গোট - ২
মূল
ৰাজনৈতিক মতাদর্শ আক সমসাময়িক বিষয়
অতি চমু প্ৰশ্নোত্তৰ
১। সমাজবাদৰ আদৰ্শ কি?
উত্তৰ:
সমাজবাদৰ আদৰ্শ হৈছে সমতা,
ন্যায় আৰু ভ্রাতৃত্ব ।
২। কার্লমার্ক্সৰ মতে সমাজত অন্তর্নিহিত বৈষম্যৰ মূল কাৰণ
কি?
উত্তৰ:
অর্থনৈতিক অসমতা।
৩। সমাজবাদ মানে কি?
উত্তৰ:
সমাজবাদ হ'ল
ৰাষ্ট্ৰৰ কাম-কাজব সৈতে জড়িত তত্ত্ব। এই তত্ত্ব অনুসৰি ৰাষ্ট্রই সর্বাধিক পৰিমাণৰ
কাম-কাজ কৰা উচিত। সমাজবাদে ৰাষ্ট্রক মানুহৰ চৰম কল্য়াণ সাধন কৰিব পৰা সংস্থা বুলি
গণ্য কৰে।
৪। সমাজবাদে কিহৰ বিৰুদ্ধে প্রতিবাদ কৰে?
উত্তৰঃ সমাজবাদ
পুঁজিবাদী শোষণ আৰু অর্থনৈতিক বৈষম্যৰ বিৰুদ্ধে প্রতিবাদ কৰে।
৫। সমাজবাদে কাক সর্বাধিক গুৰুত্ব দিয়ে?
উত্তৰঃ
সমাজবাদে শ্রমজীৱী শ্রেণীক সর্বাধিক গুৰুত্ব দিয়ে।
৬। আধুনিক সমাজবাদৰ জনক বুলি গণ্য কৰা হয়?
উত্তৰ:
কার্লমার্ক্স।
৭। সমাজবাদৰ কেইটামান প্ৰকাৰ উল্লেখ কৰা।
উত্তৰ:
সমাজবাদৰ কেইটামান প্ৰকাৰ হ'ল-
কাল্পনিক সমাজবাদ, বৃত্তিগোষ্ঠী
সমাজবাদ, গণতান্ত্রিক
সমাজবাদ আৰু বৈজ্ঞানিক সমাজবাদ।
৮। মার্ক্সবাদৰ এটা মূল নীতিৰ নাম লিখা।
উত্তৰ: শ্রেণী সংগ্রাম।
৯। সমাজবাদী সমাজত শ্রেণীভেদ থাকেনে?
উত্তৰ:
সমাজবাদী সমাজত শ্রেণীভেদ নথকাৰ কথা কোৱা হয়।
১০। শুদ্ধ উত্তৰটো বাছি উলিওৱা
(গ)
মানৱ সভ্যতাৰ ইতিহাস। "সংঘৰ্ষৰ ইতিহাস।" কথাষাৰ কৈছিল মাক্সে/ৰুছো/লকে।
উত্তৰঃ মার্ক্সে।
(ঙ)
"সমাজবাদ.... এটা টুপীৰ নিচিনা যিটো সকলোৱে পিন্ধাৰ বাবে তাৰ প্ৰকৃত আকৃতি
নষ্ট হৈছে।"-কথাষাৰ কৈছে আডাম স্মিথে/হাবটি স্পেনচাৰ/চি.ই, এম জোৱাডে।
উত্তৰঃ
চি. ই. এম. জোৱাডে।
১১। গণতন্ত্র ক'ৰপৰা উদ্ভৱ হৈছে?
উত্তৰ :
গণতন্ত্ৰ দুটা গ্রীক শব্দ ডেম'ছ (Demos) অর্থাৎ মানুহ (People) আৰু ক্রাটছ (Kratos) অর্থাৎ শাসন (Rule) ৰ পৰা উদ্ভৱ
হৈছে।
১২। গণতন্ত্রক আটাইতকৈ জ্ঞানী (wisest) আৰু
আটাইতকৈ ভাল (best)
বুলি কোনে কৈছে?
উত্তৰঃ
লিপচনে।
১৩। গণতন্ত্ৰৰ অৰ্থ কি?
উত্তৰঃ
গণতন্ত্ৰৰ আক্ষৰিক অৰ্থ হ'ল-
ৰাইজৰ দ্বাৰা শাসন।
১৪। 'সমাজৰ
সকলো শ্ৰেণীৰ কল্যাণ সাধনৰ বাবে গণতন্ত্ৰৰ দৰে আন কোনো শাসন ব্যৱস্থা আজিলৈকে
আৱিষ্কাৰ হোৱা নাই'-
কথাষাৰ কাৰ?
উত্তৰ: ডি টকোভেলীৰ।
১৫। কোনবিধ চৰকাৰক 'ধীৰ গতিত কথা পতা অনুষ্ঠান' আৰু 'কথা পতা দোকান' বুলি সমালোচনা
কৰা হয়?
উত্তৰ: গণতান্ত্রিক চৰকাৰক।
১৬। ভাৰতীয় গণতন্ত্ৰৰ প্রতি অহা যিকোনো দুটা প্রত্যাহ্বান
উল্লেখ কৰা।
উত্তৰঃ
(ক) দুর্নীতি আৰু
(খ)
নিৰক্ষৰতা আৰু দৰিদ্রতা
১৭। প্রত্যেক গণতন্ত্ৰৰ দুটা আহিলাৰ নাম লিখা।
উত্তৰঃ (ক) গণ
প্রস্তাৱ আৰু (খ) প্রত্যাৱর্তন।
১৮। "The
Managerial Revolution" নামৰ গ্ৰন্থখনৰ লেখক কোন?
উত্তৰ:
জেমছ বার্ণহাম।
১৯। উদাৰনৈতিক গণতন্ত্ৰৰ দুটা সুবিধা বা গুণৰ বিষয়ে উল্লেখ
কৰা।
উত্তৰঃ
(ক) ন্যায়, স্বাধীনতা
আৰু ভ্রাতৃত্ববোধৰ উপস্থিতি।
(খ)
শাসকৰ দায়বদ্ধতাৰ বাবে দুর্নীতিমুক্ত আৰু স্বেচ্ছাচাৰীমুক্ত শাসন।
২০। লিংগ ন্যায় বুলিলে কি বুজোৱা হয়?
উত্তৰঃ
লিংগ ন্যায় মানে সকলো লিংগৰ বাবে সমান অধিকাৰ, সুযোগ আৰু মর্যাদ নিশ্চিত কৰা।
২১। লিংগ বৈষম্য কাক বোলে?
উত্তৰঃ
লিংগৰ ভিত্তিত মানুহৰ মাজত কৰা অসম ব্যৱহাৰক লিংগ বৈষম্য বোলে।
২২। মানৱ অধিকাৰ সুৰক্ষাত ৰাষ্ট্ৰৰ ভূমিকা কি?
উত্তৰ :
ৰাষ্ট্ৰই আইন আৰু নীতিৰ জৰিয়তে মানৱ অধিকাৰ সুৰক্ষিত কৰিব লাগে।
২৩। পশ্চিমীয়া উদাৰনৈতিক গণতন্ত্ৰৰ দুটা বৈশিষ্ট উল্লেখ কৰা।
উত্তৰঃ
(ক) আইনৰ শাসন।
(খ)
সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ।
২৪। সমাজতান্ত্রিক গণতন্ত্ৰৰ দুটা আসোঁৱাহ বা দোষ লিখা।
উত্তৰঃ
(ক) একদলীয় একনায়কত্ববাদ।
(খ)
ব্যক্তিৰ স্বাধীনতা বা সংবাদপত্ৰৰ স্বাধীনতাৰ ওপৰত বাধা আৰোপ।
২৫। আধুনিক বিশ্বত প্রত্যক্ষ গণতন্ত্রৰ ব্যৱস্থাটোক ক'ত দেখিবলৈ পোৱা
যায়?
উত্তৰঃ
ছুইজাৰলেণ্ডত।
চমু প্রশ্নোত্তৰ
১। সমাজবাদৰ মুখ্য বৈশিষ্ট্যসমূহ আলোচনা কৰা।
উত্তৰ:
সমাজবাদৰ মুখ্য বৈশিষ্ট্য হৈছে সামাজিক সমতা। এই মতবাদত সকলো নাগৰিকক সমান
অধিকাৰ আৰু সুযোগ প্রদান কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়। সমাজবাদত ব্যক্তিগত লাভৰ
পৰিবৰ্তে সামুহিক কল্যাণক অধিক গুৰুত্ব দিয়া হয়। উৎপাদনৰ উপায়সমূহ সমাজ বা
ৰাষ্ট্ৰৰ অধীনত থাকিব লাগে বুলি সমাজবাদে ধাৰণা কৰে। এই ব্যৱস্থাত শ্রমৰ মূল্য
স্বীকৃতি পায় আৰু শ্রমজীৱী শ্রেণীক শোষণৰ পৰা মুক্ত কৰা হয়। সমাজবাদে অর্থনৈতিক
বৈষম্য হ্রাস কৰি সামাজিক ন্যায় প্রতিষ্ঠা কৰিব বিচাৰে। সমাজবাদী চিন্তাধাৰাত
সহযোগিতা আৰু ভ্রাতৃত্বৰ ভাব শক্তিশালী। প্রতিযোগিতাৰ পৰিবৰ্তে সহযোগিতাক সমাজ
বিকাশৰ মূল আধাৰ হিচাপে ধৰা হয়।
২। সমাজবাদৰ দোষসমূহ কি কি?
উত্তৰ: সমাজবাদ তত্ত্বটোৰ কিছুমান দোষও আছে যিবোৰ তলত আলোচনা কৰা হ'ল-
(ক)
সমাজবাদে ৰাষ্ট্ৰক সৰ্বাধিক কাম-কাজ কৰাৰ সুযোগ দি ৰাষ্ট্ৰক সবাতোকৈ ক্ষমতাশালী
কৰি তোলে। ইয়াৰ ফলত ৰাষ্ট্ৰৰ একনায়কত্ববাদী শাসনৰ উত্থান ঘটিব পাৰে। ই সমাজৰ
উমৈহতীয়া স্বাৰ্থত আঘাত হানিব পাৰে।
(খ)
সমাজবাদৰ ফলত ৰাষ্ট্ৰৰ ওপৰত অত্যধিক কামৰ বোজা পৰিব পাৰে। সমাজবাদে ৰাষ্ট্ৰক সমাজৰ
প্ৰায় সকলোবোৰ ক্ষেত্ৰতে কর্ম সক্রিয় হোৱাটো বিচাৰে। ইয়াৰ ফলত ৰাষ্ট্ৰই নিজৰ কৰণীয়
সকলো কাম উপযুক্তভাবে সমাধা কৰাত অসমৰ্থ হ'ব
পাবে। ইয়াৰ পৰিণামস্বৰূপে ৰাষ্ট্ৰৰ পাৰদৰ্শিতা হ্রাস পাব।
(গ)
সমাজবাদে ব্যক্তিগত উদ্যমক নিৰুৎসাহ কবৰ। যিহেতু ৰাষ্ট্ৰই সমাজৰ সৰ্বাংগীন বিকাশৰ
দায়িত্ব লয়, ফলত
ব্যক্তিগত বিকাশ আৰু উন্নতিৰ বাবে মানুহে নিজাববীয়াকৈ ল'বলগীয়া
প্রচেষ্টা সীমিত হৈ পৰে। ই ব্যক্তিক এলেহুৱা আৰু আনৰ ওপৰত নিৰ্ভৰশীল কৰি তুলিব
পাৰে।
(ঘ)
সমাজবাদক ব্যক্তিগত স্বাধীনতাবো বিৰোধী বুলি কোৱা হয়। ৰাষ্ট্ৰৰ কার্য-কলাপ বাঢ়ি
যোৱাৰ লগে লগে ব্যক্তিব স্বাধীনতা সীমিত হৈপৰিব আৰু ৰাষ্ট্ৰহ ব্যক্তিৰ সকলোবোৰ
কাম-কাজতে হস্তক্ষেপ কৰিবলৈ ল'ব।
(ঙ)
ব্যক্তিগত সম্পত্তিৰ ধাৰণাটো বিলোপ কৰিব খোজা বাবেও সমাজবাদ তত্ত্বটোক সমালোচনা
কৰা হয়। নিজৰ শ্রম আৰু উদ্যোগেবে ব্যক্তিগত সম্পত্তি আর্জিবলৈ সকলো ব্যক্তিৰে মনত
এক স্বাভাবিক ইচ্ছা থাকে। সমাজবাদ এই ইচ্ছাৰ পৰিপন্থী। এই কথাই মানুহক অর্থনৈতিক
ক্ষেত্রখনত অধিক সুফল লাভৰ বাবে কাম কৰি যাবলৈ নিরুৎসাহিত কৰিব।
৩। মার্ক্সবাদ কি চমুকৈ লিখা।
উত্তৰ: মার্ক্সবাদ হৈছে মানৱ সমাজ আৰু ৰাষ্ট্ৰ সম্পৰ্কে অর্থনৈতিক
দৃষ্টিকোণৰ পৰা আগবঢ়োৱা এটা মতাদর্শ। ইয়াত ৰাষ্ট্ৰৰ উৎপত্তি, কাৰ্য, উদ্দেশ্য, সমাজৰ শ্ৰেণী
ব্যৱস্থা অথবা শ্রেণীবোৰৰ মাজত থকা সম্পর্ক আদিক সম্পূর্ণৰুপে বস্তুবাদী দৰ্শনৰ
ওপৰত ভিত্তি কৰি বিচাৰ কৰা হৈছে। এই মতাদর্শক আধুনিক বা বৈজ্ঞানিক সমাজবাদ বুলিও
কোৱা হয়। জামানীৰ বিখ্যাত চিন্তাবিদ কার্লমার্ক্স হ'ল ইয়াৰ জন্মদাতা। কিন্তু এইটো আদর্শৰ পূর্ণ বিকাশত এথেলচ, লেলিন, স্টেলিন, মাও-চে-টুং আদি
চিন্তাবিদসকলৰ বহুতো বৰঙণি আছে।
সনাতন উদাৰতাবাদী আদর্শ আৰু পুঁজিবাদী উৎপাদনী ব্যৱস্থাই ১৭
আৰু ১৮ শতিকাৰ ইউৰোপীয় সমাজত সৃষ্টি কৰা অমানবীয় শোষণ, বঞ্চনা, সামাজিক অসমতা
আৰু দুর্দশাৰ প্রতিবাদকল্পে মার্ক্সবাদৰ জন্ম হৈছিল। অৱশ্যে মার্ক্সব বহু
পূর্ব্বেও পুঁজিবাদী ব্যবস্থাৰ বিৰুদ্ধে প্রতিবাদ সৃষ্টি হৈছিল। টমাছ মুৰ, চালর্চ ফুৰিয়ৰ, ৰর্বাট অৱেন, চেইন্ট চিমন
প্রমুখ্যে ৰাজনৈতিক চিন্তাবিদসকলে পুঁজিবাদী কঠোৰ সমালোচনা কৰিছিল আৰু পুজিঁবাদৰি
অৱসান ঘটাই সমাজবাদ প্রতিষ্ঠাৰ কথা কৈছিল। কিন্তু তেওঁলোকৰ এই চিন্তাচর্চা আছিল
কল্পনা প্রসূত। মূলতঃ নৈতিকতাৰ আধাৰত গঢ়ি উঠা এই চিন্তা ধাৰাটোক কাল্পনিক সমাজবাদ
বুলি কোৱা হয় আৰু এই কাল্পনিক সমাজবাদ উদাৰতাবাদৰ বিকল্প হিচাপে ঠিয় হ'ব পৰা নাছিল।
ইয়াৰ বিপৰীতে মার্ক্সে তেওঁৰ দস্তাত্মকবহুবাদ, ইতিহাসৰ বহুবাদী বাখ্যা, শ্রেণী সংগ্রাম তত্ব,
উদ্ধৃত্ব মূল্য তত্ব আদিৰ সহায়ত সমাজবাদৰ বৈজ্ঞানিক ভিত্তি তৈয়াৰ কৰিছিল আৰু
উদাৰতাবাদৰ এটা যোগ্য বিকল্প হিচাপে ইয়াক গঢ় দিছিল।
মার্ক্সৰ মতে উৎপাদনী প্রক্রিয়াক কেন্দ্র কৰি সমাজত শ্রেণীৰ
সৃষ্টি হয়- থকা শ্রেণী (Haves)
আৰু নথকা শ্রেণী (Have
nots)। থকা শ্রেণীৰ হাতত উৎপাদনৰ আহিলা আৰ বণ্টনৰ প্ৰক্ৰিয়াৰ
মালিকীস্বত্ব থাকে আৰু নথকা শ্রেণীৰ হাতত শ্ৰমৰ বাহিৰে আন একো নাথাকে। মার্ক্সৰ
মতে থকা শ্রেণীটোৱে নথকা শ্রেণীটোক শোষণকাৰ আৰু এনেদৰে সমাজত বহুত কেন্দ্ৰ কৰি
দণ্ডৰ সৃষ্টি হয়। এই দণ্ডৰ ফলত পুৰণি সমাজ ব্যবস্থা ধ্বংস হয় আৰু নতুন সমাজ
ব্যৱস্থাৰ সৃষ্টি হয়। মার্ক্সৰ মতে সমগ্র মানব জাতিৰ ইতিহাস হৈছে শ্রেণী সংগ্ৰামৰ
ইতিহাস। এই শ্রেণী সংগ্রামৰ ফলতে সামন্তবাদী সমাজ ব্যৱস্থাৰ পতন হৈছিল আৰু
পুঁজিবাদী সমাজ ব্যবস্থাৰ সৃষ্টি হৈছিল। এই সময়ছোৱাতে পুঁজিবাদী ব্যৱস্থাক সুৰক্ষা
দিবলৈ ৰাষ্ট্ৰৰ জন্ম হৈছিল। সেয়েহে ৰাষ্ট্র এটা শ্রেণী অনুষ্ঠান- যি পুঁজিবাদী
শ্ৰেণীৰ স্বাৰ্থৰ হকে কাম কৰে। মার্ক্সৰ মতে পুজিবাদী উৎপাদনী ব্যৱস্থাটো উৎপাদনৰ
আহিলাক কেন্দ্র কৰি দুটা শ্রেণীৰ সৃষ্টি হয় মালিক আৰু শ্রমিক। মালিক বা পুজিপতি
শ্রেণীটোরে শ্রমিক শ্রেণীক শোষণকাৰী মার্ক্সৰ মতে এই দুয়োটা শ্ৰেণীৰ মাজত চলা
দণ্ডৰ ফলত পুঁজিবাদী ব্যবস্থাৰ পতন ঘটিব আৰু সমাজবাদ জন্ম হ'ব। সমাজৰ পৰা
পুঁজিবাদৰ পতনৰ লগে লগে সমাজৰ পৰা শ্রেণী ব্যবস্থা নাইকিয়া হ'ব আৰু শ্রেণী
ব্যবস্থা নাইকিয়া হোৱাৰ লগে লগে ৰাষ্ট্ৰও নাইকিয়া হ'ব কিয়নো ৰাষ্ট্ৰ এটা শ্রেণী অনুষ্ঠানহে মাত্র। এনেদৰে
পুঁজিবাদৰ পতনে ৰাষ্ট্রহীন আৰু শ্রেণীহীন সমাজবাদী ব্যৱস্থাৰ সৃষ্টি কৰিব।
৪। সমাজবাদ কি?
উত্তৰ:
সমাজবাদ হ'ল এক
আর্থিক সামাজিক দর্শন। এনে ব্যৱস্থাত ধন সম্পত্তি উৎপাদন ব্যৱস্থা, বিতৰণৰ দায়িত্ব, সমাজৰ
নিয়ন্ত্ৰণত থাকে। ব্যক্তিবাদৰ বিৰোধিতা,
সমাজৰ আর্থিক আৰু নৈতিক আধাৰৰ পৰিৱৰ্তন কৰা আৰু সমাজ জীৱনৰ ওপৰত ব্যক্তিগত
নিয়ন্ত্ৰণৰ পৰিৱৰ্তে সামাজিক নিয়ন্ত্ৰণ স্থাপনৰ বাবে ১৯ শতিকাত সমাজবাদৰ প্ৰচলন
আৰম্ভ হৈছিল। উৎপাদনৰ সমূহ উপাদানৰ সামাজিকীকৰণ আৰু শ্ৰেণীহীন সমাজ প্রতিষ্ঠা কৰা
সমাজবাদৰ মূল লক্ষ্য। মুনাফা অৰ্জনৰ বাবে উৎপাদন কৰা আৰু সম্পদ অর্জন এনে আদৰ্শৰ
বিৰোধী। সমাজ ব্যৱস্থাত শ্রেণীহীন সমাজ প্রতিষ্ঠা কৰাৰ লগতে শ্রমিকসকলক অধিকাৰ, মর্যাদা আৰু
প্ৰাপ্য দিয়াটোৱেই সমাজবাদৰ লক্ষ্য।
৫। গণতন্ত্ৰৰ অৰ্থ ব্যাখ্যা কৰা।
উত্তৰঃ গণতন্ত্ৰণক সংকীর্ণ অর্থত এটি শাসন ব্যৱস্থা বুলি কোৱা হয়-
য'ত
জনগণে প্রত্যক্ষ অথবা পৰোক্ষভাৱে শাসন কার্যত অংশ গ্রহণ কৰিব পাৰে। কিন্তু ব্যাপক
অর্থত গণতন্ত্রই এক সমাজ ব্যবস্থা, ৰাষ্ট্র ব্যৱস্থা আনকি এটা বিশেষ অর্থনৈতিক ব্যৱস্থাকো
বুজায়। অধ্যাপক গিডিংচৰ মতে,
'A democracy either be a form of Government, a form of state, a form of society
or a combination of all the time.
গ্রীক লেখক হৰোদটাছ (Horodotus)
য়ে পোন প্রথমে 'Democracy'
শব্দটো ব্যৱহাৰ কৰিছিল। হৰদটাছে 'Isonomia'
ইংৰাজীত- 'Equalty
Before Law'-আইনৰ চকুত সকলো সমান এনে এটা ধাৰণা ব্যক্ত কৰিবলৈ Democracy শব্দটো ব্যৱহাৰ
কৰিছিল। শব্দগতভাৱে 'Democracy'
শব্দটো 'Demos' আৰু Kratos' শব্দ দুটাৰ পৰা
সৃষ্টি হোৱা। 'Demos' শব্দৰ
অৰ্থ হ'ল
জনসাধাৰণ আৰু 'Kratos' শব্দৰ
অৰ্থ হ'ল
ক্ষমতা, শাসন
ইত্যাদি। সেই হিচাপে 'Democracy'
শব্দৰ অৰ্থ হ'ল
জনসাধাৰণৰ শাসন বা জনসাধাৰণৰ দ্বাৰা পৰিচালিত হোৱা শাসন ব্যৱস্থা। কিন্তু গণতন্ত্র
শব্দটোৰ এই সৰল অর্থটোৱে আমাক গণতন্ত্ৰৰ প্রকৃত অর্থ বুজাত বিশেষ সহায় নকৰে। যোৱা
আঢ়ৈ হাজাৰ বছৰত গণতন্ত্রই সামৰি লোৱা পৰিবৰ্ত্তন, গণতন্ত্ৰৰ ওপৰত প্ৰকাশিত হোৱা বিশালাকৃতিৰ ৰচনাৰ লগতে
গণতন্ত্ৰৰ ব্যাপক জনপ্রিয়তা গণতন্ত্রক এটা বহুমুখী ধাৰণালৈ ৰূপান্তৰিত কৰিছে আৰু
এটা সর্বসন্মত সংজ্ঞা দিয়াটো প্রায় অসম্ভৱ কৰি তুলিছে। Ivor Brown য়ে সঠিকভাৱেই
কৈছে যে গণতন্ত্র শব্দটোৱে একে সময়তে ইমান বেছি অর্থ প্রকাশ কৰিব বিচাৰে যে শেষত ই
একো অর্থয়েই প্রকাশ কৰিব নোৱাৰে।
৬। প্রত্যক্ষ গণতন্ত্ৰৰ বিষয়ে বর্ণনা কৰা।
উত্তৰ: সেই প্ৰকাৰৰ চৰকাৰ য'ত
জনসাধাৰণে প্রত্যক্ষভাৱে চৰকাৰখন নিয়ন্ত্রণ কৰে আৰু ৰাজহুৱা স্বার্থজড়িত বিষয়সমূহৰ
ওপৰত সিদ্ধান্ত গ্রহণ কৰে,
তেনে চৰকাৰকে বিশুদ্ধ বা প্রত্যক্ষ গণতন্ত্র বোলে। সকলোবোৰ মানুহেই সঘনাই
ৰাজহুৱা মেল পাতি সেই মেলসমূহতে শাসনৰ লগত জড়িত বিভিন্ন দেশৰ সিদ্ধান্ত গ্রহণ কৰে।
গ্ৰীচ দেশৰ নগৰ ৰাষ্ট্রসমূহত প্রচলিত গণতন্ত্র বিশুদ্ধ বা প্রত্যক্ষ গণতন্ত্র
আছিল। আধুনিক বিশ্বত প্রত্যক্ষ গণতন্ত্ৰৰ ব্যৱস্থাটো ছুইজাৰলেণ্ডত দেখিবলৈ পোৱা
যায়।
৭। গণতন্ত্ৰৰ চাৰিটা গুণ উল্লেখ কৰা।
উত্তৰঃ
গণতন্ত্ৰৰ চাৰিটা গুণঃ
(১)
গণতন্ত্ৰ উৎকৃষ্ট চৰকাৰ। এই শাসন ব্যৱস্থা স্বাধীনতা আৰু সমতাৰ ভিত্তিত
প্রতিষ্ঠিত। ইয়াৰ উচ্চ-নীচৰ প্রভেদ নাই। ইয়াত সকলো মানুহে সমান সুবিধা পায়।
(২)
গণতন্ত্ৰৰ ৰাইজেই ৰজা। ইয়াত জনমতক শ্রদ্ধা কৰা হয়। মিলৰ মতে ৰাইজৰ স্বার্থ আৰু
অধিকাৰ কেৱল গণতান্ত্রিক ৰাষ্ট্ৰতহে সুৰক্ষিত হয়। গণতন্ত্ৰ চৰকাৰ ভঙা-পতাৰ দায়িত্ব
জনসাধাৰণৰ হাতত থাকে। গতিকে সমূহীয়া স্বার্থৰ বিৰুদ্ধে কোনো কাম কৰিবলৈ চৰকাৰে
সাহস নকৰে।
(৩)
গণতন্ত্র হ'ল
স্থায়ী শাসন ব্যৱস্থা। ইয়াত বিদ্রোহ বা বিপ্লৱৰ সম্ভাৱনা কম। কাৰণ গণতান্ত্রিক
চৰকাৰৰ ভিত্তি হ'ল
জনসাধাৰণৰ সন্মতি। সেইবাবে এই চৰকাৰ সকলোৱে আদৰণীয়।
(৪)
গণতন্ত্রত জনসাধাৰণে ৰাজনৈতিক শিক্ষা লাভ কৰে। ইয়াৰ দ্বাৰা মানুহক আত্মনিৰ্ভৰশীলতা
আৰু দায়িত্ববোধ বৃদ্ধি পায়।
৮। প্রত্যক্ষ আৰু পৰোক্ষ গণতন্ত্ৰৰ পাৰ্থক্য লিখা।
উত্তৰ: প্রত্যক্ষ আৰু পৰোক্ষ গণতন্ত্ৰৰ পাৰ্থক্য সমূহ তলত উল্লেখ
কৰা হ'ল-
(১)
প্রত্যক্ষ গণতন্ত্রত চৰকাৰৰ কাম কাজত জনসাধাৰণে প্রত্যক্ষভাৱে অংশ গ্রহণ কৰিব
পাৰে। এডোখৰ মুকলি ঠাইত প্রাপ্তবয়স্ক লোকসকল গোট খাই চৰকাৰী বিষয়া নির্বাচন, প্রশাসনীয় নীতি
গ্রহণ, কৰ
কাতল আৰোপ কৰা আৰু সংগ্রহ কৰা ইত্যাদি বিভিন্ন কামৰ সিদ্ধান্ত গ্রহণ কৰে। আনহাতে, পৰোক্ষ
গণতন্ত্রত জনসাধাৰণে পৰোক্ষভাৱে প্রাপ্তবয়স্ক ভোটাধিকাৰৰ জৰিয়তে
তেওঁলোকৰ প্রতিনিধি নির্বাচন কৰে।জনসাধাৰণৰহৈ বিভিন্ন কার্য সম্পাদন কৰে। সেই নির্বাচিত
প্রতিনিধি সকলেহে জনসাধাৰণৰহৈ বিভিন্ন কার্য সম্পাদন কৰে।
(২)
প্রত্যক্ষ গণতন্ত্রত জনসাধাৰণে আইন প্রণয়নৰ বাবে প্রত্যক্ষভাৱে চৰকাৰক আবেদন কৰিব
পাৰে। এনে ব্যবস্থাত আইন সভাই প্রণয়ন করা আইন জনসাধাৰণৰ অনুমোদনৰ বাবে পঠাব লাগে।
কিন্তু পৰোক্ষ গণতন্ত্রত আইন প্রণয়নৰ বাবে জনসাধাৰণৰ অনুমোদনৰ প্রয়োজন নহয়।
(৩)
প্রত্যক্ষ গণতন্ত্রত সংবিধান সংশোধনৰ প্ৰস্তাৱত জনসাধাৰণৰ অনুমোদন জনাব লাগে।
কিন্তু পৰোক্ষ গমতন্ত্ৰত জনসাধাৰণে সংবিধান সংশোধনৰ প্ৰস্তাৱত কোনোধৰণৰ অনুমোদন
জনাব নালাগে।
(৪)
প্রত্যক্ষ গণতন্ত্ৰত জনসাধাৰণে তেওঁলোকৰ দ্বাৰা নিৰ্বাচিত প্রতিনিধিক ওভতাই আনিব
পাৰে। কিন্তু পৰোক্ষ গণতন্ত্রত এনেদৰে নিৰ্বাচিত প্রতিনিধিক ওভতাটই অনাৰ কোনো
ব্যৱস্থা নাই।
৯। সমাজবাদৰ ধাৰণা ব্যাখ্যা কৰা।
উত্তৰ:
সমাজবাদ এক গুরুত্বপূর্ণ সামাজিক,
ৰাজনৈতিক আৰু অর্থনৈতিক মতবাদ। এই মতবাদৰ মূল ভাব হৈছে সমাজৰ সকলো সম্পদ আৰু
উৎপাদনৰ উপায়সমূহ সমাজৰ সামূহিক কল্যাণৰ বাবে ব্যৱহাৰ কৰা। সমাজবাদ অনুসাৰে সমাজত
সকলো মানুহ সমান আৰু কোনো মানুহে আন মানুহক শোষণ কৰাৰ অধিকাৰ নাথাকে। এই মতবাদ
পুঁজিবাদী ব্যৱস্থাৰ বিৰুদ্ধে প্রতিক্রিয়া হিচাপে গঢ় লৈ উঠিছে। পুঁজিবাদত সম্পদ
কিছুমান ধনী ব্যক্তিৰ হাতত কেন্দ্রীভূত হয়,
যাৰ ফলত দুখীয়া শ্রেণী শোষিত হয়। সমাজবাদে এই বৈষম্য দূৰ কৰি সামাজিক ন্যায়
স্থাপন কৰিব খোজে। সমাজবাদত ৰাষ্ট্ৰ বা সমাজে উৎপাদনৰ মুখ্য উপায়সমূহ নিয়ন্ত্রণ
কৰে যাতে সকলো নাগৰিকে সমান সুযোগ আৰু সুবিধা লাভ কৰে। সেয়ে সমাজবাদৰ মূল লক্ষ্য
হৈছে সমতাভিত্তিক আৰু শোষণমুক্ত সমাজ গঢ়ি তোলা।
১০। মানৱ অধিকাৰৰ ধাৰণা ব্যাখ্যা কৰা।
উত্তৰঃ
মানৱ অধিকাৰ হৈছে মানুহে জন্মৰ সৈতে লগত লৈ অহা কিছুমান মৌলিক অধিকাৰ যিবোৰ
সকলো মানুহৰ বাবে সমান। এই অধিকাৰসমূহ জাতি,
ধর্ম, ভাষা, লিংগ বা
দেশভেদে পৃথক নহয়। জীৱনৰ অধিকাৰ,
স্বাধীনতাৰ অধিকাৰ,
সমতাৰ অধিকাৰ আৰু মর্যাদাৰ অধিকাৰ মানৱ অধিকাৰৰ মূল উপাদান। মানৱ অধিকাৰৰ
ধাৰণাৰ মূল উদ্দেশ্য হৈছে মানুহক শোষণ,
অত্যাচাৰ আৰু অন্যায়ৰ পৰা সুৰক্ষা প্রদান কৰা। আধুনিক যুগত মানৱ অধিকাৰৰ
ধাৰণাই বিশেষ গুৰুত্ব লাভ কৰিছে,
কিয়নো ইয়াৰ দ্বাৰা মানুহৰ মৌলিক স্বাধীনতা সুৰক্ষিত হয়। মানৱ অধিকাৰ অবিহনে
গণতন্ত্র আৰু ন্যায়সংগত সমাজ কল্পনা কৰিব নোৱাৰি।
ৰচনাধর্মী প্রশ্নোত্তৰ
১। সমাজতন্ত্রবাদৰ দর্শন সম্বন্ধে আলোচনা কৰা।
উত্তৰঃ সমাজতন্ত্রবাদক সাধাৰণতঃ যিদৰে উপস্থাপিত কৰা হয় তাৰ পৰা
ধাৰণা হয় যেনে ধনতন্ত্রবাদৰ বিৰুদ্ধে প্রতিবাদ জনোৱাটোই ইয়াৰ প্রধান লক্ষ্য।
কিন্তু যিটো বিষয় দৃষ্টিগোচৰ নোহোৱকৈয়ে থাকে যায় সেয়া হ' সমাজতন্ত্রবাদে
মানৱতাবাদকে প্রচাৰ কৰে। ধনতন্ত্রবাদৰ প্রতিষ্ঠানিক দিশবোৰ যিবোৰে মানুহৰ
অবমূল্যায়ণ কৰিছে তাৰ বিৰুদ্ধে এক নৈতিক প্রতিবাদেই সমাজতন্ত্রবাদৰ লক্ষ্য।
ব্যক্তিৰ শ্রমকে পণ্য হিচাপে গণ্য কৰি ধনতন্ত্রবাদে মানৱতাৰ মূল্যক আঘাট কৰে। ইয়াত
ব্যক্তি উৎপাদন পন্থাৰ মাজত এটি যন্ত্র যাৰ কাম মাথোন উৎপাদনত অংশ লোৱাটো।
ব্যক্তিৰো যে এক মানৱিক সত্তা আছে সেই কথা এই ব্যৱস্থাত ব্যক্তিৰ ক্ষেত্রত প্রায়
পাহৰি পেলোৱা হ'ল
ব্যক্তিৰ স্ব-নির্ভৰ সত্তাৰ পৰিৱর্তে তেওঁ আত্মবিচ্ছিন্ন হৈ পৰে। দিনৰ পিছত দিন এই
বিচ্ছিন্নতাৰ ফলত ব্যক্তিযেন এটি যন্ত্রত পৰিণত হয় যাৰ নিজস্ব কোনো স্বাধীনতা নাই।
নাই কোনো ইচ্ছা আৰু আকাঙ্খাৰ মূল্য। ব্যক্তি যেন এক নিৰাপত্তাহীনতাত ভোগে।
ফলস্বৰূপে নিসংগতাৰ বিচ্ছিন্নতাৰ আৰু সর্বোপৰি ক্ষমতাহীনতা আৰু নিৰাপত্তাহীনতাৰ
যন্ত্ৰনাৰ মাজত প্রতিদিনে সময় অতিবাহিত কৰিবলগীয়া হয়। সমাজতন্ত্রবাদে ব্যক্তিৰ
সৈতে সমাজৰ ঘনিষ্ঠ সম্পৰ্কৰ কথা কৈ ব্যক্তিক সমাজৰ সৈতে সংযুক্ত কৰে। ফলত নিঃসংগতা
আৰু বিচ্চিন্নতাবোধত তেওঁ যি আছিল তাৰ অবলুপ্তি ঘটে। ব্যক্তিয়ে অনুভৱ কৰে যে তেওঁ
সমাজৰেই অবিচ্ছেদ্য অংগ আৰু সেই কাৰণে তেওঁৰ স্বনির্ভৰশীলতাৰ দ্বাৰা বিভিন্ন
সামাজিক কার্যাৱলীত সক্রিয়ভাৱে অংশ লয়। ইমানদিন যিবোৰ অন্ধ বহিঃসন্ধিয়ে তেওঁক
নাগপাশৰ দৰে আগে-পিছে মেৰিয়াই ৰাখিছিল সেইবোৰৰ পৰা তেওঁ মুক্তি লাভ কৰি এক নতুন
আশাৰ পোহৰ দেখা পায়। এক নতুন সমাজব বাসিন্দা হিচাপে তেওঁ মাথোন সক্রিয়ভাৱে সমাজৰ
সৈতে যে যুক্ত হয় সেয়া নহয়,
সেই সমাজব্যৱস্থাৰ মহান কর্মযজ্ঞত তেওঁৰ ভাৱনা আৰু কর্ম শক্তিক প্রয়োগ কৰে।
সমাজতান্ত্রিক ব্যৱস্থাত ব্যক্তি দেশপ্ৰেমৰ প্ৰতি উদ্বুদ্ধ হয়, তেওঁৰ মাজত
পৰোপকাৰৰপ্ৰবৃত্তি জাগি উঠে। সমাজতন্ত্রবাদে মুনাফাৰ মানসিকতাক আঁতৰাই দিয়ে আৰু
ব্যক্তিক সৃজনশীল কামত উৎসাহিত কৰে আৰু তেওঁৰ মানসিক সত্তাৰ বিকাশ সাধন কৰে।
সমাজতন্ত্রবাদে মানুহৰ যিকোনো কামৰ গুৰিতে থকা সামাজিক
উপাদানবোৰ গুৰুত্ব স্বীকাৰ কৰে। সামাজিক কল্যাণত প্রতিজন মানুহৰ যথাযোগ্য দায়িত্ব
আৰু কৰ্তব্য থাকে- যেনে,
দেশৰ সম্পদ বৃদ্ধিত অসংখ্য মানুহৰ শ্রম বিনিয়োগৰ প্ৰয়োজন আছে। সমাজতন্ত্রবাদে
এই ধৰণৰ সমাজৰ কথা কয় য'ত
সমগ্ৰ মানুহে নিজৰ সম্পূৰ্ণ স্বাধীন বিকাশ সাধন কৰিব পাৰে। এই সমাজব্যৱস্থাত
এনেকুৱা অর্থনৈতিক পৰিকল্পনা ঘোষিত হয় যাতে সকেলা মানুহে নিজৰ জাগতিক
চিন্তা-ভাৱনাৰ পৰা মুক্ত হ'ব পাৰে
আৰু সতা, সুন্দৰৰ
দ্বাৰা উদ্ঘাটন কৰি আধ্যাত্মিক প্রশান্তি লাভ কৰিব পাৰে।
২। সমাজতন্ত্রবাদৰ বিভিন্ন প্রকাৰবোৰৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ ব্যক্তিৰ স্বাতন্ত্র্যবাদী সমাজব্যৱস্থাৰ বিৰুদ্ধে আৰু
ধনতন্ত্রবাদৰ বিৰুদ্ধে প্রতিবাদ হিচাপে সমাজতন্ত্রবাদে গঢ় লৈ উঠিছে। যিহেতু উৎপাদন
ব্যৱস্থাত ব্যক্তিগত মালিকানা ব্যৱস্থাই ভালেমান অনৈক্য আৰু অসাম্যতাৰ বীজ ৰোপণ
কৰিছিল এই বাবে সমাজতন্ত্রবাদে বিচাৰিছে ব্যক্তিৰ অর্থনৈতিক, নৈতিক আৰু
কৃষ্টিৰ মান উন্নয়নৰ দিশ। কিন্তু দেখা গৈছে ইয়াৰ জন্মলগ্নৰ পৰাই বিভিন্ন
চিন্তাবিদৰ মাজত মত বিচিত্রতা। ফলত গঢ়ি উঠিছে সমাজতন্ত্রবাদৰ বিভিন্ন গোষ্ঠী বা
ৰূপ আৰু এই সকলো গোষ্ঠী বা সম্প্রদায়ে সমাজতান্ত্রিক লক্ষ্য চৰিতাৰ্থ বৰাৰ কাৰণে কিছুমান নির্দিষ্ট পৰিকল্পনা
ৰূপৰেখা তুলি ধৰিছে। সমাজতান্ত্রিক ইতিহাসত আমি ইয়াৰ যি বিভিন্ন ৰূপ বা প্রকাৰ
লক্ষ্য কৰো সেইবোৰৰ মাজত উল্লেখযোগ্য হ'ল
কাল্পনিক সমাজতন্ত্রবাদ,
বৈজ্ঞানিক সমাজতন্ত্রবাদ,
সমষ্টিমূলক সমাজতন্ত্রবাদ,
শ্রমিক সংঘবাদ, সংঘমূলক
সমাজতন্ত্রবাদ, খ্রীষ্টান
সমাজতন্ত্রবাদ আৰু সাম্যবাদ বা সমভোগবাদ।
তলত সমাজতন্ত্রবাদৰ মাথোন কেইটামান প্রধান ৰূপহে আলোচনা কৰা
হৈছে
(ক)
কাল্পনিক সমাজতন্ত্রবাদ:
দার্শনিক প্লেটোৰ 'Republic'
গ্রন্থৰ মাজেদি কোনো কোনোৱে সমাজতন্ত্রবাদৰ প্রাচীন ৰূপটোক বিচাৰি পায়। এই
গ্রন্থত প্লেটোৱে এক আদর্শ ৰাষ্ট্ৰৰ চিত্র অংকন কৰিছে। তাত তেওঁ শাসক শ্রেণীৰ আচৰণ
বিধি সম্পর্কেও আলোচনা কৰিছে। কিন্তু মনত ৰাখিব লাগিব যে প্লেটোৱে যি
সমাজতন্ত্রবাদৰ কথা কৈছে তাত সম্পদৰ যি যৌধ ভোগৰ কথা কৈছে সেয়া শাসক শ্রেণীৰ
ক্ষেত্ৰতহে প্রযোজ্য, যিসকলৰ
নাছিল কোনো ব্যক্তিগত সম্পত্তি,
নাচিল কোনো পাৰিবাৰিক জীৱন। ১৫১৬ খ্রীষ্টাবাদত টমাছ মোৰ এ 'Utopia' নামৰ গ্ৰন্থ
এখন প্রকাশ কৰে আৰু তাত তেওঁ এক আদর্শ ৰাষ্ট্রৰ কথাই কৈছে য'ত ব্যক্তিগত
সম্পত্তি বুলি একোৱেই নাথাকিব,
থাকিব মাথোন সম্পত্তিৰ যৌথ মালিকানা। ফ্রান্সে সাঁ সিমো আৰু ছার্লস পুৰিয়ে যি
সমাজতন্ত্রবাদৰ চিত্ৰ অংকন কৰিছে সেয়াও এক আদর্শ বাষ্ট্রৰ ভিত্তিতেই গঠিত। ইংলণ্ডত
দৰিদ্ৰ জনসাধাৰণৰ মুক্তিৰ কথা ভাবি ববার্টওয়েন এ এক নৱ সমাজৰ পৰিকল্পনা কৰিছে।
তেওঁক কাল্পনিক সমাজতন্ত্রবাদী বোলা হয়,
এই কাৰণেই যে তেওঁ প্রচলিত সমাজ আৰু ৰাষ্ট্ৰব্যৱস্থাৰ যি ছবি আঁকিছে সেয়া
বিজ্ঞানসম্মত নহয়। সর্বোপৰি তেওঁ ভৱিষ্যতৰ সমাজৰ যি ছবি তুলি ধৰিব বিচৰিছে তাক
ক্ষেত্রতো বৈজ্ঞানিক পদ্ধতি আৰু পন্থা অনুসৰণ কৰা নাই। ফলত বাস্তৱসন্মত আৰু
বৈজ্ঞানিক ধাৰণাৰ ওপৰত আধাৰিত নোহোৱাৰ কাৰণে সেয়া কার্যতঃব্যর্থ হ'বলৈ বাধ্য হৈছে।
(খ)
বৈজ্ঞানিক সমাজতন্ত্রবাদ:
আধুনিক সমাজতন্ত্রবাদে যি মতবাদৰ পৰা ৰছদ সংগ্রহ কৰি পুষ্ট হৈছে সেইটো মতবাদ হৈছে মাক্সৰ মতবাদ।
সঁচাকৈ ক'বলৈ গ'লে
সমাজতন্ত্রবাদৰ বৈজ্ঞানিক বিশ্লেষণ মার্ক্সৰ মতবাদতেই পোৱা যায় বাবে ইয়াক
বৈজ্ঞানিক সমাজতন্ত্রবাদ নামেৰে অভিহিত কৰা হয়। মার্ক্সৰ মতবাদ দুটা তত্ত্বৰ ওপৰত
প্ৰতিষ্ঠিত। প্রথমটো হ'ল
উদ্ধৃত্ব মূল্যৰ তত্ত্ব আৰু আনটো হ'ল
ইতিহাসৰ জড়বাদী ব্যাখ্যা। মার্ক্সে ভাবে যে শ্রমিসকলে তেওঁলোকৰ নিয়োগকর্তাৰ কাষত
থাকি মজুৰি হিচাপে যি পায়,
উৎপাদনত তেওঁলোকৰ শ্রম বিনিয়োগৰ তুলনাত সেয়া নিত্যান্তই নগণ্য। অথচ সেইসকল
শ্রমিকৰ দ্বাৰা উৎপাদিত সামগ্রী পুঁজিপতি মালিকসকলে অধিক মূল্যত বজাৰ বিক্ৰী কৰে।
উৎপাদন ব্যয় আৰু বিক্ৰীৰ মূল্যৰ দ্বাৰাই উদ্ধৃত মূল্য নির্ধাৰিত হয়। ইয়াৰ দ্বাৰাই
পুঁজিপতিব শকত মুনাফা গঢ়ি উঠে। শ্রমেই মূল্যৰ প্ৰধান কাৰণ। গতিকে যাক 'মুনাফা' বোলা হৈছে সেয়া
দৰাচলতে শ্রমিকসকলৰ শ্রমক যথাযোগ্য মূল্য নিদি তেওঁলোকক বঞ্ছিত কৰাৰ মাধ্যমেৰে গঢ়ি
উঠে। সেয়েহে বৈজ্ঞানিক সমাজতন্ত্রবাদে উৎপাদন পন্থান পৰিবৰ্তনৰ দাবী কৰিছে।
(গ)
গণতান্ত্রিক সমাজতন্ত্রবাদ:
গণতান্ত্রিকসমাজবাদ সাম্প্রতিক সময়ৰ জনপ্রিয় ৰাজনৈতিক মতবাদ এই মতবাদে সমাজৰ স্বার্থক ব্যক্তি স্বার্থৰ
উর্দ্ধত ৰাখে। গণতান্ত্রিক সমাজবাদ ব্যক্তিস্বাতন্ত্র্যবাদৰ বিৰোধী। কাৰণ
ব্যক্তিস্বাতন্ত্র্যবাদে ৰাষ্ট্ৰৰ পোষকতা নকৰে। তদুপৰি এই মতবাদে ব্যক্তি
স্বার্থপূৰণতহে অধিক গুৰুত্ব দিয়ে। আনহাতে গণতান্ত্রিক সমাজবাদে মানুহৰ কাম-কাজ
ৰাষ্ট্ৰই মানুহৰ কল্যাণৰ বাবে নিয়ন্ত্রণ কৰাটো বিচাৰে।
গণতান্ত্রিক সমাজতন্ত্রবাদে বাণিজ্যৰ ক্ষেত্ৰত মুকলি
প্রতিযোগিতা হোৱাতো নিবিচাৰে। বৰঞ্চ উৎপাদনৰ বিষয়টোত সহযোগিতাৰহে পোষকতা কৰে প্রতিযোগিতা
হোৱাটো নিবিচাৰে। এই মতবাদে বিশ্বাস কৰে যে উৎপাদনকাৰী আৰু শ্রমিকৰ মাজত যদি সহায়
সহযোগ নাথাকে উভয় পক্ষৰ মাজত মতভেদ আৰু মনোমালিন্য হোৱাৰ সম্ভাৱনা প্রবল। কিন্তু
সহযোগিতা থাকিলে কোনো মনোমালিন্য হ'ব
নোৱাৰে। উভয় পক্ষৰ মাজত মতভেদ আহিলে উৎপাদন কার্য বাধাগ্রস্থ হয়। সেয়েহে
গণতান্ত্রিক সমাজতন্ত্রবাদীসকলে প্রতিযোগিতাৰ সলনি সহযোগিতা বিচাৰে।
৩। মার্ক্সবাদৰ বিষয়ে আলোচনা কৰা।
উত্তৰ: উনৈশ শতিকাত ব্যক্তিস্বাধীনতাব সমর্থনকাৰী উদাৰতাবাদৰ
বিৰোধিতা কৰি Karl Marx ৰ
নেতৃত্বত মার্ক্সবাদে গা-কবি উঠে। মার্ক্সব বাহিৰেও মার্ক্সবাদব বিকাশনং অৰিহণা
যোগোৱা অন্যান্য চিন্তাবিদসকল হ'ল Engels, Mno, Lenin, Stalin, Antoni
Gramsei আদি। উনৈশ শতিকাৰ সময়ছোৱাত প্রচলিত পুজিবাদী ব্যবস্থাত শাসক
তথ অভিজাত শ্ৰেণীৰ দ্বাৰা শ্ৰেমিক শ্রেণীৰ ওপৰত হোৱা শোষণে Karl Marx ৰ মনত সমাজবাদী
চিন্তাধাৰাৰ সুচনা কৰে। Karl
Marx এ এই ক্ষেত্ৰত তেওঁ আগবঢ়োর প্রগতিশীল মতাদর্শক বৈজ্ঞানিক
সমাজবাদ (Scientific
Socialism) ৰুপে অভিহিত কৰিছে। মার্ক্সবাদ অনুসৰি পার্থিৰ বস্তুৱ (matter) ৰ দ্বাৰা
ইতিহাসৰ গতিপথ নির্ণয় হয়। উৎপাদনৰ সম্পর্কই উৎপাদন শক্তি সৃষ্টি কবি মানুহৰ মাজত
শ্রেণী সম্পর্ক গঢ়ি তোলা। ইতিহাসৰ বিবর্তনৰ স্তৰসমূহ লক্ষ্য কৰিলে দেখা যায় যে
প্রতিটো স্তৰতে দুটা শ্ৰেণীৰ সৃষ্টি হয়-এটা সম্পদশালী শ্রেণী আৰু আনটো সম্পদহীন
শ্রেণী। যিটো শ্রেণীয়ে উৎপাদন শক্তিসমূহ নিয়ন্ত্ৰণ কৰে সেই শ্রেণীটোৱে সম্পদসমূহ
হস্তগত কৰি সম্পদহীন শ্রেণীটোক নিয়ন্ত্রণ কৰে। এই নিয়ন্ত্রণ সাব্যস্ত কৰিবলৈ
তেওঁলোকে আহিলা হিচাপে ব্যাৱহাৰ কৰে। ৰাষ্ট্ৰযন্ত্রক। অর্থাৎ মার্ক্সবাদৰ মতে
ৰাষ্ট্ৰ হ'ল এক
শ্রেণীশোষণৰ যন্ত্র। উৎপাদনৰ সম্পৰ্কই সমাজৰ বুনিয়াদ (infrastructure) গঠন
কৰে। এই বুনিয়াদৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰকে। ধৰি বিভিন্ন উপৰিসৌধ (Superstructure) গঢ়ি
উঠে। সমাজৰ অৰ্থনৈতিক ক্ষেত্রত হোৱা পৰিৱৰ্ত্তনে বিভিন্ন উপৰিসৌধ যেনে ৰাজনীতিতো
প্রভাৱ পেলায়। উল্লেখযোগ্য যে সমাজৰ অৰ্থনীতিত প্রভাৱ প্রতিষ্ঠান কৰা ধনীক
শ্রেণীয়ে ৰাজনৈতিক ক্ষমতা বা ৰাষ্ট্ৰযন্ত্র দখল কৰে। সেয়েহে শাসন শ্রেণীয়ে
ৰাষ্ট্ৰক শোষণ আৰু নিপীড়নৰ আহিলা হিচাপে ব্যৱহাৰ কৰে। অর্থাৎ ৰাষ্ট্ৰ হ'ল এক শ্রেণীগত
অনুষ্ঠান (Class
institution)সামন্তবাদ বা পুঁজিবাদতো এই উদ্দেশ্যতেই ৰাষ্ট্ৰক ব্যৱহাৰ
কৰা হয়। ৰাষ্ট্ৰৰ সামৰিক বাহিনী আমোলাতন্ত্র আৰু আদালতৰ যোগেদি শাসক শ্রেণীয়ে শোষণ
নিপীড়ন অক্ষুন্ন ৰাখে। Karl
Marx ৰ মতে এনে শোষণৰ ফলত সমাজত শ্রমিক আৰু পুঁজিপতিব মাজত
সংঘৰ্ষৰ সূত্রপাত হয়। এনে দন্দ বা সংঘষই হ'ল
ৰাষ্ট্ৰৰ পতনৰ কাৰণ। পুঁজিপতি শ্ৰেণীৰ স্বাৰ্থ সংৰক্ষণ কৰা ৰাষ্ট্ৰৰ ভেটি শ্রমিক
শ্রেণীয়ে পুঁজিপতিৰ শাসনৰ বিপক্ষে আৰম্ভ কৰা বিপ্লৱৰ পৰা দূৰ্বল হৈ পৰে। লাহে লাহে
বিপ্লৱৰ যোগেদি পুঁজিপতি শ্ৰেণীৰ অৱসান হ'ব আৰু
সৰ্বহাৰাৰ একনায়কত্ববাদ প্রতিষ্ঠা হ'ব।
অর্থাৎ ৰাষ্ট্ৰৰ বিলুপ্তি হৈ এখন শ্রেণীহীন আৰু ৰাষ্ট্ৰহীন সমাজ প্রতিষ্ঠা হ'ব। য'ত শোষক শ্রেণী
নাথাকে, তাত
শোষণৰ আহিলা হিচাপে ব্যৱহৃত ৰাষ্ট্রও নাথাকিব। এনেদৰে সমাজৰ বৈপ্লৱিক ৰূপান্তৰৰ
জৰিয়তে শোষণ, নীপিড়ন
আদিৰ অন্ত পৰে।
নব্য মার্ক্সবাদী চিন্তাবিদ Antonio Gransei এ মন্তব্য কৰিছে যে বর্তমান সময়তো
পুঁজিপতি শ্রেণীয়ে সর্বসাধাৰণৰ ওপৰত নিজৰ দমন নীতি প্রয়োগ কৰি আহিছে আধিপত্যৰ (Hegemony) জৰিয়তে।
এইক্ষেত্রত পুঁজিপতিসকলে ধর্ম,
শিক্ষানুষ্ঠান, পৰিয়াল
আদি উপৰিসৌধত বিভিন্ন কৌশলেৰে জনসাধাৰণৰ মন-মগজু নিয়ন্ত্রণ কৰি আধিপত্য প্রতিষ্ঠা
কৰে আৰু ৰাষ্ট্ৰই জনসাধাৰণৰ পৰা এনেদৰে আনুগত্য আদায় কৰে। সমসাময়িক চিন্তাবিদ Ralph Milliband আৰু Micolas Paulantzas এও
ৰাষ্ট্রযন্ত্রৰদ্বাৰা পুঁজিপতি শ্রেণীয়ে কৰা শোষণৰ বিভিন্ন কৌশল আঙুলিয়াই দিছে।
৪। ৰাজনীতি অধ্যয়নৰ মার্ক্সীয় দৃষ্টিভংগী বিচাৰ কৰা।
উত্তৰ : ৰাজনীতি বিজ্ঞানত মার্ক্সীয় দৃষ্টিভংগীয়ে যথেষ্ট গুৰুত্ব
লাভ কৰিবলৈ সক্ষম হৈছে। কার্ল মাক্সৰ মতে যেতিয়াই ব্যক্তিগত সম্পত্তিৰ উদ্ভাৱন হয়
তেতিয়াই পৰাই ৰাষ্ট্ৰৰ ধাৰণাই গা কৰি উঠিল। যি ৰাষ্ট্ৰক ৰাজনীতি বিজ্ঞানত অতি
গুৰুত্বপূর্ণ বিষয়বস্তু বুলি অভিহিত কৰা হৈছে সেই ৰাষ্ট্ৰক মাক্সে শ্রেণী সংগ্ৰামৰ
পৰিণতি বুলিহে আলোচনা কৰিছে। মাক্সৰ মতে ৰাষ্ট্ৰ ৰাজনীতি বিজ্ঞানৰ অবিচ্ছেদ্য অংগ
নহয়। তেওঁ দ্বান্দিক বস্তুবাদৰ ফলত সমাজ বিবর্তনৰ শেষ পর্যায়ত সৃষ্টি হোৱা ৰাষ্ট্ৰহীন
শ্রেণীহীন এখন সমাজ কথাহে আলোচনা কৰিছে। তদুপৰি মাক্সে অর্থনৈতিক উৎপাদন, বিতৰণ, বিনিময়
ব্যৱস্থা ৰাজনীতি, বুৰঞ্জী, নৈতিকতা
মনস্তত্ব, সমাজনীতি
আদি সকলো নিৰূপন কৰিব পাৰে ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে। তেওঁৰ মতে এই
ব্যবস্থাসমূহে প্রকৃতপথে তেওঁ উল্লেখ কৰিছে যে প্রকৃততে অর্থনীতিৰ মৌলিক ভেটিব
ওপৰতহে ৰাজনীতি প্রতিষ্ঠিত আৰু ৰাজনৈতিক আৰু অর্থনৈতিক শক্তি আৰু উপাদানসমূহে
এনেদবে ফ্রিল প্রতিক্রিয়া কবি থাকে যে ৰাজনীতিক অর্থনীতিৰ পৰা পৃথক কৰা সম্ভৱ পৰ
নহয়। মুঠৰ ওপৰত ৰাষ্ট্ৰ ব্যৱস্থা ৰাজনৈতিক ব্যৱস্থা ইত্যাদি সম্পূর্ণৰুপে
অর্থনৈতিক উৎপাদনী ব্যৱস্থীৰ লগত সাঙোৰ খাই আছে।
মার্ক্সৰ মতে ৰাজনৈতিক ব্যৱস্থা, ৰাষ্ট্ৰ
ব্যৱস্থা সম্পূর্ণৰুপে অর্থনৈতিক উৎপাদনী ব্যৱস্থাৰ লগত জড়িত। সেয়ে ৰাজনীতিৰ
ৰীতি-নীতি, সৌধ
ইত্যাদিৰ ওপৰত গভীৰ অধ্যয়ন আৰু বিশ্লেষণত গুৰুত্ব দিয়াৰ ওপৰিও এই ব্যৱস্থাৰ মূল
কাৰকৰ ওপৰত গুৰুত্ব দিয়াটোহে মার্ক্সবাদে বিচাৰে। অন্যহাতেদি ৰাজনীতিৰ সৌধ
প্রকৃততে অর্থনৈতিক ব্যৱস্থাইয়ে নিৰূপণ কৰে। এনে ব্যৱস্থাত এক শ্রেণীয়ে আনটো
শ্রেণীক শোষণ কৰে। অর্থনৈতিক ব্যৱস্থাৰ পৰিৱৰ্তনৰ লগে লগে ৰাষ্ট্ৰত মালিক আৰু দাস, জমিদাৰ আৰু
কৃষক, পুঁজিপতি
আৰু শ্রমিক, শাসক
আৰু শাসিত, শোষক
আৰু শোষিত শ্রেণীতো পৰিৱৰ্তন সাধিত হৈছে। এনেদৰেই ইতিহাসত বিৱৰ্তনৰ ফলত মানুহৰ
ৰাজনৈতিক সম্পর্ক সম্পূর্ণৰুপে অর্থনৈতিক উৎপাদনৰ ব্যৱস্থাৰ ৰাজনৈতিক ব্যৱস্থাত
এনেদৰে ক্ষমতাৰ বাবে সংগ্রামেই হ'ল
প্রধান বিষয়বস্তু। এই সংগ্রামত এটা শ্রেণীয়ে আনটো শ্ৰেণীৰ লগত সংগ্ৰামত অৱতীর্ণ
হয়। এই শ্রেণী সংগ্ৰামৰ অন্ত হ'ব
যেতিয়া সমাজবাদী সমাজ প্রতিষ্ঠা হ'ব।
সেয়ে শ্রেণী সংগ্ৰামৰ পটভূমিতহে ৰাজনৈতিক ব্যৱস্থাক অধ্যয়ন কৰিব লাগে।
মার্ক্সবাদী দৃষ্টিভংগীক ৰাষ্ট্ৰ ব্যৱস্থাৰ স্বৰূপ উদ্ভৱন
আৰু সিদ্ধান্ত গ্ৰহণৰ ফালৰ পৰা বিচাৰ কৰি এক ভাৱাদর্শ বুলিও ক'ব পাৰি। তেওঁ
কেৱল সমাজ ব্যৱস্থাক বিশ্লেষণ আৰু অধ্যয়ন কৰিয়েই ক্ষান্ত নাথাকি সামাজিক পৰিৱৰ্তনৰ
বাবেও আহ্বান জনায়। তেওঁ বর্তমান পুঁজিবাদী ব্যৱস্থাত থকা শ্রেণী চেতনা আৰু
ভূল-ত্রুটীসমূহক আঙুলিয়াই দিয়াৰ ওপৰত শ্রমিক শ্রেণীক কৰা শোষণৰ স্বৰূপও উদঙাই
দেখুৱাইছে। কার্লমাক্সে শ্রমিক আৰু কৃষক সকলক একত্রিত হৈ পুঁজিপতিৰ দাসত্বৰ শিকলি
আতৰাবৰ বাবে সংঘবদ্ধ হোৱাৰ ওপৰত গুৰুত্ব দিছিল আৰু আহ্বান জনাইছিল। এইদৰে মাক্সে
এটা শ্রেণীয়ে আন এটা শ্রেণীক শোষণ,
নির্যাতন কৰাৰ এক প্ৰকাৰৰ হাতিয়াৰ হিচাপে বাষ্ট্রক অভিহিত কৰিছে। তেওঁ
ৰাষ্ট্ৰত শোষণ, নির্যাতন
নিঃ শেষ কৰি শ্ৰেণীহীন সমাজ গঠনৰ পোষকতা কৰিছিল। মার্ক্সৰ মতে এখন সাম্যবাদী সমাজত
প্রতিজন ব্যক্তিয়েই নিজ ইচ্ছামতে কোনো কামত সিদ্ধহস্ত হ'ব পাৰে। এজন
ব্যক্তিৰ বাবে কেৱল এটা কামেই নির্দিষ্ট নহয়। তেওঁৰ মতে সমাজেহে যিহেতু উৎপাদন
নিয়ন্ত্রণ কৰিব আৰু সেইবাবে কোনো ব্যক্তিয়ে ইচ্ছা কৰিলে আজি এটা কাইলৈ এটা কাম
কৰিব পাৰে। মার্ক্সে উন্নত ৰাষ্ট্র,
উন্নয়শীল ৰাষ্ট্ৰ আৰু অনুন্নত ৰাষ্ট্রৰ ৰাজনীতিৰ বিষয়বস্তু সামাজ্যবাদী শোষণৰ
পটভূমিত নির্দ্ধাৰণ কৰিব বিচাৰিছে। তেওঁ ৰাজনীতিত অন্তর্ভুক্ত কৰিছে।
আন্তৰাষ্ট্ৰীয় ৰাজনীতিত অন্তর্ভুক্ত কৰিছে। তেওঁৰ মতে বহুতো ৰ্ৰাষ্ট্রই বহু বছৰ
ধৰি সামাজ্যবাদী বাষ্ট্রৰ ৰাজনৈতিক অধীনতা আৰু অর্থনৈতিক শোষণৰ বুলি হ'ব লগা হৈছে।
সেয়ে এতিয়াও সামাজ্যবাদী ৰাষ্ট্ৰই নব্য উপনিবেশকতা নীতি প্রাধান্যতা বজাই ৰাখিব
বিচাৰে। সেইদৰেই কেবল ৰাষ্ট্রই নহয়,
আন্তঃৰাষ্ট্রীয় ৰাজনীতিতো এক প্রাধান্য থকা শ্রেণীৰ সৃষ্টি হয়। মাক্সৰ মতে
শ্রেণী চেতনা ৰাষ্ট্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় সকলো পর্যায়তে থাকে। সেয়ে সমগ্র বিশ্বৰ
শ্রমিক শ্রেণীটোবে যদিহে এটা পুঁজিপতি শ্রেণীৰ প্রাধান্যতা দলিয়াই পেলায় তেতিয়াহে
শ্রেণী চৰিত্ৰৰ অন্ত পৰিব আৰু সামাজ্যবাদী শক্তিৰ বিনাশ ঘটিব।
মাক্সৰ মতে বর্তমান শোষণ, নির্যাতন আৰু বৈষম্য থকা ৰাষ্ট্ৰ ব্যৱস্থা নাকচ কৰি সমন্বয়
আৰু সহযোগিতা থকা নতুন সমাজ ব্যৱস্থা প্রতিষ্ঠা কৰাৰ ওপৰত গুৰুত্ব দিছিল।
এই দৃষ্টিকোনৰ পৰা তেওঁ নিজকে বৈজ্ঞানিক আৰু প্রগতিশীল বুলি
বিবেচনা কৰে। মাক্সৰ মতে ৰাজনীতি হৈছে সংগ্ৰামৰ বহিঃপ্রকাশ আৰু শ্রেণী সংগ্ৰামৰ
প্ৰৰিণতি স্বৰূপে শ্রেণী বৈষম্যৰ সামৰণি পৰে। মাক্সে উল্লেখ কৰিছে যে ৰাজনৈতিক
পদ্ধতি আধুনিক দৃষ্টিভংগীৰে ব্যাখ্যা আৰু অধ্যয়ন কৰিব লাগে।
৫। গণতন্ত্ৰৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ
গণতন্ত্ৰৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে তলত আলোচনা কৰা হ'ল-
(ক)
গ্রীকসকলৰ গণতন্ত্র:
গ্রীকসকলে পোন প্রথমে গণতন্ত্ৰৰ ধাৰণাটো জন্ম দিছিল। গ্রীক লেখক হৰদটাছে আইনৰ
চকুত সকলো সমান ধাৰণাটো প্রকাশ কৰাৰ উদ্দেশ্যে 'Democracy' শব্দটোৰ ব্যৱহাৰ কৰিছিল। R. H. Soltani ৰ মতে পুৰণি
গ্ৰীছৰ নগৰ ৰাষ্ট্ৰ 'Polis'বোৰৰ
শাসন কাৰ্য্যত সকলো নাগৰিকে সমানে অংশ গ্রহণ কৰিছিল। ইয়াৰোপৰি বহুতো চৰকাৰী পদবী
তেওঁলোকে নাগৰিক সকলৰ মাজত অনুষ্ঠিত কৰা লটাৰীৰ যোগে পুৰণ কৰিছিল। সেয়েহে কব পাৰি
যে প্ৰত্যক্ষ গণতন্ত্র শুদ্ধৰূপত গ্ৰীছৰ নগৰ ৰাষ্ট্ৰবোৰত প্ৰচলিত আছিল। অৱশ্যে
এইটো ভাবি লোৱা ভুল হ'ব যে
গ্ৰীছৰ নগৰ ৰাষ্ট্ৰবোৰত জনসাধাৰণৰ মাজত সম্পূর্ণ সমতা আছিল। প্রকৃততে সমাজৰ গৰিষ্ঠ
সংখ্যক লোককে নগৰ ৰাষ্ট্ৰবোৰত নাগৰিকত্বৰ পৰা বঞ্চিত কৰা হৈছিল। মহিলা আৰু দাসসকলৰ
ৰাষ্ট্ৰপৰিচালনাত অংশ গ্রহণৰ সুযোগ দিয়া হোৱা নাছিল। গ্রীক পণ্ডিতসকলেও গণতন্ত্রক
ভাল চৰকাৰ বুলি ভবা নাছিল।
(খ)
ৰোমান সকলৰ গণতন্ত্র:
ৰোম সাম্ৰাজ্যৰ শাসন ব্যৱস্থাত সাধাৰণ জনগণৰ শাসন প্রক্রিয়াত অংশ গ্রহণৰ বিশেষ
সুবিধা নাছিল। সিদ্ধান্ত গ্রহণ প্রক্রিয়াত জনগণৰ ইচ্ছাতকৈ শাসকৰ ইচ্ছাইহে
প্রাধান্য লাভ কৰিছিল। কিন্তু তথাপিও ৰোমান শাসন ব্যৱস্থাত গণতন্ত্ৰৰ উপস্থিতি
দেখা পোৱা যায় মূলতঃ দুটা কাৰণে। প্রথমতে,
ৰোমান শাসন ব্যৱস্থা ৰজা আৰু প্রজা উভয়েই একে আইনৰ অধীনত আছিল আৰু কোনোৱেই
আইনৰ উর্দ্ধত নাছিল। অর্থাৎ ৰোমানসকলে আইনৰ শাসন (Rule of Law) ৰ ধাৰণাটো বাস্তবায়িত কৰিছিল।
দ্বিতীয়তে ৰোমান সকলে প্রজাতান্ত্রিক (Republican)
ব্যৱস্থাৰ প্ৰচলন কৰিছিল। যদিও প্রকৃত চৰকাৰী ক্ষমতা শিক্ষিত আৰু
সম্পদশালীসকলৰ হাততে কেন্দ্রীভূত আছিল তথাপিও ৰাষ্ট্ৰৰ সৰ্ব্বোচ্চ পদাধিকাৰীজন
বংশানুক্রমিক নহৈ জনগণৰ দ্বাৰা নিৰ্ব্বাচিত ব্যক্তি আছিল।
(গ)
মধ্যযুগত গণতন্ত্র:
ৰোমান সাম্রাজ্যৰ পতনৰ লগে লগে ইউৰোপত মধ্যযুগৰ সূচনা হয় আৰু ইয়াৰ লগে লগে
ইউৰোপত সামন্তবাদী সমাজ ব্যৱস্থাৰ উদ্ভৱ হয়। ৰাষ্ট্ৰ গীর্জাৰ অধীন অনুষ্ঠানলৈ
পর্যবসিত হয় আৰু পোপে ৰাষ্ট্ৰৰ কাম-কাজত হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰে। এনে
পৰিস্থিতি ৰাজনীতি বিজ্ঞানৰ সকলো চিন্তা চর্চা তথা বিকাশৰ পথ স্তব্ধ হৈ পৰে।
সেয়েহে মধ্যযুগটোক ৰাজনীতি বিজ্ঞানৰ বিকাশত অন্ধকাৰচন্ন যুগ বুলি কোৱা হয়।
স্বাভাৱিকতেই মধ্যযুগত গণতন্ত্ৰৰ বিষয়ে একো চিন্তা-চর্চা হোৱা নাছিল আৰু গণতন্ত্ৰৰ
যৎসামান্য অৱস্থিতি ৰোমান সাম্রাজ্যত দেখা গৈছিল সিও পাহৰণিৰ গৰ্ভত লীন গৈছিল।
(ঘ)
আধুনিক যুগৰ গণতন্ত্ৰৰ বিকাশ:
আধুনিক যুগ আৰম্ভ হোৱাৰ লগে লগে সামন্ত প্রভু আৰু ধর্মীয় অনুষ্ঠানৰ প্ৰভাৱ
ক্রমান্বয়ে কমি আহে আৰু ইয়াৰ ঠাইত শক্তিশালী ৰাজতন্ত্ৰৰ আৰ্বিভাৱ হয়। মেকীয়াভেলীৰ
নিচিনা ৰাজনৈতিক চিন্তাবিদে ৰাষ্ট্ৰক গীৰ্জাৰ অধীনৰ পৰা মুক্ত কৰি আৰু ৰাজনীতিক
নীতি শাস্ত্ৰৰ পৰা পৃথক কৰি শক্তিশালী ৰাজতন্ত্র প্রতিষ্ঠাৰ সপক্ষে মত পোষণ
কৰিছিল। কিন্তু লাহে লাহে ৰজাৰ দমনমূলক আৰু স্বেচ্ছাচাৰী শাসনে ৰাজনৈতিক দার্শনিক
আৰু সাধাৰণ জনগণকো বিতৃক্ত কৰি তোলে। কচো,
ভলটেয়াৰ আদি মনীষীৰ চিন্তা চর্চাই জনগণক স্বেচ্ছাচাৰী শাসনৰ বিৰুদ্ধে ঠিয়
দিয়াত সহায় কৰে। ইংলণ্ডত ষ্টুৱাৰ্ট বংশীয় ৰজা সকলে 'Devine Right Theory' বৰ ওপৰত ভিত্তি
কৰি চলাই অহা শাসনৰ বিৰুদ্ধে বিক্ষোভ আৰম্ভ হয় আৰু ১৬৮৮ চনৰ গৌৰৱময় বিপ্লৱৰ যোগেদি
ৰজাৰ ক্ষমতা কৰ্তন কৰা হয় আৰু এই ক্ষমতা সংসদৰ হাতত অপর্ণ কৰি সংসদীয় গণতান্ত্রিক
ব্যৱস্থাৰ প্ৰৱৰ্ত্তন কৰা হয়। ১৭৭৫ চনৰ পৰা আমেৰিকাত ইংৰাজ উপনিবেশিক শাসনৰ
বিৰুদ্ধে বিপ্লৱ আৰম্ভ হয় আৰু ১৭৮৩ চনত আমেৰিকাই স্বাধীনতা লাভ কৰে। জন
সার্বভৌমত্ব আৰু ব্যক্তি স্বাধীনতাৰ ওপৰত ভিত্তি কৰি আমেৰিকাই এখন লিখিত সংবিধানৰ
যোগেদি গণতান্ত্রিক শাসন ব্যৱস্থা গ্রহণ কৰে। ১৭৮৯ চন ফৰাচী বিপ্লৱৰ যোগেদি
ফ্রাঞ্চত ৰজাৰ শাসন আতৰাই গণতান্ত্রিক ব্যৱস্থাৰ প্রবর্তন ক হয়। ইউৰোপ আমেৰিকাত
গণতন্ত্ৰৰ প্ৰতিষ্ঠাৰ লগে লগে সমতা,
স্বাধীনতা, জন
সার্বভৌমত্ব, ভ্রাতৃত্ববোধ
আদিৰ দৰে। দবে গণতান্ত্রিক আদর্শ সমূহ ব্যাপক জনপ্রিয় হৈ উঠে
(ঙ)
গণতন্ত্ৰৰ সোণালী যুগঃ
কুৰি শকিতাটোক গণতন্ত্ৰৰ বাবে সোণালী যুগ বৃদ্ধি অভিহিত কৰিব পাৰি। ইতিমধ্যেই
ইউৰোপ-আমেৰিকাৰ বাবে গণতন্ত্র এক অদমনীয় আবেগত পৰিণত হৈছিল। এচিয়া, আফ্রিকা আৰু
লেটিন আমেৰিকাৰ ঔপনিবেশি অঞ্চল সমূহতো সমতা,
স্বাধীনতা আদি গণতান্ত্রিক ভাৱধাৰাৰ উন্মেষ ঘটিছিল। প্রথ মহাযুদ্ধৰ অন্ত পৰাৰ
লগে লগে নতুনকৈ সৃষ্টি হোৱা ৰাষ্ট্ৰসমূহে গণতান্ত্রিক শাসন ব্যৱস্থা - গ্রহণ
কৰিছিল। আনকি এচিয়া, আফ্রিকা
আৰু লেটিন আমেৰিকাৰ ঔপনিবেশির অঞ্চলসমূহত ন্যায়, স্বাধীনতা,
সমতা, ভ্রাতৃত্ববোধ, জনসার্বভৌমত্ব, স্ব-নিয়ন্ত্ৰণৰ
অধিকার আদিৰ দৰে গণতান্ত্রিক আদর্শসমূহে ঔপনিবেশিক শাসনৰ বিৰুদ্ধে আন্দোলন গঢ়ি
উঠার সহায় কৰিছিল। অৱশ্যে গণতন্ত্ৰৰ এই সুদিন বৰ বেছি দীঘলীয়া নহ'ল। জার্মানীত
নাজীক আৰু ইটালীত ফেচীবাদৰ উথানে সমগ্র ইউৰোপতে গণতন্ত্ৰৰ প্ৰতি ভাবুকি সৃষ্টি কৰে
কিন্তু দ্বিতীয় মহাযুদ্ধত জার্মানী আৰু জাপানৰ পৰাজয়ে গণতন্ত্রক পুনৰ নিৰাপদ
স্থানত প্রতিষ্ঠা কৰিলে। দ্বিতীয় মহাসমৰৰ অন্ত পৰাৰ লগে লগে এচিয়া আফ্রিকা আৰু
লেটিন আমেৰিকাৰ উপনিবেশিক অঞ্চলসমূহে স্বাধীনতা লাভ কৰে। নতুনকৈ সৃষ্টি হোৱা এনে
ৰাষ্ট্ৰসমূহে গণতান্ত্রিক শাসন ব্যৱস্থা গ্রহণ কৰে আৰু ইয়াৰ লগে লগে সমগ্র বিশ্বরে
গণতান্ত্রিক শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন হয়। কিন্তু অইত কম সময়ৰ ভিতৰতে এনে বহুতে
ৰাষ্ট্ৰত গণতন্ত্ৰৰ পতন হয় আৰু স্বেচ্ছাচাৰী শাসন আৰু সামৰিক শাসকে মুৰ ডাঙি উঠে
এই সময়ছোৱাত বহুতো সামৰিক শাসকে আকৌ নিজৰ শাসন ব্যৱস্থাক গণতান্ত্রিক ৰুপ দিবলৈ
চেষ্টা কৰা পৰিলক্ষিত হয়। পাকিস্থানৰ সামৰিক শাসক জেনেৰেল আয়ুব খানে নিজৰ
একনায়ত্ববাদী শাসক ব্যৱস্থাক 'Controlled
Democracy' আৰু ইণ্ডোনেচিয়ান ৰাষ্ট্ৰপতি সুকর্ণই নিজৰ স্বেচ্ছাচাৰী
শাসনক 'Guided
Democracy' বুলি অভিহিত কৰিছিল।
৬। গণতন্ত্ৰৰ কৃতকাৰ্যতাৰ বাবে প্ৰয়োজনীয় চৰ্তৰ ব্যাখ্যা
আগবঢ়োৱা।
উত্তৰঃ
গণতন্ত্র কৃতকার্যতাৰ প্রধান চর্তসমূহ হ'ল-
(ক)
শিক্ষা (Education): গণতন্ত্ৰৰ
সাফল্যৰ প্রধান চর্ত হৈছে শিক্ষা। জে.এচ. মিলৰ মতে সার্বজনীন ভোটাধিকাৰৰ স্বীকৃতিৰ
পূৰ্বে সার্বজনীন শিক্ষাব্যৱস্থাৰ আৱশ্যক। শিক্ষাৰ অবিহনে নাগৰিকসকলৰ মাজত
ৰাজনৈতিক সজাগতাৰ অভাব হ'ব যিটো
গণতন্ত্ৰৰ বাবে অত্যন্ত ক্ষতিকাৰক।
(খ)
গণতন্ত্ৰক গ্ৰহণ কৰাৰ মানসিকতা (Readyness
of the people to accept democracy):
গণতান্ত্রিক
শাসনব্যৱস্থা গ্রহণ আৰু গণতন্ত্রৰ সফলতাৰ বাবে প্রয়োজনীয় দায়িত্ব আৰু কৰ্তব্যপালন
কৰিবৰ বাবে জনসাধাৰণ ইচ্ছুক হ'ব
লাগিব। অন্যথা গণতান্ত্রিক শাসনব্যৱস্থাই কৃতকার্য্যতা লাভ কৰিব নোৱাৰে।
(গ)
ৰাজনৈতিক সচেতনতা (Political
Consciousnies): গণতন্ত্রব
সাফলাৰ আন এটা প্রধান চর্ত হৈছে জনসাধাৰণৰ ৰাজনৈতিক সচেতনতা। ৰাজনৈতিক সচেতনতা অবিহনে ৰাষ্ট্ৰৰ সমস্যা সম্পর্কে জ্ঞান লাভ কৰাটো
সম্ভৱ নহয়। সেয়ে গণতন্ত্ৰৰ সফলতাৰ বাবে জনসাধাৰণৰ ৰাজনৈতিক সচেতনতাৰ অতি প্রয়োজন।
(ঘ)
যোগ্য নেতৃত্ব (Efficient
leadership): যোগ্য ব্যক্তিৰ দ্বাৰা পৰিচালিত যোগ্য প্রশাসন হৈছে
গণতন্ত্ৰৰ সাফল্যৰ আন এটা প্রধান চর্ত। সেয়ে প্রশাসনৰ মানদণ্ড উন্নত কৰিবৰ বাবে সৎ, নির্ভীক আৰু
বুদ্ধিমত্তা থকা প্রশাসকৰ প্ৰয়োজন।
(ঙ)
ক্ষমতাৰ বিকেন্দ্রীকৰণ (Decentralisation
of Power): ক্ষমতাৰ বিভাজনে অধিক সংখ্যক জনসাধাৰণক শাসনকার্যত জড়িত কৰে আৰু
জনসাধাৰণৰ মনত প্রশাসনৰ প্রতি আস্থাৰ সৃষ্টি হয়। সেয়ে গণতন্ত্ৰৰ সাফল্যৰ বাবে
ক্ষমতাৰ বিকেন্দ্রীকৰণ অতি প্রয়োজনীয়।
(চ)
স্থানীয় স্বায়ত্বশাসন (Local
self-Government): স্থানীয়
স্বায়ত্ব শাসনব্যৱস্থা হৈছে গণতন্ত্ৰৰ সাফল্যৰ এটা প্রধান চর্ত। এই
ব্যৱস্থাই তৃণমূল পর্যায়ত জনসাধাৰণক প্রশাসন সম্পর্কীয় জ্ঞান প্রদান কৰাৰ ক্ষেত্ৰত
গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়ে গণতন্ত্ৰৰ সফলতাৰ বাবে স্থানীয় শাসনব্যৱস্থাৰ
ওপৰত গুৰুত্ব প্রদান কৰা অতি প্রয়োজনীয়।
(ছ)
উচ্চ নৈতিক মানদণ্ড (High
Moral Standard): গণতন্ত্ৰৰ পূৰ্ণ সফলতাৰ বাবে চৰকাৰ আৰু জনসাধাৰণ উভয়েই উচ্চনৈতিক মানদণ্ডৰ হ'ব লাগে।
তেতিয়াহে গণতন্ত্রৰ সফলতা আশা কৰিব পাৰি।
(জ)
স্বাধীনতা আৰু সমতা (Liberty
and Equality): গণতান্ত্রিক
ৰাষ্ট্ৰত জনসাধাৰণে অর্থনৈতিক,
ৰাজনৈতিক আৰু সামাজিক স্বাধীনতা আৰু সমতা লাভ কৰিব লাগে। সেয়ে গণতান্ত্রিক
শাসনব্যৱস্থাৰ সফলতাৰ বাবে সমতা আৰু স্বাধীনতা ৰক্ষা কৰা অতীৰ প্রয়োজনীয়।
(ঝ)
সুস্থ জনমত (Sound
public opinion): গণতান্ত্রিক শাসনব্যৱস্থা সদায় সুস্থ জনমতৰ ওপৰত প্রতিষ্ঠিত
হ'ব
লাগে। সুস্থ জনমত অবিহনে গণতন্ত্ৰৰ কৃতকার্যতা সম্ভৱ নহয়।
(ঞ)
আইনশৃংখলা পৰিস্থিতি (Law
and order situation):
আভ্যন্তৰীণ শান্তিশৃংখলা ৰক্ষা কৰাটো হৈছে গণতন্ত্ৰৰ সাফল্যৰ এটা
প্রধান চর্ত। আইন-শৃংখলা বজাই ৰাখিব নোৱাৰিলে ৰাষ্ট্ৰত অৰাজকতাই দেখা দিয়ে। এনে
অৰাজকতাৰ ফলস্বৰূপে জনসাধাৰণে চৰকাৰৰ ওপৰত আস্থা হেৰুৱাই পেলাই বিকল্প চৰকাৰৰ
অনুসন্ধান কৰে।
৭। লিংগ ন্যায়ৰ প্ৰাসংগিকতা আৰু প্রত্যাহ্বানসমূহ বিশ্লেষণ
কৰা।
উত্তৰঃ লিংগ ন্যায় আধুনিক সমাজব এক অতি গুৰুত্বপূর্ণ আৰু প্ৰাসংগিক
বিষয়। সমাজৰ বিকাশ, গণতান্ত্রিক
মূল্যবোধ আৰু মানৱ অধিকাৰৰ সফল বাস্তৱায়নৰ সৈতে লিংগ ন্যায় গভীৰভাৱে জড়িত। লিংগ
ন্যায় বুলিলে কেৱল নাৰী আৰু পুৰুষৰ মাজত সমতা বুজোৱা নহয়, বৰঞ্চ সকলো
লিংগৰ বাবে সমান অধিকাৰ,
সুযোগ আৰু মর্যাদা নিশ্চিত কৰাক বুজোৱা হয়। আধুনিক যুগত বিজ্ঞান, প্রযুক্তি আৰু
শিক্ষাৰ অগ্রগতি সত্ত্বেও লিংগ বৈষম্য সমাজব বিভিন্ন স্তৰত এতিয়াও বিদ্যমান। সেয়ে
লিংগ ন্যায়ৰ প্ৰাসংগিকতা। আৰু ইয়াক বাস্তৱায়িত কৰাত থকা চেলেঞ্জসমূহ বিশ্লেষণ কৰা
অতি প্রয়োজনীয়।
লিংগ ন্যায়ৰ প্ৰাসংগিকতা প্রথমে মানৱ অধিকাৰৰ দৃষ্টিভংগীৰ
পৰা বুজা যায়। মানৱ। অধিকাৰ অনুসাৰে সকলো মানুহ জন্মসূত্রে সমান আৰু তেওঁলোকৰ
মৰ্যাদা একেই। যদি সমাজত লিংগৰ ভিত্তিত বৈষম্য থাকে, তেন্তে মানৱ অধিকাৰৰ মূল নীতিই লংঘিত হয়। নাৰী আৰু অন্যান্য
লিংগসমূহক শিক্ষা, স্বাস্থ্য, কর্মসংস্থান
আৰু সিদ্ধান্ত গ্রহণৰ ক্ষেত্ৰত বঞ্চিত কৰা মানে মানৱ অধিকাৰক অস্বীকাৰ কৰা। সেয়ে
মানৱ অধিকাৰ পূৰ্ণদলে নিশ্চিত কৰিবলৈ লিংগ ন্যায় স্থাপন অতি প্রয়োজনীয়।
লিংগ ন্যায়ৰ প্ৰাসংগিকতা সামাজিক বিকাশৰ ক্ষেত্ৰতো অতি
গুৰুত্বপূর্ণ। সমাজৰ আধা জনসংখ্যা যদি বৈষম্যৰ সন্মুখীন হয়, তেন্তে সেই
সমাজ কেতিয়াও পূর্ণ বিকাশ লাভ কৰিব নোৱাৰে। নাৰী আৰু অন্যান্য লিংগৰ শিক্ষা আৰু
দক্ষতা বিকাশ নোহোৱালে সমাজৰ সামগ্রিক উৎপাদনশীলতা হ্রাস পায়। লিংগ ন্যায় নিশ্চিত
হ'লে
সকলো লিংগন প্রতিভা আৰু ক্ষমতা সমাজৰ উন্নয়নত ব্যৱহৃত হয়, যাৰ ফলত সমাজ
অধিক শক্তিশালী আৰু স্বাৱলম্বী হৈ উঠে।
অর্থনৈতিক ক্ষেত্ৰত লিংগ ন্যায়ৰ প্ৰাসংগিকতা অতি স্পষ্ট।
বহু দেশত এতিয়াও নাৰীসমূহ সমান কামৰ বাবে সমান দৰমহা নাপায়। কর্মসংস্থানৰ ক্ষেত্ৰত
নাৰী আর অন্যান্য লিংগসমূহক কম সুযোগ দিয়া হয়। ইয়াৰ ফলত অর্থনৈতিক বৈষম্য বৃদ্ধি
পার আৰু দৰিদ্ৰতা চিৰস্থায়ী হৈ থাকে। লিংগ ন্যায় নিশ্চিত হ'লে অর্থনীতিত
অধিক লো সক্রিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰে,
যিয়ে সামগ্রিক অর্থনৈতিক উন্নয়নত সহায় কৰে।
ৰাজনৈতিক ক্ষেত্রতো লিংগ ন্যায়ৰ গুৰুত্ব অতি বেছি।
গণতন্ত্রৰ মূল আত্মা হৈছে সকলো নাগৰিকৰ সমান অংশগ্রহণ। কিন্তু বহু সমাজত নাৰী আৰু
অন্যান্য লিংগসমূহ ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণৰ পৰা বঞ্চিত হৈ আহিছে। লিংগ ন্যায়
নিশ্চিত হ'লে
ৰাজনীতিত অধিক অন্তর্ভুক্তিমূলক ব্যৱস্থা গঢ় লৈ উঠে আৰু নীতি নির্ধাৰণ অধিক
ন্যায়সংগত হয়। নাৰীৰ ৰাজনৈতিক অংশগ্রহণে সমাজৰ বহু গুৰুত্বপূর্ণ সমস্যা নতুন
দৃষ্টিভংগীৰে সমাধান কৰিবলৈ সহায় কৰে।
যদিও লিংগ ন্যায়ৰ প্ৰাসংগিকতা স্পষ্ট, তথাপিও ইয়াক
বাস্তবায়িত কৰাত বহু চেলেঞ্জ আছে। এই প্রত্যাহ্বানসমূহৰ ভিতৰত অন্যতম হৈছে সামাজিক
পৰম্পৰা আৰু সংস্কাৰ। বহু সমাজত দীর্ঘদিন ধৰি চলি অহা পৰম্পৰাই নাৰীক দ্বিতীয়
স্থানত বাখিছে। নাৰীক ঘৰৱা কামত সীমাবদ্ধ কৰা, শিক্ষাৰ পৰা বঞ্চিত কৰা আৰু সিদ্ধান্ত গ্রহণৰ ক্ষেত্ৰত
অংশগ্ৰহণৰ সুযোগ নিদিয়া এই পৰম্পৰাৰ ফল। এই ধৰণৰ সামাজিক মনোভার লিংগ ন্যায়ৰ পথত
এক ডাঙৰ বাধা।
পুৰুষপ্রধান মানসিকতা লিংগ ন্যায়ৰ আন এক গুরুত্বপূর্ণ
চেলেঞ্জ। বহু সমাজত পুৰুষক স্বাভাবিকভারে শক্তিশালী আৰু নাৰীক দুর্বল বুলি ধৰা হয়।
এই মানসিকতাৰ ফলত নাৰী আৰু অন্যান্য লিংগসমূহব ক্ষমতা আৰু সম্ভাৱনাক গুৰুত্ব
নিদিয়া হয়। পুৰুষপ্রধান চিন্তাধাৰাই কর্মসংস্থান, শিক্ষা আৰু ৰাজনীতিত লিংগ বৈষম্যক শক্তিশালী কৰি ৰাখে।
অশিক্ষা আৰু সচেতনতাৰ অভাৱো লিংগ ন্যায়ৰ পথত ডাঙৰ বাধা।
শিক্ষাৰ অভাৱৰ ফলত বহু লোক লিংগ ন্যায়ৰ অৰ্থ আৰু গুৰুত্ব বুজি নাপায়। বিশেষকৈ
গ্রাম্য আৰু পিছপৰা অঞ্চলত লিংগ বৈষম্য স্বাভাৱিক বুলি ধৰা হয়। শিক্ষাৰ অভাৱৰ
বাবেইনাৰীসকল নিজৰ অধিকাৰ সম্পর্কেও সচেতন নহয় আৰু অন্যায়ৰ বিৰুদ্ধে মাত মাতিব
নোৱাবে।
আইনৰ ক্ষেত্ৰতো লিংগ ন্যায় বাস্তবায়নৰ বহু সমস্যা আছে। যদিও
বহু দেশত লিংগ সমতা নিশ্চিত কৰাৰ বাবে আইন প্রণয়ন কৰা হৈছে, বহু সময়ত এই
আইনসমূহ সঠিকভারে কাৰ্যকৰী নহয়। আইনৰ দুৰ্বল প্রয়োগ, প্রশাসনিক উদাসীনতা আৰু সামাজিক চাপৰ ফলত নাৰী আৰু অন্যান্য
লিংগসমূহ ন্যায় নাপায়। ইয়াৰ ফলত আইনৰ ওপৰত আস্থা হ্রাস পায় আৰু লিংগ বৈষম্য
অব্যাহত থাকে।
অর্থনৈতিক নির্ভবশীলতাও লিংগ ন্যায়ৰ এক ডাঙৰ চেলেঞ্জ। বহু
নাৰী অর্থনৈতিকভাবে স্বাবলম্বী নহয়। ইয়াৰ ফলত তেওঁলোকে শোষণ আৰু অত্যাচাৰৰ
বিৰুদ্ধে প্রতিবাদ কৰিব নোৱাৰে। অর্থনৈতিক স্বাধীনতা নথকাৰ বাবে বহু নাৰী
বৈষম্যমূলক পৰিস্থিতিত বন্দী হৈ থাকে। এই সকলো প্রত্যাহ্বানৰ মাজতো লিংগ ন্যায় স্থাপন অসম্ভৱ নহয়।
শিক্ষাৰ প্ৰসাৰ লিংগ ন্যায় স্থাপনৰ অন্যতম শক্তিশালী উপায়। শিক্ষাই মানুহৰ মনোভাৱ
সলনি কৰে আৰু লিংগ বৈষমাৰ বিৰুদ্ধে সচেতনতা বৃদ্ধি কবে। নাবী শিক্ষিত
হ'লে
তেওলোকে নিজৰ অধিকাৰ বুজি পায় আৰু সমাজত আত্মবিশ্বাসৰ সৈতে অংশগ্রহণ কৰে।
আইনৰ দৃঢ় আৰু ন্যায়সংগত প্রয়োগো লিংগ ন্যায়ৰ ক্ষেত্ৰত অতি
প্রয়োজনীয়। আই। কেবল কাগজত থাকিলে যথেষ্ট নহয়, ইয়াক কঠোৰভাবে কার্যকৰী কৰিব লাগে। লগতে সমাজত সচেতনতা
বৃদ্ধি কবি লিংগ বৈষম্যক সামাজিকভাবে অগ্রহণযোগ্য কৰি তুলিব লাগে।
মাধ্যম,
শিক্ষা ব্যবস্থা আৰু নাগৰিক সমাজে লিংগ ন্যায়ৰ প্ৰচাৰত গুৰুত্বপূর্ণ ভূমিকা
পালন কৰিব পাবে। ইতিবাচক দৃষ্টিভংগী গঢ়ি তোলা, লিংগ সমতাৰ উদাহৰণ আগবঢ়োর। আৰু ভুল পৰম্পৰা প্রশ্নবিদ্ধ
কৰা এই সকলোবোৰে সমাজৰ মনোভাৱ সলনি কৰিবলৈ সহায় কৰে।
শেষত ক'ব পাৰি
যে লিংগ ন্যায় আধুনিক সমাজৰ এক অপৰিহাৰ্য শর্ত। লিংগ ন্যায় অবিহনে মানৱ অধিকাৰ, গণতন্ত্র আৰু
বহনক্ষম উন্নয়ন সম্পূর্ণরূপে বাস্তবায়িত হ'ব
নোৱাৰে। যদিও লিংগ ন্যায়ৰ পথত বহু প্রত্যাহ্বান আছে, তথাপিও শিক্ষাৰ প্ৰসাৰ, সচেতনতা বৃদ্ধি আৰু আইনৰ সঠিক প্রয়োগৰ জৰিয়তে এই
প্রত্যাহ্বানসমূহ অতিক্রম কৰা সম্ভব। লিংগ ন্যায় নিশ্চিত হ'লে সমাজ অধিক
ন্যায়সংগত, সমতাভিত্তিক
আৰু উন্নত হৈ উঠিব আৰু মানৱ সভ্যতা এক সুস্থ আৰু মানরিক দিশত আগবাঢ়িব।
৮। সমাজবাদৰ উৎপত্তি, মূল ধাৰণা আৰু গুৰুত্ব আৰু সমালোচনা বিশ্লেষণ কৰা।
উত্তৰ: সমাজবাদ আধুনিক যুগৰ এক গুৰুত্বপূর্ণ ৰাজনৈতিক আৰু
অর্থনৈতিক মতবাদ। শিল্প বিপ্লৱৰ পিছত ইউৰোপত পুঁজিবাদী ব্যৱস্থাই সমাজত ব্যাপক
বৈষম্য সৃষ্টি কৰে। ধনী পুঁজিপতিসকলে উৎপাদনৰ উপায়সমূহ নিজৰ অধীনত ৰাখি শ্রমিক
শ্রেণীক শোষণ কৰিবলৈ আৰম্ভ কৰে। এই পৰিস্থিতিত সমাজবাদী চিন্তাধাৰাৰ জন্ম হয়।
সমাজবাদৰ মূল ধাৰণা হৈছে সমাজৰ সকলো সম্পদ আৰু উৎপাদনৰ উপায়সমূহ সমাজৰ কল্যাণৰ
বাবে ব্যৱহাৰ কৰা। এই মতবাদত ব্যক্তিগত সম্পত্তিৰ সীমাবদ্ধতা আৰোপ কৰি সামুহিক
সম্পত্তিক গুৰুত্ব দিয়া হয়। সমাজবাদৰ লক্ষ্য হৈছে শোষণমুক্ত, সমতাভিত্তিক
আৰু ন্যায়সংগত সমাজ গঢ়ি তোলা। সমাজবাদে শ্রমিক শ্রেণীৰ অধিকাৰ সুৰক্ষিত কৰি
সামাজিক ন্যায় প্রতিষ্ঠা কৰিব বিচাৰে। এই মতবাদ অনুসাৰে ৰাষ্ট্র বা সমাজে অর্থনীতি
নিয়ন্ত্ৰণ কৰি সকলো নাগৰিকৰ মৌলিক প্রয়োজন পূৰণ কৰিব লাগে। সমাজবাদে সহযোগিতা, ভ্রাতৃত্ব আৰু
সমতাৰ আদর্শত বিশ্বাস কৰে আৰু প্রতিযোগিতামূলক পুঁজিবাদী ব্যৱস্থাৰ বিৰুদ্ধে
বিকল্প পথ প্রস্তাৱ কৰে।
সমাজবাদ আধুনিক সমাজত সামাজিক ন্যায় আৰু সমতাৰ প্রশ্নত এক
গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। এই মতবাদে শোষণ, বৈষম্য আৰু দৰিদ্রতাৰ বিৰুদ্ধে শক্তিশালী প্রতিবাদ
আগবঢ়াইছে। সমাজবাদৰ জৰিয়তে শ্রমিক অধিকাৰ,
সামাজিক সুৰক্ষা আৰু কল্যাণমূলক ৰাষ্ট্ৰৰ ধাৰণাই গুৰুত্ব লাভ কৰিছে। যদিও
সমাজবাদৰ গুৰুত্ব অসীম,
তথাপিও ইয়াৰ কিছুমান সীমাবদ্ধতা আৰু সমালোচনা আছে। সমালোচকসকলে কয় যে সমাজবাদত
ব্যক্তিগত উদ্যোগ আৰু সৃষ্টিশীলতা হ্রাস পায়। ৰাষ্ট্ৰৰ অধিক নিয়ন্ত্রণে কেতিয়াবা
অদক্ষতা আৰু আমলাতান্ত্রিক জটিলতা সৃষ্টি কৰে। তথাপিও সমাজবাদে সমাজত সমতা আৰু
ন্যায়ৰ আদর্শ স্থাপন কৰাৰ ক্ষেত্ৰত অমূল্য অৱদান আগবঢ়াইছে। আধুনিক যুগত বহু দেশত
সমাজবাদী আদৰ্শৰ আধাৰত কল্যাণমূলক নীতি গ্রহণ কৰা হৈছে, যিয়ে সমাজবাদৰ
প্রাসংগিকতা প্রমাণ কৰে।