰি অহিংসা ভাৱেৰে কাম কৰে প্ৰকৃততে তেওঁলোকেই হৈছে ধার্মিক ব্যক্তি। গান্ধীজীৰ ভাষাত 'সত্য য'তেই আছেত'তেই প্রকৃত জ্ঞানো আছে। সত্য য'ত নাই, তাত প্রকৃত জ্ঞানো নাই। সেইবাবে জ্ঞান শব্দটো ঈশ্বৰৰ নামৰ সৈতে সংযোজিত।' ভগৱানেই হৈছে সত্য, জ্ঞান আৰু আনন্দৰ সম্মিলিত প্রতীক। তেওঁৰ মতে গভীৰ ঈশ্বৰপ্ৰেম আৰু সত্য অন্বেষণে মানুহক ধৈর্য দিয়ে, কঠোৰতা নির্মূল কৰি সহনশীলতা প্রদান কৰে।
৭। সত্যাগ্রহ বুলিলে কি বুজা?
উত্তৰঃ গান্ধীজীয়ে দক্ষিণ আফ্রিকাতে প্রথমে 'সত্যাগ্রহ' শব্দটো ব্যৱহাৰ কৰিবলৈ আৰম্ভকৰিছিল। 'সত্য' আৰু 'আগ্রহ' শব্দ দুটা লগ হৈ এই সন্ধিযুক্ত শব্দটোৰ সৃষ্টি হৈছে, যাৰ অৰ্থ 'সত্যৰ প্রতি আগ্রহ', অর্থাৎ সত্যনিষ্ঠ হৈ কাম কৰা। গান্ধীজীৰ মতে সত্যাগ্রহ হ'ল 'এক আধ্যাত্মিক আন্দোলন, এক বিশুদ্ধীকৰণ আৰু প্রায়শ্চিত্তকৰণৰ প্ৰক্ৰিয়া।' সত্যাগ্রহৰ ভিত্তি হ'ল অহিংসা। গান্ধীজীৰ মতে, সত্যাগ্রহ কেৱল এক একপক্ষীয় প্রতিৰোধ নহয়। ইয়াৰ তাৎপর্য হ'ল- জনতাই গভীৰভাৱে নেৰানেপেৰাকৈ ৰাজনৈতিক কার্যকলাপত আত্মনিয়োগ কৰা।সত্যাগ্রহৰ ভিত্তি হ'ল অহিংসা। গান্ধীজীয়ে সত্যাগ্রহৰ ধাৰণাটে গ্ৰহণ কৰোতে লিও টলষ্টয় আৰু থৰোৰ ৰচনাৰ দ্বাৰা প্ৰভাৱিত হৈছিল।
আচলতে সত্যাগ্রহ গান্ধীজীৰ এটা কর্মপন্থা বা পদ্ধতিহে। ইয়াৰ জৰিয়তে তেওঁ অন্যায়ৰ বিৰুদ্ধে যুঁজিব বিচাৰে। সত্যাগ্রহ হ'ল এটা অহিংস নীতি। এই নীতিৰ ওপৰত ভিত্তি কৰিয়েই গান্ধীবাদৰ অন্যান্য সূত্ৰবোৰৰ বিকাশ হৈছে। গান্ধীজীৰ মতে সত্যাগ্ৰহৰ জৰিয়তেসকলো ধৰণৰ অন্যায়ৰ বিৰুদ্ধে থিয় দিব পাৰি। তেওঁ স্বাধীনতা আন্দোলনৰ সময়ত সদায় এই শক্তিশালী অস্ত্ৰৰ সহায় ল'বলগীয়া হৈছিল। ইয়াৰ জৰিয়তে তেওঁ ইংৰাজৰ অন্যায়ৰ বিৰুদ্ধে যুঁজিছিল।গান্ধীজীৰ মতে সত্যাগ্ৰহৰ জৰিয়তে সকলো ধৰণৰ অন্যায়ৰ বিৰুদ্ধে থিয় দিব পাৰি। সত্যাগ্রহ এটা নৈতিক অস্ত্ৰ যাৰ ভেটি হ'ল "আত্মাৰ শক্তি" বা "প্রেম শক্তি”। এই সক্তি আন শক্তিতকৈ অধিক শক্তিশালী। ভাৰতৰ কুমাৰাপ্পাই সত্যাগ্রহৰ অৰ্থ সম্পর্কে কৈছে, "Satyagraha means literally 'clinging to truth', and as truth of Gandhiji was God, and Satyagraha in the general sense of the word means the way of life of one who holds steadfastly to God and dedicates his life to him. The true Satyagrahi is, accordingly, a man of God."
এজন সত্যাগ্রহীয়ে পৰাজয় কি তাক উপলব্ধিনকৰে। তেওঁৰ একমাত্র লক্ষ্য হ'ল শক্তি প্রয়োগ নকৰাকৈ সত্যৰ কাৰণে যুঁজ কৰা। সত্যাগ্রহীসকলে আনক কেতিয়াও আঘাত কৰিব নোৱাৰে। সত্যাগ্ৰহৰ সময়ত আনৰ বিৰুদ্ধে শক্তিৰ ব্যৱহাৰ কৰা নহয়। এতেকে সত্যাগ্রহীয়ে আনক আঘাত কৰিব নোৱাৰে। সত্য আৰু প্ৰেমৰ জৰিয়তে তেওঁ আনৰ মন জয় কৰিবলৈ চেষ্টা কৰে। গান্দীজীৰ মতে সত্যাগ্রহ কৰিলে সত্যাগ্রহীৰ লগতে যাৰ বিৰুদ্ধে সত্যাগ্রহ কৰা হয় তেওঁৰো উপকাৰ হয়। কাৰণ, তেওঁ নিজৰ ভুল-ভ্রান্তিবোৰ উপলব্ধি কৰিব পাৰে আৰু সেইবিলাক শুধৰাবৰ বাবে সুযোগ পায়। সত্যাগ্রহীসকলে যাৰ বিৰুদ্ধে সত্যাগ্রহ কৰে তেওঁক সৎ পথলৈ আহিবলৈ সুযোগ দিয়ে।
গান্ধীজীয়ে কৈছে যে সত্যাগ্রহী হ'বৰ বাবে এজন ব্যক্তি সাহসী হ'ব লাগিব। এজন সাহসী আৰু সৎ ব্যক্তিয়েহে ভালদৰে সত্যাগ্রহৰ সহায় ল'বপাৰে। ইয়াৰ ফলত তেওঁ দুর্নীতিৰ বিৰুদ্ধে যুক্তিৰ পাৰে। সত্যাগ্রহ নৈতিক শক্তিৰ ওপৰত প্রতিষ্ঠিত। যাৰ নৈতিক মনোবল নাই তেওঁ আদর্শ সত্যাগ্রহী হ'ব নোৱাৰে। পৱিত্র মনেৰেহে বালদৰে সত্যাগ্রহ কৰিব পাৰি। সত্যার্থীদে কেতিয়াও হিংস-নীতিক গ্রহণ কৰিব নোৱাৰে। লক্ষ্য সাধনৰ বাবে তেওঁ কেতিয়াও শক্তিশ প্রয়োগ নকৰে। প্রেম আৰু সত্যই হ'ল এজন সত্যাগ্রহীৰ মূল শক্তি।
কিছুমানে সত্যাগ্রহক দুর্বলসকলৰ কৌশল বুলি ভাবে। তেওঁলোকৰ মতে শক্তিৰ সম্মুখী হ'ব নোৱাৰি দুর্বলসকলে সত্যাগ্রহৰ আশ্রয় লয়। কিন্তু সত্যাগ্রহ সম্পর্কে এনে ধাৰণা শুৰ নহয়। গান্ধীজীয়ে প্রতমতে ৰাজনৈতিক শোষণৰ বিৰুদ্ধে দক্ষিণ আফ্রিকাত সত্যাগ্রহ কৰি যথেষ্ট সফলতা অর্জন কৰিছিল। তেওঁ ভাৰতবৰ্ষলৈ উভতি আহি বিদেশী চৰকাৰ বিৰু সত্যাগ্রহ কৰি ভাৰতক স্বাধনি কৰিবলৈ সক্ষম হৈছিল। এতেকে সত্যাগ্রহক কাপুৰুষৰ অনু বুলিব নোৱাৰি। গান্ধীজীৰ মতে যিকোনো ব্যক্তিয়ে সত্যাগ্রহ কৰিব পাৰে। কিন্তু সত্যাগ্রহীৰ সত্যৰ ওপৰত বিশ্বাস থাকিব লাগিব। যাৰ সত্য আৰু অহিংসাৰ ওপৰত বিশ্বাস নাই তেওঁ কৃতকার্যতাৰে সত্যাগ্রহ কৰিব নোৱাৰে।
১০। তলত দিয়া বিষয়সমূহৰ ওপৰত চমুটোকা লিখাঃ
(ক) গান্ধীজীৰ বৰ্ণাশ্রম ধর্ম।
উত্তৰঃ বর্ণাশ্রম ধর্ম বর্ণ বা জাতি বিভাজন সূত্ৰৰ ওপৰত প্ৰতিষ্ঠিত। গান্ধীজীয়ে এই - জাতি বিভাজন মানি লৈছে। তেওঁ অৱশ্যে নতুন অৰ্থৰ ভিত্তিত ইয়াক মানিছে, আৰু এই বর্ণভেদক সমাজৰ স্থিৰতা আৰু উন্নতিৰ বাবে প্রয়োজন বুলি কৈছে। এই বিষয়ে তেওঁ এইদৰে লিখিছে, "The spirit behind caste is not one of arrogent superiority, it is the classificationof different systems of self culture. It is the best possible adjustment of soial stability and progress".
গান্ধীজীয়ে বর্ণাশ্রমক ধৰ্মৰ দিশৰ পৰাও লাগতিয়াল বুলি কৈছে। ইয়াৰ প্ৰয়োজন আত্ম-নিয়ন্ত্ৰণ আৰু আত্মত্যাগৰ বাবে। তেওঁৰ মতে বর্ণাশ্রম ধর্মই নিজৰ বৰ্ণৰ বাহিৰত বিবাহ আদি কৰোৱাৰ যি নিষেধাজ্ঞা দিয়ে সি আত্ম-নিয়ন্ত্রণ বঢ়ায়। সেয়ে তেওঁ বর্ণাশ্রম ধৰ্মৰ সংৰক্ষণৰ কথা এইদৰে কৈছে, "It is a very good institution. It has done much good to the country. It must be preserved", এই ধৰ্মত যিবোৰ দোষ আছে সেই দোযবোৰক আঁতৰাই গান্ধীজীয়ে ইয়াক দেশৰ মঙ্গলৰ অৰ্থে গ্রহণ কৰিবলৈ কৈছে।
গান্ধীজীৰ মতে বর্ণাশ্রম এক
প্রাকৃতিক নিয়ম। যদি এজন ব্রাহ্মণে শাস্ত্র-বিহিতভাৱে আচৰণ নকৰে তেন্তে পিচৰ জনমত
তেওঁ ক্ষত্রিয়, বৈশ্য বা শূদ্রৰূপে জন্ম ল'ব
লাগিব। গতিকে বর্ণাশ্রম নৈতিক শৃংখল বজাই ৰাখিবৰ বাবে প্রয়োজন। ই স্বধর্ম ৰক্ষাত
সহায় কৰে। সেইদৰে এজন শূদ্রই যদি ব্রাহ্মণৰ দৰে আচৰণ কৰে তেন্তে পিচৰ জীৱনত তেওঁ
ব্রাহ্মণ ৰূপে জন্ম ল'ব পাৰিব।
বৰ্ণধর্মই কোনে কি কৰিব লাগে, কোনে কি পাব লাগে, কোনে কেনেকৈ আচৰণ কৰিব লাগে তাৰ বিধান কৰে। এই বিধানৰ উদ্দেশ্য হ'ল সকলো মানুহ যাতে উপকৃত হয় আৰু তাৰ দ্বাৰা সুখী হয়। বৰ্ণ ধৰ্মৰ এই বিধান সম্পর্কে এছ, এ. ডাঙেই তেওঁৰ 'India: From Primitive Communism to Slavery' নামৰ কিতাপখনত এইদৰে লিখিছে, ".... the Verma-dharmas had laid down what each should do, should get and how each should behave. so that all may benefit thereby and be happy".
(খ) গান্ধীজীৰ অস্পৃশ্যতাৰ বিৰুদ্ধে মতামত।
উত্তৰঃ ভাৰতীয় সমাজ ব্যৱস্থাত জাতিপ্রথা অতীজৰ পৰাই চলি আহিছে। কিন্তু এই জাতিভেদ প্রথাৰ ভিত্তি অস্পৃশ্যতা নাছিল। কামৰ ভিত্তিতহে তেতিয়াৰ জাতিপ্রথা প্রচলিত আছিল। কালক্ৰমত এই জাতিপ্রথাত অস্পৃশ্যতা নামৰ ব্যাপক ব্যাধীয়ে গা কৰি উঠিল আৰুভাৰতীয় সমাজক অস্থিৰতাৰ বাটলৈ ঠেলি দিলে। অস্পৃশ্যতাক ভাৰতীয় সমাজ ব্যৱস্থাৰ এক গুৰুতৰ ব্যাধি বুলিব পাৰি। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগতে অস্পৃশ্যতাই প্রকট ৰূপ ধাৰণ কৰিছিল। অৱশ্যে দেশ স্বাধীন হোৱাৰ পিছত ইয়াৰ প্রকোপ কম হোৱা দেখা যায়। গান্ধীজী অস্পৃশ্যতাৰ ঘোৰ বিৰোধী আছিল। কাৰণ, ই আমাৰ সমাজত অস্থিৰতা আৰু অনৈক্যৰ সৃষ্টি কৰিছিল।
আমাৰ দেশৰ সমাজ ব্যৱস্থাত যিবিলাক শ্ৰেণীৰ মানুহে কিছুমান নিম্ন ধৰণৰ কামক নিজৰ বৃত্তি হিচাপে লৈ জীৱিকা অৰ্জন কৰিছিল আৰু জনসাধাৰণক সেৱা কৰিছিল তেওঁলোকক অস্পৃশ্য বুলি কোৱা হয়। উচ্চ বৰ্গৰ মানুহৰ বাবে সেইবিলাক কাম ঘৃণনীয় আছিল। সেইবিলাক কাম কৰা মানুহক উচ্চ শ্ৰেণীৰ মানুহে অস্পৃশ্য বুলি বিবেচনা কৰিছিল। অস্পৃশ্যতা বুলিলে ইয়াকে বুজায় যে সেই নীচ কাম কৰা মানুহবিলাকক স্পর্শ কৰিব নোৱাৰি, তেওঁলোকৰ ভাৰতবৰ্ষৰ এক বৃহৎ সংখ্যক মানুহ জীৱনক জুৰুলা আৰু শোকাৱহ কৰিছিল। মানুহ হিচাপে সৈতে খোৱা-বোৱা কৰা নিষিদ্ধ আৰু তেওঁলোকৰ সৈতে মিতিৰালি কৰিব নোৱাৰি। অস্পৃশ্যতাই তেওঁলোকৰ অস্তিত্বক কোনেও স্বীকাৰ কৰা নাছিল। তেওঁলোক ভাৰতীয় হৈও ভাৰতীয় উচ্চ শ্ৰেণীৰ মানুহৰ হাতত বহু ধৰণৰ লাঞ্চনা ভোগ কৰিবলগীয়া হৈছিল। গান্ধীজী এই অস্পশ শ্ৰেণীৰ মানুহৰ দুৰৱস্থা দেখি জৰ্জৰিত হৈছিল। গতিকে ভাৰতীয় স্বাধীনতা সংগ্রাম চলি থাকোতে গান্ধীজীয়ে অস্পৃশ্যসকলক মুক্ত কৰি তেওঁলোকে যাতে আন আন ভাৰতীয়ৰ দৰে সমান অধিকাৰ ভোগ কৰিব পাৰে তাৰ বাবে সংগ্ৰাম আৰম্ভ কৰিলে।
গান্ধীজীয়ে বিশ্বাস কৰিছিল যে ঈশ্বৰে সৃষ্টি কৰা সকলো মানুহেই সমান। তেওঁলোকৰ মাজত কোনো ভেদাভেদ থাকিব নালাগে। সেয়েহে তেওঁ অস্পৃশ্যসকলৰ সমস্যাসমূহ সমাধান কৰাত দৃঢ়সঙ্কল্প হ'ল। গান্ধীজীয়ে এই অস্পৃশ্যসকলক 'হৰিজন' নাম দিলে। গান্ধীজীয়ে এই হৰিজনসকলক সকলো ক্ষেত্রতে সমান সুযোগ-সুবিধা দিবলৈ ইংৰাজ চৰকাৰলৈ আহ্বান জনালে। এইদৰে গান্ধীজীয়ে 'হৰিজন' কল্যাণ আৰু মুক্তিৰ আন্দোলন গঢ়ি তুলিলে। গান্ধীজীয়ে তেওঁৰ ব্যক্তিগত জীৱনত হৰিজনসকলৰ সৈতে মিলি-জুলি চলিছিল আৰু তেওঁলোকক মৰমৰ দৃষ্টিৰে চাইছিল। তেওঁ তেওঁৰ জীৱনকালত হৰিজনসকলৰ বাবে ন্যায্য মৰ্যাদা লাভ কৰাং বহুতো পৰিমাণে কৃতকাৰ্য হৈছিল। কিন্তু হৰিজনসকলক সমান অধিকাৰ দিয়াৰ গান্ধীজীয়ে যি সংকল্প লৈছিল, সেইটো পূর্ণ হয় দেশ স্বাধীন হোৱাৰ পিছত।
ভাৰতবৰ্ষ স্বাধীন হোৱাৰ লগে লগে অস্পৃশ্যতাৰ প্রকোপ আগৰ দৰে নাইকীয়া হ'ল। গান্ধীজীৰ প্ৰভাৱ আৰু ইচ্ছামতে সংবিধানৰ নিৰ্মাতাসকলে ভাৰতীয় সংবিধানত অস্পৃশ্যতাৰ। প্রকোপ ৰাজনৈতিক আৰু অৰ্থনৈতিক স্তৰত নাই বুলি ক'ব পাৰি। কিন্তু সামাজিক স্তৰত অস্পৃশ্যতাৰ কুপ্ৰভাৱ এতিয়াও আছে। গতিকে এইটো নিঃসন্দেহে ক'ব পাৰি যে গান্ধীজীৰ আপ্রাণ চেষ্টাৰ বলতেই ভাৰতবৰ্ষৰ পৰা অস্পৃশ্যতাৰ দৰে এটা কলঙ্কজনক প্ৰথা দূৰ কৰা হ'ল। ইয়াৰ ফলত ভাৰতীয় গণতান্ত্রিক ব্যৱস্থাৰ ভেটি প্রশস্ত আৰু শক্তিশালী হৈছে। এতিয়া আমাৰ। দেশৰ সকলো মানুহ আইনৰ চকুত সমান।
১১। আম্বেদকাৰৰ সামাজিক ন্যায়ৰ ধাৰণা আলোচনা কৰা।
উত্তৰঃ আম্বেদকাৰৰ সামাজিক ন্যায়ৰ ধাৰণা মূলতঃ জন্মভিত্তিক বৈষম্য, অস্পৃশ্যতা আৰু বৰ্ণব্যৱস্থাৰ কবলৰ পৰা মানুহক মুক্ত কৰাৰ লগত জড়িত। আম্বেদকাৰৰ আন্দোলন কেৱল ধর্মীয় পৰিৱৰ্তন নহয়, ই মূলত সমাজৰ দৰিদ্ৰ আৰু পিছপৰা শ্ৰেণীৰ বাবে আত্মসন্মান, সমতা আৰু ন্যায় নিশ্চিত কৰাৰ এক প্রচেষ্টা। তেওঁ বুজিছিল যে হিন্দু সমাজৰ বৰ্ণব্যৱস্থাই কিছুমান শ্রেণীক স্থায়ীভাৱে তলত ৰাখে আৰু এই কাঠামোৰ ভিতৰত থাকি সমতা কেৱল আশাৰ কথা হৈ থাকে। সেই কাৰণে তেওঁ নব্য বৌদ্ধ ধৰ্মৰ ৰূপত এক সামাজিক বিপ্লৱ আৰম্ভকৰে, য'ত দীক্ষা গ্ৰহণৰ কাৰ্য্যই এটা গভীৰ সামাজিক ঘোষণা বহন কৰে-অর্থাৎ জন্মভিত্তিক তুচ্ছতা স্বীকাৰ নকৰা। আম্বেদকাৰৰ মতে সামাজিক ন্যায় মানে কেৱল দয়া বা সহানুভূতি নহয়; ই অধিকাৰ, মৰ্যাদা আৰু সুযোগৰ সমান বণ্টন। তেওঁ অন্ধ অনুসৰণৰ বিৰোধিতা কৰি সচেতন অনুসৰণৰ কথা কয়, কিয়নো ন্যায়ৰ সংগ্ৰামত বৌদ্ধিক জাগৰণ দৰকাৰ। ওপৰৰ অংশত তেওঁৰ বক্তব্যৰ জৰিয়তে স্পষ্ট হয় যে বৌদ্ধ ধর্ম তেওঁক আনন্দ আৰু সন্তুষ্টি দিয়াৰ লগতে সমাজত প্ৰগতিৰ সুযোগো দিয়ে, কাৰণ ইয়াত জাতি-বর্ণভিত্তিক বঞ্চনা স্বীকৃত নহয়। এই দৃষ্টিভংগীয়ে সামাজিক ন্যায়ক এক বাস্তৱ সামাজিক নীতিৰ ৰূপ দিয়ে। তদুপৰি, আম্বেদকাৰ নাৰীৰ সম মৰ্যাদাৰ কথাও আগবঢ়ায়, মনুৰ বিধি-বিধানৰ সমালোচনা কৰি বুদ্ধৰ উদাৰ দৃষ্টিভংগী দেখুৱায়, যি সামাজিক ন্যায়ৰ ক্ষেত্ৰত লিংগসমতাৰ তাৎপৰ্য্য বঢ়াই তোলে। আম্বেদকাৰৰ সামাজিক ন্যায়ৰ ধাৰণা হৈছে সমাজ গঠন, নৈতিকতা, সমতা আৰু মৰ্যাদাৰ এক সমন্বিত আন্দোলন, যাৰ লক্ষ্য আছিল বঞ্চিত শ্রেণীক স্থায়ীভাৱে মানৱীয় স্থানত প্রতিষ্ঠিত কৰা
১২। নব্য বৌদ্ধ ধর্মই কেনেকৈ আম্বেদকাৰৰ সামাজিক ন্যায়ক এগৰাকীলে?
উত্তৰঃ নব্য বৌদ্ধ ধর্মই আম্বেদকাৰৰ সামাজিক ন্যায়ক এগৰাকীলে কাৰণ ই ধর্মান্তকৰৰ জৰিয়তে এক গভীৰ সামাজিক পনর্গঠন প্রক্রিয়া আৰম্ভ কৰিছিল। ওপৰৰ পাঠ্যত কোৱা হৈয় যে ১৯৫৬ চনৰ ১৪ অক্টোবৰত আম্বেদকাৰৰ সৈতে লাখ লাখ অনুগামীয়ে বৌদ্ধ ধর্ম গ্রাহক সমতা আৰু ন্যায়। এই ঘটনাই দেখুৱায় যে সামাজিক ন্যায় কেতিয়াবা কেৱল আইন ব কৰাটো এক বৈপ্লৱিক সামাজিক নতুন আৰম্ভণি, যাৰ মূল লক্ষ্য আছিল আত্মসন্মান, সামাজিক আম্বেদকাৰৰ মতে হিন্দ বর্ণব্যৱস্থাই অস্পৃশ্যতাক বৈধতা দিছিল, আৰু সেই কাঠামোত থাকি উপদেশৰ জৰিয়তে নহয়, সমাজৰ মনস্তত্ব আৰু পৰিচয় পনর্নিমাণৰ জৰিয়তেঞ্জ আগবাড় পিছপৰা শ্ৰেণীয়ে আত্মবিকাশ, শিক্ষা, আৰু সামাজিক মর্যাদা লাভ কৰিব নোৱাৰে। বৌদ্ধপু গ্রহণ কৰিলে জাতিবাদ, বর্ণবাদ আৰু অস্পৃশ্যতাৰ ভিত্তি ধ্বংস হয় বুলি তেওঁ দৃঢ় বিশ্বাস কৰিছিল। এই বিশ্বাসে নব্য বৌদ্ধ ধৰ্মক কেৱল আধ্যাত্মিক পথ নহয়, ন্যায়-ভিত্তিক সামাজিক প্ৰজ্ঞাৰ পথ কৰি তুলিলে। তদুপৰি, নব্য বৌদ্ধ ধৰ্মত নৈতিকতাক ধৰ্মৰ কেন্দ্ৰবিন্দু হিচাপে ধৰা হৈছে, য'ত “Morality is Dhamma” ধাৰণাই সূচায় যে ন্যায় আৰু সমতা কাগজী নীতি নহয়, দৈনন্দিন আচৰণগত দায়িত্ব। নব্য বৌদ্ধ আন্দোলন অব্যাহত থকাটো, বিভিন্ন হৃদনার ধৰ্মান্তৰ অনুষ্ঠান সংঘটিত হোৱাটো, আৰু অনুগামীসকলৰ সংগঠিত উদ্যোগ-এইবোৰে সামাজিক ন্যায়ৰ আন্দোলনক গতি দিলে। ইয়াত নাৰীৰ সম মৰ্যাদাৰ কথাও জঞ্জতি, কাৰণ বুদ্ধৰ উদদ দৃষ্টিভংগী আৰু সংঘত মহিলাৰ যোগদানৰ সুযোগ দেখুৱাই আম্বেদকাৰে লিংগসমতাৰ ভিতৰতে ন্যায়ৰ কথা দাঙি ধৰিলে। সেয়েহে ওপৰৰ পাঠ্যৰ আধাৰত ক'ব পাৰি যে নব্য বৌদ্ধ ধা আম্বেদকাৰৰ সামাজিক ন্যায়ৰ কৌশলগত হাতিয়াৰ, যি বঞ্চিত শ্ৰেণীক নতুন পৰিচয়, নতুন আত্মবিশ্বাস আৰু সমতাৰ নতুন সামাজিক স্থান দিয়াৰ মাধ্যমে ন্যায়ৰ দাবীক শক্তিশালী কৰিলে
১৩। আম্বেদকাৰৰ মতে নৈতিকতা কিয় সামাজিক ন্যায় আৰু গণতন্ত্ৰৰ আধাৰ?
উত্তৰঃ আম্বেদকাৰৰ মতে নৈতিকতা সামাজিক ন্যায় আৰু গণতন্ত্ৰৰ আধাৰ, কাৰণ নৈতিকতা নাথাকিলে সমতা আৰু ন্যায় কেৱল আইনগত ঘোষণা হৈ থাকে, আচৰণ আৰু সামাজিক বাস্তৱত ৰূপ নলয়। নব্য বৌদ্ধ ধর্মত "Morality is Dhamma and Dhamma is Morality" ধাৰণাই কেন্দ্ৰীয় স্থান দখল কৰে, যাৰ অৰ্থ হ'ল নৈতিকতাই ধৰ্ম আৰু ধর্মই নৈতিকতা, আৰু ঈশ্বৰৰ স্থান নৈতিকতাই লয়। এই ধাৰণাৰ জৰিয়তে আম্বেদকাৰে দেখুৱায় যে ন্যায় নিশ্চিত কৰিবলৈ মানুহে ঈশ্বৰক ভয় কৰি নৈতিক হ'ব লাগিব নে, নৈতিকতা নিজেই মানৱ সমাজ গঢ়াৰ প্ৰধান শর্ত। সামাজিক ন্যায়ৰ ক্ষেত্ৰত নৈতিকতাই মানুহক বৈষম্যক অন্যায় বুলি চিনিবলৈ শেখায় আৰু জন্মভিত্তিক তুচ্ছতা মানি ল'বলৈ বাধা দিয়ে। বর্ণবাদ, জাতিবাদ, অস্পৃশ্যতা-এইবোৰ নৈতিকতাবিৰোধী আচৰণ, কাৰণ ই মানুহৰ মৰ্যাদা খর্ব কৰে। গণতন্ত্ৰৰ ক্ষেত্ৰত নৈতিকতা জৰুৰী, কিয়নো গণতন্ত্র মানে সমান নাগৰিকৰ সমাজ, আৰু সমান নাগৰিকত্ব বজাই ৰাখিবলৈ সমাজত সহানুভূতি, ন্যায়বোধ, আৰু দায়িত্বশীল আচৰণ প্ৰয়োজন। আম্বেদকাৰৰ শৈক্ষিক উন্নতি, অর্থনৈতিক প্রগতি, আৰু ৰাজনৈতিক সজাগতাৰ ভিতৰৰ শক্তি নৈতিকতা, কাৰণ শিক্ষা মানুহক যুক্তি আৰু ন্যায়বোধ দিয়ে, অর্থনৈতিক উন্নতি দৰিদ্ৰতাৰ বাধা কমায়, আৰু ৰাজনৈতিক সজাগতাই অধিকাৰ ৰক্ষাৰ ক্ষমতা গড়ে। নৈতিকতা এই সকলোকে এক মানৱিক লক্ষ্যৰ দিশে চালিত কৰে। তদুপৰি, নাৰীৰ সম মৰ্যাদাৰ প্ৰসংগত আম্বেদকাৰে মনুৰ বিধানক সমালোচনা কৰি বুদ্ধৰ উদাৰতা দেখুৱাইছে, যাৰ মানে নৈতিকতাৰ মানদণ্ডে সমাজৰ যিকোনো বৈষম্যমূলক বিধানক প্রশ্ন কৰিবলৈ সাহস যোগায়। সেয়েহে ওপৰৰ তথ্যৰ আধাৰত ক'ব পাৰি যে নৈতিকতা আম্বেদকাৰৰ দৃষ্টিত কেৱল ব্যক্তিগত সদাচাৰ নহয়, ই সামাজিক ন্যায় আৰু গণতন্ত্র টিকাই ৰখা এক মৌলিক মূল্যবোধ, যি সমাজক সমতা আৰু মৰ্যাদাৰ দিশে গঢ়ি তোলে।
ৰচনাধর্মী প্রশ্নোত্তৰ
১। মহাত্মা গান্ধীৰ এটা পৰিচয়মূলক টোকা লিখা।
উত্তৰঃ মহাত্মা গান্ধীৰ আচল নাম মোহনদাস কৰমদাস গান্ধী। তেওঁ গুজৰাটৰ পোৰবন্দৰত ১৮৬৯ চনৰ ২ অক্টোবৰত জন্ম গ্ৰহণ কৰে। তেওঁৰ পিতাকৰ নাম আছিল কৰমচাঁদ গান্ধী আৰু মাকৰ নাম আছিল পুতলীবাই। এওঁলোক বৈষ্ণৱ সম্প্ৰদায়ৰ লোক আছিল।
গান্ধীৰ প্ৰাথমিক শিক্ষা আৰম্ভ
হয় পোৰবন্দৰতে। ৰাজকোটত তেওঁ হাইস্কুলীয়া শিক্ষা সাং
কৰে। ছাত্ৰ হিচাপে গান্ধী আছিল মধ্যমীয়া।
প্রবেশিকা পৰীক্ষাত উত্তীর্ণ
হৈয়েই তেওঁ বেৰিষ্টাৰী পঢ়িবলৈ ইংলণ্ডলৈ যাত্ৰা কৰে। ১৮৯১
চনত তেওঁ বেৰিষ্টাৰী পাছ কৰি ভাৰতলৈ ঘূৰি আহে।
প্রথমতে বোম্বাইত গান্ধীজীয়ে আইন ব্যৱসায়েৰে কৰ্মজীৱনৰ পাতনি মেলে। কিন্তু বোম্বাইত বেচি দিন কটাবলৈ নৌ পাওঁতেই তেওঁ দক্ষিণ আফ্রিকাৰ নাটাললৈ ব্যৱসায় সংক্ৰান্তত যাব লগা হয়। নাটালত আইন ব্যৱসায়ৰ লগতে সেই সময়ত তাত ক'লা মানুহৰ বিৰুদ্ধে বগা মানুহে চলোৱা উৎপীড়ন আৰু অত্যাচাৰৰ বিপক্ষে যুজ দিয়ে। কিন্তু মাতৃভূমিৰ আমন্ত্রণ অগ্রাহ্য কৰিব নোৱাৰি তেওঁ ১৯১৪ চনত ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰে।
ভাৰতলৈ অহাৰ পৰাই গান্ধীজীৰ ঘটনাবহুল জীৱন আৰম্ভ হয়। তেওঁ দেখিলে যে ইংৰাজৰ বিৰুদ্ধে যুজিবলৈ হ'লে ভাৰতৰ স্বাধীনতাৰ বাবে এক সংঘবদ্ধ আন্দোলন গঢ়ি তুলিব লাগিব। সেই উদ্দেশ্য তেওঁ ১৯২০ চনত কলিকতাত বহা কংগ্রেছ অভিৱেশনত অসহযোগ আন্দোলনৰ কথা ঘোষণা কৰে। ইয়াৰ পৰাই তেওঁৰ সত্যাগ্রহ আন্দোলন আৰম্ভ হয়।
জাতীয় শক্তিক সুসংহত কৰিবৰ বাবে ১৯৩০ চনত গান্ধীজীয়ে লোন আইনৰ বিৰুদ্ধে সত্যাগ্রহ আন্দোলন আৰম্ভ কৰে। এই সত্যাগ্ৰহৰ সন্দৰ্ভত তেওঁৰ 'ডাণ্ডি যাত্রা' এক স্মৰণীয় ঘটনা। ১৯৩৫ চনত তেওঁ আইন অমান্য আন্দোলন আৰম্ভ কৰে। ১৯৪২ চনত তেওঁ আৰম্ভকৰে ভাৰত ত্যাগ আন্দোলন। এইদৰে ভাৰতৰ স্বাধীনতা আন্দোলনে ক্রমে ঘনীভূত আৰু প্রকট ৰূপ ল'লে। এই আন্দোলন বৃটিছে কোনো পধ্যেই প্রতিহত কৰিব নোৱাৰিলে। শেষত বাধ্য হৈ ১৯৪৭ চনৰ ১৫ আগষ্টত বৃটিছে ভাৰতক স্বাধীনতা দিলে
গান্ধীয়ে কিন্তু স্বাধীন ভাৰতৰ সোৱাদ বেচি দিন ল'বলৈ নাপালে। যি সাম্প্রদায়িকতাৰ বিৰুদ্ধে তেওঁ আমৰণ সংগ্রাম চলাইছিল শেষত তেওঁ নিজেই সেই সাম্প্রদায়িকতাৰ বলি হয়। নাথুৰাম গড়ছেৰ গুলিত মহাত্মা গান্ধী বিৰলা মন্দিৰৰ চোতালত ১৯৪৮ চনত ৩০ জানুৱাৰী তাৰিখে প্রার্থনা সভাতে মাটিত ধলি পৰিল।
২। গান্ধীজী এজন দার্শনিক নে? মহাত্মা গান্ধীৰ দৰ্শনৰ চমু আভাস দিয়া।
উত্তৰঃ মহাত্মা গান্ধীয়ে কৈছে যে তেওঁ কোনো নতুন দৰ্শনৰ পৃষ্ঠপোষকতা কৰা নাই। সনাতন সত্যবোৰক তেওঁ মাথো নিজৰ জীৱনত খটুবাবৰহে চেষ্টা কৰিছে। তেওঁৰ নিজৰেই ভাষাতঃ "I do not claim to have originated any new principle or doctrine. I have simply tried in my own way to apply the eternal truths ot our daily life and problem." কিন্তু তথাপি গান্ধী বহুতবোৰ মৌলিক চিন্তাৰ অধিকাৰী। অৱশ্যে এইটো ঠিক তেওঁৰ চিন্তা প্রাচীন ভাৰতীয় চিন্তাৰ ওপৰত প্ৰতিষ্ঠিত। বিশেষকৈ ভাগৱদগীতাই তেওঁক বাৰুকৈয়ে প্রাভাৱান্বিত কৰে। ইয়াৰ লগতে বাইবেলৰ শিক্ষা আৰু টলষ্টয়ৰ লিখনিয়েও তেওঁক বিশেষভাৱে প্রভাৱান্বিত কৰে। এইবোৰৰ প্ৰভাৱে গান্ধীক ভাৰতীয় দর্শনক প্রায়োগিক দিশত বিকশিত কৰাত সুযোগ দিছে।
ভাৰতীয় দর্শনবোৰৰ ভিতৰত গান্ধী বিশেষভাৱে আকৰ্ষিত হৈছে বেদান্তৰ প্ৰতি। বেদান্তৰ আধ্যাত্মিক পূৰ্ণতাৰ ধাৰণাৰ প্ৰতি তেওঁ বিশেষভাৱে আকৃষ্ট। তেওঁৰ মতে আধ্যত্মিক পূৰ্ণতাৰ অবিহনে সত্য-দৃষ্টি সম্ভৱ নহয়। মানুহৰ বৈষয়িক আৱশ্যকতাক ন্যূনতম পর্যায়লৈ লৈ গৈ তাৰ মাধ্যমেৰে আধ্যাত্মিক বিকাশ সাধনত আত্মনিয়োগ কৰিব লাগে।
ভগৱান বিশ্বাস গান্ধীজীৰ দৰ্শনৰ আন এটা বৈশিষ্ট্য। তেওঁ কৈছিল, "মই বতাহ বা পানী নোহোৱাকৈ থাকিব পাৰিম। কিন্তু ভগৱান নোহোৱাকৈ নোৱাৰো। তোমালোকে মোৰ কানখন, চকুকেইটা কাঢ়ি নিলে মই নমৰো। কিন্তু মোৰ অন্তৰত থকা ভগৱানৰ বিশ্বাসক হত্যা কৰিলে মোৰ মৃত্যু ঘটিব।” গান্ধীৰ মতে আমাৰ জীৱন ভগৱান প্রদত্ত।
এতিয়া প্রশ্ন হ'ল এই ভগৱান প্রদত্ত জীৱন আমি কোন পথে আগুৱাই নিম? আমাৰ কৰ্মৰ নিদের্শনা কি? ইয়াৰ উত্তৰ গান্ধীৰ বাবে স্পষ্ট। তেওঁ কৈছে, ".... there are some well maked roads, it is safe to wa'k along the beaten tracks trodden by the ancient teachers", এতেকে প্রাচীন ঋষি মনি সকলে দেখুৱাই থৈ যোৱা পথেৰে বাট বুলিলেই আছি আমাৰ জীৱনৰ লক্ষ্যত উপনীত হ'ব পাৰিম।
ধর্মত বিশ্বাস মহাত্মা গান্ধীৰ দৰ্শনৰ আন এটা প্রধান বৈশিষ্ট্য। তেওঁ কৈছিল, "Life without religion is life without principle, and life without principle is we ship without a rudder", তেওঁৰ মতে ধর্মহীন জীৱন গুৰিবঠা নাইকীয়া নাৱৰ দবে। কয় যে বিভিন্ন মানুহৰ বাবে বিভিন্ন ধর্ম থকা স্বাভাৱিক। পথিৱীত কেতিয়াও এটা ধর্মসঙ্কৰ নহ'ব। সেইদৰে ধৰ্মান্তৰ কৰণো এক অস্বাভাৱিক কথা। অৱশ্যে তেওঁ কয় যে হিন্দু ধর্ম সকলোৱে গ্রহণ কৰিব পৰা এটা ধৰ্ম।
গান্ধীয়ে অদ্বৈত বেদান্ত বিশ্বাস কৰিলেও তেওঁ জগতক অসত্য বলি কোৱা নাই। তেওঁ নিজেই কৈছে যে তেওঁৰ দৰ্শনত দ্বৈতবাদী ধাৰণাক সম্পূর্ণ নই কৰা হোৱা নাই। তেওঁ যত সময়ত জৈন দৰ্শনৰ অনেকান্তবাদ সিদ্ধান্তৰো পৃষ্ঠপোষকতা কৰিছে।
অদ্বৈত বেদান্তৰ লগত তেওঁৰ আন এটা বিৰোধ হ'ল তেওঁ জীৱনমুক্তি ধাৰণাক মাটি নলয়। তেওঁৰ মতে মানুহ জীয়াই থাকোতেই কেতিয়াও মুক্তি লাভ কৰিব নোৱাৰে। তেওঁ কয় যে তেজ মঙহৰ শৰীৰেৰে ভগৱানক লাভ কৰিব নোৱাৰি। গুণাতীত অৱস্থাতহে ভগক প্রাপ্তি সম্ভৱ হয় আৰু গুণাতীত অৱস্থা মানেই হ'ল শৰীৰ বিহীন অৱস্থা। এই অৱস্থা সম্ভৱ হস পাৰে জন্ম-মৃত্যু বহিত এক অৱস্থাত।
৩। 'সত্যই ঈশ্বৰ'। গান্ধীক অনুসৰণ কৰি উক্তিটো ব্যাখ্যা কৰা। নাইবা, গান্ধীৰ দৰ্শনত ঈশ্বৰৰ অস্তিত্ব সম্পর্কে আলোচনা কৰা।
উত্তৰঃ গান্ধীৰ মতে ঈশ্বৰ এজন। জগতত ঈশ্বৰেই সর্বেসর্বা। তেওঁৰ কোনো দ্বিতীয় নাই। তর্কজ্ঞানৰ দ্বাৰা ঈশ্বৰক জানিব নোৱাৰি।
ঈশ্বৰ সৰ্বত্ৰ বিৰাজমান। ঈশ্বৰ সৰ্বদর্শী। ঈশ্বৰৰ কোনো আকাৰ নাই। ঈশ্বৰ অংশত বিভক্ত নহয়। ঈশ্বৰ অসৃষ্ট। ঈশ্বৰৰ কোনো পিতৃ-মাতৃ নাই। ঈশ্বৰৰ ল'ৰা-ছোৱালীও নাই। অৱশ্যে মানুহে ঈশ্বৰক যি কোনো ৰূপে ভাবিব পাৰে। ঈশ্বৰক যদি কোনোবাই শিল বুলিও ভাবে তথাপি ঈশ্বৰৰ আপত্তি নাই।
ঈশ্বৰক পোৱা বৰ টান। যিজনে আচল সত্যক জানে তেওঁৰ নিচেই কাষতে ঈশ্বৰ থাকে। যি জন সত্যৰ পৰা বহু দূৰৈত তেওঁ ঈশ্বৰৰ পৰাও বহু দূৰৈত।
বেলেগ বেলেগ ধৰ্মত ঈশ্বৰৰ নাম বেলেগ হোৱাৰ কাৰণে এইটো নুবুজায় যে ঈশ্বৰো বেলেগ বেলেগ। ঈশ্বৰ সাধু-সন্ত, দুষ্ট-দগাবাজ সকলোৰে গাতে থাকে। পাপীৰ গাতো ঈশ্বৰ থাকে। পানীৰ কণিকা, ধূলিকণা আদি সকলোতে ঈশ্বৰ আছে। শিলক পূজা কৰা সকলেও ঈশ্বৰক পায়, কাৰণ ঈশ্বৰ শিলৰ মাজতো আছে।
আমাৰ প্ৰত্যেকৰে পিতা-মাতা আছে। আমাৰ পিতা-মাতাৰো পিতা-মাতা আছিল। এইদৰে গৈ থাকি আমি এজন পৰম পিতাৰ কল্পনা কৰিব লাগিব। এই পৰমপিতাই হ'ল ঈশ্বৰ। তেওঁ যদি নাথাকিলেহেঁতেন, তেন্তে আমিও নাথাকিলোঁহেতেন।
এই ঈশ্বৰ অণুতকৈও সৰু আৰু জগততকৈও ডাঙৰ। এটা সৰু পানীৰ কণিকাতো ঈশ্বৰ আছে, অথচ সাত-সাগৰেও ঈশ্বৰক আবৰিব নোৱাৰে। সেই কাৰণে আমাৰ বিবেকে ঈশ্বৰক জুখিব নোৱাৰে। ভক্তি বা বিশ্বাসেৰেহে ঈশ্বৰক জানিব পাৰি। মহাত্মাই কয় যে আমাৰ বিশ্বাস বিবেকতকৈ অধিক বেগবান আৰু বলবান।
ঈশ্বৰ সৰ্বব্যাপী। মহাত্মাই কয় যে তেওঁ ঈশ্বৰ যে সকলোঠাইতে আছে এই কথা অনুভৱ কৰিব পাৰে, যদিও ঈশ্বৰক নেদেখে। দেখা আৰু অনুভৱ কৰা দুটা বেলেগ বস্তু। ঈশ্বৰ অনুভৱৰহে বস্তু, জ্ঞানৰ নহয়। ঈশ্বৰ যে আছে এই কথা কোনো প্রমাণেৰে প্ৰমাণ কৰিব নোৱাৰি।
ঈশ্বৰৰ নিয়ম বৰ কটকটীয়া। ইয়াত কোনো ব্যতিক্রম নাই। কেতিয়াবা হয়তো আকস্মিকতা থাকিব পাৰে, কিন্তু তাৰ দ্বাৰা এইটো নুবুজায় যে ঈশ্বৰৰ শাসনৰ কোনো নিয়ম নাই। ঈশ্বৰ নথকা হ'লে জগতৰ এই শৃঙ্খলা সম্ভৱ নহ'লহেতেন। জগতৰ প্ৰতিটো বস্তু আৰু ঘটনাতে ঈশ্বৰৰ এই অসীম নিয়ম বৰ্তমান। ঈশ্বৰৰ এই নিয়মক আমি মাত্র হৃদয়েৰেহে জানিব পাৰোঁ, মনেৰে নহয়। কাৰণ ইন্দ্ৰিয়জ্ঞানে আমাক প্রায়ে প্রৱঞ্চনা কৰে। গতিকে ঈশ্বৰৰ এই বিশ্বাস ইন্দ্রিয়াতীত হ'ব লাগিব।
অচলা ভক্তি বা বিশ্বাসেই হৈছে ঈশ্বৰক পোৱাৰ একমাত্র উপায়। ঈশ্বৰক আমাৰ ভিতৰতে বিচাৰি যাব লাগিব, বাহিৰত নহয়, কাৰণ ঈশ্বৰ অন্তর্যামী।
ঈশ্বৰ মঙ্গলময় আৰু শুভ। জগতৰ বেয়াই ঈশ্বৰ বেয়া নুবুজায়। যেনেকৈ জগতৰ অজ্ঞানে ব্ৰহ্মৰ অজ্ঞান নুবুজায়। মহাত্মাই কয় যে বেয়াক দূৰ কৰিব পাৰিলেহে ঈশ্বৰক পাব পাৰি, যেনেকৈ আন্ধাৰক দূৰ কৰিব পাৰিলেহে পোহৰক পাব পাৰি, বা মলিক দূৰ কৰিব পাৰিলেহে স্বচ্ছতা পাব পাৰি। মহাত্মাই কয় যে বেয়াক দূৰ কৰিবলৈ যাওঁতে জীৱন বিপন্ন কৰাও প্রয়োজন। নিজে পৱিত্ৰ নোহোৱালৈকে পৱিত্ৰ ঈশ্বৰক পাব নোৱাৰি।
ঈশ্বৰে জগতত বেয়াৰ সৃষ্টি কৰাৰ কাৰণ আছে। জগত বিকাৰযুক্ত। জগতত এই বিকাৰ নাথাকিব যদি বেয়া নাথাকে। ভাল আৰু বেয়াৰ সংঘাততেই জগতত বিকাৰ বা পৰিৱৰ্তনৰ সম্ভৱ হৈছে। মার্ক্সবাদেও এই সূত্র মানি লয় যে সংঘাতৰ দ্বাৰাই পৰিৱৰ্তন সংঘটিত হয়। জগতত বিকাৰ থকা কথাটো ঈশ্বৰৰ ইচ্ছাৰ কথা। তেওঁৰ ইচ্ছাৰ বলতেই জগত সৃষ্টি হয় আৰু ইয়াত বিকাৰ সাধন হৈছে।
আমাৰ ভাল আৰু বেয়াৰ মাজত পাৰ্থক্য আনি ভালটোক গ্রহণ কৰাৰ স্বাধীনতা আছে। সেই স্বাধীনতাৰ ওপৰত ঈশ্বৰে হকাবধা নকৰে। আমাৰ এক স্বাধীন ইচ্ছা আছে আৰু সেইকাৰণে নৈতিকতা সম্ভৱ হৈছে। এই স্বাধীন ইচ্ছাৰ ফলত আমি যি ইচ্ছা তাকে কৰিব পাৰোঁ। আমি যদি ভাল হ'ব খোজো তেন্তে ভাল হ'ব পাৰোঁ, আৰু যদি বেয়া হ'ব খোজোঁ তেন্তে অনায়াসে বেয়া হ'ব পাৰো। ঈশ্বৰে নকয় যে তমি বেয়া নহ'বা। গতিকে ভাল হোৱাটো বা বেয়াহোরায় আমাৰ নিজৰ কথা।
যদিও ঈশ্বৰক ভাল বুলি কোৱা হৈছে তথাপি এইটো ব্যৱহাৰিক দৃষ্টিভংগীৰ ফালৰ পৰান্ত নোৱাৰে। আচলতে ঈশ্বৰ ভালো নহয় বেয়াও নহয়। ভাল বেয়া একোৱে ঈশ্বৰক ছুব নোৱাৰে। ঈশ্বৰ ভাল-বেয়াৰ অতীত। ব্যৱহাৰিক জগততহে ভাল বেয়া থাকিব পাৰে, ঈশ্বৰৰ জগতত নোৱাৰে।
ঈশ্বৰ এজন ব্যক্তি নহয়। ঈশ্বৰৰ কোনো ব্যক্তিত্ব নাই। তেওঁক বর্ণনাৰে সামৰিব নোৱাদি ত অর্থাৎ তেওঁ বর্ণনাতীত। ঈশ্বৰক আমি জানিব নোৱাৰোঁ। আমি যি দেখিছোঁ সি মাত্র তেওঁৰ প্রতিবিম্বহে। ঈশ্বৰ জগতৰ অন্যান্য বস্তুৰ দৰে হ'ব।
মহাত্মাজীয়ে কয় যে এজন বৈজ্ঞানিকে আমাক কিবা এটা ক'লে আমি মানি লওঁ, কিন্তু এজন ঋষিয়ে ক'লে মানি নলওঁ কিয়? বৈজ্ঞানিক এজনৰ ওপৰত আমাৰ যিমান বিশ্বাস আৰু সিমান বিশ্বাস এজন ঋষিৰ ওপৰতো থাকিব লাগে। বৈজ্ঞানিকৰ কথা সৰ্চা আৰু এজন যদি কথা মিছা ইয়াৰ কোনো অর্থ নাই। বৈজ্ঞানিক সকলে নিজৰ জ্ঞানৰ ফলত যেনেকৈ কিবা এট তথা বাহিৰ কৰে ঠিক সেইদৰে এজন ঋষিয়েও নিজ দর্শন শক্তিৰ ফলত এটা তথ্য উদঘাটন কৰে আৰু তাকে মানুহৰ মাজত প্ৰচাৰ কৰে। তেন্তে সেইটো তথ্যৰ আমি বিশ্বাস নকৰো কিনা। ঋষি এজনৰ তথা যদি মিছা হ'ব পাৰে তেন্তে বৈজ্ঞানিক এজনৰ তথ্যও মিছা হ'ব পাৰে। যদি এজনৰ তথ্যৰ যেনেকৈ আমাৰ অভিজ্ঞতা হ'ব নোৱাৰে তেনেকৈ বৈজ্ঞানিক এজনৰ তথ্যবে আমাৰ অভিজ্ঞতা নহ'ব পাৰে। সকলো বৈজ্ঞানিক তথ্য অভিজ্ঞতাৰ ভিত্তিত উদঘাটিন নহয়। তথাপিও সেইবোৰ আমি বিশ্বাস কৰোঁ। কিন্তু দ্রষ্টা-ঋষি এজনৰ কথা আমি বিশ্বাস নকৰোঁ কিয় ?
মহাত্মাই কয় যে আমি যিহেতু ইন্দ্ৰিয় জ্ঞানত ৰত সেইকাৰণে ঈশ্বৰক আমি জানিব নোৱাৰে ইন্দ্ৰিয়জ্ঞানে আমাক ঈশ্বৰৰ পৰা আঁতৰলৈ লৈ যায়। ইন্দ্ৰিয় সম্বৰণ নকৰাকৈকে আমি আমার ভিতৰতে থকা পোহৰ দেখিবলৈ নাপাওঁ। অর্জুনে তেওঁৰ ছৰ্মচকুৰ দ্বাৰা মানুহ আকৃতিৰ কৃষ্ণকরে দেখিছিল। কিন্তু তেওঁ যেতিয়া দিব্য চক্ষু লাভ কৰিলে তেতিয়া সেই মানুহৰূপী কৃষ্ণতে গোটেই বিশ্বব্ৰহ্মাণ্ড আৰু নিজকে দেখিবলৈ পালো। গতিকে যেতিয়ালৈকে আমি ইন্দ্রিয়জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰিম তেতিয়ালৈকে আমি ঈশ্বৰৰ ওচৰ চাপিব নোৱাৰোঁ। ঈশ্বৰক জানিবলৈ হ'লে আমি নিজে কি এই কথা সম্যক ভাবে জানি ল'ব লাগিব। তেহে আমি ঈশ্বৰক জানিব পাৰিম। কাৰণ স্বৰূপতে ঈশ্বৰ আৰু আমাৰ মাজত কোনো পার্থক্য নাই।
বাহ্যিক জগতত আমি ঈশ্বৰক নাপাওঁ। ঈশ্বৰক পাম আত্মিক জগততহে। আত্মা আৰু ঈশ্বৰৰ কোনো পার্থক্য নাই। গতিকে ঈশ্বৰক বিচাৰিবলৈ হ'লে আমি নিজকে বিচাৰিব লাগিব। কাৰণ আমি নিজেই ঈশ্বৰ। বাহিৰৰ শব্দত আমি ঈশ্বৰক নাপাওঁ, ঈশ্বৰক পাম আমাৰ অন্তৰতে হোৱা শব্দত।
মহাত্মাই কৈছে, 'মই যেতিয়া ঈশ্বৰ আছে বুলি কওঁ বা ঈশ্বৰক বিশ্বাস কৰোঁ বুলি কওঁ, তেতিয়া যদি মোক কোনোবাই কুসংস্কাৰবাদী বুলি কয়, তেতিয়াও মই আপত্তি নকৰোঁ। মোৰ ঈশ্বৰ আছে এই, বিশ্বাসটো মই কাৰো মনত সুমুৱাবলৈ নাযাওঁ। ই মোৰ নিজৰ ব্যক্তিগত কথা। মোৰ বাবে বিশ্বাস আৰু প্রার্থনাই হৈছে সর্বস্ব।
মহাত্মাই কয় যে বিশ্বাস ভাল, কিন্তু অন্ধবিশ্বাস বেয়া। বিশ্বাস যুক্তিসহকাৰী হ'ব লাগিব। উদাহৰণস্বৰূপে আমি যদি পৃথিৱীখন চেপেটা বুলি বিশ্বাসেৰে ধৰি লওঁ, তেন্তে সেই বিশ্বাস আমাৰ ভুল হ'ব। যদিও পৃথিৱীৰ চেপেটা অৱস্থাটো আমি সহজলভ্য জ্ঞানেৰে পাইছোঁ, তথাপি ই মিছা কথা। গতিকে পৃথিৱীৰ ঘূৰণীয়া গুণটো যুক্তিৰে প্ৰমাণ কৰিব লাগিব আৰু সেইবাবে যুক্তিৰ আৱশ্যকতা আমাৰ বিশ্বাসৰ ক্ষেত্ৰত আহি পৰে।
মহাত্মাই কয় যে সত্যই ঈশ্বৰ। সেইকাৰণে আমি সত্যক আহৰণ কৰিবলৈ সততে যত্ন কৰিব লাগে। কিন্তু এইটো কৰিবলৈ যাওঁতে আমি প্রতিমূহূৰ্ততে আহুকালৰ সন্মুখীন হ'ব লগা হয়। এনে বহুতবোৰ আহুকাল আমাৰ অনতিক্রম্য যেন লাগে। কিন্তু ঈশ্বৰৰ প্ৰাৰ্থনাই আৰু তেওঁত বিশ্বাসে এইবোৰ আমাৰ পৰা আঁতৰাই নিয়ে। সত্যৰ সদায় জয়। যি জন সত্যত থাকে তেওঁ আৰম্ভণিতে অলপ আহুকাল পালেও শেষত তেওঁৰেই জয় হয়।
মহাত্মাই কয় যে যিজনে ঈশ্বৰক বিশ্বাস নকৰি মানুহক মৰম কৰে তেওঁক নাস্তিক বুলি ক'ব নোৱাৰি। এই ক্ষেত্ৰত তেওঁ লণ্ডনত থাকোঁতে Bradlaugh নামে এজন নাস্তিকৰ কবৰ দিয়া কার্যত উপস্থিত থকা খৃষ্টান পাদুৰী সকলৰ কথা উল্লেখ কৰে। তেওঁ নিজেও এই শেষ কার্যত উপস্থিত আছিল। খৃষ্টান পাদুৰী সকল তাত উপস্থিত থকা কাৰণটো তেওঁ এই বুলি দর্শাইছে Bradlaugh এজন মানবপ্রেমী আছিল। এইক্ষেত্ৰত আমি আবুবেন আধেমৰ গল্পটো উনুকিয়াব পাৰোঁ। আবুবেন আধেমৰ নামটো ঈশ্বৰ প্ৰেমী সকলৰ নামৰ সকলোৰে আগত বহিছিল যিহেতু তেওঁএজন মানৱ প্রেমী আছিল। মহাত্মাই মানবপ্রেম কথাটোত অধিক গুৰুত্ব দিছে।
কিন্তু তথাপি মহাত্মাই কয় যে যদিও মানৱপ্রেম ভালকথা তথাপি ঈশ্বৰৰ ভাৱ ৰাখি এই কাম কৰা ভাল। মহাত্মাই আৰু কয় যে অকল ঈশ্বৰত ভাৱৰখাটোৱেই যথেষ্ট নহয়, এই জীৱন্ত ঈশ্বৰৰ মনোভাৱ মনত পোষন কৰিব লাগিব।
মহাত্মাৰ মতে ঈশ্বৰৰ বিশ্লেষণ সম্ভৱ নহয়। যি ঈশ্বৰক বিশ্লেষণ কৰিবলৈ যায় তেওঁ ঈশ্বৰৰ পৰা আঁতৰি আহে। ঈশ্বৰ বিশ্লেষণৰ বস্তু নহয়। ঈশ্বৰ সত্য। আমি বর্তমান যি জ্ঞান পাইছোঁ সি সত্যৰ এটা ক্ষুদ্র অংশহে। সমগ্র সত্যক আমাৰ এই জ্ঞানত পাব নোৱাৰি। ইয়াৰ বাবে অনুভূতি জ্ঞানৰ প্ৰয়োজন। একমাত্র অনুভূতি জ্ঞানেৰেহে ঈশ্বৰক পাব পাৰি আৰু তেতিয়াহে মন প্রশান্তিৰে ভৰি পৰিব পাৰে।
ঈশ্বৰৰ সংজ্ঞা দিব নোৱাৰি। কোনো এটা বস্তুৰ সংজ্ঞা দিবলৈ হ'লে ইয়াৰ লক্ষণার্থ উল্লেখ কৰিব লাগিব। কিন্তু ঈশ্বৰৰ যিহেতু কোনো লক্ষণ বা গুণ নাই সেই কাৰণে ঈশ্বৰৰ সংজ্ঞা অসম্ভৱ। কোনোবাই দিবলৈ গ'লেও সি অসম্ভৱক সম্ভৱ কৰাৰ নিচিনা কথা। কোনোবাই দিলেও সি মাত্ৰ ঈশ্বৰৰ অংশবিশেষৰহে সংজ্ঞা, সমগ্ৰ ঈশ্বৰৰ নহয়।
মহাত্মাই কয় যে কোনোবা এজনক আমি কেতিয়াবা নাস্তিক আখ্যা দিলেও তেওঁ প্রকৃততে নাস্তিক নহ'বও পাৰে। কোনো এজনে হয়তো প্রচলিত ঈশ্বৰবাদক অবিশ্বাসে কৰিব পাৰে। তাৰ দ্বাৰা তেওঁ ঈশ্বৰক অবিশ্বাস কৰা নুবুজায়। বা কোনো এজনে কোনোবাই দিয়া ঈশ্বৰ-সংজ্ঞাক অবিশ্বাস কৰিব পাৰে। তাৰ দ্বাৰাও তেওঁক নাস্তিক বুলি ক'ব নোৱাৰি। এইক্ষেত্ৰত মহাত্মাই আগতে উল্লেখ কৰা Bradlaugh ৰ উদাহৰণ দিছে। মহাত্মাই কয় যে নাস্তিকৰ নাস্তিকতাবাদতো ঈশ্বৰ বৰ্তমান। "He is the denial of the atheist"
মহাত্মাই কয় যে 'ঈশ্বৰ' এই
নামটোরেও ঈশ্বৰৰ মাহাত্ম্য প্রকাশ কৰিব নোৱাৰে। মাত্র আমাৰ সুবিধার্থে এই নামটো
তেওঁক দিছোঁ। তেওঁৰ আচলতে কোনো নাম নাই। তেওঁ নাম বা সংজ্ঞাবিহীন।
মহাত্মাই কয় যে বহুতে বুদ্ধক নাস্তিক বুলি কয়। আচলতে বুদ্ধ নাস্তিক নহয়। বুদ্ধক যদি নাস্তিক বুলি ভবা যায়, তেন্তে তেওঁৰ দৰ্শন বুজা নহ'বই। বুদ্ধই ঈশ্বৰ সম্বন্ধে থকা অলাগতিয়াল কথাবোৰকহে অস্বীকাৰ কৰিছে। ঈশ্বৰৰ নামত এশ্রেণী মানুহে এশ্রেণীক উৎপীড়ন কৰিব এই কথা বুদ্ধই ভাল নাপায়। ঈশ্বৰ সন্তুষ্টিৰ বাবে কৰা বলি আদি অসৎ কাৰ্যৰহে বৃদ্ধই বিৰোধিত কৰিছে। এই অৰ্থত তেওঁ ঈশ্বৰ নাই বুলি কৈছে।
মহাত্মাই কয় যে যদি আমি তকীয় দৃষ্টিৰ পৰা ঈশ্বৰৰ অস্তিত্বৰ বিষয়ে চিন্তা কৰোঁ, তেন্তে আমি ঈশ্বৰক নাপাওঁ। ঈশ্বৰক আমি পাওঁ বিশ্বাস বা কবিত্ব ভাৱেৰে। উদাহৰণ স্বৰূপে জৈন সকলে তার্কিক দৃষ্টিভঙ্গীৰ পৰা ঈশ্বৰ নাই বুলি কৈছে, কিন্তু মানুহৰ আধ্যাত্মিক প্রয়োজনৰ বাবে মঠ, মন্দিৰ, মূৰ্তি আদিৰো বিধান কৰিছে। এইফালৰ পৰা আমি জৈন সকলক নাস্তিক বুলি কওঁ কেনেকৈ?
মহাত্মাই কয় যে বিজ্ঞানে আমাৰ অন্তৰৰ চাহিদা পূৰণ কৰিব নোৱাৰে। বিজ্ঞান নোহোৱাকৈও মানুহ চলিব পাৰে। কিন্তু বিশ্বাস আৰু নিষ্ঠা নোহোৱাকৈ মানুহ চলিব নোৱাৰে। পানী যে হাইড্রোজেন আৰু অক্সিজেন নামৰ দুটা গেচৰ দ্বাৰা নির্মিত এই কথা আমি নাজানিলেও চলি যায়। কিন্তু পিয়াহ গুচাবৰ বাবে পানী অপৰিহাৰ্য। পানীয়ে আমাৰ প্ৰাণ ৰাখে। এতেকে পানী এক ঈশ্বৰ প্ৰদত্ত বস্তু বুলি মানি ল'ব লাগিব।
মহাত্মাই কয় যে বিবেক বা যুক্তি
আমাৰ ব্যৱহাৰিক জীৱনতহে লাগে। কিন্তু সেইবুলি সকলো যুক্তিয়েই আমাৰ কল্যাণকৰ নহ'ব
পাৰে। তেওঁ কয় যে এজন চোৰ, ডকাইত,
মদপী আদিতো যুক্তি থাকিব পাৰে।
সেইবুলি তেওঁলোকৰ যুক্তি আমি সঁচা বুলি ক'ব নোৱাৰোঁ। যুক্তি সদায় সার্বিক সূত্রত প্রতিষ্ঠিত হ'ব
লাগিব আৰু ইয়াক সকলোৱে সমানভাৱে মানিব লাগিব। মহাত্মাই কয় যে এই সর্ব-সন্মত যুক্তি
এক সর্বাত্মক নৈতিক স্বতঃসিদ্ধৰ পৰিপ্ৰেক্ষিতত ৰচিত হ'ব
লাগিব।
আমাৰ মনত অহংভাৱ থকা লৈকে আমি ঈশ্বৰৰ কাষ চাপিব নোৱাৰোঁ। অহংভাৱ সম্পূর্ণ নুই নকৰালৈকে ভগৱৎ প্রাপ্তি সম্ভৱ নহয়। অহংভাৱ দূৰকৰা কথাটোক অহংভাৱ জয় কৰাৰ অৰ্থত বুজোৱা হয়। সেই কাৰণে মুক্তি-প্রাপ্ত জৈন সকলক জিন অর্থাৎ যি জয় কৰিলে এই নামেৰে সূচোৱা হয়। অৱশ্যে মহাত্মাই কৈছে যে আমি আমাক জয় নকৰোঁ, ঈশ্বৰেহে আমাক জয় কৰে।
ঈশ্বৰপ্ৰাপ্তিৰ বাবে যে ঈশ্বৰ-সাক্ষাতৰ আৱশ্যক এই কথাটো সকলো ভাৰতীয় দার্শনিকে কয়। মহাত্মা গান্ধীয়েও কৈছে। কিন্তু ঈশ্বৰক কেনেকৈ সাক্ষাৎ কৰা যায়? কাৰণ ঈশ্বৰ নিৰাকাৰ। সেই নিৰাকাৰ ঈশ্বৰক আমি এটা সাধাৰণ বস্তুৰ দৰে সাক্ষাৎ কৰিব নোৱাৰো। এই সাক্ষাৎ ভৌতিক বা দ্রব্যাত্মক সাক্ষাৎ নহয়। এই সাক্ষাৎ আধ্যাত্মিক সাক্ষাৎ। ঈশ্বৰক সাক্ষাৎ কৰা মানে ঈশ্বৰক আমাৰ অন্তৰত স্থাপন কৰা। ঈশ্বৰক আমি আমাৰ অন্তৰত হৃদয় দেৱতা হিচাপে ভাৱিব লাগিব। মই যেনেকৈ মোৰ আইৰ প্ৰতি থকা মৰমখিনিক সম্পূৰ্ণৰূপে ব্যক্ত কৰিব নোৱাৰোঁ, তাক মাত্ৰ অনুভৱহে কৰিব পাৰোঁ, ঠিক তেনেকৈ মই মোৰ ভগৱৎ প্রেমক ব্যক্ত কৰিব নোৱাৰোঁ। মহাত্মাই এইদৰে ভাবে।
ঈশ্বৰ আৰু ঈশ্বৰ সৃষ্টিৰ মাজত তেনে কোনো পার্থক্য নাই। গতিকে ঈশ্বৰ-সৃষ্টিক জনাই হ'ল ঈশ্বৰক জনা। সমগ্ৰ মানৱজাতিটো ঈশ্বৰৰ সৃষ্ট। এতেকে মই মোৰ বৈয়ক্তিক সত্তাক এই সমগ্ৰ মানৱ জাতিৰ লগত একে কৰিব পৰাটোৱেই মোৰ সাৰ্থকতা। কাৰণ মোৰ আৰু মানৱতাৰ মাজত কোনো পার্থক্য নাই। এই কাম কৰিবলৈ হ'লে আগতে মই নিজকে মোৰ দেশবাসীৰ লগত মিলাই ল'ব লাগিব। মই নিজকে এই মানৱতাৰ মাজতে আবিষ্কাৰ কৰিব লাগিব।
যত জীৱ তত শিৱ'। জগতৰ প্ৰতিটো জীৱতে ঈশ্বৰ বৰ্তমান। প্রতিজন মানুহতে ঈশ্বৰ বিদ্যমান। গতিকে মানুহৰ মাজতে ঈশ্বৰক বিচাৰি যাব লাগিব। বেলেগ এখন জগতত আমি ঈশ্বৰক পাব নোৱাৰোঁ। গতিকে জনগণৰ সেৱাই ঈশ্বৰ সেৱা হ'ব পাৰে। বেলেগে ঈশ্বৰক সেৱা নকৰিলেও হ'ল।
সকলো মানুহকে সমান দেখাটো মানৱ সেৱাৰ এটা ঘাই উপাদান। মানুহৰপৰা কোনো উপকাৰ আশা নকৰি মানুহক সেৱা কৰাই হৈছে মানুহৰ জীৱনৰ ঘাই উদ্দেশ্য। গীতাতো এই কথা কোৱা হৈছে। 'দাতব্যমিতি যদ্দানং দীয়তেঅনুপকাৰিনে'।
মহাত্মাই কয় যে মানুহে সজা মূর্তি আদিক পূজা কৰাতকৈ মানুহক পূজা কৰা ভাল। ঈশ্বৰ যিহেতু নিৰাকাৰ সেইবাবে ঈশ্বৰক মূৰ্তিমন্ত অৱস্থাত পাব নোৱাৰি। মানুহৰ মাধ্যমেৰে ঈশ্বৰক পাবলৈ সকলোৱেই যত্ন কৰা উচিত। এইটোৱেই জ্ঞানী মানুহৰ লক্ষণ। গীতাৰ 'সৰ্বভূত হিতে ৰতাঃ' কথাটো এইক্ষেত্রত প্রযোজ্য।
বেদত যজ্ঞাদিত দ্বাৰা ঈশ্বৰ প্ৰাপ্তিৰ কথা আছে। মহাত্মাই কৈছে যে সকলো যুগৰ যজ্ঞৰ স্বৰূপ একে নহয়। এই যুগত আমাৰ যজ্ঞ হৈছে সূত্রযজ্ঞ, অর্থাৎ সূতাকটা। সূতাকটাৰ ওপৰত মহাত্মাই ইমান জোৰ দিয়াৰ অৰ্থ হৈছে ইয়াক দুখীয়া চহকী সকলোৱে কৰিব পাৰে। যজ্ঞ শব্দই আহুতি বুজায়। মহাত্মাই কয় যে সূত্ৰযজ্ঞৰ দ্বাৰা আমাৰ স্বাৰ্থক আহুতি দিব পাৰোঁ আৰু তাৰ দ্বাৰা জনসাধাৰণৰ কল্যাণ সাধিব পাৰোঁ। তেওঁ কয় যে আমি কাম কৰিব লাগে অকল আমাৰ স্বাৰ্থপূৰণৰ হকে নহয়, লোকৰ কল্যাণৰ নিৰ্মিত্তেও আমি কাম কৰিব লাগে। প্রকৃত কর্ম সেইটো যিটো লোকৰ বাবে কৰা হয়।
মহাত্মাই কয় যে বহুত সময়ত আমি আমাৰ নিজৰ গাতে সুপ্ত হৈ থকা কিছুমান শক্তিক চিনিব নোৱাৰোঁ আৰু সেইবাবে কোনো কামৰ বাবে আমি নিজকে সমর্থ বুলি নাভাবোঁ। ঠিকসেইদৰে আমাৰ গাতে থকা ঈশ্বৰ শক্তিকো আমি চিনিব নোৱাৰোঁ আৰু সেইবাবে এই ঈশান প্রাপ্তি আমাৰদ্বাৰা সম্ভৱ নহয় বুলি ভাবো।
মহাত্মাই কয় যে যদিও ঈশ্বৰ নিৰাকাৰ, তথাপি ভক্তৰ বাবে ই আকাৰযুক্ত হৈ পাব। বিশ্বাস আকাৰত আমি ঈশ্বৰক দেখিব লাগিব। ঈশ্বৰ প্ৰাপ্তিৰ বাবে মহাত্মাই ভক্তি যোগদ ওপৰত বেচি জোৰ দিছে। ভক্তব ভক্তিতে ঈশ্বর বর্তমান। অভক্ত এজনেহে নিজকে ঈশ্বরদ পৰা পৃথক বুলি ভাবে, ভক্ত এজনে নাভাবে। ভক্তৰ মনত কোনো অহঙ্কাৰ ভাৱ নাই। ভক্ত সকলো মানসিক অশান্তিৰ পৰা মুক্ত।
মহাত্মাৰ মতে সত্য শিৱ আৰু সুন্দৰ ঈশ্বৰৰ গুণ নহয়। এই তিনিওটাই ঈশ্বৰৰ সত্ত নির্মিত কৰিছে। মানুহৰ নৈতিক সত্তাও এই তিনিটা বস্তুতে বিৰাজমান। সেইকাৰণে নৈতিক সত্তা আৰু ঈশ্বৰৰ মাজত কোনো পার্থক্য নাই। গতিকে এই তিনিটা বস্তু আহৰণ কৰা মানেই ঈশ্বৰ প্ৰাপ্তি। এতেকে আমাৰ নৈতিক ক্রিযাবোৰ এই সূত্ৰৰ দ্বাৰা পৰিচালিত হ'ব লাগিব। আমাৰ জীৱনসত্তা নিহিত থাকে এই নৈতিক কৰ্মৰ মাজতে।
মহাত্মাৰ ভক্তৰ সংজ্ঞাটো অন্যতকৈ বেলেগ। মহাত্মাই ভক্ত মানে কর্মক বাদ দি ঈশ্বর প্রার্থনা কৰা নুবুজে। ভক্ত হ'ল তেওঁ যি লোকৰ সেৱাৰ বাবে কৰ্ম কৰে। এই কৰ্মৰ দ্বাৰা অহঙ্কাৰী ভাৱ, স্বাৰ্থপৰতা, কামনা, বাসনা, আসক্তি আদি লোপ পায়। নিজৰ কাৰণে কৰা কৰ্মই আমাক সংসাৰ-বন্ধ কৰে, কিন্তু লোকৰ বাবে কৰা কৰ্মই আমাক সংসাৰমুক্ত কৰে।
ঈশ্বৰৰ প্ৰতি ভক্তি থকাটোৱেই ঈশ্বৰ নিয়মৰ অধীনতা বুজায়। মহাত্ম্যৰ বাবে সত্যাগ্রহেই হ'ল ভক্তি। সত্যৰ প্ৰতি আগ্ৰহ থাকিলেহে সত্য বা ঈশ্বৰক পাব পাৰি। আমাৰ চাৰিওফালে থকা ব্যৱহাৰিক জগতৰ পাৰমার্থিক দৃষ্টিৰ পৰা সত্য নহয়। ই অনিশ্চিত আৰু ক্ষণস্থায়ী। এই ব্যৱহাৰিক জগতৰ অন্তৰালত যি পাৰমার্থিক সত্তা আছে সিহে সত্য আৰু এই সত্য লাভকৰাইহে ঈশ্বৰ লাভ কৰা।
৪। মহাত্মা গান্ধীৰ দৰ্শনত অহিংসা মতবাদৰ গুৰুত্ব আলোচনা কৰা।
উত্তৰঃ অহিংসা গান্ধীৰ দৰ্শনত এক গুৰুত্বপূৰ্ণ ধাৰণা। এই অহিংসাৰ তেওঁৰ দৰ্শনৰ আন এটা ধাৰণা সত্যাগ্রহৰ লগত ওচৰ সম্বন্ধ আছে।
হিংসাহীনতাকে অহিংসা বোলা হয়। অহিংসা নিহিত থাকে প্রাণীৰ প্ৰতি দ্রোহ বা হিংসা নাচৰাত। অহিংসাৰ লগত দয়া সদায় জড়িত হৈ থাকে। হিংসা নিহিত থাকে খং, ক্রোধ আৰু কামনাত। এইবোৰ ভাবৰ পৰা মুক্ত হ'লেই অহিংসা অনুশীলন বা আয়ত্ত কৰিব পাৰি।
মহাত্মাই যি কোনো প্ৰাণীৰ প্ৰতি দৈহিক বা মানসিক ভাবে আঘাত নহনাকে অহিংসা বুলিছে। অহিংসাৰ ই নঞর্থক তাৎপর্য। ইয়াৰ সদৰ্থক তাৎপর্য হ'ল প্ৰাণীৰ প্ৰতি দয়া, প্রেম বা মৰম আৰু ক্ষমা প্রদান। কিবা বস্তু দান দিয়াটোও অহিংসাৰ ভিতৰত পৰে।
প্রেম মানে মহাত্মাই অকল নিজৰ লোক বা সম্বন্ধীয় লোক বা জাতি-ভাইকে ভাল পোৱাটো বুজোৱা নাই। প্রেমে শত্রুকো ভাল পোৱাটো বুজায়। শত্রুক ভাল পোৱাৰ যি মহানুভবতা সিয়েই মহাত্মাৰ বাবে প্রকৃত অহিংসা। তেওঁৰ মতে শত্রুক জয় কৰিব পাৰি প্ৰেমেৰেহে। হিংসাই শত্রুতালি বঢ়াইছে।
গান্ধীৰ মতে অহিংসা ভীৰতাৰ লক্ষণ
নহয়। সাহসী আৰু বলী জনেহে অহিংসা অৱলম্বন কৰা উচিত। নির্ভয়তাৰযুক্ত অহিংসাহে
প্রকৃত অহিংসা। সভয় অহিংসা প্রকৃত অহিংসা নহয়। যি মানুহে অহিংসা মানে তেওঁ জীৱনত
যি কোনো সংকটৰ সন্মুখীন হ'বলৈ সাজু থাকিব লাগিব।
অহিংসাৰ লগত একেলগে যোৱা আন এটা ধাৰণা হ'ল সত্য। সত্যবাদী মানুহ অহিংসা অৱলম্বন কৰিবলৈ বাধ্য। কাৰণ ইয়াৰ এক ধাৰণাই আনটো ধাৰণাক বুজায়।
অহিংসা অবলম্বনৰ বাবে কিছুমান অনুশীলনৰ প্ৰয়োজন। ইয়াৰ বাবে প্রথম আৱশ্যকীয় অনুশীলনটো হ'ল জিতেন্দ্রিয় হোৱা। অতিশয় ইন্দ্রিয়াসক্তিয়ে অহিংসা পথত চলাত বাধা জন্মায়। ইন্দ্রিয়াসক্ত মানুহ সহজতে উত্তেজিত হয় আৰু উত্তেজনা বশতঃ যিকোনো বেয়া কাম কৰিবলৈ উদ্যত হ'ব পাৰে। সেইবাবে অহিংসা আচৰণত প্রথম পালিবলগীয়া কল্প গ হ'ল ইন্দ্রিয় সংযম।
বৈৰাগ্য অৱলম্বন অহিংসা আচৰণৰ আন এটা উপাদান। কর্মত কামনা ত্যাগে এই ভাব কৰাত সহায় কৰে। বৈৰাগ্য নিহিত থাকে স্বার্থপৰ ভাৱ পৰিহাৰ কৰাত। নিষ্কামী হৈ আৰু ফলপ্রাপ্তিৰ বাবে লালায়িত নহৈ কাম কৰিলে বৈৰাগ্য় অৱলম্বন কৰিব পৰা যায়। গীতাৰ কর্ম-সন্যাস ধাৰণা এই ক্ষেত্রত প্রযোজ্য।
মহাত্মাৰ মতে হিংসাত আমাৰ জান্তব শক্তি প্রকাশিত হয়। হিংসাৰ অৱলম্বনত আমি শাৰীলৈ নামি যাওঁ। অন্যহাতে অহিংসাই আমাৰ প্ৰকৃত মানুহ হোৱাৰ পথত আগবঢ়াই নিয়ে হিংসাত যেনেকৈ জান্তব শক্তি প্রকাশ পায়, অহিংসাত প্রকাশ পায় আত্মা- শক্তিৰ অং আধ্যাত্মিক শক্তিৰ। অহিংসাৰ প্ৰাচুৰ্যই আধ্যাত্মিকতাৰ প্ৰাচুৰ্যকে সূচায়। এতেকে অহিংসা পথেৰে আমি প্রকৃত সত্যৰ পথত বাট বুলাব পাৰোঁ। কাৰণ প্ৰকৃত সত্যৰ পথ আধ্যাত্মিক বোলেৰে ৰঞ্জিত।
গান্ধীৰ মতে নিজৰ স্বাৰ্থৰ হকে হওক লাগে, সামুহিক বা দেশৰ স্বাৰ্থৰ হকেই হজ কোনো ক্ষেত্রতে হিংসাৰ আশ্রয় ল'ব নাপায়। দেশৰ বাবে হিংসাৰ আশ্রয় লোৱাটোতা স্বদেশ প্রেমহে প্রকাশ পায়। ই প্রকৃত স্বদেশ প্রেম নহয়।
গান্ধীয়ে ভাৱে যে হিংসাৰে ভয়হে কিনিব পাৰি, শ্রদ্ধা, ভক্তি, নির্ভয় আদি কিনিব নোৱাৰি। শ্রদ্ধা, ভক্তি, নির্ভয় আদি অহিংসাত নিহিত থাকে। আকৌ হিংসা বা ভীতি প্রদর্শনৰ দ্বাৰী যি আহৰণ কৰা হয় সি হয় খন্তেকীয়া। কাৰণ ভয় থাকে মানেহে সি থাকে। ভয় নাইকীয়া হ'লেই সেই লব্ধ বস্তুটোক আকৌ শত্রুৱে কাঢ়ি লৈ যায়।
গান্ধীয়ে 'লক্ষ্যই উপায়ৰ ন্যায়-সঙ্গতি নির্ণয় কৰে এই কথাটো নামানে। তেওঁ কয় যে লক্ষ্যৰ লগত উপায় জড়িত হৈ থাকিব লাগিব। এই কথাটো তেওঁ এটা উদাহৰণেৰে বুজাইছে। আমি যি কোনো কাইটীয়া গছ কলেই গোলাপ পুল নাপায়। গোলাপফুলৰ গছ কলেহে গোলাপ ফুল পায়। সেইবাবে হিংসাৰ দ্বাৰা কোনো কল্যাণমূলক কামসাধন কৰিব নোৱাৰি। হিংসাই আমাক অকল্যাণ আৰু অশুভতালৈহে লৈ যায়।
গান্ধীৰ মতে হিংসাই প্রতিহিংসাৰ জুই জ্বলায়। প্রতিহিংসাৰ কোনো সীমা নাথাকে। প্রতিহিংসুকে ক্রোধ আৰু অসৎ ইচ্ছাৰ বশৱৰ্তী হৈ নানা বেয়া কাম কৰে। হিংসাই বিপক্ষ দলৰ ওপৰত প্ৰশমনৰ চাপ সৃষ্টি কৰিব নোৱাৰে। বৰং ই বিপক্ষ দলক অধিকতৰ অশান্তহে কৰি তোলে। হিংসাই নিশ্চয়কৈ অশান্তিৰ সৃষ্টি কৰে। অহিংসাৰ দ্বাৰাহে শত্রুতালি প্রশমনৰ চেষ্টা কৰা সম্ভব। ইয়াৰ উপৰিও অহিংসাই বিপক্ষ দলৰ মনত প্রত্যয়ৰ সৃষ্টি কৰে।
অহিংসা নিহিত থাকে বুজনি, অন্তৰৰ পৰিৱৰ্তন, প্রেম, ব্যক্তিত্ব আদিত। এই ক্ষেত্রত মহাত্মাই ব্যক্তিত্বৰ প্ৰশ্নটোৰ ওপৰত অধিকতৰ গুৰুত্ব আৰোপ কৰিছে। তেওঁৰ মতে হিংসাই আনৰ ব্যক্তিত্বৰ ওপৰত হস্তক্ষেপ কৰা বুজায়। আনৰ ব্যক্তিত্বৰ ওপৰত হস্তক্ষেপ কৰাৰ আমাৰ কোনো অধিকাৰ নাই। আমি যেতিয়া আনৰ ব্যক্তিত্বৰ ওপৰত হাত দিবলৈ যাওঁ তেন্তে আনেও আমাৰ ব্যক্তিত্বৰ ওপৰত হাত দিবলৈ আহিলে আমি মনে মনে থাকিব লাগিব। আমি নিজৰ গাত চিকুটিলে যিটো দুখ পাওঁ সেইদৰে আনৰ গাত চিকুটিলেও তেওঁলোকে সমানেই দুখ পায়। গাত চিকুটিলে যিটো দুখ পাওঁ সেইদৰে আনৰ গাত চিকুটিলেও তেওঁলোকে সমানেই দুখ পায়।
হিংসা দুৰ্বলীৰহে অস্ত্র, সবলৰ নহয়। মনোবল বিযুক্ত মানুহেৰে সাধাৰণতে হিংসাব আশ্রয় লয়। যি মানুহৰ সাহস আৰু মনোবল অটুত থাকে তেওঁলোকৰ হিংসাৰ আশ্রয় লোৱাৰ প্রয়োজন নাই। অহিংসাৰেই তেওঁলোকে অসাধ্য সাধে।
হিংসাৰ লগত সদায় প্রবঞ্চনা জড়িত হৈ থাকে। কেতিয়াবা বলেৰে নোৱাৰিলেও ছলেৰে আনৰ প্ৰতি হিংসা আচৰণ কৰা হয়। বহুক্ষেত্ৰত হিংসুক লোকে গোপনে বা আঁৰে আঁৰে কাম কৰিব লগা হয়। সম্মুখ ৰণত তেওঁলোক সধাৰণতে পৰাজিত হয়। এতেকে হিংসুক লোক সকল চোৰৰ শাৰীতে পৰে।
হিংসাৰ ক্ষেত্ৰত নির্বোধ, শিশু, তিৰোতা, বৃদ্ধ আদিৰ একো বিচাৰ কৰা নহয়। শশ নির্দোষ ব্যক্তিও হিংসাৰ বলি হয়। উদাহৰণস্বৰূপে আনবিক বোমাৰ বিস্ফোৰণে দোষী নিদোষী কাকো এৰি নিদিয়ে। সকলো হিংসাৰ বলিহ'ব লগাত পৰে। মহাত্মাৰ মতে এনে কথা কোনো নৈতিকতাৰ পৰিধিৰ ভিতৰত নপৰে।
গান্ধীৰ মতে সৰ্বসাধাৰণ লোক হিংসাৰ বিৰোধী। তেওঁলোকে হিংসা ভাল নাপায়। তেওঁলোকে সদায় নির্ভয় আৰু শাস্তিৰে থকাটো বিচাৰে। এতেকে হিংসাৰ অনুগামী তাকৰীয়া। মাত্র কিছুমান হতাশাগ্রস্ত ব্যক্তিহে এই পথৰ যাত্রী হয়। হিংসাৰ পথেৰে চলোৱা আন্দোলন বা বিপ্লবক সেইবাবে সাধাৰণ মানুহে এৰা দিয়ে।
হিংসাই মানুহলৈ অস্থিৰতা কঢ়িয়াই আনে। অস্থিৰ সমাজত কেতিয়াও শান্তি বিবাজ নকৰে আৰু কেতিয়াও এনে সমাজে উন্নতিৰ মুখ দেখিবলৈ নাপায়। সুস্থিৰ আৰু শান্তিময় সমাজৰ অবিহনে মানুহৰ কেতিয়াও সামগ্রিক কল্যাণ সাধন হ'ব নোৱাৰে।
হিংসা বৰ্বৰতাৰ প্রতীক। আদিম মানুহ বৰ্বৰ আছিল আৰু সেইবাবে তেওঁলোকৰ বাবে হিংসা স্বাভাৱিক আছিল। কিন্তু বৰ্তমানৰ মানুহে নিজকে সভ্য আৰু সংস্কৃত বুলি পৰিচয় দিছে। এনে পৰিচয়ত হিংসাৰ আচৰণে শোভা নাপায়। হিংসাই আমাক সভ্যতালৈ আগবঢ়াই নিয়াৰ পৰিবৰ্তে বর্বতালৈহে পিছুৱাই নিয়ে। হিংসাই অকল মানব-সভ্যতাৰে অবলুপ্তি সাধন নকৰিব, ই সমগ্র মানব জাতিবে, নহয় সমগ্র পৃথিবীৰে অবলুপ্তি সাধন কৰাব পাৰে।
অহিংসাই যে সকলো সময়তে আমাক সুখ দিব এই কথা ভাৱিব নালাগে। ই কেতিয়াবা হয়তো আমালৈ দুখো কঢ়িয়াই আনিব পাৰে। গান্ধীৰ মতে এনে দুখো আমাৰ কাম্য। কাৰণ এটা সৎ আদর্শত উপনীত হ'বলৈ যাওঁতে মাজে মাজে দুখ ভোগাটো অৱশ্যম্ভাবী।
গান্ধীৰ মতে অহিংসাৰ অস্ত্ৰ হ'ল অসহযোগ আৰু সত্যাগ্রহ। গান্ধীয়ে কয় যে অহিংসা অসহযোগৰ অস্ত্ৰৰ ধাৰ দুয়োফালে। এই অস্ত্ৰৰ ব্যৱহাৰে অস্ত্ৰধাৰী আৰু অস্ত্ৰৰ লক্ষ্য উভয়ৰে প্রতি আর্শীবাদ কঢ়িয়াই আনে। বিপক্ষ দল যিমানেই শক্তিশালী আৰু ভয়ানক নহওক লাগে এইপাত অস্ত্রই তেওঁলোকক পৰাজিত কৰে। অৱশ্যে এইপাত অস্ত্রই তেওঁলোকক পৰাজয় কৰিলেও তেওঁলোকক নিপাতিত বা নাশ নকৰে। বৰঞ্চ সাংস্কৃতিক ভাৱে তেওঁলোকক উত্তোলিতহে কৰে।
গান্ধীজীয়ে বিশ্বাস কৰে যে আত্মাৰ
বল বাহুৰ বলতকৈ অধিক শক্তিশালী। যি জন অহিংস সাহস প্রদান কবে। তেওঁৰ মতে এটা
বৰতোপেৰে মানুহ মৰা কার্যতকৈ বিনা অস্ত্ৰেৰে নেই ত পথত চলে আৰু যিজন সত্যাগ্রহী
তেওঁ আত্মাৰ বলেবে শক্তিশালী। আত্মিক বলে অধিক খবতোপৰ সন্মুখীন হোৱাটো বেচি সাহসৰ
কথা। আত্মিক বলেবে বলীয়ান জনেহে এনে কাছ কৰিব পাৰি।
গান্ধীৰ মতে শুভ উপায়েহে শুভ ফল দিব পাৰে। হিংসাৰ উপায়েৰে সধা ফলো হিংসাযুক্তই হয়। তৰোৱাল লোৱা জনক তৰোৱালেই ধ্বংস কৰে। হিংসাই ধ্বংসলৈহে লৈ যায়। সৃষ্টি ইয়াৰ দ্বাৰা কমেইহে হয়।
অতি দুঃসাহসী জনেহে হিংসাৰ আশ্রয় লয়। দুঃসাহসক আমি কেতিয়াও ভাল বুলি লব নোৱাৰোঁ। কাৰণ দুঃসাহসে কোনো কামকে নাসাধে। দুঃসাহস অপৈনত বয়সৰ ৰোমাঞ্চকৰ মনোভাবত নিহিত থাকে। দুঃসাহসী লোক সহজতে প্রতিশোধপৰায়ণ হয়। এওঁলোেক মিছাতেই ব পুৰ্ণা নীতি-নিয়মৰ বিৰুদ্ধে অস্ত্র লয়। হিংসাৰ দ্বাৰা সামাজিক বেমাৰৰ নিৰাময় কৰিব পাৰি বুলি বহুতে ভাৱিলেও সেই নিৰাময় বেমাৰতকৈ অধিক বেয়া হৈ পৰে।
অধৈর্যশীল লোক সাধাৰণতে হিংসাৰ পৰি আকৃষ্ট হয়। আমাৰ সমাজত নিয়ম-নীতি নমনা বহুত অধৈর্যশীল আৰু অসংযমী ব্যক্তি থাকে। তেওঁলোকেই সাধাৰণতে হিংসার ম উদগায়। তেওঁলোকে যে এনে আচৰণৰদ্বাৰা গোটেই সমাজৰে ক্ষতিসাধন কৰে এই কথা নাভাবে। সমাজৰ পৰম্পৰাগত মূল্যবোধসমূহক এনে লোকেই ধ্বংস কৰে।
গান্ধীৰ মতে হিংসাই সন্ত্রাসবাদলৈ লৈ যায়। সন্ত্রাসবাদে দুই এজন অত্যাচাৰী আৰু শোষণকাৰী শাসন বা লোকক আঁতৰালেও আৰু দহজন তেনেকুৱা লোক আকৌ মূৰ দাঙি উঠে। ৰাবণৰ এটা মূৰ কাটিলে যেনেকৈ আন এটা গজি উঠে তেনেকৈ এজন অত্যাচাৰীৰ ঠাইত আন এজনে মূৰ দাঙি উঠে। সন্ত্রাসবাদে ৰক্তবীজৰ সংখ্যা বঢ়ায়হে।
গান্ধীৰ মতে অহিংসাৰ মাধ্যমেৰেহে সত্য বা ভগৱানক পাব পাৰি। তেওঁ কৈছে "My uniform experience has convinced me that there is no God than truth.... the only means for the realisation of truth is Ahinsa", তেওঁৰ মতে মানুহৰ চূড়ান্ত লক্ষা ভগবদ প্রাপ্তি। ই মানুহৰ এক পুৰুষার্থ। এই পুৰুষাৰ্থ সাধন হয় একমাত্র অহিংসাৰ দ্বাৰা।
হিংসাৰ আশ্রয় লোৱা মানে কিবা এটা
সম্পাদন কৰিবৰ বাবে মানুহক আহিলা হিচাপে
লোৱা। কিন্তু মানুহ আহিলা নহয়, লক্ষ্য বা উদ্দেশ্যহে। এতেকে মানুহক আহিলা হিচাপে ল'লে মানুহৰ মানুহ হিচাপে মর্যদা হানি হ'ব। তেতিয়া মানুহ ৰূপান্তৰিত হ'ব এক পণ্য বস্তুলৈ।
গান্ধীৰ মতে অহিংসা হ'ল যুদ্ধৰ নৈতিক বিকল্প। সহিংস যুদ্ধই আমাক নৈতিকতাৰপৰা আঁতৰাই নিয়ে। ই আমাক পুণ্য অর্জাত সহায় নকৰে। একমাত্র অহিংস যুদ্ধইহে পুণ্য অর্জাত সহায় কৰে।
হিংসাই হত্যাৰ ৰাজনীতিক সূচায়। হত্যাৰ ৰাজনীতিয়ে আমাক নিৰাশাবাদলৈ লৈ যায়। একমাত্র অহিংসাইহে আশাবাদ আনিব পাৰে। সেইবাবেই মহাত্মাই অহিংসাৰ ওপৰত ইমান জোৰ দিছে।
মহাত্মাৰ অহিংসা নীতিৰ প্ৰতি পৃথিৱীৰ ভালে কেইজন মহান ব্যক্তি অনুৰাগী হৈছিল। তাবে এজন হ'ল মার্টিন লুথাৰ কিং।
৪। মহাত্মা গান্ধীয়ে আগবঢ়োৱা অহিংসাৰ বিভিন্ন কৌশলসমূহ কি কি ? চমুকৈ আলোচ কৰা।
উত্তৰঃ গান্ধীজীয়ে অহিংসাৰ বিভিন্ন কৌশলৰ বিষয়ে উল্লেখ কৰিছে। সেইবোৰ হ’ ল অসহযোগ, আইন অমান্য, আত্মনির্বাসিত, অনশন আৰু ধর্মঘট।
(ক) অসহযোগঃ মহাত্মা গান্ধীৰ মতে অসহযোগ হ'ল এটা প্রধান উপায় বা কৌশল। জৰিয়তে অহিংসা নীতি কাৰ্যকৰি কৰিব পাৰি। তেওঁ কৈছে যে যদিহে সমাজ। দেশৰ শাসন ব্যৱস্থাত শোষণ, দুর্নীতি, অবিচাৰ আদিৰ প্ৰয়োজন থাকে তেতি জনগণে সর্বাত্মভাৱে সেই চৰকাৰৰ সৈতে সহযোগ কৰিব নালাগে। এই উদে আগত ৰাখিয়ে তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনৰ ক্ষেত্ৰত ১৯২০ ৮ অসহযোগ আন্দোলন আৰম্ভ কৰিছিল।
(খ) হৰতালঃ হৰতাল পালন কৰিলে চৰকাৰী বেচৰকাৰী কাম কাজ বন্ধ থাকে।
সহ প্ৰকাৰৰ দোকান পোহাৰ, ব্যৱসায় আদি বন্ধ থাকে। মানুহে হৰতাল নির্ধাৰিত সময়ত
আনকি বেচা কিনাও বন্ধ হয়। সাধাৰণতে চৰকাৰৰ অন্যায়,
অবিচাৰ আদিৰ প্ৰতিবাদ স্বৰূপে
জণগণে হৰতাল আহ্বান দিয়ে। কিন্তু গান্ধীজীৰ মতে হৰতাল সঘনে হ'ব
নালাগে। দ্বিতীয়তে, হৰতাল সম্পূৰ্ণৰূপে স্বেচ্ছামূলক হ'ব
লাগে।
গ ) সামাজিক বয়কটঃ যিসকল লোকে জনসাধাৰণে চৰকাৰৰ বিৰুদ্ধে সমূহীয়াভাৱে বিৰোধিতা কৰা আচনিত সহযোগ নকৰে তেওঁলোকক সামাজিক ভাবে বর্জন কৰিব লাগে। অৱশ্যে এনে সামাজিক বৰ্জনৰ দ্বাৰা কোনো এজন ব্যক্তিৰ অপৰিহাৰ্য সামাজিক সেবা নাইবা তেওঁৰ জীৱন অসহনীয় কৰাটো নুবুজায়।
(ঘ) পিকেটিংঃ অহিংসাত্মক আন্দোলনৰ আন এটা উপায় হৈছে পিকেটিং। এই শক্তি প্রয়োগ কৰি প্রয়োজনৰ ক্ষেত্ৰত বাধ্যতামূলক ব্যৱস্থা গ্রহণৰ পৰিৱৰ্তে স্বেচ্ছাধীনমূলকভাৱে কৰিব লাগে। তেওঁৰ মতে পিকেটিং সদায় শান্তিপূর্ণ হ'ব লাগে আৰু পিকেটিংকাৰীয়ে কেতিয়াও হিংসাত্মক কাৰ্য ব্যৱস্থা গ্রহণ কৰা অনুচিত।
(ঙ) আইন অমান্যঃ গান্ধীজীৰ এই কৌশলটো গুৰুত্বপূর্ণ। এই কৌশলৰ দ্বাৰা জনসাধাৰণে ইচ্ছাকৃত ভাবেই চৰকাৰী আইন অমান্য কৰে। তেওঁৰ মতে, "Civil disobedience is the breach of the unmoral statutory enactments".
(চ) হিজৰাতঃ হিজৰাতৰ অৰ্থ হ'ল আত্মনির্বাসন। যিবিলাক লোকে চৰকাৰৰ অত্যাচাৰ বা শোষণৰ বলি হৈ আত্মসম্মান হেৰুৱাবলগীয়া হয় তেওঁলোকে নিজ বাসস্থান ত্যাগ কৰি আন ঠাইত আত্মগোপন কৰিব পাৰে।
(ছ) অনশনঃ অনশনৰ জৰিয়তে জনসাধাৰণে চৰকাৰী অতিশয্যৰ প্ৰতিবাদ কৰিব পাৰে। চৰকাৰী শাসক বিষয়াৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ হ'লে অনশনকাৰীয়ে নীতি নিষ্ঠাৰে আত্ম ত্যাগ মনোভাব লৈ অনশনৰ কাৰ্যসূচী ৰূপায়ন কৰিব পাৰে।
(জ) ধর্মঘটঃ ধর্মঘট হ'ল অহিসাংত্মক কৌশলৰ এটা প্রধান উপায়। অৱশ্যে গান্ধীজীয়ে সাম্যবাদী সকলৰ নিচিনাকৈ শ্রেণী সংঘর্ষত বিশ্বাস কৰা নাছিল। তেওঁৰ মতে ধর্মঘটকাৰী সকলে সদায় শান্তিপূর্ণ কৌশল অৱলম্বন কৰিব লাগে।
এনেদৰে মহাত্মাগান্ধীয়ে অহিংসাৰ ক্ষেত্ৰত গ্ৰহণ কৰিব লগীয়া কৌশলবোৰৰ পৰামৰ্শ আগবঢ়াইছে আৰু নিজেও এই কৌশলবোৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত অৱলম্বন
৫। গান্ধীৰ সত্যাগ্ৰহৰ ধাৰণা ব্যাখ্যা কৰা।
উত্তৰঃ গান্ধীজীৰ মতে মানুহে ইস্পিত লক্ষ্যত উপনীত হ'বৰ বাবে দুটা কৰ্ম-পদ্ধতি অৱলম্বন কৰিব পাৰে ,এটা হ’ল, সত্য়গ্ৰহ আৰু আনটো দুৰাগ্ৰহ । সত্য়াগ্ৰহৰ পথটো হ’ল সত্য়ৰ পথ , আৰু দুৰাগ্ৰহৰ পথটো হ’ল অসত্য়ৰ পথ ।
সত্যাগ্রহৰ অৰ্থ হ'ল সত্যত লাগি থকাটো আৰু এই আগ্রহৰ পৰা উৎপন্ন হোৱা শক্তি। এই শক্তিৰ প্রয়োজন অমঙ্গল বা অশুভ শক্তিক দূৰ কৰিবৰ বাবে।
সত্যাগ্রহ ধার্মিক বা পুণ্যবান সকলৰ এক অস্ত্র। ই এক শক্তি যদিও দৈহিক বা পাশবিক শক্তি নহয়। ই এক আত্মিক বা দৈব শক্তি।
সত্যাগ্রহ সম্ভৱ হয় আত্ম-বিশুদ্ধিকৰণ বা পবিত্ৰকৰণৰ দ্বাৰা। ই এক মানসিক দৃষ্টিভংগী। এই দৃষ্টিভংগীৰে কাম কৰিলে জয় অনিবার্য।
সত্যাগ্রহ মানুহক নিজকে শিক্ষিত
কৰাৰো এক উপায়। ই মানুহক সচেতন কৰে।
সত্যাগ্রহৰ লগত অহিংসা জড়িত হৈ
আছে। সত্যাগ্রহ প্রেমতহে সিজে, হিংসাত নহয়।
গান্ধীজীৰ মতে সাহসীজনহে সত্যাগ্রহী হ'ব পাৰে, ভীৰুৱে নোৱাৰে।
সত্যাগ্ৰহৰ দ্বাৰা লাভ কৰা পৰিণতি সদায় ভাল হয়। জীৱনৰ সকলোবোৰ কামতে ই প্রয়োজনীয়। সত্যাগ্রহত সাধাৰণতে দৈহিকভাৱে দুখ পাব লগা হয়, আৰু সেয়ে ই মনৰ বল বঢ়ায়। বিশেষকৈ মানুহৰ মনত যেতিয়া খং, ক্রোধ, আসক্তি, লোভ আদি উৎপন্ন হয় তেতিয়া সত্যাগ্রহে বৰ কাম কৰে।
সত্যাগ্রহে মানুহক বোজা বহন
কৰিবলৈ শকতি দিয়ে। সত্যাগ্রহীক ঈশ্বৰে সকলো ক্ষেত্রতো সহায় কৰে। সত্যাগ্রহীক যেন
পৰীক্ষা ল'বৰ বাবেহে ঈশ্বৰে তেওঁক বোজা ব'বলৈ
দিয়ে। গান্ধীজীয়ে কৈছে, "I see that satyagraha is
assured of divine help, and that is testing a satyagrahi, the creator imposes
on him at every step only as much burden as he can bear".
যি প্রকৃত সত্যাগ্রহী তেওঁ সত্যাগ্রহী পথৰ পৰা আঁতৰি আহিব নোৱাৰে। এবাৰ প্ৰকৃত সত্যাগ্রহী হোৱা মানে গোটেই জীৱনেই সত্যাগ্রহী হোৱা। সত্যাগ্রহীৰ পথ সত্যৰ পথ তেওঁ অসত্যৰ পথ ল'ব নোৱাৰে।
সত্যাগ্রহীৰ জয় নিশ্চিত আৰু অবধাৰিত। আৰম্ভণি বা মধ্যম অৱস্থাত তেওঁ পৰাজিত হ'লেও চূড়ান্ত পর্যায়ত তেওঁৰ জয় সুনিশ্চিত। তেওঁ যিহেতু সত্যৰ প্রতি আগ্রহী, আৰু চূড়ান্তভাৱে যিহেতু সত্যৰ সদায় জয় হয়, সেয়ে চূড়ান্তভাৱে সত্যাগ্রহীৰো জয় হয়।
গান্ধীজীৰ মতে সত্যাগ্ৰহৰ লগত
সদায় অহিংসা জড়িত হৈ থাকে। সত্য আৰু অহিংসা নামৰ বৰ গছজোপাৰ অসহযোগ আদি ডাল-পাত।
স্বদেশী, সমাজ-সংস্কাৰ,
ৰাজনৈতিক সংস্কাৰ আদি ইয়াৰ
অন্যান্য ঠাল-ঠেঙুলি। যি অসহযোগ, যি স্বদেশী,
যি সমাজ বা ৰাজনৈতিক সংস্কাৰ
সত্যাগ্ৰহৰ ওপৰত নিৰ্ভৰশীল নহয়, সেইবোৰৰ কোনো মূল্য নাই।
সত্যাগ্ৰহৰ ওপৰত গান্ধীজীয়ে সর্বাত্মক মূল্য আৰোপ কৰিছিল। অন্য কোনো কথাই ইয়াৰ ওপৰত উঠিব নোৱাৰিছিল। এই সম্পর্কে মন্তব্য দি বি. আৰ. নন্দই তেওঁৰ 'Mahatma Gandhi' নামৰ কিতাপত লিখিছে, "No light could be more dazzlingthan that of Satyagraha, the technique of nonviolent action with which.... he had dought to guide his life in personal as well as public spheres", তেওঁ সত্যাগ্ৰহৰ শক্তিক অস্ত্র-শস্ত্ৰৰ ওপৰত থাপিছিল, কাৰণ অস্ত্র-শস্ত্র আছিল হিংসাৰ আহিলা। তেওঁৰ মতে হিংসাৰ অস্ত্ৰতকৈ অহিংসাৰ অস্ত্র সত্যাগ্রহ বেচি শক্তিশালী।
সত্যাগ্রহী ভাৱে মানুহৰ উৎকর্ষ সাধন কৰে। সেয়ে ইয়াৰ ব্যৱহাৰ অত্যাৱশ্যকীয়। গান্ধীজীয়ে লিখিছে, "As I know it to be correct - the greater the spirit of Satyagraha in us,, the better man willwe become", গতিকে সত্যাগ্রহ অৱলম্বনত কোনো দ্বিধা থাকিব নালাগে বুলি গান্ধীজীয়ে কয়।
গান্ধীজীৰ মতে সত্যাগ্রহ আত্মাৰ গুণহে শৰীৰৰ নহয়। তেওঁ কৈছে, "Satyagraha is an attribute of the spirit within", এই গুণ সকলোতে অন্তর্নিহিত হৈ আছে। মাত্র ইয়াক বাহিৰলৈ উলিয়াব জানিব লাগিব।
সত্যাগ্রহে সমাজত সকলোপ্ৰকাৰ অশুভ-শক্তিক অপসাৰিত কৰিব পাৰে। সামাজিক, ৰাজনৈতিক, নৈতিক আদি সকলোপ্ৰকাৰ অমঙ্গল মষিমূৰ কৰি ই মঙ্গল আৰু কল্যাণৰ সূত্রপাত কৰিব পাৰে। তেওঁ লিখিছে, "Satyagraha can rid society of all evils, political, economic and moral", মানুহৰ যে প্ৰকৃত স্বরূপ বেয়া নহয় এই কথাত গান্ধীজী বিশ্বাসী।
ওপৰৰ আলোচনাৰ পৰা আমি সত্যাগ্রহৰ সম্পৰ্কে চাৰিটা ধাৰণা পাওঁ—-
(ক) ই প্রধানতঃ এক আত্মিক শক্তি অর্থাৎ প্ৰেমৰ ব্যৱহাৰ
(খ) সত্যাগ্রহীৰ দুখ সহ্য কৰা গুণে মানুহৰ অন্তৰ স্পৰ্শ কৰে আৰু দুষ্কৃতিকাৰীক সংস্কৃতিকাৰীলৈ ৰূপান্তৰিত কৰে।
(গ) ইপশুশক্তিৰ বিৰোধী। বাহ্য অস্ত্ৰেৰে ই কোনো মানুহকে অপঘাত কৰাটো নিবিচাৰে। সেয়ে ই অহিংসাত বিশ্বাসী।
(ঘ) উপায় আৰু লক্ষ্য একে হোৱাটো ই বিচাৰে। লক্ষ্য ভাল হ'লেও অসৎ উপায়েৰে ইয়াত উপনীত হোৱাটো গান্ধীজীৰ সত্যাগ্রহে নিবিচাৰে।
গান্ধীজীৰ সত্যাগ্রহ ধাৰণাৰ ব্যাখ্যাৰ মূল কথাখিনি তেওঁৰ নিজৰ কথাৰেই দি এই ব্যাখ্যাৰ সামৰণি মৰা হওক, সত্যৰ আধাৰশিলাৰ ওপৰতে জগতকন বর্তি আছে। অসত্যই অনস্তিত্বতো সূচায়, আৰু সত্যই সূচায় যি অস্তিত্বশীল তাক। যদি অসত্য অস্তিত্বশীল নহয়, ইয়াৰ জয়ৰ প্ৰশ্ন অবাস্তৰ আৰু সত্য যিহেতু সদায় থকা, ইয়াক ধ্বংস কৰিব নোৱাৰি। থোৰতে সত্যাগ্ৰহৰ সিদ্ধান্ত এইটোৱেই।
৬। গান্ধীৰ সত্যাগ্রহ ধাৰণাৰ সমালোচনাত্মক ব্যাখ্যা কৰা।
উত্তৰঃ গান্ধীজীৰ সত্যাগ্রহ ধাৰণাৰ ওপৰত কটুক্তি কৰি সুপ্রকাশ ৰায়ে তেওঁৰ গান্ধীবাদৰ স্বৰূপ নামৰ বাংলা গ্ৰন্থত লিখিছে, 'গান্ধীৰ অহিংসা, হৰিজন আন্দোলন, প্রভৃতিৰ দৰেই তেওঁৰ সত্যাগ্রহ আন্দোলনো প্রকৃতপক্ষে 'এক গভীৰ ষড়যন্ত্ৰ আৰু গভীৰ প্ৰতাৰণাপূৰ্ণ বাগাড়ম্বৰেৰে পৰিপূৰ্ণ, বিশেষ উদ্দেশ্য সিদ্ধিৰ উপায় হিচাপেই গান্ধীয়ে আফ্রিকা আৰু ভাৰতবৰ্ষত এই সত্যাগ্রহ প্রথমে ভাৰতৰ বুজোৱা শ্ৰেণীৰ বাবে সাম্রাজ্যবাদী শাসকগোষ্ঠীৰ ওচৰৰ পৰা অর্থনৈতিক আৰু ৰাজনৈতিক সুবিধা আদায়ৰ উদ্দেশ্যে আৰম্ভ হ'লেও সি শেহত ভাৰতৰ বৈপ্লৱিক গণ-সংগ্ৰামৰ বিৰুদ্ধেই পৰিচালিত হৈছিল। ভাৰতৰ জাতীয় সংগ্ৰাম যাতে বৈপ্লৱিক সংগ্ৰামত পৰিণত হ'ব নোৱাৰে তাৰ বাবেই উদ্ভাৱিত হৈছিল গান্ধীৰ সত্যাগ্ৰহৰ কলা-কৌশল, ১৯১৯-২২ আৰু ১৯৩০-৩২ চনৰ জাতীয় সংগ্ৰামৰ ভিতৰত তাৰেই সাক্ষ্য পোৱা যায় ।
সত্যাগ্রহ যে পূৰামাত্রাই অহিংস থাকিব লাগিব, গান্ধীজীৰ এই দর্শনে, সত্যাগ্রহ আন্দোলনক শ্রমিক-কৃষকৰ সপক্ষে যোৱা বৈপ্লৱিক আন্দোলনৰ চৰিত্ৰ পৰিগ্ৰহ কৰিবলৈ বাধা দিছিল। শ্রমিক আন্দোলনক নিস্তেজ আৰু নিষ্ক্রিয় কৰাৰ প্রচেষ্টাই হয়তো ই আছিল। অন্ততঃ ভাবতীয় কমিউনিষ্ট সকলে সত্যাগ্রহ সম্পর্কে এইদৰেই ভাবে।
গান্ধীজীৰ সত্যাগ্রহ আন্দোলন আছিল এক বুজোৱা আন্দোলন, প্রলিটাৰিয়েট বা সৰ্বহাৰা শ্রমিক আন্দোলন নহয়। তেওঁ ভাৰতৰ বুজোৱা শ্ৰেণীৰ সপক্ষেহে কাম কৰিছিল। সাম্রাজ্যবাদীৰ কবলৰপৰা ভাৰতীয় পুঁজিপতি শ্রেণীক মুক্ত কৰাৰ তেওঁৰ পণ আছিল, কাৰণ তেওঁ এই শ্রেণীৰে প্রতিনিধি আছিল।
শ্রমিক-কৃষকক গাইগুটীয়াকৈ সংঘবদ্ধ হোৱাৰ ক্ষেত্রত গান্ধীজীয়ে বাধাপ্রদান কৰিছিল। শ্রমিক শ্রেণীক সংগ্ৰামৰ বাহিৰত ৰখাটোৱেই তেওঁৰ ঘাই উদ্দেশ্য আছিল। সেয়ে তেওঁ শ্রেণী-নিৰপেক্ষ ৰাষ্ট্ৰৰ স্বাৰ্থ সকলোৰে আগত থাপিছিল। অৱশ্যে এই কথা সকলোৱে জানে যে বহুত সময়ত স্বাধীনতা আন্দোলন গান্ধীৰ হাতত মুঠিৰ পৰা বহুতবাৰ ওলাই গৈছিল, যাৰ বাবে গান্ধীয়ে বাৰম্বাৰ অনশন কৰিবলগীয়া হৈছিল।
গান্ধী সম্পূর্ণৰূপে বৃটিছ বিৰোধীও নাছিল। তেওঁৰ নীতি আছিল আপোচমূলক। তেওঁ শ্রমিক-কৃষকৰ সংগ্ৰামী শক্তিক যিমান ভয় কৰিছিল, বৃটিছ শক্তিকো সিমান ভয় নকৰিছিল। কাৰণ বৃটিছৰ শ্ৰেণী চৰিত্ৰৰ তেওঁৰ শ্ৰেণী চৰিত্ৰৰ লগত মিল আছিল।
গান্ধীজীয়ে সেয়ে বাৰে বাৰে তেওঁৰ
সত্যাগ্রহ আৰু অসহযোগ আন্দোলন প্রত্যাহাৰ কৰিছিল। এই আন্দোলন শ্রমিক কৃষকৰ জঙ্গী
আন্দোলনত পৰিণত হয় বুলি তেওঁ ভয় কৰিছিল। সেয়ে তেওঁ এইবুলি ঘোষণা কৰিছিল, 'মই
মোৰ কাৰ্যৰ পৰ্যালোচনা কৰিলোঁ, মই ইয়াকে কওঁ হিমালয় সদৃশ ভুল। মই ভগৱান আৰু মানুহৰ
ওচৰত নতজানু হ'লোঁ আৰু মই কেৱল গণ-আইন-অমান্যই বন্ধ কৰা নাই, এনে
কি মোৰ নিজৰ যি আইন-অমান্য আছিল, আইন অনুযায়ী আৰু অহিংস,
তাকো বন্ধ কৰিলোঁ।
গান্ধীজীয়ে ১৯২১ চনৰ মোপালাৰ কৃষকসকলৰ বিদ্ৰোহক 'অতি ভয়ঙ্কৰ' বিদ্রোহ বুলি অভিহিত কৰিছিল। সেইদৰে তেওঁ ১৯২২ চনৰ চৌৰিচৌৰাৰ ঘটনাক 'লজ্জাকৰ কথা' বুলি অভিহিত কৰিছিল। এইবোৰ ঘটনাই গান্ধীজীক ভয় খুৱাইছিল, জানোচা স্বাধীনতাৰ বুজোৱা পক্ষপাতী অহিংস আন্দোলন তেওঁৰ হাতৰ পৰা এৰাই গৈ শ্রমিক কৃষকৰ মুক্তিৰ আন্দোলনলৈ পর্যবসিত হয়। সেয়ে তেওঁ সত্যাগ্রহ আন্দোলনৰ লগত জড়িত কৰিলে ধৰ্মীয় কুসংস্কাৰ, ৰহস্যবাদ, চিত্তশুদ্ধিৰ বাবে অনশন ইত্যাদি।
গান্ধীজীৰ সত্যাগ্রহ সর্বাত্মক ভাৱে হিন্দু দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত। হিন্দুত্বৰ ওপৰত এই অযথা গুৰুত্বই শ্রমিক-কৃষকৰ মাজত, হিন্দু-মুছলমানৰ মাজত আৰু বৰ্ণহিন্দু-হৰিজনৰ মাজত বিভেদ সিঁচিছিল।
গান্ধীজীয়ে কৈছিল যে চৌৰিচৌৰাৰ ঘটনাৰ নিচিনা ঘটনা যাতে আৰু নঘটে সেই বিষয়ে ভগবানে তেওঁক তেনেকুৱা ঘটনাক দৃঢ় হাতেৰে বন্ধ কৰিবলৈ নিদের্শ দিছিল। 'শপতৰ অস্বীকৃতি', 'ভগৱানৰ বিৰুদ্ধে মহাপাপ' আদিৰ নিচিনা পাৰলৌকিক হেতুৰ আলম লৈ তেওঁ জনগণৰ তেজোদ্দীপ্ত আন্দোলনক মষিমূৰ কৰাৰ তথাকথিত ভগৱান প্রদত্ত অহিংসা আৰু সত্যাগ্রহ আন্দোলন হাতত তুলি লৈছিল।
গান্ধীজীৰ সত্যাগ্ৰহৰ বিৰুদ্ধে অকল মার্ক্সবাদী সকলেই বিষোদগাৰ কৰা নাই, গোখলে বিজয়ৰাঘবাচার্য, শ্রীনিবাস শাস্ত্রী, সুৰেন্দ্র নাথ বেনাৰ্জা, শিৱস্বামী আয়াব, এম. কথনাস্বামী আদিয়েও ইয়াৰ সমালোচনা কৰিছে।
গোখলেই কৈছিল যে সেই সময়ত সত্যাগ্রহৰ নিচিনা মতবাদ উপযোগিতামূলক নাছিল। বিজয় ৰাঘবাচাৰ্যই সত্যাগ্ৰহৰ অসহযোগ প্রক্রিয়া পৰামৰ্শ যোগ্য নাছিল বুলি কয়। শ্রীনিবাস শাস্ত্রীয়ে ই এক নঞর্থক দৃষ্টিভংগী বুলি অভিহিত কৰিছিল। সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে তেওঁৰ "A Nation in Making" নামৰ পুথিত লিখিছে যে সত্যাগ্রহ বা অসহযোগে ঘৃণা ভাবৰ সৃষ্টি কৰিব। প্রথমতে ই বৃটিছ সকলৰ বিৰুদ্ধেই সৃষ্টি হ'ব যদিও লাহে লাহে ই আনৰ বিৰুদ্ধেও সৃষ্টি হ'ব। ইয়াৰ পৰা হয়তো জাতিগত বা সাম্প্রদায়িক সংঘর্ষও সৃষ্টি হ'ব পাৰে। এই বিষয়ে তেওঁ এইদৰে লিখিছিল, "It is this sentiment of hatred fostered among the masses, directed in the first instance against the British Government, that came by a natural process of grouth, to be extended to all others who worshipped in a different temple, culminated in these commnual and caste feuds that have darkened our recent history".
ৰুথনাস্বামীয়ে তেওঁৰ "Political Philosophy of Mr. Gandhi" নামৰ গ্ৰন্থত দেখুৱাইছে যে গান্ধীজীৰ সত্যাগ্রহ নীতি বর্তমান সময়ৰ লগত খাপখোৱা নহয়। ই সম্ভৱ আছিল অতীতৰ সৰল সমাজতহে। তেওঁৰ মতে সত্যাগ্রহৰ সহায়েৰে হয়তো স্বৰাজ লাভ সম্ভৱ হ'ল। কিন্তু স্বাধীন ভাৰতত ই কার্যক্ষম হোৱাৰ ওপৰত তেওঁ সন্দেহ স্থাপন কৰিছে। তেওঁ লিখিছে, ভাৰত চৰকাৰ এই পথৰ পৰা আঁতৰি অহা কথাই ইয়াৰ অকার্যকাৰিতা প্ৰমাণ কৰে।
৭। গান্ধীজীৰ স্বাধীনতাৰ দৰ্শন সম্বন্ধে চমুকৈ লিখা।
উত্তৰঃ গান্ধীজীয়ে স্বাধীনতাৰ ওপৰত তেওঁৰ ধাৰণাক ব্যক্ত কৰিছে। তেওঁ নৈতিক আৰু আধ্যাত্মিক স্বাধীনতাৰ এজন পৃষ্ঠপোষক আছিল, কিন্তু এইবিলাকৰ লগতে তেওঁ ৰাজনৈতিক স্বাধীনতাৰো গুৰুত্ব উপলব্ধি কৰিছিল। তেওঁৰ মতে 'স্বাধীনতা' বা 'স্বৰাজ' হ'ল সত্যৰ এটা অংশ আৰু সত্য হ'ল ঈশ্বৰ। এই ধাৰণাৰ জৰিয়তে গান্ধীজীয়ে স্বাধীনতাক এটা নৈতিক ৰূপ দিছে। গান্ধীজীৰ মতে দুখ-কষ্ট আৰু সংগ্ৰামৰ জৰিয়তেহে স্বাধীনতা লাভ কৰিব পাৰি। স্বাধীনতাক কোনেও উপহাৰ হিচাপে নিদিয়ে। ইংৰাজ চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্রকাশ কৰাটোক তেওঁ ভাৰতবাসীৰ ধৰ্ম বুলি কৈছিল। এইদৰে গান্ধীজীয়ে ভাৰতবাসীক ইংৰাজৰ বিৰুদ্ধে ভাৰতৰ স্বাধীনতাৰ বাবে সংগ্রাম কৰিবলৈ আহ্বান জনাইছিল।
গান্ধীজীয়ে মন্তব্য কৰিছিল যে ভাৰতীয়সকল স্বাধীনতাৰ বাবে উপযোগী কাৰণ ইয়াৰ বাবে তেওঁলোকে যথেষ্ট সংগ্রাম কৰিছে। গান্ধীজীৰ স্বৰাজৰ লক্ষ্য হ'ল অৱহেলিত আৰু দুখীয়া মানুহৰ স্বাৰ্থৰক্ষাৰ বাবে সংগ্ৰাম কৰা। গানঅধীজীয়ে জাতীয় স্বাধীনতা সম্পর্কেও কৈছে। তেওঁ সাম্রাজ্যবাদীৰ কৱলৰ পৰা ভাৰতক মুক্ত কৰিবৰ বাবে আজীৱন সংগ্রাম কৰিছিল। গান্ধীজীয়ে ব্যক্তিগত আৰু নাগৰিক স্বাধীনতা সম্পর্কেও উল্লেখ কৰিছিল। তেওঁ ঘোষণা কৰিছিল, "The person of a citizen must be held inviolate. It can only be touched to arrest or prevent violence", গান্ধীজীয়ে বাক্-স্বাধীনতা আৰু প্ৰকাশ কৰাৰ স্বাধীনতাৰ বিষয়েও উল্লেখ কৰিছে। তেওঁৰ মতে এই স্বাধীনতাই হ'ল স্বৰাজৰ ভেটি।
গান্ধীজীয়ে স্বাধীনতা বুলিলে নিজৰ ইচ্ছামতে যিকোনো কাম কৰাকে নুবুজাইছিল। তেওঁৰ মতে সমাজৰ বাবে ত্যাগ স্বীকাৰ কৰিব পাৰিলেহে স্বাধীনতাক ভোগ কৰিব পাৰি। স্বাধীনতা বুলিলে গান্ধীজীয়ে পাৰ্থিৱ বস্তুৰ প্ৰতি আসক্তিৰ পৰা মুক্তি লাভ কৰাকে বুজাইছিল। তেওঁ স্বাধীনতাক এটা সামূহিক দৃষ্টিভঙ্গীৰ পৰা বিবেচনা কৰিছিল। গান্ধীজীৰ মতে মানুহে সকলো ধৰণৰ আসক্তিৰ পৰা মুক্তি লাভ কৰি নৈতিক স্বাধীনতাক অর্জন কৰে। সেইদৰে বিদেশী শাসন আৰু শোষণৰ পৰা মুক্তি লাভ কৰিলে ৰাজনৈতিক স্বাধীনতাক ভোগ কৰিব পাৰি। মানুহে আধ্যাত্মিক স্বাধীনতা সত্যৰ সন্ধান পালেহে পূৰ্ণভাৱে ভোগ কৰিব পাৰিব।
এতেকে গান্ধীজীয়ে নৈতিক
দৃষ্টিভংগীৰ পৰা স্বাধীনতাৰ বিষয়ে তেওঁৰ ধাৰণা ব্যক্ত কৰিছে। গান্ধীজীয়ে কৈছে, "Freedom is a process of growth in quest of
an articulated system of coherent moral purposes and actions. A man who obtains
freedom over his passions would not tolerate the social and economic
exploitation of his neighbours because they are really his own selves", এতেকে গান্ধীজীৰ মতে স্বাধীনতাৰ ক্ৰমান্বয়ে বিকাশ হয়।
এজন ব্যক্তিয়ে নৈতিক, আধ্যাত্মিক আৰু ৰাজনৈতিক স্বাধীনতা লাভ কৰাৰ জৰিয়তেহে
প্রকৃত স্বাধীনতা ভোগ কৰিব পাৰে। গান্ধীজীয়ে কৈছে যে ত্যাগৰ দ্বাৰা স্বাধীনতাক
উপলব্ধি কৰিব পাৰি।